কালজয়ী প্ৰেম- এ ডাৰ্ক থ্ৰিলাৰ


(বিঃদ্ৰঃ ডাৰ্ক থ্ৰীলাৰ অতি বীভৎস৷সেয়ে হজম কৰিব পাৰিলেহে পঢ়িব৷গল্পৰ পটভূমি কাল্পনিক আৰু লেখকে গাৰ্হস্থ্য হিংসাৰ বিৰোধিতা কৰে)


মই এজন ঔপন্যাসিক৷আহ!কেৱল ঔপন্যাসিক বুলিলে সেয়া সত্যৰ এক ভগ্নাংশহে হ’ব৷সফল,সমাদৃত,প্ৰতিষ্ঠিত তথা জনপ্ৰিয়৷বহুজনেই কয় মই মানুহৰ অশ্ৰুধাৰাক সাৰথি কৰি সাহিত্যৰ বেপাৰ কৰো৷সফলতাৰ মৰীচিকা খেদো৷মই ইচ্ছাকৃতভাৱেই বিতৰ্কৰ সূচনাও কৰো কিয়নো মই সস্তীয়া জনপ্ৰিয়তাৰ প্ৰত্যাশী৷অৱশ্যে তেওঁলোকৰ সত্যৰ সাধুকথাৰ পৰা মোৰ সত্যৰ পৰিভাষাৰ পৰা সম্পূৰ্ণ পৃথক৷মই ঔপন্যাসিক মুনাফালোভী বেপাৰী নহয়৷মই নিস্পেষিতজনৰ চকুপানীৰে ব্যৱসায় নকৰো মাত্ৰ শব্দৰ বিন্যাসেৰে তেওঁৰ সত্য,দৰ্শন আৰু পীড়াক দাঙি ধৰো৷সস্তীয়া জনপ্ৰিয়তা মোৰ লক্ষ্য নহয়৷অন্ততঃ মোৰ চিন্তাৰ পৰিগণ্ডি তেওঁলোকৰ দৰে সংকীৰ্ণ নহয়৷মই মাত্ৰ ৰোমান্টিচিজিম আৰু ৰহস্যৰে পূৰ্ণ বিশ্বসাহিত্যত এক নতুন আৰু একক যুগৰ সূচনা কৰাৰ বাবে আগ্ৰহী৷


           ককাইদেউ মদাহী আছিল৷ককাইদেউে প্ৰথম মদ খাইছিল আৰু অন্ততঃ মদে ককাইদেউক খুলি-খুলি খাবলৈ আৰম্ভ কৰিলে৷অভিভাৱকবিহীন পৃথিৱীত আপোন বুলিবলৈ মাথো ককাইদেউ আৰু বৌ৷এটা দশকৰ পূৰ্বৰ কথা৷সেইবৰ্ষতে মই বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নাম ভৰ্ত্তি কৰিছিলো৷ককাইদেউ আৰু নবৌৰ বিবাহ দশকযোৰা প্ৰেমৰ পৰিণতি৷কিন্তু সুৰাৰ ৰাগীয়ে অন্তত প্ৰেমৰ পূজাৰীক নৰকৰ চয়তান সজালে৷মোৰ সৈতে নবৌৰ শাৰীৰিক সম্পৰ্ক থকাৰ সন্দেহত এক বৰ্ষামুখৰ অমাবস্যাৰ নিশাত তেওঁ মোৰ আই সদৃশ  আজলী নবৌজনীক কেৰাচিন ধালি জ্বলাই দিলে৷মোৰ ভাগ্য প্ৰসন্ন আছিল মুৰটো সামান্য হাউলাই দিয়াৰ বাবে ককাইদেউৰ ৰডৰ প্ৰচণ্ড প্ৰহাৰে মোক স্পৰ্শ কৰাত অসমৰ্থ হ’ল৷সুৰাৰ ৰাগীত তলংভটং ককাইদেউ মজিয়াত মুৰ দি পৰিল আৰু চিৰদিনৰ বাবে চকু মুদিলে৷মই পুনৰ অনাথ হ’লো৷অথচ মই নাকান্দিলো৷মোৰ সমস্ত পীড়া কলমেৰে নিহিত হৈ জন্ম দিলে মোৰ প্ৰথমখন উপন্যাস ” অনাথৰ আত্মকথা“ৰ৷


                ককাইদেউ-বৌৰ মৃত্যুৰ পিছত মই অকলশৰীয়া ঘৰটো এৰি বিশ্ববিদ্যালয়ৰ কাষতে এচলীয়া কোঠাৰ এটা ভাড়াঘৰ ল’লো৷মালিক ফুকন দা ভীষণ বদমেজাজী কিন্তু তেওঁৰ পত্নী অপৰূপা নম্ৰ,অমায়িক আৰু শান্ত স্বভাৱৰ৷বয়সত হয়টো ফুকন দাৰ তুলনাত ত্ৰিশবছৰ মানেই সৰু৷হয়তো মোৰ সমবয়সীয়া৷ফুকন দাই নাইট চিফ্ট কৰে৷মোৰ কাষৰ কোঠালিত অকলশৰীয়া অপৰূপা৷ফুকনে অপৰূপাক সমুলঞ্চে বিশ্বাস নকৰে৷এবাৰ মোৰ সৈতে হাঁহি-মাতি কথা পতাৰ তাইৰ বুকুত জ্বলন্ত ছিগাৰেট লগাই দিছিলো৷কিন্তু অপৰূপাৰ একাকীত্ব,বেদনা আৰু ঘৰুৱা হিংসাই অন্ততঃ আমাৰ দুয়োকে কাষ চপালে৷সেইদিনা কিবা কাৰণবশতঃ ফুকনে নাইট ছিফ আধাতে সামৰি ঘৰলৈ বুলি বাট বুলিলে৷বিছনাত মোৰ বাহু বন্ধনত অপৰূপা৷ফুকন গৰ্জি উঠিল৷অপৰূপাক প্ৰথমে অশ্লীল গালি-গালাজ পাৰি মোৰ সন্মুখতে সমগ্ৰ নিশা একাধিকবাৰ অতি নৃশংসতাৰে ধৰ্ষণ কৰিলে আৰু সূৰ্য্যদয়ৰ পূৰ্বেই ফুকনৰ হাতৰ বলীষ্ঠ চেপাত অপৰূপা তপত শৰীৰ হিমশীতল নিস্প্ৰাণ মৰাশত পৰিণত হ’ল৷মই সংজ্ঞা হেৰুৱাই পেলালো৷যেতিয়া চকু মেলিলো নিজকে আৱিষ্কাৰ কৰিলো চৰকাৰী চিকিৎসালয়ৰ জেনেৰেল ৱাৰ্ডত৷গাখীৰ দিব অহা ল’ৰাটোৱে বাৰে-বাৰে বেল বজাই কাকো নাপায় দৰ্জা ঠেলি সোমাই আহোতে মোক মজিয়াত পৰি থকা পায় চিকিৎসালয়ত ভৰ্তি কৰালে৷ফুকন তেতিয়াৰ পৰা আজি পৰ্য্যন্ত পলাতক৷প্ৰেয়সীক হেৰুৱাই মই চকুলো নুটুকিলো৷চকুলোৰে চিঞাহীৰে মাথো লিখি গ’লো৷উপন্যাসৰ নাম,“অপৰূপাৰ অপৰূপ প্ৰেম“ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বটা আৰু সামাজিক প্ৰতিষ্ঠা৷


            এইবাৰ ভাড়াঘৰ এৰি হোষ্টেলত৷প্ৰত্যুষ মোৰ ৰূমমেট আছিল৷অৰ্ন্তমুখী আৰু নম্ৰ৷পৰিণীতাক প্ৰত্যুষে প্ৰাণ ভৰি ভাল পাইছিল৷কিন্তু প্ৰত্যুষ বেকাৰ হোৱাৰ অজুহাততে তাই জীৱনে-মৰণে তোমাৰ হোৱাৰ প্ৰতিশ্ৰুতি ভংগ কৰি এজন অভিযন্তাৰ সৈতে বিবাহপাশত লিপ্ত হ’ল৷এমাহমান জুৰি বেছেৰাই মদ খালে আৰু মই সংগোপনে লিখি গ’লো ভগ্ন হৃদয়ৰ গৰাকী মোৰ প্ৰিয় বন্ধুৰ যন্ত্ৰণা কাতৰ প্ৰতিটো মূহূৰ্তৰ খবৰেৰে পূৰ্ণ দিন লিপি৷ফ্ৰেছাৰচৰ দিনা সন্ধিয়া তাক বৰকৈ জোৰ কৰাৰ পিছতো সি নিজৰ স্থিতিত অটল হৈ থাকিল৷যেতিয়া ফ্ৰেচাৰচৰ অন্তত উভতি আহি ৰূমৰ লাইট জ্বলালো মোৰ চকুত পৰিল চিলিংফেনত চিপজৰী লৈ দোদুল্যমান পেণ্ডুলামৰ ৰূপত সেইয়া মোৰ প্ৰিয়বন্ধু৷অন্তিত অধ্যয়টো সেই ৰাতিয়েই লিখি অন্ত কৰিলো৷ উপন্যাসৰ নাম,”প্ৰতাৰিত প্ৰেমিকৰ দিনলিপি৷“ বেষ্ট চেলাৰ,আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বীকৃতি আৰু একাধিক ৰাষ্ট্ৰীয় আৰু অন্তৰাষ্ট্ৰীয় বটাঁ৷


              আজি শণিবাৰ৷আইনু ৰূমলৈ থকাকৈ আহিব৷সচাৰচৰ দৰেই দুয়ো নৈশ যাপন কৰিম৷আইনু মোৰ দ্বিতীয় প্ৰেম,প্ৰথম আছিল অপৰূপা মানে ফুকনদাৰ বৌ৷তাইক প্ৰথম লগ পাইছিলো এখন সংবাদমেলত তেনেকৈ প্ৰেমৰ মহাগাথাঁৰ আৰম্ভণি ঘটিছিল৷প্ৰেমিক পক্ষীৰ ৰূপত আমি যৌৱনৰ পাচোটা মধুৰ বসন্ত অতিবাহিত কৰিলো


                  নৈশভোজনৰ অন্তত আমি দুয়ো শোৱাপাটীত আৰু আইনু মোৰ বাহুবন্ধনত৷আইনুৰ চকুহাল চকুহাল টোপনিয়ে টানি নিছে৷


                    আইনুৰ চিৎকাৰে মোৰ হৃদয় কপাইছে৷অথচ কি কৰিম৷মই যে নিৰূপায়৷মই আইনুক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ স্বাৰ্থত যিকোনো কামেই কৰিব পাৰো আৰু এয়া তাৰেই কচৰৎ৷অৰ্দ্ধগলিত গৰম মমখিনি আইনুৰ পিঠিত ঢালি দিলো৷তাই যন্ত্ৰণাত চিৎকাৰ কৰি উঠিল৷গাখীৰৰ সৈতে মিলাই দিয়া শ্লিপিং টেৱলেটৰ ৰাগিয়ে আইনুৰ বন্ধনমুক্ত হোৱাৰ প্ৰয়াসৰ পথত প্ৰতিবন্ধক হৈ ঠিয় দিছে৷মই আইনুক প্ৰাণ ভৰি ভাল৷সেয়ে ভংগ কৰিব নোৱাৰো মোৰ প্ৰতিশ্ৰুতিৰ!জ্বলন্ত ছিগাৰেট তাইৰ উদং শৰীৰত লগাই দিলো,একাধিক স্থানত,একাধিকবাৰ৷তাই পুনৰ চিৎকাৰ কৰি উঠিল৷আঠ ইঞ্চিৰ চাৰিটা গজালেৰে তাইৰ কোমল শৰীৰক বিচনাত হালিলো৷কেঁচাতেজৰ নৈ বৈছে৷সময় তেনেই তাকৰ আৰু বহু কিবাকিবি কৰিবলৈ আছে এইবাৰ এটা পশুৰ দৰে তাইৰ গাভৰু শৰীৰৰ ওপৰত জপিয়াই পৰিলো৷আইনুৱে চিৎকাৰ কৰিছিল৷অথচ মই মুখখন হেঁচি ধৰিলো৷আইনুৰ নাৰকীয় পীড়া,বুকুভঙা চিৎকাৰ আৰু তাইৰ গাভৰু শৰীৰত জিঘাংসাৰ প্ৰতীকস্বৰপ মোৰ তীক্ষ্ণ দাঁতৰ চানেকি৷চকুদুটাত এছিড ধালি দিলো৷তাই পুনৰ আৰ্তনাদ কৰি উঠিল৷মই মাত্ৰ স্বগতোক্তি কৰিলো,“ আইনু এই সকলোবোৰচোন তোমাৰ বাবেই৷“তাইৰ উদং পেটত এখন চুৰি বহুৱাই হাতেৰে ঘটালি তাইৰ অন্ত্ৰনলীক বাহিৰলৈ উলিয়াই তাইৰ সন্মুখতে জ্বলাই দিলো৷যন্ত্ৰণাক্লিষ্ট এক অৱশ গেঙনি৷“আইনু আৰু মাত্ৰ কেইটামান মূহূৰ্ত৷“ প্ৰচণ্ড ওজনৰ এটা লোহাৰ হাতুৰীৰে তাইৰ মুৰত এক পূৰ্ণহতীয়া কোব সোধালো৷লাওঁখোলাটো ফাটি ইষৎ হালধীয়া লুপথুপীয়া মস্তিক মজিয়াত সিচৰিত হৈ পৰিল৷তাই অৱশ্যে তেতিয়াই ঘনাই উশাহ লৈ আছিল৷শেষত গজালসম্বলিত মোৰ বুটা জোতাজোৰেৰে তাইৰ ডিঙিটো মোহাৰি দিলো৷শেষ!এটা অধ্যয়ৰ অন্ত পৰিল৷আইনুৰ বীভৎস মুখখনলৈ চালো৷কি অঁকা আছে তাত,”যন্ত্ৰণা,প্ৰেমাস্পদৰ হাতত প্ৰতাৰিত হোৱাৰ বেদনা,ক্ষোভ,ঘৃণা,ভয় আৰু আতংক৷এছিড দগ্ধ আইনুৰ চকুৰে তেতিয়াও চকুলো বৈ আছিল৷মই এটা ছিগাৰেট জ্বলাই ধোৱাখিনি দুৰলৈ এৰি দিলো৷মোৰ চকুৰে অশ্ৰুধাৰা নিগৰি আইনুৰ গালত পৰিল৷আমাৰ হিয়াভঙা বেদনাই অশ্ৰুধাৰাৰ ৰূপ লৈ প্ৰেমৰ সাগৰত মিলিত হ’ল৷


        “মোক ক্ষমা কৰিবা আইনু৷সিহঁতে কোৱাৰ দৰে মই জনপ্ৰিয়তা প্ৰত্যাশী নহয়,বটা-বাহঁন মোৰ বাবে অপ্ৰাসংগিক আৰু সামাজিক স্বীকৃতিটো তেনেই অস্থায়ী কিন্তু আমাৰ প্ৰেম স্বৰ্গীয়,চিৰশাশ্বত আৰু পবিত্ৰ৷তুমি মোৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছিলা “মোৰ উপন্যাসে এদিন সাহিত্যৰ নোবেল পাব৷“ তোমাৰ ইচ্ছাপূৰ্তিৰ বাবে মই সকলো কৰিব পাৰো৷কাৰণ তুমি মোৰ মন-মন্দিৰৰ জাগ্ৰত গোসানী প্ৰেমৰ অৰ্ঘৰে প্ৰতিদিন এই নিকিনঃ সাধকে তোমাৰেই বন্দনা কৰে৷মই মানুহৰ অশ্ৰুৰ সদাগৰ নহয়৷মই সত্য আৰু যন্ত্ৰণাৰ আবৃত্তি কৰো৷মোৰ প্ৰতিখন উপন্যাসেই প্ৰতাৰণা,নিৰ্য্যাতন আৰু হিয়া ভঙা বেদনাৰ জীৱন্ত দলিল৷ তোমাক অন্তৰেৰে ভাল পায়ো বিশ্বঘাটকৰ সংলাপেৰে মই আজি তোমাক হত্যা কৰিলো যাৰ পৰিণতিত তোমাৰ মুখত অন্তিম সময়ত ফুটি উঠিল এক সন্মিলিত আৰু বিচিত্ৰ অভিব্যক্তি৷আমাৰ চকুলোৰ ধাৰা প্ৰেম সমুদ্ৰত মিলিত হ’ল আৰু আমাৰ প্ৰেমকথা কালজয়ী হ’ল৷তোমাৰ মৃত্যুমুখী মুখৰ অভিব্যক্তি,আমাৰ চকুলো আৰু কালজয়ী প্ৰেম কাহিনীৰে মই নিশ্চয়কৈ লিখিম মোৰ পৰৱৰ্তী উপন্যাসৰ পৃষ্ঠা৷উপন্যাসৰ শিৰোনামা,”কালজয়ী প্ৰেম৷“ এইবাৰ মই নবেল পাম৷তোমাৰ ক্ষন্তেকীয়া যন্ত্ৰণাৰ বিনিময়ত মোৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব,তোমাৰ সপোনে পাখি মেলিব,আমাৰ প্ৰেমগাথাঁ অমৰ হ’ব৷না তুমি বেছিদিন অকলশৰে থকাৰ প্ৰয়োজন নাই৷বটাঁ প্ৰদানৰ নিশাই মই তৰাৰ দেশখনলৈ সদায়ৰ বাবে গুচি যাম৷তুমি ভোগদৈৰে ভটীয়াই মোক আলিংগন কৰি সিপাৰৰ তৰাৰ দেশলৈ লৈ যাবা৷

উত্তৰবিহীন প্ৰশ্নৰ আত বিচাৰি(ভৌতিক গল্পৰ দৰেই বীভৎস আৰু ভয়ংকৰ)


