(১)
“দাদা!ঐ দাদা৷চাচোন চা৷গছত বগৰীবোৰ যে কি লমালমে লাগিছে!উফ!পকা-পকা বগৰী৷আহ না৷পাৰি দিবি৷“ হয় সি ঠিকেই দেখিছে সেইজনী মুনুকণ৷জোনাকৰ বৰষুণ জাকত তিতি বগৰী জোপাৰ তলত ৰৈ আছে৷বগৰীৰ কাষতে এটা কেঁচা মৰিশালী৷মুনুকণৰ মৰিশালী৷এপষেক মান হ’ল৷বগৰী পাৰিবলৈ যাওঁতেই ছবছৰীয়া মুনুকণ পুখুৰীত ডুবি মৰাৰ৷শেষ ৰাতি এনেকৈয়ে তাক সদাই ৰিঙিয়াই৷শোৱাকোঠাৰ খিৰিকীখনৰ সিপাৰৰ পৰা৷তাইৰ মৰিশালীটোৰ পৰা৷হয় সেইজনী মুনুকণেই৷মাথো গালৰ মঙহবোৰ ক্ৰমশ পচি আহিছে আৰু মুখত সেয়া এসোপামান তেজসোহা জোঁক৷এখন বিবৰ্ণ পঁচা মুখ,ওলোমা মঙহ,এসোপামান জোক আৰু কৰাল বন্ধা মৰা তেজ৷তাই মিচিকিয়াই আকৌ মাতিলে,”দাদা!আহ আকৌ৷“
(২)
হোষ্টেলীয়া জীৱনৰ আৰম্ভণিৰ অধ্যায়৷নতুন ঠিকনা,নতুন সমাজ,এজাক অচিনাকি মানুহ!“নেনা বৰষে ৰিমঝিম ৰিমঝিম………” তাইৰ পঢ়া টেবুলৰ সন্মুখৰ খিৰিকীখনৰে চালেই সৌটো গাৰ্লচ কমন ৰূম৷“অ’ নীলাঞ্জনা বা!চোৱা সৌ বা জনীয়ে ইমান ধুনীয়াকৈ গাইছে৷তাতে কমন ৰূপত বহি৷নেনা বৰষে…..“ খিৰিকীখন বন্ধ কৰি দিয়া ঝৰ্ণা৷তাই মোৰ লগৰে আছিল৷ৰিমঝিম!বৰ সুৰীয়াকৈ গাইছিল জানা!তাই চীপ লৈছিল৷সৌ কমন ৰূমৰ ফেনখনতে৷তাৰ পিছত সদায় দোপৰ নিশা!তাতে বহি গীত জোৰে৷নাম-প্ৰসংগ পতাৰ পিছত কিয় নাজানো আজি আকৌ…..” “হেই!নীলাঞ্জনা বা৷কিয় বাৰু ধেমালি কৰিছা৷“ ঝৰ্ণাই কথাষাৰ সম্পূৰ্ণ হোৱাৰ আগেয়ে এজাক শীতল বতাহে খিৰিকীখন জপাই দিলে৷সম্ভৱত এটা মান মূহূৰ্তৰ বাবে ঝৰ্ণাই দেখিলে৷কমন ৰূপৰ ফেনখনত চীপ লৈ ওলমি থকা এক মৃতদেহ৷খিৰিকীৰ কাষেৰে নুপুৰৰ পদধ্বনি৷সুৰীয়া কন্ঠ পুনঃ প্ৰতিধ্বনিত হ’ল“নেনা বৰ্ষে ৰিমঝিম ৰিমঝিম“ এক খিলখিলয়া হাঁহি আৰু খিৰিকীত কাৰোবাৰ লাহী আঙুলিৰ টোকৰ৷
(৩)
“বাৰিষাৰ বৰষুণ৷অহা যোৱা তোৰ ধুন৷“ নিশাৰ নিস্তব্ধ নীৰৱতাক ভেদি বাহিৰত তেতিয়া ধুমুহাৰ তাণ্ডৱ৷মাজে-মাজে কাণতাল মৰা ধেৰেকনি আৰু বিজুলীৰ লুকাভাকু৷কেৰকেৰকৈ শব্দ কৰি মোৰ কোঠাৰ খিৰিকীখন খোল খাই গ’ল৷চকামকাকৈ বিজুলীৰ পোহৰত বিভূতিক দেখিলো৷আজিও তাৰ কপালেৰে এসোতা কেঁচা তেজ বৈ আছিল৷সিদিনাৰ দৰেই৷যিদিনা ডাম্পাৰখনে তাক মহতিয়াই নিছিল৷প্ৰচণ্ড ধেৰেকণিত জিকাৰ খাই সাৰ পাই গ’লো৷আস!সপোন হে আছিল৷কেৰকেৰকৈ শীতল বতাহৰ স্পৰ্শত খিৰিকীখন এইবাৰ সঁচাকৈয়েই খোল খাই গ’ল৷এস!উপায় নাই৷গোটেই ৰূমটো তিতিব খিৰিকীখন নজপালে৷যাহ!সপোনহে৷নিজকে সান্তনা দি মৰণত শৰণ দি আগবাঢ়িলো৷খিৰিকীখনত হাত দিছো মাত্ৰ৷এক হিমশীতল স্পৰ্শ৷বিজুলীৰ পোহৰত চকামকাকৈ তাক দেখিলো৷বিভূতিক৷সিদিনাৰ দৰেই কপালত এসোতা কেঁচা তেজ৷শুদ্ধ বগা কামিজ৷সেইনিশা সি লৈ গ’ল মোক৷আস!ভাল বন্ধু আছিলো আমি৷আজিকালি দুয়োটাই বেলি লহিয়ালেই একেলগে ঘুৰি ফুৰো৷খিৰিকীৰে ভুমুকিয়াও৷যিদৰে এতিয়া খিৰিকীৰে আপোনাক চাই আছো৷আমাৰ এই যাত্ৰাৰ আপুনিও সহযাত্ৰী হ’লে সুখী হ’ম৷লৈ যাম আপোনাকো৷আমাৰ সিপাৰৰ পৃথিৱীখনলৈ৷প্ৰতিশ্ৰুতি দিলো লগ পোৱাৰ৷লগ পাম আপোনাক খিৰিকীৰ কাষত আজি নিশা৷শেষ নিশা৷আপোনাৰ শেষ নিশা!আমাৰ বন্ধুত্বৰ প্ৰথম নিশা!