আত্মকথা

ৰাতি,অন্ধকাৰ,নিসংগতা………..
মই অৰ্ন্তমুখী নহয়৷বহুতৰ ভাষাত মই আড্ডাবাজ মানুহ৷ দিনৰ পোহৰ, কোৰ্হাল আৰু দৌৰা-ধপৰাবোৰত মই অভ্যস্ত৷অৱশ্যে এনে নহয় যে কেতিয়াও বিৰক্তি অনুভৱ নকৰো৷মাজে-মাজে বিৰক্ত হওঁ৷আন দহজনৰ দৰেই৷হ’লেও অভ্যস্ত মই৷ভাল লগা বেয়া লগাৰ মিশ্ৰিত অনুভুতিৰ মাজেৰেই পাৰ হৈ যায় উৎজ্বল পোহৰৰ দিনবোৰ৷কোনোবাটো মিঠা,কোনোবাটো তিতা৷কিন্তু কিয় জানো ৰাতিবোৰ মোৰ সদায়েই প্ৰিয়৷সূৰ্য্যটোৰ সৈতে অভ্যস্ত মই কিন্তু সিমান উৎজ্বলতাও প্ৰিয় নহয় মোৰ৷জোনাকৰ স্নিগ্ধতাৰ প্ৰেমিক মই৷জোনাকত তিতি ৰ লাগি চাই থাকো ক’লা আকাশখনলৈ৷কেতিয়াবা তৰাবোৰ থাকে,কেতিয়াবা নাথাকে,নাথাকিলেও আপত্তি নাই৷অমাবস্যাৰ আকাশখনো বেয়া নাপাও৷কলা চাদৰ পিন্ধা অন্ধকাৰখিনি কিবা অনামী আকৰ্ষণ আছে মোৰ৷অৱশ্যে জোনাক মোৰ প্ৰেয়সী৷তুমি আপত্তি কৰিব পাৰা ৰাতি ফুলা ফুলবোৰ বৰণহীন কিন্তু সৌৰভ! আস মই যেন পাগল হৈ যাম৷দিনৰ হাইউৰুমিবোৰৰ সৈতে অভ্যস্ত কিন্তু ৰাতিৰ নিৰ্জনতাখিনি যেন মায়াময়৷দিনটোত বহুবাৰ অভিনয় কৰিব লাগে কিন্তু নিসংগ ৰাতিটো শিৱৰ দৰেই সুন্দৰ৷দিনটোত বহু কথা পাতো ইচ্ছাকৃতভাবে বা অনিচ্ছাকৃতভাবে৷কিন্তু ৰাতিৰ অন্ধকাৰখিনিত মই স্বাধীন মোৰ সত্বাৰ সৈতে কথা পাতিবলৈ৷আচলতে মই নিজেই নাজানো কেতিয়া মই জোনাক নিশাৰ প্ৰেমত পৰিছিলো৷সদায় জোনাক নাথাকে৷জোনাক ন’হলেও চলি যায় ক’লা অন্ধকাৰৰ চাদৰ পিন্ধা ৰাতিটোতো মই ৰুছোৰ অৰণ্যৰ আদিম আৰু স্বাধীন মানৱ৷কেতিয়াবা ভাবো ৰাতিটোৰ কেতিয়াও শেষ ন’হওক৷ক’ব নোৱাৰোকৈ মই হয়তো গভীৰ অন্ধকাৰৰ প্ৰেমতো পৰিছো৷জোনাক হওঁক কিম্বা গৰ্জনমুখৰ অমাবস্যা, ৰাতিবোৰ মোৰ সদায়েই প্ৰিয়৷জহৰ এটা দোভাগ ৰাতি চাদৰ ওপৰত ঠিয় হৈ চিপচিপীয়া বৰষুণত ভিজি যিদিনা সংগীতৰ তালে-তালে এটা মাতাল হাঁহি মাৰি অন্ধকাৰৰ বুকুত এৰি দিছিলো এছাটি ছিগাৰেটৰ ধোৱা সেয়াই হয়তো আছিল এই প্ৰেমৰ আৰম্ভণি৷

বন্ধু নিৰাশ ন’হবা

বন্ধু নিৰাশ ন’হবা৷ভুলে-শুদ্ধইটো এই জাতীয় সংগ্ৰাম৷বিকৃত সত্যৰ একাধিক আবৰণ৷সেইবাবেইটো এয়া উত্তৰ সত্যৰ সভ্যতা৷যুঁজিব লাগিব৷জিকিব লাগিব৷নিৰাশাৰ চিতাভষ্মৰ পৰা প্ৰাণ পাই উঠিব লাগিব আশা আৰু উদ্যমৰ ফিনিক্স পক্ষী হৈ৷আকৌ কৈছো আন্দোলনটোক লতাশিলতেই হত্যা কৰা হৈছিল৷বহুতো অভিনেতা আছিল৷বহুখন নাটকেই সেইসময়ত মঞ্চস্থ হৈছিল৷কিন্তু ৰাজপথৰ প্ৰতিটো চিঞৰেই মিছা নাছিল,মিছা নাছিল বুকু চুই পাৰ হোৱা তপত বুলেটটো,ৰাজপথৰ তেজৰ চেকুৰাবোৰ ,ৰাইজৰ পাৰ ভঙা আবেগবোৰৰ আৰু শ্বহীদৰ পিতৃৰ সেই হৃদয় চুই যোৱা ভাষণটো৷বহুতে অভিনয় কৰিছিল,বহুতে জখলা বগাইছিল৷কিন্তু বন্ধু তুমিওতো জানা তোমাৰ দৰেই মোৰ চিঞৰবোৰো মিছা নাছিল,মিছা নাছিল পাৰ ভঙা আবেগবোৰ আৰু ভাষণবোৰ৷সেয়ে মই আজিও স্থিতপ্ৰজ্ঞ৷সেয়ে মই আজিও মুক্তকণ্ঠে কওঁ কা আমি মনা নাই আৰু কোনো কালেই নামানো৷সেয়ে এই গৌৰৱ৷সেয়ে আজিও আইনাৰ মুখত ঠিয় হ’ব পাৰিছো আৰু প্ৰশান্তিৰ হাঁহি মাৰিব পাৰিছো৷মানুহৰ মুক্তিৰ সংগ্ৰাম দীৰ্ঘজীৱী হওঁক৷আমি যুঁজিম আমি জিকিম৷জীৱন জিন্দাবাদ৷

