আজিও সেই দিনটোৰ কথা ভাবিলে অনুশোচনাত দগ্ধ হওঁ৷অভিজ্ঞতাৰে পুষ্ট জ্যেষ্ঠজনৰ মৰমসনা শাসনক অবজ্ঞা কৰাৰ ফল সেইদিনা মই হাতে-হাতে পাইছিলো৷গধূলিৰ পৰাই আকাশত বিজুলীয়ে চিকমিকাইছিল৷মাজে-মাজে মেঘৰ প্ৰচণ্ড গৰ্জন৷মায়ে কাকুতি কৰিছিল,” সোণ তই আজি ওলাই যাব নালাগে৷আকাশখনলৈ চা চোন কেনেকৈ গাজি-গুমৰি আহিছে৷কিন্তু ডেকা তেজৰ পিৰপৰণি হয়তো এনেকুৱাই৷কলেজীয়া শিক্ষা আধাতে সামৰা মই তেতিয়া কুৰিৰ ডেওনা পাৰ হোৱা উতনুৱা ল’ৰা৷মাৰ হাজাৰ কাকুতি আৰু দেউতাৰ ৰঙা চকুকো ভ্ৰুক্ষেপ নকৰি মোৰ নতুন স্পৰ্টছ বাইকখন লৈ তিনিআলিলৈ ওলালো৷চকত ৰামি খেলি থাকোতেই নিশা ন মান বাজিল৷ইতিমধ্যেই কিনকিনকৈ বৰষুণ পেলাবলৈ আৰম্ভ কৰিছিল৷আজি বহুত হৈ গ’ল৷ইতিমধ্যেই মেজিক মমেন্টৰ হাফ এটা ছিঙি লগতে এক পেকেট মান ছিগাৰেটৰো শ্ৰাদ্ধ পাতিলো৷ৰজনীৰ পেকেট এটা মুখত বাকি বাইকখন ষ্টাৰ্ট দিলো৷বৰষুণ বেছি হোৱাৰ আগেয়ে ঘৰ সোমাব লাগিব৷ফুল স্পীডত বাইকখন দবাই দিলো৷নিজান আৰু অন্ধকাৰ ৰাস্তাটোত হেডলাইটৰ সেই পোহৰকণেই একমাত্ৰ সাৰথি৷বতাহ লাগি মুৰটো বেছিকৈয়ে ৰিমঝিম কৰিছিল৷চাল্লা আজি অলপ অভাৰেই হৈ গ’ল৷ঘৰত আকৌ মাদাৰ এণ্ড ফাদাৰ ইণ্ডিয়াৰ বকবকনি হজম কৰিব লাগিব৷চাল্লা বেকাৰ জীৱন,ওলোটায়ো একো ক’ব নোৱাৰি৷ক’লেই খৰচ পাতি বন্ধ৷ঘৰ পাবলৈ আৰু চাৰিশ মিটাৰ মান বাকী৷এই বাঁহনিখন পাৰ হ’লেই আমাৰ ঘৰ৷বৰষুণৰ টোপালবোৰো ক্ৰমে ডাঙৰ হৈ আহিছে৷এক্সেলেটৰডাল ডবাই কেঁকুৰীটো ঘুৰিবলৈ লৈছিলোহে নতুনকৈ পেলাই থোৱা শিলগুটি বোৰত পিছলি খোপনি ৰাখিব নোৱাৰি লুটি-বাগৰ খাই সৰি পৰিলোপ্ৰচণ্ড যন্ত্ৰণাত মুখেৰে দুটামান গেঙনি ওলাল৷তাৰ পিছত আৰু মোৰ একো মনত নাই৷


