নন্দনকানন(Warning 18+ content)

আদাম আৰু ইভ নন্দনকাননত উমলি আছিল৷নগ্ন শৰীৰ,প্ৰশান্ত মন,কপালত চিন্তাৰ লেশমাত্ৰ চিনো নাই৷জোপোহাৰ আৰৰ পৰা নৰকৰ সম্ৰাটৰ আজ্ঞাবাহী দূতে কুটুৰি আছে৷বাৰে-বাৰে প্ৰলোভন দিছে৷খাই চোৱা৷কি যে সোৱাদ৷আদামে নাজানে সোৱাদৰ সংজ্ঞা কি?এপাকত চিঙি আনিলে সোণালী আপেলটো৷এচকল কামুৰি ইভলৈ আগবঢ়াই দিলে৷সোৱাদটো জানো কেনে আছিল!সোৱাদটো গম পোৱাৰ পূৰ্বে আদাম আৰু ইভ খহি পৰিল এখন আদিম অৰণ্যত,”the paradise lost”৷পুবে ফেহুজালি দিলে,সোণালী কিৰণ চকুত পৰাত আদামে ইভৰ উলংগ শৰীৰটোলৈ অপলক ভংগীৰে চাই ৰ’ল৷এক অজান শিহৰণ ইভৰ বুকুৰেও একে সময়তে ঢৌ খেলাই গ’ল৷আদিম সংগীতৰ সুৰ বিচাৰি আদামে ইভৰ বুকুখন খেপিয়াই চালে আৰু এদাল সাপৰ দৰে মেৰিয়াই ধৰিলে ইভৰ শৰীৰ নিম্নাংশ৷ইভে চকুহাল মুদি দীঘলকৈ উশাহ ললে৷বতাহত আদামৰ ঘাম মিশ্ৰিত বনফুলৰ সুবাস৷ইভে বতাহজাক উজাই ল’লে৷তাইৰ চকুৰে এটোপাল তপ্ত অশ্ৰু সৰি পৰিল আদামৰ হাতত৷আদাম যেন ক্ষণিক বিচলিত হ’ল৷দুবাহুৰ বলীষ্ঠ মাংস পেশীত ইভক আলফুলে সাবটি ওঠদুখন গুজি দিলে৷ইভে এটা মৃদু গেঙেৰি মাৰিল৷আদাম যেন পূৰ্বতকৈ কিছু চঞ্চল হৈ পৰিল৷এজন পৈণত চিত্ৰশিল্পীৰ দৰে ইভৰ বোৱতী নদী হেন গাভৰু শৰীৰৰ প্ৰতিটো ভাজত খৰকৈ বোলাই গৈছে হাত,নিজৰেই অজানিত,এক সম্পূৰ্ণ উকা মন লৈ৷খালী মন,চিন্তাৰিক্ত অৱস্থা,যেন আদামৰ নন্দনকাননৰেই আন এটা আবেলি৷ইভে মাত্ৰ চকু মুদি অনুভৱ কৰাৰ চেষ্টা কৰিছে বুজ লবলৈ এক নতুন সোৱাদৰ,আপেলটোৰ দৰে৷এবুকু মিঠা বিষ উজাই আহিল,ইভে এটা আস্ফুট গেঙনি মাৰি পুনৰ চকুকেইটা জপাই দিলে৷ইভৰ দুভৰিৰ মাজেৰে এসোঁতা কেঁচা তেজ বৈ আহিল৷আদামে ফোপাই-ফোপাই যেন মৰুতৃষ্ণা খেদিছে৷ইভে মাজে-মাজে কাতৰ গেঙনি মাৰে৷আদামে মৰুদ্যানত পানী খালে,মৰুতৃষ্ণা পলাল৷ইভে অন্তৰৰ সমস্ত আকুলতাৰে আদামক সাৱতি ধৰিলে৷কিয় নাজানো আদামৰ আবেগভৰা কন্ঠই হঠাৎ কৈ উঠিল,”ইভ তুমি মোৰ,চিৰদিনৰ বাবে৷মোক নন্দনকাননৰ প্ৰয়োজন নাই৷তাত শৈশৱ আছিল কিন্তু সেই শৈশৱত পূৰ্ণতা নাছিল৷” কপাকপা ওঠেৰে এটা চুমা গুজি দি ইভে মৃদুকৈ ক’লে,”আমাক নন্দন কানন নালাগে আদাম৷মই তোমাৰ সদায়ৰ বাবে৷স্বৰ্গৰ পৰা ভগৱানে মিচিকিয়াই ক’লে,”সিহঁতে নন্দনকানন ঘুৰাই পালে,”the paradise regained.”নৰকৰ অগ্নিশিখাত বহি লুছিফাৰে আওৰাইছিল,”দৰ্শন এটা মিথ!প্লেটোৱে মোক ভালকৈয়ে ঠগিলে৷প্লেটোনিকৰ নৰকৰ পৰা সিহঁত মুক্ত৷কাৰণ শৰীৰক লৈ সিহঁত অসংবেদনশীল বেয়াকৈয়ে৷সিহঁতে নন্দনকানন ওভোটাই পালে৷Love is the divine and orgasm is the paradise,Heaven is empty all the beautiful angels are in the Adam’s world.”

