(১)
মেপল ৰিজৰ্টৰ ৰূম নম্বৰ 206 ত ২৪/১০/২০১৮ ৰ মাজনিশা প্ৰায় ১১ বাজি ৪৫ মিনিটত তোমাৰ সৈতে কি হৈছিল প্ৰিয়া ? আদালতৰ কাঠগড়াত প্ৰিয়া মাত্ৰ এক প্ৰস্থৰ মূৰ্তিৰ দৰে ঠিয় হৈ ৰ’ল৷ “প্ৰিয়া, এইয়াই সময়,আজি যদি তুমি সত্যক উজাগৰ কৰাৰ সাহস গোটাব নোৱাৰা তেনেহ’লে সত্যৰ অপমৃত্যু হ’ব,ন্যায়ৰ অৱক্ষয় হ’ব আৰু কিশোৰৰ দৰে এক শ্বাপদ নায়কৰ ৰূপত পুনৰ উভতি আহিব মুক্ত আকাশৰ তললৈ নতুন চিকাৰৰ সন্ধানত আৰু হয়টো এইবাৰ কিশোৰ সফলো হ’ব৷হয়টো কিশোৰৰ নতুন চিকাৰৰ ভাগ্য তোমাৰ দৰে সুপ্ৰসন্ন নহ’ব!হয়টো..” “Enough! মই সকলো খুলি ক’ম৷” চৰকাৰী অধিবক্তা উৎপল ভট্টাচাৰ্য্যক স্তব্ধ কৰি প্ৰিয়াই নীৰৱতা ভংগ কৰিলে৷
এক দীঘলীয়া শ্বাস টানি প্ৰিয়াই আৰম্ভ কৰিলে,” ২৪ অক্টোবৰ সেইদিনা,কিশোৰ আৰু মোৰ,আমাৰ প্ৰথম লাভ এনিভাৰছেৰী আছিল৷ আমাৰ সম্পৰ্কক দুয়োখন ঘৰেই স্বীকৃতি দিছিল৷জানুৱাৰীত আমাৰ এংগেইজমেন্ট আছিল….” উজাই অহা ক্ৰন্দন চেপা মাৰি পুনৰ প্ৰিয়াই যন্ত্ৰৱৎ ভাবে কৈ গ’ল,” কথা আছিল সেইদিনা মেপল ৰিজৰ্টত নৈশযাপন কৰি পিছদিনা পুৱা এলিফেণ্ট চাফাৰি কৰাৰ৷ প্ৰকৃতিৰ সেউজীয়াবোৰৰ মাজত চহৰৰ কোলহালৰ পৰা দুৰৈত কিশোৰৰ সংগত এইদৰে মই বহু সুখী আছিলো৷ বাহিৰত ডিনাৰ কৰি ৰিজৰ্ট আহি পাওঁতে পায় এঘাৰ মানেই বাজিছিল৷ ভাগৰো লাগিছিল বহুত৷সেয়ে চিধাই ৰূমলৈ গৈছিলো৷ ৰূম নম্বৰ 206 লৈ৷ ৰূমত দুখন বেড আছিল৷ এখন কিশোৰৰ বাবে আৰু আনখন মোৰ বাবে৷ কিশোৰক মই কেবল প্ৰাণভৰি ভাল পোৱাই নহয় নিজতকৈ অধিক বিশ্বাসো কৰিছিলো৷ মোৰ সংস্কাৰে বিবাহৰ পূৰ্বে মোক কিশোৰৰ সৈতে একেখন বিছনাতে নৈশ যাপন কৰাৰ অনুমতি নিদিয়ে৷ এই কথা মই কিশোৰক পূৰ্বেই কৈছিলো আৰু কিশোৰে মোক স্পৰ্শ নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত মই কিশোৰৰ সৈতে এনিশাৰ বাবে মেপল ৰিজৰ্টলৈ যাবলৈ মান্তি হৈছিলো আৰু বহু কষ্ট কৰি মোৰ ৰক্ষণশীল মা-দেউতাক মান্তি কৰাইছিলো৷ কিন্তু ….”
