শংকৰী আদৰ্শৰ বিকৃতকৰণ,সনাতন আৰু বৈদিক সভ্যতা বিৰোধী ষড়যন্ত্ৰ,মৌলবাদ আৰু সাম্প্ৰদায়িকতাৰ প্ৰেক্ষাপটত একবিংশ শতিকাত ধৰ্মযুদ্ধৰ প্ৰাসংগিকতা

আমি সামাজিক মাধ্যমত পোৱা তথ্যনুসৰি হীৰেন গোহাই,হৰেকৃষ্ণ ডেকা,শিৱনাথ বৰ্মন,অপূৰ্ব কুমাৰ বৰুৱা, উদয়াদিত্য ভৰালী,অজিত কুমাৰ ভূঞা,চন্দ্ৰকান্ত দাস, অৰূপ বৰা, অখিলৰঞ্জন দত্ত, নিত্য বৰা,ময়ুৰ বৰা,লোকনাথ গোস্বামী,পৰমানন্দ মজুমদাৰ, পৰেশ মালাকৰ, দেবেন তামুলী আৰু বিবেক দাস অসমৰ এইকেইজন খ্যাতিনামা সাহিত্যিক আৰু বুদ্ধিজীৱীয়ে শংকৰদেৱৰ আদৰ্শৰ বিকৃতিকৰণৰ দ্বাৰা উত্তৰসত্যক শিখণ্ডী সাজি গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ সমীপৰ নৱনিৰ্মিত যজ্ঞস্থলী ধ্বংস কৰাৰ আহ্বান জনাইছে৷উল্লেখযোগ্য যে আঠখেলীয়া নামঘৰৰ দামোদৰপন্থী খেলে কিন্তু যাগ-যজ্ঞ কৰে৷গুৱাহাটীৰ শীততাপ নিয়ন্ত্ৰিত অট্ৰালিকাৰ পৰা বাজ হৈ নোপোৱা তেৰাসৱে হয়তো ইয়াৰ ভুকে নাপায়৷সকলোকে দোষী নোবোলা কোনোবাজন হয়তো “Brainwashed ” হ’বও পাৰে৷অৱশ্যে তেওঁলোকৰ এনে বিষাক্ত আহ্বানৰ মাজেৰে কেৱল বৈদিক হিন্দুৰ ধৰ্মীয় অনুভুতিত আঘাত হনাই নহয় ইয়াৰ সমান্তৰালভাৱে সাম্প্ৰদায়িক আৰু মৌলবাদী শক্তিক উৎসাহ জনাব৷মৌলবাদৰ অন্তিম পৰিণতি “genocide” মাত্ৰ৷অন্য ধৰ্মলম্বী সকলো সজাগ হওঁক৷বালিলৈ যিপাত শৰ সুগ্ৰীৱলৈও একেপাতেই৷আজি যজ্ঞস্থলী,কাইলৈ হয়তো ঈদৰ ময়দান,পৰহিলৈ গীৰ্জা বা গুৰুদ্বাৰ৷মুঠতে মানুহ,মানৱতা,মানৱ অধিকাৰ,স্থাপত্য,ভাস্কৰ্য্য,সংস্কৃতি,গণতন্ত্ৰ,স্বাধীনতা,ন্যায়, ধৰ্ম সবাৰে “genocide” হ’ব৷বৌদ্ধিক সন্ত্ৰাসবাদী জিহাদী বা নক্সালবাদীতকৈও শতগুণে ভয়ংকৰ কাৰণ এওঁলোক জিহাদী আৰু নক্সালীৰ উৎপাদনৰ কাৰখানা৷অৰুন্ধতী ৰয় আৰু নব্বৈ দশকৰ কাশ্মীৰ৷এনেকৈ হাত সাবতি বহি থাকিলে কাইলৈ হয়তো অসম ফাইল আৰু পৰহিলৈ ভাৰত ফাইলো হ’ব৷টুকৰে-টুকৰে গেঙে কোৱাৰ দৰে প্ৰতি ঘৰৰ পৰাই আফজলৰ দৰে মৌলবাদীৰ সৃষ্টি হ’ব৷সনাতনী বৈদিক হিন্দুৰ ধৰ্মীয় আবেগত আঘাত হনা,সাম্প্ৰদায়িকতা,ব্লাষ্ট’ফেমী আৰু মৌলবাদক উচতনি দিয়াৰ অভিযোগত IPC 153 A, 153 B, IPC 295, IPC 505 ৰ আধাৰত অসম আৰক্ষীয়ে এই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰক৷ইয়াৰে বহুকেইটা ধাৰা জামিনবিহীন৷সূক্ষ্মভাবে জেৰা কৰিলে অসমৰ টুকৰে-টুকৰে গেংৰ লিংক মেন আৰু শ্নিপাৰ চেলৰ সন্ধান পোৱা যাব আৰু AFSPA ৰ আধাৰত তেনে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত “AFSPA” জাপি দিয়াৰ বিনে আন কোনো বিকল্প নাই৷আমি আশাবাদী অসমৰ উচ্চন্যায়লয়,অসম আৰক্ষী আৰু নিষ্ঠাবান নাগৰিক সমাজে গোচৰ তৰি প্ৰকৃত সত্যক ন্যায়লয়ত উন্মোচিত কৰিব আৰু ন্যায়লয়ে ন্যায় কৰিব৷মই নকও যে স্বাক্ষৰ কৰা সকলো ষড়যন্ত্ৰৰ অংশীদাৰ কিন্তু বৈদিক সনাতনীৰ ধৰ্মীয় অনুভুতিত প্ৰতিজন স্বাক্ষৰকাৰীয়েই আঘাত হানি দেশৰ সাম্প্ৰদায়িক মহলক অশান্ত কৰিছে৷সাধাৰণ জনতা হ’লেও পৃথক কথা সাহিত্যিক-বুদ্ধিজীৱী-জ্যেষ্ঠ সাংবাদিক আনহে নালাগে ৰাজ্যসভাৰ বিৰোধী দলৰ সাংসদে যদি এনে কাম কৰে এয়া অজানিতে কৰা ভুল বুলি মানি লবলৈ মনে নকয়৷সেয়ে গোচৰ তৰক,স্বচ্ছ আৰু নিৰপেক্ষ তদন্ত হওঁক,আদালতৰ মজিয়াত সত্য উন্মোচিত হওঁক আৰু দোষী সাব্যস্ত সকলক আদালতে এনে দৃষ্টান্তমূলক শাস্তি বিহক যাতে ভবিষ্যৎতলৈ ধৰ্মনিৰপেক্ষ ভাৰতলৈ কোনো সাম্প্ৰদায়িক বা মৌলবাদী শক্তিয়ে চকু তুলি চাবলৈও ভয় কৰে৷
সনাতনৰ লোককথাত উল্লেখ আছে যে পূৰ্বৰ যুগত অসুৰ-ৰাক্ষস-দানৱ আদিয়ে এইদৰেই যজ্ঞ ভংগৰ ৰচিছিল৷ধৰ্মযুদ্ধত অধৰ্মৰ ক্ষণিক উত্থান হ’লেও ধৰ্মৰ বিজয় আবশ্যৱম্ভী আৰু ইতিহাস সাক্ষী আছে ধৰ্মৰ চৰম গ্লানি তেতিয়াই হ’য় যেতিয়া ধৰ্মৰ জ্ঞানীজনে অধৰ্মৰ সাক্ষী হৈও নিমাত হৈ থাকে৷এইয়া নিৰপেক্ষতা নহয় সমাজৰ প্ৰতি অভিশাপ মাত্ৰ৷কুৰুক্ষেত্ৰৰ ৰক্তপাত দুৰ্যোধন,দুশাসন আৰু শকুনিৰ অধৰ্মৰ বাবে নহয় বৰঞ্চ ধৰ্মৰ মহাজ্ঞানী পিতামহ ভীস্ম,গুৰু দ্ৰোণ আৰু মহাৰথী কৰ্ণৰ দ্ৰোপদীৰ বস্ত্ৰহৰণৰ দৰে বীভৎস অপৰাধৰ নিৰৱ সাক্ষী হোৱাৰ বাবেহে হৈছিল আৰু সেয়ে ধৰ্মযুদ্ধত অন্তিম মূহূৰ্তত এই তিনিওজন মহাৰথীকে ধৰ্মই প্ৰতাৰণা কৰিলে৷যজ্ঞপীঠ ধ্বংসৰ ষড়যন্ত্ৰৰ দৰে অন্যায়ৰ বিৰূদ্ধে মৌন প্ৰতিজন হিন্দুকে অন্তিম মূহূৰ্তত সত্য,ধৰ্ম আৰু ন্যায়ে প্ৰবঞ্চনা কৰি ইতিহাসৰ দৃষ্টিত অধৰ্মৰ পৃষ্ঠপোষক সজাৱ৷আজি ভাৰতৰ পূণ্যভূমিত ধৰ্মৰ গ্লানি হৈছে৷অসত্য,অন্যায় আৰু অধৰ্মই মৰ্য্যদাৰ চৰম সীমাক অতিক্ৰম কৰিছে৷ধৰ্ম আজি সংকটত (আৰু ধৰ্ম মানে মই ইয়াত কোনো পন্থাৰ কথা কোৱা নাই বাস্তৱ ধৰ্ম অৰ্থাৎ সত্য আৰু ন্যায়ৰ কথাহে কৈছো),হে ধৰ্মযোদ্ধা সুখনিদ্ৰা ত্যাগ কৰা আৰু ধৰ্মক ধাৰণ কৰি অধৰ্মীৰ বিনাশেৰে সমাজত পুনৰ সত্য,ধৰ্ম আৰু ন্যায়ৰ প্ৰতিষ্ঠা কৰা৷ধৰ্মযুদ্ধত ধৰ্মই কৃষ্ণৰ দৰে সাৰথি হৈ তোমাৰ মাগদৰ্শন কৰিব কিন্তু ন্যায়ৰ গাণ্ডীৱত সত্য আৰু ন্যায়ৰ শৰ সন্ধান তুমি স্বয়ং কৰিব লাগিব৷অধৰ্মৰ সংগ লোৱাৰ বাবে দৈৱিক কৱচ,কুণ্ডল,বিজয় ধনু,ধৰিত্ৰী আই আৰু পৰশুৰামৰ ব্ৰহ্মবিদ্যায়ো কৰ্ণক ৰক্ষা কৰিব নোৱাৰিলে৷ইচ্ছা মৃত্যু ভীস্মৰ বাবে অভিশাপ হ’ল আৰু সত্যই দ্ৰোণক প্ৰতাৰণা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে৷দুশাসনৰ ৰক্তপান আৰু দুৰ্য্যোধনৰ উৰুভংগ,কৌৰৱৰ ওঠৰ অক্ষৌহিণী নাৰায়ণী সেনাৰ মহাবিনাশ আৰু অন্তত গুৰুপুত্ৰ অশ্বত্থামাই পীড়াদায়ক অমৰত্বৰ ভয়াবহতম অভিশাপ পালে৷অশ্বত্থামা বিদ্যা আছিল অথচ তেওঁ অৰ্জিত বিদ্যাৰ সদায়েই দুপ্ৰয়োগ কৰিছিল সেয়ে চৰমতম শাস্তিৰ তেৱেই একমাত্ৰ অংশীদাৰ হ’ল যি আজিৰ যুগৰ বৌদ্ধিক সন্ত্ৰাসবাদীমখাৰ বাবেও প্ৰযোজ্য৷শ্ৰীকৃষ্ণৰ ওচৰত না অস্ত্ৰ আছিল না কৱচ৷স্বয়ং ধৰ্ম কৃষ্ণৰ অস্ত্ৰ আৰু কৱচ আছিল৷ধৰ্মৰ সমান শ্ৰেষ্ঠতম অস্ত্ৰ আৰু কৱচ নাই৷সেয়ে ধৰ্মক ধাৰণ কৰি ন্যায়ৰ গাণ্ডীৱ (আজিৰ যুগত ন্যায়িক প্ৰক্ৰিয়া) তুলি লওক খোদ পৰমেশ্বৰ আপোনাৰ জীৱন ৰথৰ সাৰথি,অস্ত্ৰ আৰু কৱচ হ’ব৷ধৰ্ম ৰক্ষতিঃ ৰক্ষিতঃ৷
যি শ্ৰীকৃষ্ণৰ দৰ্শনক হৃদয়ংগম কৰিছে তেওঁলোকে কল্কীৰ আগমন পৰ্য্যন্ত ধৰ্মৰ ৰক্ষা কৰিব৷“অহম ব্ৰহ্মস্বামী৷“

“য়দা য়দা হী ধৰ্মস্য
গ্লানি ভৱতি ভাৰত
অভ্যুত্থানম অধৰ্মস্য
তদাতমানম শ্ৰীজাম্যহম
পৰিত্ৰানায় সাধুনাম
বিনাশায় চঃ দুস্কৃতম
ধৰ্ম সংস্থাপনাৰ্থয়
সম্ভাৱনি য়ুগে-য়ুগে৷“
(feel free to share)

অসমৰ টুকৰে-টুকৰে গেংৰ হিন্দু বিৰোধী ষড়যন্ত্ৰ

পুৱাই-পুৱাই সামাজিক মাধ্যমত অসমৰ কেইবাজনো প্ৰমুখ বুদ্ধিজীৱী আৰু সাহিত্যিকৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ দেখিলো পত্ৰৰ সাৰাংশ এনে গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ নিচেই কাষতে এক স্থায়ী যজ্ঞবেদীৰ নিৰ্মাণ কৰা হৈছে আৰু সেয়া গুৰুজনাৰ “এক দেৱ এক সেৱ এক বিনে নাই কেৱ“ নীতিৰ প্ৰতি অপমান আৰু সেয়ে এই যজ্ঞস্থলীৰ নিৰ্মাণ ভাঙি পেলাব লাগে৷

শংকৰদেৱৰ উদাৰনৈতিক পন্থা কেনে আছিল সেয়া গাই-বাই লাভ নাই কাৰণ গুৰুজনাৰ মহান আদৰ্শক তেৰাসৱে হজম কৰিব নোৱাৰিহে এনে বৌদ্ধিক ডায়েৰিয়াত ভুগিছে৷“এক দেৱ এক সেৱ এক বিনে নাই কেৱ“ , “কলিত নাম-ধৰ্মই শ্ৰেষ্ঠ“, গছৰ গুৰিত পানী দিয়াই পৰ্য্যাপ্ত৷ হয় এয়া গুৰুজনাৰ দৰ্শন আছিল৷ পৰমাত্মা নিৰাকাৰ৷তেৱেই সৰ্বব্যাপী আৰু সৰ্বোচ্ছ৷গীতায়ো সেই একেই কথাই কয়৷কলিত নাম ধৰ্ম শ্ৰেষ্ঠ কাৰণ তপ-জপ-যজ্ঞাদিৰ বাবে প্ৰচুৰ ধৈৰ্য্য আৰু সংযমৰ প্ৰয়োজন কিন্তু কলিকালত সাধাৰণ মনুষ্যৰ ধৈৰ্য্য নতুবা সংযমেই বা কিমান?গছৰ শিপাত পানী দিয়াই পৰ্য্যাপ্ত কিন্তু সেইবুলি গুৰিত পানী দি ডাল-পাতবোৰ কাটিবলৈ গুৰুজনাই ক’তো লিখি যোৱা নাই কাৰণ গুৰুজনাই অসমত উদাৰপন্থী ভক্তিবাদৰ বাটকটীয়া আছিল তালিবানী নাছিল৷শংকৰ গুৰুৱে কৈছিল “কুকৰ-শৃংগাল-গৰ্দভৰো আত্মাৰাম“ মূৰ্গী-গাহৰি পোহাজনক এঘৰীয়া কৰাৰ বিধান সেয়ে গুৰুজনাৰ আদৰ্শৰ বিকৃতকৰণ মাত্ৰ৷“মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা“ সেয়া গুৰুজনাৰ আপ্তবাক্য নে বিকৃতকৰণ তাক লৈ মোৰ চৰম সন্দেহ আছে৷কাৰণ গুৰুজনাই এবাৰ নহয় দুবাৰকৈ ভাৰতৰ সমগ্ৰ তীৰ্থস্থান ভ্ৰমণ কৰিছিল৷বহু ইতিহাসবিদৰ মতে তীৰ্থভ্ৰমণকালত গুৰুজনাই বেনাৰসত স্নান কৰি পুৰীত ধ্যান কৰি মহাপ্ৰভু জগন্নাথৰ ভোগ খাইছিল৷গুৰুজনাই ভাৰতৰ কেইবাখনো মহাতীৰ্থৰ পৰা হেনো নাৰায়ণৰ মূৰ্তিও আনিছিল সেইসমূহ মূৰ্তি আজিও অসমৰ সত্ৰত সংৰক্ষিত৷নামঘৰৰ প্ৰৱেশদ্বাৰত জয়-বিজয়ৰ প্ৰতিমূৰ্তি,ভাওনাত ব্ৰহ্মা,নাৰায়ণ আৰু মহাদেৱৰ আৰ্বিভাব,বৰগীতত শ্ৰীকৃষ্ণৰ পাৰ্থিৱ ৰূপৰ বৰ্ণণা (তেজেৰে কমলাপতি পৰভাতে নিন্দ তেৰে চান্দ মুখ পেখো উঠৰে গোবিন্দ),মুখাশিল্প আৰু সত্ৰৰ ৰাসলীলা৷সেয়ে মোৰ সন্দেহ আছে “মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা“ বুলি গুৰুজনাই সঁচাই কৈছিল নে সেয়া এক উত্তৰসত্য মাত্ৰ৷গুৰুজনা প্ৰতিষ্ঠিত নামঘৰ অসমৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰ৷গুৰুজনাই হয়তো ভাবিছিল নামঘৰত অসমীয়াই গঠনমূলক আলোচনা কৰিব৷এবাৰ এজনে ক’লে তেওঁ শুনামতে প্ৰথমে নামঘৰৰ প্ৰতি বোলে অসমীয়াৰ বৰ এটা আকৰ্ষণ নাছিল কিন্তু গুৰুজনাই মাহ-প্ৰসাদ ভাগিৰ ব্যৱস্থা কৰাৰ লগে-লগেই ক্ৰমে নামঘৰৰ প্ৰতি অসমীয়াৰ আকৰ্ষণ বৃদ্ধি পালে৷কথাটো কিমান সঁচা মই নাজানো কিন্তু এয়া নিশ্চিত আজিৰ তাৰিখত অধিকাংশ অসমীয়াই গুৰুজনাৰ আদৰ্শলৈ পিঠি দি গঠনমূলক আলোচনাৰ পৰিবৰ্তে তামোল-চাদা-ফিকাচাহ-প্ৰসাদ খাই পৰচৰ্চা কৰে নতুবা বিয়নি মেল মাৰে (সকলোৱে নহয় কিন্তু অধিকাংশই এয়াই কৰে)প্ৰসাদৰ ঘৰমুৰি পাতখনেৰে নিশাৰ সাজৰ বাবে ডাইল-চাটনি নতুবা পকৰি বনাই পৰম তৃপ্তিৰে খায়৷ঘৰমুৰি প্ৰসাদেৰে ৰিফাইন তেলত বুৰাই-বুৰাই পকৰী বনাবলৈ কিন্তু গুৰুজনাই কোৱা নাছিল৷

