মান্যতাঃ কলাযাদু (Black Magic) এক বহুলচৰ্চিত আৰু বিতৰ্কৰ বিষয় ৷ কলাযাদুৰ ইতিহাস অত্যন্ত প্ৰাচীন৷ কলা যাদুৰ বিধি পবিত্ৰ ধৰ্মীয় বিধিৰ সম্পূৰ্ণ বিপৰীত৷ পশ্চিমীয়া সভ্যতাৰ মান্যতা অনুসৰি লুচিফাৰ বা চয়তান যি আদিতে ঈশ্বৰ সৃষ্ট দেৱদুত সকলৰ এজন প্ৰমুখ, শক্তিশালী, শুকুলা ডেউকাৰ অধিকাৰী, সুদৰ্শন দেৱদুত আছিল৷ শক্তি আৰু সৌন্দৰ্য্যৰ ৰাগীত মাতাল হৈ এদিন লুচিফাৰে নিজকে ঈশ্বৰৰ আসনত প্ৰতিষ্ঠিত কৰিবলৈ তেওঁৰ অনুগত দেৱদুত সকলৰ সৈতে গঠবন্ধন কৰি ঈশ্বৰৰ সম্ৰাজ্যত খোদ ঈশ্বৰৰ বিৰূদ্ধে বিসম্বাদ আৰু যুদ্ধ ঘোষণা কৰিলে৷ লুচিফাৰ বাহিনী যুদ্ধত পৰাভূত হ’ল আৰু নৰকলৈ নিৰ্বাসিত হ’ল৷ পশ্চিমৰ লুচিফাৰেই মধ্যপ্ৰাচ্যৰ চয়তান বা সনাতনৰ কিংবদন্তীৰ অসুৰ গুৰু শুক্ৰচাৰ্য্য ( সংযোগ বৰ দীঘলীয়া আন কেতিয়াবা লিখিম৷ )৷ নিৰ্বাসিত লুচিফাৰে ঈশ্বৰৰ বিৰূদ্ধে চৰম প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে ঈশ্বৰৰ প্ৰিয়তম সৃষ্টি মানুহক ষষ্ঠ ৰিপুৰ জালেৰে বান্ধি ধৰ্মৰ পথৰ পৰা বিচ্যুত কৰাৰ ষড়যন্ত্ৰ ৰচিলে৷ “এই ভৌতিক সংসাৰৰ প্ৰতিটো সুখ মই তোমাক দিম,তোমাৰ প্ৰতিটো ইচ্ছাই মই পূৰণ কৰিম কিন্তু তাৰ বিনিময়ত তুমি মোক তোমাৰ আত্মা বিক্ৰী কৰিবা৷ “ এয়াই লুচিফাৰ আৰু মানুহৰ মাজৰ ব্যৱসায়ৰ একমাত্ৰ চৰ্ত৷ ইচ্ছাপূৰণৰ বিধি কলাযাদু আৰু চয়তানৰ পূজন সেয়ে এনে লোকক “Satanist” বোলা হ’য়৷এওঁলোকৰ জীৱন ঐশ্বৰ্য্য,বিভূতি,প্ৰাচুৰ্য্য,জনপ্ৰিয়তা,ক্ষমতাৰ সমষ্টি কিন্তু এনেলোক আনহে নালাগে তেওঁৰ পৰিয়ালৰ অন্ত ভীষণ পীড়াদায়ক হয় আৰু মৃত্যুৰ অন্তত “Satanist” ৰ জীৱাত্মাই অনন্তকালৰ বাবে নৰকৰ অগ্নিৰ পীড়া সহি লুচিফাৰৰ গোলাম হয়৷

ইতিহাসঃ১৯ শতিকালৈকে জাৰ্মানীৰ মিউনিখ বিশ্ববিদ্যালয়ত কলা যাদুৰ এক সুকীয়া বিভাগ আছিল শেষত ভেটিকানৰ চাপত পৰি শাসকবৰ্গই বিভাগটোত তলা ওলোমালে আৰু বহু কলা যাদুৰ গ্ৰন্থ তথা সামগ্ৰীও জ্বলাই পেলালে৷ অৱশ্যে সকলো জ্বলাৱ নোৱাৰিলে৷ কিছুমান থাকি গ’ল৷ অসমৰ মায়াংক ভাৰতৰ কলা যাদুৰ ৰাজধানী বোলা হ’য়৷এবাৰ এটা সাক্ষাৎকাৰত মায়াংৰ আজিৰ প্ৰজন্মৰ এজন ডেকাই অকোপট স্বীকাৰোক্তি কৰিছিল কিদৰে