ভবিষ্যৎৰ ইতিহাসবিদে সম্ভৱত আজিৰ এই ক্ষণক সমগ্ৰ বৈদিক সভ্যতাৰ এক বিবৰ্তন বিন্দু ৰূপে স্বীকৃতি দিব৷ধৰ্মৰ আহ্বানে দ্বিবিভক্ত কৰা আৰ্য্যব্ৰত৷ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ৷ধৰ্ম আৰু অধৰ্মৰ সন্মুখ সমৰত এফালে কুৰুকুলৰ শিৰোমণি সুদীৰ্ঘ ছয় শতিকাৰ অভিজ্ঞতাৰে পুষ্ট পিতামহ ভীস্মৰ নেতৃত্বত সৰ্বত্ৰমুখী বেহুবিন্যাসৰে সজ্জিত কৌৰৱৰ এঘাৰ অক্ষৌহিণী সেনা আৰু আনহাতে দ্ৰৌপদ তনয় অনাভিজ্ঞ যুৱৰাজ ধৃষ্টদ্যুম্নৰ নেতৃত্বত ব্ৰজবেহুৰ সজ্জাত পাণ্ডৱৰ সাত অক্ষৌহিণী সেনা৷দ্বাৰকাধীশ শ্ৰীকৃষ্ণই অস্ত্ৰধাৰণ নকৰো বুলি প্ৰতিজ্ঞা কৰাৰ অন্তত আজিৰ ধৰ্মক্ষেত্ৰত ধনঞ্জয় অৰ্জুনেই ধৰ্মৰাজৰ অন্তিম আশা৷

সন্মুখ সমৰত শত্ৰু শিবিৰত পৰম পূজ্য পিতামহ ভীস্ম,জীৱনৰ মাগদৰ্শক গুৰু দ্ৰোণ আৰু আদৰৰ জ্যেষ্ঠপিতৃ ধৃতৰাষ্ট্ৰৰ সন্তান তথা নিজৰেই আপোন ভাতৃসকলক প্ৰত্যক্ষ কৰি ধনঞ্জয়ৰ চকুৰে অশ্ৰুধাৰা বৈ আহিল৷ন্যায়ৰ গাণ্ডীৱ সম্বৰণ কৰি কম্পিত কন্ঠেৰে অৰ্জুনে স্বগতোক্তি কৰিলে,” যি পিতামহৰ চৰণৰ ধূলিকণাই মোৰ সমস্ত সত্বাক সামৰি ল’বলৈ সক্ষম,যি গুৰুৱে মোক জীৱনৰ মৰ্মাথেৰে পৰিচয় কৰালে,যি দুৰ্য্যোধন অধৰ্মী স্বতেও মোৰ বুকুৰ কুটুম কিদৰে মই তেওঁলোকক শত্ৰু জ্ঞান কৰি গাণ্ডীৱত শৰ সন্ধান কৰো?যুদ্ধ সদায়েই সভ্যতাৰ পৰিপন্থী৷যুদ্ধ স্ৰজন ক্ষমতাহীন মহা বিনাশৰ কাৰক মাত্ৰ?কিহৰ বাবে এই বিশাল আয়োজন?বৈদিক সভ্যতা আৰু আৰ্য্যব্ৰতৰ মহাবিনাশৰ বাবে!

“হে পাৰ্থ৷এয়া কেনে বিড়ম্বনা!যুৱৰাজ দুৰ্য্যোধনৰ সীমাহীন অন্যায় আৰু ব্যাভিচাৰৰ প্ৰত্যক্ষদৰ্শী হোৱা স্বতেও কিয় তুমি নিজকে মায়াপাশত আবদ্ধ কৰিছা৷আৱেগৰ ইন্দ্ৰজাল ভেদি ধৰ্মৰ আহ্বানক হৃদয়ংগম কৰা৷ধৰ্মৰূপী ন্যায়ৰ গাণ্ডীৱক ধাৰণ কৰি সত্যৰ শৰ সন্ধানেৰে অধৰ্মৰ মহাবিনাশ কৰা৷“ পাৰ্থসাৰথি দ্বাৰাকাধীশে শীতল কন্ঠেৰে ক’লে৷