শংকৰদেৱৰ আদৰ্শক জীয়াই ৰাখিবৰ বাবে কোনো মঞ্চৰ প্ৰয়োজন নাই প্ৰয়োজন আছে মাথো গুৰুজনাৰ আদৰ্শক হৃদয়ংগম কৰি অনুকৰণ কৰাৰ৷যাগ-যজ্ঞক বাৰু এৰিলো কিন্তু শংকৰদেৱৰ নাম লৈ সত্যনাৰায়ণ প্ৰভুৰ পাঞ্চালীৰ শ্ৰৱণ-কীৰ্তন মানে হৰিনামৰ প্ৰতিও একাংশৰ বিৰাগ কিয়? তৎস্বত্বেও আমি তেৰাসৱৰ ধৰ্মীয় আস্থাৰ প্ৰতি সন্মান জনাই আজিকোপতি মাজুলীৰ চাৰিসীমাত ৰাজহুৱাকৈ দূৰ্গা পূজা পতা নাই৷এই পত্ৰখনত স্বাক্ষৰ কৰা প্ৰথমজন বুদ্ধিজীৱী যি যজ্ঞ বেদীৰ ধ্বংসৰ দাবী তুলিছে সেইজনা পণ্ডিতে নিজৰ জীক আকৌ ব্ৰাহ্মণ মাতি হোম পুৰি দক্ষিণা দি কন্যাদান কৰিছিল৷শংকৰদেৱে কোনখন গ্ৰন্থত অথবা কোনটো ভাষণত যজ্ঞ বেদী ভঙাৰ কথা কৈছিল৷ভঙা-চিঙাৰ কথা বৈষ্ণৱে কয় নে তালিবানে(এইক্ষেত্ৰত অনুগ্ৰহ কৰি ৰাম মন্দিৰৰ প্ৰসংগক নাটানিব৷তাত বাবৰি মছজিদ ভঙা হোৱা নাছিল বৰঞ্চ ৰাম মন্দিৰ যি অতীজৰে পৰাই অযোধ্যাত আছিল তাৰ পুনৰনিৰ্মাণ কৰি মছজিদৰ বাবে পৃথককৈ ভূমিৰ আবন্টনো কৰা হৈছে৷) অসমৰ গুৰুজনাৰ উদাৰপন্থী বৈষ্ণৱ ধাৰাত আজি এই বৌদ্ধিক সন্ত্ৰাসবাদীহঁতৰ কু দৃষ্টিত পৰি টুকৰে-টুকৰে গেংৰ প্ৰিয় “সৱ তাজ উচালে জায়েংগে সৱ তকত্থ গিৰায়ে জায়েংগে“ৰ প্ৰতিফলন হৈছে আৰু যদি চৰকাৰ-প্ৰশাসনে কঠোৰ পদক্ষেপ নলয় তেনেহ’লে ভাৰত সঁচাৰ্থত ভাঙি টুকুৰা-টুকুৰ হ’ব আৰু অসমত বৈষ্ণৱ-শাক্ত-শৈৱপন্থী সকলো হিন্দু আৰু খিলঞ্জীয়া মুছলমান-শিখ-খ্ৰীষ্টান বৌদ্ধ ধৰ্মালম্বীৰ “genocide” হ’ব৷শংকৰ সংঘ বা সত্ৰৰ বৈষ্ণৱ সমাজে কস্মিনকালেও যজ্ঞ বেদী ভঙাৰ কথা কোৱা নাই কিন্তু এই সাহিত্যিক বুদ্ধিজীৱী সৱে কৈছে আৰু এওঁলোকৰ চৰ্দাৰ মাদানীৰ বুকুৰ কুটুম৷বৌদ্ধিক সন্ত্ৰাসবাদী সন্ত্ৰাসবাদ উৎপাদনৰ কাৰখানাস্বৰূপ আৰু ইমানখিনি তথ্য-প্ৰমাণৰ পিছতো যদি হিন্দুত্ববাদৰ শ্লগান দিয়া চৰকাৰ বাহাদুৰে হাতসাৱতি বহি থাকে তেনেহ’লে কাশ্মীৰ ফাইল নহয় অসম ফাইল হ’ব৷ভাৰত ভাগি খণ্ড-বিখণ্ড হ’ব৷ঘৰে-ঘৰে আফজল গুৰুৰ সৃষ্টি হ’ব৷সেয়ে জোৰ পুৰি হাত পোৱাৰ আগেয়ে AFSPA ৰ অধীনত এনে বৌদ্ধিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰক আৰু পলোৱাৰ চেষ্টা কৰিলে এনকাউণ্টাৰ কৰক৷ধৰ্মীয় আবেগ কেৱল মাদানীৰে নাই হিন্দুৰো আছে৷পবিত্ৰ যজ্ঞবেদীক ভাঙিম বুলিব আৰু আমি মৌন হৈ বিনাপ্ৰতিৰোধে সহ্য কৰি যাম৷ওহো নহয় এনে সন্ত্ৰাসবাদীক ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে ফাচীকাঠত ওলোমাই হে আমি শান্তিৰে উশাহ ল’ম৷

জয় শ্ৰী ৰাম জয় গুৰু শংকৰ৷

ছিগাৰেটঃএটা প্ৰেমৰ গল্প

অস্তগামী সুৰুযৰ সেন্দূৰীয়া আভাই হেঙুলীয়া কৰা দীঘলীপুখুৰীৰ পাৰৰ এক ধূম্ৰধূসৰিত আবেলি৷প্ৰেমিকে নব্বৈৰ দশকৰ ৰূপালী পৰ্দাৰ নায়কৰ কায়দাত জ্বলন্ত ছিগাৰেটৰ কুণ্ডলীপকোৱা ধোৱাৰ সুবাস মলয়াৰ সংগী কৰি দুৰলৈ এৰি দিলে৷ প্ৰেমিকাই নাক কোচাই ক’লে,”উস!সেইডাল নজ্বলালে নহয় ন!মোৰ শত বাধা-হাজাৰ শপত!তুমি কোনোদিনেই মূল্য নিদিলা৷তুমিটো সেই গল্ডফ্লেক নে কি সেইজনীকে ভাল পোৱা!সেইজনী থাকোতে মোৰ প্ৰেমৰ মূল্যই বা কি?তুমিটো মোক ভালেই নোপোৱা৷“ “আইনু!প্ৰেমৰ তুলনা নহয়৷মাতৃপ্ৰেম,প্ৰেমিক পক্ষীৰ প্ৰেম,দেশপ্ৰেম অথবা তোমাৰ সেই সতিনী গল্ড ফ্লেকৰ প্ৰতি মোৰ প্ৰেম প্ৰতিটোৱেই সুকীয়া আৰু একক৷প্ৰেম অমূল্য সেয়ে আইনু প্ৰেম কৰা নাযায় হৈ যায়৷সেয়ে প্ৰেম মানে প্যাৰ চিৰ্ফ ঔৰ চিৰ্ফ প্যাৰ আৰু প্যাৰ বেপাৰ নহয়৷“ সমীৰণে ছিগাৰেটৰ ধোৱাখিনি দুৰলৈ এৰি দি ক’লে৷ “থোৱাহে তোমাৰ প্ৰেমৰ দৰ্শন৷যদি তোমাৰ কিবা হৈ যায়৷মোৰ কি হ’ব?কেতিয়াবা ভাবি চাইছা নে?এয়াই নেকি তোমাৰ প্ৰেম৷“ আইনুৱে এক দীঘল হুমুনিয়াহ কাঢ়িলে গালত নিয়ৰৰ ফুল হৈ জিলিকি উঠিল তপত অশ্ৰুধাৰা৷ “ৰ’বাচোন ৰ’বা৷তোমাৰ কল্পনাবিলাসিতাই মানে মোক যমপুৰী পোৱাই হে এৰিব!“ সমীৰণে আইনুক জোকালে৷ “মোৰ কল্পনাবিলাস নহয়,তোমাৰ গল্ডফ্লেক নি কি সেইজনীয়েহে তোমাক যমপুৰীলৈ পথাব আৰু মোক,মোকতো বিয়াৰ আগেয়ে বিধবা সাজিব৷“আইনু উচাৎ মাৰি উঠিল৷ “হেই৷তোমাৰ সতিনী মানে সেই গল্ডফ্লেকজনী মোৰ প্ৰেমিকা৷তাই আকৌ মোক প্ৰাণভৰি ভাল পায়৷মই এৰিলেও তাই নেৰে৷তাইকনো কিয় এনেকৈ মিছাতে হত্যাকাৰীৰ অপবাদ দিছা৷“ “আৰে!বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি তিনিমিনিটত দুজন ছিগাৰেটসক্তৰ কেঞ্চাৰত ভুগি মৃত্যু হ’য়৷তুমি আকৌ সেইজনীৰ হৈ ওকালতি কৰিছা৷ছিগাৰেটে কেঞ্চাৰ কৰে অপ্ৰিয় হ’লেও এয়াই অন্তিম সত্য৷“ আইনুৱে মুখ ওফোন্দাই ক’লে৷ “ছিগাৰেটে কেঞ্চাৰ কৰে এয়া এক অৰ্দ্ধসত্য আইনু৷“ সমীৰণে শান্ত কন্ঠেৰে ক’লে৷ “হয় নেকি?মানে বিশ্বস্বাস্থ্য সংস্থা,চিকিৎসক,চৰকাৰ সকলো ভুল আৰু তুমিয়েই শুদ্ধ৷“ আইনু জাঙুৰ খাই উঠিল৷ “আইনু!আমাৰ সমস্যা কি জানানে আমি সত্যৰ দৰ্শন নহয় উত্তৰ সত্যৰ সাধুকথা শুনিবলৈহে আগ্ৰহী৷ছিগাৰেট খালে কেঞ্চাৰ হ’য় এয়া এক অৰ্দ্ধসত্য৷পূৰ্ণসত্য ছিগাৰেটে একাংশ ব্যক্তিৰ শৰীৰত হয়তো “Carcinogenic ” প্ৰভাৱ পেলাব পাৰে৷ “মানে“ আইনুৱে মাজতে শুধিলে৷

“মানেৰ উত্তৰটো কিছু দীঘলীয়া৷যদি তুমি অনুমতি দিয়া……” “হে ঈশ্বৰ৷আৰম্ভ কৰক আৰম্ভ কৰক আপোনাৰ সত্যৰ সেই মহান দৰ্শন৷“ আইনুৱে ভেঙুচালি কৰি ক’লে৷ “গল্ডফ্লেকক তোমাৰ আদালতত নিৰ্দোষী সজাবলৈ প্ৰথমে মই তোমাক কেঞ্চাৰৰ সাধুকথা ক’ব লাগিব৷কেঞ্চাৰ মানে কৰ্কট ৰোগ প্ৰকৃততে ৰোগ নহয় এয়া এক শাৰীৰিক বিসংগতি মাত্ৰ অৰ্থাৎ “cancer isn’t a disease in real sense more preferably it’s a metabolic disorder.” কেঞ্চাৰৰ পূৰ্বচৰ্ত হ’ল টিউমাৰ(Tumour),টিউমাৰৰ পূৰ্বচৰ্ত হ’ল আকৌ কোষৰ অনিয়ন্ত্ৰিত বিভাজন (Non regulated cell division)৷ কোষ উদ্ভিদ,প্ৰাণী,ভেকুৰ,এমিবা নিৰ্বিশেষে যিকোনো জীৱৰে শৰীৰৰ মৌলিক গাঠনিগত আৰু কাৰ্য্যকাৰী একক মানে সেই বগাচাহাবৰ ভাষাত ক’বলৈ গ’লে “Cell is the basic structural and functional unit of life.”যিকোনো নতুন কোষৰ সৃষ্টি এক নিয়ন্ত্ৰিত বিভাজন প্ৰক্ৰিয়াৰে হয়৷মূখ্যত ছটা কাৰণত স্বাভাৱিক কোষ বিভাজন এৰাল ছিগা গৰু হয়৷কোষৰ মৃত্যুৰ হাৰ হ্ৰাস পায় আৰু দ্ৰুত বিভাজনৰ ফলত মাত্ৰাধিক কোষৰ সৃষ্টি হয় যিয়েই টিউমাৰৰ সৃষ্টি কৰে৷একাংশ টিউমাৰৰ সৃষ্টিৰ পিছত বিভাজন নহয় আৰু ঘৰগোনা হৈ একে ঠাইতে থাকে সেয়াই হ’ল বেনজিন টিউমাৰ৷বেনজিন টিউমাৰ কেঞ্চাৰৰ হয়তো পূৰ্বচৰ্ত কিন্তু কেঞ্চাৰ নহয়৷আন একাংশ টিউমাৰ আকৌ ভ্ৰমণ বিলাসী৷এঠাইৰ পৰা আনঠাইলৈ ভাগি-ছিগি টুকুৰা-টুকুৰ হৈও ভ্ৰমি ফুৰে৷সেয়াই মেলিগনেন্ট টিউমাৰ বা সহজ ভাষাত ক’ব গ’লে কেঞ্চাৰ ৰোগ৷

টিউমাৰ বা কেঞ্চাৰৰ প্ৰথমটো কাৰণ হ’ল অনিয়ন্ত্ৰিত কোষ বিভাজন৷স্বাভাৱিক কোষ বিভাজনৰ ক্ষেত্ৰত আমাৰ এই লাওখোলাৰ ভিতৰৰ ঘিউখিনি মানে মস্তিষ্কৰ ভূমিকা মামা মানে ট্ৰেফিকৰ লেখীয়া৷ছিগনেল দিলেহে কোষ বিভাজন হ’য় আৰু যদি কিবা কাৰণত ছিগনেলত খেলি-মেলি হ’য় তাৰ অন্তিম পৰিণতিয়েই হ’ল কোষীয় স্তৰৰ পথদুৰ্ঘটনা মানে টিউমাৰ৷

Normal Signal Transduction Pathway for Regulated Cell Division

দ্বিতীয়তে এজন ব্যক্তিৰ সুস্বাস্থ্যৰ বাবে নিয়ন্ত্ৰিত বৃদ্ধি(Growth) নামৰ এখন বাহনৰ৷গতিবেগ বাহিলে দুৰ্ঘটনা হ’বই৷সেয়ে বাহন আৰু চালকৰ লাইচেঞ্চেই নহয় পথ সুৰক্ষা তথা দুৰ্ঘটনা ৰোধৰ বাবে ৰাস্তাত গতিৰোধক অৰ্থাৎ “speed breaker” ৰো এক অতীৱপ্ৰয়োজনীয় অংশ৷কোষীয় পৰ্য্যায়ৰ গতিৰোধকক সামগ্ৰিক ভাবে “Growth Suppressor” বোলা হয় আৰু সেইবোৰ হ’ল কোষৰ নিয়ন্ত্ৰিত মৃত্যু(Apoptosis or Programmed Death of Cell),কোষৰ বৃদ্ধাৱস্থা প্ৰাপ্তি (Senescence)আৰু বানপ্ৰস্থ মানে বয়স বৃদ্ধিৰ সমান্তৰালভাৱে কোষে প্ৰথমাৱস্থাত বিভাজন ক্ষমতা আৰু অন্তত জীৱন হেৰুৱাই, আঘাতপ্ৰাপ্ত DNA ৰ মেৰামতি (Response to DNA damage), কোষ বিভাজনৰ স্বাভাৱিক পৰিসমাপ্তি (Normal Inhibition of Cell Cycle)

Growth Inhibitors and Cell Cycle

তৃতীয়তে অমৰত্বৰ অভিশাপ৷অমৰত্ব আৰ্শীবাদ নহয় অভিশাপ মাত্ৰ লাগিলে সেয়া মহাভাৰতৰ অশ্বত্থামাই হওক অথবা আণুবীক্ষণিক কোষ৷কোষৰ মৃত্যু নিয়ন্ত্ৰিত ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাৰে “Apoptosis” বোলা হয়৷অৰ্থাৎ বিধাতাই কপাল নহয় চৰি জিনত লিখা আয়ুসৰ অন্তত হয়তো বৃদ্ধ কোষৰ মৃত্যু হ’য় আৰু কোষৰ উপাদানখিনিয়ে আত্মাই শৰীৰ সলোৱাদি পুৰণি কোষৰ মৃত্যুৰ অন্তত নতুন কোষৰ অংশ হ’য়৷সেয়ে কোষ যদি পাৰ্থিৱ শৰীৰ কোষীয় উপাদনসমূহেই হ’ল অবিনশ্বৰ আত্মা৷একাংশ কোষীয় উপাদান আকৌ শৰীৰৰ আন জৈৱ ৰসায়নিক বিক্ৰিয়াত ব্যৱহৃত হোৱাও পৰিলক্ষিত হ’য়৷এই আত্মা-শৰীৰ,কোষ-কোষীয় উপাদান,জৈৱ-ৰাসায়নিক বিক্ৰিয়াৰ মায়া মোহৰ বেহা-বেপাৰখনকে চিকিৎসাবিজ্ঞানৰ ভাষাত “Autophagy” বোলে কেতিয়াবা আকৌ শৰীৰৰ অৰ্ন্তৱতী নলীৰে নিৰ্গত একাংশ ৰাসায়নিক দ্ৰব্যয়ো “Apoptosis” ৰ ধৰ্মযুদ্ধত পুৰণি কোষৰ বিনাশ কৰে আৰু ইয়াকে “Necrosis” বোলা হয়৷সচাৰচৰ উৎপৰিবৰ্ত্তনৰূপী (mutation) ৰাৱণে কৰা Tp53 জিন মানে কোষীয় ৰামায়ণৰ সীতা হৰণ,” কোষীয় ৰাজনীতিত Apoptosis লবীৰ দুৰ্বলতা (decrease in pro apoptotic factors) আৰু Apoptosis বিৰোধী লবীৰ সবলতাৰ ফলত (increase in anti apoptoc) ফলশ্ৰুতিত “Apoptosis” ৰ অপমৃত্যু হৈ টিউমাৰৰ সৃষ্টি হয়৷কিয়নো “Apoptosis” ৰ অবিহনে কোষে বৃদ্ধৱস্থা প্ৰাপ্তি নকৰি অনন্ত যৌৱনৰ অধিকাৰী হৈ অনিয়ন্ত্ৰিত বিভাজনেৰে কোষৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি কৰে৷কোষেই বোলা কিম্বা দেশৰ জনসংখ্যা মাত্ৰাধিক বৃদ্ধি সদায়েই বিষাক্ত৷

Apoptosis

আগেয়ে কৈছোৱেই অমৰত্ব মানেই অভিশাপ৷লাগিলে কোষেই হওঁক বা DNA ৰ বিভাজন মানে “Replicative immorality of DNA , এনে অমৰত্ব বহনকাৰী DNA ধাৰী কোষ ভস্মাসুৰৰ দৰে আৰু টিউমাৰৰ চতুৰ্থটো কাৰক ইয়াৰ অন্তিম পৰিণতি কোষৰ অনিয়ন্ত্ৰিত আৰু অস্বাভাৱিক বিভাজন সৃষ্ট টিউমাৰ৷ কোষীয় পৰ্য্যায়ত ভস্মাসুৰ যদি চিৰযৌৱনপ্ৰাপ্ত অমৰ কোষ তেন্তে বৰদাতা মহাদেৱ “Angiogenesis” এনে বৰৰ পৰিণতিত কোষে দ্ৰুত তথা অপ্ৰয়োজনীয় বিভাজনৰ বাবে প্ৰচুৰ পৰিমাণে অক্সিজেন আৰু পুষ্টিকৰ দ্ৰব্য লাভ কৰে আৰু কোষৰ বাবে ক্ষতিকাৰক দ্ৰব্যৰ নিস্কাষণ হ’য়৷সেয়ে বৃদ্ধ কোষৰ “Angiogenesis” টিউমাৰৰ পঞ্চমটো কাৰণ৷

Replicated Immortality of DNA
Angiogenesis

এই পাঁচোটা কাৰণবশতঃ টিউমাৰ মূখ্যত ঘৰ গোনা ধোদৰ পচলা বেনজিন টিউমাৰৰ সৃষ্টি হ’য়৷কিবাকৈ যদি বেনজিন টিউমাৰ উতনুৱা হয় তেন্তে প্ৰথমে কেইবা খণ্ডত বিভাজিত হয় আৰু উৎপত্তিস্থলীৰ পৰা শৰীৰৰ অন্যান্য অংশলৈ ভ্ৰমণ কৰি নিগাজিকৈ বহি লয়৷অৰ্থাৎ মেলিগনেন্ট টিউমাৰ মানে কেঞ্চাৰৰ সৃষ্টি হ’য় আৰু এই অন্তিমটো পক্ৰিয়াক বৈজ্ঞানিক ভাষাত “Invasion and Metastasis“ বোলা হ’য়৷

Invasion and Metastasis

অভিজ্ঞ চিকিৎসকৰ পৰ্য্যবেক্ষণ (Physical Test) বা ব্লাড চেম্পলৰ পৰীক্ষণ,বায়’পছি বা ৰেডিঅ’গ্ৰাফিক প্ৰযুক্তিৰে কেঞ্চাৰ ৰোগীৰ চিনাক্তকৰণ কৰা হ’য়৷যদি বেনজিক মানে ঘৰগোনা টিউমাৰ তেন্তে প্ৰাৰম্ভিক পৰ্য্যায়ত বিশেষ সমস্যা নাই৷অস্ত্ৰোপচাৰ দ্বাৰা টিউমাৰক ৰোগীৰ শৰীৰৰ পৰা পৃথক কৰা হ’য় আৰু টিউমাৰৰ বীভিষিকাৰ সিমানতে অন্ত পৰে৷কিন্তু ঘৰগোনা বেনজিন টিউমাৰ যদি এৰালছিগা মেলিগনেন্ট হয় সমস্যা আছে৷সমাধান বুলিবলৈ মূখ্যত কেম’থেৰাপি বা ৰেডিঅ’থেৰাপি৷কে’মথেৰাপিত কোষৰ বিনাশকাৰী ৰাসায়নিক দ্ৰব্য আৰু ৰেডিঅ’থেৰাপিত কোষৰ বিনাশকাৰী শক্তিৰে সমৃদ্ধ ৰশ্মি (Ray) ৰ ব্যৱহাৰ কৰা হ’য়৷মূখ্যত এই ৰাসায়নিক দ্ৰব্য বা ৰশ্মি বুলেট নহয় বোমাৰ লেখীয়া মানে টিউমাৰ কোষৰ লগতে শৰীৰৰ স্বাভাবিক কোষৰো বিনাশ সাধন কৰে ফলশ্ৰুতিত ৰোগীৰ চুলি সৰিবলৈ আৰম্ভ কৰে,শৰীৰ ভাগি পৰে আৰু প্ৰতিৰক্ষাতন্ত্ৰ দুৰ্বল হৈ পৰে৷অৱশ্যে আজিকালি কেঞ্চাৰৰ চিকিৎসাত বোমাৰ সলনি বুলেট মানে টাৰ্গেটেত কেমৰো ব্যৱহাৰ কৰা হ’য় যি বাচি-বাচি টিউমাৰ কোষৰ বিৰূদ্ধেহে চাৰ্জিকেল ষ্ট্ৰাইক কৰে ফলশ্ৰুতিত পাৰ্শ্বপ্ৰতিক্ৰিয়া অতি সীমিত হয়৷কেম আৰু ৰেডিঅ’থেৰাপি উভয়েই ব্যয়বহুল আমাৰ অসমৰ বজাৰৰ নেমু আৰু জাতিলাওতকৈও দামী৷গাইপতি দুই-তিনি লাখমান টাৰ্গেটত হ’লেতো কথাই নাই গাই প্ৰতি বাৰ-পোন্ধৰ মান হ’ব৷সচাৰচৰ যদি প্ৰাথমিক পৰ্য্যায়(first stage) ত ৰোগ ধৰা পৰে ৰোগীৰ সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠে,দ্বিতীয় পৰ্য্যায়ত ৰোগী সুস্থ হয় অৱশ্যে পুনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে আৰু তৃতীয় পৰ্য্যায় মানে বম্বে টো গোৱাৰ ৰাম ভৰোষা ধাবা৷অৱশ্যে ৰোগীৰ যোগাত্মক চিন্তাধাৰা আৰু চিকিৎসাবিধিৰ প্ৰতি বিশ্বাসেই আৰোগ্যতা লাভৰ ট্ৰাম্প কাৰ্ড৷সেয়ে সবল মনৰ ব্যক্তিয়ে কেতিয়াবা তৃতীয় পৰ্য্যায়তো সুস্থ হৈ উঠে আৰু দুৰ্বল ব্যক্তিৰ প্ৰথম পৰ্য্যায়ত কেঞ্চাৰ ন’হলেও হাৰ্ট এটেক হৈ মৰে৷কেৱল মুখগহ্বৰ বা হাওফাৱেই নহয় শৰীৰৰ যকৃৎ,অগ্নাশয়,মহিলাৰ স্তন আৰু ডিম্বাশয়,ৰক্ত,চৰ্ম অথবা অস্থি য’তে-ত’তে এৰালছিগা গৰুৰ ৰূপত মেলিগনেন্টৰ প্ৰৱেশ ঘটি কেঞ্চাৰৰ জন্ম দিয়ে৷”

Diagnostic Method, Radiotherapy and Chemotherapy (Top to Bottom)

“অহ!সেয়ে তুমি মানে যোগাত্মক চিন্তাক সাৰথি কৰিয়েই বহি থাকিবা৷“ আইনুৱে ঠাট্টাৰ সুৰত ক’লে৷ “এ ৰবা হে!ক্লাইমেক্স অভী ভী বাকী হ্যে মেৰে দোস্ত প্লাচ মেহবুৱা৷“ মই যে কৰ্কট ৰোগ বা টিউমাৰ সৃষ্টিৰ প্ৰধানতম ছটা কাৰক বৰ্ণণা কৰিলো তাৰ সৃষ্টিৰ মূলতেই স্বাভাৱিক জিনৰ উৎপৰিবৰ্ত্তন হৈ সৃষ্টি হোৱা “Onco Gene”৷ “Onco Gene” সৃষ্টি মূলত বাহ্যিক বা আভ্যন্তৰীণ কাৰণবশতঃ হ’ব পাৰে৷ আভ্যন্তৰীণ বুলিলে মূখ্যত বংশগতি (Genetics),অৱশ্যে এনে সম্ভাৱনা অতি সীমিত৷যিবোৰ বাহ্যিক কাৰণ উপপৰিবৰ্ত্তনৰ বাবে জগৰীয়া সিহতক সামগ্ৰী ভাবে “Carcinogen” বোলা হ’য়৷ব্যক্তিভেদে “Carcinogen” ভিন-ভিন হ’ব পাৰে৷সেয়ে কেতিয়াবা ছিগাৰেট খোৱা ত্ৰিশবছৰীয়া ডেকাৰো কেঞ্চাৰ হ’য় আৰু কোনোবাজন ছিগাৰেটৰ প্ৰেমিকে চেঞ্চুৰীও মাৰে৷ছিগাৰেটৰ উপৰিও বিড়ি,গুটখা,চাদা,জৰ্দা,তামোল,চাওমিন-মমৰ আজিনামট’(MSG),x ray, UV ray, প্ৰৰ্দুষিত বায়ু, আৰ্চেনিক যুক্ত খোৱাপানী,অতিৰিক্ত শৰ্কৰা বা চেনীযুক্ত আহাৰ গ্ৰহণ আনহে নালাগে এলেহুৱা জীৱন-যাপনো “carcinogen” হ’ব পাৰে৷ ছেক্সপীয়েৰে তাহানিতে কৈছিল “What does name says a rose by any other name would smell as sweet” সেয়ে “Carcinogen” ৰ অন্তহীন তালিকা ইয়াতেই সামৰণী মাৰিলো৷ৰসায়নৰ ভাষাত carcinogen” মানে জাৰক(reactive oxygen species) যি “oncogene” সৃষ্টি কৰে৷যদি “carcinogen” জুই কেঞ্চাৰ “অগ্নিকাণ্ড“ তেন্তে প্ৰতিজাৰক মানে “Antioxidant” অগ্নি নিৰ্বাপন ব্যৱস্থা৷”Antioxidant” ৰ নামত বহুজাতিক কোম্পানীক চহকী কৰি লাভ নাই৷ঘৰুৱা নেমু,সুমথিৰা,গাজৰ,বিলাহী,সেউজীয়া পাতযুক্ত শাক-পাছলী,নুনি,কলাজামু আদিত প্ৰচুৰ পৰিমাণে প্ৰতিজাৰক থাকে৷ছিগাৰেট,গুটখা এৰিলেও প্ৰদুৰ্ষিত বায়ু একা?উশাহ নলবা নেকি?সেয়ে কৰ্কট ৰোগৰ যাতে সৃষ্টিয়েই নহয় তাৰ বাবে নিয়মীয়া শাৰীৰিক কচৰৎৰ লগতে প্ৰতিজাৰক যুক্ত খাদ্য খোৱা৷কেৱল কেঞ্চাৰ বা টিউমাৰেই ফাইব্ৰ’ছিছ,চিৰহ’ছিছ,নেফ্ৰাইটিছ,আৰ্থাইটিছ,এলাৰ্জী ,হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীৰ ৰোগৰ পৰাও ৰক্ষা পাবা৷দীৰ্ঘায়ু তথা দীঘলীয়া যৌৱন আৰু শক্তিশালী প্ৰতিৰক্ষা তন্ত্ৰ৷ So hereby I rest my cas.”

Carcinogens vs Antioxidants

“বাৰু!বুজিলো,কিন্তু সকলোতো তোমাৰ দৰে নিলাজ নহয়৷যিসকলে ধূমপান বাদ দিবলৈ আগ্ৰহী তেওঁলোকৰ বাবে দুআষাৰ৷“ আইনুৱে সমীৰণক খোচ মাৰি ক’লে৷ “যদি এৰিব বিচাৰিছে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিক’টিন যুক্ত গাম বা বেণ্ডেজৰ ব্যৱহাৰ কৰক৷কিন্তু তেনে নকৰি এদিনতে এৰিলে withdrawal symptoms ৰ বাবে হিতে বিপৰীত হ’ৱ৷কিন্তু এটা কথা কি জানা বিখ্যাত ব্ৰিটিছ ঔপন্যাসিক মাৰ্ক টোৱেইনে কৈছিল ছিগাৰেট এৰিবলৈ বোলে বৰ সহজ তেওঁ ইতিমধ্যেই হাজাৰবাৰ এৰিলে তোমাৰ কৃপাত ময়ো তিনিবাৰ মান এৰিলো৷“ “আৰু কিবা“ “নাই মানে মই আজিলৈকে ছিগাৰেট নোহোপা বা ব্লেক কফি নোখোৱা কোনো প্ৰজ্ঞাশীল ব্যক্তিক লগ পোৱা নাই৷সেয়ে আইনু তুমি টিউবলাইট…….“ “এ হ’ব,হ’ব৷সেয়া প্ৰজ্ঞাশীলতা নহয় ধূৰ্তালি আৰু শিয়ালবুদ্ধিৰ নমুনা মাথোন আৰু তুমি,তুমিটো শিয়ালো নহয় শিয়ালৰ বাপেক৷“ আইনু জকজকাই উঠিল৷

আবৃত্তিঃপেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি (দ্বাদশ খণ্ড)

