South West Monsoon has changed it’s patterns. The neo South West Monsoon differs from the original one in terms of intensity magnified intensity, discontinuous distribution and 6% reduction in the gross recipient precipitation. The extreme intensity of neo South West Monsoon accompanied by thunderstorm results has fatal impact on the mature pollen grains that finally results into low production rate. Floods and Droughts are the visible signs and symptoms of discontinuous precipitation distribution and reduction of precipitation’s volume is definitely a potential threat for almost the all forms of life. The newly evolved climate of the globe isn’t in your favour rather we can consider climate change as a pro – pathogen movement.

Apocalypse will definitely arrive by 2044 .

References

Barta, A. et al. (1986) The expression of a nopaline synthase – human growth hormone chimaeric gene in transformed tobacco and sunflower callus tissue.Plant Mol Biol.6(5):347-57.doi: 10.1007/BF00034942.

Nambisan, S. ; Wright, M. and Feldman, M. (2019). The digital transformation of innovation and entrepreneurship: Progress, challenges and key themes. Res. Policy48(8), 103773.

Bhatia, S.; Gordon, C.T. ; Foster, R.G. ; Melin, L.; Abadie, V.; Baujat, G.!Vazquez, M.P.; Amiel, J.; Lyonnet, S.; Heyningen, V.V. and Kleinjan, D.A.(2015).Functional Assessment of Disease-Associated Regulatory Variants In Vivo Using a Versatile Dual Colour Transgenesis Strategy in Zebrafish. PLoS Genetics. 11: e1005193

Chance, R and Frank, B. Research.(1993) development production and safety of biosynthetic human insulin. Diabetes Care. 16(3):133–142. doi: 10.2337/diacbates care.16.3.133.

Therapeutics company web site. (2003. )http://www.ppl-therapeutics.com/ PPL

(Al-Babili S, Klöti A, Zhang J, Lucca P, Beyer and P, Potrykus. (2000). “Engineering the provitamin A (beta-carotene) biosynthetic pathway into (carotenoid-free) rice endosperm”. Science. 287 (5451): 303–5. Bibcode:2000Sci…287..303Y. doi:10.1126/science.287.5451.303. PMID 10634784.
Stevens GA, Bennett JE, Hennocq)

D L Parmenter, et al. (1995).Production of biologically active hirudin in plant seeds using oleosin partitioning.Plant Mol Biol. (6):1167-80. doi : 10.1007/BF00020460.

T E Michaelsen et al. (1991). Human IgG subclass pattern of inducing complement-mediated cytolysis depends on antigen concentration and to a lesser extent on epitope patchiness, antibody affinity and complement concentration. Eur J Immunol21(1):11-6.doi: 10.1002/eji.1830210103.)

Service, R. F. (2002). MATERIALS SCIENCE: Mammalian Cells Spin a Spidery New Yarn. Science. 295 (5554): 419b–4421. Doi:10.1126/science.295.5554.419b. PMID 11799209.)

(https://ahpsr.who.int/publications/i/item/global-action-plan-on-antimicrobial-resistance)

Jiao Liu et al. Ecotoxicol Environ Saf. (2021). Environmental fate of Bt proteins in soil: Transport, adsorption/desorption and degradation. Ecotoxicol Environ Saf. 2021.

কালৰচক্ৰবেহু

ঘড়ীত তিনি বজাৰ ঘন্টাধ্বনি৷সি সাৰ পায় উঠি দীঘলকৈ হুমুনিয়াহ কাঢ়ে৷আস!কি ভয়াবহ সপোন সেয়া৷দুৱাৰত কাৰোবাৰ টোকৰ৷সময় ২:৪৫৷দৰ্জাখন খুলি দেখে এটা নৰকংকাল৷নৰকংকালৰ ব্ৰজমুঠিৰ চেপা প্ৰাণ যাওঁ যাওঁ৷তেনেতে ঘড়ীত তিনিবজাৰ ঘন্টাধ্বনি৷সপোনৰ অন্ত৷
দৰ্জাত টোকৰ পৰিল৷ঘড়ীত সময় চালে৷২:৪৫৷সপোনৰ দৰেই৷মন্ত্ৰমুগ্ধ হৈ দুৱাৰখন খুলি দিয়ে৷নৰকংকালৰ টংকাৰ৷ব্ৰজছেপা৷সমাগত মৃত্যু পুনৰ সাৰ পায় যায় এলাৰ্ম ঘড়ীৰ ঘন্টাধ্বনিৰ শব্দত৷তিনি বজাৰ ঘন্টাধ্বনি৷ঘড়ী চাই দেখে৷২:৪৫৷দুৱাৰ খোলে৷বাহিৰত কংকাল৷কংকালৰ তংকাৰ৷পৌণপৌনিক৷এটা সপোনত ৩ বজাৰ ঘন্টাধ্বনি শুনে মৃত্যুৰ পৰা নিস্তাৰ৷বিছনাত বহে৷ঘড়ী চায়৷২:৪৫৷দৰ্জাত টোকৰ৷কংকালৰ টংকাৰ৷কিমান পাক যে ঘুৰিল৷সময় চক্ৰ৷কাল চক্ৰ৷কালৰ চক্ৰবেহুত অভিমুন্য৷

