(ভৌতিক গল্প)
আজিকালি সামাজিক মাধ্যমত এটা নতুন ট্ৰেণ্ডৰ আৰম্ভণী হৈছে ৷ ভাইৰেল হোৱাৰ ট্ৰেণ্ড ৷ মানুহবোৰৰ যে কি হৈছে ! সস্তীয়া জনপ্ৰিয়তাৰ আশাত কোনোৱে যদি বাঁকৰ দৰে কেঁচাই-কেঁচাই জীয়া মাছ খাইছে , কোনোৱে আকৌ কেমেৰাৰ সন্মুখতে কাপোৰ খহাই পেলাইছে, আন কোনোৱে আকৌ অদ্ভুত ৰাগেৰে গীত জুৰিছে অথবা নাভুত-নাশ্ৰুত ভংগীমাৰে নৃত্য কৰিছে৷ বিশ্বাস কৰক, মই কোনো সস্তীয়া জনপ্ৰিয়তাৰ মৰীছিকা খেদি ফুৰা ব্যক্তি নহ’য়৷ ভাইৰেল হোৱাৰ হাবিয়াসত মই কোনো গাজাখুৰি গল্পৰো পাতনি মেলা নাই৷ মই অশৰীৰ আত্মাৰ সান্নিধ্য লভিছিলো৷ অশৰীৰ আত্মাৰ সৈতে এটি বৰ্ষাসিক্ত সন্ধ্যা পাৰ কৰিছিলো ৷ অশৰীৰৰ সৈতে মোৰ মুখামুখি হৈছিল৷ আপুনি বিশ্বাস কৰক বা নকৰক এয়াই মোৰ সত্য ৷
আজিৰ পৰা প্ৰায় এক দশকৰ পূৰ্বৰ কথা৷ তাৰিখটো মোৰ আজিও মনত আছে – ২৪/০২/২০১৩ , হয়তো আমৃত্যু মনত থাকিব৷ সেইসময়ত কৰ্মসূত্ৰে মই মহানগৰীৰ বাসিন্দা আছিলো ৷ ২৪ তাৰিখে পুৱাই দেউতাই ফোন কৰিলে৷ প্ৰাতভ্ৰমণলৈ বুলি ওলাই যাওঁতে বৰদেউতাক ট্ৰাক এখনে মহতিয়াই থৈ গ’ল৷ অৱস্থা সংকটজনক৷ পাৰিলে ঘৰলৈ আহিব লাগে৷
A.S.T.C লৈ লৰ দিলো ৷ দহ বজাত এখন বাছ আছে ৷ ঘড়ীটো চালো ৷ প্ৰায় দুঘন্টা মান বাকী আছে ৷ কিন্তু সোণাৰীলৈ যোৱা আৰু কোনো বাছ নাই ৷ নাই মোমাইত কৈ কণা মোমাইয়েই ভাল ৷ সেয়ে উপায়বিহীন হৈ সেইখন বাছতে টিকট কাটি উঠিলো ৷
বোকাখাত সোমাইছো মাত্ৰ ৷ লাগিল নহয় কেণাটো ৷ বাছখনৰ ইঞ্জিন বেয়া হ’ল ৷ কণডাক্টৰে কোৱা মতে আৰু ডেড় ঘন্টামান লাগিব ৷ ঘড়ীটোলৈ চালো ৷ সাত বাজো বাজো ৷ চিপচিপকৈ বৰষুণো পৰিবলৈ আৰম্ভ কৰিছিল ৷ বৰ বেয়াকৈ চাহ একাপৰ প্ৰয়োজন অনুভৱ কৰিছিলো ৷ ডেড় ঘন্টা বুলি কৈছেহে ৷ কিমান সময় লাগে কি ঠিক ! বাছৰ খিড়িকীৰে জুমি চালো ৷ নাতি দুৰৈত ঘুমতি এখন দেখা পালো ৷ হয়তো একাপ চাহ পোৱা যাব ৷ বাছৰ পৰা নামি ঘুমতিখনলৈ বুলি আগবাঢ়িলো ৷
