আধুনিক গীতা- এটা বিপ্লৱৰ গল্প


“ঐ নাৰায়ণ আজি দিল্লীৰ কেচটো গম পালি নে নাই৷চাল্লা ট্ৰেক্টৰ ৰেলীৰ নামত তামাম হাল্লা৷মেট্ৰ-চেট্ৰ বন্ধ৷পুৰা মাৰপিট,লাঠীচাৰ্জ,গুলীয়াগুলী৷কোনবাই বোলে লালকিল্লাৰ ওপৰত পাতাকা উৰুৱাই দিলে৷ধেই গণৰাজ্য দিৱসৰ দিনাই কি বোৰ যে হৈ গ’ল৷এইবোৰ বৰ বেয়া হৈছে দেই”পাছলীৰ মোনাটো ৰান্ধনীঘৰত থৈ পাৰ্থই অনৰ্গল বকি আছে৷ৰজনীখিনি পিকাই নাৰায়ণে গহীনাই ক’লে,হুম!কিনো বেয়া হৈছে৷গণতন্ত্ৰত জনসাধাৰণেটো প্ৰতিবাদ কৰিবই৷” “আৰে ভাই প্ৰতিবাদ কৰাটোক ময়ো বেয়া বুলি  কোৱা নাই৷কিন্তু গণতন্ত্ৰত হিংসাত্মক প্ৰতিবাদৰ প্ৰাসংগিকতা কিমান?” “কিয় গণতন্ত্ৰত হিংসা বৈধ নহয় নেকি!এই যে আমাৰ চৰকাৰখনে প্ৰতিবছৰে প্ৰতিৰক্ষাৰ নামত কোটি-কোটি টকাৰ বাজেট বনায়,সেনা-আৰক্ষীক অত্যাধুনিক অস্ত্ৰৰে যুঁজিবলৈ প্ৰশিক্ষণ দিয়ে সেইবোৰ,সেইবোৰ কি তোৰ শান্তিপূৰ্ণ গণতন্ত্ৰৰে অংশ নহয়?”ধেমালী মিশ্ৰিত ঠাট্টাৰ সুৰত নাৰায়ণে শুধিলে৷”আৰে ভাই তয়ো যে আৰু সেয়াটো দেশৰ শত্ৰুক প্ৰতিৰোধ কৰিবলৈ৷কেৱল আমিয়েই নেকি?সকলো দেশেই এনেকুৱাই কৰে৷” বন্ধু এই তই যে ক’লি ৰাষ্ট্ৰ আই মিন দেশ৷আচলতে ৰাষ্ট্ৰ মানেনো কি?” “ধেই ৰাষ্ট্ৰ মানে আৰু কি ভাৰত মিনচ ইণ্ডিয়া,হিন্দুস্তান,সাৰে জাহা সে আৎচ্ছা হিন্দুস্তা হামাৰ৷এইখন বুজিছ এইখন৷”বেৰত ওলমি থকা ভাৰতৰ মেপখন দেখুৱাই বিৰাট উৎসাহেৰে পাৰ্থই ক’লে৷ “আব্বে ভুলটো সেইটোৱেই বুজিলি৷দেৱালত ওলমি থকা এই উকা মানচিত্ৰখনেই ভাৰত নহয়৷এক নিৰ্দিষ্ট সাৰ্বভৌম ভূখণ্ড বা দেশৰ সমস্ত নাগৰিক,অনুষ্ঠান-প্ৰতিষ্ঠান,বিভিন্ন সম্পদ আৰু সম্পত্তিৰ সমষ্টিহে ৰাষ্ট্ৰ৷এতিয়া ভাই তয়েই কচোন ভাৰত ৰাষ্ট্ৰ আৰু ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰ একেই হয় জানো৷” “ধেই এইডাল কিনো কথাবোৰ পাক লগাই-লগাই শুধি থাক?মই এইবোৰ ৰাজনীতিৰ আওভাও নাপাও৷তাতকৈ কাঢ়াকৈ চাহ একাপ বনা৷তাৰ পিছত আমি কেৰম খেলিম” “ৰ ৰ বাপুকণ৷চাহো খাবি আৰু কেৰেমো খেলিম৷কিন্তু আৰম্ভণিটো তইহে কৰিছিলি৷এতিয়াটো আৰু মই শেষ নোহোৱালৈকৈ তোক নেৰিছো৷এই যে আমি কথাই প্ৰতি চৰকাৰ-প্ৰশাসন,চৰকাৰ-প্ৰশাসন বুলি চিঞৰি থাকো সেইটোৱেই সহজ অৰ্থত ৰাষ্ট্ৰযন্ত্ৰ আৰু তই যে হিংসাৰ বিৰোধিতা কৰিলি আমি কৰা হিংসাবোৰ যদি অবৈধ তেনেহ’লে ৰাষ্ট্ৰযন্ত্ৰই কৰা হিংসাবোৰ কি?যোৱাবছৰ কা আন্দোলনৰ সময়ত তোৰ আৰু মোৰ পিঠিটো পুলিচৰ দাণ্ডা পৰিছিল আৰু সেই ল’ৰা পাঁচটা যে সেনাই গুলীয়াই মাৰিছিল৷সেইবোৰ কি হিংসা নাছিল৷তই-মই বা ছেম আমি সকলোৱেচোন শান্তিপূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰেই আন্দোলন কৰিছিলো৷কিন্তু পালো কি?পুলিচৰ দাণ্ডা আৰু বন্দুকৰ গুলী৷চা ভাই ধৰি ললো তই মোৰ পৰা টকা ধাৰলৈ লৈছিলি এতিয়া মই তোৰ পৰা এশ টকা পাব লাগে৷মই তোক খুজি আছো৷কিন্তু তই পইচা দিয়া দুৰৰে কথা মোক পূৰ্ণহতীয়া চৰ এটাহে সোধাই দিলি৷এতিয়া তাহানিতে গান্ধীয়ে কোৱাৰ দৰে মই ইখন গাল পাতি দিম নে চলে-বলে-কৌশলে তোৰ পৰা পইচাটো উলিয়াম৷কোনটো বেছি প্ৰেক্টিকেল৷প্ৰথমটো নে পিছৰটো?” “পিছৰটো” পাৰ্থই লাহেকৈ ক’লে৷” চা ভাই গান্ধীবাদ তেতিয়াও প্ৰেক্টিকেল নাছিল আৰু এতিয়াও নহয়৷ভাগ্যে দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটেইনৰ অৰ্থনীতি কোঙা কৰি পেলালে৷ন’হলে আজিও আমি এলিজাবেথকে চালাম ঠুকি থাকিলোহেঁতেন৷তাহানিৰ ব্ৰিটিছেই বোল বা আজিৰ আধুনিক ৰাষ্ট্ৰযন্ত্ৰ শোষক গোষ্ঠীৰ লক্ষ্য এটাই মাত্ৰ শোষণ৷শোষণক অব্যাহত ৰখাৰ স্বাৰ্থত সিহঁত যিকোনো স্তৰলৈকে নামিব পাৰে৷লাগিলে সেয়া জালিয়ানাবাগেই হওঁক বা শ্বহীদৰ তেজে ধোৱা অসমৰ ৰাজপথ৷চা কৃষি আইন প্ৰণয়ণ হ’ল কি ন’হল আম্বানি-আদানীৰ ভড়াল ৰেডী৷এতিয়াৰ পৰা আৰু আলু-পিয়াজ-ডাইল অত্যাৱশ্যকীয় সামগ্ৰী নহয়৷দুখীয়াই অকল চাউল আৰু আটা খাই জীয়াই থাকিব৷দুটকাৰ বন্ধাকবিটো কিনি আনি পুজিপতি বেপাৰীকেইটাই আশী টকাৰ লেবেল লগাই বিক্ৰীব৷যাৰ টকা আছে খা যাৰ নাই মৰি যা৷আকৌ ইফালে আমাৰ লতাশিলৰ অধিক শান্তিপূৰ্ণ প্ৰতিবাদ কৰবাতে থাকিল৷কা আৰু বিদেশী দুয়োটাই আহিব৷চৰকাৰে ক’ব জাতি-মাটি-ভেটী আৰু আমি লগতে সুৰ লগাই কোৰাচ গাম গ’ল গ’ল জাহ গ’ল,লুইতৰ বুকুত জাতি-মাটি-ভেটী সোপায়েই জাহ গ’ল৷এতিয়া তই চাবি কা আৰু কৃষি আইন মাল দুটা বেলেগ বেলেগ কিন্তু কোনোবাখিনিত প্ৰতিটো প্ৰতিবাদেই কিন্তু এটা সাধাৰণ চৰিত্ৰক প্ৰতিনিধিত্ব কৰিছে মানৱ সভ্যতাৰ আদিকালৰে পৰাই চলি অহা শ্ৰেণী সংগ্ৰাম৷হয়তো কৃষি আইনৰ দৰে কোনোবাটো আন্দোলনত এই চৰিত্ৰটো কিছু স্পষ্ট আৰু আন কোনোবাটোত হয়তো অস্পষ্ট আৰু মানে….” এই ভাই ৰ চোন ৰ সেইবোৰ বাৰু বুজিলো কিন্তু সমাধান৷সমাধানটো কি?” “নাৰায়ণৰ কথাৰ মাজতে পাৰ্থই শুধিলে৷ ” সমাধান আৰু কি যুঁজিব লাগিব৷ভাই ‘ there is only one solution and that is nothing but revolution’ মানে বিপ্লৱ৷কিন্তু সেইবুলি বিপ্লৱটো গান্ধীবাদৰ প্ৰট’কলেৰে চলিলে আকৌ ন’হব৷প্ৰয়োজনত জনতাই শোষক গোষ্ঠীৰ পৰা বলেৰে ক্ষমতা কাঢ়ি আনিব লাগিব৷তাহানিৰ ফৰাচী বিপ্লৱৰ দৰে,অক্টোবৰ বিপ্লৱৰ দৰে৷” ” এই ৰ ৰ৷হাবিলৈ গৈ লাভ নাই হে৷আগতে কিমান গ’ল কিমান ঘুৰিল লেখ জোখ নাই৷” হেৰৌ দগা হাবিলৈ যাব লাগে বুলিনো তোক কোনে ক’লে?মাওৰ সেই বন্দুকৰ নলী ক্ষমতাৰ উৎস বাখ্যাটো আধৰুৱা বুজিছ৷সেই অল্পবিদ্যা ভয়ংকৰীয়ে কিমানৰ যে জীৱন-যৌৱন কাঢ়ি নিলে তাৰ কোনো হিছাপ নাই৷প্ৰকৃততে মাৰ্ক্সে কোৱাৰ দৰে বিপ্লৱী জনগণহে বিপ্লৱৰ প্ৰকৃত শক্তি৷জনগণৰ সক্ৰিয় ভূমিকাৰ অবিহনে আজিলৈকে পৃথিৱীৰ কোনটো আন্দোলন সফল হৈছে আৰু জনগণে কেৱল বন্দুক চলাব জানিলেই ন’হব বিপ্লৱৰ নিজস্ব দৰ্শন আৰু আদৰ্শও থাকিব লাগিব৷সেই দৰ্শন হ’ব লাগিব সাম্যৰ,সেই দৰ্শন হ’ব লাগিব মানুহৰ মুক্তিৰ আৰু সেই দৰ্শন হ’ব লাগিব মানৱতাৰ বিজয়ৰ৷” একপ্ৰকাৰৰ ৰাজহুৱা সভাত ভাষণ দিয়াৰ সুৰত কথাষাৰ কৈ নাৰায়ণে ষ্টোভত চাহৰ চচপেনটো বঢ়াই দিলে৷চাহখিনি উতলিবলৈ দি নাৰায়ণে পুনৰ আৰম্ভ কৰিলে,”চা বৰ্তমানৰ ব্যৱস্থাটোত আমি সকলো বেয়াকৈ ফাৰ্ষ্টেড’ হৈ গৈছো৷পঢ়ি-শুনিও চাকৰি নাই,চাৰিওফালে দুৰ্নীতি,দালালি,ব্যাভিচাৰীতা আৰু অন্যায়৷চাল্লা পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ গৃহমন্ত্ৰীয়ে আকৌ কয় আন্দোলন কৰিলে শ্বহীদৰ তালিকাহে দীঘল হয়৷মানে তোমালোকে আন্দোলন কৰা আমি তোমালোকক গুলীয়াই মাৰিম৷এতিয়া মানুহে কৰে কি৷উপায় দুটাই আছে হয় সকলো সহি-সামৰি ঘৰতে চুক ভেকুলীটো হৈ চকুলো টুকি সোমাই থাকা অন্যথা গাৰ সমস্ত জোৰেৰে প্ৰতিবাদ কৰা৷আজি প্ৰতিবাদকাৰীসকলে ইয়াৰে দ্বিতীয় বিকল্পটোৰেই সহায় ল’লে আৰু কিছুমান মানুহে যে পাতাকাখনক লৈ ইমান হাল্লা কৰি আছে৷চা ভাই স্বাধীন দেশৰ নাগৰিকবোৰ যদি প্ৰকৃতপক্ষে স্বাধীন নহয়েই তেন্তে এই আমাৰ জাতীয় পাতাকাখনৰ জানো সচাৰ্থত কিবা মূল্য থাকিব৷আজি কৃষকসকলৰ শোষণগোষ্ঠীৰ প্ৰতি থকা কৌটিকলীয়া ভয়ক হুংকাৰেৰে স্থলাভিষিক্ত কৰিছে আৰু উৎপাদনৰ আহিলাবোৰে অস্ত্ৰৰ ৰূপ লৈছে যি হয়তো এক নতুন সমাজৰ বুনিয়াদ গঢ়িব৷কিন্তু তাৰ বাবে আমি এই সৰু-সৰু ইচ্ছ্যুবোৰৰ পৰিবৰ্তে মূখ্যত সমগ্ৰ ব্যৱস্থাৰ বিৰূদ্ধে যুঁজিব লাগিব আৰু যুঁজখনৰ দৰ্শন আৰু আদৰ্শক পাৰ্য্যমানে খাটি খোৱা মানুহৰ মাজলৈ লৈ যাব লাগিব৷” “কিন্তু ভাই এনেকৈ হ’লে যুঁজখন চোন বহু দীঘলীয়া আৰু ধ্বংসাত্মক হ’ব,বহু নিৰপৰাধী মানুহেও চোন তোৰ এই যুঁজখনত প্ৰাণ হেৰুৱাট৷” ” আৰে ভাই সামাজিক বিবৰ্তন কি এৰাতিত হয়৷যুদ্ধ হ’লে মানুহৰ মৃত্যু হ’বই৷এই ব্যৱস্থাটোচোন বিনাযুদ্ধেই মানুহৰ মৃত্যু হয়৷কেতিয়াবা পেটৰ ভোকত আৰু কেতিয়াবা চিকিৎসাৰ অভাৱত৷ধৰ্মযুদ্ধ কুৰুক্ষেত্ৰটো চোন মানুহ মৰিছিল৷দুয়োপক্ষৰে সৈন্য মৰিছিল৷এই সকলোবোৰ কি অপৰাধী আছিল৷যুদ্ধ সদায় ৰক্তক্ষয়ীয়েই হয়৷বিপ্লৱটো আৰু কোনো ভোজমেল নহয়৷নৱ নিৰ্মাণৰ বাবে পূৰ্ণবিধ্বংস আৱশ্যৱম্ভী৷” “আব্বে নাৰায়ণ তইচোন লাষ্টত মহাভাৰতৰ কৃষ্ণৰ ডায়লগটোকে মাৰি দিলি৷পাৰ্থই হাঁহি-হাঁহি ক’লে,” চা বাপু তই হ’লি পাৰ্থ,মানে অৰ্জুন আৰু মই নাৰায়ণ,নাৰায়ণ-কৃষ্ণ একেই আৰু দেছোন৷ময়ো তোক চাঞ্চ পায় একবিংশ শতিকাৰ পূণ্যভূমি ভাৰতভূমিৰ লগত খাপ খুৱাকৈ আধুনিক গীতাৰ জ্ঞান এটাকে দি দিলো৷এতিয়া হে পাৰ্থ ব’লা আমি চাহ একাপ খাই কেৰম প্ৰস্থান কৰো৷”

