(ব্যক্তিগত ভ্ৰমণসূচী আৰু কিছু ঘৰুৱা দ্বায়িত্বৰ বাবে প্ৰায় এপষেক ধৰি লিখিব পৰা নাই৷আজি আজৰি হৈ দীঘলীয়াকৈ লিখিছো৷আশা কৰো সুধী পাঠকবৃন্দই ক্ৰুটী মাৰ্জনা কৰি আদৰি ল’ব৷সংলগ্ন ফটোখন কাল্পনিক বাকী সমস্ত ঘটনা আখৰে-আখৰে সত্য৷)
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এক চৰকাৰী আবাসিক গৃহৰ কথা৷ভুক্তভোগী মোৰ নিকট আত্মীয়৷আবাসিক এলেকাৰ একেবাৰে অন্তিমটো আবাস গৃহ৷সম্ভৱত ৭০-৮০ ৰ দশকতেই নিৰ্মিত এক দুমহলীয়া অট্টালিকা৷ওপৰৰ আৰু তলৰ মহলাত দুটাকৈ সৰ্বমুঠ চাৰিটা আবাসগৃহ৷ভুক্তভোগীৰ পিতৃ সেই বিভাগৰে উচ্চপদস্থ বিষয়া৷২০০০ চন মানত ধুবুৰীৰ পৰা গুৱাহাটীলৈ বদলি হৈ আহি তলৰ মহলাৰ বাওঁফালৰ আবাস গৃহটিত সপৰিয়ালে প্ৰৱেশ কৰিলে৷মাহেকচেৰেক আগেয়ে সেই আবাসগৃহৰে এক শোৱনীকোঠাত আন এজন বিষয়াই চিপ লৈ আত্মহত্যা কৰিছিল৷ওপৰৰ মহলাত দুটা পৰিয়াল৷গিৰিহঁত হ’ল দত্ত আৰু শৰ্মা৷তলৰ মহলাৰ বাওঁফালৰ আবাসগৃহত ভুক্তভোগীৰ পৰিয়াল আৰু সোঁফালৰটোত বৰঠাকুৰৰ পৰিয়াল৷২০০২ মানত এক শোকাবহ পথ দুৰ্ঘটনাত শৰ্মাৰ মৃত্যু হ’ল আৰু তেওঁৰ পৰিয়ালে সেই আবাসগৃহ এৰিলে৷জীৱিতকালত শৰ্মাৰ এক অভ্যাস আছিল নিশাৰভাগত ছিগাৰেট হুপি খটখটিৰে পায়চাৰি কৰা৷শৰ্মাৰ মৃত্যুৰ পিছত বিভিন্নজনে শৰ্মাক গভীৰ নিশা হাতত জ্বলন্ত ছিগাৰেটসহ পায়চাৰি কৰা দেখা পায় আতংকবিহ্বল হৈ সেই ফালে যোৱাই এৰিলে৷শৰ্মাৰ মৃত্যুৰ পিছত সেইটো আবাসলৈ নগাওৰ পৰা বদলি হৈ অহা হাজৰিকাৰ পৰিয়ালৰ আগমন ঘটিল৷কিন্তু উল্লেখযোগ্য যে সেইটো অট্টালিকাৰে বাসিন্দা হাজৰিকা,দত্ত,বৰঠাকুৰ আৰু ভুক্তভোগীৰ পৰিয়ালে শৰ্মাৰ অতৃপ্ত আত্মাৰ পায়চাৰি কৰাৰ সেই সাৰ্বজানীন দৃশ্যৰ কোনোদিনেই সাক্ষী হোৱাৰ অভিজ্ঞতা হোৱা নাছিল৷মই পূৰ্বেই কৈছো ভুক্তভোগী মোৰ নিকট আত্মীয়৷মই মোৰ সমগ্ৰ শৈশৱ আৰু কৈশোৰৰ গুৱাহাটী ভ্ৰমণৰ প্ৰতিটো নিশাই সেই আবাসতেই কটাইছো৷মই বুলিয়েই নহয় মোৰ পৰিয়ালৰ প্ৰায় সকলোৰে ২০১৮ চন পৰ্য্যন্ত মহানগৰীৰ ভ্ৰমণকালৰ স্থায়ী ঠিকনাই আছিল সেই আবাসগৃহ৷২০০৩-০৪ মানৰ কথা মোৰ বা পুৱতি নিশা নাইটচুপাৰৰ পৰা নামিয়েই চিধাই সেই অভিশপ্ত আবাসলৈ খোজ ল’লে৷পিছদিনা দুপৰীয়া বায়ে আজিৰ কাহিনীৰ ভুক্তভোগীক ক’লে,”ঐ বৰঠাকুৰ আংকলৰ কিবা ষ্ট্ৰেছ-ডিপ্ৰেশ্যন চলি আছে নেকি!