চাহৰ কাপত চুমুক দিছো মাত্ৰ পিঠিত মৃদু ধকা এটা অনুভৱ কৰিলো ৷ পিছলৈ ঘুৰি চাই দেখো ছিগাৰেটৰ ধোৱা উৰুৱাই সেইটোচোন পাৰ্থ ৷ পাৰ্থ মোৰ ল’ৰালিৰ বন্ধু ৷ আমাৰ পৰা চাৰিঘৰ এৰি সিহঁতৰ ঘৰ ৷ পাৰ্থক মই সকলোবোৰ ভাঙিপাতি ক’লো ৷ ” মই নগাঁৱৰ পৰা ঘৰলৈ বুলিকে আহি আছিলো বুজিএ ৷ তই মোৰ গাড়ীতে উভটিব পাৰিবি ৷” ময়ো হাততে সৰগ ধুকি পোৱাৰ দৰে পালো ৷
ফেব্ৰুৱাৰী মাহৰ কুৱলী ফালি পাৰ্থৰ গাড়ীখন আগবাঢ়িছে ৷ পাৰ্থই অনৰ্গল কিবাকিবি কৈ গৈছে ৷ আনদিনা হোৱা হ’লে কোনো কথা নাছিল ৷ কিন্তু আজি বৰদেউতাৰ চিন্তাত পাৰ্থৰ এটা কথাও মোৰ কাণত সোমোৱা নাই৷
নিশা আঠ মান বাজিছিল৷ জাঁজীৰ পুৰণি দলংখনৰ কাষ চাপিছো ৷ চিপচিপিয়া বৰষুণজাক একেই আছে ৷ হঠাৎ বৰদেউতাই কোৱা এষাৰ কথা মনত পৰিল ৷ পুৰণি দলংখনৰ কাষৰ এই ঠাইখিনি বোলে বৰ ভাল নহ’য় , সম্ভৱ অশৰীৰ নিবাসস্থলী ৷ কেতিয়াবা বোলে ছোৱালী এজনীৰ আত্মাই দেখা দিয়ে ৷ বহুতো গাড়ী দুৰ্ঘটনাগ্ৰস্থও হৈছে ৷
হঠাৎ পাৰ্থই জোৰেৰে ব্ৰেক মাৰিলে
সন্মুখত এগৰাকী যুৱতী ৷ হঠাৎ ক’ৰ পৰা জানো গাড়ীৰ সন্মুখলৈ আহি হাত জোকাৰি গাড়ী ৰখোৱাৰ ইংগিত দিলে ৷মোৰ গাটো শিয়ৰি উঠিল ৷ মই চেপা কন্ঠৰে পাৰ্থক ক’লো , ” গাড়ী নৰখাবি৷ এই কোনো মানৱী নহয় ৷ নিশ্চয় ……. ৷ ” মোৰ কথা শেষ নহ’লেই গাড়ীৰ দৰ্জাত টোকৰ পৰিল ৷ ” দাদা বৰ বিপদত পৰিছো ৷ মই সোণাৰীলৈ যাব লাগে ৷ মই এইখিনিৰে পিজি এটাত থাকো ৷ আধা ঘন্টামান আগেয়ে ফোন আহিল মা হেনো প্ৰেছাৰ ষ্ট্ৰ’ক হৈ মুৰ ঘুৰাই পৰিল ৷ ঘৰলৈ মাতি পঠিয়াইছে ৷বৰষুণৰ বাবে কোনো গাড়ীও নাই ৷ প্লীজ মোক সহায় কৰক ৷ “
মোৰ চকুৰ ইংগিতক ভ্ৰুক্ষেপ নকৰি পাৰ্থই গাড়ীৰ দৰ্জাখন খুলি দিলে৷ মই মনে-মনে ভগৱানক স্মৰণ কৰিলো ৷ ৰিয়েৰ ভিউত চকু পৰাত অনুভৱ হ’ল ছোৱালী জনীয়ে যেন মোৰ ফালেই একেথৰে চাই আছে ৷ তাইৰ দৃষ্টিত এক শূণ্যতা ৷ মোৰ বুকুখন কপি উঠিল ৷ তেনেতে মোৰ ফোনটো বাজি উঠিল ৷ দেউতাৰ ফোন ৷ মোৰ বুকুখন চিৰিংকৈ মাৰিলে ৷ কিবা অঘটন ঘটা নাইটো ৷ ফোনটোৰ সিপাৰে দেউতাৰ মাতটো একেবাৰ অস্পষ্টকৈ শুনা পালো ৷ কিবা মাতটো ভাগি-ভাগি আহিছে ৷ পৰৱৰ্তী দুবাৰো একেই পৰিঘটনা ৷ একো শুনা নাপালো ৷ হঠাৎ মনত পৰিল এবাৰ কোনো আলোচনী এখনত পঢ়িছিলো কাষত কোনো অশৰীৰ শক্তি উপস্থিত থাকিলে বোলে মোবাইল,ফোন,ইন্টাৰনেট আদিৰ দৰে যোগাযোগ ব্যৱস্থাত সমস্যাই দেখা দিয়ে৷ সমগ্ৰ শৰীৰটো জিকাৰ খাই গ’ল৷ চকুকেইটা মুদি মনে-মনে নাৰায়ণক স্মৰণ কৰিলো ৷
