হাঁহি(A dark thriller)


(১)
“দেউতা,মা ঘৰলৈ কেতিয়াকৈ আহিব৷এইকেইদিন যে মা ঘৰত নাই,মই ইমান আমনি পাইছো,মোৰ সৈতে লুডু খেলিবলৈও কোনো নাই“ বাবুয়ে দেউতাকক আব্দাৰ কৰি সুধিলে৷“আহিব সোণ৷আজি মাক আমি আবেলিকৈ ডাক্তৰ আংকলৰ তাৰ পৰা লৈ আহিম৷মাৰ লগত যে ভন্টীও আহিব তুমি গম পাইছা নে নাই৷এতিয়াৰ পৰা আৰু তুমি মাৰ লগত খেলিব নালাগে৷সৰু ভন্টী আহিব নহয়৷ভন্টীৰ লগত খেলিবা দেই………” “ছাৰ সাপ,সাপ!পাকঘৰত সাপ ওলাইছে৷“ চলিহাৰ কথাৰ মাজতে আতংকবিহ্বল হৈ বনকৰা মনো বায়ে চিঞৰি উঠিল৷
“দেউতা তুমি সাপটোলৈ কিয় ফেনাইল মাৰিলা“ “ফেনাইলৰ গোন্ধ পালে সাপ আতৰি যায়৷খালী সাপৰ গাত পৰাকৈ ফেনাইল মাৰিব নালাগে৷ন’হলে সাপটো মৰি থাকিব৷সিহঁতো জীয়লগা বস্তুহে কষ্ট দিব নাপায়৷“দেউতাকে বাবুক বুজালে৷
(2)
“বাবু আজিৰ পৰা তুমিয়ে-ময়ে একেলগে শুম দেই৷মায়ে-ভন্টীয়ে আমাৰ কাষৰ বিছনাখনতে শুব” “নাই ন’হব৷মই মাৰ লগত শুম৷বাবুয়ে ঠেনঠেনালে৷“ “বাবু,এনেকৈ আমনি নকৰে৷তুমি ভাল ল’ৰা নহয়৷“চলিহাই বুজনিৰ সুৰত ক’লে৷বাবুৰ দুগালত দুধাৰি চকুপানী জিলিকি উঠিল৷
(3)
“দেউতা ভন্টীয়ে মোৰ পুতলাটো হাতৰ পৰা পেলাই ভাঙি পেলালে৷মই মাক ভন্টীক গালি দিবলৈ কৈছিলো৷মায়ে ওলোটাই মোকহে গালি দিলে৷“অফিচৰ পৰা আহি পোৱাৰ মাত্ৰকে বাবুৱে চলিহাক গোচৰ তৰিলে৷“হেই!ইমান ডাঙৰ ল’ৰাটোৱে কিবা পুতলাৰ লগত খেলে নেকি!ভন্টীক খেলিব দিয়া আকৌ৷“ “এইজনী অহাৰ পৰা তোমালোকে মোক মৰমেই নকৰা হ’লা৷অনবৰতে খালী ভন্টী,ভন্টী আৰু ভন্টী৷এইজনীক ডাক্তৰ আংকলৰ ঘৰতে এৰি থৈ অহা হ’লেই ভাল আছিল৷“ প্ৰচণ্ড অভিমানেৰে কোনোমতে ডিঙিলৈকে উজাই অহা কান্দোনটো চেপি ৰাখি বাবুৱে ক’লে৷
(4)
“বাবু,মই তোমালৈ কি আনিছো চোৱা৷এইটো তুমি খাই ভাল পোৱা কেডবেৰী চকলেট“সৰু নাতিনীয়েকৰ কাইলৈ অন্নপ্ৰাসন্ন বুলি এদিন আগেয়ে জীয়েক-জোৱায়েকৰ ঘৰত থাকিবলৈ অহা আইতাকে হাঁহি এটা মাৰি বাবুলৈ কেডবেৰী চকলেট এটা আগবঢ়াই দিলে “মোক নালাগে তুমি অনা চকলেট৷অথনি তুমি আহিয়েই চিধাই ভন্টীকহে কোচত ল’লা৷আগতে তুমি মোক সদায় কোচত লোৱা৷“ বাবুৱে প্ৰচণ্ড খঙত চকলেটটো দলিয়াই দিলে৷“বাবু!তুমি দিনে-দিনে অভদ্ৰ হৈ গৈছা৷আইতাক চৰী কোৱা৷চলিহাই প্ৰচণ্ড খঙত বাবুৰ গালত চৰ এটা সোধাই দিলে৷বাবুৱে ফেকুৰি উঠিল৷
(5)
অন্নপ্ৰাসন্নভাগি ভালকৈয়েই হৈ গ’ল আলহী অতিথি বোৰো ঘৰা-ঘৰি গ’ল৷চলিহাই আগফালে টেন্ট হাউচৰ মালিকজনৰ লগত কথা পাতি আছে৷মাকে-আইতাকে চৰাঘৰত বহি অলপ জিৰাইছে৷ “ছাৰ-বাইদেউ!এইফালে আহক৷বেগাই আহক ভন্টীৰ কিবা এটা হৈছে৷ছাৰ…….”শোৱনীকোঠাৰ পৰা আতংকবিহ্বল হৈ মনোবায়ে চিঞৰি উঠিল৷বিছনাখনত ভন্টীৰ নিস্প্ৰাণ শৰীৰটো পৰি আছে৷ছালখন ৰঙা আৰু ঠায়ে-/ঠায়ে গাৰ মঙহবোৰ প্ৰায় গলি গৈছে৷মজিয়াত এটা খালী ফেনাইলৰ বটল৷
(6)
চলিহানীয়ে হিয়াধাকুৰি কান্দিছে৷চলিহাই বংশ পৰিয়ালৰ কেইজনমান মানুহৰ সৈতে অলপ আগেয়ে কণমাণিজনীৰ শটো কাষৰে বাৰীখনত পুতিবলৈ ওলাই গ’ল৷আইতাকে মুৰত পানী লৈ কোনোমতে চৰাঘৰৰ চোফা এখনত বহি ভগৱন্তৰ নাম লৈছে৷পুলিছে মনো বাইক জেৰা কৰি আছে৷সকলোৰে অলক্ষিতে কেডবেৰী চকলেটটোত একামোৰ মাৰি বাবুৱে এটা সন্তোষৰ হাঁহি মাৰিলে৷আজিৰ পৰা সি মাকৰ লগত শুৱ৷

প্ৰেমিক চৰাই- A dark thriller


মলয়াৰ পৰশে গোলাপৰ সৌৰভ সিচি দিয়া সেই আবেলিটোত আমি দুয়ো দীঘলীপুখুৰীৰ পাৰত ঘন্টাজুৰি মৌনতাৰ ভাষাৰে কথা পাতিছিলো৷“তুমি জীৱনৰ পৰা কি বিচাৰা সমীৰণ“ প্ৰিয়াই মোক আকলুৱা কন্ঠেৰে সুধিছিল৷“মাত্ৰ এখন পেইণ্টিং,এখন কালজয়ী পৰ্ট্ৰেইট যি ৰং-তুলিকাৰ এই অখ্যাত শিল্পীৰ প্ৰতিভাক সাঁচি ৰাখিব সময়ৰ অন্তলৈকে৷মই কালজয়ী হ’ব বিচাৰো প্ৰিয়া,মই যুগজয়ী হ’ব বিচাৰো,মোৰ ৰং-তুলিকাৰ সৃ্‌ষ্টিৰে৷“ “তুমি পাৰিবা সমীৰণ৷মই বিশ্বাস কৰো এদিন তোমাৰ প্ৰতিভাক বিশ্বই স্বীকৃতি দিব৷তুমি পাৰিবা৷“গভীৰ আবেগেৰে প্ৰিয়াই মোৰ চুলিখিনিত আঙুলি বোলাই দিছিল৷ “আপোনালোকে ইমান দেৰিলৈকে ইয়াত কি কৰি আছে৷চহৰখনৰ বাতাবৰণ মুঠেই ভাল নহয়৷যোৱা সপ্তাহটোত এইখিনিতে তিনিটাকৈ গজালবৃদ্ধ ক্ষতবিক্ষত মৃতদেহৰ উদ্ধাৰ হ’ল৷সন্ধিয়া ইয়াত বহা মানা৷সোনকাল কৰক৷“খাকী পোছাক পৰিহিত সুৰক্ষা কৰ্মীজনে আমাক কিছু কঠোৰভাবেই কথাষাৰ ক’লে৷
     হাইৱেৰে আমাৰ গাড়ীখন আগবাঢ়িছে৷“সমীৰণ,মোক ড্ৰপ কৰাৰ পিছত তোমাৰ ইমানদুৰ বাট অকলে যাবলৈ বেয়া নালাগিব৷তাকো যোৱা সপ্তাহৰ পৰা চহৰখনত যিবোৰহে ঘটনাহে ঘটিবলৈ আৰম্ভ কৰিছে৷“ প্ৰিয়াৰ প্ৰশ্নত মই মাত্ৰ এটা বিষণ্ণতাৰ হুমুনিয়াহ কাঢ়ি মুৰ জোকাৰিলো৷আস!আকৰী প্ৰিয়াজনী তুমিটো নাজানা আজিৰ এই যাত্ৰাত তুমি শেষলৈকে মোৰ সহযাত্ৰী৷তোমাৰ ঘৰ পোৱাৰ পূৰ্বেই তুমি টোপনিত ঢলি পৰিবা৷তোমাৰ পানীৰ বটলটোত যে মই শ্লিপিং টেৱলেট গুৰি কৰি মিলাই দিছিলো৷আৰু তুমি যেতিয়া সাৰ পাবা তোমাৰ ওচৰত আৰু বেছি সময় নাথাকিব৷হাতুৰীৰে মৰিয়াই-মৰিয়াই তোমাৰ গাত গজাল শালি দি মই তোমাক ক্ৰুচত ওলোমাই দিম৷তোমাৰ কেঁচা তেজ আৰু মোৰ বেদনাৰ চকুলো!ইয়াতকৈ শ্ৰেষ্ঠ কিবা ৰং জানো আছে এই পৃথিৱীত মোৰ পৰ্ট্ৰেইটখনৰ বাবে৷প্ৰিয়া মোক ক্ষমা কৰিবা,তুমি মোৰ প্ৰথম লক্ষ্য কেতিয়াও নাছিলা৷মইতো তোমাৰ প্ৰেমিক চৰাই৷ক্ৰুছত সিহঁতবোৰক গজালেৰে হানিখুছি ওলোমাই দিওঁতে মই সিহঁতৰ চকুত কি দেখা পাইছিলো৷ভয়,ক্ষোভ,সীমাহীন যন্ত্ৰণা আৰু বিশ্বাসঘাটকতাৰ চকুলো,ওহো সিহঁতৰ যন্ত্ৰণাক্ৰান্ত চকুযুৰিত বিশ্বাসঘাতকতাৰ চকুলোৰ সামান্যতমো ৰেশ নাছিল৷থাকিবই বা কিয়৷সিহঁতবোৰটো আছিল মোৰ দুদিনীয়া চিনাকী৷কিন্তু তুমি তুমি যে মোৰ বুকুৰ আপোন,মোৰ প্ৰথম আৰু শেষ প্ৰেম৷তোমাৰ তেজ আৰু মোৰ চকুলো৷সীমাহীন যন্ত্ৰণা,ভয়,ক্ষোভ আৰু প্ৰেমিকৰ বিশ্বাসঘাতকতাই টুকুৰা-টুকুৰ কৰি পেলোৱা এখন হৃদয়ৰ বেদনাৰে বেদনাক্লান্ত এহাল মৃত্যুমুখী অশ্ৰুসিক্ত চকু৷মই তোমাৰ বিশ্বাস ৰাখিম প্ৰিয়া,মই তোমাৰ কথা ৰাখিম,কাৰণ মই যে তোমাক ভাল পাওঁ৷মোৰ চকুলো আৰু তোমাৰ তেজেৰ মই আজি নিশাই অংকণ কৰিম ইতিহাসৰ এখনি সৰ্বশ্ৰেষ্ঠ পেইন্টিং৷

মকৰাজাল


(Dark Suspense Thriller)
এখন বেড,বগা কাপোৰেৰে ঢাকি ৰখা এজনী ষোড়শী গাভৰুৰ মৃতদেহ আৰু মৰ্গৰ ফৰ্মেলডিহায়ডৰ সেই চিনাকি গোন্ধ৷“This is the third case following the same pattern within a month, anything unique with this victim, Doctor?”জ্যেষ্ঠ তদন্তকাৰী বিষয়া প্ৰশান্ত বেজবৰুৱাই তেওঁৰ উৎকন্ঠাখিনি চেপি ৰাখিব নোৱাৰি ডা° পৰিণীতি বৰুৱাক সুধিয়েই পেলালে৷“Nothing unique Mr. Bezbaruah,পূৰ্বৰ দুয়োবাৰৰ দৰেই এইবাৰো victim ক cardiac glycoside poisoning ৰ দ্বাৰা  হত্যা কৰা হৈছে আৰু যুৱতীগৰাকীৰ গুপ্তাংগত বীৰ্য্যৰ অৱশেষ পোৱা গৈছে৷ধৰ্ষণ কৰাৰ কোনো চিহ্ন শৰীৰত নাই৷”How strange?”প্ৰশান্ত বেজবৰুৱাৰ মুখত আৰ্শ্বয্য আৰু ব্যৰ্থতাৰ ৰেশ পৰিস্ফুট হৈ পৰিল৷“By the way Mr.Bexbaruah,মোৰ ডাঙৰ ল’ৰাটোৰ গাটো বৰ ভাল নহয়৷মই আজি সোনকালেই ঘৰলৈ যাব লাগিব৷পোষ্টমৰ্টেমৰ অফিছিয়েল ৰিপোৰ্টটো মই কাইলৈহে আপোনাৰ থানালৈ পঠিয়াই দিম৷“ “Okay Doctor” এটা চিন্তিত মনেৰে বেজবৰুৱা মৰ্গৰ পৰা ওলাই গ’ল৷

“শ্যামলী,আজি পলমেই হৈ গ’ল৷বাবুৰো গাটো বৰ ভাল নহয়৷মই ঘৰলৈ যাওঁ৷তুমিওঁ মোৰ লগতে চোন ওলাব পাৰা৷তোমাক মই শান্তিপুৰৰ ৰাস্তাটোতে ড্ৰপ কৰি দিম৷“পৰিণীতিয়ে হাতখন ধুই থকাৰ পৰাই চিষ্টাৰ শ্যামলী উদ্দেশ্যি ক’লে৷“ “Thank you mam,আপুনি মোক শান্তিপুৰত ড্ৰপ কৰি দিলেই হ’ব৷তাৰ পৰা মোৰ ৰূমলৈ আৰু দুখোজমানৰহে বাট৷“
নিশাৰ অন্ধকাৰক ফালি ডা° পৰিণীতিৰ গাড়ীখন তীব্ৰ বেগেৰে আগবাঢ়িছে৷“Thank God mam,আপুনি যে আজি মোক এনেকৈ lift দিলে ন’হলে চহৰত যি গতিত হত্যা-ধৰ্ষণ এইবোৰ বাঢ়িবলৈ লৈছে৷সন্ধিয়া হ’লে অকলে অচিনাকি টেম্পোত উঠিবলৈ ভয়েই লাগে!মেম কথা এটো সোধো বেয়া নাপাব বাবুৰ যে মানে মাজে-মাজে গা বেয়া হৈ থাকে,তাৰ অসুখটো নো কি?“ পৰিণিতীয়ে আগবঢ়াই দিয়া coke ৰ কেনটোত এধোক মাৰি শ্যামলীয়ে সুধিলে৷“হুমম,He is necrophiliac!”পৰিণীতিয়ে এটা দীঘল হুমুনিয়াহ কাঢ়ি ক’লে “মানে মই বুজা নাই মেম…” এনেতে পৰিণীতিৰ মোবাইলটো বাজি উঠিল,“ অ’ বাবু৷মই তোমাক বাবে আজি আকৌ এটা নতুন গিফ্ট লৈ আহিছো…….. Babu,you are good boy naah! Be patient,তুমি আকৌ খেলিমেলি নকৰিবা৷মই পালোগেই আৰু,বচ দহ মিনিট৷“ “তুমি কিবা এটা সুধিছিলা শ্যামলী“ ফোনটো কাটি পৰিণিতীয়ে সুধিলে৷“ মানে মেম আপুনি যে কৈছিল বাবুৰ বেমাৰটো কিবা Necro….!” “Umm.Babu is necrophiliac,মানে সি মৃতদেহৰ সৈতে সহবাস কৰি ভাল পায়৷Sorry শ্যামলী,I was helpless……..”পৰিণীতিৰ কথাখিনি শেষ হোৱাৰ পূৰ্বেই শ্যামলীৰ নাকেৰে এসোঁতা কেঁচা তেজ বৈ আহিল৷

নিষিদ্ধ নিশাৰ আৰ্তনাদ


(1)
চাবুকৰ আৰু এটা প্ৰচণ্ড কোৱ আৰু নিশাৰ গভীৰতা ভাঙি এক প্ৰচণ্ড যন্ত্ৰণাকাতৰ আৰ্তনাদ৷অচিনাক্ত চাবুকধাৰীয়ে তেজেৰে লুতুৰি-পুতুৰি দুৰ্ভগীয়া যুৱতীজনীক এক গহীন কন্ঠেৰে ক’লে,“শান্ত হোৱা আৰু মাত্ৰ অলপ সময়৷তাৰ পিছত শান্তি,চিৰশান্তি!চাবুকডাল পুনৰ প্ৰচণ্ড জোৰেৰে তললৈ নামি আহিল৷এটা বুকু ভেদি যোৱা আৰ্তনাদ৷নিৰবতা,নিশাৰ নিৰবতা !


(2)
চহৰৰ মাজমজিয়াত এয়া তৃতীয়টো হত্যাকাণ্ড৷পুৰ্বৰ দৰেই আৰু এজনী দুৰ্ভগীয়া যুৱতীৰ উলংগ মৃতদেহটো হত্যাকাৰীয়ে নিশাই পদপথত পেলাই থৈ গৈছিল৷মৃতদেহৰ চকুত সীমাহীন আতংক আৰু মুখত গভীৰ যন্ত্ৰণাৰ চাপ৷সম্ভৱত মৃত্যুৰ আগে-আগে চাবুকেৰে কোবাই-কোবাই বখলিয়াই পেলোৱা হৈছিল যুৱতীগৰাকীৰ সমগ্ৰ শৰীৰৰ ছাল৷
(3)


“জয়ন্ত মোক ৰূমত ড্ৰপ কৰি দিব পাৰিবা নেকি?“ “Oh sure পূৰ্ণমা,ব’লা-ব’লা৷“ “Thank God জয়ন্ত আজি যে তোমাক এনেকৈ বজাৰতে লগ পাই গ’লো৷এইকেইদিন serial killing ৰ যিবোৰ হে ঘটনা ঘটি আছে,সন্ধিয়া হ’লেই মোৰ অকলে ৰূমলৈ উভতিবলৈ ভয়েই লাগে৷“ “হুমম!সঁচাই কি যে দিনকাল পৰিছে!বাৰু বাদ দিয়া সেইবোৰ৷ইমান দিনৰ মুৰত আজি লগ পালো৷কলেজতেই সেই শেষ দেখা-দেখি৷তুমি এতিয়া কি কৰি আছা?Job or Startup”জয়ন্তই মিছিকিয়া হাঁহি এটা মাৰি পূৰ্ণিমাক সুধিলে৷“সৰুকৈ Textile ৰ startup এটা আৰম্ভ কৰাৰ কথা ভাবিছো৷Something new and innovative,অলপ-চলপ experiment কৰি আছো…….” কেৰেচচ……..হঠাৎ জয়ন্তই ব্ৰেক মাৰি গাড়ীখন হাইৱেৰ কাষত ৰখাই দিলে৷“কি হ’ল জয়ন্ত৷anything wrong” “আহ পূৰ্ণিমা মোৰ মুৰটো সাংঘাতিক ঘুৰাইছে……”


(4)
এটা ৰঙা ডিম লাইটৰ পোহৰেৰে সামান্য উদ্ভাষিত হৈ থকা এটা কোঠা৷কাঠৰ বিছনা এখনত উলংগ হৈ পৰি আছে জয়ন্ত৷হাত ভৰিবোৰ কটকটীয়াকৈ বন্ধা আছে৷হঠাৎ সাৰ পাই নিজকে এইৰূপত আবিষ্কাৰ কৰি জয়ন্তই আৰ্তনাদ কৰি উঠিল,“Help,Help!”এটা শীতল নাৰীকন্ঠই ক’লে,“সাৰ পালা জয়ন্ত৷মই অথনি তোমাৰ কল্ডড্ৰিংকত মিহলাই দিয়া sleep tablet টোৱে ভালকৈয়েই কাম দিলে৷পুৰাপুৰি চাৰিঘন্টা শুলা৷ “ “পূৰ্ণিমা তুমি?তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? Why”প্ৰচণ্ড ক্ষোভত জয়ন্তই চিঞৰি উঠিল৷“ তোমাৰ কোনো দোষ নাই জয়ন্ত৷অথনি তোমাক যে মই কৈছিলো মোৰ textile ৰ নতুন startup টোৰ কথা৷নতুন research ৰ কথা৷মনত পৰিছে?“পূৰ্ণিমাই কোমল কন্ঠেৰে জয়ন্তৰ চুলিত আঙুলি ফুৰাই সুধিলে৷“উমম আছে কিন্তু মোক তুমি এনেকৈ কিয় বান্ধি থৈছা?Why পূৰ্ণিমা why?”জয়ন্তই পুনৰ প্ৰচণ্ড ক্ষোভত চিঞৰি উঠিল৷“শান্ত হোৱা জয়ন্ত!মোক তোমাৰ অলপ সহায় লাগে৷মই এটা নতুন research হাতত লৈছো৷জীয়াই-জীয়াই বখলিয়া মানুহৰ ছালৰ পৰা লেডাৰৰ জেকেট বনোৱাৰ৷Is it not an unique idea?প্ৰথমে ভাবিছিলো ছোৱালীৰ চালৰ পৰা বনাম৷কিন্তু নাই সিহঁতৰ ছালবোৰ জোখতকৈ বেছি কোমল আছিল৷এইকেইদিন সেয়ে কৃষ্ণবৰ্ণৰ সুঠাম চেহেৰাৰ পুৰুষ এজন বিচাৰি আছিলো৷মোৰো কি কপাল৷আজি আবেলি তোমাক লগ পাই গ’লো,Handsome!”এইবুলি কৈ পূৰ্ণিমাই খিলখিলাই হাঁহিবলৈ ধৰিলে৷”Help, somebody please help me,help!”জয়ন্তই আৰ্তনাদ কৰি উঠিল৷“চুউউউউউউপ!শান্ত হোৱা!মাত্ৰ অলপ সময় তাৰ পিছত শান্তি,চিৰশান্তি!“প্ৰচণ্ড জোৰত চাবুকডাল তললৈ নামি আহিল আৰু নিশাৰ অন্ধকাৰ ভেদি চতুৰ্দিশে প্ৰতিধ্বনিত হ’ল এক যন্ত্ৰণাকাতৰ আৰ্তনাদ৷

আৰ্ন্তবিপ্লৱ

সন্ধিয়া প্ৰায় চাৰে ছয় বাজিছিল৷পুহৰ শেষ জাৰৰ ঠেহ৷বিহুলৈ আৰু বেছিদিন নাই৷দুদিনমানৰ পৰা বেছিকৈয়েই জাৰ পৰিছে৷থেছিছ দিবলৈ আৰু বেছি দিন নাই৷গৱেষণাৰ হেঁচাত এইকেইদিন ৰুমলৈ ঘুৰি আহোতে প্ৰায়েই সন্ধিয়া লাগিছে৷মেগী এপেকেট গেছত উঠাই দি লাল চাহ কাপত চুমুক দিলো৷ট্ৰেক পেন্টৰ সোঁপকেটত এক মৃদু ভাইব্ৰেচন কৰি ফোনটো বাজি উঠিল৷কলিতাই ফোন কৰিছে৷ফোনটো কাটি দিলো৷কলিতাই এতিয়া ফোন কৰিলে এঘন্টামান চোবাব৷বিহুৰ পিঠাপনাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীলৈকে কাকো নেৰে৷এইবাৰ পুনৰ টেবুলখনৰ পৰা ভাইব্ৰেচনৰ কপনি ভাহি আহিল৷মই ফোনটো ৰিশ্বিভ কৰি হেল্লো বুলি ক’বলৈকে নাপালো৷কলিতাই ৰাজধানী এক্সপ্ৰেছৰ কায়দাত আৰম্ভ কৰি দিলে,“ ঐ ঘটনাটো গম পালি নে নাই৷পৰশে মলোষ্টেছন কৰিছে৷ছোৱালীজনী সিহঁতৰ ফ্ৰেণ্ড জ’নৰে৷সিহঁত উইন্টাৰ ভেক্যেশনত ছিকিম ফুৰিবলৈ গৈছিল৷প্ৰায় ৰাতি আঠমান বজাৰ কথা হ’ব৷কেম্প ফায়াৰ হৈ আছিল৷ছোৱালীজনীৰ মুৰ বিষ হোৱাৰ বাবে তাই নিজৰ ৰূমলৈ  সোনকালে গুচি গৈছিল৷পৰশে ৰূমৰ পৰা ছিগাৰেটৰ পেকেট এটা আনো বুলি উঠি আহিছিল৷অলপ সময়ৰ পিছত ছোৱালীজনীৰ ৰূমৰ পৰা চিঞৰি-চিঞৰি কাৰোবাক গালি পৰাৰ শব্দ ভাহি আহিল৷পৰশ লৰালৰিকৈ তাইৰ ৰূমৰ পৰা ওলাই আহিল আৰু সেইদিনা ৰাতিয়েই সি কাকো একো নোকোৱাকৈয়ে বেলেগ ল’জলৈ গুচি গ’ল৷তায়ো সেইদিনা একো নকলে মানে ৰূমৰ পৰায়েই ওলায়েই নাহিল৷পিছদিনা নিৰ্মালী-সাগৰিকাহঁতে পেৰি-পেৰি সোধাত তাই উচুপি-উচুপি ক’লে, “He molested me.” কলিতা মানুহটোৰ স্বভাৱটো এনেকুৱাই৷এবাৰ মুখ মেলিলে থমকি নৰয় আৰু আনক কথা কোৱাৰ সুযোগো নিদিয়ে৷“ কথাটো সঁচানে? পৰশ মানে আমাৰ পৰশ?মলোষ্টেছন? কলিতা Is it really possible?অথনিৰে পৰা নিজৰ উৎসুকতাক কিবাকৈ দবাই ৰখা মই এইবাৰ আশ্বৰ্য্যত ফাটি পৰিলো৷“আৰে ভাই প্ৰথমেটো মোৰো হজম হোৱা নাছিল৷পৰশ,আমাৰ পৰশ৷কিন্তু এতিয়া সি নিজেও মানি লৈছে৷সি কৈছে সেইদিনা পাৰ্টীত সি অলপ বেছিকৈয়ে ড্ৰিংকছ কৰিছিল৷ছিগাৰেটৰ পেকেটটো আনিব যাওঁতেই তাইৰ ৰূমটো ওচৰতে বাবে এনেই সোমাই কথা পাতিছিল and thus he lose control over his feelings” ” হুমম হয় বাৰু কিন্তু পৰশ!কলিতা মোৰ কিন্তু এতিয়াও কথাটো হজম হোৱা নাই৷পৰশ আৰু মই ইউনিভাৰ্চিটিত একেলগে আছিলো৷ He is my comrade and even parash was the first person to teach me about consent আৰু তাৰ এই ফ্ৰেণ্ড জ’নটোক মই যিমানদুৰ জানো সিহঁত “highly matured”,সিহঁতে  পুৰুষতান্ত্ৰিকতাৰ বিৰোধিতা কৰে,নাৰীৰ মুক্তিৰ সপোন ৰছে,নাৰীৰ অধিকাৰ কথা কয়,সংগ্ৰামৰ কথা কয়৷ইয়াৰ পিছতো পৰশ!” মই এটা দীঘল হুমুনিয়াহ কাঢ়িলো৷ “হৈ যায় বন্ধু,হৈ যায়!জীৱনটো ইমান সৰল নহয় আৰু মানুহক চিনাটো হয়তো তাতকৈও কঠিন৷পৰশ মোৰো কমৰেদ আছিল৷আমি একেলগে সংগঠন কৰিছিলো,আড্ডা মাৰিছিলো,তোৰ দৰে আমাৰ বহুতকে পৰশে consent ৰ কথা শিকাইছিল৷কিন্তু তোতকৈ বা মোতকৈ consent,desire,rights এই সকলোবোৰ কথা জনাৰ পাছতো হয়তো কোনোবাখিনিত পৰশে এই সকলোখিনি কথা হৃদয়ংগম কৰিব পৰা নাছিল৷আমাক বিপ্লব লাগে৷কিন্তু বিপ্লৱৰ বহু পূৰ্বেই আমাক আৰ্ন্তবিপ্লৱ লাগে৷Just foget about Parash. In every field you’ll field an another Parash.সভাই-সমিতিয়ে শিশুৰ অধিকাৰৰ কথা কোৱাজনেও জখলাবন্ধাৰ হোটেলত নামি মলিয়ন গামোচা লোৱা শিশুজনক চাহ বিচাৰি ঐ পোৱালী বুলি চিঞৰ মাৰে,ৰেডিকেল ফেমিনিষ্ট গৰাকীয়েই আকৌ জীৱনসংগী হিছাপে চৰকাৰী চাকৰিয়ালৰ সন্ধান কৰে,সৰ্বহাৰাৰ একনায়কত্ববাদৰ সপোন দেখা কোনোজনে আকৌ কামলৈ অহা পলম হোৱাৰ বাবেই পাৰ্ট টাইম কৰা বাইজনীৰ পইচা কাটে৷”মুঠতে this society is full of hypocrate.”বাৰু মই ৰাখো দে জীনাই ফোন কৰি আছে৷তিনিটামান মিছ কল হ’ল আৰু দেৰি হ’লে আজি মোক জৰাটো খাটাং “মই কিবা কোৱাৰোআগেয়ে কলিতাই ফোনটো কাটি দিলে৷মই কলিতাৰ কথাখিনি ক্ষন্তেক পাগুলিয়াই চেচা হোৱা চাহকাপ পুনৰ কেটলীটোত তুলি দিলো৷the great dictator ৰ সেই কালজয়ী বক্তৃতাত চেপলিনে তাহানিখনতে কৈছিল “we think too much but feel too little,গান্ধীয়েও আৰ্ন্তবিপ্লৱৰ কথা কৈছিল৷দৰাচলতে আৰ্ন্তবিপ্লৱ বিপ্লৱৰ প্ৰাথমিক চৰ্ত৷আমি কোনো তত্ত্বক পঢ়িলে,জানিলে বা ব্যৱস্থাই আমাৰ ওপৰত কোনো ধাৰণা জোৰকৈ জাপি দিলেই সমাজৰ পৰিবৰ্তন নহয়,সমাজলৈ বিপ্লৱ নাহে অন্যথা স্তালিনৰ দিনত সংগ্ৰাহলয়ৰ স্থান পোৱা গীৰ্জাঘৰবোৰ স্তালিনোত্তৰ ছোভিয়েট ইউনিয়ত কিয় ধৰ্মবিশ্বাসী জনতাৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ল বা মাৰ্ক্সবাদত বিশ্বাসীজনেই কিয় মেনিফেষ্টো পঢ়াৰ পিছতো গোঁহাই ছাৰৰ ব্যক্তিপূজন কৰে অথবা পৰশৰ দৰে আনক consent ৰ পাঠ পঢ়াই ফুৰা এজন বিপ্লৱী(?)ৰ বিৰূদ্ধেই বা কিয় নিজৰ বান্ধৱীয়ে যৌন নিৰ্য্যাতনৰ অভিযোগ তুলিলে৷নতুনকৈ গৰম কৰি অনা চাহ কাপত পুনৰ চুমুক মাৰি মই স্বগতোক্তি কৰিলো,“আমাক বিপ্লৱৰ প্ৰয়োজন আছে আৰু বিপ্লৱক আমাৰ কিন্তু তাৰ বহু আগেয়ে আমাক আৰ্ন্তবিপ্লৱৰ প্ৰয়োজন আছে৷“

অভিশপ্ত গৱেষণাগাৰ(ভৌতিক গল্প)


বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ পুৰণি চৌহদটোৰ কাষেৰে পাৰ হৈ গ’লে সেই বীভৎস নিশাটোৰ কথা মনত পৰি মোৰ গাটো আজিও শিয়ৰি উঠে৷নব্বৈৰ দশকৰে কথা৷তেতিয়া মই ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ মহলৰ ছাত্ৰ৷বন্ধু বিভূতিৰ সৈতে বিশ্ববিদ্যালয়ৰে নাতিদুৰৈৰ ভাড়াঘৰ এটাত মেছ কৰি থাকো৷আজি মই ক’বলৈ ওলোৱা সেই ঘটনাটো দেৱালীৰ সময়ৰ৷শুক্ৰবাৰে দেৱালী,শণিবাৰে স্থানীয় বন্ধ,পিছদিনা দেওঁবাৰ৷একেলেথাৰিয়ে তিনিদিনৰ ছুটি৷পিছে বিভূতিৰে মোৰে গৱেষণাৰ ভালেমান কাম বাকী আছিল৷সেয়ে আমি বুধবাৰে গোটেই নিশাটো গৱেষণাগাৰত কাম কৰি বৃহস্পতিবাৰে পুৱাই বাছেৰে ঘৰলৈ যোৱাটোকে ঠিৰাং কৰিলো৷মুৰব্বী অধ্যাপক হাজৰিকা ছাৰেও আমাৰ প্ৰস্তাৱটোত কোনোধৰণৰ আপত্তি নকৰাকৈয়েই মানি লৈ চকীদাৰ ভোগী দাক ঘৰলৈ উভতি যাওঁতে আমাৰ ভাড়াঘৰত চাবিটো দি যাবলৈ ক’লে৷ছাৰৰ কথাত ভোগী দাই প্ৰথমে অলপ থেৰোগেৰো কৰিছিল৷ছাৰে ভোগী কিবা অসুবিধা হ’ব নেকি বুলি সোধাত পিছে তেওঁ তেনেকৈ একো নকলে৷গধূলি ভোগী দাই আমাৰ ভাড়াঘৰত চাবিটো গতাই দি তোমালোকে কামখিনি অলপ সাৱধানে কৰিবা আৰু কিবা অসুবিধা হ’লে ওচৰৰে কোৱাৰ্টাৰৰ দাস কেৰাণীক ক’বা বুলি আমাৰ পৰা বিদায় ল’লে৷গধূলি আঠমান বজাত ভাতকেইটা খাই বিভূতি আৰু মই ৰসায়ন বিজ্ঞান বিভাগলৈ ওলালো৷বাহিৰত তেতিয়া কিনকিনকৈ এজাক ছাগলী খেদা বৰষুণ দি আছিল৷মই দৰ্জাখন মাৰি বিভূতিক ৰিঙিয়ালো,”ঐ দোস্ত ছাটিটো লৈ ল’বি”৷
       নৱেম্বৰ মাহ৷পাতল বৰষুণজাকে ঠাণ্ডাটো অলপ বঢ়াইছেও৷মই মাৰফলাৰখন কাণে-মূৰে মাৰি ল’লো৷ঠাণ্ডা সোমাই পানী লগা জ্বৰ হ’লে ঘৰলৈ যোৱা মুদা মৰিব৷ষ্ট্ৰীট লাইটৰ পোহৰেৰে উদ্ভাষিত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক আৰু আবাসিক এলেকা পাৰ হৈ আমি আমাৰ বিভাগটোত উপস্থিত হ’লোহি৷আমাৰ বিভাগটো কিছু আওঁহতীয়া,বিশ্ববিদ্যালয়ৰ একেবাৰে আনটো মুৰত,আবাসিক এলেকাৰ পাৰ হৈ, কোনোধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই৷প্ৰচণ্ড আন্ধাৰত অকলশৰীয়াকৈ ঠিয় হৈ থকা দুমহলীয়া পুৰণি ৰসায়ন বিজ্ঞানৰ বিভাগটো সেইদিনা মোৰ কিছু আচহুৱা যেন লাগিছিল৷আমাৰ গৱেষণাগাৰটো দুমহলাৰ ওপৰত৷তিনিবেটেৰীয়া টৰ্চলাইটো জ্বলাই মই বিভূতিক বিভাগৰ গেটখন খুলিবলৈ ক’লো৷হঠাৎ মোৰ এনে লাগিল যেন মোক ওপৰৰ গৱেষণাগাৰৰ খিৰিকীখনৰে কোনোবাই চাই আছে,এক অজান আশংকাত মোৰ গাটো শিয়ৰি উঠিল৷মনৰ ভ্ৰম বুলি নিজকে বুজাই বিভূতিৰ সৈতে চিৰি বগাই গৱেষণাগাৰৰ ভিতৰত সোমালো৷কোঠাৰ লাইট কেইটা জ্বলাই মই মোৰ গৱেষণাৰ সৈতে জড়িত ব্যৱহাৰিক কামখিনি কৰিবলৈ আৰম্ভ কৰিলো৷প্ৰায় আধাঘন্টামান পাৰ হৈ গ’ল শ্বেলফৰ বাৰ্ণাৰ কেইটাত বিভূতিয়েও কিবা কিবি চেম্পল গৰম কৰি আছে৷হঠাৎ ভমকৈ হোৱা শব্দ এটা আৰু বিভূতিৰ চিঞৰত মই উচপ খাই পিছলৈ ঘুৰি চালো৷বিভূতিৰ হাতৰ টেষ্ট টিউৱটোত জুই লাগিছিল৷সি উচপ খাই টেষ্ট টিউৱটো মজিয়ালৈ দলিয়াই দিলে৷খটংকৈ শব্দ এটা হৈ টেষ্টটিউৱৰ চেম্পলখিনি মাটিত বাগৰি পৰিল৷গোটেই কোঠাটোৰ বতাহত পোৰাপোৰা গোন্ধ৷মই দৌৰি গৈ বিভূতিৰ ওচৰ পালো,”ঐ বিভূতি,টেষ্ট টিউবত কেনেকৈ জুই লাগিল৷” “জানো পাই মইচোন প্ৰট’কল মতেই কৰিছিলো৷চেম্পলত ছ’ডিয়াম এছিটেট আৰু পটেছিয়াম হাইড্ৰক্সাইড দি হে গৰম কৰিছিলো৷কেনেকৈ বা জুই লাগিল৷একো উৱাদিহেই নাপালো৷” অলপ নাৰ্ভাছ যেন হৈ বিভূতিয়ে ক’লে৷ “তই চাগৈ ছ’ডিয়াম হাইড্ৰক্সাইড বুলি ইথানল দি গৰম কৰি দিলি৷ন’হলে কেনেকৈ নো জুই লাগিব৷হ’ব দে অলপ সাৱধানে কৰ৷গোটেই ৰাতিটো পৰি আছে৷বৰ লৰালৰি নকৰিবি৷” “জানো পাই মোৰ ছেলফট চোন ইথানল নায়েই৷হ’ব দে টেষ্টটো আকৌ ৰিপিট কৰো৷” বিভূতিৰ কাষৰ পৰা আতৰি আহি মই ছাক্সলেট এপাৰেটাছটো চলাই দিলো৷প্ৰায় পোন্ধৰমিনিটমান পাৰ হৈছিল৷হঠাৎ কোঠাৰ লাইট কেইটা বাৰে-বাৰে ধিপধিপাবলৈ আৰম্ভ কৰিলে৷সিফালৰ পৰা বিভূতিয়ে চিঞৰিলে,” ঐ দোস্ত লাইট কেইটাৰ আকৌ কি হ’ল৷” “ভল্টেজৰ প্ৰৱলেম হ’বলা৷সোনকালে কাম শেষ কৰিম বুলি আহিছিলো৷এতিয়া আকৌ কাৰেন্ট ন’গলেই হ’ল৷” মই ভোৰভোৰালো৷মোৰ কথা প্ৰায় শেষ ন’হলেই খিটিককৈ শব্দ কৰি লাইটকেইটা নুমাই থাকিল৷”ধেৎ চাল্লা,এইটোহে হ’বলৈ বাকী আছিল৷তয়ো মানে মানুহটো মানে একদম কুফা৷কাৰেন্ট যোৱাৰ কথা কৈছিলি হে৷সঁচাসঁচিকৈয়ে গ’ল বাপ্পেকে৷”বিভূতিৰ কথাত মোৰ পেটেপেটে হাঁহি উঠিল,”হ’ব দে,এতিয়া আৰু কি কৰিবি অলপ সময় ৰৈ দিও৷বেছি দেৰি হ’লে ৰূমলৈ গুচি যাম৷”টৰ্চটো জ্বলাই হাতঘড়ীটো চালো৷নিশা প্ৰায় দহ বাজিছে৷এইবাৰ কাৰেন্টৰ অপেক্ষাত টুল এখনতে বহি মই পৰ দিবলৈ ধৰিলো৷কিমান সময় জানো পাৰ হৈ গ’ল৷হঠাৎ ম’হৰ কামোৰণিত খকমককৈ সাৰ পাই গ’লো৷হয়তো বহি থাকোতেই চকু লাগিছিল৷মোৰ কাষৰে টুল এখনত বহি বিভূতিয়ে নাক বজাই আছিল৷”এই বিভূতি,বিভূতি” মই বিভূতিক হেচুকি জগাই দিলো৷”চাল্লা বহি বহিয়েই টোপনি গুচি গ’লো৷” দীঘলকৈ এঙামুৰি এটা দি বিভূতিয়ে ক’লে৷তেতিয়ালৈকে কাৰেণ্ট অহাই নাছিল৷টৰ্ছ লাইটটো জ্বলাই আকৌ হাতঘড়ীটো চালো৷১ বাজি ৪৫ মিনিট৷বাহিৰত তেতিয়া মূষূলধাৰে বৰষুণ দি আছিল৷মাজে-মাজে প্ৰচণ্ড ধেৰেকণি আৰু চকু চাত মাৰি যোৱা বিজুলী৷”দোস্ত এতিয়া আৰু ৰূম যোৱা ন’হব৷এইজাক বৰষুণৰ পৰা ছাতিটোৱে বচাব নোৱাৰে৷ৰাতিটো এনেকৈয়ে কটাব লাগিব৷একো কামো ন’হল৷আজি নহা হ’লেই ভাল আছিল” “হুমম ঠিকেই কৈছ৷এনেই মিছা-মিছিকৈ কষ্টখন কৰিলো৷বিভূতিয়ে ক’লে৷তেনেতে দুৰৈৰ পৰা কুকুৰৰ কান্দোন ভাহি আহিল৷মাতটো কিবা আচহুৱা যেন কিবা দেখি ভয়হে খাইছে৷দিনটো মানুহেৰে গিজগিজাই থকা আমাৰ বিভাগটোৰ ৰাতিৰ এই নিজান পৰিবেশটো মোৰ প্ৰথমৰ পৰাই কিবা হজম হোৱা নাছিল৷তাতে এই মাজনিশাখন কুকুৰৰ কান্দোন শুনি মোৰ সামান্য ভয়ো লাগিল৷”ঐ বিভূতি প্ৰফেচৰ কলনিৰ ফালে কুকুৰকেইটাই ইমান বেয়াকৈ কান্দিছে৷মোৰ কিবা ভয়হে লাগিছে৷কিবা বেয়া বস্তু দেখা নাইতো৷”হেই এইটো৷এই ৰাতিখন কিনো অমংগলীয়া কথাবোৰ কৈ থাক৷”বিভূতিয়ে ভেকাহি মাৰি ক’লে৷বিভূতিৰ ভয়টো মোতকৈও বেছি৷সি ভয় খাব বুলি মই বিশেষ একো নকলো৷বিভূতিয়ে বতৰটোৰ আলেখলেখ চাই খিৰিকীৰ কাষত ৰৈ আছিল৷হঠাৎ সি মোক চিঞৰিলে,”ঐ এইফালে চাচোন৷গেটৰ বাহিৰত কোনোবা এটা ৰৈ আছে৷চোৰ তোৰ নহয়তো৷মই টৰ্চটো মাৰি বাহিৰলৈ জুমি চালো,” ক’তা একোৱেই নাইচোন৷তোৰ কিবা ভ্ৰম হ’ল চাগৈ৷” হঠাৎ তলৰ চিৰিটোৰ পৰা কাৰোবাৰ খোজৰ শব্দ ভাহি আহিল৷মই কিবা কোৱাৰ আগেয়ে বিভূতিয়ে মোক মনেমনে থাকিবলৈ ইংগিত দিলে৷আমাৰ কোঠাৰ ওচৰ পায়  শব্দটো পুনৰ নাইকিয়া হৈ গ’ল৷অন্ধকাৰ চৌহদটো এইবাৰ পুনৰ নিৰবতাত বুৰ গ’ল৷”ঐ সেইটো কি আছিল৷বিভূতিয়ে চেপা মাতেৰে শুধিলে৷”মোৰো ইতিমধ্যেই ভয় লাগিবলৈ আৰম্ভ কৰিছিল৷মই মাত্ৰ লাহেকৈ মুৰটো জোকাৰি সেপধুকিলো৷কিবা পোৰা-পোৰা গোন্ধ এটাৰে ৰূমটো ভৰি পৰিল৷বিভূতিয়েও নাকত ৰূমাল ল’লে৷”ঐ সেইফালে সেইটো কি?”বিভূতিয়ে আতংক মিহলি কন্ঠেৰে শুধিলে৷বিভূতিয়ে আঙুলিৱো দিশত মই টৰ্চটো মাৰি দিলো৷টৰ্চৰ পোহৰত মই যিটোহে বীভৎস দৃশ্য দেখিলো সেয়া মই হয়তো জীৱনৰ শেষ মূহূৰ্তলৈকে নাপাহৰো৷খিৰিকীৰ কাষৰ বাৰ্ণাৰটোৰ কাষত ঠিয় হৈ ৰৈ আছিল এজন অগ্নিদগ্ধ যুৱক৷যুৱকৰ গোটেই শৰীৰত জুয়ে পোৰা দাগ আৰু মুখমণ্ডলত অৰ্দ্ধগলিত মঙহ৷যুৱকে আমাৰ ফালে চাই এটা কুটিল হাঁহি মাৰিলে৷প্ৰায় আধামিনিটমানৰ বাবে মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো৷” “ঐ এইটো কোনো মানুহ নহয়,পলা৷” বিভূতিৰ আৰ্তনাদ শুনি মই যেন জ্ঞান হে ঘুৰাই পালো৷আগপিছ নুগুনি ময়ো বিভূতিৰ পিছে-পিছে দৌৰিবলৈ ধৰিলো৷গৱেষণাগাৰৰ দুৱাৰখনলৈ এশ মিটাৰ মান থাকোতেই হঠাৎ মই আন্ধাৰে-মুন্ধাৰে কিহবাত উজুটি মাৰি হামখুৰি খাই পৰিলো৷উঠিবলৈ লৈয়ো প্ৰচণ্ড বিষত কেকাই উঠিলো৷হয়তো ভৰিখন ভাগিল৷ইতিমধ্যেই বিভূতি দৌৰি চিৰিৰ ওচৰ পাইছিল৷মোৰ কেকনি শুনি সি পুনৰ আমাৰ গৱেষণাগাৰৰ ফালে দৌৰ দিলে৷হঠাৎ প্ৰচণ্ড শব্দ কৰি গৱেষণাগাৰৰ দৰ্জাখন বন্ধ হৈ গ’ল৷বিভূতিয়ে বাহিৰৰ পৰাই চিঞৰি-চিঞৰি দৰ্জাখনত ধকিয়াবলৈ ধৰিলে৷মই চুচৰি-চুচৰি দৰ্জাখনৰ দিশত আগবাঢ়িলো৷পৰি থকাৰ পৰাই এবাৰ পিছলৈ ঘুৰি চালো অগ্নিদগ্ধ যুৱকজন মোৰ ফালেই আগবাঢ়ি আহিছে৷মুখত সেই কুটিল হাঁহিটো আৰু জ্বলন্ত চকুকেইটাত এক অনামী প্ৰতিশোধৰ চাৱনি৷যুৱকজন মোৰ যিমানেই ওচৰ চাপি আহিছে সিমানেই মোৰ চাৰিওকাষৰ উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে৷এইযেন কোনোবাই মোক একুৰা জুইৰ মাজলৈহে ঠেলি দিলে৷লাহে-লাহে কোঠাটোৰ বায়ুখিনিও গধুৰ হৈ আহিল৷মঙহ পোৰাৰ দুৰ্গন্ধ,গধুৰ আৰু গৰম বতাহ মোৰ উশাহটো ক্ৰমাৎ চুটি হৈ আহিল৷মই অনুভৱ কৰিলো এখন কঠোৰ হাতে প্ৰচণ্ড জোৰেৰে মোৰ ডিঙিটো চেপা মাৰি ধৰিছে৷অক্সিজেনৰ অভাৱত যেন মোৰ হাওঁফাওঁখন ফাটি ওলাই হে আহিব৷মই বুজি উঠিলো,মোৰ শেষ সময় সমাগত৷চকুলৈ অন্ধকাৰ নামি আহিল৷এই যেন মই শৰীৰৰ বন্ধনৰ পৰা মুক্ত হৈ মৃত্যুৰ কোলাত ধলি পৰিম৷তেনেতে নাতিদূৰৈৰ মছজিদৰ পৰা ফজৰৰ আজানৰ সুৰ ভাহি আহিল৷লাহে-লাহে মোৰ ডিঙিৰ ওপৰত চেপা দি থকা গধুৰ হাতখন আতৰি গ’ল,প্ৰায় একেসময়তেই বিভূতিয়ে বাহিৰৰ পৰা মৰা থেলাত গৱেষণাগাৰৰ দুৱাৰখনো খোল খাই গ’ল৷এজাক শীতল আৰু সতেজ বতাহ কোঠাটোলৈ সোমাই আহিল৷বিভূতিয়ে প্ৰায় দৌৰি আহি মোক সাবতি ধৰিলে৷মই দীঘল-দীঘলকৈ উশাহ লৈ বিভূতিৰ কোলাত ধলি পৰিলো৷
                   মই যেতিয়া চকু মেলো তেতিয়া মই বিশ্ববিদ্যালয়ৰ মেডিকেল ইউনিটৰ বিছনাত৷কাষত বিভূতি,কেৰাণী দাস দা আৰু হাজৰিকা ছাৰ৷প্ৰচণ্ড বৰষুণজাকত তিতি-তিতিয়েই সেইদিনা মোক বিভূতিয়ে দাস দাৰ ঘৰলৈ দাংকোলা কৰি লৈ গৈলিল৷কিছুসময়ৰ পিছত মেডিকেল ইউনিটৰ কোঠাটোলৈ উচুপি-উচুপি চকীদাৰ ভোগী দা সোমাই আহিল,”বাপু মোক মাফ কৰি দিয়া৷মোৰ বাবেই তোমাৰ এনেখন অৱস্থা!আচলতে মই কালিয়েই তোমাক কথাটো খুলি ক’ব লাগিছিল৷” “তই এইবোৰ কি কৈছ ভোগী৷”হাজৰিকা ছাৰে প্ৰায় আচৰিত হৈ সুধিলে,”ছাৰ আপোনালোক পঢ়া-শুনা মানুহ৷হয়তো মোৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান পাব৷সেয়ে মই কথাবোৰ ইমানদিনে কাকো কোৱা নাছিলো৷আজিৰ পৰা প্ৰায় বিশ বছৰ মানৰ আগৰ কথা৷তেতিয়া মই নতুন-নতুনকৈ চাকৰিত যোগদান কৰিছো৷আমাৰ বিভাগতে ৰজনী বৰা বুলি এটা ল’ৰা আছিল৷ল’ৰাটো কিবা খেয়ালী ধৰণৰ৷কাৰো লগতে বৰকৈ কথা নাপাতে৷ৰাতি প্ৰায়ে দেৰিলৈকে গৱেষণাৰ কাম কৰে৷এদিন ৰাতি গৱেষণাগাৰত জুই লাগিল৷পিছদিনা পুৱা মই আহি দেখো গৱেষণাগাৰৰ পৰা ধোৱা ওলাই আছে৷ইতিমধ্যেই গৱেষণাগাৰৰ এটা অংশ বেয়াকৈ জ্বলি গৈছিল আৰু ৰজনীৰ অৰ্দ্ধগলিত মৃতদেহটো দৰ্জাৰ ওচৰত পৰি আছিল৷হয়তো সি শেষমূহূৰ্তত দৌৰি পলাবৰ চেষ্টা কৰিছিল৷কিন্তু নাবাচিলে৷তেতিয়া গুজৱ ওলাইছিল যে ৰজনীৰ কোঠাত এখন চুইচাইড নোট উদ্ধাৰ হৈছৈ৷চুইচাইড নোটত লিখা মতে ৰজনীয়ে একেলেথাৰিয়ে কেইবাটাও চাকৰিৰ বাবে সাক্ষাৎকাৰত বহিও চাকৰি নাপায় ডিপ্ৰেছনত ভুগিছিল৷চাকৰি নোপোৱাৰ অজুহাতত তাৰ প্ৰেয়সীয়ে হেনো তাক এৰি এমাহমানৰ আগেয়ে চিকিৎসক এজনৰ সৈতে বিয়াত বহিছিল৷এনেবোৰ কাৰণতেই সেইদিনা ৰজনীয়ে শেষ ৰাতিলৈ গৱেষণাগাৰৰ ভিতৰতে নিজকে জ্বলাই দিছিল৷পিছে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ঘটনাটো দুৰ্ঘটনা বুলিয়েই গাপ দিছিল৷তাৰ পিছত মাজতে এই গৱেষণাগাৰটোতে নাইট ক্লাছো হৈছিল৷কিন্তু এনে কিছুমান ঘটনাৰ বাবেই কতৃপক্ষই দুমাহমানৰ ভিতৰতে নাইট ক্লাছো বন্ধ কৰি দিলে৷” কথাখিনি কৈ ভোগী কায়ে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷হাজৰিকা ছাৰে সেইবিষয়ে বিশেষ মতামত নিদদলম৷বিভূতিক মোৰ লগতে থাকিবলৈ কৈ আবেলি পুনৰ আহিম বুলি ছাৰ আৰু দাস দা ওলাই গ’ল৷আবেলিলৈ বিভূতি আৰু মই মোৰ ম্পৰ্কীয় মামা এজনৰ গাড়ীৰে যোৰহাটৰ আমাৰ ঘৰলৈ ঘুৰি আহিলো৷মোৰ ভৰিটো ভগা নাছিল কিন্তু বৰ বেয়াকৈয়ে মোছোকা খাইছিল৷সকলো শাৰীৰিক আৰু মানসিক অৱসাদৰ পৰা মুক্ত হওঁতে মোক প্ৰায় পোন্ধৰ দিন মান লাগিছিল আৰু সেই কেইদিন মই ছুটী লৈ ঘৰতেই আছিলো৷সেই অভিশপ্ত গৱেষণাগাৰটো এতিয়াও একেদৰেই আছে৷দিনৰ বেলা তাত প্ৰেক্টিকেলৰ ক্লাছো হ’য়৷কিন্তু মোৰ ঘটনাটোৰ পিছত হয়তো হাজৰিকা ছাৰৰ অনুৰোধত বিভাগীয় কতৃপক্ষই এক প্ৰশাসনিক নিৰ্দেশ যোগে সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ গৱেষণাগাৰটোত যিকোনো ব্যক্তিৰেই প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল৷

মক্কেলবাদ-অসম দেশৰ বিষম কথা


আমাৰ এই অসম মুলুকখন সঁচাকৈয়ে অদ্ভুত,মানুহবোৰ একো-একোটা জিনিছ আৰু বাদবোৰ পৃৃথিৱীৰ ভিতৰতেই বিৰল একদম one and only unique piece.প্ৰথমতেই আহিল অসম তথা ভাৰতৰ বাওঁপন্থী মহাবীৰসকল যাৰ সাদৃশ্য পৃথিৱীৰ আন কোনো দেশৰে বাওঁপন্থীৰ সৈতে আপুনি বিচাৰি নাপাব ৷আলেকজেণ্ডাৰে তাহানিতেই সেনাপতি চ্যেকুলাছক কৈছিল,”সঁচাকৈয়ে বিচিত্ৰ এই দেশ৷”এই বিচিত্ৰ দেশখনতে দুটামন ইংৰাজী বৰ্ণমালাৰ “C” আখৰেৰে আৰম্ভ হোৱা পাৰ্টী আছে৷মেনিফেষ্টোৰ শ্ৰেণী সংগ্ৰামক এই পাৰ্টীবোৰৰ সভ্যবোৰে তাহানিতে টালি-টোপোলা বান্ধি পবিত্ৰ গংগা নদীত উটুৱাই দি স্নান কৰি শুদ্ধি হ’ল৷সেই তেতিয়াই পেলালে যি পেলালে তেতিয়াৰ পৰাই আৰু শ্ৰেণী সংগ্ৰামক পাহৰি এওঁলোকে দিনৰ দিনটো গৰু খাব লাগে নে নালাগে,আফজল ভাল নে বেয়া,জয় শ্ৰী কমৰেড স্তালিন,জয় বাবা ভীম বুলিয়েই হামৰাও কাঢ়ি মৰিছে৷ইয়াৰে আম্বেদকাৰিষ্ট আৰু স্তালিনষ্ট জাতীয় বিচিত্ৰ প্ৰাণীকেইটাই অমুকাৰ গৱেষণাৰ মুল priority,দুদিনমানৰ আগেয়ে ৰাজ্যত মহাজোটবন্ধনৰ পৰাজয়ত এখেতসকলে যেনকৈহে হিকটীয়াই-হিকটীয়িই কান্দিলে সেয়া সঁচাকৈয়েই হৃদয় বিদাৰক৷সঁচাকৈয়েই সেইদিনা যদি মহাজোটবন্ধন বিজয়ী হ’লহেঁতেন অসমদেশ হাবি গুচি ছোভিয়েট ইউনিয়ন হ’লহেঁতেন৷
ইয়াৰ পিছৰটো জিনিচ হ’ল ফেচবুকৰ চেকুসকল৷এওঁলোকৰ মতে মন্নুবাদ বেয়া,জাতপাত বেয়া,শাখা সেন্দুৰ বেয়া,টোল বেয়া কিন্তু মাদ্ৰাজা,তিনি তালাক,বোৰ্খা,মোল্লা-মৌলবীৰ হুমকি গোড়ামি এইসব সংখ্যালঘুৰ ব্যক্তিগত কথা,সংবিধান প্ৰদত্ত অধিকাৰ৷ধৰ্ষণকাৰী যদি হিন্দু ঠিকমতে মন্নুস্মৃতিক গালি পাৰা,এইবোৰ তাৰেই ফল আৰু ধৰ্ষণকাৰী যদি মুছলমান অপৰাধীৰ কোনো ধৰ্ম নাই এতিয়া গান্ধীৰ বান্দৰটো হৈ বহি থাকা৷


এইখিনিতে কওঁ বাওঁপন্থা,সমাজবাদী আদৰ্শ আৰু সংবিধানে কোৱা ধৰ্মনিৰপেক্ষতাৰ আদৰ্শত ময়ো বিশ্বাসী৷কিন্তু ওপৰত এই অভাজনে উল্লেখ কৰা মক্কেলামিবোৰ মোৰ কস্মিনকালেও হজম নহয় আৰু এনে আচৰণবোৰে মই ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদক জনমানসত বিকৃত ৰূপত উপস্থাপিত কৰাত তৎপৰ এক বৃহৎ চক্ৰৰ কুটকৌশল আৰু কিছুমান আধাকেঁচেলুৱা মস্তিস্কৰ নিৰ্বোধিতা বুলিয়েই গণ্য কৰো৷ব্যক্তিগত পৰ্য্যায়ত মই শ্ৰেণীহীন সমাজৰ দৰ্শনৰ লেনিন মস্তিস্ক প্ৰসূত সাকাৰ ৰূপ অৰ্থাৎ সামসাময়িক ছোভিয়েটৰ আৰ্হিক গ্ৰহণ কৰো,অৱশ্যে স্তালিনক মই বৈজ্ঞানিক সমাজবাদৰ হত্যাকাৰীয়েই আখ্যা দিওঁ৷সেয়ে লেনিনোত্তৰ ছোভিয়েট ইউনিয়নৰ power vacuan সৃষ্ট আমোলাতান্ত্ৰিক সমাজবাদ মোৰ বাবে কেতিয়াও আদৰ্শ নহয়৷একেদৰেই মাওঁৰ ৰঙা চীনক লৈও মোৰ আপত্তি আছে৷কাষ্ট্ৰোৰ কিউবাই হয়তো সমাজবাদৰ বৰ্তমান পৃথিৱীৰ সৈতে খাপখোৱা সৰ্বোকৃষ্ট মডেল৷


ব্যক্তিগত কথাবোৰ বাদ দিয়ক ইয়াৰ পিছৰ মক্কেল অসমীয়া ভাৰ্চনটো কেৱল অসমতেই নহয় বৰঞ্চ ঐতিহাস্যিকভাবেই বিকৃত৷কথাটো শুনিলেই হয়তো আপোনালোকৰ মাজৰে বহুটো জাঙুৰ খাই উঠিব সেয়ে প্ৰথমে আত্মৰক্ষাৰ বাবে মোৰ যুক্তিভাগিও আগবঢ়াই থওঁ৷মই লিংগবৈষম্যহীন সমাজৰ আদৰ্শত বিশ্বাসী,অৰ্থাৎ সকলো লিংগৰ বাবে সম অধিকাৰ পুৰুষ,মহিলা,তৃতীয় লিংগ সকলোৰেই বাবে৷কিন্তু এইখিনিতেই কেণাটো লাগিল নহয়৷নাৰীবাদে পুৰুষতান্ত্ৰিকতাৰ বিৰোধিতা কৰি নিজৰ কথা হে ক’লে৷এতিয়া তৃতীয় লিংগই কি ক’ব “ঔ আই মোক আকৌ কিয় এঘৰীয়া কৰিলে৷” অৱশ্যে নাৰীবাদৰ অংকুৰণ হোৱা সমসাময়িক সমাজৰ প্ৰতি লক্ষ্য ৰাখি মই তৃতীয়লিংগৰ প্ৰসংগক আওকাণ কৰি যদিও ইয়াক এক প্ৰগতিশীল আদৰ্শ বোলো তেতিয়াও আহিল আকৌ আন এটা সমস্যা৷এই যে নাৰী-পুৰুষক সমান বুলি পোনছাটেই কৈ দিয়া হ’ল ইয়াৰ বৈজ্ঞানিক যুক্তিযুক্ততা কিমান৷আনুবংশিক বিজ্ঞানে কয় যে স্ত্ৰী পুৰুষ ক্ৰমজমীয় পৰ্য্যায়তেই পৃথক একেই নহয়৷ I repeat সমঅধিকাৰটোও পৃথক কথা,সমানটোও এটা বেলেগ আখ্যান৷সেয়ে মই প্ৰথমেই প্ৰগতিশীল ভাৱধাৰা হোৱাৰ পিছতো নাৰীবাদক বিকৃত আখ্যা দিছিলো৷
এতিয়া আহিলো অসমীয়া নাৰীবাদীৰ প্ৰসংগলৈ৷এওঁলোক প্ৰতিগৰাকীয়েই পৃথিৱীৰ অষ্টমটো আশ্বৰ্য্য৷নাৰীবাদৰ মূল ইচ্ছ্যু মানে gender বোলা শব্দটো আজিকালি এওঁলোকৰ অভিধানত এটা বিলুপ্তপ্ৰায় শব্দ৷অধিকাৰ বুলিলে এওঁলোকক বিশেষ একো নালাগে মালবৰ্ডোৰ ধোৱা,কিংফিচাৰৰ pint,International Women Day ৰ Bumper Offer সেয়াই আৰু লগতে শাখা-সেন্দুৰ-মংগল সূত্ৰকলৈ কিছু হাল্লা-দুল্লা আৰু মাজে-মাজে নিজকে প্ৰাসংগিক কৰি ৰাখিবলৈ পুৰুষ নামৰ প্ৰাণীবিধক দেখিলেই “Bloody Chouvinist Male” বুলি আকাশ-বতাহ কপাই মৰা এক প্ৰচণ্ড হুংকাৰ(কিংফিছাৰ,মালবৰ্ডো এইবোৰ সকলোৰে ব্যক্তিগত কথা৷সেই বুলি খাই-বৈ শ্ব অফ কৰিলেহে নাৰীবাদী হ’ব বুলি কোনো কথা নাই৷)একেদৰেই শাখা-সেন্দুৰ-মংগলসূত্ৰ পিন্ধি যদি কোনো নাৰীৰ ব্যক্তিগত স্বাধীনতা হৰণ হোৱা নাই সেয়াও তেওঁৰ ব্যক্তিগত কথা বা সেইবোৰ পিন্ধি যদি ভাল পাওঁ,পিন্ধিও থাকে তেন্তে তেওঁ প্ৰগতিশীল ন’হব বুলি ভবাটোও এক অবান্তৰ কথা৷ইয়াৰ উপৰিও ভূতৰ ওপৰত দানৱ পৰাৰ লেখীয়াকৈ মহিলাই পিন্ধে যেতিয়া পুৰুষেও সেন্দূৰ-মংগলসূত্ৰ পিন্ধিব লাগিব বুলি হুংকাৰ মৰাসকল অমুকাৰ মতে প্ৰগতিশীলটো নহয়েই বৰঞ্চ গছত লগা মূৰ্খহে৷

শেষত দুটামান মজাৰ উদাহৰণ দিওঁ এদিন ছিজাৰিন-নৰ্মেল ডেলিভাৰী সম্পৰ্কীয় পোষ্ট এটাত অমুকাই কমেণ্ট কৰিলে পৰাপক্ষত জটিলতাৰ সৃষ্টি ন’হলে নৰ্মেল ডেলিভাৰীয়েই better কাৰণ ছিজাৰিনৰ পৰবৰ্তী সময়ত মহিলাগৰাকীৰ হৰমোনেল ৰোগ হোৱাৰ সম্ভাৱনা যঠেষ্টখিনি বৃদ্ধি পায়৷কেইঘণ্টামানৰ পীড়াৰ বিপৰীতে জীৱনজোৰা ৰোগৰ ভাৰ৷ক’বলৈহে পালো এগৰাকী ৰেডিকেল নাৰীবাদী হাল্কৰ দৰে গুজৰি-গুমৰি জপিয়াই পৰিল৷বোলে সন্তান জন্ম দিম আমি৷বিষ সহিম আমি৷আপুনি ক’বলৈ কোন?মই ঢেকীয়াৰ ঠাৰি বেয়া পাওঁ সেয়ে নিসিজালো সিমানতে সামৰণি পাৰিলো৷ৰেষ্টুৰেণ্টত খাই আছে,অনৰ্গল স্মাৰ্ট মিছগৰাকীয়ে বয়ফ্ৰেণ্ডটোৰ আগত দাঁতভঙা ইংৰাজী শব্দটোৰে নাৰীবাদ সম্পৰ্কীয় বক্তৃতা দি আছে৷খোৱা-বোৱা শেষ বিলখন লৈ ৱেইটাৰৰ আগমন৷অথনিৰে পৰা ইমান ধুনীয়া-ধুনীয়া কথা কৈ থকা মেমযে পুৰা স্মাৰ্ট সেয়া নিশ্চিত হৈ ৱেইটাৰে তেওঁৰ ফালেই বিলখন আগবঢ়াই ক’লে,”মেম বিল প্লিজ৷” ৱেইটাৰে যেন কিবা সাংঘাতিক জগৰহে লগালে৷মেমে একেবাৰে উচাৎ মাৰি উঠি ৱেইটাৰলৈ ঘোপাকৈ দৃষ্টি ৰাখি ক’লে,”হেই মোক কিয় দিছা৷তেওঁক দিয়া৷”ধমক খাই ৱেইটাৰ সেইফালেই তভক মাৰিল৷মিছৰ সন্মুখত বহি থকা ল’ৰাটোৱেও পাৰ্চটো খুলি সেমেনাসেমেনিকৈ নোটকেইখনমান উলিয়াই দিলে৷বেচেৰাৰ চকুত এটা কৰুণ দৃষ্টি৷
আপুনি নাটক চাই ভাল পায়৷আপোনাৰ প্ৰিয় নাটক কি?মানে অসমীয়া নাটক?কহিনুৰ,আবাহন নে ভাগ্যদেৱীৰ দৰ্শনী?মোৰ বেলিকা আকৌ কথাটো সুকীয়া৷মই আকৌ ৰেডিকেল নাৰীবাদীয়ে চাকৰি কৰা দৰা বিচাৰি হামৰাও কঢ়া নাটকখন চাইহে সকলোতকৈ ভাল পাওঁ৷

বাৰু আজিলৈ বহুখিনি গালো-বালো৷প্ৰথমেই কৈছো সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাক মই সমৰ্থন কৰো কিন্তু I repeat সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ নামত চলা এই মক্কেলামিবোৰ নহয়৷নাৰীবাদ হয়তো সামসাময়িক সময়ৰ এক প্ৰগতিশীল ধাৰা আছিল৷পিছে বৰ্তমান সমাজত তৃতীয় লিংগৰ প্ৰসংগও সন্নিৱিষ্ট হোৱাত আমি তৃতীয় লিংগক সামৰি এক লিংগবৈষম্যহীন সমাজৰ আদৰ্শ গঢ়াৰ লক্ষৰে আগবঢ়া উচিত৷পুনৰ কওঁ নাৰী আৰু পুৰুষ সমান নহয়,প্ৰাকৃতিক ভাবেই পৃথক আৰু নাৰীবাদৰ নামত চলা শ্ব অফ আৰু মক্কেলামিবোৰ একোখন ব্লেক কমেডী৷
এই গোটেই তিনিওঁটা বাদৰ নামত মক্কেলামি কৰা বোৰৰ মাজত এক মূল সাদৃশ্য হ’ল৷এওঁলোকে সমালোচনা সহ্য নকৰে৷গালি-গালাজ পাৰে৷পিছে ১৫০০ টকীয়াৰ লেখিয়াকৈ নহয় দাঁতভঙা আলংকাৰিক শব্দবোৰে৷এওঁলোক বাবে ফেচবুকৰ ৱালখনেই পৃথিৱী আৰু ব্লকটোৱেই ব্ৰহ্মাস্ত্ৰ৷বিস্তীৰ্ণ গৱেষণাৰ অন্তত এওঁলোকৰ সন্মিলিতবাদটোক মই মক্কেলবাদ বুলিয়েই নাম দিয়াৰ ঠিৰাং কৰিলো৷এই মক্কেলবাদীবোৰ কৰোণা ভাইৰাছতকৈও ভয়াবহ,বিশেষকৈ teen agers ৰ বাবে infection mechanism টো একদম জম্বিৰ লেখীয়া৷এবাৰ মক্কেলবাদীয়ে মগজুত কামুৰিলে আৰু নিস্তাৰ নাই৷ভুক্তভোগীও অন্তত পৰিণত হয় মক্কেলবাদীত৷সেয়ে সময় থাকোতেই সচেতন হওঁক৷মক্কেলবাদীবোৰক চিনাক্ত কৰক আৰু মক্কেলবাদীৰ পৰা বৌদ্ধিক দুৰত্ব অব্যাহত ৰাখক আৰু কৈশোৰ কালতেই এই ৰোগৰ প্ৰতিৰোধৰ বাবে হায়াৰছেকেণ্ডীৰ ছাত্ৰছাত্ৰীসকলক বিশুদ্ধ সমাজবাদ,ধৰ্মনিৰপেক্ষতা আৰু লিংগবৈষম্য মুক্ত সমাজৰ আদৰ্শৰ ভেকছিন দিয়ক৷আজিলৈ সামৰিছো৷ধন্যবাদ৷

যুক্তিবাদ আৰু বিজ্ঞানৰ তুলাচনীত এটা প্ৰেমৰ সাধুকথা

কি যে এই প্ৰেম!প্ৰেমক লৈ যে কিমান সৃষ্টি আৰু প্ৰেমক লৈয়েই যে কিমান যুদ্ধ!শ্বেক্সপীয়েৰৰ ৰোমিঅ জুলিয়েট,ডান্টেৰ ডিভাইন কমেদী,হোমাৰৰ ইলিয়াদ৷সংগীত,চিত্ৰশিল্প আৰু স্থাপত্য সকলোবোৰই সৃষ্টিৰ আৰতেই চোন প্ৰেম৷প্ৰেমৰ বাবেই মহাভাৰত আৰু প্ৰেমৰ বাবেই ৰামায়ণ৷গৌতম বুদ্ধক যেতিয়া এজন জিজ্ঞাসু ব্যক্তিয়ে শুধিছিল ভালপোৱা আৰু ভাললগাৰ মাজত পাৰ্থক্য কি বুদ্ধই এটা মিচিকিয়া হাঁহিৰে উত্তৰ দিছিল তোমাৰ যদি এপাহি সুন্দৰ ফুলক ভাল লাগে তুমি ফুলপাহিক ছিঙি আনি সজাই থবা কিন্তু তুমি যদি সেই ফুল পাহক ভাল পাবলৈ আৰম্ভ কৰা মানে ফুলপাহিৰ প্ৰেমত পৰা তুমি প্ৰতিদিনেই ফুলপাহিৰ গুৰিত সাৰ পানী দি তাৰ যত্ন লবা৷জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ বুদ্ধৰ এই উত্তৰৰ পৰাই অনুধাৱন কৰিব পাৰি যাতে ভাল লগা(having crush on someone) সাময়িক আকৰ্ষণ কিন্তু ভালপোৱা বা প্ৰেম সুস্থিৰ(Love is stable).