পৰাগ দাৰ আদৰ্শ-এখন বিকৃত পৰ্ট্ৰেইট,ৰাষ্ট্ৰযন্ত্ৰৰ কুটকৌশল আৰু আমাৰ কৰ্তব্য৷

প্ৰচণ্ড অসুস্থতাৰ মাজেৰেই আজিৰ আগবেলাটো কটাই দিলো৷এতিয়া সামান্য সুস্থ অনুভৱ কৰিছো৷কথাখিনি হয়তো নিলিখিলোহেঁতেন৷মই আধুনিক ৰাষ্ট্ৰযন্ত্ৰ(বুৰ্জোৱা ব্যৱস্থা) এটাক যেতিয়াৰ পৰাই বুজিছো তেতিয়াৰ পৰাই এই সত্যৰ প্ৰতিদিন সন্মুখীন হওঁ৷আজি ভাইটি Anjuman Bharadwaj য়ে কোৱাৰ বাবে লিখাৰ প্ৰয়োজনবোধ কৰিলো৷ৰাষ্ট্ৰযন্ত্ৰই তোমাক তেতিয়ালৈকেহে জীয়াই থকাৰ অধিকাৰ দিব যেতিয়ালৈকে তুমি ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰয়োজনীয় হৈ ৰ’বা,ৰাষ্ট্ৰযন্ত্ৰৰ বিৰোধী মানেই মৃত্যু৷তোমাৰ মৃত্যুৰ পিছতো ৰাষ্ট্ৰযন্ত্ৰই তোমাৰ চিন্তাধাৰা বা আদৰ্শৰ এখন বিকৃত পৰ্ট্ৰেইট আঁকিব আৰু তোমাক পুনৰ হত্যা কৰা হ’ব কাললৈকে৷বিষ্ণু ৰাভাৰ পিছতে অসমৰ ইতিহাসৰ দ্বিতীয় এটা এনে ট্ৰেজিক চৰিত্ৰ পৰাগ কুমাৰ দাস৷ভাইটিজনে শুধিছিল আজি ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শত বিশ্বাসী সকলেও কিয় পৰাগ কুমাৰ দাসক পূজিছে?মোৰ বোধেৰে আজি অসমীয়াই পূজা পৰাগ কুমাৰ দাসজন টিছাৰ্টত ওলমি থকা শ্বে গুৱেভেৰাৰ দৰেই৷পৰাগ দাৰ ব্যক্তি পূজন হৈ আছে প্ৰতিবছৰে,প্ৰথমেই ব্যক্তি পূজন গ্ৰহণযোগ্য নহয়৷দ্বিতীয়তেই আমি পূজা কৰা পৰাগ দাৰ সত্বাও বিকৃত৷আজি পৰাগ দা মানে জনমানসত এজন ৰোমান্তিক বিপ্লৱী,যি স্বাধীন অসমৰ সপোন দেখিছিল,আলফাৰ কট্ৰৰ সমৰ্থক আছিল৷ওহো ভুল!ভুল!কৈছো নহয় পৰাগ দা টিছাৰ্টৰ গুৱেভেৰা নহয়৷তেওঁৰ চিন্তাত ৰোমান্তিকতাৰ পৰিবৰ্তে ভবিষ্যৎৰ অৰ্থনৈতিক বুনিয়াদৰ বাস্তৱসন্মত পৰিকল্পনা আছিল,অতিকেন্দ্ৰীভূত শাসনৰ পৰিবৰ্তে সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় গণতন্ত্ৰ ন’হলেও তেনেকুৱা কিবা এক সুপ্ত বিচাৰধাৰাই আছিল,আবেগসৰ্বোচ্চ বিচ্ছিন্নতাবাদৰ বিপৰীতে আৰু শোষণৰ বিৰূদ্ধে মুক্তিৰ দাবীত এক প্ৰচণ্ড যুক্তিবাদী কন্ঠ ফুটি উঠিছিল৷পৰাগ দা মুক্তিবাহিনীৰ কট্ৰৰ সমৰ্থক নাছিল,বন্দুকৰ প্ৰাথমিকতাৰ কথাও কোৱা নাছিল ন’হলে ছাংলট ফেনলাত তেওঁ দিগন্তৰ মুখেৰে কিয় কোৱাইছিল  হিৰোহোণ্ডা আৰু বন্দুকৰ মোহত সংগঠনলৈ অহা ডেকাই এদিন সংগঠনৰ সৰ্বনাশ কৰিব বুলি৷মোৰ দৃষ্টিত পৰাগ দাৰ সৈতে পেলেষ্টাইনৰ বিপ্লৱী কবি মোহমোদ্দ ডাৰউইছৰ চিন্তাৰো কিছু সাদৃশ্য আছে৷ডাৰউইছক আজি মই চিনি পাওঁ,পৰাগ দাক পেলেস্তাইনী বাদেই দিয়া অসমীয়ায়ো সঠিককৈ চিনি নাপায়৷কৈছোৱেই নহয় টি ছাৰ্টৰ গুৱেভেৰা বুলি ভাবে৷কাৰণ মৃত্যুৰ পিছতো পৰাগ দাসৰ মূৰ্তিপূজন আৰু আদালতত জানিশুনিয়েই এঘড়ী বিফল যুঁজ দিয়াৰ বাদে একো ন’হল৷না গৱেষণা হ’ল,না অনুবাদ হ’ল,ছাংলট ফেনলাক ডিজিটেল ৰূপত পঢ়িবলৈ পাইছিলো আৰু নাজানো৷ছাংলট ফেনলাৰ বাদে বাকীবোৰ হয়তো হেৰাই যাব৷অসমীয়াই কয় কলাগুৰু৷কাইলৈ ক’ব বিপ্লৱৰ উপন্যাস লিখা পৰাগ দা৷আজিৰ দিনটোত যে ভাইটিয়ে কোৱাৰ দৰে কট্ৰৰ ৰাষ্ট্ৰীয়তাবাদীয়েও পূজিছে সেইবোৰ hypocrisy চলি থাকে,চলিয়েই থাকিব,ঔপন্যাসিক বনাই দিব পাৰিলে hypocrisy কৰাৰো কাৰণ নাই৷এইসকলোবোৰতো ৰাষ্ট্ৰযন্ত্ৰৰেই সফলতা৷ৰাষ্ট্ৰযন্ত্ৰ পূৰ্বতকৈ শক্তিশালী হৈছে,প্ৰযুক্তি আৰু অভিজ্ঞতাই অধিক শক্তিশালী কৰিছে,তাৰ মাজতো আমি পৰাগ দাৰ আদৰ্শক সঁচাৰ্থত বুজি উঠ প্ৰবাহিত কৰিব লাগিব গোলকীয় পৃথিৱীৰ প্ৰতিটো শোষিত জাতিসত্ত্বালৈ,প্ৰতিজন ব্যক্তিলৈ৷আমি ৰাষ্ট্ৰযন্ত্ৰৰ বন্দুকৰ নলীৰ সন্মুখত ঠিয় দি বুকু ফিন্দাই ক’ব পাৰিব লাগিব মানুহ হিছাপে জীয়াই থকাৰ অধিকাৰ দিয়া৷

নোৱাৰ লুপ্ত সৰগ!

এই ধৰক দুকাপ চাউল,তিনিকাপ পানী,প্ৰেচাৰটোৰ ধাকনিখন নিকপকপীয়াকৈ মাৰি গেছত উঠাই দিলে৷দুটা চিটি৷দহমিনিট পিছত নুমাই দিলে এসাঁজ ভোকৰ ভাত৷পাচ মিনিটত আধাসিজা ভাত,আধাঘন্টাত চাউলখিনি দেই যাব৷আপুনি ফলাফলকেইটা জানে৷চাউল,পানী,সময় কোনোটোৱেই ধ্ৰুৱক নহয়৷মই বাকীবোৰ স্থিৰ কৰি সময়ৰ তাৰাতম্য ঘটাই উদাহৰণটো দিলো৷এই যে কাৰকবোৰ সালসলনি কৰি বিভিন্ন ফলাফল এক পুৰ্বনুমান কি বুলি ক’ম৷এলগৰিথিম নে আন কিবা৷নাম গৌণ চিন্তাটোহে মূল৷ “A rose by any other name would smell as sweet”, এই ধৰক ধৰি ৰলো গোটেই কাৰবাৰটো এটা এলগৰিথিম৷ধৰিহে লৈছো গোটেই কাৰবাৰটোৱেই ধৰি লোৱা৷সম্ভাৱনা,probability lies between zero and one যদি এক তেন্তে বাস্তৱ,সীমাহীন সমান্তৰাল বাস্তৱৰ মাজত ভাসমান আন এটা বাস্তৱ আৰু যদি শূণ্য হ’য় অবাস্তৱ৷দুৰ্ঘটনা বুলিটো একোৱেই নাথাকে৷মাত্ৰ সম্ভাৱনা৷বাস্তৱক একক বুলি ভবাবোৰ অবোধ,তাৰ পিছত কিছু বিবৰ্তন মাজেৰে দ্বৈত বাস্তৱৰ কথা কোৱা কিছুমান শিশু আৰু আমি কওঁ পুৱা,দুপৰীয়া,আবেলি,সন্ধ্যা,দোভাগ ৰাতি,পুৱতি নিশা৷সীমাহীন বাস্তৱ,অসীমত সীমা হেৰুৱাই পেলায় বাস্তৱে৷আমিবোৰ জ্ঞানী নহয়৷আমাৰ জ্ঞান সিন্ধুও নহয়,কিন্তু বিন্দুও নহয়,হয়তো এটা মাইলৰ খুটি৷আমি অন্তত এইটো বুজি উঠিছো জ্ঞান সমুদ্ৰত আমাৰ চিন্তাৰ পৰিধি এটা টোপাল মাত্ৰ৷এটা টোপাল আমাৰ দৰে মানুহবোৰৰ নামতো যি এলগৰিথিমবোৰক বুজি পাই৷ওহো সুস্বাদু ৰ’গেন জুছৰ ৰেছিপিখনৰ নহয়,ভবিষ্যৎৰ সময়ৰ৷আমি কম্পিউটাৰ কডবোৰৰ কথা বিশেষ নাজানো,কিন্তু সমাজৰ পৰিবৰ্তনশীল ক’ডবোৰৰ সূক্ষ্ম পৰ্য্যবেক্ষণৰে নিৰন্তৰ মস্তিস্কত প্ৰছেছিঙ কৰো৷বহু কিবাকিবিবোৰ মিলিও যায়,সকলোবোৰ নহলেও,যদি মিলি যায় এটা শুদ্ধ এলগৰিথিম আৰু যদি ভুল তেন্তে ইমানপৰে মই উত্তৰ সত্যৰ মৰীচিকা খেদিছিলো৷মোৰ নিজস্ব ভাষাত এটা অবাস্তৱ সাধুকথাৰ শূণ্য সম্ভাৱনাৰ মুৰখোৱা এলগৰিথিম৷এই দবাখেলখন সন্মুখত বহা মাত্ৰ দুজন খেলুৱৈয়ে নেখেলে,অসংখ্য মাটি ফুটি ওলোৱা খেলুৱৈ,অসংখ্য সমীকৰণ,সম্ভাৱনাৰ এখন মকৰাজাল- lots of smoke cover,মই এজন পক্কা খেলুৱৈ৷আমি বুজো আপোনালোকৰ fairy tell ৰ বাস্তৱবোৰ সঁচা নহয়৷এয়া আন এখন নৰকৰ উপন্যাস৷সম্ভাৱনাবোৰ লাগিলে যিয়েই নহক,যিটো এলগৰিথিমেই শুদ্ধ প্ৰমাণিত নহওঁক কিয় অন্তিম ফলাফল নৰকৰ জুয়ে দিয়া এচমকা ক্ষণিক পোহৰ মাত্ৰ৷চকুজুৰি মুদি দিলেই অসংখ্য ভবিষ্যৎৰ ছবিয়ে অগাদেওা কৰে যুদ্ধ,মৃত্যু বিভীষিকা,পুষ্টিহীনতা,বিলুপ্তপ্ৰায় মানৱতা,অশান্ত প্ৰকৃতি আৰু এমুঠিমান কংক্ৰিটৰ অট্ৰালিকাৰ হিৰন্ময় কোঠাত বন্দীত হাঁহিবলৈ পাহৰি যোৱা প্ৰস্থৰ মূৰ্তি৷কিন্তু আপুনি দবা খেলাখন এৰি পলাই আহিব নোৱাৰে৷এৰি দিব নোৱাৰে সমীকৰণৰ চৰ্চা৷কাৰণ আপুনি লোভী,স্বাৰ্থপৰ আৰু ভীষণ সংবেদনশীল৷যদি কাইলৈ আপুনি ল’কাৰটো খালি কৰাৰ আগেয়ে বেংকবোৰ বন্ধ হৈ যায়,যদি আপুনি গৰমৰ ছুটীত ফুৰিবলৈ যোৱা দেশখনত হঠাৎ বোমা ফুটে,আপুনি যদি সন্ত্ৰাসৰ জুইত হেৰুৱাই পেলায় আপোন মানুহবোৰক৷অভিশাপ,অভিশাপ সকলোবোৰ৷বুজিপালে একাকীত্বৰ আতৰি আহিলে সংশয়ৰ ভয় গণণাবোৰ চলি থাকে নৰকৰ শিখাৰ উত্তাপত সুন্দৰ দেৱদূতৰ মুখা পিন্ধা চয়তানৰ দলক চিনাক্ত কৰাৰ অন্তত অকলশৰেই প্ৰতিটো নিসংগ ৰজনী এটা অন্ধকাৰত বুৰ যোৱা কোঠাত৷ৰাতিপুৱাৰ বাতৰিবোৰৰ বাবে আপোনাৰ তিলমাত্ৰও উৎসাহ নাথাকে,পৰিসংখ্যাৰ তালিকাই স্পৰ্শ কৰিব নোৱাৰাকৈ আপুনি-মই কঠোৰ হৈ পৰো৷আবেগবোৰ অতীতৰ গহীন ৰাতিবোৰতেই উকা হৈ যায়,গণণাৰ সমান্তৰালকৈ৷কাৰণ আমি আগেভাগেই ভবিষ্যৎক দৰ্শন কৰা হতভগীয়া মানুহ,এইছ জি ৱেলচৰ সময়যাত্ৰীৰ দৰেই৷প্ৰথমে গায়টোন্দেৰ মাফিক সংলাপ গাইছিলো,”কভী কভী লগতা হ্যে চাল্লা আপুন হী ভগৱান হে৷” আজিকালি অনুভৱ হয়,”পৃথিৱীৰ আওভাও নোপোৱা এগালমান অবোধ শিশুৰ মাজত মই এজন নিসংগ বৃদ্ধ মানুহ৷” মাজে-মাজে নোৱা হোৱাৰ চেষ্টা কৰো৷নৰকৰ পৰা সৰগ বিচাৰি৷কিন্তু লাহেলাহে বুজি উঠিছো জ্ঞানবৃক্ষৰ ফলে সৰগৰ অৱসান ঘটালে৷মই হয়তো নোৱা হ’ব নোৱাৰিম,কেতিয়াও৷এলগৰিথিমৰ সাগৰত পুনৰ বুৰ মাৰো আৰু বুৰবুৰাও,”The beginning is the end,the end is the beginning,neither Adam nor nowah can lead you to paradise.”ক্ৰুছত যীশু ওলমি ৰ’ব সময়ৰ শেষলৈকে৷

