(নিম্নলিখিত গল্পটো এটা এশ শতাংশই সত্যঘটনা৷কেৱল মাত্ৰ ভুক্তভোগীৰ নাম আৰু স্থান গোপনীয়তাৰ খাতিৰত সলনি কৰি দিয়া হৈছে)
২০১৭ চনৰ ডিচেম্বৰ মাহৰ এটা কুৱলীসনা সন্ধিয়া৷সমগ্ৰ ষান্মাষিকটোৰ হেমাহিৰ ফলশ্ৰুতিত আজি গোটেই ৰাতি প্ৰেক্টিকেল লিখিব লাগিব৷দিস্তাই-দিস্তাই লিখি গৈছো৷মাজে-মাজে এখন দুখন পাত ইচ্ছাকৃতভাবেই এৰি থৈ যাওঁ৷কাউৰীঠেঙীয়া আখৰে চিকিৎসকৰ প্ৰেসক্ৰিপশ্যনৰ হে ৰূপ লবলৈ হে বাকী৷এনেতে ফোনটো বাজি উঠিল৷স্কুলীয়া দিনৰে বান্ধৱী এজনীৰ ফোন৷কথা পাতিবলৈ সময় নাই৷ফোনটো কাটি দিলো৷নাই মূহূৰ্ততে আকৌ কৰিলে৷এইবাৰ উপায়বিহীন হৈ ফোনটো উঠালো৷বিশেষ কথাৰ অৱতাৰণা নকৰি বান্ধৱীয়ে শুধিলে, “তোৰ পেৰা চায়কোলজীৰ কাম কেনেকুৱা চলিছে৷আজিকালিও সেইবোৰত লাগি আছ নে বাদ দিলি৷”হঠাৎ আশাতীত প্ৰশ্ন এটাৰ সন্মুখীন হৈ মই থতমত খালো৷গহীনাই ক’লো সেইবোৰ বাৰু মাজে-মাজে চলি থাকে৷কিন্তু এতিয়া সেইবোৰ পাতিবলৈ সময় নাই হে৷কাইলৈ প্ৰেক্টিকেল জমা দিয়াৰ শেষ দিন৷সোপাই লিখিব আছে৷” ”বাৰু তই ব্যস্ত আছ যদি বাদ দে৷মানে কেচ এটা আছিল৷ভূতীয়া কেচ৷তোৰ অলপ হেল্প লাগিছিল৷”এইবাৰ মই একদম লাইনত আহি গ’লো৷প্ৰেক্টিকেল মাৰৌ৷গুলী৷ভূত-প্ৰেত মোৰ প্ৰিয় বিষয়৷মনৰ ব্যগ্ৰতাখিনি লুকুৱাই ৰাখি গহীন কন্ঠেৰে ক’লো৷বাৰু ঘটনাটো কি?ফটাফট ক৷বান্ধবী গৰাকীয়ে বৰ্ণণা কৰা কাহিনীটো আছিল হুবহু এনেধৰণৰ “ষান্মাষিকৰ বন্ধত সিহঁত চাৰি-পাঁছজনীমান ছোৱালী আমাৰ চহৰৰ পৰা অলপ নিলগৰ এখন ৰিজোৰ্টলৈ গৈছিল৷সেই ৰিজোৰ্টখনৰ পিছফালেই স্বতাধিকাৰীৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ মৰিশালী আছে৷স্বতাধিকাৰীজনৰ পৰিয়ালক অৱশ্যে মই ব্যক্তিগতভাৱে জানো৷তেওঁৰ পৰিয়ালৰ কেউজন সদস্যৰে আকাল মৃত্যু হৈছিল৷সচাৰচৰ পৰ্য্যটক সকলক ৰিজোৰ্টৰ পিছফালৰ মৰিশালীখনত গধূলি হ’লে ঘুৰাফুৰা কৰিবলৈ বাধা দিয়া হ’য়৷কিন্তু তেতিয়া আছিল ভৰদুপৰীয়া৷সিহঁতৰ দলটোৰ দুজনী অত্যুৎসাহী ছোৱালীয়ে ধেমালিতে ভূত বিছাৰি মৰিশালিখনৰ মাজত Insta Live কৰিছিল৷সেই দুজনীৰ এজনী ছোৱালী ঘৰলৈ উভতি অহাৰ পৰাই বহু অসুবিধাৰ সন্মুখীন হৈছে৷তাই আবেলি ঘৰত শুই থাকোতে টোপনিতে এনে লাগিল জটাধাৰী সোঁহাতখন গুৰিতে কটা বাওঁহাতত লাঠীৰ দৰে কিবা এটা লৈ থকা এক ছায়ামুৰ্ত্তিয়ে তাইৰ ডিঙিটো চেপা মাৰি ধৰিছে৷তাই টোপনিতে ভয় খাই ইমান জোৰেৰে চিঞৰিল যে কাষৰ ঘৰৰ মানুহ দৌৰি আহিল(মোৰ ব্যক্তিগত ধাৰণা এয়া সচাৰচৰ হোৱা শ্লিপিং পেৰেলাইছিছ নহয় কাৰণ তেনে অৱস্থাত ভুক্তভোগীয়ে ইচ্ছা কৰিলেও চিঞৰিব নোৱাৰে)৷ছোৱালীজনীয়ে ঘটনাটো সপোন বুলিয়েই পাহৰিবলৈ চেষ্টা কৰিছিল কিন্তু গধূলি যেতিয়া তাইৰ এজনী বান্ধৱীয়ে হোৱাটছএপত দিনত ৰিজোৰ্টত তোলা সিহঁতৰ ফটোবোৰ শ্বেয়াৰ কৰিলে তেতিয়াই অঘটন ঘটিল৷কাৰণ গ্ৰুপফটোবোৰত তাইৰ পিছফালে সেই সপোনত দেখা অবিকল ছায়ামুৰ্ত্তিটোৱেই ঠিয় হৈ আছিল৷তাই বান্ধৱীজনীক ফোন কৰি কোৱাত তাই সেয়া প্ৰথমে পোৰ্টেইট মুডৰ ইফেক্ট(সেইসময়ত পোৰ্টেইট মুড টেকন’লজী একেবাৰেই নতুন আছিল) বুলি হাঁহি উৰুৱাই দিছিল৷কিন্তু তাই নেৰানেপেৰাকৈ লাগি থকাত অৱশেষত বান্ধৱীয়ে কথাষাৰৰ সত্যতা মানি ল’বলৈ বাধ্য হ’ল৷সেইদিনা ৰাতি আৰু পিছদিনা দুপৰীয়া ছোৱালীজনী টোপনি যাওঁতে পুনৰ সেই ছায়ামুৰ্ত্তিৰ আৰ্বিভাৱ আৰু ডিঙি চেপামৰা অনুভূতিৰ পুনৰাবৃত্তি হ’ল৷তাই ইতিমধ্যে বহুত ভয় খাইছে৷ছোৱালীজনীৰ মাক ধুকোৱা ছমাহ মানহে হৈছে৷দেউতাকেও কথাষাৰ সিমান গুৰুত্ব দিয়া নাই৷সেয়ে উপায় নাপায় মই তোকে ক’লো৷তই কিবা এটা চাই দে৷”মই কিছুপৰ তভক মাৰি ক’লো,” মই এতিয়াই তেনেকৈ একো ক’ব নোৱাৰিম৷হয়তো তাই বেছিকৈ ভয় খোৱাৰ বাবে৷ভ্ৰমো হ’ব পাৰে আৰু মোৰ কাম ভূত-প্ৰেতৰ উপস্থিতি নিশ্চিত কৰা হে৷ভূত খেদা কামটো কিন্তু মই নাজানো৷হ’লেও চাও কি কৰিব পাৰো৷কাইলৈ দুটা বজাত মই আবেলি কলেজৰ পৰা ঘুৰি আহিম৷তই ছোৱালীজনীক মোৰ নাম্বাৰটো দি দিবি আৰু মোক বৰুৱা চাৰি আলিত লগ কৰিব ক’বি৷পিছদিনা মই বৰুৱা চাৰিআলিত ছোৱালীজনীক লগ কৰিলো৷ছোৱালীজনীক দেখিয়েই মোৰ মনটো চেবালে৷ডিচেম্বৰ মাহৰ এই ঠেটুৱৈ ধৰা ঠাণ্ডাত আমি লেডাৰ জেকেট,মাৰ্ফলাৰ,টুপি লগায়ো ৰক্ষা পোৱা নাই৷তাইৰ পিন্ধনত মাত্ৰ এটা ডাঠ ৰঙা শ্লীভলেছ পাৰ্টীৱেৰ স্কাৰ্ট৷ছোৱালীজনীৰ মুখখন পঢ়িয়েই গম পালো প্ৰচণ্ড চিন্তাত আছে৷চা-চিনাকী হৈ কথাৰ মাজতে শুধিলো তোমাৰ ঠাণ্ডা লগা নাই৷তাই ক’লে নাই সেইদিনাৰ ঘটনাটোৰ পৰা অনবৰতে প্ৰচণ্ড গৰম লাগি থাকে৷ৰাতি কম্বল-লেপো ল’ব নোৱাৰো৷ঘামি যাওঁ৷পেৰা চাইক’লজিৰ এটা মূল নীতি হ’ল অশৰীৰ উপস্থিতি থকা ঠাইত উষ্ণতাৰ প্ৰচণ্ড তাৰতম্য হয়৷এচি ৰূম এটাটো আপুনি ঘামি যাব পাৰে বা ভাদ মাহৰ টিকাফকা ৰ’দটো আপুনি ঠকঠককৈ কপিব পাৰে৷মই ছোৱালীজনীৰ মোবাইলটোত সেই বিশেষ ফটোকেইখন চালো৷হয় ছোৱালীজনীৰ পিছফালে এটা ছায়ামুৰ্ত্তি৷ছায়ামুৰ্ত্তিৰ কাপোৰসাজৰ অৱয়ব আহোমযুগৰ দীঘল গোমচেংৰ চোলাবোৰৰ দৰে৷জটাধাৰী ছায়ামুৰ্ত্তিৰ সোঁহাতখন গুৰিতে কটা আৰু বাওঁহাতত সম্ভৱত এডাল লাঠী৷ইয়াৰ পিছতো অন্তিম প্ৰমাণটো চাবৰ বাবে৷মই বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ তাৰাতম্য জুখি চাবলৈ ঠিৰাং কৰিলো৷তেতিয়া মই পেৰা চাইক’লজিৰ ক্ষেত্ৰখনত ভৰি দিছো আৰু আকস্মিকভাৱে সেইটোৱেই আছিল মোৰ হাতত আহি পৰা প্ৰথমটো কেছ৷সেয়ে তেতিয়া মোৰ হাতত EMF Meter অথবা ITC Box ৰ দৰে অত্যাধুনিক সঁজুলী নাছিল৷অৱশ্যে অমুকাও একাছেকা মানুহ তাকো একালৰ পদাৰ্থ বিজ্ঞানত লেটাৰ লৈ পাছ কৰা ছাত্ৰ৷যন্ত্ৰপাতি নাথাকিলে কি হ’ব প্ৰেক্টিকেলৰ বস্তু বিক্ৰী কৰা দোকানতে মেগনেটিক নীডল(সৰল ভাষাত দিশ চোৱা কম্পাছ) পাই যাম মুঠেই দহ-বিশ টকামানতে পাই যাম৷পেৰাচাইক’লজীৰ এটা ব্যৱহাৰিক সিদ্ধান্ত হ’ল যিহেতু ভূত,প্ৰেত বা আত্মা এক মুক্ত শক্তি(free energy),সেয়ে বিদ্যুৎপৰিবাহী তাৰৰ দৰে ইয়ো নিকটবৰ্ত্তী চুম্বকীয় ক্ষেত্ৰৰ সালসলনি কৰে৷অৰ্থাৎ সৰল ভাষাত আপুনি বিজুলী প্ৰবাহী তাৰ এডালৰ ওচৰলৈ স্থিৰ হৈ থকা কম্পাছ এডাল লৈ গ’লে সি