শিল্পী(Psychological Dark Thriller)




আইনুৱে প্ৰতিশ্ৰুতি দিছিল বিচ্ছেদৰ কিন্তু ইমান সোনকালে!কংক্ৰিটৰ নগৰীৰ ন্যায়ালয়ৰ বিবাহ বিচ্ছেদৰ গোচৰৰ সমাপ্তিৰ পূৰ্বেই নিয়তিৰ আদালতে শুনাইছিল আমাৰ বিচ্ছেদৰ সিদ্ধান্ত৷আস!কিমান যে সপোন আছিল তাইৰ৷বিচ্ছেদৰ অস্ত্ৰৰে মোৰ ব্যৱসায়িক সম্ৰাজ্যৰ অৰ্দ্ধাংশৰ সম্ৰাজ্ঞী হোৱাৰ সপোন৷মোক নিথৰুৱা কৰাৰ সপোন৷মোৰ প্ৰিয়বন্ধুৰে সোণৰ সংসাৰ তৰাৰ সপোন৷কিন্তু হায়৷নিষ্ঠুৰ নিয়তি৷অশান্ত-অবাধ্য ৰক্তকোষ৷লিউকেমিয়া!ব্লাড কেন্সাৰ৷তিনিমাহত সকলো সপোন চুৰমাৰ হৈ গ’ল৷মই আইনুক ভাল পাইছিলো৷কিন্তু মই সম্ৰাট মোৰ ব্যৱসায়িক সম্ৰাজ্যৰ৷সেয়ে ৰাজধৰ্মৰ আবাহন মই কৰিবই লাগিব৷তিনিমাহৰ আগৰ কথা৷আইনুৱে ঘৰলৈ গৈছিলো ডিভোৰ্চ পেপাৰত চহী কৰিবলৈ৷তেতিয়াই তাইৰ প্ৰিয় ক্লজ’আপ টুথপেষ্টটোক সাইলাখ একেই টিউব এটাৰ সলনি কৰি ৰাখি আহিছিলো তাইৰ বাথৰুমত৷একেই টিউব৷একেই ক্লজ’আপ৷মাত্ৰ ইনজ্যেকশ্যনেৰে সুমুবাই দিছিলো 5 ml আৰ্চেনিক!

সমীৰণ পুৱাই আহিছিল৷মোক সান্তনা দিবলৈ৷বৰতীয়া ঘৰ৷এগিলাচ আমৰ ৰসকে যাঁচিলো৷গধূলি পুনৰ আহিল এক হৃদয়বিদাৰক সংবাদ,” মোৰ প্ৰিয় বন্ধু সমীৰণ আৰু নাই৷গাড়ীৰ ভিতৰতে মৃতৱস্থাত উদ্ধাৰ হ’ল বেছেৰাৰ নিস্প্ৰাণ সমীৰণ৷“ আমৰ ৰসত মিলোৱা টোপনিৰ দৰব আৰু চুঙা চাই সোপা দিয়া গাড়ীৰ চাইলেঞ্চাৰ পাইপ৷গৰম দিন৷AC ত কাৰ্বন মনক্সাইডৰ সুৱাস৷আইনুৰে মিলনৰ শুভেচ্ছা থাকিল বন্ধু৷সোণৰ সংসাৰ তৰা৷কিন্তু সিপাৰৰ পৃথিৱীত৷

হৰিকাই মৃত্যুৱে মোক ব্যথিত কৰি তুলিলে৷হাৰ্ট এটেক৷হৰিকাই মোৰ বিশ্বস্ত সহায়ক৷মধুমেহৰ ৰোগী৷বুঢ়া মানুহ৷হাত কপে৷Insulin ময়েই দিওঁ৷কালি ইচ্ছা কৰিয়েই air bubble ৰাখি চালৰ সলনি শিৰত খুচি দিলো৷বেছেৰা হৰি কাইৰ কোনো দোষ নাছিল৷কিন্তু মই যে নিৰূপায় সমীৰণৰ চাইলেঞ্চাৰত চুঙা চাইৰ সোপা হৰিকায়েই দিছিল৷আইনুৱে ঠগিলে,সমীৰণে ঠগিলে হৰিকাইক নো কেনেকৈ বিশ্বাস কৰো৷বহু মানুহৰ জীৱনৰ বিনিময়ত গঢ়ি তুলিছো এই ব্যৱসায়িক সম্ৰাজ্য৷আজি ৰাজধৰ্মকনো আগ্ৰাহ্য কৰো কেনেকৈ৷জীৱন দুদিনীয়া৷কোনো স্থায়ী নহয়৷স্থায়ী মাত্ৰ কাগজে দিয়া সুখ৷কাগজ থাকিলে নতুন আইনু,নতুন সমীৰণ আৰু নতুন হৰিকাই৷কাগজ ভাল লাগে৷শিল্পী হ’য় মই৷শিল্পকলা নুবুজা মানুহে হয়তো ক’ব “murderer! Don’t call me a murderer,I am an artist,probably a perfect artist prefer to paint the portrait of the perfect crimes with the colours of human metabolism.”