The paradise lost
Hell is empty all the devil’s are here
Paradise জ্ঞানহীন শৈশৱ

বাৰ্তালাপ

খুব খৰকৈ উপন্যাসখনৰ পাত লুটিয়াইছো,”Probability of the enhancing rate of entropy beneath the shrine by a sudden wind from Arabian Sea to near Myanmar border through the heart of the green potato and paddy growing fields just before the upcoming new year’s eve. They’re not going to repeat the old school syllabus this time. Convergent benifits from the six corners of the octopus. Think it’s not illegal yet. Convergent benifits!” উপন্যাসখন সামৰি থ’লো৷লাইটটো বন্ধ কৰাৰ প্ৰায় লগেলগেই সৰু কোঠাটো অন্ধকাৰত বুৰ গ’ল৷ঘেৰঘেৰ শব্দ কৰি মুৰৰ ওপৰত ফেনখন ঘুৰি আছে৷টোপনিয়ে দুচকুত আমনি কৰোতেই বিছনাখন সাংঘাতিকভাবে জোকাৰণি খাই উঠিল৷ভূমিকম্প নহয় ফোন!কোনবা টপকি যোৱা নাইতো,ৰাতি সাধাৰণতে এনেকুৱা ফোনবোৰেই আহে৷ফোনটো চপাই আনিলো৷জিনিচটোৱে ফোন কৰিছে৷মুখত সামান্য হাঁহিৰ ৰেখা বিয়পি পৰিল৷বন্ধুৱে ক’লে,”খবৰ ক৷” ” আৰে ভাই!খবৰ সুধিছ৷খবৰ ৰবৰ৷ net entropy of the Universe is Zero.” ” মই পাহৰিলো?কি আছিল৷এটা Entropy আনটো কিবা Ent…..,কি আছিল?” “Entropy সৰ্বমুঠ যাদৃচ্ছিকতা,randomness আৰু ইটো,ইটো enthalpy,দুৰ্ঘটনা বুলি একোৱেই নাই,নাই কোনো কাকতলীয় সংযোগ,অসীম সীমাহীন সম্ভাৱনা,everything is connected and system is preprogrammed এইযে আমি ৰাতি ডেৰ বজাত কথা পাতিছো হঠাৎ এই সকলো৷” “হুমমম ঠিকেই কৈছ বেলেগ ক,বজাৰৰ খবৰ কি! “বজাৰ আৰু কি চলি আছে৷কাইলৈ হাতী চলিব৷আজি খবৰটো ৰাতি দেৰিকৈ আহিল৷ওঠৰটামান পাহাৰ খহি মৰিল৷কংক্ৰিটৰ পৃথিৱীৰ অধিবাসীবোৰ নমান বজাত উঠিব৷ব্ৰাছত অকণ কলগেট৷দাঁত ঘহিব৷হেছটেগ elephant,গছৰ পূলিটোতো চাগৈ পানী দি নাপায়৷তাৰ পিছত এগালমান ফচহু ৰচনা৷দেৱাল গেলিব৷দেৱাল নহয় ডিজিটেল ডাষ্টবিন আৰু মই উদাশহীন৷পৰিসংখ্যাবোৰে স্পৰ্শ কৰিব নোৱাৰা এটা প্ৰস্থৰ মূৰ্তি৷ভীষণ উদাসহীন৷সেয়ে হয়তো জীয়াই আছো,হাঁহিছো,কথাপাতিছো উত্তৰসত্যৰ আৱৰণৰ মাজত৷শ্লট এটা পোৱা নাই৷চাল্লা এসপ্তাহ হৈ গ’ল৷পুৱাই টোপনি খতি কৰি বোন্দা পৰ দিওঁ৷ক’ত পাম৷১৩০ কোটিৰ দেশ,সাহিত্যিকে লিখে শৰীৰ নহয় হৃদয়ৰ স্পৰ্শ,প্লেটোনিক-প্লেটোনিক,বেচেৰা প্লেটো!বতিয়াই দিব৷” সিফালৰ পৰা সি ক’লে,” একবিংশ শতিকা ইমান সহজ নহয় হে বন্ধু৷তুমিয়েইতো কোৱা উত্তৰসত্য৷” “উত্তৰ সত্যতোৰো চাগৈ উত্তৰ সত্য আছে৷” মই ক’লো৷”মানে” মানে আৰু কি একবিংশ শতিকাত উত্তৰ সত্যটো মাটি ফুটি ওলোৱা নাই আগৰেপৰাই আছে৷গোৱেলছৰ দিনত শিশু আছিল৷প্ৰযুক্তিয়ে সাৰ-পানী দিলে৷আজি ভৰ যৌৱনপ্ৰাপ্ত৷হয়তো আৰু বিকাশিত হ’ব৷নতুন-নতুন ভাইৰাছ আহে যায়,চেপেটা পৃথিৱীৰ সাধুকথা,কাইলৈ নতুন এটা ধৰ্ম হ’ব আৰু এখন নতুন আশ্ৰম৷চেপেটা পৃথিৱীয়ে মানুহৰ হৃদয়ত ঠাই পাব নে কি? “উমম৷কথাটো সঁচা চাগৈ৷তই ইমান পকপকাই থাক৷গ্ৰাউণ্ডলৈ নাযাওঁ কিয়?বিপ্লৱ এনেকৈ নাহে?” হুমুনিয়াহ পেলালো,”গৈ কি কৰিবি,৬০ ত চীনৰ চেয়াৰমেন আমাৰ শ্বেয়াৰমেন,নক্সালবাৰী,এতিয়া হেছটেগৰ এক্টিভিষ্ট৷ LGBTG,ধৰ্ম,জাতি,ইজৰাইল,পেলেষ্টাইন!শ্ৰেণী সংগ্ৰাম ক’ত!Where the hell is the bloody modified postulates implemented by Lenin,তই ক শ্ৰেণীহীন?Are you think I’m a fool,মাৰ্ক্সটো দাৰ্শনিক আছিল৷কেনেকৈ সুস্থিৰ কৈ চলিব and what’s about the power vacuum my dear friend,স্তালিন,নিকিতা ক্ৰুছেভ,গৰ্ভছেভ, আৰে মাৰ্ক্সটো দাৰ্শনিক আছিল প্লেটোওঁ৷দৰ্শন বাস্তৱৰ পৰা পৃথক ৰে৷System ত planning,execution,monitoring এই তিনিটা থাকিব লাগিব৷তই যদি লেটিন আমেৰিকাৰত মটৰচাইকেল দৌৰোৱা চিকিৎসকজন হওঁ মই সূত্ৰবোৰক নতুনত্ব দিব লাগিব৷এংগোলছৰ দৰে,এংগোলছৰ অবিহনে মাৰ্ক্স is meaningless…….” হে হে তই এলেহুৱাও হয়৷সেইটোও আন এটা সমান্তৰাল সত্য৷গান এটা দিছো শুন৷” সি গান এটা দিলে৷ৰাতি দুটা বাজিছিল,না মেলডী নহয় JMMS,জাক্কাছ হয়,ৰাতি মেলডী ভাল লাগে এই ধৰক आप की नज़रो ने समजा…….. हर तरफ बजने लगे सौ कोरोर सेहनाईया.. ” ধেৎ এইটো ৰাতিপুৱা ট্ৰেফিক জামত ফচি থাকোতে শুনিম যা৷এতিয়া ভাল নালাগে৷এতিয়া মেলডী শুন,মেলডী,ক’লা-বগা চিনেমা কিশোৰ কুমাৰ৷ সি ক’লে,”Goodnight”ফিল্টাৰত আকৌ এটা টান মাৰি ধেৎ চাল্লা ধিক্কাৰ এই জীৱন বুলি ফোনটো চাৰ্জত লগাই শুই থাকিলো৷