এটা উত্তৰৰ আট বিচাৰি প্ৰেমৰ ৰসায়ন

সচাৰচৰ বিভিন্ন ব্যক্তিগত কাৰণত আজিকালি আমি সামাজিক মাধ্যমত আগৰ দৰে দীঘলীয়াকৈ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ পৰা আতৰি থাকো৷কালি ৰাতি হঠাৎ ভাইটি Pulak ৰ দেৱাললিখনত এটা বৰ আহুকালীয়া আৰু এককথাত জটিল প্ৰশ্নৰ মুখামুখি হ’লো৷আপাত দৃষ্টিত প্ৰশ্নটো ধেমেলীয়া যেন লাগিলেও প্ৰশ্নটোো কিন্তু গভীৰেই৷পুলকৰ প্ৰশ্নটো আছিল “একে সময়তে দুজন পৃথক ব্যক্তিৰ প্ৰেমত পৰাটো সম্ভৱনে?” জৈৱ ৰাসায়ন আৰু কৃষি বিজ্ঞানৰ স্নাতকোত্তৰৰ ছাত্ৰ হোৱাৰ বাবে এনে সাধাৰণ যেন লগা কথাবোৰো জৈৱ-ৰাসায়নিক পৰ্য্যায়ত খুটিয়াই চোৱাটো আজিকালি মোৰ স্বভাৱতেই পৰিণত হৈছো৷মূহূৰ্ততে মৰ্ন্তব্যবোৰ পঢ়িলো বহু ধেমেলীয়া কমেন্টৰ মাজত Partha দাৰ এটা চুটি মৰ্ন্তব্যৰ সৈতে পোনছাটেই সহমত প্ৰকাশ কৰিলো আৰু কালি চিনাকি হোৱা Rodali Chetia ৰ এই প্ৰশ্নৰ উত্তৰত সম্ভৱ নহয় জাতীয় মৰ্ন্তব্য কৰিবলৈ যি দৰ্শনৰ ব্যৱহাৰ কৰিলে সেই দৰ্শনেও মোৰ অন্তৰ চুই গ’ল৷আমি কৰা অধ্যয়নৰ ভিত্তিত যৌনতা আৰু প্ৰেম সমাৰ্থক বুলিব নোৱাৰি৷প্ৰেম বিহীন যৌনতা সম্ভৱ আৰু সহজলভ্য৷যৌনতাবিহীন প্ৰেম(প্লেটোনিক লাভ) অৱশ্যে অপ্ৰাকৃতিক৷সৰলকৈ ক’বলৈ গ’লে প্ৰেমৰ সৌৰভেৰে সুবাসিত যৌনতা ইয়াৰে এক চৰম প্ৰৰ্দশনকামী ৰূপ৷দুটা শৰীৰক এক কৰাৰ এক আদিম আৰু প্ৰাকৃতিক তাড়ণা৷অৱশ্যে প্ৰজননৰ ক্ষেত্ৰত Primate(বান্দৰৰ সমগোত্ৰীয় শ্ৰেণীৰ অৰ্ন্তগত মানুহ,গৰিল্লা,চিম্পাঞ্জী,বান্দৰ,ওৰাংওটাং আৰু বনমানুহ) আদি অন্যান্য পশুতকৈ পৃথক৷”Primates”ৰ বাহিৰে আন সকলো মেৰুদণ্ডী প্ৰাণীৰ সদস্য/সদস্যা সকলে প্ৰাকৃতিক তাড়ণাৰ বৰ্শৱতী হৈ বছৰৰ যিকোনো এক বিশেষ সময়ত(period of heat)হে প্ৰজনন কাৰ্য্যত লিপ্ত হয়৷কাৰণ এই নিম্নশ্ৰেণীৰ স্ত্ৰী সদস্যাসকলৰ ক্ষেত্ৰতহবছৰৰ এক নিৰ্দিষ্ট সময়তহে মহিলাৰ ঋতুস্ৰাৱ সদৃশ এক চক্ৰ( estrous cycle) সক্ৰিয় হৈ থাকে আৰু ইয়াৰ বিপৰীতে “Primate’ শ্ৰেণীৰ মাহেকীয়া ঋতুস্ৰাৱ (Menstruation) হ’য়৷সেয়ে প্ৰাকৃতিক ভাবেই মানুহ আৰু অন্যান্য “primate” সদস্য/সদস্যাৰ প্ৰজননৰ সৈতে ইচ্ছা,যৌনসুখ আদি আনুসাংগিক কথাও জড়িত হৈ থাকে৷আমি প্ৰথমেই উল্লেখ কৰিছো যৌতনাবিহীন প্ৰেম বা প্লেটোনিক লাভ প্ৰাকৃতিক নহয় আৰু যৌনতা প্ৰেমৰ এক চৰম প্ৰৰ্দশনকামী ৰূপ৷৷অন্যান্য primates ৰ তুলনাত মস্তিস্কৰ ক্ষমতা (cranial capacity) অধিক হোৱাৰ বাবেই আমি মানুহবোৰে সাধাৰণ কথাবোৰকে উটিল ৰূপ দিওঁ৷সেয়ে আমি প্ৰকৃতিৰ নিয়মৰ বিপৰীতে সাতোৰো৷হাবিৰ মাজত এজাক পশুৱে একেলগে যৌন জীৱন কটোৱাটো সাধাৰণ নিয়ম৷কাৰোবাক ভাল লগাৰ বাবে মস্তিস্কৰ পৰা Dopamine হোৰমোন(Dopamine- the crush hormone) নিসৰণ এক পূৰ্বচৰ্ত৷কিন্তু এই ভাললগাৰ অনুভুতিক যাউতিযুগীয়া কৰি বিশুদ্ধ প্ৰেমৰ ৰূপ দিৱলৈ মস্তিস্কই নিঃসৰণ কৰিব লাগিব আন এবিধ হোৰমোন oxytocin(the love hormone)৷ অৰ্থাৎ Dopamine ৰ নিঃসৰণে কাৰোবাক ভাল লগা আৰু পৰৱৰ্তী স্তৰত হোৱা Oxytocin ৰ নিসৰণে কিছুমান জটিল স্নায়ৱিক প্ৰক্ৰিয়াৰ মাজেৰে প্ৰেমৰ অনুভূতি প্ৰতিনিধিত্ব কৰে৷মানুহৰ দৰে primates ৰো প্ৰজননৰ যৌনসুখ,ইচ্ছা আদি জড়িত হৈ থাকে আৰু আজিও কাৰ্য্যত ধৰ্ষণ বা অৰণ্যৰ ভাষাত একে প্ৰজাতিৰ পুৰুষ সদস্যজনে একাধিক মহিলা সদস্যাৰ সৈতে বলৰ প্ৰয়োগ নকৰাকৈ স্বাভাৱিক যৌন সম্পৰ্ক আৰু যৌন জীৱন দুয়োটাই বৰ্তাই ৰাখে৷ এক কথাত এনেধৰণৰ বহুমাত্ৰিক(multidimensional) আৰু স্বাভাৱিক প্ৰেম মিহলি যৌন সম্পৰ্ক(এটা শব্দত polygamy) বুলি ক’ব পাৰো৷ আনহাতে Polygamy ৰ এই ধাৰণাই ইয়াত যেতিয়া যৌনতাৰ সৈতে যৌনজীৱন আৰু সহবাসকো সামৰি লৈছে সেয়ে এইক্ষেত্ৰত Oxytocin ৰ নিসৰণো এক প্ৰাথমিক চৰ্ত৷মানে হাবিৰ জীৱন প্ৰেমত মিহলি বহুমাত্ৰিক যৌনতা সুলভ৷বহু গৱেষণাই কয় আদিম কালত মানুহো(পুৰুষ-মহিলা)বহুগামী আছিল৷কিন্তু সামাজিক বিবৰ্তনৰ ইতিহাসত যেতিয়া নিয়মৰ সৃষ্টি হ’ল সিয়েই কালক্ৰমে শালীন,অশালীনতা ৰ পৰিভাষা নিৰ্ণয় কৰিলে আৰু বহুগামিতা আধুনিক মানুহৰ বাবে শালীনতাৰ অভিধানৰ এক বৰ্হিভূত শব্দ হৈ পৰিল৷কিন্তু মানবীয় প্ৰমূল্যবোধ প্ৰকৃতিৰ উৰ্দ্ধত নহয়৷প্ৰয়োজনত মানুহে জীৱন ৰক্ষাৰ বাবে নৰমাংসৰ কেঁচা টুকুৰাও চোবাই৷অৰ্থাৎ মানুহে কেঁচা মাংস নাখায়,সেয়া অভব্য বা একপ্ৰকাৰৰ অশালীন,নিষ্ঠুৰ,দৃষ্টিকটু( এইসকলোবোৰ কিন্তু আপেক্ষিক আৰু মানুহে ৰচি লোৱা আৰু শালীন-অশালীন বুলি তালিকাভুক্ত কৰা আচৰণহে!)আচৰণ যদিও আমি প্ৰাকৃতিক ভাবে তেনে কৰিবলৈ সক্ষম৷অৰ্থাৎ মানুহে কেঁচা মঙহ খাবলৈ প্ৰাকৃতিক ভাবে সক্ষম আৰু তেনে হৈছেও৷একেদৰেই এজন ব্যক্তি প্ৰাকৃতিক ভাবে বহুগামীৰ জীৱন কটাবলৈও সক্ষম৷সহবাস আমি কথা পতা ধৰণৰ বহুগামিতাৰ অংশ যাৰ পূৰ্বচৰ্ত Oxytocin আৰু সেই Oxytocin ই হ’ল প্ৰেমৰো আদিচৰ্ত৷জুকিয়াই চালে বহুগামিতা মানে প্ৰেমৰ উপস্থিতিত হোৱা বা প্ৰেম মিহলি এক বহুমাত্ৰিক সম্পৰ্ক৷সেয়ে এই সংজ্ঞা আৰু চৰ্তবোৰৰ আধাৰত আমি প্ৰস্তাৱ কৰিব পাৰো যে (শালীনতা,অশালীনতাৰ চৰ্তক ত্যাগ কৰি) বহুগামিতাৰ বাবে আমি প্ৰাকৃতিক ভাবে সক্ষম আৰু ইতিহাসত এনে বহু উদাহৰণো আছে৷প্ৰেম বহুগামিতাৰ এক অংশ৷বহুগামিতা সম্ভৱ মানে একেলগে(একেসময়তে) বহুজনৰ সৈতে প্ৰেমো সম্ভৱ৷পুলকৰ প্ৰশ্নটো শালীন-অশালীনৰ নাছিল৷দৰ্শন,শালীনতা,অশালীনতা আদিৰ পৰা আতৰি কেৱল জীৱ বিজ্ঞান আৰু সামাজিক বিবৰ্তনৰ তত্ব আৰু ইতিহাসৰ যুক্তিৰে চালিজাৰি চালে মোৰ দৃষ্টিত একেলগে বিভিন্ন জনক প্ৰেম কৰা আৰু সহবাস কৰা দুয়োটাই সম্ভৱ৷
(কথাখিনি জটিল৷বুজাই ক’বলৈ ভাল৷লিখি বুজাবলৈ অলপ অসুবিধা৷হ’লেও কিবাকিবিকৈ লিখিছো৷আকৌ চেষ্টা কৰিম)

