আমাক মন্দিৰ নালাগে হস্পাতাল হে লাগে৷মন্দিৰ নিৰ্মাণৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰা লাভ নাই৷ মন্দিৰে কি দিয়ে? দেশৰ উন্নয়নত মন্দিৰৰ অৱদানেই বা কি?
NSSO (National Sample Survey Office) ৰ প্ৰতিবেদন অনুসৰি বিত্তীয় বৰ্ষ ২২-২৩ ত সৰ্বমুঠ ঘৰুৱা উৎপাদন (Gross Domestic Production চমুকৈ GDP) ৰ ২.৩২% অৰ্থা ৪০ বিলিয়ন কোটি টকাৰ আয় কেৱল মন্দিৰৰ পৰাই হ’য়৷ ৪০ বিলিয়ন কোটি অৰ্থাৎ ২২-২৩ বৰ্ষৰ ভাৰতৰ কেন্দ্ৰীয় বাজেটখনৰ সমান৷ চাকি,তেল,ধূপ,সেন্দুৰ,পূজাৰ সাজ,পূজাৰ সামগ্ৰী,পূজাৰ প্ৰসাদ ইত্যাদিৰ এখন প্ৰত্যক্ষ বৃহৎ বজাৰ৷পৰ্য্যটনকে আদি কৰি পৰোক্ষ বজাৰখনৰ কথা বাদেই দিলো৷

২২-২৩ বৰ্ষত মন্দিৰৰ পৰা সংগৃহীত চৰকাৰী ৰাজহ (revenue) ৰ পৰিমাণ আছিল প্ৰায় উনৈশ লাখ কোটি (১৯,৩৪,৭০৬ কোটি) টকা অৰ্থা স্বাস্থ্য খণ্ডৰ বিনিয়োগ বাজেট (৬ লাখ কোটি)ৰ প্ৰায় নগুণ আৰু শিক্ষা খণ্ডৰ বিনিয়োগ বাজেটৰ ১৯ গুণ (এক লাখ কোটি)৷ অৰ্থা কেৱল মন্দিৰৰ পৰা সংগৃহীত ৰাজহেৰে ভাৰতে ৬ বছৰৰ বাবে স্বাস্থ্যখণ্ড আৰু ১৯ বছৰৰ বাবে শিক্ষাখণ্ড চলাব পাৰিব আৰু প্ৰায় তিনিবছৰৰ বাবে স্বাস্থ্য আৰু শিক্ষাখণ্ড দুয়োটাই চলাব পাৰিব৷

হিন্দুৰৰ মন্দিৰৰ বাদে ভাৰতৰ অন্যান্য কোনো ধৰ্মীয় প্ৰতিষ্ঠান (মছজিদ,গীৰ্জাঘৰ আদিয়ে) চৰকাৰক ৰাজহ দিব নালাগে৷ গড় হিছাপত প্ৰতিবছৰে ভাৰতৰ প্ৰতিজন ব্যক্তিৰ নামত চৰকাৰে মন্দিৰৰ পৰা সংগৃহীত ৰাজহৰ পৰা ১৫০০০ টকা ব্যয় কৰে৷ সেই হাৰত চৰকাৰে প্ৰতিবছৰে ভাৰতৰ প্ৰতিজন মুছলমান নাগৰিকৰ বাবে মছজিৰৰ পৰা সংগৃহীত ৰাজহৰ ৭৫০০০ (মাহে প্ৰায় ৬৩০০ টকা) ব্যয় কৰে৷
মন্দিৰ বিৰোধীয়ে কেৱল হস্পাতাল-বিশ্ববিদ্যালয়ৰ কথা কয় কিন্তু প্ৰকৃতাৰ্থৎ চৰকাৰী নিৰ্মাণ (হস্পাতাল,শিক্ষানুষ্ঠান,কাৰ্য্যলয়),যাতায়ত আৰু পৰিবহণ (ৰাস্তা,ৰেল লাইন,দলং,এয়াৰপোৰ্ট),প্ৰতিৰক্ষা,খাদ্য আৰু অসামৰিক যোগান (দুটকীয়া চাউল) চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু হিতধিকাৰী আচনি (অৰুণোদয়),ৰাজসাহাৰ্য্য (সুলভ মূল্যৰ হজযাত্ৰা) সকলোতে মন্দিৰৰ সংগৃহীত ৰাজহৰ এখন এখন নোট ব্যৱহাৰ হ’য়৷

তৎসত্বেও কিন্তু আমি আজিলৈকে কোৱা নাই সনাতনী ভক্তই দান কৰা মন্দিৰ পুজি সংগৃহীত ৰাজহৰ ভাগ আমি অহিন্দু আৰু নাস্তিকক নিদিও৷এয়াই সনাতনীৰ উদাৰতা কাৰণ আমি বিশ্বাস কৰো যে বসুদেৱ কুটুম্বকম ( সমগ্ৰ বিশ্বখনেই আমাৰ পৰিয়াল),নৰই নাৰায়ণ আৰু যত জীৱ তত শিৱ৷