পৰিপূৰ্ণ প্ৰেম

শণিবাৰৰ দিনটো মোৰ অত্যন্ত প্ৰিয়৷কাইলৈ দেওবাৰ৷পুৱাৰ সেই হাই-উৰুমি আৰু দৌৰা-ধপৰাৰ ভেজালবোৰৰ পৰা এক সাময়িক অব্যাহতি৷দুপৰীয়া বাৰ মান বজালৈকে শুই থাকিম৷দুপৰীয়াৰ সাজত স্পেচিয়েল খানা ব্ৰইলাৰ বা লাই শাক দিয়া গাহৰি৷তাকো আকৌ ৰূমমেটৰ হাতখনো ভাল৷ভাত খাই লেপটপত টৰেন্টৰ আৰ্শীবাদত প্ৰাপ্ত কোনো নতুন চিনেমা আৰু গধূলি দীঘলী পুখুৰীৰ পাৰত প্ৰেয়সীৰ সৈতে বাদাম চোবাই-চোবাই এটা ৰোমান্টিক গধূলি৷গগৈয়ে বুট ভাজি আছে৷মালৰ সৈতে চাকনা খাম৷আজি বাপ্পেকে হেং অভাৰ হ’লেও কেচ নাই,কাইলৈ দেওবাৰ৷দেৰিলৈকে শুই থাকিম৷ৰাতি বমি কৰা ফ্লৰবোৰো চাফা কৰিবলৈ টেনশ্যন নাই৷কাইলৈ দেওবাৰ৷আমাৰ হাতত ঢেৰ সময়৷দেওবৰীয়া পৃথিৱীৰ আমি যেন মুক্ত বিহংগ৷


          শৰ্মাই পেগ বাকি আছিল৷চাহজাহানে ৰ এটা মাৰিয়েই দিলে৷গগৈয়ে ভজা বুট খাই খাই বকি আছে৷”কি অভদ্ৰ বে৷চিয়েৰ্ছ নকৰাকৈ খাই দিলে৷”এঢোক মাৰি মুখখন বিকটাই দিলো৷পেগটো কাঢ়া হৈছে৷গগৈৰ যুক্তি প্ৰথম পেগটো অলপ কাঢ়াকৈ মাৰিব লাগে তেতিয়া পিছৰ কেইটা একদম পানীৰ ৰকম ডিঙিৰে নামি যায়৷ফ্লেকটোত দুটামান টান মাৰি চাহজাহানলৈ আগবঢ়াই দিলো৷শৰ্মাই মোবাইলত ট্ৰেজেডী ফালিছে৷শৰ্মা মানুহটো মস্ত জিনিচ৷এনেই মানুহটো তামাম হুচিয়াৰ কিন্তু ডিঙিত এটুপি পৰিলেই প্ৰাক্তন প্ৰেয়সীক ফোন কৰি হাহাকাৰ কৰে৷আজিও একেখনেই নাটক৷”আব্বে অনামিকাই মোৰ ফোনটো কাটি দিলে বে৷কিন্তু দোস্ত মই তাইক বহুত ভাল পাও৷মা কচম৷চাল্লা সৰস্বতী মাই কী কচম৷”ঠোকাঠুকি মাতেৰে শৰ্মাই পুনৰ একেখন ৰেকৰ্ডিং কে বজালে৷”চাল্লা চুপ নিলাজ৷মান-সন্মান চব শেষ কৰিহদিলি৷মাল খাই লৈ অনামিকাক ফোন কৰিবি৷তাৰপিছত তাই ফোন কাটি দিব, তই ট্ৰেজেডী ফালিবি,আমি শুনিম আৰু আমাৰ নিচা এনেকৈয়ে ফাটি যাব৷হুহ!”গগৈৰ কথাত খংৰ স্পষ্ট সুৰ৷মোৰ শৰ্মালৈ বেয়া লাগিল৷মদ খালে মোৰ আবেগবোৰ এনেও পাৰ ভাঙি উপচি পৰে৷শৰ্মাৰ পিঠিত ঢকিয়াই ক’লো,”আৰে ভাই৷তই দুখ নকৰিবি বুজিছ৷সঁচা প্ৰেম এনেকুৱাই৷তোৰ যদি প্ৰেম সঁচা হয় তাই বেটী এদিন ঘুৰি আহিবই৷”মদৰ ৰাগীতে তামাম আবেগিক হৈ শৰ্মাই মোক সাবটি ধৰি এসোটা কান্দিলেও৷


          ৰাতিৰ সাজৰ বাবে আলু কুটি-কুটি গগৈয়ে আৰু এটা পেগ বনালে৷ফ্লেকৰ  টুকুৰাৰ শেষৰ অংশত অন্তিমটো চুম্বন কৰি দাৰ্শনিকৰ ভংগীত চাহজাহানে আৰম্ভ কৰিলে,”আৰে শৰ্মা ভাই৷টেনশ্যন নেহী লেনে কা৷তোৰ প্ৰেম পূৰ্ণ৷আৰে দুখ কৰিলে আমিহে কৰিব লাগে বুজিছ৷তই নহয়৷”গগৈয়ে হাঁহি দিলে৷চাহজাহানে যেন শৰ্মাৰ জ্বলা জুইত ঘিউ হে ঢালিলে৷শৰ্মা জকি উঠিল৷একেকোবে ৰ এপেগ মাৰি শৰ্মাই আৰম্ভ কৰিলে,”চাল্লা ঠাট্ৰা কৰিবলৈ আহিছ৷তহঁতি ১৪ ফেব্ৰুৱাৰীত পাৰ্কে-ৰেষ্টুৰেন্টে ঘুৰি থাকিবি আৰু মই!” শৰ্মাই খালী গিলাচটো দলিয়াই দিলে৷”আৰে চুপ তহঁতি দুইটাইহচুপ৷চাল্লা গোটেই মেহফিল খাৰাব কৰি দিছ৷“মজিয়াত বাগৰি থকা গিলাচটো সামৰি গগৈয়ে ক’লে৷”আৰে ভাই মই ফটুৱা কৰা নাই বে৷চা গগৈ দিন নাথাকিলে ৰাতিৰ অস্তিত্ব থাকিলহেঁতেন জানো?” “ওহো” চাহজাহানলৈ গগৈৰ চমু প্ৰত্যুত্তৰ৷”চা ভাই এই প্ৰেম-ভালপোৱা এইবোৰত যদি কেতিয়াও বাঁহ নাখাও মিন বিচ্ছেদ নাহে তেনেহলে তই প্ৰেমত পৰাৰ সুখ আৰু হেৰুৱাৰ দুখৰ মাজত পাৰ্থক্য বুজিব পাৰিবি নে৷নোৱাৰ ন৷you have to gone through the situation practically.বিচ্ছেদৰ অবিহনে মাজৰাতিৰ কেতেকীৰ উচুপনিৰ মূল্যই বা কি অথবা আৰিজিতৰ গানবোৰৰ৷নেৰুদাৰ কবিতা যদি চন্দ্ৰৰ উৎজ্বল পৃষ্ঠ তেনেহ’লে একাকীত্বৰ নিশাবোৰ,একাকীত্বৰ নিশাবোৰো জানো একেটা জোনবাইৰে জনচক্ষুৰ আৰৰ অন্ধকাৰ অংশ নহয়৷পূৰ্ণিমাৰ জোনটো জানো কেতিয়াবা পূৰ্ণ হ’ব পাৰে৷অন্ধকাৰক উলাই কৰিব নোৱাৰি দোষ্ট৷বিচ্ছেদৰ অবিহনে প্ৰেম পূৰ্ণ নহয়৷”চাহজাহানৰ কথাখিনি শলাগি আৰু এটা পেগ মাৰি ললো৷চাল্লা ইমান মজা দৰ্শন৷কাইলৈ দেওবাৰ হেং অভাৰ হ’লেও কেচ নাই৷গগৈৰ ভালকৈ নিচা ধৰিছিল৷এইবাৰ মুখত ৰহস্যঘন হাঁহি এটা লৈ ছিগাৰেটৰ ধোৱা উৰুৱাই গগৈয়ে আৰম্ভ কৰিলে,”চাহজাহানে একদম খাটি কথা কৈছে বে Money Heist ত চাল্লা বাৰ্লিনে এনেই কোৱা নাছিল Betrayal is an inherent part of love.” ভজা বাদাম কেইটামান গলিয়াই এই অভাজনে লগতে শলাগি গ’ল,“and betrayal doesn’t depend how much or how deeply you love someone. It depends on the magnitude of dilemma put in front of you.”এলেবাংৰ দৰে হাঁহি এটা মাৰি শৰ্মাই ক’লে,”আৰে মানে মোৰ লাভ ষ্টৰী কমপ্লিট বে৷তাই মোক সঁচাকৈয়ে ভাল পায়৷মানে মই বেকাৰ আৰু দৰাটো বাপ্পেকে ইঞ্জিনীয়াৰৰ৷প্ৰেম সঁচা বুইছ৷ডাইলেমা,ডাইলেমা”এইবুলি কৈয়েই আমি কিবা বুজি পোৱাৰ আগেয়ে শৰ্মাই ফ্লৰত হৰহৰকৈ বমি কৰি দিলে৷পেগ বাকি-বাকি গগৈয়ে আকৌ হুটা মাতেৰে চিঞৰি উঠিল,”চাল্লা ই দেৱদাস বাবুৱে গোটেই মেহফিল গেলাই দিলে বে৷”

কণ্ডম-এটা গণতন্ত্ৰৰ সাধু কথা৷

                                (১)
লাইটটো নুমুৱাই দিলো৷সুগন্ধি মমবাতিৰ পাতল পোহৰে ৰূমটোৰ কিছু অংশ পোহৰাই তুলিছিল৷শ্বিলংৰ গধূলি,বাহিৰত এজাক ৰিমঝিম বৰষুণ,কোঠাৰ ভিতৰত ছা আৰু পোহৰৰ খেলাৰে এক মায়াসনা পৰিবেশ৷এটি সলাজ হাঁহিৰে তাই মোৰ নিচেই কাষতে বহিল৷খোলা চুলিখিনিৰে তাইক সাইলাখ সাধুকথাৰ পৰী যেন লাগিছিল৷গুণগুণাই তাইৰ হাতখনত লাহেকৈ খামুচি ধৰিলো৷যাহ নিলাজটো বুলি খিলখিলাই হাঁহি তাই মোৰ হাতখন দুৰলৈ ঠেলি দিলে৷এইবাৰ মই তাইক জোৰকৈ সাবতি ধৰিলো৷তাইৰ গোলাপৰ পাপৰিহেন ওঠখনে মোক চঞ্চল কৰি তুলিছিল৷তাইৰ ওঠখন যেন এপাহি সৌৰভময় ফুল আৰু মই,মই যেন যৌৱনৰ অমৃত সুধা খেদি ফুৰা এটা ভোমোৰা৷চকুহাল মুদ খাই আহিল৷যৌৱনৰ মধু পান কৰা মোৰ চঞ্চল ওঠখনে লাহে-লাহে ভটীয়নী সোতত গা এৰি দিলে৷মোৰ শৰীৰৰ মাজেৰে যেন বিজুলীৰ প্ৰৱাহ হে বৈ গৈছে৷দুষ্ট হাতখনো ক্ৰমে অধিক চঞ্চল হৈ পৰিল৷মাজে-মাজে তাইৰ অস্ফুট গেঙণি৷খৰকৈ তাইৰ লাহী আঙুলীকেইটাই মোৰ চোলাৰ বুটাম খুলিছে৷তাই মোৰ বুকুৰ মাজত সোমাল আৰু মোৰ হাতখন তাইৰ উঠন বুকুৰ নিষিদ্ধ চহৰত৷তাই ফোপাইছে৷মই তাইৰ টি ছাৰ্টটো খহাই দিলো৷এক আদিম আকৰ্ষণে যেন দুয়োকে মুক কৰি তুলিছে৷খৰকৈ খহাই পেলালো তাইৰ শৰীৰৰ অন্তিম টুকুৰা অৰ্ন্তবাস৷হঠাৎ তাই মোক ঠেলা মাৰি উঠি বহিল৷”কি হ’ল?” মোৰ কন্ঠত এক পাৰভঙা চঞ্চলতা৷”কণ্ডমটো কণ্ডমটো লগাই লোৱা৷বিয়াৰ আগত এনেকৈ নহব দেই৷”তাইৰ মুখত এটা দুষ্ট হাঁহি খেলাই গ’ল৷ডিউৰেক্স ডটেড৷এটা পেকেট ফালি ল’লো৷তাৰ পিছত কিমান সময় পাৰ হৈ গ’ল মনত নাই৷এক আদিম আৰু নিষিদ্ধ সুখ৷হৃদস্পন্দন বোৰ বাঢ়ি গ’ল মাজে-মাজে তাইৰ অস্ফুট গেঙনি৷ডপএমাইন আৰু এপিনেফ্ৰিনে সৰ্বোচ্চ সীমা অতিক্ৰম কৰিলে৷এটা সুখৰ গেঙনি মাৰি ঠিয় হ’লো৷তাই কাপোৰবোৰ সামৰি ল’লে৷এটা ছিগাৰেট জ্বলালো আৰু সমস্ত প্ৰাপ্তিৰ সুখেৰে ধোৱাবোৰ এৰি দিলো৷ডাষ্টবিনৰ পৰিত্যক্ত হৈ পৰি আছিল এটা ডিউৰেক্সৰ ডটেড কণ্ডম৷
                                     (2)
টিভিৰ সন্মুখত বহি আছো৷তাই চাহ একাপ দি গ’ল৷চাহৰ কাপত চুমুক দিলো৷আজি গণতন্ত্ৰ দিৱস৷সাতটা দশক পাৰ হৈ গ’ল৷আমাৰ সংবিধানখন কাৰ্য্যকাৰী হোৱাৰ৷নিউজ চেনেলবোৰ বদলাই চালো৷সকলোতে প্ৰায় একেই কাৰবাৰ৷ৰাজনৈতিক নেতাবোৰে ভাষণবাজী কৰি আছে৷বহু কথাই কৈছে স্বাধীনতা সংগ্ৰামৰ কথা,গান্ধী-নেহেৰুৰ কথা,আদৰ্শৰ কথা আৰু সংবিধানৰ কথা৷হওঁক তেওঁ বছৰেকত এদিন যে তেওঁলোকে সংবিধানখনক সুৱৰিবলৈ সময় পায় সেয়াই যঠেষ্ট৷স্বাধীন,গণতান্ত্ৰিক,সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ভাৰত গণৰাজ্য!দেশখন ৪৭ তেই স্বাধীন হ’ল কিন্তু মানুহবোৰ৷পুজিবাদ,সামান্তীয় সমাজব্যৱস্থা আৰু ব্ৰাহ্মণ্যবাদে কোঙা কৰা পৰাধীন নাগৰিকৰ এখন স্বাধীন দেশ!আজিকালি গণতন্ত্ৰ বুলি ক’লে হাঁহি উঠে৷মাজে-মাজে ভয়ো লাগে৷মাৰ্ক্স আৰু লেনিনৰ কিতাপবোৰ লুকুৱাই থও ন’হলে কিজানিবা মোকো ৰাষ্ট্ৰদ্ৰোহী সাজি অখিলৰ দৰে মাহৰ পিছত মাহ৷অখিলৰ মাকৰ কৰুণ মুখখন দেখিলেই বুকুখন মোছৰ খাই যায়৷কৰোণাৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকবোৰ খোজ কাঢ়িয়েই ঘৰলৈ গ’ল৷প্ৰসূতিয়ে ৰাস্তাৰ কাষতে সন্তান জন্ম দিলে৷এমুঠি অন্নৰ বাবে অন্নদাতাই হাহাঁকাৰ কৰে৷প্ৰধানমন্ত্ৰীৰ দহ হাজাৰ কোটিটকীয়া বিমানত ঘুৰে আৰু আম্বানী!বাহ ৰে মোৰ দেশৰ সমাজবাদ৷মহম্মদ আখলাখ,ৰোহিত ভেমুলা,গো মাতা,লাভ জিহাদ,ব্লেক ফ্ৰাই ডে আৰু সাম্প্ৰদায়িক দ্বন্দ্ব৷ধেৎ চাল্লা এয়াই নেকি আমাৰ ধৰ্মনিৰপেক্ষতা৷হঠাৎ কিয় জানো মোৰ মানসপটত এখন ছবি ভাহি আহিল৷শ্বিলংৰ এটা মায়াসনা গধূল,তাই-মই,নিষিদ্ধ ভালপোৱাৰ অধ্যায় আৰু ডাষ্টবিনত পৰি ৰোৱা এটা ডটেড কণ্ডম৷এতিয়া আমাক কণ্ডমৰ প্ৰয়োজন নাই৷বিয়া হৈ গ’ল৷কাইলৈৰ পৰা এওঁলোককো গণতান্ত্ৰিক মূল্যবোধৰ প্ৰয়োজন নাই৷হয়তো কাইলৈ এওঁলোকেই মোক মাওবাদী সাজি গুলীয়াই মাৰিব,ৰাজপথেৰে আকৌ কোনো ছেমৰ দৰে কিশোৰৰ তেজ ব’ব বা ধৰ্মোন্মাদৰ দলে আৰু এজন আখলাক হত্যা কৰিব৷কাৰণ কাইলৈ ২৭ জানুৱাৰী৷কাইলৈ গণতন্ত্ৰ দিৱস নহয়৷কাইলৈ কিতাপ আৰু ভাষণৰ মূল্যবোধবোৰ পৰি ৰ’ব পাহৰণিৰ ডাষ্টবিনত৷সেই কনডমটোৰ দৰে৷