শ্ৰমিকৰ দিনলিপি

মোৰ বয়স তেতিয়া সাত কি আঠমান হ’ব৷গাঁৱৰে ধনীকায়ে আমাৰ নতুন ঘৰৰ জপনাখন মেৰামতি কৰি আছিল৷চোতালত ধূলি-বালিৰে ঘৰ সাজি থকাৰ পৰা উঠি আহি এপাকত ধনী কাইক পকেটত হাত ভৰাই মালিকী কায়দাৰে তাগিদা দিলো,”ককাই কামটো কেতিয়াকৈ ওলাব৷ইমান লেহেম কৰি আছ যে!অলপ ফটাফট নকৰ কিয়!”বাৰান্দাতে বহি বাতৰিকাকত পঢ়ি থকা দেউতাই মোৰ আলেখলেখ চাই আছিল৷সচাৰচৰ মোক টোপ এটাও পৰিবলৈ নিদিয়া দেউতাই সেইদিনা মোক এটা কাণমলা দিলে৷মই উচুপি-উচুপি মাৰ আচলত সাবতি ধৰিলো৷প্ৰায় আধাঘন্টামানৰ পিছত দেউতাই লুজেন গুটি এটা দি ফুচুলালে,” সোণটো তইনো ধনী কাইক কিয় কামৰ তাগিদা দিছিলি?” মই ফেঁকৰি-ফেকুঁৰিয়েই ক’লোোধনী কাই কিবা মালিক নেকি?কাম কৰা মানুহ হে৷ দেউতাই সামান্য হাঁহি মাৰি ক’লে,”কাম কৰা মানুহ!খাটি খোৱা মানুহ!ময়ো চোন কাম কৰা মানুহ!খালি মই যেনিবা মানুহৰ ৰোগৰ প্ৰতিকাৰৰ বাবে ঔষধ দিও বাবে মানুহে মোক ডাক্তৰ চাহাব বুলি মাতে৷আৰু ধনীকায়ে মানুহৰ ঘৰত হাজিৰা কৰি খায়৷আমি সকলোবোৰেই চোন খাটি খোৱা মানুহ৷মই,ধনীকাই আমি সকলো খাটিখোৱা মানুহেই শ্ৰমিক বুজিছ,কিন্তু মালিক নহয়৷শ্ৰমিকৰ ল’ৰা হৈ তই শ্ৰমিকৰ মোল নুবুজিলে কি দৰে হ’ব৷”তাহানিতে দেউতাই ঠিকেই কৈছিল৷সকলো খাটি খোৱা মানুহেই শ্ৰমিক৷সকলো শ্ৰমিকৰেই তেজৰ ৰং ৰঙা৷অত্যাচাৰী জমিদাৰৰ চাবুকৰ কোবত পিঠি ফাটি নিগৰা তেজৰ চেকুৰাবোৰৰ দৰে,গিলোটিনত সিচৰিত হৈ ৰোৱা প্ৰভুসকলৰ নিথৰ মুৰবোৰৰ ৰক্তধাৰাৰ দৰেই আৰু এই শ্ৰমিক দিৱসৰ পাতাকা খনৰ দৰেই৷ৰঙা ৰং আমাৰ হৃদয়ৰ ৰং৷সেয়ে পাতাকাখন আমাৰ ইমান প্ৰিয়৷ধৰ্ম-মন্দিৰ-মছজিদ-উচ্চ-নীচ আস সমাজত কিমান যে বিভেদ৷ধৰ্ম নামৰ আফিংৰ চিলিমত টান মাৰি আমি বাৰু কিয় পাহৰি যাওঁ শ্ৰেণীবিভক্ত সমাজৰ বাস্তৱতাক৷পৃথিৱীত আছে মাত্ৰ জাতি দুটাই শোষক আৰু শোষিত৷শোষকৰ ধৰ্ম কেৱল আৰু কেৱলমাত্ৰ শোষণ কৰা আমেৰিকাৰ ৰেড ইণ্ডিয়ান সকলৰ উৰ্বৰ বসবাস ভূমিৰ পৰা মধ্যপ্ৰাচ্যৰ খাৰুৱা তেলৰ বৃহৎ ভাণ্ডাৰবোৰক সামৰি কণমাণি চুমিলা ৰংহাংপীৰ শৰীৰতোলৈ৷শোষিত সকলৰ অধিকাংশই নিজস্ব ধৰ্মক লৈ অজ্ঞ হয়তো কোনোবাখিনিত শোষকৰ দ্বাৰা পথভ্ৰষ্ট৷জোনাকৰ দেশৰ ঈশ্বৰৰ সন্ধানত শোষিত জনতাই দৌৰ মাৰে মন্দিৰ,মছজিদ আৰু গীৰ্জাঘৰৰ প্ৰাংগণলৈ৷বুভুক্ষ দৰিদ্ৰনাৰায়ণ উপেক্ষিত হয় পৰি ৰয় মন্দিৰৰ প্ৰাংগণত এমুঠি অন্নৰ অভাৱত,পেট পূজনৰ অৰ্ঘৰ অভাৱত৷তেওঁলোক শোষক,তেওঁলোক শাসক,তেওঁলোক গণতন্ত্ৰৰ মুকুটবিহীন সম্ৰাট৷নিৰ্বাচনৰ শেষনিশা এখন কম্বল আৰু এটা মদৰ বটল৷এনেকৈয়ে চলি থাকে মোৰ দেশৰ গণতন্ত্ৰ৷সমাজবাদ এটা ভবিষ্যৎৰ সাধু৷সৰ্বহাৰাই সকলো বিক্ৰী কৰে৷পুজিপতিয়ে কিনি লয় সৰ্বহাৰাৰ সৰ্বস্ব৷হাজাৰজনী চুমিলাৰ শৈশৱ,বেশ্যাৰ যৌৱন,বিশ্ববিদ্যালয়ৰ শিক্ষা,চাকৰিৰ যোগ্যতা,ন্যায়লয়ৰ ন্যায়,ভেন্টিলেশ্যনত বন্দী জীৱন,দৰিদ্ৰৰ একোটা বৃক্ক আৰু অসহায় মধ্যবিত্তৰ হৃদয় আৰু প্ৰেম৷মুক্ত অৰ্থনীতি৷বৈধ-অবৈধ-মানবীয়-অমানবীয় নামৰ সকলো সংজ্ঞা আৰু বন্ধনৰ পৰা মুক্ত এই বজাৰ৷আমি বিক্ৰী কৰো আমাৰ মন-মস্তিস্ক-শৰীৰ,হৃদয়,সত্বা আৰু নিজস্ব আত্মাকো৷সেয়ে তুমি-মই আমিবোৰ সৰ্বহাৰা শ্ৰমিক৷সিহঁতে