কালি মই নাইট চুপাৰৰ পৰা ইয়ালৈ আহোতে ৰাতি ঠিক চাৰে তিনিমানত আংকলে খটখটিৰে ছিগাৰেট হুপি অহাযোৱা কৰি আছিল৷“ বাৰ কথা শুনিয়েই ভুক্তভোগীৰ মুখ শেতা পৰা কাগজত পৰিণত হ’ল৷তেওঁ কপা-কপা মাতেৰে ক’লে,”তই পাগল হ’লি নেকি!আংকল ধুকোৱাৰ এবছৰেই হ’ল৷“ ২০০৫ মানৰ কথা হাজৰিকাৰ সৰু জীৰ মেট্ৰিকৰ ৰিজাল্ট ওলাল৷প্ৰথম বিভাগতেই উত্তীৰ্ণ হ’ল কিন্তু ফলাফল মনে বিচৰাৰ দৰে ন’হল৷মাক-দেউতাকে দুআষাৰমান টানকৈও ক’লে৷আবেলিলৈ হুৱা-দুৱা লাগিল৷হাজৰিকাৰ জীয়েকে সম্ভৱত জীৱনৰ এন্দুৰ দৌৰত ভাগৰি ছাদৰ পৰা জপিয়াই আত্মহত্যা কৰিলে৷কাষৰ আনকেইটামান আবাসৰ মানুহে কোৱা অনুসৰি মাজে-সময়ে গধূলি হেনো তাই চুলি মেলি চাদৰ ওপৰত বহি থাকে৷কিন্তু শৰ্মাৰ দৰে হাজৰিকাৰ জীয়েকৰ অতৃপ্ত আত্মাকো সেই বিশেষ আবাসৰ কোনেও দেখা নাপায়৷জীৰ মৃত্যুত ব্যাকুল হাজৰিকা দম্পতীয়ে সেই আবাস এৰিলে আৰু দেউৰী পৰিয়ালৰ আগমন ঘটিল৷ওপৰ মহলাৰ দত্ত আৰু দত্তনী মোৰ মাৰ বিশ্ববিদ্যালয়ৰ সহপাঠী৷প্ৰেম বিবাহেৰে আৰম্ভ হোৱা দত্ত দম্পতীৰ প্ৰায় ১৫ বছৰীয়া মধুৰ দাম্পত্য জীৱনৰ বিবাহ-বিচ্ছেদৰ পৰিণতিত ২০০৮ ত অন্ত পৰিল৷সন্তানসহ পৰিবাৰে আবাসগৃহ এৰিলে৷একাকীত্বৰ বেদনাত দত্ত সুৰাসক্ত হৈ পৰিল৷এদিন পুৱাই খটখটিৰ তলত দত্তৰ নিথৰ দেহ উদ্ধাৰ হ’ল৷কপালেৰে কেঁচা তেজৰ ধাল বৈ ডোঙা বান্ধিছিল৷আৰক্ষীৰ তদন্তত মদৰ নিচাত পিছলি পৰি মৃত্যু হোৱা বুলিয়েই ঘোষণা কৰা হ’ল৷এইবাৰ কিন্তু ওপৰমহলাৰ সেই খালী আবাসগৃহলৈ কোনো নাহিল৷ইতিমধ্যেই সেই অট্টালিকাই ভূত বাংলোৰ আখ্যা পাইছিল৷বিভাগত গুজৱ ওলাইছিল পৰিয়ালৰ এজন সদস্যৰ মৃত্যুৰ বিনিময়তহে পৰিয়ালে সেই অভিশপ্ত অট্টালিকাৰ পৰা মুক্তি পায়৷২০১০ চনত বৰঠাকুৰ দম্পতী উভয়েই কৰ্কটৰোগত আক্ৰান্ত হ’ল৷পতিৰ মৃত্যু হ’ল আৰু ইয়াৰ মাহেকচেৰেক পিছতেই পত্নী সুস্থ হৈ উঠিল৷হস্পাতালৰ পৰা পোনছাটেই মুম্বাইস্থিত জীয়েক-জোৱায়েকৰ ঘৰলৈ গুচি গ’ল৷এতিয়া চাৰিজনীয়া আবাসৰ অট্ৰালিকাত মাত্ৰ দুটাই পৰিয়াল ওপৰৰ মহলাত দেউৰী আৰু তলৰ মহলাত ভুক্তভোগীৰ পৰিয়াল৷

