এই লেখনিটোৰ আৰম্ভণীতেই মই “নাম-প্ৰসংগ”ৰ সন্মানীয় সদস্য অবিনাশ বৰা ক ধন্যবাদ জনাইছো কাৰণ অবিনাশ বৰাৰ “খোলৰ উদ্ভাৱক কোন আছিল ?” প্ৰশ্নৰ পম খেদি আমি দেৱবাদ্য খোলৰ ইতিহাস সম্পৰ্কে সামান্য অধ্যয়ন কৰাৰ সুযোগ লভিলো৷

চৰকাৰী তথ্য অনুসৰি ভৰত মুনিৰ নাট্যশাস্ত্ৰ (যাক পঞ্চম বেদ বুলিও অভিহিত কৰা হ’য়) ত দেৱবাদ্য খোলৰ প্ৰত্যক্ষ উল্লেখ পোৱা যায় ৷ অৰ্থাৎ ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে খোলৰ ইতিহাস অতি প্ৰাচীন তথা খোলৰ উদ্ভাৱক (inventor) জন ভৰত মুনিৰ সমসাময়িক অৰ্থাৎ বৈদিক যুগৰ কোনো বাদ্যযন্ত্ৰ বিশাৰদ আছিল দুৰ্ভাগ্যক্ৰমে যাৰ পৰিচয় আজি অজ্ঞাত ৷ ৰামায়ণ-মহাভাৰতৰ দৰে প্ৰাচীন গ্ৰন্থটো খোলৰ উল্লেখ পোৱা যায়৷

অসমৰ কামাখ্যা ধাম,মদন কামদেৱ মন্দিৰ, তেজপুৰ আৰু নগাঁও জিলাৰ একাংশ খণ্ডিত মন্দিৰৰ ভাস্কৰ্য্যটো খোল আৰু খোল সদৃশ বাদ্যযন্ত্ৰৰ নিদৰ্শন পোৱা যায়৷

আমি অধ্যয়ন যোগে লভা তথ্য অনুসৰি মধ্যযুগত বংগদেশ (আজিৰ পশ্চিমবংগ)ৰ বৈষ্ণৱ সম্প্ৰদায়ৰ মাজত প্ৰথমে খোলৰ পুনঃ নিৰ্মাণ (re-manufacturing) তথা ইয়াৰ বহুল প্ৰচলন হৈছিল আৰু সেই খোলসমূহ মূলত আলতীয়া মাটি (clay soil) , জন্তুৰ শুকাল চাল (parchment) আৰু পিঠাগুড়ি (rice powder) ৰে নিৰ্মাণ কৰা হৈছিল আৰু বংগৰ পৰাই পৰৱৰ্তী সময়ত খোল অসম,মণিপুৰ আৰু উৰিষ্যাৰ বৈষ্ণৱ সংস্কৃতিৰ অবিচ্ছেদ্য অংশ হৈ পৰে৷

বংগৰ পৰা আমদানিকৃত খোলক অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এক নতুনত্ব প্ৰদান কৰিছিল আৰু সেয়া হ’ল আলতীয়া মাটি(clay soil) ৰ সলনি কুমাৰশালৰ মৃত্তিকা (terracotta) ৰ প্ৰয়োগ৷ অৰ্থাৎ শঙ্কৰদেৱে দেৱবাদ্য খোলৰ উদ্ভাৱন কৰা নাছিল বৰঞ্চ খোলক এক নতুন মাত্ৰা প্ৰদান কৰি সংশোধক (modifier) ৰ ভূমিকা হে পালন কৰিছিল৷

সমগ্ৰ কথাখিনি স্পষ্টকৈ বুজাবলৈ এই অভাজনে এক উদাহৰণৰ সহায় লোৱাৰ ধৃষ্টতা কৰিছে৷ জাৰ্মান প্ৰযুক্তিবিদ “Gottlieb Daimler” আৰু “Wihlem Maybach” য়ে মটৰ চাইকেলৰ উদ্ভাৱন কৰিছিল যিদৰে ভৰত মুনিৰ কোনো সমসাময়িক অজ্ঞাত বাদ্য বিশাৰদে খোলৰ উদ্ভাৱন কৰিছিল৷ Yamaha কোম্পানীয়ে “Daimler” আৰু “Maybach” নিৰ্মিত মটৰ চাইকেলৰ আধাৰত আজি মটৰচাইকেলৰ পুনঃ নিৰ্মাণ (re-manufacture) কৰিছে৷আজিকালি বহু ব্যক্তিয়ে শ্বৰূমৰ পৰা য়ামাহা নিৰ্মিত মটৰচাইকেলখন কিনি অনাৰ পিছত নিজৰ পছন্দ অনুযায়ী কোনো কাৰিকৰ (mechanic) ৰ ওচৰত মটৰচাইকেলখনক নতুন আৰু সংশোধিত (modify) ৰূপ প্ৰদান কৰে৷ এইক্ষেত্ৰত সেই কাৰিকৰ জন হ’ল সংশোধক (modifier) যিদৰে শঙ্কৰদেৱ অসমীয়া খোলৰ সংশোধক (modifier) আছিল৷

সেয়ে বস্তুবাদী দৰ্শনেৰে আমি এই সিদ্ধান্তত উপনীত হৈছো যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ খোলৰ উদ্ভাৱক (inventor) নহয় সংশোধক (modifier) হে আছিল৷ মোৰ অধ্যয়ন প্ৰদত্ত তথ্যসমূহ বিভিন্ন নিৰ্ভৰযোগ্য (authentic) চৰকাৰী সূত্ৰৰ পৰা সংগ্ৰহ কৰা হৈছে৷ যদি কোনো ব্যক্তিৰ মোৰ তথ্য আৰু সিদ্ধান্তৰ সৈতে সহমত নহয় তেন্তে তেওঁ তথ্য জনা অধিকাৰ আইনৰ অধীনত এই তথ্যসমূহৰ সত্য-সত্যতা নিৰ্ণয় কৰিবলৈ RTI কৰিব পাৰে৷

(বিঃদ্ৰঃ পুনশ্চ এবাৰ অবিনাশ বৰাক ধন্যবাদ জনালো ৷ কথাখিনি সৰল ভাবে বুজাবলৈ হে মটৰ চাইকেলৰ উদাহৰণটি দাঙি ধৰা হ’ল৷ সকলোলৈকে বিনম্ৰ অনুৰোধ কোনেও যাতে “comment section” ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদ্দেশ্যি লঘু মৰ্ন্তব্য নকৰে৷ধন্যবাদ৷)

Leave a comment