(নিম্নলিখিত গল্পটো এটা এশ শতাংশই সত্যঘটনা৷কেৱল মাত্ৰ ভুক্তভোগীৰ নাম আৰু স্থান গোপনীয়তাৰ খাতিৰত সলনি কৰি দিয়া হৈছে)
২০১৭ চনৰ ডিচেম্বৰ মাহৰ এটা কুৱলীসনা সন্ধিয়া৷সমগ্ৰ ষান্মাষিকটোৰ হেমাহিৰ ফলশ্ৰুতিত আজি গোটেই ৰাতি প্ৰেক্টিকেল লিখিব লাগিব৷দিস্তাই-দিস্তাই লিখি গৈছো৷মাজে-মাজে এখন দুখন পাত ইচ্ছাকৃতভাবেই এৰি থৈ যাওঁ৷কাউৰীঠেঙীয়া আখৰে চিকিৎসকৰ প্ৰেসক্ৰিপশ্যনৰ হে ৰূপ লবলৈ হে বাকী৷এনেতে ফোনটো বাজি উঠিল৷স্কুলীয়া দিনৰে বান্ধৱী এজনীৰ ফোন৷কথা পাতিবলৈ সময় নাই৷ফোনটো কাটি দিলো৷নাই মূহূৰ্ততে আকৌ কৰিলে৷এইবাৰ উপায়বিহীন হৈ ফোনটো উঠালো৷বিশেষ কথাৰ অৱতাৰণা নকৰি বান্ধৱীয়ে শুধিলে, “তোৰ পেৰা চায়কোলজীৰ কাম কেনেকুৱা চলিছে৷আজিকালিও সেইবোৰত লাগি আছ নে বাদ দিলি৷”হঠাৎ আশাতীত প্ৰশ্ন এটাৰ সন্মুখীন হৈ মই থতমত খালো৷গহীনাই ক’লো সেইবোৰ বাৰু মাজে-মাজে চলি থাকে৷কিন্তু এতিয়া সেইবোৰ পাতিবলৈ সময় নাই হে৷কাইলৈ প্ৰেক্টিকেল জমা দিয়াৰ শেষ দিন৷সোপাই লিখিব আছে৷” ”বাৰু তই ব্যস্ত আছ যদি বাদ দে৷মানে কেচ এটা আছিল৷ভূতীয়া কেচ৷তোৰ অলপ হেল্প লাগিছিল৷”এইবাৰ মই একদম লাইনত আহি গ’লো৷প্ৰেক্টিকেল মাৰৌ৷গুলী৷ভূত-প্ৰেত মোৰ প্ৰিয় বিষয়৷মনৰ ব্যগ্ৰতাখিনি লুকুৱাই ৰাখি গহীন কন্ঠেৰে ক’লো৷বাৰু ঘটনাটো কি?ফটাফট ক৷বান্ধবী গৰাকীয়ে বৰ্ণণা কৰা কাহিনীটো আছিল হুবহু এনেধৰণৰ “ষান্মাষিকৰ বন্ধত সিহঁত চাৰি-পাঁছজনীমান ছোৱালী আমাৰ চহৰৰ পৰা অলপ নিলগৰ এখন ৰিজোৰ্টলৈ গৈছিল৷সেই ৰিজোৰ্টখনৰ পিছফালেই স্বতাধিকাৰীৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ মৰিশালী আছে৷স্বতাধিকাৰীজনৰ পৰিয়ালক অৱশ্যে মই ব্যক্তিগতভাৱে জানো৷তেওঁৰ পৰিয়ালৰ কেউজন সদস্যৰে আকাল মৃত্যু হৈছিল৷সচাৰচৰ পৰ্য্যটক সকলক ৰিজোৰ্টৰ পিছফালৰ মৰিশালীখনত গধূলি হ’লে ঘুৰাফুৰা কৰিবলৈ বাধা দিয়া হ’য়৷কিন্তু তেতিয়া আছিল ভৰদুপৰীয়া৷সিহঁতৰ দলটোৰ দুজনী অত্যুৎসাহী ছোৱালীয়ে ধেমালিতে ভূত বিছাৰি মৰিশালিখনৰ মাজত Insta Live কৰিছিল৷সেই দুজনীৰ এজনী ছোৱালী ঘৰলৈ উভতি অহাৰ পৰাই বহু অসুবিধাৰ সন্মুখীন হৈছে৷তাই আবেলি ঘৰত শুই থাকোতে টোপনিতে এনে লাগিল জটাধাৰী সোঁহাতখন গুৰিতে কটা বাওঁহাতত লাঠীৰ দৰে কিবা এটা লৈ থকা এক ছায়ামুৰ্ত্তিয়ে তাইৰ ডিঙিটো চেপা