Infinity – বাস্তৱৰ সাধুকথা


প্ৰত্যক্ষদৰ্শীৰ অবিহনে পৰিঘটনাৰ বাখ্যা অসম্পূৰ্ণ৷স্বাক্ষুস অভিজ্ঞতা অথবা পৰিঘটনাকে আমি বাস্তৱৰ আখ্যা দিওঁ৷মানে সহজ ভাষাত “reality”,reality বা বাস্তৱ একক নহয়,অনেক হয়তো অসীম,infinite,অন্তত কোৱান্টাম ফিজিক্সে এইদৰেই ভাবে! Schrodinger’s ৰ বাকচৰ মেকুৰীটোৰ দৰেই স্থিতি আমাৰ বাস্তৱৰ!বাকচৰ দুৱাৰখন খুলি দিলো মেকুৰীটো মৃত আনহাতে মেকুৰীটো জীৱিতও দুয়োটাই সম্ভৱ সমান্তৰালভাৱে!দুৰ্ঘটনা অথবা কাকতলীয়া সংযোগ বুলি একোৱেই নাথাকে,সকলো বাস্তৱ বা reality ৰ এটা সম্ভাৱণা থাকে,ভিন্ন দৃষ্টিভংগীয়ে সম্ভাৱনাবোৰক ভিন্ন ৰূপ দিয়ে আৰু কেতিয়াবা বাস্তৱৰো!


              বিশ্বব্ৰহ্মাণ্ডৰ infinite reality ৰ মাজৰ এটা reality তামোল পকটিয়াই-পকটিয়াই হাজৰিকা ছাৰে অনৰ্গল গাই গৈছিল,” Light have dual nature,particle and wave,দ্বৈত চৰিত্ৰ,সীমাহীন বাস্তৱৰ মাজৰ দৈত্ব বাস্তৱ৷বুজা নুবুজাৰ দোমোজাত আমি মুৰ জোকাৰিছিলো,প্ৰজ্ঞাৰ দ্বৈত সম্ভাৱনা Schrodinger’s ৰ বাকচৰ মেকুৰীটোৰ দৰে!


               সেইদিনা পুৱাই মানসীয়ে কৈছিল,”আজি ৰাতিপুৱাটো বৰ ধুনীয়া৷আকাশত অলপ ডাৱৰ আৰু এচমকা ৰ’দৰ লুকাভাকু”৷ফোনটোৰ সিফালৰ পৰা মই বিৰক্ত কন্ঠেৰে কৈছিলো পুৱাই টেংটেংকৈ ৰ’দ দিছে৷হয়তো মাইগ্ৰেইন হ’ব৷ভাল লগা নাই৷দুয়োটাই বাস্তৱ,Schrondinger’s ৰ ক’লা মেকুৰীটোৰ দৰে,হয়তো বগাও হ’ব পাৰে৷লাহে-লাহে আমাৰ মাজৰ বাস্তৱবোৰ বিচ্ছিন্নবাদী হৈছিল,কোনোবাখিনিত হয়তো বিপৰীতমুখী,contrasting,এগালমান ভাসমান বাস্তৱৰ মাজত হেৰাই গৈছিল আন এটা বাস্তৱ,এটা হৃদয়ৰ সম্পৰ্ক!


                 Red Plus Yellow,সাংঘাতিক documentary পলক নজপোৱাকৈ চাই আছো৷আয়তী আৰু ভকতে নাম লৈছে৷চপৰা-চপৰে মাটি খহিছে৷মানুহবোৰৰ খবৰ নাই৷হৰিনামৰ অমৃত পান কৰিছে৷হয়তো মূৰ্খ,উদাসহীন অথবা নিৰূপায়!ঢেৰ বাস্তৱ,বহুমুখী বাস্তৱ,এটা নতুন সমীকৰণ,মেকুৰীটোৰ পৰা পৃথক৷


                  হাওঁফাওঁৰ এক্সৰে কৰিছো৷৩০০-৭০০ নেমো তৰংগ দৈৰ্ঘ্যৰ VIBGYOR sprectum ৰ সৈতে সদা পৰিচিত মোৰ চকু আৰু মস্তিকৰ অজ্ঞাতে মোৰ বুকুত ৰঞ্জক ৰশ্মিয়ে এক অদৃশ্য খুন্দা মাৰিছে৷মই বিজ্ঞানৰ স্নাতক মোৰ বাবে কোঠাটোত ৰঞ্জক ৰশ্মি বিদ্যামাণ৷কিন্তু লেবৰেটৰীৰ দুৱাৰমুখৰ পৰা বেঙা মেলি থকা মো পাঁচবছৰীয়া ভতিজা ৰূপমে এইবোৰৰ ভুকে নাপায়৷তাৰ বাস্তৱত হয়তো স্থান লৈছে এটা সৰু কোঠাই লগতে এটা অচিনাকি যন্ত্ৰ,কিছুমান আচবাব,এজন বৃদ্ধ  টেকনিছিয়ান আৰু তাৰ সৰু খুৰাক৷ৰঞ্জক ৰশ্মিৰ বাবে হয়তো তাত কোনো স্থান নাই৷ X RAY,Gama Ray,UV,IR, Microwave এখন গোলকীকৃত পৃথিৱীতেই যে কিমানখন অদৃশ্য পৃথিৱীৰ বাস্তৱ সম্ভৱপৰ!অণুজীৱৰ পৃথিৱী,ভাইৰাছৰ পৃথিৱী আৰু ক’ত যে কি হয়তো অপেক্ষা কৰি আছে ভবিষ্যৎৰ গৱেষণাগাৰৰ দুৱাৰদলিত!অসীম সম্ভাৱনা,অসীম বাস্তৱ,the infinity,অসীমত যাৰ হেৰাল সীমা৷বাস্তৱবোৰো হেৰাই যায় নেকি!সময়ৰ গতিত!