দিশৰ তাৰাতম্য দেখাই৷ছোৱালীজনীক স্কুটীখনৰ পিছফালে উঠাই Old Circuit House ৰোডৰ চিনাকী প্ৰেক্টিকেলৰ সৰঞ্জাম বিক্ৰী কৰা দোকানখনলৈ গৈ কম্পাছ এডাল কিনিলো৷প্ৰায় আধাকিলোমিটাৰ মানৰ সেই পথটুকুৰা অতিক্ৰম কৰোটেই মোৰো প্ৰচণ্ড গৰম উঠিবলৈ আৰম্ভ কৰিল৷কপালত বিন্দু-বিন্দু ঘাম৷অনুভৱ হ’ল অশৰীৰে তাইৰ লগ এৰা নাই৷তাই কাষতে বহাৰ বাবে মোৰ ওপৰতো প্ৰভাৱ পৰিছে৷সেয়ে গৰম উঠিছে৷দোকান পায়েই জেকেটটো খুলি দিলো৷বিশ টকা দি কম্পাছ এডাল কিনি ছোৱালীজনীক ক’লো মোবাইলটো আতৰাই ৰাখা আৰু হাতত যদি লোহাৰ কিবা খাৰু,আঙুঠি পিন্ধি আছা খুলি লোৱা(কাৰণ এইবোৰেও চুম্বকীয় ক্ষেত্ৰত প্ৰভাৱ পেলায়)৷তাইৰ হাতত অৱশ্যে গহনা পাতি নাছিল৷স্কুটীৰ ডিকিত দুইটাৰে মোবাইল দুটা লক কৰি ভৰাই অলপ আতৰলৈ গৈ তাইক ক’লো হোৱা কম্পাছডাল ধৰা৷মই দেখিলো কাটাডাল সাংঘাতিক ধৰণে লৰিছে৷তাইৰ পৰা অলপ আতৰি আহি এইবাৰ মই কম্পাছডাল লৈ চালো৷নাই এইবাৰ স্থিৰ হৈ আছে৷তাইৰ কাষলৈ গ’লো৷তাইৰ কাষ চাপিলতে কম্পাছডাল লৰিব ধৰিলে৷এইবাৰ মই নিশ্চিত হ’লো৷ছোৱালীজনী কোনো মানসিক ভ্ৰমৰ চিকাৰ হোৱা নাই৷অন্তত মানুহৰ ভুল হ’লেও কম্পাছৰ নহয়৷অশৰীৰৰ অস্তিত্ব বাৰু নিশ্চিত হ’ল৷এইবাৰ অশৰীৰক খেদাৰ পাল৷ঠাকুৰবাৰীত চিনাকি পণ্ডিত এজন আছে৷এইবোৰ কামত ভাল৷ছোৱালীজনীক তালৈকে লৈ গ’লো৷পণ্ডিতজেক কথাখিনি ভাঙি-পাতি কোৱাত তেওঁ ছোৱালীজনীৰ গাত গংগা জল ছটিয়াই মৌৰাৰ পাখীৰে বিচিবলৈ ধৰিলে৷আধাঘণ্টামান কিবাকিবি মন্ত্ৰ পাঠ কৰি অৱশেষত তেওঁ হনুমানৰ মূৰ্তিয়ে লৈ থকা প্ৰকাণ্ড গদাটো ছোৱালীজনীৰ মুৰত থৈ কিবা বিৰবিৰালে৷তাৰ পাঁচ মিনিট মান পিছতে এটা বিচিত্ৰ ঘটনা ঘটিল৷ছোৱালীজনীয়ে ঠাণ্ডাত কপিবলৈ আৰম্ভ কৰিলে৷আমিও নিশ্চিত হ’লো অশৰীৰে বিদায় ল’লে৷তাৰপিছত ছোৱালীজনীৰ পৰা বিদায় লৈ মই ঘৰলৈ গুচি আহিলো৷ঘটনাটোৰ এসপ্তাহমানলৈকে ছোৱালীজনীয়ে মোৰ লগত নিয়মীয়াকৈ কথা হৈছিল ইয়াৰ পিছত মই জনাত তাইৰ আৰু কোনো অসুবিধা হোৱা নাছিল৷
উপসংহাৰ-প্ৰকৃততে দুপৰীয়া আৰু আবেলিৰ মাজৰ যি ১২ ৰ পৰা প্ৰায় দুই-আঢ়ৈ বজাৰ সময়৷পেৰাচাইক’লজীৰ ধাৰণা৷মতে সেয়া অশৰীৰ জিৰণিৰ সময়৷সেয়ে সেইসময়ত অশৰীৰৰ উপস্থিতিৰ সম্ভাৱনা থকা ঠাইলৈ যোৱা বা তেনে ঠাইত হুলস্থূল(ছোৱালী দুজনীয়ে মৰিশালিত ধেমালিতে insta live কৰি হাঁহি-খিকিন্দালি কৰিছিল) কৰা নিষেধ৷অৱশ্যে আনজনী ছোৱালীৰ সৈতে কিয় এনে ন’হল সেয়া মই বহুদিন ভাবি আছিলো৷কোনো সুদুত্তৰ নাপালো৷অৱশ্যে মোৰ ধাৰণা ভুক্তভোগী ছোৱালীজনীয়ে হয়তো চুলি মেলি আছিল বা উগ্ৰ পাৰ্ফিউমৰ ব্যৱহাৰ কৰিছিল যি সততে অশৰীৰক আকৰ্ষিত কৰে৷পিছত এই কাহিনীটোৰ ছায়ামুৰ্ত্তিৰ কথা কওঁতে সেই ঠাইৰ বহু স্থানীয় মানুহে কৈছিল সেই ঠাইতে আগেয়ে আহোম সেনা আৰু মান সেনাৰ মাজত ৰণ হৈ বহু তেজাল ডেকাই আকাল মৃত্যুক সাবটিছিল৷সেয়ে হয়তো ছায়ামুৰ্ত্তিৰ শৰীৰ কাপোৰসাজৰ অৱয়ব আহোম যুগৰ গোমচেংৰ চোলাৰ দৰেই আছিল৷পেৰাচাইক’লজীৰ কামবোৰ এতিয়াও মাজে-সময়ে কৰো৷হ’লেও আজিকালি বিশেষ প্ৰয়োজন ন’হলে আতৰি থাকো৷এইবোৰ শক্তিৰ সৈতে মুখামুখি হ’লে মনত ঋণাত্মক চিন্তাৰ পয়োভৰ(negativity) বাহে৷শেষত ইয়াকে কওঁ গল্পটো এশ শতাংশই সত্য৷মাত্ৰ ভুক্তভোগী ছোৱালীজনীৰ নাম উল্লেখ কৰা নাই৷বিশ্বাস কৰা-নকৰাৰ ভাৰ আপোনাৰ৷
আত্মকথা(ভৌতিক
আজিও সেই দিনটোৰ কথা ভাবিলে অনুশোচনাত দগ্ধ হওঁ৷অভিজ্ঞতাৰে পুষ্ট জ্যেষ্ঠজনৰ মৰমসনা শাসনক অবজ্ঞা কৰাৰ ফল সেইদিনা মই হাতে-হাতে পাইছিলো৷গধূলিৰ পৰাই আকাশত বিজুলীয়ে চিকমিকাইছিল৷মাজে-মাজে মেঘৰ প্ৰচণ্ড গৰ্জন৷মায়ে কাকুতি কৰিছিল,” সোণ তই আজি ওলাই যাব নালাগে৷আকাশখনলৈ চা চোন কেনেকৈ গাজি-গুমৰি আহিছে৷কিন্তু ডেকা তেজৰ পিৰপৰণি হয়তো এনেকুৱাই৷কলেজীয়া শিক্ষা আধাতে সামৰা মই তেতিয়া কুৰিৰ ডেওনা পাৰ হোৱা উতনুৱা ল’ৰা৷মাৰ হাজাৰ কাকুতি আৰু দেউতাৰ ৰঙা চকুকো ভ্ৰুক্ষেপ নকৰি মোৰ নতুন স্পৰ্টছ বাইকখন লৈ তিনিআলিলৈ ওলালো৷চকত ৰামি খেলি থাকোতেই নিশা ন মান বাজিল৷ইতিমধ্যেই কিনকিনকৈ বৰষুণ পেলাবলৈ আৰম্ভ কৰিছিল৷আজি বহুত হৈ গ’ল৷ইতিমধ্যেই মেজিক মমেন্টৰ হাফ এটা ছিঙি লগতে এক পেকেট মান ছিগাৰেটৰো শ্ৰাদ্ধ পাতিলো৷ৰজনীৰ পেকেট এটা মুখত বাকি বাইকখন ষ্টাৰ্ট দিলো৷বৰষুণ বেছি হোৱাৰ আগেয়ে ঘৰ সোমাব লাগিব৷ফুল স্পীডত বাইকখন দবাই দিলো৷নিজান আৰু অন্ধকাৰ ৰাস্তাটোত হেডলাইটৰ সেই পোহৰকণেই একমাত্ৰ সাৰথি৷বতাহ লাগি মুৰটো বেছিকৈয়ে ৰিমঝিম কৰিছিল৷চাল্লা আজি অলপ অভাৰেই হৈ গ’ল৷ঘৰত আকৌ মাদাৰ এণ্ড ফাদাৰ ইণ্ডিয়াৰ বকবকনি হজম কৰিব লাগিব৷চাল্লা বেকাৰ জীৱন,ওলোটায়ো একো ক’ব নোৱাৰি৷ক’লেই খৰচ পাতি বন্ধ৷ঘৰ পাবলৈ আৰু চাৰিশ মিটাৰ মান বাকী৷এই বাঁহনিখন পাৰ হ’লেই আমাৰ ঘৰ৷বৰষুণৰ টোপালবোৰো ক্ৰমে ডাঙৰ হৈ আহিছে৷এক্সেলেটৰডাল ডবাই কেঁকুৰীটো ঘুৰিবলৈ লৈছিলোহে নতুনকৈ পেলাই থোৱা শিলগুটি বোৰত পিছলি খোপনি ৰাখিব নোৱাৰি লুটি-বাগৰ খাই সৰি পৰিলোপ্ৰচণ্ড যন্ত্ৰণাত মুখেৰে দুটামান গেঙনি ওলাল৷তাৰ পিছত আৰু মোৰ একো মনত নাই৷
কালি চকলৈ গৈছিলো৷আজিকালি মই নিসংগ৷সেই বাইক দুৰ্ঘটনাটোতে হয়তো মোৰ লগত সাংঘাতিক কিবা এটা হ’ল৷ঠিক তেতিয়াৰ পৰাই মোৰ অস্তিত্বক কোনেও অনুভৱ কৰিব নোৱাৰে৷অবশ্যে মই সকলো দেখি থাকো,সকলো শুনো৷মই দেখিছিলো কিদৰে মোৰ তেজলগা শৰীৰটো আমাৰ চোতালৰ তুলসী জোপাৰ তলত শুৱাই বগা কাপোৰখনৰে ঢাকি দিওতে মায়ে বুকুভঙা আৰ্তনাদেৰে কান্দিছিল৷কিদৰে দেউতাই মোৰ চিতাত মুখাগ্নি কৰিছিল৷কথাবোৰ কিবা দুৰ্বোধ্য যেন লাগে৷আজিকালি দিনৰ দিনটোচোন মই পথাৰৰ সেই মৰিশালিটোতে শুই থাকো৷আবেলি হ’লে চকলৈ ওলাই যাওঁ৷আগৰ দৰেই বাইকখন লৈ৷কিন্তু মোক কোনেও দেখা নাপায় আৰু মোৰ বাইকখনকো৷চকত লগৰবোৰক নাম ধৰি মাতো৷কিন্তু কোনেও জবাব নিদিয়ে৷আকৌ ঘৰলৈ ঘুৰি আহো৷কিন্তু ঘৰলৈ উভতি আহোতেই পুনৰ সেই বিশেষ ঠাইটুকুৰাতে ভাৰাসাম্য ৰাখিব নোৱাৰি সৰি পৰো৷পিছদিনা সন্ধিয়া পুনৰ সাৰ পাওঁ আৰু নিজকে আবিস্কাৰ কৰো পথাৰৰ মাজৰ সেই মৰিশালিটোত৷বন্ধু বিভূতিৰ কথাত হঠাৎ মোৰ চিন্তাত যতি পৰিল৷”ঐ আজিৰ পৰা বাঁহতলৰ ৰাস্তাটোৰে আৰু কোনেও অহা যোৱা নকৰিবি দেই৷কালি ৰাতি মই সেইফালেৰে ৰমেনহঁতৰ ঘৰৰ পৰা ভাত খাই আহি থাকোতে প্ৰথমে বাইক এখনৰ শব্দ শুনিলো৷বাইকৰ চাইলেঞ্চাৰৰ শব্দটো একদম আমাৰ সোণৰ বাইকখনৰ লগত মিলে৷অলপ পিছত শিলগুটিত পিছলি বাইকখন বাগৰি পৰাৰ শব্দ শুনিলো আৰু লগতে দুটামান অস্ফুট গেঙনি৷মই দৌৰি গ’লো,কিন্তু ভগবান কছম ৰে ঠাইখনত মানুহ,বাইক কোনোৱেই নাছিল৷ভূত বুইছ ভূত৷সোণ মৰি ভূত হ’ল৷”বিভূতিৰ ভয়াৰ্ত কন্ঠৰে নিগৰা কথাখিনিয়ে মোৰ সকলো সাঁথৰৰ অৱসান ঘটালে৷ঠিকেই সেইদিনা বাইক দূৰ্ঘটনাটোত মোৰ মৃত্যু হৈছিল৷জীৱনৰ বহু আধৰুৱা আশাই অপূৰ্ণ হৈ ৰ’ল৷মোৰ অপূৰ্ণ আশাবোৰৰ বাবেই চাগৈ মোৰ আত্মাই এতিয়াও উদ্ধাৰ পোৱা নাই৷মাজে-মাজে মা-দেউতাহঁতক চাবলৈয়ো বৰকৈ মন যায়৷পিছে নোৱাৰো৷সেই ঠাইখন পালেই সকলো ওলট-পালট হৈ যায়৷তাৰ পিছত পুনৰ যেতিয়া চকু মেলো মই মৰিশালিত৷সৰুতেই ক’ৰবাত পঢ়িছিলোঁ অতৃপ্ত আত্মাই প্ৰতিনিয়ত জীৱনৰ শেষ দৃশ্যাংশৰ পুনৰাবৃত্তি কৰে৷সেয়ে হয়তো মোৰ এই নতুন পৌণঃপৌণিক জীৱন৷
মাজে-মাজে একাকীত্বৰে ভৰা এই নিসংগ জীৱনটোৱে বৰ আমনি কৰে৷ৰাতি হ’লেই সংগী বিচাৰি ঘুৰি ফুৰো৷মোৰ অস্তিত্বক কোনেও অনুভৱ কৰিব নোৱাৰে৷কিন্তু মই হ’লে সকলো দেখা পাওঁ,সকলো শুনা পাওঁ৷এতিয়াও মই খিৰিকীৰ ফাকেৰে আপোনাক দেখি আছো৷আপুনি বিছনাত বহি মোবাইলটোত মোৰ আত্মকথাই পঢ়ি আছে৷নোৱাৰিছো বুজিছে৷নিসংগ জীৱনৰ বোজা ববলৈ৷আপুনিতো মোৰ আত্মকথা পঢ়ি মোৰ মৰ্মবেদনা বুজিছেই৷কিয় আপুনিয়েই চোন মোক সংগ দিব পাৰে!পিছে আপুনি নিজেই৷এহ নালাগে দিয়ক আপোনাৰ কষ্ট হ’ব৷আপুনি মাজনিশা টোপনিৰ কোলাত ঢলি পৰোতে ময়েই আপোনাক লৈ যাম সিপাৰৰ মোৰ সেই পৌণপৌণিক পৃথিৱীখনলৈ৷হয়তো ডিঙিটো খামোচ মাৰি ধৰোতে আপুনি অলপ চটফটাব৷কিন্তু মাত্ৰ কেইটামান মূহূৰ্ত৷তাৰ পিছত আপুনিও মোৰ দৰেই প্ৰেতাত্মা হৈ যাব৷শেষৰাতি লগ পাম বন্ধু৷এতিয়া শুভৰাত্ৰি৷

আত্মকথা(ভৌতিক)
আজিও সেই দিনটোৰ কথা ভাবিলে অনুশোচনাত দগ্ধ হওঁ৷অভিজ্ঞতাৰে পুষ্ট জ্যেষ্ঠজনৰ মৰমসনা শাসনক অবজ্ঞা কৰাৰ ফল সেইদিনা মই হাতে-হাতে পাইছিলো৷গধূলিৰ পৰাই আকাশত বিজুলীয়ে চিকমিকাইছিল৷মাজে-মাজে মেঘৰ প্ৰচণ্ড গৰ্জন৷মায়ে কাকুতি কৰিছিল,” সোণ তই আজি ওলাই যাব নালাগে৷আকাশখনলৈ চা চোন কেনেকৈ গাজি-গুমৰি আহিছে৷কিন্তু ডেকা তেজৰ পিৰপৰণি হয়তো এনেকুৱাই৷কলেজীয়া শিক্ষা আধাতে সামৰা মই তেতিয়া কুৰিৰ ডেওনা পাৰ হোৱা উতনুৱা ল’ৰা৷মাৰ হাজাৰ কাকুতি আৰু দেউতাৰ ৰঙা চকুকো ভ্ৰুক্ষেপ নকৰি মোৰ নতুন স্পৰ্টছ বাইকখন লৈ তিনিআলিলৈ ওলালো৷চকত ৰামি খেলি থাকোতেই নিশা ন মান বাজিল৷ইতিমধ্যেই কিনকিনকৈ বৰষুণ পেলাবলৈ আৰম্ভ কৰিছিল৷আজি বহুত হৈ গ’ল৷ইতিমধ্যেই মেজিক মমেন্টৰ হাফ এটা ছিঙি লগতে এক পেকেট মান ছিগাৰেটৰো শ্ৰাদ্ধ পাতিলো৷ৰজনীৰ পেকেট এটা মুখত বাকি বাইকখন ষ্টাৰ্ট দিলো৷বৰষুণ বেছি হোৱাৰ আগেয়ে ঘৰ সোমাব লাগিব৷ফুল স্পীডত বাইকখন দবাই দিলো৷নিজান আৰু অন্ধকাৰ ৰাস্তাটোত হেডলাইটৰ সেই পোহৰকণেই একমাত্ৰ সাৰথি৷বতাহ লাগি মুৰটো বেছিকৈয়ে ৰিমঝিম কৰিছিল৷চাল্লা আজি অলপ অভাৰেই হৈ গ’ল৷ঘৰত আকৌ মাদাৰ এণ্ড ফাদাৰ ইণ্ডিয়াৰ বকবকনি হজম কৰিব লাগিব৷চাল্লা বেকাৰ জীৱন,ওলোটায়ো একো ক’ব নোৱাৰি৷ক’লেই খৰচ পাতি বন্ধ৷ঘৰ পাবলৈ আৰু চাৰিশ মিটাৰ মান বাকী৷এই বাঁহনিখন পাৰ হ’লেই আমাৰ ঘৰ৷বৰষুণৰ টোপালবোৰো ক্ৰমে ডাঙৰ হৈ আহিছে৷এক্সেলেটৰডাল ডবাই কেঁকুৰীটো ঘুৰিবলৈ লৈছিলোহে নতুনকৈ পেলাই থোৱা শিলগুটি বোৰত পিছলি খোপনি ৰাখিব নোৱাৰি লুটি-বাগৰ খাই সৰি পৰিলোপ্ৰচণ্ড যন্ত্ৰণাত মুখেৰে দুটামান গেঙনি ওলাল৷তাৰ পিছত আৰু মোৰ একো মনত নাই৷
কালি চকলৈ গৈছিলো৷আজিকালি মই নিসংগ৷সেই বাইক দুৰ্ঘটনাটোতে হয়তো মোৰ লগত সাংঘাতিক কিবা এটা হ’ল৷ঠিক তেতিয়াৰ পৰাই মোৰ অস্তিত্বক কোনেও অনুভৱ কৰিব নোৱাৰে৷অবশ্যে মই সকলো দেখি থাকো,সকলো শুনো৷মই দেখিছিলো কিদৰে মোৰ তেজলগা শৰীৰটো আমাৰ চোতালৰ তুলসী জোপাৰ তলত শুৱাই বগা কাপোৰখনৰে ঢাকি দিওতে মায়ে বুকুভঙা আৰ্তনাদেৰে কান্দিছিল৷কিদৰে দেউতাই মোৰ চিতাত মুখাগ্নি কৰিছিল৷কথাবোৰ কিবা দুৰ্বোধ্য যেন লাগে৷আজিকালি দিনৰ দিনটোচোন মই পথাৰৰ সেই মৰিশালিটোতে শুই থাকো৷আবেলি হ’লে চকলৈ ওলাই যাওঁ৷আগৰ দৰেই বাইকখন লৈ৷কিন্তু মোক কোনেও দেখা নাপায় আৰু মোৰ বাইকখনকো৷চকত লগৰবোৰক নাম ধৰি মাতো৷কিন্তু কোনেও জবাব নিদিয়ে৷আকৌ ঘৰলৈ ঘুৰি আহো৷কিন্তু ঘৰলৈ উভতি আহোতেই পুনৰ সেই বিশেষ ঠাইটুকুৰাতে ভাৰাসাম্য ৰাখিব নোৱাৰি সৰি পৰো৷পিছদিনা সন্ধিয়া পুনৰ সাৰ পাওঁ আৰু নিজকে আবিস্কাৰ কৰো পথাৰৰ মাজৰ সেই মৰিশালিটোত৷বন্ধু বিভূতিৰ কথাত হঠাৎ মোৰ চিন্তাত যতি পৰিল৷”ঐ আজিৰ পৰা বাঁহতলৰ ৰাস্তাটোৰে আৰু কোনেও অহা যোৱা নকৰিবি দেই৷কালি ৰাতি মই সেইফালেৰে ৰমেনহঁতৰ ঘৰৰ পৰা ভাত খাই আহি থাকোতে প্ৰথমে বাইক এখনৰ শব্দ শুনিলো৷বাইকৰ চাইলেঞ্চাৰৰ শব্দটো একদম আমাৰ সোণৰ বাইকখনৰ লগত মিলে৷অলপ পিছত শিলগুটিত পিছলি বাইকখন বাগৰি পৰাৰ শব্দ শুনিলো আৰু লগতে দুটামান অস্ফুট গেঙনি৷মই দৌৰি গ’লো,কিন্তু ভগবান কছম ৰে ঠাইখনত মানুহ,বাইক কোনোৱেই নাছিল৷ভূত বুইছ ভূত৷সোণ মৰি ভূত হ’ল৷”বিভূতিৰ ভয়াৰ্ত কন্ঠৰে নিগৰা কথাখিনিয়ে মোৰ সকলো সাঁথৰৰ অৱসান ঘটালে৷ঠিকেই সেইদিনা বাইক দূৰ্ঘটনাটোত মোৰ মৃত্যু হৈছিল৷জীৱনৰ বহু আধৰুৱা আশাই অপূৰ্ণ হৈ ৰ’ল৷মোৰ অপূৰ্ণ আশাবোৰৰ বাবেই চাগৈ মোৰ আত্মাই এতিয়াও উদ্ধাৰ পোৱা নাই৷মাজে-মাজে মা-দেউতাহঁতক চাবলৈয়ো বৰকৈ মন যায়৷পিছে নোৱাৰো৷সেই ঠাইখন পালেই সকলো ওলট-পালট হৈ যায়৷তাৰ পিছত পুনৰ যেতিয়া চকু মেলো মই মৰিশালিত৷সৰুতেই ক’ৰবাত পঢ়িছিলোঁ অতৃপ্ত আত্মাই প্ৰতিনিয়ত জীৱনৰ শেষ দৃশ্যাংশৰ পুনৰাবৃত্তি কৰে৷সেয়ে হয়তো মোৰ এই নতুন পৌণঃপৌণিক জীৱন৷
