
চন্দ্ৰ পঞ্জিকা আহিন মাহৰ পূৰ্ণিমা তিথিৰ পৰা আহিন মাহৰ অমাবস্যা তিথি (মহালয়া) পৰ্য্যন্ত এই কৃষ্ণ পক্ষৰ কালছোৱা সমগ্ৰ ভাৰততে পিত্ৰ পক্ষ নামেৰে প্ৰসিদ্ধ ৷
পিত্ৰ প্ৰেতৰ পৰা পৃথক ৷ পূৰ্ণ আয়ুসৰ অন্ত পৰাৰ পূৰ্বেই আত্মহত্যা নতুবা অপ্ৰাকৃতিক মৃত্যুৰ ফলত দেহ ত্যাগ কৰা জীবাত্মাই প্ৰেতযোনীত প্ৰবেশ কৰি পূৰ্ণ আয়ুসৰ অন্ত নপৰা পৰ্য্যন্ত এই মৃত্যুলোকতে প্ৰেত হৈ অশেষ যন্ত্ৰণা ভোগে ৷ প্ৰেতৰ পিণ্ডৰ ওপৰত কোনো অধিকাৰ নাথাকে ৷ চৌধ্য বছৰ পৰ্য্যন্ত তেনে মৃতকৰ শ্ৰাদ্ধকৰ্মও বঞ্জনীয় ৷ অন্ন আৰু জল ৰহিত হৈ প্ৰেত প্ৰচণ্ড ক্ৰুৰ হৈ পৰে পৰিণতিত নিজৰ আপোনজনৰেই ক্ষতি কৰে ৷
ইয়াৰ বিপৰীতে পিত্ৰ হ’ল সেইসকল পূৰ্বপুৰুষৰ জীবাত্মা যি পূৰ্ণ আয়ুসৰ অন্তত দেহ ত্যাগ কৰি আৰ্য্যম দেৱৰ পিত্ৰ লোকলৈ গতি কৰে৷ পিত্ৰ লোক মৃত্যুলোক (পৃথিৱী)তকৈ উচ্ছ আয়াম (Dimension)ৰ লোক সেয়ে পিত্ৰ লোকৰ সময়ৰ গতিও মৃত্যুলোকৰ পৰা ভিন্ন৷ মৃত্যুলোকৰ এবছৰে পিত্ৰ লোকৰ এদিন ৷ সেয়ে পিত্ৰৰ মৃত্যু তিথিত (বছৰত এবাৰকৈ ) শ্ৰাদ্ধবিধি কৰি পিত্ৰক উদ্দেশ্যি পিণ্ড দান কৰা হ’য়৷ পিত্ৰসকল প্ৰেতৰ দৰে ক্ৰুৰ নহয় ৷ তেওঁলোকে উত্তৰ পুৰুষৰ উদগতি হে কামনা কৰে ৷
পিত্ৰলোকৰ অধিপতি হ’ল প্ৰজাপতি কাশ্যপ আৰু অদিতিৰ পুত্ৰ আৰ্য্যমা দেৱ ৷ আৰ্য্য দেৱক ঋকবেদে ইন্দ্ৰ, বৰুণ, আদিত্য আদিৰ দৰে উচ্ছ কৌটিৰ দেৱতাৰ শাৰীত অৰ্ন্তভুক্ত কৰিছে ৷ আৰ্য্যমা হাতীপতি (Milkiway) ৰো অধিপতি সেয়ে সংস্কৃতত হাতীপতিক আৰ্য্যমা মাৰ্গ বোলা হ’য় ৷ শ্ৰীমদ্ভাগৱত গীতাৰ দশম অধ্যায়ত শ্ৰীকৃষ্ণই কৈছে
“अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितृ़णामर्यमा चास्मि यमः संयमतामहम्।। “
(অৰ্থাৎ নাগৰ মাজত মই অনন্ত নাগ, জলদেৱৰ ৰূপত ময়েই বৰুণ, পিত্ৰৰ মাজত ময়েই আৰ্য্যমা আৰু শাসকৰ ৰূপত ময়েই যম )৷ অৰ্থাৎ আৰ্য্যমাৰ পিত্ৰলোক কোনো কল্পকাহিনী নহয় বৰঞ্চ সনাতন ধৰ্মৰ আধাৰস্বৰূপ বেদ আৰু গীতা প্ৰতিপাদ্য সিদ্ধান্ত ৷
পিত্ৰ পক্ষত পিত্ৰই নিজৰ উত্তৰপুৰুষৰ পৰা তৰ্পন বিছাৰে ৷ সেয়ে এইসময় ছোৱাত বহুলোকেই আপোন পৰিয়ালৰ মৃতকক স্বপ্ন যোগে দেখা পায় ৷ পিত্ৰৰ সন্তুষ্টিৰ বাবে পুৱা বেলা নদীত স্নান কৰি পিত্ৰৰ উদ্দেশ্য সমৰ্পিত ভোগ কাউৰীক খুৱালে পিত্ৰ তৃপ্ত হ’য় আৰু আৰ্শীবাদ দিয়ে ৷ পিত্ৰ পক্ষৰ ৰাত্ৰিবেলা অজাতিৰ দৰিদ্ৰলোকক হৃদয়ৰ কৰুণাৰে মৃতকৰ প্ৰিয় খাদ্যৰে এসাঁজ খুৱালেও পিত্ৰ সন্তুষ্ট হ’য় ৷
পিত্ৰ যদিও কল্যাণকামী কিন্তু মৃতকৰ পৰিয়ালে যদি পবিত্ৰ অন্তৰেৰে পিত্ৰৰ শ্ৰাদ্ধ-পিণ্ডদান আদি অনুষ্ঠান নকৰে তেন্তে পিত্ৰ অসন্তুষ্ট হ’য় ৷ পিত্ৰক অসন্তুষ্ট কৰা উত্তৰপুৰুষৰ জীৱনৰ পৰাও শান্তি লোপ পায় ৷ সেয়ে পিত্ৰ দোষৰ ভুক্তভোগীয়ে সাধ্যনুসাৰে পিত্ৰ পক্ষত পিত্ৰদোষ নিবাৰণৰ পূজা অনুষ্ঠিত কৰিব লাগে৷ পিত্ৰ দোষ নিবাৰণী পূজাৰ বাবে মহালয়া (পিত্ৰ পক্ষৰ অমাবস্যা তিথি সৰ্বোকৃষ্ট) ৷
পৌৰাণিক মান্যতা অনুসৰি পিত্ৰ পক্ষত পিত্ৰই স্বগৃহৰ সমীপৰ বৰগছত নিবাস কৰে ৷ সেয়ে তেনে গছৰ তলত মূত্ৰ বিসৰ্জন কৰাটো পূৰ্ণৰূপে বৰ্জনীয় ৷
পিত্ৰই সকলোকে আৰ্শীবাদ কৰক ৷
সকলোৰে জীৱন মধুময় হওঁক ৷
अर्यमा न त्रिप्य्ताम इदं तिलोदकं तस्मै स्वधा नमः।
হে পিত্ৰৰ শ্ৰেষ্ঠ আৰ্য্যমা তোমাক নমন ৷