২০১৯ চনৰ ডিচেম্বৰ মাহৰ এটা কুৱলী ধূসৰিত পুৱা৷বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত চলি আছে যুদ্ধকালীন প্ৰস্তুতি-ষান্মাসিকৰ পৰীক্ষাৰ নহয় CAB/C(A)A বিৰোধী আন্দোলনৰ৷অসমৰ প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানৰে মূখ্যপ্ৰৱেশদ্বাৰত তলা ওলোমাই ৰাজপথলৈ ওলাই আহিছে ছাত্ৰছাত্ৰীৰ প্ৰতিবাদী মিছিল৷অসমৰ প্ৰতিখন চহৰ,প্ৰতিখন গাওঁ আৰু প্ৰতিতো চুবুৰীতেই তেতিয়া চলিছে বিপ্লৱৰ আখৰা৷জনসাধাৰণ স্বতঃস্ফূৰ্তভাবে ৰাজপথলৈ ওলাই আহিছে৷কৰ্মচাৰী পৰিষদে কৰ্মবিৰতি ঘোষণা কৰিছে৷গছ কাটি বগৰাই ৰাজপথ বন্ধ কৰি দিয়া হৈছে৷কৰবাত প্ৰতিবাদী জনতাই জ্বলাই দিছে বিধায়কৰ আবাসগৃহ৷ঠায়েঠায়ে গণৰোষৰ সন্মুখীন প্ৰাণ লৈ পলাইছে ভাজপা আৰু অগপ নেতাই৷শ্বহীদৰ পিতৃয়ে অশ্ৰুসিক্ত নয়নেৰে কৈছে মোৰ ল’ৰা দেশৰ বাবে শ্বহীদ হ’ল আৰু মোৰ দ্বিতীয় এজন সন্তান থকা হ’লেওঁ মই তেওঁক দেশৰ বাবে আগবঢ়াই দিলোহেঁতেন৷প্ৰায় চাৰিটা দশকৰ অন্তত এটা শুই থকা জাতিয়ে পুনৰ প্ৰাণ পাই উঠিছিল আৰু নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছিল৷মোৰ বোধেৰে C(A)A বিৰোধী আন্দোলন অসমৰ জাতীয় সংগ্ৰামৰ ইতিহাসৰ দ্বিতীয়তো অসম আন্দোলন৷মই এই আন্দোলনতো নিচেই কাষৰ পৰাই দেখিছো৷আন্দোলনত সক্ৰিয়ৰূপে অংশ লোৱাৰ অপবাদত প্ৰশাসনৰ ৰোষৰো সন্মুখীন হৈছিলো আৰু দুদিন আত্মগোপনো কৰি আছিলো৷আন্দোলনৰ বহুতো তথাকথিত নেতা আৰু প্ৰকৃত নেতাৰ সৈতে একেখন মঞ্চতেই বঢ়িছিলো৷সেয়ে আন্দোলনতোৰ বহু নগ্ন সত্যওঁ মই জানো৷আমি কিছু ভুল কৰিছিলো আৰু যদি আজি মই সেই ভুলৰ মুকলি সমালোচনা নকৰো তেনেহ’লে ইতিহাসে মোক কেতিয়াও ক্ষমা নকৰিব৷তেনেহ’লে আহক আৰম্ভ কৰো আজিৰ আত্মকথা“C(A)A বিৰোধী আন্দোলনৰ পোষ্টমৰ্টেম- Inspired by True Events.”