হেংঅভাৰ


স্কুলীয়া ল’ৰা-ছোৱালীবোৰৰ কোঢ়ালত সুখনিদ্ৰাৰ যতি পৰিল৷মোবাইলটো চালো৷পুৱা ন বাজিছে৷ৰূমৰ ওচৰৰ এই স্কুলখনৰ পৰা আৰু শান্তি নাই৷পুৱাই-পুৱাই হাল্লা৷চাল্লা কেচা টোপনি ভাঙি যায়৷বেকাৰ ল’ৰা,সস্তীয়া ৰূম এইবোৰ ভেজাল সহ্য কৰিব লাগিবই৷মুৰটো প্ৰচণ্ডকৈ টিঙটিঙাইছে৷কালিৰ পাৰ্টীটোত অলপ বেছিকৈয়ে খাই দিলো৷শেষৰ ফালে নিচা বেছি হৈছিল৷দুটামান পেগ ৰ’ মাৰি দিলো৷তাৰ পিছত বমি৷ৰূমমেট জালালে বকি-বকি বমি চফা কৰিছিল৷তাৰ পিছত আৰু একো মনত নাই৷এতিয়া ব্লেক আউট আৰু হেং অভাৰ৷”আৰে খাউন্দ চাহাব উঠিলে৷লওঁক লওঁক এই নেমুৰ চৰবত ভাগি গলাধাৰণ কৰি লওঁক৷ন’হলে হেং অভাৰ ক’ত ফাটিব৷চাল্লা ৰাতি বমি কৰি গোটেই ৰূম গেলাই থৈছ৷”কৃত্ৰিম খংৰে জালালে মোলৈ নেমু চৰবত গিলাচ আগবঢ়াই দিলে৷একেচাটে গোটেই গিলাচ মাৰি দি মুখখন বিকটাই ফ্লেকৰ পেকেটটো খুচৰি বিৰক্তিত চিঞৰি উঠিলো-আৰে খালী বে৷চাল্লা পুৱাই-পুৱাই খালী পেকেট৷”আৰে ভাই তই যে গোটেই ৰাতি সেইজনীৰ নামত ট্ৰেজেডী ফালি-ফালি সোপাই শেষ কৰিলি পাহৰিলি৷”জালালে দাঁত নিকটাই ক’লে৷নিজৰ মক্কেল্লামি আৰু প্ৰাক্তন প্ৰেয়সীক গুৱাল গালি পাৰি কলিতা দাৰ দোকানলৈ দৌৰ দিলো৷বাকীৰ বহীৰ অংকবোৰ বাঢ়ি গৈছে৷ক’ৰণা ভিনিহিদেউৰ লকডাউনত আৰু আমাৰ চাকৰিৰ পৰা চাটাই আৰু দুমাহমান চাওঁ ন’হলে গাওঁলৈ যাবগৈ লাগিব৷চিগাৰেটটোত দুটামান টান মাৰিছিলো হে প্ৰেছাৰ বাঢ়ি গ’ল৷চিধাই লেট্ৰিনলৈ লৰ দিলো৷লেট্ৰিনত বহি-বহিয়েই হিছাপ কৰি আছো৷ঠাণ্ডা-ঠাণ্ডাকৈ গা নোধোৱা এসপ্তাহেই হ’বৰ হ’ল৷ভাগ্যে পাৰফিউম বোলা বস্তুবিধৰ আৱিষ্কাৰ হ’ল৷ন’হলে সভ্য সমাজে মোৰ আৰু জালিলৰ দৰে প্ৰাণীবোৰক কাহানিবাই এঘৰীয়া কৰিলেহেঁতেন৷খৰকৈ চাবোন অলপ ঘহি দুমগমান পানী ঢালি হিন্দী গানৰ কলি এটা গুণগুণাই বাথৰুমৰ পৰা বিশ্ববিজয় কৰাৰ ভংগীত ওলাই আহিলো আৰু এসপ্তাহলৈ আৰু টেনশ্যন নাই৷গেঞ্জীটো গাত সুমুৱাই চৰাঘৰত প্ৰৱেশ কৰিলো৷জালাল শিল পৰা কপৌৰ দৰে টিভিৰ সন্মুখত বহি আছে৷নিউজৰ এংকৰজনে চিঞৰি আছে-“লাভ জিহাদ বনাম ধৰ্ম ৰক্ষাৰ যুদ্ধ”ঘটনাটো আমাৰ ঘৰৰ ফালৰে৷ল’ৰা-ছোৱালীহালক মই চিনিও পাওঁ৷ল’ৰাটো জালালহঁতৰ গাওঁৰ৷ছোৱালীজনী মোৰ কলেজৰ জুনিয়ৰ৷আব্বাচ আৰু নিকিতা৷সিহঁতৰ পিৰীতিৰ সেই সময়ৰ কলেজৰ এটা চৰ্চিত বিষয়৷সমাজৰ বাধাক নেওচি এসপ্তাহমানৰ আগেয়ে আব্বাচে নিকিতাক পলুৱাই নিছিল৷জালালে ময়েও সিহঁতৰ প্ৰেমৰ সফল পৰিসমাপ্তিৰ এই সংবাদ কলেজৰে whatsapp group ত পাইছিলো৷সেই আব্বাচকে কোনোবা সংগঠনৰ ল’ৰাই লাভ জিহাদৰ নামত বেয়াকৈ পিটিলে৷এতিয়া বেচেৰা হস্পাতালত৷জীৱন আৰু মৃত্যুৰে যুঁজি আছে৷নিউজ এংকৰজনেও প্ৰকাৰন্তৰে লাভ জিহাদী(?) আব্বাচক পিটা কাৰবাৰটোক গ্লৰিফাই কৰি আছে৷নিকিতাই আত্মহত্যা কৰিলে৷ৰাম নামী ছাদৰ আৰু চন্দনৰ ফোট লোৱা নেতা এজনে গুজৰি আছে,”এয়া আত্মহত্যা নহয়৷জিহাদীটো ধৰা পৰাৰ বাবে তাইৰ ঘৰৰ মানুহে আমাৰ ছোৱালীজনীক হত্যা কৰিলে৷আমি আমাৰ ঘৰৰ ভিতৰৰ শতৰুক চিনিব লাগিব৷হিন্দু জাগিব লাগিব৷এয়া ধৰ্মযুদ্ধ৷জয় শ্ৰী ৰাম৷”এইবাৰ পৰ্দাত মোল্লা চাহাব৷মোল্লা চাহাব যেন খংত ফাটি হে পৰিব,”কাফিৰহঁতে আমাৰ বিৰাদিৰিৰ মানুহক মাৰিব,জিহাদী ক’ব,আমি কি চাই থাকিম৷আল্লাহ তাল্লাহ সাক্ষী আছে৷আমিও হাতত চুৰিয়া পিন্ধি থকা নাই৷ইনচাল্লাহ”নিউজ এংকৰজনে অনগ্ৰল বকি আছে,”আমাৰ হাতত আহি পৰিছে এই মূহূৰ্তৰ বিগ ব্ৰেকিং নিউজ৷হাতে-হাতে তৰোৱাল লৈ ফুকনপাৰাৰ মছজিদ অভিমুখে যাত্ৰা কৰিছে ধৰ্মৰক্ষী সেনাৰ দল৷চাৰিআলিত তীৰ্থযাত্ৰাৰে ভৰা বাছ আক্ৰমণ কৰি জ্বলাই দিলে ফক্কৰ ই হিন্দ দলে,দপদপকৈ জ্বলি উঠিল ফুকনপাৰাৰ মছজিদ,ইনছাল্লাহ,জয় শ্ৰী ৰাম৷মোৰ মুৰটো ঘুৰাব ধৰিলে৷কোনোমতে চকীখনত বহি দিলো৷জালালে টিভিটো বন্ধ কৰি দিলে৷আমি বহু দেৰি মৌন হৈ ৰ’লো৷প্ৰায় আধাঘন্টামানৰ মুৰত পৰিস্থিতিটো সহজ কৰিবলৈ জালালে শুধিলে,”ভাই হেং অভাৰটো ফাটিল নে?হুমুনিয়াহ এটা কাঢ়ি ক’লো” “জালাল ভাই আমি মদপী মানুহ৷ৰাতিপুৱা নেমু খালেই হেং অভাৰ ফাটি যায়৷কিন্তু মোল্লা আৰু নেতাৰ পৰা ধৰ্মৰ আফিং খাই হাল্লা কৰি ফুৰা এই জানোৱাৰবোৰৰ কি খালে হেং অভাৰ ফাটিব বে?” “আপোন মানুহৰ তেজ আৰু বিধৰ্মীৰ মঙহ” জালালে হুমুনিয়াহ কাঢ়িলে আৰু আমি দুয়ো উচুপি উঠিলো৷এজন হিন্দু আৰু এজন মুছলমান একেলগে উচুপি উঠিল৷ওহো নহয় এচাম দানৱৰ ধৰ্মোন্মাদে দুজন মানুক উচুপিবলৈ বাধ্য কৰালে৷

