দ্বৈপ্যায়ন হ্ৰদৰ পাৰৰ পৰা মই মৃত্যুমুখী সূৰ্য্যোধনে কৈছো৷ হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰ আৰু মহাৰাণী গান্ধাৰীৰ জ্যেষ্ঠ পুত্ৰ আৰু নিৰানব্বৈজন হতভগীয়া প্ৰেতাত্মাৰ অসহায় জ্যেষ্ঠ ভ্ৰাতা মই-সূৰ্য্যোধন৷এদিন মই হস্তিনাপুৰৰ যুৱৰাজ আছিলো৷সৈন্য-সামান্ত,পৰিচাৰকবৰ্গ,মিত্ৰ আৰু আত্মীয়-স্বজনেৰ ভৰি আছিল মোৰ ৰাজপ্ৰসাদ৷কিন্তু আজি মই একেবাৰেই নিস্ব আৰু অকলশৰীয়া৷সঁছায়েই সময় বৰ নিষ্ঠুৰ আৰু আমি এই মহাকালৰূপী সময়ৰ সন্মুখত একেবাৰেই দুৰ্বল আৰু অসহায়৷ইতিহাস সদায় বিজয়ীয়ে লিখে আৰু বিজিতজন হৈ পৰে খলনায়ক৷হয়তো ইতিহাসে কাইলৈ মোকো খলনায়ক সজাব৷কিন্তু এই সূৰ্য্যোধনক ইতিহাসে দুৰ্য্যোধন সজোৱাৰ পূৰ্বেই ইমানদিনে মোৰ অন্তৰত সাচি ৰখা কিছু কথা আপোনালোকক ক’বই লাগিব,ইয়াৰ অন্যথা অসম্পূৰ্ণ হৈ ৰ’ব মহাভাৰতৰ এই মহাগাথা৷
কুৰুক্ষেত্ৰ ৰণত আজি মোৰ পৰাজয় হ’ল৷ধূলিসাৎ হৈ গ’ল যুৱৰাজ সূৰ্য্যোধনৰ ৰাজমুকুট৷ মই হস্তিনাপুৰ হেৰুৱালো চিৰকাললৈ৷আজি হস্তিনাপুৰ পাণ্ডৱসেনাৰ দখলত সেই পঞ্চপাণ্ডৱৰ যাৰ হস্তিনাপুৰৰ ওপৰত কোনো কালেই কোনো অধিকাৰেই নাছিল৷যদি কোনোবা এজন আছিল বায়ু পুত্ৰ কোনোবা এজন আছিল ইন্দ্ৰৰপুত্ৰ৷কুন্তীৰ তনয় হোৱাৰ পিছতো তেওঁলোকৰতো কুৰুবংশৰ সৈতে কোনো সম্পৰ্কই নাছিল৷কালৰাত্ৰিৰ এজাক ধুমুহাৰ দৰে এই পাঁচজন ভাতৃ মোৰ জীৱনলৈ আহিছিল আৰু সেইদিনাই মোৰ জীৱন নদীয়ে গতিপথ সলাইছিল৷প্ৰথমেই তেওঁলোকে মোৰ আৰু সুশাসনৰ শৈশৱৰ খেলৰ সামগ্ৰীবোৰৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে আৰু আজি সৰ্বশেষত আমাৰ ৰাজ্যৰ ওপৰত৷মইতো কেৱল মোৰ প্ৰাপ্য অধিকাৰৰ বাবেহে সংগ্ৰাম কৰিছিলো আৰু তেওঁলোকেত,তেওঁলোকেতো শৈশৱৰে পৰাই প্ৰতিদিনে অতি কৌশলেৰে মোৰ পৰা কাঢ়ি নিছিল মোৰ প্ৰতিতো অধিকাৰ৷কিন্তু তাৰ পিছতো আজি তেওঁলোক নায়ক আৰু মই খলনায়ক কাৰণ আজি পাণ্ডৱ বিজয়ী আৰু মই পৰাজিত৷
দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বাবে হয়তো ইতিহাসে মোক কেতিয়াও ক্ষমা নকৰে!হয় দ্ৰৌপদীৰ সৈতে অন্যায় হৈছিল কিন্তু সেয়া আছিল আন এক অন্যায়ৰ প্ৰত্যুত্তৰ মাত্ৰ৷ইন্দ্ৰপ্ৰস্থৰ সভাত এনে এক অঘটন ঘটিছিল যাৰ বাবে মই বাধ্য হৈ বাসুদেৱৰ বিৰূদ্ধে হাতত অস্ত্ৰ তুলি ল’বলগীয়া হৈছিল৷শিশুপাল আছিল মোৰ পৰম সুহৃদ আৰু সংকটকালত আমি পৰস্পৰক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিলো৷মই জানো শিশুপালে মৰ্যাদাৰ সীমা কেতিয়াবাই অতিক্ৰম কৰিছিল আৰু বাসুদেৱৰ হাতত তেওঁৰ মৃত্যু প্ৰকৃততে তেওঁৰ মুক্তিয়েই আছিল৷কিন্তু হলেও মই ক্ষত্ৰিয়,যিকোনো মূল্যৰ বিনিময়ত প্ৰতিশ্ৰুতি পূৰণ কৰাতো মোৰ ধৰ্ম আছিল আৰু মই তাকেই কৰিলো,মই বাসুদেৱৰ বিৰূদ্ধে হাতত অস্ত্ৰ তুলি ললো৷কিন্তু মহামন্ত্ৰী সঞ্জয়ৰ তৰ্কই মোক নিৰস্ত্ৰ কৰি তুলিলে৷বিনাৰক্তপাতেই মই অস্ত্ৰ সম্বৰণ কৰিলো৷কিন্তু চক্ৰৱৰ্তী সম্ৰাট যুধিষ্ঠিৰৰ সভাত অস্ত্ৰ তুলি লোৱাৰ অপৰাধত মোক দণ্ড দিয়া হল আৰু মোক সেই দণ্ড দিলে দ্ৰুপদকন্যা পাঞ্চালীয়ে৷,মোৰ হাতৰ পৰা মোৰ অস্ত্ৰ কাঢ়ি লোৱা হ’ল৷এজন যোদ্ধাৰ বাবে তেওঁৰ অস্ত্ৰ বস্ত্ৰসম৷দ্ৰোপদীৰ বস্ত্ৰহৰণৰ বহুপূৰ্বেই ইন্দ্ৰপ্ৰস্থৰ সভাত এজন মহাৰথী বস্ত্ৰহৰণ হৈছিল,যাজ্ঞসেনীৰ হাতত কিন্তু তাৰ পিছতো ময়েই খলনায়ক কাৰণ আজি মই পৰাজিত৷
মই হস্তিনাপুৰৰ প্ৰকৃত উত্তৰাধিকাৰী যুৱৰাজ সূৰ্য্যোধন আৰু মোৰ প্ৰতিজন ভাতৃয়েই আছিল হস্তিনাপুৰৰ ৰাজপুত্ৰ৷কিন্তু তাৰ পিছতো আমি শৈশৱৰে পৰাই বাৰে-বাৰে পাণ্ডৱৰ হাতত লাঞ্ছিত হৈছিলো৷বায়ুপুত্ৰ ভীম আমাৰ বাবে আছিল সাক্ষাৎ কালস্বৰূপ৷ভীমৰ বাহুত অযুত হাতীৰ বল আছিল আৰু ভীমৰ বাবে আমি শতভাতৃ যেন মনোৰঞ্জনৰ আহিলাহে আছিলো৷বল প্ৰয়োগৰ পৰীক্ষাৰ নামত ভীমে প্ৰতিদিনে আমাক অত্যাচাৰ কৰিছিল আৰু আমি মাথো অসহায়ৰ দৰে চকুলো টুকিছিলো৷জ্যেষ্ঠ সকলৰ সকলো স্নেহতো কেৱল পাণ্ডৱৰ বাবেই পুঞ্জীভূত হৈ আছিল,আমাৰ যেন হস্তিনাপুৰৰ ৰাজপ্ৰসাদত কোনো অস্তিত্বই নাছিল!কিন্তু আৰু কিমান দিন?