মোৰ সামাজিক পৰিচয় প্ৰফেছ’ৰ কিন্তু মই ব্যক্তিগত ভাৱে নিজকে বিজ্ঞানৰ সাধক ৰূপে পৰিচয় দি ভাল পাওঁ৷বংশগতি আৰু জৈৱৰসায়ন(Genetics and Biochemistry) মোৰ গৱেষণাৰ বিষয়৷গৱেষণাই মোৰ ধৰ্ম,গৱেষণাগাৰ মোৰ মন্দিৰ আৰু নৈবদ্য!
বিজ্ঞান ধ্ৰুৱক নহয় বিজ্ঞান পৰিবৰ্তনশীল আৰু পৰিবৰ্তনশীলতাই বিজ্ঞানৰ ধৰ্ম৷মাৰ্কিন বিজ্ঞানীৰ সূত্ৰৰ প্ৰতি মোৰ কোনো আকৰ্ষণ নাই কিন্তু ৰাছিয়া,জাৰ্মানী আৰু জাপানৰ বৈজ্ঞানিক ইতিহাস মোৰ আদৰ্শ৷
গৰ্ভৱস্থাৰ ভ্ৰুণৰ “ জিন থিৰাপী “ য়ে জেনেটিক ৰোগৰ নিয়ন্ত্ৰণ কৰে৷ভ্ৰুণে মাতৃৰ নাভী(placenta)ৰ পৰা পুষ্টি,অম্লজান আৰু এন্টিবডি পায়৷যদি “জিন থিৰাপী“ ৰ দ্বাৰা আমি অতিমানৱৰ জন্ম দিৱ পাৰো?যদি প্ৰতিজন নৱজাত অতিমানৱ হ’য়?কিমান সুন্দৰ হ’লহেঁতেন এই ধৰা৷
আধুনিক চিকিৎসা বিজ্ঞানে কয় আমি সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে আঠঘন্টা শোৱা উচিত৷কিন্তু আমি যদি নোশোও?যদি মানুহৰ জীৱন যাত্ৰাৰ জিনীয় প্ৰগতিৰে আমি জীৱনযাত্ৰাৰ পৰা নিদ্ৰাক চিৰবিদায় দি কৰ্মমুখী হওঁ?কেনে হ’ৱ পৃথিৱীৰ ভবিষ্যৎ৷
মানৱ জীৱন দুখৰ সমষ্টি৷কাৰোবাৰ যদি শাৰীৰিক পীড়া আন কাৰোবাৰ মানসিক৷দুখে কোঙা কৰা জীৱন৷হৰমনেল এন্ড্ৰকাইন’লজীৰ পৰিবৰ্তনৰে যদি আমি দুখক আনন্দৰ ধাৰাৰ ৰূপ দিওঁ৷
শীতকালি আমাৰ পাকঘৰত পইতাঁচোৰা নোলায়৷সাপ,জেঠী,শামুক,পইতাঁচোৰা সকলো শীতনিদ্ৰাত৷খাদ্য অৱিহনে প্ৰায় ছমাহৰ শীতনিদ্ৰাৰ অন্তত বসন্তৰ আগমনৰ সৈতে পুনৰ স্বাভাৱিক জীৱনযাত্ৰালৈ উভতি আহে৷বিশ্বায়নৰ নামত প্ৰতিদিনে হ্ৰাস পাইছে উৰ্বৰা শস্যভূমি৷কংক্ৰিটৰ সভ্যতাৰ জীৱশ্ৰেষ্ঠক নিদ্ৰাবিহীন শীতনিদ্ৰাৰ প্ৰয়োজন দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ অন্তৰ বাবে৷
