মোৰ সত্যক আপুনি কি দৃষ্টিকোণৰ পৰা নীৰিক্ষণ কৰে সেয়া মোৰ বিচাৰ্য্য বিষয় নহয়৷হয়তো আপোনাৰ দৃষ্টিত মই পগলাও হ’ব পাৰো অথবা জনপ্ৰিয়তাৰ মৰীচিকা খেদি ফুৰা এজন চূড়ান্ত মিছলীয়া৷হয়,আপুনি ভাবিব পাৰে,সেয়া আপোনাৰ ব্যক্তিগত অধিকাৰ আৰু আপোনাৰ ব্যক্তিগত অধিকাৰক হস্তক্ষেপ কৰাৰ মোৰ কোনোধৰণৰ নৈতিক অধিকাৰ নাই৷আনৰ মতাদৰ্শৰ অধিকাৰৰ হস্তক্ষেপক নৈতিক অধিকাৰ নহয় বুলি মানি লোৱা এজন ব্যক্তিক আপুনি যদি পগলা আখ্যা দিয়ে,সেয়া আপোনাৰ কথা আৰু জনপ্ৰিয়তা,মৃত্যুৰ দুৱাৰদলিত ঠিয় দিয়া এজন ব্যক্তিয়ে মিছা কথা কৈ পোৱা জনপ্ৰিয়তাৰে বা কি কৰিব?
ঘটনাক্ৰমৰ আৰম্ভণী হৈছিল আজিৰ পৰা এটা দশকৰ আগেয়ে তেতিয়া মই কুৰি বছৰীয়া কলেজীয়া ডেকা৷প্ৰথম দৃষ্টিতেই তাইৰ প্ৰেমত পৰিছিলো৷তাইৰ মুখামুখি হ’লে এনে লাগিছিল যেন মূহূৰ্তৰ বাবে সময়ৰ চক্ৰ স্তব্ধ হৈ পৰিছে,মলয়াৰ গতিবেগ হ্ৰাস পাই প্ৰায় শূণ্যৰ সমতুল্য হৈ পৰিছে,আমাৰ মফচলীয়া কলেজৰ বাগিচাখনৰ কাষতে লাগি থকা ছিৰাল ফটা পথাৰখন গোলাপৰ বাগিছাত পৰিণত হৈছে,নাকত বকুল ফুলৰ সৌৰভ আৰু হৃদয়ত ভায়লিনৰ সুৰ৷দিয়কচোন এটা দশকৰ আগৰে কথা,তেতিয়া মই কৈশোৰৰ আলিদোমোজা পাৰ কৰি যৌৱনৰ বসন্তত খোজ দিছো তাকো আকৌ প্ৰথম প্ৰেম একেবাৰে লাভ এট ফাৰ্ষ্ট ছাইট৷কেতিয়াবা এনেকৈ হিন্দী চিনেমাৰ গীতৰ দৰে হৈ পৰে কুৰিবছৰীয়া ডেকাৰ ৰোমাণ্টিক হৃদয়ৰ কল্পনা!তাই খুৱ সুন্দৰ ভায়’লিন বজাইছিল৷জোনাকৰ বৰষুণে হৃদয় জিপোৱা ফ্ৰেছাৰছ সমাৰোহৰ এটা গধূলি৷তাইৰ ভায়লিনৰ সুৰৰ ৰাগে মোৰ অন্তৰৰ সমুদ্ৰত প্ৰেমৰ জোৱাৰ তুলিছিল৷সংগীত পৰিবেশনৰ অন্তত মঞ্চৰ পৰা নামি আহোতে হঠাৎ উজুতি খাই তাই……….সৰি পৰাৰ পূৰ্বেই মই তাইক আকোঁৱালি ল’লো৷নিজৰেই অজ্ঞাতে স্বগতোক্তি কৰিলো,” মই তোমাক সৰি পৰিবলৈ দিব নোৱাৰো৷“তাই এটা সলাজ হাঁহি মাৰিলে আৰু এনেকৈ আৰম্ভ হ’ল আমাৰ প্ৰেমৰ যাত্ৰাৰ৷

জীৱনৰ তিতাঁ মিঠাৰ মাজেৰে আমি দুয়ো চাৰিটা বসন্ত গৰকিলো৷কলেজীয়া জীৱনৰ অন্ততঃ মই এটা সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিলো৷ইতিমধ্যেই আমাৰ প্ৰেমৰ পবিত্ৰ বন্ধনক দুয়োখন ঘৰেই স্বীকৃতি দিছিল৷এইবাৰ ব’হাগত তামোল পাণ পেলোৱাৰ কথা৷সেইদিনা সন্ধিয়া বৰপুখুৰীৰ পাৰত বহি থাকোতে অকস্মাৎ তাই সুধি পেলালে,“যদি মই মৰি যাওঁ তুমি কি কৰিবা?“ মই মূহূৰ্তৰ বাবে মূক হৈ পৰিলো৷আকাশত তেতিয়া কলীয়া মেঘে গাজিছিল৷প্ৰসংগ সলাই লৰালৰিকৈ ঠিয় হৈ ক’লো,”হেই!ব’লা সোনকালে যাওঁ৷ এতিয়া বৰষুণ দিব৷“