২০১২ চনত আকস্মিকভাৱে ভুক্তভোগীৰ পিতৃ হৃদযন্ত্ৰ আৰু বৃক্কৰ জটিলৰোগত আক্ৰান্ত হ’ল৷ভেন্টিলেশ্যনত তিনিদিন মৃত্যুৰে যুঁজি আৰোগ্য হ’ল৷কিন্তু ঘৰলৈ ঘুৰি অহাৰ পৰাই এক নতুন সমস্যাৰ উদ্ভৱ হ’ল৷ঘৰত অকলে থাকিলেই বৰঠাকুৰ,শৰ্মা,দত্ত,হাজৰিকা সকলোৱে খিৰীকিৰে হাতবাউলি দি মাতে,”আহক দাদা৷আমাৰ ওচৰলৈ গুচি আহক আৰু কিমাননো যাতনা ভুগিৱ৷আহক৷আমাৰ পৃথিৱীলৈ আহক৷“ প্ৰথমে সেয়া তেওঁৰ দুৰ্বল শৰীৰৰ সৃষ্ট মনৰ ভ্ৰম বুলি ভাবিলেও পিছত বাৰে-বাৰে তেওঁ একে কথাৰেই পুনৰাবৃত্তি কৰিবলৈ লোৱাত অৱশেষত এই সিদ্ধান্ত লোৱা হ’ল যে তেওঁক ঘৰত মুঠেই অকলে এৰা নহ’ব অন্তত এজন হ’লেও তেওঁৰ সৈতে পৰ দিবলৈ থাকিব৷২০১৩-১৫ ৰ মাজত প্ৰায় তিনি-চাৰিবাৰ মই নিজেই সেই আবাসগৃহত আছিলো৷আমি সকলো জানো কিন্তু কোনোদিনেই চাক্ষুষ দৃষ্টান্তৰ সাক্ষী হোৱা নাছিলো৷তেতিয়া মই প্ৰায় ১৫-১৬ বছৰীয়া কিশোৰ মাত্ৰ৷পেৰাচাইক’লজি খাই নে পিন্ধে সেয়াও নাজানো৷কিন্তু এটা কথা অন্তৰেৰে স্বীকাৰ কৰিম সেই আবাসত কিবা এটা সাংঘাতিক “negativity” আছে৷এয়া মোৰ অহংকাৰ নহয় সত্য ইতিহাস৷মই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিষ্ঠিত তাৰ্কিক৷২০১৮ বৰ্ষত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ তাৰ্কিকৰ সন্মানো পাইছিলো৷জীৱনৰ মাত্ৰ তিনিখন তৰ্ক প্ৰতিযোগিতাতেই মই স্থান পোৱা নাই আৰু সেই কেউখনেই গুৱাহাটীত হৈছিল আৰু প্ৰতিবাৰেই মই সেই অভিশপ্ত আবাসৰ পৰা তৰ্কস্থলীলৈ গৈছিলো৷ইয়াৰ বিনে মোৰ তৰ্কৰ পোন্ধৰ বছৰীয়া ইতিহাসত এটাও বিফলতাৰ উদাহৰণ নাই৷
