আপুনি উপহাৰ ভাল পায়নে?ময়ো যে কি প্ৰশ্ন কৰিছো?উপহাৰ বাৰু কোনে বেয়া পায়৷প্ৰতিজন স্বাভাৱিক ব্যক্তিৰেই উপহাৰৰ প্ৰতি এক সহজাত দুৰ্বলতা থাকে৷যি উপহাৰ ভাল নাপায় তেওঁ হয়তো ভগৱান অথবা চয়তান!আৰু আপোনাৰ প্ৰেমাস্পদেই যদি উপহাৰ আগবঢ়াই তেন্তেতো সেই উপহাৰৰ আমেজেই সুকীয়া৷হয়তো সেয়া পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ৷আপুনি আপোনাৰ প্ৰেয়সীক কি উপহাৰ দিয়ে-ৰঙা গোলাপ নে এটা স্বৰচিত ৰোমান্টিক কবিতা?আপোনাৰ কথা নাজানো কিন্তু প্ৰতিগৰাকী প্ৰেয়সীৰ বাবে হেনো ফুলেই সৰ্বশ্ৰেষ্ঠ উপহাৰ৷সেয়ে আজিৰ এই ভোগবাদী পৃথিৱীতো ভেলেণ্টাইন দেৰ দিনা আপোনাৰ যৌৱনৰ সেই ৰঙা গোলাপ পাহিয়েই উপহাৰৰ বজাৰৰ ২৮% স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷আপুনি হয়তো নষ্টালজিক হৈ পৰিছে৷আপোনাৰ হয়তো মনত পৰিছে কলেজীয়া দিনৰ সেই বৰ্ষাসিক্ত নিশাতোলৈ যিদিনা প্ৰথমবাৰৰ বাবে আপোনাৰ হৃদয়ৰ বাগিছাত ফুলি উঠিছিল প্ৰেমৰ ৰক্তজৱা৷হয়তো আজি বহুবছৰৰ মুৰত পুনৰ সাৰ পাই উঠিছে আপোনাৰ মাজৰ সুপ্ত প্ৰেমিক সত্বা!আপুনি দৌৰিছে,দৌৰিছে আৰু দৌৰিছে৷আপোনাৰ হাতত এপাহি সুন্দৰ কিন্তু অচিনাকি ফুল৷ফুলপাহিৰ সৌৰভে আপোনাৰ কাষলৈ টানি আনিছে আপোনাৰ প্ৰেয়সীক আৰু আপুনিওঁ সম্পূৰ্ণ ফিল্মী কায়দাৰে দুহাত মেলি প্ৰেমিকাৰ সন্মুখত আঠু লৈ সমৰ্পিত কৰিছে এপাহি সুন্দৰ অথচ অচিনাকি ফুল…………..Now let’s return from the imaginary climax.জীৱনত কেতিয়াওঁ এনে ভূল নকৰিব৷আপুনি আপোনাৰ প্ৰেয়সীক কেতিয়াওঁ কোনো অচিনাকি ফুল উপহাৰ নিদিব৷কাৰণ সকলো ফুল প্ৰেমৰ প্ৰতীক নহয়৷এই বৈচিত্ৰ্যময় ধৰা এনে বহুতো সুন্দৰ আৰু সৌৰভময় ফুলেৰে উপচি আছে যি প্ৰেমৰ নহয় বৰঞ্চ মৃত্যুৰ প্ৰতীক আৰু মোৰ আজিৰ এই ৰোমাণ্টিক গল্পতোত আমি তেনেধৰণৰ পাঁচবিধ সুন্দৰ অথচ বিষাক্ত ফুলৰ প্ৰজাতিৰ বিষয়ে আলোচনা কৰিম৷তেনেহ’লে আপোনাৰ অনুমতি ক্ৰমে আৰম্ভ কৰো আজিৰ গল্প”মৃত্যুওঁ যদি ফুলৰেই হয়- A Love Story based on True Facts.
