আদৰ্শগত অসহনশীলতা,ৰাম মন্দিৰ আৰু গোৱেলছৰ পুনঃআৰ্বিভাৱ

গোৱেলছৰ মূলমন্ত্ৰ

সভ্যতাৰ আদি কালৰে পৰাই ধৰ্ম ৰাজনীতিৰ এক অবিচ্ছেদ্য অংগ৷প্ৰায়ভাগ প্ৰাচীন সভ্যতাই ৰজাক ঈশ্বৰৰ প্ৰতিনিধি ৰূপে জ্ঞান কৰাৰ পৰিঘটনাই ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ৷দ্বিতীয় বিশ্বযুদ্ধত নাজী বাহিনীৰ আত্মসমৰ্পণৰ অন্তত তেওঁলোকক নিৰাপদ আশ্ৰয় প্ৰদান কৰাৰ ক্ষেত্ৰত ভেটিকানৰ ভূমিকা হয়তো বহুজনৰে জ্ঞাত৷ছোভিয়েট ইউনিয়নত স্তালিনে গীৰ্জাঘৰবিলাক সংগ্ৰাহালয়লৈ পৰ্য্যাবসিত কৰিছিল৷কিন্তু স্তালিনোত্তৰ কালত ছোভিয়েট ইউনিয়নৰ নাগৰিকসকলে পুনৰ ঈশ্বৰক বিছাৰি গীৰ্জালৈ যোৱা আৰম্ভ কৰে আৰু নিচেই কম দিনৰ ভিতৰতে সংগ্ৰাহলয়বিলাক পুনৰ গীৰ্জা ঘৰত পৰিণত হয়৷কাৰণ সমস্ত মানবীয় আবেগৰ ভিতৰত হয়তো ধৰ্মীয় আবেগেই সৰ্বোচ্চ৷সেয়ে ধৰ্ম ইমান সংবেদনশীল৷ধৰ্মই যিদৰে ৰাজনীতিক  প্ৰভাৱান্বিত  কৰে একেদৰেই ৰাজনৈতিক আদৰ্শয়ো ধৰ্মক  প্ৰভাৱান্বিত কৰে৷ধৰ্মীয় অসহনশীলতাৰ সামন্তৰাল ভাবে আদৰ্শগত অসহনশীলতাও একবিংশ শতিকাৰ আন এক জ্বলন্ত সামাজিক সমস্যা৷আদৰ্শগত অসহনশীলতা এটা নতুন শব্দ৷আপুনি হয়তো আগতে শুনা নাই৷ৰ’ব দুটামান উদাহৰণসহ বুজাই দিওঁ –

১/মই তৰ্ক প্ৰতিযোগিতা এখনত ভাগ লৈছিলো৷সেইদিনা মই চৰকাৰী পক্ষক প্ৰতিনিধিত্ব কৰিছিলো আৰু ভাৰতত সমকামিতাৰ বিৰোধিতা কৰি যুক্তি প্ৰদৰ্শন কৰিছিলো৷মোৰ বিৰোধী পক্ষৰ পৰবৰ্ত্তী তাৰ্কিকজনে মোৰ যুক্তিক কৰ্তন কৰিবলৈ গৈ গেৰুৱা বসন পৰিহিত গেৰুৱা মানসিকতাৰ তাৰ্কিকজন বুলি মোৰ গেৰুৱা ৰঙৰ কুৰ্তাটোকে আক্ৰমণৰ লক্ষ্য কৰি ললে৷তাৰ্কিকজন মোৰ ভাতৃপ্ৰতীম বন্ধু আছিল৷তাৰ্কিক বন্ধুক পৰবৰ্তী সময়ত ক’লো গেৰুৱাৰ নামত ইমান বিতৃষ্ণা যদি তুমি ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাখনকো ঘৃণা কৰা৷গেৰুৱা ত্যাগৰ প্ৰতীক,ভাৰতীয় জনতা পাৰ্টীৰ নহয়৷মই জনাত এপাহি বগা পদুম ফুলহে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীক৷কিন্তু মোৰ তাৰ্কিক বন্ধু বাওঁ আদৰ্শত বিশ্বাসী সেয়ে গেৰুৱাক তেওঁ ভূত দেখাদি দেখে৷মই কিন্তু ব্যক্তিগতভাবে ৰঙা ৰং অথবা শ্বেৰ প্ৰিন্ট থকা টি ছাৰ্ট পিন্ধিবলৈ কুণ্ঠাবোধ নকৰো৷দুদিনমানৰ পূৰ্বে কোভিড আক্ৰান্ত অমিত শ্বাহৰ আশু আৰোগ্য কামনা কৰি এটা ষ্টেটাছ দিলো বন্ধুৰ চুটি ৰিপ্লাই “not much a priority”৷মোৰ বন্ধুজন মানৱতাবাদী৷এজন অসুস্থ লোকৰ আশু আৰোগ্য কামনা কৰাটো সভ্য সমাজৰ সংস্কাৰ৷এতিয়া আপুনিয়েই ভাবক আদৰ্শগত গোড়ামিয়ে আমাক কিমান অসংবেদনশীল কৰি তোলে৷

২/ভাৰত মাতা কি জয় বুলি নকওঁ এইটো সংঘীবোৰৰ শ্লগান৷জয় আই অসম নকওঁ এইটো আছুৰ শ্লোগান৷লাল চালাম বাওঁপন্থীয়েহে কয়৷এইটো দৃশ্য আজিকালি একেবাৰেই সুলভ৷ছাত্ৰ সংগঠনৰ বহু সদস্যৰ এনে আদৰ্শগত গোড়ামিৰ বাবেই কা বিৰোধী সংগ্ৰাম পৰ্য্যায়ক্ৰমে বহুধাবিভক্ত হৈ নিশকতীয়া হৈ পৰা মই নিজ চকুৰেই দেখিছো৷

৩/মই একালত বাওঁ ছাত্ৰ সংগঠনৰ সদস্য আছিলো৷আজিও মাৰ্ক্সৰ বহু দৰ্শন আৰু সূত্ৰৰ মই সমৰ্থন কৰো৷বাওঁ সংগঠন কৰাৰ পৰাই মনত আছে ভাৰতৰ একাংশ বাওঁপন্থী শ্ৰেণীসংগ্ৰামৰ পৰিবৰ্তে মন্দিৰ,মছজিদ,গো মাংস,গাহৰি মাংস,বীফ ফেষ্টিভেল,ফেমিনিজিম আদিৰ বিতৰ্কৰ প্ৰতিহে সততে আকৰ্ষিত৷ভাৰতীয় জনতা পাৰ্টীৰ দিল্লী আগমনৰ পিছত সংখ্যালঘু প্ৰীতি আৰু সনাতন বিৰোধী আচৰণেই মূলত ভাৰতীয় বাওঁআন্দোলনৰ প্ৰধান লক্ষণ হৈ পৰে৷ধৰ্ম আৰু জাতপাতকেন্দ্ৰিক তথা শ্ৰেণী সংগ্ৰাম বিবৰ্জিত ভাৰতীয় বাওঁ আন্দোলন পৃথিৱীৰ ইতিহাসতেই বিৰল৷ইয়াৰ উদাহৰণ হয়তো মই নতুনকৈ দিব নালাগে৷এওঁলোকে সংখ্যালঘু তোষণৰ নামত সংবিধানৰ আত্মাস্বৰূপ ধৰ্মনিৰপেক্ষতাক কিদৰে বিকৃত কৰিছে তাৰ প্ৰমাণ যোৱা দুদিনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ ৰূপত পাইছে৷বেচেৰাহঁতে আজিলৈকে ইয়াকে বুজি নাপালে যে বৈদিক যুগৰ সনাতন চাভাৰকাৰক হিন্দুত্ববাদতকৈ পৃথক৷সেয়ে শেষত এদিন বিৰক্ত হৈ মুকলিকেই ক’লো “The unique Indian left movement is a rotten tomato produced in the experimental field of KGB during cold war”.

৪/যোৱাকালি EIA ৰ বিৰোধিতা কৰি চৰকাৰলৈ মোৰ বাৰ্তা প্ৰেৰণ কৰিলো আৰু যিহেতু অসমৰ যুৱপ্ৰজন্মই EIA ৰ বিৰোধিতাৰে সামাজিক মাধ্যমত জনসচেতনতা সৃষ্টিৰ লগতে mail storm ৰ সৃষ্টি কৰিব বিছাৰিছে সেই উদ্দেশ্যৰে ভাইটি ৰক্তিম ৰঞ্জন বৰাৰ অনুৰোধমৰ্মে ফেচবুকত এটা চুটি ভিডিঅ আপলোড কৰিলো৷মাজনিশা তাতে মোৰ এজন কাণসমনীয়াৰ বিদ্ৰূপসূচক মন্তব্য৷মন্তব্যটো এনেধৰণৰ “ভাল হে হৈছে৷EIA ৰ দ্বাৰা দেশৰ আভ্যন্তৰীণ সুৰক্ষা লেখত লব লগীয়া হ’ব৷EIA ৰ বিৰোধিতা কৰাবোৰ দেশদ্ৰোহী৷”মই জনাততো বন্ধুজন সংঘ পৰিবাৰৰ নহয় বৰঞ্চ তেৰাই প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠনটো সংঘ বিৰোধীহে৷কিন্তু আমাৰ যিমান দুৰ মনত আছে তেওঁলোকৰ সংগঠনৰ পিতৃপুৰুষজনেই ২০১৬ ৰ নিৰ্বাচনত অসমৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ আহ্বান জনাইছিল৷কিন্তু ৫ আগষ্টৰ দিনা ৰাম মন্দিৰৰ নিৰ্মাণক উচ্চতম ন্যায়ালয়ৰ ৰায় বুলি মানি লৈ সমৰ্থন কৰা আৰু কিছুদিনৰ পূৰ্বে তেওঁৰ হাইকামাণ্ডৰ নতুন শিক্ষানীতিৰ বিৰোধিতা কৰাৰ পদ্ধতিটোক অযুক্তিকৰ বুলি কোৱাৰ বাবে সংগ্ৰামী সতীৰ্থজনৰ আদালতত আমি ১৫০০ টকীয়া আৰু EIA ৰ বিৰূদ্ধে কোৱাৰ আমাৰ নৈতিক অধিকাৰ নাই৷কিন্তু মই যদি তেওঁক ওলোটাই প্ৰশ্ন কৰো বনাঞ্চলৰ অবৈধ বস্তিৰ উচ্চেদৰ বিৰোধিতা কৰা আৰু ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰা আপোনাৰ দৰে তথাকথিত প্ৰকৃতিপ্ৰেমীবোৰৰ EIA বিৰোধিতাৰ নৈতিক আদৰ্শ আছে নে নাই তেন্তে তেওঁৰ উত্তৰভাগি কি হ’ব সেয়াহে লক্ষণীয় হ’ব৷অৱশ্যে আদৰ্শগত গোড়ামিৰ বাবে এনেকুৱা প্ৰশ্ন সুধি এটা প্ৰাসংগিক আন্দোলনৰ পৰিবেশ বিনষ্ট কৰাত মই মুঠেই আগ্ৰহী নহয় বাবে তেওঁৰ দৰে মুখাপিন্ধা বিপ্লৱী এজনৰ সৈতে বিতৰ্ক নকৰি মই তেওঁৰ মন্তব্যটো মুচি দি তেওঁক বন্ধুত্বৰ তালিকাৰ পৰা বিদায় দিলো৷সৰুতেই শুনিছিলো বোলে মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল৷


মোৰ দৰে এনে বহুমানুহ আছে যি কোনো দলৰ সদস্য নহয়৷দলীয় ৰাজনীতিৰ অংশ ন’হলেও প্ৰতিজন মানুহেই ৰাজনৈতিক৷ Apolitical person never exists.সেয়ে বিভিন্ন সময়ত আমিও চৰকাৰ বা বিৰোধী দলৰ কোনো- কোনা ৰাজনৈতিক সিদ্ধান্তক আদৰি লওঁ আৰু কোনোটোৰ বিৰোধিতা কৰো৷উদাহৰণস্বৰূপে চৰকাৰৰ নতুন শিক্ষানীতিক লৈ আশাবাদী হোৱাৰ বিপৰীতে EIA ৰ প্ৰতি মোৰ তিলমানো সমৰ্থন নাই৷কাৰণ প্ৰতিটো ৰাজনৈতিক সিদ্ধান্ত নিজৰ বিবেকেৰে ভাবি চিন্তি হে মই নিজৰ সিদ্ধান্তত উপনীত হওঁ আৰু মোৰ দৰেই সমাজৰ এটা বৃহৎ অংশই ৰাজনৈতিক কিন্তু দলীয় ৰাজনীতিৰ অংশ নহয়৷কালি এজন বন্ধুৰ সৈতে এটা মজাৰ ঘটনা হ’ল৷তেওঁ মোক আক্ষেপেৰে ক’লে কা বিৰোধী আন্দোলনক সমৰ্থন কৰাৰ বাবে একাংশই তেওঁক কংগ্ৰেছৰ চামচা বুলি ক’লে আৰু ৫ আগষ্টৰ দিনা ঐতিহাসিক ৰায়ক সমৰ্থন কৰাৰ বাবে আন একাংশই তেওঁক ১৫০০ টকীয়া বুলি ক’লে৷মই বোলো মোৰো অৱস্থা তথৈবচ কা বিৰোধী আন্দোলনত মোক সমৰ্থন কৰা এজন দুৰসম্পৰ্কীয় ককাইদেউৱে মোক কমেন্ট চেকশ্যনত মানসিক ভাবে অসুস্থ বুলি ক’লে আন এজনে আকৌ পাণ দোকানত গধূলি লগ পাই ৰামভক্ত হোৱাৰ পিছতো কপালত তিলক নলগোৱাৰ কাৰণ সুধিলে৷
মোৰ এজন শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে মোক কৈছিল “The beauty of democracy lies in the respect towards the differences of opinions. I’m agree to disagree with you.”কিন্তু আজি মই দুখিত কাৰণ পূৰ্বৰ প্ৰজন্মৰ সেই গণতান্ত্ৰিক প্ৰমূল্যবোধক আজিৰ প্ৰজন্মই ‘troll culture’ ত হে পৰিণত কৰিলে৷ধৰ্মনিৰপেক্ষতাৰ পৰা গণতন্ত্ৰলৈ প্ৰতিটো বিষয়কে লৈ কেৱল মাত্ৰ” propaganda politics.”সামাজিক মাধ্যমৰ এনে শত-সহস্ৰ  মিনি গোৱেলছৰ অভ্যূত্থান স্বচক্ষে দেখা হ’লে চাগৈ প্ৰকৃত গোৱেলছো মূচকচ গ’লহেঁতেন৷ I like Goebbels for his intellectualism but I hate his propaganda.শেষত গণতন্ত্ৰপ্ৰেমী ৰাইজলৈ এটাই অনুৰোধ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত পিতপিতাই ফুৰা এনে মিনি গোৱেলছবোৰৰ পৰা সাবধান হওঁক৷ৰাজনৈতিক সিদ্ধান্তবোৰ বিবেকেৰে বিচাৰ কৰক আৰু ধৰ্মীয় অসহনশীলতা আৰু গোড়ামিৰ সমান্তৰালকৈ আদৰ্শগত অসহনশীলতাৰ বিৰূদ্ধেও প্ৰতিবাদমুখী হৈ পৰক,তেহে সচাৰ্থত পূণ্যভূমি ভাৰতবৰ্ষ ৰামৰাজ্যত পৰিণত হ’ব৷জয় শ্ৰী ৰাম৷

য়া দেৱী সৰ্বভূতেস্বু- Feminist vs Feminazis

লকডাউনৰ নামত এইকেইদিন ঘৰতে ফস্তি মাৰি আছো৷কালি দুপৰীয়াও পাটত দিয়া বৰিয়লা মাছেৰে এপেটমান খায় বিছনাত পৰিছিলো হে হঠাৎ কোনোবাই ঘৰৰ কলিংবেলতো বজালে৷উঠিবলৈ অকণো মন যোৱা নাছিল৷হ’লেও চকুকেইটা মোহাৰি-মোহাৰি কোনোমতে উঠি গ’লো৷ভৈয়াই ঐ এয়া কি দুৱাৰদলিত এজনী স্বল্পবসনা যুৱতী৷ওঠত কোনো বিদেশী ব্ৰেণ্ডৰ জ্বলত ছিগাৰেট আৰু হাতত এটা বিলাসী গ্লাচত Scotch on the Rocks৷মোৰ দৰে এটা নিমাখিত প্ৰাণীৰ ওপৰত চকু পৰাৰ লগেলগেই যুৱতীয়ে প্ৰক্ষেপ কৰিলে সেই কালজয়ী সংলাপ- “You bloody chauvinist male.”সন্মুখত ভূত দেখাৰ দৰে ময়ো বিস্ফোৰিত নেত্ৰৰে আৰ্তনাদ কৰি উঠিলো অ’ মা বচা আমাৰ ঘৰত Feminazi ওলাইছে!খকমককৈ সাৰ পাই গ’লো আৰে এয়া কি ইমানপৰে মই মানে সপোনহে দেখি আছিলো৷সাৰ পোৱাৰ মাত্ৰকেই এই অভাজনৰ পয়ালগা মস্তিস্কলৈ Feminism, Feminazis, Capitalism, Psychological Engineering ৰ দৰে কেইবাটাও চিন্তাধাৰাৰ আগমন ঘটিল৷ Sharing is Caring. সেয়ে অবান্তৰ যেন লগা এই চিন্তাধাৰা বোৰ আপোনাৰ সৈতে Share কৰিবলৈ আৰম্ভ কৰিছো আজিৰ সাধুকথা “য়া দেবী সৰ্বভূতেস্বু- Feminists vs Feminazis.”

সাধুকথাৰ আৰম্ভণিতেই এক ব্যক্তিগত স্পষ্টীকৰণ প্ৰকাশ কৰিছো ভাৰতত আজিৰ তাৰিখত যি তথাকথিত Feminist Movement চলি আছে তাৰ প্ৰতি মই একেবাৰেই বীতশ্ৰদ্ধ৷ভাৰতবৰ্ষত প্ৰকৃত Feminist ৰ দশা এপাচি শাকত এটা জালুকৰ দৰে৷বাকী আপুনি ৰাস্তাই ঘাটে চুটি কাপোৰ পিন্ধি ছিগাৰেটৰ ধোৱা উৰুৱাই পুৰুষ সমাজক গুৱালগালি পাৰি ডেটত গ’লে ৰেষ্টোৰেন্টৰ বিলখন হাফহাফ কৰিবলৈ ক’লেই কান্দি গছৰ পাত সৰুৱা যিবোৰ দুঠেঙীয়া প্ৰাণীক Feminist বুলি ভাবিছে সেইবোৰ প্ৰকৃততে Feminazi হে, Feminist নহয়৷

অভিধান অনুসৰি Feminism শব্দৰ অৰ্থ হ’ল লিংগবৈষম্য বিৰোধী এক ভাবধাৰা বা মতবাদ আৰু এই ধাৰাৰ সমৰ্থক সকলেই হ’ল Feminist৷অৰ্থাৎ এই আদৰ্শত বিশ্বাসীজনৰ কোনো নিৰ্দিষ্ট Stereotype নাই৷তেওঁ পুৰুষ,মহিলা কিম্বা তৃতীয় লিংগৰো হ’ব পাৰে আৰু তেওঁৰ প্ৰাথমিক দ্বায়িত্ব অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক আদি প্ৰতিখন ক্ষেত্ৰতেই লিংগনিৰ্বিশেষে সমঅধিকাৰ দাবীত সংগ্ৰাম কৰা৷কেৱমাত্ৰ নাৰীয়েই নহয় এজন পুৰুষ বা এজন কিন্নৰো Feminism ৰ প্ৰবক্তা হ’ব পাৰে আৰু এজন প্ৰকৃত Feminist য়ে কেৱল নাৰীৰেই নহয় বৰঞ্চ নিৰ্য্যাতিত পুৰুষ অথবা তৃতীয় লিংগৰো অধিকাৰৰ দাবীত সৰব হৈ পৰে৷ Feminism কুৰি শতিকাৰ এটা সুসভ্য,মানৱীয় আৰু প্ৰগতিশীল ভাৱধাৰা আৰু ভাৰতবৰ্ষৰ ৰক্ষণশীল সমাজক প্ৰগতিশীলতাৰ দিশলৈ ধাৱমান কৰাত এক বিশুদ্ধ Feminist আন্দোলন আজি এক সময়ৰ দাবীত পৰিণত হৈছে৷

The true Feminism

কিন্তু গভীৰ পৰিতাপৰ বিষয় আজিৰ ভাৰতত বিকৃত নাৰীবাদ বা Feminazism হে সততে দেখা পোৱা যায়৷ Feminazism is a collateral damage produced while healing capitalism through psychological engineering. Feminism ৰ বিপৰীত মেৰুত অৱস্থান কৰা Feminazis সকলৰ এক নিৰ্দিষ্ট stereotype থাকে৷যেনে পিন্ধনত চৰ্টছ,straight and short hairs,মুখত উগ্ৰ প্ৰসাধন,এখন হাতত জ্বলন্ত ছিগাৰেট আৰু আনখন হাতত বিয়েৰৰ বটল আৰু সৰ্বশেষত মুখত সেই ঘৃণাসূচক সংলাপ,”You bloody chauvinist males.”Feminism ৰ পঢ়াশালিত শিক্ষা আধৰুৱা কৰি ৰাস্তাই-পদূলিয়ে প্ৰগতিশীলতাৰ নামত চাৰ্কাচ কৰি ফুৰা এই অকালপক্ব সকললৈ মোৰ যিমান খং উঠে তাতোতকৈ অধিক দুখ লাগে৷কাৰণ Feminazis সকল পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ শোষণনীতি আৰু পুজিবাদী গোষ্ঠী Psychological Engineering ৰ বলি একো একোগৰাকী মানসিক ৰোগী৷তেওঁলোকৰ আশু আৰোগ্যৰ বাবে এজন সংবেদনশীল Psychiatric ৰ প্ৰয়োজন৷

