
“Judgemental মানুহবোৰৰ বিষয়ে তুমি কি ক’বা?”সন্ধিয়াৰ ৰসাল আড্ডাৰ মাজত হঠাৎ অনুৰাগৰ প্ৰশ্নবাণত থমকি ৰ’লো৷সস্তীয়া ফ্লেকৰ ধোৱাখিনি হাওঁফাওঁলৈ উজাই এক বিশেষ কায়দাৰে নাকেৰে এৰি দি লাল চাহৰ গিলাচটোত এসোহা মাৰি লাহেকৈ ক’লো,”সকলো মানুহেই Judgemental,তুমি,মই,আমি সকলো৷”সন্ধিয়াৰ সময়ছোৱাত চাচাৰ দোকানৰ সন্মুখত আড্ডা মৰাটো আমাৰ পুৰণি অভ্যাস৷আড্ডা মানে আৰু কি ক’ৰণাৰ পৰা মামায়ে বিলোৱা ৰঙা স্কুটী আৰু কলেজৰ ধুনীয়া জুনিয়ৰ কেইজনীলৈকে কোনো বিষয়েই আমাৰ আড্ডাৰ পৰা বাদ নপৰে৷আমাৰ মানে মই,অনুৰাগ,প্লাৱন আৰু সপ্তৰ্ষি দা৷”সকলো মানুহেই Judgemental এইটো আকৌ তই কেনেকুৱা কথা কলি৷সকলো মানুহেইটো আৰু তোৰ গাৰ্লফ্ৰেণ্ড নহয় যে কথাই প্ৰতি Judgement পাছ কৰিব”নিজৰ ৰসিকতাবোধত নিজেই ধেকধেকাই হাঁহি সপ্তৰ্ষি দাই ক’লে৷সপ্তৰ্ষি দা আমাৰ চিনিয়ৰ৷মানুহটো বিৰাটেই জমনি৷শুকান জেওৰা খৰি চেপিও ৰস উলিওৱা মানুহ৷”সপ্তৰ্ষি দা আপোনাৰ মতে প্লাৱন Judgemental হয় নে নহয়?” মোৰ চমু প্ৰশ্নৰ বিপৰীতে সপ্তৰ্ষি দাৰ এহালিচামানৰ উত্তৰ,”আৰে প্লাৱন,আমাৰ প্লাৱন বাবা,বেটেৰী-চচমিষ্ট আৰে ইটো বিৰাট নিৰীহ প্ৰাণী৷Judgement,Opinion,Advice এই সকলোবোৰফালৰ পৰাই এটা প্ৰকাণ্ড শূণ্য৷সেয়ে এতিয়ালৈকে মালৱিকাৰ সৈতে সংসাৰখন ইমান ধুনীয়াকৈ চলি আছে৷বেটাৰ পাঁচবছৰত গাৰ্লফ্ৰেণ্ডৰ সৈতে এবাৰো থোতামোজা লগা নাই৷আমিকেইটাই চোন এতিয়ালৈকে চাৰি-পাঁচবাৰকৈ দেৱদাসৰ বেশ ল’লো৷”সপ্তৰ্ষি দাৰ Compliment শুনি প্লাৱনৰ মুখত তেতিয়া লাজকুৰীয়া হাঁহি৷”বাৰু প্লাৱন তোমাক যদি মই এগিলাচ মিনাৰেল ৱাটাৰ আৰু এগিলাচ নৰ্দমাৰ পানী দিওঁ,তুমি কোন গিলাচ খাবা?” “মিনাৰেল ৱাটাৰ গিলাচ”স্বভাৱসুলভ ভাবেই মাত্ৰ দুটা শব্দেৰে প্লাৱনে উত্তৰ দিলে৷”চাওঁক সপ্তৰ্ষি দা প্লাৱন বা যিকোনো মানুহেই নৰ্দমাৰ পানীতকৈ মিনাৰেল ৱাটাৰক preference দিব৷মানে আমি সকলোৱেই judgemental,এই যে অলপ আগেয়ে আপুনি প্লাৱন judgemental নহয় বুলি ক’লে সেইটোও একপ্ৰকাৰৰ judgement,মানে আমি সকলো judgemental. LHS=RHS.Hence proved.”নিজৰ যুক্তিক সবলভাবে প্ৰতিষ্ঠা কৰাৰ আনন্দত এটা মিচিকিয়া হাঁহি মোৰ মুখত ফুটি উঠিল৷”বাৰু মানি ল’লো,আমি সকলো Judgemental আৰু আমি সকলোৱেই সকলোকে লৈ Judgement দিও,তেনেহ’লে কাৰোবাৰ কথাই আমাৰ মনত কিয় আঘাত দিয়ে,ইমান সংঘাত,চিন্তা আৰু অৰ্ন্তদ্বন্দ্ব কিয়?”