কিনে৷সিহঁতে আচলতে আমাক নিকিনে মাত্ৰ প্ৰতিটো স্তৰতেই শোষণ কৰে৷সেয়ে সিহঁতৰ ব্যৱস্থাই ঘৃণা কৰে মাৰ্ক্সক৷লেনিনৰ ছোভিয়েটৰ বাস্তৱক উপেক্ষা কৰি নীলা শিয়ালৰ জাকে বাৰে-বাৰে হোৱা দিয়ে ”দিবাস্বপ্ন- utopian dream”বুলি৷সেয়ে সিহঁতৰ অৰ্থনীতি কিতাপৰ পৃষ্ঠাত তুমি কেৱল বিচাৰি পাবা আদাম স্মিথক৷মাৰ্ক্সৰ Law of Surplus ক হয়তো সিহঁতে বন্দী কৰি ৰাখিছে বাস্তিলৰ অন্ধকাৰ কুঠৰিত৷বন্ধু আমি বুজিব লাগিব আমি হিন্দু-মুছলমান-খ্ৰীষ্টান একো নহয়,আমি নহয় অসমীয়া-বাংলা অথবা ৰাজস্থনী আমাৰ মাত্ৰ এটাই পৰিচয় আমি শোষিত-নিস্পেষিত শ্ৰমিকৰ দল৷ৰাষ্ট্ৰৰ পৰিচয়,জাতিয়তাবাদ,ধৰ্ম,বৰ্ণ,ভাষা সকলো আবেগ মাত্ৰ বাস্তৱ কেৱল এয়াই আমি শোষিত-নিস্পেষিত মেহনতী শ্ৰমিক যাৰ পিঠিত চাবুকেৰে লিখা থাকে মালিকৰ বুৰঞ্জী,যাৰ পিঠি ফাটি বৈ আহে ৰঙা তেজৰ চেকুৰা৷সেয়ে ৰঙা ৰং আমাৰ হৃদয়ৰ ৰং৷বন্ধু যিদিনা তোমাৰ বিপ্লৱৰ কাঁচিখন মহাজন দেউতাৰ ডিঙিৰ জোখেৰে গঢ়িবা সেইদিনা মোকো ৰিঙিয়াই মাতিবা৷তেতিয়ালৈকে মই মুখত এটা হাভানা ছিগাৰ লৈ মটৰ চাইকেল ডায়েৰীৰ স্ৰষ্টাৰ সহযাত্ৰী হৈ অ’ হেনৰীৰ সৈতে ভাৰতীয় উপমহাদেশৰ শ্ৰমিক সকলৰ দলত সন্মিলিত হৈ পুজিবাদৰ শিলাখণ্ডত প্ৰতিদিনে হাতুৰীৰে আঘাত কৰিম৷জনতাৰ পৰা আতৰি নাযাবা৷বিপ্লৱ মানে ভোজমেল নহয় কিন্তু বিপ্লৱ মানে কেৱল অস্ত্ৰৰ লেকামহীন প্ৰতিযোগিতাও নহয়৷সেয়ে নক্সালবাৰী বিপ্লৱ নাছিল৷বন্ধু তুমি কাঁচিখন ধৰোৱা আৰু ময়ো শিল ভাঙোগৈ৷যিদিনা গিলোটিন বিলাকে আকৌ সাৰ পাব সেইদিনাই বাস্তিলৰ দুৱাৰখন খোল খাব৷বজাৰখন অগ্নিদগ্ধ হ’ব৷বতাহত হালি উঠিব মানুহৰ মুক্তিৰ ৰঙা নিচান৷সেই দিনটো আমাৰ হ’ব৷সেইদিনটো সৰ্বহাৰা শ্ৰমিক হ’ব আৰু সেই দিনটোক আমি ক’ম মানুহৰ মুক্তিৰ দিন৷

এই সময় সেই সময়

(১)
ৰান্ধনী বেলিয়ে লহিয়াবলৈ যোজাঁ কৰাৰে পৰাই মই আৰু সৰু ককাইদেউে নঙলাৰ মুখত অধৈৰ্য্য হৈ পায়চাৰি কৰি থাকো৷দুৰৈত ধূলি উৰুৱাই অহা চাইকেলৰ বেল শুনিলেই আৰু আমাৰ ৰক্ষা নাই৷আমি দুয়োটাই আলিৰ মুৰৰ কেকুঁৰিটোলৈ ল’ৰ দিওঁ৷আগে-আগে চাইকেলত ঘামিজামি বৰদেউতা আৰু পিছে-পিছে কিৰিলি পাৰি মই আৰু সৰু ককাইদেউ৷বৰদেউতাই মৰম সনা কন্ঠৰে  হাঁহি-হাঁহি কয়,”আস্থে,আস্থে৷আমি নঙলা মুখত ঠিয় হৈয়েই হাত পাতো৷বৰদেউতাই পকেটৰ পৰা উলিয়াই দিয়ে ৰঙচঙীয়া কাগজৰে বান্ধি অনা দুটাকৈ টেঙা মৰ্টন৷কাগজখন লৰালৰিকৈ খুলি ধূলি সনা হাঁতেৰে মুখত ভৰাই গভীৰ প্ৰশান্তি চকুকেইটা মুদি দিওঁ৷আস কি যে তৃপ্তি!
      সন্ধিয়া ৰুণজুনহঁতৰ ঘৰলৈ গৈছিলো৷বাৰ কোঁচত উঠি ৰুণজুণে মোবাইলটোৰ সৈতে উমলি আছিল৷তাইলৈ কেডবেৰীৰ পেকেট এটা আগবঢ়াই দিলো৷আধা ফুটা মাতেৰেই তাই উশাহ নসলোৱাকৈয়ে “থেংক ইউ” বুলি ফেলেককৈ হাঁহি এটা মাৰি পুনৰ মোবাইলৰ পৃথিৱীত ব্যস্ত হৈ পৰিল৷চাহ একাপ খাই ঘৰলৈ উভতিলো৷চাৰিআলিত চিগাৰেট এটা জ্বলাই মনে-মনে জুকিয়ালো “এই সময় সেই সময়”৷এনেকৈয়ে আগবাঢ়ি যাওঁ৷সময়ৰ নদীত এৰি দিওঁ মোৰ জীৱনৰ পালতৰা নৌকা৷অন্ধকাৰৰ পৰা পোহৰলৈ আৰু পোহৰৰ পৰা অন্ধকাৰলৈ৷দুৰ দিগন্তত হেঙুলী আভাৰে ফাকু খেলি অস্ত যায় সূৰ্য্য কাইলৈৰ প্ৰভাতী কিৰণৰ অপেক্ষাত৷