এজন কুৰি বছৰীয়া বিশেষ ভাৱে সক্ষম যুৱক৷জীৱনৰ প্ৰায় দহটা বসন্ত তেওঁ হুইল ছেয়াৰতেই কটাইছে৷অত্যন্ত সীমিত লোক এনে অতি বিশেষ স্নায়ৱিক ৰোগৰ চিকাৰ হ’য় সম্ভৱত বিশ্বৰ ০.১% মান হ’ব৷প্ৰায় পাঁচবছৰ মানৰ পৰা চকুৰ দৃষ্টি ক্ৰমে হ্ৰাস পাবলৈ আৰম্ভ কৰাৰ বাবে মোটা পাৱাৰৰ চশমা পিন্ধে৷শাৰীৰিক প্ৰতিবন্ধকতাৰ স্বতেও প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী৷যুৱকজনে ভাত গৰাহ মুখত লৈছিল মাত্ৰ হঠাৎ মাকক ক’লে,”মা বাহিৰত কোনোবা ভকত এজন আহিছে৷দৰ্জাখন খুলি দিয়া৷“ মাকে ৰান্ধনী ঘৰৰ খিৰিকীৰে বাহিৰলৈ চাই ক’লে,”ক’তা কোনো নাইচোন৷চশমা নিপিন্ধাৰ বাবে হয়তো তোৰ বিভ্ৰম হৈছে৷“ “ নাই সৌৱা চোৱা তেওঁ আমাৰ দুৱাৰদলিত…….”ল’ৰাজনৰ হঠাৎ চৰচৰণি খাই প্ৰচণ্ড কাহ আহিল৷হস্পাতললৈ লৈ যোৱা হৈছিল কিন্তু বাটতে ধুকাল “

বুঢ়ী বহুদিন ধৰি বিছনাত পৰি আছে৷চিকিৎসকেও ইতিমধ্যেই হাত দাঙিছে৷বাৰ্দ্ধক্য জানিত ৰোগ৷এতিয়া ঈশ্বৰেই শেষ ভৰষা৷শৰীৰ দুৰ্বল যদিও স্মৃতি শক্তি সলাগিব লগীয়া৷হাতত মণ্ডৰ বাটিতো লৈ বোৱাৰীয়েক কোঠালৈ সোমাই অহা দেখিয়েই বুঢ়ীয়ে ভোৰভোৰালে,“খালী-খালী হেৰৌ দেখা নায় সৌ চকীখনতে আমাৰ এখেত মানে তোৰ শহুৰদেউতা বহি আছে৷ওৰণীখন ল’বলৈও কি তোক মই এতিয়া শিকাব লাগিব নেকি৷“ বোৱাৰীয়েক চমকি উঠিল৷প্ৰথম কথা চকীখন খালী আৰু দ্বিতীয়তে তেওঁৰ বিয়াৰ পাঁছ বছৰ পূৰ্বেই শহুৰেকৰ মৃত্যু হৈছিল৷শেষনিশালৈ বুঢ়ীৰ শৰীৰ নিস্প্ৰাণ হৈ পৰিল৷

“মই তোমালোকৰ সৈতে যাব নোৱাৰো৷মোৰ আৰু বহু আধৰুৱা স্বপ্ন আছে৷চাও মোক এৰি দিয়া৷“ “তোৰ সময় হ’ল বোপাই৷চাচোন সৌৱা তোৰ বৰপিতাই,সৌজনী পেহী আৰু মই,মইতো খোদ তোৰ পিতাই৷বৈ বোপায় বৈ৷কিমান আৰু এই স্থূল শৰীৰত আবদ্ধ হৈ যাতনা ভুগিবি৷ বগা কাপোৰ পিন্ধা পিতৃ আৰু আন দুগৰাকী সংগীয়ে তেওঁক হাতত ধৰি টানিবলৈ ধৰিলে৷হঠাৎ এক চকু চাত মৰা পোহৰ৷তেওঁ যেতিয়া চকু মেলে তেওঁ হস্পাতলৰ বিছনাত৷ “Cardiac Arrest” হৈছিল সময়ত চিকিৎসকে বৈদ্যুৎতিক শ্বক নিদিয়া হ’লে হয়তো……….

কাৰণ বিশ্লেষণঃ মৃত্যুৰ ঠিক আগমূহূৰ্তত বা মৃত্যুৰ মুখৰ পৰা ঘুৰি অহা বহু ব্যক্তিয়ে এনেদৰেই কোনো অচিনাকি ভকত,প্ৰয়াত আত্মীয় বা বন্ধুবৰ্গক দেখা পায়৷তেওঁলোক তৃপ্ত আত্মা আৰু “Astral Plane” ৰ নিবাসী৷কাৰোবাৰ হত্যা তেওঁলোকৰ উদ্দেশ্য নহয় মাত্ৰ তেওঁলোকে মৃত্যুমুখী ব্যক্তিজনৰ জীৱাত্মাক “Astral Plane ” লৈ আগবঢ়াই নিবৰ বাবেহে অন্তিম সময়ত এই ধৰালৈ আহে৷


(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

হৃদয়হীনৰ হৃদয়স্পন্দন (ভৌতিক গল্প)

” তুমি অলপ ধৈৰ্য্য ধৰাচোন!মই তোমাৰ বাক বচাবলৈ আমি যৎপৰোনাস্তি কৰিছো৷অৱশ্যে সমস্যাটো কিছু জটিলেই৷হ’লেও তোমালোকৰ ভাগ্য ভাল যে সঠিক সময়ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিলা৷তুমি এনেকৈ সাহস হেৰুৱালে ন’হব৷কাইলৈ দিল্লীৰ পৰা ডা° শৰ্মা আহিব৷তেওঁ আহি পালেই আৰু সমস্যা নাই৷ইয়াৰ পিছত তোমাৰ বাৰ চিকিৎসাৰ দ্বায়িত্ব তেৱেই ল’ব৷মুঠতে আমি যুঁজিম৷বাকী সকলো ফলদাতা বিভূৰ হাতত৷ভগৱানৰ ওপৰত বিশ্বাস ৰাখা সকলো ঠিক হৈ যাব৷“ ড° চলিহাই নন্দিনীৰ কান্ধত হাত ৰাখি তাইক উৎসাহ দিয়াৰ প্ৰয়াস কৰিলে৷নন্দিনী আৰু সুনন্দিনী দেখাত অবিকল একেই যেন যমজ ভগ্নী নহৈ এজনী আনজনীৰ কাৰ্বন কপিহে৷সুনন্দিনীয়ে যোৱা এসপ্তাহ যুৰি এই অভিজাত চিকিৎসালয়খনৰ ভেন্টিলেশ্যনৰ অতিথি হৈ আছে৷নন্দিনীয়ে দিয়া বিবৰণ অনুসৰি এখন চলন্ত ট্ৰাকে সুনন্দিনীৰ স্কুটীখন চোচোৰাই নিছিল৷হেলমেট পিন্ধি থকা নাছিল৷ “Internal hameorhage“ হৈ তেতিয়াৰ পৰাই ক’মাত আছে৷ “দুই ইউনিট O + ব্লাড আৰু এই ঔষধকেইটা৷আজি গধূলিৰ ভিতৰত যোগাৰ কৰিব পাৰিলে ভাল আছিল৷“ ডা° চলিহাই নন্দিনীক উদ্দেশ্যি ক’লে৷ “ছাৰ,মই কিবাকৈ হ’লেও যোগাৰ কৰিম৷আপুনিয়েই এই জটিল পৰিস্থিতিত আমাৰ বাবে ঈশ্বৰ স্বৰূপ৷আপুনি মাত্ৰ বাক পুনৰ সুস্থ কৰি তোলক৷তাইক সুস্থ কৰাৰ বাবে মই যি সম্ভৱ সকলোবোৰ কৰিম৷“

ভেন্টিলেশ্যনত সোমায়েই ডা° শৰ্মাৰ ওকালি আহিল৷ “আৰে চলিহা৷তুমি কেতিয়াবা মোক ফচাইহে এৰিব যেন পাইছো৷বডি ডিকম্পষ্ট হৈ দুৰ্গন্ধ বিয়পিবলৈ আৰম্ভ কৰিছে,ছোৱালীজনী চাগৈ ভৰ্তি কৰোৱাৰ আগতেই ধুকাল৷তুমি তাৰ পিছতো ভেন্টিলেশ্যনত সুমুৱাই মৃতদেহৰ চিকিৎসা কৰি আছে৷“ “ছাৰ ভেন্টিলেশ্যনতটো সুনন্দিনীৰ ডেডবডিটোৱেই ভৰাইছিলো৷হস্পাতলৈ আনোতে সম্ভৱত বাটতে মৰিল৷ কিন্তু যিহে মোটা অংকৰ ইঞ্চুৰেঞ্চ পলিচি৷তাকো আপুনি আহিলেই যেতিয়া কিডনী কেইটাৰ কিবাকৈ গতি লগাব পাৰিলে ভাল আছিল৷পিছে ক্লৰ’ফৰ্মে দি থৈছিলো৷কিয় জানো বডিৰ গোন্ধটো এতিয়াহে মাৰিছে৷ইফালে নন্দিনী মানে ভনীয়েকে ধন ভাঙো-ভাঙো……” চলিহাৰ কথাৰ মাজতে এক শীতল কন্ঠই ক’লে,”নন্দিনী!কোন নন্দিনী৷মই সুনন্দিনী আৰু তায়ো সুনন্দিনী৷সুনন্দিনী বৰুৱা মনত পৰিছে নে ডা° চলিহা, শৰ্মা ছাৰ আপোনাৰ একা৷“ “হেই কোন?কোন তই?“ চলিহাই উত্তেজিত কন্ঠেৰে গৰজি উঠিল৷ চলিহাই বুজি নাপালেও কিন্তু ডা° শৰ্মাই মূহূৰ্ততে সকলো বুজি উঠিল৷সুনন্দিনী বৰুৱা,বিশ্ববিদ্যালয় ছাত্ৰী৷সন্ধিয়া ঘৰলৈ উভতি অহাৰ পথত এখন ট্ৰাকে তাইক মহতিয়াই নিছিল৷মুৰত হেলমেট নাছিল৷ “Internal hameorhage“, ক’মা আৰু ভেন্টিলেশ্যনৰ নতুন আলহী৷ আধ্যৱন্ত মাক-দেউতাকৰ একমাত্ৰ জীয়ৰী৷ মোটা অংকৰ ইঞ্চুৰেঞ্চ পলিচি৷ভেন্টিলেশ্যনত সুমুৱাই ডা° চলিহাৰ সৈতে অংক কৰিলে৷আজি নমৰিলেও কাইলৈ সুনন্দিনী মৰাটো খাটাং৷দিল্লীৰ নতুন হস্পাতালখনৰ বাবে মোটা অংকৰ মূলধনৰ প্ৰয়োজন৷প্ৰথমে কিডনী কেইটা উলিয়াই বডিটোত ক্লৰ’ফৰ্ম থুচি নোগোন্ধোৱালৈকে নাটকখন কৰিব লাগিব৷“ ক’মাত থকা পেছেণ্ট৷দুদিনৰ আলহী মাত্ৰ৷এনাস্থেচিয়া আৰু আন সহযোগীৰ সকামেই বা কি৷চাৰ্জিকেল নাইফখন চিধাই গুজি দিয়া হওঁক৷অসাৰ শৰীৰ কিন্তু ওপচা যৌৱন৷ডা° শৰ্মাৰ ভিতৰৰ চয়তানটোৱে গভীৰ নিদ্ৰাৰ পৰা এঙামুৰি দি উঠিল৷সুনন্দিনীৰ গাভৰু শৰীৰটোত ডা° শৰ্মাই হেপাহ পলুৱাই উপভোগ কৰিলে ঠিক উপভোগ নহয় এক নৰভক্ষী পশুৰ দৰে অৰ্হোৰাত্ৰি সুনন্দিনীৰ উলংগ শৰীৰত দাত আৰু নখেৰে অত্যাচাৰ সাধি বিকৃত কামনাৰ ছবি আকিলে৷চৰম সুখ প্ৰাপ্তিৰ মূহূৰ্ততে সুনন্দিনীয়ে অস্ফুট স্বৰেৰে আৰ্তনাদ কৰি উঠিল৷সম্ভৱত তাই চেতনা ঘুৰাই পাইছিল৷সুনন্দিনীৰ চিৎকাৰে সমগ্ৰ জঘন্য কাণ্ডৰ একমাত্ৰ নীৰৱ দৰ্শক এইবাৰ ডা°চলিহাৰ অন্তৰৰ সুপ্ত পশুটোক জগাই তুলিলে৷সুনন্দিনীক লৰচৰ কৰিব নোৱাৰাকৈ হেঁচা মাৰি ধৰি ড° শৰ্মাই অহোৰাত্ৰি তাইৰ উলংগ শৰীৰটোক এক পুতলাৰ দৰে চেপি মুচৰি ধৰ্ষণ কৰিলে আৰু পুৱতি নিশা বিনা এনাস্থেচিয়া ধৰ্ষিতা সুনন্দাৰ নাভীদেহৰ নিম্নাংশ চাৰ্জিকেল নাইফেৰে ফালিচিৰি কিডনী দুটা উলিয়াই আনি পুনৰ সেই অংশ চিলাই দিলে৷সুনন্দিনীৰ হিয়াভগা আৰ্তনাদ শুনিবলৈ ভেন্টিলেশ্যনৰ সিপাৰে কোনো নাছিল৷ছিলনি মৰাৰ অন্তত চলিহা আৰু শৰ্মাই পুনৰ সুনন্দিনীক ধৰ্ষণ কৰি তাইৰ অন্ত্ৰনলী হাতেৰে টানি উলিয়াই আনিলে আৰু জীৱন্তে নৰক ভুগি সুনন্দিনীয়ে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰিলে তাৰ পিছতো এসপ্তাহ ক্ল’ৰফৰ্মৰ কৃপাত চিকিৎসা চলি থাকিল৷

ডা° শৰ্মাই দৰ্জাৰ অভিমুখে দৌৰ দিছিল মাত্ৰ৷প্ৰচণ্ড শব্দৰে দৰ্জাখন বন্ধ হৈ গ’ল৷ সুনন্দিনীৰ অৰ্দ্ধগলিত মৃতদেহ থৰকবৰকৈ ঠিয় হ’ল৷“শৰ্মা চলিহা আহ আকৌ মোক ধৰ্ষণ কৰহি৷মোৰ এই গেলা পচা শৰীৰটোক৷কিডনী লাগে ন?কিন্তু সেইকেইটা চোন তহতে সেইদিনাই উলিয়াই পেলাইছিলি৷এয়া চা“ এক অৰ্দ্ধউলংগ পচা মৃতদেহ৷ফলা পেট,কিডনীৰ ঠাইত দুটা গাত আৰু অন্ত্ৰনলীডালে এক বিষাক্ত ফেটীসাপৰ দৰে ফেট তুলি বতাহত ভাহি আছিল৷ডা° শৰ্মা আৰু চলিহাক সেই দুৰ্গন্ধময় মৃতদেহে লৰচৰ কৰিব নোৱাৰাকৈ মজিয়াত হেচি ধৰিল৷তাইৰ জোঙা আৰু মলিয়ন নখকেইটাই চলিহা আৰু শৰ্মাৰ নাভীদেহৰ অস্ত্ৰোপচাৰ কৰি অন্ত্ৰনলী আৰু কিডনী দুটা দুৰলৈ দলিয়াই দিলে৷“ৰহ! আজিকালি হাৰ্টৰ ট্ৰান্সপ্লান্টো হয়৷“ এটা বিকৃত হাঁহি মাৰি সুনন্দাই শৰ্মা আৰু চলিহাৰ বুকুখন বিদীৰ্ণ কৰি হৃদযন্ত্ৰটো ছিঙি মজিয়ালৈ দলিয়াই দিলে৷দুয়োৰে মুখেৰে শেষবাৰৰ বাবে এক অস্ফুট গেঙনি ভাহি আহিল কিন্তু সেই গেঙনি শুনিবলৈ ভেন্টিলেশ্যনৰ সিপাৰে আৰু কোনো নাছিল৷ড° শৰ্মা আৰু চলিহাৰ শৰীৰ দুটা ক্ৰমে শীতল আৰু নিসাৰ হৈ পৰিছিল কিন্তু মজিয়াত সিচৰিত হৃদযন্ত্ৰ দুটাই তেতিয়াও স্পন্দন কৰি আছিল৷সুনন্দিনীয়ে এটা তাচিল্যৰ হাঁহি মাৰি ক’লে,”হৃদয়হীনৰ হৃদয় স্পন্দন৷“

অসমৰ কৃষি অৰ্থনীতি আৰু চিকিৎসা বিজ্ঞানৰ প্ৰগতিত অসমীয়াৰ হেপাহৰ কপৌপাহিৰ ভূমিকা

কপৌফুল (Ranchostylis restua)

“আলফুলীয়া কপৌফুল৷অ’ দেহি ক’ত পালা চিত বিয়াকুল৷হাবি ভাঙি দেখিলো অ’ বিৰিখ বগাই ছিঙিলো কোন হাঁহি এই পাহি বনৰীয়া ফুল“ অসমৰ গৌৰৱ আৰু স্বাভিমান আমাৰ ৰাজ্যিক পুস্প কপৌফুল অসমীয়াৰ বাবে মাত্ৰ এপাহি সামান্য ফুলেই নহয় বৰঞ্চ আমাৰ আবেগ,ৰঙালীকেন্দ্ৰিক ৰম্যবাদৰ কেন্দ্ৰ আৰু অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ৷কপৌ ফুল (Rhynchostylis restua) ইংৰাজী সাহিত্যত “Foxtail Orchid” নামেৰে প্ৰসিদ্ধ৷ অৰ্কিড মূখ্যত “Orchidaceae” পৰিয়াল (family) ৰ অৰ্ন্তগত এক সপুস্পক উদ্ভিদ৷ প্ৰকৃতিৰ ৰঙ-তুলিকা সৃষ্ট মনোমোহা ৰূপ আৰু মন মতলীয়া সৌৰভ ( মূখ্যত Cattylea গোত্ৰৰ অৰ্কিড) ৰ বাবেই একবিংশ শতিকাৰ যান্ত্ৰিক কংক্ৰিটৰ সভ্যতাও আজি অৰ্কিডৰ প্ৰেমিক৷