কলাযাদুৰ সাধকৰ অৰ্দ্ধশতাধিক পৰিয়ালৰ অত্যন্ত পীড়াদায়ক ৰূপত অন্ত পৰিল৷ সেয়ে পিছৰ প্ৰজন্মই প্ৰায়ভাগ পুথিপাজি উটুৱাই দিলে৷ মানুহক ভেৰা বনোৱা, তপিনাত পীৰা লগা, বীৰা পোহাৰ কিমান যে কাহিনী৷ কিমানদুৰ সঁচা-মিছা নাজানো৷ কিন্তু যিসমূহ ক’লা যাদুক মই এজন পেৰাচাইকজিষ্ট ৰূপে মান্যতা দিও আজিৰ খণ্ডত মাত্ৰ সেই বিষয়হে লিখিম৷

নিশি ডাকঃ ভাৰতৰ পশ্চিমবংগত মূলত নিশিডাক এক কলাযাদুৰ প্ৰচলিত বিধি৷ বঙালী ভাষাত “নিশি“ মানে “ৰাত্ৰিকাল“ আৰু ডাক মানে “কন্ঠ“৷ ধৰা হ’ল এজন ব্যক্তি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত৷ বৃক্ক পোৱা গৈছে কিন্তু সংস্থাপনৰ বাবে আৰু তিনি দিনৰ প্ৰয়োজন৷ কিন্তু মানুহজন প্ৰায় মৃতপ্ৰায়, চিকিৎসকে হাত ডাঙি দিছে, তিনি দিন বাদেই এৰাতিও নাথাকে৷ তেনে পৰিস্থিতিত সেই ব্যক্তিজনৰ জীৱন ৰক্ষাৰ বাবে কলা যাদুৰ সাধকে নিশি ডাকৰ সহায় লয় য’ত বিশেষ চয়তানী পূজা বিধিৰে নিশি নামৰ চয়তানী আত্মা(Devil Spirit) ক জাগ্ৰত কৰা হ’য়৷ নিশিৰ চিকাৰ সচাৰচৰ শিশু বা যুৱপ্ৰজন্ম৷ নিশিয়ে চিকাৰক নিশাৰ ভাগত পৰিচিত ব্যক্তিৰ কন্ঠেৰে মাতে৷যদি তেওঁ পিছলৈ ঘুৰি চায় সিমানতেই তেওঁৰ চিলিম ছিগিল৷এটা আত্মাৰ বিনিময়ত এদিনৰ আয়ুস৷তিনিদিনৰ বাবে তিনিটা চিকাৰ৷সমাধান মাত্ৰ এটাই নিশাৰ বেলা পৰিচিত লোকে পিছফালৰ পৰা মাতিলে চাৰিবাৰলৈকে নমতা পৰ্য্যন্ত ঘুৰি নাচাব৷ দৰ্জাত ধকিয়ালেও চতুৰ্থবাৰৰ বাবে অপেক্ষা কৰিব কাৰণ নিশিয়ে মাত্ৰ তিনিবাৰহে কাৰোবাক মাতিব পাৰে অথবা দৰ্জাত ধকিয়াব পাৰে৷এনে সাধক বা তেওঁৰ পৰিয়ালৰ সদস্যৰ প্ৰায়েই ভয়ংকা অকাল মৃত্যু হয়৷

কৰ্ণপিশাচীনী সাধনাঃ কৰ্ণপিশাচীনী হ’ল এক মহিলা “Demonic Spirit” মৰিশালী বা কৱৰস্থানৰ অতৃপ্ত আত্মাৰ অধিপতিনী৷ কৰ্ণপিশাচীনী ত্ৰিকালদৰ্শী৷ অৰ্থাৎ ভূত,ভবিষ্যৎ আৰু বৰ্তমানৰ সকলো ঘটনা কৰ্ণপিশাচীনীৰ নখদৰ্পনত৷ কৰ্ণপিশাচীনীৰ সাধনা সংসাৰী পুৰুষৰ বাবে নিষিদ্ধ কেৱল বৈৰাগী পুৰুষেহে কৰ্ণপিশাচীনী সাধনা কৰিব পাৰে৷সংসাৰী পুৰুষৰ বাবে এই সাধনা নিষিদ্ধ হোৱাৰ একমাত্ৰ কাৰণেই হ’ল কৰ্ণপিশাচীনীৰ সাধকৰ সৈতে মধুৰ সম্পৰ্ক থকা প্ৰতিগৰাকী নাৰীৰ প্ৰতি থকা ঈৰ্ষা আৰু জিঘাংসা৷সাধকৰ মাতৃ,পত্নী,ভগ্নী,বান্ধৱী সকলোৰে আকাল মৃত্যু হয়৷বৈৰাগী সাধকে অমবস্যাত মৰিশালি(শ্মশানত নহয়) এক বিশেষ আৰু জটিল চয়তানী ৰীতিৰে কৰ্ণপিশাচীনীক বশ কৰে৷বিধিত চুলি মানো হেৰফেৰ হ’লেই সাধক কৰ্ণপিশাচীনীৰ জিঘাংসাৰ বলি হৈ প্ৰাণ হেৰুৱাই৷সিদ্ধি লাভৰ অন্তত সাধক আৰু কৰ্ণপিশাচীনীয়ে পৰস্পৰক নৱজাতকৰ অস্থিৰে বৰমালা পিন্ধাই বিবাহপাশত আবদ্ধ হ’য়৷কৰ্ণপিশাচীনীয়ে সাধকৰ সন্মুখত তিনিটা চৰ্ত ৰাখে,” তুমি মোৰ কথাৰ মাজত বাধা দিব নোৱাৰিবা,মোৰ ইচ্ছাৰ বিৰূদ্ধে গৈ তুমি একো কৰিব নোৱাৰিবা,মই যেতিয়াই বিচাৰো তুমি মোক যৌন সম্ভোগৰ সুখ দিব লাগিব৷“ কৰ্ণপিশাচীনীক কেৱল সাধকেহে দেখে ৰূপ কোনো অপ্সৰাতকৈ কম নহয়৷কন্ঠস্বৰ মধুৰ আৰু সাধকে ভূত,ভবিষ্যৎ,বৰ্তমানৰ যি প্ৰশ্নই নোসোধক কৰ্ণপিশাচীনীয়ে মধুৰ কন্ঠৰে সকলো কথা সাধকৰ কাণত ফুচফুচাই কয়৷ আপুনি যদি সূক্ষ্ম ভাৱে লক্ষ্য কৰে দেখিব একাংশ ভবিষ্যৎদ্ৰষ্টাই ভবিষ্যৎ বাণী কৰাৰ পূৰ্বে ক্ষন্তেক সময়ৰ বাবে পশ্চিম বা দক্ষিণলৈ কাণ উনাই ৰয় আৰু ভবিষ্যৎদ্ৰষ্টাৰ কাণৰ কাষৰ চুলিত সেইসময়ত বতাহৰ সামান্য প্ৰভাৱ পৰে৷তেওঁলোকেই হ’ল কৰ্ণপিশাচীনীৰ সাধক এওঁলোকক ভবিষ্যৎ গণণাৰ বাবে কোনো তথ্যৰে প্ৰয়োজন নহয় প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে ক্ষন্তেক বিৰাম ৰয় আৰু পশ্চিম বা দক্ষিণলৈ কাণ উনাই চায় লগতে কাণৰ কাষত সামান্য বতাহৰ প্ৰভাৱ৷ভুলতো এনে সাধকৰ পাল্লাত নপৰিব৷ কলাযাদুৱে সাধক আৰু গ্ৰাহক সকলোৰে অন্ততঃ পতনেই কৰে৷কৰ্ণপিশাচীনীৰ চৰ্ত কোনো সাধকেই চিৰজীৱন ৰক্ষা কৰিব নোৱাৰে৷ যিদিনাই এটা চৰ্তৰো ভংগ হয় কৰ্ণপিশাচীনী অপ্সৰা গুচি বীভৎস চেহেৰাৰ প্ৰেতিনী হয় আৰু সাধকৰ কাণত অবিৰাম প্ৰচণ্ড চিৎকাৰ কৰে৷সেইসময়ত নৰসিংহ মন্ত্ৰ,নৰসিংহ যন্ত্ৰ আৰু হোম যজ্ঞ নকৰিলে সাধক হয়তো বলিয়া হয় অথবা কৰুণ মৃত্যুক সাবটি নৰকগামী হয়৷