২০১৪ ৰ গৰমকালিৰ কথা ভুক্তভোগীৰ কনিষ্ঠ ভাতৃয়ে বিদ্যালয়ৰ পৰা চৰা ঘৰত সোমায়েই প্ৰচণ্ড স্বৰেৰে আৰ্তনাদ কৰি মূৰ্চাপ্ৰায় হৈ পৰিল৷ৰোগীয়া পিতৃয়ে বিছনাৰ পৰা উঠি আহি মুৰত তেল-পানী দিয়াত সি সেহাই-সেহাই ডাইনিং হ’লৰ ফ্ৰীজটোলৈ আঙুলিয়াই ক’লে,”সৌখিনিতে কোলা বোৰ্খা পিন্ধা বুঢ়ী এজনীয়ে ফ্ৰীজৰ পৰা কেঁচা মাংস উলিয়াই খায় আছিল৷সম্ভৱত মই অহাৰ উমান পাই পিছলৈ ঘুৰি চায় এটা চয়তানী হাঁহি মাৰিলে৷বুঢ়ীৰ মুখত ব্ৰয়লাৰৰ কেঁচা মঙহ আৰু কোৱাৰিৰে তেজ বৈছিল৷উস!কি বীভৎস ৰূপ৷“বেচেৰাই ভুতুনী দেখাৰ সংবাদ আমিও ফোনযোগে পালো৷তাৰ সপ্তাহচেৰেক পিছতেই সিহঁতৰ চোতালত কালসন্ধ্যা সেই বোৰ্খাধাৰী বুঢ়ীৰ ভয়াবহ ৰূপক প্ৰত্যক্ষ কৰি বেচেৰাৰ ঘৰুৱা শিক্ষকেও থৰকাচুটি হেৰুৱাই সেইদিনাই পাওনা ধন লৈ বিদায় মাগিলে৷প্ৰথমে ৰোগীয়া পিতৃ,কনিষ্ঠ পুত্ৰ আৰু অন্তত ঘৰুৱা শিক্ষকৰ অভিজ্ঞতাই প্ৰমাণ কৰিলে যে এয়া কোনো ভ্ৰম নহয় হয়তো সঁচাকৈয়েই এই অট্টালিকা অভিশপ্ত৷আমি সকলোৱে চিন্তিত হৈ ভুক্তভোগীৰ পৰিয়ালক শীঘ্ৰেই সেই বিল্ডিং এৰিবলৈ চাপ দিলো৷মোৰ সঠিক মনত আছে এয়া ১৫ ৰ জুলাই মানৰ কথা৷ AIPMT ৰ পৰীক্ষা দিবলৈ মই,মা আৰু জেঠাই সিহঁতৰ ঘৰলৈ এসপ্তাহ মানৰ বাবে গৈছিলো৷মা আৰু জেঠায়ে পুনৰ ঘৰ এৰাৰ কথা ওলালে৷কিন্তু মহানগৰীৰ মাজমজিয়াতে নিজৰ এটা 3 BHK ফ্লেট থকাৰ পিছতো ভুক্তভোগীৰ পিতৃয়ে চৰকাৰী আবাস এৰাৰ নামেই নলয়৷তেওঁ কোৱা কথাষাৰ মোৰ আজিও কাণত বাজি আছে,”কিমান স্মৃতি জড়িত আছে এইখন ঘৰত৷এইখনেই মোৰ আপোন ঘৰ৷শেষ দিনকেইটা ইয়াতে কটাবলৈ পালেহে শান্তি পাম৷“ আমি সপ্তাহচেৰেক থাকি গুচি আহিলো৷ ভুক্তভোগীৰ পিতৃ ৰোগীয়া যদিও শৰ্য্যাশায়ী নহয়৷চিকিৎসকে মানা কৰাৰ বাবেহে গাড়ী নচলাই৷কিন্তু তেতিয়াও পেঞ্চনৰ কাম কৰিবলৈ কেতিয়াবা অকলেই টেক্সি লৈ দিচপুৰলৈ যায়৷ দেওঁবাৰে দুপৰীয়া আমি উভতিলো৷তেওঁ আমাক ষ্টেচনত হাঁহিমুখেৰে বিদায় দিলে৷কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিকল্পনা পৃথক আছিল এয়াই আছিল পাৰ্থিৱ পৃথিৱীত আমাৰ অন্তিম সাক্ষাৎ ও বিদায়৷সেই সোমবাৰে গৈ পিছৰ সোমবাৰে খবৰ আহিল পেঞ্চনৰ কাম কৰিবলৈ ঘৰৰ পৰা ওলাওতেই হঠাৎ তেওঁ মুৰ ঘুৰাই সৰি পৰিল৷হস্পাতাললৈ লৈ গ’ল কিন্তু সজাৰ প্ৰাণ পক্ষী হয়তো কেতিয়াবাই উৰি গ’ল৷চিকিৎসকে মৃত্যুৰ কাৰণ কাৰ্ডিয়েক এৰেষ্ট বুলি ক’লে৷তেওঁৰ এখন প্ৰিয় আৰামী চকী আছিল৷সন্ধিয়া হ’লেই তাতে বহি বাতৰি শুনে বা খেল চায়৷তেওঁৰ মৃত্যুৰ পিছৰ পৰাই তেওঁৰ জীয়ৰী যি আজিৰ কাহিনীৰ ভুক্তভোগী তেওঁ প্ৰায়ে চিলমিল টোপনিত চৰাঘৰত চকী টনাৰ শব্দ শুনে৷মাজে-সময়ে তন্দ্ৰালাসৱস্থাত এনে লাগে সেই আৰামী চকীত বহি সদ্যপ্ৰয়াত পিতৃয়ে তাইক চাই আছে৷প্ৰথমে তেওঁ সেয়া মনৰ ভ্ৰম বুলি ভাবিছিল কিন্তু সদায় একে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ বাবে এদিন প্ৰমাণ চাবৰ বাবে নিশা শোৱাৰ পূৰ্বে সেই আৰামী চকীখন কিছু নিলগাই থ’লে৷ৰাতি পুনৰ চকী টনাৰ শব্দ,সপোনত মৃতকৰ আগমন৷পিছদিনা শুই উঠিয়েই চৰাঘৰলৈ গৈ দেখে আৰামী চকী তেওঁ ৰখা স্থানৰ পৰা আতৰি পুনৰ টিভিৰ সন্মুখত৷পিতৃৰ অতৃপ্ত আত্মাৰ আভাষ পায় তেওঁ হুকহুকাই কান্দিলে৷সেইনিশা প্ৰয়াত পিতৃয়ে তেওঁৰ সপোনত আহি ক’লে,”মই বৰ কষ্ট পাইছো৷এতিয়া এইখন মোৰ পৃথিৱী নহয়৷কিন্তু মই কি কৰিম তহঁতক যে অকলে এৰিবও নোৱাৰো৷এৰিলে সিহঁতে তহঁতকো মাৰি নিব৷“ “কোন সিহঁত?“ “সেই বোৰ্খা পিন্ধা বুঢ়ী৷অকল তায়েই নহয়৷বিশজনমান হ’ব৷সকলো ক’লা ছায়া৷এই অট্টালিকা অভিশপ্ত৷কবৰস্থানৰ ওপৰত নিৰ্মিত এই অট্টালিকাই মানুহৰ তেজ খায়৷মোৰ বৰ কষ্ট হৈছে৷তহঁতি যা৷সোনকালে যা৷ভুক্তভোগীয়ে কিবা কোৱাৰ পূৰ্বেই তেওঁৰ সদ্যপ্ৰয়াত পিতৃ অস্থিৰ হৈ পৰিল৷তই যা,বেগাই যা,সৌৱা সিহঁত আহিছে৷মই সিহঁতক বেছিপৰ বাধা দিব নোৱাৰিম৷তই যা,পলা…………”ভুক্তভোগীয়ে প্ৰচণ্ড স্বৰেৰে আৰ্তনাদ কৰি সাৰ পাই উঠিল৷চকুমেলিয়ে সন্মুখত এক তেজস্বী জ্যোতিপিণ্ডৰ দৰ্শন পালে৷মাক আৰু ভায়েক কোঠালৈ দৌৰি সোমাই অহাৰ মাত্ৰকেই জ্যোতিপিণ্ড বতাহৰ সৈতে মিলি গ’ল৷কিন্তু ভুক্তভোগীয়ে কোৱানুসৰি জ্যোতিপিণ্ডৰ উজ্জ্বলতাই প্ৰায় দহ মিনিট মানৰ বাবে তেওঁক অন্ধত পৰিণত কৰিলে৷দুদিনৰ পিছতেই তেওঁলোকে সেই আবাস এৰি মহানগৰীৰ মাজমজিয়াৰ ফ্লেটটোলৈ গুচি গ’ল৷আমিও স্বস্তিৰ নিশ্বাস পেলালো৷গৃহপ্ৰৱেশৰ দিনা জীয়ৰীৰ স্বপ্নত পুনৰ পিতৃৰ আগমন ঘটিল,”নতুন ঘৰৰ মূখ্য দৰ্জাৰ বাহিৰৰ পৰাই এক হুমুনিয়াহ কাঢ়ি ক’লে৷আজিৰ পৰা আৰু তোক মই দেখা নিদিও৷সিহঁতে এতিয়া ইচ্ছা কৰিলেও তহঁতৰ কোনো ক্ষতি কৰিব নোৱাৰে৷তহঁতে ভালকৈ থাক হওঁক৷মই যোৱাৰ আগত মাতষাৰি দি থৈ গ’লো৷বহু দুৰণিবটীয়া বাট৷হ’লেও মাজে-সময়ে আহিম৷বিদায়৷“