A sarcastic representation of Feminazi s

Feminazism ৰ ইতিহাসৰ সন্ধানত আমি ৪০ ৰ দশকৰ আমেৰিকালৈ যাত্ৰা কৰিব লাগিব৷৪০ ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত ছিগাৰেটৰ বিক্ৰী লক্ষ্যণীয় ভাবে হ্ৰাস পোৱাৰ পৰিণতিত American Tobacco Corporation ৰ অন্যতম স্বতাধিকাৰী আৰু Propaganda Master এডৱাৰ্ড বানিয়ে অপপ্ৰচাৰ চলাই যে “Cigarette is a symbol of Dominance.”কিন্তু প্ৰকৃত সত্য সকলোৱেই জানে- “Cigarette is a symbol of Lung Disease”(Cancer বুলি নকওঁ কাৰণ সেয়া এটা অৰ্দ্ধসত্য)৷ইয়াৰ লগেলগেই Cigarette ৰ ধোৱাৰে পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাক তচনচ কৰি নাৰী সমাজৰ একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ এচাম অকালপক্ব যুৱতী ওলাই আহিল আৰু ইতিহাসৰ নিকৃষ্টতম এই ছিগাৰেট খোৱা আন্দোলনক পুজিপতিৰ নিকিনা গোলাম স্বৰূপ হালধীয়া সাংবাদিসকলে “The torches of freedom.”বুলি আখ্যা দিলে,”আৰু ইয়াৰ পিছৰে পৰাই জ্বলন্ত ছিগাৰেট বিকৃত নাৰীবাদৰ প্ৰতীক চিহ্ন হৈ পৰিল আৰু এইদৰেই বিকৃত নাৰীবাদৰ প্ৰবক্তাসকললৈ চতুৰ পুজিবাদী গোষ্ঠীয়ে আগবঢ়াই দিলে Shorts,Scotch on the Rock,Bright Lipstick, Offer on the occasion of Women Day ৰ দৰে এটাৰ পিছত আন এটা টোপ আৰু এইদৰেই পুজিবাদৰ নিষ্ঠুৰ আঘাতত আজি দিশহাৰা হৈছে কুৰি শতিকাৰ এটা শ্ৰেষ্ঠতম মানবীয় দৰ্শনৰ আন্দোলন৷মই কি খাম,মই কি পিন্ধিম আৰু মই কাৰ লগত শুম সেয়া মোৰ একান্তই ব্যক্তিগত বিষয় আৰু তাত হস্তক্ষেপ কৰাৰ অধিকাৰ কোনো ব্যক্তি অথবা সমাজৰ নাই৷সেই কথাত মই অন্তকৰণেৰে বিশ্বাস কৰো৷অৱশ্যে সামাজিক প্ৰাণী ৰূপে আমাৰো সমাজৰ প্ৰতি কিছু কৰ্তব্য আছে৷মই যদি বজাৰলৈ যোৱা হাফপেন্ট এটা পিন্ধি গুৰুজনাৰ তিথিৰ দিনা গাওঁৰে নামঘৰতোত প্ৰৱেশ কৰো সেয়া নিশ্চয় সভ্য সমাজক বুঢ়া আঙুলি দেখুৱাৰ দৰে হ’ব(অৱশ্যে হাফপেণ্টৰ সৈতে ধৰ্মৰ কোনো সম্পৰ্ক নাই মনৰ ভক্তিহে আচল কথা৷)আমি কেবল সামাজিক অধিকাৰৰ কথা কলেই ন’হব আমি আমাৰ সামাজিক কৰ্তব্যসমূহো সূচাৰূপে সম্পাদন কৰিব লাগিব৷আদৰ্শ এখন সুন্দৰ চিন্তাৰ ফুলনি৷ইয়াত কোনো Stereotype নাথাকে৷এজোৰ মেখেলা চাদৰ পিন্ধিও আপুনি লিংগভেদে সমঅধিকাৰৰ কথা কৈ নাৰীবাদৰ আন্দোলনক শক্তিশালী কৰিব পাৰে আৰু একেটা কামেই আপুনি পশ্চিমীয়া সাজপোছাকেৰেও কৰিব পাৰে৷মাত্ৰ আপোনাৰ লক্ষ্য আপোচবিহীন আৰু বিশুদ্ধ হোৱা উচিত৷ইয়াৰ সৈতে পোছাক,ছিগাৰেট অথবা স্কটছৰ কোনো সম্পৰ্ক নাই৷পুনৰ কৈছো আদৰ্শক Stereotype ত পৰিণত নকৰিব৷ইয়াৰ সৈতে আদৰ্শৰ দুৰদুৰলৈকে কোনো সম্পৰ্ক নাই৷যিদৰে গাত গেৰুৱা কাপোৰ পিন্ধি কপালত তিলক অঁকা জন সিদ্ধ পুৰুষ নহৈ যোগী আদিত্যনাথো হ’ব পাৰে সেইদৰেই চৰ্টছ পিন্ধি ছিগাৰেট হুপি থকা ছোৱালীজনীও Feminist নহয় বৰঞ্চ Feminazism ৰ দৰে মানসিক ৰোগৰ চিকাৰ হৈ হৃদয়বান psychiatric ৰ আশাত খাপ পিটি থকা কোনো দূৰ্ভগীয়াও হ’ব পাৰে৷

Torches of Freedom

এনেধৰণৰ মানসিক ৰোগীৰ সৃষ্টিত সমাজৰো যঠেষ্ট অৰিহণা আছে৷পখিলা খেদাৰ বয়সতেই এজনী কণমাণিক সমাজে বাৰে-বাৰে নিৰ্মম শব্দৰে আঘাত কৰি কয় ছোৱালীমানুহ ইমান চঞ্চল হ’ব নাপায়৷অলপ গহীন হ’বলৈ শিক৷ধৰ্মনুষ্ঠানত প্ৰৱেশ নিষেধৰ দৰে অন্যান্য শোষণবোৰৰ কথা নকলোৱেই বা৷সমাজৰ এনে বঞ্চনা আৰু বিভেদকামী পুতিগন্ধময় আদৰ্শৰ বিৰূদ্ধে পুৰুষ আৰু নাৰী উভয়েই প্ৰতিবাদী হৈ পৰা উচিত৷কিন্তু গভীৰ পৰিতাপৰ বিষয় এয়ে যে পুজিবাদৰ বিশ্বস্ত ভৃত্য Psychological Engineering য়ে অধিকাংশ নাৰীকেই বিপ্নবীৰ পৰিবৰ্তে বিদ্ৰোহীহে কৰি তুলিছে আৰু ইয়াৰেই পৰিণতিত মূল লক্ষ্যৰ পৰা এটা প্ৰগতিশীল আন্দোলন কক্ষ্যচ্যুত হৈছে৷উদাহৰণস্বৰূপে সৌ সিদিনা ফেচবুকত মোৰ পৰিচিত Feminazis সকলৰ টাইমলাইনত বৰকৈ শ্বেয়াৰ হোৱা Memes দেখিলো৷ Meme খন আছিল এনেধৰণৰ I bleed every month,but I don’t die.How am I not magic.মই এজন জীৱ বিজ্ঞানৰ ছাত্ৰ৷ Estrogen আৰু Progesterone level ৰ কিছু সালসলনিৰ বাবে প্ৰায় ২৮ দিনৰ অন্তত Uterine Endometrium খন ভাগি পুনঃ গঠন হোৱা মোৰ বাব কোনো যাদুবিদ্যা নহয় বৰঞ্চ এক প্ৰাকৃতিক পৰিঘটনাহে৷এনে কথাই প্ৰকৃত সত্যক গাপ দিয়ে আৰু menstrual cycle বা period কেন্দ্ৰিক social stigma ক বৃদ্ধি কৰাত ইন্ধন যোগায়৷কিন্তু Feminazis বা Emotional Fool বোৰে psychological engineering ৰ ইন্দ্ৰজালত মন্ত্ৰমুগ্ধ হৈ social media এই আবৰ্জনাবোৰ চেয়াৰ কৰি সেই page খন grow কৰাত পৰোক্ষ বৰঙণি যোগায়৷এনে আবেগ আৰু দীৰ্ঘদিনীয়া social stigma ৰ চিকাৰ হৈ হয়তো কোনো মানসিক ৰোগীয়ে চিৎকাৰ কৰি উঠে” you bloody chauvinist male.” সেই মানসিকৰোগী সকলক উদ্দ্যেশ্যি কৈছো যিদৰে ছুটি কাপোৰ পিন্ধা প্ৰতিগৰাকী নাৰীয়েই বেশ্যা নহয়(সামাজিক দৃষ্টিকোণেৰেহে কৈছো৷বেশ্যাক মই গালি বুলি নাভাবো৷) সেইদৰেই প্ৰতিজন পুৰুষেই “Bloody Chauvinist“ নহয় তেওঁ হয়তো ৰজা ৰামমোহন ৰায় অথবা লৰ্ড উইলিয়াম বেন্টিংৰ দৰে এজন প্ৰকৃত নাৰীবাদৰ প্ৰবক্তাও হ’ব পাৰে৷দ্বিতীয়তে যদি নাৰীবাদৰ Role Model হ’ব বিছাৰিছা তুমি বৰ দুৰলৈ যাব নালাগে অসমৰ হিমা দাস,ৰীমা দাস,কলেজৰ ওচৰৰে ঘুমটি দোকানৰ খুৰীজনী অথবা পথাৰত ভূই ৰুই দেউতাৰাক খেতি-খোলাত হাতধৰা তোমাৰ মমতাময়ী মা জনীও নাৰীবাদৰ Role Model হ’ব পাৰে৷

Another Live Example of Psychological Engineering

আপোনাৰ পৰিয়াল বা বন্ধুমহলতো যদি সামাজিক সন্ত্ৰাসবাদীস্বৰূপ এনে কোনো Feminazism ৰ চিকাৰ হোৱা মানসিক ৰোগী আছে তেওঁক সামগ্ৰিক কথাখিনি সহানুভূতিৰে বুজাওঁক আৰু প্ৰয়োজন হ’লে মানসিক বিশেষজ্ঞৰ সহায় লওঁক৷আজিৰ কাহিনীতো ইমানতেই সামৰিছো৷সত্য সদায়েই কঠোৰ৷মোৰ কথায় যদি আপোনাক মানসিক ভাবে আঘাত কৰিছে তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী আৰু Comment Section ৰ বিতৰ্কৰ প্ৰতি মই মুঠেই আগ্ৰহী নহয়৷ ইয়াৰ পিছতো যদি কোনো মানসিক ৰোগীয়ে মোৰ চিন্তাধাৰাৰ বাবে মোক “Bloody Chauvinist” আখ্যা দিয়ে মোৰ কোনো আপত্তি নাই৷ Because you follow Feminazism and I follow Feminism. We’re not the same.

Hima Das
Rima Das
Raja Rammohan Roy
Lord William Bentick
Hats of to all the Heroines and Heroes of True Feminism Movement.

PracticeFeminismLiveWithPeaceandSocialHarmony

নিৰাশাৰ কলীয়া ডাৱৰ ভেদি………A story full of positive vibes.

আজি বহুদিনৰ মুৰত পুনৰ আপোনালোকৰ মাজলৈ আহিছো৷আপোনালোক কুশলে আছেনে?যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে৷এইমাহতেই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলো ঘোষণা কৰিব৷আপোনাৰ পৰিয়ালৰ কোনো সদস্যই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নেকি?আশাকৰো তেওঁলোকে আশা কৰাৰ দৰেই ফলাফল লাভ কৰিছে৷যদি ফলাফল আশা কৰাৰ দৰে হোৱা নাই তেনেহ’লে তেওঁলোকক আপোনাৰ জৰিয়তেই নিৰাশ ন’হবলৈ অনুৰোধ জনালো৷আজি মই হতাশাত ভোগা ছাত্ৰছাত্ৰীসকলক দুটা সাধুকথা ক’ম৷আশাকৰো মোৰ সেই সাধু দুটা শুনাৰ অন্তত তোমালোকৰ জীৱন আকাশত নিৰাশাৰ কলীয়া ডাৱৰ ভেদি উদ্ভাষিত হ’ব আশাৰ তেজোদ্দীপ্ত সূৰুষ৷
তোমাৰ দৰেই এজন ছাত্ৰ৷অৱশ্যে তোমাতকৈ অলপমান সৰু৷তৃতীয়মানৰ সেই ছাত্ৰজন যঠেষ্ট অন্যমনস্ক আৰু চঞ্চল প্ৰকৃতিৰ৷এদিন বিদ্যালয়ৰ চুটিৰ পৰত সেই ছাত্ৰজনক বিদ্যালয়ৰ প্ৰধানশিক্ষকে তেওঁৰ কোঠালৈ মাতিলে আৰু তেওঁৰ হাতত এখন চিঠি তুলি দি ক’লে এইখন তুমি তোমাৰ মাৰ হাতত দিবা৷প্ৰধানশিক্ষকৰ চিঠিখন পঢ়ি কণমাণিজনৰ মাকৰ গালেৰে এধাৰি অশ্ৰু বৈ আহিল৷তেওঁ মাকক শুধিলে মা,মা ইয়াত কি লিখা আছে৷মাকে চিঠিখন সামৰি থৈ এটা সেমেকা হাঁহি মাৰি ক’লে প্ৰধান শিক্ষকে কৈছে তুমি অত্যন্ত মেধাবী৷তোমাক পঢ়ুৱাব পৰা ক্ষমতা তোমাৰ বিদ্যালয়ৰ কোনো শিক্ষকৰে নাই৷সেয়ে কাইলৈৰ পৰা তুমি আৰু বিদ্যালয়লৈ যাব নালাগে ঘৰতেই পঢ়িবা৷কণমাণিটোৱেও মাকৰ কথাত মুৰ দুপিয়াই সমৰ্থন জনালে৷কেইবাটাও বসন্ত পাৰ হৈ গ’ল৷সেই কণমানিতো আজি এজন চফল ডেকা৷তেওঁ এটা পুৰণা ট্ৰাংক খুচৰি থাকোতে কিছুমান পুৰণি কাগজৰ মাজত মাকলৈ প্ৰধান শিক্ষকে দিয়া সেই চিঠিখন পালে আৰু চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে৷চিঠিখন পঢ়ি শেষ কৰি ব্যক্তিজনে উচুপি উঠিল৷কাৰণ সেই চিঠিখনত তেওঁৰ মেধাৰ কোনো প্ৰশস্তি বন্দনা নাছিল বৰঞ্চ তাত লিখা আছিল আপোনাৰ সন্তান মানসিক ভাবে বিকাৰগ্ৰস্ত৷সি আৰু বিদ্যালয়লৈ অহাৰ প্ৰয়োজন নাই৷একালৰ প্ৰধানশিক্ষকৰ পৰা মানসিক বিকাৰগ্ৰস্তৰ আখ্যা পোৱা সেই কণমাণিতোৱেই হ’ল বিশ্ববিশ্ৰুত বিজ্ঞানী বিজুলী বাটিৰ উদ্ভাৱক ছাৰ টমাছ আলফা এডিছন৷প্ৰায় তিনিশতাধিক সঁজুলিৰ উদ্ভাৱক এডিছন আনুষ্ঠানিক ভাবে মাত্ৰ তৃতীয় শ্ৰেণীলৈকেহে পঢ়িছিল৷সাধু সাধু যেন লগা এই সত্য ঘটনাতোৱে আমাক শিকাই যে তোমাৰ বিচাৰকজন সদায় শুদ্ধ ন’হবও পাৰে আৰু এখন মাৰ্কচিট তোমাৰ যোগ্যতাৰ মাপ কাঠি ন’হয়৷জীৱনৰ পৰীক্ষাত সফল হ’বলৈ স্মৃতিশক্তিৰ নহয় কেৱল মাত্ৰ সাধনাৰ প্ৰয়োজন৷

মেণ্ডোলিন পাৰ্কৰ যাদুকৰ টমাছ আলফা এডিছন ৷


এইবাৰ হাঙ্গেৰী দেশৰ এটা সাধুকথা ক’ম৷১৯৩৮ চনৰ কথা হাঙ্গেৰীয়ান আৰ্মিত এজন পিষ্টল চালক আছিল তেওঁৰ নাম আছিল কেৰ’লিন৷কেৰ’লিনৰ হাতখন মহাভাৰতৰ অৰ্জুনৰ দৰেই লক্ষ্যভেদী আৰু নিপুন আছিল৷সমগ্ৰ হাংগেৰীবাসীয়ে আশা কৰিছিল যে ১৯৪০ চনৰ অলিম্পিকত কেৰ’লিনে পিষ্টল চালনাত স্বৰ্ণ পদক আহৰণ কৰি দেশলৈ সন্মান কঢ়িয়াই আনিব৷কিন্তু সেই বছৰেই সামৰিক অনুশীলনীত অংশ লওঁতে এটা বোমা বিস্ফোৰণত দূৰ্ঘটনাক্ৰমে আঘাতপ্ৰাপ্ত হৈ মাত্ৰ ২৮ বছৰ বয়সতে কেৰ’লিনে তেওঁৰ সোঁহাতখন হেৰুৱাই পেলালে৷কেৰ’লিনৰ লগতে সমগ্ৰ দেশবাসীৰ অন্তৰ ভাগি পৰিল৷লাহেলাহে কেৰ’লিন নামৰ ব্যক্তিজনক সকলোৱে পাহৰি পেলালে৷১৯৩৯ চনত হাংঙ্গীৰত প্ৰতিবছৰৰ দৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পিষ্টল চালনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ল আৰু সকলোকে আচৰিত কৰি মাত্ৰ এখন হাতেৰেই(বাওঁহাত) সেই প্ৰতিযোগিতাত অংশ লৈ কেৰ’লিনে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ’ল৷দেশবাসীয়ে পুনৰ কেৰোলিনক লৈ আশাৰ সপোন ৰছিলে আৰু ৪০ ৰ অলিম্পিকৰ বাবে পুনৰ প্ৰস্তুতি আৰম্ভ কৰিলে৷কিন্তু ১৯৪০ চনত প্ৰথম মহাসমৰৰ বাবে অলিম্পিক ক্ৰীড়াসমাৰোহ অনুষ্ঠিত ন’হল৷কেৰোলিনৰ স্বপ্ন পুনৰ ভংগ হ’ল৷কিন্তু ৪৪ ৰ পৰৱৰ্তী অলিম্পিকৰ বাবে তেওঁ অনুশীলন অব্যাহত ৰাখিলে৷দ্বিতীয় মহাসমৰ অব্যাহত থকাৰ বাবে ৪৪ তো অলিম্পিক অনুষ্ঠিত ন’হল৷১৯৪৮ ত দ্বিতীয় মহাসমৰৰ অন্তত লণ্ডন অলিম্পিক অনুষ্ঠিত হ’য় আৰু সেইসময়ত কেৰ’লিনৰ বয়স হৈছিল প্ৰায় ৩৮ বছৰ৷সচাৰচৰ ৩৫ বছৰৰ পিছতেই যিকোনো এজন খেলুৱৈয়ে ক্ৰীড়া জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷কিন্তু ৩৮ বছৰ বয়সতো মাত্ৰ বাওঁহাতখনেৰেই অলিম্পিকৰ দৰে এখন বিশ্ব ক্ৰীড়া সমাৰোহত অংশ লৈ কেৰ’লিনে স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল৷কেৰ’লিনৰ বিজয় ৰথ তাতেই থমকি ন’ৰল৷১৯৫২ চনৰ হেলচীংকি অলিম্পিকত পিষ্টল চালনাত তেওঁ ক্ৰমাগত ভাবে পুনৰ দ্বিতীয়তো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ’ল আৰু অলিম্পিকৰ পিষ্টল চালনাৰ ইতিহাসত ক্ৰমাগত ভাবে দুটা স্বৰ্ণ পদক লাভ কৰা কেৰ’লিনেই একমাত্ৰ খেলুৱৈ৷(এই কাহিনীতো সন্দীপ মাহেশ্বৰীৰ এখন Motivational Seminer ৰ পৰা সংগৃহীত )

কেৰোলিন-অনুপ্ৰেৰণাৰ আন এটা নাম ৷

Life is not a bed of roses.জীৱনৰ পথ মসৃণ নহয় বৰঞ্চ ঘাট-প্ৰতিঘাটপূৰ্ণ৷কিন্তু
জীৱনৰ সমস্ত ঘাট-প্ৰতিঘাটৰ সন্মুখত আত্মসমৰ্পণ নকৰাকৈ যদিহে আমি কষ্ট,ধৈৰ্য্য আৰু অধ্যৱসায়ৰ পথেৰে জীৱন সংগ্ৰাম চলাই যাওঁ তেনেহ’লে সফলতাৰ স্বৰ্ণ শিখৰো বেছিদুৰ নহয়৷
মৰমৰ ভাইটী-ভন্টীসকল তোমালোকলৈ মাত্ৰ এটাই অনুৰোধ শাখা বা বিষয় বাচি লোৱাৰ প্ৰসংগত ভটীয়নী সোঁতত গা এৰি নিদিবা৷Always follow your passion.মহেন্দ্ৰ সিং ধোনী অথবা জুবিন গাৰ্গে চিকিৎসা বিজ্ঞান পঢ়া হ’লে দেশে এজন ভাল ক্ৰিকেট খেলুৱৈ অথবা সংগীত শিল্পীক হেৰুৱালেহেঁতেন৷এডিছনৰ দৰে হয়তো সমাজে তোমাক পগলা বুলি হাঁহিব৷কিন্তু মনত ৰাখিবা পাগলেহে সদায় ইতিহাস ৰচে৷অভিভাৱক আৰু বয়োজ্যেষ্ঠ সকললৈও অনুৰোধ ফলাফলৰ কথা কৈ ছাত্ৰছাত্ৰীসকলক নিৰুৎসাহ নকৰিব৷কেৱল মাত্ৰ এখন ভাল মাৰ্কচিটৰ পিছত এন্দুৰ দৌৰত দৌৰাৰ পৰিবৰ্তে তেওঁলোকক প্ৰকৃত জ্ঞান(Pure Knowledge)ৰ অন্বেষণ আৰু কৌশলৰ আহৰণ(acquiring the skills) কৰিবলৈ উৎসাহ জনাওঁক৷
আজিলৈ ইমানতে সামৰিছো৷তোমালোকৰ ভাল হওঁক৷আপোনালোক কুশলে থাকক৷

ৰুগ্ন ভাৰতীয় শিক্ষা ব্যৱস্থা-A Journey in the Search of Causes(প্ৰথম খণ্ড).

ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাস-একবিংশ শতিকাৰ প্ৰতিজন ভাৰতীয়ই বৌদ্ধিক দাসত্বৰ শিকলিত বন্দী একোএকোজন ক্ৰীতদাস আৰু আজিৰ পৰা প্ৰায় দুশবছৰৰ পূৰ্বে Macaulay চাহাবৰ কাৰখানত English Education Act-1835 ৰ ৰূপত নিৰ্মিত হৈছিল বৌদ্ধিক দাসত্বৰ এই চিৰযুগমীয়া শিকলি৷মেক’লে চাহাবে তেওঁৰ পিতৃলৈ লিখা চিঠিত স্বীকাৰ কৰিছিল যে তেওঁ ভাৰতবৰ্ষত এনে এক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে যাৰ ফলত ভাৰতীয়সকল চিৰদিন ব্ৰিটিছৰ গোলাম হৈ ৰ’ব আৰু নিজস্ব সংস্কৃতি আৰু মূল্যবোধক পাহৰি হৈ পৰিব একোএকোজন ব্ৰিটিছ সভ্যতাৰ অনুগামী৷ব্ৰিটিছক দেশ শাসন কৰিবৰ বাবে মাত্ৰ কিছু কেৰাণী আৰু আজ্ঞাবাহী ভৃত্যৰ প্ৰয়োজন আছিল আৰু সেই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সৃষ্টি কৰা হৈছিল তেতিয়াৰ ভাৰতীয় শিক্ষা ব্যৱস্থা(Indian Education System)৷Macaulay’s Minute ৰ গৰ্ভত জন্ম লাভ কৰা ভাৰতীয় শিক্ষা ব্যৱস্থাক এক সুদৃঢ় ৰূপ দিছিল English Education Act-1835 এ৷আজি ভাৰতবৰ্ষই ৰাজনৈতিক স্বাধীনতা লাভ কৰা প্ৰায় সাতোটা দশক অতিক্ৰম কৰিলে কিন্তু তাহানিৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশেষ পৰিবৰ্তন ন’হল যেন নতুন বটলত পুৰণি সুৰা৷আজিৰ খণ্ডত আমি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ দোষ-ক্ৰটী সমূহৰ এক নিৰ্মোহ বিশ্লেষণ কৰিম৷

মেক’লে চাহাবৰ স্বীকিৰোক্তি


১/জিজ্ঞাসাৰ অপমৃত্যু-ভাৰতীয় শিক্ষা ব্যৱস্থাই শৈশৱতেই এজন ছাত্ৰৰ মনত সৃষ্ট জিজ্ঞাসা(curiosity)ক হত্যা কৰে৷সেয়ে বিশ্ববিদ্যালয়ৰ পৰ্য্যায়ত শিক্ষকে শ্ৰেণী কোঠাত “Any doubt”বুলি শুধিলেও ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সহাৰি নজনায়৷বেছিকৈ প্ৰশ্ন কৰা ছাত্ৰ-ছাত্ৰীক ভাৰতীয় শিক্ষাব্যৱস্থাৰ দৃষ্টিত অবাধ্য আৰু মদগৰ্বী৷এককথাত ক’বলৈ গ’লে কামোৰ৷ছাত্ৰ-ছাত্ৰীৰ জিজ্ঞাসা নিবাৰণত অধিকাংশ শিক্ষকৰেই আগ্ৰহ শূণ্য আৰু ইয়াৰ পৰিণতিতেই স্নাতক পৰ্য্যায়ত জিজ্ঞাসাৰ পৰিধি ভাঙি পৰীক্ষাবহীত অধ্যাপকৰ নোট বমি কৰাতেই ছাত্ৰসমাজ অভ্যস্ত হৈ পৰে আৰু এইদৰেই অপমৃত্যু হয় যুগান্তকাৰী উদ্ভাৱন মূল চালক্য শক্তি জিজ্ঞাসাৰ৷

জিজ্ঞাসাৰ অপমৃত্যু আৰু আপোনাৰ কেৰিয়াৰ

/মাৰ্কচিট বনাম সৃজনশীলতা-প্ৰতিজন ব্যক্তিয়েই সুকীয়া৷মনোবিজ্ঞানীসকলে সমগ্ৰ মানৱ জাতিক ১৬ টা ভিন-ভিন ব্যক্তিত্বত বিভক্ত কৰিছে৷নিজস্ব ব্যক্তিত্ব অনুসৰি প্ৰতিজন ব্যক্তিৰেই কিছুমান সুপ্ত প্ৰতিভা থাকে৷কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত মাৰ্কচিটখনেইন সৰ্বস্ব৷আপোনাৰ অভিনয়,সংগীত,চিত্ৰকলা,সাহিত্য,বাকপটুতা,খেলাধূলা আদি প্ৰতিভাৰ এই ব্যৱস্থাত কোনো মূল্য নাই৷পঞ্চমমানতেই হিন্দীসাহিত্যৰ পাঠ্যপুথিত এটা পদ্য পঢ়িছিলো-
“পঢ়ৌগে-শুনৌগে বনৌগে নবাব
খেলৌগে-কুদৌগে হ’গে খাৰাব৷”
এয়াই আমাৰ শিক্ষা ব্যৱস্থাত৷ইয়াৰ পিছত আকৌ সাংবাদিকে চৰকাৰক প্ৰশ্ন কৰে ভাৰতে অলিম্পিকত কিয় স্বৰ্ণপদক নাপায়৷মই সৰুৰে পৰাই তৰ্ক প্ৰতিযোগিতাত ভাগ লৈছিলো৷মই মেট্ৰিকত ডিষ্টিংচন নাপালো আৰু লগেলগেই উচ্চমাধ্যমিকৰ দিনত মায়ে নিষেধাজ্ঞা জাৰি কৰিলে যে তৰ্ক প্ৰতিযোগিতাত ভাগ লোৱাৰ কোনো প্ৰয়োজন নাই৷“Only wastage of time.”তাহানিতেই মাৰ কথা শুনা হ’লে মোৰ মাৰ্কচিটখন আৰু কিছু উন্নত হ’লহেঁতেন কিন্তু মানুহ হ’ব নোৱাৰিলোহেঁতেন৷সৌভাগ্যক্ৰমে মই সেইদিনা মাৰ কথা নুশুনিলো আৰু পৰবৰ্তী সময়ত তৰ্কত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পুৰস্কাৰ বুটলিবলৈও সক্ষম হ’লো৷মোৰ বিষয়ে কোৱাৰ কাৰণ এটাই হয়তো মেট্ৰিকৰ মাৰ্কচিটখন হাতত পৰাৰ পিছত বহুজন মোৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছিল যি বিনাবাক্যই অভিভাৱকৰ কথা মানি লৈছিল আৰু সেইদৰেই হয়তো সমাজে হেৰুৱাই পেলাইছিল এক অনন্য প্ৰতিভা হয়তো আন এজন টেণ্ডুলকাৰ বা ভূপেন হাজৰিকা৷মোৰ ভাগ্য অৱশ্যে সুপ্ৰসন্ন আছিল কাৰণ স্নাতক পৰ্য্যায়ত পুৰণি কথাবোৰ পাহৰি গৈ মায়ে পুনৰ মোক তৰ্ক কৰিবলৈ উৎসাহ যোগাইছিল৷

মাৰ্কচিট বনাম সৃজনশীলতা

৩/তুলনা আৰু ৰুগ্ন প্ৰতিযোগিতা-সৰুৰে পৰাই ভাৰতীয় সমাজৰ অধিকাংশ অভিভাৱকেই অধিক নম্বৰ পোৱা এজন ছাত্ৰ বা ছাত্ৰছাত্ৰীৰ সৈতে সন্তানক তুলনা কৰে৷শৰ্মাজী কি লৌন্ডে………ফলত সন্তানৰ মনত শৈশৱতেই ৰুগ্ন প্ৰতিযোগিতাৰ সৃষ্টি হয়,তেওঁৰ নৈতিক স্খলন হয় আৰু অদুৰ ভবিষ্যতত জীৱনৰ পৰীক্ষাত অসৎ পন্থাৰ সহায় লবলৈও তেওঁ তিলমাত্ৰও কুন্ঠাবোধ নকৰে৷

তুলনাই সৃষ্টি কৰা ৰুগ্ন প্ৰতিযোগিতা

৪/স্মৃতিশক্তিৰ পৰীক্ষা-ভাৰতীয় শিক্ষাব্যৱস্থাই প্ৰতিমূহূৰ্তত মাত্ৰ স্মৃতিশক্তিৰ পৰীক্ষা লয়৷কৃষিবিজ্ঞানৰ স্নাতক শ্ৰেণী পঢ়ি থাকোতে মই প্ৰতিবাৰেই এশজোপামান শস্যৰ Fertilizer Dose ভাটৌৰ দৰে মুখস্থ কৰি পৰীক্ষাৰ বহীত সেয়া বমি কৰি বুকু ফিন্দাই ঘৰলৈ উভতি আহিছিলো৷মই স্নাতক পৰ্যায়ত প্ৰায় ৮০% নম্বৰসহ প্ৰথম শ্ৰেণীতেই উত্তীৰ্ণ হ’লো৷কিন্তু সচাঁকৈয়ে কৈছো আজি মোৰ অসমৰ প্ৰধান শস্য ধানৰ Fertilizer Dose তোও ভালকৈ মনত নাই৷আমাৰ শিক্ষা ব্যৱস্থাই আমাক শিকায় যে হিটলাৰে ৬ মিলিয়ন ইহুদীক হত্যা কৰিছিল কিন্তু ভবিষ্যতৰ পৃথিৱীত আন এজন হিটলাৰৰ উত্থানক ৰোধ কৰিবলৈ আমাৰ ৰণনীতি কি হোৱা উচিত সেই সম্পৰ্কে আমাৰ শিক্ষা ব্যৱস্থা নিমাত৷

পৰীক্ষা নে স্মৃতিপৰীক্ষা?

৫/বিষয়ৰ জাতিভেদ-ভাৰতীয় সমাজৰ দৰে শিক্ষা ব্যৱস্থাতো এক চৰম জাতিভেদ(Caste Discrimination) দেখা যায়৷সমাজত প্ৰচলিত এক অপসত্য-মেধাবীজনৰ বাবে বিজ্ঞান আৰু অকৰ্মণ্যজনৰ বাবে কলাশাখা৷কাৰণ কলাশাখা উজু বাৰু কলাশাখাক সহজ বুলি কোৱা শিক্ষাবিদসকল মোক এবাৰ মাৰ্ক্সৰ “Capital”খন পাত পাত কৈ বুজাই দিয়ক আপোনাৰ শ্ৰীচৰণত সেৱা কৰি মই মানি ল’ম কলাশাখা সহজ৷

বিষয়ৰ জাতিভেদ

৬/আওপুৰণি পাঠ্যক্ৰম-ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম চূড়ান্ত আওপুৰণি যি সময়ত আজি উন্নত দেশৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে Artificial Intelligence ৰ সম্পৰ্কে অধ্যয়ন কৰিছে সেইসময়ত আমি কেলকুলেটৰ ব্যৱহাৰ কৰাতোও এলেহুৱাৰ চিন জাতীয় আওপুৰণি মানসিকতাক আকোৱালি লৈ ঘন্টাজুৰি “Log Table” মিলাই আছো৷এনে আওপুৰণি শিক্ষা ব্যৱস্থাৰ বাবেই আজি বহুকেইখন উন্নত ৰাষ্ট্ৰত ভাৰতীয় স্নাতকোত্তৰ(Postgraduate) সকলক কেৱল মাত্ৰ স্নাতক(Graduate)বুলি গণ্য কৰা হ’য়৷

আাওপুৰণি পাঠ্যক্ৰম

/শিক্ষাখণ্ডৰ পঁয়ালগা আন্তগাথনি-২০১৯ বৰ্ষৰ তথ্য অনুসৰি ভাৰত চৰকাৰে মুঠ GDP ৰ মাত্ৰ ৩% শিক্ষাখণ্ডত ব্যয় কৰে যি বাংলাদেশ আৰু ভূটানতকৈও কম৷ভাৰত চৰকাৰে গৱেষণাৰ বাবে প্ৰতিজন গৱেষক ছাত্ৰছাত্ৰীৰ বাবে মাত্ৰ ৩০,০০০ টকা ব্যয় কৰে৷কিন্তু সেইখন চৰকাৰেই আকৌ কৌটি-কৌটি টকা খৰচ কৰি মূৰ্তি সাজে৷এতিয়া বুজিছে নহয় আমাৰ দেশত পেটেন্টৰ সংখ্যা কিয় ইমান কম৷বিদ্যালয় পৰ্য্যায়ৰ শিক্ষকৰ দৰমহা কম আৰু অনিয়মীয়া৷সেয়ে সন্মাজনক পদবী হোৱাৰ পিছতো আজি শিক্ষকৰ চাকৰি কৰিবলৈ কোনো আগ্ৰহী নহয়৷উচ্চ শিক্ষাৰ নামজ্বলা প্ৰতিষ্ঠান সমূহত আকৌ অধ্যাপকৰ চাকৰি পাবলৈ বহুক্ষেত্ৰতেই বক্ৰপথৰ প্ৰয়োজন৷সেয়ে হয়তো ৰঘুৰাম ৰাজন চিকাগো বিশ্ববিদ্যালয়লৈ গ’ল আৰু অমৰ্ত্য সিঙে লণ্ডন স্কুল অফ ইকনমিক্সত অধ্যাপনা কৰে৷এনেবোৰ কাৰণতেই হয়তো আমাৰ শিক্ষানুষ্ঠানত শিক্ষক ছাত্ৰৰ অনুপাত শোচনীয় আৰু বিদ্যালয় পৰ্য্যায়ৰ ৪০% শিক্ষকেই প্ৰশিক্ষিত নহয়৷

চৰকাৰী শিক্ষাব্যৱস্থাৰ পঁয়ালগা আন্তগাঠনিৰ মূখ্য কাৰণ

৮/শিক্ষাৰ ৰাজনীতিকৰণ-ভাৰতবৰ্ষত চৰকাৰ সলনি হোৱাৰ লগেলগেই পাঠ্যক্ৰমৰো সলনি হয়৷প্ৰত্যেকতো দলেই পাঠ্যক্ৰমক নিজস্ব ৰাজনৈতিক মতাদৰ্শ আৰু ‘Propaganda’ প্ৰচাৰ কৰাৰ এক আহিলাৰূপে ব্যৱহাৰ কৰে৷আজি ভাৰতীয় শিক্ষাব্যৱস্থাৰ বহুপৰ্য্যায়লৈকে গেৰুৱাকৰণ হৈছে৷যেনে কল্পকথাৰ ব্ৰহ্মাস্ত্ৰ পাৰমানৱিক ক্ষেপনাস্ত্ৰ আছিল৷’Cosmic Surgery’ দ্বাৰা গণেশক এটা হাতীৰ মুৰ লগাই দিয়া হৈছিল ইত্যাদি৷বিশেষ শিক্ষাগত অৰ্হতা নথকা ব্যক্তিয়েও কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ আসনখন শুৱনি কৰাৰ উদাহৰণ ভাৰতত বিৰল নহয়৷চৰকাৰে ইতিমধ্যেই বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC) ক দ্বিখণ্ডিত কৰাৰ দিশত আগবাঢ়িছে আৰু দ্বিখণ্ডিত UGC ৰ Executive Body ৰ মুৰব্বী হ’ব ভাৰতৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী কিন্তু ভাৰতত জনপ্ৰতিনিধি হ’বলৈ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই৷

শিক্ষা ব্যৱস্থাৰ গেৰুৱাকৰণ


         আজিৰ খণ্ডত আমি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাস আৰু ৰুগ্ন শিক্ষাব্যৱস্থাৰ ৰোগৰ মূখ্য কাৰণ(causes)সমূহ আলোচনা কৰিলো৷পৰৱৰ্তী খণ্ডত আমি ৰোগৰ লক্ষণ(symptoms) আৰু চিকিৎসা(diagnosis) সম্পৰ্কে বিস্তৃত ৰূপত আলোচনা কৰিম৷আজিৰ খণ্ডটি ইমানতে সামৰিছো৷ধন্যবাদ৷
(বি:দ্ৰ-পাঠক সমাজৰ পূৰ্ণ সহাৰিৰ বাবে মাত্ৰ ২৫ টা দিনতে মোৰ ব্লগে ইতিমধ্যে 1K views অতিক্ৰম কৰিবলৈ সক্ষম হৈছে৷আপোনালোকৰ মৰম আৰু সহাৰিৰ বাবে ধন্যবাদ)

No caption this man is everything to us and he speaks the truth

একবিংশ শতিকাৰ ভাৰতবৰ্ষত জাতিভিত্তিক সংৰক্ষণব্যৱস্থাৰ প্ৰাসংগিকতা-An Unbiased Analysis based on Historical Facts Since Rig Vedic Era.

পৰিচয়ৰ ৰাজনীতি (identity politics) ভাৰতৰ ৰাজনৈতিক -সামাজিক প্ৰেক্ষাপতত এক বিষাক্ত ফল যাৰ একমাত্ৰ আধাৰেই হ’ল জাতিবাদ (Jati System)৷জাতিবাদ বৰ্ণবাদৰ এক বিকৃত ৰূপ মাত্ৰ৷ অৱশ্যে বাওঁহতীয়া তৰাং বুদ্ধিৰ বুদ্ধিজীৱীসকলৰ কথা সুকীয়া৷ স্বৰচিত ইতিহাসেৰে সাম্প্ৰতিক সময়ৰ জাতিবাদক বৈদিক যুগৰ বৰ্ণবাদ সজায় বিকৃত ইতিহাসৰ খিচিৰ পকায়,ভোজ ভাত খায়,বমি কৰাৰ দৰে দুস্কৰ্ম কৰাৰ ক্ষমতা আমাৰ মুলুকৰ নিলাজ বাওঁপন্থীৰ বিনে আৰু কাৰোৱেই৷ জাতিবাদ,আগ্ৰাসী আৰ্য্য,মহিষাসুক পূজন!সেয়ে সমাজৰ জ্যেষ্ঠ জনে ক’য়৷ “পাগলে নকয় কি ছাগলে নাখায় কি৷“


 ঋকবৈদিক বৰ্ণব্যৱস্থা-   বৰ্ণব্যৱস্থাৰ ইতিহাস অতি প্ৰাচীন প্ৰায় ঋগবৈদিক কালৰ.সৰলভাৱে ক’বলৈ গ’লে আজিৰ আধুনিক শ্ৰেণী ব্যৱস্থা(Modern Class System)বৈদিক সমাজৰ বৰ্ণব্যৱস্থাৰ এক সংশোধিত ৰূপ মাত্ৰ৷বৰ্ণ ব্যৱস্থাত শিক্ষা আৰু গৱেষণাত জড়িতসকলক ব্ৰাহ্মণ( The Scholars),সমৰকলা,ৰাজনীতি আৰু কুটনীতিত পাৰ্গত সকলক ক্ষত্ৰিয় (Power House with deep root in defense and diplomacy),কৃষিকৰ্ম আৰু বাণিজ্য কৰা লোকসকল(Farmer,Businessman or Entrepreneur)ক বৈশ্য আৰু জনতাৰ সেৱকসকলক শূদ্ৰ(Public Servent)ৰূপে স্বীকৃতি দিয়া হৈছিল৷বৰ্ণব্যৱস্থাত গুৰুকুলৰ বিদ্যাৰ্থী সকলৰ চৰিত্ৰগত গুণ আৰু যোগ্যতাৰ ওপৰত ভিত্তি কৰি তেওঁক ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু শূদ্ৰ এই চাৰিওটাৰ মাজৰ যিকোনো এটা বৰ্ণত অৰ্ন্তভুক্ত কৰা হৈছিল৷এই ব্যৱস্থা বংশানুক্ৰমিক নাছিল৷যোগ্যতাৰ বলত শূদ্ৰৰ পুত্ৰৰো ব্ৰাহ্মণৰ শাৰীলৈ উত্থান হৈছিল ঠিক একেদৰেই অযোগ্য ব্ৰাহ্মণৰ পুত্ৰও শূদ্ৰৰ শাৰীলৈ অৱনমিত হৈছিল৷বৰ্ণ ব্যৱস্থাত সকলো বৰ্ণৰ শিশুৱেই শিক্ষাৰ অধিকাৰ লাভ কৰিছিল আৰু এই ব্যৱস্থাত  অস্পৃশ্যতাৰ কোনো স্থান নাছিল(i.e. Varna is by virtue not by birth. It’s mobile in nature and inheritable. Every child has right to education and in Varna system there is no room for untouchability)