আমাৰ বেয়া স্বভাৱসমূহ


কালি ককাইদেউ এজনৰ সৈতে ৰসিকতা কৰি ভাৰতত টেচলা গাড়ীৰ ভবিষ্যৎ সম্পৰ্কে আলোচনা কৰি আছিলো৷এই ধৰক সোঁফালে চিগনেল দি আমি যে বাওঁফালে গাড়ীখন কাটি দিওঁ তেতিয়া বাপেকে টেচলাৰ গতিৰ দুৰ্গতি কি হ’ব৷এই অসাবধানবশত ভুল দিশত ছিগনেল দিয়াটো আমি প্ৰায় সকলোৱেই কৰো এইটো আমাৰ এটা বেয়া স্বভাৱ৷কথাত কথা বাঢ়ি কালি আমি দুজনে কিছু আত্মসমালোচনা কৰিলো৷ট্ৰেফিক ছিগনেলত সেউজীয়া লাইটটো জ্বলিবলৈ ৫ ছেকেণ্ডমান বাকী ৰওঁতেই আমি ৰঙা লাইটক ভ্ৰুকুটি দেখুৱাই চাৰি আলিৰ মাজেৰে গাড়ী দৌৰাও৷৫-৬ টন গাড়ীৰ জোখেৰে বনোৱা সৰু-সৰু ৰাস্তাৰে আমি ১০-২০ টন ওজনৰ প্ৰকাণ্ড গাড়ী চলাও,ফলত ৰাস্তাবোৰ সহজেই বেয়া হ’য়৷গৰু-ছাগলীক পথাৰত বান্ধি ৰখাৰ সলনি আমি ৰাষ্ট্ৰীয় ঘাইপথত চৰিবলৈ এৰি দিও৷অলপতে ভাৰত চৰকাৰে এখন ৰেলত হেডফোনৰ যোগান ধৰিছিল,প্ৰথম যাত্ৰাৰ অন্ততে আধাখিনি হেডফোন যাত্ৰীয়ে ঘৰলৈ লৈ গ’ল৷এয়া এটা উদাহৰণ মাত্ৰ৷ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় মৌলিক কৰ্তব্যৰ প্ৰতি আমি সম্পূৰ্ণ উদাসহীন৷ঘৰৰ সন্মুখৰ ৰাস্তা বা নৰ্দমাটো আমি ব্যক্তিগত বুলিয়েই ভাবো৷কোনোৱে সেইটো পুতি দোকানো সাজে৷ৰাজহুৱা শিক্ষানুষ্ঠান-চিকিৎসালয় আদিৰ অপৰিস্কাৰ অৱস্থাৰ বাবে আমিও বহু পৰিমাণে দায়ী৷পিকৰ পৰা বাচিবলৈ দেৱালত আজিকালি ভগৱানৰ ছবি অংকণ কৰিও কতৃপক্ষই ৰক্ষা পোৱা নাই৷কণমানি শিশু এটাৰ মাত ফুটা আৰম্ভ কৰোতেই তাক অশ্লীল বাণী দুটামান শিকাই আমি হাঁহিৰ খোৰাক লওঁ৷দুৰণিবটীয়া যাত্ৰাত য’তে-ত’তে প্ৰস্ৰাব কৰাত সকলো অভ্যস্ত৷ৰাজহুৱা স্থানত আমি ধূমপান কৰো আদি ইত্যাদি৷উল্লেখিত বেয়া স্বভাৱবোৰ আমাৰ প্ৰায় সকলোৰে মাজতেই কম-বেছি পৰিমাণে আছে৷আমি জানো যে এইবোৰ বেয়া কাম ইয়াৰে কোনোটোৱে হয়তো প্ৰাণঘাতী দুৰ্ঘটনাও ঘটাব পাৰে৷কিন্তু সকলো জানি-বুজিও আমি মুঠেই সচেতন নহয়৷আধুনিক ভাৰতৰ সমাজবিজ্ঞানীসকলে আমাৰ ভাৰতীয় সকলৰ এনে স্বভাৱজাত বদ অভ্যাসবোৰৰ ওপৰত গৱেষণা কৰি নিবাৰণৰ উপায় উলিওৱা উচিত৷কেৱল কিতাপৰ শিক্ষাই আমাক বাস্তৱ জীৱনত শিক্ষিত আৰু বিবেকবান কৰি তুলিব নোৱাৰে৷সঁচাকৈয়ে আমি এতিয়াও সভ্যতাৰ পোহৰৰ পৰা ইচ্ছাকৃতভাবেই নিজকে আতৰাই ৰাখিছো৷্

উত্তৰসত্যৰ কবিতা

কবিতা লিখিবলৈ ছিগাৰেটৰ প্ৰয়োজন নাই
কিন্ত মই ছিগাৰেট খাই ভাল পাওঁ
এইযে প্ৰেমিক ছিগাৰেট আৰু আজলী কবিতাজনী
এইযে জন্মজন্মান্তৰৰ সম্পৰ্ক
কবিতা আৰু ছিগাৰেটৰ,
এয়াইটো এটা উত্তৰ সত্য
ষ্ট্ৰেটস্ফিয়েৰত পোৰা কাগজ আৰু শুকান ধপাতৰ মিশ্ৰিত সুগন্ধি
মোৰ বাবে সুগন্ধি আৰু হাপানি ৰোগীৰ বাবে
শ্বাস-প্ৰশ্বাসক ৰূদ্ধ কৰি তোলা এক বিষাক্ত ধোৱাৰ মিশ্ৰন!
মোৰ প্ৰিয় সুগন্ধিয়েই হয়তো হৈ পৰিব পাৰে কাৰোবাৰ মৃত্যুৰ কাৰক!
সুগন্ধিওটোএটা উত্তৰ সত্যই,
তোমাৰ আৰু মোৰ প্ৰেমৰ দৰেই
কাঁচৰ গিলাচৰ গোলাপী ফটিকাৰ ৰাগীৰে আচ্ছন্ন
নিষিদ্ধ গলিৰ ব্যাভিচাৰী নিশাবোৰেই,
নেৰুদাৰ কবিতাৰে আৰম্ভ হোৱা মোৰ সেউজীয়া পুৱাটোৰ অন্তিম ঠিকনা৷
একাকীত্বৰ সন্ধিয়াবোৰত কেতিয়াবা নিজকে প্ৰশ্ন কৰো
এয়া আদিম প্ৰেমৰ আবেদনময়ী সংগীত
নে প্ৰতাৰণাৰ জীৱন্ত দলিল?
কোন প্ৰতাৰক আৰু কোন প্ৰতাৰিত?
কোন শোষক আৰু কোন শোষিত?
মই উত্তৰ বিছাৰি হাবাথুৰি খাওঁ,
হয়তো মই উত্তৰটো জনাৰ প্ৰয়োজনবোধেই নকৰো,
কেতিয়াবা এনে লাগে মই উত্তৰটো জানো
অথচ অনুভৱ কৰিবলৈ মই ব্যৰ্থ!
প্ৰেম,প্ৰশ্ন,উত্তৰ আৰু প্ৰতাৰণা
আৰু এখন উত্তৰসত্যৰ ৰহস্যময়ী চহৰ
কবিতা লিখিবলৈ ছিগাৰেটৰ প্ৰয়োজন নাই
কিন্তু মই ছিগাৰেট খাই ভাল পাওঁ
মই প্ৰকৃততে এয়াও নাজানো মই সঁচাকৈয়ে কি খায় ভাল পাওঁ
ছিগাৰেট নে নিক’টিন
হয়তো মোৰ ওঠৰ এই জ্বলন্ত ছিগাৰেটটোও এটা উত্তৰ সত্য
এই কবিও এটা উত্তৰসত্য আৰু কবিৰ আবেগবোৰো৷

ভোক(কিমান যে যুদ্ধ!)

