(১)

অগ্নিগড়ৰ এটা শিলাখণ্ডত দুয়ো বহুপৰ মুখামুখিকৈ বহি আছিলো৷প্ৰতিশ্ৰুতিৰ বৰষুণ এজাকে জীপাল কৰি যোৱা আমাৰ সেউজীয়া হৃদয় দুখনে যেন মৌন ওঠৰ ভাষাৰে পৰস্পৰক অনৰ্গল কৈ গৈছিল অন্তৰৰ অধ্যাদেশৰ বতৰা৷কিমান সময় বাৰু এনেকৈয়ে পাৰ কৰিছিলো!মোৰ সঠিককৈ মনত নাই৷হয়তো দুঘন্টা,তিনিঘন্টা,নতুবা বৰ্ষা কালৰ এটা সম্পূৰ্ণ আবেলি৷তাইৰ সাঁথৰ-সাঁথৰ যেন লগা চকুযুৰিত ক্ৰমশ ডুবিবলৈ আৰম্ভ কৰোতে মই গমকে নাপালো কেতিয়া জানো উত্তৰৰ মলয়াজাকে পশ্চিমৰ পছোৱাজাকৰ ৰূপ ল’লে৷আকাশত বিজুলীয়ে চিকমিকাইছিল,চিপচিপকৈ উষাৰ নগৰীলৈ নামি আহিছিল এজাক কুমলীয়া বৰষুণ৷মোৰ স্মৃতিৰ মণিকোঠত এতিয়াও সজীৱ হৈ আছে সেই আবেগসিক্ত স্মৃতি৷একেটা ছাতিৰ তলতে কুচিমুচি দুয়ো বাছ আস্থানলৈ উভতিলো৷আকাশত ঘনে-ঘনে বিজুলীয়ে চিকমিকাইছিল৷পশ্চিম আকাশত একুৰা জুই আৰু এটা কাণতালমৰা গাজনি৷তাই মোক জোৰেৰে সাবতি ধৰিছিল৷প্ৰস্থৰ মূৰ্তিৰ দৰে মোৰ হাতৰ পৰা ৰূমমেটে দিয়া ছাতিটো খহি পৰিছিল৷কিছুসময়ৰ পিছত তাইক বুকুৰ মাজত সাবতি লৈছিলো৷এজাক বৰষুণে সিক্ত কৰি পেলাইছিল দুয়োৰে পোছাকৰ ভিতৰৰ প্ৰতিটো অংগ৷এজাক ভালপোৱাৰ বৰষুণে জীপাল কৰিছিল দুখন এধানি হিয়া৷হিয়াই আব্দাৰ কৰিছিল অ’ সময় ৰৈ যা৷সময়ো হয়তো থমকি ৰৈছিল৷ছাতিটো এৰি অহাৰ বাবে ৰূমমেটে প্ৰচণ্ড গালি পাৰিছিল৷আজি কিয় জানো ৰূমমেটৰ গালিবোৰো মিঠা-মিঠা লাগিছিল৷শেষৰাতি হয়তো টোপনিতে আওৰাইছিলো,”First time are always special.”


(২)
ইতিহাসৰ স্ৰোতত গতানুগতিকতাৰ কোনো মূল্য নাই৷হয়তো এয়া ইতিহাসৰে সীমাবদ্ধতা৷প্ৰতিটো বিষয়ৰেই নিজস্ব সীমাবদ্ধতা থাকে৷সীমাবদ্ধতাই কোনোটো বিষয়কে মূল্যহীন কৰি নোতোলে মাথো গঢ়ি তোলে এক একক আৰু অনন্য হয়তো প্ৰদান কৰে এক অৰ্ন্তনিহিত সৌৰ্ন্দয্যৰ৷যিদৰে বিচ্ছেদৰ চকুলোৱে যুগান্তকাৰী ৰূপ দিয়ে প্ৰেমক৷সেইবাবেই প্ৰেম মানেই ৰাধিকাৰ কৃষ্ণ,জুলিয়েটৰ ৰোমিঅ’ আৰু শ্বাহজাহানৰ তাজমহল৷বিচ্ছেদৰো থাকে সীমাহীন সৌৰ্ন্দয্য আৰু মাধুৰ্য্য একাকীত্বৰ৷ উচুপণিৰে পূৰ্ণ নিশাতোৰ দৰে,মাজৰাতিৰ কেতেকীজনীৰ হিয়া ভঙা কান্দোনৰ দৰে আৰু ৰাধাৰ বিৰহত গুঞ্জৰিত কানাইৰ বাঁহীৰ কাতৰ সুৰৰ দৰেই৷সূৰুযমুখীৰ ৰৌদ্ৰজ্বল দিনবোৰে শেৱালীৰ সুবাসভৰা নিশাৰ বুকুত পূৰ্ণতা পায় যিদৰে প্ৰাপ্তিৰ ঠিকনাই স্বপ্নভংগৰ চোতালত৷ইতিহাসৰ স্ৰোতত গতানুগতিকতাৰ স্থান নাই আৰু এয়াটো পাষাণ হৈ পৰা মোৰ সেউজীয়া হৃদয়ৰে ইতিহাস৷অৱশ্যে প্ৰেমত গতানুগতিকতা বুলিতো একোৱেই নাথাকে৷প্ৰতিটো ক্ষণেই চোন বিশেষ৷কিন্তু জীৱনৰ হেঙুল আবেলিবেলাত যেতিয়া উদাসহীন দৃষ্টিৰে দেওলগা সময়বোৰলৈ উভতি চাওঁ সকলোবোৰ চোন গতানুগতিকেই আছিল৷কি বিশেষ আছিল বাৰু- অগ্নিগড়ৰ সেই বৰ্ষামুখৰ আবেলিটো নে তাইৰ কপালত এটা দগমগীয়া সূৰুয আঁকি দিয়াৰ সেই বিশেষ দিনটো নে শ্বিলংৰ হোটেলৰ কোঠাৰ সেই আদিম নিশাটি?কিন্তু তেতিয়া জানো সঁচাকৈয়েই পূৰ্ণ আছিল মোৰ প্ৰেম?একাকীত্বৰ গহীন নিশাবোৰৰ অবিহনে সূৰুযমুখীয়ে খিলখিলাই হাঁহি মৰা ৰৌদ্ৰজ্বল দিনবোৰৰ পূৰ্ণতাই বা ক’ত৷আদিম নিশাটোৰ অন্তত মোৰ উদং বুকুখনত ওঠগুজি তাই অন্তৰৰ সমস্ত আকুলতাৰে কৈছিল “মই তোমাক ভাল পাওঁ সমীৰণ৷”হৃদয়ৰ সমস্ত আবেগেৰে তাইৰ গুলপীয়া ওঠযুৰিত এটা চুমা আঁকি মই মোৰ চকুযুৰি মুদি দিছিলো৷