(2)
শৈশৱৰ ধেমালিবোৰৰ মাজতে জীৱনলৈ গোপনে চঞ্চল ফাগুণৰ আগমন ঘটিছিল৷পানী খোৱা চুটিত প্ৰায়েই আৰ চকুৰে তাইক চাইছিলো৷শ্ৰেণী কোঠাৰ পৰা অজুহাত উলিয়াই ঘনাই বাহিৰলৈ গৈছিলো৷কিবাকৈ যদি খিৰিকীৰ কাষত বহি তায়ো বাহিৰলৈ চাই আছে৷চকুৱে-চকুৱে পৰিলেই যেন শৰীৰত বিজুলীৰ প্ৰৱাহ হে বৈ যায়৷তাই মোলৈ চাই লাজ-লাজকৈ হাঁহে৷হয়তো এয়াই প্ৰেম!নাই এনেকৈ আৰু কিমান দিন!ৰাতি শোৱাপাটীত পৰিও চোন তাইৰ কথাই ভাবো৷কিন্তু কিনো ক’ম!নৱম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপখনৰ মাজত সৰ্ন্তপণে এখন উকা বগা কাগজ মেলি ল’লো৷কি বুলি আৰম্ভ কৰিম,এশাৰী লিখি কাগজখন ফালি পেলালো৷নাই ইমান বেয়া আখৰ তাই কেনেকৈ পঢ়িব৷আকৌ এখন কাগজ বহীৰ মাজৰ পৰা ফালি ল’লো৷প্ৰতি,মৰমৰ……..বুকুৰ পাৰ ভঙা আবেগবোৰে কোবেৰে ওলাই আহিল৷এই যেন মই কবি হৈ যাম৷এটা কাণতলীয়া চৰত কপি উঠিলো৷মায়ে পিছদিনা পুৱা কিতাপ জাপোতে চিঠিখন পালে৷মই থৰথৰকৈ কপিছিলো৷সৰু ককাইদেউ আৰু৷ভনীটিয়ে ফিচিঙা-ফিচিং কৰিছিল৷দেউতাই বেতেৰে ভালকৈ এজাৰণ দিলে৷এসপ্তাহ মানলৈ মা-দেউতাৰ চকুলৈ চাবলৈ এক অনামী লাজ লাগিছিল৷
      “আজি সন্ধিয়া প্ৰিয়দৰ্শিনীৰ মাকে মোলৈ ফোন কৰিছিল৷বিহু বুলি আমাক ভাত খাবলৈ মাতিছিল৷কিন্তু মই নোৱাৰিম বুজিছ৷কাইলৈ নামঘৰত গোপিনী সবাহ আছে৷তয়েই ভনীয়েকৰ লৈ এপাক আহিবিগৈ৷আজি শইকীয়ানীক মই কৈছো প্ৰিয়দৰ্শিনীয়ে সোনকালে পি এইচ ডি টো শেষ কৰক আৰু পাৰিলে এইবাৰ পূজাতেই তহঁতৰ বিয়াখন পাতি দিম আৰু৷নে কি কোৱা৷” দেউতালৈ চাহ কাপ আগবঢ়াই দি মায়েও কাষৰে চকী এখনত বহি ল’লে৷দেউতাই মাৰ কথাটোত বিশেষ গুৰুত্ব নিদিয়াৰ ভাও ধৰি গলহেকাৰি এটা মাৰি মোক গহীনাই শুধিলে,”আজিকালি তই কিতাপৰ মাজত প্ৰিয়দৰ্শিনীলৈ লুকুৱাই-লুকুৱাই চিঠি লিখ নে নিলিখ?দেউতাৰ ৰসিকতাত খুকখুকাই হাঁহি মই
মনে-মনে জুকিয়ালো “এই সময় সেই সময়”৷এনেকৈয়ে আগবাঢ়ি যাওঁ৷সময়ৰ নদীত এৰি দিওঁ মোৰ জীৱনৰ পালতৰা নৌকা৷অন্ধকাৰৰ পৰা পোহৰলৈ আৰু পোহৰৰ পৰা অন্ধকাৰলৈ৷দুৰ দিগন্তত হেঙুলী আভাৰে ফাকু খেলি অস্ত যায় সূৰ্য্য কাইলৈৰ প্ৰভাতী কিৰণৰ অপেক্ষাত৷
(৩)
পুলিচত চাকৰি কৰা চুবুৰীৰে দেউতি খুৰা মাহেকে-পষেকে ঘৰলৈ আহে৷সন্ধিয়া আলিমুৰৰ হৰেশৰ ঘুমতিখনৰ মুখত ৰৈ দেউতি খুৰাই ছিগাৰেট টানে৷তিনিটকীয়া চাৰ্মিনাৰ৷ধোৱা গাল টানি এক বিশেষ কায়দাৰে ৰিং সাজি এৰি দিয়ে৷কেতিয়াবা আকৌ ছিগাৰেটটো টানি চকুকেইটা মুদি দি দীঘলকৈ ধোৱাবোৰ এৰি দিয়ে৷হাজৰিকা ছাৰৰ টিউশ্যনৰ পৰা চাইকেল মাৰি-মাৰি কাণিমুনি পৰত ঘৰলৈ উভতি আহি থাকোতে তপনক ইংগিত দিলো৷ঠাইখন গেজেপনি মৰা বাঁহনি৷ওচৰে-পাজৰে মানুহৰ ঘৰ-দুৱাৰো নাই৷ৰাস্তাটোও নিজান৷ৰাস্তাতে চাইকেল দুখন থৈ বাঁহনিৰ আৰ লৈ তপনক ক’লো উলিয়া৷তপনে কালিয়েই দেউতি খুৰাই আধা হুপি পেলোৱা টুকুৰা দুটা চোলাৰ জেপত লুকুৱাই থৈছিল৷এইবাৰ মই পেন্টৰ খোচনিৰ পৰা দিয়াচলাই এটা উলিয়াই কপাঁ-কপাঁ হাতেৰে ছিগাৰেটৰ টুকুৰাটো জ্বলাই এসোহা মাৰিলো৷নাকে-কাণে ধোৱা এগাল বাজ কৰি কাঁহি-কাহি তত পোৱা নাই৷বাহঁনিৰ সিপাৰৰ পৰাই ভূতৰ ওপৰত দানৱ পৰাদি সৰুখুৰাৰ ডাবিটো ভাহি আহিল,” অ’ ডেকা তেজৰ পিৰপিৰণি৷টিউশ্যনৰ নামত৷বাঁহৰ তালত ছিগাৰেটৰ আড্ডা৷মই ভাগ্যে কাঁহটো শুনি কি হ’লনো বুলি এইফালে টৰ্ মাৰি চালো বুলিহে৷তহঁত আহ আজি ঘৰলৈ৷সেইদিনা ৰাতি আৰু ভাত খোৱা ন’হল৷মায়ে উচুপি-উচুপি কান্দিছিল৷খুৰীয়ে বুজাইছিল আৰু দেউতাই,দেউতাই প্ৰায় এমাহমানলৈ মোক মাত-বোলা কৰা নাছিল৷নিশা সদায়েই বিছনাত ছটফটাই-ছটফটাই ভগৱানক খাটনি ধৰিছিলো৷মোকো সোনকালে ডাঙৰ কৰি দিয়া,দেউতি খুৰাৰ দৰে৷
                কিমান সময় হ’ল জানো৷অলস-অলস ভাবেৰে মোবাইলটো হাতত ল’লো৷চাৰে ন বাজিল৷কালি ঋতমৰ বাৰ্দ দে বুলি দুটামান পেগ বেছিকৈয়েই খাই দিলো৷মুৰটো এতিয়াও টিঙটিঙাই আছিল৷প্ৰিয়দৰ্শিনীৰ তিনিটা মিছকল৷শণিবাৰে ৰাতি পাৰ্টী কৰি দেৰিলৈকে শুই থকা অভ্যাসটোৰ বাবে তাই আকৌ বকিব৷চকুকেইটা মোহাৰি হাতত ব্ৰাছডাল লৈ বাহিৰলৈ ওলাই গ’লো৷মায়ে সামান্য ভোৰভোৰাই ক’লে,হ’ল বুলিনো ৰাতি টেটুৰ গুৰিলৈকে মাৰি দিনদোপৰলৈকে ডেকা ল’ৰা এটা এনেকৈ ধোবাং বাং দি থাকে নে৷বাতৰি কাকতৰ সামান্য পৰা মুৰ ডাঙি দেউতাই ক’লে,”হ’ব দিয়া৷পুৱাই-পুৱাই মাকে-পুতেকে আকৌ মহাভাৰতখন আৰম্ভ কৰিব নালাগে৷বাবাক নেমু চেপি চাহ একাপ দি দিয়া৷” পাকঘৰৰ পৰাই ভন্টীয়ে চিঞৰিলে,”ঠিকেই দুদিনমানতে সি বিয়াও পাতিব৷এতিয়া আৰু হাইস্কুলীয়া ল’ৰা হৈ থকা নাই নহয়৷মা তইনো কিমান ক’বি৷সি নিজেও বুজিব লাগিব৷” সম্পৰ্কৰ গভীৰতা আৰু টানবোৰ এনেদৰেই একেই থাকে মাথো সলনি হয় কতৃত্বৰ,সলনি হ’য় দ্বায়িত্বৰ আৰু সলনি হ’য় চিন্তাধাৰাৰ৷নেমু দিয়া চাহকাপ হাঁতত লৈ মনে-মনে জুকিয়ালো “এই সময় সেই সময়”৷এনেকৈয়ে আগবাঢ়ি যাওঁ৷সময়ৰ নদীত এৰি দিওঁ মোৰ জীৱনৰ পালতৰা নৌকা৷অন্ধকাৰৰ পৰা পোহৰলৈ আৰু পোহৰৰ পৰা অন্ধকাৰলৈ৷দুৰ দিগন্তত হেঙুলী আভাৰে ফাকু খেলি অস্ত যায় সূৰ্য্য কাইলৈৰ প্ৰভাতী কিৰণৰ অপেক্ষাত৷