মাজে-মাজে একাকীত্বৰে ভৰা এই নিসংগ জীৱনটোৱে বৰ আমনি কৰে৷ৰাতি হ’লেই সংগী বিচাৰি ঘুৰি ফুৰো৷মোৰ অস্তিত্বক কোনেও অনুভৱ কৰিব নোৱাৰে৷কিন্তু মই হ’লে সকলো দেখা পাওঁ,সকলো শুনা পাওঁ৷এতিয়াও মই খিৰিকীৰ ফাকেৰে আপোনাক দেখি আছো৷আপুনি বিছনাত বহি মোবাইলটোত মোৰ আত্মকথাই পঢ়ি আছে৷নোৱাৰিছো বুজিছে৷নিসংগ জীৱনৰ বোজা ববলৈ৷আপুনিতো মোৰ আত্মকথা পঢ়ি মোৰ মৰ্মবেদনা বুজিছেই৷কিয় আপুনিয়েই চোন মোক সংগ দিব পাৰে!পিছে আপুনি নিজেই৷এহ নালাগে দিয়ক আপোনাৰ কষ্ট হ’ব৷আপুনি মাজনিশা টোপনিৰ কোলাত ঢলি পৰোতে ময়েই আপোনাক লৈ যাম সিপাৰৰ মোৰ সেই পৌণপৌণিক পৃথিৱীখনলৈ৷হয়তো ডিঙিটো খামোচ মাৰি ধৰোতে আপুনি অলপ চটফটাব৷কিন্তু মাত্ৰ কেইটামান মূহূৰ্ত৷তাৰ পিছত আপুনিও মোৰ দৰেই প্ৰেতাত্মা হৈ যাব৷শেষৰাতি লগ পাম বন্ধু৷এতিয়া শুভৰাত্ৰি৷

চয়তানক ভূতে পালে

ৰঙীণ চানগ্লাছযোৰ পিন্ধি বিশাল পেটটো নচুৱাই-নচুৱাই বিধায়ক মহোদয় গাড়ীত উঠিল৷গাড়ীৰ ভিতৰতে মিনাৰেল ৱাটাৰৰ বটলত মিলাই অনা বিলাতী স্ফুৰ্তিপানীকণ একেধোকেই গলাধাৰণ কৰি তামোল এখন পকতিয়াই-পকতিয়াই বিধায়ক মহোদয়ে ড্ৰাইভাৰক আজ্ঞা দিলে,”ব’লা৷”ভিতৰুৱা গাঁৱখনৰ পৰা মহানগৰীৰ দিশে বিধায়ক মহোদয়ৰ গাড়ী দৌৰিছে৷পিছে-পিছে দুখন এছকৰ্টৰ গাড়ী৷ৰাস্তাৰ ঠেকেছনিত বিধায়ক মহোদয়ৰ ককাল লৰি গ’ল৷ড্ৰাইভাৰক ধমকি দিলে,”হেই লাহে-লাহে চলোৱা৷দেখা নাই ইমান গাত৷”ধমকি খায় ড্ৰাইভাৰে ক’লে,”নহয় ছাৰ মানে গধূলি হোৱাৰ আগেয়ে গেজেপনি মৰা হাবিখন পাৰ হ’ব পাৰিলে ভাল হ’য়৷মাজে-মাজে হাতীও ওলাই যে৷”মুখেৰে এনেকৈয়ে কথাষাৰ কৈ থলে যদিও পেটে-পেটে কিন্তু ড্ৰাইভাৰজনে বেছ আমোদ পালে৷ ড্ৰাইভাৰ বাপুৰ মনৰ ভাব,”এতিয়া পাইছ মজা ঠেকেছনি খাই নিজৰ ককালটো লৰিলত আৰু ৰাস্তা বনোৱাৰ নামত টকা খাবি৷চাল্লা চয়তান৷”বিধায়ক মহাশয়ৰ আদেশ শিৰোধাৰ্য্য কৰি এইবাৰ মসৃণ গতিৰেই গাড়ীখন আগবাঢ়িল৷মহানগৰ আৰু গাঁৱৰ সংযোগী হাবিখন আহি পায় মানে ৰাতি ন মানেই বাজিল৷বিধায়ক মহোদয়ে ইতিমধ্যেই হাফ এটা ছিঙিলে৷হওঁক তেওঁ পাঁচ বছৰৰ মুৰত শামুকৰ খোলা হেন বিধায়ক আবাসটোৰ পৰা ভোটকেইটা খুজিবলৈকে ইমান কষ্ট কৰি সমষ্টি ফুৰিবলৈ ওলাই আহিছে৷ডিঙিটো অলপ নিতিয়ালে কেনেকৈ হ’ব৷বিলাতী মদিৰাকণেও ধুনীয়া কাম দিছে৷বিধায়ক মহোদয় এইবাৰ জিকাটো খাটাং আজি দলীয় কৰ্মচাৰীক গাৱত বিলাবলৈ টকাৰ বাণ্ডিল দুটামানো দি আহিছে,তেৰাৰ মনটো একেবাৰে ৰঞ্জিৎ-ৰঞ্জিৎ লাগিল৷দোড়োল খোৱা জিভাৰে বিধায়ক মহোদয়ে গান গাইছে,”দিনৰ পোহৰ ৰঙচঙীয়া ………”
ধপ প্ৰচণ্ড শব্দ কৰি হাবিৰ মাজতে বিধায়ক মহোদয়ৰ গাড়ীখন স্তব্ধ হৈ গ’ল৷”কি হ’ল অ”অসমীয়া ভাষাৰ সেই বিখ্যাত গালিটোৰে ড্ৰাইভাৰক সম্বোধন কৰি বিধায়ক মহোদয়ে সুধিলে৷”ছাৰ চকা ফুটিল৷স্পেয়াৰটো লগাব লাগিব৷” “হুহ শান্তি নাই জীৱনত”বিধায়ক মহোদয়ে বটলৰ পৰা আৰু এধোক মাৰি স্বগতোক্তি কৰিলে৷হঠাৎ নৰমনিচ এটাও নথকা হাবিখনৰ মাজলৈ ইমানগাল ধোৱা জানো ক’ৰ পৰা আহিল৷বিধায়ক মহোদয়ে চকুদুটা মোহাৰি বিতচকুযোৰ আকৌ এবাৰ পিন্ধি ল’লে,”চাল্লা সঁচা-সচি ধোৱা নে মোৰ নিচা লাগিল৷এই ড্ৰাইভাৰ,ড্ৰাইভাৰ,চিকিউৰটি৷”তেনেতে পিছফালৰ পৰা খোদ চিকিউৰটি কেইটাৰ দেদাউৰি পৰা চিঞৰ শুনি বিধায়ক মহোদয়ে গাড়ীৰ পৰা নামি দেখে তেওঁৰ সন্মুখত বগা কাপোৰ পৰিহিত এক বিকট মূৰ্তি৷নিশাখন নৰমনিচ নোহোৱা এনে গেজেপনি মৰা হাবিখনৰ মাজত এইহেন বিকট মূৰ্তিটো দেখি বিধায়ক মহোদয়ৰ চূৰ্তি হেৰাল৷চোৰ-ডকাইত হ’লে বেলেগ কথা ভূত তাকো ৰাতিখন হাবিৰ মাজত চিকিউৰিটি-পুলিচে কি কৰিব৷চিকিউৰিটি-পুলিচ মাৰৌ গুলি৷বিধায়ক মহোদয়ে প্ৰাণটাকি দৌৰিবলৈ ধৰিলে৷আগে-আগে পাঁচ নম্বৰী ফুটবল যেন পেটটো পিছে-পিছে বিধায়ক মহোদয়৷নাই মঙহৰ ভৰত দুশ মিটাৰ মান দৌৰিয়েই বিধায়ক মহোদয় লুটি খাই পৰি সৰু ল’ৰাটোৰ দৰে ফেকুঁৰিবলৈ ধৰিলে৷এইবাৰ মুখৰ আগত এটা নহয় তিনিটা ভীষণ মূৰ্তি৷এটা মূৰ্তিয়ে তেজলগা কোৱাৰিটো চেলেকি ক’লে,”ছাৰ আমাক চিনি পাইছেনে?”বিধায়ক মহোদয়ে পেনে-চেনে সৰুপানী চুই মুৰটো জোকাৰি ৰাউচি জুৰিলে৷”ঐ চুপ৷একদম চুপ৷চাল্লা চয়তান এতিয়া কান্দি দেখাব আহিছ৷তহঁতৰ দৰে নেতা-মন্ত্ৰীবোৰৰ চকুলো যে ঘৰিয়ালৰ চকুপানী সেয়া বুজি পাবলৈ আমি ভূতবোৰ ইমান মানুহৰ সমান মূৰ্খ নহয়৷চুপ ন’হলে এতিয়াই টেটুটো মুচৰি পেলাম৷”ভূতৰ হুমকিত এইবাৰ বিধায়ক মহোদয়ৰ সৰু পানীৰ লগতে বৰপানীও ওলাই গ’ল৷বৰপানীৰ ভেকেটাভেকেট গোন্ধটো নাকত লগাত এটা ভূতে ক’ল,” ছিহ তই মানুহটো বৰ লেতেৰা দেই৷একদম তোৰ চৰিত্ৰটোৰ দৰে৷চাল্লা সমাজ সেৱাৰ নামত বেপাৰ কৰ৷দুখীয়াৰ পইছা খাওঁ৷চাকৰি-বাকৰি,ঠিকাঠুকুলি সকলোতে অকল নিজৰ ঘৰৰ মানুহকেইটাক সুযোগ দিয়৷খায়-খায় তোৰ গেৰেলা পেটটো যিমান বাহিল মগজুটো সিমানেই টুটিল৷ভাল কথা নাই,ভাল কাম নাই,ভাল চিন্তা নাই খালি জাত-পাত-ধৰ্মৰ নামত সমাজখন ভাঙি ৰাজসুখ লৈছ৷তোৰ নিচিনা নিকৃষ্ট,অধম,পাপী এটাক মৰাৰ পিছত ভূতৰ সমাজেও বয়কট কৰিব৷”এইবাৰ আন এটা ভূতে বকলা মেলিলে,”যোৱাবাৰ সমষ্টিৰ উন্নয়ন কৰিম বুলি আমাৰ গাঁৱৰ মানুহৰ পৰা ভোটবোৰ ললি৷না ৰাস্তা বনালি না ষ্ট্ৰীট লাইট৷সোপাই টকা এই গেৰেলা পেটটোত সুমুৱালি৷তোৰ বাবেই আমিকেইটা মৰি ভূত হ’লো৷চাকৰিৰ পৰা ঘৰলৈ আহি থাকোতে এইখিনিতে আমাৰ দুচকীয়াকেইখন গাতত পৰি দূৰ্ঘটনাত পতিত হ’ল৷আমাৰ মৃত্যুৰ বাবে তয়েই জগৰীয়া৷আজি তোক নেৰিছো বেটা৷তোক আজি কেঁচাই-কেঁচাই খাম৷এনেও দুখীয়া ৰাইজৰ টকা হজম কৰি-কৰি তোৰ পেটটোত যি সোপাহে চৰ্বী জমা হৈছে৷চৰ্বীৱালা বিধায়ক তোক কিন্তু খাই মজা লাগিব৷”ভূতটোৱে কোৱাৰিটো চেলেকি বিধায়ক মহোদয়ৰ ডিঙিলৈ হাতখন আগবঢ়াই দিলে৷বিধায়ক মহোদয়ে এইবাৰ ৰাউচি জুৰি হনুমান চাল্লিচা গাবলৈ লাগিল৷”ঐ অধম ভগৱানে আমাক সহায় কৰিলেও তোৰ নিচিনা চয়তান এটাক সহায় নকৰে৷তোৰ আজি নিস্তাৰ নাই৷”এইবাৰ বিধায়ক মহোদয়ে হাত-ভৰি আচাৰি নিজৰেই গু-মুতত লেট খাই ভূতৰ ভৰিত পৰি প্ৰাণদান দিবলৈ স্তুতি-মিনতি কৰিবলৈ ধৰিলে৷দহ মিনিট মানৰ পিছত ভূতৰো হয়তো অন্তৰ কুমলিল৷এটা ভূতে ক’লে,” হ’ব দে আজিলৈ তোক ৰেহাই দিলো কিন্তু এমাহৰ ভিতৰত তই এই গোটেই ৰাস্তাটো পকা কৰি ষ্ট্ৰীট লাইট লগাব লাগিব৷আমাৰ গাঁৱৰ স্কুলখনৰো মেৰামতি কৰিবি আৰু খোৱাপানীৰ আচনিখনৰ কথা যে অতদিনৰ পৰা বলকি আছিলি