আৰ্টিষ্ট(Part 2)
Sorry Officer!সমীৰণৰ আকস্মিক মৃত্যুৱে মোৰ হৃদয়ক বিদীৰ্ণ কৰিছে৷কিমান আৰু দোহাৰিম সেই একেই আবৃত্তি৷তদন্তৰ নামত!কিমান তদন্তৰ নামত আপোনালোকে প্ৰতিদিনে খুচৰিব মোৰ অন্তৰৰ ঘাঁ৷For God shake!Best friend আছিল মোৰ৷প্ৰতীতিৰে বিচ্ছেদৰ পিছত সিয়েইটো আছিল মোৰ জীৱন যাত্ৰাৰ একমাত্ৰ জন সহযাত্ৰী৷কিয় হত্যা কৰিম মই তাক!“Arrest Warrent লৈ আনক৷অন্যথা মোকে গুলী কৰি মাৰি পেলাওঁক৷“ কিমাননো আৰু প্ৰমাণ দিম সকলোকে মোৰ নিৰ্দোষিতাৰ৷“

“হেই প্ৰফেচাৰ!আপুনি ভুল বুজিছে৷আমি আপোনাৰ পৰা সহায় বিচাৰি আহিছো৷আপুনি জানো নিবিচাৰে ন্যায় পাওক আপোনাৰ বন্ধু সমীৰণে৷“ মই নিজকে আৰু সামৰি ৰাখিব নোৱাৰিলো৷আবেগৰ জোৱাৰত মই ACP ৰ হাতখনত জোৰেৰে খামুচি ধৰি চকুলো মচি ক’লো৷“Sorry Officer!মই হয়তো ভীষণ frustrated হৈ পৰিছো৷ সমীৰণৰ হত্যাকাৰী মুকলি আকাশৰ তলত৷সেয়ে আপোনাক ভুল বুজিলো Please,Please come.”

“প্ৰফেচৰ It’s fine!মই আপোনাৰ পীড়াক অনুভৱ কৰিব পাৰো৷আপুনি মোক নাজানে৷সেয়ে ভুল বুজাবুজি হ’ল৷কিন্তু কি জানে মই আপোনাক বৰ ভালকৈ জানো৷প্ৰফেচৰ৷The Artist!Absurd art!কিন্তু Artist হোৱাৰ আগেয়ে আপুনি কি আছিল,কি আছিল!Yes Professor!Prof. Dept of Toxicology!প্ৰতীতিৰে সমীৰণৰ affairs!ডিভোৰ্চ৷লিউকোমিয়া!কিন্তু সমীৰণ!সমীৰণ সেইদিনা আপোনাৰ ঘৰৰ পৰা ওলাই যাওঁতেই৷Carbon monoxide poising with analgesic drug!post mortem ত clean sheet!কিন্তু গাড়ীৰ চাইলেঞ্চাৰত থিলা৷তাৰ পিছত হৰি কাই ন আপোনৰ পুৰণি মানুহ৷তেওঁৰ হাৰ্ট এটেক!আপুনিটো toxicology ৰ প্ৰফেচৰ৷নিশ্চয় আমাক সহায় কৰিব পাৰিব নে কি কয়!“ ACP ক কন্ঠত ঠাট্ৰাৰ লেশ৷

“অ’কে প্ৰফেচৰ!Thanks for your nice explanation!আকৌ লগ পাম৷“ “একাপ চাহ!” মই এক খোলা হাঁহি মাৰি সুধিলো৷“নাই পিছত কেতিয়াবা৷“ “আৰে ACP চাহাব৷প্ৰফেচৰ হ’য়৷Toxicology ৰ theory জানো৷But murder নহয় হে৷ভয় নকৰিব আপোনাৰ চাহত বিষ মিলোৱাৰ সপোন মোৰ নাই৷তাৰ পিছতো আপুনি যদি ভয় কৰে…..” “ভয় কি কয় হম প্ৰফেচৰ৷বাকক“ ACP য়ে এটা মিঠা হাঁহি মাৰি ক’লে৷

