ভগ্ন হৃদয় আৰু কিছু প্ৰশ্ন-যোৱাকালি সন্ধ্যা ভাৱলেশবিহীন ভাবে জুকাৰবাৰ্গৰ গোলাপৰ উদ্যানত পৰিভ্ৰমণ কৰি থাকোতে এখন হৃদয়বিদাৰক ছবি দেখা পালো৷ধেমাজি জিলাৰ কৃষকসকলে ল’কডাউনৰ ফলশ্ৰুতিত ডিব্ৰুগড়ৰ বজাৰত উপনীত হ’বলৈ সক্ষম নোহোৱাৰ বাবে কুইন্টলে-কুইন্টলে বিলাহী ব্ৰহ্মপুত্ৰৰ পানীত পেলাই দিছে৷আন এখন ছবিত দেখিলো অসমৰ কোনো ঠাইৰ কৃষকে নষ্ট হৈ যোৱা বিলাহী গৰু-ছাগলীক খুৱাইছে৷শুনা পোৱা খবৰ মতে লখিমপুৰৰ ম’হৰ খুটিৰ গাখীৰো সংৰক্ষণৰ অভাৱত গুৱালে ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই দিছে৷পলকতে মন সমুদ্ৰত Marketing Chain,E-NAM,Mega Food Park Scheme আদিৰ দৰে বহু নামৰ জোৱাৰ উঠিল আৰু সমগ্ৰ ব্যৱস্থাতোৰ কাৰ্য্যক্ষমতা সম্পৰ্কত মনত বিভিন্ন প্ৰশ্ন আৰু চিন্তাধাৰাৰ উদয় হ’ল৷

বাস্তৱ ছবি- হয়তো লকডাউনৰ বাবে এই ছবিকেইখন অধিক চৰ্চালৈ আহিছে৷কিন্তু সংৰক্ষণৰ অভাৱত শস্য নষ্ট হোৱা(Post Harvest Loss) আমাৰ দেশত কোনো নতুন কথা নহয়৷চৰকাৰী তথ্য অনুসৰি ভাৰতত প্ৰতিবছৰেই ২ লাখ কোটি টকা মূল্যৰ ফলমূল আৰু শাকপাচলি উপযুক্ত সংৰক্ষণ আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱত নষ্ট হ’য়(Post Harvest Loss) আৰু ৯২,৬৫১ কোটি টকা মূল্যৰ অন্যান্য শস্য(মূখ্যত cereals যেনে ধান ঘেহু আদি নষ্ট হয়)৷এই তথ্য ২০১৮ চনৰ হয়তো আজিৰ তাৰিখত তথ্যৰ কিছু সালসলনি হ’ব পাৰে৷শেহতীয়া তথ্য অনুসৰি ভোকাতুৰৰ সূচাংক(Hunger Index) ত ভাৰতৰ স্থান ১৬৯ আৰু ভাৰতৰ প্ৰতি তিনিজন ব্যক্তিৰ এজন নিশা উদং পেটেৰেই শোৱাপাটীলৈ যায়৷বুভুক্ষা আৰু পুষ্টিহীনতা(Malnutrition) আধুনিক ভাৰতৰ এক অভিশাপ আৰু এনে এখন বুভুক্ষুৰ দেশত প্ৰতিবছৰেই কোটি-কোটি টকাৰ খাদ্য সামগ্ৰী নষ্ট হোৱাতো এক প্ৰকৃত বিড়ম্বনা