ভাৰতীয় উপমহাদেশৰ উত্তৰ পূৱ প্ৰান্তই (নেপাল অথবা উত্তৰপূৰ্বাঞ্চল) যৎসম্ভৱ কপৌফুলৰ উৎপত্তিৰ কেন্দ্ৰবিন্দু ( Centre of Origin) স্বৰূপ৷ভাৰতীয় উপমহাদেশৰ উপৰিও দক্ষিণ পূৱ এছিয়াৰ নেপাল,চীন,ফিলিপাইন,মালায়েচিয়া আৰু ইন্দোনেছিয়াত মূখ্যত এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ কপৌফুলৰ প্ৰাকৃতিক নিবাস৷অসমীয়া সংস্কৃতিত মূখ্যত কপৌফুলক সৌৰ্ন্দৰ্য্য,প্ৰেম আৰু সমৃদ্ধিৰ প্ৰতীক ৰূপে গণ্য কৰা হয় কিন্তু অসমীয়া লোকাচাৰত কপৌফুলৰ ঔষধি প্ৰয়োগ অতি সীমিত কিন্তু নেপাল আৰু শ্ৰীলংকাত কপৌফুলৰ পাত আৰু শিপাৰ পৰা উৎপাদিত থলুৱা ঔষধক শৰীৰৰ বিষ,পক্ষঘাত,শুকনি আৰু ওকণি প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা হ’য়৷

“World Journal of Pharmacy and Pharmaceutical Science” ত প্ৰকাশিত এক গৱেষণাপত্ৰ (Bhatt et al.) অনুসৰি কপৌফুলৰ শুকান পাত আৰু শিপাত “এলকালয়ড“, “টাৰ্পিনইডছ“, “পলি ফিন’ল“, ”ফ্লেভানইডছ“, “কিউমেৰিন,” “কুইনাইন”, “টেনিন” আৰু “ কৰ্টিকইড “ দৰে মূল্যবান ঔষধি দ্ৰব্যৰ সন্ধান পোৱা গৈছে৷

কপৌফুলৰ পাত আৰু শিপাত পোৱা এলকালয়ড আৰু টেনিন উভয়েই বেক্টেৰিয়া সৃষ্ট ৰোগৰ ক্ষেত্ৰত প্ৰতিজৈৱিক (Antibiotics) ৰ এক শ্ৰেষ্ঠ বিকল্প৷ সচাৰচৰ কোষবেৰ (Cell Wall) আৰু কোষাবৰণ (Cell Membrane) ৰ বিশেষ বিন্যাস তথা ৰসায়নৰ বাবে নিমোনিয়া,কলেৰা,টাইফয়ড জ্বৰ,প্লেগ,ফেৰেনজাইটিছ আদিৰ কাৰক বেক্টেৰিয়াৰ ক্ষেত্ৰত প্ৰতিজৈৱিকৰ ব্যৱহাৰ বৰ এক ফলপ্ৰসূ নহয়৷ ইয়াৰোপৰিও সমান্তৰাল জিনীয় পৰিবহণ সৃষ্ট উৎপৰিবৰ্ত্তনে (Mutation caused by Horizontal Gene Transfer) জন্ম দিয়া চুপাৰবাগ (Antibiotics Resistant Bacterial Strain) ৰ বাবে প্ৰতিজৈৱিকৰ বিকল্প চিকিৎসা পদ্ধতি আজি এক সময়ৰ দাবীত পৰিণত হৈছে৷ বিশেষ শ্ৰেণীৰ টেনিনে এনে প্ৰতিৰোধী বেক্টেৰিয়াৰ কোষবেৰ আৰু কোষাবৰণ ভেদ কৰি বেক্টেৰিয়া কোষৰ সাধাৰণ জৈৱিক ক্ৰিয়াক ( Metabolism) ব্যাহত কৰে আৰু একাংশ এলকালয়ডে কোষৰ শক্তিৰ আধাৰ ATP ৰ সৃষ্টিত প্ৰতিবন্ধক ৰূপে ঠিয় দিয়ে৷উপৰোক্ত গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি কপৌৰ শুস্ক পাত আৰু শিপাৰ পৰা উৎপন্ন ১০ মিলিগ্ৰাম ৰসত থকা এলকালয়ড আৰু টাৰ্পিনয়ডৰ প্ৰভাৱৰ দ্বাৰা এনে বেক্টেৰিয়াৰ বিনাশ সম্ভৱ আৰু সেয়ে এয়া নিশ্চিত ৰূপত প্ৰতিজৈবিকৰ এক উচিত বিকল্প৷সেই ১০ মিলিগ্ৰাম ৰসৰ টেনিনে বেক্টেৰিয়াৰ উপৰিও খৰ-খজুৱতি আদিৰ দৰে ৰোগৰ বাহক ভেকুৰ ( Fungus ) ৰ স্বাভাৱিক জৈৱিক ক্ৰিয়া আৰু অযৌন প্ৰজননৰ এক শক্তিশালী প্ৰতিবন্ধক৷ টেনিনে এ’জল (Azole) শ্ৰেণীৰ ভেকুৰনাশক ঔষধ প্ৰতিৰোধী ভেকুৰৰ সংক্ৰামণকো ৰোধ কৰিবলৈ পূৰ্ণৰূপত সক্ষম৷

এলকালয়ড,পলিফিনলছ,ফ্লেভানাইডছ,টাৰ্পিনইডছ আৰু কিউমেৰিনৰ শক্তিশালী প্ৰতিজাৰক (strong antioxidant),শৰীৰৰ স্বাভাৱিক জৈৱিক ক্ৰিয়া,খাদ্যভ্যাস আৰু জীৱনশৈলীয়ে জাৰক আৰু প্ৰতিজাৰক (Reactive Oxidant Species and Antioxidant ) ৰ অনুপাতত প্ৰভাৱ পেলায়৷ যদি কোষ আৰু কলাৰ ক্ষতিকাৰক জাৰক (যেনে ছিগাৰেটৰ টাৰ) নিস্ক্ৰিয় কৰিবলৈ শৰীৰত পৰ্য্যাপ্ত পৰিমাণে প্ৰতিজাৰক নাথাকে তাৰ পৰিণতিত শৰীৰৰ স্বাভাৱিক কোষ(normal cell),কলা (Normal Tissue) কোষবিভাজনৰ হাৰ ( Rate of Cell Division ) আৰু কোষৰ প্ৰণালীবদ্ধ মৃত্যুক্ৰিয়া (Apoptosis) ত বিৰূপ প্ৰভাৱ পৰে আৰু ইয়াৰ পৰিণতিত ব্যক্তি হৃদযন্ত্ৰ তথা ৰক্তবাহী নলীৰ বিসংগতি ( Cardiovascular Diseases ),ফাইব্ৰ’ছিছ আৰু চিৰহছিছৰ দৰে যকৃৎৰ সমস্যা,বৃক্কৰ ৰোগ,স্নায়ৱিক দুৰ্বলতা,বাতবিষ (Arthritis) , টিউমাৰ আৰু কৰ্কট (Cancer) ৰোগৰ চিকাৰ হ’য়৷ কপৌফুলৰ শিপা আৰু পাতৰ ৰসত থকা প্ৰতিজৈবিক এনেসমূহ সমস্যাৰ প্ৰতিৰোধী গুণবিশিষ্ট ঔষধিত চহকী৷অৱশ্যে এইক্ষেত্ৰত শুস্ক পাতৰ পৰিবৰ্তে কুমলীয়া পাতৰ ৰস অধিক ফলদায়ী কাৰণ শুস্ক পাতৰ তুলনাত কুমলীয়া পাতত এনে প্ৰতিজৈবিক উচ্চহাৰত পোৱা যায়৷

এলকালয়ডে মানুহৰ শৰীৰত আশ্ৰয় লোৱা ওকণিৰ দৰে পৰজীৱীৰ নিয়ন্ত্ৰণ কৰাৰ বৈজ্ঞানিক প্ৰমাণ পোৱা গৈছে৷ একাংশ গৱেষকে এলাকলয়ডৰ “Anti depressent” ভূমিকাক স্বীকাৰ কৰিছে যদিও এই সম্পৰ্কে অন্তিম নিৰ্ণয় বৰ্তমানলৈকে লোৱা হোৱা নাই৷

একাংশ গৱেষণাপত্ৰই কিউমেৰিন আৰু টাৰ্পিনইডছ মধুমেহ (Diabetes) আৰু কোভিড ৰোগৰ উপশম ঘটাই বুলিও দাবী কৰে৷আমি আশাবাদী ভবিষ্যৎৰ গৱেষণাই নিশ্চয়কৈ মধুমেহ আৰু কোভিডৰ নিয়ন্ত্ৰণত কিউমেৰিন আৰু টাৰ্পিনইডৰ প্ৰমাণী গুণৰ সবিশেষ তথ্য-প্ৰমাণ দাঙি ধৰিব৷

কৰ্টিকষ্টিৰইড একশ্ৰেণীৰ ষ্টিৰইড৷ অৱশ্যে কৰ্টিকষ্টিৰইড শৰীৰৰ বাবে অপকাৰী ষ্টিৰইড (Anabolic Steroids ) ৰ পৰা পৃথক৷ শৰীৰত ভিটামিন ডিৰ উৎপাদন,কেলছিয়ামৰ শোষণ আৰু মহিলাৰ যৌন হৰমোনৰ উৎপাদনত কৰ্টিকইডে এক নিয়ন্ত্ৰণকাৰী ভূমিকা পালন কৰে৷ সেয়ে কৰ্টিকইডৰ অভাৱত ভোগা ব্যক্তিৰ হাড় আৰু দাঁতৰ গঠন সততে দুৰ্বল হয়,গাঠিৰ বিষত ভোগে আৰু যদি ভুক্তভোগীগৰাকী মহিলা হয় তেন্তে তেওঁ বিভিন্নপ্ৰকাৰৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ (Gynocological disorder ) ৰ স্বীকাৰ হয়৷ TSH (Thyroid Stimulating Hormone ) ৰ অস্বাভাৱিক হাৰ আৰু পুৱাৰ কুমলীয়া ৰদৰ পৰা বিমুখ জীৱন প্ৰণালী কৰ্টিকষ্টিৰইডৰ অভাৱৰ মূখ্যতম কাৰণ৷আমি আশাবাদী যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি আৰু বিবৰ্তিত গৱেষণা প্ৰণালীয়ে প্ৰাকৃতিক কৰ্টিকইডৰ ব্যৱহাৰৰ দ্বাৰা এদিন এনে সমস্যাৰ মিত্যব্যয়ী স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিব৷ ইয়াৰোপৰিও কৰ্টিকষ্টিৰইডে বিভিন্ন কাৰণবশত অস্বাভাৱিকৰূপে ফুলি উঠা ৰক্তপৰিবাহী নলী আৰু মাংসপেশীৰ উপশম ঘটায়৷সেয়ে এছথেমা,বাতবিষ বা প্ৰতিৰক্ষা তন্ত্ৰৰ বিসংগতিয়ে জন্ম দিয়া ৰোগৰো এয়া মহৌষধ৷

Fig: General Structure of Corticosteroids

কুইনাইন আৰু ইয়াৰ সংশ্লেষিত ৰাসায়নিক দ্ৰব্য হাইড্ৰক্সিক্লৰকুইন মেলেৰিয়া ৰোগৰ প্ৰমাণী ঔষধ৷হাইড্ৰক্সিক্লৰকুইনে ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো প্ৰথামাৱস্থাত ব্যৱহাৰ কৰা হৈছিল যদিও অন্তত কভিড নিয়ন্ত্ৰণত হাইড্ৰক্সিক্লৰকুইনৰ ইতিবাচক ভূমিকা সম্পৰ্কে কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা ন’গল৷

Fig :General Structure of Quinone

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৮০% আধুনিক ৰাসায়নিক ঔষধ (Allopathic Medicine) ৰ সৃষ্টিৰ আৰতেই প্ৰত্যক্ষ বা পৰোক্ষ ৰূপত উদ্ভিদজাত ৰাসায়নিক পদাৰ্থই মূখ্য ভূমিকা পালন কৰে৷অসমীয়া আবেগ,গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক আমাৰ ৰাজ্যিক পুস্প কপৌফুল কেৱলমাত্ৰ সৌৰ্ন্দৰ্য্য,প্ৰেম আৰু সমৃদ্ধিৰ প্ৰতীকেই নহয় বৰঞ্চ মূল্যবান ঔষধি দ্ৰব্যৰো আকৰ স্বৰূপ৷ইতিমধ্যেই কপৌ ফুলৰ পাত আৰু শিপাৰ পৰা উৎপাদিত ৰসৰ দ্বাৰা বেক্টেৰিয়া আৰু ভেকুৰজানিত ৰোগৰ উপশম,প্ৰতিজাৰকৰ উপস্থিতি ও ৰোগ প্ৰতিৰোধী ক্ষমতা,ওকণিৰ নিয়ন্ত্ৰণ,এছথেমা,বাতবিষ,প্ৰতিৰক্ষা তন্ত্ৰৰ বিসংগতি,কৰ্টিকষ্টিৰইডৰ নিয়মীয়া যোগান তথা আনুসাংগিক ৰোগৰ নিৰাময় আৰু মেলেৰিয়াৰ নিয়ন্ত্ৰণৰ দৰে ঔষধী গুণৰ বৈজ্ঞানিক বাখ্যা তথা প্ৰমাণ পোৱা গৈছে৷সেয়ে হয়তো অতীজৰ পৰাই নেপাল আৰু শ্ৰীলংকাত কপৌফুলক ঔষধি উদ্ভিদৰ মৰ্যাদা দিয়া হৈছিল৷অসম তথা উত্তৰপূৰ্বাঞ্চল সমগ্ৰ বিশ্বৰ দৃষ্টিত বিলুপ্তপ্ৰায় কপৌফুলৰে সমৃদ্ধ৷অসমৰ স্থানীয় জলবায়ুৰ বাবে কপৌফুলৰ বাণিজ্যিক উৎপাদনো সহজ তথা মিত্যব্যয়ী৷সেয়ে কেৱল সৌৰ্ন্দৰ্য্যৰ প্ৰতীকৰ পৰিবৰ্তে আমি যদি আধুনিক চিকিৎসা বিজ্ঞানৰ বাটেৰে বাট বুলি ঔষধীৰ ৰূপত আমাৰ হিয়াৰ আমঠু কপৌফুলপাহিক মূল আৰু পত্ৰ সহিতে বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ যত্ন কৰো তেন্তে সেয়া নিশ্চয় অসমৰ কৃষি অৰ্থনীতি আৰু চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুটিত পৰিণত হ’ব৷

ধুলীয়াৰ প্ৰেম(ভৌতিক গল্প)