১/পয়জন হেমলক(Conium maculatum)- Apiaceae পৰিয়ালৰ অৰ্ন্তভুক্ত এই বিধ ফুল সচাৰচৰ ইউৰোপ,উত্তৰ আমেৰিকা আৰু আফ্ৰিকা মহাদেশত পোৱা যায়৷শুভ্ৰ বগা আৰু ক্ষুদ্ৰ এই সুন্দৰ ফুলগছজোপাৰ প্ৰতিতো অংশ(ফুল,বীজ,কাণ্ড আৰু শিপা)ত নিহিত হৈ আছে একাধিক বিষাক্ত এলকালয়ডছ(alkaloids)৷গছজোপাৰ যিকোনো অংশ ভক্ষণ কৰাৰ কিছুসময় পিছতেই আপোনাৰ শ্বাসক্ৰিয়া অচল হৈ পৰাৰ সম্ভাৱনা প্ৰায় ১০০% আৰু ইয়াৰ অন্তিম পৰিণতি এক কষ্টদায়ক আৰু কৰুণ মৃত্যু৷
২/ডেডলি নাইটছেড(Atropa Belladonna)-প্ৰৱাদ আছে যে ৰোমান সম্ৰাজ্ঞী লিভিয়া ড্ৰোছিলাই এই ফুলবিধৰ ৰস খাদ্যৰ লগত মিহলাই দি তেওঁৰ পতিক হত্যা কৰিছিল৷ Solanaceae পৰিয়ালৰ অৰ্ন্তগত এই সুন্দৰ ফুলবিধৰ বীজ আৰু ফুলত নিহিত হৈ আছে ট্ৰপেন শ্ৰেণীৰ এলকালয়ডছ(Tropane Alkaloids)৷ট্ৰপেনৰ বিষক্ৰিয়াই প্ৰাৰম্ভিক অৱস্থাত মস্তিষ্কৰ চিন্তা ভাৱনা কৰাৰ ক্ষমতা হ্ৰাস কৰে(Delirium) আৰু মনত বিভ্ৰম(Hallucination)ৰ জন্ম দিয়ে আৰু শেষত ট্ৰপেন গ্ৰহণকাৰীজন এজন মানসিক ৰোগীত পৰিণত হৈ মৃত্যুৰ শীতল কোলাত ধলি পৰে৷এই ফুলবিধ মূখ্যত ইউৰোপ আৰু পশ্চিম এছিয়াত পোৱা যায়৷
৩/এঞ্জেলছ ট্ৰাম্পেট(Brugmansia spp.)- Solanaceae পৰিয়ালৰ অৰ্ন্তগত এবিধ জোপোহা জাতীয় ফুল৷আকৰ্ষণীয় তথা ৰংবিৰঙ ফুলবোৰৰ সাইলাখ এটা ট্ৰাম্পেটৰ দৰে৷দেখাত অতি মনোমহা এই ফুলজোপাৰ শৰীৰৰ প্ৰতিতো অংশতেই এট্ৰপিন(Atropine),স্কপ’লএমাই(Scopolamine),হায়স্কিএমাইন(Hyoscyamine) ৰ দৰে বিষাক্ত এলকালয়ডছ নিহিত হৈ থাকে৷এঞ্জেল ট্ৰাম্পেটৰ বিষক্ৰিয়াৰ লক্ষণ সমূহ হ’ল বিভ্ৰম,স্মৃতিশক্তিৰ বিলোপ(Memory lost),পক্ষাঘাত(Paralysis) আৰু মৃত্যু৷এই ফুলবিধ ইউৰোপৰ বাহিৰে প্ৰায় পৃথিৱীৰ প্ৰতিখন মহাদেশতেই প্ৰাকৃতিক ভাবে পোৱা যায়৷