বীৰাঃ বীৰা প্ৰেতাত্মা৷ আত্মহত্যা কৰা ব্যক্তিৰ বুঢ়া আঙুলি বা চিপ লোৱা ব্যক্তিৰ ফাঁচীৰ জৰীক কলাযাদুৰ বিধিৰে সিদ্ধ কৰি আত্মহত্যাকাৰীৰ প্ৰেতাত্মাৰ পৰা বুঢ়া আঙুলিটোমান উচ্চতাৰ বীৰাৰ সৃষ্টি কৰা হ’য়৷বীৰাই সাধকৰ প্ৰতিটো আজ্ঞাই পালন কৰে আৰু তাৰ বিনিময়ত সাধকে তেওঁক আহাৰৰ ৰূপত নিজৰ বুঢ়া আঙুলিৰ ৰক্তদান কৰে৷ যদি আত্মহত্যাকাৰী স্বভাৱত ধাৰ্মিক আৰু পূণ্যবান হয় তেন্তে বীৰাৰ পৰিবৰ্তে হনুমন্ত বীৰাৰ সৃষ্টি হয়৷হনুমন্ত বীৰায়ো সাধকক সহায় কৰে কিন্তু কেৱল সৎ কামত অসৎ অভিপ্ৰায় পূৰণত নহয় আৰু ৰক্ত নহয় ফলমূল আৰু মিঠাইহে হনুমন্ত বীৰাৰ খাদ্য৷সেয়ে বীৰা বুলিলে আমি হনুমন্ত বীৰা নহয় আত্মঘাতী পাপী ব্যক্তিৰ প্ৰেতাত্মাৰ পৰা সৃষ্ট অঘাইতং ৰক্তপিপাসু বীৰাক হে বুজো৷ এনে বীৰা দগাবাজ চোৰ প্ৰকৃতিৰ সাধকৰ আজ্ঞা অনুসৰি নিজৰ সীমিত ক্ষেত্ৰৰ ভিতৰৰ যিকোনো স্থানতে উপদ্ৰৱ চলাই৷ঘৰৰ চাললৈ লদিয়াই, কেচুমতা মাৰে, পিছফালৰ পৰা ব্যক্তিক গতা মাৰি পেলায় হাত-ভৰি ভাঙি ৰং চায় আৰু সিন্ধি নখন্দাকৈ বা তলা নভঙাকৈ যিকোনো সুৰক্ষিত স্থানৰ পৰা অতি কৌশলেৰে মূল্যবান অলংকাৰ,ধন আদি চুৰি কৰি গৰাকীক দিয়ে৷ বীৰাৰ প্ৰকোপত কেতিয়াবা ঘৰৰ কাপোৰ,আচবাব আদি নিজেই-নিজেই জ্বলি যায়৷বীৰা যিহেতু প্ৰেতাত্মা বা “Human Spirit” ৰ “Modified Version” “Demonic Spirit” নহয় সেয়ে কাকো হত্যা কৰিব নোৱাৰে মাত্ৰ উপদ্ৰৱ চলাই৷ ওপৰত উল্লেখ কৰাৰ ঘটনাৰ সমান্তৰালভাৱে যদি বতাহত কীটনাশকৰ তীব্ৰ গোন্ধ ভাহি আহে আৰু ঘৰৰ চালত নিশা মেকুৰীৰ দৰে কিহবাই জপিয়াই খদমদম লগাই তেনেহ’লে সেয়া বীৰাৰ বাহিৰে আন একো নহয়৷সময়ত তেজ দিব নোৱাৰিলে বীৰাই সাধকৰ ঘৰত উপদ্ৰৱ চলাই তেওঁক বাটৰ ভিকহু কৰে আৰু তেনে ন’হলেও সাধকৰ মৃত্যু ভীষণ পীড়াদায়ক হয়,সাধকৰ আত্মা নৰকগামী হয় আৰু তেওঁৰ মৃত্যুৰ অন্তত ঘৰলৈ দৰিদ্ৰতাৰ অভিশাপ নামি আহে৷ বীৰাৰ উপদ্ৰৱৰ পৰা স্থায়ী সমাধান পাৱৰ নিমিত্তে ঘৰ বন্ধাৰ বিকল্প নাই৷

বন্ধনী বা বশীকৰণঃ এজন ছাত্ৰ পঢ়াত নিত্যান্তই মেধাৱী অথচ হঠাৎ তেওঁৰ এনে হ’ল পঢ়া মেজৰ বহিলেই সাংঘাতিক মুৰৰ কামোৰণি আৰু পঢ়া মেজৰ পৰা উঠি অহাৰ মাত্ৰকে সকলো ঠিক পুনৰ বহিল পুনৰ মুৰৰ বিষ৷চিকিৎসকৰ সহায় ল’লে অথচ নাই মুৰৰ কামোৰণিৰ কোনো প্ৰাকৃতিক কাৰণ নাই৷ হমিঅ’,আয়ুৰ্বেদ,এলপেথি,জ্যোতিষবিধি সকলো ফেইল৷এজনী ছোৱালীয়ে তাক দেখিবই নোৱাৰে৷হঠাৎ এনে