“অহ! তুমি মানে আমাৰ মাজনীৰ বান্ধৱী৷ কি নাম কৈছিলা,অ’ সুৰভি৷ বুঢ়া মানুহ অ’ আইজনী৷ পাহৰি যোৱাৰ বেমাৰ বুজিছা৷ ছেণ্ডেল খুলিব নালাগে৷ যোৱা-যোৱা ভিতৰতে বহা৷ বেলি লহিয়াবৰ হ’ল৷ মই গোহালিত জাক দি আহো৷“ তাই চৰাঘৰত সোমাইছিল মাত্ৰ এক ভয়াৰ্ত আৰ্তনাদ কৰি থিতাতে মূৰ্চা গ’ল৷সম্ভৱত চৰাঘৰত সোমায়েই শুকুলা ফুলৰ মালাৰে সুশোভিত মোৰ তৈলচিত্ৰখন দেখিলে৷ মোৰ দহা-কাজ হৈ যোৱাৰ বছৰেকেই হ’ল৷ কিন্তু গৰুহালৰ মায়াই এতিয়াও মোক ইহলোকতেই বান্ধি ৰাখিছে

“ টোপনি গৈছিলা নেকি! তোমাৰ নিদ্ৰা আচ্ছন্ন কন্ঠ! আস কি যে মায়া৷ মই তোমাক ভাল পাওঁ পৰিণীতা৷“ পৰিণীতাই “ ময়ো তোমাক…” বুলি কৈও থমকি ৰ’ল৷হয়তো তাইৰ মনত পৰিল পথদুৰ্ঘটনাত মোৰ মৃত্যু হোৱাৰ আজি প্ৰায় তিনিমাহেই হ’ল৷তাই মোবাইলটো পৰীক্ষা কৰিলে হয় মোৰেই নম্বৰ যিখন তাই এমাহ পূৰ্বেই ডিএক্টিভ কৰাইছিল৷“ জীৱনৰ অন্ত হয় কিন্তু প্ৰেম,পবিত্ৰ প্ৰেম আত্মাৰ দৰেই অবিনশ্বৰ৷ পৰিণীতাৰ নিদ্ৰা আচ্ছন্ন মৰম আকলুৱা কন্ঠ৷আস কি যে মায়া৷

এই কণমানি ফুলনিখনেই মোৰ জীৱনৰ প্ৰথম প্ৰেম৷নানাৰঙী ফুলৰ মেলা, মন মতলীয়া কৰা সৌৰভ , পখিলা আৰু ভোমাৰাৰ গুঞ্জন৷ফুলনিত পানী দিবলৈ আৰম্ভ কৰিছো মাথোন৷ ঘৰৰ বেলকনিৰ পৰা মোৰ সৰু ভতিজী মুনুকনৰ ভয়াৰ্ত আৰ্তনাদ ভাহি আহিল৷মই লৰ মাৰিবলৈ লৈছো মাত্ৰ তাই কপা কপা হাতেৰে মোৰ ফালে আঙুলিয়াই তাইৰ দেউতাক অৰ্থাৎ মোৰ কনিষ্ঠ ভাতৃ সৰুবাপুক ক’লে,” সৌৱা চোৱা,এই দোপৰ ৰাতিখন বত্তাই ফুলনিত পানী দি আছে ৷ “ সৰুবাপুয়ে হয়তো মোক দেখা নাপালে সি মাথো অশ্ৰুসিক্ত নয়নৰে ক’লে, “ককাইদেউৰ ফুলনিখনলৈ বৰ মায়া আছিল সেয়ে হয়তো বছৰেকীয়াৰ অন্ততো তাৰ আত্মাই মুক্তি পোৱা নাই৷ “