শীতৰ শেষত মোৰ কণমাণি চহৰখনলৈ পছোৱাৰ ৰূপত ফাগুণৰ আগমন ঘটিল৷লঠঙা ফাগুন,ৰিক্ত হৃদয়,ওঠত ধূম্ৰধূসৰিত কুৰি টকীয়া মালব’ৰো আৰু মনত বসন্তৰ প্ৰতীক্ষা৷“ আপুনি এজন ননচেন্স মানুহ৷আপুনি বাদেই দিয়ক সমগ্ৰ মানৱ জাতিটোৱেই ননচেন্স৷স্বাৰ্থপৰ ভীষণ স্বাৰ্থপৰ৷দুদিনমানৰ পূৰ্বলৈকে ময়ো একেই আছিলো৷আপোনাৰ দৰেই ননসেন্স আৰু স্বাৰ্থপৰ৷“ “হৌৰি ডাঙৰীয়া আজি গধূলিতে এটুপি ধৰিলে নেকি!এইবোৰ কি আবোল-তাবোল বলকি আছে?“মই ছিগাৰেটৰ ফিল্টাৰটো ভৰিৰে মোহাৰি উত্তেজিত স্বৰেৰে ক’লো৷ “হৌৰা ডেকা ল’ৰা৷মই সিটুপি নাই ধৰা৷নধৰাৰ আজি এবছৰেই হ’ল৷আজিকালি প্ৰয়োজনো নহয়৷কিন্তু তুমি!তুমি অলপতে যে স্প্ৰাইইতৰ বটলত মিলাই মেজিক মোমেন্টৰ হাফ এটা ছি্ঙি দিলা সেয়া অমুকাই জানে৷তাৰ পিছত ৰূমত গৈ সুৰাৰ ৰাগীত আজে-বাজে ভূতৰ গল্প লিখিবা৷ভূত কি মানুহ!ভূতৰ কি মান-ইজ্জত নাই!তুমি যি মন যায় তাকে লিখিবা৷কোনোটোত তুমি প্ৰেত,কোনোটোত তোমাৰ প্ৰেয়সী,কোনোটোত ভূত হত্যাকাৰী,ক’ৰবাত ধৰ্ষণকাৰী,কোনোটো ভূত মদাহী,কোনোটোৱে ঘুমতি দোকানত ৰৈ ছিগাৰেট টানে?কি জানা তুমি ভূতৰ বিষয়ে৷“আগন্তুকৰ এটা প্ৰচণ্ড ধমকত মই তভক মাৰিলো৷ এটা কৌতুকপূৰ্ণ হাঁহি মাৰি মই আৰম্ভ কৰিলো,” বাৰু ডাঙৰীয়া মই মুৰুখমতি আপুনিয়েই পণ্ডিত৷আপুনি ভৌতিক সমাজৰ সমাজবিজ্ঞানী৷আপুনিয়েই কওঁক৷মই শুনো৷তাকেই গল্পৰ ৰূপ দি লিখিম৷“ “লিখিবাটো!ন’হলে কিন্তু“ “কিহৰ কিন্তু!ভাবুকি দিছে৷হত্যা কৰিব৷“ মই খংত প্ৰায় কপি উঠিলো৷
“হেৰা ডেকা ল’ৰা৷তোমালোকৰ এইখিনিতে সমস্যা৷কম কিবা এষাৰ বুজিবা আন কিবা এটা৷মোৰ তোমালোকৰ লেখিয়াকৈ খং-ৰাগ নাই৷হত্যা হিংসাও বেয়া পাওঁ৷কিন্তু সময়ৰ মূল্যক হৃদয়ংগম কৰিবলৈ মই সক্ষম৷তোমালোকেটো দহ বজাত আৰম্ভ কৰিম বোলা সভাখন ভৰদুপৰীয়া আৰম্ভ কৰো৷ট্ৰেইন লেট,ফ্লাইট লেট,ট্ৰেফিকত বন্দী চিটিবাছ৷নৰক বুজিছা নৰক!সেয়ে মই কৈছিলো যে তুমি যদি নিলিখা মই যাওঁগৈ৷মোৰ অন্ততঃ সময়ৰ জ্ঞান আৰু মূল্য দুয়োটাই আছে৷মাত্ৰ দুই মিনিট পলম কৰাৰ বাবেই নেপোলিয়নৰ বিশ্ববিজয়ৰ স্বপ্ন তাচপাতৰ ঘৰৰ দৰে খহি পৰিল৷তাকে তোমাক বুজোৱাৰ যত্ন কৰিলো৷তুমি দিলা নহয় আটাহ পাৰি৷সমস্যাটো তাতেই৷তোমালোকৰ ধৈৰ্য্য নাই৷ট্ৰেফিক ছিগনেলেই বোলা কিম্বা জীৱন আৰু জীৱিকাৰ দৌৰ৷মুঠতে কাৰো সময় নাই,ধৈৰ্য্য নাই,ঠেলাহেঁচা-টনাআজোৰা আৰু দৌৰা-দৌৰি৷দৌৰ আৰু দৌৰ জীৱনৰ এন্দুৰ দৌৰ৷লক্ষ্য কি নাজানা!দৌৰিব লাগে,দুইহাতেৰে ধন চপাব লাগে,খাব লাগে,শুৱ লাগে আৰু মাজে-সময়ে উপভোগৰ বাবে যৌনতা৷তাৰ পিছত তুমি গল্প লিখিবা ভূত ধৰ্ষণকাৰী,তাকে লৈ বলীউদ-হলীউদে চিনেমা বনাব আৰু তাৰে আইটেম চং কেইটাৰ নৃত্য চাই!চি চি কি নিলাজ জীৱ হে তোমালোক!আজিলৈকে পৃথিৱীৰ কোনখন আদালতত ভূতক ধৰ্ষণৰ বাবে অপৰাধী ঘোষণা কৰা হৈছে৷কোনখন থানাই ভূতৰ বিৰূদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে৷দামিনী,নিৰ্ভয়া,ভনীমাই দত্ত?ধৰ্ষণকাৰী ভূত নে মানুহ?তোমালোকে হত্যাকাৰীৰ বীৰপূজন কৰে৷বিশ্ববিজয়ী আলেকজেণ্ডাৰ,আলেকজেণ্ডাৰ দ্যা গ্ৰেট!যুদ্ধদানৱ,নৰভক্ষীটো তোমালোকৰ আদৰ্শ৷মহান ন’হলেও অৱশ্যে নৰখাদকটোৰ অন্তিম মূহূৰ্তত জ্ঞানৰ উদয় হৈছিল৷সেয়ে বিশ্বসম্ৰাটে তেওঁৰ অন্তিম যাত্ৰাত তেওঁৰ কফিনটোত তেওঁৰ ব্যক্তিগত চিকিৎসক সকলক কঢ়িয়াবলৈ আদেশ দি লগতে ক’লে মোৰ উকা হাত কেইখন কফিনৰ পৰা উলিয়াই ৰাখিবা আৰু মই লুট কৰা সমস্ত ধন মোৰ অন্তিম যাত্ৰাত ৰাস্তাত ছটিয়াই দিবা৷কিন্তু তোমালোকে সেইজন আলেকজেণ্ডাৰক পাহৰি যুদ্ধদানৱক বিশ্ববিজয়ীৰ আখ্যা দি উপাসনা কৰিলা৷সেয়ে আজিও তোমালোকে অৱসৰ প্ৰাপ্ত শিক্ষকৰ পৰা ঘোচ নোখোৱাকৈ পেন্সনৰ ফাইলটোও কাষৰ টেবুলখনলৈ পাৰ নকৰা৷না বাবা তোমালোক চোৰ নহয় ডকাইত,মুখাপিন্ধা ডকাইত৷কেতিয়াবা যদি ৰাজনেতা,কেতিয়াবা ছাত্ৰ নেতা,কেতিয়াবা ধৰ্মগুৰু,কেতিয়াবা পুজিপতি আৰু কেতিয়াবা আমোলা৷নাজী জাৰ্মানীৰ কনছেনট্ৰেশ্যন কেম্প,ৰাছিয়াৰ স্তালিন গোলোগ,ভাৰতৰ জালিয়ানাবাগ,৯০ ৰ কাশ্মীৰ,জুয়ে পোৰা তিৰাশী,নেলী,চাউলখোৱা ক’ত-ক’ত গণহত্যা কৰা নাই তোমালোকে?কি পালা এইবোৰ কৰি?ধেমাজীৰ কণমাণিহঁতৰ কি দোষ আছিল?তাৰ পিছত তোমালোকে শান্তিৰ সাধুকথা কোৱা,স্বাধীনতাৰ কবিতা লিখা আৰু গণতন্ত্ৰৰ সংগীত৷ইমান হাইপ’ক্ৰেসি কিয়?হিৰোছিমা -নাগাছাকিৰ হত্যাকাৰী নাৰেমবাৰ্গৰ ন্যায়মূৰ্ত্তি৷কোনোবাই কাশ্মীৰৰ বাবে চকুলো টোকে আন কোনোৱে নেলীৰ বাব৷কিন্তু কাশ্মীৰ আৰু নেলীৰ বাবে উমৈহতীয়া চকুলো কোন টোকে?গীতা-কোৰাণ আৰু বাইবেলে নিজৰ মাজত যুঁজ নকৰে৷কিন্তু গীতা-কোৰাণ-বাইবেল পঢ়া তোমালোকে ধৰ্মযুদ্ধ,জিহাদ বা ক্ৰুছেদ কৰা৷ওপৰত কি পৃথক-পৃথক ডিপাৰ্টমেণ্ট আছে৷কোনোটা নাৰায়ণৰ কোনোটো আল্লাহ তাল্লাৰ কোনোটো ইছামাছিৰ৷তাৰ পিছত তোমালোকে কোৱা আমি বিশ্বৰ শ্ৰেষ্ঠতম সভ্যতা৷আমি জীৱশ্ৰেষ্ঠ৷হিউমেন ট্ৰায়েল আইনবিৰোধী৷কিন্তু বেক্টেৰিয়া,উদ্ভিদ,ভেকুৰ,গিনিপিগ,লাইকা সিহঁতৰ জীৱনৰ মূল্যই নাই৷সেয়ে তোমালোক স্বাৰ্থপৰ৷ভীষণ স্বাৰ্থপৰ৷সেয়ে তোমালোকৰ অভিধানত প্ৰেম মানে বেপাৰ,বিবাহ মানে যৌনতা আৰু মাতৃজাতি উপভোগৰ সামগ্ৰী৷ভিক্ষাৰীৰ সৈতে প্ৰেম হ’য়?কুস্যিৎ যুৱতীৰ সৈতে?বিবাহৰ পিছৰ গৰ্ভধাৰণ সুখৰ বতৰা আৰু বিবাহৰ পূৰ্বে লোকলজ্জা৷সেয়ে  সূৰ্য্যপূত্ৰ সূতপুত্ৰ হ’য় আৰু সমগ্ৰ জীৱন মিথ্যা বৰ্ণভিমানৰ বলি হ’য়৷কেতিয়া বুজিবা তোমালোকে বৰ্ণ জন্ম নহয় যোগ্যতাৰ সমাৰ্থক?যদি মাতৃজাতি পণ্য নহয় কিয় চাবোনৰ বিজ্ঞাপনৰ নামত নগ্নতাৰ প্ৰসাৰ?দ্ৰোণচাৰ্য্যৰ দৰে ধৰ্মৰ শত্ৰু এজনৰ নামত তোমালোকে পৰমব্ৰহ্ম স্বৰূপ গুৰুক বটা দিয়া আৰু ভাবা তোমালোকৰ পাপী জিভাই লোৱা ৰাম নাম শুনি আমি ভয় খাম৷”
         ময়ো এনেকুৱাই ননসেন্স আছিলো৷জাতি-ধৰ্ম-বৰ্ণৰ নামত তোমালোকৰ দৰে মুৰ্খমখাক টোপ দি সাংসদ হ’লো৷ভাগ্য ভাল আছিল এদিন বুকুট বিদ্ৰোহীৰ বন্দুকৰ নলীৰে ওলোৱা বুলেটে মোক ওপৰ পোৱালে৷দেখিলো তাত কোনো ডিপাৰ্টমেণ্ট নাই৷দশম আয়াম সকলোৰে সমন্ধয়৷অহম ব্ৰহ্মস্বামী৷মোৰ হত্যাকাৰী আজি বিধায়ক৷মোৰ নীতিৰেই তোমালোকক শোষণ কৰিছে৷জাত-পাত-ভাষা-ধৰ্ম-বৰ্ণৰ নামত৷তোমালোকক কাঠৰ পুতলা সাজি নচুৱাইছে তোমালোক নাচি আছা৷সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷শৰীৰ আৰু মন উভয়ৰে বাবে৷বটলটোত লিখিয়েই থয়৷তাৰ পিছতো কোৱা৷দেশৰ অৰ্থনীতিৰ স্বাৰ্থত৷হা হা হা৷সাহস হ’ব লিখিবলৈ৷হ’বনে সাহস৷“
         মই কিবা বুজি উঠাৰ পূৰ্বেই আগন্তুক নিশাৰ অন্ধকাৰৰ মাজত বিলীন হৈ গ’ল৷প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আছো৷ফাগুণৰ সেই লঠঙা সন্ধিয়াটোৰ পৰা৷প্ৰকৃততে চয়তান কোন,ধৰ্মৰ শত্ৰু কোন,অন্যায়ৰ প্ৰতীক কোন?মানুহ নে ভূত?

শপত(ভৌতিক গল্প)


কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত মই বন্ধুমহলত বাদুলি নামেৰে জনাজাত আছিলো৷কাৰণ মই নিশাচৰ৷দীঘলীয়া বিমান যাত্ৰাৰ অভ্যাস নাই হ’লেও জেট লেগৰ চিকাৰ৷পূৱ আকাশত সুৰুযে হেঙুলী আভা সিচি দিয়াৰ পৰত মই শোৱাপাটীলৈ যাওঁ৷প্ৰায়েই ভাবো এনেকৈ আৰু কিমান দিন৷আজি বাৰ বজাৰ আগেয়ে শুৱ লাগিব৷কিন্তু কিয় নাজানো ৰাতিৰ শেষ প্ৰহৰৰ প্ৰতি মোৰ এনে কি অনামী আকৰ্ষণ?পৰিণতিত প্ৰায়েই পলমকৈ সাৰ পাওঁ৷অধ্যাপকসকলে গালি দিয়ে৷অৱশ্যে অধ্যক্ষ ছাৰ কোমল হৃদয়ৰ গৰাকী আছিল সেয়ে হয়তো বাৰ্ষিক পৰীক্ষাত বহাৰ অনুমতি পাইছিলো৷প্ৰায় দুটা দশকেই পাৰ হ’ল৷কিন্তু বোলে কথাতে কয় ন’হয় “ চোৰে নেৰে চোৰ প্ৰকৃতি,কুকুৰে নেৰে চাই,যাৰ যি স্বভাৱ সি মৰিলে লগতে যায়৷“ আজি প্ৰায় এটা বৰ্ষৰ অন্তত মোৰ যৌৱনৰ তিতা-মিঠা অভিজ্ঞতাৰ সাক্ষী চহৰখনলৈ আহিছো৷সময় গতিশীল আৰু নিষ্ঠুৰো৷সময়ে পৰিবৰ্তন কঢ়িয়াই৷সময়ৰ চকাত পিস্ত মই আজি মোৰ চহৰৰ পৰা হাজাৰ যোজন দুৰত্বৰ আন এখন দেশৰ অধিবাসী৷হ’লেও বছৰেকত এবাৰ পাক এটা মাৰো৷এটা বছৰতে চহৰখনৰ ভালেমান পৰিবৰ্তন হ’ল৷সৌখন ঘোষবাবুৰ পাণ ভাণ্ডাৰ৷সৌজন হ’য়টো ঘোষবাবুৰ ডাঙৰটো ল’ৰা৷কলেজীয়া দিনবোৰত ঘোষবাবুৰ দোকানখনেই আছিল আমাৰ আড্ডাৰ প্ৰাণকেন্দ্ৰ৷হাতত জ্বলন্ত নেভিকাট,ধূম্ৰধূসৰ গধূলি,লাল চাহ আৰু পকৰিৰ জুতি,সদা দাৰ বিশ্লেষণাত্মক ৰাজনৈতিক ভাষণ,পৰেশৰ ক্ৰিকেট প্ৰেম,যতীনৰ বলীউদ,ঘোষবাবুৰ এশ-এবুৰি ফুচুৰি প্ৰসংগ আৰু খাউন্দ মানে অমুকাৰ ভূতৰ গল্প৷মুঠতে এক আড্ডা জীপাল সন্ধিয়া৷


         “এটা নেভিকাট দিবা“ লাইটাৰেৰে অগ্নিসংযোগ কৰি ডেকাল’ৰাজনক সুধিলো,”তুমি ঘোষবাবুৰ ডাঙৰটো ল’ৰা নহয় জানো?হুমম কি নাম আছিল তোমাৰ?“ “জগত“ “হা জগত৷আগতে তোমালোকৰ দোকানতে কিমান আড্ডা দিলো৷তেতিয়া তুমি তেনেই কেঁচুৱা৷ভাইটিৰ জন্মই হোৱা নাই৷মাজে-মাজে বৌয়ে তোমাক কোলাত লৈ সন্ধিয়া এইফালে এপাক ওলাই আহে!সেই তেতিয়াই বৌৰ কোলাতে দেখা৷বৰ এটা হ’লা হে!“ নেভীকাটৰ ধোৱাখিনি দুৰলৈ এৰি দি এটা শীতল হাঁহি মাৰিলো৷ “ অহ!মানে আপুনিয়েই খাউন্দ দা!দেউতাই আপোনালোকক খুউৱ মনত পেলাই…….” “আহ! জানো,জানো ঘোষবাবুক মইতো প্ৰায়েই লগ পায়েই থাকো৷তেওঁ আৰু মোৰ ৰসাল ভূতৰ গল্পৰ ৰস এৰিব পাৰে নে!“ “কিন্তু দেউতা যোৱাবছৰেই ধুকাল৷“ “অস!মই মাজে-মাজে এইফালে আহো৷আহিলে ইয়াতে এটা ছিগাৰেট ঘোষ বাবুৰ সৈতে দুআষাৰ কথা৷যোৱাবছৰ বিহুৰ সময়ত আহোতেও লগ পাইছিলো৷হঠাৎ মানে কেনেকৈ৷“ মই প্ৰসংগ সলোৱাৰ যত্ন কৰিলো৷ “মানে দাদা পূজাৰ সময়ত ক’ৰণা হৈ………” “ইস,ইস!এইটো বৰ সাংঘাতিক আপদ হে৷ভূততকৈও অদ্ভুত৷চীনত কেইটামানে কি বাদুলী খালে৷গোটেই সংসাৰখনতে পয়মাল৷ক’ত মৰা মৰা এতিয়া৷“ “দাদা৷আপোনাৰ ভূতৰ গল্পৰ প্ৰশংসা দেউতাই প্ৰায়েই কৰিছিল৷বাতৰিকাকতত প্ৰকাশিতবোৰ ফাইল কৰি সাঁচিও থৈছিল৷আজি মোৰেই ভাগ্য আপোনাক পালো৷তাকো গোমা বতৰ৷কাষ্টমাৰৰো দেখাদেখি নাই৷দোকান সামৰাৰ কথাই ভাবিছিলো৷পিছে এতিয়া আপুনি আহিল যেতিয়া ঘৰ-বজাৰ পিছত দেখা যাব৷আপুনি কিন্তু আজি মোক গল্প শুনাব লাগিব৷“ “না বাবা না!পাঁচবছৰ হ’ল মই ভূতৰ গল্প নিলিখাৰ৷লিখাটো বাদেই জীৱন্ত মানুহকো ভূতৰ গল্প নকও বুলি তেতিয়াই তিনি শইত খালো৷বৰষুণ দিব৷তুমিও ওলোৱা৷মোৰ দুৰণিলৈ যাব লগা আছে৷“ মই মিচিকিয়াই ক’লো৷ “দাদা আপুনিও বেছ ফুচুৰি কৰে৷আমি জীয়া মানুহেই যদি ভূতৰ গল্প নুশুনো আপুনি কি ভূতকেই ভূতৰ গল্প শুনাব৷ৰ’ব কেটলীত চাহ একাপ বঢ়াও৷চাহ,পকৰি আৰু ভূতৰ গল্প৷“ ডেকাজনে কথাখিনি কৈ হাঁহি-হাঁহি বৈদ্যুৎতিক কেটলীৰ চুইচটো অন কৰিল৷হঠাৎ আকাশত বিজুলীয়ে চমকি উঠিল৷মই কিবা সিদ্ধান্ত লোৱাৰ পূৰ্বেই সি চিৎকাৰ কৰি উঠিল আৰু বিদ্যুৎকৰ্তনৰ ফলশ্ৰুতিত সমগ্ৰ গলিটোৱেই অন্ধকাৰত বুৰ গ’ল৷