হ’ল সি উঠ বুলিলে উঠ বহ বুলিলে বহ,তাক নেদেখিলে এখন্তেকো থাকিব নোৱাৰে অথবা ইয়াৰ বিপৰীত দীঘলীয়া প্ৰেমৰ সম্পৰ্ক,অভিভাৱকৰ আপত্তি হঠাৎ এনে হ’ল দিনটোত দহবাৰ ফোন কৰা ল’ৰাজনে আজি তাইৰ নামেই নুশুনে৷এই সকলোৰে এটাই কাৰণ বন্ধন বা বশীকৰণ৷বশীভূত ব্যক্তিৰ চিন্তাশক্তি লোপ পায়,বশীকৰণ কৰাজনৰ একান্ত বাধ্য হৈ পৰে,আৰম্ভণিতে সামান্য জ্বৰ আৰু প্ৰায়েই পাতলীয়া মুৰৰ কামোৰণি আৰু দুৰ্বলতা৷এনে ব্যক্তিৰ কোঠাৰ উষ্ণতা আৰু ঘৰৰ আন কোঠাৰ উষ্ণতাৰ মাজত হয়তো তাৰতম্য থাকে,তেওঁৰ মোবাইলৰ বেটেৰী সোনকালে ল’ হৈ যায়,কোঠাৰ বৈদ্যুতিক সৰঞ্জাম সহজেই বেয়া হয়৷বশীভূত লোকক হাজাৰ বুজালেও তেওঁ মানি নলয় যে তেওঁ বশীকৰণৰ চিকাৰ৷বহু অভিভাৱকে সন্তানৰ প্ৰেমত প্ৰতিবন্ধক হৈ কলাযাদুৰ সাধকৰ দ্বাৰা নিজৰ সন্তানৰে বশীকৰণ কৰাই যি তেওঁৰ অজ্ঞাতেই সন্তানৰ জীৱনলৈ অমানিশা নমাই আনে কাৰণ বশীকৰণে সন্তানৰ জীৱনলৈ আগমন ঘটা শুভশক্তিৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰত পৰিণত হ’য় ফলশ্ৰুতিত কেতিয়াবা সন্তানৰ আকাল মৃত্যুও হয়৷আপোনাৰ চুলি,কাপোৰৰ টুকুৰা বা ফটোৰ ব্যৱহাৰ কৰি আপোনাৰ খাদ্য-পানীক অশুদ্ধ কৰি আনহে নালাগে ধূপৰ ধোৱাৰ গোন্ধেৰেও আপোনাক সহজেই বশীকৰণ কৰিব পাৰি৷সেয়ে পৰাপক্ষত সন্দেহজনক ব্যক্তিয়ে দিয়া খাদ্য বিশেষকৈ কণী,সুৰা বা পানী কেতিয়াও নাখাব৷কাপোৰ হেৰালে সচেতন হওঁক৷খাদ্য-পানী আৰু চুলিৰ দ্বাৰা কৰা বশীকৰণৰ পৰা ভুক্তভোগীক মুক্তি দিয়া অত্যন্ত জটিল অন্যান্য ক্ষেত্ৰত 12000 Hz ৰ শব্দ তৰংগৰ শ্ৰৱণেই পৰ্য্যাপ্ত৷বশীকৰণ কৰা সাধকে প্ৰকৃতি আৰু নিয়তিৰ বিৰূদ্ধে যায় আৰু সেয়ে প্ৰকৃতি আৰু নিয়তিয়েও শেষ সময়ত তেওঁক প্ৰতাৰণা কৰে৷

ভুডো ডলঃ ভুডো ডল কলাযাদুৰে অভিমন্ত্ৰিত এনে এক পুতলা য’ত সাধকে চিকাৰৰ চুলি বা কাপোৰৰ অংশৰ ব্যৱহাৰ কৰে৷ভুডো ডলৰ লগত সাধকে যি কৰে ভুক্তভোগীৰ লগত সেয়াই হ’য়৷যদি পুতলাটোৰ পেটত চুৰিৰে খুচি দিয়ে আপোনাৰ পেটেৰে ৰক্তক্ষৰণ হ’ব৷এয়া এক মৰাত্মক কলা যাদু৷কেৱল চীনতেই নহয় পশ্চিমবংগ আৰু উৰিষ্যাতো বহু ভুডো সাধক আছে৷সাধকৰ চিনাক্তকৰণ আৰু বিশেষ বিধিৰে সময়ত ভুডো ডলৰ নিষ্ক্ৰিয়কৰণ নকৰিলে চিকাৰৰ মৃত্যু নিশ্চিত৷ভুডোৰ সাধকে চয়তানক নিজৰ আত্মা বিক্ৰী কৰে আৰু মৃত্যুৰ অন্তত সময়ৰ শেষলৈকে নৰকৰ অগ্নিশিখাৰ যন্ত্ৰণা ভোগে৷

