আপুনি বেঙেনা খাই ভাল পায়নে? এহ কেকে ছাৰে মোহনক দিয়া বেঙেনাতোৰ কথা কোৱা নাই হে! তাকো এপ্ৰিল ফুলো কালিয়েই পাৰ হৈ গ’ল৷সেয়ে নিশ্চিত থাকক মোৰ চয়তানী মগজুতো এতিয়া আপোনাক বেঙেনা দিয়াৰ কোনো অসৎ অভিপ্ৰায় নাই৷ অ এইবাৰ আপুনি ঠিকেই ধৰিছে৷উৰুকাৰ বজাৰৰ সেই গেৰেলা-গেৰেলা বেঙুনীয়া ৰংৰ পাচলি বিধৰ কথাই কৈছো৷ আস শীতকালৰ নিশা সৰহ তেলত ভাজি খাই কি যে মজা লাগে৷পিছে বজাৰৰ বেঙেনানো কি খাব?যি হে জুই-চাই দাম!তাকো কীটনাশক,ৰাসায়নিক দ্ৰব্য সেইবোৰৰ অপপ্ৰয়োগতো আছেই৷ কি ক’লে যোৱাবাৰ ঘৰতে বেঙেনা খেতি কৰিছিল৷কলিতে পোকে খাই পেলালে,OMG! এই পোকবোৰো বৰ খকুৱা জীৱ দেই৷সিহঁতেও খাবলৈ আপোনাৰ বাৰীৰ বেঙেনা কেইটাহে পালে৷তাকো আপোনাৰ দৰে এজন খাদ্যৰসিকৰ বাৰীৰ বেঙেনা৷ৰৌ-ৰৌ নৰকত পৰিবহে৷পোক আৰু বেঙেনাৰ কথা ওলালেই যেতিয়া আজি বেঙেনাৰ সাধু এটাকে কওঁ দিয়ক৷ অথঃ Bt বেঙেনা সংবাদ-Based on real incidents.
             আপোনাৰ দৰেই খাদ্যৰসিকসকলৰ মুখৰ পৰা বেঙেনা কাঢ়ি খোৱা দুষ্ট পোকমখাক এসেকা দিবলৈকে জৈৱপ্ৰযুক্তিবিদসকলে সাজি উলিয়ালে স্বয়ংসম্পূৰ্ণ পতংগ প্ৰতিৰোধ ক্ষমতা সম্পন্ন Bt বেঙেনা(insect resistant Brinjal variety)৷9 শব্দতোৰ উৎস হ’ল এবিধ বেক্টেৰিয়া৷বেক্টেৰিয়া বিধৰ সম্পূৰ্ণ নাম হ’ল Bacillus thuringiensis চমুকৈ Bt.এতিয়া প্ৰশ্ন হ’ল বেক্টেৰিয়া আৰু বেঙেনাৰ মাজত সম্পৰ্ক কি? আখিৰ য়ে ৰিষ্টা ক্যায়া কেহলাতা হ্যে?এই Bt বেক্টেৰিয়াৰ শৰীৰত cry নামৰ এডাল বিশেষ জিন থাকে আৰু সেই জিন ডালে Cry শীৰ্ষক এক বিশেষ প্ৰটিন উৎপাদন কৰে৷পতংগই যদি কিবাকৈ এই প্ৰটিন ভক্ষণ কৰে তেনেহ’লে পতংগৰ পেটৰ(gut) আভ্যন্তৰৰ অত্যাধিক খাৰুৱা(alkaline )পৰিবেশত ই এক শক্তিশালী বিহত পৰিণত হ’য় আৰু পতংগৰ পেটত অসংখ্য ফুটাৰ সৃষ্টি কৰে ফলত অন্তিম পৰিণতি স্বৰূপে Cry প্ৰটিন ভক্ষণ কৰা পতংগবিধ মৃত্যু মুখত পৰে৷