প্ৰেমক লৈ নানা মুনিৰ নানা মত বহুজনেই কয় প্ৰেম এক স্বৰ্তস্ফুত স্বৰ্গীয় অনুভূতি,যদি কোনোৱে কয় প্ৰেম দৈহিক আন কোনোৱে আকৌ কয় প্লেটোনিক?প্ৰেমত পৰাৰ বাৰু নিৰ্দিষ্ট বয়স থাকেনে?প্ৰেম এবাৰেই হয় নে বাৰেবাৰে?এইদৰেই প্ৰেমক কেন্দ্ৰ কৰি শতাব্দীযুৰি অব্যাহত আছে নানাটা বিশ্বাস নানাটা প্ৰশ্ন৷আজিৰ লেখনিটোত আমি বিজ্ঞান আৰু যুক্তিবাদৰ আধাৰত এনে কিছুমান প্ৰশ্নৰেই উত্তৰ দিবলৈ চেষ্টা কৰিব৷

হয় প্ৰেম স্বৰ্তস্ফুত কিন্তু প্ৰেম যিকোনো ভাল লগা আকৰ্ষণ পক্ৰিয়াৰে অন্তিম পৰ্য্যায়হে৷আকৰ্ষণ সদায়েই প্ৰেমৰ এক পূৰ্বৱৰ্তী স্তৰ৷অৰ্থাৎ আমাৰ প্ৰথমে ভাল লাগে তাৰ পিছত আমি ভাল পাবলৈ আৰম্ভ কৰো৷বুদ্ধই কোৱা ভাললগা আৰু ভালপোৱাৰ সংজ্ঞাত মই সম্পূৰ্ণৰূপে একমত মই মাত্ৰ ইয়াৰ সৈতে এক বৈজ্ঞানিক দৃষ্টিকোণৰ সংযোগ কৰিব বিছাৰো৷ভাললগাৰ আৰত ডপোএমাইন(Dopamine) হৰমোনে ক্ৰিয়া কৰাৰ বিপৰীতে ভালপোৱাৰ আৰত অক্সিটসিন(Oxytocin) হৰোমনে ক্ৰিয়া কৰে৷যিবিলাক পণ্য বা ব্যক্তিৰ প্ৰতি আমি আকৰ্ষিত যাৰ সান্নিধ্য আমি উপভোগ কৰে তেনে প্ৰতিটো পণ্য বা প্ৰতিজন ব্যক্তিৰ বিপৰীতেই আমাৰ মস্তিস্কত ডপোএমাইনৰ নিঃসৰণ হয় উদাহৰণস্বৰূপে এজন চকলেটপ্ৰেমীৰ ক্ষেত্ৰত তেওঁ মুখত এটুকুৰা চকলেট ললে তেওঁৰ মস্তিস্কই ডপোএমাইন নিসৰণ কৰে৷সেয়ে তেওঁ চকলেট টুকুৰাৰ সোৱাদ বা সান্নিধ্য উপভোগ কৰে লগতে আকৰ্ষণবশত পুনৰ এটুকুৰা খোৱাৰ ইচ্ছা ৰাখে৷অৱশ্যে ডপোএমাইনৰ নিসৰণে দ্বায়িত্বশীলতা বৃদ্ধি নকৰে ইয়াৰ প্ৰতিক্ৰিয়া মাত্ৰ আকৰ্ষণৰ সৃষ্টি আৰু উপভোগতেই সীমাবদ্ধ৷কিন্তু ইয়াৰ বিপৰীতে যৌৱনৰ প্ৰেমৰ আৰৰ কাৰক অক্সিটোসিনৰ নিসৰণে প্ৰিয় ব্যক্তিজনৰ প্ৰতি আকৰ্ষণৰ সৃষ্টিৰ লগতে তেওঁৰ প্ৰতি দ্বায়িত্বশীল (responsible) হৈ সান্নিধ্য অথবা সংগ উপভোগত মূখ্য ভূমিকা পালন কৰে৷এনে নহয় যে অক্সিটোসিনৰ অৱদান কেৱল যৌৱনৰ প্ৰেমতেই সীমাবদ্ধ কাৰণ সন্তানৰ প্ৰতিও প্ৰতিগৰাকী মাতৃৰ মস্তিস্কই অক্সিটোসিন নিসৰণ কৰে অৰ্থাৎ ডেকা-গাভৰুৰ প্ৰেম আৰু মাতৃপ্ৰেম উভয়ৰেই আধাৰ এই অক্সিটোসিন৷

Oxytocin
Dopamine

অক্সিটোসিন আৰু ডপোএমাইনৰ মাজত আন এক মূখ্য পাৰ্থক্যই হৈছে ডপোএমাইনৰ নিসৰণৰ কোনো নুন্যতম বয়স সীমা নাথাকে কিন্তু অক্সিটোসিনৰ নিসৰণৰ নুন্যতম বয়সী সীমা ২২-২৮ বছৰ পৰ্য্যন্ত৷অৰ্থাৎ আমি ক’ব পাৰো যে প্ৰেমত পৰাৰ এক বয়স থাকে আৰু ব্যক্তি আৰু পৰিবেশ ভেদে এই বয়সৰ সীমা নুন্যতম ২২-২৮ বছৰ৷কৈশোৰৰ প্ৰেম(Teen Age Love) মূখ্যত প্ৰেম নহয় আকৰ্ষণহে অৱশ্যে যদি সংগীৰ সলনি নহয় তেনেহ’লে ২২ বছৰমান অতিক্ৰম কৰাৰ অন্তত অক্সিটোসিনৰ নিসৰণৰ আৰম্ভণিৰ লগেলগে ই প্ৰেমত পৰিণত হোৱাৰো সম্ভাৱনা থাকে৷

সুখ,দুখ,খং,ঈৰ্ষা আদিৰ দৰে প্ৰেমো হৰোমনে সৃষ্ট এক মানসিক স্থিতি মাত্ৰ য’ত কোনো যাদু বা অলৌকিকতা নাই৷সেয়ে আমাৰ আপাতঃ দৃষ্টিত প্ৰেম স্বৰ্গীয় নহয় বৰঞ্চ এক প্ৰাকৃতিক আৰু মানবীয় অনুভৱহে৷

এটা বহুলচৰ্চিত প্ৰশ্ন হ’ল প্ৰেম এবাৰেই হয় নে বাৰেবাৰে?আপাত দৃষ্টিত প্ৰেমক স্থায়ী বোলা হয় যদিও প্ৰেম প্ৰকৃততে স্থায়ী নহয় বৰঞ্চ এক সুস্থিৰ সম্পৰ্কহে(It is better to say love as a stable relationship rather than a permanent one),আজি যদি এজন বিশেষ ব্যক্তিৰ উপস্থিতিত আপোনাৰ মস্তিস্কই অক্সিটোসিনৰ নিসৰণ কৰিছে তেনেহলে কাইলৈ বিভিন্ন জটিল কাৰণবশতঃ সেই ব্যক্তিজনৰ সান্নিধ্যত মস্তিস্কই অক্সিটোসিন নিসৰণ কৰা বন্ধ কৰিব পাৰে আৰু আন কোনো ব্যক্তিৰ বাবে মস্তিস্কই অক্সিটোসিন নিসৰণ কৰা আৰম্ভ কৰিবও পাৰে৷আকৌ কোনো কাৰণবশতঃ আপোনাৰ মস্তিস্কই এজন ব্যক্তিৰ বিপৰীতে অক্সিটোসিনৰ নিসৰণ বন্ধ কৰি দিয়াৰ কিছু দিনৰ পিছত পুনৰ একেজন ব্যক্তিৰ ক্ষেত্ৰতেই অক্সিটোসিনৰ নিসৰণঃ আৰম্ভ কৰিব পাৰে৷সেয়ে আমি ক’ব পাৰো যে প্ৰেম এবাৰেই নহয় বাৰে-বাৰেও হ’ব পাৰে হয়তো একেজন ব্যক্তিৰ সৈতে অথবা বিভিন্নজনৰ সৈতে আৰু ইয়াৰ সৈতে তথাকথিত নৈতিকতাৰ কোনো সম্পৰ্ক নাই৷অৱশ্যে এজন সুস্থ ব্যক্তিৰ মস্তিস্কই একেসময়তে দুজন সংগীৰ বাবে অক্সিটোসিনৰ নিসৰণ কৰিবলৈ অক্ষম সেয়ে সমান্তৰাল প্ৰেম(parallel love)-একে সময়তে একাধিক ব্যক্তিক প্ৰেম কৰাক প্ৰাকৃতিক আচৰণ বুলিব নোৱাৰি৷

প্ৰেম বনাম যৌনতা এটা জটিল বিষয়৷অক্সিটোসিন আৰু যৌনতাৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই আৰু ই যৌন হৰমোনৰ শাৰীটো নপৰে৷অৱশ্যে আমাৰ মনস্তাত্বিক দিশৰ সৈতে জড়িত বিভিন্ন হৰমোন সমূহৰ প্ৰতিক্ৰিয়া একক নহয় বৰঞ্চ এখন জালিকাসদৃশ৷আমাৰ সম্পূৰ্ণ মনস্তত্বিক দিশটো যদি এখন মকৰাৰ জাল তেনেহ’লে প্ৰেমৰ আধাৰ অক্সিটোসিন আৰু যৌনতাৰ আধাৰ স্বৰূপ টেষ্টোষ্টিৰণ(testosterone),ইষ্ট্ৰোজেন(estrogen)ৰ দৰে যৌন হৰমোনবিলাক সেই একেখন জালৰে আৰ্ন্তসম্পৰ্কযুৰ্ত একো-একোডাল সূতা মাত্ৰ৷(interlinking thread of the same web)সেয়ে বহুজনে কোৱাৰ দৰে প্ৰেম শৰীৰবৰ্হিভূত বা পেল্টোনিক নহয় নহয় বৰঞ্চ শৰীৰ সৈতে আৰ্ন্তসম্পৰ্কযুক্ত এক মানসিক স্থিতি(a mental state related to one’s body and it’s need),ইয়াৰ উপৰিও আমি পূৰ্বেই উল্লেখ কৰাৰ দৰেই প্ৰেম আৰু যৌনতাৰ সৃষ্টিৰ আৰৰ উভয়প্ৰকাৰৰ হৰমোনেই যিহেতু একেখন আৰ্ন্তজালিকাৰে একোডাল সূতা সেয়ে যৌনতাৰ অবিহনে প্ৰেমৰ সম্পৰ্ক সুখপ্ৰদ আৰু চিৰস্থায়ী এটাও হ’ব নোৱাৰে৷

Testosterone
Estrogen

নিস্বাৰ্থ প্ৰেম বহুতো কালজয়ী সাহিত্য কৰ্মৰ এক মূখ্য পটভূমি বা আধাৰ৷কিন্তু সঁচাকৈয়েই প্ৰেম নিস্বাৰ্থ নে?প্ৰকৃততে এজন ব্যক্তিয়ে তেওঁৰ সংগীজনৰ সান্নিধ্যত মানসিক,আবেগিক আৰু যৌন এই কেউবিধ ক্ষুধা নিবাৰণ কৰি পৰিপূৰ্ণতা লাভ কৰাৰ প্ৰয়াস কৰে,অৰ্থাৎ নিজৰ অসম্পূৰ্ণতাখিনিৰ অন্ত পেলাই পৰিপূৰ্ণ হোৱাৰ আশা ৰাখে৷অৰ্থাৎ একোটা প্ৰেমৰ সম্পৰ্কত উভয় সংগীয়েই এজন আনজনৰ পৰিপূৰক(a kind of symbiosis like lichen) আৰু যি সম্পৰ্কৰৰ সৈতে প্ৰয়োজন পূৰণৰ তাগিদা বা কিবা পোৱাৰ আশা সংপৃক্ত হৈ থাকে তাক নিস্বাৰ্থ বোলাৰ কোনো অৱকাশেই নাই৷