                           
                              (১)
এখন কলা চাদৰৰ দৰে নিশাৰ অন্ধকাৰে ক্ৰমে পথাৰৰ সেউজীয়াখিনিক গ্ৰাস কৰাৰ প্ৰস্তুতি চলাইছে৷ভোগালীলৈ আৰু বেছি দিন নাই৷এতিয়া ঘৰে-ঘৰে লখিমীক আদৰাৰ প্ৰস্তুতি৷সেউজীয়া পথাৰৰ সোণগুটিবোৰতেই সুপ্ত হৈ থাকে আই লখিমী৷সোণগুটিয়ে অন্ত পেলায় পেলায় বুভুক্ষু ৰজনীৰ কৰুণ গাথাঁৰ৷ভোকৰ নিবাৰণৰ বাবেই কিমান যে সংগ্ৰাম,কিমান যে যুদ্ধ৷কোনোখন সীমান্তত আৰু কোনোখন হৃদয়ৰ সীমনাত৷বুভুক্ষাই ইতিহাস মচে নতুনকৈ ইতিহাস লিখে৷ভৰালৰ পৰা বজাৰলৈ আৰু বজাৰৰ পৰা ৰান্ধনী ঘৰলৈ সোণগুটিবোৰ বাগৰি ফুৰে৷বাগৰি ফুৰাৰ তাড়ণাত কেতিয়াবা সোণগুটিয়ে পাহৰি পেলাই কপালৰ ঘামেৰে অৰ্ঘ দি আই লখিমীৰ পূজা কৰা পূজাৰীজনক৷অন্নদাতাৰ কাঁহীখন উদং হৈ ৰয় আৰু মিউনিচিপেলিটিৰ ডাষ্টবিনবোৰ ভৰি পৰে কোট টাই পিন্ধা মানুহৰ পৰিত্যক্ত খাদ্যৰে৷তাত জাক-জাক কাউৰী পৰে,উদঙীয়া গৰু,ভতুৱা কুকুৰৰ গেঙনি৷কিমান যে যুদ্ধ আৰু কিমান যে সংগ্ৰাম আৰু প্ৰতিবাৰেই বিজিত হৈ ৰয় মানবতা কংক্ৰিটৰ সভ্যতাৰ বিলাসিতাৰ হাতত৷


                                 (২)
সেইবছৰ হোৱাংহোত বান আহিছিল৷বাঢ়নী পানীৰ খুন্দাত চপৰাচপৰে খঢ়িছিল ৰসাল পথাৰৰ মাটি৷পথাৰৰ মাটিবোৰৰ সৈতে চপৰা-চপৰে খঢ়িছিল কিশোৰী লিয়ানৰ বুকুত আলফুলে থিতাপি লোৱা এটি মিঠা সপোনৰ ভেটি৷কাণসমনীয়া হোৱাংক দেখিলে কিয় জানো তাইৰ বুকুখন বৰকৈ কপিছিল৷বুকুৰ পৰা মুখমণ্ডললৈ উজাই আহিছিল এসোতা গৰম তেজ৷এটা মিঠা বিষ আৰু এবুকু অচিন অনুভূতি৷হোৱাংহোৰ পানীয়ে উটুৱাই নিয়া হোৱাংৰ মৃতদেহটো পানী শুকুৱাৰ পিছত বহুদিন সিহঁতৰ পথাৰতেই পৰি আছিল৷পচি যোৱা মঙহবোৰক লৈ ভোকাতুৰ কুকুৰ আৰু শগুণবোৰৰ মাজত খেদা-খেদি৷কিমান যে যুদ্ধ আৰু কিমান যে সংগ্ৰাম৷জীয়াই থাকিবলৈ যুঁজিব লাগিব৷শিলৰ দৰেই পাষাণ হ’ব লাগিব সৈনিকৰ অন্তৰ৷বিশটা মুদ্ৰাৰ বিনিময়ত বৃদ্ধ জমিদাৰৰ হাতত লিয়ানক সপি দিওতে উজাই অহা কান্দোনটোক চেপি ৰাখি বাপেকে বুজাইছিল,”যা মাজনী৷অন্তত এই নৰকখনৰ পৰা আতৰত মহাজন দেউতাৰ ঘৰত দুমুঠি খাবলৈ পাবি৷”মহাজনৰ ভড়ালৰ সোণগুটিবোৰে তাইৰ পেটৰ ভোক গুচাইছিল৷শেষ ৰাতিলৈ তাইৰ বগা বিছনা চাদৰখন তপত তেজেৰে ৰঙা হৈ পৰিছিল৷সেইদনা একাঁহী ভাতৰ বিনিময়ত বৃদ্ধ মহাজনে তাইৰ কুমলীয়া শৰীৰটোৰ মঙহেৰে কামনাৰ ভোক গুচাইছিল আৰু চকুপানীবোৰ সামৰি কিশোৰী লিয়ানে নিজকে মানসিকভাবে প্ৰস্তুত কৰিছিল আকৌ এবাৰ ধৰ্ষিতা হ’বলৈ৷কিমান যে যুদ্ধ বুভুক্ষাৰ বাবে কেতিয়াবা যদি সীমান্তত আৰু কেতিয়াবা মনৰ সীমনাত৷উলংগ মানবতা মাথো ধৰ্ষিতা হৈ পৰি ৰয় মহাজন দেউতাৰ কামাগ্নিত৷


                                   (৩)
আজিকালি মোৰ নিজকে কাৰ্টাৰৰ ফটোগ্ৰাফৰ সেই শিশুটোৰ দৰে লাগে৷সেয়াও এখন পথাৰৰেই কাহিনী৷এখন উদং পথাৰ,এখন লখিমীহীন পথাৰ৷পথাৰত পৰি আছে এটা অৰ্দ্ধউলংগ শিশু৷অপুষ্টি আৰু বুভুক্ষাই কোঙা কৰা শৰীৰ৷বুকুৰ কামিহাড় কেইডাল যেন গণিহে পেলাম৷মৃত্যুৰ শীতল আলিংগনে হয়তো সমাপ্তি ঘটাব বুভুক্ষাৰ যন্ত্ৰণাৰ৷সেয়ে মৃত্যুৰ প্ৰশান্তিময় আলিংগনৰ অপেক্ষাত অপেক্ষাৰত হৈ পৰি আছে এটা শিশু,এটা অৰ্দ্ধ উলংগ ভোকাতুৰ শিশু চুডানৰ উদং পথাৰত৷অপেক্ষাৰ অন্ত নাই৷মৃত্যুৰ অপেক্ষা কেৱল দুৰ্ভিক্ষপীড়িত শিশুটোৰেই নাই কাষত ক্ষণ গণি থকা শগুণজনীৰো একেই আশা,একেই অপেক্ষা আৰু অলপ পিছতেই হয়তো তাই পেট ভৰাই মঙহ খাব৷মানৱ শিশুৰ কোমল মঙহ৷শিয়াল-কুকুৰক ভাগ নিদিয়াকৈ৷মঙহ খাবলৈ তাই যুঁজিব লাগিব৷ভোকৰ বাবেই যে কিমান যুদ্ধ!কোনোবাখন যদি সীমান্তত কোনোবাখন মনৰ সীমনাত৷ভোকাতুৰ আৰু অৰ্দ্ধউলংগ মোৰ সত্বায়ো মৃত্যুৰ ক্ষণ গণে৷পেট ভৰাই খাইছো ৰেষ্টুৰাৰ বিলাসী খাদ্য,কিন্তু মনৰ ভোক,মস্তিস্কৰ ভোক আৰু হৃদয়ৰ ভোক৷বস্তুবাদী সমাজ আৰু কংক্ৰিটৰ সভ্যতাৰ এন্দুৰ দৌৰবোৰ যেন একো একোটা শগুণ৷মোৰ সত্বাৰ মৃত্যু হ’ব৷ময়ো যন্ত্ৰ মানৱ হ’ব আৰু শগুণজাক মোৰ সত্বাৰ মৃত্যুৰ অপেক্ষাত অপেক্ষাৰত৷উস!ভোকৰ বাবেই যে কিমান যুদ্ধ৷কোনোবাখন যদি সীমান্তত কোনোবাখন মনৰ সীমনাত৷কোনোবাখন যদি মস্তিস্কত কোনোবাখন হৃদয়ত৷ব্যক্তিৰ মানসিক সত্বাই মৃত্যুৰ ক্ষণ গণে৷আকাশত উৰে ভোগবাদী সভ্যতাৰ শগুণৰ জাক৷

তেজ(চুটিগল্প)