কালি চকলৈ গৈছিলো৷আজিকালি মই নিসংগ৷সেই বাইক দুৰ্ঘটনাটোতে হয়তো মোৰ লগত সাংঘাতিক কিবা এটা হ’ল৷ঠিক তেতিয়াৰ পৰাই মোৰ অস্তিত্বক কোনেও অনুভৱ কৰিব নোৱাৰে৷অবশ্যে মই সকলো দেখি থাকো,সকলো শুনো৷মই দেখিছিলো কিদৰে মোৰ তেজলগা শৰীৰটো আমাৰ চোতালৰ তুলসী জোপাৰ তলত শুৱাই বগা কাপোৰখনৰে ঢাকি দিওতে মায়ে বুকুভঙা আৰ্তনাদেৰে কান্দিছিল৷কিদৰে দেউতাই মোৰ চিতাত মুখাগ্নি কৰিছিল৷কথাবোৰ কিবা দুৰ্বোধ্য যেন লাগে৷আজিকালি দিনৰ দিনটোচোন মই পথাৰৰ সেই মৰিশালিটোতে শুই থাকো৷আবেলি হ’লে চকলৈ ওলাই যাওঁ৷আগৰ দৰেই বাইকখন লৈ৷কিন্তু মোক কোনেও দেখা নাপায় আৰু মোৰ বাইকখনকো৷চকত লগৰবোৰক নাম ধৰি মাতো৷কিন্তু কোনেও জবাব নিদিয়ে৷আকৌ ঘৰলৈ ঘুৰি আহো৷কিন্তু ঘৰলৈ উভতি আহোতেই পুনৰ সেই বিশেষ ঠাইটুকুৰাতে ভাৰাসাম্য ৰাখিব নোৱাৰি সৰি পৰো৷পিছদিনা সন্ধিয়া পুনৰ সাৰ পাওঁ আৰু নিজকে আবিস্কাৰ কৰো পথাৰৰ মাজৰ সেই মৰিশালিটোত৷বন্ধু বিভূতিৰ কথাত হঠাৎ মোৰ চিন্তাত যতি পৰিল৷”ঐ আজিৰ পৰা বাঁহতলৰ ৰাস্তাটোৰে আৰু কোনেও অহা যোৱা নকৰিবি দেই৷কালি ৰাতি মই সেইফালেৰে ৰমেনহঁতৰ ঘৰৰ পৰা ভাত খাই আহি থাকোতে প্ৰথমে বাইক এখনৰ শব্দ শুনিলো৷বাইকৰ চাইলেঞ্চাৰৰ শব্দটো একদম আমাৰ সোণৰ বাইকখনৰ লগত মিলে৷অলপ পিছত শিলগুটিত পিছলি বাইকখন বাগৰি পৰাৰ শব্দ শুনিলো আৰু লগতে দুটামান অস্ফুট গেঙনি৷মই দৌৰি গ’লো,কিন্তু ভগবান কছম ৰে ঠাইখনত মানুহ,বাইক কোনোৱেই নাছিল৷ভূত বুইছ ভূত৷সোণ মৰি ভূত হ’ল৷”বিভূতিৰ ভয়াৰ্ত কন্ঠৰে নিগৰা কথাখিনিয়ে মোৰ সকলো সাঁথৰৰ অৱসান ঘটালে৷ঠিকেই সেইদিনা বাইক দূৰ্ঘটনাটোত মোৰ মৃত্যু হৈছিল৷জীৱনৰ বহু আধৰুৱা আশাই অপূৰ্ণ হৈ ৰ’ল৷মোৰ অপূৰ্ণ আশাবোৰৰ বাবেই চাগৈ মোৰ আত্মাই এতিয়াও উদ্ধাৰ পোৱা নাই৷মাজে-মাজে মা-দেউতাহঁতক চাবলৈয়ো বৰকৈ মন যায়৷পিছে নোৱাৰো৷সেই ঠাইখন পালেই সকলো ওলট-পালট হৈ যায়৷তাৰ পিছত পুনৰ যেতিয়া চকু মেলো মই মৰিশালিত৷সৰুতেই ক’ৰবাত পঢ়িছিলোঁ অতৃপ্ত আত্মাই প্ৰতিনিয়ত জীৱনৰ শেষ দৃশ্যাংশৰ পুনৰাবৃত্তি কৰে৷সেয়ে হয়তো মোৰ এই নতুন পৌণঃপৌণিক জীৱন৷

মাজে-মাজে একাকীত্বৰে ভৰা এই নিসংগ জীৱনটোৱে বৰ আমনি কৰে৷ৰাতি হ’লেই সংগী বিচাৰি ঘুৰি ফুৰো৷মোৰ অস্তিত্বক কোনেও অনুভৱ কৰিব নোৱাৰে৷কিন্তু মই হ’লে সকলো দেখা পাওঁ,সকলো শুনা পাওঁ৷এতিয়াও মই খিৰিকীৰ ফাকেৰে আপোনাক দেখি আছো৷আপুনি বিছনাত বহি মোবাইলটোত মোৰ আত্মকথাই পঢ়ি আছে৷নোৱাৰিছো বুজিছে৷নিসংগ জীৱনৰ বোজা ববলৈ৷আপুনিতো মোৰ আত্মকথা পঢ়ি মোৰ মৰ্মবেদনা বুজিছেই৷কিয় আপুনিয়েই চোন মোক সংগ দিব পাৰে!পিছে আপুনি নিজেই৷এহ নালাগে দিয়ক আপোনাৰ কষ্ট হ’ব৷আপুনি মাজনিশা টোপনিৰ কোলাত ঢলি পৰোতে ময়েই আপোনাক লৈ যাম সিপাৰৰ মোৰ সেই পৌণপৌণিক পৃথিৱীখনলৈ৷হয়তো ডিঙিটো খামোচ মাৰি ধৰোতে আপুনি অলপ চটফটাব৷কিন্তু মাত্ৰ কেইটামান মূহূৰ্ত৷তাৰ পিছত আপুনিও মোৰ দৰেই প্ৰেতাত্মা হৈ যাব৷শেষৰাতি লগ পাম বন্ধু৷এতিয়া শুভৰাত্ৰি৷

Leave a comment