কিমান দিন আমি এইদৰে মৌন হৈ সহি যাম মধ্যমপাণ্ডৱৰ প্ৰতিতো অত্যাচাৰ আৰু কিমানদিনলৈকে আমি পিন্ধি থাকিম দাসত্বৰ অদৃশ্য শিকলি৷মোৰ মনতো লাহে-লাহে বিদ্ৰোহী হৈ উঠিছিল৷মই স্বাধীনতা বিছাৰিছিলো আৰু সেয়ে এদিন মই ভীমৰ খাদ্যত কালকূট বিহ মিলাই দিলো৷কিন্তু দৈব্যৰ কৃপাত সেইবাৰলৈ ভীম বাছি গ’ল আৰু একেদৰেই কুন্তীসহিতে পঞ্চপাণ্ডৱ পুনৰ এবাৰ বাছি গ’ল জটুগৃহত,এইবাৰ দৈব্যৰ কৃপাত নহয় মোৰ পিতাৰ তোলনীয়া ভাতৃ বিদুৰৰ দুৰদৰ্শীতাৰ বাবে৷
ধৰ্মৰাজ যুধিষ্ঠিৰ৷জ্যেষ্ঠ কৌন্তেয় আৰু ইন্দ্ৰপ্ৰস্থৰ সম্ৰাট৷কিন্তু ধৰ্মৰাজ!আস কি যে এক বিড়ম্বনা! প্ৰতিখন ধৰ্মশাস্ত্ৰতেই নিপুন ধৰ্মৰাজৰ কিন্তু ধৰ্মৰ সামান্যতমো প্ৰায়োগিক জ্ঞানকণো নাছিল অন্যথা সেইদিনা দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে লজ্জাজনক ঘটনাৰ সূচনাই নহ’লহেঁতেন৷এই মহাগাথাৰ ধৰ্মৰাজ এজন জুৱাৰী আছিল৷জুৱাৰ সৰ্বনশীয়া নিচাই তেওঁৰ অন্তৰাত্মাক এনেদৰে গ্ৰাস কৰি পেলাইছিল যে জুৱাত নিজকে হেৰুৱাৰ পিছতো তেওঁ তেওঁৰ কনিষ্ঠ ভাতৃ আৰু পাঞ্চালীক পণ ৰাখিবলৈ এবাৰলৈও কুন্ঠাবোধ কৰা নাছিল৷যুধিষ্ঠিৰৰ এনে সৰ্বনশীয়া সিদ্ধান্তৰ বিৰূদ্ধে যেতিয়া ৰাজসভাত প্ৰতিবাদৰ ঢৌ উঠিছিল তেতিয়া ধৰ্মৰাজে কৈছিল যে তেওঁ তেওঁৰ পত্নী আৰু কনিষ্ঠ ভাতৃসকলক প্ৰেম কৰে আৰু প্ৰেমাস্পদৰ ওপৰত প্ৰেম কৰাজনৰ অধিকাৰ থাকে৷কিন্তু শতিকাৰ ধৰ্মৰাজজনে কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলে যে প্ৰেম এক স্বাৰ্থবিবৰ্জিত সম্পৰ্ক আৰু ইয়াত অধিকাৰৰ কোনো প্ৰশ্নই নাহে অন্যথা ৰাধা আৰু কৃষ্ণৰ প্ৰেম যুগৰ বাবে নিদৰ্শন নহ’লহেঁতেন৷ময়ো মোৰ কনিষ্ঠ ভাতৃ যুযুৎসুক প্ৰেম কৰিছিলো কিন্তু কেতিয়াও তেওঁৰ ওপৰত মোৰ অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা কৰা নাছিলো অন্যথা কুৰুক্ষেত্ৰৰ ৰণত যুযুৎসুৱে পাণ্ডৱৰ হৈ অস্ত্ৰ চলোৱাৰ সুবিধাই নাপালেহেতেন৷