জাতীয় মুক্তি সংগ্ৰামখন সেইদিনাই দিশহাৰা হৈছিল যিদিনা আমি ভাজপাৰ নিৰ্বাচনী ইস্তাহাৰখন পঢ়াৰ পিছতো ৰাইজক ১৯ ৰ লোকসভা নিৰ্বাচনত ভাজপাক এঘৰীয়া কৰিবলৈ ক’বলৈ ব্যৰ্থ হৈছিলো৷কাৰণ ইস্তাহাৰখনত স্পষ্ট ভাবে CAB ক C(A)A কৰাৰ কথা কোৱা হৈছিল৷আমি যদি তেতিয়াই ৰাষ্ট্ৰীয় অথবা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত জনমত গঠন কৰিবলৈ সক্ষম হ’লোহেঁতেন তেনেহ’লে হয়তো অসমৰ নৱপ্ৰজন্মই সান্ধ্যআইন,সেনাৰ ফ্লেগ মাৰ্চ অথবা ইন্টাৰনেট কৰ্তনৰ দৰে ৰাষ্ট্ৰযন্ত্ৰৰ ফেচিবাদী নীতিৰ জীৱন্ত নিদৰ্শন দেখাৰ পৰা পৰিত্ৰাণ পালেহেঁতেন৷
১/লতাশিল যাত্ৰা আৰু ৰাজনৈতিক নাটক- অসমৰ প্ৰতিখন গাওঁৰ পৰা আৰম্ভ হোৱা এই গণবিপ্লৱৰ যে লতাশিল এদিন অভিকেন্দ্ৰ হৈ পৰিব সেয়া আমাৰ সপোনৰো আগোচৰ আছিল আৰু গণবিপ্লৱ লতাশিলত উপনীত হোৱা C(A)A বিৰোধী সংগ্ৰামখনৰ এক উল্লেখযোগ্য বিৱৰ্তন বিন্দু(turning point) আছিল৷সংগ্ৰামখন লতাশিল কেন্দ্ৰিক হৈ পৰাৰ লগে-লগেই এলানি উল্লেখযোগ্য ঘটনাক্ৰমৰ আৰম্ভণি হ’ল৷ইমানদিনে ৰাইজৰ নেতৃত্বত অংসগঠিত ভাবে অব্যাহত থকা সংগ্ৰামখনে প্ৰথমবাৰৰ বাবে পেছাদাৰী নেতাৰ মুখ দেখিলে আৰু ইয়াৰ সৰ্বশেষ পৰিণতি স্বৰূপে ৰাইজৰ সংগ্ৰামখন সংগঠনৰ বেনাৰৰ আৰত হোৱা সংগ্ৰামলৈ পৰিবৰ্তিত হ’ল৷আদৰ্শগত সংঘাতে প্ৰতিবাদী জনতাক বহুধাবিভক্ত কৰিলে৷পূৰ্বে একেখন মহাবিদ্যালয়ৰে বেনাৰত আন্দোলন কৰা ছাত্ৰন এইতো অমুকতো সংগঠনৰ আন্দোলন বুলিহে তাক বৰ্জন কৰা আৰম্ভ কৰিলে৷বহু পালিনেতাই নিজকে নেতা কৰাৰ কুচকাৱাজ আৰম্ভ কৰি দিলে আৰু বহু ছাত্ৰ নেতাই পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ টিকেটৰ সপোন দেখাৰ আৰু অসমৰ বহুকেইখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কোনো-কোনো ছাত্ৰ সংগঠনৰ “ডাম্পিং গ্ৰাউণ্ড”ত পৰিণত হ’ল৷এয়া কোনো কল্পকথা নহয় মোৰ চাক্ষুস অভিজ্ঞতা মাত্ৰ৷
২/সাংস্কৃতিক প্ৰতিবাদ – লতাশিলত মাইক্ৰফোনতো হাতত তুলি লৈ জুবিন দাই সাংস্কৃতিক বিপ্লৱৰ কথা ক’লে৷অসম আৰু অসমীয়াৰ বাবে পূৰ্বেও জুবিন দাই বহু ত্যাগ কৰিছে৷C(A)A বিৰোধী সংগ্ৰামৰ তেওঁ এজন অন্যতম কাণ্ডাৰী আছিল৷কিন্তু ইয়াৰ সমান্তৰালভাৱে এই কথাও সত্য যে জুবিন দাৰ ৰাজনৈতিক পৰিপক্বতা যঠেষ্ট কম৷সাংস্কৃতিক প্ৰতিবাদৰ নামত প্ৰতিবাদী সভাৰ পৰা আৰম্ভ কৰি টেলিভিচনৰ ষ্টুডিঅলৈকে সকলোতে গীতৰ এসন্ধ্যা,কবিতাৰ এসন্ধ্যাৰ দৰে কাৰ্য্যসূচী আৰম্ভ হ’ল৷বাটৰ নাটো সাৰি নগল৷কিন্তু পৰিতাপৰ বিষয় চীন বা ইটালীৰ দৰে অসমৰ গৰিষ্ঠসংখ্যক ৰাইজে সাংস্কৃতিক বিপ্লৱৰ ভাষা বুজি নাপাই৷সেয়ে কৰবাত এই সাংস্কৃতিক প্ৰতিবাদ মাত্ৰ আমোদ-প্ৰমোদৰ উৎস হৈ পৰিল৷কোনো-কোনো প্ৰতিবাদী সভাত কন্ঠশিল্পীয়ে কেৱল মাত্ৰ মাইকৰ তালেতালে Lipsing কৰিল৷অভিনেতা-অভিনেত্ৰী সকলক দেখি যুৱক-যুৱতীসকলো ৰাজপথলৈ সাজিকাচি ওলাল৷ফলত বিপ্লৱ পৰিণত হ’ল এক ৰাজপথৰ ফেশ্বন শ্বত৷
৩/ মাইক্ৰফোনৰ অপসংস্কৃতি-প্ৰতিবাদী সভাবোৰত যিদিনাৰ পৰাই মাইক্ৰফোনৰ আবিৰ্ভাৱ ঘটিল সেইদিনাৰ পৰাই প্ৰতিজন পালিনেতাই নেতা হোৱাৰ আখৰা আৰম্ভ কৰি দিলে৷যোৰহাটৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সান্ধ্য আইনৰ মাজত হোৱা এক প্ৰতিবাদী কাৰ্য্যসূচীত মই অংশ লৈছিলো আৰু সেইদিনা এটা আমোদজনক ঘটনা ঘটিল৷এজন ভদ্ৰলোক আৰু ভদ্ৰমহিলাই মাইক্ৰফোনক লৈ কঢ়া-আজোৰা কৰিবলৈ আৰম্ভ কৰিলে৷সেইখন যুঁজত ভদ্ৰলোকজন জয়ী হ’ল আৰু নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ভদ্ৰমহিলাগৰাকীয়ে সেই স্থানৰ পৰা প্ৰস্থান কৰিলে৷বহুতো প্ৰতিবাদী সভাত কোনো-কোনো বক্তাই মাইক্ৰফোনতো হাতত লৈয়েই বিপ্নৱৰ বাহিৰে তেওঁৰ ব্যক্তিগত জীৱনাদৰ্শৰ বখানি মেলিবলৈ আৰম্ভ কৰিলে৷ইফালে তেওঁৰ Public Speaking Ability ও নাই৷কোনোবা এজন ভদ্ৰলোকে ক’লে মোৰ অমুকতো গান ভূপেন হাজৰিকাক মই হে শিকাই-বুজাই গোৱাইছিলো৷হয় বাৰু আপোনাৰেই গান৷কিন্তু আপুনি ভূপেন হাজৰিকাক শিকাই বুজাই গোৱাইছে!আমি মাত্ৰ মৌন হৈ চাই ৰ’লো বিপ্লৱৰ চাৰ্কাচ৷
৪/প্ৰতিবাদৰ ভাষা-ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দেৱে ৰাইজক আহ্বান জনালে প্ৰতিবাদ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক হ’ব লাগে৷হয় তেওঁৰ আহ্বান শুদ্ধ আছিল৷কিন্তু তেওঁৰ বাখ্যাৰ অপবাখ্যা( Message Distortion) হ’ল৷প্ৰতিবাদৰ এক নিজস্ব ভাষা থাকে৷তাত গণতান্ত্ৰিক উগ্ৰতা ও থাকে৷কিন্তু আমাৰ প্ৰতিবাদ অধিক শান্তিপূৰ্ণ হ’ল৷কৰবাত-কৰবাত শ্লোগানবোৰৰ ভাষা অশ্লীলো হৈ পৰিছিল৷অশ্লীলতা কেতিয়াও প্ৰতিবাদৰ ভাষা হ’ব নোৱাৰে৷কোনোবাই শ্লোগান দিছিল “C(A)A আমি নুবুজো৷”শ্লোগানদাতাই বাৰু সঁচাকৈয়ে C(A)A কি নুবুজাকৈয়ে আবেগত উটি-ভাহি গৈ ৰাজপথলৈ ওলাই আহিছিল নেকি?তেওঁক C(A)A কি বুজাব নোৱাৰাতো হয়তো আমাৰেই ব্যৰ্থতা আছিল৷কাৰণ অশ্লীলতাৰ দৰেই বিবেকবৰ্জিত আবেগো প্ৰতিবাদৰ ভাষা হ’ব নোৱাৰে৷