সেইখনো দুমাহৰ ভিতৰত ৰূপায়ণ কৰিবি৷ঠিকাঠুকলি-চাকৰিৰ নামত স্বজন-তোষণ বা কমিছনৰাজৰ কথা যদি গম পাও আৰু লগতে কথা আৰু কামৰ যদি কিবা হেৰফেৰ হয় এইবাৰ তোক তোৰ ঘৰৰ ভিতৰতে টেটু চেপি মাৰি পেলাম৷বুজিলি নহয়৷এতিয়া গু-মুতত লেট খাই পৰি থাকিব নালাগে৷যা”ভূতৰ ভাষণ সমাপ্ত হোৱাৰ লগেলগেই বিধায়ক মহোদয়ে একেলৰে গাড়ীৰ ওচৰ পালে৷ড্ৰাইভাৰ-চিকিউৰটি কোনো নাই সকলোবোৰ হয়তো পলাই-পত্ৰং দিলে৷বিধায়ক মহোদয়ে লেঙুৰিয়াই-লেঙুৰিয়াই ফোনটো কাণত লৈ চহৰৰ দিশে খোজ ল’লে৷বিধায়ক মহোদয় চকুৰ আতৰ হ’লতেই মেক-আপৰ আলটাখিনি পানীৰে ধুই ভাওনাৰ অসুৰে পিন্ধা কৃত্ৰিম চুলিখিনি সোলোকাই হৰেনহঁতেও গছৰ আৰত লুকুৱাই থোৱা বাইককেইখন ষ্টাৰ্ট কৰি গাঁৱৰ ফালে বেগ দিলে৷হৰেনে বাইকৰ পিছত উঠি যোৱা ৰিন্টুক ক’লে,” ঐ ৰাসত মৰা ধোৱা ওলোৱা স্প্ৰেটো ললি নে৷” বিধায়ক মহোদয়ৰ চকা পাম্পচাৰ কৰা গজালটো হাতেৰে লিৰিকি-বিদাৰি ৰিন্টুৱে ক’লে,”ল’লো দে৷আজি কিন্তু তামাম মস্তি লাগিল৷চাল্লা চয়তানক ভূতে পালে৷”
কালৰাত্ৰি
চাকৰি জীৱনৰ প্ৰথমটো নিৰ্বাচনী ডিউটি,এবুকু সংশয় আৰু দুশ্চিন্তা মনত বান্ধি পোলিং অফিচাৰ দাসবাবু আৰু অফিচৰ কেৰাণী প্ৰফুল্লৰ সৈতে চৰকাৰী জীপছীখনৰ পিছৰ চিটত বহি ললো৷নব্বৈৰ দশকৰ অসম বিধান সভাৰ নিৰ্বাচন,শোচনীয় আইন-শৃংখলা পৰিস্থিতিৰ কথা নকলেও হ’ব তাকো আমাৰ কৰ্তব্যৰত ভোটগ্ৰহণ কেন্দ্ৰটো জিলা সদৰৰ পৰা প্ৰায় চল্লিশ কিলোমিটাৰ ভিতৰৰ নগাপাহাৰৰ সীমান্তৱৰ্তী এখন ভিতৰুৱা গাঁৱত৷দাসবাবুৰ মতে মাজে-সময়ে বন্যহস্তীৰ উপদ্ৰৱো চলে৷ধূলিয়ৰি বাটেৰে ধূলি খায়-খায় মন সমুদ্ৰত দুশ্চিন্তাৰ মন্থন কৰি প্ৰায় গধূলি ছয় মান বজাত ভোটগ্ৰহণ কেন্দ্ৰত কাষতে সংলগ্ন প্ৰাথমিক বিদ্যালয়খনত উপস্থিত হ’লোহি৷আজি ৰাতিটো ইয়াতে বেডিংপত্ৰ পাৰি কোনোমতে কটাব লাগিব৷প্ৰাথমিক বিদ্যালয় মানে গাওঁৰ সীমাৰ কঁচু-ঢেকীয়া আৰু বিহলঙনীৰে পূৰ্ণ এক আহল-বহল প্ৰকাণ্ড মুকলি চৌহদ৷দুটামান ব্ৰিটিছযুগীয়া উৱলি যোৱা শ্ৰেণী কোঠা আৰু এটা অচল দমকল৷দিনত চাগৈ ইয়াতে গৰু-ছাগলীও চৰে৷আঠমান বজাত স্কুলৰে চকীদাৰজনে ৰাতিৰ ভাত সাজ যোগাৰ কৰি কোবাকোবিকৈ গুচি গ’ল৷দিনটোৰ যাত্ৰাৰ অৱসাদে হেঁচা মাৰি ধৰিছিল৷কোনোমতে নাকে-কাণে ভাতকেইটা গুজি কছোৱা এডাল জ্বলাই অস্থায়ী বেডিংখনতে দীঘল দিলো৷দাসবাবুৱে ছিগাৰেট টানি-টানি প্ৰফুল্লৰ সৈতে আড্ডা মাৰি আছে৷চৰকাৰ-গণতন্ত্ৰ-ৰাজনীতি হৰেক কিছিম বিষয়৷মই বিছনাৰ পৰাই টিপ্পনীঃ দিলো নিৰ্বাচনী সভাই-সমিতিয়ে ৰাজনৈতিক নেতাৰ ফোপজহী কথাবোৰ শুনি থকাটোও গণতন্ত্ৰৰ এক জ্বালা৷দাসবাবুৱে হয়তো মোৰ বক্ৰ ইংগিতটো বুজিলে৷দহমিনিটমানৰ মুৰত আড্ডাৰ সামৰণি পৰিল৷প্ৰফুল্লই লাইটকেইটা নুমুৱাই দিলে৷

ৰাতি তেতিয়া কিমান বাজিছিল বা মহৰ কামোৰণিত সাৰ পালো৷কছোৱাডাল নুমাই গ’ল৷একেটা দিয়াচলাইৰে বিশেষ কায়দাত চাৰ্মিনাৰ এটা জ্বলাই আৰু এডাল কছোৱা জ্বলাই দিলো৷দুৰৈত কুকুৰ দুটামানে ৰাউচি জুৰিছে৷পিছে মাতটো যেন সামান্য পৃথক৷কিবা অস্ফুট গেঙণি কান্দোনৰ দৰে৷ছিগাৰেটৰ ধোৱা উৰুৱাই-উৰুৱাই প্ৰস্ৰাৱাগাৰটোৰ দিশলৈ টৰ্চটো জ্বলাই খোজ দিলো৷প্ৰস্ৰাব কৰি থাকোতেই কাষৰ শৌচাগাৰটোৰ দুৱাৰখন ধপংকৈ খোল খালে,খন্তেক নিৰৱতা তাৰ পিছত পানী ধলাৰ শব্দ৷মই মাত দিলো দাসবাবু,প্ৰফুল্ল কোন নো?নাই কোনো উমঘাম নাই৷দুৰৈৰ পৰা ভাহি অহা কুকুৰৰ গেঙনিৰ বাদে আৰু কোনো শব্দই নাই৷প্ৰস্ৰাৱাগাৰৰ পৰা ওলাই আহি দেখো শৌচাগাৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা মৰা আছে৷কিবা ভাবি পোৱাৰ আগেয়ে এনে লাগিল যেন মোৰ গাৰ কাষেৰে বিদ্যুৎবেগেৰে কোনোবা পাৰ হৈ গৈছে৷গাটো শিয়ৰি উঠিল৷টৰ্চটো জোৰেৰে খামুচি কোঠাৰ দিশে খোজ দিলো৷হঠাৎ কোঠাৰ পৰা ভাহি অহা এটা আৰ্তনাদৰ শব্দই বুকু কপাই তুলিল,মাতটো প্ৰফুল্লৰ৷মই এইবাৰ কোঠাৰ দিশে দৌৰ দিলো৷আমাৰ শোৱণিকোঠাটোৰ দুৱাৰদলি পায়েই মই হতম্ভৱ৷দাসবাবুৱে কোঠাটোৰ বেৰত নখেৰে আকুঢ়ি বাৰে-বাৰে চিঞৰিছে,”তহঁত ইয়ালৈ কিয় আহিছ,যা ইয়াৰ পৰা যা,ন’হলে কোনো বাচি নাথাক৷”ইতিমধ্যেই কৰ্তব্যৰত অৰ্দ্ধসামৰিক জোৱান দুজনো হুলস্থূল শুনি আমাৰ শোৱনিকোঠা পাইছিলহি৷আমি চাৰিটাকৈ ডেকা ল’ৰাই গবা মাৰি ধৰিও দাসবাবুক ৰখাব পৰা নাই৷মানুহটোৱে মাজে-মাজে মাইকী মানুহৰ দৰে খিলখিলাই হাঁহে আৰু মাজে-মাজে ইনাই-বিনাই কান্দে৷মাজে-মাজে আকৌ দাসবাবুৰ মুখেৰেই অচিনাকি গলগলীয়া কন্ঠ এটাই আমাক সেই ঠাই এৰি যাবলৈ ভাবুকি দিয়ে৷জোৱান দুজনক প্ৰায় গতিয়াই পেলাই এইবাৰ দাসবাবুৱে জোৰেজোৰে নিজৰ মুৰটো ইটাৰ বেৰখনত মাৰিবলৈ ধৰিলে৷মুৰ ফাটি তেজ নিগৰিছে কিন্তু মানুহটোৰ মুখত এটা বীভৎস হাঁহি লাগিয়েই আছে৷হঠাৎ মানুহটো চিৎ হৈ শূণ্যত ওপঙিবলৈ ধৰিলে৷কৰবাৰ পৰা ভেকেটাভেকেট গোন্ধ এটা ভাহি আহিল৷প্ৰফুল্লই সহ্য কৰিব নোৱাৰি বমি কৰি দিলে৷কিন্তু এয়া কি প্ৰফুল্লই চোন হোলাকাহোলোকে তেজহে বমি কৰিছে৷মই আৰু ৰ’ব নোৱাৰিলো৷মুৰটো আচন্দ্ৰাই কৰিছে৷কিবাকৈ শৰীৰৰ সমস্ত শক্তিক একত্ৰিত কৰি বাহিৰলৈ সহায় বিচাৰি দৌৰ দিলো৷আন্ধাৰে-মুন্ধাৰে মাথো দৌৰিছো৷পিছফালে কোনোবা তিৰোতাৰ খিলখিল হাঁহি৷মাজে-মাজে চিঞৰে” ঐ ৰ ৰ,ক’লৈ যাওঁ,আহ মোৰ লগত আহ৷”মই মাত্ৰ দৌৰিছো৷এখন্তেক থমকি ৰ’লেই যেন আসন্ন মৃত্যুৰ চিকাৰ হ’ম৷কোনোমতে গাঁৱৰ সীমাৰ মানুহ এঘৰৰ নঙলামুখ পায় একেজাপেই নঙলা পাৰ হৈ দুৱাৰত ধকিয়াবলৈ ধৰিলো৷হঠাৎ এনে লাগিল যেন কোনোবাই মোক প্ৰচণ্ড বেগেৰে চকৰি এটাত ঘুৰাই আছে৷চকুৰে চাৰিওফালে মাত্ৰ আন্ধাৰ দেখিলো৷