কাৰণ বিশ্লেষণ-আমি যদি Post Harvest Lost ৰ কাৰণ সমূহ বিশ্লেষণ কৰি চাওঁ তেনেহ’লে ইয়াৰ মূখ্য কাৰণ হ’ল পৰ্য্যাপ্ত সংৰক্ষণ ব্যৱস্থাৰ অভাব,পিছপৰা যাতায়ত আৰু পৰিবহণ ব্যৱস্থা,ব্যয়বহুল ব্যৱস্থা আৰু সচেতনতাৰ অভাৱ৷
শস্যৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতত FCI য়ে মূখ্য ভূমিকা পালন কৰে৷কিন্তু উল্লেখনীয় যে ২০১৬-১৭ বৰ্ষত উপযুক্ত সংৰক্ষণৰ অভাৱত FCI ৰ গুদামতেই ৮,৬০০ টন শস্য নষ্ট হৈছিল আৰু ২০১৮ চনৰ মে মাহত FCI য়ে পৰ্য্যাপ্ত সংৰক্ষণ নীতিৰ অভাৱত খাদ্য-শস্য বিক্ৰী কৰি দিবলৈ বাধ্য হৈছিল(after maintaining the buffer stock)৷এনেবোৰ ঘটনাই ইয়াকে সূচায় যে দেশত শস্যৰ উৎপাদন পৰ্য্যাপ্ত৷ কিন্তু উপযুক্ত সংৰক্ষণ নীতিৰ ক্ষেত্ৰত আমি আজিও পিছ পৰি আছো৷
শস্যৰ উৎপাদন গ্ৰাম্য অঞ্চলত হয় তাৰপৰা চহৰত অৱস্থিত বজাৰ অথবা সংৰক্ষণ কেন্দ্ৰ সমূহলৈ শস্য কঢ়িয়াই নিবলৈ কৃষিজীৱী ৰাইজক উন্নত যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন৷বাজপেয়ী চৰকাৰৰ দিনত গাওঁৰ বহু ৰাস্তা পকী হ’ল কিন্তু পৰিবহণৰ ক্ষেত্ৰত আমি এতিয়াও বহু পিছ পৰি আছো৷
সংৰক্ষণৰ ক্ষেত্ৰত কিছু চৰকাৰী সাহাৰ্য্য পালেওঁ সাধাৰণতে পৰিবহণ ব্যৱস্থা ব্যৱস্থাৰ অত্যন্ত ব্যয়বহুল৷সেয়ে উৎপাদিত শস্য লৈ চহৰত উপনীত হ’বলৈ আজিও এজন ক্ষুদ্ৰ কৃষকে যঠেষ্ট সংঘৰ্ষ কৰিব লগীয়া হয়৷
সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে আজিও বহু কৃষক অজ্ঞ,খাদ্য সংসাধন(Food processing) আৰু মূল্য সংযোগ(Value addition)যেনে ফলমূলৰ পৰা জাম-জেলী,শাক-পাচলীৰ পৰা আচাৰ আৰু গাখীৰৰ পৰা ঘিউ-মাখন প্ৰস্তুতকৰণ সম্পৰ্কে কৃষকসকল আজি জ্ঞাত যদিও অধিকাংশই এইক্ষেত্ৰত উৎসাহী নহয়৷কাৰণ তেওঁলোকৰ দৃষ্টিভংগী(Attitude)ৰ পৰিবৰ্তন হোৱা নাই৷শস্য বা গাখীৰৰ সংসাধন আৰু মূল্য সংযোগৰ শতকৰা হাৰ ভাৰতত ১০% তকৈও কম আৰু ই সম্প্ৰাসৰণ বিভাগ(Extension Wing)ৰ দূৰ্বলতাকে সূচায়৷
পাৰ্শ্বপ্ৰতিক্ৰিয়া- এই সকলোবোৰৰ পৰিণতিতেই ক্ষুদ্ৰ কৃষকে ২ টকা কিলোত মধ্যভোগী(Middlemen in marketing chain)ক বিলাহী বিক্ৰী কৰে আৰু আমি ৪০ টকা কিলোত সেই বিলাহীকেই পাইকাৰী বজাৰৰ পৰা কিনি খাওঁ৷ In one sentence the entire Marketing Chain is corrupted by the Opportunist Middlemen.সেয়ে হয়তো ভাৰতত গড় হিছাপত প্ৰতিদিনেই ৩৫ জন অন্নদাতা কৃষকে আত্মহত্যা কৰে(২০১৮ বৰ্ষৰ National Crime Record Bureau ৰ তথ্য৷২০১৮ ৰ কৃষকৰ লালমাৰ্চৰ পিছৰে পৰা ১৯ বৰ্ষত নতুন তথ্য প্ৰকাশ কৰিবলৈ চৰকাৰৰ সৎসাহস ন’হল) আৰু অসমৰ কোনো উদ্যমী ডেকাই বোপাককাৰ দিনৰ মাটিডৰা চন পেলায় দক্ষিণাত্যত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ যায়৷(i.e. Forced Occupation Shifting)