তাইৰ ঘৰৰ কেঁকুৰিটো ঘুৰোতেই হঠাৎ সিফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকৰ সৈতে মোৰ দুচকীয়া বাহনখনৰ মুখামুখি সংঘৰ্ষ হ’ল৷মই দুৰৈত উফৰি পৰিলো৷কপালেৰে ৰক্তধাৰা বৈছিল৷কিবাকৈ ঠিয় হৈ তাইৰ কাষলৈ দৌৰ মাৰিলো৷তাই মোলৈ অপেক্ষা কৰি আছিল ট্ৰাকৰ চকাৰ দ্বাৰা পীস্ত এক মাংসপিণ্ডৰ ৰূপত আৰু সেই তেজলগা মঙহবোৰৰ মাজত মোৰ হৃদয়ে তাইক বিচাৰি পোৱাত ব্যৰ্থ হ’ল৷
ব’হাগৰ পূৰ্বেই তাইৰ দেউতাকে কন্যাদান কৰিল কিন্তু মোক নহয় চিতাৰ অগ্নিক৷অমাবস্যাৰ অন্ধকাৰ ফালি তাইৰ চিতাখন দপদপকৈ জ্বলিছিল৷বিজুলীৰ চিকমিকনিত মোৰ চকুৰ লোটক মুকুতা হৈ জিলিকিছিল৷পছোৱা বতাহজাকে তাইৰ কন্ঠ হৈ হঠাৎ কাণে-কাণে কৈ গ’ল,“হেই!কিয় কান্দিছা৷মইচোন এতিয়াও তোমাৰ লগতেই আছো৷“মই আকৌ এবাৰ স্তব্ধ হৈ পৰিলো৷
ঘৰলৈ উভতি আহিলো৷সেইদিনা মোৰ শোকাৰ্ত চকুহাললৈ চোৱাৰ খোদ মাৰো সাহস হোৱা নাছিল৷ৰূমৰ দৰ্জাখন জপাই এটা ছিগাৰেট উলিয়াই ল’লো৷ছিগাৰেট খালে তাই বেয়া পায়৷এদিন ধেমালিতে কৈছিলো প্ৰেমিকাই এৰি গ’লেও ছিগাৰেটে তেওঁৰ প্ৰেমিকক এৰি নাযায়৷লাইটাৰটো জ্বলাইছো মাত্ৰ৷হঠাৎ যেন কোনোবাই ফু মাৰি লাইটাৰটোৰ নুমাই দিলে৷কোঠালৈ এজাক সেমেকা শীতল বতাহৰ আগমণ ঘটিল আৰু বতাহজাকে তাইৰ কন্ঠ হৈ মোক আকৌ কাণে-কাণে ক’লে,“ হেই!কি কৰিছা৷তুমিচোন জানাই মই ছিগাৰেটৰ গোন্ধো সহ্য কৰিব নোৱাৰো আৰু তুমি কি কৈছিলা!চোৱা মই প্ৰতাৰক নহয়৷মৃত্যুৰ সিপাৰৰ পৃথিৱীখনৰ পৰাও আকৌ তোমাৰ কাষলৈ উভতি আহিছো৷“ হয়তো মোৰ ভ্ৰম হৈছে৷পুনৰ লাইটাৰটো জ্বলালো৷দহটা বিফল প্ৰয়াসৰ অন্তত পুনৰ কাণত পৰিল তাইৰ কন্ঠ“ হেই!