“ডেকা ল’ৰা৷ডিনাৰত কি খাবা তেনেহ’লে৷চিকেন,মাটন,পৰ্ক!ঝৰ্ণাই তোমাৰ কথা কৈয়েই থাকে৷মিট লাভাৰ হেনো!আজি তেনেহ’লে দুজন মিটলাভাৰৰ মণিকাঞ্চন সংযোগ৷ডিনাৰ জমিব লাগিব নে কি কোৱা৷“ঝৰ্ণা৷মানে মোৰ বান্ধৱী,প্ৰেমিকা,বাগদত্তা৷ঝৰ্ণাই সকলো৷মোৰ কণমাণি পৃথিৱীখন মানেই কেৱল ঝৰ্ণা,ঝৰ্ণা আৰু ঝৰ্ণা৷প্ৰেমৰ ঝৰ্ণা৷আশাৰ ঝৰ্ণা৷ঝৰ্ণা মোৰ মন মন্দিৰৰ গোঁসানী৷বিয়াৰ আগেয়ে নৈশ ভোজৰ আমন্ত্ৰণ৷প্ৰসন্ন বৰুৱা৷ঝৰ্ণাৰ মৰমৰ দেউতা আৰু মোৰ ভাবী শহুৰ৷বেছ সৰবৰহী ব্যক্তি৷ডেকাৰ লগত ডেকা,বুঢ়াৰ সৈতে বুঢ়া৷হয়তো তেওঁৰ এই গুণটোৱেই মোক মুগ্ধ কৰে৷ “আৰে ডেকা ল’ৰা!কি ভাবি আছা৷আজ কি দাৱত তুমহাৰে নাম৷কোৱা,কোৱা৷কি খাবা৷লাজ কৰিব নালাগে!“

“ককা!চোৱানা,ঝৰ্ণা মাহীয়ে মোক লগাই আছে!“ নিয়ৰ!বৰ মৰম লগা অকণমাণিটো!চাৰিবছৰমান হ’ব৷ঝৰ্ণাৰ ভাগিন৷সৰুজনী বায়েকৰ ল’ৰা৷আজি ঝৰ্ণাৰ বায়েকহঁতো আহিছে৷অৱশ্যে নিয়ৰক ইয়াতে থৈ বা আৰু ভিনদেউ বজাৰ কৰিবলৈ গৈছে৷ভিনদেউৰ কোনো দুৰ সম্পৰ্কীয় ভনীয়েকৰ বিয়া৷তাৰেই বজাৰ৷“ৰ’বা মই মাহীক ঠিকছে গালি দিম৷মোৰ এই পুতলাহেন নাতিটোক কোনে লগাইছে অ’৷“

“দেউতা!চলিহা খুৰাৰ বাইপাছত এক্সিডেণ্ট হ’ল৷এতিয়া ভেন্টিলেশ্যনত৷খুৰীয়ে ফোন কৰিছিল৷বৰকৈ কান্দিছে৷“ ঝৰ্ণাই প্ৰায় থোকাথুকি মাতেৰে ক’লে৷আস!ক্ষন্তেক আগেয়ে হাঁহি-মাতি থকা এখন ঘৰ৷হঠাৎ যেন আমাৰ হাঁহিবোৰ কলীয়া মেঘে ধাকি ধৰিলে৷

“আস!কি বিপদ!সমীৰণ প্লীজ বেয়া নাপাবা৷মই,মাজনীৰ সৈতে ফটকৈ খবৰ এটা কৰি আহো৷এই যাম-এই আহিম৷প্লীজ বেয়া নাপাবা আৰু নিয়ৰক অলপ মন কৰিবা৷আৰু হেৰি নহয়!কোৱা আকৌ কি খাবা৷একেবাৰে বজাৰৰ পৰা লৈ আহিম৷“ “নাই!নাই!নালাগে খুৰা!মোৰ চিনাকী ল’ৰা এটা আছে৷ফোন কৰিলেই দি যাব৷আপুনি ৰান্ধিব নালাগে দিয়ক৷আজি ময়েই ৰান্ধিম৷কেতিয়াবাটো কপালত থাকিলে এক্সটিক মিটো পাই যায়৷আপোনালোক আহক গৈ৷খৰখেদা নকৰিব৷নিয়ৰ তুমি আৰু মই আজি একদম স্পেচিয়েল গ্ৰেভী বনাম৷এবাৰ খাই চাবা৷তাৰ পিছত ক’বা৷ঝৰ্ণা মাহীয়ে বনাবই নাজানে৷“ “আৰু কিবা!“ঝৰ্ণাই কৃত্ৰিম খঙেৰে চকু পকাই ধৰিলে৷