Cheers to Life

(Chapter One)
Sometime I feel like that we are a totally confused generation and some other time I feel like that the ultimate truth of our generation is masked by the civilization of the post truth and sometime I again feel like that there is nothing like truth or absolute truth or facts only perception exists. Actually we people are like a cocktail drink a flavour of conservativeness from 80s and a strong taste of post modern values from the 21st century. Yes we are a bridge connecting two different civilizations of contrasting values.

(Chapter Two)

Sometime it is too painful to have generation gaps within oneself and quite exciting too. Like other human beings we are social animal too but in a selective way. We are fun loving too but not always among the crowds sometime in the midnight with my earphone in the terrace alone with the moonlight on the dark sky. Like you we also believe in love and wanna have a soulmate in life but in the search of love we have lost our trust a long way back. It is difficult to regain our trust and it is painful to live without love in your mid-20s. May be people like us have a heart of stone, may be the heart of white marble that made once Taj mahal, beautiful and shinning but devoid of life, flesh and blood.

(Chapter Three)

philosophy of our life is based on old aged values but in the contrast we practice a more materialistic life. May be we are confused, may be we are a hypocrite or may be we are poisoned by so many post truths to wish the world every sunny morning with a pair of hidden and gloomy eye masked by an sarcastic smile “cheers to Life’.

প্ৰশ্ন

হ’ব দিয়া আজি মোৰ কলমে প্ৰসৱ নকৰে আবেগ মিশ্ৰিত কবিতাৰ শাৰীৰ,
আজি মোৰ কলম ব্যৰ্থ সাধুকথাৰ পটভূমি বিছৰাতো
আজি মই ধৰ্মৰ কথা নকও,
আৰু আজি মই নিশ্চুপ হৈ থাকিম ৰাজনীতিৰো প্ৰসংগতো৷
কিন্তু আজি মোৰ কলমে জন্ম দিব
এক নিষ্ঠুৰ বাস্তৱৰ আৰু
উন্মোচিত কৰিব উত্তৰ সত্যৰ সভ্যতাৰ বিষাক্ত মিথ্যাচাৰৰ,
উত্তৰ সত্য য’ত সত্য একক নহয়,সত্য সুন্দৰ নহয় আৰু সত্য শিৱও নহয়৷
সত্য অনেক,অনেক লোকৰ কন্ঠেৰে নিগৰা সত্যৰ মনোগ্ৰাহী সাধু কথা,
সঁচাকৈয়ে আমি এটা বৰ বেয়াকৈয়ে কনফিউজদ প্ৰজন্ম
এবাৰ নিজকে প্ৰশ্ন কৰি চোৱা তোমাৰ বাবে সুখৰ সংজ্ঞাই বা কি?
মাত্ৰ এবাৰ নিজৰ হৃদয়ক সুধি চোৱা জীৱনৰ পৰা তুমি কি বিচাৰা?
নিশ্চুপ হৃদয়ক পুনৰ প্ৰশ্ন কৰা
চিঞৰি-চিঞৰি সোধা কিহৰ বাবে এই যন্ত্ৰৱৎ জীৱন?
কিহৰ বাবে জীৱনৰ এই লক্ষ্যহীন মাৰাথান দৌৰ?
মাৰাথান দৌৰ নে এন্দুৰ দৌৰ?
কেতিয়াবা জিব্ৰানৰ কবিতাৰ শাৰীৰ মাজত তোমাৰ প্ৰেমক বিচাৰি পাইছা?
বিচাৰি পাইছানে মমতাজৰ সমাধিৰ ওপৰত গজি উঠা প্ৰেমৰ তেজ ৰঙী গোলাপ পাহিত?
নে প্ৰেম কৰিবলৈও তোমাৰ আহৰি নাই?
সংসাৰৰ যোগান আৰু চাহিদাৰ অংক মিলাবলৈ নিজৰ হৃদয়ক বিক্ৰী কৰি
ক্ৰন্দনৰত তোমাৰ সন্তানৰ হাতত নিচুকুৱাৰ সলনি তুলি দিছা এটা বিলাসী স্মাৰ্টফোন?
তোমাৰ সন্তানৰ মৰম সনা আব্দাৰবোৰ পুৰাবলৈ তুমি সময় পোৱানে?
নে প্ৰেয়সীৰ সন্মুখত বহিও তুমি পুনৰ এন্দুৰ দৌৰৰ পাতনি মেলা
ছয় ইঞ্চিৰ ডিজিটেল কীবৰ্ডত?
ইমান খৰকৈ নদৌৰিবা
সময় কম,জীৱনৰ আবেদনময়ী সংগীত শেষ হৈ যাব৷
হাঁহিবোৰক মৰহি যাবলৈ নিদিবা,
চকুলো বোৰক শুকাই যাবলৈ নিদিবা,
তোমাৰ আবেগ,তোমাৰ সত্বা আৰু তোমাৰ আত্মাক পৰিণত হ’বলৈ নিদিবা,
নিদিবা,
নিষ্ঠুৰ ভোগবাদী সভ্যতাৰ উত্তৰ সত্যৰ অদৃশ্য সূতাই পৰিণত কৰা
পুতলা নাচৰ পুতলাত