তুমি মোকো বিশ্বাস নকৰা৷“ সমগ্ৰ শৰীৰত কপনি উঠিল৷হয়তো বিৰহৰ অগ্নিত দগ্ধ হৈ মই পগলা হোৱাৰ পথত৷কপা-কপা হাতেৰে আলমাৰিটো খুলি প্ৰায় দহটা বছৰৰ অন্ততঃ মোৰ একালৰ অত্যন্ত প্ৰিয় হুইস্কীৰ বটলটো উলিয়াই ল’লো৷তাই মদ খোৱা মানুহক ঘৃণা কৰে৷সেয়ে মই ভালপোৱাৰ প্ৰথমটো পষেকৰ পৰাই মদ খোৱা বাদ দিছিলো৷ক্ষন্তেক আগেয়ে মই তাইৰ জ্বলন্ত চিতাৰ কাষৰ পৰা উভতিছো৷আপুনি ভাবিব পাৰে মই স্বাৰ্থপৰ৷সেয়া আপোনাৰ ব্যক্তিগত আদৰ্শ৷কিন্তু সেই মূহূৰ্তত মই মানসিকভাৱে ইমানেই ভাগি পৰিছিলো যে হ’য়তো মোৰ হাতত আন কোনো বিকল্প নাছিল৷গিলাচটোত হুইস্কী বাকিবলৈ আৰম্ভ কৰিছো মাত্ৰ৷এক প্ৰচণ্ড ঠেলাত ভাৰাসাম্য হেৰুৱাই প্ৰায় সৰি পৰাৰ উপক্ৰম হ’ল৷বটল আৰু গিলাচ দুয়োটাই ভাঙি চুৰমাৰ হ’ল৷কিন্তু মই সৰি পৰাৰ আগেয়ে এখন অদৃশ্য হাতে মোক আকোঁৱালি ল’লে যিদৰে এদিন মই তাইক আকোঁৱালি লৈছিলো,“মই তোমাক পৰি যাবলৈ দিৱ নোৱাৰো৷মদৰ গিলাচত পুনৰ হাত দিয়া আৰু জীৱনৰ বাটত সৰি পৰা একে কথা আৰু কিমান প্ৰমাণ লাগে তোমাক মই বিশ্বাসঘাটকিনী নোহোৱাৰ৷মই আৰু কিমান কান্দিলে সুখী হ’বা তুমি৷“ তাইৰ অশৰীৰ কন্ঠই উচুপি উঠিল৷প্ৰায় এক মিনিট মানৰ অন্ততঃ মৌনতাৰ অৱসান ঘটাই মই ক’লো,“তুমি ইমান ভাল পোৱা মোক?“

দহোটা বসন্ত পাৰ হৈ গ’ল৷জীৱনৰ তিতাঁ-মিঠাৰ মাজেৰে আমি উপন্যাসৰ পৃথিৱীৰ প্লেটোনিক প্ৰেমৰ এটা নতুন অধ্যয়ৰ জন্ম দিলো৷এদিন ঘৰত বৰকৈ বিয়াৰ বাবে জোৰ দিয়াত সেইৰাতিয়েই উচাৎ মাৰি ঘৰ এৰি গুচি আহিলো আৰু এটা কোঠাৰ এক আওপুৰণি ভাড়াঘৰত নিশাৰ জোনাকক সাক্ষী কৰি আৰম্ভ কৰিলো আমাৰ নতুন প্লেটোনিক সংসাৰ৷মই সন্ধিয়া বজাৰ-সমাৰ কৰি ঘৰলৈ উভতি আহো তাই ভাত ৰান্ধে কিন্তু কেৱল এজনৰ বাবে কাৰণ অশৰীৰ আত্মা ভোকৰ পীড়াৰ পৰা মুক্ত৷
এসপ্তাহ মানৰ আগেয়ে তাইৰ দেউতাক আহিছিল৷মোক কৈছিল,”তুমি আৰু কিমান অভিমান কৰিবা৷যোৱা ঘৰলৈ উভতি যোৱা৷তাই এৰি যোৱাৰ এটা দশক হ’ল৷তোমাৰোতো এটা ভবিষ্যৎ আছে৷ঘৰৰ মানুহবোৰৰ তোমাক লৈ এটা সপোন আছে৷অহা কালিলৈ গয়ালৈ যাম৷১৪ মাৰ্চৰ দিনা তাতেই তাইৰ অস্থি বিসৰ্জন দিম৷তুমি ঘৰলৈ যোৱা৷এনেকৈ থাকিলে তাইৰ আত্মায়ো কষ্ট পাৱ৷“ নিজৰ গাভৰু জীৰ অন্তিম স্মৃতিকো গংগাৰ প্ৰৱাহত বিসৰ্জন দিবলৈ ওলোৱা বৃদ্ধ পিতৃক মোৰ সত্যৰ দৰ্শন কৰোৱাৰ সাহস ন’হল৷