দিনটোৰ ভাগৰে দুচকুত দোলা দিলেহি ৷ কেতিয়ানো টোপনি গ’লো গমেই নাপালো ৷ হঠাৎ গাড়ীখনে ব্ৰেক মৰাত জোকাৰণি খাই সাৰ পালো ৷ ৰিয়েৰ ভিউত চকু পৰাত চিৎকাৰ কৰি উঠিলো “আৰে! ছোৱালীজনী চোন নাই ৷” ” তাই সিখন গাঁৱতে নামি গ’ল৷ আমি ঘৰ আহি পালোহি বুলি তই কলমতিয়াই থাকোতে হ’বলা গমকে নাপালি ৷ আহচোন পাঁচমিনিট মানৰ বাবে ফটকৈ আমাৰ ঘৰত সোমাই যাওঁ ৷ ” ” বুজিছ পাৰ্থ! আজি নোসোমাও দে ৷ বৰদেউতাৰ চিন্তাই মনটো খুলি-খুলি খাইছে ৷ তাকো দেউতাই বা কিয় ফোন কৰিছিল …….” মোৰ বাক্যশাৰী শেষ হোৱাৰ পূৰ্বেই পাৰ্থৰ ঘৰৰ পৰা এক কৰুণ কান্দোনৰ সুৰ ভাহি আহিল ৷ মই কিবা বুজি পোৱাৰ আগেয়ে পাৰ্থই খৰখেদাকৈ গাড়ীৰ পৰা নামি অন্ধকাৰৰ মাজত যেন হেৰাই গ’ল ৷ মই পাৰ্থৰ পিছে-পিছে আগবাঢ়িলো ৷ আৰে এয়া কি পাৰ্থহঁতৰ ঘৰৰ চোতালখন চোন লোকে লোকাৰণ্য আৰু চোতালত সেইটো , সেইটো বগা কাপোৰেৰে ধাকি থোৱা কাৰ মৃতদেহ৷ হঠাৎ এছাটি প্ৰবল বতাহে মৃতদেহটি ধাকি থোৱা বগা কাপোৰখন উৰুৱাই লৈ গ’ল৷ পশ্চিম আকাশত বিজুলীয়ে চিকমিকালে ৷ মোৰ দুই নেত্ৰ বিস্ফোৰিত হৈ পৰিল ৷ মোৰ সন্মুখত এইয়া নিথৰ হৈ পৰি আছে পাৰ্থৰ বিধ্বস্ত মৃতদেহ ৷ মুখেৰে সামান্য তেজ বিৰিঙি আছে ৷ মোৰ মুৰৰ ওপৰৰ আকাশখন চক্ৰকাৰে ঘুৰিবলৈ ধৰিলে৷ ক্ৰমশ মই যেন দৃষ্টি হেৰুৱাই পেলালো ৷
পৰিসমাপ্তিঃ প্ৰায় ১২ ঘন্টাৰ অন্তত যেতিয়া মই সাৰ পালো তেতিয়া মই হস্পাতালৰ বিছনাত ৷ ২৪/০২/২০১৩ সন্ধ্যা প্ৰায় ছবজাত নগাঁৱৰ পৰা ঘৰলৈ বুলি ঘুৰি আহোতে বোকাখাটৰ সমীপত পাৰ্থৰ গাড়ীখনক তেলৰ টেংকাৰ এখনে মহতিয়াই থৈ গ’ল৷ পাৰ্থৰ ঠিতাতে মৃত্যু হৈছিল ৷ গাঁৱলৈ খবৰটো গৈ পায় মানে আঠ মান বাজিছিল৷ সেই খবৰটো দিবলৈকে বোলে দেউতাই মোলৈ ফোন কৰিছিল ৷ সেইদিনা নিশালৈ বৰদেউতাও ধুকাল ৷