মাৰি ধৰিছে৷তাই টোপনিতে ভয় খাই ইমান জোৰেৰে চিঞৰিল যে কাষৰ ঘৰৰ মানুহ দৌৰি আহিল(মোৰ ব্যক্তিগত ধাৰণা এয়া সচাৰচৰ হোৱা শ্লিপিং পেৰেলাইছিছ নহয় কাৰণ তেনে অৱস্থাত ভুক্তভোগীয়ে ইচ্ছা কৰিলেও চিঞৰিব নোৱাৰে)৷ছোৱালীজনীয়ে ঘটনাটো সপোন বুলিয়েই পাহৰিবলৈ চেষ্টা কৰিছিল কিন্তু গধূলি যেতিয়া তাইৰ এজনী বান্ধৱীয়ে হোৱাটছএপত দিনত ৰিজোৰ্টত তোলা সিহঁতৰ ফটোবোৰ শ্বেয়াৰ কৰিলে তেতিয়াই অঘটন ঘটিল৷কাৰণ গ্ৰুপফটোবোৰত তাইৰ পিছফালে সেই সপোনত দেখা অবিকল ছায়ামুৰ্ত্তিটোৱেই ঠিয় হৈ আছিল৷তাই বান্ধৱীজনীক ফোন কৰি কোৱাত তাই সেয়া প্ৰথমে পোৰ্টেইট মুডৰ ইফেক্ট(সেইসময়ত পোৰ্টেইট মুড টেকন’লজী একেবাৰেই নতুন আছিল) বুলি হাঁহি উৰুৱাই দিছিল৷কিন্তু তাই নেৰানেপেৰাকৈ লাগি থকাত অৱশেষত বান্ধৱীয়ে কথাষাৰৰ সত্যতা মানি ল’বলৈ বাধ্য হ’ল৷সেইদিনা ৰাতি আৰু পিছদিনা দুপৰীয়া ছোৱালীজনী টোপনি যাওঁতে পুনৰ সেই ছায়ামুৰ্ত্তিৰ আৰ্বিভাৱ আৰু ডিঙি চেপামৰা অনুভূতিৰ পুনৰাবৃত্তি হ’ল৷তাই ইতিমধ্যে বহুত ভয় খাইছে৷ছোৱালীজনীৰ মাক ধুকোৱা ছমাহ মানহে হৈছে৷দেউতাকেও কথাষাৰ সিমান গুৰুত্ব দিয়া নাই৷সেয়ে উপায় নাপায় মই তোকে ক’লো৷তই কিবা এটা চাই দে৷”মই কিছুপৰ তভক মাৰি ক’লো,” মই এতিয়াই তেনেকৈ একো ক’ব নোৱাৰিম৷হয়তো তাই বেছিকৈ ভয় খোৱাৰ বাবে৷ভ্ৰমো হ’ব পাৰে আৰু মোৰ কাম ভূত-প্ৰেতৰ উপস্থিতি নিশ্চিত কৰা হে৷ভূত খেদা কামটো কিন্তু মই নাজানো৷হ’লেও চাও কি কৰিব পাৰো৷কাইলৈ দুটা বজাত মই আবেলি কলেজৰ পৰা ঘুৰি আহিম৷তই ছোৱালীজনীক মোৰ নাম্বাৰটো দি দিবি আৰু মোক বৰুৱা চাৰি আলিত লগ কৰিব ক’বি৷পিছদিনা মই বৰুৱা চাৰিআলিত ছোৱালীজনীক লগ কৰিলো৷ছোৱালীজনীক দেখিয়েই মোৰ মনটো চেবালে৷ডিচেম্বৰ মাহৰ এই ঠেটুৱৈ ধৰা ঠাণ্ডাত আমি লেডাৰ জেকেট,মাৰ্ফলাৰ,টুপি লগায়ো ৰক্ষা পোৱা নাই৷তাইৰ পিন্ধনত মাত্ৰ এটা ডাঠ ৰঙা শ্লীভলেছ পাৰ্টীৱেৰ স্কাৰ্ট৷ছোৱালীজনীৰ মুখখন পঢ়িয়েই গম পালো প্ৰচণ্ড চিন্তাত আছে৷চা-চিনাকী হৈ কথাৰ মাজতে শুধিলো তোমাৰ ঠাণ্ডা লগা নাই৷তাই ক’লে নাই সেইদিনাৰ ঘটনাটোৰ পৰা অনবৰতে প্ৰচণ্ড গৰম লাগি থাকে৷ৰাতি কম্বল-লেপো ল’ব নোৱাৰো৷ঘামি যাওঁ৷পেৰা চাইক’লজিৰ এটা মূল নীতি হ’ল অশৰীৰ উপস্থিতি থকা ঠাইত উষ্ণতাৰ প্ৰচণ্ড তাৰতম্য হয়৷এচি ৰূম এটাটো আপুনি