99
(৩)
প্ৰভাতী পক্ষীৰ কাকলিত যেতিয়া মই সাৰ পাওঁ তাই মোৰ কাষতেই শুই আছিল৷যদিও তেতিয়া উশাহ-নিশাহবোৰ স্তব্ধ হৈ পৰিছিল তাইৰ মুখখন আন দিনাৰ দৰেই সতেজ হৈ আছিল৷মাত্ৰ চিৰনিদ্ৰাৰ শেতেলিটো হাঁহি থকা গুলপীয়া ওঠখনৰ কোণেৰে বৈ আহিছিল এসোতা কেঁচা তেজ৷চিকিৎসকে পৰীক্ষা কৰি কৈছিল,”cardiac arrest.”এনেকৈয়ে তাই মোৰ প্ৰেমৰ প্ৰাপ্তিৰ ঠিকনাক স্বপ্নভংগৰ অশ্ৰুৰ মুকুতাৰে সজাই পূৰ্ণ কৰিছিল৷ৰিক্ততাৰ অবিহনে পূৰ্ণতাৰ মূল্যই বা কি?চকুলোৰ অবিহনে হাঁহিৰ অৰ্থই বা কি?একাকীত্বৰ গহীন নিশাবোৰৰ অবিহনে প্ৰাপ্তিৰ ৰৌদ্ৰজ্বল সূৰুযমুখীৰ দিনবোৰৰ অস্তিত্বই বা কি?ইতিহাসৰ স্ৰোতত গতানুগতিকতাৰ কোনো স্থান নাই৷ইতিহাস মানেই যে বিশেষ৷শ্বিলংৰ সেই আদিম নিশাটোৰ অন্তিম ক্ষণকণিৰ দৰেই৷অ’ সময় ৰৈ যা৷মোক আকৌ এবাৰ শুনিবলৈ দে মোৰ প্ৰিয়তমাৰ সেই আবেগভৰা কন্ঠৰ অন্তিম বাণী,”মই তোমাক ভাল পাওঁ সমীৰণ৷”অ’ সময় ৰৈ যা৷ মোক অনুমতি দে আকৌ তাইৰ গুলপীয়া ওঠযুৰিত এটা চুমা আঁকি দিবলৈ হৃদয়ৰ সমস্ত আকুলতাৰে৷আজিকালি মোক বহুতেই উন্মাদ বুলি কয়৷মোৰ হাঁহি উঠে আৰে প্ৰেম মানেইটো উন্মাদনা,প্ৰেমত স্বাভাৱিকতাৰ স্থানেই বা ক’ত৷তাকো মোৰ প্ৰেম বিৰহেেৰ বেদনাসিক্ত আৰু পৰিপূৰ্ণ৷একাকীত্বৰ উজাগৰী নিশাবোৰত মই প্ৰায়েই তাইক মনত পেলাও৷মনত পেলাও মোৰ প্ৰেমৰ বৰ্ণিল ইতিহাসক৷মই মনত পেলাও অগ্নিগড়ৰ সেই বৰ্ষামুখৰ আবেলিটোক,মই মনত পেলাও তাইৰ উকা কপালত এটা দগমগীয়া সেন্দুৰীয়া বেলি আকি দিয়াৰ সেই বিশেষ দিনটোলৈ আৰু…..আৰু শ্বিলংৰ আদিম নিশাটোৰ অন্তিম ক্ষণকণিত তাইৰ আবেগভৰা কন্ঠৰ সেই অন্তিম বাণীলৈ,”মই তোমাক ভাল পাওঁ সমীৰণ৷” অ’ সময় ৰৈ যা৷ এয়া আকৌ মই তাইৰ গোলাপী ওঠযুৰিত হৃদয়ৰ সমস্ত আকুলতাৰে আঁকি দিছো এটা চুমা৷মই চকুযুৰি মুদি দিছো৷টোপনিত ঢলি পৰাৰ আগেয়ে অশ্ৰুসিক্ত গাৰুটোত মই মুৰ থৈ প্ৰায়েই গুণগুণাও,”First time are always special. Unique. But the last time are beyond comparison. They are Priceless.”মই টোপনি যাওঁ৷মোৰ খিৰিকীৰ সিপাৰে ওৰেৰাতি এজনী কেতেকীয়ে বিনাই৷শুই পৰা মোৰ পাষাণ হিয়াখনৰ দৰে সূৰুযমুখীৰ ৰৌদ্ৰজ্বল দিনবোৰৰ জন সমুদ্ৰৰ পৰা সংগোপনে৷

Leave a comment