“Officer!Sugar!” মোৰ প্ৰশ্নৰ বিপৰীতে মিচিকিয়াই ACP য়ে ক’লে৷থাকক দিয়ক৷সেইকাপ আপুনিয়েই খাওঁক৷মই আপোনাৰ কাপ খাওঁ৷আপুনি ক’লে আপোনাৰ মোক বিহ দি হত্যা কৰাৰ কোনো motive নাই৷কিন্তু কি কৰিব পুলিচ হয়৷সন্দেহ কৰাই মোৰ প্ৰাথমিক কৰ্তব্য৷So please!Please exchange the cup!ইমান ভাবিবলৈ কি আছে যদি আপুনি তেনে কোনো চিন্তা কৰাই নাই৷

মই কপা-কপা হাতেৰে ACP ৰ হাতত মোৰ চাহ কাপ তুলি দিলো৷ACP য়ে মিচিকিয়াই চাহৰ কাপত সোহা মাৰি ক’লে,”আপুনি খাওঁক আকৌ৷মই কপা-কপা হাতেৰে চাহ কাপ তুলি লওঁতেই চাহৰ কাপটো পৰি ভাগি থাকিল৷ “প্ৰফেচৰ যাওঁক দৰ্জা খোলক৷You are under arrest!ACP য়ে জিৰ পইন্টত গান ৰাখি ক’লে৷

“বাকীখিনি ফৰেনছিকৰ হাতত৷ভগা কাপ,চাহে ভিজোৱা কাৰ্পেট৷তোমাৰ হাতৰ চাপ বহা কাপৰ নাল৷Finger Print!সমীৰণৰ Silencer ৰ finger print৷Your game is over!আজি লকআপৰে আলহী হওঁক কাইলৈ ফৰেনছিকৰ ৰিপোৰ্ট আহিব৷তাৰ পিছত৷বুজিছে ন!প্ৰফেচৰ৷আৰু কি জানে প্ৰফেচৰ before joining the force once I was also served as a professor!Same dept!কাইলৈ লগ পাম৷ফৰেনছিক ৰিপোৰ্ট৷পুলিচ custody!3rd ডিগ্ৰী৷সন্ত্ৰাসবাদীয়েও মুখ খুলি দিয়ে৷আপুনি৷নিজেই সৈ কাঢ়ি দিয়াই ভাল হ’ব নেকি!আপোনাৰো হাড়কেইডাল টুকুৰা হোৱাৰ পৰা ৰেহাই পাব৷আমাৰো সময় বাচিব৷“

“Ok fine!Just wait and watch!ৰিপোৰ্ট আহক!পিছৰ কথা পিছত৷live in the moment!ACP,আপনা হৰ দিন এসে জিয়’ জেচে কী আখৰী হো৷“মই এটা শীতল হাঁহি মাৰি ক’লো, “You bloody psychopath!just shut up!মোক ভাবুকি দিয়ে!ঐ ইয়াক……………” ACP হঠাৎ বাগৰি পৰিল৷গধূলিলৈ post mortem ৰিপোৰ্ট আহিল৷কাৰ্ডিয়েক এৰেষ্ট৷এক নিদ্ৰাবিহীন একাকীত্বৰ ৰজনী৷সূৰ্য্যোদয়ে মোৰ জীৱনলৈ পুনৰ আশাৰ মলয়া কঢ়িয়াই আনিলে৷চাহৰ কাপ,চাহ চাহে ভিজা কাৰ্পেট ক’তো বিষাক্ত পদাৰ্থৰ উপস্থিতিৰ প্ৰমাণ পোৱা ন’গল৷মোৰ আৰু চাইলেঞ্চাৰ ঠিলাৰ finger print ৰো নাম মিল পোৱা ন’গল৷ক্ষমা খুজিছিল তেওঁলোকে৷কিন্তু মোৰ আফচোচ নাই৷ডিউটি কৰিছিল৷সেয়ে মাত্ৰ ACP ৰ আকস্মিক মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি থানাৰ পৰা ওলাই আহিলো৷

ডিনাৰ পাৰ্টীত প্ৰত্যুষাই compliment দিছিল৷ “কাবাব কিন্তু লাজবাব হৈছে৷মই মিছিকিয়াই ক’লো,”আৰে৷special celebration special কাবাব!“কিহৰ celebration!innocent prove হোৱাৰ৷“ “প্ৰত্যুষাই বেকা হাঁহি মাৰি সুধিলে৷মই মিছিকিয়াই ক’লো,”আৰে!না না৷innocent টো মই হৈয়েই৷সেইটো নো কি celebrate কৰিবা নতুনকৈ৷ঘোৰা দৌৰৰ বাজী জিকিলো৷“