“ হে মাধৱ৷মই যে নিৰূপায়৷মোৰ সমগ্ৰ শৰীৰক এক অজান আশংকা আৰু যন্ত্ৰণাই দগ্ধ কৰিছে৷মই সম্ভৱত হেৰুৱাই পেলাইছো গাণ্ডীৱত শৰ সন্ধান কৰাৰ ক্ষমতা৷অন্যায়ৰ বিৰোধিতাৰ নামত কিদৰে মই বঙহৰ তেজেৰে ফাকু খেলো৷গাণ্ডীৱৰ বাণসৃষ্ট মহাবিনাশে মোক মাথো হত্যাকাৰীৰ শাৰীলৈ অৱনমিত কৰিম৷যুদ্ধ মানেই আতংক,ৰক্তবিভীষিকা আৰু বিনাশ মাত্ৰ৷“ কম্পিত কন্ঠেৰে নিজস্ব যুদ্ধবিৰোধী স্থিতি স্পষ্ট কৰি অৰ্জুনে এক দীঘলীয়া হুমুনিয়াহ পেলালে৷

“কিন্তু পূৰ্ণ বিধ্বংসই নৱনিৰ্মাণৰ পূৰ্বচৰ্ত পাৰ্থ৷এয়াইটো নিয়তিৰ নিয়ম৷বৰ্তমানৰ যুদ্ধৰ গৰ্ভতেই ভবিষ্যৎৰ শান্তি আৰু সমৃদ্ধিৰ পৃথিৱীখন লালিত-পালিত হয়৷এয়া ভাগি পৰাৰ সময় নহয় অৰ্জুন৷তোমাৰ দৰে এজন মহাৰথী ধৰ্মযোদ্ধাৰ বাবে এনে দুৰ্বলতা পৰিতাজ্য আৰু তোমাৰ এই সীমাহীন সহনশীলতাৰ দৰ্শন সমস্ত সৃষ্টিৰ বাবেই বিনাশকাৰী৷“

”হে মাধৱ৷মোক ক্ষমা কৰিব৷সমগ্ৰ আৰ্য্যব্ৰতেই স্বীকৃতি দিয়া আপোনাৰ সীমাহীন জ্ঞানক প্ৰত্যাহ্বান জনোৱাৰ ধৃষ্টতা মোৰ নাই৷কিন্তু আজি আপোনাৰ এশাৰী বাক্যয়ো মোৰ কৰ্ণকুহকক ভেদি হৃদয়ত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই৷মোৰ হৃদয়ে কয় যুদ্ধ সভ্যতাৰ বাবে এক অভিশাপ মাত্ৰ৷ক্ষমা আৰু সহনশীলতা ব্যক্তিৰ দুৰ্বলতা নহয় বৰঞ্চ মানসিক সৱলতাৰ হে চানেকি৷কুৰুক্ষেত্ৰৰ এই ৰক্তক্ষয়ী সংঘৰ্ষই সৃষ্টি নহয় মাত্ৰ মহাবিনাশৰ হে সূচনা কৰিব৷যুদ্ধৰ লেলিহান শিখাই দাহ কৰিব আৰ্য্যব্ৰতৰ সভ্যতা,সংস্কৃতি আৰু পৰম্পৰাক৷নৱপ্ৰজন্মক পৰম্পৰাৰ জ্ঞান দিবলৈ গুৰুৰ স্থান ৰিক্ত হ’ব৷সমাজব্যৱস্থা ভাঙোনমুখী হ’ব৷মাথো সময়ৰ অন্তলৈকে ৰৈ যাব অংগক্ষত সেনাৰ যন্ত্ৰণাপীড়িত চিৎকাৰ,স্বামীহীন নাৰীৰ একাকীত্ব,পুত্ৰহীন অভিভাৱকৰ বিননি আৰু পিতৃহীন সন্তানৰ অশ্ৰুধাৰা৷“