মায়ে আজি পুনৰ বিবাহৰ প্ৰসংগ উলিয়ালে পৰিণীতা আৰু নিবিড়ে আমাক এৰি যোৱাৰ প্ৰায় এটা দশকেই হ’ল৷মায়ে বুজনি দিলে,”সিহঁতৰ স্মৃতিজড়িত এই চহৰে আমাক প্ৰতিদিন মাত্ৰ স্মৃতিৰ ৰূপত পীড়া দিয়ে৷গাওঁতে দুবিঘা বোপাককাৰ দিনৰ মাটি আছে৷আধিলৈ দি বিশেষ লাভ হোৱা নাই৷মাটিখিনি বিক্ৰী কৰি নতুনকৈ সংসাৰ পাতি গুৱাহাটীত এটা ফ্লেট লোৱাই উত্তম হ’ব৷“ মই লাহেকৈ অ বুলি কৈ মা লৈ একাপ চাহ আগবঢ়াই দিলো৷
আবেলি পাহাৰৰ ওপৰত অৱস্থিত মোৰ গুপ্ত গৱেষণাগাৰলৈ গ’লো৷নিদ্ৰাবিভোৰ মোৰ জননীক আলফুলে ডাঙি আনিলো৷পাৰ্থই মোৰ উপস্থিতিৰ উমান পায় খিলখিলাই হাঁহিলে৷
পৰিণীতা মোৰ জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেম৷প্ৰায় এটা দশক পূৰ্বে আমি পবিত্ৰ বিবাহ পাশত আবদ্ধ হ’লো৷সন্তানৰ ৰূপত পাৰ্থ আমাৰ পবিত্ৰ প্ৰেমৰ প্ৰথম চানেকি৷পাৰ্থ সেইসময়ত প্ৰথম মানৰ ছাত্ৰ৷পৰিণীতাই মোক সুসংবাদ দিলে,” তুমি পুনৰ পিতৃ হ’বলৈ ওলাইছা৷“ আনন্দত মোৰ দুচকু জ্যোতিস্মান হৈ পৰিল৷কিন্তু পিতৃ হোৱাৰ গৌৰৱত নহয় মোৰ মন মন্দিৰৰ নৈৱদ্যৰ ৰূপত গৰ্ভৱতী পৰিণীতাৰ সন্ধান পায়৷অতিমানৱ,জেনেটিক থিৰাপী আৰু মোৰ গৰ্ভৱতী পত্নী৷এদিন মন্দিৰ দৰ্শনৰ চলেৰে পাঁচমাহৰ গৰ্ভৱতী পৰিণীতাক মোৰ মনমন্দিৰলৈ লৈ আহিলো৷কফিৰ কাপত মিহলি শ্লিপিং টেৱলেটৰ প্ৰভাৱত পৰিণীতা সুখনিদ্ৰাত ধলি পৰিল৷সুখনিদ্ৰাৰ অন্ততঃ বেছেৰীয়ে নিজকে মোৰ গৱেষণাগাৰৰ পিঞ্জৰাত আৱিষ্কাৰ কৰিলে৷তাই চিৎকাৰ কৰি উঠিল৷কিন্তু তাইৰ চিৎকাৰে মোৰ হৃদয় গলাবলৈ সক্ষম ন’হল কাৰণ গৱেষণাগাৰৰ মজিয়াত মই কাৰো পতি নহয় আৰু মন্দিৰৰ পূজাৰীৰ বাবী পৰিণীতা গিনিপিগ অৰ্থাৎ নৈৱদ্য মাত্ৰ৷প্ৰায় দুমাহজুৰি গৱেষণা চলিল৷অতিমানৱৰ জন্মও হ’ল৷মই প্ৰমাণ ৰখাৰ পক্ষপাতী নহয়৷বান্দৰে নাৰিকলৰ মোল নুবুজে আৰু ফাচীকাঠ মোৰ প্ৰিয় নহয় সেয়ে মাতৃ আৰু নৱজাত দুয়োকে জীৱন্তে জ্বলাই দিলো৷নিজৰ শৰীৰত আঘাতৰ স্পষ্ট চিন অংকণ কৰি দুমাহৰ অন্তত ঘৰলৈ উভতিলো আৰু ঘৰিয়ালৰ চকুলো টুকি ক’লো অপহৰণকাৰীৰ কৱলৰ পৰা মই কিবাকৈ বাচি আহিলো যদিও সিহঁতে গৰ্ভৱতী পৰিণীতাক মোৰ চকুৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ কৰি জ্বলাই দিলে৷