“হয় ঘোৰা দৌৰেইটো আছিল৷ACP য়ে প্ৰফেচৰ বুলি সম্বোধন কৰোতেই মই গম পাইছিলো৷তেওঁৰ উদ্দেশ্য কি৷মাত্ৰ নিশ্চিত হ’বৰ বাবেই তেওঁ মোৰ সহায় বিচাৰোতেই অভিনয় কৰিলো আবেগত তেওঁৰ হাতখন সাবটি ধৰাৰ৷হাই পালচ ৰেট৷মিছা মাতিছিল তেওঁ৷চাহ খাবলৈ ক’লে নাখায়৷সন্দেহ৷জনোচা মাৰি পেলায়৷অৱশ্যে ACP য়ে সাহসৰ কথা শুনিয়েই উজুতি খালে৷মই ভবাৰ দৰে৷ ACP ৰ ego factor ৰ বাবেহে তেওঁ চাহ খাবলৈ ৰাজি৷সন্দেহ আছেই৷তেওঁ exchange ৰ কথা ক’বই৷সেয়ে মই নিজৰ চাহ কাপতহে কাৰ্ডিয়েক গ্লাইকোচাইড মিলাই থৈছিলো৷exchange ৰ কথা ভবাৰ দৰেই ক’লে৷মোৰটো সমস্যা নাছিল নুখুজিলে বিষাক্ত চাহকাপ মই খাই থম৷কাৰণ এন্টিডোট মোৰ জেপত৷reverse psychology ACP বাবুৰ কাল হ’ল৷মোৰ কাপ নিজৰ কৰিলে৷নিজৰ কাপ মোক যাচিলে৷মই ধৰাৰ পৰাৰ ভয়ত কাপটো পেলাই ভঙাৰ অভিনয় কৰিলো৷তেওঁ নিশ্চিত হ’ল৷মই লকআপত৷কিন্তু কাৰ্পেটত গিৰা সেই কাপটোত বিষ নাছিলেই৷কাৰণ সেইকাপ তেওঁক দিয়া সাধাৰণ চাহ আছিল যি তেওঁ মই বিছৰাৰ দৰে সন্দেহবশত exchange কৰিলে পৰিণতিত ফৰেনছিকে একো নাপাল৷কেনেকৈ পাবনো৷থাকিলেহে পাব৷ঠিলাৰ ফিংগাৰ প্ৰিন্ট হৰি কাইৰ৷তেওঁৰ অস্থিৰ মাজতটো এতিয়া আৰু finger print বিচাৰি নাপায়৷মই চাহৰ নাল হে চুইছিলো৷ঠিলা চোৱাই নাই সেয়ে কেনেকৈনো মিলে৷ক্লীনছীট৷ACP ক জানি বুজিয়েই উপহাস কৰি,ভাবুকি দিয়াৰ অভিনয়ৰে খং তুলিলো৷যাতে cardiac glycoside য়ে খং জানিত বৰ্দ্ধিত হৃদস্পন্দনত পেট্ৰল হৈ জ্বলাই তেওঁৰ মৃত্যুক natural cardiac arrest ত পৰিণত কৰে৷

শিল্পী মানুহ আমি৷মুকলি মানুহ৷মুক্ত মন৷আকৌ লগ পাম৷ACP ৰ সৈতে দৌৰি কিন্তু বেয়া নালাগিল৷কিন্তু ACP য়ে ভবাৰ দৰে মই toxicologist নহয়৷মই প্ৰফেচৰো নহয়৷আৰ্টিষ্ট হয় মই আৰ্টিষ্ট৷মানুহৰ মগজুৰে খেলা কৰা আৰ্টিষ্ট৷“

পেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি (Wave ৰ খেলা)

নিখিলা দালৈ প্ৰথমে বন্ধুত্বৰ প্ৰস্তাব পঠিয়াইছিলো অসমীয়াত কথা বতৰা গোটত তেওঁৰ ভূতৰ গল্প পঢ়ি৷আজি প্ৰথম নিখিল দাৰে টেলিফোনিক বাৰ্তালাপৰ সৌভাগ্য হ’ল৷সম্ভৱত সেয়াও মা কামাখ্যাৰে ইচ্ছা আছিল৷কালী পূজা সম্পৰ্কে নিখিল দাৰ পৰা কিছু নজনা কথা শিকি আছিলো৷হঠাৎ মূহূৰ্তৰ বাবে ফোনৰ সংযোগে আমনি দিলে৷মই ক’লো তেওঁ নুশুনে তেওঁ ক’লে মই নুশুনো৷ভগা-ভগা কন্ঠ৷নিখিল দাই সুধিলে,”তোমাৰ কোঠাৰ দেৱালৰ দক্ষিণ পশ্চিমত এখন চৰাইৰ ফটো আছে নেকি৷মই শলাগি ক’লো আছে আৰু কি জানে নিখিল দা your radio frequency is just amazing! নিখিল দাই ক’লে আগফালৰ চোতালত হালধীয়া ফুলো আছে৷মই বোলো নাজানো চাব লাগিব৷ওলাই গৈ দেখো হয় দুপাহি নাৰ্জী ওলমি আছে৷

