আদি শংকৰাচাৰ্য্যই সমস্ত বেদৰ সাৰ মন্থন কৰি অদ্বৈত দৰ্শনৰ প্ৰতিষ্ঠা কৰিছিল৷ ব্ৰহ্মসূত্ৰভাষ্যৰ স্ৰজন কৰিছিল৷ দশ মুখ্য উপনিষদ (বৃহদাৰাণ্যক উপনিষদ,চন্দ্ৰোজ্ঞ উপনিষদ,ঐতেৰীয় উপনিষদ,তৈত্ৰীয়া উপনিষদ,কানা উপনিষদ,ঈষা উপনিষদ,কথা উপনিষদ,প্ৰসন্ন উপনিষদ,মণ্ডুক্য উপনিষদ,গৰুড়াপাদ উপনিষদ)আৰু শ্ৰীমদ্ভাগৱতগীতাৰ সাৰ মন্থন কৰি ধৰ্ম প্ৰতিপাদ্য মৌলিক ভাষ্য প্ৰস্তুত কৰিছিল৷ যোগসূত্ৰ আৰু অপস্তম্ভ ধৰ্মসূত্ৰৰ কেন্দ্ৰ কৰি বিশ্লেষণাত্মক টোকা প্ৰস্তুত কৰিছিল৷ শিৱ আনন্দ লহৰী,ব্ৰহ্ম সংগীত,কৃষ্ণ অষ্টক, বিষ্ণু শতপদি, দশ শ্লোকী, কৰ্পাটা পঞ্জাৰিকা, দক্ষিণামূৰ্ত্তি স্ত্ৰোতম আৰু ভজগোবিন্দ স্ত্ৰোতম ৰচনা কৰিছিল৷ উপদেশসহস্ৰিৰ সৃজন কৰিছিল৷ ত্ৰিশতাধিক গ্ৰন্থৰ সৃষ্টি কৰিছিল৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ প্ৰায় ২৫০০ বছৰৰ পূৰ্বেই আদি শংকৰাচাৰ্য্যই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সৰ্বমুঠ চাৰিবাৰ পদব্ৰেজ যাত্ৰা কৰি সমগ্ৰ ভাৰতবৰ্ষৰ সৰ্বমঠৰ মঠাধীশসকলক শাস্ত্ৰাৰ্থত পৰাস্ত কৰি অদ্বৈত বেদান্ত দৰ্শনৰ প্ৰতিষ্ঠা কৰিছিল৷ মীমাংসা দৰ্শনৰ কুমাৰিল ভট্ৰ,ভক্ত মঠৰ মন্দন মিশ্ৰ,বৈষ্ণৱ,সৌৰ,শাক্ত,গাণপত্য,অঘৌৰ,পশুপতি,জৈন আদি সমস্ত পৰম্পৰাৰ মূখ্য গুৰু তথা মঠাধীশসকলে সনাতনৰ আধ্যাত্মিক সিংহ শংকৰাচাৰ্য্যৰ শৰণ লৈ তেওঁক সনাতনৰ সাৰ্বভৌম জগতগুৰুৰ স্বীকৃতি দিছিল৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ আধাৰেই হ’ল আদি শংকৰাচাৰ্য্যৰ অদ্বৈত বেদান্ত৷ শংকৰাচাৰ্য্যৰ দাৰ্শনিক বিশ্লেষণৰ ছাঁ লৈ শংকৰদেৱে তেওঁৰ আধ্যাত্মিক দৰ্শনক প্ৰতিষ্ঠা কৰিছিল আৰু “শংকৰ আচাৰ্য্য ভুজংগ প্ৰয়াত” (According to Guru Adi Shankara) বুলি স্বয়ং শংকৰদেৱ গুৰুজনাই এই সত্যক স্বীকৃতি প্ৰদান কৰিছে৷ মহাপুৰুষ শংকৰদেৱ অসমীয়া জাতিৰ প্ৰাণ,আবেগিক দৃষ্টিকোণেৰে তেৰা জগতগুৰু কিন্তু যৌক্তিক দৃষ্টিৰে শংকৰদেৱ জগতগুৰু হ’বই নোৱাৰে৷ কাৰণ শংকৰদেৱৰ দৰ্শন মৌলিক নহয় বৰঞ্চ আদি শংকৰাচাৰ্য্যৰ পৰা ধাৰ কৰা। সৰ্বামঠাধীশে শংকৰদেৱৰ শ্ৰীচৰণত শৰণ লোৱা নাই আদি শংকৰাচাৰ্য্যৰ শ্ৰীচৰণতহে শৰণ লৈছিল৷ খোদ শংকৰদেৱেই আদি শংকৰাচাৰ্য্যক তেওঁৰ গুৰু বুলি স্বীকৃতি দিছে৷ সেয়ে আদি শংকৰাচাৰ্য্য শংকৰদেৱৰো গুৰু৷ সাৰ্বভৌম জগতগুৰু৷ সেয়ে শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু আখ্যা দি আদি শংকৰাচাৰ্য্য,শংকৰদেৱ আৰু সনাতনী আস্থাক অপমান নকৰিব৷

হৰ হৰ শংকৰ৷
জয় জয় শংকৰ৷
ভাগৱদ পদ শংকৰ৷

শ্ৰী শংকৰাচাৰ্য্য চৰণম প্ৰপাদ্যে৷

Leave a comment