সেইদিনা পাশাখেলৰ অন্তত যি এক সৰ্বনশীয়া পৰিস্থিতিৰ সূচনা হ’ল সি কেৱল কুৰুকুলকেই নহয় আৰ্য্যব্ৰতৰ এক চৰম বিকাশিতো সভ্যতাকো ধ্বংস কৰিলে আৰু ইয়াৰ বাবে দায়ী কেৱল আৰু কেৱলমাত্ৰ শতিকাৰ নিকৃষ্টতম জুৱাৰী ধৰ্মৰাজ(?) যুধিষ্ঠিৰ৷হয় পাশাখেলত বিজয়ী হোৱাৰ অন্তত মই পঞ্চপাণ্ডৱক প্ৰকাশ্যে দাস বুলি সম্বোধন কৰিছিলো আৰু তেওঁলোকক উপহাসো কৰিছিলো কিন্তু শৈশৱৰ পৰাই তেওঁলোকে আমাৰ সৈতে যি আচৰণ কৰিছিল,বিশেষকৈ বায়ুপুত্ৰই যিদৰে আমাৰ লঘু-লাঞ্ছনা কৰিছিল সেয়া এজন নিষ্ঠুৰ স্বামীয়ে তেওঁৰ দাসক বিহা নিৰ্মম শাস্তিতকৈ কোনো গুণেই কম নাছিল৷ইয়াৰ পিছতো ইতিহাসে কেৱল মোকেই ক্ৰুৰ আৰু নিষ্ঠুৰ বুলি ক’ব কাৰণ আজি তেওঁলোক বিজয়ী আৰু মই পৰাজিত৷
বহুতেই কয় বাসুদেৱ দৈব্য শক্তিৰ অধিকাৰী৷সেয়া কিমানদুৰ সঁচা মই নাজানো কিন্তু এয়াতো স্বীকাৰ কৰিবই লাগিব যে বাসুদেৱেই আছিল এই যুগৰ সৰ্বশ্ৰেষ্ঠ কুটনীতিক৷কিন্তু তাৰ পিছতো মই কুৰুবংশৰ প্ৰতিজন মহীৰূহৰ পৰামৰ্শৰ বিপৰীতে গৈ বাসুদেৱৰ সন্ধি প্ৰস্তাৱক অমান্য কৰিলো৷কাৰণ সেই সন্ধিপ্ৰস্তাৱৰ প্ৰতিতো বাক্যতেই লুকাই আছিল এক অনুগ্ৰহৰ সুৰ৷মোৰ এনে লাগিছিল যেন পাঁছখন গাওঁ বিছাৰি পঞ্চপাণ্ডৱে মোক আৰু কুৰুকুলক অনুগ্ৰহহে কৰিছে৷সন্ধি প্ৰস্তাৱৰ প্ৰতিতো মিঠা বাক্যই মোৰ আত্মসন্মানক বাৰে-বাৰে আঘাত কৰিছিল আৰু এসময়ত মোৰ ধৈৰ্য্যৰ বান্ধ খোল খাই গ’ল৷মই খংত হিতাহিতি জ্ঞান হেৰুৱাই শান্তিৰ দূতস্বৰূপ বাসুদেৱক বন্দী কৰিবলৈ আদেশ দিলো৷হয় সেয়া মোৰ ভুল আছিল৷এজন শান্তিদুতক বন্দী কৰা ক্ষত্ৰিয় ধৰ্ম বিৰোধী আচৰণ৷একেদৰেই এজন যোদ্ধাই গদাযুদ্ধত তেওঁৰ প্ৰতিপক্ষৰ শৰীৰৰ নিম্নাংশত আঘাত কৰাতোও এক ক্ষত্ৰিয় ধৰ্মবিৰূদ্ধ আচৰণ৷প্ৰতিপক্ষৰ ৰক্তপাণ কৰাতোতো কেৱল ধৰ্মবিৰুদ্ধই নহয় অমানবীয়ও৷কিন্তু তাৰ পিছতো আজি কেৱল মাত্ৰ ময়েই ধৰ্মৰ শত্ৰু কাৰণ আজি সূৰ্য্যোধন পৰাজিত৷
মই বাসুদেৱৰ সন্ধি প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পিছত কুৰুৰাষ্ট্ৰৰ সন্মুখত মাত্ৰ এটাই বিকল্প আছিল-যুদ্ধ৷ওঠৰ দিন ধৰি যুদ্ধ চলিল-প্ৰচণ্ড আৰু ৰক্তক্ষয়ী যুদ্ধ৷এই যুদ্ধই মোৰ পৰা মোৰ সকলোবোৰ কাঢ়ি নিলে৷মোৰ সম্ৰাজ্য,মোৰ ৰাজমুকুট,মোৰ নিৰানব্বৈ জন ভাতৃ আৰু মোৰ প্ৰাণতকৈও প্ৰিয় মোৰ পৰম মিত্ৰ কৰ্ণক৷এই যুদ্ধৰ বাবে মই