মই নিখিল দাক ক’লো আপুনি অথনি radio কৰোতে হতাশ কিয় হৈছিল৷নিখিল দাই ক’লে,”হেই নাই হোৱা৷সৱ radio ৰ খেলা৷

কাৰণ বিশ্লেষণঃ মাৰ্কনিয়ে ৰেডিঅ’ আৱিস্কাৰ কৰাৰ সময়ত ৰামকৃষ্ণ পৰমহংস যুৱক৷বাতৰিত ৰেডিঅ’ৰ বিষয়ে পঢ়ি গম তেওঁৰ হঠাৎ মনত পৰিল দুদিনমানৰ আগেয়ে তেওঁৰ গুৰুৱে তেওঁক দবিয়াই কৈছিল,”তই কোঠাৰ দুৱাৰ খুলি আহিলি৷ভাগ্যে চোৰে আমকেইটাত হে হাত দিলে৷গুৰুদেৱ আৰু পৰমহংসদেৱ দুয়ো তেতিয়া তেওঁৰ কোঠাৰ পৰা তিনি-চাৰি কিঃমি দুৰণিৰ বজাৰত৷ৰেডিঅ’ৰ মূলসূত্ৰ পঢ়ি পৰমহংসই বুজিলে ধ্যানৰ দ্বাৰা গুৰুদেৱে ৰেডিঅ’ ব্ৰডকাষ্টিং চেন্টাৰৰ পৰা পঠিওৱা অদৃশ্য radio wave ক process কৰাৰ দৰে চোৰৰ মনৰ তৰংগক পঢ়ি পেলালে আৰু ভবিষ্যৎবাণী কৰিলে যি এশ শতাংশই সঁচা আছিল৷পদাৰ্থৰ দুটি ৰূপ(Dual nature of matter) – দৃশ্যমান কণা (particle) আৰু তৰংগ (wave)৷দৃশ্যমান কণা অস্থায়ী কিন্তু তৰংগ আত্মাৰ দৰেই?অবিনশ্বৰ৷ভূত,ভবিষ্যৎ,বৰ্তমান তিনিকালৰ সকলো পদাৰ্থৰে তৰংগ প্ৰতি মূহূৰ্ততে মহাশূণ্যত ভাহি থাকে৷আপোনাৰ মস্তিস্কই যদি receiver হৈ তাক process কৰাৰ ক্ষমতা আহৰণ কৰে তেন্তে আপোনাৰ ভবিষ্যৎবাণী সঁচা হয়৷মোবাইলৰ ৰেডিঅ’ত এন্টেনা নাই একেদৰেই পৰমহংসৰ গুৰুৰো এন্টেনা নাই অৰ্থাৎ তেওঁৰ ধ্যানশক্তিৰে সমৃদ্ধ super sub concious mind য়েই receiver!এন্টেনাৰ ৰূপত আমি অন্যান্য শক্তিকো ব্যৱহাৰ কৰো৷এন্টেনা থাকক বা নাথাকক মানৱ ৰেডিঅ’ই কোনো পৰিবেশক পঢ়াৰ চেষ্টা কৰিলে সেই পৰিবেশৰ বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ তাৰতম্য হয় যি ইলেক্ট্ৰনিক সৰঞ্জামত প্ৰভাৱ পেলায়৷নলবাৰীত বহিয়েই নিখিল দাই মোৰ ঘৰৰ কথা কৈ দিলে মানে wave ৰ খেলা সেয়া মোবাইলৰ আমনি৷