পৰিণীতাৰ বিয়োগৰ অন্ততঃ মোৰ জীৱনলৈ প্ৰেয়সী ঠিক প্ৰেয়সী নহয় গিনিপিগৰ ৰূপত মৃদুস্মিতাৰ আগমন ঘটিল৷ইতিহাসে নিজকে দোহাৰে৷শ্লিপিং টেৱলেট,ক’কৰ বটল আৰু মন্দিৰ দৰ্শন৷গড়ালত বন্দী মৃদুস্মিতা নামৰ গিনিপিগজনীৰ এক বিশেষ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ কৰি তাইৰ জীৱনশৈলীৰ পৰা নিদ্ৰাদেৱীক বিদায় দিলো৷ছমাহ অতিক্ৰম কৰিলে নিদ্ৰাবিহীন সুস্থ আৰু কৰ্মঠ শৰীৰ৷অন্তত গিনিপিগৰ শৰীৰক উপভোগ কৰি মনমন্দিৰত তাইক বলি দি মোৰ ভূতলৰ কোঠাত কচাইৰ ৰূপ লৈ শেষত তাইৰ মঙহৰ টুকুৰাবোৰেৰে মন্দিৰৰ দ্বাৰপাল মোৰ বিশ্বাসী জাৰ্মান শ্বেফাৰ্ডহালক ভোজ খুৱালো৷
নিবিড় প্ৰায়েই উদাস হৈ থাকে হয়তো মাতৃ বিয়োগ আৰু শৈশৱতেই নিবিড়ৰ শৰীৰত স্থান লোৱা বাতবিষ৷সেইদিনা মই মন্দিৰৰ পৰা পোনেই আৰক্ষী চকীলৈ গৈ নিবিড় নিখোজ হোৱাৰ এজাহাৰ লিখালো আৰু গধূলি মোৰ একমাত্ৰ সন্তান আৰু গড়ালত বন্দী গিনিপিগ নিবিড়ক এক বিশেষ ৰাসায়নিক দ্ৰব্যৰ ইনজ্যেকশ্যন দিলো৷ঘন্টাচেৰেক মুৰত নিবিড়ৰ মুখত হাঁহি বিৰিঙিল৷মই প্ৰথমে নিবিড়ৰ শৰীৰত বেজীৰে খুছিলো নাই যন্ত্ৰণাৰ চিন নাই সি মাথো খিলখিলাই হাঁহিলে৷চাবুকেৰে কোৱালো,সমগ্ৰ শৰীৰত এছিড ধালিলো,কটা ঘাত নিমখৰ প্ৰলেপ,চকুদুটা ঘুলুকি উলিয়াই আনিলো,হাতুৰীৰে মৰিয়াই দুয়োখন হাত ভাঙি পেলালো,আঙুলিৰ নখবোৰ প্লাচেৰে উঘালি আঙুলি বোৰ কাটি পেলালো৷ভৰি দুখন কৰতেৰে ৰেপি-ৰেপি কাটিলো৷মুখত যন্ত্ৰণাৰ সামান্য ৰেশো নাই৷সি মাত্ৰ খিলখিলাই হাঁহি থাকিল আজিৰ দৰেই৷কাইলৈৰ পৰা নিবিড়ে নাহাহে৷আজিয়েই তাৰ হাস্যময়ী জীৱনৰ অন্তিম দিন৷মায়ে সাৰ পোৱাৰ পূৰ্বেই “autoclave”ৰ উচ্চ চাপ আৰু তাপৰ প্ৰভাৱত গিনিপিগ নিবিড় সুস্বাদু চুপত পৰিণত হ’ল৷মই তৃপ্তিৰে গলাধাৰণ কৰিলো৷