কিন্তু কালৰ কুটিল গতিত “Divide and Rule” নীতিত বিশ্বাসী একাংশ ইছলামিক বিদেশী শত্ৰুৱে যোগ্যতা ভিত্তিক বৰ্ণবাদৰ ইতিহাসক বিকৃত কৰি হিন্দু ঐক্যৰ বিনষ্ট সাধনৰ লক্ষ্যৰে সনাতনৰ উদাৰ বৰ্ণবাদক জন্মভিত্তিক জাতিবাদৰে স্থানাভিক্ত কৰিলে৷

Varna System


জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ ইতিহাস-         স্বাধীনোত্তৰ ভাৰতৰ জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাত  মূখ্যত চাৰিটা শ্ৰেণীৰ উল্লেখ আছে-সাধাৰণ শ্ৰেণী(General Caste),বিশেষভাবে পিছপৰা শ্ৰেণী(OBC/MOBC),অনুসূচিত জাতি(SC),অনুসূচিত জনজাতি(ST)৷আমি যদি পূৰ্বৰ জাতি ব্যৱস্থাৰ সৈতে আধুনিক ব্যৱস্থাতোৰ তুলনা কৰো তেনেহ’লে দেখা পাম যে সাধাৰণ শ্ৰেণীতো মূখ্যত ব্ৰাহ্মণ,ক্ষত্ৰিয় আৰু বৈশ্যসকলক লৈ গঠিত,বিশেষভাবে পিছপৰা শ্ৰেণীতো মূখ্যত শূদ্ৰসকলক লৈ গঠিত,অনুসূচিত জাতি দলিতসকলক লৈ গঠিত আৰু অনুসূচিত জনজাতি মূলত আৰ্য্যসকলতকৈ পৃথক মুখাবয়ৱ,শাৰীৰিক গঠন আৰু ক্ষুদ্ৰ চকুৰ অধিকাৰী মংগোলীয়,অষ্ট্ৰ এছীয় আৰু নিগ্ৰিটো প্ৰজাতিৰে গঠিত৷৪০ ৰ দশকৰ শেষাৰ্দ্ধত যেতিয়া বাবা চাহেব আম্বেদকাৰে সংবিধান প্ৰণয়ণ কৰিছিল সেইসময়ত SC,ST ৰ অন্তৰ্গত লোকসকলৰ আৰ্থসামাজিক অৱস্থা বৰ এক মজবুত নাছিল৷অস্পৃশ্যতাৰ বলি এইসকল দৰিদ্ৰ লোকৰ অধিকাংশই আনহে নালাগে শিক্ষাৰ অধিকাৰৰ পৰাও সদা বঞ্চিত আছিল আৰু ইয়াৰেই পৰিণতিত দলিত সম্প্ৰদায়ৰ প্ৰতিনিধি আম্বেদকাৰে সেয়ে ভাৰতবৰ্ষৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁ মাত্ৰ এটা দশকৰ বাবেহে সংৰক্ষণ ব্যৱস্থাৰ জন্ম দিছিল৷কিন্তু পৰৱৰ্তী সময়ত ভোট বেংকৰ স্বাৰ্থত সংৰক্ষণ ব্যৱস্থা অনন্তকাললৈকে চোৱাই থকা এক ৰাজনৈতিক চুইংগামত(Political Swingum) পৰিণত হ’য় আৰু ইয়াৰ সোৱাদ আজি তিতা হৈ পৰিছে৷আজিৰ OBC/MOBC শ্ৰেণী ৮০ দশকৰ মণ্ডল কমিছনৰে এক ফচল মাত্ৰ৷১৯৭৯ চনত গঠিত মণ্ডল কমিছনে শৈক্ষিক আৰু সামাজিক দুৰ্বলতা(on the basis of social and educational backwardness)ৰ ভিত্তিত OBC ৰ অৰ্ন্তগত উপজাতি সমূহক চিনাক্ত কৰি তেওঁলোকৰ বাবে ২৭% সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰে৷১৯৮০ চনত মণ্ডল কমিছনে চৰকাৰক তেওঁলোকৰ ৰিপোৰ্ট জমা দিয়ে আৰু বিভিন্ন ৰাজনৈতিক কাৰণবশত সুদীৰ্ঘ দহবছৰ কালৰ অন্তত চৰকাৰে মণ্ডল কমিটিৰ ৰিপোৰ্টৰ নিৰ্দশাৱলীক আইনৰ ৰূপ দিয়ে৷কিন্তু আশ্বৰ্য্যজনক ভাবে ১৯৩৯ চনৰ পিছত ভাৰতত জাতিভিত্তিক লোকপিয়ল(Caste Census) হোৱা নাছিল৷সেয়ে মণ্ডল কমিছনৰ আধাৰ আছিল ১৯৩৯ ৰ জাতিভিত্তিক লোকপিয়ল৷১৯৩৯ পৰা ১৯৭৯ লৈকে ৪০ বছৰত বহুউপজাতিৰ শৈক্ষিক আৰু সামাজিক দিশত উন্নতিৰ জখলা বগাইছিল৷সেয়ে মণ্ডল কমিছনৰ ৰিপোৰ্টৰ সত্য মানি লোৱা কঠিন আৰু ইতিমধ্যেই উন্নতিৰ জখলা বগোৱা বহু উপজাতিৰ বাবে মণ্ডল কমিছন হৈ পৰিছিল এক সোণৰ কণী পৰা হাঁহ মাত্ৰ

B.R Ambedkar
Mandal Commission


প্ৰভাৱশালী জাতিৰ উত্থান – প্ৰভাৱশালী জাতি(Dominant Caste)ৰ উত্থান ভাৰতীয় ইতিহাসৰ এক বিচিত্ৰ ঘটনাপ্ৰৱাহ৷প্ৰভাৱশালী জাতিৰ বৈশিষ্ট্য সমূহ হ’ল-
১/তেওঁলোক এক বিশেষ অঞ্চলত সংখ্যাগুৰু(They are the majority for a particular region)
২/তেওঁলোক সেই অঞ্চলৰ অধিকাংশ ভূসম্পত্তিৰ অধিকাৰী আৰু এয়া ভাৰত চৰকাৰৰ ভূমি সংশোধন নীতিৰ ফল৷(Due to the Land Reformation Policy by the Union of India now majority of the land from this reason in their hand)
৩/ সেউজ বিপ্লৱৰ প্ৰভাৱত তেওঁলোকৰ কৃষি অৰ্থনীতি সমসাময়িক সময়ৰ এক শ্ৰেষ্ঠতম অৰ্থনীতিৰ পৰিণত হৈছিল৷(Due to the productive impact of Green Revolution Economic Return from their land is high)
৪/ৰাজনৈতিক সংযোগসম্পন্ন আৰু ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী৷তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আৰু OBC আন্দোলনে এয়া সম্ভৱপৰ কৰি তুলিলে৷( They have access to political power and political contact and it’s a product of their numerical strength and OBC movement)
                      এনেবোৰ নেপথ্যৰ কাৰণৰ ফলশ্ৰুতিত আজি প্ৰভাৱশালী শ্ৰেণীসমূহ অৰ্থনৈতিক,ৰাজনৈতিক,সামাজিক আৰু শৈক্ষিক ভাবে শক্তিশালী৷সেয়ে মণ্ডল কমিছনৰ নিৰ্দেশনা অনুসৰি শৈক্ষিক আৰু সামাজিক দিশত আগবঢ়া এইসমূহ উপজাতি প্ৰকৃতাৰ্থত সংৰক্ষণৰ দাবীদাৰ নহয়৷উদাহৰণস্বৰূপে আমি বিহাৰ আৰু উত্তৰ প্ৰদেশৰ যাদৱ,হাৰিয়ানাৰ জাত,গুজৰাটৰ পেটেল,অন্ধৰ ৰেড্ডী,মহাৰাষ্ট্ৰৰ মাৰাঠা আৰু কেৰেল্লাৰ নায়াৰসকলৰ কথা ক’ব পাৰো৷অসমতো এনে অলেখ উদাহৰণ আছে৷কিন্তু বিতৰ্ক মোৰ প্ৰিয় বিষয় নহয় বাবে নামসমূহ উল্লেখ কৰাৰ পৰা বিৰত থাকিলো৷অলপ চিন্তা কৰিলে আপুনি নিজেই অনুধাৱন কৰিবলৈ সক্ষম হ’ব৷


পাৰ্শ্বপ্ৰতিক্ৰিয়া-   জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত এক প্ৰতিবন্ধক স্বৰূপ৷এই ব্যৱস্থাই প্ৰতিদিনেই একোজন একবিংশ শতিকাৰ কৰ্ণ বা একলব্যৰ সৃষ্টি কৰিছে৷মেধাশক্তিৰ ওপৰত যুৱপ্ৰজন্মই আস্থা হেৰুৱাই পেলাইছে আৰু এই জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা আজি ভাৰতত Brain drainage ৰ আন এটা মূখ্য কাৰণ


সমাধানসূত্ৰ- কিন্তু মূখ্যত উত্তৰ আৰু পশ্চিম ভাৰতত আজিও জাতপাতক লৈ জনসমাজত যঠেষ্ট গোড়ামি আছে৷সেই ৰাজ্যসমূহত আজিও দলিতক নিৰ্মম মানসিক নিৰ্য্যাতন কৰা হ’য়৷সেয়ে সংৰক্ষণ ব্যৱস্থাক একেষাৰে নস্যাৎও কৰিব নোৱাৰি সেয়ে মোৰ বোধেৰে-
১/সামাজিক অস্পৃশ্যতাৰ বিৰূদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি ইয়াৰ সফল ৰূপায়ণ কৰিব লাগে৷
২/অসংবৰ্ণ বিবাহৰ(Inter Caste Marriage) বিৰোধিতা কৰা পৰিয়ালৰলোক আৰু খাপ পঞ্চায়তৰ বিষয়ববীয়াক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু চৰকাৰী প্ৰচেষ্টাত অসংবৰ্ণ বিবাহক উৎসাহ প্ৰদান কৰিব লাগে৷
৩/ভাৰতত পুনৰ জাতিভিত্তিক লোকপিয়ল(caste census) অনুষ্ঠিত কৰি প্ৰকৃতাৰ্থত সামাজিক আৰু শৈক্ষিক ভাবে পিছপৰা উপজাতি সমূহক ১০ বছৰৰ বাবে সংৰক্ষণৰ সুবিধা প্ৰদান কৰি ইয়াৰ অন্তত পুনৰ মূল্যাংকন(Revaluation) কৰিব লাগে আৰু অন্তত দুবছৰৰ মুৰে-মুৰে সমগ্ৰ ব্যৱস্থাটোৰ দোষ-ক্ৰটী সমূহৰ বিচাৰ(Monitoring) কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে
৪/অৰ্থনৈতিক ভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সংৰক্ষণ আৰু শৈক্ষিকক্ষেত্ৰত জলপানি(Scholarship) ৰ ব্যৱস্থা কৰিব লাগে৷অৱশ্যে আয়ৰ প্ৰমাণপত্ৰ(Income Certificate) প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু কঠোৰ নিয়মাৱলীৰ প্ৰয়োজন৷অন্যথা ব্যৱস্থাতো আজিৰ Creamy-Non Creamy Layer ৰ দৰে মাথো এক প্ৰসহনত পৰিণত হ’ব৷
৫/এজন ব্যক্তিক জীৱন কালত মাত্ৰ এবাৰেই সংৰক্ষণৰ সুযোগ দিব লাগে৷যদি মহাবিদ্যালয়ৰ পৰা পদোন্নতিলৈ প্ৰতিতো দিশতেই তেওঁ সুবিধা লাভ কৰে তেন্তে সেয়া তেওঁৰ ব্যক্তিত্ব গঠন আৰু সমাজ উভয়ৰে বাবে ক্ষতিকাৰক হৈ পৰে৷
৬/মুঠ জনসংখ্যা,মুঠ আসন আৰু নিস্পেষিত লোকৰ বৈজ্ঞানিক অনুপাতৰ ভিত্তিততহে সংৰক্ষণৰ ব্যৱস্থাৰ শতকৰা হাৰ(percentage) নিৰ্ণয় কৰিব লাগে


আমাৰ সপোন– বাস্তৱ ধৰ্ম আৰু সংবিধান উভয়েই সামাজিক ন্যায়(social justice)ৰ কথা কয় আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ নাগৰিকস্বৰূপে ময়ো সামাজিক ন্যায়ত বিশ্বাস ৰাখো৷সেয়ে এই তিক্ততাপূৰ্ণ ৰাজনৈতিক চুইংগাম-জাতিভিত্তিক সংৰক্ষণৰ অন্ত পেলাই এক নতুন সংৰক্ষণ ব্যৱস্থাৰ প্ৰচলন কৰাতো মই সময়ৰ দাবী বুলি অনুভৱ কৰো কাৰণ মই মোৰ দেশ আৰু দেশবাসীক ভাল পাওঁ৷মই এখন নতুন আৰু সৰ্বাংগসুন্দৰ ভাৰতৰ সপোন দেখো আৰু মই বিশ্বাসী আপুনিও এই আলোকৰ যাত্ৰাৰ এজন সহযাত্ৰী কাৰণ আমি নৱপ্ৰজন্ম আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা৷
           
       
       

লকডাউনৰ অন্তত আকাংশলংঘী হ’ব নেকি পেট্ৰলিয়ামৰ মূল্য- A Future Forecasting based on Real Data and Few Assumptions.

আজি ২১ এপ্ৰিল ২০২০৷আজিৰে পৰা Green Zone ৰ অৰ্ন্তগত দেশৰ অন্যান্য বহু চহৰৰ লগতে আমাৰ গৃহ চহৰ যোৰহাটতো শিথিল কৰি দিয়া হৈছে লকডাউনৰ কিছু কঠোৰ নিয়ম৷এনেদৰেই যদি ক্ৰমাৎ পৰিস্থিতি উন্নত হয় হয়তো আচিৰেই অন্ত পৰিব বিৰক্তিকৰ অথচ অতি প্ৰয়োজনীয় লক ডাউনৰ৷লক ডাউনৰ অন্তত দেশৰ অৰ্থনীতিত যঠেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব৷মুদ্ৰাস্ফীতি(inflation)য়ে হয়তো আকাশ চুব৷বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য৷খাৰুৱা তেলৰ অৰ্থনীতি(Crude Oil Economy) প্ৰতিখন আধুনিক দেশৰ অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ আৰু পেট্ৰল কংক্ৰিটৰ চহৰৰ প্ৰতিজন নিবাসীৰে জীৱনৰ চালিকাশক্তি স্বৰূপ৷সেয়ে পেট্ৰলৰ মূল্যই একবিংশ শতিকাৰ ভাৰতীয় ৰাজনীতিৰ গতিপথো নিৰ্দ্ধাৰণ কৰে৷লকডাউনৰ অন্তত আকাংলঘী হ’ব নেকি পেট্ৰলৰ মূল্য৷এই চিন্তাই হয়তো বহুজনৰে চকুৰ টোপনি হৰিছে৷আজিৰ এই খণ্ডত আমি ভাৰতবৰ্ষৰ খাৰুৱা তেলৰ অৰ্থনীতি সম্পৰ্কে কিছু আলোচনা কৰিম আৰু সেই আলোচনাৰ ভিত্তিতেই আজিৰ খণ্ডৰ অন্তিম অংশত আগন্তুক দিনত পেট্ৰলৰ বজাৰ মূল্য সম্পৰ্কত মই মোৰ ভবিষ্যৎবাণী কৰিম৷


            ভাৰতবৰ্ষত পেট্ৰলিয়ামৰ প্ৰাকৃতিক উৎস আছে৷বোম্বে হাই দেশৰ সৰ্ববৃহৎ তৈল ক্ষেত্ৰ আৰু ইয়াৰ পৰা উৎপাদিত খাৰুৱা তেলে ঘৰুৱা বজাৰৰ ১৪% চাহিদা(demand)পূৰণ কৰে৷বম্বে হাই আৱিস্কাৰৰ পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষ মূখ্যত অসমৰ তৈলক্ষেত্ৰসমূহৰ ওপৰত নিৰ্ভৰশীল আছিল৷খাৰুৱাতেলৰ প্ৰাকৃতিক উৎস থকা স্বতেও বিশাল জনসংখ্যা আৰু ক্ৰমবৰ্দ্ধমান চাহিদাৰ বাবে ভাৰতবৰ্ষই স্বাধীনোত্তৰ কালৰ পৰাই বিদেশৰ পৰা খাৰুৱা তেলৰ আমদানি কৰি আহিছে(India has been importing crude oil from foreign countries since Independence) ৷আজিৰ তাৰিখত ভাৰতে চাৰিখন OPEC(The Organization of the Petroleum Exporting Countries) ৰাষ্ট্ৰৰ পৰা মূখ্যত খাৰুৱা তেলৰ আমদানি কৰে৷সেই দেশ কেইখন হ’ল ক্ৰমে-
১/ইৰাক( আমদানি মূল্য ২৩ বিলিয়ন মাৰ্কিন ডলাৰ)
২/চৌদি আৰব(২১.২ বিলিয়ন মাৰ্কিন ডলাৰ)
৩/ইৰাণ(১৩ বিলিয়ন মাৰ্কিন ডলাৰ)
৪/নাইজেৰিয়া(৯.৬ বিলিয়ন মাৰ্কিন ডলাৰ)
আৰ্ন্তজাতিক বজাৰত খাৰুৱা তেলৰ দুটা মূখ্য শ্ৰেণী হ’ল- Brent Crude Oil আৰু WTI Crude Oil৷ Brent Crude Oil মূখ্যত OPEC ৰাষ্ট্ৰ সমূহে উৎপাদন কৰে আৰু WTI উত্তৰ আমেৰিকাৰ দেশসমূহে৷আন্তৰাষ্ট্ৰীয় বজাৰত Brent Crude Oil ৰ মূল্য WTI ৰ তূলনাত প্ৰতি বেৰেলত প্ৰায় ২৩ ডলাৰ অধিক৷কিন্তু তৎস্বত্বেও ভাৰতীয় তেল কোম্পানীবোৰে অধিক মূল্যৰ Brent Crude Oil হে আমদানি কৰে৷ইয়াৰ মূখ্য কাৰণ হ’ল WTI Crude Oil ৰ তুলনাত Brent Crude Oil ৰ পৰিবহণ ব্যয়(transportation cost) যঠেষ্ট কম৷সেইবাবেই অৱশেষত দুয়োবিধ খাৰুৱা তেলৰে সামগ্ৰিক মূল্য(Net Cost) প্ৰায় সমানেই হৈ পৰে৷দ্বিতীয়ত Brent Crude Oil ৰ ৰাসায়নিক গুণাগুণ WTI ৰ তুলনাত যঠেষ্ট উন্নত আৰু পৰিশোধ ক্ষমতা(Filtration Efficiency) অধিক৷সেয়ে সমান পৰিমাণৰ Brent Crude Oil ৰ পৰিশোধনৰ অন্তত অধিক পেট্ৰলিয়াম উৎপন্ন হ’য়


             ২০১৯ বৰ্ষত Brent Crude Oil ৰ আন্তৰ্জাতিক বজাৰ মূল্য আছিল গড় হিচাপত ৬৪.২৮ মাৰ্কিন ডলাৰ প্ৰতি বেৰেল৷এক বেৰেল ১৫৮.৯৮৭ লিটাৰৰ সমকক্ষ আৰু সেইসময়ত ডলাৰৰ গড়মূল্য আছিল প্ৰায় ৭১.৭১ টকা৷সেয় আমি যদি ২০১৯ বৰ্ষৰ আন্তজাতিক বজাৰৰ খাৰুৱা তেলৰ গড় মূল্য সাধাৰণ পৰিভাষাত নিৰ্ণয় কৰিবলৈ যাওঁ সেয়া আছিল প্ৰায় ২৯ টকা/লিটাৰ৷আনহাতে ২০১৯ বৰ্ষত দিল্লীৰ পেট্ৰল পাম্প সমূহত পেট্ৰলৰ গড় মূল্য আছিল প্ৰায় ৭৫ টকা/লিটা আৰু ইয়াৰে ৰাজহৰ পৰিমাণ আছিল প্ৰায় পেট্ৰলৰ খুচুৰা মূল্যৰ ৫০% অৰ্থাৎ প্ৰায় ৩৭ টকা৷তথ্যই কয় যে পেট্ৰলৰ আন্তৰ্জাতিক মূল্য ২৯ টকা/লিটাৰ,ৰাজহ মূল্য ৩৭ টকা/লিটাৰ আৰু খুচুৰা মূল্য ৭৫ টকা/লিটাৰ৷সেয় পেট্ৰলৰ শোধন আৰু পৰিবহণ ব্যয়(প্ৰতি লিটাৰ) হ’ব
শোধন আৰু পৰিবহণ ব্যয়=খুচুৰা মূল্য-(আন্তৰ্জাতিক বজাৰমূল্য+ৰাজহ মূল্য)=৭৫-(২৯+৩৭)=৯ টকা/লিটাৰ৷শোধন আৰু পৰিবহণ ব্যয়(৯ টকা/লিটাৰ)ই এককথাত ধ্ৰুৱক(Constant)৷


                  বিশ্বজুৰি হোৱা ক’ৰণা আতংক আৰু লকডাউনে খাৰুৱা তেলৰ সমগ্ৰ আন্তৰ্জাতিক বজাৰখনকে জোকাৰি গ’ল সেয়ে আজিৰ তাৰিখত Brent Crude Oil ৰ বজাৰ মূল্য মাত্ৰ ২৫.৭৮ মাৰ্কিন ডলাৰ/বেৰেল আৰু আজি ডলাৰৰ মূল্যমান ৭৬.৬২ টকা৷সেয়ে সাধাৰণ ভাষাত Brent Crude Oil ৰ বজাৰ মূল্য প্ৰায় ১২ টকা প্ৰতি লিটা৷চৰকাৰে ইতিমধ্যেই(২০ মাৰ্চ ২০২০) পেট্ৰলৰ ৰাজহ পূৰ্বৰ তুলনাত ২ ৰ পৰা ৮ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে হয়তো আৰু বৃদ্ধি পাবও পাৰে কাৰণ ভগ্নপ্ৰায় অৰ্থনীতিৰ উদ্ধাৰৰ বাবে পেট্ৰল বা সুৰাৰ ৰাজহ বৃদ্ধি কৰাতো চৰকাৰৰ পুৰণি পৰম্পৰা৷সেয়ে মই পূৰ্বৰ তুলনাত পেট্ৰলৰ ৰাজহ মূল্য প্ৰায় ১০ টকা বৃদ্ধি পায় ৪৭ টকা/লিটাৰ  হ’ব বুলি অনুমান কৰিছো৷আনহাতে প্ৰতি লিটাৰ পেট্ৰলৰ শোধন আৰু পৰিবহণ ব্যয় টকা/লিটাৰ৷ই একপ্ৰকাৰৰ ধ্ৰুৱক ৰাশি৷সেয়ে কমসময়তে ইয়াৰ উল্লেখযোগ্য সালসলনি নহয়৷সেয়ে তথ্য আৰু অনুমানৰ ভিত্তিত মোৰ বোধেৰে লক ডাউনৰ অন্তত পেট্ৰলৰ খুচুৰা মূল্য হ’ব
খুচুৰা মূল্য= আন্তৰ্জাতিক বজাৰ মূল্য+শোধন আৰু পৰিবহণ ব্যয়+ৰাজহ মূল্য=১২+১০+৪৭=৬৯ টকা/লিটাৰ৷
আৰু এই সমগ্ৰ গণণা পক্ৰিয়া যদি আমি ১০% বিচ্যুতি(error) আছে বুলি ধৰি লওঁ তেনেহ’লে আগন্তুক দিনত পেট্ৰলৰ খুচুৰা মূল্য হ’ব প্ৰায় ৬২-৭৬ টকা৷
সেয়ে তথ্য আৰু অনুমানভিত্তিক ভবিষ্যতবাণীয়ে কয়-
১/আগন্তুক দিনত পেট্ৰলৰ মূল্য হ’ব ৬২-৭৬ টকা/লিটাৰ৷গড় হিছাপত প্ৰায় ৬৯ টকা/লিটাৰ(In the upcoming days the price of Petrol will lie within the range of 62-76 INR/litre with an average value of 69 INR/litre)৷
২/পেট্ৰলৰ ৰাজহ বৃদ্ধি পাব কিন্তু সামগ্ৰিক মূল্য হ্ৰাস পাব অথবা একেই থাকিব৷পেট্ৰলৰ মূল্যবৃদ্ধিৰ সম্ভাৱনা একেবাৰেই সীমিত(The excise and custom duty for petrol is going to be increased but it’s net price will remain the same or may slightly decrease. The probability of price hike for petrol is very less.)৷

Crude Oil Economy.


               মোৰ বোধেৰে লকডাউনৰ অন্তত তাৎক্ষণিকভাবে আন কিছুমান সামগ্ৰীৰ মূল্য বৃদ্ধি হ’লেও পেট্ৰলৰ মূল্য বৃদ্ধিৰ বিশেষ সম্ভাৱনা নাই৷সেয়ে আগন্তুক দিনত পেট্ৰলৰ আকাশলংঘী মূল্যৰ বিষয়ে আপুনি চিন্তা কৰি চুলি পকোৱাৰো কোনো সকাম নাই৷কিন্তু পেট্ৰলৰ আন্তৰ্জাতিক মূল্য সুষ্ঠিৰ নহয়৷সেয়ে মোৰ ভবিষ্যৎবাণী সত্য ন’হলেওঁ আপুনি কিন্তু মোক দূষিব নোৱাৰিব৷আজিৰ খণ্ডতি ইমানতেই সামৰিছো৷শুভৰাত্ৰি৷
                   

মহাভাৰতীয় বিশ্লেষণ- A story based on Causes of Kurukshetra and The Hero from Mahabharata.

কুৰুক্ষেত্ৰৰ ৰণ- মানৱ সভ্যতাৰ এক প্ৰলয়ংকাৰী আৰু ৰক্তক্ষয়ী ৰণ৷কিন্তু কিয় সূচনা হ’ল এই প্ৰলয়ংকাৰী আৰু ৰক্তক্ষয়ী ৰণৰ?এটা সভ্যতাৰ গৌৰৱক ধূলিস্যাৎ কৰি তোলা এই ৰণৰ বাবে কোন দায়ী আছিল-দূৰ্য্যোধন,শকুনি নে শ্ৰী কৃষ্ণ?কোন এই মহাগাথাৰ নায়ক আছিল আৰু কোন আছিল খলনায়ক?মহাভাৰত অধ্যয়ন কৰাৰ অন্তত আমি প্ৰায়েই এনে বহু উত্তৰবিহীন প্ৰশ্নৰ সন্মুখীন হওঁ৷আজিৰ এই খণ্ডত আমি এনেবোৰ প্ৰশ্নৰেই উত্তৰ বিচাৰাৰ প্ৰয়াস কৰিম৷
বিনাযুদ্ধে পঞ্চপাণ্ডৱক পাঁচখন গাঁৱতো বাদেই বেজীৰ আগৰ মাটিকণো নিদিওঁ বুলি দূৰ্যোধনে তেওঁৰ অহংকাৰৰ প্ৰতিধ্বনি কৰাৰ অন্ততেই কুৰুক্ষেত্ৰ ৰণৰ সূচনা হৈছিল৷অৱশ্যে এয়া আছিল যুদ্ধৰ তাৎক্ষণিক কাৰণ মাত্ৰ৷কিন্তু ইয়াৰ বহু শ বছৰ পূৰ্বেই অতীতৰ গৰ্ভত এনে কিছুমান পৰিস্থিতিৰ সূচনা হৈছিল যাৰ পৰিণতিত সভ্যতাৰ এই চূড়ান্ত ৰণখন আৱশ্যৱম্ভী হৈ পৰিছিল৷


প্ৰতিজ্ঞাৰ নাগপাশত বন্দী এজন দাসৰ গাথাঁ- মাতৃ মৎস্যগন্ধাৰ সন্মুখত যিদিনাই যুৱৰাজ দেৱব্ৰতে আজীৱন চিৰকুমাৰ হৈ থাকি হস্তিনাপুৰৰ সিংহাসনৰ প্ৰতি দায়বদ্ধ হৈ থকাৰ পণ লৈছিল সেইদিনাই এই প্ৰলয়ংকৰী যুদ্ধৰ বাবে দায়ী প্ৰথমতো পৰিস্থিতিৰ উৎপত্তি হৈছিল৷প্ৰতিজ্ঞা অনুসৰি পিতামহ ভীষ্ম সিংহাসনৰ প্ৰতিহে দায়বদ্ধ আছিল,ধৰ্ম আৰু প্ৰজাৰ প্ৰতি নহয়৷সেয়ে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে ইতিহাসক লজ্জিত কৰা কাণ্ডতো ধৰ্মৰ মহাজ্ঞানী পিতামহ মূক হৈ আছিল৷তেওঁৰ ভীষ্ম প্ৰতিজ্ঞাই তেওঁক ধৰ্মৰ শত্ৰুত পৰিণত কৰিছিল আৰু প্ৰতিক্ষণে তেওঁক দূৰ্বল কৰি তুলিছিল৷সেয়ে বাসুদেৱে তেওঁক বধ কৰাৰ উদ্দেশ্য হাতত সূদৰ্শন তুলি লওঁতে পিতামহে প্ৰাণ বিসৰ্জন দিবলৈ মূহূৰ্ততে প্ৰস্তুত হৈছিল আৰু পৰৱৰ্তী সময়ত পিতামহে তেওঁৰ মৃত্যুৰ কাৰক আৰু কাৰণ পাণ্ডৱৰ আগত নিজ মুখেৰেই ব্যক্ত কৰিছিল৷পিতামহ আছিল প্ৰতিশ্ৰুতিৰ নাগপাশত আৱদ্ধ এজন অসহায় দাস৷

সম্ৰাট ধৃতৰাষ্ট্ৰ,মহাৰাণী গান্ধাৰী আৰু শকুনি-সম্ৰাট ধৃতৰাষ্ট্ৰৰ ধৰ্মপত্নী আছিল মহাৰাণী গান্ধাৰী৷ধৃতৰাষ্ট্ৰ আছিল জন্মান্ধ৷জন্মান্ধ ধৃতৰাষ্ট্ৰলৈ ভগ্নী গান্ধাৰীক বিয়া দিবলৈ শকুনিৰ মুঠেই মন নাছিল৷ইয়াৰ বাবে যুদ্ধও হৈছিল৷যুদ্ধত পৰাজিত গান্ধাৰ ৰাজ আৰু তেওঁৰ শত সন্তানক কাৰাগাৰলৈ নিক্ষেপ কৰি ধৃতৰাষ্ট্ৰই গান্ধাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ সেনাক আদেশ দিয়ে যে গান্ধাৰ ৰাজবংশৰ প্ৰতিজন বন্দীকেই যাতে প্ৰতিদিনে এটা মাত্ৰ অন্নৰ দানা দান কৰা হয়৷কিন্তু গান্ধাৰ ৰাজ আৰু তেওঁৰ পুত্ৰসকলে নিজৰ সেই একমাত্ৰ অন্নৰ দানাতো শকুনিক অৰ্পণ কৰি তেওঁলোকৰ মৃত্যুৰ বিনিময়ত হস্তিনাপুৰৰ ওপৰত চৰম প্ৰতিশোধ ল’বলৈ অংগীকাৰবদ্ধ হ’য়৷শকুনি আছিল শাৰীৰিক ভাবে অক্ষম সেয়ে গান্ধাৰৰাজ আৰু অন্যান্য পুত্ৰসকলৰ মৃত্যুৰ পিছত গান্ধাৰীৰ অনুৰোধত ধৃতৰাষ্ট্ৰই শকুনিক কাৰাগাৰৰ পৰা মোকলাই ৰাজপ্ৰসাদত আশ্ৰয় দিয়ে৷শাৰীৰিক ভাবে অক্ষম শকুনিয়ে যে ঐশ্বৰ্য্যশীল হস্তিনাপুৰৰ বাবে এদিন কাল হ’ব সেয়া ধৃতৰাষ্ট্ৰৰ সপোনৰো আগোচৰ আছিল৷কিন্তু শকুনিৰ অন্তৰত পুঞ্জীভূত সেই বিষাক্ত বীজে এদিন ৰঘুমলা হৈ সমগ্ৰ হস্তিনাপুৰকে ছানি ধৰিলে আৰু নিশ্চিত ৰূপে তাত সাৰ-পানী যোগাইছিল ধৃতৰাষ্ট্ৰৰ অন্ধ পুত্ৰ প্ৰেমে৷জন্মান্ধ ধৃতৰাষ্ট্ৰৰ পত্নীৰূপে গান্ধাৰীয়েও এখন ক’লা কাপোৰেৰে নিজৰ নয়নক আবৃত কৰি ৰাখিছিল৷কিন্তু মোৰ বোধেৰে এয়া গান্ধাৰীৰ প্ৰতিব্ৰতা গুণৰ নহয় বৰঞ্চ স্বাভিমানৰ হে নিদৰ্শন আছিল৷

পঞ্চপাণ্ডৱৰ অনাধিকাৰ প্ৰৱেশ আৰু সূৰ্য্যোধন-দূৰ্য্যোধনৰ প্ৰকৃত নাম আছিল সূৰ্যোধন,দুশাসনৰ সুশাসন আৰু একেদৰেই আন কৌৰৱসকলৰ৷কিন্তু ইতিহাস সদায়েই বিজয়ীৰ পক্ষতহে লিখা হ’য়৷সেয়ে বিকৃত ইতিহাসে সূৰ্যোধনক দূৰ্যোধনলৈ পৰ্য্যাবসিত কৰিলে আৰু সেইদৰেই আন সকল কৌৰৱকো৷উল্লেখনীয় ভাবে পঞ্চপাণ্ডৱ প্ৰকৃততে কৌন্তেয় হে আছিল পাণ্ডুপুত্ৰ নাছিল৷কোনোবাজন যদি ধৰ্মৰাজৰ পুত্ৰ আছিল আন কোনোবাজন আছিল ইন্দ্ৰপুত্ৰ৷সেয়ে সমসাময়িক পিতৃতান্ত্ৰিক সমাজব্যৱস্থাত যুধিষ্ঠিৰৰ হস্তিনাপুৰৰ সিংহাসনৰ ওপৰত কোনো অধিকাৰ নাছিল৷কিন্তু কালক্ৰমত সূৰ্যোধনৰ পৰিৱৰ্তে যুধিষ্ঠিৰ হৈ পৰিল হস্তিনাপুৰৰ যুৱৰাজ৷শৈশৱতেই সূৰ্যোধনে পঞ্চপাণ্ডৱৰ সৈতে নিজৰ খেলৰ সামগ্ৰী সমূহ ভাগ-বতৰা কৰিবলৈ বাধ্য হৈছিল৷সূৰ্য্যোধন আৰু ভাতৃসকল ধেমালীৰ নামত বাৰে-বাৰে ভীমৰ হাতত লাঞ্ছিত হৈছিল আৰু সৰ্বশেষত সূৰ্যোধনে তেওঁৰ অধিকাৰ ৰাজপাটো ধৰ্মপুত্ৰৰ হাতত সমৰ্পন কৰিবলৈ বাধ্য হ’ল৷ফলশ্ৰুতিত তেওঁৰ মনত শৈশৱতেই সৃষ্টি হোৱা বিদ্ৰোহৰ স্ফুলিঙ্গ বহ্নিমান অগ্নিত পৰিণত হৈ দাহ কৰিলে সমস্ত জটুগৃহ৷কিন্তু সেইবাৰলৈও বিদুৰৰ মন্ত্ৰণাত পঞ্চপাণ্ডৱ সাৰি গ’ল৷হয়তো কুন্তীৰ সৈতে বিদুৰৰ নিবিড় আৰু গোপন সম্পৰ্ক আছিল৷

সৰ্বকালৰ নীচ আৰু ক্ৰুৰতম শিক্ষক- দ্ৰোণচাৰ্য্য জন্মগতভাবে ব্ৰাহ্মণ আছিল কিন্তু চৰিত্ৰগতভাৱে তেওঁ অত্যন্ত নীচ আছিল৷(মহাভাৰতীয় যুগত ইতিমধ্যেই Varna ৰ পৰিবৰ্তে Caste System ৰ প্ৰৱেশ ঘটিছিল)লোভ,মোহ,মায়া,ক্ৰোধ আৰু প্ৰতিশোধৰ দাৱনালে তেওঁক চিৰকাল আবৃত কৰি ৰাখিছিল৷শৈশৱতেই পাঞ্চাল ৰাজ দ্ৰৌপদে তেওঁক অৰ্দ্ধৰাজ্য দিবলৈ অংগীকাৰবদ্ধ হৈছিল৷কিন্তু পৰৱৰ্তী কালত সম্ৰাট দ্ৰৌপদে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ পৰিবৰ্তে চৰম অপমান কৰি দ্ৰোণক পাঞ্চাল ৰাজ্যৰ ৰাজসভাৰ পৰা বাহিৰ কৰি দিছিল৷পুত্ৰমোহত অন্ধ দ্ৰোণই অশ্বত্থামাক পাঞ্চালৰ সিংহাসনত বহুৱাৰ সপোন দেখিছিল৷কিন্তু তেওঁৰ শৈশৱৰ বন্ধু দ্ৰৌপদেই দ্ৰোণক তেওঁৰ স্বপ্নক দিঠকত পৰিণত কৰাত তেওঁক চৰম প্ৰতাৰণা কৰিলে৷স্বাভাৱিকতেই প্ৰতিশোধৰ অগ্নিয়ে দ্ৰোণক অন্ধ কৰি তুলিলে আৰু তেওঁ যেতিয়া পুনৰ দৃষ্টিশক্তি ঘুৰাই পালে তেতিয়ালৈকে মৃত্যুৰ বাহিৰে তেওঁৰ হাতত আন কোনো বিকল্প নাছিল৷তেওঁ গুৰু পৰশুৰামক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত ব্ৰাহ্মণৰ পৰিবৰ্তে ৰাজপুত্ৰসকলক শিক্ষাদান কৰা আৰম্ভ কৰিলে আৰু তেওঁ শীঘ্ৰেই বুজি উঠিলে যে অৰ্জুনেই তেওঁৰ প্ৰতিশোধ পূৰণৰ একমাত্ৰ বিকল্প৷সেয়ে অৰ্জুনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ ৰূপে গঢ়ি তোলাত তেওঁ অকণো ক্ৰতি নাৰাখিলে আৰু দ্ৰোণৰ এই যত্নৰ ফলশ্ৰুতিতেই গুৰুদক্ষিণাৰ নামত নিজস্ব বুঢ়া আঙুলি দান কৰিবলৈ বাধ্য হ’ল দূৰ্ভগীয়া একলব্য৷নিজ শিষ্যসকলৰ পৰাও গুৰু দক্ষিণাৰ নামত দ্ৰোণই তেওঁৰ প্ৰতিশোধৰ জুইকৰা নিৰ্বাপিত কৰা চেষ্টা চলালে আৰু তেওঁ সফলো হ’ল৷পৰাজিত দ্ৰৌপদক অদ্ধৰাজ্য দান দি দ্ৰোণই অশ্বত্থমাৰ ৰাজঅভিষেক কৰিলে৷কিন্তু ইয়াৰ মাজতে উমি জ্বলি থাকিল অন্য একুৰা প্ৰতিশোধৰ জুই- মহাৰাজ দ্ৰৌপদৰ অন্তৰত যাৰ পৰিণতিতেই যজ্ঞকুণ্ডৰ পবিত্ৰ অগ্নিৰ পৰা সৃষ্টি হ’ল পাঞ্চালীৰ৷বিদ্যা অমূল্য ধন৷কিন্তু দ্ৰোণই তেওঁৰ বহুমূলীয়া বিদ্যাৰ মূল্য নিৰ্দ্ধাৰণ কৰিলে যি প্ৰতিশোধ আৰু ক্ৰৰতাৰ বাহিৰে আন একো নাছিল৷গুৰুৱে দক্ষিণা লয় কিন্তু দক্ষিণাৰ মূল্য স্বয়ং নিৰ্দ্ধাৰণ নকৰে৷সেয়ে হয়তো ইতিহাসৰ পাতত দ্ৰোণচাৰ্য্য সৰ্বকালৰ নীচ আৰু ক্ৰুৰতম শিক্ষক ৰূপে পৰিগণিত হৈ ৰ’ব৷

ইন্দ্ৰপ্ৰস্থৰ সভা,ইতিহাসৰ নিকৃষ্টতম জুৱাৰী আৰু এজন পথভ্ৰষ্ট নায়ক-জটুগৃহ দাহৰ অন্তত বহুবছৰ পঞ্চপাণ্ডৱে বনত আত্মগোপন কৰি থাকে আৰু কালক্ৰমত দ্ৰৌপদীৰ সৈতে বিবাহপাশত আবদ্ধ হ’য়৷খাণ্ডৱবন দাহৰ অন্তত ইন্দ্ৰপ্ৰস্থত ৰাজধানী পাতি কৃষ্ণৰ পৰামৰ্শমৰ্মেই ৰাজয়ূস যজ্ঞ সফলতাৰে সম্পন্ন কৰি যুধিষ্ঠিৰ আৰ্য্যব্ৰতৰ চক্ৰৱৰ্তী সম্ৰাটত পৰিণত হ’য়৷কিন্তু ৰাজয়ূস যজ্ঞৰ মাজতেই এনে কিছু অবাঞ্ছনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ পৰিণতিতেই পৰৱৰ্তী সময়ত মহাভাৰতীয় সভ্যতাৰ নিকৃষ্টতম কাণ্ডতো সংঘটিত হ’য়৷ইন্দ্ৰপ্ৰস্থ সেইকালৰ মায়ানগৰী আছিল আৰু এক নিৰ্মল পানীৰ সৰোবৰক স্ফটিক বুলি ভাবি দূৰ্ঘটনাক্ৰমে সূৰ্য্যোধন সেই সৰোবৰত ডুবি যোৱাৰ উপক্ৰম হৈছিল৷সেই পৰিস্থিতিৰ সাক্ষী দ্ৰৌপদীয়ে তেতিয়া বিদ্ৰূপৰ হাঁহি মাৰি কৈছিল অন্ধৰ পুত্ৰও অন্ধই৷সেয়া প্ৰকৃততেই বিদ্ৰুপ আৰু অনাকাংক্ষিত আচৰণ আছিল৷দ্ৰৌপদীৰ কোনো শৈশৱ নাছিল৷উপজিয়েই তেওঁ যৌৱনপ্ৰাপ্ত হৈছিল৷সেয়ে আনে শৈশৱতেই পোৱা সংস্কাৰৰ শিক্ষা সমূহৰ পৰা তেওঁ বঞ্চিত আছিল৷ইন্দ্ৰপ্ৰস্থৰ সভাত শিশুপালে বাৰে-বাৰে দ্বাৰকাধীশ কৃষ্ণক অপমান কৰিছিল আৰু যেতিয়া শিশুপালৰ পাপে শতকৰ ঘৰ অতিক্ৰম কৰিলে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি কৃষ্ণই সুদৰ্শন চক্ৰৰে শিশুপালক বধ কৰিলে৷কিন্তু পূৰ্বেই সূৰ্য্যোধন আৰু শিশুপালৰ মাজত এক দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তি সম্পাদিত হৈছিল৷সেয়ে কৃষ্ণৰ দৰেই নিজৰ প্ৰতিশ্ৰুতি পালন কৰাৰ স্বাৰ্থত সূৰ্য্যোধনে বাসুদেৱৰ বিৰূদ্ধে হাতত অস্ত্ৰ তুলি ল’লে আৰু তেওঁক অনুকৰণ কৰি একেদৰেই হাতত অস্ত্ৰ তুলি ল’লে ভাতৃ সুশাসন আৰু মিত্ৰ কৰ্ণই৷কিন্তু সমসাময়িক কালত চক্ৰৱৰ্তী সম্ৰাটৰ ৰাজসভাত সম্ৰাটৰ অনুমতিৰ অবিহনে অস্ত্ৰ তুলি লোৱাতো ন্যায় বিৰূদ্ধ আচৰণ বুলি গণ্য কৰা হৈছিল৷সেয়ে সম্ৰাজ্ঞী দ্ৰৌপদীৰ আদেশত সেনাই কাঢ়ি ল’লে সূৰ্য্যোধন সহিতে আন যোদ্ধা সকলৰ অস্ত্ৰ৷কিন্তু সেই একেই অপৰাধ সম্পাদন কৰাৰ পিছতো পক্ষপাতিত্বমূলক ভাবে দ্ৰৌপদীয়ে প্ৰিয়তম সখা কৃষ্ণৰ বিৰূদ্ধে কোনো ব্যৱস্থাই ন’ললে৷এয়া অন্যায় আছিল৷এজন যোদ্ধাৰ বাবে তেওঁৰ অস্ত্ৰ বস্ত্ৰসম৷সেয়ে হস্তিনাপুৰৰ সভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বহুপূৰ্বেই ইন্দ্ৰপ্ৰস্থ সেই সভাত বিবস্ত্ৰ হৈছিল সূৰ্য্যোধন,সুশাসন আৰু মহাৰথী কৰ্ণ৷ইয়াৰ অন্তত প্ৰচণ্ড ক্ষোভেৰে সূৰ্য্যোধনে ইন্দ্ৰপ্ৰস্থ ত্যাগ কৰে আৰু সূৰ্য্যোধনে সেই অপমান সহিব নোৱাৰি অগ্নিস্নান কৰি প্ৰাণ বিসৰ্জন দিবলৈ প্ৰস্তুত হ’য়৷ইয়াৰ পৰাই বুজা যায় যে সূৰ্য্যোধনে পূৰ্বতে তেওঁৰ অধিকাৰস্বৰূপ হস্তিনাপুৰৰ সিংহাসন পাবলৈহে পাণ্ডৱৰ বিৰূদ্ধে বিদ্ৰোহ কৰিছিল পাণ্ডৱৰ ব্যক্তিগত সম্পদ ইন্দ্ৰপ্ৰস্থৰ প্ৰতি তেওঁৰ মনত তিলমানো মোহ নাছিল৷কিন্তু শেষমুহূৰ্তত শকুনিৰ মন্ত্ৰণাত পাশাৰ সহায়ত প্ৰতিশোধ পূৰণৰ স্বাৰ্থত তেওঁ জীয়াই থকাৰ পণ লয় আৰু অগ্নি স্নানৰ সিদ্ধান্তক বিসৰ্জন দিয়ে৷ধৰ্মপুত্ৰৰ পাশাসক্তিক শকুনিয়ে ভালদৰেই জানিছিল আৰু অন্তত সেয়াই হ’ল কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষই শকুনিৰ প্ৰতিশোধৰ দাৱানলত অনন্ত কালৰ বাবে দগ্ধ হ’ল৷পাশাখেলৰ সুনিপুণ খেলুৱৈ শকুনিৰ হাতত যুধিষ্ঠিৰ বাৰে-বাৰে পৰাজিত হৈ সৰ্বহাৰা হ’ল আৰু সৰ্বশেষত সৰ্বনশীয়া জুৱাৰ ৰাগীত মতলীয়া হৈ আপোন ভাতৃ আৰু পঞ্চপাণ্ডৱৰ সামূহিক সম্পত্তি দ্ৰৌপদীক পণ ৰখাৰ সিদ্ধান্ত ল’লে৷এক কথাত তেওঁ আপোন ভাতৃ আৰু পত্নীক ক্ৰীত দাসৰ শাৰীলৈ নিক্ষেপ কৰিলে৷কিন্তু এয়া অধৰ্ম আছিল৷কুৰুক্ষেত্ৰৰ ৰণত কনিষ্ঠ কৌৰৱ যুযুৎসুৱে পাণ্ডৱৰ পক্ষ লৈ যুঁজিছিল৷কিন্তু সূৰ্য্যোধনে ইয়াৰ প্ৰতিবাদ কৰি যুযুৎসুৰ জ্যেষ্ঠ ভাতৃ ৰূপে তেওঁৰ ওপৰত নিজৰ ব্যক্তিগত অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা নাছিল আৰু এয়াই বাস্তৱ ধৰ্ম৷কিন্তু সেইসময়ত জুৱাৰ ৰাগীত মতলীয়া ইতিহাসৰ নিকৃষ্টতম জুৱাৰী ধৰ্মপুত্ৰই ধৰ্ম-অধৰ্মৰ মাজৰ সেই সূক্ষ্ম পাৰ্থক্যক অনুধাৱন কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হৈছিল আৰু তাৰ পৰিণতিতেই ইতিহাস নিৰবে সাক্ষী হৈ ৰৈছিল ধৰ্মৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰাজসভাত এগৰাকী অসহায় অবলা নাৰীৰ বস্ত্ৰহৰণৰ দৰে জঘন্য পাপৰ৷কিন্তু সেইসময়ত ধৰ্মৰ মহাজ্ঞানী পিতামহ আৰু দ্ৰোণ মৌন হৈ আছিল৷কাৰণ পিতামহ আছিল প্ৰতিজ্ঞাবদ্ধ আৰু দ্ৰোণ অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত হস্তিনাপুৰৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল আছিল৷কৰ্ণ মৌন আছিল বন্ধুত্বৰ ঋণত ঋণী হৈ অৱশ্যে ইয়াত তেওঁৰ ব্যক্তিগত স্বাৰ্থও নিহিত হৈ আছিল৷পূৰ্বেই সয়ম্বৰত দ্ৰৌপদীয়ে কৰ্ণক সূতপুত্ৰ বুলি অপমান কৰিছিল আৰু ইন্দ্ৰপ্ৰস্থৰ সভাত পাঞ্চালীৰ আদেশতেই কাঢ়ি লোৱা হৈছিল কৰ্ণৰ স্বাভিমানৰ প্ৰতীক তেওঁৰ প্ৰিয় ধনুখন৷মিত্ৰতাৰ নামত পৰৱৰ্তী সময়তো কৰ্ণই সূৰ্য্যোধনৰ প্ৰতিতো অন্যায় কৰ্মৰ অংশীদাৰত পৰিণত হৈছিল৷কিন্তু এজন প্ৰকৃত বন্ধুৰ ভূমিকাত অৱতীৰ্ণ হৈ সূৰ্য্যোধনৰ ব্যক্তিগত দোষ-দুৰ্বলতাবোৰ উদঙাই দিয়াত কৰ্ণ একেবাৰেই উদাসহীন আছিল৷হয়তো তেওঁ সূৰ্য্যোধনৰ মিত্ৰতাক হেৰুৱাবলৈ ভয় কৰিছিল৷কৰ্ণ ইতিহাসৰ শ্ৰেষ্ঠতম দানবীৰ আছিল৷কিন্তু নিপীড়িত শ্ৰেণীৰ প্ৰতিনিধি হোৱাৰ পিছতো কৰ্ণই তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম কৰাৰ সলনি দান দিয়াৰ দৰেই এক হস্ৰম্যাদী ব্যৱস্থাক হে বিকল্প কৰি লৈছিল আৰু এনেবোৰ দুৰ্বলতাই অৱশেষত ইতিহাসৰ পাতত কৰ্ণক মাত্ৰ এজন পথভ্ৰষ্ট নায়কত পৰিণত কৰিলে৷
সৰ্বনাশী পাশাখেলৰ অন্তত হস্তিনাপুৰৰ ৰাজসভাই সিদ্ধান্ত গ্ৰহণ কৰিলে যে দ্ৰৌপদীসহিতে পঞ্চপাণ্ডৱে ইন্দ্ৰপ্ৰস্থৰ ৰাজপ্ৰসাদ ত্যাগ কৰি বাৰ বছৰৰ বাবে বনলৈ যাব আৰু ইয়াৰ অন্তত এবছৰ অজ্ঞাতবাস খাটিব৷তেৰবছৰৰ অন্তত পুনৰ সূৰ্য্যোধনে যুধিষ্ঠিৰক ৰাজপাট ওভোটাই দিব৷কিন্তু সূৰ্য্যোধনৰ ক্ৰমবৰ্দ্ধমান লোভ আৰু শকুনিৰ মন্ত্ৰণা আৰু উচতনিৰ ফলত এই সকলোবোৰ সিদ্ধান্ত পৰৱৰ্তী কালত মাত্ৰ অৰণ্যৰ ৰোদনত পৰিণত হ’ল৷

এজন দুৰ্ভগীয়া নায়ক- বাসুদেৱ শ্ৰীকৃষ্ণ আছিল সেই কালৰ সৰ্বশ্ৰেষ্ঠ মনোবিজ্ঞানী,সমাজবিজ্ঞানী,দাৰ্শনিকআৰু কুটনীতিবিদ৷তেওঁৰ জীৱনযাত্ৰা আছিল অতি বিচিত্ৰ আৰু পৃথক৷কৃষ্ণৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত,তেওঁ শৈশৱ অতিবাহিত হৈছিল সৰ্বহাৰাৰ সমাজত মৃত্যুৰ ছায়াত, যৌৱনৰ আৰম্ভণিতেই কৃষ্ণই তেওঁৰ জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেম ৰাধাক হেৰুৱাইছিল আৰু জীৱনৰ অন্তিম সময়ত তেওঁ হেৰুৱাইছিল যাদৱ সভ্যতাক৷জীৱনৰ সংঘৰ্ষই তেওঁক বিবেকবান,ধৈৰ্য্যশীল আৰু অভিজ্ঞ কৰি তুলিছিল আৰু ৰাধাক হেৰুৱাই তেওঁ হৈ পৰিছিল আবেগিক ভাবে মৃত৷তেওঁ হৃদয় নহয় বৰঞ্চ মস্তিষ্কৰ সিদ্ধান্ত(কৰ্ম আৰু কৰ্মফল)ত হে বিশ্বাস কৰিছিল৷তেওঁ বিবাহ কৰিছিল৷কিন্তু লক্ষণীয় ভাবে প্ৰতিবাৰেই কোনো কন্যাৰ সন্মান আৰু স্বাভিমান ৰক্ষাৰ স্বাৰ্থতহে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল৷কাৰণ ৰাধাৰ ৰূপত কেতিয়াবাই তেওঁৰ জীৱনৰ পৰা প্ৰেমে মেলানি মাগিছিল৷জীৱন সংগ্ৰাম আৰু সময়োপযোগী সিদ্ধান্তই গুৱাল কৃষ্ণক দ্বাৰকাধীশত পৰিণত কৰিছিল৷অতীতৰ গৰ্ভত যে কুৰুক্ষেত্ৰ লালিত পালিত সেই কথা কৃষ্ণই জানিছিল৷তেওঁ জানিছিল প্ৰতিজন যোদ্ধাৰ দুৰ্বলতাৰ ৰহস্যও কাৰণ তেওঁ এজন শ্ৰেষ্ঠতম মনোবিজ্ঞানী আছিল৷তেওঁ ইয়াকো জানিছিল যে ভবিষ্যত প্ৰজন্মই এই প্ৰলয়ংকৰী যুদ্ধৰ বাবে তেওঁকেই দোষী সাব্যস্ত কৰিব৷কিন্তু চিৰকাল বিবেকেৰে পৰিচালিত কৃষ্ণৰ জয়-পৰাজয় অথবা সন্মান-অপমানৰ প্ৰতি কোনো মোহ নাছিল৷তেওঁ জানিছিল প্ৰকৃতিৰ এই নিৰ্মম সত্য-কিবা এটা হেৰুৱাৰ পূৰ্বে মানুহে সেই বস্তুতোৰ মূল্য বুজি নাপায়৷সভ্যতাৰ নৱনিৰ্মাণৰ বাবে প্ৰাচীন সভ্যতাৰ পূৰ্ণ বিধ্বংস আৱশ্যৱম্ভী আৰু বৰ্তমানৰ ৰক্তক্ষয়ী যুদ্ধৰ গৰ্ভতেই লুকাই থাকে ভবিষ্যতৰ এক শান্তি আৰু সমৃদ্ধিৰ পৃথিৱী৷কিন্তু সেয়াওঁ ক্ষণস্থায়ী৷সেয়ে তেওঁ কৈছিল “সম্ভাৱনী য়ুগে য়ুগে৷”কৃষ্ণই প্ৰতিষ্ঠিত ধৰ্মত বিশ্বাস কৰা নাছিল৷সেয়ে তেওঁ ইন্দ্ৰ পূজাৰ অৱসান ঘটাই গোৱৰ্দ্ধন পূজাৰ প্ৰচলন কৰিছিল৷কৃষ্ণ আছিল যুক্তিবাদী আৰু প্ৰকৃতিৰ উপাসক৷হয়তো তেওঁ জন্মজন্মান্তৰৰ ধাৰণাত বিশ্বাস কৰা নাছিল৷হয়তো তেওঁ পৃথিৱীৰ প্ৰথমজন নাস্তিক আছিল৷হয়তো পৰৱৰ্তী কালত কৃষ্ণ কথিত ভাগৱত গীতাৰ জ্ঞানত ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাবে বিকৃত কৰা হৈছে৷মোৰ বোধেৰে তেওঁ ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ উত্থানক প্ৰতিৰোধ কৰিবলৈ বাৰে-বাৰে মই অৱতাৰ ল’ম বুলি কোৱা নাই তাৰ পৰিবৰ্তে চিন্তাধাৰা আৰু আদৰ্শৰ মাজত তেওঁ চিৰকাল জীয়াই থাকি সংকটকালত এক আদৰ্শৰূপে আবিৰ্ভাৱ হোৱাৰ কথাহে কৈছে৷কিন্তু যুদ্ধ আৱশ্যৱম্ভী বুলি জানিও শেষ মূহূৰ্তলৈকে তেওঁ এজন প্ৰকৃত ক্ষত্ৰিয়ৰ ভূমিকাত অৱতীৰ্ণ হৈ যুদ্ধৰ সম্ভাৱনাক নস্যাৎ কৰাৰ চেষ্টা চলাইছিল৷সূৰ্য্যোধনৰ ৰাজসভালৈ তেওঁ শান্তিৰ দূত হৈয়ো গৈছিল৷কিন্তু দূৰ্ভাগ্যক্ৰমে ইতিমধ্যেই শকুনিৰ মন্ত্ৰণা,লোভ আৰু অহংকাৰে সূৰ্য্যোধনক দূৰ্য্যোধনত পৰিণত হৈছিল৷কৃষ্ণ চিৰকাল বাস্তৱধৰ্মৰ পক্ষত আছিল সেয়ে যাদৱ বংশই মৰ্য্যাদাৰ পৰিসৰ অতিক্ৰম কৰাৰ অন্তত তেৱেই যাদৱথলীত প্ৰথমে সুদৰ্শন চক্ৰ তুলি লৈছিল৷

আজিৰ বিশ্লেষণৰ পৰা আমি এই সিদ্ধান্তত উপনীত হলো যে সভ্যতাৰ যুগসন্ধিৰ এই ৰণখনৰ বাবে মহাগাথাৰ কোনো এজন চৰিত্ৰও মুখ্যত দায়ী নাছিল৷দায়ী আছিল পৰিস্থিতি,কিছু চৰিত্ৰগত দুৰ্বলতা আৰু আবেগৰ বৰ্শৱতী হৈ লোৱা কিছু ভুল সিদ্ধান্ত৷এই মহাগাথাৰ কোনো নায়ক নাই আৰু কোনো খলনায়কো নাই৷ইতিহাসৰ আন প্ৰতিতো চৰিত্ৰৰ দৰেই মহাগাথাৰ প্ৰতিতো চৰিত্ৰই মানৱীয় দোষ-গুণৰ সমাহাৰ মাত্ৰ৷কোনোটি চৰিত্ৰ বিশুদ্ধ বগাও নহয় কোনোটি চৰিত্ৰ কিচকিচীয়া ক’লাও নহয়৷আপোনাৰ বা মোৰ দৰেই সকলো মটীয়া মাত্ৰ৷হয় কৰ্ণ এই মহাগাথাৰ পথভ্ৰষ্ট নায়ক আৰু ৰিক্ততাৰ মাজেৰেই পূৰ্ণ তেওঁৰ জীৱন আৰু কৃষ্ণ এই মহাগাথাৰ দুৰ্ভগীয়া নায়ক হয়তো কৰ্ণতকৈও তেওঁ হাজাৰগুণে দূৰ্ভগীয়া কাৰণ হাজাৰ পূৰ্ণতাৰ মাজতো ৰিক্ত কৃষ্ণৰ জীৱন৷মহাভাৰতৰ প্ৰতিতো চৰিত্ৰ এক জীৱন্ত কিংবদন্তী আৰু আজিওঁ তেওঁলোক আমাৰ মাজতেই জীয়াই আছে৷হয়তো হাজাৰজনৰ সমাজত এশজন কৌৰৱ,পাঁচজন পাণ্ডৱ আৰু এজন মাত্ৰ কৰ্ণ অথবা এজন মাত্ৰ কৃষ্ণ৷কাৰণ কৰ্ণ হোৱাতো কঠিন আৰু কৃষ্ণ হোৱাতো তাতোতকৈও কঠিন৷কাৰণ জীৱনৰ সংঘৰ্ষই যাৰ আৱেগক চিৰকালৰ বাবে হত্যা কৰে তেওঁহে পৰিণত হয় সত্য,ধৰ্ম আৰু ন্যায়ৰ প্ৰতিষ্ঠাপক কৃষ্ণত৷

(এই সমগ্ৰ বিশ্লেষণ কেৱল মাত্ৰ মহাভাৰতীয় সাহিত্যৰ দৃষ্টিকোণৰ পৰা কৰা গৈছে৷ইয়াৰ সৈতে প্ৰতিষ্ঠিত ধৰ্মৰ কোনো সম্পৰ্ক নাই৷সেয়ে লেখনিয়ে কাৰোবাৰ ধৰ্মীয় আবেগত আঘাত কৰিলে তাৰ বাবে লেখক জগৰীয়া নহয়)

এখন কাল্পনিক ছবি
আজিৰ কুৰুক্ষেত্ৰ তীৰ্থভূমি৷

ভাৰতীয় কৃষিখণ্ডত খাদ্য সংসাধন আৰু মূল্য সংসাধনৰ প্ৰাসংগিকতা-Based on a few Problems and Practical Solutions.

ভগ্ন হৃদয় আৰু কিছু প্ৰশ্ন-যোৱাকালি সন্ধ্যা ভাৱলেশবিহীন ভাবে জুকাৰবাৰ্গৰ গোলাপৰ উদ্যানত পৰিভ্ৰমণ কৰি থাকোতে এখন হৃদয়বিদাৰক ছবি দেখা পালো৷ধেমাজি জিলাৰ কৃষকসকলে ল’কডাউনৰ ফলশ্ৰুতিত ডিব্ৰুগড়ৰ বজাৰত উপনীত হ’বলৈ সক্ষম নোহোৱাৰ বাবে কুইন্টলে-কুইন্টলে বিলাহী ব্ৰহ্মপুত্ৰৰ পানীত পেলাই দিছে৷আন এখন ছবিত দেখিলো অসমৰ কোনো ঠাইৰ কৃষকে নষ্ট হৈ যোৱা বিলাহী গৰু-ছাগলীক খুৱাইছে৷শুনা পোৱা খবৰ মতে লখিমপুৰৰ ম’হৰ খুটিৰ গাখীৰো সংৰক্ষণৰ অভাৱত গুৱালে ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই দিছে৷পলকতে মন সমুদ্ৰত Marketing Chain,E-NAM,Mega Food Park Scheme আদিৰ দৰে বহু নামৰ জোৱাৰ উঠিল আৰু সমগ্ৰ ব্যৱস্থাতোৰ কাৰ্য্যক্ষমতা সম্পৰ্কত মনত বিভিন্ন প্ৰশ্ন আৰু চিন্তাধাৰাৰ উদয় হ’ল৷

পেলাই দিয়া বিলাহী ভক্ষণ কৰা অৱস্থাত কেইটামান গৰু৷


বাস্তৱ ছবি-  হয়তো লকডাউনৰ বাবে এই ছবিকেইখন অধিক চৰ্চালৈ আহিছে৷কিন্তু সংৰক্ষণৰ অভাৱত শস্য নষ্ট হোৱা(Post Harvest Loss) আমাৰ দেশত কোনো নতুন কথা নহয়৷চৰকাৰী তথ্য অনুসৰি ভাৰতত প্ৰতিবছৰেই ২ লাখ কোটি টকা মূল্যৰ ফলমূল আৰু শাকপাচলি উপযুক্ত সংৰক্ষণ আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱত নষ্ট হ’য়(Post Harvest Loss) আৰু ৯২,৬৫১ কোটি টকা মূল্যৰ অন্যান্য শস্য(মূখ্যত cereals যেনে ধান ঘেহু আদি নষ্ট হয়)৷এই তথ্য ২০১৮ চনৰ হয়তো আজিৰ তাৰিখত তথ্যৰ কিছু সালসলনি হ’ব পাৰে৷শেহতীয়া তথ্য অনুসৰি ভোকাতুৰৰ সূচাংক(Hunger Index) ত ভাৰতৰ স্থান ১৬৯ আৰু ভাৰতৰ প্ৰতি তিনিজন ব্যক্তিৰ এজন নিশা উদং পেটেৰেই শোৱাপাটীলৈ যায়৷বুভুক্ষা আৰু পুষ্টিহীনতা(Malnutrition) আধুনিক ভাৰতৰ এক অভিশাপ আৰু এনে এখন বুভুক্ষুৰ দেশত প্ৰতিবছৰেই কোটি-কোটি টকাৰ খাদ্য সামগ্ৰী নষ্ট হোৱাতো এক প্ৰকৃত বিড়ম্বনা    

ভাৰতবৰ্ষৰ Post Harvest Loss ৰ এখন ভয়ংকৰ ছবি৷

কাৰণ বিশ্লেষণ-আমি যদি Post Harvest Lost ৰ কাৰণ সমূহ বিশ্লেষণ কৰি চাওঁ তেনেহ’লে ইয়াৰ মূখ্য কাৰণ হ’ল পৰ্য্যাপ্ত সংৰক্ষণ ব্যৱস্থাৰ অভাব,পিছপৰা যাতায়ত আৰু পৰিবহণ ব্যৱস্থা,ব্যয়বহুল ব্যৱস্থা আৰু সচেতনতাৰ অভাৱ৷
                 শস্যৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতত FCI য়ে মূখ্য ভূমিকা পালন কৰে৷কিন্তু উল্লেখনীয় যে ২০১৬-১৭ বৰ্ষত উপযুক্ত সংৰক্ষণৰ অভাৱত FCI ৰ গুদামতেই ৮,৬০০ টন শস্য নষ্ট হৈছিল আৰু ২০১৮ চনৰ মে মাহত FCI য়ে পৰ্য্যাপ্ত সংৰক্ষণ নীতিৰ অভাৱত খাদ্য-শস্য বিক্ৰী কৰি দিবলৈ বাধ্য হৈছিল(after maintaining the buffer stock)৷এনেবোৰ ঘটনাই ইয়াকে সূচায় যে দেশত শস্যৰ উৎপাদন পৰ্য্যাপ্ত৷ কিন্তু উপযুক্ত সংৰক্ষণ নীতিৰ ক্ষেত্ৰত আমি আজিও পিছ পৰি আছো৷
                  শস্যৰ উৎপাদন গ্ৰাম্য অঞ্চলত হয় তাৰপৰা চহৰত অৱস্থিত বজাৰ অথবা সংৰক্ষণ কেন্দ্ৰ সমূহলৈ শস্য কঢ়িয়াই নিবলৈ কৃষিজীৱী ৰাইজক উন্নত যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন৷বাজপেয়ী চৰকাৰৰ দিনত গাওঁৰ বহু ৰাস্তা পকী হ’ল কিন্তু পৰিবহণৰ ক্ষেত্ৰত আমি এতিয়াও বহু পিছ পৰি আছো৷
                   সংৰক্ষণৰ ক্ষেত্ৰত কিছু চৰকাৰী সাহাৰ্য্য পালেওঁ সাধাৰণতে পৰিবহণ ব্যৱস্থা ব্যৱস্থাৰ অত্যন্ত ব্যয়বহুল৷সেয়ে উৎপাদিত শস্য লৈ চহৰত উপনীত হ’বলৈ আজিও এজন ক্ষুদ্ৰ কৃষকে যঠেষ্ট সংঘৰ্ষ কৰিব লগীয়া হয়৷
                     সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে আজিও বহু কৃষক অজ্ঞ,খাদ্য সংসাধন(Food processing) আৰু মূল্য সংযোগ(Value addition)যেনে ফলমূলৰ পৰা জাম-জেলী,শাক-পাচলীৰ পৰা আচাৰ আৰু গাখীৰৰ পৰা ঘিউ-মাখন প্ৰস্তুতকৰণ সম্পৰ্কে কৃষকসকল আজি জ্ঞাত যদিও অধিকাংশই এইক্ষেত্ৰত উৎসাহী নহয়৷কাৰণ তেওঁলোকৰ দৃষ্টিভংগী(Attitude)ৰ পৰিবৰ্তন হোৱা নাই৷শস্য বা গাখীৰৰ সংসাধন আৰু মূল্য সংযোগৰ শতকৰা হাৰ ভাৰতত ১০% তকৈও কম আৰু ই সম্প্ৰাসৰণ বিভাগ(Extension Wing)ৰ দূৰ্বলতাকে সূচায়৷


 পাৰ্শ্বপ্ৰতিক্ৰিয়া- এই সকলোবোৰৰ পৰিণতিতেই ক্ষুদ্ৰ কৃষকে ২ টকা কিলোত মধ্যভোগী(Middlemen in marketing chain)ক বিলাহী বিক্ৰী কৰে আৰু আমি ৪০ টকা কিলোত সেই বিলাহীকেই পাইকাৰী বজাৰৰ পৰা কিনি খাওঁ৷ In one sentence the entire Marketing Chain is corrupted by the Opportunist Middlemen.সেয়ে হয়তো ভাৰতত গড় হিছাপত প্ৰতিদিনেই ৩৫ জন অন্নদাতা কৃষকে আত্মহত্যা কৰে(২০১৮ বৰ্ষৰ National Crime Record Bureau ৰ তথ্য৷২০১৮ ৰ কৃষকৰ লালমাৰ্চৰ পিছৰে পৰা ১৯ বৰ্ষত নতুন তথ্য প্ৰকাশ কৰিবলৈ চৰকাৰৰ সৎসাহস ন’হল) আৰু অসমৰ কোনো উদ্যমী ডেকাই বোপাককাৰ দিনৰ মাটিডৰা চন পেলায় দক্ষিণাত্যত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ যায়৷(i.e. Forced Occupation Shifting)

কৃষকৰ আত্মহত্যাৰ বাস্তৱ প্ৰতিচ্ছবি৷


 E-NAM আৰু Mega Food Park ৰ নগ্ন সত্য- E-NAM হ’ল Flipkart বা Amazon ৰ দৰে খাদ্যশস্য বিক্ৰী কৰা এখন Online বজাৰ৷কিন্তু যি সময়ত ৩১ নিযুত দেশবাসী(যাৰ অধিকাংশই ক্ষুদ্ৰ কৃষক) য়ে বিজুলী বাটিৰ পোহৰেই দেখা পোৱা নাই সেই সময়ত E-NAM ৰ দ্বাৰা কৃষকৰ আয় বৃদ্ধিৰ চিন্তা কৰা এক Utopian স্বপ্ন মাত্ৰ৷
                               ২০০৮ বৰ্ষত চৰকাৰে Mega Food Park Scheme আৰম্ভ কৰে৷সংসাধন আৰু মূল্য সংযোগৰ ক্ষেত্ৰত ই নিশ্চয় এক সুন্দৰ পদক্ষেপ৷কিন্তু পৰিতাপৰ বিষয় এয়া কেৱল বৃহৎ পুঁজিপতি গোষ্ঠীৰ বাবেহে ক্ষুদ্ৰ কৃষকসকলৰ বাবে নহয়৷

Flow Chart for E-NAM
Flow Chart for Mega Food Park.


 সমাধানসূত্ৰ- প্ৰতিতো প্ৰশ্নৰে এটা উত্তৰ থাকে৷প্ৰতিতো সমস্যাৰে এটা সমাধান থাকে৷আমি ওপৰত উল্লেখ কৰা সমস্যাবোৰৰো নিশ্চয় সমাধান আছে৷হস্ৰম্যাদী(in short run) ব্যৱস্থা ৰূপে আমি প্ৰত্যেকজন কৃষককে ঘৰতেই খাদ্যশস্যৰ সংসাধন আৰু মূল্য সংযোজন কৰি জাম-জেলী,আচাৰ,ঘিউ,মাখন,পনীৰ আদি বনাবলৈ উৎসাহিত কৰিব পাৰো৷(i.e. Food Processing and Value Addition at Microlevel.)আয় সামান্য পৰিমাণে বৃদ্ধি কৰিবলৈ আমি তেওঁলোকক কাঠফুলা আৰু বাণিজ্যক ভাবে লাভৱান ফুলৰ খেতি কৰিবলৈও উৎসাহিত কৰিব পাৰো৷দীৰ্ঘম্যাদী ব্যৱস্থাৰূপে(in long run) কৃষকসকলে AMUL ক আদৰ্শৰূপে লৈ সমবায় সমিতি গঠন কৰিব পাৰে,নিবনুৱা যুৱক-যুৱতীয়ে Start Up খুলিব পাৰে৷তেতিয়া তেওঁলোক প্ৰযুক্তিগত দিশৰ পৰা লাভৱান হ’ব,উৎপাদন বৃদ্ধি পাব ফলত দামদৰ কৰাৰ ক্ষমতা(Bargaining Power)ও বৃদ্ধি পাব৷চৰকাৰেও সংৰক্ষণ নীতি আৰু সংৰক্ষণ ক্ষমতাৰ বিকাশ সাধান কৰিব লাগিব আৰু গ্ৰাম্যঞ্চলৰ যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ সঁচা অৰ্থত উন্নয়ন কৰিব লাগিব অন্যথা কৃষকৰ আয় দ্বিগুণকৰণ-২০২২(Doubling the Farmers Income-22) মাত্ৰ এক চৰকাৰী বিজ্ঞাপন হৈ ৰ’ব৷


আশাৰ কিৰণ-  নিশ্চয় এয়া কৃষি সম্প্ৰাসাৰণ বিভাগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হ’ব৷কিন্তু Empathy(Analysing the scenario from others view point and here from farmers view point),আত্মবিশ্বাস আৰু কৰ্মোদ্যমক সাৰথি কৰি যুঁজিলে এই ৰণত নিশ্চয় আমিয়েই শেষ হাঁহি মাৰিম৷ইতিহাসে ৰিঙিয়াই আমাৰ সম্প্ৰসাৰণ বিভাগে পূৰ্বেও এনে বহু প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰিছে৷সেয়ে এইবাৰো আমি আশাবাদী৷কৃষকসকল আমাৰ দেশৰ সম্পদ,আমাৰ অন্নদাতা৷সেয়ে কৃষকসকলৰ উন্নয়নৰ অবিহনে দেশৰ উন্নয়ন সম্ভৱপৰ নহয়৷কাৰণ পণ্ডিত জৱাহৰলাল নেহৰুৱে কোৱাৰ দৰেই,”Everything else can wait but not Agriculture.”

আশাৰ কিৰণ৷

Bella Ciao ৰ গৌৰৱময় ইতিহাস,অসমৰ সাংস্কৃতিক বিপ্লৱ আৰু ভবিষ্যতৰ ৰণনীতি- Inspired by True Historical Events and Current Polity.

Questa mattina mi sono alzato
O bella ciao, bella ciao, bella ciao, ciao, ciao-আজিৰ যুৱ প্ৰজন্মৰ মাজত Bella Ciao এটি জনপ্ৰিয় গীত৷এই গীতটি মই পোনপ্ৰথমবাৰৰ বাবে Money Heist শীৰ্ষক Netflix Originals খন চাওঁতে চিৰিজখনৰ নায়ক প্ৰফেচৰ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বাৰ্লিনৰ কন্ঠত শুনা পাইছিলো৷কিয় জানো তেতিয়াই গীতটিৰ সুৰে মোক মন্ত্ৰমুগ্ধ কৰি তুলিলে৷কিন্তু গীতটিৰ কথা অথবা সাৰমৰ্ম মই মুঠেই বুজি পোৱা নাছিলো৷মোৰ এটা বদঅভ্যাস আছে৷এটা গীত ভাল লাগিলে মই বাৰে-বাৰে সেই গীতটি শুনি থাকো-আমনি নলগা পৰ্য্যন্ত আৰু মোৰ কৰ্কশ আৰু বেসুৰা কন্ঠৰে প্ৰতি মূহূৰ্ততে মোৰ প্ৰিয় গীতৰ কলি গুণগুণাওঁ,সেয়ে কাষত থকাসকলে প্ৰায়েই অসুবিধা পায়৷Bella ciao পুনৰ শুনাৰ স্বাৰ্থত Youtube ত Search কৰিলো৷এইবাৰৰ ভিডিঅ’টোত English Subtitle আছিল৷এটা সাংঘাতিক অৰ্থবহ গীত৷Subtitle ত এটা শব্দ জিলিকি উঠিল “Partisan” অৰ্থা কোনো সশস্ত্ৰ বিপ্লৱী দলৰ সদস্য৷এইবাৰ মোৰ মনত কিছু সন্দেহৰ উদ্ৰেক হ’ল৷Bella ciao ৰ নিশ্চয় কিবা ঐত্যিহাস্যিক ভিত্তি আছে৷এইবাৰ Googleৰ সহায় ললো৷Google ৰ প্ৰযুক্তিৰ সহায়ত প্ৰায় কেইটামান মূহূৰ্তৰ ভিতৰতেই সকলো সন্দেহৰ নিবাৰণ হ’ল আৰু সন্ধান কৰি উলিয়াবলৈ সক্ষম হ’লো যুৱপ্ৰজন্মৰ অত্যন্ত প্ৰিয় Bella ciao ৰ বিপ্লৱী ইতিহাস৷
       Money Heist মূলত স্পেনিছ চিৰিজ৷সেয়ে প্ৰথম অৱস্থাত মই Bella ciao এটা স্পেনিছ ভাষাৰ গীত বুলিয়েই বিশ্বাস কৰিছিলো৷কিন্তু প্ৰকৃত সত্য কিছু পৃথক৷সামন্তযুগীয় ইটালীৰ কৃষি শ্ৰমিকসকলৰ বিপ্লৱী কন্ঠত অত্যাচাৰী জমিদাৰৰ বিৰূদ্ধে প্ৰতিধ্বনিত কন্ঠ-Bella ciao৷সৰল ভাষাত ক’বলৈ গ’লে অসমীয়া সাহিত্যৰ নাহৰৰ গীতৰ দৰেই Bella ciao এক ইটালিয়ান বেলাড বা মালিতা৷Bella ciao ৰ স্ৰষ্টা সম্পৰ্কে ইতিহাস নিমাত৷Bella ciao এটা ইটালিয়ান শব্দ৷ইয়াৰ অৰ্থ হে সুন্দৰ/সুন্দৰী তোমাক বিদায়(Goodbye beautiful)৷গীততিৰ মূলভাব এনেধৰণৰ-পুৱাৰ প্ৰভাতী কিৰণতে নিহালিখন এৰি মই ধাননিডৰালৈ যাওঁ আৰু দিনতোৰ বাবে এনেদৰেই আৰম্ভ হয় মোৰ কষ্টকৰ আৰু সংগ্ৰামী জীৱনযাত্ৰা৷বিষাক্ত পতংগ আৰু ৰক্তপিপাসু ম’হবোৰৰ মাজত মই দিনতো হাড়ভগা পৰিশ্ৰম কৰো৷সৌৱা দুৰণিত হালোৱা এছাৰিডাল জোকাৰি ৰৈ আছে মোৰ প্ৰভু অত্যাচাৰী জমিদাৰ৷আস কি যে কষ্টকৰ এই জীৱনযাত্ৰা৷মোৰ কামিহাড় বেকা হৈ পৰিছে৷সোণগুটিৰ মাজত অতিবাহিত প্ৰতিতো মূহূৰ্ততে মই হেৰুৱাইছো মোৰ জীৱন আৰু যৌৱন৷কিন্তু মই আশাবাদী এটা সুন্দৰ পুৱা আমি সন্মিলিত হৈ সামান্তবাদী শাসকৰ বিৰূদ্ধে মুক্তিযুঁজত মিলিত হ’ম৷হে সুন্দৰ/সুন্দৰী তোমাক বিদায়৷
             প্ৰথম মহাসমৰৰ অন্তত বেনিটো মুছলিনীৰ নেতৃত্বত ইটালীত ফেচিবাদৰ অভ্যূত্থান হ’য়৷ফেচিবাদ গণতন্ত্ৰ বিৰোধী এক একনায়কত্ববাদী শাসনব্যৱস্থা য’ত শাসকপক্ষই স্বপক্ষবিৰোধী প্ৰতিতো কাৰ্য্যকলাপকে ৰাষ্ট্ৰসন্ত্ৰাসৰ দ্বাৰা কঠোৰ হাতেৰে দমন কৰে৷এনে ব্যৱস্থাত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু মানৱ অধিকাৰৰ কোনো স্থান নাই৷জাৰ্মানীৰ ফিউৰ’ৰ হিটলাৰ,ফেচিষ্ট মুছলিনী আৰু জাপানৰ প্ৰধানমন্ত্ৰী টুজোৰ নেতৃত্বত অক্ষশক্তিয়ে সমগ্ৰ বিশ্বজুৰি যুদ্ধ উন্মাদনাৰ সৃষ্টি কৰে আৰু এইদৰেই সৃষ্টি হ’য় প্ৰলয়ংকাৰী দ্বিতীয় মহাসমৰৰ৷অৱশ্যে ইয়াৰ বাবে প্ৰথম মহাসমৰৰ অন্তত ব্ৰিটেইন,ফ্ৰান্স আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা কিছুমান একপক্ষীয় সামৰিক আৰু অৰ্থনৈতিক নীতি মূখ্যত জগৰীয়া আছিল৷দ্বিতীয় মহাসমৰৰ বিভীষিকাৰ মাজতেই ১৯৪৩ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে ফেচিষ্ট মুছলিনী আৰু শাসকগোষ্ঠীৰ বিৰূদ্ধে ইটালিয়ান পাৰ্টিজান(সমাজবাদত বিশ্বাসী সশস্ত্ৰ বিপ্লৱী সংগঠন) আৰু  Italian cobelligrent Army ৰ সন্মিলিত নেতৃত্বত ইটালীত গৃহযুদ্ধৰ সূচনা হ’য়৷গৃহযুদ্ধৰ কালত ফেচিবাদ বিৰোধী ইটালিয়ান পাৰ্টিজানসকলৰ বিপ্লৱী কন্ঠত পুনৰ প্ৰতিধ্বনিত হৈছিল Bella ciao ৰ এক সংশোধিত ৰূপ৷গীতটিৰ কথাভাগ আছিল এনেধৰণৰ-এটা ৰদ্দৌৎজ্বল সুন্দৰ পুৱাত নিহালিখন এৰিয়েই মই সমুখত সশস্ত্ৰ অনুপ্ৰৱেশকাৰী(জাৰ্মান নাজি)সকলক দেখা পালো৷তেওঁলোকে মোক গুলীবিদ্ধ কৰিলে৷মোৰ মৃত্যু সমাগত৷হে মোৰ কমৰেদসকল(পাৰ্টিজান) তোমালোকে মোৰ মৃতদেহতো কঢ়িয়াই নিব লাগিব৷ওখ পাহাৰৰ উচ্চতাৰ বনৰীয়া ফুলবোৰৰ ছায়াত তোমালোকে মোৰ মৃতদেহতো সমাধিস্থ কৰিবা৷এই মুক্তিৰণত আমি বিজয়ী হ’ম আৰু মই মোৰ সমাধিৰ কাষেৰে পাৰ হৈ যোৱা বাটৰুৱাসকলক ক’ম এয়া এপাহি বিপ্লৱৰ সুন্দৰ ফুল৷হে সুন্দৰ/সুন্দৰী তোমাক বিদায়৷

Bella Ciao Original Video Song(Open with Google Chrome)

এই গীতটিৰ স্ৰষ্টা সম্পৰ্কেওঁ ইতিহাস নিমাত৷কিন্তু এই গীতটিয়ে বিপ্লৱী জনতাৰ মাজত নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে আৰু সাংস্কৃতিক বিপ্লৱে গৃহযুদ্ধক এক নতুন দিশৰ সন্ধান দিলে৷যেতিয়া পৰাজয় আৱশ্যৱম্ভী হৈ পৰিল ফেচিষ্ট মুছলিনীয়ে ৰাজধানী ত্যাগ কৰি পলায়ন কৰিলে৷কিন্তু আন্তৰাষ্ট্ৰীয় সীমান্ত পাৰ কৰাৰ পূৰ্বেই প্ৰেয়সী ক্লাৰা পেটেকীসহ মুছনিনী পাৰ্টিজানসকলৰ হাতত বন্দী হয় আৰু ১৯৪৫ চনৰ ২৯ এপ্ৰিল তাৰিখে পাৰ্টিজানসকলে মুছলিনী,ক্লাৰা আৰু আন তিনিজন শীৰ্ষ পৰ্যায়ৰ ফেচিষ্ট বিষয়াৰ গুলীবিদ্ধ মৃতদেহ ইটালীৰ মিউনিখ চহৰৰ এটা লাইটৰ পোষ্টত জনপ্ৰদৰ্শনীৰ বাবে পাঁচদিন ওলোমাই ৰাখে৷এয়াই ফেচিবাদৰ কৰুণ আৰু অন্তিম পৰিণতি৷আজিৰ বিশ্বৰ ফেচিবাদী নেতাসকলেওঁ অন্তিম পৰিণতিৰ ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ কৰা উচিত৷গণতন্ত্ৰৰ মানসপুত্ৰ সমাজবাদ আৰু মানুহৰ স্বাধীনতাকাংক্ষাৰ সন্মুখত ফেচিবাদ সদায়েই নিশকতীয়া৷হিটলাৰৰ পতনৰ পিছত ১৯৪৫ চনৰ ২মে তাৰিখে নাজিবাহিনীয়ে আত্মসমৰ্পণ কৰে আৰু ইয়াৰ লগেলগেই সুদীৰ্ঘ দুবছৰজুৰি  চলা ইটালীৰ গৃহযুদ্ধৰ অন্ত পৰে আৰু জন্ম হয় আজিৰ Republica of Italy(ইটালী গণৰাজ্য)ৰ৷কাৰণ অতীতৰ প্ৰতিৰোধ সমৰৰ গৰ্ভতেই লালিত-পালিত হ’য় ভবিষ্যতৰ শান্তি আৰু সমৃদ্ধিৰ সভ্যতা৷সেয়ে হয়তো যুদ্ধ মানৱ সভ্যতাৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংশ৷
              সাংস্কৃতিক বিপ্লৱ পশ্চিমীয়া দেশসমূহৰ বিপ্লৱৰ এক অভিন্ন অংশ৷ভাৰতৰ স্বাধীনতা সংগ্ৰামতো বন্দে মাতৰম জনতাৰ প্ৰাণশক্তিত পৰিণত হৈছিল৷কিন্তু পৰিতাপৰ বিষয় অসমৰ সৰ্বসাধাৰণ লোক আৰু প্ৰায়সকল শিল্পীয়েই আজিও সাংস্কৃতিক বিপ্লৱৰ মহত্ত্ব বুজিবলৈ সক্ষম হোৱা নাই৷কুৰি শতিকাতেই কমৰেদ বিষ্ণু ৰাভাই ৰচনা কৰা ব’ল,ব’ল,ব’ল কৃষক শ্ৰমিক দল আজিৰ তাৰিখতো প্ৰাসংগিক৷একেদৰেই সুধাকণ্ঠৰ আহ আহ ওলাই আহ,আকৌ জাতি যাব লাগে শৰাইঘাটলৈ অথবা মুক্তিকামী লক্ষ্যজনৰ দৰে গীত আজিও অসমীয়াৰ আবেগ৷কিন্তু দুখৰ বিষয় অসমীয়া ভাষাত এনে গীতৰ সংখ্যা সীমিত৷সৰ্বসাধাৰণ জনতাই আবেগক বিবেকৰ সৈতে সংযোগ কৰাত ব্যৰ্থ হৈছে৷হয়তো কোনোবাখিনিত নেতৃত্ব ব্যৰ্থ হৈছে আৰু কোনোবাখিনিত পথপ্ৰদৰ্শনকাৰী শিল্পীসমাজ৷সেয়ে শেহতীয়া C(A)A বিৰোধী সংগ্ৰামত সাংস্কৃতিক বিপ্লৱ মাত্ৰ ৰাজপথ অথবা ষ্টুডিঅৰ ফেশ্বন শ্ব’ত পৰিণত হ’ল৷COVID-19 ৰ অন্তত সমগ্ৰ বিশ্ব অৰ্থনীতিতেই মহামন্দাৱস্থাৰ সৃষ্টি হ’ব৷ইতিহাস সাক্ষী আছে অৰ্থনৈতিক বিপৰ্যয়ৰ কালত পুজিপতি গোষ্ঠীয়ে দেশৰ শাসনভাৰ উগ্ৰ জাতিয়তাবাদী ফেচিষ্ট শাসক গোষ্ঠীৰ হাতত অৰ্পন কৰে৷আমি পুনৰ ফেচিবাদৰ অন্ধকাৰ পৃথিৱীলৈ অগ্ৰসৰ হৈছো৷হে মোৰ কমৰেদসকল মোৰ বিশ্বাস ফেচিবাদ প্ৰতিৰোধী ৰণত এইবাৰো গণতন্ত্ৰ আৰু সমাজবাদে শেষ হাঁহি মাৰিব আৰু স্বভাৱিকতেই যুদ্ধৰ শেষত পুনৰ শান্তিৰ  প্ৰতিষ্ঠা হ’ব৷হয়তো ইটালীৰ বিপ্লৱী জনগণৰ সন্মিলিত কন্ঠত আকৌ এবাৰ প্ৰতিধ্বনিত হ’ব Bella ciao আৰু আমাৰ কন্ঠত আহ আহ ওলাই আহ সজাগ জনতা অথবা আপোনাৰ উৰ্বৰ মস্তিষ্ক আৰু বিশাল হৃদয়ে সৃষ্টি কৰা কোনো নতুন সংগীত৷তেতিয়ালৈকে হে সুন্দৰ/সুন্দৰী আপোনাক বিদায়,Bella ciao৷

(ফেচিবাদ প্ৰতিৰোধী ৰণত প্ৰাণ আহুতি দিয়া প্ৰতিজন গণতন্ত্ৰৰ সৈনিকৰ নামত আজিৰ খণ্ডতো উৎসৰ্গা কৰিলো৷গণতন্ত্ৰ আৰু সমাজবাদ দীৰ্ঘজীৱী হওঁক৷মানুহৰ স্বাধীনতকাংক্ষাই ইতিহাস ৰচক)
    
                

বেনিট’ মুছলিনী
ইটালীৰ গৃহযুদ্ধৰ দৃশ্যাংশ৷
ফেচিবাদৰ অন্তিম পৰিণতি
Italian Partisan Singing Bella ciao

“ৰূগ্ন বসুন্ধৰাৰ ভবিষ্যত- Based on an International Conspiracy Theory.”

বিধিসন্মত সতৰ্কীকৰণ-আজিৰ এই খণ্ডত আমি যিসমূহ কথা আলোচনা কৰিম সেয়া এক International Conspiracy Theory মাত্ৰ৷আন সকলো Conspiracy Theory ৰ দৰেই এই Theory ৰ সত্যসত্যতাৰ প্ৰমাণ দিবলৈ মোৰ হাতত কোনো প্ৰত্যক্ষ প্ৰমাণ(Direct Evidence) অথবা প্ৰত্যক্ষদৰ্শী(Eye witness) নাই৷অৱশ্যে মোৰ হাতত কেতবোৰ Circumstancial Evidence আছে যাৰ আধাৰত মই এই Theory আগবঢ়াইছো৷Conspiracy Theory উৰাবাতৰি নহয়৷আশা কৰো নিজৰ বিবেকেৰে সত্যসত্যতাৰ প্ৰমাণ কৰিহে আপোনালোকে এই Conspiracy Theory ক গ্ৰহণ কৰিব৷তেনেহ’লে আৰম্ভ কৰো আজিৰ খণ্ড “ৰূগ্ন বসুন্ধৰাৰ ভবিষ্যত- Based on an International Conspiracy Theory.”
১/চীনে সাজি উলিয়াইছিল জৈৱিক অস্ত্ৰ-২০১৯ চনৰ ডিচেম্বৰ মাহত চীনৰ উহান চহৰৰ শতাধিক লোক এক অচিন ৰোগত আক্ৰান্ত হয় আৰু ২০২০ চনৰ জানুৱাৰী মাহত চিকিৎসা বিজ্ঞানী সকলে সদৰি কৰে যে এয়া SARS-CoV-20 নামৰ এবিধ একেবাৰেই নতুন ভাইৰাছৰ পৰা সংক্ৰমিত ৰোগ(COVID-19)৷এই কথা সদৰি হোৱাৰ লগেলগেই চীন দেশৰ চৰকাৰে দাবী কৰা অনুসৰি তেওঁলোকে নিশাতোৰ ভিতৰতেই শতাধিক চিকিৎসালয় আৰু Isolation Ward নিৰ্মাণ কৰে৷দেশজুৰি লকডাউন ঘোষণা কৰে আৰু দেশবাসীৰ ভাইৰাছ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিবৰ বাবে Vitamin C Supplement ৰ যোগান ধৰে৷প্ৰায় ৪৫ দিনৰ ভিতৰতেই চীনৰ পৰিস্থিতি নিয়ন্ত্ৰনাধীন হৈ পৰে আৰু ইযাৰ সমান্তৰালভাৱে জীৱন যাত্ৰাও হৈ পৰে স্বাভাৱিক৷কিন্তু লক্ষ্যণীয় ভাবে প্ৰায় সকলোবোৰ দেশেই সেইধৰণৰ কাৰ্য্যপন্থা হাতত লোৱাৰ পিছতো আজি চীনৰ বাদে আন কোনো এখন দেশেই COVID-19 ৰ আতংকৰ পৰা মুক্ত হ’বলৈ সক্ষম হোৱা নাই৷এইখিনিতেই মনত সন্দেহৰ অৱকাশ হ’য় যি কাৰ্য্যপন্থা ব্যৱহাৰ কৰি পৃথিৱীৰ কোনো এখন দেশেই SARS-CoV-20 ৰ সংক্ৰমণক প্ৰতিৰোধ কৰিব পৰা নাই,অনুৰূপ কাৰ্য্যপন্থাৰেই সেই ভয়াবহ সংক্ৰমণক চীনে কিদৰে উহানতে সীমাবদ্ধ কৰি ৰাখিলে?কিয় চীনৰ ৰাজধানী বেইজিং অথবা অৰ্থনৈতিক ৰাজধানী চাংহাইৰ এজনো নিবাসী আক্ৰান্ত ন’হল?SARS-CoV-20 এক নতুন ভাইৰাছ৷অৱশ্যে ইয়াৰ সমগোত্ৰীয় ভাইৰাছ যেনে Influenza বা SARS ৰ দৰে ভাইৰাছ পূৰ্বৰে পৰাই প্ৰকৃতিত আছে৷কিন্তু Virology ৰ সাম্যক জ্ঞানে কয় যে প্ৰাকৃতিক ভাবে ভাইৰাছৰ এনে দ্ৰুত উৎপৰিবৰ্তন(mutation) সম্ভৱ নহয়৷SARS প্ৰাণসংহাৰী কিন্তু তুলনামূলক ভাবে ইয়াৰ সংক্ৰামণ ক্ষমতা কম৷Influenza সংক্ৰামক কিন্তু প্ৰাণসংহাৰী নহয়৷কিন্তু SARS-CoV-20 সাংঘাতিক ধৰণে সংক্ৰামক আৰু কিছু ক্ষেত্ৰত প্ৰাণসংহাৰী(কিন্তু SARS ৰ দৰে চূড়ান্ত প্ৰাণসংহাৰীও নহয়৷)চীনে সকলো দেশকে আতংকিত কৰি ৰাখি Evil but Necessary Lockdown ৰ দ্বাৰা প্ৰতিখন দেশৰ অৰ্থনীতিত আঘাত হানি নিজকে বিশ্বশক্তিত পৰিণত কৰিব খোজে৷কিন্তু অধিক লোকৰ মৃত্যু হোৱাতোওঁ কামনা নকৰে অন্যথা ৰপ্তানি বজাৰ সংকূচিত হৈ চীনৰ অৰ্থনীতি চূড়ান্ত ভাবে ক্ষতিগ্ৰস্ত হ’ব৷সেয়ে SARS-CoV-20 য়েই চীনৰ সেই বহু আকাংক্ষিত জৈৱিক অস্ত্ৰ যাৰ দ্বাৰা নূন্যতম প্ৰাণ হানিৰে বিদেশী ৰাষ্ট্ৰৰ অৰ্থনীতিক মোক্ষম আঘাত হানি এটাও বুলেটৰ ব্যৱহাৰ নকৰাকৈ এই তৃতীয় বিশ্বযুদ্ধৰ অন্তত চীনে নিজকে বিশ্বশক্তিত পৰিণত কৰিব৷সেয়ে Conspiracy Theory ৰ প্ৰথম অংশই এইখিনিত কয় যে SARS-CoV-20 চীনে নিৰ্মাণ কৰা জৈৱিক অস্ত্ৰ৷
২/চীনে কৰা নাটক- আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ পৰা তথাকথিত সাম্যবাদী চীন যঠেষ্ট পৃথক৷চীনৰ চৰকাৰ ফেচিবাদী৷চীনৰ নাগৰিক নূন্যতম মানৱ অধিকাৰকণো উপভোগ কৰাৰ পৰা বঞ্চিত৷চীনত Google অথবা Facebook নিষিদ্ধ৷বহি বিশ্বৰ সৈতে চীনৰ সাধাৰণ জনতাৰ Virtual সংযোগ একপ্ৰকাৰে নাই বুলি কব পাৰি৷সমাজবাদৰ সাধুকথাৰ নামত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে নাগৰিক সকল চৰকাৰৰ ওপৰত নিৰ্ভৰশীল৷সেয়ে কোনো অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে চীনে পূৰ্বে প্ৰস্তুত কৰা Oral Antidote মিহলাই দিয়াতো কোনো কঠিন কাম নহয়৷ অথবা Vaccination Programme ৰ নামত হয়তো ফেচিবাদী চীন চৰকাৰে Antidote ৰ যোগান ধৰিছে৷সংক্ৰামনে বেইজিং অথবা চাংহাই নোপোৱা ঘটনাই এই সম্ভাৱনাকে সূচায়৷সেয়ে এনে কিছুমান Circumstantial Evidence ৰ ভিত্তিত Conspiracy Theory ৰ দ্বিতীয় অংশই কয় যে ভাইৰাছ নিৰ্মাণৰ সমান্তৰালভাৱে চীনে Antidote ও নিৰ্মাণ কৰিছিল আৰু সেয়া আজিও চীনৰ হাতত মজুত আছে৷কিন্তু লাহে-লাহে বিশ্বসম্প্ৰদায়ৰ সন্দেহ চীনৰ ওপৰত ঘনীভূত হ’ল৷মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে SARS-CoV-20 ক চীনী ভাইৰাছ বুলি ক’লে৷সেয়ে এনে সন্দেহ অথবা অপবাদ(চীনৰ ভাষাত) ৰ পৰা হাত সাৰিবলৈ চীনে আৰম্ভ কৰিলে এখন নটুন নাটক৷COVID-19 মুক্ত চীনৰ ৰাছিয়াৰ সীমান্তৱৰ্তী এখন চহৰত পুনৰ আৰম্ভ হ’ল ক’ৰণাৰ সংক্ৰামণ৷
৩/তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণী- চীনৰ বাহিৰে আজি সমগ্ৰ বিশ্বজুৰি হোৱা জটিল পৰিস্থিতিৰ বাবে আজি বিশ্ব অৰ্থনীতি বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ৰাজনীতি আৰু অৰ্থনীতি পৰস্পৰ নিৰ্ভৰশীল৷অৰ্থনৈতিক সুৰক্ষাৰ দাবীত হয়তো বহুদেশত আভ্যন্তৰীণ বিপ্লৱ হ’ব আৰু ক্ষমতাৰ হস্তান্তৰ হ’ব৷সমগ্ৰ বিশ্বজুৰি ৰাজনৈতিক পট পৰিবৰ্তন হ’ব৷বহু শক্তিশালী ৰাজনৈতিক দল অথবা নেতা হয়তো ইতিহাসৰ বিস্মৃতিৰ গৰ্ভত হেৰাই যাব৷দ্বিতীয় মহাসমৰৰ পিছৰে পৰাই বহু দেশে নিজ নিজ গৱেষণাগাৰত Virus,Superbug(Multi Drug Resistant Bacterial Species) ৰ দৰে জৈৱিক অস্ত্ৰৰ বিকাশ কৰিছে৷প্ৰতিশোধৰ তাড়ণা অথবা দেশৰ অৰ্থনীতিৰ আৰু নিজৰ ৰাজনৈতিক ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থত যদি তেওঁলোকে চীনৰ বিৰূদ্ধে জৈৱিকযুদ্ধৰ ঘোষণা কৰে তেনেহলে নিশ্চয় তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব আৰু নিশ্চিত ভাবে সেই যুদ্ধত আদৰ্শগত কাৰণত বহু দেশ চীনা শিবিৰত চামিল হ’ব৷হয়তো মুকলি সমৰ নহৈ surgical strike ও হ’ব পাৰে৷হয়তো আটলাণ্টিক মহাসাগৰৰ পৰিধি অতিক্ৰম কৰি ভাৰতীয় বন্দৰত উপনীত হ’ব পাৰে বিদেশী ৰাষ্ট্ৰত আত্যৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰি অহা কোনো বাণিজ্যিক জাহাজ যি বিশ্ববাসীৰ চকুত ধূলি দি গোপনে কঢ়িয়াই আনিছে মৃত্যুৰ বিভীষিকা-জৈৱিক অস্ত্ৰ৷ভাৰতীয় বন্দৰৰ পৰা কোনো বিদ্ৰোহী সংগঠনৰ সদস্য হয়তো সেই জৈৱিক অস্ত্ৰক লৈ অতিক্ৰম কৰিব মেকমোহন লাইন৷এনেধৰণৰ আৰু বহু সম্ভাৱনাই আছে৷যিকোনো মূহূৰ্ততে হ’ব পাৰে প্ৰত্যাক্ৰমণ৷যিকোনো মূহূৰ্ততে ধৰালৈ নামি আহিব পাৰে Nuclear Winter তকৈ হাজাৰ গুণে ভয়াবহ Biological Winter৷অন্তত পাৰমানৱিক গৱেষণাৰ পৰা হোৱা বিকিৰণক কৃত্ৰিম উপগ্ৰহে ধৰা পেলাব পাৰে৷পাৰমাণৱিক আক্ৰমণৰ ভয়াবহতাক সীমিত পৰিমাণে ৰাডাৰে নিয়ন্ত্ৰণ কৰিব পাৰে৷কিন্তু এটা ক্ষুদ্ৰতম ভাইৰাছক এয়াৰপোৰ্টৰ কোনো এক্সৰে স্কেনাৰে কেতিয়াও ধৰা পেলাব নোৱাৰে৷আমাৰ নিচেই কাষতে কাঁহি থকা প্ৰতিজন ব্যক্তিকে আমি Carrier বুলি সন্দেহ কৰিব নোৱাৰো৷অদৃশ্য জৈৱিক অস্ত্ৰ মিহলি হৈ যায় জীৱনদায়িনী বায়ু আৰু পানী লগতো৷সঁচায় আমি বাৰু সভ্যতাৰ অন্তিম স্তৰলৈ গতি কৰিছো নেকি!কাইলৈ যদি ভাৰতবৰ্ষই চীনক জৈৱিক অস্ত্ৰৰে প্ৰত্যাক্ৰমণ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী Multdrug Resistant এটা Cholera ৰ বেক্টেৰিয়া এৰি দিয়ে তেনেহলে অসমবাসীৰ কি হ’ব?জৈৱিক অস্ত্ৰৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু প্ৰত্যুত্তৰ৷বিশ্বজুৰি মাত্ৰ মৃত্যুৰ কিৰীলি৷প্ৰতিদিনেই এটা নতুন-নতুন ৰোগ৷এই Biological Winter ৰ অন্তত বাৰু মানৱ জাতি জীয়াই থাকিবগৈনে?
৪/চীনৰ প্ৰত্যাক্ৰমণ প্ৰতিৰোধ কৌশল-যদি চীনে আমি সন্দেহ কৰাৰ দৰেই জৈৱিক অস্ত্ৰৰ নিৰ্মাণ কৰি বিশ্বশক্তি হোৱাৰ সপোন দেখিছে তেনেহ’লে তেওঁলোকেওঁ নিশ্চয় প্ৰত্যাক্ৰমণক প্ৰতিৰোধ কৰাৰ কৌশলো পূৰ্বৰ পৰাই ভাবি ৰাখিছে৷যদি আমি এনে সম্ভাৱনাৰ কথা কওঁ শত্ৰু ৰাষ্ট্ৰত সৃষ্টি হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ অজুহাত লৈ সশস্ত্ৰ ৰাষ্ট্ৰবিৰোধী সংগঠনৰ দ্বাৰা সফল আভ্যন্তৰীণ বিপ্লৱ সংঘটিত কৰি চীনে সেই ৰাষ্ট্ৰসমূহত পুতলা চৰকাৰৰ জন্ম দিব৷চীনৰ বজাৰ আজিৰ তাৰিখত সকলোতকৈ সুৰক্ষিত বজাৰ৷সেয়ে এই যুদ্ধত স্বাভাৱিকতেই চীনে বৃহৎ পুজিপতি গোষ্ঠীৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ’ব যিসকল পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্ৰ অথবা ইউৰোপীয়ান ইউনিয়নৰ সমৰ্থনত আছিল৷অথবা চীনৰ Intelligence Agency ৰ হাতত প্ৰতিখন গণতান্ত্ৰিক দেশৰ চৰকাৰে সংঘতিত কৰা এনে কিছুমান দুৰ্নীতি অথবা মানৱ অধিকাৰ পৰিপন্থী কাৰ্য্যৰ প্ৰমাণ আছে যাক ৰাজহুবা কৰাৰ আশংকাত বহু দেশেই বিনাযুদ্ধে আত্মসমৰ্পণ কৰি চীনৰ বৈশ্যতা স্বীকাৰ কৰিব আৰু চীন বিশ্বশক্তিত পৰিণত হ’ব৷
উপসংহাৰ-এই Biological Winter ৰ অন্তত হয়তো পৃথিৱীৰ ৰাজনৈতিক মানচিত্ৰ সম্পূৰ্ণ ৰূপে সলনি হৈ পৰিব৷নতুন ৰাজনৈতিক আৰু সামৰিক শক্তিৰ উত্থান হ’ব৷পূৰণি সভ্যতা ইতিহাসৰ বুকুত হেৰাই যাব অথবা সমগ্ৰ মানৱ জাতিয়েই হয়তো ইতিহাসত পৰিণত হ’ব৷কাৰণ COVID-19 অথবা Biological Winter এটা সংযোগ মাত্ৰ৷এয়া মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফচল মাত্ৰ৷এয়াই জীৱবিজ্ঞানৰ “Law of Environmental Resistance”৷হয়তো এই সেউজ গ্ৰহতোৰ মানৱ জাতিৰ কলংকিত ইতিহাসত লিপিবদ্ধ হৈ ৰ’ব এই চৰম সত্য-“অসীমত যাৰ হেৰাল সীমা৷”

Symbolic Representation of Biological Warfare.