                   সময়বোৰ বাগৰি যাই৷বীজ অংকুৰিত হয়,কুহিপাত মেলে,ফুলে সৌৰভ দিয়ে,মৰহি যায়,হেৰাই যায় খৰিকাজাঁইৰ সৌৰভৰ বাস্তৱ,তেজৰঙা গোলাপৰ বাস্তৱ৷মহাবিশ্বত তৰংগবোৰে থিতাপি লয়৷কোৱান্টাম অৰবিটত অবিনাশী ইলেকট্ৰনবোৰ ঘুৰি থাকে,ঘুৰি থাকে৷মহাশূণ্যত সময় এটা myth,অতীত,বৰ্তমান,ভবিষ্যৎৰ তৰংগবোৰে সহবস্থান কৰে৷সময়ে অসীমত সীমা হেৰুৱাই পেলায়৷সহবস্থানৰ বাস্তৱ৷য’ত মই জন্ম হোৱা নাই,য’ত মই  পখিলা খেদা শিশু,য’ত মই চফল ডেকা,য’ত মই আশীতিকৰ বৃদ্ধ,য’ত মই মৃতক৷দেধাৰ বাস্তৱ৷Multiple reality,সীমাহীন সম্ভাৱনা,সমান্তৰাল সম্ভাৱনা,everything is connected,সংযোগ এটা মিথ্যাচাৰ৷


                   বিছনাত পেট পেলায় পাত লুটিয়াইছো৷ The Old Man and the Sea by Arnesto Hemingway, বুঢ়া মানুহজন আৰু এখন সাগৰ৷জীৱিকাৰ সন্ধানত নিসংগ সাগৰত ভয়ংকৰ শ্বাৰ্কৰ সৈতে যুঁজ দিয়া এজন ভাগৰুৱা বুঢ়া মানুহ,কায়িকভাবে বৃদ্ধ কিন্তু মানসিক ভাবে কি উদ্যম,কি তেজোদ্দীপ্ত জীৱন৷পুনৰ দ্বৈত বাস্তৱ,the dual reality.


                    জয় শ্ৰী ৰাম ধ্বনিৰে আকাশ বতাহ কপায় তেওঁলোকে মছজিদৰ গম্বুজবোৰ খহাই পেলাইছে৷আল্লাহৰ নামত ইউৰোপীয় সাংবাদিকজনে মধ্যপ্ৰাচ্যত কৰুণ মৃত্যুক সাবটিছে৷দেশে দেশে ধৰ্মৰ বেপাৰ,ধৰ্মৰ চিতাত ধাৰ্মিকৰ মৃতদেহ সেকি খোৱাৰ ৰাজনীতি,মাৰ্ক্সবাদে ৰিঙিয়াই পৃথিৱীত মাত্ৰ দুটাই ধৰ্ম ধনী আৰু দুখীয়া,পৃথিৱীত মাত্ৰ দুটাই জাতি শোষক আৰু শোষিত৷হয়টো মাৰ্ক্সবাদো এটা পৃথক বাস্তৱ সীমাহীন বাস্তৱৰ মাজত৷তাৰ পিছতো মছজিদৰ গম্বুজবোৰ খহাই দিয়া হ’য়,স্তালিনে গীৰ্জাঘৰবোৰত তলা লগাই দিলে,মন্দিৰৰ প্ৰাংগণত বোমা ফুটিল৷দেশে দেশে যুদ্ধ,কোনোখন যদি তুষাৰবৃত্ত সীমান্তত,কোনোখন হৃদয়ৰ অধ্যাদেশত,কোনোখন বুভুক্ষু জনতাৰ পেটত আৰু কোনোখন একাকীত্বৰ দীঘলীয়া নিশাবোৰত মোৰ মস্তিস্কত৷সীমাহীন বাস্তৱ,সীমাহীন সম্ভাৱনা…..সীমাহীন,the infinity.

Nyctophilic

11 May 21

সদায়েই ভাবো ৰাতি এঘাৰ বজাৰ পিছত কিবা এখন নতুন webserise চাম হয়তো TVF ৰ Aspirants বা শোৱাপাটীত লুটিয়াম আধা পঢ়া প্ৰিয় উপন্যাসৰ পৃষ্ঠা৷ভাবো এইটোৱেই হয়টো আজিৰ বাবে অন্তিমটো ছিগাৰেট তাৰ পিছত এলাৰ্মটো লগাই শুই যাম৷কিন্তু সময়খিনি কিবা দেওঁলগা৷একেবাৰে নিসংগ,নিজৰ ছাটোও য’ত হেৰাই যায়,এটা অন্ধকাৰত পোত যোৱা কোঠা,নিশব্দে শীতল আৰু সতেজ বায়ুৰ সৰবৰাহ কৰি থকা এটা চলমান আধুনিক যন্ত্ৰ,এয়াৰ ফ্ৰেচনাৰৰ অলপ কৃত্ৰিম সুবাস,বুকুখনত উজাই লওঁ৷আকৌ এটা ছিগাৰেট জ্বলাওঁ,পুৰণি হিন্দী গান আৰু অলপমান গুণগুণণি৷নিজকে অন্ধকাৰত হেৰুৱাই পেলায় কাইলৈ লিখিবলগীয়া গল্পটোৰ প্লট ভাবো৷কেতিয়াবা কবি হৈ যাওঁ আৰু কেতিয়াবা কেতিয়াবা দাৰ্শনিক৷এৰি অহা দিনবোৰক সোঁৱৰো,কেতিয়াবা হাঁহো কেতিয়াবা নিৰবে চকুলো টোকো,,ভবিষ্যৎৰ সপোন ৰচো,সপোনবোৰে ডেউকা মেলে,সেউজীয়া পাতৰ ডালত বহি জিৰণি লয়৷সপোনবোৰে শুবলৈ নিদিয়ে,সপোনবোৰে টোপনিক খেদি পঠিয়াই অবিৰত৷দেৱালৰ দোল্যমান ঘড়ীটোৱে দুইবজাৰ সংকেট দিয়ে৷শেষৰটো ছিগাৰেট দীঘলকৈ হাওঁফাওঁলৈ টানি লওঁ৷পুৱাৰ বাবে আৰু এটা আছে নাই হিচাপ কৰো,নহ’লে পুৱাই দৌৰিব লাগিব৷বিছনাখনে দুহাত মেলি মাতে৷অনিচ্ছাস্বতেওঁ ছিগাৰেটটো পেলাই আগবাঢ়ি যাওঁ,বাহিৰত অন্ধকাৰেই হওঁক কিম্বা জোনাকৰ বৰষুণ,একোৱেই সলনি নহয়৷কেচৰ ভিতৰত সুমুৱাই দিয়া Ear Bud ডালত  দুৰৈৰ পৰা ৰিণিৰিকৈ ভাহি আহে,”अभी ना जाओ छोड़ के की दिल अभी भरा नहीं ……. मे थोड़ी देर जी तू लू नशे की घुट पी तू लू ৷”

প্ৰতিচ্ছবি


                                (১)


শোৱাপাটীত পেট পেলাই শুই উপন্যাসখনৰ পাত লুটিয়াইছো৷সম্ভৱত মই পঢ়া প্ৰথমখন অনুদিত স্পেনিছ উপন্যাস৷কাৰ্লো কৰ্লেডিৰ পিনাক্কিঅ’৷হাস্যৰসেৰে ভৰপুৰ ৰোমাঞ্চকৰ উপন্যাসখনৰ দৃশ্যবোৰ চকুৰ সন্মুখত ভাহি উঠিছে৷কাঠৰ পুতলা পিনাক্কিঅ’ চঞ্চল,উতনুৱা হয়তো অকৰা হয়তো জ্ঞানহীন৷কণমানি বুকুখনত মানুহ হোৱাৰ কিমান যে হাবিয়াস৷মাজে-মাজে দুষ্টামিবোৰৰ বাবে বিপদতো পৰে৷পিনাক্কিঅ’ৰ পঢ়া-শুনাত ৰাপ নাই,পঢ়াৰ নাম শুনিলেই জ্বৰ উঠে৷গাড়োৱান এজনে বন্ধু শলাকানিক সম্ভেদ দিলে এখন নতুন দেশৰ৷তাত পঢ়াশুনা নাই,নাই কোনো বিদ্যালয়,চাৰিওফালে কেৱল স্ফুৰ্তি আৰু স্ফুৰ্তি৷পিনাক্কিঅ’ আৰু শলাকানি ঘৰ এৰি পলাল,গাড়োৱানৰ সৈতে৷সঁচাকৈয়ে কি যে বিচিত্ৰ এই দেশ,নাই কোনো পঢ়া-শুনা,নাই কোনো বিদ্যালয়,দীঘল বেত লোৱা শিক্ষক,উপদেশ দিয়া অভিভাৱক৷দিনটো কেৱল খেলা-ধূলা,নাচগান,থিয়েটাৰ,চাৰ্কাচ,ভোজ-ভাত৷ সকলোবোৰ বিনামূলীয়া৷পিনাক্কিঅ’ৰ হৃদয় গাড়োৱানৰ সৈতে কৃতজ্ঞতাত উপচি পৰিল৷সেয়া যেন গাড়োৱান নহয় আকাশৰ পৰা নামি অহা দেৱদূত৷এদিন পুৱা পিনাক্কিঅ’ৰ তীৰকপে জ্বৰ উঠিল,কাণ দুখন দীঘল হৈ গ’ল,লাহে-লাহে এডাল নেজ গজিল,পিনাক্কিঅ’ই এটা গাধত পৰিণত হ’ল৷সেইদিনা আবেলি গাড়োৱানে বজাৰত দুটা গাধ বিক্ৰী কৰি স্বৰ্ণমুদ্ৰা ঘটিল৷এটা শলাকানি,আনটো পিনাক্কিঅ’৷গাধজ্বৰ,গাধজ্বৰ এটা বিকৃত হাঁহি মাৰি নতুন চিকাৰৰ সন্ধানত গাড়োৱানে খোজ ল’লে৷”ঐ দাদা মায়ে তোক ভাত খাবলৈ মাতিছে৷”ভাইটিয়ে দৰ্জাৰ পৰাই ৰিঙিয়ালে৷কিতাপখন জপাই থ’লো৷
                          