দায়ী,ময়েই বাসুদেৱৰ সন্ধিৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছিলো কিন্তু যি পৰস্থিতিৰ বলি হৈ মই ৰাজসভাত বাসুদেৱৰ সন্ধিৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছিলো তাৰ বাবে কিন্তু কেৱলমাত্ৰ ময়েই দায়ী নহয় তাৰ বাবে দায়ী এই মহাগাথাৰ প্ৰতিজন পাত্ৰ আৰু প্ৰতিগৰাকী পাত্ৰী৷মোৰ পৰাজয়তো প্ৰথম দিনাৰ পৰাই নিশ্চিত আছিল৷মোৰ প্ৰতিজন সেনানায়কেই মোৰ সৈতে কেৱল মাত্ৰ বিশ্বাসঘাতকতা কৰিছিল৷ইচ্ছা কৰা হ’লে যুদ্ধৰ প্ৰথম দিনাই পিতামহে সমগ্ৰ পাণ্ডৱ সেনাক ধ্বংস কৰিব পাৰিলেহেঁতেন৷কিন্তু তেওঁতো কেতিয়াও মোৰ বিজয়ৰ বাবে যুদ্ধ কৰাই নাছিল৷মাত্ৰ তেওঁৰ প্ৰতিজ্ঞাই এই ধৰ্মযুদ্ধত তেওঁক মোৰ সহযোদ্ধা হ’বলৈ বাধ্য কৰাইছিল৷পিতামহে তেওঁৰ পিতৃ মহাৰাজ শান্তনুৰ পৰা ইচ্ছামৃত্যুৰ বৰদান পাইছিল সেয়ে তেওঁ আছিল অজেয়৷কিন্তু সেই বৰদান মোৰ বাবে মাত্ৰ এক অভিশাপ হৈ ৰ’ল৷শিখণ্ডীৰ আৰ লৈ অৰ্জুনে গাণ্ডীৱ চলালে৷পিতামহেও যেন অধীৰ আগ্ৰহেৰে সেই ক্ষণলৈকে অপেক্ষা কৰি আছিল৷পিতামহে সকলো জানিও এই ষড়যন্ত্ৰৰ কোনো প্ৰতিবাদ নকৰিলে মাথো অস্ত্ৰ সম্বৰণ কৰি আলিংগন কৰি গ’ল ইন্দ্ৰপুত্ৰৰ গাণ্ডীৱ পৰা নিক্ষেপিত প্ৰতিপাত শৰক৷পিতামহ ৰণত পৰিল আৰু শৰশৰ্য্যাত আশ্ৰয় লৈ অপেক্ষা কৰি ৰ’ল সূৰ্য্যৰ উত্তাৰয়ণৰ বাবে৷পিতামহৰ পিছত গুৰুদেৱে সেনাপতিৰ পদ অলংকিত কৰিলে৷কিন্তু মোৰ বিজয় তেওঁৰো কাম্য নাছিল,তেওঁ ধৰ্মযুদ্ধত মোৰ পক্ষ লৈছিল কেৱলমাত্ৰ ঋণমুক্ত হোৱাৰ তাড়ণাত৷গাণ্ডীৱধাৰী ইন্দ্ৰপুত্ৰতো তেওঁৰ প্ৰাণতকৈও প্ৰিয় আছিল আৰু নিজৰ মৃত্যুৰ বিনিময়ত তেওঁ পাণ্ডৱক বিজয় উপহাৰ দিবলৈ যুদ্ধৰ পূৰ্বই মনস্থ কৰিছিল আৰু সেয়ে অজেয় দ্ৰোণচাৰ্য্যই নিজমুখে তেওঁৰ প্ৰিয় পাণ্ডৱৰ আগত বেকত কৰিছিল তেওঁৰ মৃত্যুৰ ৰহস্য৷কৰ্ণ সেনাপতি হোৱাৰ মূহূৰ্তত মোৰ মনত পুনৰ আশাৰ সঞ্চাৰ হৈছিল৷কিন্তু শেষত কৰ্ণয়ো মোক বিশ্বাসঘাতকতাই কৰিলে৷অবশ্যে কৰ্ণও কাৰোবাৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ আছিল,কৰ্ণ নিৰূপায় আছিল৷যুদ্ধৰ পূৰ্বেই কৰ্ণই মাতৃ কুন্তীদেৱীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এই ধৰ্মযুদ্ধত অৰ্জুনৰ বাহিৰে আন কোনো এজন পাণ্ডৱৰেই প্ৰাণ লোৱাৰ চেষ্টা নকৰে৷সেই প্ৰতিশ্ৰুতিয়েই আজি মোৰ বাবে কাল হ’ল৷সন্মুখত সমৰত পৰাভুত কৰাৰ পিছতো কৰ্ণই বায়ুপুত্ৰক প্ৰাণদান দিলে আৰু সেই বায়ুপুত্ৰৰ হাততেই পৰবৰ্তী কালত প্ৰাণ হেৰুৱালে এজন-এজনকৈ মোৰ নিৰানব্বৈজন কনিষ্ঠ ভাতৃয়ে আৰু আজি গদাযুদ্ধৰ সকলো নীতি ভংগ কৰি অন্যায় যুদ্ধত ঘটুৱাই সেই বায়ুপুত্ৰই মোক মৃত্যুৰ মুখলৈ ঠেলি দিলে৷অৱশ্যে কৰ্ণই অৰ্জুনক বধ কৰা হ’লেও মোৰ বিজয়ৰ পথ প্ৰশস্ত হ’লহেঁতেন৷কিন্তু প্ৰতিবাৰৰ দৰেই এইবাৰো ভাগ্যই ৰাধেক প্ৰতাৰণা কৰিলে৷দেৱৰাজ ইন্দ্ৰৰ চালনাৰ বলি হৈ দানবীৰ কৰ্ণই তেওঁৰ অংগস্বৰূপ কৱচ আৰু কুণ্ডল দান দিলে৷ঘটোৎকচৰ সংহাৰৰ পৰা কুৰুসেনাক জীৱনদান দিবলৈ বাধ্য হৈ দানবীৰ কৰ্ণই বিজয় ধনুত জুৰিলে একঘাটিনী ইন্দ্ৰাস্ত্ৰ আৰু ইয়াৰ লগেলগেই চিৰকালৰ বাবে নিৰ্বাপিত হ’ল তেওঁৰ শ্ৰেষ্ঠতম ধনুৰ্ধৰ হোৱাৰ সপোন৷এনেদৰেই নিয়তিয়ে প্ৰথমে কৰ্ণৰ সপোনক আৰু তাৰ পিছত নিৰস্ত্ৰ অৱস্থাত এক অন্যায় ৰণত স্বয়ং কৰ্ণক হত্যা কৰিলে৷প্ৰকৃততে সেইদিনা কেৱল কৰ্ণৰেই মৃত্যু হোৱা নাছিল কৰ্ণৰ মৃত্যুৰ লগেলগেই মোৰ আত্মাৰো মৃত্যু হৈছিল৷কিন্তু কি কৰিম মই যে যোদ্ধা শেষ মূহূৰ্তলৈক আপোচবিহীন ভাবে যুঁজি যোৱাতো মোৰ কৰ্তব্য৷এইবাৰ মই মদ্ৰৰাজ শৈল্যক সেনাপতি পাতিলো৷মদ্ৰৰাজ আছিল নকুল আৰু সহদেৱৰ আপোন মোমায়েক৷আপোন ভাগিনীয়েকহঁতৰ প্ৰতি মদ্ৰৰাজৰ অন্তৰত উথলি উঠা স্নেহৰে জোৱাৰে মোক পুনৰ এবাৰ বিশ্বাসঘাটকতা কৰিলে৷কিন্তু মোৰ প্ৰতিজন সেনাপতিৰ বিশ্বাসঘাতকতাই মোৰ অন্তৰত সিমান আঘাত দিয়া নাছিল,যি আঘাত আজি মোক অশ্বথমাই দিলে৷অশ্বথমায়ো মোৰ বিজয়ৰ বাবে যুদ্ধ কৰা নাছিল,মাথো তেওঁ যুদ্ধ কৰিছিল আপোন পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ৷প্ৰতিশোধৰ অগ্নিত দগ্ধ অশ্বথমাই নিশা চোৰৰ দৰে পাণ্ডৱৰ চাউনীৰ ভিতৰলৈ সোমাই গৈ হত্যা কৰিলে টোপনিত লালকাল দি থকা দ্ৰোপদীৰ পাঁচোজন পুত্ৰক আৰু এইদৰেই মোৰ অন্তিমজন সেনাপতিয়ে মোৰ কপালত আঁকি থৈ গ’ল আন এক কলিমাৰ দাগ৷