       “লাগিলে নে কাৰেণ্টৰ চক৷উস!এনেহেন বতৰ৷বিদ্যুৎৰ সৈতে খেলা কৰোতে অলপ সাৱধান হোৱা উচিত৷বাৰু তোমাৰ জীদৰ ওচৰত অমুকাই হাৰ মানিলে৷শুনা তেন্তে ভূতৰ গল্প৷“মই মিচিকিয়াই আৰম্ভ কৰিলো,”আজিৰ পৰা পাঁচবছৰৰ আগৰ কথা৷মই তেতিয়া ৰঙাপাৰাত৷কংক্ৰিটৰ সভ্যতাৰ পৰা শত যোজন দুৰত্বৰ এখন সৰু পাহাৰীয়া চহৰ৷মোৰ চাকৰিটো ষ্টেচন মাষ্টাৰৰ৷ষ্টেচন মানে দিনটোত মাত্ৰ এখন ট্ৰেইন৷তাকো নিশা বাৰ বজাত৷ইফালে মই আকৌ বাদুলী৷পুৱতি নিশাহে পাটীত পৰো৷সেয়ে একেবাৰে চৰকাৰ হুজুৰে গোৰ মাৰি গংগাত পেলালে৷দিনৰ দিনটো ৰেলৱে কোৱাৰ্টাৰৰ এচলীয়া কোঠাত ধোবাং-বাং মাৰি শোও আৰু সন্ধিয়া হোৱাৰ মাত্ৰকে ষ্টেচন৷ষ্টেচনত মানুহ বুলিবলৈ মাথো ময়েই৷যাত্ৰী বুলিবলৈও প্ৰায়ে ৰিক্ত৷পুহৰ শেষৰ এক হাড়কপোৱা সন্ধিয়া৷আবেলিৰ পৰা কিনকিনাই বৰষুণো দি আছে৷এটা হলৌচোলা সদৃশ জেকেট,মুৰত বান্দৰ টুপী,হাতত এটা চাৰিবেটেৰীয়া টৰ্চ আৰু পকেটত অল্ড মংকৰ কোৱাৰ্টাৰ৷আহা!ককায়েৰা মদাহী নহয় দেই৷পাহাৰীয়া জেগা তাকো আকৌ পুহৰ বৰ্ষামুখৰ নিশা৷গাটো গৰম কৰিবলৈকে এটুপি লাগে দিয়াছোন৷সচাৰচৰ দৰেই অন্ধকাৰত বুৰ যোৱা এক শূণ্য ষ্টেছন৷দুৰৈৰ গীৰ্জাৰ পৰা ভাহি অহা দহ বজাৰ ঘন্টাধ্বনি৷ইতিমধ্যেই মই দুটা পেগ শেষ কৰি তিনিনম্বৰ নেভী কাটটো জ্বলাইছো৷“শুনকছোন৷ট্ৰেইন লেট হ’ব নেকি?“ মই চকু কেইটা মোহাৰি পুনৰ চালো৷ জনশূণ্য ষ্টেচনত এই বৰ্ষামুখৰ পুহৰ হাড়কপোৱা নিশাত কোন এই ৰমনী৷মোৰ নিচা হোৱা নাইটো৷ “ট্ৰেইন লেট হ’ব নেকি?“ যুৱতীগৰাকীয়ে পুনৰ কোমল কন্ঠস্বৰেৰে সুধিলে৷ “হা!নাই,নাই কিয় লেট হ’ব৷অন টাইম!“ খপজপকৈ ছিগাৰেটৰ ধোৱাখিনি গিলি দিয়াৰ বাবে মোৰ কাঁহ আহিল৷ “অহ!থেংক গড আৰু মিষ্টাৰ ধুম্ৰপাণ স্বাস্থ্যৰ বাবে অপকাৰী৷কিন্তু আপুনি খাব পাৰে,মই মাইণ্ড নকৰো!”যুৱতীয়ে এটা মিঠা হাঁহি মাৰি প্লেটফৰ্মৰ দিশে খোজ ল’লে৷“হেই!মিছ ৰ’ব ক’ত যায়৷ট্ৰেইন আহি পাবলৈ আৰু দুঘন্টা আছে৷বাহিৰত ইমান ঠাণ্ডা!শিল হৈ যাৱ৷আপুনি ইয়াতে বহিব পাৰিব৷“ মই সন্মোহিত ব্যক্তিৰ দৰে প্ৰায় চিঞৰি উঠিলো৷ৰঙাপাৰাৰ দৰে মফচলীয়া চহৰৰ এই জৰাজীৰ্ণ ট্ৰেইন ষ্টেছনত মাজনিশাৰ প্ৰহৰত লাস্যময়ী আধুনিকা!তাকো আকৌ মই ত্ৰিশৰ দেওনাৰ কাষ চপা অকলশৰীয়া যুৱক৷প্ৰেম কৰা নহয় হৈ যায়৷মোৰো হয়টো ক্ষণিকতে হৃদয়ত ফুলি উঠিল প্ৰেমৰ শতদল৷এটা সলাজ হাঁহি মাৰি তাই মোৰ কাষত বহিল৷ “আপুনি মদ খাই আছে!চাওঁ গুচক৷মই ইয়াত আৰু একমূহূৰ্তও ৰ’ব নোৱাৰো৷মই প্লেটফৰ্মতে অপেক্ষা কৰিম৷“মই মূহূৰ্তৰ বাবে শিল পৰা কপৌ হৈ পৰিলো৷ক্লান্ত স্বৰেৰে মুখেৰে মাত্ৰ এশাৰ বাক্যই নিক্ষেপিত হ’ল,” কিয়?মদ খালে মানুহ পশুত পৰিণত হ’য় নেকি!“ এইবাৰ তাই জব্দ হ’ল আৰু ক’লে,“ নহয় কিন্তু মোৰ সৰু ভাইটিটো তেনেকৈ,তেনেকৈ মদ খায়েই মৰিল৷লিভাৰটো পঁচি গৈছিল৷ঘৰৰ সাচতীয়া ধন কেইটাও তাৰ চিকিৎসাৰ নামতে শেষ হ’ল আৰু এতিয়া মই দেউতা নোহোৱা ঘৰখনত অসুখীয়া মা আৰু ভনীদুজনীৰ ভবিষ্যৎৰ স্বাৰ্থত মই নৰ্তকী,বাৰ ডান্সাৰ৷কি হ’ল একো নকলে যে!নে মোহভংগ হ’ল?কিন্তু প্ৰতিজন মদাহী পশু নোহোৱাৰ সমান্তৰালভাৱে এয়াও সত্য যে প্ৰতিগৰাকী বাৰ ডান্সাৰেই নষ্ট চৰিত্ৰৰ অধিকাৰিণী নহ’য়৷”মই মূক হৈ ৰ’লো আকাশত বিজুলীয়ে চিকমিকালে তাইৰ চকুৰ কোণত জিলিকি উঠিল অশ্ৰুৰ মুকুতা মালা৷ কিছু সময় মৌন হৈ থাকি মই মৃদু কন্ঠেৰে ক’লো,” মদাহীয়ে কাকো জাজ নকৰে৷কেনেকৈনো কৰিব!মানুহক জাজ কৰিবৰ বাবে প্ৰয়োজন হয় মস্তিস্কৰ৷সুৰাৰ ৰাগীত ডুবি থকা দেৱদাসৰ চন্দ্ৰমুখীক জাজ কৰিবলৈ আহৰিয়েই বা ক’ত৷“ এইবাৰ দুয়ো সমস্বৰে হাঁহি উঠিলো কিন্তু মোৰ অজ্ঞাতেই হয়তো মই সিদিনা উন্মুক্ত কৰিছিলো এক নিষ্ঠুৰ সত্যৰ৷আমাৰ দুখভৰা গভীৰ কথাবৰ্তাক ক্ৰমে পছোৱা জাকে কপাহী তুলাহেন পাতল কৰি তুলিলে আৰু অন্ততঃ আৰম্ভ হ’লে মোৰ ভৌতিক গল্প৷ৰোমাঞ্চিতা শিহৰিত হৈ পৰিল৷আস!তাইৰ নাম আছিল ৰোমাঞ্চিতা৷“ মই এটা হুমুনিয়াহ কাঢ়িলো৷


      “কি তাই ভূত আছিল?“ সি অনুচ্চ কন্ঠেৰে সুধিলে৷ “আৰে বাবা!আচল কাহিনীৰ আৰম্ভই হোৱা নাই তুমি ইফালে সেপ ঢুকিবলৈ আৰম্ভই কৰিলে৷এনেকৈ হ’লে কি হ’ব হে ডেকা ল’ৰা৷কলিজাত এইকণো পিত নাই সি আকৌ ভূতৰ গল্প শুনে৷“ “এ নাই,নাই দাদা!কি কয়৷আৰম্ভ কৰক৷মই মানে এনেয়ে……”বেছেৰাই প্ৰচণ্ড লাজ পাইছে ” বাৰু বাদ দিয়া৷এতিয়া আকৌ মূল কথালৈ আহো৷বুজিছা ভাইটি৷মই কলেজীয়া জীৱনত ভীষণ দুষ্ট আছিলো৷ঠিক দুষ্ট বুলিলে ভুল হ’ব৷একেবাৰে বাঘৰ আগতেল খোৱা হোষ্টেলৰ বাদুলী৷সুৰাৰ ৰাগী,মন উতলা কৰা পছোৱা,চিকমিক বিজুলী,ৰোমাঞ্চিতাৰ সান্নিধ্য আৰু সুৰাৰ ৰিমঝিম ৰাগীয়ে লাহে-লাহে গহীন ষ্টেচন মাষ্টাৰৰ হৃদয়ত শুই থকা হোষ্টেলৰ অঘাইতং বাদুলিক পুনৰ জগাই তুলিলে৷ৰোমাঞ্চিতাৰ মুখ দেখিয়েই বুজিলো বেচেৰীয়ে পেটে-পেটে ভীষণ ভয় খাইছে৷মই হঠাৎ তাইক সুধি পেলালো,“ ৰোমাঞ্চিতা তুমি ষ্টেচন মাষ্টৰৰ কথাটো শুনিছা নে নাই৷ “ওহো!আৰু প্লীজ নালাগেও৷বহুত হ’ল৷ৰাতি ট্ৰেইনত ভয়তে টোপনি নাহিব৷ট্ৰেইনো পাবৰ হ’ল৷তোমাৰ ফোন নাম্বাৰটো দিয়া৷আকৌ লগ পাম৷তেতিয়া শুনাবা৷“ “আৰে!ৰোমাঞ্চিতা আৰু মাত্ৰ এটা৷তাৰ পিছত মোৰ নম্বৰ তোমাৰ হাতত,তুমি ট্ৰেইনত,অকলশৰীয়া ট্ৰেইন মাষ্টাৰ পুনৰ কোৱাৰ্টাৰত৷অৱশ্যে তুমি মাতিলে লগ কৰিবলৈ যাব পাৰি নে কি কোৱা চন্দ্ৰমুখী!“তাই মোৰ ইংগিতটো ঠিকেই বুজিলে৷“হ’ব বাৰু দেৱবাবু!কাইলৈ কি হ’য় কোনে জানে? এতিয়া জল্দি-জল্দি গল্প কৈ শেষ কৰা৷মই ট্ৰেইন ধৰিব লাগে৷“ মই এটা হুমুনিয়াহ কাঢ়ি আৰম্ভ কৰিলো,”আজিৰ পৰা প্ৰিয় বিশবছৰৰ আগেয়ে ৰঙামাটি ষ্টেচনত এজন ট্ৰেইন মাষ্টাৰ নতুনকৈ বদলি হৈ আহিছিল৷একদম মোৰ দৰেই ত্ৰিশ বছৰীয়া অকলশৰীয়া ডেকা,গাত হলৌচোলা সদৃশ জেকেট,মুৰত বান্দৰ টুপী,হাতত চাৰিবেটেৰীয়া টৰ্চ,পকেটত অল্ড মংকৰ বটল৷ইয়াৰে পাহাৰীয়া ছোৱালী এজনীৰ প্ৰেমত পৰিছিল৷কিন্তু তাই বেছেৰা ষ্টেছন মাষ্টাৰক প্ৰতাৰণা কৰিলে৷ষ্টেচন মাষ্টাৰে ট্ৰেইনৰ আগত জাপ দিলে৷মাজে-মাজে বৰ্ষামুখৰ নিজান নিশা আজিও ওলাই এই ষ্টেচনতে৷মদ খায়,ছিগাৰেটৰ ধোৱা উৰুৱাই আৰু তোমাৰ দৰে অকলশৰীয়া সুন্দৰীক পালে কথাৰ জালত ফচাই ডিঙিটো মুচৰি পেলাই৷হা হা হা“ মই অট্ৰহাস্য কৰি ৰোমাঞ্চিতাৰ ডিঙিৰ দিশে মোৰ হাতখন আগবঢ়াই দিলো৷বেছেৰীয়ে মোৰ সেই ধেমালীক সঁচা বুলি ভাবি  আতৰ্কিতে মোক গতা মাৰি চিৎকাৰ কৰি দৌৰিবলৈ আৰম্ভ কৰিল৷ঘটনাৰ আকস্মিকতাত ময়ো কিংকৰ্তব্যবিমূঢ় হৈ ৰোমাঞ্চিতাৰ পিছে-পিছে দৌৰ দিলো,”ৰোমাঞ্চিতা মই ভূত নহয় আৰু ধেমালি নকৰো ৰোমাঞ্চিতা আৰু মই ভূতৰ কথা কৈ তোমাক ভয় নুখুৱাও৷“ইতিমধ্যেই বহু পলম হৈ গৈছিল৷শেলুৱৈ ধৰা প্লেটফৰ্মত ভাৰাসাম্য ৰাখিব নোৱাৰি ৰোমাঞ্চিতা ৰেলৰ আলিত মুৰ দি খহি পৰিছিল৷তাইৰ কপালেৰে বৈ আহা ৰক্তধাৰাই ৰেলৰ আলিৰ দুৱৰিবনক ৰাঙলী কৰিছিল৷তাইৰ নিস্প্ৰাণ শীতল শৰীৰটোক সাৱতি ধৰি মই বাৰে-বাৰে চিৎকাৰ কৰিছিলো,” চকু মেলা ৰোমাঞ্চিতা!চন্দ্ৰমুখীয়ে এই নিৰ্জন ষ্টেচন দেৱ বাবুক অকলশৰীয়া কৰি এৰি যাৱ নোৱাৰে৷উঠা ৰোমাঞ্চিতা,চকু?খোলা৷এয়া চোৱা শইত শইত তিনি শইত খাইছো মই আৰু তোমাক ভয় নুখুৱাও৷তোমাকটো বাদেই কাকো ভয় নুখুৱাও৷অ মই আজিৰ পৰা এইসৱ বাজে গল্প নিলিখো আৰু নকও৷কাৰো আগতে ভূতৰ গল্প নকও,কোনো জীৱন্ত ব্যক্তিৰ সন্মুখত৷তুমি মাত্ৰ চকু মেলা৷মই আৰু জীৱনত মদ নাখাও৷সুৰাৰ ৰাগীত মানুহে বিবেক হেৰুৱাই…..” মই আৰু কিবা কোৱাৰ পূৰ্বেই তীব্ৰবেগে প্লেটফৰ্ম সোমোৱা ৰেলগাড়ীখনে উদং হৃদয়ৰ ষ্টেচন মাষ্টাৰ আৰু ৰোমাঞ্চিতাৰ নিথৰ শৰীৰটোক ধাতৱ চকাৰ তলত পিষ্ট কৰি ৰক্ত আৰু মঙহৰ টোপোলাত পৰিণত কৰিছিল আৰু যেতিয়া পিছদিনা সন্ধিয়াৰ জোনাকৰ বৰষুণজাকত তিতি মই ৰোমাঞ্চিতাৰ কোলাত চকু মেলিছিলো তেতিয়া আমি ৰোগ-শোক-জৰা-মৃত্যুৱে ধুকি নোপোৱা ইয়াৰ পৰা হাজাৰ যোজন দুৰৰ তৰাৰ দেশৰ এটা পৰিত্যক্ত ষ্টেচনত য’ৰ পৰা আমি আৰম্ভ কৰিছিলো আমাৰ অশৰীৰ দাম্পত্য জীৱনৰ৷কিন্তু কি কৰিবা৷এই চহৰখনতে মই যৌৱনৰ আঠোটাকৈ জীপাল বসন্ত কটাইছিলো সেয়ে বছৰেকত এদিন মোৰ মৃত্যু তিথিত জীৱন-মৃত্যুৰ মাজৰ অদৃশ্য দেৱালখনক নেওঁচি মই এইপাৰলৈ আহো৷অন্ধকাৰ গলিবোৰেৰে খোজ কাঢ়ো৷প্ৰাণ ভৰি মোৰ প্ৰিয় চহৰৰ সুৱাস লওঁ আৰু কেতিয়াবা এনেকৈ এটা ছিগাৰেট জ্বলাই অতীতৰ দিনবোৰ ৰোমন্থন কৰো৷