“বাহ!সমীৰণ সাংঘাতিক বনাইছা হে!ইহঁতি হে জানো কিয় গুচি গ’ল৷তাকো আকৌ মোৰ পুতলাটোকো লৈ গ’ল৷বজাৰ-সমাৰ কৰি বোলে লগে-ভাগে ভাতসাঁজ খাই যাওঁ৷নাই৷লৰালৰি৷কেৱল লৰালৰি৷এতিয়া আকৌ হালেই ফোনটোও অফ কৰি থৈছে৷বাদ দিয়া৷সিহঁতে নে কি বুজিব মঙহৰ জুতি৷তাকো আকৌ কুমলীয়া শহাৰ মঙহ৷সকলোতো তোমাৰ মোৰ-দৰে মিট লাভাৰ নহয়৷নে কি কোৱা৷“ “গ্ৰেভী খিনি কিন্তু সঁচাকৈয়ে ভাল হৈছে সমীৰণ!একদম ৱাইন ৰেড গাৰ্নিচ৷“ ঝৰ্ণাই মিছিকিয়াই ক’লে৷ “এহ!মোৰ কিন্তু বেছেৰা নিয়ৰলৈহে বেয়া লাগিছে৷ককা চাই নাতি৷মাংস বুলিলেই পাগল৷ইহঁতৰ আকৌ নিজৰো ধৈৰ্য্য নাই৷মোৰ পুতলাটোকো লৈ গ’ল৷খাম-খাম বুলি আশা পালি আছিল চাগৈ৷বেচেৰাটো৷“

“বেচেৰা নিয়ৰ! আৰু বেচেৰা নিয়ৰৰ বেচেৰা ককাদেউতা!কুটুমে কাটিলে-কুটুমে ৰান্ধিলে-কুটুমে কুটুমক খালে৷বহু ধৈৰ্য্য ধৰিছিলো৷আন ন’হলেও ঝৰ্ণাৰ স্বাৰ্থত৷কিন্তু শেষত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো৷মই মিট লাভাৰ৷কুমলীয়া শিশুৰ মঙহ৷আস!শহাতকৈও কোমল৷প্ৰথম ইক’ কেম্পলৈ যাওঁতে চাকি চাইছিলো৷কেঁচা মৰিশালিৰ পৰা উঠাই অনা এজনী দুবছৰীয়া পখিলাৰ মঙহ!সেয়াই আৰম্ভণি৷তাৰ পিছত মাজে-সময়ে সুযোগ পালে এনেকৈয়ে৷বাহঁতৰ কপাল বেয়া৷ঘপকৈ দৰ্জা খুলি সোমাই আহিল!নিয়ৰৰ দেহটো তেতিয়ালৈ শীতল হৈ পৰিছিল৷ডিঙিটো চেপি ধৰোতে ছটফটাইছিল৷বেয়াও লাগিছিল!হাজাৰ হওঁক মোৰ ঝৰ্ণাৰ ভাগিন৷মোৰ ভাগিন৷আমাৰ ভাগিন৷কিন্তু কুমলীয়া মঙহৰ লোভ!নাই!নোৱাৰি জিকিব৷জোৰেৰে চেপি ধৰিলো৷ডিঙিটো! হাত ভৰি বোৰ জঠৰ নোহোৱা পৰ্য্যন্ত৷কাটি-বাছি থাকোতেই সিহঁত হাল আহিল৷উপায় নাছিল৷ঝৰ্ণাক হেৰুৱাব নোখোজো৷ঝৰ্ণাই যে মোৰ সৰু পৃথিৱীখন৷সেয়ে সিহঁত হালকো ঘপিয়াই মোৰ গাড়ীৰ ডিকিত বডী দুটা ভৰাই ফোন দুটাৰ চিমখন খুলি পেলাই দিলো৷মোৰ হাতত সঁচাই যাদু আছে৷এঘন্টাত সকলো শেষ!এতিয়া মজিয়া!ফু মাৰি ভাত খাব পৰা ৰক্তচেকাবোৰ নাই৷অলপমান আদা-নহৰু-কেঁচা জলকীয়া,পিয়াজ,বিলাহী,ধনিয়া আৰু নিয়ৰৰ কোমল মাংস৷

“মজা লাগিল হে ডেকাল’ৰা৷মোৰ ফালৰ পৰা একদম ফাইভ ষ্টাৰ ৰেটিং!” “থেংকিউ খুৰা৷পিছৰ বাৰ কিন্তু আপোনাৰ হাতেৰে খাম৷“ কুমলীয়া শহাৰ হাড় এটুকুৰাত কামোৰ মাৰি ক’লো সকলোৰে আগোচৰেই মোৰ ওঠত ফুটি উঠিল এক তৃপ্তিৰ হাঁহি৷

Leave a comment