বিজিত কেৱল মোৰ শৈশৱৰ লগৰীয়া বা প্ৰিয় বন্ধুৱেই নহয় সমান্তৰালভাৱে এই অভাজনৰ জীৱনৰ একমাত্ৰ পথপ্ৰদৰ্শক, সুখ দুখৰ লগৰী আৰু কলেজৰ সন্মুখত ছোৱালী জোকোৱা, ষোড়শী গাভৰুলৈ বুকুৰ তেজৰ সলনি টমেট কেটশ্বাপেৰে বেনামী চিঠি লিখা, হোষ্টেলত লুকাই-চুৰকৈ সুৰাপান কৰাৰ দৰে প্ৰতিটো দুষ্টালিৰ একান্ত বিশ্বস্ত সহচৰ৷ আজি নামঘৰত ভাওঁনা৷ সৌৱা বিজিতে চাইকেল চলাই ঘৰলৈ উভটিছে৷ বাহনিৰ সিপাৰৰ পৰা তাক ৰিঙিয়ালো৷ প্ৰিয়বন্ধুৰ ৰিঙিয়নিক সি উপেক্ষা কৰি পাৰে৷সি সচাৰচৰ দৰে এটা ছিগাৰেট জ্বলালে৷ মই ছিগাৰেট খাবলৈ এৰা প্ৰায় এমাহেই হ’ল৷ আজিকালি গোন্ধটো পালেও ওকালি আহে৷ অৱশেষত মোৰ অনুৰোধত সি ছিগাৰেটটো পেলাই দিলে৷ হঠাৎ আগমণ ঘটা শীতল বতাহজাকে কঢ়িয়াই অনা সুবাসে হয়তো বিজিতৰ বিবেচনা শক্তিৰ বিলোপ ঘটালে৷ মন্ত্ৰমগ্ধ ব্যক্তিৰ দৰে যোৱামাহত মই ছিপ লোৱা গছজোপাতে মই আগবঢ়াই দিয়া জৰীডালেৰে সি চিপ ল’লে৷ ল’ৰালিৰ প্ৰিয় বন্ধুৰ মায়া৷ তাক অকলে এৰি মইনো কেনেকৈ থাকো৷

” বোপাই অ’৷ মই “ ক “ ৰ চুক কেইটা সেয়াও নাজানো৷ আয় বুলিবলৈ মাত্ৰ বোপাককাৰ দিনৰ মাটিডৰা মাত্ৰ ৷ তাকো তোৰ উচ্চশিক্ষাৰ নামত মহাজনৰ ওচৰত বন্ধকত ৰাখিলো৷ সোনকালে চাকৰি এটা গোটা আৰু মাৰে নো অকলে কিমান টানিব৷“ বৰপোনাই কিবা ক’ব খুজিও মৌন হৈ পৰিল৷ অশ্ৰুসিক্ত নয়নেৰে কান্দি-কান্দি ক’লে,” দেউতা তোমাৰ সপোন মই নিশ্চয় পূৰণ কৰিম৷ কিন্তু মহাজনৰ পৰা মাটিডোখৰ মোকলাব নোৱাৰাৰ বাবেই তুমি কিয় এনে চৰম সিদ্ধান্ত ল’লা!কিয় বিষাক্ত কীটনাশক খায় আমাক এৰি গ’লা৷ “ মই হুমুনিয়াহ কাঢ়ি স্বগতোক্তি কৰিলো, ” বোপাই অ’ নুবুজিবি আমাৰ দৰে সাধাৰণ খেতিয়কৰ বাবে খেতিৰ মাটিডৰাই মান-সন্মান সকলো৷ মহাজন দৌতাৰ সূত নিদিলো বুলিয়েই মইনো কেনেকৈ নিজৰ মাটিডৰাতে আধিয়াৰ হওঁ৷বোপাই অ’ নাকান্দিবিচোন মই আজিও ছাটোৰ দৰে তোৰ লগতেই আছো৷ হয়তো এয়াই মোৰ দৰে দালদৰিদ্ৰ দুৰ্ভগীয়া পিতৃৰ পুত্ৰমোহৰ কৰুণ মায়াৰ অন্তিম পৰিণতি৷“