মই জানো মোৰ নয়নাজনী আজিও মোৰ কাষলৈ আহিব৷ মই ঢোল বজালে আৰু নয়নাই এপাক নানাচি পাৰে নে৷জমিদাৰ দৌতাই চাগৈ তাইক ৰঙাচকু দেখুৱাব,হয়তো দুআষাৰমান গুৱালগালিও পাৰিব কিন্তু জমিদাৰ দৌতাৰ ৰঙা চকুলৈ ভয় কৰা ভকত অন্তত মই বা মোৰ নয়না,আমি কোনোটোৱেই নহয়৷হ’ব পাৰো চহা খেতিয়কৰ সন্তান৷কিন্তু আত্মসন্মান মোৰো আছে আৰু প্ৰেম, প্ৰেমটো কৰা নাযায় হৈ যায়৷ঢুলীয়া হিছাপে এই সমগ্ৰ অঞ্চলতে মোৰ এক নাম আছে৷সেই সুবাদতে জমিদাৰ দৌতাই মোক নয়নাক বিহু শিকোৱাৰ দ্বায়িত্ব দিছিল৷তেজখোৱা বাপেকটোৰ সপোন নয়না এদিন সমগ্ৰ অসমৰে বিহুসম্ৰাজ্ঞী হ’ব৷আমাৰনো আৰু কি মাহে প্ৰতি কুৰিটকাৰ মাননি পাম সেয়াই যঠেষ্ট কিন্তু মোৰ ঢোলৰ ছেৱে নয়নাক পাগলী কৰিলে৷চহা খেতিয়কৰ সন্তান এই পুতুকণ ঢুলীয়াৰে নয়নাৰ প্ৰেম হ’ল৷তেজখোৱা বাপেকে গম পাই গৰজি উঠিল৷অমুকাৰ ঢোলবাদন,নয়নাৰ বিহুনাচৰ প্ৰশিক্ষণ আৰু আমাৰ সপোনৰ তাজমহল কপি উঠিল৷তেজখোৱা জমিদাৰৰ দম্ভ আৰু অহংকাৰৰ পৰিণতিত লহপহকৈ বাঢ়ি অহা আমাৰ সেই কণমাণি সংসাৰখনৰ ভেটীত একেৰাতিতে তিতা লাও গজিল৷সেইদিনা গৰুবিহুৰ গধূলি মই নদীৰ ঘাটত পগলাৰ দৰে ঢোল বজালো৷মোৰ ঢোলৰ শব্দই নয়নাক বাউলি কৰিলে৷তাই তেজখোৱা মহাজনৰ সোণৰ সজা ভাঙি মুক্ত বিহংগ হৈ মোৰ কাষলৈ উৰা মাৰিলে আৰু মোক আকোৱা্লি ল’লে৷ইতিমধ্যেই গাঁৱত বিচাৰ খোচাৰ আৰম্ভ হৈছিলেই আমি আৰু বেছি পলম নকৰিলো৷নয়নাৰ কপালত সেন্দুৰ পিন্ধাই দুয়োৱে পৰস্পৰক আলিংগন কৰি ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত জাপ দিলো৷ব্ৰহ্মপুত্ৰই আমাক সামৰি ল’লে৷আজি প্ৰায় সাতোটা দশকেই পাৰ হ’ল৷হ’লেও এই দিনটো বৰ কালিকা লগা৷কিয় নাজানো গৰুবিহুৰ নিশা বেলি লহিয়ালেই মই মন্ত্ৰমুগ্ধৰ দৰে নদীৰ বুকুৰ পৰা উঠি আহো৷পগলাৰ দৰে ঢোল বজাও৷ঢোলৰ শব্দত মোৰ মৰমৰ গাওখনি ৰজনজনাই যায়৷কিন্তু আমাৰ মৃত্যুৰ সপ্তাহচেৰেকৰ অন্তত তাইৰ তেজখোৱা বাপেকটো তেজ বমি হৈ মৰাৰ পৰা কোনেও এই ঘাটৰ ফালে মুখেই নকৰা হ’ল৷আনৰ কথা নাজানো কিন্তু মোৰ ঢোলৰ ছেৱত ককালভাঙি নাচিবলৈ পাতৰ ৰিহা মেখেলা পিন্ধি নয়না যে আহিব সেয়া খাটাং সৌৱা মোৰ নাচনীজনী নদীৰ বুকুৰ পৰা উঠি আহিছে৷শিৰত সেন্দুৰ,কপালৰ মধ্যভাগত দগমগীয়া সেন্দুৰীয়া বেলি,কাণত জাংফাই,ডিঙিত জোনবিৰি,দুহাত শুৱনি কৰা গাম খাৰু,ককালত মূগাৰ মেখেলা,ভমকাফুলীয়া চাদৰ,পাটৰ ৰিহা আৰু খোপাত মই অন্তিমবাৰৰ বাবে যাচি দিয়া সেই কপৌফুল পাহি৷

নদীৰ ঘাটৰ পৰা ৰিণিকিৰিণিকৈ ভাহি আহিল,”ধিনদাও ধিনদাও খিতি খিতি খিতি খিতি খিতি খিতি তাও আমাৰে নাচনিক নচুৱাই নচুৱাই ভাগৰুৱাও৷“বুঢ়ালুইতৰ নিৰ্জন ঘাটৰ পৰা ৰিণিকিৰিণিকি ভাহি অহা ঢোলৰ ছেৱ শুনি সন্ধিয়াৰ প্ৰসংগভাগিৰ বাবে মাহপ্ৰসাদ তিয়াই থকাৰ পৰাই নামঘৰীয়া পূৰ্ণ দাইটিয়ে এক গভীৰ হুমুনিয়াহ কাঢ়ি স্বগতোক্তি কৰিলে,”অ’ মোৰ মতা গোসাই পুতুকণ ককাইদেউ আৰু নয়না ভনীয়ে আমাক এৰি যোৱাৰ আজি প্ৰায় সত্তৰ বছৰেই হ’ল৷সিহঁতহালৰ আত্মাক তুমি মুক্তি দিয়া প্ৰভু৷এই ভকতৰ কাকুতিক স্বীকাৰ কৰা প্ৰভু৷

তেজখোৱা জমিদাৰৰ এৰাপৰলীয়া ঘৰটোৰ পৰা এফাকি গুৱালগালি ভাহি আহিল৷ “চাল্লা কুলক্ষণী উপজিয়েই মাৰৰ মুৰটো খালি তাৰ পিছত নিজৰ আৰু শেষত এই জমিদাৰ বাপেৰৰ৷কি দিয়া নাছিলো তোক মই নয়না?সেই ভিকহুটোৰ ওচৰত তোক সুখত ৰাখিব পৰাকৈ আছিলেই বা কি?“ এৰাপৰলীয়া ঘৰৰ পৰা এক অশৰীৰ কন্ঠৰ ৰূপত সোপাইমানে গুৱালগালি প্ৰতিফলিত হ’ল৷অথচ তেজখোৱাটোৰ গোজৰণি কাৰো কাণত নপৰিল৷গুৱালগালিৰ অন্তত পুনৰ কোনোবাই ওকলিয়াৰ শব্দ৷কিন্তু সেইনিশা গঞা ৰাইজে ঘাটৰ পৰা ভাহি অহা ৰিণিৰিণি ঢোলৰ ছেও আৰু সুৰীয়া বিহুনামৰ বিনে আন একোকে একোকে শুনা নাপালে৷এৰাপৰলীয়া ঘৰৰ চোতালত তেজৰ ডোঙা বান্ধিল৷কেঁচা তেজ৷তেজখোৱা জমিদাৰৰ বুকুৰ তেজ৷কেঁচা তেজৰ স্ৰোত বৈ গৈ ব্ৰহ্মপুত্ৰৰ সোতত মিলিত হ’ল৷এধানিমান কেঁচাতেজেৰে মই নয়নাৰ শিৰত পুনৰ সেন্দুৰৰ অলংকাৰ পিন্ধালো৷সমগ্ৰ গাৱতেই প্ৰতিধ্বনিত হ’ল মোৰ ঢোলৰ শব্দ৷“ধিনদাও ধিনদাও খিতি খিতি খিতি খিতি খিতি তাও আমাৰে নাচনীক নচুৱাই-নচুৱাই ভাগৰুৱাও৷“

আবৃত্তিঃপেৰানৰ্মেলএক্সপাৰ্টৰ দিনলিপি(একাদশ খণ্ড)

আজি মই যি ঘটনাক্ৰমৰ সমন্ধে উল্লেখ কৰিবলৈ আগবাঢ়িছো সেয়া বিংশ শতিকা মানে পূৰ্বৰ শতাব্দীৰেই কথা৷সম্ভৱত ১৯২০ মানৰ কথা৷তাহানিৰ পৰাধীন ভাৰতত মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাটোও আজিৰ যুগত ডিষ্টিংচন লৈ উত্তীৰ্ণ হোৱাৰ সমপৰ্য্যায়ৰ কথা৷সেইসময়ত বাগানৰ বৰবাবুৰ পদবী ৰাজপত্ৰিত চৰকাৰী বিষয়াতকৈ কোনো গুণেই কম নাছিল৷ভুক্তভোগীৰ ভাষাৰে ক’বলৈ গ’লে তেওঁৰ ককাদেউতাকে মেট্ৰিকত সুখ্যাতিৰে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ যোৰহাটৰে এখন বাগানৰ বৰবাবু পদত নিযুক্তি লাভ কৰি পুৰণি গাৱৰ পৰা উঠি আহি পশ্চিম যোৰহাটৰ এক মফচলীয়া অঞ্চলত ঘৰ সাজিলে৷ঘৰৰ সদস্য বুলিবলৈ লগত ভুক্তভোগীৰ আইতাক আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ অৰ্থাৎ ভুক্তভোগীৰ জ্যেষ্ঠতম বৰদেউতাক৷কিন্তু তেওঁৰ আইতাক যেতিয়াই দ্বিতীয়বাৰৰ বাবে সন্তানসম্ভৱা হ’ল তেওঁ প্ৰায়েই নিশাৰ সাজৰ অৱশিষ্ট অংশ চুৱাপাতনিত পেলাবলৈ যাওঁতে কাষৰে বাহনিডৰাত এজনী জুটুলী-পুটুলী চুলি আৰু ৰঙা চকুৰ বীভৎস চেহেৰাৰ নাৰীমূৰ্তিক দেখিবলৈ আৰম্ভ কৰিলে৷বৰবাবু আছিল ব্ৰিটিছৰ দিনৰে শিক্ষিত যুৱক,অন্ধবিশ্বাসৰ নামেই নুশুনে,সেয়ে পত্নীৰ কথাক গৰ্ভৱস্থাৰ বাবে সৃষ্ট মনৰ ভ্ৰম বুলিয়েই উৰাই দিলে৷কিন্তু দুখঃজনক ভাৱে দ্বিতীয় পুত্ৰক জন্ম দিয়েই তেওঁৰ পত্নীৰ মৃত্যু হ’ল৷উল্লেখ্য যে সেইসময়ত চিকিৎসালয় নহয় ঘৰতেই অভিজ্ঞ তিৰোতাৰ সহযোগত সন্তানৰ জন্ম আৰু প্ৰসূতিৰ প্ৰতিপালন হৈছিল৷বৰবাবুৱে পুনৰ বিবাহ কৰিলে৷দ্বিতীয়া পত্নী যেতিয়া সন্তানসম্ভৱা হ’ল নিশাৰভাগত বাহনীৰ কাষত পুনৰ সেই বীভৎস নাৰীমূৰ্তিৰ আৰ্বিভাৱ ঘটিল৷বীভৎস নাৰীমূৰ্তিৰ দৰ্শন প্ৰথমা পত্নীৰ ক্ষেত্ৰত মতিভ্ৰম আছিল বুলিয়েই তেওঁৰ ককাকে ভাবিছিল কিন্তু দ্বিতীয়া পত্নীৰ গৰ্ভাৱস্থাতো পুনৰ একে নাটকৰে পুনৰাবৃত্তি হোৱাত তেওঁৰ বিশ্বাস হ’ল যে সেয়া মতিভ্ৰম নহয় নিশ্চয় কোনো অশুভ শক্তিৰ ছায়াই হ’ব৷তেওঁ গাঁৱৰে জ্যেষ্ঠজনৰ সৈতে আলোচনা কৰি নামপ্ৰসংগ কৰিলে৷সপ্তাহচেৰেকৰ বাবে সেই বীভৎস নাৰীমূৰ্তিৰ আগমনৰ পৌনপুনিক নাটকখনৰ যৱনিকা পৰিল কিন্তু প্ৰায় আঠ-ন দিন অতিক্ৰম কৰাৰ অন্তত পুনৰ একেখন নাটকৰে পুনৰাবৃত্তি৷এগৰাকী কন্যা সন্তানৰ জন্মদিয়েই প্ৰসৱ বেদনাত বৰবাবুৰ দ্বিতীয় পত্নীৰো মৃত্যু হ’ল৷বৰবাবুৱে পুনৰ বিবাহ কৰিলে৷আজিৰ পৰা প্ৰায় এক শতাব্দীৰ পূৰ্বৰে কথা৷সেইসময়ত অসমীয়া সমাজত বহুবিৱাহ কোনো নতুন কথা নাছিল৷বৰবাবুৰ তৃতীয়া পত্নী বিবাহৰ প্ৰায় দুইবৰ্ষৰ অন্তত সন্তানসম্ভৱা হ’ল আৰু সেই দিনাৰ পৰাই নিশাৰ ভাগত বাহনিলৈ পুনৰ বীভৎস নাৰীমূৰ্তিৰ দৈনিক আগমণ৷এইবাৰ বৰবাবুৱে আৰু কোনো ভুল নকৰিলে৷চিধাই মায়াংৰ বেজৰ শৰণাপন্ন হ’ল৷ঘৰৰ চাৰিবেৰ বিশেষ বিধিৰে বন্ধা হ’ল৷বাৰী বন্ধোৱাৰ অন্ততো কিন্তু চুৱা পেলাবলৈ যাওঁতে বৰবাবুৰ তৃতীয়া পত্নীয়ে প্ৰতিনিশাই বীভৎস নাৰীমূৰ্তিৰ দৰ্শন পায় কিন্তু বাহনিত নহয় ঘৰৰ জেওৰাৰ বাহিৰত৷পত্নীৰ সৈতে বৰবাবুও যায়৷কিন্তু তেওঁ পত্নীয়ে আঙুলিয়াই দিয়া দিশত চালেও একো দেখা নাপায়৷বেজে ক’লে সন্তান প্ৰসৱ নকৰালৈকে যাতে তেওঁৰ গৰ্ভৱতী পত্নী ঘৰৰ চাৰিবেৰৰ বাজ নহয়৷কথামতেই কাম৷এইবাৰ তেওঁলোকৰ এক কন্যা সন্তানৰ জন্ম হ’ল আৰু মাতৃৰ স্বাস্থ্যৰ সামান্যতমো ক্ষতি ন’হল ক্ষতিটো দুৰৰে কথা বৰবাবুৰ তৃতীয়া পত্নীয়ে ইয়াৰ পিছতো পাঁচজন পুত্ৰসন্তান আৰু এগৰাকী কনিষ্ঠতম কন্যাসন্তানৰ জন্ম দিলে৷মোৰ ভুক্তভোগী বৰবাবু আৰু তেওঁৰ তৃতীয়া পত্নীৰ দ্বিতীয় সন্তান অৰ্থাৎ প্ৰথম পুত্ৰৰ জীয়ৰী৷ভুক্তভোগীৰ মাতৃয়েও আশীৰ দশকত ভুক্তভোগী মাতৃগৰ্ভত থাকোতেই পকী দেৱাল(জেওৰা গুচি পকী দেৱাল হৈছিল) ৰ বাহিৰত সেই বীভৎস নাৰীমূৰ্তিৰ দৰ্শন লাভ কৰিছিল৷সেই বাৰীৰ সীমাতে এক চৰকাৰী পানী যোগান আছনি আছে৷আজি প্ৰায় দহবছৰেই হ’ল৷বিশজনৰো অধিক নৈশ চকীদাৰৰ সলনি হ’ল অথচ এজনো টিকিব নোৱাৰিলে৷সকলোৰে একেই আবৃত্তি মাজে-সময়ে শেষনিশা কোৱাৰ্টাৰত শুই থাকোতে এক বীভৎস আৰু ক্ৰুৰ চেহেৰাৰ নাৰীমূৰ্তিৰ আগমন ঘটে৷তেওঁলোকক শোৱাপাটীতে লৰচৰ কৰিব নোৱাৰাকৈ হেঁচা মাৰি ধৰে৷চিয়ৰিব পাৰে অথচ শৰীৰ জঠৰ হৈ পৰে৷পিছদিনা হয় জ্বৰ উঠে অন্যথা শৰীৰ দুৰ্বল হৈ পৰে৷দুজনৰটো শোৱাপাটীতেই মৃত্যু হ’ল৷শৰীৰত লেশমাত্ৰও আঘাতৰ চিন নাই আৰু এজনতো পগলা হৈ পৰিল৷অৱশেষত স্থানীয় পঞ্চায়তে নৈশ চকীদাৰৰ পদৱীটোৰে বিলুপ্তিসাধন কৰিলে৷ভুক্তভোগী তেতিয়া তিনিমাহৰ গৰ্ভৱতী৷তেওঁৰ পিতৃৰ আকস্মিক মৃত্যুৰ বাবে ঘৰলৈ থকাকৈ আহিল আৰু সেই নিশাই পুনৰ চুৱাপাতনিত সেই বীভৎস নাৰীমূৰ্তিৰ আৰ্বিভাৱ ঘটিল এইবাৰ কিন্তু চাৰিবেৰৰ বাহিৰত নহয় পুনৰ চুৱাপাতনিত৷তেওঁ মোক সবিশেষ জনোৱাত পিছদিনাই মই তেওঁ আৰশ তেওঁৰ স্বামীক শাৰীৰিক বন্ধনী পৰিধান কৰি সন্তান ভূমিষ্ঠ নোহোৱা পৰ্য্যন্ত পুনৰ পিতৃগৃহত প্ৰৱেশ নকৰিবলৈ ক’লো আনহে নালাগে আপোন পিতৃৰ শ্ৰাদ্ধতো৷ বুকুত শিলবান্ধি হ’লেও তেওঁ সেয়াই কৰিলে৷ছয়মাহৰ অন্তত তেওঁৰ এগৰাকী কন্যাসন্তানৰ জন্ম হ’ল৷বৰ্তমান সেই কন্যাসন্তানৰ বয়স চাৰি বছৰ৷মাক-জী উভয়েই পূৰ্ণৰূপত সুস্থ৷

