বৈদিক জ্যোতিষে মান্যতা প্ৰদান কৰা এক মহা বিনাশক গ্ৰহ দশাই হ’ল কালসৰ্প দোষ৷ জাতকৰ জন্ম লগ্নত যদি ৰাহু আৰু কেতুৱে অন্তৰীক্ষত অন্যান্য গ্ৰহাধিপতি সকল (সূৰ্য্য,চন্দ্ৰ,মংগল,বুধ,বৃহস্পতি,শুক্ৰ আৰু শণিৰ) ৰ পূৰ্ণ বিপৰীত দিশত অৱস্থান গ্ৰহণ কৰি এক সৰ্প সদৃশ অৱয়বৰ সৃষ্টি কৰে তেতিয়া তেনে জাতক কালসৰ্প দোষৰ দ্বাৰা পীড়িত হয়৷


জাতকৰ ভাগ্যত কালসৰ্প দোষৰ আংশিক অথবা পূৰ্ণ প্ৰভাৱভেদে এই দোষৰ প্ৰকাৰ আৰু প্ৰভাৱ ভিন্ন হয়৷
কালসৰ্প দোষৰ প্ৰভাৱ-
১) শাৰীৰিক আঘাত, অপঘাত,দুৰ্ঘটনা আৰু আকাল মৃত্যুৰ ভয়৷
২)কৰ্মসংস্থাপনত বিলম্ব৷
৩)দুৰ্বল মানসিক স্থিতি৷
৪)মানসিক পীড়া আৰু কাৰণবিহীন ভয়৷
৫)সাংসৰিক জীৱনত পীড়া৷
৬)পৰিয়ালকেন্দ্ৰিক সংঘাত৷


কালসৰ্প দোষৰ প্ৰকাৰ –
১) অনন্ত (লগ্নত ৰাহু আৰু সপ্তমত কেতু)
২) কুলিক (ৰাহু দ্বিতীয় চৰণত অষ্টমত কেতু)
৩)বাসুকি (ৰাহু তৃতীয় ভাৱত কেতু নৱমত)
৪)শংখপাল (ৰাহু চতুৰ্থ ভাৱত আৰু কেতু দশমত)
৫)পদ্ম (ৰাহু পঞ্চম ভাৱত আৰু কেতু একাদশ ভাৱত)
৬)মহাপদ্ম (ৰাহু ষষ্ঠ ভাৱত আৰু কেতু দ্বাদশ ভাৱত)
৭) তক্ষক (ৰাহু সপ্তম ভাৱত আৰু কেতু লগ্নত)
৮)কাৰ্কটক (ৰাহু অষ্টম ভাৱত আৰু কেতু দ্বিতীয় ভাৱত)
৯)শংখচূড় (ৰাহু নৱম ভাৱত আৰু কেতু তৃতীয় ভাৱত)
১০) ঘাটক (ৰাহু দশম ভাৱত আৰু কেতু চতুৰ্থ ভাৱত)
১১)বিষধৰ (ৰাহু একাদশ ভাৱত কেতু পঞ্চম ভাৱত)
১২)শেষনাগ (ৰাহু দ্বাদশ ভাৱত আৰু কেতু ষষ্ঠ ভাৱত)
ছায়া গ্ৰহ ৰাহু আৰু কেতু সৃষ্ট কালসৰ্প দোষে জাতকৰ ভাগ্যক শুভগ্ৰহৰ প্ৰভাৱৰ পৰা বঞ্চিত কৰে পৰিণতিত জাতকৰ ভাগ্যত গ্ৰহণ বা অন্ধকাৰৰ সূচনা হয়৷
বৈদিক জ্যোতিষৰ মান্যতা অনুসৰি বিশেষ বিধিৰ পূজা,যজ্ঞ,দান আৰু যন্ত্ৰৰ প্ৰতিষ্ঠাৰ দ্বাৰা কালসৰ্প দোষৰ গ্ৰহণৰ পৰা জাতকে মুক্তি লভিব পাৰে৷
(জ্যোতিষৰ অ,আ,ক,খ শিতানত আমি বৈদিক জ্যোতিষৰ মান্যতা সম্পৰ্কে আলোচনা কৰিম৷ মানিলে ধান , নামানিলে পতান৷ বিতৰ্ক আমাৰ কাম্য নহয়৷)
প্ৰান্তত- বৈদিক জ্যোতিষৰ চৰ্চাকাৰী শ্ৰী অৰুণাভ খাউন্দ৷

Leave a comment