               “দাদা৷আপোনাৰ ভৌতিক গল্পৰ ৰসেই সুকীয়া৷গল্পৰ জোৰত জীয়া মানুহৰ সলনি আপুনি আজি ভূত হৈ মোৰ মুখৰ আগত ছিগাৰেটৰ ধোৱা উৰুৱাই আছে৷আপোনাক কিন্তু মানিছো৷আপুনি অন্ততঃ মোকো ভূত সাজিহে এৰিলে৷কিয় আপুনি প্ৰেয়সীৰ মৃতদেহ সাৱতি তিনি শইত খোৱা নাছিল,জীৱন্ত ব্যক্তিৰ আগত দুনাই ভূতৰ গল্প নকও বুলি৷কি নাম আছিল তাইৰ!ৰোমাঞ্চিতা!হা হা হা“ “বস!ভাইটি বহুত হ’ল৷তুমি ঘোষবাবুৰ ল’ৰা নহৈ আন কোনোবা হোৱা হ’লে এতিয়ালৈকে অমুকাৰ এটা পূৰ্ণহতীয়া চৰত তোমাৰ দুইপাৰি দাঁত বাজ কৰি দিলোহেঁতেন আৰু ৰোমাঞ্চিতা তাই মোৰ অৰ্ধাংগিনী৷অশৰীৰ হ’লো বুলি আমাৰ শপতৰ কিবা মূল্য নাই নেকি?কি কেৱল মানুহৰ শপতৰ,মানুহৰ প্ৰতিজ্ঞাৰহে মূল্য থাকে যি প্ৰেমৰ নামত নিজৰ প্ৰেমাস্পদক প্ৰতাৰণা কৰে!“ “আৰে দাদা৷মিছাকৈ নো খং খাইছে কিয়!আৰু ধেমালি নকৰিব হে আৰু শপত?কিহৰ শপত হে?আপুনি ঘন্টা জুৰি মই হেন তেজ-মঙহৰ ডেকা ল’ৰাটোক ভূতৰ ফুচুৰি গল্প শুনাই আছে আকৌ আপুনি কৈছে আপোনাৰ শপত ভঙাৰ ইতিহাস নাই৷“ সি বেছ উস্মাৰে ক’লে৷ তাৰ কথা শুনি মোৰ মুখত এটা কুটিল হাঁহি ফুটি উঠিল,“ হেৰা ডেকা ল’ৰা৷মই গল্প আৰম্ভ কৰাৰ আগেয়ে বৈদ্যুৎতিক কেটলীৰ শ্বক খাই তোমাৰ তেজ-মঙহৰ শৰীৰটো সৌ তাতেই ধলি পৰিছিল৷মই মোৰ অৰ্ধাংগিনীৰ মৃতদেহ বুকুত সাৱতি খোৱা শপতৰ আজিলৈকে ভংগ হোৱা নাই৷সৌটো চোৱা মজিয়াত তোমাৰ তেজ-মঙহৰ নিস্প্ৰাণ শৰীৰ৷“ লাইট আহিল৷গলিটো পুনৰ পোহৰ হৈ পৰিল৷মোৰ আঙুলিৰ দিশত দৃষ্টি নিবদ্ধ কৰি ডেকাজনে চিৎকাৰ কৰি উঠিল কাৰণ চুইছ বৰ্ডৰ কাষত পৰি আছিল বিদ্যুৎস্পিষ্ট এটা তেজ মঙহৰ নিস্প্ৰাণ শৰীৰ,ঘোষবাবুৰ ডাঙৰটো ল’ৰাৰ শৰীৰ৷ মিছিকিয়া হাঁহি এটা মাৰি ডেকাল’ৰাৰ দিশে হাতখন আগবঢ়াই দি মই ক’লো,”বলা আমি সিপাৰলৈ যাওঁ৷ঘোষবাবুৱে হয়তো তোমাৰ বাবে অপেক্ষা কৰি আছে আৰু মোৰ ৰোমাঞ্চিতা,মোৰ চন্দ্ৰমুখী,মোৰ অৰ্দ্ধাংগিনীয়ে তাইৰ প্ৰিয়তম ষ্টেচন মাষ্টাৰ তাইৰ দেৱ বাবুৰ বাবে৷


(বিঃদ্ৰঃ হয় মই ৰোমাঞ্চিতাক ভাল পাওঁ৷ভাল পোৱা নাযায় হৈ যায়৷জীৱনৰ অন্তিম নিশাই আমি প্ৰেমৰ পবিত্ৰ বন্ধনত আবদ্ধ হৈছিলো আৰু মই মোৰ অৰ্দ্ধাংগিনীৰ মৃতদেহ কোলাত লৈ খোৱা জীৱনৰ অন্তিম শপতক যিকোনো পৰিস্থিতে ভাঙিবলৈ অপৰাগ৷সেয়ে মই বিগত পাঁচ বছৰ কোনো জীৱন্ত ব্যক্তিৰ বাবে ভৌতিক গল্প লিখা নাই আৰু কাকো কোৱাও নাই৷আপুনি গল্পটো পঢ়ি থাকোতেই হৃদস্পন্দন বন্ধ হৈ……………….ব’লক সিপাৰলৈ যাওঁ৷সিপাৰে ৰোমাঞ্চিতাই মোৰ বাবে সন্ধিয়াৰ পৰাই অপেক্ষা কৰি আছে৷)

ভৌতিক অনুগল্প


(1)
মুনমুনৰ কান্দোনত প্ৰমিলাৰ টোপনি ভাঙিল৷“পিয়াহ লাগিছে চাগৈ বেছেৰীৰ৷“প্ৰমিলাই ব্লাউজৰ পিনটো খুলিবলৈ লৈ হঠাৎ শিল পৰা কপৌজনীৰ দৰে থমকি ৰ’ল৷প্ৰমিলাৰ দুগালেৰে অশ্ৰুধাৰা বৈ আহিল৷এৰা আজি চাৰিটা বছৰেই হ’ল বানপানীৰ পিছতে তেজহাগনী হৈ মুনমুন ধুকোৱাৰ৷জীয়াই থকা হ’লে আজি হয়তো প্ৰথমমানৰ ছাত্ৰী হ’লহেতেন৷কান্দোনটো পুনৰ ভাহি আহিল বাৰীৰ ধাপৰ মৰিশালিটোৰ পৰা৷
(2)
“হেই প্ৰেৰণা!কলেজলৈ নে?“ প্ৰেৰণাই মোক ভ্ৰুক্ষেপেই নকৰিলে৷প্ৰেৰণা হয়তো আজিও আগৰ দৰেই ভীষণ জিদী৷কি ভূল আছিল মোৰ প্ৰেৰণা৷তোমাক একপক্ষীয় ভাৱে ভাল পোৱা!সিদিনাও তুমি মোৰ প্ৰেমক এনেকৈ অৱজ্ঞা কৰি আতৰি গৈছিলা আৰু মই নিশা নিজকে আৱিস্কাৰ কৰিছিলো মোৰ হোষ্টেলৰ কোঠাৰ ফেনত ওলমি থকা এক মৃতদেহৰ ৰূপত৷
(3)
চৰকাৰী হস্পাতালৰ পোষ্ট মৰ্টেম কক্ষ৷এগৰাকী অতীৱ সুন্দৰী ষোড়শী গাভৰু অথচ হিমশীতল আৰু নিস্প্ৰাণ৷তাইৰ পেটত ডিছেকশ্যন নাইফখন বহুৱাই দিলো৷“হেই!লাহে-লাহে৷মোৰ সম্পূৰ্ণ সংজ্ঞা এতিয়াও লোপ পোৱা নাই৷ইমান বৈষম্য কিয় ডক্তৰ!জীৱন্ত ব্যক্তিৰ বাবে এনাছথেছিয়া আৰু আমাৰ বাবে!“ এজাক হিমচেঁচা বতাহে মোৰ কাণে-কাণে কৈ গ’ল৷তাইৰ শান্ত মুখখনত মোৰ আগোচৰেই ফুটি উঠিল এক ঘৃণা আৰু ঠাট্টা মিহলি হাঁহি৷
(4)
চকুকেইটা আকৌ এবাৰ মোহাৰি চালো৷আৰে এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে?গগৈ উদং গা আৰু চুৰিয়াসহ পথাৰত৷গৰু খেদাই আছে৷আৰে!মইচোন এঘন্টামান পূৰ্বে গগৈৰ ঘৰত মৎস্যস্পৰ্শ কৰি আছো৷আজি গগৈ ধুকোৱাৰ তেৰ দিনেই হ’ল৷বেছেৰাৰ গৰু কেইটালৈ বৰ হেপাঁহ আছিল৷হঠাৎ গগৈয়ে দুৰৈৰ পৰাই মোক ৰিঙিয়ালে,”হৌৰি খাউন্দ দা৷কি ভাবি আছে৷এইফালে আহক৷এইফালে মানে সিপুৰীলৈ৷কিয় আপুনিচোন দহ মিনিট মানৰ পূৰ্বেই মোক দেখি হাৰ্ট ফেইল কৰিলে৷সৌৱা চাওঁক আপোনাৰ ভেলটো কেনেকৈ মজিয়াত পৰি আছে৷“গগৈয়ে তামোলৰ পিকেৰে ৰঙা দাঁত দুপাৰি উলিয়াই খিকখিকাই হাঁহিবলৈ ধৰিলে৷
(5)
সময় প্ৰায় মাজনিশা৷সচাৰচৰ দৰে আইনাৰ সন্মুখত আজিৰ অন্তিমটো ছিগাৰেট জ্বলাই কুণ্ডলীপকোৱা ধোৱাখিনি এৰি দিলো৷হঠাৎ কান্ধদুখন পুনৰ বেছ ভাৰী হৈ পৰিল৷আইনাত স্পষ্টকৈ দেখা পালো জুটুলি-পুটুলি চুলিৰে আইনু পুনৰ মোৰ কান্ধত৷বিশ্বাসঘাটকিনীক মাৰি পিৰালিৰ তলত পুতি থোৱাৰ প্ৰায় এটা দশকেই হ’ল৷জীয়াই থাকোতেও জ্বলাইছিল আৰু এতিয়া তাইৰ হত্যা আৰু মোৰ আত্মহত্যাৰ এক দশক পিছতো৷
(6)
গল্পকাৰৰ মৃত্যুহোৱাৰ ৭২ ঘন্টা অতিক্ৰম কৰিলে৷অনুগল্পকেইটা হয়তো গল্পকাৰৰ নহয় সংগ্ৰহীত৷গল্পকাৰৰ ডায়েৰীৰ শেষৰ পাতখন হিমচেচাঁ বতাহজাকে লুটিয়াই পেলালে য’ত লিখা আছিল,”এই অনুগল্পকেইটা অনুগ্ৰহ কৰি নপঢ়িব ন’হলে আপোনাৰো মৃত্যু সুনিশ্চিত৷হয়তো তামোলৰ পিকেৰে ৰঙা দাঁতকেইটা নিকটাই গগৈয়ে ক’ব আপোনাৰো সময় হ’ল৷“

ৰুক্মিণীৰ কৃষ্ণ- ভৌতিক গল্প

সেয়া আছিল আমাৰ মধুচন্দ্ৰিকাৰ প্ৰথমটো ৰাত্ৰি৷হিল ষ্টেছন মই বেয়া পাওঁ৷জনঅৰণ্যৰ পৰা দুৰৈত অৱস্থিত নামমাত্ৰ জনসমষ্টিৰে গঠিত প্ৰকৃতিৰ হিমশীতল আৰু নিস্তব্ধ সভ্যতা৷অতীজত হয়তো ঋষি-মুনিসকলে জনঅৰণ্যৰ কোলহালৰ পৰা নিজকে নিলগাই প্ৰকৃতিৰ এই নিৰৱ সম্ৰাজ্যক আলিংগন কৰি জন্ম দিছিল তত্ত্ব আৰু দৰ্শনৰ৷পিছে মই এজন নিচেই সাধাৰণ ব্যক্তি,চহৰৰ মাজমজিয়াত জন্মলাভ কৰা মোৰ বাবে কংক্ৰিতৰ সভ্যতা,হাইউৰুমি আৰু কোলহালবোৰেই অধিক আপোন৷অৱশ্যে তাইৰ কথা সুকীয়া৷তাইটো দৰ্শনৰে ছাত্ৰী সেয়ে হয়টো কিছু অৰ্ন্তমুখী,ভাবুক আৰু নিৰবতাৰ পূজাৰিনী৷মই আকৌ ৰসায়নৰ ছাত্ৰ৷কোৱান্টাম মেকানিকছৰ সমীকৰণৰ মাজত ৰস বিচাৰি পোৱা মোৰ অন্তসত্বাক জনশূণ্য পাহাৰে আকৰ্ষণ কৰিবলৈ সমুলঞ্চেই অসমৰ্থ৷মই ৰঙীণ মেজাজৰ নৱবিবাহিত বয়সে মাত্ৰ ত্ৰিশৰ দেওনাক অতিক্ৰমহে কৰিছে তাকো আকৌ বিশ্ববিদ্যালয়ৰ দিনৰ প্ৰেমিকাক জীৱন সংগী কৰি পাইছো৷হিল ষ্টেচনত হনিমুন৷ন’ ৱে তাতকৈ গোৱাৰ বীচ বা আগ্ৰাৰ তাজমহল৷মই প্ৰেমিক চৰাই৷মাজে-মাজে কোৱান্টাম সমীকৰণৰ নাদৰ পৰা ওলাই দুই-এক কবিতাও লিখো৷তাই মোৰ কবিতাৰ প্ৰেমত পৰিছিল আৰু মই তাইৰ ব্যক্তিত্বৰ৷ব্যক্তিত্বৰ দিশেৰে আমি দুয়ো পৰস্পৰৰ বিপৰীত তাই যদি শান্ত নিউক্লীয়াছস্থিত প্ৰটন মই তাইৰ জীৱনৰ কক্ষপথত পৰ্য্যবৃত্ত গতিৰে ঘুৰ্ণীয়মান অশান্ত ইলেকট্ৰন৷প্ৰটনে ইলেকট্ৰনক আকৰ্ষণ কৰে আৰু ইলেকট্ৰনে প্ৰটনক আৰু তেনেকৈ সৃষ্টি হ’য় কেমিকেল বোণ্ডৰ কেতিয়াবা থুনুকা আয়নিক আৰু আন কেতিয়াবা শক্তিশালী কভেলেন্ট বণ্ড৷আমাৰ প্ৰেমপাশ হয়তো একপ্ৰকাৰৰ কভেলেন্ট বণ্ড কিয়নো বিশ্বাস প্ৰেমৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু আমি পৰস্পৰক গভীৰ বিশ্বাস ও সন্মান কৰো৷হয়তো এনে কোনো কথা নাই আমাৰ মাজত যাক সকলোৰে আলক্ষিতে কবৰ দিয়া হ’ল গোপন ফাগুণৰ লঠঙা পাতবোৰৰ তলত৷আস কিন্তু তাইৰ জিদৰ সন্মুখত মোৰ উৰণীয়া মৌহেন চৰিত্ৰই নিচৰ্ত আত্মসমৰ্পণ কৰিলে আৰু সেয়ে আজি গোৱাৰ বীচত শীতল বিয়েৰৰ স্ৰোত গলাধাৰণ কৰাৰ সলনি হিমশীতল হিলষ্টেচনত বহি গিলাচত গৰম পানী বাকি অল্ড মংক গিলি আছো৷“অৰ্ন্তমুখী মানুহবোৰ কিন্তু ভীষণ জেদী হয়“ অল্ড মংক সৃষ্ট ৰিমঝিম ৰিমঝিম অনুভূতিক চুম্বন কৰি স্বগতোক্তি কৰিলো আৰু তাইক চুম্বন কৰা ওঠেৰে এৰি দিলো এমুঠিমান কুণ্ডলী পকোৱা নিক’টিনৰ বিষাক্ত ধোৱা৷ডপ এপাইন আৰু এপিনেফ্ৰিন ৰক্তধাৰা হৈ বৈছে৷

