ব্যক্তিগতভাবে মই আধুনিকতাৰ নামত আমাৰ সহস্ৰবৰ্ষীয় গৌৰৱোৎজ্বল পৰম্পৰা তথা সংস্কাৰক জলাঞ্জলি দিয়াৰ পক্ষপাতিত্ব নকৰো৷ অসংবৰ্ণ বিবাহ বৈদিক সিদ্ধান্তৰ বিৰোধী৷ সনাতনৰ সাৰ স্বৰূপ শ্ৰীমদ্ভাগৱতগীতাত পৰম ব্ৰহ্মস্বৰূপ শ্ৰীকৃষ্ণই স্বয়ং কৈছে,” चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्।।”
(মৃত্যুলোকত মায়াৰ অধিপতি শ্ৰীকৃষ্ণই গুণ আৰু কৰ্তব্যৰ আধাৰত চৰ্তুবৰ্ণ- ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু শুদ্ৰৰ স্ৰজন কৰিছে ৷)
শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰথম অধ্যায়ত অৰ্জুন (নৰৰূপী নাৰায়ণ) ৰ মুখেৰে নিম্নোলিখিত পবিত্ৰ বাণী নিসৃত হৈছে-

“कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||”

“अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय: |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर:”

“सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया:”

“उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ||”

(সংক্ষিপ্তে ইয়াৰ সাৰ হ’ল পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ বংশগতি সূত্ৰে গুণৰ প্ৰবাহ হ’য়৷ গুণ হ’ল কৰ্তব্যৰ আধাৰ৷ অসংবৰ্ণৰ পুৰুষৰ প্ৰতি আকৰ্ষিত স্ত্ৰী ব্যাভিচাৰী প্ৰকৃতিৰ৷ অসংবৰ্ণ বিবাহৰ পৰিণতিত বৰ্ণশংকৰ সন্তানে জন্ম পায়৷ বৰ্ণসংকৰ স্বভাৱতেই অতি ভয়াবহ,অধৰ্মী আৰু ব্যাভিচাৰী যাৰ পাপৰ পৰিণতিত পিত্ৰও নৰকগামী হ’য়৷)

বংশগতিৰ সূত্ৰক আধুনিক বিজ্ঞানেও স্বীকৃতি দিছে৷ যিসকলে মোৰ কথা স্বীকাৰ কৰি ল’বলৈ অপৰাগ তেওঁলোকক “Mendelian Genetics” আৰু “Molecular Inheritance” ৰ বিস্তৃত অধ্যয়ন কৰাৰ অনুৰোধ জনালো৷

সনাতনৰ ইতিহাস সাক্ষী আছে বৰ্ণসংকৰৰ বীভৎসতাৰ আৰু ইয়াৰ সৰ্বোনিকৃষ্ট উদাহৰণ হ’ল লংকাধিপতি দশানন ৰাৱণ৷ কুৰুক্ষেত্ৰৰ ৰণত শ্ৰীকৃষ্ণই ইচ্ছা কৰিয়েই ঘটোৎকচ,বাৰ্বৰিক আৰু ইৰফানক মৃত্যুৰ মুখলৈ ঠেলি দিছিল৷ কাৰণ ধৰ্মৰ পক্ষত অৱতীৰ্ণ হ’লেও তেওঁলোক আছিল বৰ্ণসংকৰ৷ ইতিহাসে পুনৰাবৃত্তি কৰে৷ পঞ্চপাণ্ডৱৰ বৰ্ণসংকৰ পুত্ৰ-পপুত্ৰসকল জীয়াই থকা হ’লে নিশ্চিতৰূপে পুনৰ ধৰ্মৰ গ্লানি হ’লহেঁতেন৷সেয়ে তেওঁলোকৰ মৃত্যু অৱধাৰিত আছিল৷

আধুনিকতাৰ ভটীয়নি সোঁতত উটিভাহি গৈ অসংবৰ্ণ বিবাহক সমৰ্থন কৰাৰ কোনো যুক্তি নাই৷ নিজ বৰ্ণৰ ৰক্তৰ পবিত্ৰতাক ৰক্ষা কৰক৷ ৰক্তৰ সংমিশ্ৰন নিষিদ্ধ৷ অন্যথা ভবিষ্যৎপ্ৰজন্ম গুণ আৰু কৰ্তব্য ৰহিত হৈ ধৰ্মৰ শত্ৰুত পৰিণত হ’ব৷

বৰ্ণাশ্ৰম ধৰ্মক পালন কৰা প্ৰতিজন সনাতনীলৈ এক অনুৰোধ ৷ প্ৰয়োজন হ’লে নিজৰ প্ৰেমক জলাঞ্জলি দিয়ক কিন্তু অসংবৰ্ণ বিবাহ কৰি ভবিষ্যৎ প্ৰজন্মৰ ৰক্তক প্ৰদূৰ্ষিত নকৰিব নকৰিব৷ অসংবৰ্ণ বিবাহৰ বিৰূদ্ধে সামাজিক সজাগতাৰ সূচনা কৰক৷ হিন্দু বিবাহ আইন (Hindu Marriage Act) ৰ সংশোধনৰ দ্বাৰা ন্যায়িক মাৰ্গেৰে অসংবৰ্ণ বিবাহৰ বিৰোধিতা কৰি বৰ্ণাশ্ৰম ধৰ্মক ৰক্ষা কৰক৷

“ধৰ্মো ৰক্ষতিঃ ৰক্ষিতঃ ৷”

Leave a comment