(2)


মায়ে মামাহঁতৰ ঘৰৰ পৰা অহাৰ পৰাই চকুপানী টুকি আছে৷আইতাৰ অৱস্থা দিনকদিনে বেয়ালৈ ধাল খাইছে৷আজিকালি একো কথাই মনত নাথাকে৷কেতিয়াবা দহ মিনিট মানৰ মুৰতে আকৌ চাহ খাবলৈ বিচাৰে৷যোৱাবাৰ যাওঁতে ভাইটিক চিনিকে নাপালে৷মাজে-মাজে পুৰণি দিনৰ কথাবোৰৰ বকলা মেলে৷ককা চাইকেল লৈ অফিচৰ পৰা আহিব বুলি পদূলি মুখলৈ ওলাই যায়৷মামাহঁতে জোৰ কৰি ভিতৰলৈ লৈ আনে৷আইতাই গালি পাৰে৷মাজে-মাজে ভ্ৰম বকে৷হঠাৎ হয়তো মনৰ অন্ধকাৰ কোঠাত ক্ষণিকৰ বাবে বিজুলীয়ে নাচে৷মই নিশ্চিত নহয় হয়তো,সম্ভৱত কি নাম আছিল ৰোগটোৰ,ডিমেনচিয়া৷স্মৃতি শক্তি হেৰাই যায়,সিদ্ধান্ত লোৱাৰ ক্ষমতা নাথাকে,যেন এক বিবেকহীন জীৱন্ত মৰাশ৷আস কি যে যন্ত্ৰণাদায়ক৷মোৰ হাতৰ তলুৱাত এটোপাল তপত চকুলো সৰি পৰিল৷

(৩)

                               

এক অনিশ্চিত ভয়াবহ ভবিষ্যৎৰ দিশে আমি গতি কৰিছো৷এটা ক্ষুদ্ৰ ভাইৰাছ আৰু জীৱশ্ৰেষ্ঠৰ সংগ্ৰাম৷প্ৰতিদিনে চিতা জ্বলিছে,একেলগে,কেইবাখনো৷চহৰলৈ ওলাই গ’লো পাচলীৰ বজাৰত গ্ৰাহকৰ ভিৰ,দুজনমানে পোহাৰীৰ সৈতে মুখ চুপতি মাৰিছে৷দাসবাবুক লগ পালো পাৰ্টীৰ মিটিংলৈ ওলাইছে আজি আবেলিকৈ কিবা বোলে মিটিং আৰু চাইকেল ৰেলী হ’ব হ’ব৷পাণ দোকানখনত ৰৈ এটা ছিগাৰেট হুপিলো৷কুম্ভমেলা,নিৰ্মীয়মাণ সাংসদ ভৱন,ভগ্ন অৰ্থনীতি টুকুৰা-টুকুৰ শব্দকেইটা মান কাণত উফৰি পৰিল৷ঘুৰি আহোতে শইকীয়া দাক লগ পালো৷বেপাৰ কেনে চলিছে বুলি ক’লত শেতা হাঁহি এটা মাৰি ক’লে,”আজিকালিটো মানুহে কিতাপ পঢ়িবলৈ এৰিয়েই দিলে৷স্কুল-কলেজবোৰ বন্ধ হোৱাত পাঠ্যক্ৰমৰ কিতাপকেইখনতো এলান্ধু লাগিছে৷আজিকালি কিতাপৰ দোকানৰ আদৰ নাই বুজিলা৷”টেম্পোৰ পৰা নামিলো৷এটা দীঘল লানি৷কাৰণতো লাহেকৈ বুজি পালো কাইলৈৰ পৰা একেলেথাৰিয়ে তিনিদিন ড্ৰাই দে৷হৰেণে চকত তাচ খেলি আছে৷দুটকীয়া চাউলৰ দিন৷খেতিয়েই বা কিয় কৰিব লাগে৷মাছৰ বেপাৰীটোক জুম পাতি এজাক মানুহ,লোকেল চিতল,১২০০ টকা কেজি৷কিয় জানো ফটককৈ IMF ৰ ভবিষ্যৎবাণীটো মনত পৰি গাটো চেবাই গ’ল৷গাটো ধুই টিভিটোৰ সন্মুখত বহিলো৷ষ্টুডিঅ’ত শিল্পীয়ে গান গাই আছে৷তলত মৃতকৰ দীঘল পৰিসংখ্যাসহ কিবা এসোপা হাইলাইট৷পিনাক্কিঅ’,ৰোগীয়া আইতা৷কাহিনীবোৰ পাকঘুৰণি খাবলৈ ধৰিলে৷কাণত ৰিণিৰিণিকৈ বাজি উঠিল,”সমাজ,গাধজ্বৰ আৰু ডিমেনচিয়া৷”

উত্তৰসত্যৰ সাঁথৰ-পৰিচয়

(১)

বন্ধুমহলত কথকী আৰু ৰসিক বুলি মোৰ নাম আছে৷অৱশ্যে সেয়া সুনাম নে বদনাম মই নিশ্চিত নহয়৷বন্ধু ৰফিকে কয় মই বোলে শুকান জেওৰা খৰি চেপিও ৰস উলিয়াব পাৰো৷অৱশ্যে মোৰ এই স্বভাৱটোৰ বাবে সৰুৰে পৰাই মাৰ ভীষণ অসন্তুষ্টি৷মাৰ মতে ল’ৰা মানুহ অলপ গহীন হ’ব লাগে৷তাকো ঘৰখনৰ ডাঙৰ ল’ৰা৷দেউতাৰ প্ৰতিক্ৰিয়া  মিশ্ৰিত আছিল হয়তো দেউতা মোৰ প্ৰতি উদাহসীন আছিল৷পিছে মায়ে গালি পাৰিলেই আইতাই মুখ পাতি ধৰিছিল৷ভাইটিৰ তামোলৰ গোন্ধ সহ্য নহৈছিল৷আইতাক তামোল খুন্দি দিয়াটো মোৰ কৰ্তব্যৰ দৰেই আছিল৷আইতাৰ ভাষাত মই আছিলো একান্ত বাধ্য নাতি ল’ৰা৷স্বাভাৱিকতেই আইতাই নামঘৰৰ পৰা অনা প্ৰসাদ বা মিঠৈৰ টোপোলাটোৰ সিংহভাগ মোৰ বাবেই সংৰক্ষিত আছিল৷ভাইটিৰ সহ্য হোৱা নাছিল৷সি মোক সুযোগ পালেই সুবিধাবাদী বুলি উপহাস কৰিছিল৷আনহাতে শ্ৰেণীৰ শিক্ষক হাজৰিকা ছাৰে স্পষ্টবাদী হোৱাৰ সুবাদতে মোক কেপ্টেইন পাতি দিছিল৷মোৰ সমনীয়াসকলৰ কোনোৱে কথাটো পছন্দ কৰিছিল কোনোৱে কৰা নাছিল৷হাজৰিকা ছাৰে গম নোপোৱাকৈ বসন্তই বহুতৰে আগত মই ছাৰৰ লেম্পটৌ বুলি কৈ ফুৰিছিল৷গণিতৰ শিক্ষক মহিবুল ছাৰ আমাৰ চুবুৰীয়া আৰু দেউতাৰ বাল্যবন্ধু আছিল৷এলেহুৱা স্বভাৱৰ বাবে প্ৰতিভা থকা স্বতেও মই গণিতত বেয়া বুলি ছাৰে প্ৰায়েই দেউতাৰ আগত গোচৰ তৰিছিল৷বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকী একাছেকা আৰু মতগৰ্বী আছিল৷তেওঁ শিকোৱা ধৰণেৰে নিলিখিলে পৰীক্ষাত শুদ্ধ উত্তৰটো কমকৈ মূল্যায়ন কৰিছিল৷মই তেওঁৰ সৈতে প্ৰায়েই তৰ্কত লিপ্ত হৈছিলো৷তেওঁৰ বোধেৰে মই আছিলো পঢ়াত মনকাণ নথকা,যিকোনো অপ্ৰাংগিক প্ৰশ্নৰে শিক্ষকক শলঠেকত পেলাব খোজা বজ্জাত ল’ৰা৷অৱশ্যে মোৰ একেটা স্বভাৱকে জিজ্ঞাসা বুলি অভিহিত কৰি ইংৰাজীৰ শিক্ষক শইকীয়া ছাৰে মোক মাজে-মাজে প্ৰশংসাৰে উপচাই পেলাইছিল৷মাজে-মাজে সময়ৰ নদীৰে এৰি অহা শৈশৱলৈ ভটিয়াই যাওঁ৷এখন-এখনকৈ মনত পেলাও প্ৰতিখন মুখ,প্ৰতিটো স্মৃতি আৰু মোক লৈ তেওঁলোকে কৰা নানা মৰ্ন্তব্য৷আনৰ চকুৰে এবাৰ মোৰ সত্বাক দৰ্শন কৰাৰ চেষ্টা কৰো, মৰ্ন্তব্যবোৰৰ চাকনৈয়াত নিজকে হেৰুৱাই মাজে-মাজে বিভ্ৰান্ত হৈ চিৎকাৰ কৰি উঠো৷প্ৰকৃততে মই কোন?মই কেনেকুৱা?মোৰ বাস্তৱেই বা কি?আইনাৰ সন্মুখতে কেতিয়াবা নিজৰ প্ৰতিবিম্বটোকে অচিনাকি যেন লাগে!
                                  (২)