সংগ্ৰাম

জুলাই মাহ নিত্য বৰ্দ্ধিত পাৰাস্তম্ভ
বৰ্দ্ধিত ফাৰেনহাইতৰ স্কেল,
ঘৰ্মাক্ত শৰীৰ
বেকাৰ ল’ৰা
মহানগৰীৰ সস্তীয়া ভাড়াঘৰৰ ৰূম৷
মুৰৰ শিতানত কেৰকেৰ কৰি চলে
এলান্ধুসনা বৈদ্যুৎতিক পাংখা
এতিয়া এটা টোটেল জ্বলাম,
দহ টকীয়া লাইটাৰে ছয়টকীয়া ফ্লেকত অগ্নিসংযোগ
আমাৰ বাবেতো এয়াই বিলাসিতাৰ সংজ্ঞা,
পৰিণতি – মেন্থেল মিহলি অলপ শীতল ধোৱা,
কৰ্কট সৃষ্টিৰ সম্ভাৱনাৰ বিনিময়ত অলপমান সকাহ
চিন্তা, গৰম আৰু বিৰক্তিৰ পৰা৷
পিছে অগ্নিসংযোগ কৰিবলৈ মোৰ অসুবিধা হয়
কাৰণ-শোৱাপাটীৰ ফেনখনে সৃষ্টি কৰা প্ৰচণ্ড বতাহ,
বাৰে-বাৰে জ্বলাও বাৰে-বাৰে নুমাই যায়!
একেদৰেই মোৰ কষ্ট হয়
এটা হেপাঁহৰ গুদামগৰম হুপি শৰীৰটো গৰম কৰিবলৈ
কাৰণ মোৰ কষ্ট হয়
পুহৰ ঠেটুৱৈ ধৰা উজাগৰী নিশাবোৰত গৰম কাপোৰৰ
দমত পোত গৈ থকা মোৰ হাতখন উলিয়াই আনিবলৈ,
অৱশ্যে বসন্ত আৰু শৰৎত মোৰ কোনো অসুবিধা নহয়
বসন্ত আৰু শৰৎৰ সতেজ পুৱা আৰু হেঙুল আবেলিবোৰত
মই আৰামেৰে টান মাৰো কপাহৰ ফিল্টাৰটোত
কিন্তু পাৰচৰাই গড়াল সদৃশ মোৰ বিশৃংখল কোঠালিটোলৈ বসন্ত আৰু শৰৎৰ কাচিৎহে আগমন হয়৷