“যুদ্ধ বিনাশকাৰী এয়া মাথো এক অৰ্দ্ধসত্য পাৰ্থ৷কাৰণ বিনাশেই নৱনিৰ্মাণৰ আধাৰ৷শীতে লঠঙা কৰা বৃক্ষত পুনৰ কুহিপাতে পোখা মেলে৷শীতৰ তাণ্ডৱত বৃক্ষৰ পৰা বিচ্ছিন্ন হোৱা শুস্ক পত্ৰ অথবা বসন্তৰ বা লাগি গজি উঠা কুঁহিপাত কোনোৱেই বৃক্ষৰ অস্তিত্বৰ কাৰক নহয়৷বৃক্ষৰ পৰিপুষ্টিৰ বাবে শুস্ক পাতৰ ক্ষৰণ আৰু কুঁহিপাতৰ অংকুৰণ৷কিন্তু পত্ৰৰ বাবে বৃক্ষ নহয়৷সেইদৰেই কোনো প্ৰজন্মৰ মৃত্যু বা জীৱন লাভে সমাজক প্ৰভাৱন্ধিত নকৰে৷ব্যক্তিৰ বাবে সমাজ নহয় সমাজৰ বাবে ব্যক্তি আৰু সমাজ সৃষ্টিৰ বাবে৷সমগ্ৰ সৃষ্টিয়েই পৰমাত্মা আৰু পৰমাত্মাই সৃষ্টি পাৰ্থ৷সৃষ্টিৰ সন্তুলনৰ স্বাৰ্থতেই এই জীৱন-মৃত্যুৰ বিৰামহীন চক্ৰ৷অৱশ্যেই অহিংসাই পৰম ধৰ্ম আৰু দয়া,ক্ষমা,ত্যাগ,সহনশীলতা জিতেন্দ্ৰিয়তাৰ পৰিচয়৷কিন্তু সকলোৰে এক নিৰ্দিষ্ট সীমা থাকে পাৰ্থ৷সীমাক অতিক্ৰমিলে অমৃতসম প্ৰেমো হলাহলত পৰিণত হ’য়৷শিশুপালৰ নিৰানব্বৈতম ভুললৈকে মই দয়া-ক্ষমাৰ মাৰ্গেৰে সহনশীলতাৰ পৰিচয় দিছিলো৷কিন্তু যেতিয়া ভ্ৰাতা শিশুপালৰ দৃষ্টিত মোৰ সহনশীল আদৰ্শ দুৰ্বলতাত পৰিণত হ’ল তেতিয়াই অন্যায়ৰ বিৰোধিতাৰে সত্য-ধৰ্ম প্ৰতিষ্ঠাৰ স্বাৰ্থত মই সুদৰ্শনৰ প্ৰহাৰেৰে শিশুপালক মুক্তি দিবলৈ বাধ্য হ’লো৷সেইদিনা যদি মোৰ স্থিতি আজি তোমাৰ দৰেই অহিংসাৰ পক্ষত হ’লহেঁতেন তেনেহ’লে নিশ্চিত ৰূপত সমগ্ৰ আৰ্য্যব্ৰতেই সাক্ষী হ’লহেঁতেন বিবেকহীন শিশুপালৰ দৌৰাত্ম্যৰ৷সেইখনেই ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ ৰণভূমিৰ পূৰ্বেই যাৰ মনভূমিতেই ইতি পৰে৷শৈশৱতেই যুৱৰাজ দুৰ্য্যোধনে জ্যেষ্ঠ ভ্ৰাতা ভীমসেনক কালকুট বিষযুক্ত ক্ষীৰ লাডুৰে বধাৰ ষড়যন্ত্ৰ ৰছিলে,সেই পৰিকল্পনা ব্যৰ্থ হোৱাত জটুগৃহ,ক্ৰীড়াৰ নামত চলনাৰে ইন্দ্ৰপ্ৰস্থৰ ৰাজ্য তথা সম্পত্তিহহৰণ,জনচক্ষুৰ সন্মুখতে কুলবধূক নিবস্ত্ৰ কৰাৰ নিৰ্লজ্জ প্ৰয়াস,পঞ্চপাণ্ডৱে চৰ্তানুসৰি বাৰ বছৰৰ বনবাস আৰু এবছৰৰ অজ্ঞাতবাস খটাৰ অন্ততো প্ৰতিশ্ৰুতি বিমুখ হৈ সত্যক বিকৃত কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ৷কিন্তু ইয়াৰ অন্ততো দ্বাৰকাধীশৰ স্বাভিমানক অগ্ৰাহ্য কৰি কেৱল মাত্ৰ শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত মই শান্তিদুত হৈ যুৱৰাজৰ শৰণাপন্ন হ’লো৷প্ৰথমে ইন্দ্ৰপ্ৰস্থ,অসন্মত হোৱাত পাঁচখন ৰাজ্য অন্তত পঞ্চপাণ্ডৱৰ বাবে মাথো পাঁচখন গাঁও৷কিন্তু সৈন্যবল আৰু সম্পত্তিৰ মিথ্যা অহংকাৰত অন্ধ যুৱৰাজে শান্তিৰ অন্তিম প্ৰস্তাৱকো অগ্ৰাহ্য কৰি মৰ্য্যদাৰ সকলো সীমাক অতিক্ৰম কৰি শান্তিদূতকেই বন্দী কৰাৰ বিফল প্ৰয়াস চলালে আৰু আজি সেইবাবেই সভ্যতা সাক্ষী হ’ব মহাবিনাশৰ৷সময়ৰ অন্তলৈকে যুৱৰাজ দুৰ্য্যোধন মানৱ সভ্যতাৰ বাবে উদাহৰণ হৈ ৰ’ব শান্তিক অগ্ৰাহ্য কৰাৰ অন্তিম পৰিণতি কেনে বীভৎস আৰু ভয়াবহ৷শান্তিক অগ্ৰাহ্য কৰাৰ একমাত্ৰ অৰ্থই হ’ল সংঘৰ্ষ৷বৈপৰীত্যৰ সংঘৰ্ষই বিকাশ৷আৱশ্যেই এই ৰক্তক্ষয়ী ধৰ্মযুদ্ধই বৰ্তমানৰ পৰম্পৰাৰ অন্ত পেলাব৷বিবেচনা কৰা পাৰ্থ পৰম্পৰা ধৰ্মৰ সমাৰ্থক নে পৃথক?“