কৈশোৰ আৰু যৌৱনৰ আলিদোমোজাৰ সেই সেউজীয়া বসন্তৰ আবেলিটোত টিউশ্যনৰ পৰা চাইকেল মাৰি উভতি আহোতে প্ৰথম সেই দীঘল চুলিটাৰিৰ মৰমলগা ছোৱালীজনীৰ প্ৰেমত পৰিছিলো৷প্ৰথম প্ৰেমৰ এক সুকীয়া মাদকতা থাকে৷পাহৰো বুলিলেও যেন সহজতে পাহৰিব নোৱাৰি৷তাই হয়তো বয়সতকৈ যঠেষ্ট অনুভৱী আৰু গহীন আছিল৷তাইৰ হৰিণী যেন চকুযুৰি যেন প্ৰতিক্ষণ এক অনামী বিষণ্ণতাত ডুবি আছিল৷চাৰিবছৰীয়া আমাৰ হৃদয়ৰ সম্পৰ্কৰ সেই সময়ছোৱাত তাই মোক এটা সৰু ল’ৰাৰ দৰেই প্ৰতিটো প্ৰতিকুল পৰিস্থিতিত চম্ভালি লৈছিল৷কেতিয়াবা তাই মোৰ দুবাহুক আলিংগন কৰি কৈছিল “মোৰ সদাচঞ্চল সপোন দেশৰ ৰাজকুমাৰ৷”হয়তো অভিজ্ঞতাৰ জুইত দগ্ধ তাইৰ বাবে মই এক চঞ্চল কিশোৰেই আছিলো৷মোৰ দ্বিতীয়গৰাকী প্ৰেয়সী সম্ভৱতঃএই পৃথিৱীৰ সকলোতকৈ অসন্তোষীয়া যুৱতী আছিল৷অৱশ্যে তাই দেখাত অত্যন্ত ৰূপৱতী আছিল৷তাইৰ যৌৱনৰ জুইয়ে হয়তো মোক এটা ছগাৰ দৰে টানিছিল৷শাৰিৰীক অন্তৰংগ মূহূৰ্তখিনিৰ বাদে সেই সম্পৰ্কটোৰ প্ৰতি মোৰ কোনো টান নাছিল৷তাই মোৰ প্ৰতিটো কথাতেই দোষ খুচৰিবলৈ চেষ্টা কৰিছিল৷সম্পৰ্কৰ অৱনতিৰ পিছত তাই মানুহৰ আগত মোৰ কথা প্ৰতিক্ষণ মদৰ নিচাত ডুবি থকা এটা চৰিত্ৰহীন আৰু বেকাৰ ল’ৰা বুলিয়েই কৈ ফুৰিছিল৷অৱশ্যে মই যে মদ খাওঁ সেয়া ষোল্ল অনাই সঁচা কিন্তু মদৰ ৰাগিত মই মাতালামি কৰাৰ উদাহৰণ হয়তো মনত পৰাত আজিলৈকে তেনেকৈ নাই৷তৃতীয়গৰাকী প্ৰেয়সীৰ সৈতে মোৰ বয়সৰ কিছু পাৰ্থক্য আছিল৷তাই আছিল মোৰ সম্পৰ্কীয়া ভন্টী এজনীৰ বান্ধৱী৷তাই মোক নিজেই প্ৰেম নিবেদন কৰিছিলো৷প্ৰথমে মই অস্বীকাৰ কৰিছিলো৷কিন্তু পিছত মানি লৈছিলো৷শিশুসুলভ যুৱতীজনীৰ দৃষ্টিত মই আছিলো এজন নিখুঁত আৰু পূৰ্ণাংগ মানুহ,তাইৰ সপোনৰ দেশৰ প্ৰেমিকজন৷কিন্তু প্ৰথমাৱস্থাত তাইৰ ভাল লগা শিশুসুলভতাখিনিয়ে মোক পিছলৈ বিৰক্ত কৰিছিল৷শেষত জোৰ কৈ তাইৰ কাষৰ পৰা আতৰি আহিছিলো৷নিজকে স্বাৰ্থপৰৰ দৰে লাগিছিল৷কিন্তু তাৰ পিছতো তাই মোক বহুদিনলৈ একেদৰেই ভাল পাইছিল আৰু হয়তো আজিও পায়৷যৌৱনৰ সেই পলাশফুলা দিনবোৰত শুভকাংক্ষীসকলে মোক অসাধাৰণ প্ৰতিভাৰ মেধাৱী ছাত্ৰ,বন্ধুমহলে মানুহৰ মুক্তিৰ সংগ্ৰামৰ সহযোদ্ধা,প্ৰতিদ্বন্দ্বী সকলে ধুৰন্ধৰ ছাত্ৰনেতা আৰু হোষ্টেলৰ ল’ৰাহঁতে দুৰ্দান্ত মদাহী বুলি ভাবিছিল৷আজিৰ মোৰ শোৱাকোঠাৰ বিলাসী আইনাখনৰ দৰে তেতিয়াৰ হোষ্টেলৰ কোঠাৰ সৰু দাড়ি খুৰোৱা আইনাখনৰ মুখত কেতিয়াবা মই এটা সস্তীয়া চাৰ্মিনাৰ হুপি দাৰ্শনিকৰ দৰে ভাবিছিলো,”মই কোন?মোৰ বাস্তৱ পৰিচয় কি?মোৰ সত্যতাই বা কি?

(৩)