ভুক্তভোগীৰ পৰিয়ালে সেই অট্টালিকা ত্যাগ কৰাৰ অন্তত হেনো ডেকা উপাধিৰ আন এটা পৰিয়াল সেই আবাসলৈ আহিছিল৷২০১৭ নে ১৮ ৰ ফেব্ৰুৱাৰী মাহত সেই দম্পতীহালৰ পত্নীৰ নিশা শুই থাকোতেই মৃত্যু হ’ল৷চিকিৎসকৰ সন্দেহ প্ৰেছাৰষ্ট্ৰক৷মোৰ শেহতীয়া গুৱাহাটী ভ্ৰমণ কালত মই সেই ভুক্তভোগী নিকট আত্মীয়ৰ নতুন ফ্লেটটোতে আছিল৷আগৰ পৰাই টুকুৰা-টুকুৰকৈ কথাবোৰ জানো যদিও ভুক্তভোগীয়ে যোৱা ৰবিবাৰে নিশা সেই অট্টালিকাৰ সমগ্ৰ ইতিহাস ক’লে৷অট্টালিকাটো এতিয়াও আছে৷তলৰ মহলা সম্পূৰ্ণ খালী৷দত্তৰ মৃত্যুৰ পিছত ওপৰৰ এটা আবাস খালীয়েই হৈ আছে৷কিন্তু দেউৰীৰ পৰিয়ালটো এতিয়াও তাতে আছে৷ভুক্তভোগীয়ে অট্টালিকাৰ শেহতীয়া ফটো এখন দেখালে৷আগেয়ে আমি দৌৰি-ধপলিয়াই ক্ৰিকেট খেলা চোতালখন আজি ফুটুকানিত পৰিণত হ’ল৷দেখিলে এনে লাগে যেন গোটেইখন জোক-সাপেৰে ভৰা এৰাবাৰী৷খালী আবাসগৃহ কেইটাতো কিবাকিবি বনৰীয়া লতা৷খটখটীৰ লতাপতাবোৰ দেউৰীহঁতে মাজেসময়ে কাটি থাকে বাবে সেইটো আগৰ দৰেই চিকুণ হৈ আছে৷কাষৰ বিল্ডিং কেইটাৰ মানুহে মাজে-সময়ে জ্বলন্ত ছিগাৰেটসহ খটখটীত পায়চাৰি কৰা শৰ্মাক আজিও দেখে৷কালসন্ধ্যা কেতিয়াবা হাজৰিকাৰ জীও চাদতে বহি থাকে৷ডেকানীয়ে দোকমোকালিতে বাঁহনি মৰাও বহুতে দেখে৷দেউৰী আংকলৰ ল’ৰাজন মোৰ কাণসমনীয়া বন্ধু বোৰ্খা পিন্ধা বুঢ়ী আৰু ছাবোৰক সিও মাজে-সময়ে দেখা পায়৷মাকে এবাৰ শৰ্মাক দেখিছিল৷অৱশ্যে বৰঠাকুৰ আৰু ভুক্তভোগীৰ পিতৃক কোনেও নেদেখে৷দেউৰীক আজিৰ কাহিনীৰ ভুক্তভোগীৰ পৰিয়াল,তেওঁৰহআপোন মানুহ,শুভকাংক্ষী আনহে নালাগে নিজৰ পত্নী-পুত্ৰই হাজাৰ বুজনি দিয়াৰ পিছতো তেওঁ সেই অভিশপ্ত আবাস এৰিবলৈ সাজু নহয়৷ইফালে মহানগৰীৰ মাজমজিয়াত তেওঁৰ নিজা ঘৰ আছে য’ত ভাড়াতীয়া থাকে৷ভুক্তভোগীৰ শেষৰ বাক্যশাৰীয়ে সিদিনা মোৰ বুকু কপাই তুলিছিল,”দেউৰী আংকলৰ শৰীৰো পৰি আহিছে৷যকৃৎৰ সমস্যা৷এই অভিশপ্ত অট্টালিকাটোৱে এজনৰ বলি নোলোৱাকৈ কোনো পৰিয়ালকে এৰি নিদিয়ে৷“