কাৰণ বিশ্লেষণ-বিধিৰ বিধানৰ বিপৰীতে যদি কোনো গৰ্ভৱতী মহিলাই আত্মহত্যা বা অপঘাত মৃত্যুৰ বলি হৈ মৃত্যুৰ মুখত পৰে তেওঁৰ আত্মাই মুক্তি নাপায় আৰু প্ৰেতযোনীত প্ৰৱেশ কৰি শাখিনী হ’য়৷শাখিনীৰ মৃত্যু হোৱা স্থানৰ চুৱাপাতনি,বাহনী,ফুটুকানী,উইহাফলু বা এৰাবাৰী সচাৰচৰ শাখিনীৰ নিৱাসস্থান আৰু ভুক্তভোগীৰ পিতৃগৃহ আৰু চৰকাৰী পানী যোগান আচনিৰ মাজত আজিয়ো এখন এৰা বাৰী আছে৷শাখিনীক সচাৰচৰ গৰ্ভৱতী মহিলা আৰু আবিয়ৈ যুৱকে দেখে কাৰণ গৰ্ভৱতী মহিলাৰ প্ৰতি শাখিনীৰ ঈৰ্ষা আৰু যুৱকৰ প্ৰতি যৌনাসক্তি৷হয়তো দুজন নৈশ চকীদাৰে শাখিনীৰ বীভৎস ৰূপ দেখি হাৰ্টফেইল কৰিলে আৰু এজন বলীয়া হ’ল৷বৰবাবু বিবাহিত আছিল বাবেই শাখিনীৰ দৰ্শন পোৱা নাছিল৷বৰবাবুৰ ঘৰ শাখিনীৰ ক্ষেত্ৰৰ ভিতৰত৷সেয়ে বাৰী নবন্ধা পৰ্য্যন্ত ঘৰতে সন্তান প্ৰসৱ কৰাৰ দুখতঃ পৰিণতি স্বৰূপে তেওঁৰ প্ৰথম আৰু দ্বিতীয়া পত্নীৰ মৃত্যু হ’ল৷নামপ্ৰসংগৰ প্ৰভাৱত সপ্তাহচেৰেকৰ বাবে শাখিনীৰ শক্তি কমিল যদিও বাৰী নবন্ধা পৰ্য্যন্ত পুনৰ উপদ্ৰৱৰ আৰম্ভ হ’ল৷কোনো বন্ধনীয়েই স্থায়ী নহয় আৰু ভুক্তভোগীৰ গৰ্ভকালত হয়তো পূৰ্বৰ বন্ধনীৰ ম্যাদ উকলিল ফলত পুনৰ শাখিনীয়ে চুৱাপাতনিত বাহ ল’লে৷সেয়ে শাখিনীৰ মৃত্যুছায়াৰ পৰা মাতৃ আৰু সন্তানক ৰক্ষা কৰাৰ স্বাৰ্থত পিতৃৰ আদ্যশ্ৰাদ্ধৰ পূৰ্বেই শৰীৰ বন্ধনীসহ মই জী-জোৱাইক পিতৃগৃহ এৰিবলৈ ক’লো৷বাৰীখন পুনৰ বান্ধি দিয়া হ’ল৷ভুক্তভোগীৰ ভাতৃ যাৰ বিবাহ হোৱা নাই সি আজিও মাজে-সময়ে বেৰাৰ বাহিৰত শাখিনীক দেখে৷কিন্তু বাৰী আৰু শৰীৰৰ বন্ধনীৰ বাবে শাখিনীৰ প্ৰভাৱৰ পৰা বাছি আছে৷শাখিনী “Human spirit” সেয়ে কাকো কায়িকভাৱে আঘাত কৰিব নোৱাৰে কিন্তু গৰ্ভৱতী মাতৃ,সন্তান,গৰ্ভস্থ সন্তান আৰু আবিয়ৈ যুৱক সকলোকে ভ্ৰমসৃষ্টিৰে ক্ষতিসাধনৰ লগতে হত্যা কৰিবলৈও সক্ষম৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

জোনাকীৰ মেলা (ভৌতিক গল্প)

চৰকাৰী চাকৰি৷দৰমহা-পাতিও ভাল৷কিন্তু পোষ্টিং এখন সৰু পাহাৰীয়া জিলাত৷অৱশেষত ঘৰ এৰি যোৱাটোৱেই নিশ্চিত কৰিলো৷প্ৰশাসনিক বিষয়াৰ ৰাজপত্ৰিত চাকৰি৷চৰকাৰী চাকৰিৰ এইহেন মহঙা দিনত ঘৰৰ ভাতৰ মোহত এনে এটা সুৱৰ্ণ সুযোগ পায়ো হেৰুৱা মূৰ্খামিয়েই হ’ব৷লক্ষ্য আছিল অধ্যাপক হোৱাৰ৷সম্ভৱত এয়াই মধ্যবিত্ত হোৱাৰ যন্ত্ৰণা৷অৰ্থনৈতিক ভেটি মজবুত কৰাৰ স্বাৰ্থত জীৱনৰ প্ৰতিটো ক্ষণতে আমি আপোচ কৰিবলগীয়া হ’য়৷কেতিয়াবা শিক্ষাৰ সৈতে,কেতিয়াবা সমন্ধৰ সৈতে আৰু আন কেতিয়াবা সপোনৰ সৈতে৷

চৰকাৰী আবাসৰ ৰেহ-ৰূপ দেখিয়েই মূহূৰ্ততে মোৰ নাক কোচ খালে৷চৌপাশে সেয়া হাবি নে বননি ধৰিবই নোৱাৰি৷আগদিনা বৰষুণ দিছিল সেয়ে হয়তো ঘৰৰ বাৰাণ্ডাত সৰু গাঠিলৈকে পানী৷এলান্ধু,মকৰাজাল আৰু ম’হৰ উপদ্ৰৱ৷দেহা থাকিলেহে বেহা৷ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছনতাই প্ৰাথমিক স্বাধ্যবিধি৷তাকো কিবাকৈ যদি পাহাৰীয়া মেলেৰীয়া মহে তেজ শোহে!সেয়ে অন্তত ভাড়া ঘৰ বিছৰাটোৱেই ঠিক কৰিলো৷কনিষ্ঠ সহায়ক শইকীয়াই ক’লে,”ছাৰ, অফিচৰ গলিটো পাৰ হৈয়েই এটা ভাড়াঘৰ একেবাৰে খোজ কঢ়া দুৰত্বত৷অৱশ্যে খালী হয় নে নহয় নাজানো৷কিন্তু এবাৰ খবৰ কৰি চাব পাৰে৷মোৰ আজি আবেলি চাৰি বজাত বাছ আছে৷ন’হলে ময়ো ওলালোহেঁতেন৷এসপ্তাহৰ বাবে ছুটী লৈছো৷ঘৰত ভনীজনীৰ বিয়া৷আপুনি পাৰিলে এবাৰ খবৰ কৰি চাব৷”

এটা অসম আৰ্হিৰ সযত্ন পালিত ঘৰ৷সন্মুখত নানাৰঙী ফুলৰ সমাহাৰেৰে এখন মনোমহা ফুলনি৷গেটখন খুলি আগবাঢ়িলো৷কলিংবেল টিপিছো মাত্ৰ৷এগৰাকী ষোড়শী পাহাৰীয়া গাভৰুৱে দুৱাৰখন খুলি দিলে৷ককালৈকে বৈ পৰা মেঘালী চুলিটাৰি,এহাল মৰমলগা কণমাণি চকু,খামুচিয়া ককাল আৰু গোলাপী গাল৷যেন মানৱী নহয় কোনো স্বৰ্গৰ অপ্সৰা৷ “কাক বিছাৰিছে?“ গাভৰুৰ কোমল কন্ঠৰ প্ৰশ্নবাণত মোৰ তন্দ্ৰা ভংগ হ’ল৷ “মানে,ভাড়াঘৰ…..” “হয়!ভাড়াঘৰ মানে আমাৰ ঘৰটোৰ দুটা ভাগ৷এটাত মই আৰু দেউতা থাকো৷সিটো অংশ খালী হৈ আছে৷এটা চৰাঘৰ,শোৱনি কোঠা,সুকীয়া ৰান্ধনীঘৰ আৰু শোৱনি কোঠাৰ সৈতে সংলগ্ন স্নানাগাৰ৷আপুনি ইচ্ছা কৰিলে চাই ল’ব পাৰে৷“ মই মন্ত্ৰমুগ্ধৰ দৰে গাভৰুৰ পিছে-পিছে খোজ দিলো৷ইতিমধ্যেই বেলি লহিয়াইছিল৷তিনিটা আহল-বহল আৰু পৰিস্কাৰ কোঠা আৰু লগতে সংলগ্ন এটি কণমাণি স্নানাগাৰ৷লাগতিয়াল আচবাব পত্ৰখিনিও আছে৷শোৱনি কোঠাৰ খিৰিকীখন মেলিলেই সন্মুখত সেউজীয়া পাহাৰৰ নৈসৰ্গিক সৌৰ্ন্দৰ্য্য৷ “পছন্দ হৈছে নে?“ গাভৰুৱে মিছিকিয়াই সুধিলে৷ দুষ্ট মনটোৱে বাৰেবাৰে চিঞৰিছিল,”ভাড়াঘৰটো ভাড়াঘৰেই তোমাক হে বেছি পছন্দ হৈছে৷“ আবেগক সংযম কৰি গহীনাই সুধিলো,” ঘৰ ভাড়া?“ “মাহে তিনিহাজাৰ৷“ মনে-মনে গণণা কৰিলো ক’ত সেই পাঁচহাজাৰটকীয়া পাণ্ডৱবিবৰ্জিত চৰকাৰী আৱাস আৰু ক’ত সুন্দৰীৰ গাভৰুৰ সান্নিধ্যত মাত্ৰ তিনিহাজাৰ টকাত এনে সুন্দৰ নিবাস৷ “কেতিয়া মানে আহিব পাৰিম?“ “আপোনাৰ বাবে মোৰ দুৱাৰ সদায়েই খোলা থাকিব৷“ গাভৰুৱে মিছিকিয়াই ক’লে৷

নিশা আঠবজাত গৃহপ্ৰৱেশ৷সকলোখিনি চিজিল কৰোতে নিশা চাৰে দহ বাজিল৷ঘৰলৈ ফোন কৰি এটা ছিগাৰেট জ্বলাইছো মাত্ৰ৷“উস!আপুনি মানে ছিগাৰেট খায়৷মই যে গোন্ধটোৱেই সহ্য কৰিব নোৱাৰো৷একেবাৰে উশাহ-নিশাহ বন্ধ হৈ যায়৷“ মোৰ কোঠালৈ গাভৰুৰ আকস্মিক আগমন আৰু তীক্ষ্ণ বাক্যবাণত কিংকৰ্তব্যবিমূঢ় হৈ ছিগাৰেটটো গছকি নুমাই দি ক’লো,”ক্ষমা কৰিব৷মই মানে…….” ” নাই,নাই আপোনাৰ কোনো দোষ নাই৷আছলতে মইহে এনেকৈ হঠাৎ সোমাই আহিব নালাগিছিল৷আজিৰ নিশাৰ সাজ মোৰ সৈতেই খাব পাৰিব৷দেউতা ঘৰত নাই৷অকলে ৰান্ধি মোৰো ভাল নালাগে৷মই পিছে এনেকৈ হঠাৎ সোমাই অহাৰ বাবে আপোনাক ক্ষমা নোখোজো৷আপোন মানুহক ক্ষমা খুজিব নাপায়!” গাভৰুৱে এক সলাজ হাঁহি মাৰি ক’লে৷ তাইৰ অন্তিম বাক্যশাৰীয়ে মোৰ কৰ্ণকুহকত খুন্দা মাৰি হৃদয়সমুদ্ৰত আবেগৰ জোৱাৰৰ সৃষ্টি কৰিলে৷মই মিছিকিয়াই ক’লো,”তেনেহ’লে এতিয়াৰ পৰা ছিগাৰেট হুপি থাকোতে আপুনি এনেকৈ হঠাৎ সোমাই আহিলে ময়ো ক্ষমা নোখোজো৷“ তাই পুনৰ এক সলাজ হাঁহি মাৰি ক’লে,”কিন্তু মই যে উশাহ নোপোৱা হও৷“

পাহাৰীয়া বনশাকেৰে বনোৱা কুকুৰাৰ জোল আৰু ধোৱা ওলোৱা জহা চাউলৰ ভাত৷তাই মাত্ৰ এবাটি চুৰুহা খাইছে৷সম্ভৱত বিলাহীৰ চুৰুহা৷ “কিয় আপুনিচোন কেৱল মোলৈকে ৰান্ধিলে৷আপোনাৰ ভাত?“ “মোৰ উপবাস আছে৷শাওণ মাহত মই নিশা উপবাস ৰাখো৷“ মনতে ভাবিলো,” হে গৌৰী তুমি উপবাসৰ অন্ত পেলোৱা৷তোমাৰ তপস্যাৰ বলত আজি শংকৰ তোমাৰ সন্মুখত৷“ “আপোনাক তুমি বুলি মাতিলে বাৰু বেয়া পাব নেকি?“ তাইৰ মৰমসনা মাতষাৰিয়ে মোৰ ভাৱনাৰ ইতি পেলালে৷ “নিশ্চয়৷ময়ো তোমাক তুমি বুলিয়েই মাতিম৷কিন্তু তোমাৰ নামটো৷“ “অমানিশা আৰু তোমাৰ?“ “সমীৰণ“ “অ’ এটা কথা মই দোকমোকালিতেই ওলাই যাওঁ৷গধূলিহে ঘৰ সোমাও৷মানে মই পঢ়া মহাবিদ্যালখন মূল চহৰতহে আছে৷দেউতা আহিলে বাৰু সমস্যা নাই!তেতিয়ালৈকে ছাবিপাট মই চৰাঘৰৰ মেজখনতে থৈ যাম৷তুমি তলা মাৰি কাৰ্পেটখনৰ তলত থৈ গ’লেই হ’ব৷“মই মাথো মুৰ দুপিয়াই সহাৰি জনালো৷

খিৰিকীৰ বাহিৰত জোনাকৰ বৰষুণ আৰু জোনাকী পৰুৱাৰ মেলা৷বিছনাখনত দীঘল দি অমানিশাৰ মোহনীয় সৌৰ্ন্দৰ্য্যকে সুৱৰি কল্পনাৰ সাগৰত উটি-ভাহি ফুৰিছো৷খিৰিকীৰে এগালমান জোনাকী পৰুৱা মোৰ কোঠালৈ সোমাই আহিল৷এছাটি শীতল বতাহে শৰীৰটোক কোবাই গ’ল৷হঠাৎ এনে লাগিল যেন সেয়া জোনাকীৰ মেলা নহয় মোৰ অমানিশা৷অমানিশাই মোৰ চুলিত হাত ফুৰাই কপালত এটা চুমা আকি দিলে৷তাইৰ তেজৰঙা ওঠযুৰি পিছলি মোৰ ডিঙি পাইছে মাত্ৰ৷এক অস্ফুট গেঙনি মাৰি সাৰ পাই উঠিলো৷না জোনাকীৰ মেলা না মোৰ অমানিশা৷হেই মানে ইমানপৰ সপোনহে দেখি আছিলো আৰু মানে ইমানপৰে অমানিশা নহয় ৰক্তপিপাসু মহেহে মোক চুমা যাছিছিল৷ডিঙিটো তেতিয়াও চেকচেকাই আছিল৷হাতত এসোতা গৰম তেজ৷মোৰ প্ৰচণ্ড চৰত হয়তো তেজ শুহি গেৰেলা দিয়া ম’হ চেপেটা লাগিল৷খিৰিকীখন জপাই দিলো৷সম্ভৱত হুকটো বেয়া৷কাইলৈ অমানিশাক ক’ব লাগিব৷

“ছাৰ নিশা বাৰু খিৰিকী খুলি শুইছিল নেকি?ডিঙিত ম’হে খাই একেবাৰে দবলা পাতি থৈছে৷পাহাৰীয়া ঠাই৷মেলেৰিয়াৰ প্ৰকোপো বেছি৷অলপ সাৱধানে চলিব৷“ নৈশ চকীদাৰ থাপাই কাৰ্য্যলয়ৰ পৰা উভতি আহোতে ক’লে৷“হুমম থিকেই কৈছে৷“ মনতে ভাবিলো আজি অমানিশাক হুকটোৰ মেৰামতিৰ কথা ক’ব লাগিব৷“