আজি মই অকলশৰীয়া,নিস্ব আৰু পৰাজিত৷কিন্তু তাৰ পিছতো মই সুখী৷কাৰণ এজন প্ৰকৃত যোদ্ধাৰ দৰেই মই মাথো আজীৱন সংগ্ৰাম কৰি গ’লো৷আজি মোৰ জীৱনৰ অন্তিমখন ৰণত মই ইচ্ছা কৰা হ’লেই নকুল বা সহদেৱৰ দৰে দুৰ্বল যোদ্ধাকো মোৰ প্ৰতিপক্ষৰূপে বাচি ল’ব পাৰিলোহেতেন৷ধৰ্মৰাজেতো মোক প্ৰতিশ্ৰুতিও দিছিল যে তেওঁলোকৰ মাজৰ যিকোনো এজনক গদাযুদ্ধত ঘটুৱালেই মই কুৰুক্ষেত্ৰৰণৰ বিজয়ী ৰূপে পৰিগণিত হ’ম৷কিন্তু তাৰ পিছতো মই এজন প্ৰকৃত যোদ্ধাৰ দৰে ভীমকেই বাচি ল’লো৷কাইলৈ হয়তো ইতিহাসে মোক খলনায়ক সজাব,কাৰণ মই পৰাজিত আৰু তেওঁলোক বিজয়ী৷কিন্তু এই ধৰ্মযুদ্ধত সকলো হেৰুৱাইও মই জীৱন যুদ্ধত বিজয়ী হ’লো৷মোৰ প্ৰজাসকলৰ বাবে মই সদায়েই এজন উত্তম শাসক আছিলো৷মোৰ পত্নীৰ বাবে এজন আদৰ্শ স্বামী৷মোৰ ভাতৃ সুশাসনেতো মোক ঈশ্বৰসদৃশ জ্ঞান কৰিছিল৷মোৰ আদেশ শিৰোধাৰ্য্য কৰিয়েই তেওঁ বিনাপ্ৰতিবাদে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে মহাপাপৰ ভাগী হৈ স্বহস্তেই মুকলি কৰি দিছিল নৰকৰ দুৱাৰ৷সূতপুত্ৰইতো প্ৰতিক্ষণে উন্মাদৰ দৰে নিজৰ জন্ম পৰিচয় বিছাৰিছিল কিন্তু যুদ্ধৰ পূৰ্বে তেওঁ যে কৌন্তেয় সেয়া জ্ঞাত হোৱাৰ পিছতো তেওঁ সেই পৰম আকাংক্ষিত জন্ম পৰিচয়ক উপেক্ষা কৰি আমৃত্যু মাথো মোৰ পক্ষত যুঁজি গৈছিল৷সঁছায় কৰ্ণই আছিল মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি৷
মই জীৱনত বহুতো ভুল কৰিছিলো৷কিন্তু এনে নহয় যে কেৱলমাত্ৰ ময়েই ভুল কৰিছিলো৷প্ৰকৃততে এই মহাগাথাৰ কোনো নায়কো নাই আৰু কোনো খলনায়কো নাই৷প্ৰতিজন পাত্ৰয়েই আপোনাৰ দৰেই দোষ-গুণৰ সমষ্টি একোজন তেজ-মঙহৰ সাধাৰণ ব্যক্তি মাত্ৰ৷পাৰ্থক্য মাথো ইমানেই তেওঁলোক বিজয়ী আৰু আমি বিজিত৷সেয়ে তেওঁলোক এই মহাগাথাৰ নায়ক আৰু আমি খলনায়ক৷সেয়ে তেওঁলোক ধৰ্মৰ ৰক্ষক আৰু আমি ধৰ্মৰ শত্ৰু আৰু সেয়ে তেওঁ ধৰ্মৰাজ আৰু মই দুৰ্য্যোধন৷

Leave a comment