                Cry protein সম্পৰ্কে জ্ঞাত হোৱাৰ পিছত জৈৱ প্ৰযুক্তিবিদসকলে প্ৰথমতো পৰ্য্যায়ত Bt বেক্টেৰিয়াৰ শৰীৰৰ পৰা cry gene ক পৃথক কৰি E.coli নামে আন এবিধ বেক্টেৰিয়াৰ শৰীৰত তাৰ অসংখ্য identical copy প্ৰস্তুত কৰে আৰু দ্বিতীয়তো পৰ্য্যায়ত কৃত্ৰিম ভাবে প্ৰস্তুত কৰা cry gene ক ভেক্টৰৰ সহায়ত এজোপা সাধাৰণ বেঙেনা গছলৈ স্থানান্তৰিত কৰে৷এতিয়া এই transgenic বেক্টেৰিয়া জোপাই হৈছে Bt বেঙেনা(Transgenic plant আৰু ভেক্টৰৰ সম্পৰ্কে আমি ইতিমধ্যেই জোক মোৰ প্ৰেমিকাৰ নাম গল্পতোত আলোচনা কৰিছো)৷এতিয়া নৱনিৰ্মিত Bt বেঙেনাৰ কোহে-কোহে সোমাই আছে Cry protein৷ফলত বেঙেনাক আক্ৰমণ কৰাৰ লগেলগেই অঘাইতং পোকমখা ৰৌ-ৰৌ নৰকত পৰিব৷কি ক’লে Bt বেঙেনা খালে আপুনিও মৰিব৷নাই নাই Bt বেঙেনা পইতাঁচোৰা মৰা দৰব নহয় হে খালে যে আপুনিও মৰিব৷অৱশ্যে পইতাঁচোৰা মৰা দৰব খালেওঁ আপোনাৰ দৰে খাদ্যৰসিক এজন নিশ্চয় নমৰে,পিছে তৃপ্তিও নাপায়৷সেয়ে try কৰি চোৱাৰো কোনো দৰকাৰ নাই৷প্ৰকৃততে Cry protein এ খাৰুৱা পৰিবেশতহে বিষক্ৰিয়া ঘটাবলৈ সক্ষম কিন্তু মানুহৰ পাকস্থলীৰ পৰিবেশ আম্লিক(acidic)৷সেয়ে আপুনি নিৰাপদ৷কেৱল বেঙেনাই নহয় আলু,বিলাহী,গোমধান,কপাহ,চয়াবিন আৰু ধানৰ ক্ষেত্ৰতো এই প্ৰযুক্তিৰ সফল প্ৰয়োগ হৈছে৷
                  বজাৰৰ মোনাখন থওঁক হে৷Bt বেঙেনা বিচাৰি পিছেপৰেও যাব৷এনেও বাহিৰত লকডাউন চলি আছে৷বেঙেনা নহয় কিন্তু বিনামূলীয়া টীকাকৰণ অৱশ্যেই লভিব পাৰে৷ Let me complete the twist of the story. ভাৰত চৰকাৰে ২০০৯ চনত খাদ্যশস্যৰ ক্ষেত্ৰত এই প্ৰযুক্তি ব্যৱহাৰৰ অনুমতি বাতিল কৰে(সেই সম্পৰ্কে আন এদিন আলোচনা কৰিম৷)৷সেয়ে ভাৰতৰ বজাৰত কেৱল Bt cotton হে পোৱা যায়৷সেয়ে Bt বেঙেনাৰ সোৱাদ ল’বলৈ আপুনি আমেৰিকা অথবা চীনলৈ যাব লাগিব৷কিন্তু এতিয়া আমেৰিকা বা চীনলৈ গ’লে Bt বেঙেনাৰ সলনি Corona বাইদেউক পোৱাৰ সম্ভাৱনা হে বেছি৷সেয়ে ঘৰতে বহি-বহি লোভনীয় Bt বেঙেনাৰ সপোন দেখাৰ বাহিৰে আপোনাৰ বা মোৰ হাতত আন কোনো গত্যন্তৰ নাই৷
                       So stay at home,stay safe.
                        #Standwithlockdown
                        সপোনত তেলত ভজা Bt বেঙেনাই অগাদেৱা কৰিলে অমুকা কিন্তু দায়ী নহয়৷শুভৰাত্ৰি৷

A plant of Bt Brinjal
Molecular structure of Cry protein

2 thoughts on “অথঃ Bt বেঙেনা সংবাদ-Based on real incidents.

Leave a reply to arunav khound Cancel reply