আজি দুপৰীয়াৰ পৰাই কিয় জানো মোৰ একোতেই মন বহা নাই৷মনত যেন কিবা অজান শংকা৷সন্ধিয়াৰ আকাশখন সেইদিনাৰ দৰে গোমা হৈ আহিছিল৷সোনকালে দোকান সামৰি ৰূমলৈ বুলি ওলালো৷আনদিনাৰ দৰে বজাৰ কৰাৰো মন নাছিল৷হয়তো বৰষুণ দিব৷খোজৰ গতিবোৰ খৰ হ’ল৷কিন্তু সেই সন্ধিয়াটো বৰ ব্যতিক্ৰমী আছিল৷এটা দশকৰ অন্ততঃ প্ৰথমবাৰৰ বাবে তাই ৰূমত নাছিল৷প্ৰায় পাগলৰ দৰে তাইক বিচাৰি চলাথ কৰিলো,কিন্তু নাই এইবাৰ মাংসপিণ্ডৰ অৱশেষো নাছিল৷আকাশত বিজুলীয়ে চিকমিকালে৷কেলেণ্ডাৰখনলৈ চকু গ’ল৷আজি ১৪ মাৰ্চ৷চকুৰে আকৌ এবাৰ মুকুতা হৈ লোটক সৰিল৷কিন্তু পূৰ্বৰ দৰে মোক সান্ত্বনা দিবলৈ আজিৰ ৰূক্ষ বতাহজাক আছিল কন্ঠহীন৷কাৰণ তাইৰ অস্থি ইতিমধ্যেই গংগাৰ প্ৰৱাহত উটি গ’ল আৰু তাই মোক অৱশেষত প্ৰতাৰণা কৰিলে৷

গিলাচত সুৰা বাকিলো৷এইবাৰ অৱশ্যে বাধা দিবলৈ কাষত কোনো নাছিল৷সুৰাৰ ৰাগীত মই স্বগোতক্তি কৰিলো,” কি কৈছিলা তুমি?তুমি মোক সৰি পৰিবলৈ নিদিয়া৷চোৱা মই আকৌ মদ খাইছো৷এয়া থৰক-বৰককৈ খোজ কাঢ়ি সৰি পৰিছো৷তুমিবিহীনতাৰ প্ৰথম সন্ধিয়াত৷সৰি পৰিছো মজিয়াত নহয় জীৱনৰ বাটত এয়া চোৱা মই ঠিয় হৈছো৷আকৌ ছিগাৰেট জ্বলাইছো৷দিয়া নুমুৱাই দিয়া আকৌ ফু মাৰি মোৰ লাইটাৰটো৷প্ৰমাণ দিয়া তুমি বিশ্বাসঘাটিকিনী নোহোৱাৰ৷মই শুদ্ধ আছিলো৷শুদ্ধ আৰু তুমি ভুল৷ছিগাৰেট থাকি গ’ল৷কিন্তু তুমি গুচি গ’লা৷মনে-মনে৷মোক এবাৰো নোকোৱাকৈ৷মই আৰু কিমান কান্দিলে তুমি সুখী হ’বা?“

লাহে-লাহে চকু কেইটা টোপনিয়ে টানি আনিছে৷না সুৰাৰ ৰাগী নহয়৷শ্লিপিং টেবলেট৷হুইস্কীৰ বটলটোৰ সৈতে কিনি আনিছিলো৷কেউটাই খায় পেলালো৷টেবলেটৰ সংখ্যাক গণণা কৰিবলৈ এই মদাহীৰ হুচেই বা ক’ত?এশ টকাত কিমান দিছিল বাৰু?কমেও পঞ্চাশ-ষাঠী৷মই জানো এয়া হ’ব মোৰ প্ৰথম আৰু অন্তিম টোপনি তুমিবিহীনতাৰ হিয়া ভঙা একাকীত্বৰ আৰু কাইলৈ পুৱা যেতিয়া মই সূৰ্য্যোদয়ৰ সৈতে সিপাৰৰ পৃথিৱীখনত সাৰ পাম হয়তো আকৌ এটা মূহূৰ্তৰ বাবে সময় থমকি ৰ’ব৷মলয়াৰ গতি স্তব্ধ হ’ব৷গোলাকে কলি মেলিব৷বকুলে সুবাস বিলাব আৰু হৃদয়ত আকৌ এবাৰ বাজিব দহোটা বছৰৰ আগেয়ে কলেজীয়া ডেকাটিৰ ৰোমান্টিক হৃদয়ত তুমি বজোৱা সুমধুৰ ভাইলিনৰ লহৰ৷এটা দশকৰ অন্তত তোমাক বুকুৰ মাজত আকোৱালি লৈ হয়তো দ্বৈত কন্ঠত আমি পুনৰ একেলগে গাম আমাৰ প্ৰিয় ৰাণা দাৰ সেই গীতৰ কলি
“ ফুলে কয় বতাহক লাহেকৈ এই কি কৰিলা?
বতাহেও সুধিছে ফুলকৈ এই কি কৰিলা……
গোপন ফাগুনে যেন লুকাই হাঁহিছে ……………

Leave a comment