“অ’হ বেলি পৰিল কি নপৰিল আমাৰ দেৱবাবুৰ আৰম্ভ হৈয়েই গ’ল,মধুচন্দ্ৰিকাৰ প্ৰথম নিশাও দেববাবু অসমৰ্থ পাৰ’ৰ অতীতক পাহৰিবলৈ আৰু এইযে ধোৱাসোপা উস কি যে এক উৎকট গোন্ধ!“ অভিব্যক্তিত কিছু কৃত্ৰিম খং ধালি তাই মোক মৰমসনা আমনি কৰিবলৈ আৰম্ভ কৰিলে৷“আস চন্দ্ৰমুখীজনী৷তোমাৰ দেৱবাবুটো প্ৰেমিক চৰাই?কোন প্ৰেমিকে;কোন প্ৰেমিকে মোৰ দৰে মাতাল হৈ সুৰা পান কৰে যৌৱনৰ প্ৰথম প্ৰেয়কীক পাহৰিবলৈ৷মইটো এইবাবেই অল্ড মংকৰ ৰ পেগক কন্ঠস্ব কৰো যাতে মই সহ্য কৰিব পাৰো তোমাৰ অস্তিত্বক৷“ ক্ষমা কৰিবা ৰবীন্দ্ৰনাথ মোৰ চন্দ্ৰমুখীজনীক কণমান জোকোৱাৰ স্বাৰ্থত মই আজি বাধ্য হৈ ডালপাত যোৰা দিলো তোমাৰ অমৰ সৃষ্টি দেববাবুৰ বিখ্যাত ডাইলগ’ত৷কিন্তু কি কৰিম কবি গুৰু তাইৰ সজল চকু,তীক্ষ্ণ চাৱনি,ফুলি উঠা নাকৰ পাহি,তেজৰঙা দুগাল আৰু কম্পিত ওঠৰ মাজতেই যে মই মুৰুলীবাদাক কানাই হৈ মোৰ মোহন বংশীত জোকোৱাৰ সুৰ বজাই মোৰ অভিমানী ৰাধাক বিচাৰি পাওঁ৷ফুলি উঠা নাকৰ পাহিৰে অভিমানৰ বেহেলা বজাই সজল নয়নৰ অধিকাৰীণী মোৰ ৰাধাৰ কম্পিত ওঠে প্ৰক্ষেপিত কৰিলে শক্তিশেলৰ,“যোৱা৷দেববাবু তুমি তোমাৰ কৈশোৰ আৰু যৌৱনৰ আলিকেঁকুৰিৰ প্ৰেয়সী পাৰৰ’ স্মৃতি সমুদ্ৰতেই বিলীন হৈ পৰা৷চন্দ্ৰমুখীৰ প্ৰেমক স্বীকাৰ কৰিবলৈ সুৰামগ্ন দেৱবাবুৰ সময়েই বা ক’ত?অভিমানী ৰাধাই কানাইৰ কাষৰ পৰা দ্ৰুতখোজেৰে আতৰি যোৱাৰ প্ৰচেষ্টা চলাইছিল৷আসঃ আৰু অভিনয় কৰিব নোৱাৰি তাইৰ অশ্ৰুসিক্ত দুগালৰ মুকুতা মালাধাৰিক মচি মই তাইক মোৰ দুবাহুৰ মাজত সাবতি ল’লো৷এজাক হিম চেচা পাহাৰীয়া উন্মনা বতাহে মোক কোবাই গ’ল,পশ্চিমৰ আকাশত বিজুলী চমকিল আৰু এজাক কিণকিণীয়া বৰষুণৰ আগমনৰ সৈতে কোঠাৰ লাইটকেইটা নুমাই থাকিল৷অৱশ্যে হনিমুন চ্যুটত সন্ধিয়াৰ পৰাই প্ৰজ্বলিত সুগন্ধি মমডালৰ ক্ষীণ পোহৰে হিলষ্টেচনৰ বৰ্ষামুখৰ নিশাটোক অধিক মায়াবীহে কৰি তুলিছিল৷নীলনয়নাৰ শান্ত চকুহাল যেন সাগৰতকৈও গভীৰ৷এই যেন মই ডুব যাম,নিজকে হেৰুৱাই পেলাম তাইৰ মাজত!“হেই কি চাই আছা!দেববাবু৷নে এই মায়াবী নিশাও সদায়দৰেই উপেক্ষা কৰিবা তোমাৰ প্ৰেমৰ পূজাৰিণী চন্দ্ৰমুখীক!” আকুলতা ভৰা কন্ঠৰে তাই মোৰ হাততখনত খামুচি ধৰি শুধিলে৷“আস বাদ দিয়া হে বঙালী বাবুৰ প্ৰেম কাহিনী৷আজি মোৰ মনত পৰিছে উৰণীয়া মৌৰ সেই হৃদয়স্পৰ্শী গীতৰ কলিলৈ৷মই ওঠত এটা দুষ্ট হাঁহি আকি দি তাইক ক’লো৷“আৰে দেব বাবু৷গোৱা আকৌ৷কিমান নো মদিৰাৰ ৰাগীত ডুবি-ডুবি শুনিবা তোমাৰ চন্দ্ৰমুখীৰ বিষাদভৰা কন্ঠৰ “মাৰ ডালা“ ৷“

“গুপুতে-গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা…………… যৌৱনত জানো পাপ থাকে? প্ৰকাশ জানো বন্ধ থাকে? সাগৰে জানো লহৰক কৰে কাহানিও অৱহেলা৷“ জনঅৰণ্যৰ পৰা সহস্ৰযোজন দুৰৰ প্ৰকৃতিৰ শীতল ৰম্যভূমি,মন উতনুৱা কৰা ফাগুণী পচোৱা,কিণকিণীয়া বৰষুণ, নিশাৰ আকাশৰ ডাৱৰ ভেদি চন্দ্ৰমাৰ জোনালী আভা ,কোঠাৰ ক্ষীণ আভা আৰু কেণ্ডেলৰ কুমলীয়া সুৱাস৷মোৰ বাহুবন্ধনত মোৰ ৰাধা হয়তো চন্দ্ৰমুখীও৷দুয়োৰে ৰক্তস্ৰোতত ধাৰা হৈ বৈছে এপিনেফ্ৰিন আৰু নৰ এপিনেফ্ৰিন সেয়ে হয়তো মোৰ বাহুবন্ধন ক্ৰমে কঠোৰ হৈ পৰিছে,তাইৰ তেজৰঙা ওঠযুৰি কপি উঠিছে৷মই তাইৰ ওঠত এজন নিপুণ শিল্পীৰ দৰে মৰমৰ ৰং তালিকাৰে উপৰ্য্যপুৰি অংকণ কৰিছো মৰমৰ চানেকিস্বৰূপ চুম্বনৰ৷হয়তো মোৰ ৰক্তধাৰাত এতিয়া টেষ্টোষ্টেৰনৰ সোঁত বৈছে আৰু তাইৰ ৰক্তধাৰাত ইষ্ট্ৰোজেনৰ৷হয়তো সেইবাবেই প্ৰচণ্ড শীতকো ভেঙুচালি কৰি আমাৰ শৰীৰ দুটাৰে তপত ঘামৰ স্ৰোত বৈছে আৰু আমি ফোপাইছো৷আস!কি যে এক আদিম ভোক৷নিজৰ সচেতন মনৰ অজ্ঞাতেই অসচেতন মনৰ নিৰ্দেশত মই তাই শৰীৰক নগ্ন কৰাৰ এন্দুৰ দৌৰাত নামিছো আৰু তাই এটা-এটাকৈ আজুৰি খুলিছে মোৰ চোলাৰ প্ৰতিটো বাটম৷তাইৰ কাণৰ কাষত ফুচফুচাই ক’লো,হেই চন্দ্ৰমুখী!আহা আজিৰ এই বৰ্ষামুখৰ ৰাত্ৰিত আমি পৰস্পৰৰ শৰীৰ সমুদ্ৰত মণি-মুকুতাৰ সন্ধানত বুৰ মাৰো৷আহা আমি বিলীন হৈ যাওঁ নিজৰেই মাজত৷ধীৰ গতিত মোৰ তপ্ত ওঠখন তাইৰ ডিঙিৰ কাষেৰে পিছলি আহি তাইৰ উকা পিঠিখনত মৰমৰ ৰং তুলিকাৰে পুনৰ উপৰ্য্যপুৰি অংকণ কৰিবলৈ আৰম্ভ কৰিলে আমাৰ প্ৰেমৰ চানেকিৰ-দ্য লাভ বাইটছ৷দুষ্ট হাতত দুখনে ইতিমধ্যেই নিয়ন্ত্ৰণ হেৰুৱাই তাইৰ চুৰ্ণীখন খহাই বক্ষ দেশত প্ৰৱেশ কৰি প্ৰেমৰ স্পৰ্শৰে বক্ষ প্ৰদেশক জীপাল কৰিবলৈ আৰম্ভ কৰিছিল৷তাইৰ উশাহ বোৰ ঘন হৈ আহিছিল৷মাজে-মাজে তাইৰ কন্ঠৰে নিস্কাষিত হৈছে দুই-এটা অস্ফুট আদিম গেঙনি৷তাইৰ প্ৰতিটো গেঙনিয়েই জোনাকৰ বৰষুণৰ নিশাটোক অধিক আদিম আৰু মায়াময় কৰি তুলিছিল আৰু ইয়াৰ পৰিণতিতেই মোৰ কম্পিত জিভাই ইতিমধ্যেই বগাবলৈ আৰম্ভ কৰিছিল মোৰ প্ৰিয়তমাৰ নাভী দেশত৷মোৰ জিভাৰ তপ্ত স্পৰ্শই তাইৰ উত্তেজনাত ইন্ধন যোগাইছিল৷তাইৰ হাতৰ বন্ধনো ক্ৰমে কঠোৰ হৈ পৰিছিল৷মই টানি খুলি পেলাইছিলো তাইৰ শৰীৰৰ অন্তিমটুকুৰা কাপোৰৰ যিয়েই প্ৰতিবন্ধক হৈ ঠিয় দিছিল দুটা শৰীৰক এক কৰাৰ পথত৷চন্দ্ৰমুখীৰ শুভ্ৰ-কোমল হাতদুখনক তাইৰ দেৱবাবুয়ে কঠোৰ আঙুলিৰ স্পৰ্শৰে চেপি ধৰি তাইৰ বুকুৰ স্তনদেশত এটা শিশুৰ দৰে মুখ গুজিছিল৷শৰীৰৰূপী দুখন পবিত্ৰ নদীৰ সংগম,সীমাহীন উত্তেজনা,দীঘল নিশ্বাস আৰু ৰাতিৰ নিৰ্জনতাক ভেদি তাইৰ মৰমআকলুৱা চিৎকাৰ৷প্ৰায় আধাঘণ্টামানৰ জোৱাৰৰ অন্তত যৌৱন সমুদ্ৰ পুনৰ শান্ত হ’ল তাইৰৰ শৰীৰৰ নিম্ন অংশৰে নিগৰা এসোঁতা কেঁচা তেজৰ বিনিময়ত৷বাহুবন্ধন ক্ৰমে শিথিল হ’ল৷দুয়োটাই দীৰ্ঘ নিশ্বাস এৰি পুনঃ প্ৰকৃতস্থ হোৱাৰ প্ৰচেষ্টা চলালো৷প্ৰায় পোন্ধৰ মিনিটৰ অন্তত মই তাইৰ উলংগ শৰীৰৰ অধ্যাদেশক চুম্বন কৰি তাইৰ শৰীৰটো এখন পাতল ব্লেংকেটেৰে ধাকি দি ঠিয় হ’লো৷

প্ৰায় এঘন্টাজুৰি মনসমুদ্ৰক অশান্ত কৰি ৰাখিছিল যৌন হৰমোনৰ জোৱাৰ-ভাটাই৷এতিয়া চন্দ্ৰমুখীৰ দেৱবাবুক এগিলাচ পানীৰ প্ৰয়োজন৷গিলাচত পানী বাকোতেই হঠাৎ আইনাত এক বীভৎস প্ৰতিবিম্ব দেখা পাই চিৎকাৰ কৰি উঠিলো৷মলিয়ন মুখৰ প্ৰায় এজন কুৰিবছৰীয়া ডেকা,ৰুক্ষ কেশ,ঘৃণামিশ্ৰিত শীতল চাৱনি,ওঠত এক বিকৃত আৰু বিদ্ৰুপসূচপ হাঁহিৰ ঢৌখেলা ৰেখা৷কপালৰ সোমাজত এক গভীৰ ক্ষত স্থান য’ৰপৰা প্ৰতিমূহূৰ্ততে সৰি পৰিছে দুৰ্গন্ধময় কেঁচা তেজৰ টোপাল৷“হেই কি হ’ল!“ মই মূক হৈ ৰ’লো৷ডেকাজনৰ চকুহাল যেন কিবা এক সাংঘাতিক সন্মোহনী গুণৰ অধিকাৰী৷এনে লাগিল তাইৰ মাতটো যেন বহু দুৰৈৰ পৰা ভাহি আহিছে৷মোৰ আগোচৰেই মোৰ কন্ঠত প্ৰতিধ্বনিত হ’ল সেই ডেকাৰ ওঠত স্থান পোৱা বিদ্ৰুপসূচক হাঁহিটোৰ,”আৰে!কি সুৰাসক্ত এক নতুন প্ৰেমিকক পালা তুমিটো মোৰ অস্তিত্বকে পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলা৷এতিয়া তুমি চন্দ্ৰমুখী হোৱাৰ অভিনয় কৰিছা৷আৰে মই,মই তোমাৰ দেব বাবু আৰু তুমি মোৰ পাৰ’?মনত পৰিছেনে পাৰ?“ “নয়ন তুমি কিন্তু তুমিটো…….?” “হা,হা বেছেৰী পাৰ’৷হয় ময়েই তোমাৰ নয়ন৷তোমাৰ প্ৰথম প্ৰেম৷কিন্তু পাৰ’ তুমি যে মোক শ্বিলংৰ সেই উমাল সন্ধিয়াটোত অকলশৰীয়া কৰি মোৰ প্ৰেমৰ ৰক্ত জৱাক ভৰিৰে মোহাৰি আতৰি আহিছিলা সেইদিনাই তোমাৰ নয়নৰ মৃত্যু ঘটিল৷নয়নৰ শুকাই যোৱা চকুপানীয়ে জন্ম দিলে দেৱৰ৷সুৰাৰ ৰাগীত মাতাল হৈ পাৰ’ৰ মৰীচিকা খেদি ফুৰা দেৱৰ৷ এনেকৈ এটা বৰ্ষামুখৰ নিশাত তোমাৰ মাতাল দেৱে তোমাক বিচাৰি ফুৰটো খিড়িকীৰ সিপাৰৰ সৌ গিৰিখাতটোত খহি পৰিল৷দেৱৰ ফুটা কপালেৰে বৈ আহিল অবিৰত ৰক্তধাৰা৷কিন্তু দেৱৰূপী জমিদাৰ বাবুৰ অৰ্দ্ধাংগিনীৰ তেওঁ দুৰ্ভগীয়া মৃত্যুমুখী প্ৰেমিকক শেষ বিদায় দিবলৈ আহৰিয়েই বা ক’ত?তাৰ পিছতো মই অশৰীৰ হৈ অপেক্ষা কৰি ৰ’লো মোৰ পৃথিৱীলৈ তোমাৰ আগমনৰ৷মইতো ভাবিছিলো তুমি এতিয়াও জমিদাৰৰ হাউলিত গুঠি আছা আমাৰ প্ৰেম গাথাঁৰ অভিমানৰ ছুৱেটাৰ৷দশকযোৰা অপেক্ষাৰ অন্ত পেলায় তুমি পুনৰ আহিলা দেৱদাৰুৰ দেশলৈ কিন্তু এইবাৰৰ এই নিঃকিন প্ৰেমিক দেৱৰ পাৰ’ হয় নহয় জমিদাৰ বাবুৰ ৰক্ষিতা চন্দ্ৰমুখী হৈ৷মোৰ অশৰীৰ সত্বাই নিয়ৰৰ ফুল হৈ চকুলো টুকিলে দেৱদাৰুৰ হালধীয়া পাতত৷কিন্তু মোৰ সহ্য নহ’ল অ’ যেতিয়া মোৰ পাৰ’ৱে ৰক্ষিতা চন্দ্ৰমুখীৰ ভূমিকাত অৱতীৰ্ণ হৈ স্বইচ্ছাই তাইৰ শৰীৰটো সপি দিলে এই জমিদাৰ বাবুৰ হাতত বিনা সংকোচে৷কি এয়াই নেকি তোমাৰ প্ৰেম৷“ তাই শীতল কন্ঠৰে প্ৰত্যুত্তৰ পৰ্বৰ আৰম্ভণি ঘটালে “তুমি মোক ভুল বুজিছা নয়ন৷শ্বিলংৰ সেই গধূলিটোত আৰু পুনৰ আজি এই চন্দ্ৰমুখী আৰু দেৱবাবুৰ মধুচন্দ্ৰিকাৰ নিশাত৷আস!তুমিনো মোক কিদৰে বুজি পাবা নয়ন৷কাৰণ তোমাৰ প্ৰেমৰ পৰিধি যে কেৱল শাৰীৰিক সুখৰ ঠেক পৰিগণ্ডিৰ মাজতেই সীমাবদ্ধ৷ভাল পোৱা আৰু ভাল লগা একে নহয়৷তুমি মোক ভাল পোৱা নাছিলা নয়ন বৰঞ্চ তোমাৰ কেৱল ভাল লাগিছিল মোৰ গাভৰু দেহাক৷তুমি বিছাৰিছিলা অনুমতি মোৰ পৰা?তুমি জানো এবাৰ প্ৰশ্ন কৰিছিলা মোক মই সচাৰ্থত প্ৰস্তুত হয় নে নহয়৷এয়াই নেকি তোমাৰ প্ৰেম যি শৰীৰত আৰম্ভ হৈ শৰীৰতেই শেষ হ’য়৷ “কিন্তু“ “কোনো কিন্তু নাই নয়ন৷মোৰ গাভৰু দেহাটি আছিল তোমাৰ যৌৱনৰ অন্যতম আকৰ্ষণ মাত্ৰ৷সেয়া আত্মিক প্ৰেম নাছিল৷ন’হলে তুমিও অপেক্ষা কৰিলা হ’য় এই চন্দ্ৰমুখীৰ দেৱবাবুৰ দৰে আমাৰ মধু চন্দ্ৰিকাৰ প্ৰথম নিশালৈ অথবা এবাৰলৈ হ’লেও বুজ লোৱাৰ চেষ্টা কৰিলাহেঁতেন মোৰ মনৰ ধুমুহাজাকৰ৷যি পুৰুষে নাৰীৰ মৰ্য্যদা,স্বাধীনতা আৰু ইচ্ছা-অনিচ্ছাক লৈ অনাসক্ত তেওঁ প্ৰেমিক নহয়,তেওঁ স্বামীও নহয় তেওঁৰ মাত্ৰ এটাই পৰিচয় থাকে৷সেয়া হ’ল ধৰ্ষণকাৰী৷তুমি প্ৰেমিক নহয়৷হ’বই নোৱাৰা৷তুমি ধৰ্ষণকাৰী নয়ন৷তুমি ধৰ্ষণকাৰী মাত্ৰ৷“ “শৰীৰেই আমাৰ মিলনত বাধাৰ প্ৰাচীৰ হৈছিল এক দশক পূৰ্বে আৰু আজিও৷মোৰ আগোচৰেই মোৰ ওঠত এটা কুটিল হাঁহি ফুটি উঠিল আৰু নয়নৰ প্ৰচণ্ড ক্ষোভৰ দাৱানালৰ সন্মুখত মোৰ অসহায় হাত দুখনে মোৰেই অজ্ঞাতে মোৰ প্ৰেয়সীৰ ডিঙিটো কঠোৰভাৱে চেপি ধৰিল৷