এইবাৰ মই জব্দ হ’লো৷অনুৰাগৰ দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাছিল৷”কি হে দাৰ্শনিক চাহাব৷ Any logic”সপ্তৰ্ষি দাই মিচিকিয়াই সুধিলে৷মই মাত্ৰ মুৰ জোকাৰিলো৷জৰ্দা পাণখন মুখত ভৰাই এইবাৰ গহীন সুৰত সপ্তৰ্ষি দাই আৰম্ভ কৰিলে,”চা ভবিষ্যতৰ কোনো এক ঘটনাপ্ৰৱাহক আমাৰ মস্তিস্কই নিজৰ সুবিধানুসাৰে কল্পনা কৰি লয়,নিজৰ সন্তুষ্টিৰ বাবে৷ধৰা হ’ল মই তোক সাংঘাতিক ভাল আৰু চোকা ল’ৰা বুলি সকলোৰে আগত গাই ফুৰাটো তই কল্পনা কৰ৷কিন্তু মোৰ judgment টো হ’ল ওলোটা৷মই আমাৰ জুনিয়ৰ কেইজনীৰ আগত ক’লো ক’লো তই এটা মস্ত অলগৰ্দ্ধ,বদমাছ,গাধা,নিক্কমা৷”হ’ব হ’ব সপ্তৰ্ষি দা chance তে dance মাৰিব নালাগে,পিছৰখিনি,পিছৰখিনি৷সপ্তৰ্ষি দাৰ মুখৰ পৰা কথাখিনি কাঢ়ি আনি মই ক’লো৷”বাৰু দে৷এতিয়া শুন”পিকখিনি পেলাই পুনৰ সপ্তৰ্ষি দাই আৰম্ভ কৰিলে,”এতিয়া মোৰ judgement টো শুনি তোৰ অন্তৰ একেবাৰে জুবিন দাৰ আইনা ভঙা দি ভাগিব হিয়াখনিৰ আইনাখনৰ দৰে ভাগি গ’ল৷এতিয়া দোষটো তোৰ৷চা বাবা judgement দিয়াটো মোৰ কাম,মই দি দিলো,সেইটো তোৰ আশা-আকাংক্ষাৰ বিপৰীত মেৰুত থিয় দিলে৷এতিয়া এই আশা I mean expectation ৰ সাগৰত বুৰ যাবলৈ তই নিজকে নিজেই বাধ্য কৰিছ৷ইয়াত মোৰ judgement টোৰ কোনো দোষ নাই৷এতিয়া তই মোৰ judgement টোক accept কৰি পাত্তা নিদিয়াকৈ আগবাঢ়ি যাওঁ নে তাকে ভাবি-ভাবি মুৰৰ চুলি সৰুৱাই দিয় সেয়া তোৰ কথা৷আৰে ভাই time never heals only acceptance can”দাৰ্শনিকৰ ষ্টাইলত ভাষণৰ সামৰণি মাৰি সপ্তৰ্ষি দাই পুনৰ চাহৰ গিলাচত সোহা মাৰিলে৷”কিন্তু এই ধৰক জুনিয়ৰ কেইজনী,সমাজখন সিহঁতে আপোনাৰ judgement শুনি মোৰ বিষয়ে কি ভাবিব?”ধেমেলীয়া সুৰত মই সপ্তৰ্ষি দাক সুধিলো৷সপ্তৰ্ষি দাই এইবাৰ ফুচফুচাই আৰম্ভ কৰিলে,” Orgasm মানে চৰম সুখৰ সময়ত তই তোৰ সংগীৰ সুখৰ খবৰ ৰাখ৷”সপ্তৰ্ষি দাৰ এই অবান্তৰ প্ৰশ্নটো শুনি চকু ডাঙৰ কৰি কৃত্ৰিম ধমকি সোধাই মই ক’লো,” কি কথা সোধেহে সপ্তৰ্ষি দা,নাৰাখো,কিয় ৰাখিম,আপুনি ৰাখে নেকি?”এইবাৰ ধেকধেকাই হাঁহি সপ্তৰ্ষি দাই আৰম্ভ কৰিলে,”That’s the matte my child,তই নাৰাখ,মই নাৰাখো,তোৰ তায়ো নাৰাখে,দুনিয়াৰ কোনেও নাৰাখে,যদি কোনোবাই ৰাখে সি মহা মূৰ্খ৷ Judgements are just like orgasms everyone cares about the own and never give a shit to the others,আৰু যদি কোনোবাই কেয়াৰ কৰে সি এটা গছত লগা জধামূৰ্খ৷”সপ্তৰ্ষি দাৰ final argument টো শুনি এইবাৰ আমি আটাইকেইটাই উচ্চস্বৰে হাঁহি দিলো৷ইমান পৰে মনে-মনে আমাৰ আলোচনা শুনি থকা চাচাই এইবাৰ নিজৰ judgement টো আগবঢ়ালে,”ঐ ল’ৰাহঁত৷ইমানকৈ যে হাঁহিলি,ই সপ্তৰ্ষিয়ে কিবা ফুচুৰি কৰিলে ন,ই সপ্তৰ্ষি ল’ৰাটো কিন্তু তামাম জমনি দেই৷






