আপোনালোকৰ হয়তো বঢ়াই কোৱাহেন লাগিব কামাখ্যাধামত এই radio নীতিৰ দ্বাৰাই মোক চিনাক্ত কৰি এজন সন্যাসীয়ে মায়ে তোমাৰ বাবে এইয়া উপহাৰ থৈ গৈছে বুলি মোক এভাগি উপহাৰ দিছিল৷মই প্ৰসাদৰ টোপোলাত মাৰ উপহাৰ ৰাখিব খোজাত তেওঁ ক’লে পলিথিন নহয় জেপত ৰাখা৷পলিথিনত থ’লে হেৰাব পাৰে৷কফি খাব বঢ়োতে সঁচাকৈয়ে প্ৰসাদৰ পলিথিন থাকি আহিল৷কিন্তু সিদ্ধ পুৰুষৰ wave ৰ খেলাই মাৰ আৰ্শীবাদক ৰক্ষা কৰিলে কাৰণ সেয়া তেওঁৰ পৰামৰ্শক্ৰমে মোৰ জেপত ৰাখিছিলো৷মোৰ বন্ধুত্বৰ তালিকাত থকা সকলে দেখিছে হয়তো মাৰ্চ নে এপ্ৰিলত sensex ৰ ঐতিহাস্যিক crash ৰ ৫ দিন পূৰ্বে মই ভবিষ্যৎবাণী কৰিছিলো৷প্ৰমাণ মোৰ প্ৰফাইল খান্দিলেই পাব৷নিখিল দায়ো বহুবাৰ ভূমিকম্পৰ আগজাননী নিখুতকৈ দিছে৷এইবোৰ wave ৰ খেলা অলৌকিকতা নহয় বিজ্ঞানেই সহজকৈ ক’লে আমি ৰেডিঅ’ সকলোৱেই ৰেডিঅ’৷ধ্যানশক্তি বা সাত্বিক কৰ্ম সেই ৰেডিঅ’ৰ বেটাৰী৷শেষত এটা দুখলগা ৰেডিঅ’ৰ গাথা কওঁ নাৰায়ণ বছৰেকত এবাৰ শোৱে৷কিছুদিনৰ মুৰত শুব৷নাৰায়ণৰ যোগনিদ্ৰা৷জগদাত্ৰী আগমণৰ পূৰ্বে অসুৰক্ষিত গোলকৰ পশ্চিম সীমান্ত৷ডম্বৰু বাজিব৷তাণ্ডৱ হ’ব৷বহু মানুহ মৰিম৷বহুত মানুহ৷গোলকৰ পশ্চিমত৷হয়তো উত্তৰাংশৰ দক্ষিণতো৷

প্ৰেংক

“দুখ নাথাকিলে ক’ত আহি জিৰাবাহি সুখৰ চৰাই৷“ “সূৰ্য্যোদয়ৰ পূৰ্বে আকাশৰ হৃদয়ৰ মণিকুটৰ তমসা ৰাণীয়ে গাঢ় কলা বৰণীয়া ছাদৰ পিন্ধে৷“ “জীৱন এখন পৰ্ট্ৰেইট মাজে-মাজে সুখৰ সেউজীয়া বাগিছা আৰু কেতিয়াবা দুখৰ বেঙুণীয়া আচোৰ৷“ “হেপাহৰ মৰুভূমিত প্ৰাপ্তিৰ মৰীচিকা বিচাৰি জীৱনে উচুপি উঠে৷“ প্ৰিয়দৰ্শিনীয়ে প্ৰেংক কৰি বেয়া পায়,প্ৰিয়দৰ্শিনীয়ে ৰিয়েল্টী শ্ব’ বেয়া পায় কিন্তু জীৱন মানেইটো এখনি আপোচৰ দস্তাবেজ৷প্ৰিয়দৰ্শিনী তেতিয়া ষোড়শী গাভৰু,মহাবিদ্যালয়ৰ নৱাগতা ছাত্ৰী,যৌৱনৰ ফুলনিত সমীৰণে গোলাপৰ সুবাস বিলালে৷প্ৰেম-বিবাহ-সংসাৰ!জীৱন এখনি মহাকাব্য৷হেঁপাহৰ এক নতুন অধ্যয়ৰ ৰূপত কণমাণি ৰিয়াৰ আগমণ ঘটিছিল সিহঁতহালৰ জীৱনলৈ.“জীৱনে ৰং চায় ৰঙে গঢ়ে ৰামধেনু৷“ ধুমুহা আহিল৷সমীৰণৰ চঞ্চল ৰক্তকোষ- লিউকেমিয়া!ব্লাড কেঞ্চাৰ৷তিনি কোটি৷বহু শূণ্যৰ প্ৰয়োজন অন্যথা সংসাৰৰ জমা-খৰছ স্থবিৰ হৈ যাব,সংসাৰ পৰিণত হ’ব শূণ্যত মহাশূণ্যত৷

ফেক দুনিয়াৰ ৰিয়েল্টী শ্ব!বীভৎস প্ৰেংক৷বিজয়ীৰ তাজ৷তাজ মানে নোট৷নোট মানে জীৱন৷জীৱনে প্ৰেংক কৰিলে পৰিণতিত আজি প্ৰেংক বেয়াপোৱা প্ৰিয়দৰ্শিনী প্ৰেংক শ্বৰ মজিয়াত৷গ্ৰেণ্ড ফিনালে৷প্ৰিয়দৰ্শিনীয়ে তিনিমহীয়া ৰিয়া মাইনাক আলফুলে কোলাত ল’লে ৷ঘৰৰ মজিয়াত৷ডিজিটেল ভাৰত৷আটাৰ আকাল অৱশ্যে ডাটা সুলভ৷সেয়ে কেৱল মাত্ৰ এটা ট্ৰাইপদ,এটা স্মাৰ্টফোন আৰু অলপমান সস্তীয়া ডাটা৷গোলকীকৃত পৃথিৱীত পাকঘৰৰ মজিয়া আৰু মজিয়া গ্ৰেণ্ড ফিনালেৰ মজিয়াৰ মাজত পাৰ্থক্যই বা ক’ত৷

