উত্তৰ আধুনিক বৈষ্ণৱবাদে কৃষ্ণৰ শক্তিৰ স্ৰোতস্বৰূপা ৰাধা (ৰাধিকা/ৰাধাৰাণীৰ) দেৱীৰ অস্তিত্বক সময়ে-সময়ে নস্যাৎ কৰা আমাৰ দৃষ্টিগোছৰ হৈছে ৷ একাংশ বামপন্থী গৱেষকে আকৌ ৰাধাৰাণীক আধুনিক কবিৰ সৃষ্টি বুলিও দাবী কৰে ৷ সেয়ে আজি পবিত্ৰ ৰাধাঅষ্টমী তিথি (ভাদ্ৰ মাহৰ অষ্টমী) তিথিত ৰাধাকৃষ্ণৰ এজন সামান্য ভক্ত ৰূপে এই ঐতিহাস্যিক মিথ্যাচাৰৰ তথ্যভিত্তিক প্ৰত্যুত্তৰ দিবলৈ মনস্থ কৰিছো৷

সনাতনৰ প্ৰাচীনতম গ্ৰন্থ ঋকবেদৰ অন্তৰ্গত ৰাধাউপনিষদত কৃষ্ণই ৰাধাক আৰু ৰাধাই কৃষ্ণক উপাসনা কৰাৰ উল্লেখ পোৱা যায় ৷

অথৰ্বেদৰ অন্তৰ্গত ৰাধা তপন্য উপনিষদৰ পঞ্চম সুক্তত কোৱা হৈছে-

“য়শ আজ্ঞাতম শ্ৰুতয়হ সাংখ্যেয়োগ ব্ৰহ্মভৱম বেদন্তে ৷
নয়ম পুৰ্ণতি বিদ্যান্তি সম্যক তম ৰাধিকাম দেৱধাত্ৰিমনমহ ৷৷

(যাৰ দিব্যস্বৰূপৰ আৰু ঐশ্বৰিক লীলা বাখ্যা কৰিবলৈ সমস্ত বেদ , উপনিষদ , সাংখ্যযোগ আৰু স্মৃতিশাস্ত্ৰৰ সন্মিলিত প্ৰয়াসো আধাৰুৱা সেইগৰাকী ব্ৰহ্মস্বৰূপিনী ৰাধাদেৱীক আমি সশ্ৰদ্ধ ভক্তিৰে নমন কৰিছো)

উত্তৰ বৈদিক যুগৰ প্ৰমুখ্য পূৰাণসমূহেও ৰাধাৰাণীৰ ঐশ্বৰিকতাক মান্যতা প্ৰদান কৰিছে ৷

পদ্মকল্পত ৰচিত পদ্মপূৰাণৰ পঞ্চম স্কন্ধত ৰাধাষ্টমী আৰু ৰাধাদামোদৰ ব্ৰত কথাৰ উল্লেখ পোৱা যায় আনহাতে পদ্মকল্পৰ ষষ্ঠ স্কন্ধ ৰাধাকৃষ্ণৰ ঐশ্বৰিক ৰাস লীলাৰ প্ৰতি সমৰ্পিত৷

পদ্মকল্পৰ বিষ্ণুপূৰাণৰ সৰ্বমুঠ ছটা শ্লোকত ৰাধাকৃষ্ণৰ ৰাসলীলাৰ বৰ্ণণা পোৱা যায়৷

বৃহৎকল্পত ৰচিত নাৰদ পূৰাণৰ তৃতীয় স্কন্ধ ৰাধাকৃষ্ণৰ সহস্ৰ নামৰ উল্লেখ পোৱা যায়৷ নাৰদ পূৰাণৰ পঞ্চম স্কন্ধ বৃন্দাবনৰ মাহত্ম্য আৰু মহাৰাসৰ দিব্য বৰ্ণণাৰে সমৃদ্ধ ৷

প্ৰণব কল্পৰ স্কন্ধপূৰাণৰ ষষ্ঠ স্কন্ধৰ “আত্মা তু ৰাধিকা তস্য ৷৷ “ শ্লোকৰ দ্বাৰা ৰাধাৰাণীক কৃষ্ণৰ প্ৰাণশক্তি বোলা হৈছে ৷ স্কন্ধপূৰাণৰ সপ্তম স্কন্ধত ৰাধাকৃষ্ণৰ গোলোকৰ ভব্য বৰ্ণণ পোৱা যায় ৷

ব্ৰহ্মাণ্ড পূৰাণৰ উপদঘট পৰ্বত গোলোক নিবাসী কৃষ্ণ আৰু ৰাধাৰাণীৰ কৈলাশগমণৰ উল্লেখ পোৱা যায় ৷

সৰস্বত কল্পৰ দেৱী ভাগৱত পূৰাণৰ নৱম অধ্যায় পূৰ্ণ ৰূপত গোলোক ৰাধাৰাণীৰ প্ৰতি সমৰ্পিত ৷

ৰত্নাকৰ কল্পত ৰচিত ব্ৰহ্মবৈৱৰ্ত পূৰাণ পূৰ্ণৰূপত পৰমব্ৰহ্মস্বৰূ ৰাধাকৃষ্ণৰ প্ৰতি সমৰ্পিত ৷

পূৰাণৰ উপৰিও নাৰদপঞ্চৰত্ৰ আৰু গৰ্গ সংহিতাতো ৰাধাৰ উল্লেখ পোৱা যায়৷ নাৰদপঞ্চৰত্ৰত ৰাধাৰ সহস্ৰ নামৰ উল্লেখ আছে৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কেলি গোপাল নাটটো ৰাধাৰ উল্লেখ আছে ৷ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ একাধিক বৰগীততো ৰাধাৰ উল্লেখ পোৱা যায় ৷ অসমৰ প্ৰায় প্ৰতিখন সত্ৰতেই ৰাসপূৰ্ণিমাৰ পবিত্ৰ তিথিত শ্ৰীকৃষ্ণৰ ৰাসলীলাক এক ভব্য উৎসৱৰ ৰূপত উদযাপন কৰা হ’য়৷

“শ্ৰীকৃষ্ণ” ৰ নামৰ “শ্ৰী” শব্দটোৱে ৰাধাৰাণীক প্ৰতিনিধিত্ব কৰে ৷ কৃষ্ণৰ বিনে ৰাধা অসম্পূৰ্ণ আৰু ৰাধাৰ বিনে কৃষ্ণ অসম্পূৰ্ণ ৷ ৰাধা আৰু কৃষ্ণ পৰস্পৰৰ পৰিপূৰক , আত্মা আৰু শক্তিৰ স্ৰোত ৷ কৃষ্ণ যদি পুৰুষ ৰাধা প্ৰকৃতি আৰু অৰ্দ্ধনাৰীশ্বৰ ৰূপত ৰাধাকৃষ্ণই ৰাধেশ্বৰীকৃষ্ণ আৰু কৃষ্ণেশ্বৰী ৰাধা ৷

প্ৰতিজন সনাতনী বন্ধুলৈ পবিত্ৰ ৰাধাঅষ্টমীৰ হিয়াভৰা শুভেচ্ছা জনালো৷ ৰাধে ৰাধে৷

Leave a comment