কাৰণ বিশ্লেষণঃভুক্তভোগীৰ পিতৃৰ আত্মাই সপোনত কোৱাৰ দৰেই সঁচাকৈয়ে সেই ঠাইত অট্টালিকা নিৰ্মাণৰ আগেয়ে এখন কৱৰস্থান আছিল৷শ্মশান বা কৱৰস্থান তীৰ্থভূমিৰ দৰেই পবিত্ৰ য’ত মানৱী দেহাই মোক্ষ পায় যেতিয়ালৈকে ঈশ্বৰৰ নাম লোৱা হ’য়(শ্মশানত পবিত্ৰ অগ্নিৰে মৃতদেহৰ দহন কৰা হ’য়,প্ৰেতকৰ্মৰ নিমিত্তে পবিত্ৰ মন্ত্ৰোচ্চাৰণ,শ্মশান কালী বা কালভৈৰৱৰ মন্দিৰ স্থাপন বা কৱৰ দিয়াৰ কালত কোৰাণৰ পবিত্ৰ আয়াতৰ পঠনে সেই শ্মশান ভূমি বা কৱৰস্থানত ধনাত্মক উৰ্জাৰ সৃষ্টিৰে সেই স্থানত অন্তোষ্টিক্ৰিয়া সমাপন অপঘাত মৃত্যুত মৰা মানুহৰ অতৃপ্ত আত্মা তথা শ্মশাননিবাসী যোগিনী,ডাকিনী,যক্ষিণী,কৰ্ণপিশাচীনী,জিনাৎ আদিৰ দৰে চয়তানী শক্তিক নিয়ন্ত্ৰণত ৰাখে) কিন্তু যদি ঈশ্বৰৰ উপাসনাৰ অবিহনেই তেনে ভূমিৰ ভূমি পূজন নকৰাকৈ গৃহ বনোৱা হ’য় তেনেহলে অতৃপ্ত আত্মা আৰশ চয়তানী শক্তি ক্ৰমে সক্ৰিয় হৈ সেই ঠাইখণ্ডক অভিশপ্ত কৰি তোলে৷এনে স্থানত বসবাস কৰা ব্যক্তিৰ শাৰীৰিক,মানসিক,আবেগিক আৰু আৰ্থিক স্থিতি অস্থিৰ হৈ পৰে৷শৰ্মা,হাজৰিকাৰ নুমলী জী,বৰাৰ পৰিবাৰৰ আকস্মিক মৃত্যু হৈছিল যাৰ বাবে তেওঁলোক মুঠেই প্ৰস্তুত নাছিল সেয়ে তেওঁলোক আজিও সংগী বিছাৰি বিচৰণ কৰা অতৃপ্ত প্ৰেত৷দত্তৰো চিৰিৰ পৰা পিছলি আকস্মিক মৃত্যুৱেই হৈছিল৷কিন্তু তেওঁৰ আত্মাই প্ৰেত হৈ কিয় কাকো আমনি কৰা নাই সেয়াই এক ৰহস্য৷হয়তো সেয়াই বিধিৰ বিধান৷অপঘাত মৃত্যু যেন লাগিলেও যথাসম্ভৱ তেওঁৰ আয়ুসত চাউল শেষ হৈছিল অথবা পত্নী-সন্তানৰ পৰা বিচ্ছেদিত একাকীত্ব জীৱনৰ প্ৰতি তেওঁৰ মোহভংগ হৈছিল৷বৰঠাকুৰ কৰ্কট ৰোগী আছিল সেয়ে তেওঁ মৃত্যুৰ বাবে প্ৰস্তুত আছিল ফলশ্ৰুতিত পোনেই মুক্তি পালে৷ভুক্তভোগীৰ পিতৃয়েও প্ৰায়েই কৈছিল তেওঁৰ আৰু বেছি দিন নাই কিন্তু চয়তানী শক্তিৰ পৰা পৰিয়ালক ৰক্ষা কৰাৰ নিমিত্তে তেওঁ মুক্তি পোৱা নাছিল কিন্তু পৰিয়ালে চৰকাৰী আবাস এৰাৰ লগেলগেই তেওঁৰ শংকাৰ অন্ত পৰিল আৰু মুক্তি পালে৷অতৃপ্ত আত্মাই জীৱিত কালৰ অভ্যাস নতুবা জীৱনৰ অন্তিম ক্ষণৰ পুনৰাবৃত্তি কৰে৷সেয়ে বৰঠাকুৰে জীৱিত কালৰ দৰেই আজিও ছিগাৰেটসহ খটখটিৰে পায়ছাৰি কৰে,ডেকাৰ পৰিবাৰে দোকমোকালিতে বাঁহনি মাৰে আৰু হাজৰিকাৰ জীয়ে অন্তিম ক্ষণক ধীয়াই ছাদত বহি থাকে৷বোৰ্খা পিন্ধা বুঢ়ী আৰু ছায়ামুৰ্ত্তিবোা আমাৰ ভাষাত “non human বা demonic spirit”৷সংস্কৃতিভেদে ডাকিনী,যক্ষিণী,যোগিনী,কৰ্ণপিশাচীনী,জিন্নাৎ আদি নামেৰে জনা যায়৷ভুক্তভোগীয়ে দেখা উৎজ্বল পোহৰৰ জ্যোতিপিণ্ড তেওঁৰ পিতৃৰ আত্মা আছিল যি ইচ্ছাকৃত ভাবে নিজ পৰিয়ালৰ সুৰক্ষাৰ নিমিত্তে মোক্ষক অস্বীকাৰ কৰি ইহলোকতে আছিল৷সেয়ে ভূমি পূজন,বাৰী বন্ধনী,চাৰিচুকত শিৱ লিংগ স্থাপন আদিৰ অবিহনে এনে স্থানত বাসগৃহ বা ব্যৱসায় সমন্ধীয় কাৰ্য্যলয় নিৰ্মাণ কৰা নিষেধ৷অচিন কাঠৰ থোৰাকো নলগাবা৷সেয়ে মাটি,ফ্লেট,ভাড়াঘৰ আদি লোৱাৰ পূৰ্বেই তাৰ ইতিহাস জনা উচিত৷পৰাপক্ষত এনে সম্পত্তিৰ মোহ নকৰাই ভাল৷কাৰণ এনে অভিশপ্ত স্থানত নিবাস কৰাৰ পৰিণতি শাৰীৰিক ব্যাধি,মানসিক অশান্তি,কৰ্মোন্নতিত বাধা,আশাপ্ৰদ ফলাফলৰ পৰা বঞ্চিত হোৱা,বিচ্ছেদ আনহে নালাগে অপঘাট মৃত্যুও হ’ব পাৰে৷অপঘাট মৃত্যুৱে প্ৰেতৰ সৃষ্টি কৰি চয়তানী শক্তিক অধিক সমৃদ্ধ কৰে৷যিমানেই অপঘাট মৃত্যুৰ হাৰ বৃদ্ধি পায় সেই স্থান সিমানেই অধিক অভিশপ্ত হৈ পৰে৷এনে অভিশপ্ত স্থানত উষ্ণতাৰ তাৰাতম্য(প্ৰাকৃতিক বাখ্যা অবিহনেই অত্যাধিক শীত বা গছৰ পাত এটা নলৰাকৈও শীতল বতাহৰ আগমন),ভল্টেজৰ বেমেজালি,বৈদ্যুৎতিক সৰঞ্জামৰ সঘন বিজুতি,মূহূৰ্তৰ বাবে ওকালিৰ সৃষ্টি কাৰী তীব্ৰ গেলাগোন্ধৰ আৰ্বিভাৱ বা অৰ্ন্তধান,ছায়ামুৰ্ত্তি বা বীভৎস চেহেৰাৰ দৰ্শন. সহজে মেছৰ কাঠী বা লাইটাৰ নুমাই যোৱা আদি হ’ব পাৰে৷সেয়ে এনে সমস্যাৰ সাক্ষী হ’লে শীঘ্ৰেই ঈশ্বৰৰ শৰণ লৈ সেই স্থান পৰিত্যাগ কৰক৷
(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)