নুৰাজাহাজ খনক এপলক কাষৰ পৰা চাবলৈ তেওঁলোকে ভিৰ কৰিব পাৰে ৷ তেওঁলোকক ট্ৰ’ল কৰিবলৈ আপুনি কোন হে ? উত্তৰ আধুনিকতা আজিও তেওঁলোকৰ বাবে এক পৰীৰ দেশৰ সাধুকথা ৷ বানে বিধ্বস্ত কৰা অসমৰ দুই সহস্ৰাধিক গাঁৱ আজিও বঞ্চিত বিজুলীবাতিৰ পোহৰৰ পৰা৷ তেওঁলোকে নাজানে ইন্টাৰনেট মানেনো কি, মাৰ্ক জুকাৰবাৰ্গ কোন তেওঁলোকে চিনি নাপায় , তেওঁলোকে শুনা নাই বিথোভেনৰ ভায়লিনৰ ঝংকাৰ, তেওঁলোকে চোৱা নাই ৰণবীৰৰ এনিমেল আৰু তেওঁলোকে আপোনালোকৰ দৰে উন্মত্ত হৈ নচা নাই ডিজেৰ বিকট স্বৰত ৷

সেয়ে তেওঁলোকে ভিৰ কৰিব পাৰে ৰাস্তাত এপলক নুৰা জাহাজখনক কাষৰ পৰা চাবলৈ, তেওঁলোক আহিব পাৰে আপোনাৰ চহৰলৈ আপোনালোকৰ ওখ-ওখ অট্ৰালিকাবোৰক হেঁপাহ পলুৱাই চাবলৈ য’ত নিহিত হৈ আছে তেওঁলোকৰ তেজ,শ্ৰম আৰু ঘাম৷দৌৰিব পাৰে তেওঁলোকৰ সন্তানসকল আপোনাৰ বিলাসী বাহন খনৰ পিছে-পিছে, গাঁৱৰ ধূলিয়ৰি বাটেৰে ধূলি উৰুৱাই , কিৰিলী পাৰি৷
আপোনালোকোটো যায় কংক্ৰীটৰ নগৰী এৰি সেউজীয়াৰ ক্ষণিক সান্নিধ্য বিছাৰি তেওঁলোকৰ গাঁৱবোৰলৈ ৷ আপোনালোকেও চোন তেতিয়া ৰ লাগি চাই সেই মনোমহা প্ৰকৃতিক, আপোনালোকেও চোন তেতিয়া প্ৰাণ ভৰি লয় গাঁৱৰ কেঁচা মাটিৰ গোন্ধ, আপোনালোকৰ সন্তানসকলেও চোন তেতিয়া জিদ কৰে চৈ দিয়া গৰুগাড়ীখনৰ পিছে-পিছে দৌৰিবলৈ৷ কিয় তেওঁলোকেটো ট্ৰল নকৰে যেতিয়া কোনো অভিজাত চহৰীয়া পৰিয়ালৰ কণমাণি সন্তানে জীৱনত প্ৰথমবাৰ কপিকুলৰ দৰ্শন কৰি উৎসাহত চিঞৰি উঠে,” পাপা,মাম্মা৷ লুক, লুক, চোৱা , চোৱা সেইটো মংকী৷”
আপোনালোকে তেওঁলোকক ট্ৰ’ল কৰে কাৰণ তেওঁলোক দুখীয়া আৰু আপোনালোক ধনী আৰু তেওঁলোকে আপোনালোকক এইবাবেই ট্ৰ’ল নকৰে কাৰণ তেওঁলোক নগৰসজা শিল্পী আৰু আপোনালোক, আপোনালোক বনভোজৰ নামত গাঁবৰ প্ৰাকৃতিক পৰিবেশক দুষিত কৰা বিবেকহীন মানৱ৷
এইয়া কেবল অসমৰে সাধুকথা নহ’য়৷ এইয়া সমগ্ৰ ভাৰতৰ সাধুকথা৷ ভাৰত এখন কিন্তু এখন হৈয়ো বাস্তৱত দুখন – India for Somebody and India for Nobody.