আজি প্ৰায় এটা দশকৰ অন্তত তাই পুনৰ বৰপুখুৰীৰ পাৰলৈ আহিছে৷ ডায়েৰীত কিবাকিবি লিখিছে৷ সম্ভৱত কবিতাই হ’ব৷ আইনুৰ কবিতা পঢ়িয়েই এদিন মই তাইৰ প্ৰেমত পৰিছিলো৷ লঠঙা ফাগুণৰ শেষত বসন্তৰ বাৰ্তা লৈ তাই মোৰ জীৱনলৈ আহিল৷এদিন হঠাৎ আমাৰ বিচ্ছেদ হ’ল৷ আজি পুনৰ এটা দশকৰ অন্তত৷ আকাশত সৌৱা ভোটাতৰা৷ তাই ঠিয় হৈছিল মাত্ৰ মই পিছফালৰ পৰা লাহেকৈ ঠেলা মাৰি দিলো৷ এটা দশক হ’ল আৰ্থিক অনাটনৰ সন্মুখীন হৈ মই বৰপুখুৰীত জাপ দি আত্মহত্যা কৰাৰ৷ প্ৰতি সন্ধিয়া আইনুৰ বাবে অপেক্ষা কৰো আৰু অৱশেষত আজি সম্পূৰ্ণ এটা দশকৰ অন্তত মোৰ দীৰ্ঘকালিন অপেক্ষাৰ অন্ত পৰিল৷ কিমান আৰু সহিম একাকীত্বৰ যন্ত্ৰণা৷ এয়া জিঘাংসা নহয় প্ৰেম মাথো প্ৰেম৷ আজলী আইনুক মই কেনেকৈনো এই নিষ্ঠুৰ ধৰাত অকলশৰীয়া কৰি সিপাৰলৈ যাওঁ৷“ Everything is possible in love,war and politics. ” প্ৰেম সঁচাকৈয়ে এক বিচিত্ৰ মায়া৷

আবতৰীয়া বৰষুণজাকে মোৰ চহৰলৈ আজি সন্ধ্যাৰ পৰাই শীত নমাইছে৷ সেয়ে হয়টো ডিব্ৰুগড় অসমৰ শ্বিলং৷ বৰষুণ মোৰ প্ৰিয় সেয়ে ডিব্ৰুগড়ৰ আবতৰীয়া বৰষুণজাকে মোক মুঠেই আমনি নকৰে৷ কিন্তু মোৰ ৰূমমেটে বৰষুণ বেয়া পাই৷ তাই মোক প্ৰায়ে গালিও পাৰে, “তিতি জ্বৰ হ’লে গম পাবি ৰ৷“ বছৰেকেই হ’ল তাইক লগ নোপোৱা৷ বিশ্ববিদ্যালয়ৰ জীৱনৰ প্ৰথম বৰ্ষত দুৰ্ভাগ্যবশত আমাৰ বিচ্ছেদ হ’ল৷ তাই ৰূম সলালে আৰু বিশ্ববিদ্যালয়ৰ জীৱনৰ অন্তত চাকৰিৰ সন্ধানত ডিব্ৰুগড় এৰিলে আৰু বছৰেকৰ অন্তত আজি মোৰ শিক্ষয়িত্ৰীৰ ৰূপত তাই আমাৰ সেই পুৰণি পিজিৰ কাষৰ ভাড়াঘৰত থিতাপি ল’লেহি৷ বৰষুণ অহাৰ মাত্ৰকেই চিৰাচৰিত নিয়ম অনুসৰি পৰিস্মিতাই ছাদৰ ওপৰলৈ দৌৰ দিলে৷ কাপোৰ সামৰি উভটিব লওঁতেই মই ঠেলা মাৰি দিলো৷ তাইৰ কপালৰ তেজে বৰ্ষাসিক্ত চোতালখনক ৰাঙলী কৰিলে আৰু মাত্ৰ কেইটামান মূহূৰ্ত তাৰ পিছত তাইৰ পাৰ্থিৱ শৰীৰ চেঁচা পৰি যাব আৰু আমি পুনৰ এবাৰ ৰূমমেট হ’ব৷এবছৰেই হ’ল প্ৰেমিকৰ প্ৰতাৰণাৰ বলি হৈ তাই নথকাৰ সুযোগতে কোঠাৰ চিলিংফেনত চিপ লোৱাৰ৷সেইৰাতিয়েই তাই পিজি এৰি মোৰ ক্ষেত্ৰই ধুকি নোপোৱা স্থানলৈ গুচি গ’ল৷ৰূমমেটৰ টান এয়াও আন এক মায়াই দিয়কচোন,কিমান আৰু অকলে সেই তলাবন্ধ কোঠাটোত থাকিম৷ৰূমমেট এজনী লাগে দিয়কচোন৷