৪/আটাম ক্ৰকাছ(Colchicum autumnale)- বেঙুনীয়া বৰণৰ Colchicaceae পৰিয়ালৰ অৰ্ন্তগত এইবিধ ফুল মূখ্যত ইউৰোপ মহাদেশত শৰৎকালত ফুলে৷আটাম ক্ৰকাছৰ ফুল আৰু বীজত নিহিত হৈ থাকে কেইবাবিধো বিষাক্ত এলকালয়ডছ যাৰ বিষক্ৰিয়াৰ ফলত ৰোগীৰ বমি,ডায়েৰিয়াৰ দৰে প্ৰাৰম্ভিক লক্ষণে দেখা দিয়া আৰু সময়মতে উচিত চিকিৎসা নাপালে যকৃত আৰু বৃক্কৰ দৰে গুৰুত্বপূৰ্ণ অংগ বিকল(Liver and Kidney Fail) হৈ পৰাৰ ফলত ভুক্তভোগী মৃত্যুমুখত পৰে৷
৫/ লিলি অফ দ্যা ভেলি(Convallaria majalis)-Asparagaceae পৰিয়ালৰ অৰ্ন্তগত বসন্ত কালৰ বাতৰি অনা এইবিধ ফুল মূখ্যত এছিয়া আৰু ইউৰোপ মহাদেশত পোৱা যায়৷শুভ্ৰ আৰু ঘন্টা আকৃতিৰ এই সুন্দৰ ফুলজোপাৰ বীজ আৰু ফুলত নিহিত হৈ থাকে কাৰ্ডিয়েক গ্লাইকোচাইড(Cardiac glycoside) শ্ৰেণীৰ একাধিক ষ্টেৰই’ডছ(Steroids)৷লিলি অফ দ্যা ভেলিৰ বিষক্ৰিয়াৰ লক্ষণ সমূহ হ’ল প্ৰচণ্ড পেটৰ বিষ,বমি,চালৰ ৰঙা দাগ,ধুৱলী-কুৱলী দৃষ্টি(Blurred vision) আৰু হৃদপিণ্ডৰ ধপধপনি ক্ৰমে কমি আহি স্তব্দ্ধ হৈ পৰা(Decreased heart rate finally lead to stop the pumping) অৰ্থাৎ মৃত্যু৷
প্ৰতিতো সুন্দৰ বস্তুৱেই শুভ নহয়৷কেতিয়াবা সুন্দৰতাৰ মুখাৰ আৰত মৃত্যুৰ বীভৎস ছবিওঁ লুকাই থাকে৷আমি আলোচনা কৰা এই পাঁচবিধ ফুল তাৰ এক সামান্য উদাহৰণে মাত্ৰ৷প্ৰকৃতিৰ বুকুত এনে অসংখ্য সুন্দৰ অথচ বিষাক্ত ফুলৰ প্ৰজাতি আছে তাৰে বহুতো হয়তো আজিলৈকে অনাবিস্কৃত৷সেয়ে এতিয়াৰে পৰা অচিনাকি ফুলৰ প্ৰেমত নপৰিব আৰু আপোনজনক উপহাৰো নিদিব৷বোলো অসমীয়াত এষাৰ কথা আছে নহয় “অচিন কাঠৰ ঠোৰাও নলগাবা৷”আজিৰ ৰোমান্টিক অথচ ভয়লগা গল্পতো ইমানতেই সামৰিলো৷এতিয়া আপুনিওঁ আপোনাৰ favorite romantic climax লৈ উভতি যাওঁক আৰু মই জোনাকী পৰুৱাৰ জোনাকৰ বৰষুণজাকত তিতি এটা প্ৰেমৰ কবিতা লিখিম-মোৰ দেচ’দিমনাৰ বাবে৷শুভৰাত্ৰি৷





Very interesting
LikeLike
Thanks
LikeLike
Dhuniya likhisa
LikeLike
Thanks
LikeLike