এই সকলোবোৰ দূৰ্ভাগ্যজনক ঘটনাৰ পৰিণতি স্বৰূপে প্ৰতিবাদী ৰাইজৰ ক্ষোভো প্ৰশমিত হ’ল আৰু ৰাইজে বিপ্লৱ আৰু বিপ্লৱৰ নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পেলালে৷কাৰণ অসমৰ ৰাইজ অসম আন্দোলনৰ প্ৰবঞ্চনাৰ ইতিহাসৰে পুষ্ট৷এনেদৰেই জাতীয় মুক্তি সংগ্ৰামৰ দ্বিতীয়তো বৃহৎ গণআন্দোলনো পথভ্ৰষ্ট হ’ল৷শ্বহীদৰ পিতৃয়ে তেওঁৰ দ্বিতীয়জন সন্তানক অসমী আইৰ চৰণত অৰ্পিত কৰাৰ পৰা বঞ্চিত হ’ল৷আমাৰ মাজৰ বহুজন ডেকা ল’ৰা শ্বহীদ হ’ল৷বহুজন সহযোগী ঘুণীয়া হ’ল আৰু এই আন্দোলনৰ অন্যতম হোতা অখিল গগৈ আজিও কাৰাগাৰৰ চাৰিবেৰৰ মাজত৷য’ত আজি আমি তেওঁৰ মুক্তিৰ বাবে Quarentine ৰ সীমাবদ্ধতাৰ মাজতে ঘৰৰে পৰাই প্ৰতিবাদ কৰিব লাগিছিল সেইসময়ত আমি ৫ এপ্ৰিলৰ নিশা মাননীয় প্ৰধানমন্ত্ৰীৰ ডিঙিত বিহুৱানখন দেখিয়েই সকলো পাহৰি প্ৰশংসাত পঞ্চমুখ হৈ পৰিছো৷বন্ধু কল্যাণ আৰু মই একেলগেই সেইসময়ত আন্দোলনত জপিয়াই পৰিছিলো৷প্ৰতিবাদী সভা কৰিছিলো,সমদল কৰিছিলো আৰু পুলিচী নিৰ্যাতনৰ পৰা সাৰি থাকি আন্দোলন অব্যাহত ৰখাৰ স্বাৰ্থত আত্মগোপনো কৰিছিলো৷কালি নিশা বহুপৰলৈকে আমি কথা পাতিলো৷আত্মবিশ্লেষণ কৰিলো আৰু এক মৃত আন্দোলনৰ পোষ্টমৰ্টেম কৰিলো৷এইখিনিয়েই আছিল আমাৰ পোষ্টমোৰ্টেমৰ ফলাফল আৰু এইকথাখিনি নগ্ন সত্য যদি মই আপোনালোকৰ পৰা লুকুৱাই ৰাখো তেনেহলে ইতিহাসেও মোক ক্ষমা নকৰে৷
৫/COVID-19- অৱশ্যে ভোগালী বিহুৰ পিছতো সীমিতসংখ্যক ৰাইজৰ মাজত একুৰা তুঁহখেৰৰ জুই মাৰ্চৰ অন্তিম সপ্তাহ পৰ্য্যন্ত উমি-উমি জ্বলি আছিল৷কিন্তু এইবাৰ প্ৰকৃতিয়েও হয়তো আমাৰ ভুলৰ বিপক্ষে ঠিয় দিলে৷ভাৰত COVID 19 ৰ তৃতীয় পৰ্য্যায়ত উপনীত হ’ল৷দেশজুৰি ২১ দিনৰ লকডাউন ঘোষণা কৰা হ’ল আৰু মোৰ বোধেৰে লকডাউনেই আছিল C(A)A বিৰোধী সংগ্ৰামৰ কফিনৰ অন্তিমতো গজাল৷
কৰবাত ভুলবোৰ ময়ো কৰিছিলো আৰু ক’ৰবাত আপুনিও৷আমি কৰা ভুলবোৰৰ বাবেই এটা জাতীয় আন্দোলন নিচিহ্ন হৈ গ’ল৷এই ভুলবোৰে আজিও কোনো উজাগৰী নিশাত মোক দুস্বপ্নৰ দৰে খেদি ফুৰে৷হয়তো আৰু বহু ভুল হৈছিল যিবোৰ মোৰ অথবা কল্যাণৰ দৃষ্টিগোচৰ হোৱা নাছিল৷আশা কৰো অসমৰ ভবিষ্যত প্ৰজন্মই আমি কৰা ভুলবোৰৰ পৰা শিক্ষা ল’ব আৰু তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টাত ডিচেম্বৰ মাহৰ আন এটা কুৱলী ধূসৰিত পুৱাত মোৰ শুই থকা জাতিতোৱে পুনৰ সাৰ পাই উঠিব আৰু আমি পুনৰ নাৰ্য্যপ্ৰাপ্তিৰ দাবীত ৰাজপথলৈ ওলাই যাম৷কাৰণ তেতিয়াহে শ্বহীদ আৰু তেওঁৰ পৰিয়ালে ন্যায় পাব৷জাতীয় মুক্তি সংগ্ৰাম দীৰ্ঘজীৱী হওঁক৷জয় আই অসম৷