প্ৰিয়া উচুপি উঠিল৷ অশ্ৰুধাৰাক সামৰি প্ৰিয়াই এটা হুমুনিয়াহ কাঢ়ি প্ৰিয়াই পুনৰ আৰম্ভ কৰিলে,” মোৰ চিলমিলকৈ টোপনি আহিছিল মাত্ৰ! এখন তপত ওঠে মোৰ ওঠযুৰিক হেঁচা মাৰি ধৰিছিল৷ প্ৰিয় পুৰুষজনৰ চুম্বনৰ মাজত মই যেন হেৰাই যাম৷ এখন চিনাকি হাত মই পিন্ধি থকা নাইটিটোৰ তলেৰে অতি সৰ্ন্তপণে মোৰ নাভী প্ৰদেশৰ পৰা মোৰ পিন্নোনত বক্ষযুগললৈ বগাই গৈছিল৷ মই মৰমেৰে সেই হাতখনক বাধা দিয়াৰ প্ৰয়াস কৰিছিলো আৰু মোৰ বাধাক নেওচি হাতখন ধাবমান হৈছিল ক্ৰমে মোৰ শৰীৰ নিম্নাংশলৈ,অৰ্ন্তবাসৰ তলেৰে মোৰ যৌনাংগৰ যৌনতাৰ সোৱাদ বিচাৰি৷মই কিশোৰক ঠেলা মাৰি দি আতৰি অহাৰ প্ৰয়াস কৰিছিলো৷কিন্তু কিশোৰৰ কঠোৰ বাহু বন্ধনত মই পুনৰ আবদ্ধ হৈ পৰিছিলো৷মোৰ বক্ষযুগলত কিশোৰৰ তীক্ষ্ণ দাতৰ স্পৰ্শ অনুভৱ হোৱাত মই কেঁকাই উঠিছিলো আৰু বাৰে-বাৰে কিশোৰক অনুৰোধ কৰিছিলো মোক এৰি দিবলৈ৷কিন্তু সেইয়া কিশোৰ নাছিল৷মোৰ গাভৰু শৰীৰৰ কেঁচা মঙহৰ জুতি লবলৈ উদগ্ৰীৱ হৈ পৰা এক শ্বাপদ আছিল৷বহু সংগ্ৰাম কৰিও মই নিজকে নিৰ্বস্ত্ৰ হোৱাৰ পৰা ৰক্ষা কৰাত বিফল হৈছিলো৷মোৰ দেহৰ শেষ কাপোৰটুকুৰা আজুৰি ফালি পেলায় সেই শ্বাপদটো মোৰ ওপৰত জপিয়াই পৰিছিল৷মোৰ শৰীৰৰ প্ৰতিটো কোমল অংগকে নিদাৰুণ ভাবে মুচৰি পেলাইছিল৷ মোৰ প্ৰতিটো যন্ত্ৰণাকাটৰ চিঞৰে কিশোৰক যেন অধিক নৃশংস কৰি তুলিছিল৷মোৰ যৌনাংগৰে কেঁচাতেজৰ ধাৰা বৈছিল,মই যন্ত্ৰণাত চিৎকাৰ কৰি উঠিছিলো,উচুপিছিলো,চিঞৰিছিলো আৰু ….”

(২)
“ নাৰীৰ সন্মতি (consent) আৰু ইচ্ছা (desire)ৰ বিৰূদ্ধে স্থাপিত প্ৰতিটো যৌন সম্পৰ্কই ধৰ্ষণ৷ “ ইন্দ্ৰাণী মেম! কিন্তু সেই ব্যক্তিজন যদি ধৰ্ষিতাৰ পতি হ’য়?তেনেহ’লে কিয় সেই ব্যক্তিজনক অপৰাধী আখ্যা দিয়া নহয়“ ইন্দ্ৰাণী শৰ্মা ভট্টাচাৰ্য্য৷ আইন মহাবিদ্যালয়ৰ অধিবক্তা,প্ৰতিষ্ঠিত চৰকাৰী অধিবক্তা উৎপল ভট্টাচাৰ্য্যৰ অৰ্ধাংগিনী৷ দিগন্তৰ প্ৰশ্নটোৰ বাবে ইন্দ্ৰাণী হয়টো সাজু নাছিল৷ হয়টো ইন্দ্ৰাণীৰ ওচৰত এই প্ৰশ্নটোৰ কোনো সমাধানেই নাছিল৷ থকা হ’লে হয়টো ইন্দ্ৰাণী য়ে এনেদৰে প্ৰতিদিনে সুখী হোৱাৰ অভিনয় কৰিব লগীয়া নহ’লহেঁতেন৷ পাঁচ বছৰৰ পূৰ্বৰ সেই