“মাধৱ,সচাৰ্থত মই সকলো বুজিও একো বুজা নাই৷মই দিশহাৰা হৈ পৰিছো৷হে প্ৰাণৰ সখা হে কৃষ্ণ মোক মাগদৰ্শন কৰা৷“ “পাৰ্থ!মই ধৰ্মযুদ্ধত অস্ত্ৰধাৰণ নকৰো বুলি সংকল্পবদ্ধ হোৱাৰ সমান্তৰালভাৱে তোমাৰ ৰথৰ সাৰথি হোৱাৰো প্ৰতিজ্ঞা কৰিছিলো৷নিশ্চিত ৰূপে ধৰ্ম প্ৰতিষ্ঠাৰ্থে তুমিয়েই গাণ্ডীৱত শৰ সন্ধান কৰিব লাগিব৷কিন্তু দিশহাৰা মহাৰথীক মাগদৰ্শন কৰাই সাৰথিৰ কৰ্তব্য৷হে পাৰ্থ৷ধৰ্মৰ বাবে পৰম্পৰা৷পৰম্পৰাৰ বাবে ধৰ্ম নহয়৷পৰম্পৰা এজোপা আমৰ বিৰিখৰ দৰেই৷প্ৰথমাৱস্থাত কেঁচা আমৰ দৰেই ইয়াৰ সোৱাদ প্ৰচণ্ড টেঙা হোৱাৰ বাবে দুই-এজন প্ৰজ্ঞাশীল ব্যক্তিৰ বিনে স্থিত অৱস্থাৰ সমৰ্থক সমাজে বিৰোধিতা কৰে কিয়নো তেওঁলোকে পৰিৱৰ্তনশীল জীৱন শৈলীক প্ৰাসংগিক হোৱাৰ পিছতো গ্ৰহণ কৰিবলৈ হেলা কৰে৷ক্ৰমে পৰম্পৰা সময় আৰু সমাজৰ অনুকুলে পকা আমৰ দৰে ৰসাল আৰু সুগন্ধৰ অধিকাৰী হৈ পৰে আৰু সমগ্ৰ সমাজে সেই পৰম্পৰাক আকোঁৱালি লয়৷কিন্তু পৰিৱৰ্তন সৃষ্টিৰ নিয়ম৷যুগ পৰিৱৰ্তনৰ সমান্তৰালভাৱে সমাজব্যৱস্থা আৰু ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰো পৰিৱৰ্তন হয়৷পকা আম ৰূপী মধুৰ পৰম্পৰা ক্ৰমে পঁচিবলৈ ধৰে৷পৰিণতিত সমাজৰ বাবে বিষাক্ত আৰু শোষণৰ উৎস হৈ পৰে৷বৈদিক সভ্যতাৰ যোগ্যতাভিত্তিক বৰ্ণব্যৱস্থা ক্ৰমে জন্মভিত্তিক হৈ পৰিল৷ভৌতিক সুখৰ মোহত অন্ধ দ্ৰোণই গুৰু হৈ দক্ষিণাত নিনাদপুত্ৰ একলব্য বৃদ্ধাংগুষ্ঠ কাঢ়ি লৈ সমাজক এক উদীয়মান প্ৰতিভাৰ পৰা বঞ্চিত কৰাৰ লগতে ব্ৰহ্মত্বক মলিন কৰিলে৷জৰাসন্ধ,শিশুপাল আৰু দুৰ্য্যোধনৰ দৰে বিবেকহীন -দুৰাচাৰী-ব্যাভিচাৰী ৰাজধৰ্মৰ আবাহক হ’ল৷সূৰ্য্যপুত্ৰ সূতপুত্ৰ হৈ মিথ্যা মিত্ৰতাৰ মায়াপাশত বন্দী হৈ আজি ধৰ্মৰ শত্ৰুৰ পক্ষত৷সেয়ে ধৰ্মৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত এই বিষাক্ত পৰম্পৰাৰ বিনাশ আৱশ্যৱম্ভী৷পুৰণি পৰম্পৰাৰ সমাধিৰ পৰাই নৱ পৰম্পৰা ৰূপী ধৰ্মৰ উত্থান হ’ব৷নতুন পৰম্পৰাই নতুন সমাজব্যৱস্থাৰ জন্ম দিব৷সত্য,ধৰ্ম আৰু ন্যায় পুনঃপ্ৰতিষ্ঠিত হ’ব৷