কালিয়া মাষানঃ সংস্কৃতৰ কালিয়ামাশানক বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে জনা যায়৷কালিয়ামাশান কলা যাদুৰ সকলোতকৈ ভয়ংকৰ বিদ্যা৷যাৰ ওপৰত কালিয়া মাশান কৰা হয় তেওঁ প্ৰথমে ধাৰাবাহিক ভাবে দুস্বপ্ন দেখি মানসিক ভাৱে ভাগি পৰে,সমগ্ৰ শৰীৰত ভয়ংকৰ বিষ আৰু পোৰণিৰ অনুভৱ হয়,খাদ্যপানী বাদ দিয়ে,দীৰ্ঘকালৰ বাবে বিছনা লয়,বিছনাতেই শৌচ-প্ৰস্ৰাৱ কৰে,কেতিয়াবা শৰীৰত ঘা লাগে আৰু ঘা লগা অংশ গেলি দুৰ্গন্ধৰ সৃষ্টি কৰে,এনে নৰক যাতনা সহিব নোৱাৰি ভুক্তভোগী আৰু পৰিয়ালে তেওঁৰ মৃত্যুৰ বাবে ভগৱানক খাটে,দশকযোৰা অসুস্থতাৰ অন্তত অৱশেষত শুকাই-ক্ষীণাই কংকালসাৰ হৈ বিবেক-বুদ্ধি হেৰুৱাই মৃত্যু মুখত পৰে৷চিকিৎসা,জ্যোতিষশাস্ত্ৰ,ধৰ্মীয় ৰীতি-নীতি সকলো ব্যৰ্থ হ’য়৷উপায় মাত্ৰ এটাই সাধকক বিচাৰি উলিওৱা কিন্তু কালিয়া মাষাণ কৰা সাধক চয়তানৰ সৈতে আত্মাৰ বিনিময় কৰা শক্তিশালী ক’লা যাদুৰ সম্ৰাট৷তেওঁক বিচৰা পৰ্বতত কাচ কণী বিচৰা সদৃশ৷বিচাৰি পালেও স্বইচ্ছাৰে সাধকে অভিশাপ ঘুৰাই নললে ভুক্তভোগীৰ বাবে দশক যোৰা নৰক যন্ত্ৰণা আৰু পীড়াদায়ক মৃত্যুৰ বিকল্প নাই৷ এনে কলাযাদুৰ সম্ৰাটে আত্মাৰ বিনিময়ৰ বাবত শেষত নৰকগামী হয় আৰু নৰক নহয় পাতালৰ কুম্ভীপাক নৰকত পৰে আৰু সময়ৰ শেষলৈকে ভুক্তভোগীতকৈ সহস্ৰগুণ অধিক যন্ত্ৰণা ভোগে আৰু তেওঁৰ আগৰ-পিছৰ সাতপুৰুষো নৰকগামী হয়৷

মই ডাইনীক অন্ধবিশ্বাস আৰু ধূৰ্তালি আখ্যা দিও৷সংস্কৃতৰ ডাকিনী বা অসমীয়াত ডাইনী বুলি যাক কোৱা হয় সেয়া “Demonic Spirit” তেজমঙহৰ মহিলা ডাইনী হ’ব নোৱাৰে৷সেয়ে এইক্ষেত্ৰত সজাগতা আৰু কঠোৰ আইনব্যৱস্থা সময়ৰ দাবী৷ কলাযাদুৰ সাধনা বা তেনে সাধকৰ শৰণ লোৱাৰ অন্তিম পৰিণতি সদায়েই পীড়াদায়ক৷ নেদেখাজনক বিশ্বাস ৰাখক,সৎ কৰ্ম কৰক হয়তো দুদিনমান পলম হ’ব কিন্তু জীৱন যুদ্ধত অন্তিম হাঁহি আপুনিয়েই মাৰিব৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

Leave a comment