মোৰ অৱচেতন মনটোৱে বাৰে-বাৰে ৰিঙিয়াইছে নয়ন এজন ধৰ্ষণকাৰী৷প্ৰকৃতিয়ে নিজস্ব পদ্ধতিৰে হয়টো তাক দণ্ড বিহিলে৷ IPC 375 য়ে মোৰ কৰ্ণকুহকত আৰ্তনাদ কৰিছে বিনাসন্মতি আৰু বিনাইচ্ছাত হোৱা প্ৰতিটো যৌন সম্পৰ্কই বলৎকাৰৰ নামান্তৰ মাত্ৰ৷হয়টো আজি নয়ন তাইৰ স্বামী হোৱা হ’লে তাই প্ৰতিনিশাই ধৰ্ষিতা হ’লহেঁতেন আৰু দুৰ্বল আইনব্যৱস্থা বিগত শতাব্দীসমূহৰ দৰেই পৰিণত হ’লহেঁতেন মাথো নীৰৱ দৰ্শকত৷অৱচেতন মনৰ সমুদ্ৰ মন্থনত জ্ঞানৰ অমৃতৰ হীৰণ্ময় কলহ লৈ মোৰ কাষত ঠিয় দিলে মোৰ স্বৰ্গীয় আইতাই৷আইতাৰ কন্ঠত পুনশ্চঃ প্ৰতিধ্বনিত হ’ল ষোল্লহাজাৰ এশ কন্যাৰ ইচ্ছাৰ বিৰূদ্ধে বিবাহ পাশত আবদ্ধ কৰিব খোজা নৰকাসুৰৰ পতন আৰু কৃষ্ণৰ ধৰ্ম প্ৰতিষ্ঠাৰ শৈশৱৰ ৰসাল কাহিনী৷অৱচেতন মনে জপ কৰিলে সেই পবিত্ৰ শ্লোক,”ঔমঃ নমোঃ ভাগৱতেঃ বাসুদেৱায়ঃ নমঃ“ হঠাৎ যেন শৰীৰত বিজুলীৰ সঞ্চাৰ হ’ল৷শৰীৰৰ অংগ-পতংগবোৰৰ ওপৰত মই পুনৰ হৃত নিয়ন্ত্ৰণ ঘুৰাই পালো৷মই তাইক সাৱতি কপালত এটা চুমা আঁকি দিলো৷তাই উচুপি উঠিল৷

“হেই চন্দ্ৰমুখী মধুচন্দ্ৰিকাৰ প্ৰথম নিশা এনেকৈ উচুপি কান্দিলে কিন্তু এই দেৱবাবুয়েই বদনামী হ’ব৷“ এইবাৰ তাই হকহুকাই কান্দি উঠিল,“মোক ক্ষমা কৰি দিয়া৷তোমাৰ এই পাগলী প্ৰেয়সীজনীয়ে তুমি এৰি যোৱাৰ ভয়তেই নয়নৰ সকলো কথা লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিল৷“ মই গহীনাই ক’লো,”হ’ব দিয়া ৫০-৫০ এপেকেট খাই শুই থাকা৷“মানে?“ তাই চৰম আশ্বৰ্য্যৰে সুধিলে৷মই ওঠত দুষ্ট হাঁহি এটা পৰিধান কৰি ক’লো,“মানে তুমি সন্দেহ কৰাৰ দৰে কলেজীয়া দিনত পাৰ’ এজনী আছিল৷এদিন তাইৰ বেগৰ পৰা মোৰ ভাবী শহুৰ দেউতাই মোৰ কাউৰিঠেঙীয়া আখৰৰ প্ৰেমপত্ৰখন উদ্ধাৰ কৰিলে৷“ “তাৰ পিছত?“ তাই পৰম উৎকণ্ঠাৰে সুধিলে৷ “তাৰ পিছত আৰু কি পাৰ’ পাৰ চৰাই হৈ উৰা মাৰিল৷দেউতাকৰ ট্ৰেন্সফাৰ আহিছিল৷মই দেৱবাবু হ’লো৷তুমি চন্দ্ৰমুখী হৈ মোক সামৰি ৰ’লা৷ তাইৰ ওঠত এটা সলাজ হাঁহি বিৰিঙি উঠিল,” না বাবা না৷আজি দেখিছাই ন’হয় কেনেকৈ নয়ন-দেৱ-পাৰ’-চন্দ্ৰমুখী-জমিদাৰ বাবু সকলোৰে খিচিৰি বনি গ’ল৷“ “ৰাধা হ’বা মই কানাই হৈ বৃন্দাবনত বাঁহী বজাম তুমি যমুনাৰ ঘাটলৈ আহিবা আমি ৰাস কৰিম৷শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন…………” “এহ হ’ব হ’ব৷জানো নহয় ল’ৰামখাৰ কথা ৰাধা হ’বা মই কৃষ্ণ হ’ম৷তেতিয়াহে যমুনাঘাটত মোক অকলশৰীয়া কৰি অকলে দ্বাৰকাত গৈ ষোল্লহাজাৰজনী পাটমাদৈৰ সৈতে সংসাৰ পাতিব পাৰিবা৷“ “পাৰ্বতী হ’বা৷মই ভোলা-ভালা মহাদেৱ হ’ম৷“ তাই লাজলাজকৈ মুৰ দুপিয়ালে৷মই পৰম সন্তুষ্টিৰে এটা ছিগাৰেট জ্বলালো৷“হেই হ’ল ন!আকৌ কৰি দিলা আৰম্ভ৷“ “আৰে গৌৰী মই হ’লো ভঙুৱা মহাদেৱ৷আজি জনিবা ধতুৰা নাপায় ধপাতকে হুপিলো৷“ “ইস!তেওঁৰ চালনাটো কি চাবা গোটেইজন কৃষ্ণই৷ইফালে নিজকে কয় আকৌ ভোলা-ভালা মহাদেৱ৷হুহ৷“ ছিগাৰেটৰ ধোৱাখিনি এৰি দি এটা বিজয়ৰ হাঁহি মাৰি ক’লো,”অ’ তো আকৌ মই কৃষ্ণ মোৰ ৰূক্মিণীৰ কৃষ্ণ৷

প্ৰেম! এটা ভৌতিক গল্প৷


মোৰ সত্যক আপুনি কি দৃষ্টিকোণৰ পৰা নীৰিক্ষণ কৰে সেয়া মোৰ বিচাৰ্য্য বিষয় নহয়৷হয়তো আপোনাৰ দৃষ্টিত মই পগলাও হ’ব পাৰো অথবা জনপ্ৰিয়তাৰ মৰীচিকা খেদি ফুৰা এজন চূড়ান্ত মিছলীয়া৷হয়,আপুনি ভাবিব পাৰে,সেয়া আপোনাৰ ব্যক্তিগত অধিকাৰ আৰু আপোনাৰ ব্যক্তিগত অধিকাৰক হস্তক্ষেপ কৰাৰ মোৰ কোনোধৰণৰ নৈতিক অধিকাৰ নাই৷আনৰ মতাদৰ্শৰ অধিকাৰৰ হস্তক্ষেপক নৈতিক অধিকাৰ নহয় বুলি মানি লোৱা এজন ব্যক্তিক আপুনি যদি পগলা আখ্যা দিয়ে,সেয়া আপোনাৰ কথা আৰু জনপ্ৰিয়তা,মৃত্যুৰ দুৱাৰদলিত ঠিয় দিয়া এজন ব্যক্তিয়ে মিছা কথা কৈ পোৱা জনপ্ৰিয়তাৰে বা কি কৰিব?
ঘটনাক্ৰমৰ আৰম্ভণী হৈছিল আজিৰ পৰা এটা দশকৰ আগেয়ে তেতিয়া মই কুৰি বছৰীয়া কলেজীয়া ডেকা৷প্ৰথম দৃষ্টিতেই তাইৰ প্ৰেমত পৰিছিলো৷তাইৰ মুখামুখি হ’লে এনে লাগিছিল যেন মূহূৰ্তৰ বাবে সময়ৰ চক্ৰ স্তব্ধ হৈ পৰিছে,মলয়াৰ গতিবেগ হ্ৰাস পাই প্ৰায় শূণ্যৰ সমতুল্য হৈ পৰিছে,আমাৰ মফচলীয়া কলেজৰ বাগিচাখনৰ কাষতে লাগি থকা ছিৰাল ফটা পথাৰখন গোলাপৰ বাগিছাত পৰিণত হৈছে,নাকত বকুল ফুলৰ সৌৰভ আৰু হৃদয়ত ভায়লিনৰ সুৰ৷দিয়কচোন এটা দশকৰ আগৰে কথা,তেতিয়া মই কৈশোৰৰ আলিদোমোজা পাৰ কৰি যৌৱনৰ বসন্তত খোজ দিছো তাকো আকৌ প্ৰথম প্ৰেম একেবাৰে লাভ এট ফাৰ্ষ্ট ছাইট৷কেতিয়াবা এনেকৈ হিন্দী চিনেমাৰ গীতৰ দৰে হৈ পৰে কুৰিবছৰীয়া ডেকাৰ ৰোমাণ্টিক হৃদয়ৰ কল্পনা!তাই খুৱ সুন্দৰ ভায়’লিন বজাইছিল৷জোনাকৰ বৰষুণে হৃদয় জিপোৱা ফ্ৰেছাৰছ সমাৰোহৰ এটা গধূলি৷তাইৰ ভায়লিনৰ সুৰৰ ৰাগে মোৰ অন্তৰৰ সমুদ্ৰত প্ৰেমৰ জোৱাৰ তুলিছিল৷সংগীত পৰিবেশনৰ অন্তত মঞ্চৰ পৰা নামি আহোতে হঠাৎ উজুতি খাই তাই……….সৰি পৰাৰ পূৰ্বেই মই তাইক আকোঁৱালি ল’লো৷নিজৰেই অজ্ঞাতে স্বগতোক্তি কৰিলো,” মই তোমাক সৰি পৰিবলৈ দিব নোৱাৰো৷“তাই এটা সলাজ হাঁহি মাৰিলে আৰু এনেকৈ আৰম্ভ হ’ল আমাৰ প্ৰেমৰ যাত্ৰাৰ৷

জীৱনৰ তিতাঁ মিঠাৰ মাজেৰে আমি দুয়ো চাৰিটা বসন্ত গৰকিলো৷কলেজীয়া জীৱনৰ অন্ততঃ মই এটা সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিলো৷ইতিমধ্যেই আমাৰ প্ৰেমৰ পবিত্ৰ বন্ধনক দুয়োখন ঘৰেই স্বীকৃতি দিছিল৷এইবাৰ ব’হাগত তামোল পাণ পেলোৱাৰ কথা৷সেইদিনা সন্ধিয়া বৰপুখুৰীৰ পাৰত বহি থাকোতে অকস্মাৎ তাই সুধি পেলালে,“যদি মই মৰি যাওঁ তুমি কি কৰিবা?“ মই মূহূৰ্তৰ বাবে মূক হৈ পৰিলো৷আকাশত তেতিয়া কলীয়া মেঘে গাজিছিল৷প্ৰসংগ সলাই লৰালৰিকৈ ঠিয় হৈ ক’লো,”হেই!ব’লা সোনকালে যাওঁ৷ এতিয়া বৰষুণ দিব৷“
তাইৰ ঘৰৰ কেঁকুৰিটো ঘুৰোতেই হঠাৎ সিফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকৰ সৈতে মোৰ দুচকীয়া বাহনখনৰ মুখামুখি সংঘৰ্ষ হ’ল৷মই দুৰৈত উফৰি পৰিলো৷কপালেৰে ৰক্তধাৰা বৈছিল৷কিবাকৈ ঠিয় হৈ তাইৰ কাষলৈ দৌৰ মাৰিলো৷তাই মোলৈ অপেক্ষা কৰি আছিল ট্ৰাকৰ চকাৰ দ্বাৰা পীস্ত এক মাংসপিণ্ডৰ ৰূপত আৰু সেই তেজলগা মঙহবোৰৰ মাজত মোৰ হৃদয়ে তাইক বিচাৰি পোৱাত ব্যৰ্থ হ’ল৷
ব’হাগৰ পূৰ্বেই তাইৰ দেউতাকে কন্যাদান কৰিল কিন্তু মোক নহয় চিতাৰ অগ্নিক৷অমাবস্যাৰ অন্ধকাৰ ফালি তাইৰ চিতাখন দপদপকৈ জ্বলিছিল৷বিজুলীৰ চিকমিকনিত মোৰ চকুৰ লোটক মুকুতা হৈ জিলিকিছিল৷পছোৱা বতাহজাকে তাইৰ কন্ঠ হৈ হঠাৎ কাণে-কাণে কৈ গ’ল,“হেই!কিয় কান্দিছা৷মইচোন এতিয়াও তোমাৰ লগতেই আছো৷“মই আকৌ এবাৰ স্তব্ধ হৈ পৰিলো৷
ঘৰলৈ উভতি আহিলো৷সেইদিনা মোৰ শোকাৰ্ত চকুহাললৈ চোৱাৰ খোদ মাৰো সাহস হোৱা নাছিল৷ৰূমৰ দৰ্জাখন জপাই এটা ছিগাৰেট উলিয়াই ল’লো৷ছিগাৰেট খালে তাই বেয়া পায়৷এদিন ধেমালিতে কৈছিলো প্ৰেমিকাই এৰি গ’লেও ছিগাৰেটে তেওঁৰ প্ৰেমিকক এৰি নাযায়৷লাইটাৰটো জ্বলাইছো মাত্ৰ৷হঠাৎ যেন কোনোবাই ফু মাৰি লাইটাৰটোৰ নুমাই দিলে৷কোঠালৈ এজাক সেমেকা শীতল বতাহৰ আগমণ ঘটিল আৰু বতাহজাকে তাইৰ কন্ঠ হৈ মোক আকৌ কাণে-কাণে ক’লে,“ হেই!কি কৰিছা৷তুমিচোন জানাই মই ছিগাৰেটৰ গোন্ধো সহ্য কৰিব নোৱাৰো আৰু তুমি কি কৈছিলা!চোৱা মই প্ৰতাৰক নহয়৷মৃত্যুৰ সিপাৰৰ পৃথিৱীখনৰ পৰাও আকৌ তোমাৰ কাষলৈ উভতি আহিছো৷“ হয়তো মোৰ ভ্ৰম হৈছে৷পুনৰ লাইটাৰটো জ্বলালো৷দহটা বিফল প্ৰয়াসৰ অন্তত পুনৰ কাণত পৰিল তাইৰ কন্ঠ“ হেই!তুমি মোকো বিশ্বাস নকৰা৷“ সমগ্ৰ শৰীৰত কপনি উঠিল৷হয়তো বিৰহৰ অগ্নিত দগ্ধ হৈ মই পগলা হোৱাৰ পথত৷কপা-কপা হাতেৰে আলমাৰিটো খুলি প্ৰায় দহটা বছৰৰ অন্ততঃ মোৰ একালৰ অত্যন্ত প্ৰিয় হুইস্কীৰ বটলটো উলিয়াই ল’লো৷তাই মদ খোৱা মানুহক ঘৃণা কৰে৷সেয়ে মই ভালপোৱাৰ প্ৰথমটো পষেকৰ পৰাই মদ খোৱা বাদ দিছিলো৷ক্ষন্তেক আগেয়ে মই তাইৰ জ্বলন্ত চিতাৰ কাষৰ পৰা উভতিছো৷আপুনি ভাবিব পাৰে মই স্বাৰ্থপৰ৷সেয়া আপোনাৰ ব্যক্তিগত আদৰ্শ৷কিন্তু সেই মূহূৰ্তত মই মানসিকভাৱে ইমানেই ভাগি পৰিছিলো যে হ’য়তো মোৰ হাতত আন কোনো বিকল্প নাছিল৷গিলাচটোত হুইস্কী বাকিবলৈ আৰম্ভ কৰিছো মাত্ৰ৷এক প্ৰচণ্ড ঠেলাত ভাৰাসাম্য হেৰুৱাই প্ৰায় সৰি পৰাৰ উপক্ৰম হ’ল৷বটল আৰু গিলাচ দুয়োটাই ভাঙি চুৰমাৰ হ’ল৷কিন্তু মই সৰি পৰাৰ আগেয়ে এখন অদৃশ্য হাতে মোক আকোঁৱালি ল’লে যিদৰে এদিন মই তাইক আকোঁৱালি লৈছিলো,“মই তোমাক পৰি যাবলৈ দিৱ নোৱাৰো৷মদৰ গিলাচত পুনৰ হাত দিয়া আৰু জীৱনৰ বাটত সৰি পৰা একে কথা আৰু কিমান প্ৰমাণ লাগে তোমাক মই বিশ্বাসঘাটকিনী নোহোৱাৰ৷মই আৰু কিমান কান্দিলে সুখী হ’বা তুমি৷“ তাইৰ অশৰীৰ কন্ঠই উচুপি উঠিল৷প্ৰায় এক মিনিট মানৰ অন্ততঃ মৌনতাৰ অৱসান ঘটাই মই ক’লো,“তুমি ইমান ভাল পোৱা মোক?“

দহোটা বসন্ত পাৰ হৈ গ’ল৷জীৱনৰ তিতাঁ-মিঠাৰ মাজেৰে আমি উপন্যাসৰ পৃথিৱীৰ প্লেটোনিক প্ৰেমৰ এটা নতুন অধ্যয়ৰ জন্ম দিলো৷এদিন ঘৰত বৰকৈ বিয়াৰ বাবে জোৰ দিয়াত সেইৰাতিয়েই উচাৎ মাৰি ঘৰ এৰি গুচি আহিলো আৰু এটা কোঠাৰ এক আওপুৰণি ভাড়াঘৰত নিশাৰ জোনাকক সাক্ষী কৰি আৰম্ভ কৰিলো আমাৰ নতুন প্লেটোনিক সংসাৰ৷মই সন্ধিয়া বজাৰ-সমাৰ কৰি ঘৰলৈ উভতি আহো তাই ভাত ৰান্ধে কিন্তু কেৱল এজনৰ বাবে কাৰণ অশৰীৰ আত্মা ভোকৰ পীড়াৰ পৰা মুক্ত৷
এসপ্তাহ মানৰ আগেয়ে তাইৰ দেউতাক আহিছিল৷মোক কৈছিল,”তুমি আৰু কিমান অভিমান কৰিবা৷যোৱা ঘৰলৈ উভতি যোৱা৷তাই এৰি যোৱাৰ এটা দশক হ’ল৷তোমাৰোতো এটা ভবিষ্যৎ আছে৷ঘৰৰ মানুহবোৰৰ তোমাক লৈ এটা সপোন আছে৷অহা কালিলৈ গয়ালৈ যাম৷১৪ মাৰ্চৰ দিনা তাতেই তাইৰ অস্থি বিসৰ্জন দিম৷তুমি ঘৰলৈ যোৱা৷এনেকৈ থাকিলে তাইৰ আত্মায়ো কষ্ট পাৱ৷“ নিজৰ গাভৰু জীৰ অন্তিম স্মৃতিকো গংগাৰ প্ৰৱাহত বিসৰ্জন দিবলৈ ওলোৱা বৃদ্ধ পিতৃক মোৰ সত্যৰ দৰ্শন কৰোৱাৰ সাহস ন’হল৷
আজি দুপৰীয়াৰ পৰাই কিয় জানো মোৰ একোতেই মন বহা নাই৷মনত যেন কিবা অজান শংকা৷সন্ধিয়াৰ আকাশখন সেইদিনাৰ দৰে গোমা হৈ আহিছিল৷সোনকালে দোকান সামৰি ৰূমলৈ বুলি ওলালো৷আনদিনাৰ দৰে বজাৰ কৰাৰো মন নাছিল৷হয়তো বৰষুণ দিব৷খোজৰ গতিবোৰ খৰ হ’ল৷কিন্তু সেই সন্ধিয়াটো বৰ ব্যতিক্ৰমী আছিল৷এটা দশকৰ অন্ততঃ প্ৰথমবাৰৰ বাবে তাই ৰূমত নাছিল৷প্ৰায় পাগলৰ দৰে তাইক বিচাৰি চলাথ কৰিলো,কিন্তু নাই এইবাৰ মাংসপিণ্ডৰ অৱশেষো নাছিল৷আকাশত বিজুলীয়ে চিকমিকালে৷কেলেণ্ডাৰখনলৈ চকু গ’ল৷আজি ১৪ মাৰ্চ৷চকুৰে আকৌ এবাৰ মুকুতা হৈ লোটক সৰিল৷কিন্তু পূৰ্বৰ দৰে মোক সান্ত্বনা দিবলৈ আজিৰ ৰূক্ষ বতাহজাক আছিল কন্ঠহীন৷কাৰণ তাইৰ অস্থি ইতিমধ্যেই গংগাৰ প্ৰৱাহত উটি গ’ল আৰু তাই মোক অৱশেষত প্ৰতাৰণা কৰিলে৷

গিলাচত সুৰা বাকিলো৷এইবাৰ অৱশ্যে বাধা দিবলৈ কাষত কোনো নাছিল৷সুৰাৰ ৰাগীত মই স্বগোতক্তি কৰিলো,” কি কৈছিলা তুমি?তুমি মোক সৰি পৰিবলৈ নিদিয়া৷চোৱা মই আকৌ মদ খাইছো৷এয়া থৰক-বৰককৈ খোজ কাঢ়ি সৰি পৰিছো৷তুমিবিহীনতাৰ প্ৰথম সন্ধিয়াত৷সৰি পৰিছো মজিয়াত নহয় জীৱনৰ বাটত এয়া চোৱা মই ঠিয় হৈছো৷আকৌ ছিগাৰেট জ্বলাইছো৷দিয়া নুমুৱাই দিয়া আকৌ ফু মাৰি মোৰ লাইটাৰটো৷প্ৰমাণ দিয়া তুমি বিশ্বাসঘাটিকিনী নোহোৱাৰ৷মই শুদ্ধ আছিলো৷শুদ্ধ আৰু তুমি ভুল৷ছিগাৰেট থাকি গ’ল৷কিন্তু তুমি গুচি গ’লা৷মনে-মনে৷মোক এবাৰো নোকোৱাকৈ৷মই আৰু কিমান কান্দিলে তুমি সুখী হ’বা?“

লাহে-লাহে চকু কেইটা টোপনিয়ে টানি আনিছে৷না সুৰাৰ ৰাগী নহয়৷শ্লিপিং টেবলেট৷হুইস্কীৰ বটলটোৰ সৈতে কিনি আনিছিলো৷কেউটাই খায় পেলালো৷টেবলেটৰ সংখ্যাক গণণা কৰিবলৈ এই মদাহীৰ হুচেই বা ক’ত?এশ টকাত কিমান দিছিল বাৰু?কমেও পঞ্চাশ-ষাঠী৷মই জানো এয়া হ’ব মোৰ প্ৰথম আৰু অন্তিম টোপনি তুমিবিহীনতাৰ হিয়া ভঙা একাকীত্বৰ আৰু কাইলৈ পুৱা যেতিয়া মই সূৰ্য্যোদয়ৰ সৈতে সিপাৰৰ পৃথিৱীখনত সাৰ পাম হয়তো আকৌ এটা মূহূৰ্তৰ বাবে সময় থমকি ৰ’ব৷মলয়াৰ গতি স্তব্ধ হ’ব৷গোলাকে কলি মেলিব৷বকুলে সুবাস বিলাব আৰু হৃদয়ত আকৌ এবাৰ বাজিব দহোটা বছৰৰ আগেয়ে কলেজীয়া ডেকাটিৰ ৰোমান্টিক হৃদয়ত তুমি বজোৱা সুমধুৰ ভাইলিনৰ লহৰ৷এটা দশকৰ অন্তত তোমাক বুকুৰ মাজত আকোৱালি লৈ হয়তো দ্বৈত কন্ঠত আমি পুনৰ একেলগে গাম আমাৰ প্ৰিয় ৰাণা দাৰ সেই গীতৰ কলি
“ ফুলে কয় বতাহক লাহেকৈ এই কি কৰিলা?
বতাহেও সুধিছে ফুলকৈ এই কি কৰিলা……
গোপন ফাগুনে যেন লুকাই হাঁহিছে ……………

Assam File- The Right to Truth


(“Kashmir Files” ৰ মুক্তিৰ অন্তত একাংশই কৈছে আমাক “Assam File” লাগে৷তেন্তে শুনক “Assam File” ৰ কাহিনী৷)
অসম অসম হোৱাৰ সহস্ৰ বছৰৰ পূৰ্বে প্ৰাগজ্যোতিষপুৰ আছিল যি সমসাময়িক বিশ্বৰ জ্যোতিষবিজ্ঞানৰ প্ৰাণকেন্দ্ৰ আছিল ৷হয়তো প্ৰাগজ্যোতিষপুৰৰ জ্যোৰ্তিবিজ্ঞানী সকলৰ হাতত আজিৰ দৰে উন্নত প্ৰযুক্তিসম্পন্ন যন্ত্ৰ নাছিল কিন্তু তেওঁলোকৰ উৰ্বৰ মস্তিস্কই দৰ্শনৰ ৰূপত তত্ত্বৰ উদ্ভাৱন কৰিছিল৷কালক্ৰমে প্ৰাগজ্যোতিষপুৰ কামৰূপ হ’ল যাৰ শাসক আছিল শৈৱপন্থী পৰাক্ৰমী সম্ৰাট আৰু কেৱল শৈৱপন্থী হোৱাৰ বাবেই উত্তৰভাৰতৰ বৈষ্ণৱে তেওঁক প্ৰচণ্ড ঘৃণাৰে নৰকাসুৰ(নৰকৰ অসুৰ) বুলি অভিহিত কৰিছিল৷নৰকাসুৰৰ সময়ৰ সমৃদ্ধিশালী স্থাপত্যপ্ৰযুক্তিৰ নিদৰ্শনেই হ’ল আজিৰ কামাখ্যাপীঠৰ মেখেলা উজোৱা বাট৷নৰকাসুৰৰ উত্তৰাধিকাৰী হস্তৰোহী ভগদত্তই আৰ্য্যব্ৰতৰ ধৰ্মযুদ্ধত জোৱাই দুৰ্য্যোধন(সূৰ্য্যোধন)ৰ পক্ষ লৈ যুঁজিছিল৷ধৰ্মযুদ্ধত আৰ্য্যব্ৰতৰ সকলো ৰাজ্যই অংশ লৈছিল অৰ্থাৎ অসমৰ পূৰ্বৰ পৰাই চিকেন নেকৰ সিপাৰৰ মূলভাৰতৰ সৈতে সম্পৰ্ক আছিল আৰু অসম আছিল আৰ্য্যব্ৰত বা মহাভাৰতৰ অংশ৷

নালন্দা আৰু তক্ষশীলা অগ্নিৰ দাৱানলত জাহ গ’ল দিল্লীৰ সিংহাসন দখল কৰিলে বিদেশী শক্তিয়ে কিন্তু দিল্লী দখলকাৰী বিদেশী শক্তি চুকাফাৰ মানসপুত্ৰ বৰঅসমৰ হাতত এবাৰ-দুবাৰ নহয় সোতৰবাৰ পৰাজিত হৈ উভতি গ’ল৷যি অসম বিদেশী শক্তিয়ে সোতৰ বাৰ প্ৰচেষ্টা কৰিও দখল কৰিব পৰা নাছিল ধৰ্মৰ আফিঙে সেইখন অসমতে মোৱামৰীয়া বিদ্ৰোহৰ ৰূপত নৈৰাজ্যৰ জন্ম দিলে আৰু ক্ষমতালোভী বদনে নিজৰ মাতৃভূমিক মানৰ হাতত তুলি দিলে৷মানক খেদিবলৈ বগা চাহাব আহিল আৰু আমি গোলাম হ’লো৷পাত গাভৰু কনকলতাই বুকুৰ তেজেৰে গোলামীৰ শিকলি খুলিল আৰু আমি পুনৰ স্বাধীন ভাৰতৰ মূলসুঁতিলৈ উভতি আহিল৷

বঙালী বাবুৱে ব্ৰিটিছৰ দিনতে ৰচা ষড়যন্ত্ৰক প্ৰতিহত কৰাৰ বিনিময়ত মোজম্মিল হক শ্বহীদ হ’ল আৰু আমি পুনৰ আমাৰ মাতৃভাষাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলো৷এজন বিবেকহীন অসমীয়াই গোলামীৰ ৰাগ টানি গালে ইন্দিয়া ইজ ইন্দিৰা আৰু তাৰেই প্ৰতিফলস্বৰূপে তেওঁৰ ইন্দিৰাই আমাক অবৈধ অনুপ্ৰৱেশকাৰী উপহাৰ ৰূপে দিলে৷ৰাভাৰ অনুগামী সাম্যবাদীয়ে ইয়াৰ বিৰোধিতা কৰিল৷ৰঙা চীনৰ সীমান্তৰ অসম ইণ্ডিৰা নহয় এইবাৰ খোদ মাৰ্কিনযুক্তৰাষ্ট্ৰৰ হৃদয় কপি উঠিল৷CIA য়ে এটা আন্দোলনৰ সৃষ্টি কৰিলে আৰু “TIME” আলোচনীৰ বেটুপাতত কোৱা হ’ল এইয়া বিশ্বৰ মহানতম ছাত্ৰ আন্দোলন৷শ্বহীদৰ তালিকাখন বৰ দীঘল সেয়ে পৰিসংখ্যা দাঙি নধৰো ক্ষমা কৰিব৷বিদেশী বিতাৰণৰ দাবীত হোৱা ইতিহাসৰ এই মহানতম ছাত্ৰ আন্দোলনে অৱশেষত নেলী আৰু চাউলখোৱাত গণহত্যাৰ তাণ্ডৱনৃত্য কৰিলে৷কমিউনিষ্টবোৰক বাচি-বাচি মৰা হ’ল আৰু গোঁহাই ছাৰৰ শিৰৰ তেজেৰে ৰক্তাক্ত হ’ল ৰাজপথ৷ইয়াৰ পিছত দুজন ছাত্ৰনেতাই অসমীয়াৰ আবেগক দিল্লীৰ হাতত বিক্ৰী কৰি দি ছাত্ৰনিৱাসৰ পৰা পোনেই অসমীয়াৰ আৱেগ গামোচাৰ ওপৰেৰে খোজ কাঢ়ি বিধায়কৰ আবাসত প্ৰৱেশ কৰিলে৷হতাশগ্ৰস্থ মধ্যবিত্তই ৰংঘৰত মুখেৰে বুলেট ত কামুৰি উদিত সূৰ্য্যৰ সপোন দেখিল আৰু আৰম্ভ হ’ল এখন নৃশংস যুদ্ধৰ৷

ভাৰতীয় জাতীয়তাবাদ আৰু অসমীয়া মধ্যবিত্তীয় বৰ্ণ হিন্দুৰ জাতিয়তাবাদৰ নামত৷কবিৰৰঞ্জন,হীৰকজ্যোতি আৰু যে কিমান স্বাধীনতাকাংক্ষীৰ মৃত্যু হ’ল৷মৃতদেহবোৰ জ্বলাবলৈ খৰিৰ অভাৱ হ’ল আৰু সেয়ে ৰাজপথত টায়াৰ জাপি মৃতদেহৰ স্তুপটোক জ্বলাই দিয়া হ’ল৷ভনীমাই দত্তক ভাৰতীয় সেনাৰ পোছাক পৰিহিত কিছুমান নৰখাদকে দলবদ্ধ ধৰ্ষণ কৰিলে আৰু সিহঁতে ইয়াৰ প্ৰতিশোধ লবলৈ মাজুলীৰ প্ৰেমিক সঞ্জয় ঘোষ,বিদেশী অভিযন্তা গ্ৰীটচাংকো,প্ৰতিবাদী সাংবাদিক আৰু ধেমাজীৰ কণকণ ল’ৰাছোৱালী সকলোকে মাৰি পেলালে৷সঞ্জয় ঘোষৰ চকু দুটা কাঢ়ি জিভাখন কাটি পেলোৱা হৈছিল আৰু ধেমাজী ৰক্তাক্ত হৈছিল দেৱশিশুৰ অৰ্দ্ধগলিত মঙহেৰে৷ইতিহাসে পুনৰাবৃত্তি কৰে৷গণহত্যা আকৌ হ’ল এইবাৰ সৰ্বহাৰা উত্তৰ ভাৰতীয়ৰ৷নবীন জাতীয়তাবাদী মুখ্যমন্ত্ৰীয়ে বাগৰুম্বাক অভাৰটেক কৰিলে আৰু বড়োভাইহঁতৰ মাজৰ এক প্ৰতিবাদী কন্ঠক গতিয়াই নিজৰ কাৰ্য্যলয়ৰ পৰা বাহিৰ কৰি দিলে৷ডিভাইড আছাম ৫০-৫০,গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু এই সকলোবোৰৰ অন্তত আমি এটা নৰখাদকক গামোচা পিন্ধাই আদৰি আনিলো৷স্বাধীনতাকাংক্ষী সকলৰো আমনি লাগিল,অসমৰ সম্পদ বহিৰাগত বণিয়াক লুন্ঠন কৰিব নিদিও বুলি শপত খোৱা বিপ্লৱীয়ে অৱশেষত বণিয়াৰ তলৰ ঠিকাদাৰ হ’ল আৰু একাংশ হৈ পৰিল বিভীষিকাময় গুপ্তহত্যাৰ মাগদৰ্শক৷ভলন্টিয়াৰ ৰিটায়াৰমেণ্ট লোৱা বিপ্লৱীৰ সহযোগত ৰাষ্ট্ৰই চাংলত ফেনলাৰ স্ৰষ্টাক হত্যা কৰিলে আৰু আমি তেওঁক ইতিহাসৰ ডাষ্টবিনলৈ দলিয়াই দিলো৷

পৰিবৰ্তন প্ৰয়াসী অসমীয়াই পৰিবৰ্তনৰ দাবীত ইভিএমৰ বুটাম টিপিল আৰু তাৰ প্ৰতিদানস্বৰূপে আমি কা উপহাৰ পালো৷ছেম নামৰ এজন কিশোৰে গুৱাহাটীৰ মাজমজিয়াত গুলী খালে আৰু তেওঁৰ পিতৃয়ে ব্যক্তিগত শোকক প্ৰত্যাখ্যান কৰি জাতীয়তাবাদী শিবিৰৰ কাষত ঠিয় দিলে আৰু সেইখিনি জাতীয়তাবাদীয়েই লতাশিলত কৌশলগত ভাৱে অসমৰ তৃতীয়টো গণআন্দোলনৰ জিন’চাইড কৰিলে৷ভোট বিভাজনৰ ৰাজনীতি,অৰূন্ধতীৰ ধন আৰু ঋণৰ মুক্তিৰ বিনিময়ত ২৪ ত আমাৰ সমগ্ৰ জাতিটোৱেই নিৰ্ল্লজভাৱে আত্মসমৰ্পণ কৰিলে৷মোৰ সৈতে একেলগে আন্দোলন কৰা ৰাজনৈতিক বিকল্পৰ চিন্তা কৰা বহুজন আজি ৰজাঘৰৰ বুকুৰ কুটুম৷


“Assam File” লাগে ন!”Right to Truth” লওঁক এয়াই তাৰ মূল স্ক্ৰীপ্ত৷আছে কলিজা চিনেমা বনাবলৈ৷গোটেই বিশ্বই থুৱাব আমাক৷আমি এক মূৰ্খ,স্বাৰ্থপৰ আৰু হত্যাকাৰী জাতিৰ বিশ্বাসী প্ৰতিনিধি৷যাওঁক বনাওক চিনেমা৷জগতে জানক অসমীয়া জাতিৰ সত্য কেনে নিষ্ঠুৰ৷

”Hum Dekhenge” a poem by Faiz Ahmed and the Reality of J.N.U wala Aazadi

ভাৰতীয় উপমহাদেশত বাওঁপন্থী(?) ধাৰাৰ কবি ফাইজ আহমেদৰ এই কবিতাটিক জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় (JNU) ৰ “আজাদী“ শ্লোগানৰ সৈতে সংযুক্ত কৰি প্ৰায়েই পৰিবেশন কৰা হ’য়৷এইযে ফাইজে “Hum Dekhenge”(আমি দেখিম অথবা আমি সাক্ষী হ’ম) বুলি ক’লে তেওঁ আমি কেনে ঘটনাৰ সাক্ষী হোৱাৰ কথা ক’লে৷ভবিষ্যৎৰ এখন জাতি-ধৰ্ম-বৰ্ণমুক্ত প্ৰকৃতাৰ্থত স্বাধীন,গণতান্ত্ৰিক আৰু সমাজবাদী ভাৰতবৰ্ষৰ নে আন কিহবাৰ৷ফাইজৰ মূল কবিতাটিৰ দুটামান বিশেষ শাৰী তুলি দিলো
“laazim hai ke hum bhi dekhenge
woh din ke jiska waada hai
jo lauh e azal mein likha hai“
“Lauh e azal” ৰ অৰ্থ কি আপুনি জানেনে সৃষ্টিৰ আদিতেই আল্লাহে দিয়া শেষ বিচাৰৰ দিনৰ প্ৰতিশ্ৰুতি য’ত প্ৰতিজন কাফেৰ(অমুছলমান) আল্লাহৰ চৰম ক্ৰোধ আৰু শাস্তিৰ সন্মুখীন হ’ব৷(পবিত্ৰ কোৰাণশ্বৰীফ আয়াত ৯৯:১-৩)