শণিবৰীয়া ক্লাৱৰ পাৰ্টীবোৰ মই প্ৰায়েই হষ্টিং কৰো৷আমাৰ এপাৰ্টমেন্টটোৰ প্ৰতিবেশীসকলৰ মতে মই বেছ সপ্ৰতিভ ভদ্ৰলোক৷অৱশ্যে মোৰ মালিকাধীন ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে মোক স্বভাৱগত ভাবে এজন ৰুক্ষ আৰু কম কথাৰ মানুহ বুলিয়েই জানে৷এই পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনত মোৰ পৰিবাৰৰ আৰু মোৰ মাজত খুব কমেই খুটখাট হৈছে৷তেওঁ দৰাচলতে এগৰাকী সৰল মন আৰু বহল হৃদয়ৰ গৰাকী৷মোৰ দৃষ্টিত আজিলৈকে মই তেওঁৰ প্ৰতিটো আব্দাৰেই পূৰণ কৰিছো৷অৱশ্যে কৰ্মব্যস্ততাৰ বাবে কেতিয়াবা সময়ৰ সামান্য নাটনি হয়৷মুঠতে আপাততঃ তেওঁ মোক লৈ সন্তুষ্ট৷অৱশ্যে তেওঁ মোৰ বিজিনেছ ট্যুৰৰ আৰৰ নিশাৰ গোপন আৰু ৰঙীণ অভিষাৰবোৰৰ বিষয়ে আজিও অন্ধকাৰত৷বিজিনেছ ট্যুৰবোৰত মোক প্ৰায়েই সংগ দিয়া অনন্যা সুন্দৰী পৰিণীতাই চাগৈ মোক এক কামাতুৰ পশু বুলিয়েই ভাবে৷পিছে তাই কি ভাবে মোৰ প্ৰয়োজনেই বা কি!হৃদয়তটো মোৰ প্ৰতিনিয়ত মোৰ সাদৰী পত্নীৰেই প্ৰতিচ্ছবি৷মোৰ পত্নীও যিকোনো পুৰুষেই শৰ্য্যাসংগী ৰূপে কল্পনা কৰা অত্যন্ত আকৰ্ষণী শৰীৰ অধিকাৰিণী৷কিন্তু মাত্ৰ এটা শৰীৰৰ খলাবমাবোৰেৰে মোৰ মন নভৰে৷মোৰ বন্য কল্পনাবোৰক বাস্তৱত পৰিণত কৰিবলৈ মোক পৰিণীতাৰ দৰেই এজনী ৰক্ষিতাৰ প্ৰয়োজন৷যাৰ ৰসাল শৰীৰটোৱে শোৱনিকোঠাত মোৰ প্ৰতিটো বন্য কামনাৰ ক্ষুধা নিবাৰণ কৰে৷অৱশ্যে পৰিণীতাৰ স্থান স্থায়ী নহয়৷সময়ৰ লগে-লগে মোৰ সোৱাদ সলনি হয় আৰু সময়ে-সময়ে ৰক্ষিতাৰ পৰিচয় আজি যদি পৰিণীতা কাইলৈ সুবাসনা৷মাত্ৰ প্ৰয়োজন হয় কিছু ক্ষমতা আৰু মুঠিভৰ্তি টকাৰ বাণ্ডিলৰ৷মাজে-মাজে বিশ্ববিদ্যালয়ৰ দিনত সৰ্বহাৰাৰ হৈ উদাত্ত কন্ঠেৰে ভাষণ দিয়াৰ মোৰ সেই অতীত জীৱনলৈ মনত পেলাও৷নিজৰেই হাঁহি উঠে৷৷মাজে-মাজে নিজকে প্ৰশ্ন কৰো কি আছিল সেই স্থিতি মোৰ অভিনয় নে অতীতৰ এক সুন্দৰ সত্য?মোৰ একমাত্ৰ সন্তান নিবিড়ে মোক লৈ গৌৰৱ কৰে৷কলেজীয়া নিবিড়ে আজি মোক এজন ঘনিষ্ঠ বন্ধুৰ দৰেই ব্যৱহাৰ কৰে৷নিবিড়ৰ বাবে মই পৃথিৱীৰ সকলোতকৈ ভাল দেউতাক,অন্তত যোৱাটো পিতৃ দিৱসত সি মোক তেনেকৈয়ে কৈছিল৷অন্ততঃ সকলোতকৈ ভাল ন’হলেও যে তাৰ দৃষ্টিত যে বহুত ভাল সেয়া বাৰু ময়ো অনুভৱ কৰো৷পিছে সি মোৰ প্ৰকৃত স্বৰূপক বা কিমান দুৰলৈকেই চিনি পায়৷


   উপসংহাৰ

এনেকৈয়েই সময়বোৰ পাৰ হৈ যায় ল’ৰালিৰ স্মৃতিৰ চাকনৈয়া,যৌৱনৰ হোষ্টেলৰ দুচলীয়া কোঠাৰ সেই সৰু ডাড়ি খুৰোৱা আইনাখন আৰু আজি মোৰ শোৱণি কোঠাৰ বিলাসী দাপোনখন৷প্ৰতিবাৰেই মই যেন ব্যৰ্থ হওঁ নিজকে চিনাক্ত কৰাত৷দাপোনৰ সন্মুখত যেন এখন কুৱলীৰ পৰ্দা৷কুৱলীবোৰে মোক আবৰি ধৰে৷মই বাট হেৰুৱাই পেলাওঁ৷মোৰ আত্মাৰ দৃ্‌ষ্টিশক্তি ক্ৰমাৎ ধূসৰ হৈ উঠে৷উদাসহীন কন্ঠেৰে মই পুনৰ প্ৰশ্ন কৰো,”মই কোন?মোৰ বাস্তৱ পৰিচয় কি?মোৰ সত্যতাই বা কি?মই বাৰু মোৰ বাবেই এক সমাধানহীন সাঁথৰ নেকি?উত্তৰসত্যৰ দৰে৷

সত্যৰ দৰ্শন

সত্য দৃষ্টি নহয় দৃষ্টিকোণত নিহিত হৈ থাকে৷সূৰ্য্যৰ কিৰণৰ বাবে সূৰ্য্যৰ অস্তিত্ব আছে নে সূৰ্য্যৰ বাবেহে কিৰণৰ এই অস্তিত্ব!দুজন ভিন্ন দৃষ্টিকোণৰ মানুহৰ বাবে দুয়োটাই শুদ্ধ৷এজনৰ বাবে সত্যটো আনজনৰ বাবে অসত্য আৰু আনজনৰ বাবে সত্যটো প্ৰথমজানৰ বাবে অসত্য৷মানে সত্যৰ বৈপৰীত ৰূপো থাকে৷প্ৰতিজন ব্যক্তিৰেই দৃষ্টিকোণ ভিন্ন,প্ৰতিজন ব্যক্তিৰেই সত্যও ভিন্ন৷আপোনাৰ পৰা মোৰ আৰু মোৰ পৰা আপোনাৰ সত্য৷এগালমান সত্যত ওপঙি থাকো৷সাদৃশ্য থকা সত্য,বৈসাদৃশ্য থকা সত্য,বিপৰীত মুখী সত্য,অসত্য যেন লগা সত্য৷এয়াইটো উত্তৰসত্য৷দাৰ্শনিকে উবাচ মাতে একবিংশ শতিকা উত্তৰ সত্যৰ যুগ?কেৱল একবিংশ শতিকাই নে৷ইতিহাসৰ কিমান যে সাধুকথা,কিমান যে আখ্যান,বিজয়ীৰ পৰা পৃথক বিজিতৰ ইতিহাসৰ সত্য৷উত্তৰসত্যই চিৰন্তত মাত্ৰ,আজি আমি উত্তৰসত্যক অনুভৱ কৰিবলৈ সক্ষম মাত্ৰ বৌদ্ধিক স্তৰৰ উত্তৰণৰ ফলশ্ৰুতিত৷উত্তৰসত্যই চিৰশাশ্বত আৰু অবিনাশী৷উত্তৰ সত্যই একমাত্ৰ সত্য৷সত্যও উত্তৰ সত্যৰে সাধুকথা৷সময়ৰ লগে-লগে একোলা-দুকোলাকৈ ডাঙৰ হয় অতীতৰ উত্তৰসত্য৷

ফ্ৰেংকেষ্টাইন(ৰাজনৈতিক কবিতা)

গধূলি ভাবলেশহীনভাবে চুৰট হুপি ঘুৰি ফুৰিছিলো
জুকাৰবাৰ্গৰ গোলাপৰ বাগিছাত,
প্ৰচণ্ড বিলাপ শুনি থমকি ৰ’লো
নাতিদুৰৈত কামিজত স্তালিনক ওলোমাই ফুৰা
মুৰত গান্ধী টুপি পৰিহিত এজাক বান্দৰ
খেকখেকাই বিলাপ কৰি আছিল৷
মাজতে এটা বিয়াগোম নাৰিকল,
তাত লিখা আছিল
“দ্বন্দ্বমূলক বস্তুবাদ”৷
এটা মলুৱাই ধৰ্মনিৰপেক্ষ বদৰ-বদৰ
প্ৰগতিশীল বদৰ ,প্ৰগতিশীল কংগ্ৰেছ, দালাল অখিল বুলি
আটাহ পাৰি এজোপা নাৰিকল গছত ওলোমা বাদুলি দি ৰ’ল,
আন এটা মলুৱাই এলচেচিয়ানৰ ৰূপ লৈ
নেগুৰ জোকাৰি দৌৰ দিলে ৰাজীৱ ভৱনলৈ,
আন এটাচোন নিমিষতে এটা গাধত পৰিণত হ’ল,
পিঠিত গোহাঁই ছাৰৰ প্ৰতিচ্ছবি এগালমান বোজাই লৈ
কেকোঁজেকোকৈ খোজ দিলে,
মাজে মাজে বোজা সহিব
নোৱাৰি চিঞৰি উঠে
“মালিক,মালিক মোৰ মস্তিস্কৰ তুমিয়েইটো মাই-বাপ৷”
অলপ পৰ থতমত খালো
হঠাৎ এখন এলান্ধুকলীয়া ফলকত চকু পৰিল
“শীতল যুদ্ধৰ গোপন পৰীক্ষাগাৰ
স্বতধিকাৰী-KGB স্থান-ভাৰত”
ভৰিৰ তলৰ মাটি কপি উঠিল
বুজিবলৈ পলম ন’হল
মাৰ্ক্সবাদৰ পৰীক্ষাগাৰত জন্ম লোৱা অমাৰ্ক্সবাদী ফ্ৰেংকেষ্টাইন৷