নৱেম্বৰ মাহৰ এটা কুৱলীসনা পুৱা৷খিৰিকীখন খুলি দিলো৷মোৰ সৰু কোঠাটোলৈ পুৱাৰ তলসৰা শেৱালিৰ সুবাস মিশ্ৰিত এছাটি শীতল বতাহ সোমাই আহিল৷হকাৰে দলিয়াই যোৱা পুৱাৰ বাতৰিকাকতখন মেলি ল’লো৷বিশেষ একো নাছিল৷গতানুগতিক খবৰ৷লকডাউনত বিধবস্ত শ্ৰমিকৰ জীৱন,নতুন কৃষি আইন,কৃষকৰ আপত্তি,প্ৰধানমন্ত্ৰীৰ বিলাসী উৰাজাহাজ,বিহাৰৰ নিৰ্বাচনী অংক আৰু আঞ্চলিক পৃষ্ঠাত দুই-এটা সৰু-সুৰা অপৰাধমূলক ঘটনা৷বাতৰিকাকতখন জপাবলৈ লওতেই হঠাৎ তাৰিখটোত চকু পৰিল৷চাৰি নৱেম্বৰ ২০২০৷এখন বিভৎস ছবি মানসপটত ভাহি উঠিল৷এখন পথাৰ চাৰিওফালে চেদেলি-ভেদেলি মৃতদেহৰ শাৰী৷আশীৰ উৰ্দ্ধৰ বৃদ্ধ-বৃদ্ধা,জীৱনৰ বসন্তৰ পৰশত ৰঙীণ হৈ পৰা ডেকা-গাভৰু,ফুলৰ দৰেই নিস্পাপ শিশু আৰু চকুৰ পানী শুকাই পৰা গৰ্ভৱতী মহিলা৷এডোঙা ৰঙা তেজত ওপঙি আছে তেওঁলোক৷সেই চল্লিশ হাজাৰ ইহুদীৰো তেজৰ বৰণ কিন্তু ৰঙাই আছিল আপোনাৰ আৰু মোৰ দৰেই৷সেই দিনটোও আছিল চাৰি নৱেম্বৰ ১৯৪৩ চন৷ Fuhrer ৰ ঘৃণাই সেইদিনা উপৰ্য্যপুৰি ধৰ্ষণ কৰিছিল মানৱতাক আৰু উলংগ মানৱতাও নিথৰ হৈ পৰি ৰৈছিল মৃতদেহবোৰৰ মাজত এডোঙা ৰঙা তেজত৷মানুহৰ তেজৰ পিয়াহে Fuhrer ক জীয়াই ৰাখিছিল৷ Fuhrer যেন ব্ৰেম ষ্টকাৰৰ উপন্যাসৰ পাতৰ ৰক্তপিপাসু ড্ৰেকুলাৰ জীৱন্ত ৰূপ৷হিৰোছিমা আৰু নাগাচাকিৰ ওপৰেৰে কাৰ আদেশত উৰি গৈছিল দুখনকৈ বিশেষ বিমান?কোনে হত্যা কৰিছিল জালিয়ানাবাগৰ নিৰস্ত্ৰ মানুহবোৰক?চুডানৰ আকাশত আজিও আমি দেখা পাও এজাক শগুণ৷তীক্ষ্ণ ঠোটেৰে ফালি-ছিৰি পেলাই মানুহৰ মৃতদেহক৷নিশকতীয়া মৃতদেহবোৰেৰে ৰক্তৰ ধাৰা বয়,মানুহৰ তেজ,তপত তেজ৷খাৰুৱা তেল,ছাদ্দাম আৰু মাৰ্কিন পুজিবাদ৷আকৌ তেজ৷খহি পৰে যুক্তৰাষ্ট্ৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ পুনৰ মানুহৰেই তেজ৷এবেট্ৰাবাদত লাডেনৰ তেজ আৰু ২৬/১১ ত নিৰীহ ভাৰতীয়ৰ৷৪৩ ৰ মৃতদেহৰ উত্তৰাধিকাৰীবোৰ ইজৰাইলৰ গোপন কোঠাত বৈঠকত বহে৷পেলেস্তাইনৰ ৰাজপথত পৰি ৰয় মৃতদেহৰ পাহাৰ৷হত্যাকাৰীৰ পূৰ্বপুৰুষৰ দৰেই এই মৃতদেহবোৰৰো তেজৰ ৰং ৰঙা৷এনেকৈ চলি থাকে কেতিয়াবা হয়তো চাৰি নৱেম্বৰ ১৯৪৩ আৰু কেতিয়াবা ২৬ নৱেম্বৰ ২০১১৷যুদ্ধৰ কিন্তু অৱসান নঘটে,অবিৰত ভাবে বৈ থাকে তপত ৰক্তধাৰা৷মানুহৰ ঘৃণাই Fuhrer ক জীয়াই ৰাখে৷সলনি হয় ৰাষ্ট্ৰৰ পৰিচয়,সলনি হয় ব্যৱস্থাৰ,সলনি হয় আদৰ্শৰ আৰু সলনি হয় ইউনিফৰ্ম৷কিন্তু যুদ্ধ অব্যাহত থাকে৷নহলে অস্ত্ৰবোৰ কোনে কিনিব৷অস্ত্ৰবোৰৰ বিক্ৰীৰ বাবে আমি মানুহক ঘৃণা কৰিব লাগিব আৰু ক’ব লাগিব হেইল Fuhrer.উত্তৰ সত্যই আমাক দিশহাৰা কৰে৷আমি সকলো জানো অথচ একোৱেই নাজানো৷এই যে আমি অনুভৱ কৰিবলৈ পাহৰি গৈছো!মাজে-মাজে পাহৰি যাওঁ যুদ্ধৰ সংজ্ঞা কি?কিমান যে যুদ্ধ!হিছাপ কৰিবলৈ পাহৰি যাওঁ কোনোখন যদি মনৰ মাজত কোনোখন সীমান্তত৷সময়বোৰ পাৰ হৈ যায়,সলনি হয় কেলেণ্ডাৰৰ,আকৌ আহে চাৰি নৱেম্বৰ,মুকলি পথাৰখনত পৰি ৰয় মৃতদেহৰ পাহাৰ৷তাৰে কোনোবাটো ভিয়েটনামৰ অৰ্দ্ধউলংগ শিশুৰ,কোনোবাটো ছেম ষ্টিফৰ্ডৰ আৰু কোনোবাটো সমাজৰ লুপ্তপ্ৰায় অনুভূতিৰ৷পৰি ৰয় মৃতদেহ,এডোঙা তপত তেজত,মানুহৰ তেজ ৰঙা-ৰঙা তেজ৷Fuhrer ৰে বিদ্ৰুপৰ হাঁহি মাৰে আৰু আমি ভুৱা শান্তিৰ শ্লোগান৷

With the introduction of Mc Donald’s burger in USA towards the end of the twenty century the entire globe has entered into a new era of fast food. In the last two decades the consumer began to change their food pattern. Now a days people from our society more specifically the youth population are fond of western foods like pizza,burger,pasta,fries and cola characterized by the increase intake of calories,sugar, saturated fats and animal proteins and reduced consumption of fruits and vegetables. As a result of abruptly changing food pattern the occurrence of life style diseases like obesity,diabetes, cardiovascular disease etc become more common even in the child population.

In healthy diet intake of plant based foods such as fruits and vegetables,cereals, legumes and nuts plays an important role. Fruits and vegetables are a rich source of vitamins,minerals, dietary fibres and antioxidants which are usually present in very trace amount in other fruit source.

1. Vitamins- Fruits and Vegetables are the most common source of vitamin A and C in our diet.

Vit A is a fat soluble vitamin and it’s deficiency is responsible for night blindness in adult and irreversible blindness in children. Mostly orange or deep yellow fruits like carrot,papaya,mango etc are a rich source of Vit A whereas Vit C is a water soluble vitamin and responsible for normal development of bone and teeth. It’s deficiency leads to scurvy. All citrus fruits,guava, banana and leafy green vegetables are the rich sources of Vit C.

Iron – Iron is an essential micronutrient for the formation of haemoglobin. Vit C is an important cofactor to enhance the absorption of Vit C. Deficiency of Iron leads to anaemia. Leafy green vegetables,Potato,Tomato are rich source of iron.

Folic Acid- Folic acid is an another important phytochemical responsible for multiplication and maturity of RBC and it’s deficiency leads to mega blastic anaemia. All leafy green vegetables contain folic acid in sufficient amount.

Dietary fibre- Almost all fruits and vegetables contain dietary fibre. It’s deficiency leads to constipation,obesity and coronary disease.

Anti oxidants- Every day reactive oxygen species are produced in our body from various metabolic pathways and sometimes due to consumption of carcinogenic agents like tobacoo products. Reactive oxygen species may disturb the normal cell metabolism and responsible for their damage. It may lead to life threatening diseases like cancer and many forms of cardiovascular disorders. An important function of anti oxidants is to neutralize the  harmful effect of these reactive oxygen species. Polyphenols and Flavanoids are the two major group of anti oxidant present in fruits and vegetables. Phenolic compounds are usually present in the peel portion of the fruit and vegetables and responsible for it’s bitter taste. Leafy green vegetables, citrus fruits,berry fruits,tomato are the natural source of such anti oxidants. Scientific studies revel that the regular intake of anti oxidant rich fruits helps to prevent cancer, inflammatory joint disease, various forms of cardiovascular diorders, asthma and diabates.

In this concert age the world is moving so fast that we hardly get enough time to cook our own food. So many a times mostly during our lunch hour working men and women and students usually depends on fast food or processed meal. These fast foods and processed meal contains large amount of carbohydrate,fats and sodium and a minute amount of protein. But for a healthy life we should have balanced diet with vitamins and minerals. Lack of balanced diet is a major cause for the development of lifestyle diseases like diabates, obesity, hypertension,high cholesterol level in blood,coronary artery diseases etc. Mediterranean diet is an ideal model characterized by large consumption of plant products like fruits, vegetables,nuts, cereals and pulses. Pulses are a good source of plant protein whereas fruits and vegetables mostly meet the requirement of vitamins, minerals, dietary fibre, antioxidants and other micronutrients.

Usually in our eating pattern only fruits and vegetables are the natural source for most of the micronutrients. Therefore any well fed people lacking fruits and vegetables from the diet list may suffer from hidden hunger and other deficiency syndromes. In case of children such deficiency may effect the process of both growth and development.

Vitamins and antioxidants also play a crucial role in maintaining the immunity of an individual. Especially many polyphenols and flavanoids compounds are efficient to prevent the entry of disease causing viral strain into the host cell. Recent studies revel that some of these polyphenols and flavanoids are even effective against SARS-CoV-2.

ICMR(Indian Council of Medical Research) suggests that in our condition we should have on an average 100 gms of fruits and 300 gms of vegetables in our daily diet plan and in case of vegetables it’s more preferable to consume in salad form to prevent the cooking loss of nutrients. While choosing the fruits and vegetables for our diet we should go for maximum numbers of colours possible to get the optimum benifit. For fruits we can go for Apple,Banana,Orange,Guava,Plam,Peach etc and for vegetables we can go for Cabbage, Cauliflower,Spinach,Tomato,Papaya,Carrot,Brinjal etc. Unlike broccoli or strawberry these list of fruits and vegetables are cost effective also.

With the emerging importance of fruits and vegetables in our diet FAO(Food and Agricultural Organization of the United Nations) has decided to celebrate the present year of 2021 as the International Year of Fruits and Vegetables. In this new year let’s try something new, let’s fulfill a resolution of having sufficient amount of fresh fruits and vegetables in our daily diet from our own kitchen garden.