ঘামি যাব পাৰে বা ভাদ মাহৰ টিকাফকা ৰ’দটো আপুনি ঠকঠককৈ কপিব পাৰে৷মই ছোৱালীজনীৰ মোবাইলটোত সেই বিশেষ ফটোকেইখন চালো৷হয় ছোৱালীজনীৰ পিছফালে এটা ছায়ামুৰ্ত্তি৷ছায়ামুৰ্ত্তিৰ কাপোৰসাজৰ অৱয়ব আহোমযুগৰ দীঘল গোমচেংৰ চোলাবোৰৰ দৰে৷জটাধাৰী ছায়ামুৰ্ত্তিৰ সোঁহাতখন গুৰিতে কটা আৰু বাওঁহাতত সম্ভৱত এডাল লাঠী৷ইয়াৰ পিছতো অন্তিম প্ৰমাণটো চাবৰ বাবে৷মই বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ তাৰাতম্য জুখি চাবলৈ ঠিৰাং কৰিলো৷তেতিয়া মই পেৰা চাইক’লজিৰ ক্ষেত্ৰখনত ভৰি দিছো আৰু আকস্মিকভাৱে সেইটোৱেই আছিল মোৰ হাতত আহি পৰা প্ৰথমটো কেছ৷সেয়ে তেতিয়া মোৰ হাতত EMF Meter অথবা ITC Box ৰ দৰে অত্যাধুনিক সঁজুলী নাছিল৷অৱশ্যে অমুকাও একাছেকা মানুহ তাকো একালৰ পদাৰ্থ বিজ্ঞানত লেটাৰ লৈ পাছ কৰা ছাত্ৰ৷যন্ত্ৰপাতি নাথাকিলে কি হ’ব প্ৰেক্টিকেলৰ বস্তু বিক্ৰী কৰা দোকানতে মেগনেটিক নীডল(সৰল ভাষাত দিশ চোৱা কম্পাছ) পাই যাম মুঠেই দহ-বিশ টকামানতে পাই যাম৷পেৰাচাইক’লজীৰ এটা ব্যৱহাৰিক সিদ্ধান্ত হ’ল যিহেতু ভূত,প্ৰেত বা আত্মা এক মুক্ত শক্তি(free energy),সেয়ে বিদ্যুৎপৰিবাহী তাৰৰ দৰে ইয়ো নিকটবৰ্ত্তী চুম্বকীয় ক্ষেত্ৰৰ সালসলনি কৰে৷অৰ্থাৎ সৰল ভাষাত আপুনি বিজুলী প্ৰবাহী তাৰ এডালৰ ওচৰলৈ স্থিৰ হৈ থকা কম্পাছ এডাল লৈ গ’লে সি দিশৰ তাৰাতম্য দেখাই৷ছোৱালীজনীক স্কুটীখনৰ পিছফালে উঠাই Old Circuit House ৰোডৰ চিনাকী প্ৰেক্টিকেলৰ সৰঞ্জাম বিক্ৰী কৰা দোকানখনলৈ গৈ কম্পাছ এডাল কিনিলো৷প্ৰায় আধাকিলোমিটাৰ মানৰ সেই পথটুকুৰা অতিক্ৰম কৰোটেই মোৰো প্ৰচণ্ড গৰম উঠিবলৈ আৰম্ভ কৰিল৷কপালত বিন্দু-বিন্দু ঘাম৷অনুভৱ হ’ল অশৰীৰে তাইৰ লগ এৰা নাই৷তাই কাষতে বহাৰ বাবে মোৰ ওপৰতো প্ৰভাৱ পৰিছে৷সেয়ে গৰম উঠিছে৷দোকান পায়েই জেকেটটো খুলি দিলো৷বিশ টকা দি কম্পাছ এডাল কিনি ছোৱালীজনীক ক’লো মোবাইলটো আতৰাই ৰাখা আৰু হাতত যদি লোহাৰ কিবা খাৰু,আঙুঠি পিন্ধি আছা খুলি লোৱা(কাৰণ এইবোৰেও চুম্বকীয় ক্ষেত্ৰত প্ৰভাৱ পেলায়)৷তাইৰ হাতত অৱশ্যে গহনা পাতি নাছিল৷স্কুটীৰ ডিকিত দুইটাৰে মোবাইল দুটা লক কৰি ভৰাই অলপ আতৰলৈ গৈ তাইক ক’লো হোৱা কম্পাছডাল ধৰা৷মই দেখিলো কাটাডাল সাংঘাতিক ধৰণে লৰিছে৷তাইৰ পৰা অলপ আতৰি আহি এইবাৰ মই কম্পাছডাল লৈ চালো৷নাই