মই যেতিয়া সংজ্ঞা ঘুৰাই পালো তেতিয়া মই গাৱৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিছনাত৷প্ৰফুল্লও মোৰ কাষৰ বিছনাখনতে পৰি আছে৷দাসবাবুৰ অৱস্থা সংকটজনক বাবে জিলা সদৰলৈ প্ৰেৰণ কৰা হ’ল৷ইয়াৰ পিছৰ কথাখিনি মই আগদিনা ৰাতি দৰ্জা ধকিওৱা গিৰিহঁত মানে পূৰ্ণকান্ত বেজৰ মুখেৰে শুনা কথা৷তেওঁ বোলে দৰ্জাখন খুলিয়েই মোক সংজ্ঞাহীন হৈ পৰি থকা দেখি বিপদৰ গোন্ধ পাই ওচৰ-পাজৰৰ দুজনমানক গোটাই সৰিয়হ এটোপোলা হাতত লৈ বিদ্যালয়খনলৈ বেগ দিলে৷তেওঁলোক বিদ্যালয় পায় মানে তেজৰ ডোঙাত লোটপোট হৈ প্ৰফুল্ল চিৎ খাই পৰি আছিল আৰু গৰু বন্ধা পঘা এডালেৰে কোঠালীৰে ফেনখনত ফাঁচ ল’ব খোজা দাসবাবুক জোৱানকেইজনে কিবাকৈ গবা মাৰি ধৰি আছিল৷”মোক যাবলৈ দে ঔ,চা তাই মোক বাঁহনিখনৰ পৰা কেনেকৈ মাতি আছে” বুলি দাসবাবুৱে উচুপি আছিল৷” পূৰ্ণকান্ত বেজে অভিমন্ত্ৰিত সৰিয়হ এছাটি মাৰি দিলতে দাসবাবু ধলি পৰিল৷ইতিমধ্যেই দাসবাবুৰ মুৰেৰে বহুতো তেজ বৈছিল৷গাঁৱবুঢ়াৰ এম্বেছাদৰখনতে ৰাতিয়েই দাস বাবুক জিলা সদৰলৈ লৈ গ’ল৷”
তোমাৰো কপাল ভাল আছিল বাপু তুমি যে এই বেজৰ ঘৰৰে দৰ্জা টুকুৰিয়ালা৷আগতে সেই স্কুলখনতে এটা চকীদাৰৰ কোৱাৰ্টাৰ আছিল৷চকীদাৰ ৰমেন বৰ শান্ত প্ৰকৃতিৰ ল’ৰা আছিল৷কিন্তু সন্দেহ বৰ বেয়া বস্তু বুইছা৷কেনেকৈ কি হ’ল নাজানো আৰু ৰমেনৰ ঘৈণীয়েক মালতীৰ চৰিত্ৰৰ ওপৰত কিবাকৈ মুৰত সন্দেহৰ পোক সোমাল৷সিহঁতৰ মাজত কাজিয়া-পেচালবোৰ দিনে-দিনে বাঢ়িহে গ’ল৷গাঁৱৰ ৰাইজেও মেল পাতি দুয়োকে বুজালে৷কিন্তু নাই কাৰো বুজনিয়েই কামত নিদিলে৷শেষত ৰমেনে মদত মুখ দিলে আৰু এদিন মদৰ নিচাতে ঘৈণীয়েকৰ সৈতে কাজিয়া কৰি ঘৈণীয়েকক চেৱ-চেৱকৈ কাটি নিজেও স্কুলৰ পিছফালৰ বাঁহনীখনত ছিপ ল’লে৷তাৰ পিছত বহুদিনলৈ গাঁৱৰ ৰাইজে ৰাতি-ৰাতি কোৱাৰ্টাৰটোৰ পৰা কন্দাকটাৰ শব্দ শুনি ভয় খাই কোৱাৰ্টাৰটো ভাঙি সেই নতুন শৌচগাৰ আৰু প্ৰস্ৰাৱাগাৰকেইটা বনালে৷তেতিয়াৰ পৰা আজিলৈকে কিন্তু কাৰো একো অসুবিধা হোৱা নাছিল৷বাৰু দিয়া ভগৱানে তোমালোকক শেষ সময়ত ৰক্ষা কৰিলে৷পিছে বেছেৰা ৰমেন চকীদাৰটো আৰু ঘৈণীয়েকজনীলৈহে বেয়া লাগে৷সিহঁতহালৰ আত্মাই এতিয়ালৈকে উদ্ধাৰ নাপালে৷”
ইয়াৰ পিছতো বহুবাৰ নিৰ্বাচনৰ ডিউটি বা অন্যান্য চৰকাৰী কামত ভিতৰুৱা ঠাইলৈ গৈ ৰাতিটো কটাইছো৷কিন্তু সেই কালৰাত্ৰিৰ ভয়াবহ অভিজ্ঞতাৰ কথা মনত পৰিলে আজিও বুকুখন দিনদুপৰতে কপি উঠে৷
জীৱনৰ পঢ়াশালি(খণ্ড ১,দেউতা)

(১)
সৰুৰে পৰাই মই সাধুকথাৰ পোক আছিলো৷সাধু পঢ়ি আৰু শুনি বিৰাটেই ভাল পাইছিলো৷দেউতাই মোক সময় পালেই সাধু কৈছিল৷বিশেষকৈ শোৱাপাটীত দেউতাৰ মুখেৰে সাধু নুশুনিলে মোৰ টোপনিয়েই নাহিছিল৷২০০৩ চনৰে কথা৷মোৰ বয়স ৬-৭ বছৰমান হ’ব৷দেউতাক পুৱাৰ পৰাই খাটনি ধৰি আছো সাধু ক’বলৈ৷ইফালে দুৰদৰ্শনত বিশ্বকাপৰ ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেছ৷দেউতাৰো ক্ৰিকেটৰ বিৰাট নিচা,খেলতেই মগ্ন৷মোক বোলে ৰ খেল শেষ হ’লেহে ক’ম৷ময়ো এপাকত অতীষ্ঠ হৈ ক’লো দেউতা ইণ্ডিয়া হাৰিবই আৰু বাদ দে সাধু ক৷দেউতাই টিভিটো অফ কৰি গহীনাই ক’লে ক্ৰিকেটেই হওঁক বা জীৱনৰ অন্যান্য ক্ষেত্ৰ মানুহে অন্তিম ক্ষণলৈকে কেতিয়াও আশা পৰিহাৰ কৰিব নালাগে আৰু তই যে সাধুটো শুনাৰ আশাত ভাৰত হাৰিবই বুলি ক’লি সেইটো সকলোতকৈ বেয়া কথা৷এনেকুৱা ভুল জীৱনত দুনাই নকৰিবি৷তেতিয়া আমাৰ বয়স কম আছিল আজি কথাখিনি জুকিয়াই চাই ভাবো সেইদিনা দেউতাই ১ মিনিটতে দুটা বৰ ডাঙৰ কথা কৈছিল৷মানুহে যিকোনো প্ৰতিকুল পৰিস্থিতিতে অন্তিম মূহূৰ্তলৈকে যুঁজি যাব লাগে৷ব্যক্তিগত স্বাৰ্থৰ বাবে দেশ বা সমাজৰ স্বাৰ্থক জলাঞ্জলি দিয়াটো অত্যন্ত গৰ্হিত কাম৷এই কথা দুটা যে আমাৰ মস্তিস্কত চপি যায় আৰু দেউতাই ক্ৰিকেট চাবলৈকে ডাঙৰ-ডাঙৰ কথা কৈ বাহানা মাৰিছে বুলি আমাৰ শিশু মস্তিস্কই ভুল নুবুজে সেয়ে দেউতাই তাৰ পিছত আৰু খেল নাচালে মোক সাধু শুনালে৷
(২)
মই সৰুতে বাঘৰ আগতেল খোৱা অঘাইতং ল’ৰা আছিলো৷স্বভাৱতেই ভীষণ অধৈৰ্য্য আৰু পঢ়াশুনাৰ প্ৰতি পিঠি দিয়া দগাবাজ ল’ৰা৷স্কুললৈ গৈ পিছৰ বেঞ্চত বহি কথাৰ মহলা মাৰো,পাঠদানৰ পৰত খিৰিকীৰে বাহিৰলৈ চাই থাকো আৰু ঘৰত আহি আবেলি সাধুকথাৰ কিতাপ মেলি গধূলিলৈ পঢ়াৰ টেবুলত টোপনিয়াও৷আমাৰ জেঠাই পঢ়া-শুনাক লৈ বিৰাটেই “চিৰিয়াছ” আছিল আৰু এদিন মোৰ এই খামখয়ালী স্বভাৱটোৰ বাবে মোক এদিন কিবা এষাৰ শুনাইছিল৷জেঠাইৰ কথা শুনি দেউতাই কৈছিল,”মানুহে শ্বাসৰুদ্ধকৰ পৰিবেশৰ নিৰ্মাণ কৰি পঢ়াতকৈ শিকিবলৈহে পঢ়িব লাগে৷মোৰ মায়ে(আমাৰ আইতাই) মোক কেতিয়াও শ্ৰেণীত প্ৰথম হ’বলৈ জোৰ দিয়া নাছিল আৰু মোৰ দৰে পৰ্বতীয়া স্কুলত পঢ়া এটা মধ্যমীয়া বুদ্ধিৰ ল’ৰা শিকিবলৈকে পঢ়ি-পঢ়ি আজি ঔষধ(Medicine) বিভাগৰ বিশেষজ্ঞ চিকিৎসক হ’লোগৈ৷পঢ়া-শুনা কৰি কোনোবা ঘোচখোৰ বিষয়াও হয় আৰু কোনোবাই চাকৰি নাপায় কিতাপৰ দোকানীও হয়৷মোৰ বাবে কিতাপৰ দোকানীজনহে ডাঙৰ৷” দেউতাই জেঠাইক কোৱা কথাষাৰ আমি আজিও মাজে-সময়ে ষান্মাষিকৰ পৰীক্ষাৰ প্ৰচণ্ড হেঁচাৰ মাজত মনত পেলাও৷পৰীক্ষাৰ চাপ কমি আহে৷এয়া যেন নৰকত বসন্তৰ সুহুৰি৷পঢ়া-শুনা কৰা বৰ-বৰ ডিগ্ৰী লোৱাটো ডাঙৰ কথা নহয় আৰ্হিত শিক্ষাৰ সৎ প্ৰয়োগ হে মূল কথা৷
(৩)
মই তেতিয়া তৃতীয়মানৰ ছাত্ৰ৷ঘৰত হাজিৰা কৰি থকা শ্ৰমিক এজন তই কামটো কেতিয়া শেষ কৰিবি বুলি মালিকী কায়দাত তাগিদা দি আছিলো৷দেউতাই কাষতে কিবা এটা কৰি আছিল৷সচাৰচৰ খং নুঠা দেউতাৰ সেইদিনা প্ৰচণ্ড খং উঠিল আৰু মোৰ কাণখনত পকাই শ্ৰমিকজনক মোৰ ব্যৱহাৰৰ বাবে ক্ষমা খুজিবলৈ ক’লে৷এঘন্টামানৰ পিছত দেউতাই মোক মাতিলে৷মই মুখ ওন্দোলাই ক’লো,”অথনি ইমান জোৰত কাণখন চেপিছিলি যে৷ছিগি থকা হ’লে৷সেইটো হাজিৰ কৰা মানুহ আছিল বাবে হে৷এতিয়া মাতিলেও নাযাও যা৷”দেউতাই সামান্য হাঁহি ক’লে,” হওঁক তেওঁ কাণখন নিছিগিল যে আকৌ৷ৰহ মলম অকণ লগাই দিওঁ৷দেউতাই মলম লগাই-লগাই ক’লে,”হাজিৰা কৰা মানুহজন আৰু মোৰ মাজত একো পাৰ্থক্য নাই৷মই মানুহৰ বেমাৰ ভাল কৰি মানুহৰ সহায় কৰো আৰু তেওঁ ইটো-সিটো কৰি দি মানুহৰ সহায় কৰে৷চাবলৈ গ’লে আমাৰ কামটো একেটাই মানুহৰ সহায় কৰা৷সেয়ে তই যদি মোক সন্মান কৰ তেওঁকো কৰিব লাগিব৷কামৰ সৰু-বৰ নাই৷মই ন’হলে তেওঁৰ অসুবিধা আৰু তেওঁ ন’হলে মোৰ অসুবিধা৷তাকো তেওঁ বয়সত তোতকৈ ডাঙৰ৷”দেউতাই দিয়া সেই কাণচেপা আৰু নীতিশিক্ষাৰ পাঠ দুয়োটাই মোৰ জীৱনলৈ মনত থাকি গ’ল৷বয়সত ডাঙৰ ৰিক্সাচালক,ঠেলাচালক,হাজিৰা কৰা মানুহ সকলোকে আজিও দাদা আপুনি বুলিয়েই সম্বোধন কৰো৷


যু্দ্ধ

কিমান যে যুদ্ধ!
