(ডাৰ্ক থ্ৰীলাৰে যদি আপোনাক আমনি কৰে দুঃখিত৷আপোনাৰ মন আপোনাৰ নিয়ন্ত্ৰণত সেয়ে মনে নিবিচাৰিলে আতৰাই পেলাব)
প্ৰেম কৰা ন’হয়,প্ৰেম হৈ যায়৷কাৰণ প্ৰেম জমাখৰচৰ বহী নহয়,প্ৰেম পোৱা-নোপোৱাৰ হিছাপো নহয়,প্ৰেম এখন সাঁকোৰ নাম৷জীৱন নদীৰ ঘাট৷দুপাৰে দুখন মৰম আকলুৱা হৃদয়৷তেজৰঙী হৃদয়৷হৃদয়ৰ ৰক্তজৱা৷
ঝৰ্ণা গোঁসানী আছিল৷মোৰ মন মন্দিৰৰ গোঁসানী৷পূজাৰী মই৷হৃদয়ৰ থাপনাত কাতৰেৰে আগবঢ়াও প্ৰেমৰ নৈবদ্য!হাঁহি-কান্দোন,সুখ-দুখ৷মই সহযাত্ৰী ঝৰ্ণাৰ জীৱনৰ৷ঝৰ্ণা সমভাগী মোৰ অযুত সপোনৰ৷এদিন অকস্মাতে ধুমুহা আহিল৷ঝৰ্ণাৰ মন যেন শ্বিলংৰ আকাশ৷মহানগৰীৰ কংক্ৰিটৰ সভ্যতাক আকোঁৱালি লোৱাৰ পৰাই তাই সলনি হৈছিল৷হয়তো কংক্ৰিটৰ স্পৰ্শই পাষাণ কৰিলে মোৰ ঝৰ্ণাৰ কুমলীয়া হিয়াক৷এইজনী মোৰ ঝৰ্ণা নহয়৷আহ!শৰীৰটো ঝৰ্ণাৰ৷কিন্তু হৃদয়,মন,আত্মা৷চহৰৰ কাৰাখানাৰ ধোৱাৰ মাজত মোৰ ঝৰ্ণাজনী হেৰাই থাকিল৷হয়তো মৃত্যু হ’ল৷মৃত্যু হ’ল ঝৰ্ণাৰ সত্বাৰ যাক মই ভাল পাইছিলো৷
ঝৰ্ণাৰ অভাৱত হৃদয়ৰ সেউজীয়া পথাৰ শুকাই শুস্ক মৰুপ্ৰান্ত হ’ল৷মলয়া-মলয়া ফাগুণী পছোৱা৷মৰুপ্ৰান্তক সুবাসিত কৰা হাস্নাহানা৷আহা প্ৰিয়া নিজৰা হৈ বৈ আহা৷পূৰ্ণ কৰা হৃদয়ৰ মন্দিৰৰ গোঁসানীৰ ৰিক্ত আসন৷স্বীকাৰ কৰা মৰমৰ অৰ্ঘ্য আৰু প্ৰেমৰ নৈবদ্যৰ৷পুনৰ ফুলিব দিয়া মোৰ হৃদয়ৰ গোলাপ পাহিক৷আহা বসন্ত৷তোমাৰেইটো প্ৰতীক্ষা৷ধুলীয়া হৈ গুজি দিম মোৰ নাচনীৰ আলফুলীয়া খোপাত এপাহি বনৰীয়া কপৌ৷
“পৰ্বতে-পৰ্বতে বগাই মই আনিছো…….” গুজি দিয়া আকৌ!তোমাৰ নাচনীৰ খোপাত৷“ নিজৰাই মৰম আকলুৱা কন্ঠেৰে ক’লে৷“আস!জানা কিমান কষ্ট পাহাৰ বগাবলৈ৷হৰিণী নয়না৷মোৰ হৃদয়ৰ শুস্ক মৰুভূমিৰ নিজৰা ৷চকুজুৰি জপাই দিয়া৷কপৌপাহিৰ সৈতে আৰু কিবা আনিছো মোৰ নাচনীজনীলৈ৷চাৰপ্ৰাইজ!” “উম!সোনকাল কৰা৷সমীৰণ৷পলম হৈছে৷দেউতাই গালি দিব৷আৰু উমমম!মই চ’ এক্সাইটেড!“ তাই চকুযুৰি জপালে৷আলফুলে তাইৰ খোপাত গুজি দিলো এপাহি কপৌ৷বনৰীয়া কপৌ৷মূহূৰ্তৰ ব্যৱধানত প্ৰচণ্ড জোৰেৰে ঢুলীয়াৰ হাতৰ হাতুৰীটো নামি আহিল৷তিনি,চাৰি ছেকেণ্ড৷আস্ফুট আৰ্তনাদ!মূহূৰ্তমানৰ বাবে ছটফটনি!মজিয়াত তেজৰ ধাল৷মোৰ মুখত নাচনীৰ তেজৰ আবিৰ৷

মলয়া,হাস্নাহানা আৰু আজি নিজৰা!এক,দুই,তিনি৷সঁচাকৈয়ে ভাল পাইছিলো৷ঝৰ্ণা হেৰাই যোৱাৰ পিছত মলয়া৷মলয়াই গতি সলালে৷হাতুৰীৰ প্ৰহাৰেৰে মই ৰূদ্ধ কৰিলো মলয়াৰ গতি৷হাচনাহানাই সুবাস দিলে৷কিন্তু হাস্নাহানাৰে ভোমোৰাৰ মিতিৰালি৷সহ্য নহ’ল৷উঘালি পেলালো৷নিজৰা!কালি আবেলি আমি ৰেস্তোৰালৈ নোযোৱা হ’লে হয়তো নিজৰাও হেৰাই গ’লহেঁতেন৷মৃত্যু হ’লহেঁতেন নিজৰাৰ,নিজৰাৰ সত্বাৰ৷তাই ৱাছৰূমলৈ উঠি গৈছিল৷ভাইব্ৰেশ্যন!সমীৰৰ বাৰ্তা৷নিজৰাৰ প্ৰাক্তন প্ৰেমিক সমীৰৰ৷বুজি উঠিলো মোৰ নিজৰাক যদি মই নেভেটো তাই হেৰাই যাব৷মৃত্যু হ’ব তাইৰ সত্বাৰ৷ঝৰ্ণাৰ দৰে৷মই প্ৰেমিক চৰাই!কিদৰে হেৰাই যাবলৈ দিও মোৰ প্ৰেয়সীক৷কিদৰে মৃত্যু হ’ব দিও প্ৰেমমন্দিৰা গোঁসানীৰ সত্বাক৷মই শৰীৰ নহয় সত্বাক ভাল পাওঁ৷আত্মাক ভাল পাওঁ৷শৰীৰৰ মৃত্যু হয় আত্মা অবিনশ্বৰ৷ঝৰ্ণা,মলয়া,হাচনাহানা,নিজৰা!মাথো নামবোৰ সলনি হয়৷চেহেৰাবোৰ অচিনাকি হয়৷কিন্তু শুস্ক মৰুপ্ৰান্তক জীপাল কৰিবলৈ সদায়েই উভতি আহে মোৰ ঝৰ্ণা৷এইবাৰো উভতি আহিব৷নতুন নাম,নতুন ঠিকনা,অচিনাকি চেহেৰা৷এক,দুই,তিনি,চাৰি,পাঁচ৷কিন্তু সেই একেই প্ৰেম,একেই সত্বা আৰু একেই আত্মা৷