অমানিশাই মোৰ বাবে নিশাৰ সাজ ৰান্ধিয়েই থৈছিল৷কথাৰ মাজতে হুকটোৰ কথা পাহৰিয়েই পেলালো৷পৰিণতি পুনৰ মহে খাই দবলা কৰা মোৰ গলধন৷এনেকৈয়ে প্ৰায় এপষেকমান পাৰ হ’ল৷দিনটো কেৱল কাৰ্য্যলয়ৰ চকীখনহে শুৱনি কৰো৷মন সমুদ্ৰত মাথো প্ৰতি মূূহূৰ্ততে অমানিশাৰ ধুমুহা৷কেতিয়া সন্ধিয়া নামিব আৰু কেতিয়া মই মোৰ অমানিশাক লগ পাম৷তাইৰ মৰম আকলুৱা কন্ঠত যেন কিবা এক যাদু আছে৷হুকটোৰ কথা সদায়েই পাহৰি যাওঁ৷কিয় জানো দুদিনমানৰ পৰা শৰীৰটো বৰ দুৰ্বল কৰিছে৷মুখখনো শেতা পৰি আহিছে৷হয়তো নতুন ঠাই,বতৰৰ সালসলনি আজি কাৰ্য্যলয়ৰ পৰা সোনকালেই উভটিলো৷পিছফালৰ পৰাই শইকীয়াই ৰিঙিয়ালে,”ছাৰ ভাড়াঘৰ বিছাৰি পালেনে৷মই আকৌ যিটোৰ কথা কৈছিলো সেইঘৰৰ মালিকজনেই বোলে যোৱামাহত এই ঘৰ এৰি গুৱাহাটীলৈ গুচি গ’ল৷“ “কিয়!জীয়েক থাকে নহয় মানে অমানিশা৷মইটো যোৱা এপষেক ধৰি তাতেই আছো৷“ হঠাৎ শইকীয়াৰ মুখখন কাগজৰ দৰে বিবৰ্ণ হৈ গ’ল কথমপি সেপ ধুকি সূধিলে,” অমানিশাক আপুনি ক’ত লগ পালে৷“ “ক’ত হ’ব আৰু অমানিশাহঁতৰ ঘৰত,বৰ ধুনীয়া ঘৰ হে কিন্তু মহৰ……..” “ছাৰ আপুনি এইবোৰ কি কৈছে৷অমানিশাই আত্মহত্যা কৰা ছমাহেই হ’ল৷বৰমৰম লগা আৰু সাদৰী ছোৱালী আছিল অমানিশা৷মোৰ ভনীৰ বয়সৰ হ’ব৷মূলচহৰৰ কলেজত পঢ়িছিল৷ঘৰলৈ উভটোতে প্ৰায়েই পলম হ’য়৷কেইটামান নৰপিশাচে সেই ফুলকুমলীয়া ছোৱালীজনীক বাটতে আগুচি ধৰি দলবদ্ধভাৱে ধৰ্ষণ কৰিলে৷জীৱনলৈ হঠাৎ অহা ধুমুহাজাকৰ আঘাত চাগৈ তাই সহিব নোৱাৰিলে৷শোৱনিকোঠাতে হাতৰ মনিবন্ধনৰ সিৰা কাটি আত্মহত্যা কৰিলে৷হয়তো তাইৰ আত্মা!সেয়ে হয়তো দেউতাকে ঘৰ-বাৰী এৰি গুৱাহাটী পালেগৈ!আপুনি আৰু তালৈ দুনাই নাযাব ছাৰ৷লাগিলে নতুন ভাড়াঘৰ নোপোৱালৈকে মোৰ কোৱাৰ্টাৰতে থাকিব পাৰিব৷“ মই ঘড়ীটোলৈ চাই ক’লো,”মোৰ পাঁচবজাত বাছ আছে শইকীয়া৷এসপ্তাহমানৰ ছুটী লৈছো৷আপুনি ভাড়াঘৰ বিচাৰি ৰাখিব৷মোৰ পলম হৈছে আহো৷“ শইকীয়াৰ উত্তৰলৈ অপেক্ষা নকৰি মই খৰখেদাকৈ ওলালো৷বিলাহীৰ চুৰুহা,শাওন মাহৰ ব্ৰত,ছিগাৰেটৰ অঙঠা,জোনাকীৰ মেলা,সপোনত অমানিশাৰ চুম্বন,মহে খাই দবলা কৰা ডিঙি,মোৰ দুৰ্বল শৰীৰ,শেতাপৰা মুখ আৰশ অমানিশাৰ আত্মহত্যা৷মাথো সমীকৰণবোৰ যোগ কৰি গ’লো৷

“অমানিশা আজি তোমালৈ তুমি ভাল পোৱা কিবা এটা ৰান্ধিছো৷সদায়চোন তুমিয়েই ৰান্ধা৷আজি মোৰ হাতৰো জুতি লৈ ছোৱা৷“অমানিশাই বাতিটো হাতত লৈ চিৎকাৰ কৰি উঠিল,”ছিহ!এইবোৰ কি?কেঁচা তেজ দেখোন৷“ “কিমান আৰু প্ৰেমৰ নাটক কৰিবা?কিমান মহ হৈ শুহিবা মোৰ ডিঙিৰ ৰক্ত৷আজি মোৰ হাতৰ মনিবন্ধনৰে নিগৰা তেজো চাকি চোৱা৷“ চুৰিৰে বিদীৰ্ণ মোৰ মণিবন্ধনেৰে বৈ অহা তেজ দেখি তাই উচুপি উঠিল,” হয় মই আত্মহত্যা কৰিছিলো৷হাতৰ, মণিবন্ধনেৰে সমগ্ৰ নিশাজুৰি বৈছিল মোৰ শৰীৰৰ তপত ৰক্ত৷ৰক্তহীন মোৰ মৃতদেহ কাগজৰ দৰে শেতা পৰি গৈছিল৷সেয়ে মোক প্ৰতিনিশা তেজ লাগে৷মহ হৈ তোমাৰ ডিঙিৰ তেজ শুহো৷কিন্তু মই তোমাক ভাল পাওঁ৷তোমাৰ স্বপ্নৰ প্ৰতিটো প্ৰেমময়ী চুম্বনেই সঁচা আছিল৷মোকটো সামান্য তেজ লাগে!কিন্তু তুমি৷নাই মই তোমাক মৰিবলৈ দিব নোৱাৰো৷তোমাক মই ভাল পাও আৰু সেয়া কোনো প্ৰেমৰ নাটক নাছিল৷সঁছাকৈয়ে ভাল পাওঁ তোমাক৷মোৰ ভুল হৈ গ’ল৷আচলতে মই তোমাক সকলো খুলি ক’ব লাগিছিল৷মোক তুমি ক্ষমা কৰি দিয়া৷“ অশ্ৰুসিক্ত নয়নেৰে বেছেৰী অমানিশাই দোপাৰ্ট্ৰাখন ফালি মোৰ হাতত বান্ধি দিয়াৰ অপ্ৰাণ চেষ্টা চলালে৷কিন্তু ইতিমধ্যেই হয়তো বহু পলম হৈ গৈছিল৷ মই মাথো দুৰ্বল কন্ঠেৰে ক’লো,”আকৰীজনী আপোনজনক ক্ষমা খুজিব নাপায়৷ময়ো তোমাক ভাল পাও অমানিশা,প্ৰেম মানেটো কেৱল প্ৰাপ্তি নহয় ত্যাগ আৰু সমৰ্পণ প্ৰেমৰ প্ৰথম চৰ্ত আৰু আমাৰ মিলনৰ বাবে এই বলিদান……..” মোৰ শেতাপৰা শৰীৰটো তাইৰ কোলাত ধলি পৰিল৷তাইৰ তপত অশ্ৰুৱে মোৰ দুগাল তিয়াই মোৰ অশ্ৰুধাৰাৰে মিলিত হ’ল আৰু সেইনিশাই এহাল জোনাকী পৰুৱাই সেই সেউজীয়া পাহাৰখনি ত্যাগ কৰি তৰাৰ দেশলৈ উৰা মাৰিল৷

শ্ৰীকৃষ্ণৰ দৰ্শন

সম্ভৱত শ্ৰীকৃষ্ণই ভাৰতীয় দৰ্শনৰ সবাৰ্ধিক জটিল চৰিত্ৰ৷সেয়ে তাহানিৰ পৰা আজিলৈকে শ্ৰীকৃষ্ণৰ দৰ্শন আৰু আদৰ্শকলৈয়েই সৰ্বাধিক অপবাখ্যা৷কি কি বিশেষণেৰে যে উপমা দিয়া হ’ল শ্যামবৰণীয়া কানাইক কলীয়া কানাই সাজি আমি লোকগীত ৰছিলো৷শ্যাম মানে নীলা৷সুনীল আকাশৰ দৰে উচ্চ আৰু অটল সমুদ্ৰৰ দৰে গভীৰ আছিল তেওঁৰ ব্যক্তিত্ব তৎস্বত্বেও তেওঁৰ ভৰিকেইটা কিন্তু মাটিটেই আছিল৷ব্যক্তিত্বৰ গভীৰতাক নুবুজি কোনোবাই ক’লে কলীয়া কানাই আৰু কোনোৱে ক’লে শ্যাম৷নীলা ৰঙৰ মানুহ কোনখন পৃথিৱীত থাকে?পীতাম্বৰ! এজন ব্যক্তিয়ে মুৰৰ পৰা ভৰিলৈকে কি সমগ্ৰ শৰীৰ হালধীয়া বস্ত্ৰৰে আবৰিব৷ধৰ্মৰ শত্ৰুৰ বাবে কৃষ্ণ আছিল ৰক্তবৰ্ণৰ দৰেই বিপদজনক আৰু ধৰ্ম মাৰ্গত চলাজনৰ বাবে তেওঁ আছিল ভাগ্যোদয়ৰ সেউজ সংকেত৷হালধীয়া ৰং ৰঙা আৰু সেউজীয়াৰ সংমিশ্ৰণ৷কৃষ্ণই প্ৰিয়তমা ৰাধাৰ সৈতে ভৌতিক বিচ্ছেদৰ পিছতো দেৱদাস নহল বৰঞ্চ দ্বাৰকাধীশ হ’ল৷কংসৰ কাৰাগাৰৰ পৰা দ্বাৰকাধীশৰ সিংহাসন৷সংকটেৰে আচ্ছন্ন শৈশৱ,যৌৱনৰ বসন্তত প্ৰিয়তমাৰে বিচ্ছেদ তাৰ পিছতো কিন্তু প্ৰেমৰ ওপৰত বিশ্বাস নেহেৰুৱাই আৰম্ভ কৰিলে প্ৰেমময় যাত্ৰাৰ৷জগতক শিকালে প্ৰেম মানে প্ৰাপ্তি নহয়,বিচ্ছেদ মানেই সমাপ্তি নহয়৷কিন্তু সেইজগতেই কৃষ্ণক লম্পট সজালে৷ৰাসলীলা- লীলা য’ত না বিজয়ৰ মোহ থাকে না পৰাজয়ৰ গ্লানি,কেৱল বৰ্তমানত জীয়াই থকাৰ পৰমানন্দ৷কিন্তু সেই ৰাসলীলাকে একাংশ অল্পমতিয়ে পৰকীয়া প্ৰেমৰ আখ্যা দিলে৷প্ৰেম সদায়েই বিশুদ্ধ পৰকীয়া প্ৰেম বুলি একোৱেই নাই প্ৰেমত অধিকাৰ নাথাকে না ঈৰ্ষা সেয়ে প্ৰতিগৰাকী গোপীক সমান প্ৰেমেৰে উপচাই দিয়া হ’ল৷নৰকাসুৰৰ দ্বাৰা অপহৃত ১৬,০০০(এই অবাস্তৱ সংখ্যাটোৰ বা কোনে স্ৰজিলে) কন্যাৰ পণিগ্ৰহণৰ সাহস কাৰোৰে নাছিল৷শ্ৰীৰামে সীতাক অগ্নিপৰীক্ষা লৈছিল আৰু অগ্নিপৰীক্ষাৰ অন্ততো প্ৰজাৰ সন্তুষ্টিৰ বাবেই পত্নীক ত্যাগ কৰি পৰম্পৰাগত ৰাজধৰ্মৰ পালন কৰিলে৷কিন্তু শ্ৰীকৃষ্ণই অগ্নিপৰীক্ষা নহয় অগ্নিক সাক্ষী কৰি সেইসকল তথাকথিত অপবিত্ৰ কন্যাক বিবাহ কৰি এক নতুন জীৱন দিয়াৰ লগতে শুচিবায়ুগ্ৰস্ত সমাজক চুঙাচাই সোপা দিলে৷যুৱকালতে কল্পনাপ্ৰসূত ইন্দ্ৰ নহয় বৰষুণ আৰু কৃষিৰ বাবে প্ৰকৃতিক পূজনৰ সংজ্ঞাৰে বিপ্লৱৰ সূচনা কৰিলে(গোবৰ্দ্ধন পৰ্ব) আৰু বৰ্ণবাদক বুঢ়া আঙুলি দেখুৱাই সত্যনাৰায়ণৰ পূজাৰ বেদীত বহিল৷সত্যনাৰায়ণৰ পূজনৰ অৰ্থ সত্যৰ দৰ্শন আৰু বৰ্ণবাদ সেয়া বেদৰ বিকৃতিকৰণ মাত্ৰ৷ৰাজনীতিৰ আধাৰ শক্তি নহয় কুটনীতি প্ৰসংগ কালযৱন আৰু জৰাসন্ধ৷ৰাজয়ূস যজ্ঞত শতভুলৰ অন্তত শিশুপাল বধৰ দ্বাৰা জগতক বুজালে আমি সিমান পৰ্য্যায়লৈহে সহনশীল হোৱা উচিত যেতিয়ালৈকে আত্মসন্মান আৰু ধৰ্মৰ গ্লানি নহয়৷জুৱাৰী যুধিষ্ঠিৰক শ্ৰীকৃষ্ণই সহায় নকৰিলে সেয়ে ঠেকা খাই শিকি জুৱাৰী অন্তত ধৰ্মৰাজ হ’ল৷দ্ৰোপদীৰ লজ্জা নিবাৰণ শ্ৰীকৃষ্ণৰ মায়া আছিল নাই সেয়া জনাৰ কোনো উপায় নাই কিন্তু জগতে এই পাঠ শিকিলে য’ত নাৰীৰ অপমান হ’য় তাতেই কুৰুক্ষেত্ৰ হ’য়,জুৱাত কাৰো বিজয় নহয়,মাত্ৰ বিনাশ হয়৷যি যুদ্ধ কেতিয়াও কৰাই ন’হয় সেয়াই সৰ্বশ্ৰেষ্ঠ যুদ্ধ৷সেয়ে শান্তিদুত হৈ শত অপমান সহিও অন্তত পাঁচখন গাওঁ খুজিলে আৰু দুৰ্য্যোধনৰ অহংকাৰৰ লেলিহান শিখাই অন্ততঃ ধ্বংস কৰিলে কুৰু সম্ৰাজ্যৰ৷গীতাৰ জ্ঞানে কয় পৰম্পৰা নহয় সময় তথা সমাজৰ অনুকুলে শ্যাম-দাম-দণ্ড-ভেদ নীতিৰে কৰা কৰ্মই ধৰ্ম য’ত লাভলোকচানৰ বেপাৰ নাথাকে৷কাৰোবাক মাত্ৰ সাৰথি হৈ পথ প্ৰদৰ্শনহে কৰিব পাৰি ধৰ্মৰ কৱচ ধাৰণ কৰাজনে নিজেই গাণ্ডীৱত শৰ সন্ধান কৰিব৷ভীস্মই পৰম্পৰাক ধৰ্ম বুলি ভাবি ব্যক্তিগত প্ৰতিজ্ঞাৰ মোহত দ্ৰোপদীৰ বস্ত্ৰহৰণৰ পৰ্বত মৌন হৈ ধৰ্মক প্ৰতাৰণা কৰিছিল সেয়ে ধৰ্ম আৰু প্ৰতিজ্ঞাই অন্তত পিতামহক প্ৰতাৰণা কৰিলে৷বৰ্ণবাদী দোণই গুৰুৰ দৰে পবিত্ৰ বৃত্তিক একলব্য বুঢ়া আঙুলিৰে নিগৰা ৰক্তৰে কলংকিত কৰিছিল বৰ্ণবাদৰ মিথ্যা অভিমানৰ বাবে আৰু তেওঁ সত্যৰ দৰ্শনৰ প্ৰতি তিলমানো আগ্ৰহী নাছিল সেয়ে অন্তিম মূহূৰ্তত সত্য তেওঁক লগ এৰা দিলে৷কুলবধুক বেশ্যা বোলা কৰ্ণৰ ৰথৰ চকাক তেওঁৰ পংকিল মানসিকতাই গ্ৰাস কৰিলে৷সংগদোষৰ মায়াত উলুৰ লগত বগৰী পুৰি কৰ্ণই অৱশেষত প্ৰাণ হেৰুৱালে৷কৰ্ণই অৰ্জুনৰ সৈতে প্ৰতিযোগিতাত নমাৰ বাবেহে বিদ্যাৰ্জন কৰিছিল সেয়ে বিদ্যাই তেওঁক অন্তিম মূহূৰ্তত প্ৰতাৰণা কৰিলে৷গান্ধাৰীৰ অভিশাপ কৃষ্ণই মুৰ পাতি ল’লে আৰু যেতিয়া তেওঁৰ নিজৰ বংশ ধৰ্মৰ পথৰ পৰা কক্ষ্যচ্যুত হ’ল তেতিয়াই যাদৱথলী ৰক্তাক্ত হ’ল৷যেতিয়া জ্যেষ্ঠ ভাতৃয়ে তেওঁক শ্যামন্তক মণিৰ চুৰিৰ বাবে অপবাদ জাপি দিলে তেওঁ তৰ্ক কৰাৰ পৰিবৰ্তে কৰ্মৰে চানেকি দিলে যে তেওঁ চোৰ নহয়৷শ্ৰীকৃষ্ণক যি বুজি উঠিল তেওঁলোকে কল্কিলৈ অপেক্ষা নকৰি নিজেই কল্কি হৈ সুদৰ্শনেৰে(শুভ দৰ্শন)ৰে জগত জিনিলে৷যুগে-যুগে কৃষ্ণৰ সৃষ্টি হ’য় ব্যক্তিৰ হৃদয়ত আৰু তেওঁৰ কৰ্মৰ মাজেৰেই পুনঃ প্ৰতিফলিত হয় শ্ৰীকৃষ্ণৰ দৰ্শন আৰু আদৰ্শৰ(সম্ভাৱনি য়ুগে যুগে)