কোনোখন যদি দেশৰ সীমান্তত
আন কোনোখন মনৰ সীমনাত!
প্ৰভাতী পক্ষীৰ কাকলি
ঘড়ীৰ এলাৰ্মৰ ধাতৱ ধ্বনি
আৰু জীৱনৰ এন্দুৰ দৌৰ
এয়াওটো এখন যুদ্ধই!
যুদ্ধ,জীৱনৰ ব্যস্ততাৰ
আৰু উজাগৰী নিশাবোৰত
আমি যুঁজ কৰো আমাৰ একাকীত্বৰ সৈতে
আমাৰ নিসংগতাৰ সৈতে
হিচাপ কৰো জীৱনৰ পোৱা-নোপোৱাৰ অংক,
আসঃ কিমান যে যুদ্ধ
কোনোখন যদি উদং পেটৰ জ্বালাৰ বিৰূদ্ধে
আন কোনোখন হয়তো নিস্পাপ হৃদয়ৰ প্ৰেমৰ বিৰূদ্ধে,
যুদ্ধৰ গৰ্ভতেই সুপ্ত হৈ থাকে
অদুৰ ভবিষ্যৎৰ শান্তিৰ প্ৰস্তাৱ
কেতিয়াবা যদি অন্তদ্বন্দ্ব
আৰু আন কেতিয়াবা ৰাষ্ট্ৰযন্ত্ৰ বিৰোধী সশস্ত্ৰ সংগ্ৰাম
আদৰ্শৰ যুঁজ,দৰ্শনৰ যুঁজ
উত্তৰসত্যৰ চক্ৰবেহুত বন্দী অভিমুন্য
যুঁজ মাথো যুঁজ
কোনোখন যদি দেশৰ সীমান্তত
আন কোনোবাখন মনৰ সীমনাত
কিন্তু তোমাৰ বুৰঞ্জীয়ে মাথো স্বীকৃতি দিয়ে
পানীপথ কিম্বা পলাচীক৷
পুজিবাদৰ চোতালত বিপ্লৱৰূপী সন্ত্ৰাসবাদ

News Now ত ULFA স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সম্পূৰ্ণ সাক্ষাৎকাৰটো শুনিলো৷সংগঠনটোৰ কাৰ্য্যপন্থাৰ প্ৰতি মোৰ কোনো নৈতিক সমৰ্থন নাই৷নিৰীহ জনতাক পণবন্দী কৰা তথাকথিত বিপ্লৱক আমি ঘৃণা কৰো৷অৱশ্যে সাক্ষাৎকাৰটোত সেনাধ্যক্ষজনে কোৱা কেইটামান কথা আমিও সঁচা বুলিয়েই ভাবো৷কয়লা,খাৰুৱাতেল বা অন্যান্য প্ৰাকৃতিক সম্পদ এইবোৰটো জনতাৰ সম্পদ৷ইয়াৰ মালিকীস্বত্ব কেৱল মাত্ৰ সমাজবাদী ৰাষ্ট্ৰৰহে হোৱা উচিত৷কুইপ্ৰ বা আন কোনো ব্যক্তিগত খণ্ডৰ কোম্পানীৰ হাতত কি দৰে বন্দী হ’ল ৰাজহুৱা সম্পদ৷কয়লা,খাৰুৱাতেল বা হাবিৰ কাঠ এইবোৰৰ উৎপাদনটো কোনো কোম্পানীয়ে কৰা নাই৷তেনেহ’লে কোম্পানীৰ একক অধিকাৰ কিয়?এয়া একক অধিকাৰ নে জনতাৰ সম্পদৰ লুন্ঠন?আজি পণবন্দী কৰ্মচাৰী দুজনৰ মুক্তিৰ ক্ষেত্ৰত কুইপ্ৰ উদাসহীন৷কুইপ্ৰৰ সলনি আন কোনো এটা ব্যক্তিগত কোম্পানী হোৱা হ’লেও তেওঁলোকৰ স্থিতি একেই হ’লহেঁতেন৷পুজিবাদে কেৱল শ্ৰমিকৰ শোষণ কৰে আৰু মুনাফা ঘটে,যিকোনো মূল্যৰ বিনিময়ত৷মাৰ্ক্সৰ Law of Surplus ৰ পাঠদান কৰাৰ পৰা আজিও বিৰত থাকে শিক্ষানুষ্ঠান৷তেওঁলোকে কয় profit= selling price – cost যিটো ১০০% ই ভুল৷বিক্ৰীৰ প্ৰক্ৰিয়া নহয় শ্ৰমিকৰ শোষণৰ দ্বাৰা উৎপাদন প্ৰণালীত মজুৰিৰ মূল্যৰ বিপৰীতে অতিৰিক্ত মূল্যৰ পণ্যৰ উৎপাদনহে মুনাফাৰ একমাত্ৰ উৎস৷এনেদৰেই উৎপাদন পদ্ধতিত প্ৰতিদিনে মালিক পক্ষই শ্ৰমিকক শোষণ কৰি মুনাফা ঘটে৷শ্ৰমিক মানে দুশ টকা হাজিৰা পোৱা খাটি খোৱা শ্ৰমিকজন হ’ব লাগিব বুলি কথা নাই তেওঁ বহুজাতিক কোম্পানীৰ CEO ও হ’ব পাৰে৷এনেকৈয়ে লাহে-লাহে সম্পদবোৰ সমাজৰ এটা মেৰুত কেন্দ্ৰীভূত হ’য়৷গণতন্ত্ৰ হৈ পৰে ধনতন্ত্ৰ৷ৰাজনীতিৰ বাঘজৰী পুঞ্জীভূত হ’য় পুজিপতিৰ হাতত৷ৰাজনৈতিক নেতাবোৰটো পুতলা নাচৰ পুতলাহে৷আপুনি জানে নে ভাৰতৰ সৰ্বমুঠ সম্পদৰ প্ৰায় ৯০% কেৱল ১% পুজিপতিৰ হাতত৷মুনাফাৰ পঢ়াশালিৰ ধাৰণাৰ সলনি Law of Surplus হে যে প্ৰকৃতাৰ্থৎ শুদ্ধ এয়াই তাৰ প্ৰমাণ৷পৃথিৱীত দুটাই মাত্ৰ জাতি আছে- শোষক আৰু শোষিত৷আৰু আপোনাৰ বা মোৰ দৰে সৰ্বসাধাৰণ মানুহবোৰ দৰাচলতে পুজিবাদী ব্যৱস্থাৰ দ্বাৰা শোষিত জনতা৷”সেয়ে বন্ধু মই তোমালোকৰ দৰে শোষিতৰ পক্ষত যাৰ পিঠিত চাবুকেৰে লিপিবদ্ধ হয় মালিকৰ বুৰঞ্জী”(হিমাংশু প্ৰসাদ দাস)৷পৰেশ বৰুৱায়ো আজি সমাজবাদ-পুজিবাদৰ কথা ক’লে৷কিন্তু আমি workers of the worlds united ৰ ধাৰণাতহে বিশ্বাসী৷সেয়ে অতীজতে ULFA ই সংঘটিত কৰা অনা অসমীয়া শ্ৰমিকৰ নৰমেধ যজ্ঞ আমাৰ বাবে সাঁথৰ৷কাৰণ তেওঁলোকো শ্ৰমিক,তেওঁলোকো শোষিত৷ ULFA ই সময়ৰ আহ্বান বুজক৷কুইপৰ কৰ্মচাৰী দুজনক মুক্তি দিয়ক আৰু এয়া আমাৰ অনুৰোধ নহয় এয়া আমাৰ দাবী৷গান্ধীবাদৰ প্ৰট’কলক বৰ্তমান সময়ত ময়ো অবাস্তৱ বুলিয়েই ভাবো৷বিপ্লৱ ভোজমেল নহয়৷কিন্তু জনতাৰ মুক্তিৰ দৰ্শন শূণ্য সশস্ত্ৰ সংগ্ৰামবোৰক বিপ্লৱ নহয় সন্ত্ৰাসবাদহে৷
সোণৰ সপোন

অসম দেশৰ বাগিছাবোৰৰ গছত সোণ লাগে৷দুদিনমানতে জমিদাৰ বাবু বনি যাবি ৰে মঙলু৷হাটত লগ পোৱা দুদিনীয়া মানুহজনৰ কথা শুনি নিজৰ দেচ এৰি গুচি আহিছিল প্ৰভু জগন্নাথৰ ভূমিৰ কুৰি বছৰীয়া চফল ডেকা মঙলু৷মানুহজনে ঠিকেই কৈছিল৷অসম দেশৰ বাগিছা,এটি কলি দুটি পাত৷ধোৱা ওলাই থকা কলঘৰবোৰলৈ মঙলুহঁতে কেঁচা পাতবোৰ কঢ়িয়াই নিয়ে৷কলঘৰত মেছিন চলে৷মঙলুৱে মাজে-মাজে ভাবে মেছিনবোৰত চাগৈ কিবা যাদু আছে৷কেঁচা পাতবোৰ একদম সোণৰ ৰকম দামী হৈ কলঘৰৰ পৰা ওলাই আহে৷সোণ নহয় কিন্তু সোণৰ দৰেই দামী৷মঙলুহঁতে পাতবোৰ চিঙি হোৰাত ভৰাই কলঘৰলৈ কঢ়িয়াই নিয়ে৷কিন্তু কলঘৰৰ পৰা ওলাই অহা পাতবোৰত মঙলুহঁতৰ কোনো অধিকাৰ নাথাকে৷সোণবোৰ চাগৈ হাফপেণ্ট পিন্ধা সেই বগা চাহাবটোৰ৷গোটেইখিনি ন’হলেও চাগৈ চাহাবে ডাঙৰ ভাগ এটাকে পায়৷কাঠেৰে সজোৱা প্ৰকাণ্ড বাংলো,চাকৰ-নাকৰ,গাড়ী৷আস চাহাবৰ একদম ৰজাৰমাফিক জীৱন৷ৰজাৰ চন্দুকত সোণ থাকে আৰু চাহাবৰ কলঘৰত মঙলুহঁতে কঢ়িয়াই নিয়া কেঁচা পাত,সোণ নহয়৷কিন্তু সোণৰ দৰেই মূল্যবান৷মঙলুৱে আজিলৈকে সোণ চুই পোৱা নাই কিন্তু কেঁচা পাতবোৰ সদায় চিঙে৷চাহাবে দুৰৈত ৰৈ চুৰত খায় আৰু মঙলুহঁতে কলঘৰৰ ক’লা