সনাতনী সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি সমৰ্পিত ১৮ পূৰাণ উত্তৰ বৈদিক যুগৰ এক শ্ৰেষ্ঠতম অৱদান ৷ অনাহুত বিতৰ্কৰ সৃষ্টি নহ’বলৈ প্ৰথমেই স্পষ্ট কৰি দিব বিছাৰিছো প্ৰতিখন পূৰাণ ভিন্ন কল্পত ৰচিত ৷ এক নতুন কল্পৰ আৰম্ভণীৰ লগেলগে ইন্দ্ৰ, মনু, প্ৰজাপতি আৰু সপ্তৰ্ষিৰ পদত একোজন নতুন অধিকাৰীক নিয়োজিত কৰা হ’য়৷ প্ৰতিটো কল্পতে ঈশ্বৰৰ লীলাও ভিন্ন হ’য়৷ বিভিন্ন কল্পৰ ঈশ্বৰৰ ভিন্ন-ভিন্ন লীলা সনিবিষ্ট বিভিন্ন পূৰাণসমূহৰ আখ্যানসমূহো সেয়ে বৈচিত্ৰ্যময়ী৷

১৮ পূৰাণৰ ভিতৰত দেৱীভাগৱত পূৰাণ অন্যতম ৷ দেৱীভাগৱত পূৰাণ অনুসৰি দেৱী আদ্যশক্তি (পৰাশক্তি) য়েই এই সৃষ্টিৰ আদিমূল বা পৰমব্ৰহ্ম স্বৰূপ আৰু দেৱীৰ হিৰণ্য গৰ্ভৰ পৰাই ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ উৎপত্তি হৈছিল৷

দেৱী আদ্যশক্তিয়েই পৰৱৰ্তী সময়ত পৰ্বত ৰাজ হিমবানৰ কন্যা পাৰ্বতীৰ ৰূপত অৱতৰিত হ’য় আৰু দেৱাদিদেৱ মহাদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈ কৈলাশ স্বামিনী হৈ পৰে৷

দেৱী পাৰ্বতীৰ সৈতে কটোৱা এক অন্তৰংগ ক্ষণত এবাৰ মহাদেৱে দেৱী পাৰ্বতীৰ সন্মুখত এনেদৰে আগ্ৰহ প্ৰকাশ কৰিলে ,” হে জগতজননী আই ভাগৱতী ৷ পাৰ্বতীৰ ৰূপত তুমি মোৰ ভাৰ্য্যা আৰু মই তোমাৰ স্বামী৷ পুৰুষ ৰূপত মই তোমাক প্ৰেম নিবেদন কৰো আৰু স্ত্ৰীৰূপত তুমি সেই প্ৰেম অন্তকৰণেৰে হৃদয়ংগম কৰা ৷ এগৰাকী নাৰীৰ ৰূপত ময়ো নিবেদিত প্ৰেমৰ অঞ্জলী গ্ৰহণ কৰিব বিছাৰো ৷ এগৰাকী নাৰীৰ দৃষ্টিকোণেৰে প্ৰেমক অনুভৱ কৰিব বিছাৰো ৷ হে ভাগৱতী তুমি মোৰ এই আশা পূৰ্ণ কৰা ৷“

মহাদেৱৰ মনোকামনা শুনাৰ অন্তত দেৱী পাৰ্বতীয়ে ক’লে, ” হে দেৱাদিদেৱ মহাদেৱ অসুৰ সংহাৰিনী আৰু ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপে মোৰ আন এক ৰূপ হ’ল মহাকালী৷ দ্বাপৰ যুগত আদ্যশক্তিৰ সেই মহাকালী তত্বই ধৰ্মৰ সংস্থাপনৰ উদ্দেশ্যে শ্ৰীকৃষ্ণৰ ৰূপত মৃত্যুলোকত অৱতৰিত হ’ব আৰু সেই অৱতাৰ কালত আপুনি শ্ৰী ৰাধাৰাণীৰ ৰূপত মোৰ প্ৰেয়সী হ’ব৷ “

পৌৰাণিক মান্যতা অনুসৰি শ্ৰীকৃষ্ণ আৰু মা কালী উভয়েই শ্যাম বৰণৰ৷ সেয়ে জ্ঞানীলোকে কয় শ্যাম আৰু শ্যামা অভিন্ন আৰু ইয়াৰ বিপৰীতে মহাদেৱ আৰু ৰাধাৰাণী উভয়েই কৰ্পূৰৰ দৰে শুভ্ৰ বৰণৰ৷