বৰ্ষামুখৰ অভিশপ্ত নিশা যাৰ পিছত নব বিবাহিতা ইন্দ্ৰাণীৰ সদায়ৰ জীৱনে গতিপথ সলাইছিল৷সেইদিনা ইন্দ্ৰাণীৰ সামান্য জ্বৰ উঠিছিল৷সেইদিনটো উৎপলৰ বাবে বিশেষ আছিল৷সেইদিনা মেপল ৰিজৰ্টত নিজ প্ৰেমিকৰ হাতত ধৰ্ষিতা প্ৰিয়াক ন্যায়ৰ উপহাৰ দি ধৰ্ষণকাৰী কিশোৰক কাৰাগাৰলৈ নিক্ষেপ কৰাত সফল হৈছিল চৰকাৰী অধিবক্তা উৎপল ভট্টাচাৰ্য্য৷সাফল্যতাক সুৰাৰ পিয়লাৰে সৈতে উদযাপন কৰি ওভটোতে সেই দিনা উৎপলৰ পলম হৈছিল৷উৎপলৰ বাবে অপেক্ষা কৰি ইন্দ্ৰাণী কোনোবা এটা মূহূৰ্তত বিছনাত শুই পৰিছিল৷ ককালত এখন উমাল হাতৰ স্পৰ্শই ইন্দ্ৰাণীৰ তন্দ্ৰা ভাগিছিল আৰু সেইখন ইন্দ্ৰাণীৰ স্বামী উৎপলৰ হাত আছিল৷ তন্দ্ৰামগ্ন ইন্দ্ৰাণীয়ে আব্দাৰ কৰিছিল,”উৎপল৷প্লীজ আজি নালাগে৷মোৰ অবশ লাগিছে৷মোক শুবলৈ দিয়া৷“ “মোৰ অধিকাৰ সাব্যস্ত কৰাৰ পৰা মোক কোনেও বাধা দিব নোৱাৰে৷“ “এইয়া অধিকাৰৰ কথা নহয় উৎপল৷প্লীজ!…” ইন্দ্ৰাণীৰ কথা শেষ হোৱাৰ পূৰ্বেই উৎপলৰ হাতৰ এটা শক্তিশালী চৰে ইন্দ্ৰাণীক মুক কৰি পেলাইছিল৷ইন্দ্ৰাণীৰ দুচকুৰে বৈ আহিছিল তপ্ত অশ্ৰুধাৰা৷কিন্তু উৎপলৰ অধিকাৰৰ দম্ভৰ সন্মুখত হয়টো সেই চকুলোৰ কোনো মূল্যই নাছিল৷ইন্দ্ৰাণীয়ে পুনৰ কিবা কোৱাৰ আগেয়ে উৎপলে ইন্দ্ৰাণীৰ ভৰি দুখন জোৰকৈ মেলি ধৰি,মেখেলাখন উজাই,তাইৰ অৰ্ন্তবাস খুলি,সেই কোমল শৰীৰটোৰ ওপৰত জপিয়াই পৰি তাইৰ শৰীৰৰ কেঁচা মঙহবোৰ আজুৰি-আজুৰি খায় নিজৰ যৌনক্ষুধা পুৰাইছিল৷ হেঁপাহ পলুৱাই ইন্দ্ৰাণীৰ কুমাৰী শৰীৰটোৰ সোৱাদ লোৱাৰ পিছত উৎপল তাইৰ কাষৰ পৰা আতৰি গৈছিল৷তেজলগা মেখেলাখনৰ সৈতে বিচনাত পৰি ৰৈছিল ইন্দ্ৰাণীৰ উলংগ শৰীৰটো ঠিক এটা মৃতদেহৰ দৰে আৰু তেতিয়াৰ পৰা ইন্দ্ৰাণীয়ে আৰু উৎপলক বাধা দিয়া প্ৰয়াস কৰা নাই৷উৎপলে ইংগিত দিলেই মাত্ৰ এটা অলৰ-অচৰ মৰাশৰ দৰে বিচনাত শুই মেখেলাখন কোঁচাই ভৰি কেইটা মেলি দিয়ে৷
হয়টো ইন্দ্ৰাণীৰ ভাগ্য প্ৰিয়াৰ দৰে সুপ্ৰসন্ন নাছিল৷হয়টো আইন সকলোৰে বাবে সমান নহয় আৰু হয়টো ইন্দ্ৰাণী সদায়ৰ দৰে আজিও মুক হৈ ৰ’ব দিগন্তৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত বিশ্বৰ বৃহত্তৰ গণতন্ত্ৰৰ ন্যায়পালিকাৰ দৰে৷