ধোৱা আৰু কেতিয়াবা হিচাপ মাফিক পাত তুলিব নোৱাৰিলে বেতৰ কোব৷সোণ বিছাৰি জমিদাৰ হ’বলৈ দেশ এৰি গুচি অহা মঙলুৱে এই কুৰি বছৰত চাহাবৰ বাবে দেধাৰ সোণ গোটালে৷কিন্তু মঙলু জমিদাৰ ন’হল৷পিছে হাৰিয়াৰ ৰাগীত মাজে-মাজে মঙলুৰ নিজকে জমিদাৰ-জমিদাৰ যেন লাগে৷ জীৱনৰ দুকুৰি বসন্ত গৰকা মঙলু আজি এটা দুৰ্বলচিতীয়া বুঢ়া৷চাহাবো মঙলুৰ প্ৰায় সমবয়সীয়াই হ’ব পিছে চাহাবৰ বয়স যিন থমকিহে ৰ’ল৷আজিকালি মঙলুৰ ৰাতি-ৰাতি টোপনি নাহে৷কেতিয়াবা কাঁহি-কাঁহিয়েই কটাই দিয়ে উজাগৰী নিশা৷শোৱাপাটীতে পৰি মঙলুৱে কেতিয়াবা জগন্নাথ প্ৰভুৰ দেচ খনৰ কথা মনত পেলায়৷বজাৰত লগ পোৱা মানুহটোলৈ মনত পৰিলে মঙলুৰ কেতিয়াবা হাঁহিও উঠে আৰু কেতিয়াবা খঙো উঠে৷পিছে মানুহটোৱে একেবাৰে মিছাও মতা নাছিল৷অসম দেশৰ বাগিছাত সোণেই আছে৷কিন্তু সোণবোৰ মঙলুহঁতৰ নহয়৷অৱশ্যে কলঘৰৰ ক’লা ধোৱা,বৰবাবুৰ ধমকি আৰু চাহাবৰ বেতৰ কোববোৰৰ ওপৰত কেৱল মঙলুহঁতৰেই একক অধিপত্য চলে৷মঙলুৰ সৰুটো পুতেক কিবা কংগ্ৰেছৰ মিটিংলৈ যায়৷গান্ধী-নেহেৰু,স্বাধীনতা যুদ্ধ আৰু ধেৰ কিবাকিবি কৈ থাকে৷মঙলুৱে ইমান আওভাও নাপায়৷মুঠতে মঙলুৱে বুজি পায় গান্ধী-নেহেৰুহঁতে পুতেকহঁতৰ লগত মিলি বগা চাহাবটোক বাগানৰ পৰা খেদাই দিব৷অৱশ্যে মঙলুৱে পুতেকৰ কথাবোৰ বৰ এটা বিশ্বাস নকৰে৷হ’লেও মঙলুৱে মাজে-মাজে কল্পনা কৰে সঁচাকৈয়ে চাহাবটোক খেদাই দিলে কেঁচা পাতবোৰ কাৰ হ’ব?কলঘৰৰ সোণবোৰ?স্বাধীনতা আহিলে এইবাৰ কি সি সঁচাকৈয়ে জমিদাৰ হৈ যাব নেকি!
খবৰ

প্ৰাতভ্ৰমণৰ পৰা আহিয়েই পুৱাৰ বাতৰিখন পঢ়ো৷পুৱাৰ গৰম খবৰ৷খবৰৰ ভিৰৰ মাজত আবেলিলৈ খবৰবোৰ চেঁচা হৈ যায়৷চেঁচা খবৰৰ আদৰ নাই৷চেঁচা খবৰৰ ক্ৰেতা নাই৷পৰি ৰয় ঘৰৰ এচুকত৷পুৰণি খবৰ কাকতৰৰ দম আৰু ধূলি-বালি৷মাজে-মাজে তাত মকৰায়ো জাল গুঠে৷মকৰাৰ জালত বন্দী পতংগ৷পতংগই বাট হেৰুৱাই৷মকৰাৰ আহাৰ হয়৷খবৰবোৰৰ জালত আমিও মানসিক ভাবে বন্দী হৈ পৰো৷হয়তো আমিও কাৰোবাৰ চিকাৰ হওঁ৷আমাৰ আবেগবোৰকে কোনোবাই গোটে-গোটে গিলে,সেই জালত বন্দী পতংগটোৰ দৰে৷কিন্তু খবৰৰ জালখনৰ চিকাৰী মকৰাটোৰ পৰিচয় কি,সি কোন আমি একোৱেই নাজানো৷আচলতে ভাবিবলৈ আমাৰ বা আহৰিয়েই ক’ত৷আবেলিলৈ আকৌ এগালমান নতুন খবৰ আহে৷টেলিভিশ্বনৰ পৰ্দাত,ৰেডিঅ’ত,ফেচবুকত৷আমি হেতা-ওপৰা কৰো৷খবৰবোৰ পঢ়ি-শুনি আমি টোপনি যাওঁ৷পুৱালৈ আকৌ এসোপামান খবৰ৷এদিন বন্ধুৱে কৈছিল পৃথিৱীৰ প্ৰতিটো সংবাদগোষ্ঠী প্ৰকৃততে মাত্ৰ ছটা ব্যৱসায়িক গোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত৷এইটোও এটা খবৰ৷খবৰৰ ভিৰত হেৰাই যোৱা খবৰ৷হাইস্কুলত থাকোতে ৰচনা লিখিছিলো বাতৰিকাকতবোৰ বোলে সমাজৰ দাপোন৷কিন্তু দাপোনৰ প্ৰতিবিম্ববোৰ,প্ৰতিবিম্ববোৰ বাস্তৱ সত্য নে মৰীচিকা!উত্তৰ বিচাৰিবলৈ সময়েই বা ক’ত৷কিমান যে খবৰ গো গ্ৰাসে গিলিছো সেউজীয়া পাত কুটি-কুটি শেষ কৰা খকুৱা পলুটোৰ দৰে৷খবৰৰ সত্যতা বিচাৰিবলৈ বা আমাৰ সময়েই ক’ত৷গিলিব লাগে মাত্ৰ গিলিব লাগে৷আজিকালি সময়বোৰ সলনি হ’ল৷আজলী আইৰ হাতৰ ভাতসাজতকৈ হোটেলৰ মা-মছলা দিয়া ৰং বিৰঙৰ খাদ্যবোৰহে আমাৰ প্ৰিয়৷যেনেকৈ আমাৰ প্ৰিয় মছলা মিশ্ৰিত গৰম-গৰম সংবাদ৷সাংবাদিকে ৰান্ধে,সমাজে মাথো গো গ্ৰাসে গিলি যায়৷সংবাদৰ মছলাবোৰে বদ হজম কৰে৷মানুহবোৰে বমি কৰে৷হিংসাৰ বমি,সাম্প্ৰদায়িকতাৰ বমি,গোষ্ঠী সংঘৰ্ষৰ বমি৷বমিবোৰ চাফা কৰিবলৈ আজি যে কোনো জমাদাৰো নাই৷জমাদাৰবোৰক মকৰাটোৱে বন্দী কৰি থৈছে৷বাস্তিলৰ অন্ধকাৰ কুঠৰীত৷কিয় জানো আজিকালি আমাৰ স্মৃতিশক্তিও দুৰ্বল হ’বলৈ ধৰিছে৷খবৰৰ মাজত হয়তো কিবা এটা বিষাক্ত ভাইৰাছ,ন’হলেনো কিয় গোটেই সমাজখনেই এলঝেইমাৰত ভুগিছে?খবৰৰ ভিৰত আবেলিলৈ আমি পাহৰি যাওঁ আজি ৰাতিপুৱা বা কি পঢ়িছিলো৷পুৱাই একেবাৰে মদাহীৰ মাফিক ব্লেক আউট৷মনত নাথাকে সন্ধিয়াৰ বাতৰিত সাংবাদিকে চিঞৰি-চিঞৰি কিনো কৈছিল৷এনেকৈয়েই বাগৰি যায় দিন,সলনি হয় মাহ,সলনি হয় বছৰ৷আমি নতুন-নতুন গৰম খবৰবোৰৰ পিছত দৌৰি থাকো আৰু পাহৰি যাওঁ কাৰাগাৰাত বন্দী হৈ মুক্তিৰ ক্ষণ গণি থকা কৃষকনেতা জনক৷তেওঁৰ হৈ যুঁজিবলৈ নতুন খবৰৰ হেম-গেমবোৰৰ মাজত আমাৰ আহৰিয়েই বা ক’ত৷আমাৰ প্ৰিয় অভিনেতাজনে বাৰু ন্যায় পালেনে৷এই যে আমি লিখিছিলো হেছটেগ জাষ্টিছ ফৰ সুশান্ত৷কি হ’ল কেচ ডায়েৰীখনৰ৷হয়তো পুৰণিখবৰৰ দমত সেইখনেও আজি ধূলি-বালিৰে মিতিৰালি কৰিছে৷শোৱাপাটীৰ পৰা সেনাই তুলি নিয়া তিতাবৰৰ জয়ন্তৰ মাকজনীৰ হিয়াভঙা কান্দোন,বাঘজানৰ হুমুনিয়াহ আৰু লাইকা-দধিয়াবাসীৰ চকুলোৰ মূল্যই বা কিমান৷হোটেলত চিংৰা কিনোতে সোধো গৰম নে?কেতিয়াবা চিংৰা আৰু সংবাদ একেই যেনহে লাগে৷ঠাণ্ডা হ’লে কোনোটো পৰি ৰয় মিউনিচিপেলিটিৰ ডাষ্টবিনত আৰু কোনোটো চানাৱালাৰ বাকচত৷কেতিয়াবা খবৰৰ ভিৰৰ মাজত অকণমান সময় উলিয়াই হাভানা ছিগাৰৰ ধোৱা উৰাই থকা শ্বেৰ ফটোখনত চকু ফুৰাও৷বিদ্ৰুপৰ হাঁহি মাৰি গুৱেভেৰাই কয়,”তহঁতে খবৰ পঢ় কিন্তু অনুভৱ না ভাই নকৰ৷সেয়ে তহঁতৰ বুকু নজ্বলে৷সেয়ে তহঁতে পুৰণি হ’লেই খবৰবোৰ পাহৰি যাওঁ৷সেয়ে তহঁতে খবৰবোৰ পঢ়ি শান্তিত শুই থাক৷ধেই চাল্লা তহঁতি মোৰ কমৰেদ নহয়৷”