Faiz Ahmed Faiz


ফাইজে পুনৰ কৈছে “Jab arz-e-Khuda ke kaabe se
Sab but uthwae jaenge
Hum ahl-e-safa mardood-e-harm
Masnad pe bethae jaenge
Sab taaj uchale jaenge
Sab takht girae jaenge”
ইয়াৰ সংক্ষিপ্ত অৰ্থ ইমানেই যে কাফীৰৰ সভ্যতাৰ পতন হ’ব আৰু কাফিৰে অৰ্চনা কৰা কাফিৰৰ ভগৱানৰ মূৰ্তিবোৰ আমি মোমিনসকলে ভাঙি চুৰমাৰ কৰিম যিদৰে আমাৰ পয়গম্বৰ মোহম্মদে কাব্বাৰ মূৰ্তিবোৰৰ ধ্বংসযজ্ঞ কৰিছিল


“In taaza khudaon mein bada sabse watan hai
jo pairhan iska hai woh mazhab ka kafan hai”
সকলো পাৰ্থিব ধাৰণাৰ মাজত ৰাষ্ট্ৰই শ্ৰেষ্ঠ আৰু সৰ্বশক্তিমান কিন্তু যদি ৰাষ্ট্ৰ এখন কাপোৰ হ’য় ইয়াৰ উৎপত্তিৰ আৰৰ সূতা হ’ল ধৰ্ম৷চমুকৈ ক’বলৈ গ’লে ইছলাম আৰু ইছলামিক মৌলবাদক প্ৰতিনিধিত্ব কৰা সৰ্বশক্তিমান ৰাষ্ট্ৰই আমাৰ ভবিষ্যৎ


এতিয়া আহিছো ফাইজৰ অন্তিম পংক্তিলৈ
“Bas naam rahega Allah ka
Jo ghayab bhi hai hazir bhi
Jo manzar bhi hai nazir bhi
Utthega an-al-haq ka nara
Jo mai bhi hoon tum bhi ho
Aur raaj karegi Khalq-e-Khuda
Jo mai bhi hoon aur tum bhi ho“
আমাৰ এই নতুন পৃথিৱীত কেৱল আল্লাহৰে উপাসনা হ’ব কাৰণ তেৱেই একমাত্ৰ আৰু পৰম সত্য আৰু তুমি আৰু মই,আমি বিশ্বাসী মৌমিন সকলে সেই নতুন যুগৰ নতুন পৃথিৱীৰ শাসনৰ বাঘজৰী চম্ভালিম৷

The real face of Islamic Fundamentalism

ফাইজৰ এই কবিতাৰ আবৃত্তি কৰি JNU ত কোৱা হ’য়
“Sangh Se Azadi
Mannubad Se Azadi
Pujibaad Se Azadi
Samantavad Se Azad……….”
আৰু এই সকলোবোৰৰ পৰা স্বাধীনতা আজুৰি আনি JNU ৰ সেই বিপ্লৱী(?) বন্ধু সকলে আমাৰ স্বাধীন,গণতান্ত্ৰিক,ধৰ্মনিৰপেক্ষ,সমাজবাদী ভাৰতীয় গণৰাজ্যৰ অৱসান ঘটাই ভাৰতবাসীক এখন ইছলামিক মৌলবাদী ৰাষ্ট্ৰ উপহাৰ স্বৰূপে দিব য’ত আল্লাহৰ বাদে আনৰ উপাসনাটো বাদে শ্ৰীৰাম,শ্ৰীকৃষ্ণ,যীশু,মাৰ্ক্স,লেনিন,গান্ধী,পেটেল সকলোৰে মূৰ্ত্তিবোৰ ভাঙি চুৰমাৰ কৰা হ’ব৷য’ত প্ৰতিজন কাফিৰ আৰু নাস্তিক আল্লাহৰ চৰম শাস্তিৰ সন্মুখীন হ’ব আৰু হয়তো যদি শাস্তি দিবলৈ আল্লাহ এই পবিত্ৰ ধাৰালৈ নামি নাহে তেনেহ’ল হয়তো ফাইজৰ নেতৃত্বত আমাৰ J.N.U স্বাধীনতাকাংক্ষী বিপ্লৱী সকলৰ কন্ঠত পুনৰ এবাৰ প্ৰতিধ্বনিত হ’ব সেই মৌলবাদী কন্ঠৰ “Ralib Galiba ya Shalib” (Convert,Die or Run)

সহযাত্ৰী(ভৌতিক গল্প)

“আপোনাৰ ভৌতিক গল্পবিলাক পঢ়ি মই প্ৰায়েই শিহৰিত হওঁ৷কিয় জানো!ভৌতিক সাহিত্যৰ প্ৰতি মোৰ এনে তীব্ৰ আকৰ্ষণ৷ভাল লাগে কিন্তু ভয়ো লাগে৷দিনৰ পোহৰত তেনে কোনো সমস্যা নাই৷কিন্তু ৰাতি!তথাপিও পঢ়ো৷মুঠতে এক এৰাব নোৱাৰা নিচা৷লিখি যাওঁক৷আপোনাৰ পৰৱৰ্তী গল্পটোৰ বাবে অপেক্ষা কৰিম“ আস! আজি অন্ততঃ তাই নিজেই যোগাযোগ কৰিলে৷মই তাইক ব্যক্তিগতভাৱে চিনি নাপাওঁ আৰু তাই মোৰ বন্ধুৰ তালিকাটো নাই কিন্তু ফেচবুকৰ সেই ভৌতিক সাহিত্যৰ বিশেষ গ্ৰুপটোত প্ৰকাশিত মোৰ প্ৰতিটো গল্পতেই তাই প্ৰতিক্ৰিয়াৰ ৰূপত এখন তেজৰঙা হৃদয় আঁকি দিয়ে৷মাজেসময়ে কমেণ্টো কৰে৷প্ৰায় এবছৰমানেই হ’ল৷তাইৰ প্ৰফাইল পিকছাৰখন কিন্তু একেই আছে৷হৰিণী নয়ন,ককাললৈকে বৈ পৰা মেঘালী চুলিটাৰি আৰু মিচিকিয়াই হাঁহি দিলেই জিলিকি উঠা এটা বেৰিয়া গজা দাঁত৷মই নাজানো তাইৰ সেই হৰিণী নয়নত এনে কি সুতীব্ৰ আকৰ্ষণ নিহিত হৈ আছে যাৰবাবে মই তাইৰ প্ৰফাইল পিকখন দেখাৰ মূহূৰ্ততেই তাইৰ প্ৰেমত পৰিছিলো৷এবছৰেই হ’ল কথাবোৰ বুকুৰ মাজত সাঁচি থৈছো৷প্ৰেম নিবেদনটো বহু দুৰৈৰে কথা আজিলৈকে বন্ধুত্বৰ প্ৰস্তাৱ পঠিয়াৰো সাহস ন’হল৷হয়তো এয়া মোৰ অৰ্ন্তমুখী স্বভাৱেই এক পুতৌলগা পৰিণতি৷অন্ধকাৰ অথবা পোহৰ কোনোটোৱেই স্থায়ী নহয়৷নিশাৰ অন্তকাৰৰ অন্তত ৰাঙলী সুৰুযে পূব আকাশত হেঙুলী আভা সিচি দিয়ে৷হয়তো এয়া পুবেৰুণৰেই আৰম্ভণী৷এইবাৰ অন্ততঃ ফাগুনক অথলে যাবলৈ দিব নোৱাৰি৷

“আপোনালৈ বন্ধুত্বৰ প্ৰস্তাৱ পঠিয়াইছো৷অৱশ্যে আপোনাৰ প্ৰফাইলটো লক হৈ আছে৷বন্ধুত্বৰ প্ৰস্তাৱক স্বীকৃতি দিলে সুখী হ’ম৷“পুনৰ তাইৰেই মেছেজ৷“ওপৰৱালা জৱ ভী দেতা,দেতা চপ্পৰ ফাৰকে“ হয়তো কোনোবা এখন পুৰণি হিন্দী বোলছবিৰ সংলাপ৷মইতো সপোন দেখি থকা নাইতো?এটা সন্তুষ্টিৰ হাঁহি মাৰি এক্সেপ্ত বুটামটো তিপি দিলো৷

তাইৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল৷সেইদিনা নিশা ঘৰলৈ আহি থাকোতে এজন সুৰাসক্ত ট্ৰাকচালকে মোক মহতিয়াই নিলে৷মোৰ মস্তিস্কটো ছেদেলি-ভেদেলি হৈ হাইৱেত পৰি ৰৈছিল কিন্তু মোৰ স্মৃতিত তাইৰ সেই মোহনীয় ছবিখন তেতিয়াও সজীৱ হৈ আছিল৷হিন্দী চলচিত্ৰৰ নায়কৰ দৰে তাইলৈ বুকুৰ তপত তেজেৰে কোনোবাদিনা চিঠি লিখাৰ এটা সপোন আছিল৷কিন্তু ইতিমধ্যেই মোৰ শৰীৰৰ সমগ্ৰ তেজ শীতল হৈ ৰাজপথত ডোঙা বান্ধিছিল৷ হৃদস্পন্দন সদায়ৰ বাবে বন্ধ হৈ গৈছিল অথচ হৃদয়ে তাইক পাহৰিব পৰা নাছিল৷আজি মোৰ তিলনী৷প্ৰফাইত বহুজনে মোৰ আত্মাৰ সদগতি কামনা কৰি পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছে৷কিন্তু প্ৰেমৰ মায়াপাশত আবদ্ধ মোৰ দৰে অতৃপ্ত আত্মাৰ মুক্তি জানো সম্ভৱ!কিবা বুজি পোৱাৰ পূৰ্বেই তাইৰ কৰ্ণকুহকত মোৰ অশৰীৰ শীতল কন্ঠই খুন্দা মাৰিলে ৰাণা দাৰ সেই বিখ্যাত গীতটিৰ এটা কলিৰ ৰূপত,”মৃত্যু সাৱতি সমাধি তলিত অকলে আছোহি শুই,এতিয়া পুনৰ আহিছা কিয় জ্বলাৱ কলিজাৰ জুই৷“ অন্ধকাৰ নিশাৰ নিস্তব্দতা ভাঙি এটা আৰ্তনাদ৷তাই মজিয়াত ধলি পৰিল৷তাইৰ হৃদস্পন্দন ধীৰে-ধীৰে মন্থৰ হ’বলৈ আৰম্ভ কৰিছে আৰু মাত্ৰ কেইটামান মূহূৰ্ত তাৰ পিছত তাইৰ নিস্প্ৰাণ শৰীৰটো চেঁচা পৰি যাৱ৷সোণ তুমি ক্ষমা কৰি দিয়া এই নিষ্ঠুৰ পৃথিৱীখনত মই তোমাক অকলশৰীয়া কৰি বাৰু কেনেকৈ এৰি যাওঁ৷মই প্ৰেমিক চৰাই মেলি দিছো মোৰ দুহাত৷আহা দুয়ো আৰম্ভ কৰো এক নতুন যাত্ৰাৰ মৃত্যুৰ সিপাৰৰ পৃথিৱী অভিমুখী য’ত তুমি হ’ব মোৰ চিৰকালৰ প্ৰিয়তম সহযাত্ৰী৷

A Dream of Akhand Bharat – the Hindu State and Supreme Authority of the Globe.

Parliamentary democracy is simply a game of numbers. Being the state with largest population (16.8% of the India’s total population according to Cencus Report 21) UP is the centre of attraction of the Indian polity since 47. It’s an open secret that the party able to form it’s government in UP is going to form the government in the next parliamentary election. Tomorrow will be a very special day for the entire country as the result of General Assembly of UP is going to be declared by the Election Commission of India. Mark my words BJP is again going to form it’s government in UP may be a double engine government as due to the increasing popularity of Akhilesh Yadav this time BJP is going to loose few seats than the last time. But I can guarantee you Yogi Adityanath is going to be the next CM of UP. Personally I don’t favour the centralist policy of Narendra Modi rather I prefer the Extreme Santanai Nationalists policy of Yogi Ji. In last 8 years Modi’s policy is indifferent towards the holy soil of Kashi and Mathura. I hope having Yogiraj in centre our holy and ancient sculpture in the disputed soil of Kashi (the holy soil of Devo ka Dev Mahadev) and Mathura (the holy soil of Lord Krishna) will get justice;the quote ” अयोध्या तो बस झांकी है… काशी-मथुरा बाकी है, जहां-जहां दाग हैं सब साफ किया जाएगा“ is going to be true Kashmiri Pandits the real heir of the holy soil of Kashmir- the epicenter of Aryavrata of past; is going to achieve their rights on their native soil. Being a son of the holy soil of Aryavrata where Lord Ram rulled in the Treta and Lord Krishna in the Dwapar, I hereby appealed all my Santanai brothers and sisters to positively criticize BJP and to guide the party until Akhand Bharat will get the status of Hindu Rashtra and will become the supreme authority of the entire globe and in case if party is deviated from it’s primary goals we’ve to search for new alternatives. I hope our dream of the Akhand Bharat- a Hindu State and Supreme authority of the world is going to be true very soon. Akhand Bharat is going to guide the globe with the eternal knowledge of Vedas and Shreemadbhagwat Geeta.
“अंधेरा छटेगा, सूरज निकलेगा, कमल खिलेगा৷”(Atal Bihari Vajpayee)
धर्म रक्षति रक्षित:

কাইলৈ ভাৰতৰ পাঁচোখনকৈ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব আৰু ইয়াৰ মাজৰে এখন অন্যতম ৰাজ্য হ’ল উত্তৰ প্ৰদেশ,উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য আৰু কেৱল উত্তৰ প্ৰদেশৰ জনসংখ্যাই ভাৰতৰ সৰ্বমুঠ জনসংখ্যাৰ ১৬.৯৭% ক প্ৰতিনিধিত্ব কৰে(লোকপিয়ল ২১)৷সাংসদীয় ৰাজনীতি সংখ্যাৰ খেল আৰু সেয়ে স্বাধীনতাৰ সময়ৰে পৰাই উত্তৰ প্ৰদেশ ভাৰতৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈ আহিছে৷উত্তৰ প্ৰদেশত যি দলেই চৰকাৰ গঠন কৰে,পৰৱৰ্তী লোকসভাত সেই দলেই ভাৰতবৰ্ষৰ শাসনৰ বাঘজৰী চম্ভালে আৰু মই নিশ্চিত পূৰ্বতকৈ আসনৰ সংখ্যা হ্ৰাস পালেও,এইবাৰো উত্তৰপ্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ একক বা দুটা ইঞ্জিনৰ চৰকাৰ গঠন হ’ব আৰু ইয়াৰ মাত্ৰ এটাই অৰ্থ ২৪ ত পুনৰ কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ৷ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যম পন্থাতকৈ যোগীৰ ক্ষুৰধাৰ সনাতনী(হিন্দু এটা মিথ,আমি সনাতন) জাতীয়তাবাদৰ প্ৰতি মই অধিক আকৰ্ষিত৷সেয়ে মই ২৪ ত যোগী আদিত্যনাথ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাটো অন্তৰেৰে কামনা কৰো৷মই আশাবাদী নৰেন্দ্ৰ মোদীয়ে যোৱা আঠোটা বছৰে কাশী আৰু মথুৰা পবিত্ৰ ভূমিৰ প্ৰতি যি অনাসক্ত ভূমিকা পালন কৰিলে যোগীৰাজত সেই নীতিৰ অৱসান ঘটিব আৰু মহাদেৱৰ পবিত্ৰ তীৰ্থস্থান কাশী আৰু ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মভূমি মথুৰাৰ পবিত্ৰ স্থাপত্যৰ যোগীয়ে পুনৰোদ্ধাৰ কৰিব আৰু “अयोध्या तो बस झांकी है… काशी-मथुरा बाकी है, जहां-जहां दाग हैं सब साफ किया जाएगा“ বাণীক সত্যত পৰিণত কৰিব৷যোগীৰ নেতৃত্বত আৰ্য্যসভ্যতাৰ প্ৰাণকেন্দ্ৰ কাশ্মীৰৰ ভূমি পুত্ৰ কাশ্মীৰী পণ্ডিতসকলৰ সৈতে হোৱা অন্যায়ৰো অৱসান ঘটিব আৰু মই আহ্বান জনাইছো যেতিয়ালৈকে ভগৱান শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰএই পবিত্ৰ জন্মভূমিয়ে অখণ্ড ভাৰতে হিন্দুৰাষ্ট্ৰৰ মৰ্য্যদা নাপায় আৰু বিশ্বগুৰুত পৰিণত নহয় তেতিয়ালৈকে প্ৰতিজন সনাতনী নাগৰিকে ভাৰতীয় জনতা পাৰ্টীক গঠনমূলক সমালোচনাৰ দ্বাৰা মাগদৰ্শন কৰি নিজৰ নৈতিক কৰ্তব্যৰ পালন কৰক আৰু ইয়াৰ পিছতো যদি ভাৰতীয় জনতা পাৰ্টী পথভ্ৰষ্ট হয় উপযুক্ত বিকল্পৰ সৃষ্টি কৰা হওঁক ৷অখণ্ড ভাৰতৰ স্বপ্ন এদিন সাকাৰ হ’ব আৰু ভাৰত বিশ্বগুৰু হৈ পৃথিৱীক শ্ৰীমদ্ভাগৱতগীতা আৰু বৈদিক সভ্যতাৰ জ্ঞানেৰে জ্যোতিস্মান কৰিব৷
‘अंधेरा छटेगा, सूरज निकलेगा, कमल खिलेगा৷'(অটল বিহাৰী বাজপেয়ী)
धर्म रक्षति रक्षित: