সেইসময়ত মই দ্বিতীয়মানৰ ছাত্ৰ৷একেবাৰেই বাঘৰ আগতেল খোৱা৷প্ৰায় প্ৰতিদিনেই বিদ্যালয়ৰ শিক্ষকসকলে মা-দেউতাৰ আগত আপত্তি দৰ্শাই৷পঢ়া-শুনাটো দুৰৰে কথা ল’ৰাই গোটেই দিনটো শ্ৰেণীকোঠাৰ খিৰিকীৰে বাহিৰলৈ হে চাই থাকে৷ঘৰতো কেৱল মাত্ৰ বাহিৰা কিতাপ আৰু ক্ৰিকেট৷এদিন উৎপাতে সীমা চেৰাই গ’ল৷গণিতত ৩৫ ৰ ভিতৰত কাণে-কাণে মাৰি ১২ পায় পাছ কৰিলো৷মায়ে দুধকা মান দিলে৷দেউতাই গহীনাই কিবা এটা ভাবি গধূলি আমাৰ পুৰণা গাঁৱৰ ফালে ওলাই গ’ল আৰু পিছদিনাৰ পৰাই এক অঘাইতং দমৰাৰ এৰালেই বোলক বা তেজোৱাল ঘোঁৰাৰ লেকাম তাক চম্ভালিবলৈ সন্ধিয়া আকস্মিকভাৱে আমাৰ ঘৰত আবিৰ্ভাৱ হ’ল দেউতাৰ বাল্যবন্ধু পূজাৰী ছাৰৰ৷
        পূজাৰী ছাৰ মানে সেইসময়ৰ ডিচিবি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰয়াত জীতেন পূজাৰী ছাৰ৷পৰৱৰ্তীকালত ৰাষ্ট্ৰপতিৰ বটাঁপ্ৰাপ্ত অসমৰ এজন কৃতী শিক্ষক৷ছাৰে প্ৰথমদিনাই মোক হাঁহি-ধেমালীৰ মাজেৰেই এটা শাসনসূচক ধমকি সোধালে৷”বোলে বাপু পঢ়া-শুনা সিমানকৈ নোৱাৰিলেও নাই৷কিন্তু দেউতাৰে গোচৰ দিছে যেতিয়া দগাবাজিবোৰটো এৰিবই লাগিব”৷মোৰ দগাবাজৰ বুকুখন এক্কেবাৰে ধিপিংকৈ মাৰিল৷আমাৰ পুৰণা গাঁৱত অংকত বাঘ আৰু ভীষণ কাঢ়া শিক্ষকৰূপে পূজাৰী ছাৰৰ নাম আছে৷পূজাৰী ছাৰৰ এছাৰি ডাল দাদা-বাহঁতৰ অতিৰঞ্জিত কাহিনীৰ এক প্ৰধান অংশ৷মই সেপ ঢুকি সামান্যকৈ মুৰটো জোকাৰি থলো অথচ পেটে-পেটে দেউতাৰ ওপৰত ভীষণ খং উঠিল৷প্ৰথমাৱস্থাত আতংকময় ৰূপকথাৰ পাত্ৰ পূজাৰী ছাৰ লাহে-লাহে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুৱেই নহয় মোৰ শৈশৱৰ এজন বন্ধু আৰু পথপ্ৰদৰ্শকো হৈ পৰিল৷ছাৰে গণিতৰ উপৰিও মোক বাকীবোৰ বিষয়ো সমানেই চাই দিছিল৷ছাত্ৰৱস্থাত বহু ছাত্ৰ-ছাত্ৰীয়েই অনুসন্ধিৎসু মনৰ তাড়নাত পৰি কেতিয়াবা প্ৰাপ্তবয়স্ক লোকৰ বাবে অবান্তৰ যেন লগা কিছুমান প্ৰশ্নও সোধে৷মোৰ এনে প্ৰশ্ন সোধাৰ অভ্যাসটোৱে প্ৰায়েই আজিও বিশ্ববিদ্যালয়ৰ কোনো-কোনো অধ্যাপককো বিৰক্ত কৰে৷একাংশ শিক্ষক বিৰক্ত হৈ এনে প্ৰশ্নক এৰাই চলে অথবা ছাত্ৰজনক হুমকি মৰা পৰিলক্ষিত হ’য়৷শিক্ষকৰ এনে ব্যৱহাৰ প্ৰকৃততে শিকণ-শিক্ষণ প্ৰক্ৰিয়াৰ পৰিপন্থী৷কাৰণ অনুসন্ধিৎসাৰ বিকাশ জ্ঞান আহৰণৰ এক প্ৰধান চৰ্ত৷বাস্তৱত এজন আদৰ্শ শিক্ষক পূজাৰী ছাৰ আছিল প্ৰচণ্ড ধৈৰ্য্যশীল আৰু আন বহু শিক্ষকৰ ব্যতিক্ৰম৷আমি কোনোদিনা ছাৰক আমনি দিবলৈ ধেমালীতে সোধা অবান্তৰ প্ৰশ্ন এটাৰ জবাব দিয়াটো ছাৰে কেতিয়াও ক্ৰুটী কৰা নাছিল৷