E-NAM আৰু Mega Food Park ৰ নগ্ন সত্য- E-NAM হ’ল Flipkart বা Amazon ৰ দৰে খাদ্যশস্য বিক্ৰী কৰা এখন Online বজাৰ৷কিন্তু যি সময়ত ৩১ নিযুত দেশবাসী(যাৰ অধিকাংশই ক্ষুদ্ৰ কৃষক) য়ে বিজুলী বাটিৰ পোহৰেই দেখা পোৱা নাই সেই সময়ত E-NAM ৰ দ্বাৰা কৃষকৰ আয় বৃদ্ধিৰ চিন্তা কৰা এক Utopian স্বপ্ন মাত্ৰ৷
২০০৮ বৰ্ষত চৰকাৰে Mega Food Park Scheme আৰম্ভ কৰে৷সংসাধন আৰু মূল্য সংযোগৰ ক্ষেত্ৰত ই নিশ্চয় এক সুন্দৰ পদক্ষেপ৷কিন্তু পৰিতাপৰ বিষয় এয়া কেৱল বৃহৎ পুঁজিপতি গোষ্ঠীৰ বাবেহে ক্ষুদ্ৰ কৃষকসকলৰ বাবে নহয়৷


সমাধানসূত্ৰ- প্ৰতিতো প্ৰশ্নৰে এটা উত্তৰ থাকে৷প্ৰতিতো সমস্যাৰে এটা সমাধান থাকে৷আমি ওপৰত উল্লেখ কৰা সমস্যাবোৰৰো নিশ্চয় সমাধান আছে৷হস্ৰম্যাদী(in short run) ব্যৱস্থা ৰূপে আমি প্ৰত্যেকজন কৃষককে ঘৰতেই খাদ্যশস্যৰ সংসাধন আৰু মূল্য সংযোজন কৰি জাম-জেলী,আচাৰ,ঘিউ,মাখন,পনীৰ আদি বনাবলৈ উৎসাহিত কৰিব পাৰো৷(i.e. Food Processing and Value Addition at Microlevel.)আয় সামান্য পৰিমাণে বৃদ্ধি কৰিবলৈ আমি তেওঁলোকক কাঠফুলা আৰু বাণিজ্যক ভাবে লাভৱান ফুলৰ খেতি কৰিবলৈও উৎসাহিত কৰিব পাৰো৷দীৰ্ঘম্যাদী ব্যৱস্থাৰূপে(in long run) কৃষকসকলে AMUL ক আদৰ্শৰূপে লৈ সমবায় সমিতি গঠন কৰিব পাৰে,নিবনুৱা যুৱক-যুৱতীয়ে Start Up খুলিব পাৰে৷তেতিয়া তেওঁলোক প্ৰযুক্তিগত দিশৰ পৰা লাভৱান হ’ব,উৎপাদন বৃদ্ধি পাব ফলত দামদৰ কৰাৰ ক্ষমতা(Bargaining Power)ও বৃদ্ধি পাব৷চৰকাৰেও সংৰক্ষণ নীতি আৰু সংৰক্ষণ ক্ষমতাৰ বিকাশ সাধান কৰিব লাগিব আৰু গ্ৰাম্যঞ্চলৰ যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ সঁচা অৰ্থত উন্নয়ন কৰিব লাগিব অন্যথা কৃষকৰ আয় দ্বিগুণকৰণ-২০২২(Doubling the Farmers Income-22) মাত্ৰ এক চৰকাৰী বিজ্ঞাপন হৈ ৰ’ব৷
আশাৰ কিৰণ- নিশ্চয় এয়া কৃষি সম্প্ৰাসাৰণ বিভাগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হ’ব৷কিন্তু Empathy(Analysing the scenario from others view point and here from farmers view point),আত্মবিশ্বাস আৰু কৰ্মোদ্যমক সাৰথি কৰি যুঁজিলে এই ৰণত নিশ্চয় আমিয়েই শেষ হাঁহি মাৰিম৷ইতিহাসে ৰিঙিয়াই আমাৰ সম্প্ৰসাৰণ বিভাগে পূৰ্বেও এনে বহু প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰিছে৷সেয়ে এইবাৰো আমি আশাবাদী৷কৃষকসকল আমাৰ দেশৰ সম্পদ,আমাৰ অন্নদাতা৷সেয়ে কৃষকসকলৰ উন্নয়নৰ অবিহনে দেশৰ উন্নয়ন সম্ভৱপৰ নহয়৷কাৰণ পণ্ডিত জৱাহৰলাল নেহৰুৱে কোৱাৰ দৰেই,”Everything else can wait but not Agriculture.”

এই মহামাৰী সময়ত অন্য ৰাজ্য সমূহে কৃষি ক্ষেত্ৰত যেনে দৰে আগতিয়া ব্যৱস্থা লৈছিল। আমাৰ ৰাজ্যৰ মন্ত্ৰী আমোলাৰ খবৰেই নাছিল।
LikeLiked by 1 person