আজি সমগ্ৰ বিশ্বই COVID-19 ৰ জ্বৰত আক্ৰান্ত৷এয়া পৃথিৱীৰ অসুখ৷আজি পৃথিৱীবাসী অসহায় আৰু হতাশগ্ৰস্হ৷সভ্যতাৰ এই যুগসন্ধিত আজি সঘনাই উচ্চাৰিত হৈছে এটা শব্দ জৈৱিক অস্ত্ৰ(Biological Weapons)৷বহুতৰে বাবে হয়তো ই এটা নতুন শব্দ৷জীৱ বিজ্ঞানৰ এজন ছাত্ৰ হিছাপে আপোনালোকক জৈৱিক অস্ত্ৰৰ সৈতে পৰিচয় কৰি দিয়াই আমাৰ একমাত্ৰ উদ্দেশ্য৷সেইবাবে এই পোষ্টতোৰ জৰিয়তে জৈবিক অস্ত্ৰৰ সংজ্ঞা,ইয়াৰ ইতিহাস আৰু ভয়াবহতাৰ বিষয়ে আপোনালোকৰ সৈতে কিছু কথা আলোচনা কৰিবলৈ মনস্থ কৰিলো৷
বেক্টেৰিয়া,ভেকুৰ(fungus),ভাইৰাছ আদিৰ দৰে অণুজীৱ আৰু সেইসমূহৰ পৰা নিৰ্গত বিষাক্ত পদাৰ্থক যদিহে মানুহ,পশুপক্ষী অথবা উদ্ভিদক হত্যা কৰিবলৈ বা ৰুগ্ন আৰু কম উৎপাদনক্ষম কৰি তুলিবলৈ ইচ্ছাকৃত ভাবে কোনো ব্যক্তি,সংগঠন অথবা ৰাষ্ট্ৰই ব্যৱহাৰ কৰে তেনেহ’লে সেইসমূহক জৈবিক অস্ত্ৰৰ আখ্যা দিয়া হয় আৰু সেই যুদ্ধখনক আখ্যা দিয়া হ’য় জৈবিক যুদ্ধ(Biological Warfare)৷
বিশ্বৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিপক্ষক আৰ্থিক ভাবে দুৰ্বল কৰি তুলিবলৈ প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীয়ে পশুধনৰ ওপৰত anthrax ৰোগৰ বাহক বেক্টেৰিয়াৰ ব্যৱহাৰ কৰিছিল৷কিন্তু ইয়াৰ প্ৰভাৱ আছিল নিচেই সীমিত৷ Shiro Ishi নামৰ এজন জীৱবিজ্ঞানীৰ নেতৃত্বত জাপানে দ্বিতীয় মহাসমৰত চীন দেশৰ ১০০০ টা কুৱাত কলেৰা ৰোগৰ বেক্টেৰিয়া এৰি দিছিল আৰু ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ চীন দেশতেই ৩০০০০ জন নাগৰিকৰ কৰুণ মৃত্যু হৈছিল৷পৰবৰ্তী সময়ত মিত্ৰপক্ষৰ হাতত যুদ্ধবন্দী Ishi আৰু সহযোগী বিজ্ঞানীসকলে মাৰ্কিন চৰকাৰৰ পৃষ্ঠপোষকতাত পুনৰ নতুন জৈৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ গৱেষণাত ব্ৰতী হয়৷কিন্তু আন্তৰাষ্ট্ৰীয় চাপ আৰু বহু দেশত জৈৱিক অস্ত্ৰৰ গৱেষণাগাৰত হোৱা আভ্যন্তৰীণ দুৰ্ঘটনাৰ ফলশ্ৰুতিত ১৯৭১ চনত Biological and Toxin Weapons Convention (BTWC) শীৰ্ষক এখন আন্তৰাষ্ট্ৰীয় চুক্তি স্বাক্ষৰিত হয় য’ত জৈৱিক অস্ত্ৰৰ নিৰ্মাণৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হয়৷কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গুপ্তচৰ সংস্থা CIA য়ে প্ৰকাশ কৰা তথ্য অনুসৰি ইয়াৰ পিছতো ছোভিয়েট ইউনিয়নে আন্তমহাদেশীয় মিছাইলৰ সৈতে সংযুক্ত Anthrax,Small Pox আৰু Multidrug Resistant Bacteria(কেইবাবিধো ঔষধৰ প্ৰভাৱৰ পৰা মুক্ত বেক্টেৰিয়া) নিৰ্মাণ কৰি উলিয়াই আৰু বৰ্তমানো ৰাছিয়া,আমেৰিকা,ইজৰাইল,ইৰাক আৰু বিভিন্ন দেশৰ চৰকাৰী অস্ত্ৰ ভাণ্ডাৰত এনে অস্ত্ৰ মজুত আছে৷জৈৱিক অস্ত্ৰ একবিংশ শতিকাৰ যুদ্ধ(Modern day warfare)ৰ এক অভিন্ন অংগ৷
জীৱ বিজ্ঞানৰ এক নৱতম শাখা synthetic virology ৰ মূখ্য উদ্দেশ্যই হৈছে মানৱসৃষ্ট ভাইৰাছৰ নিৰ্মাণ৷হয়তো SARS-CoV-20 Synthetic Virology সৃষ্ট এক ফ্ৰেংকষ্টাইন আৰু অদুৰ ভবিষ্যৎত সভ্যতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কোনো ভয়াবহ ভাইৰাছক যে ক্ষমতাৰ ৰাগীয়ে সৃষ্টি কৰিব সেয়া প্ৰায় নিশ্চিত৷কম্পিউটাৰৰ antivirus বনোৱা বহু কোম্পানীয়েই ব্যৱসায়িক স্বাৰ্থত virus ও বনাই৷ঔষধৰ বজাৰত মুনাফা লুটাৰ স্বাৰ্থত যে কাইলৈ জৈৱিক অস্ত্ৰৰ অপপ্ৰয়োগ ন’হব তাকো নিশ্চিত ভাবে কোৱা টান৷
একেদৰেই ভয়ংকৰ হ’ব পাৰে Superbug ৰ প্ৰয়োগ৷Superbug এনে কিছুমান বেক্টেৰিয়াৰ mutant(উৎপৰিবৰ্তিত) প্ৰজাতি যাক বৰ্তমানলৈকে আবিস্কৃত কোনো প্ৰতিজৈৱিক(antibiotic)ৰ দ্বাৰা নাশ কৰিব নোৱাৰি৷
জৈৱিক অস্ত্ৰৰ ভয়াবহ দিশবোৰ হ’ল এই অস্ত্ৰ সাংঘাতিক ভাবে কাৰ্য্যক্ষম আৰু প্ৰজনন ক্ষমতা থকাৰ বাবে স্বয়ংক্ৰিয় ভাবেই ইহঁতৰ সংখ্যা বৃদ্ধি পায়৷উচন হয় এখনৰ পিছত সিখন চহৰ৷এই অস্ত্ৰ কমখৰছী আৰু নিৰ্মাণ কৰিবলৈ সহজ৷সেয়ে সন্ত্ৰাসবাদীৰ দ্বাৰা এনে অস্ত্ৰ ব্যৱহৃত হোৱাৰ সম্ভাৱনাও প্ৰৱল৷বোমা-বাৰুদ অথবা বন্দুকৰ দৰে ইয়াক Detector ত ধৰা পেলাব নোৱাৰে আৰু ইয়াৰ পৰা হোৱা Collateral Damage(পাৰ্শ্বপ্ৰতিক্ৰিয়া) ৰ পৰিসৰ যঠেষ্ট বহল৷আজি COVID-19 ৰ বিশ্ব অৰ্থনীতিত পেলোৱা বিৰূপ প্ৰভাৱ এনে collateral damage ৰ এক উপযুক্ত প্ৰমাণ৷
SARS-CoV-20 হয়তো প্ৰাকৃতিক ভাইৰাছ৷আমি আশাবাদী এয়া কোনো জৈৱিক অস্ত্ৰ নহয়৷কিন্তু COVID-19 মহামাৰীৰয়ে আমাক পুনৰ সোঁৱৰাই দিলে জৈৱিক অস্ত্ৰৰ ভয়াবহতাৰ কথা৷বিজ্ঞান আৰু প্ৰযুক্তি মানুহৰ প্ৰগতিৰ কাৰণ হোৱা উচিত সভ্যতাৰ ধ্বংস কাৰণ নহয়৷সেয়ে সময় থাকোতেই প্ৰতিখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতাসকলে ইয়াৰ গুৰুত্ব অনুধাৱন কৰি কঠোৰতম আইন প্ৰণয়নৰ দ্বাৰা জৈৱিক অস্ত্ৰ সংক্ৰান্তীয় গৱেষণাক নিয়ন্ত্ৰণ কৰা উচিত৷অন্যথা সেউজীয়া শস্য শ্যামলা পৃথিৱীখন মৰিশালিৰ চহৰ হ’বলৈ আৰু বেছি পৰ নালাগিব৷

2 thoughts on “জৈৱিক অস্ত্ৰ(Biological Weapons),চমু ইতিহাস আৰু ভয়াবহতা

Leave a comment