       বিশ্ববিদ্যালয় বা মহাবিদ্যালয় পৰ্য্যায়টো বিভিন্নজনে লক্ষ্য কৰিছে যে একাংশ শিক্ষকে নিজেই অজানিতে কৰা ভুলক মানি লবলৈ টান পায় বা ভুলটো আঙুলিয়াই দিলেও ছাত্ৰছাত্ৰীক ” তই বেছি জান নেকি!” জাতীয় কথাৰে উপহাস হে কৰে৷এনে কিছু আত্মঅহংকাৰী ব্যক্তি প্ৰকৃততে শিক্ষকৰ দৰে দ্বায়িত্বপূৰ্ণ পদৰ অধিকাৰী হ’বলৈ মুঠেই যোগ্য নহয়৷আমাৰ যিমান দুৰ মনত আছে আগদিনা পূজাৰী ছাৰে অংক এটাত অনিচ্ছাকৃতভাবে কিবা ভুল কৰাৰ বাবে পিছদিনা অকপটে সেই কথা স্বীকাৰ কৰি অংকটো শুধৰাই লৈছিল আৰু ছাৰে প্ৰায় শুদ্ধ বুলি নিশ্চিত নোহোৱালৈকে আমাক কোনো প্ৰশ্নৰে উত্তৰ সমাধান কৰি দিয়াৰ পৰা বিৰত আছিল৷
          পূজাৰী ছাৰে আমাক বহুদিন কোবাইছিল৷কেতিয়াবা বেতেৰে কেতিয়াবা হাতেৰে বাঘঢকা বা৷কাণমলা কিন্তু আমাৰ যিমানদূৰ মনত আছে ছাৰে আমাক পঢ়া নোৱাৰা অথবা কম নম্বৰ পোৱাৰ বাবে৷কোনোদিনেই মৰাটো দুৰৰে কথা টানকৈও কথা এষাৰ শুনোৱা নাছিল৷কিন্তু নিয়মানুবৰ্তিতা,সময়ানুৱৰ্তিতাত গাফিলতি আৰু কামত হেমাহি কৰিলে ছাৰৰ অভিধানত ক্ষমা বুলি কোনো শব্দই নাছিল৷ছাৰৰ সেই অভিভাৱকসূচক শাসনৰ অবিহনে মোৰ দৰে আমাৰ অঞ্চলৰ বহু যুৱক-যুৱতীয়েই চাগৈ আওবাটেৰে  বাট ল’লেহেঁতেন৷
           ছাৰে পঢ়ুৱাৰ মাজতে আমাক পৰিবেশ আৰু প্ৰকৃতিৰ মহত্ব,প্ৰৰ্দূষণৰ অপকাৰিতা,ধৰ্ম আৰু জাত-পাতৰ দৰে সামাজিক বিকাৰসমূহ,ফাষ্টফুডৰ অপকাৰিতা,ঘৰুৱা পুষ্টিকৰ খাদ্যৰ গুণাগুণৰ দৰে কিছুমান আনুষাংগিক আৰু মূল্যবান কথাও অত্যন্ত সৰল ভাষাৰে কৈছিল৷আজিকালি একাংশ ঘৰুৱা শিক্ষকৰ দক্ষিণাপ্ৰীতি সৰ্বজনবিদিত৷আমাৰ যিমানদুৰ মনত আছে মোৰ পঞ্চম শ্ৰেণীত দেউতাৰ বিয়োগৰ পিছত ছাৰে কেইবামাহো তেওঁৰ পাৰিশ্ৰমিক ল’বলৈ অমান্তি হৈছিল শেষত মায়ে জোৰকৈ ধৰাত হয়তো পূৰ্বৰ নিৰিখৰ আধাকৈহে লৈছিল৷ছাৰে আমাৰ অঞ্চলৰ বহু আৰ্থিকভাৱে পিছপৰা ছাত্ৰছাত্ৰীক প্ৰায় বিনামূলীয়াকৈ পঢ়ুৱাইছিল৷পূজাৰী ছাৰে মোক দ্বিতীয়মানৰ পৰা ষষ্ঠমানলৈকে প্ৰায় পাঁচবছৰ পঢ়ুৱাইছিল৷চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত মই সফল হোৱা নাছিলো৷ছাৰে গালি পৰা নাছিল বৰঞ্চ উৎসাহ দিছিল৷সপ্তম শ্ৰেণীত যেতিয়া মই মাধ্যমিক বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিলো মোৰ কৃতকাৰ্য্যতাত ছাৰ উৎফুল্লিত আৰু গৌৰৱান্বিত হৈছিল৷
           আমি নৱম মানত থাকোতে ছাৰৰ বৰ জীয়ৰীৰ বিয়া আছিল৷মায়ে শুধিলে,”ছাৰ খোৱা-বোৱাৰ আয়োজন কি?”ছাৰে ক’লে “মাছ-মাংস সকলো গোটাইছো৷খালী বুফে ন’হব৷খোজনীয়াৰ দৰে বিয়াৰ খাদ্যসম্ভাৰ খাবলৈ অতিথি ঠিয় হৈ থাকিব সেয়া আমাৰ অসমীয়া মানুহৰসংস্কৃতি নহয়৷”সময়ৰ সৈতে সংস্কৃতিৰ পৰিবৰ্তন হয়৷কিন্তু বিশ্বায়নৰ সাংস্কৃতিক বা-মাৰলীত নিজস্বতাক ত্যাগ কৰা-কিমান দুৰ সমীচিন আৰু কিমান পৰ্য্যায়লৈকে? আজিও মাজে-সময়ে বিয়া ঘৰৰ লোভনীয় বুফেত মগনীয়াৰ দৰে প্লেটখন হাতত লৈ পূজাৰী ছাৰৰ কথাষাৰ ভাবো৷কেতিয়াবা হাঁহি উঠে আৰু কেতিয়াবা চিন্তিত হওঁ!

Leave a comment