আমি পূৰ্বেই উল্লেখ কৰিছো প্ৰেম সম্পৰ্কে নানা মুনিৰ নানা মত৷কিন্তু আমাৰ এই লেখনিৰ উদ্দেশ্য কল্পকথা,মনেসজা কথা,টেবু বা মিথ বিলাকৰ আৰকাপোৰ আতৰাই বৈজ্ঞানিক আৰু যুক্তিবাদী দৃষ্টিৰে প্ৰেমৰ এক বিশুদ্ধ পৰ্ট্ৰেইট অংকণ কৰা৷বিজ্ঞানে কয় প্ৰেমে প্ৰতিজন ব্যক্তিৰ জীৱনলৈ পৰিপূৰ্ণতা,প্ৰশান্তি আৰু জীৱনবোধৰ আকাংক্ষা কঢ়িয়াই আনে৷দৰ্শন শাস্ত্ৰই কয় প্ৰেম নকৰাজন কেতিয়াও মানুহ হ’ব নোৱাৰে আৰু পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো প্ৰতিষ্ঠিত ধৰ্মই প্ৰেমকেই ধৰ্মৰ আধাৰ বুলি স্বীকৃতি দিছে৷প্ৰেমৰ বাবেই হয়তো আমাৰ এই পৃথিৱীখন ইমান সুন্দৰ,প্ৰেমৰ বাবে হয়তো আমি পশুতকৈ পৃথক,প্ৰেমৰ বাবেই এই মানৱতা আৰু প্ৰেমৰ বাবেই প্ৰতিটো কালজয়ী সৃষ্টি৷সেয়ে আমি সদায়েই প্ৰেমৰ পক্ষত৷

Darkness

(1)
We’ve lost our friend once who loved to write poem before holding the machine gun,
We’ve lost our young brothers at their bed
Their bodies are partially melted beneath a bunch of burning tiers,
They’ve raped my sisters and thrown her naked body in the paddy field,
Under the darkness of night they tortured my old father and have threatened my helpless mother,
But I didn’t pour a single drop of tear
Because I know sun will definitely shine
Darkness is not forever.

(2)

We’ve lost our another friend who came to protect the island and this time in your hand
We’ve lost our brothers and sisters at the school field,
Their blood and flesh were scattered everywhere in the field,
This time I can’t stop my tears,
You’ve killed my poor father for money,
You’ve tortured my mother for food,
and I’ve lost my grandpa in the bomb blast of the market.
Is it revolution!
Do you know I’ve nothing to lose.
We’ve nothing to lose.
We’ve lost everything even the hope.
Darkness is forever
There’ll be no sunrise.
Only darkness till the end of time.
(In the loving memory of Kabir Ranjan Saikia)

নোৱাৰ নাওঁ

এইমখাৰ পৰা আৰু শান্তি নাই৷ঠাণ্ডা দিনটো ক’ৰবাত লুকাই থাকে,খোলাৰ শামুকটোৰ দৰেই,ইহঁত পিছে খোলাধাৰী নহয়!হয়তো ৰান্ধনিঘৰৰ কোনো এলান্ধুকলীয়া চুকত,শীতনিদ্ৰা!খাদ্যৰ প্ৰয়োজন নহয়৷কিন্তু জীয়াই থাকে৷আপোনাৰ আৰু মোৰ দৰেই, হয়তো দীঘল-দীঘলকৈ উশাহত নিজৰেই অজানিতে টানি লয় অম্লজান,নিশাহত এৰি দিয়ে৷উশাহ লৈ থকাইটো জীৱন!চিন্তাৰ প্ৰয়োজনেই বা কি আৰু সৃজশীলতাৰ!মাৰ্ক্সৰ মৃত্যুত এংগলছে কৈছিল আজিৰ পৰা আৰু এই মানুহজনে চিন্তা নকৰে!কিন্তু আজিকালি মোৰ চহৰৰ বেছিভাগ মানুহেই চিন্তা নকৰে৷মাত্ৰ উশাহত অম্লজান নিশাহত কাৰ্বনডাইঅক্সাইড৷দুটকীয়া চাউল,এটকীয়া আটা,শৌচ কৰিবলৈ এটা পকী শৌচাগাৰ আৰুনো দুদিনীয়া জীৱনত কি লাগে!ধনী মানুহবোৰে ওখ অট্ৰালিকাত সংসাৰ পাতে,শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰই ঘৰ্মাক্ত শৰীৰৰ অৱসাদ গুচাই,ভগা-ছিগা ৰাস্তাৰে দুচকীয়া-চাৰিচুকীয়া মটৰ দৌৰে,কল কাৰখানাই ক’লা ধোৱা উৰুৱাই,বেংকৰ কেৰাণী বাবুৱে নোট গণে৷এংগলছে নিচিন্ত চহৰখনক বাৰু কি বুলি ক’লেহেঁতেন মৃতদেহৰ চহৰ নে লুচিফাৰৰ নৰকৰ অগ্ন শিখা!কি যে অনৰ্গল গাই আছো ক’ত মাৰ্ক্স,ক’ত এংগেলছ মইতো সিহঁতৰ কথা কৈ আছিলো৷জহকালি মাজৰাতি হঠাৎ ৰান্ধনী ঘৰলৈ সোমাই আহি লাইটটো জ্বলাবলৈকে নাপাওঁ৷এটা ভাতৰ  টেবুলত,দুটামান ষ্টোভত আৰু এজাকমানে সভা পাতি থাকে মজিয়াত৷কোনোবাটো গালৈকে উৰি আহে৷উচপ খাই যাওঁ৷আজি যদি লক্ষ্মণৰেখা,কাইলৈ হিট স্প্ৰে৷পুৱাই দুটামানৰ নিথৰ দেহ,ৰাতিলৈ আকৌ এটা নতুন আড্ডা৷কাচাব,মেমোন,গুৰু,লাডেন,এব্ৰেটাবাদ৷চত্তীশগড়ত নিৰ্বাচনৰ পূৰ্বে আকৌ এটা আক্ৰমণ!শ্বহীদ জোৱানৰ ফটো ওলমি ৰয় ৰাজনৈতিক দলৰ নিৰ্বাচনী বেনাৰত!দিল্লী কাণ্ডৰ চাৰিটাক ফাঁচী দিলে৷না, ধৰ্ষণ শেষ হোৱা নাই৷সদায় এটা ব্ৰেকিং নিউজ৷নাৰীবাদীয়ে চিঞৰে লাইটৰ পোষ্টত যৌনাংগ কাটি ওলোমাই দিয়ক!পিছদিনা আকৌ সামাজিক মাধ্যমত যুক্তি দিব আমি গণপ্ৰহাৰৰ বিৰোধী!মই নিৰ্লপ্তভাবে ছিগাৰেটৰ ছাইখিনি পেলাই হুমুনিয়াহ কাঢ়ো,”ন্যায়িক হত্যা”ৰ অৱসান ঘটক৷সিপাৰৰ পৰা টকিঅ’ ট্ৰায়েলৰ ন্যায়ধীশ পাউলে যুক্তি দিয়ে,”Justice can’t be obtained at the end of a rope.”মুঠতে শান্তি নাই৷পাকঘৰ চাফা কৰো,নতুন-নতুন পদ্ধতি,নতুন-নতুন কীটনাশক,ভাড়াঘৰো সলালো,একেবাৰে ছয়মহলাত ওহো শান্তি নাই৷মুঠতে এই অত্যাচাৰৰ পৰা ন্যায় লাগে,স্বাধীনতা লাগে,সাৰ্বভৌমত্বৰ দাবীত মই অটল৷যোৱাকালি দেখিলো এটাই লুকাই-লুকাই মজিয়াত বিস্কুটৰ গুৰিবোৰ চেলেকি আছিল৷যি নহওঁক লুকাই খোৱাই শ্ৰেয়৷সাবধানীৰ মৰণ নাই৷বিস্কুটেই হওঁক কিম্বা চৰকাৰী টেবুলৰ তলৰ ধন৷ন’হলে পৰিণতি একেই আমাৰ বাবে আইনী মেৰপেছ সিহঁতৰ বাবে এপাত ছেন্দেল৷পিঠিখন তেলেতীয়া ৰঙা দেখিলেই কিবা লেতেৰা-লেতেৰা লাগে৷পেটেকি দিলে হালধীয়া-হালধীয়া এগালমান পিটিকা কিম্বা ছাটনি৷অৱশ্যে ৰাজনীতিতকৈ লেতেৰা নহয়, সেয়া মই নিশ্চিতৰূপত ক’ব পাৰিম৷৮৫৫ জন শ্বহীদ,নেলী-চাউলখোৱা,অসম্পূৰ্ণ এন আৰ চি,ৰাম মন্দিৰ,বাবৰি মছজিদ,মোহম্মদ আখলাখ,ফ্ৰীজৰ ছাগলী মঙহ,গোষ্ঠী সংঘৰ্ষ,এসোপা মৃতদেহ,নিৰ্মীয়মাণ সাংসদভৱন৷ওকালি আহি যায়৷ইহঁতৰ চৰ্দাৰ এটাক কোনোবা জনতাই পেটেকি দিলে বাৰু কি হ’ব!আকৌ প্ৰাণ পাই উঠিব নেকি ফৰাচী বিপ্লৱৰ মামৰ লগা গিলোটিন বিলাকে!এটাই লগৰ এটাৰে নিথৰ দেহাটো কুটি আছে৷অলপ পিছতে পৰুৱা লাগিব৷কৰবাত পঢ়িবলৈ পাইছিলো তুষাৰবৃত্ত পৰ্বত শৃংগ এটাত খুন্দা খাই পতিত বিমান এখনৰ বাচি যোৱা যাত্ৰী সকলে মৃত সহযাত্ৰীবোৰৰে পঁচা মঙহ খাইছিল৷দুমাহমান পিছত চৰকাৰে উদ্ধাৰ কৰিছিল৷সেইকেইদিন সহযাত্ৰীৰ কেঁচা হাড়বোৰো চোবালে৷এইটো সাধাৰণ কথা৷মানুহেটো মানুহৰ মঙহ খায়েই জীয়াই থাকে৷সেয়ে কাৰখানাৰ মালিকৰ পেটতো তিলতিলকৈ বাঢ়ি যায় আৰু শ্ৰমিকবোৰৰ কামিহাড়বোৰ গণিব পৰাকৈ ওলাই পৰে আৰু শেষত বুভুক্ষাত শ্ৰমিকৰ কৰুণ মৃত্যু৷Law of Surplus!ক’ৰবাত পঢ়িছিলো এইসোপাৰ মুৰটো কাটি দিলেও বোলে ছয় সপ্তাহ জীয়াই থাকে শেষত খাদ্যৰ অভাৱতহে মৃত্যুক সাবতে৷স্নায়ুতন্ত্ৰটো আমাৰটোৰ দৰে অৰ্গেনাইজদ নহয়৷আমাৰ ব্যৱস্থাটোও অৰ্গেনাইজাদ নহয় চাগৈ৷সেয়ে ইমান সত্যাগ্ৰহ,বিপ্লৱ,আন্দোলনৰ পিছতো নিহিলে৷মুঠতে ইহঁতৰ পৰা শান্তি নাই৷বাথৰূমৰ লাইটো জ্বলাই দিলো৷এটাই দেৱালত শুং জোকাৰি হয়তো মোলৈকে চাই আছে৷প্ৰস্ৰাৱ কৰি-কৰি মই ভোৰভোৰালো,” চাল্লা নোৱাৰ নাওত কোনো বেলেগ প্ৰাণী নাছিল৷এটা আছিল বুৰ্বক নোৱা আৰু এটা মহা সিয়ানা পইতাঁচোৰা৷নোৱা কাহানিবাতেই ধুকাল৷এই বজ্জাতটো থাকি গ’ল৷এতিয়াও বেৰত শুং জোকাৰি মই প্ৰস্ৰাৱ কৰাই চাই আছে৷”