এক পূৰ্ণিমাৰ নিশা কানাইৰ বাঁহীৰ সুৰত বাউলী হৈ ৰাধাৰাণীয়ে বৃন্দাবনত আন-আন গোপীসহ ৰাসক্ৰীড়াত মত্ত আছিল ৷ ৰাধাৰাণীৰ স্বামী অয়নৰ সন্দেহ ওপজাত তেওঁ ৰাধাৰাণীৰ অলক্ষিতে তেওঁৰ অনুসৰণ কৰিলে ৷ কিন্তু বৃন্দাবনত উপনীত হৈ অয়ন হতভম্ব হৈ পৰিল কাৰণ বৃন্দাবনত ৰাধাৰাণী তথা গোপীসৱৰ সংগে শ্ৰীকৃষ্ণ নহয় স্বয়ং বিকৰাল ৰূপত মহাকালী ৰাসক্ৰীতাত লিপ্ত হৈ আছিল৷

১৮ পূৰাণৰ আন এখন উল্লেখযোগ্য পূৰাণ হ’ল বিষ্ণপূৰাণ ৷ বিষ্ণুপূৰাণে বিষ্ণুক পৰমব্ৰহ্মৰ মান্যতা প্ৰদান কৰিছে৷ বিষ্ণুপূৰাণৰ অনুসৰি শ্ৰীকৃষ্ণ বিষ্ণুৰ পূৰ্ণ অৱতাৰ অৰ্থাৎ স্বয়ং পৰমব্ৰহ্ম আৰু যোগমায়াৰ ৰূপত মা আদ্যশক্তি (ভদ্ৰা/পাৰ্বতী/কালী) বিষ্ণু (শ্ৰীকৃষ্ণৰ) ভগ্নী৷ শ্ৰীকৃষ্ণৰ অৱতাৰ কালত কংসক চালনা কৰাৰ উদ্দেশ্যৰে যোগমায়াৰ ৰূপত আদ্যশক্তিয়েও অৱতাৰ লৈছিল৷ বিষ্ণু পূৰাণৰ ভাতৃ-ভগ্নীৰ সমন্ধক যদি আমি সূক্ষ্মদৃষ্টিকোণেৰে পৰ্য্যালোচনা কৰো তেনেহ’লে তাৰ গুহাৰ্থ হ’ল বিষ্ণু (শ্ৰীকৃষ্ণ) আৰু আদ্যশক্তি (মা কালী) এই দুই পৰম শক্তিৰ উৎপত্তি স্ৰোত একেটাই মাথো পুৰুষ ৰূপত সেই শক্তি শ্যাম আৰু প্ৰকৃতি ৰূপত শ্যামা৷

তন্ত্ৰশাস্ত্ৰৰ আলমেৰে পৰ্য্যবেক্ষণ কৰিলেও শ্ৰীকৃষ্ণ আৰু মা কালীৰ বীজৰ মাজত সামঞ্জস্য দেখা পোৱা যায়৷

উত্তৰ আধুনিক বৈষ্ণৱবাদে স্বীকাৰ নকৰিলেও এই কথা ঐতিহাস্যিক ভাৱে সিদ্ধ যে শ্ৰীকৃষ্ণ মানৱ ইতিহাসৰ শ্ৰেষ্ঠতম তান্ত্ৰিক তথা চৌষষ্ঠী কলাৰ বিশাৰদ আছিল৷

প্ৰকৃতি অবিহনে পুৰুষৰ উৎপত্তি সম্ভৱ নহয় আৰু পুৰুষৰ অনুপস্থিত প্ৰকৃতি স্থাৱৰ মাত্ৰ৷ সেয়ে মোৰ দৃষ্টিত শ্যাম (শ্ৰীকৃষ্ণ) আৰু শ্যামা (মহাকালী) ৰ মাজত কোনো অন্তৰ নাই৷ মহান্ত সন্ত ৰামকৃষ্ণ পৰমহংসই কোৱাৰ দৰে ” যেই কৃষ্ণ সেই কালী ৷ “

Leave a comment