উত্তৰ সত্য (চুটি গল্প)

অনুপম ল’ৰাটো চকুৰ চিনাকী৷মাজে-মাজে আমাৰ দীঘলীয়াকৈ কথা-বতৰা হ’য়৷কেতিয়াবা জালুকবাৰীৰ পৰা উভতি আহোতে চিটিবাছত,কেতিয়াবা মাছৰ বজাৰত আৰু ভাগ্য সুপ্ৰসন্ন হ’লে শৰ্মা দাৰ ঘুমতিখনত৷শৰ্মা দাৰ ঘুমতিৰ সন্মুখৰ আড্ডাৰ অভিজ্ঞতা মোৰ বাবে তুলনামূলক ভাবে সুখপ্ৰদ৷ইয়াত সেই চিটিবাছৰ চিৰপৰিচিত কোৰ্হাল আৰু ঠেলাহেঁচাবোৰ নাথাকে৷দিনটোৰ কৰ্মব্যস্ত তাৰ অন্তত ঘৰমুখী মানুহৰ ঘৰ্মাক্ত অৱশ শৰীৰ,স্পীডব্ৰেকাৰৰ জোকাৰণি আৰু হেণ্ডিমেনৰ ছন্দময় বেসুৰা কন্ঠ,মাছৰ বজাৰৰ দুৰ্গন্ধ,ভেনামাখিৰ যাদৃচ্ছিক নৃত্য আৰু ক্ৰেতা-বিক্ৰেতাৰ দৰদামৰ বাকযুদ্ধৰ পৰা বহু নিলগত
এয়া যেন শৰ্মাদাৰ ঘুমতি নহয় কোনো ঋষিৰহে আশ্ৰম৷হাতত এটা ফিল্টাৰ বায়ুমণ্ডলত নিকটিনৰ মিশ্ৰিত সুবাস৷আড্ডা জমি উঠে৷মাজে-মাজে শৰ্মা দাৰ ৰসাল টিপ্পনী আৰু কেতিয়াবা একাপ ধোৱাই থকা ৰঙা চাহ৷চিৰাচৰিত পৰম্পৰাৰ ৰক্ষা কৰি আজিও শৰ্মা দাৰ ঘুমটিত এভুমুকি মাৰিলো৷ঘুমটিৰ খুটা এটাত আউজি ভাৱলেশহীন ভাবে অনুপম তামোল পাগুলাত ব্যস্ত৷”কি হে ডেকা ল’ৰা আজিৰ বিগ ব্ৰেকিং নিউজটো গম পালা নে নাই?” পাণত কাথা সানি থকাৰ পৰাই শৰ্মা দাৰ প্ৰশ্ন৷কি কয় হে শৰ্মা দা৷মই এইমাত্ৰ আহি ৰূম সোমাইছোহি৷”এই যে আমাৰ চাৰি নম্বৰ বাইলেনৰ হাজৰিকা৷হাজৰিকাৰ ডাঙৰটো ল’ৰাক দুপৰীয়া পুলিচে আহি ধৰি নিলে৷কিবা বোলে নিষিদ্ধ সংগঠনৰে সম্পৰ্ক৷মাওবাদী নে কিবা বোলে৷” “খাউণ্ড দা,আপুনি কি ভাবে?মৃগাংক আৰু মাওবাদী!কথাটো কিবা হজম হোৱা নাই হে,ইমান শান্ত স্বভাৱৰ ল’ৰা৷কথাটো সঁচা জানো?”মোবাইলটো টিপি-টিপিয়েই অনুপমে সুধিলে৷উত্তৰ সত্যৰ যুগত তোমাক আকৌ সত্যৰ সন্ধান লাগে!একবিংশ শতিকা ইমান সহজ নহয় অনুপম৷সত্য আৰু অসত্যৰ মাজৰ ব্যৱধান চুলি এডালতকৈও ক্ষীণ৷অৱশ্যে উকীল চাহাব আপোনাৰ আইনৰ পৰিভাষাত কবলৈ গ’লে innocent until proven guilty,পৰিবেশটো পাতলাবলৈকে শেষৰ কথাকেইটা ধেমেলীয়া সুৰত কৈ অনুপমক জোকালো৷অনুপম আইনৰ ছাত্ৰ৷উকীল চাহাব নামটো আকৌ শৰ্মা দাৰ ৰসাল মস্তিস্কৰে সৃষ্টি৷”কি কোৱাহে ডেকা ল’ৰা৷তুমি চোন সত্য আৰু অসত্যৰ মাজৰ পাৰ্থক্যই মচি পেলালা৷গাঁৱৰ বছৰেকীয়া ভাওনাত আকৌ অমুকাই যুধিষ্ঠিৰৰ ভাও লয়৷বৰ বিপাঙত পেলালা হে৷”শৰ্মা দাৰ ৰসিকতাত আমি কেউটাই ঢেকঢেকাই হাঁহি দিলো৷হাঁহিটো সামৰি কোনোমতে ক’লো কিয় শৰ্মা দা অশ্বথমা হত৷ইতি গজ,এইটোও চোন মই কোৱা উত্তৰ সত্যই৷যুধিষ্ঠিৰো আমাৰ দৰে উত্তৰ সত্যবাদীয়েই আছিল দিয়ক৷”চিৰশাশ্বত সত্য মানে Universal truth এই ধৰক সূৰ্য্য সদায় পূৱ দিশত উদয় হয়৷এই সম্পৰ্কে কি ক’ব৷” অনুপমৰ এই কৌশলী প্ৰশ্নৰ বাবে মই মুঠেই সাজু নাছিলো৷”দাৰ্শনিক চাহাব আপ ফচ গয়ে” শৰ্মা দাই গ্ৰাহকলৈ ষোল্ল অনাৰ পেকেট এটা আগবঢ়াই টিপ্পনী দিলে৷হঠাৎ মোৰ মনটো অতীতলৈ উৰা মাৰিল৷বৰুৱা ছাৰে শ্ৰেণীকোঠাত আহ্নিক গতি আৰু বাৰ্ষিক গতি পঢ়ুৱাই আছে৷মই আৰু অনন্তই পাঠদানৰ সময়ত উৎপাত কৰাৰ বাবে আঠু কাঢ়ি আছো৷মূহূৰ্ততে মোৰ মুখত এটা প্ৰশান্তিৰ হাঁহি  বিৰিঙি পৰিল৷অনুপম সূৰ্য্যটো স্থবিৰ৷সূৰ্য্যৰ না উদয় হয় না অস্ত যায়৷পৃথিৱীৰ আহ্নিক গতিৰ বাবেহে দিন ৰাতি হয়৷তেনেহ’লে এয়া আকৌ কেনেকুৱা চিৰশাশ্বত সত্য!তোমাৰ চিৰশাশ্বত সত্যও মোৰ বাবে এক উত্তৰ সত্য৷ধৰি ললো মৃগাংক মাওবাদী সংগঠনৰে সদস্য৷অদূৰ ভবিষ্যতে দেশত শ্ৰেণী সংগ্ৰামৰ মাধ্যমেৰে এক নতুন ব্যৱস্থাৰ প্ৰতিষ্ঠা হ’ল৷তেতিয়াও জানো মৃগাংকৰ পৰিচয় ৰাষ্ট্ৰদ্ৰোহী হৈয়েই ৰ’ব৷আজি ভাৰত ৰাষ্ট্ৰই স্বাধীনতা সেনানীৰ মৰ্য্যাদা দিয়া ভগৎ সিংকো চোন তদানীন্তন ব্ৰিটিছে চৰকাৰে ৰাষ্ট্ৰদ্ৰোহী হোৱাৰ অপবাদতেই ফাঁচী কাঠত ওলোমাইছিল৷সময় আৰু সমাজৰ পৰিবৰ্তনৰ লগে-লগে সত্যৰো পৰিবৰ্তন হয়৷প্ৰতিজন ব্যক্তিৰ বাবেই সত্যৰ পৰিভাষা ভিন্ন৷তোমাৰ বা মোৰ পৰিভাষাত বিপ্লৱীজন হয়তো শোষক গোষ্ঠীৰ পৰিভাষাত ৰাষ্ট্ৰদ্ৰোহী৷প্ৰকৃততে সত্য বুলি একোৱেই নাথাকে মাথো সাধুকথা থাকে-সত্যৰ সাধুকথা৷ইয়াৰে কোনোবাটো সাধুকথা তোমাৰ প্ৰিয় আৰু আন কোনোবা এটা মোৰ৷সত্যৰ প্ৰতি আমি মুঠেই আগ্ৰহী নহয়,আমি মাথো আগ্ৰহী আমাৰ পছন্দৰ সত্যৰ সাধুকথাক আলিংগন কৰাৰ বাবেই আৰু হয়তো এয়াই মানুহৰ সহজাত প্ৰবৃত্তি৷সেয়ে আমি উত্তৰ সত্যৰ এক পুতিগন্ধময় বায়ুমণ্ডলত নিজৰ অজানিতেই ওপঙি থাকো৷বিন্দুৰ পৰা সিন্ধুলৈকে,মোৰ হাতত থকা জ্বলন্ত ফিল্টাৰটোৱে কেঞ্চাৰ কৰাৰ অপবাদলৈকে সকলোবোৰ মাত্ৰ এটা উত্তৰ সত্য৷শৰ্মা দাৰ সদনত এক দীঘলীয়া যুক্তিৰ উপস্থাপনৰ অন্তত পৰম সন্তোষেৰে ফিল্টাৰটো জ্বলাই ধোৱাখিনি হাওঁফাওঁলৈ উজাই ল’লো৷অথনিৰে পৰা গভীৰ মনোযোগেৰে এই অভাজনৰ ভাষণ শুনি থকা অনুপমে পিকখিনি পেলাই এটা মিছিকিয়া হাঁহি মাৰি ক’লে,”দাদাৰ গাত জেক লণ্ডনৰ ভূত লম্ভিল যেন পাওঁ৷মুঠতে উত্তৰ সত্য জিন্দাবাদ৷” ” এ থোৱাহে অনুপম৷তোমাৰ জেক লণ্ডন নে কি সেইবোৰ আমি নুবুজো৷মুঠতে ফিল্টাৰৰ পৰা কেঞ্চাৰ হোৱাটোও যে এটা উত্তৰ সত্য সেইটোহে মেইন কথা৷কাইলৈৰ পৰা মোৰ চেল বঢ়াতো খাটাং” শৰ্মা দাৰ টিপ্পনীত আমি কেউটাই পুনৰ হাঁহি দিলো৷অনুপমে হাঁহি-হাঁহিয়েই ক’লে,”শৰ্মা দা আপুনি কিন্তু তামাম জমনি মানুহ দেই৷” “থৈ দিয়াহে অনুপম৷দুখীয়াৰ দুখ কোনে বুজে৷জমনি নে ভিতৰি-ভিতৰি টেনছনত মৰা দুখী আত্মা সেয়া এই শৰ্মা দোকানীয়েহে জানে৷তুমি দেখি থকা জমনি মানুহটোও আমাৰ দাৰ্শনিক চাহাবে কোৱাৰ দৰেই এটা উত্তৰ সত্যই বুজিছা৷”