এইবাৰ স্থিৰ হৈ আছে৷তাইৰ কাষলৈ গ’লো৷তাইৰ কাষ চাপিলতে কম্পাছডাল লৰিব ধৰিলে৷এইবাৰ মই নিশ্চিত হ’লো৷ছোৱালীজনী কোনো মানসিক ভ্ৰমৰ চিকাৰ হোৱা নাই৷অন্তত মানুহৰ ভুল হ’লেও কম্পাছৰ নহয়৷অশৰীৰৰ অস্তিত্ব বাৰু নিশ্চিত হ’ল৷এইবাৰ অশৰীৰক খেদাৰ পাল৷ঠাকুৰবাৰীত চিনাকি পণ্ডিত এজন আছে৷এইবোৰ কামত ভাল৷ছোৱালীজনীক তালৈকে লৈ গ’লো৷পণ্ডিতজেক কথাখিনি ভাঙি-পাতি কোৱাত তেওঁ ছোৱালীজনীৰ গাত গংগা জল ছটিয়াই মৌৰাৰ পাখীৰে বিচিবলৈ ধৰিলে৷আধাঘণ্টামান কিবাকিবি মন্ত্ৰ পাঠ কৰি অৱশেষত তেওঁ হনুমানৰ মূৰ্তিয়ে লৈ থকা প্ৰকাণ্ড গদাটো ছোৱালীজনীৰ মুৰত থৈ কিবা বিৰবিৰালে৷তাৰ পাঁচ মিনিট মান পিছতে এটা বিচিত্ৰ ঘটনা ঘটিল৷ছোৱালীজনীয়ে ঠাণ্ডাত কপিবলৈ আৰম্ভ কৰিলে৷আমিও নিশ্চিত হ’লো অশৰীৰে বিদায় ল’লে৷তাৰপিছত ছোৱালীজনীৰ পৰা বিদায় লৈ মই ঘৰলৈ গুচি আহিলো৷ঘটনাটোৰ এসপ্তাহমানলৈকে ছোৱালীজনীয়ে মোৰ লগত নিয়মীয়াকৈ কথা হৈছিল ইয়াৰ পিছত মই জনাত তাইৰ আৰু কোনো অসুবিধা হোৱা নাছিল৷
উপসংহাৰ-প্ৰকৃততে দুপৰীয়া আৰু আবেলিৰ মাজৰ যি ১২ ৰ পৰা প্ৰায় দুই-আঢ়ৈ বজাৰ সময়৷পেৰাচাইক’লজীৰ ধাৰণা৷মতে সেয়া অশৰীৰ জিৰণিৰ সময়৷সেয়ে সেইসময়ত অশৰীৰৰ উপস্থিতিৰ সম্ভাৱনা থকা ঠাইলৈ যোৱা বা তেনে ঠাইত হুলস্থূল(ছোৱালী দুজনীয়ে মৰিশালিত ধেমালিতে insta live কৰি হাঁহি-খিকিন্দালি কৰিছিল) কৰা নিষেধ৷অৱশ্যে আনজনী ছোৱালীৰ সৈতে কিয় এনে ন’হল সেয়া মই বহুদিন ভাবি আছিলো৷কোনো সুদুত্তৰ নাপালো৷অৱশ্যে মোৰ ধাৰণা ভুক্তভোগী ছোৱালীজনীয়ে হয়তো চুলি মেলি আছিল বা উগ্ৰ পাৰ্ফিউমৰ ব্যৱহাৰ কৰিছিল যি সততে অশৰীৰক আকৰ্ষিত কৰে৷পিছত এই কাহিনীটোৰ ছায়ামুৰ্ত্তিৰ কথা কওঁতে সেই ঠাইৰ বহু স্থানীয় মানুহে কৈছিল সেই ঠাইতে আগেয়ে আহোম সেনা আৰু মান সেনাৰ মাজত ৰণ হৈ বহু তেজাল ডেকাই আকাল মৃত্যুক সাবটিছিল৷সেয়ে হয়তো ছায়ামুৰ্ত্তিৰ শৰীৰ কাপোৰসাজৰ অৱয়ব আহোম যুগৰ গোমচেংৰ চোলাৰ দৰেই আছিল৷পেৰাচাইক’লজীৰ কামবোৰ এতিয়াও মাজে-সময়ে কৰো৷হ’লেও আজিকালি বিশেষ প্ৰয়োজন ন’হলে আতৰি থাকো৷এইবোৰ শক্তিৰ সৈতে মুখামুখি হ’লে মনত ঋণাত্মক চিন্তাৰ পয়োভৰ(negativity) বাহে৷শেষত ইয়াকে কওঁ গল্পটো এশ শতাংশই সত্য৷মাত্ৰ ভুক্তভোগী ছোৱালীজনীৰ নাম উল্লেখ কৰা নাই৷বিশ্বাস কৰা-নকৰাৰ ভাৰ আপোনাৰ৷