সৰুমইনাই বৰকৈ আমনি কৰিছে৷হয়তো বেছেৰাৰ পিয়াহ লাগিছে৷ দুধদানীটো লৈ শোৱনিকোঠাত সোমাইছো মাত্ৰ৷ চকুহাল পুনৰ মোহাৰি চালো,” সৰু মইনা বতাহত ওপঙি আছে ওঠত দুটোপাল গাখীৰ৷মায়াই নিচুকনি গীত গুণগুণাইছে৷ কিনো ক’ম মাকৰ মৰম সেয়াও এক মায়া আজি তিনিমাহেই হ’ল মায়াই সৰুমইনাক জন্ম দি প্ৰসৱ বেদনাত মোক অকলশৰীয়া কৰি যোৱাৰ৷

কাঞ্চাৰ কথাত বিশ্বাস কৰাৰ প্ৰশ্নই নুঠে৷ কথাই প্ৰতি ফাঁকি৷ তাৰ গাজাখুৰী গল্প শুনিলে মৰা মানুহো উঠি বহি হাঁহিব৷ দোপৰ নিশা পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীকোঠাৰ পৰা প্ৰফেচৰ বৰুৱাৰ গহীন কন্ঠস্বৰ বোলে আজিও ভাহি আহে৷প্ৰফেচৰে নিজৰ কোঠাৰ চিলিংত ছিপ লোৱাৰ আজি ছমাহেই হ’ল৷পত্নীৰ শণিবৰীয়া বাণিজ্য মেলা দৰ্শনৰ আব্দাৰ পুৰাবলৈ গৈ লৰালৰিতে চূড়ান্ত বৰ্ষৰ বহীজাপ কমন ৰূমতে এৰি আহিলো৷ ভাত খাই থাকোতেহে মনত পৰিল৷ সময় প্ৰায় নিশা প্ৰায় ১১ কলেজলৈ প্ৰায় আধাঘণ্টাৰ বাট ইফালে অধ্যক্ষৰ কাঢ়া নিৰ্দেশ সোমবাৰে বহী চাই জমা দিব লাগিব৷উপায়ন্তৰ হৈ কলেজৰ দিশত গাড়ী দৌৰালো৷নাইট চকীদাৰ কাঞ্চাক চিঞৰি-চিঞৰি জগালো৷ চাবিপাত দিলে কিন্তু ভিতৰলৈ নাযায়৷ উপায়ন্তৰ হৈ অকলেই খোজ দিলো৷ ফিজিক্স গেলাৰী পাৰ হৈ কমন ৰূম৷ফিজিক্স গেলাৰী পাইছো মাত্ৰ,আৰে এয়াচোন প্ৰফেচৰ বৰুৱাৰ কন্ঠ৷মানে কাঞ্চাই সাধুকথা কোৱা নাছিল৷কাৰোবাৰ বাবে অধ্যপনা নিচা আন কাৰোবাৰ বাবে পেচা সকলো নিচাই মায়া মাত্ৰ৷

ভৌতিকগল্প মোৰ সাহিত্য চৰ্চাৰ প্ৰিয় বিষয়৷ঠিক প্ৰিয় বিষয় বুলিলেও কমাই কোৱা হ’ব,হ’বি বোলাই সঠিক হ’ব৷ প্ৰায়েই এসপ্তাহেই হ’ল ঘৰলৈ উভতি আহোতে উদণ্ড ট্ৰাক ড্ৰাইভাৰে মোক মহতিয়াই যোৱাৰ হ’লেও সুধী পাঠক সমাজৰ মায়নো মই কেনেকৈ ত্যাগ কৰো৷সেয়া চাওঁক আপোনাৰ মোবাইলৰ পৰা ক্ৰমশ দুখন ৰক্তাক্ত কটাহাতে আপোনাৰ ডিঙিৰ দিশে গতি কৰিছে৷ভয় নকৰিব,মাথো কেইমূহূৰ্তমানৰ ছটফটনি তাৰ পিছত আপুনি আৰু মই একেখন নাৱৰেই যাত্ৰী৷খিৰিকীৰ সিপাৰৰ পৰা প্ৰফেচৰ বৰুৱায়ো আপোনাক ৰিঙিয়াইছে৷সৌৱা চাওঁক আপোনাৰ কোঠাৰ দাপোনত সেয়া কাৰ বীভৎস প্ৰতিবিম্ব!

Leave a comment