হে পাৰ্থ৷ধৰ্মযুদ্ধত অস্ত্ৰ ধাৰণ নকৰো বুলি মই পূৰ্বেই প্ৰতিশ্ৰুতিবদ্ধ৷এই ধৰ্মযুদ্ধ তোমাৰ মই তোমাৰ সাৰথি মাত্ৰ৷মাগদৰ্শন সাৰথিৰ কৰ্তব্য৷নিস্বৰ্ত সমৰ্পনেৰে সত্যৰ দৰ্শনক হৃদয়ংগম কৰা নকৰাৰ সিদ্ধান্ত তোমাৰ৷গংগাৰ প্ৰৱাহক হাতৰ মুঠিত আবদ্ধ কৰা গংগাজল প্ৰাপ্তিৰ বিফল প্ৰয়াস মাথোন কেৱল মাত্ৰ সমৰ্পনৰ অঞ্জলিয়েহে সেই জলক পাপনাশিনী গংগাজলত পৰিণত কৰে৷অহংকাৰৰ মুঠি বান্ধি স্থিতশীল হৈ দুৰাচাৰী দুৰ্য্যোধনৰ চৰণত নিৰ্ল্লজ আত্মসমৰ্পণ কৰিবা নে সমৰ্পনৰ অঞ্জলিৰে এই মহাজ্ঞানক গ্ৰহণ কৰি ন্যায়ৰ গাণ্ডীৱত সত্যৰ শৰ সন্ধানেৰে অধৰ্মৰ পূণ বিনাশ তথা ধৰ্মৰ প্ৰতিষ্ঠা কৰিবা সেয়া একান্তেই তোমাৰ সিদ্ধান্ত৷যদি সমৰ্পন তোমাৰ প্ৰথম চয়ন তেনেহ’লে হে কৌন্তেয় নিজকে প্ৰস্তুত কৰা এই দিব্যজ্ঞানৰ হৃদয়ংগমৰ বাবে (আগলৈ)

Leave a comment