অন্নদাত্ৰী মাতৃৰূপী বন্দী গিনিপিগিৰ চিৎকাৰলৈ ভ্ৰুক্ষেপ নকৰি এটা বিশেষ ইনজ্যেকশ্যন দিলো৷ছমাহজুৰি মায়ে নিদ্ৰাবিহীন শীতনিদ্ৰাৰ সাক্ষী হ’ল৷মন্দিৰৰ পুজাৰী সন্মুখত মাতৃ,পত্নী,সন্তান আৰু প্ৰেয়সী সকলো নৈৱদ্য মাত্ৰ৷মায়ে আজি অভিসম্পাত দি ক’লে,”মই এটা চয়তান জন্ম দিলো৷“ মই শীতল কন্ঠৰে ক’লো,”মই চয়তান নহয় পূজাৰী মাত্ৰ৷পূজাৰীৰ জন্ম তুমিয়েই দিছিলা৷মোৰ কুৰিবছৰীয়া জন্মদিনত তুমি এখন গ্ৰন্থ উপহাৰ দিছিলা৷শিৰোনামা “History of Human Trial on political prisoners by Soviet,Nazis and Japanese Emperor.” গাওঁৰ খেতিৰ মাটি বিক্ৰী কৰি কংক্ৰিটৰ সভ্যতাৰ বাসিন্দা হ’বলৈ মূল্য ভৰিব লাগিব৷গিনিপিগ হোৱাৰ মূল্য৷এই পূজাৰীৰ গৱেষণাৰ মন্দিৰৰ নৈৱদ্য হোৱাৰ মূল্য৷গৱেষণাৰ অন্ততঃ গিনিপিগৰ কোনো প্ৰয়োজন নাই৷মাক পুনৰ দুটা ইনজ্যেকশ্যন দিলো৷প্ৰথমটোৱে শৰীৰত পুনৰ বুভুক্ষাৰ জন্ম দিৱ আৰু দ্বিতীয়টোৰ প্ৰভাৱত গিনিপিগজনীয়ে মানসিক সন্তুলন হেৰুৱাব৷বোৱাৰী-নাতিক অকালতে হেৰুৱাই বলিয়া হোৱা বৃদ্ধাক কাইলৈ মই পগলা ফাটেকৰ অতিথি সজাই দ্বায়িত্বশীল সন্তান হোৱাৰ পৰিচয় দিম৷
বিশুদ্ধ খোৱাপানীৰ অভাৱ একবিংশ শতিকাৰ এক জ্বলন্ত সমস্যা৷যদি মানুহৰ জীৱন যাত্ৰাৰ পৰাই খোৱাপানীক নোহোৱা কৰি দিব পাৰো৷গিনিপিগৰ প্ৰয়োজন আছে৷ৰশ্মিতাই ইতিমধ্যেই এই পূজাৰীৰ প্ৰেমৰ জালত ভৰি দিছে৷বিলাসী ৰেস্তোৰাৰ কেণ্ডেল নাইট ডিনাৰ,দুটামান দামী উপহাৰ আৰু মন্দিৰলৈ নৈবদ্যৰ আগমন৷ৰশ্মিতালৈ ফোন লগালো,”অহা সপ্তাহত এপাক ওলাবা৷মন্দিৰ দৰ্শন কৰিম৷“ তাই সামান্য হাঁহি ক’লে,”মন্দিৰতেই বিয়া পাতিবা নেকি?“মই এটা কুটিল হাঁহি মাৰি ক’লো,” নহয় মোৰ কলিজা আমাৰ সুখময় দাম্পত্য জীৱনৰ বাবে পাহাৰৰ ওপৰৰ সেই জাগ্ৰত মন্দিৰত মাত্ৰ সামান্য নৈৱেদ্য আগবঢ়াম৷“