জীৱনৰ পঢ়াশালিত – পূজাৰী ছাৰ৷

সেইসময়ত মই দ্বিতীয়মানৰ ছাত্ৰ৷একেবাৰেই বাঘৰ আগতেল খোৱা৷প্ৰায় প্ৰতিদিনেই বিদ্যালয়ৰ শিক্ষকসকলে মা-দেউতাৰ আগত আপত্তি দৰ্শাই৷পঢ়া-শুনাটো দুৰৰে কথা ল’ৰাই গোটেই দিনটো শ্ৰেণীকোঠাৰ খিৰিকীৰে বাহিৰলৈ হে চাই থাকে৷ঘৰতো কেৱল মাত্ৰ বাহিৰা কিতাপ আৰু ক্ৰিকেট৷এদিন উৎপাতে সীমা চেৰাই গ’ল৷গণিতত ৩৫ ৰ ভিতৰত কাণে-কাণে মাৰি ১২ পায় পাছ কৰিলো৷মায়ে দুধকা মান দিলে৷দেউতাই গহীনাই কিবা এটা ভাবি গধূলি আমাৰ পুৰণা গাঁৱৰ ফালে ওলাই গ’ল আৰু পিছদিনাৰ পৰাই এক অঘাইতং দমৰাৰ এৰালেই বোলক বা তেজোৱাল ঘোঁৰাৰ লেকাম তাক চম্ভালিবলৈ সন্ধিয়া আকস্মিকভাৱে আমাৰ ঘৰত আবিৰ্ভাৱ হ’ল দেউতাৰ বাল্যবন্ধু পূজাৰী ছাৰৰ৷
        পূজাৰী ছাৰ মানে সেইসময়ৰ ডিচিবি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰয়াত জীতেন পূজাৰী ছাৰ৷পৰৱৰ্তীকালত ৰাষ্ট্ৰপতিৰ বটাঁপ্ৰাপ্ত অসমৰ এজন কৃতী শিক্ষক৷ছাৰে প্ৰথমদিনাই মোক হাঁহি-ধেমালীৰ মাজেৰেই এটা শাসনসূচক ধমকি সোধালে৷”বোলে বাপু পঢ়া-শুনা সিমানকৈ নোৱাৰিলেও নাই৷কিন্তু দেউতাৰে গোচৰ দিছে যেতিয়া দগাবাজিবোৰটো এৰিবই লাগিব”৷মোৰ দগাবাজৰ বুকুখন এক্কেবাৰে ধিপিংকৈ মাৰিল৷আমাৰ পুৰণা গাঁৱত অংকত বাঘ আৰু ভীষণ কাঢ়া শিক্ষকৰূপে পূজাৰী ছাৰৰ নাম আছে৷পূজাৰী ছাৰৰ এছাৰি ডাল দাদা-বাহঁতৰ অতিৰঞ্জিত কাহিনীৰ এক প্ৰধান অংশ৷মই সেপ ঢুকি সামান্যকৈ মুৰটো জোকাৰি থলো অথচ পেটে-পেটে দেউতাৰ ওপৰত ভীষণ খং উঠিল৷প্ৰথমাৱস্থাত আতংকময় ৰূপকথাৰ পাত্ৰ পূজাৰী ছাৰ লাহে-লাহে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুৱেই নহয় মোৰ শৈশৱৰ এজন বন্ধু আৰু পথপ্ৰদৰ্শকো হৈ পৰিল৷ছাৰে গণিতৰ উপৰিও মোক বাকীবোৰ বিষয়ো সমানেই চাই দিছিল৷ছাত্ৰৱস্থাত বহু ছাত্ৰ-ছাত্ৰীয়েই অনুসন্ধিৎসু মনৰ তাড়নাত পৰি কেতিয়াবা প্ৰাপ্তবয়স্ক লোকৰ বাবে অবান্তৰ যেন লগা কিছুমান প্ৰশ্নও সোধে৷মোৰ এনে প্ৰশ্ন সোধাৰ অভ্যাসটোৱে প্ৰায়েই আজিও বিশ্ববিদ্যালয়ৰ কোনো-কোনো অধ্যাপককো বিৰক্ত কৰে৷একাংশ শিক্ষক বিৰক্ত হৈ এনে প্ৰশ্নক এৰাই চলে অথবা ছাত্ৰজনক হুমকি মৰা পৰিলক্ষিত হ’য়৷শিক্ষকৰ এনে ব্যৱহাৰ প্ৰকৃততে শিকণ-শিক্ষণ প্ৰক্ৰিয়াৰ পৰিপন্থী৷কাৰণ অনুসন্ধিৎসাৰ বিকাশ জ্ঞান আহৰণৰ এক প্ৰধান চৰ্ত৷বাস্তৱত এজন আদৰ্শ শিক্ষক পূজাৰী ছাৰ আছিল প্ৰচণ্ড ধৈৰ্য্যশীল আৰু আন বহু শিক্ষকৰ ব্যতিক্ৰম৷আমি কোনোদিনা ছাৰক আমনি দিবলৈ ধেমালীতে সোধা অবান্তৰ প্ৰশ্ন এটাৰ জবাব দিয়াটো ছাৰে কেতিয়াও ক্ৰুটী কৰা নাছিল৷
       বিশ্ববিদ্যালয় বা মহাবিদ্যালয় পৰ্য্যায়টো বিভিন্নজনে লক্ষ্য কৰিছে যে একাংশ শিক্ষকে নিজেই অজানিতে কৰা ভুলক মানি লবলৈ টান পায় বা ভুলটো আঙুলিয়াই দিলেও ছাত্ৰছাত্ৰীক ” তই বেছি জান নেকি!” জাতীয় কথাৰে উপহাস হে কৰে৷এনে কিছু আত্মঅহংকাৰী ব্যক্তি প্ৰকৃততে শিক্ষকৰ দৰে দ্বায়িত্বপূৰ্ণ পদৰ অধিকাৰী হ’বলৈ মুঠেই যোগ্য নহয়৷আমাৰ যিমান দুৰ মনত আছে আগদিনা পূজাৰী ছাৰে অংক এটাত অনিচ্ছাকৃতভাবে কিবা ভুল কৰাৰ বাবে পিছদিনা অকপটে সেই কথা স্বীকাৰ কৰি অংকটো শুধৰাই লৈছিল আৰু ছাৰে প্ৰায় শুদ্ধ বুলি নিশ্চিত নোহোৱালৈকে আমাক কোনো প্ৰশ্নৰে উত্তৰ সমাধান কৰি দিয়াৰ পৰা বিৰত আছিল৷
          পূজাৰী ছাৰে আমাক বহুদিন কোবাইছিল৷কেতিয়াবা বেতেৰে কেতিয়াবা হাতেৰে বাঘঢকা বা৷কাণমলা কিন্তু আমাৰ যিমানদূৰ মনত আছে ছাৰে আমাক পঢ়া নোৱাৰা অথবা কম নম্বৰ পোৱাৰ বাবে৷কোনোদিনেই মৰাটো দুৰৰে কথা টানকৈও কথা এষাৰ শুনোৱা নাছিল৷কিন্তু নিয়মানুবৰ্তিতা,সময়ানুৱৰ্তিতাত গাফিলতি আৰু কামত হেমাহি কৰিলে ছাৰৰ অভিধানত ক্ষমা বুলি কোনো শব্দই নাছিল৷ছাৰৰ সেই অভিভাৱকসূচক শাসনৰ অবিহনে মোৰ দৰে আমাৰ অঞ্চলৰ বহু যুৱক-যুৱতীয়েই চাগৈ আওবাটেৰে  বাট ল’লেহেঁতেন৷
           ছাৰে পঢ়ুৱাৰ মাজতে আমাক পৰিবেশ আৰু প্ৰকৃতিৰ মহত্ব,প্ৰৰ্দূষণৰ অপকাৰিতা,ধৰ্ম আৰু জাত-পাতৰ দৰে সামাজিক বিকাৰসমূহ,ফাষ্টফুডৰ অপকাৰিতা,ঘৰুৱা পুষ্টিকৰ খাদ্যৰ গুণাগুণৰ দৰে কিছুমান আনুষাংগিক আৰু মূল্যবান কথাও অত্যন্ত সৰল ভাষাৰে কৈছিল৷আজিকালি একাংশ ঘৰুৱা শিক্ষকৰ দক্ষিণাপ্ৰীতি সৰ্বজনবিদিত৷আমাৰ যিমানদুৰ মনত আছে মোৰ পঞ্চম শ্ৰেণীত দেউতাৰ বিয়োগৰ পিছত ছাৰে কেইবামাহো তেওঁৰ পাৰিশ্ৰমিক ল’বলৈ অমান্তি হৈছিল শেষত মায়ে জোৰকৈ ধৰাত হয়তো পূৰ্বৰ নিৰিখৰ আধাকৈহে লৈছিল৷ছাৰে আমাৰ অঞ্চলৰ বহু আৰ্থিকভাৱে পিছপৰা ছাত্ৰছাত্ৰীক প্ৰায় বিনামূলীয়াকৈ পঢ়ুৱাইছিল৷পূজাৰী ছাৰে মোক দ্বিতীয়মানৰ পৰা ষষ্ঠমানলৈকে প্ৰায় পাঁচবছৰ পঢ়ুৱাইছিল৷চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত মই সফল হোৱা নাছিলো৷ছাৰে গালি পৰা নাছিল বৰঞ্চ উৎসাহ দিছিল৷সপ্তম শ্ৰেণীত যেতিয়া মই মাধ্যমিক বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিলো মোৰ কৃতকাৰ্য্যতাত ছাৰ উৎফুল্লিত আৰু গৌৰৱান্বিত হৈছিল৷
           আমি নৱম মানত থাকোতে ছাৰৰ বৰ জীয়ৰীৰ বিয়া আছিল৷মায়ে শুধিলে,”ছাৰ খোৱা-বোৱাৰ আয়োজন কি?”ছাৰে ক’লে “মাছ-মাংস সকলো গোটাইছো৷খালী বুফে ন’হব৷খোজনীয়াৰ দৰে বিয়াৰ খাদ্যসম্ভাৰ খাবলৈ অতিথি ঠিয় হৈ থাকিব সেয়া আমাৰ অসমীয়া মানুহৰসংস্কৃতি নহয়৷”সময়ৰ সৈতে সংস্কৃতিৰ পৰিবৰ্তন হয়৷কিন্তু বিশ্বায়নৰ সাংস্কৃতিক বা-মাৰলীত নিজস্বতাক ত্যাগ কৰা-কিমান দুৰ সমীচিন আৰু কিমান পৰ্য্যায়লৈকে? আজিও মাজে-সময়ে বিয়া ঘৰৰ লোভনীয় বুফেত মগনীয়াৰ দৰে প্লেটখন হাতত লৈ পূজাৰী ছাৰৰ কথাষাৰ ভাবো৷কেতিয়াবা হাঁহি উঠে আৰু কেতিয়াবা চিন্তিত হওঁ!