“পইছা লাগে!পইছা!সমীৰণক জীয়াই ৰাখিবলৈ৷জীৱনৰ বাবে শূণ্য৷শূণ্যৰ বাবে তাজ!তাজৰ বাবে চিটি৷চিটিৰ বাবে প্ৰেছাৰ কুকাৰ৷প্ৰেছাৰত কোন!মোৰ ৰিয়া মাইনা!” পাগলীৰ দৰে প্ৰিয়দৰ্শিনীয়ে খিলখিলাই হাঁহিব ধৰিলে৷চিইটটটটটট৷চাৰিটা হুছেইল৷দৰ্শকৰ কম্পমান অন্তৰ৷বিজয়ৰ তাজ প্ৰিয়দৰ্শিনীৰ শিৰত৷এইবাৰ এটা মৰমলগা ভিডিঅ’৷ৰিয়া মইনাক প্ৰিয়দৰ্শিনীয়ে কোলাত লৈ প্ৰিয় দৰ্শকক কৃতজ্ঞতা জনাইছে৷

প্ৰিয়দৰ্শিনীয়ে প্ৰেংক বেয়া পায়৷কিন্তু জীৱন মানেই আপোচৰ দলিল৷প্ৰিয়দৰ্শিনীৰ জীৱন মানেই সমীৰণ৷সেয়ে প্ৰিয়দৰ্শিনীও প্ৰেংকষ্টাৰ হৈ পৰিল৷সৰ্বশ্ৰেষ্ঠ প্ৰেংকষ্টাৰ৷প্ৰথম মানেই দ্বিতীয় মানেই প্ৰথম৷ভুল গণণা৷বিন্যাসৰ সালসলনি৷প্ৰেংক,প্ৰেংক!ৰিয়েল্টী কি?দ্বিতীয়টো চিটি৷গলি যোৱা মঙহ গুড়ি হোৱা হাড়৷কাৰ প্ৰেছাৰ?সমীৰণৰ জীৱনৰ!কাৰ কুকাৰ?প্ৰিয়দৰ্শিনীৰ চাৰিটা চিটিৰ অন্তত কুকাৰত কি?স্পাইছি চুপ!কাৰ চুপ?ৰিয়া মাইনাৰ৷

মন কী বাত

পানীয়েই প্ৰাণীৰ প্ৰাণ স্বৰূপ আৰু সেয়ে আমি এঘৰীয়া কৰিব লাগে সেইসকল বদমাছ মানুহক যি গৰমৰ বাহানা দি দিনটোত চাৰি-পাঁচবাৰমান বাল্টিয়ে-বাল্টিয়ে পানী ধালি বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত হেঙাৰ হৈ ঠিয় দিয়ে৷নাপায় নহয় এনেকুৱা কৰিব৷হওঁতে পৃথিৱীৰ তিনি চতুৰ্থাংশই পানী৷কিন্তু ব্যৱহাৰ উপযোগী পানী মাত্ৰ ০.০৩%৷সেয়ে নাপায় এনেকৈ নষ্ট কৰিব৷আৰব-ৰাজস্থানৰ কথাটো ভাবক৷আপুনি ইয়াতে গৰম বুলি বাল্টিয়ে-বাল্টিয়ে ধালিছে সিফালে আকৌ মানুহৰ খাবলৈকো এটুপি নাই৷হ’ব পাৰে আপুনি পানী নাপালে মদটোকে খাই৷সকলোৱে নাখায় ন৷সেয়ে দিগদাৰি হয়৷সেয়ে চৰকাৰে আইন আনক-

১/পুৱাই উতি দাঁত ঘহি কুলকুলি কৰাৰ সলনি সবেই শিখৰ খাওঁক মুখো ফ্ৰেছ হৈ গ’লে একেকোৱতে বহি দিলে পেটো চাফা হৈ গ’ল৷

২/কাপোৰ-কানি ধোৱাৰ নামত পানী নষ্ট কৰিব নোৱাৰি৷বাকী আমেৰিকা-ইউৰোপেটো এনেও নোধোৱে মচি থয় আপুনি বাৰু হাগি ধোৱক৷কিন্তুটো max টো max আধামগ(১০০ মি:লি) তাতকৈ বেছি হ’লে Fine with 24% GST.বাকী কাপোৰ-কানি ঘামিলে ৰ’দত দি চেনিটাইজাৰ-চেন্ট মাৰি শুকুৱাই পুনৰ পিন্ধক৷

৩/কাঁহী-বাতি সৱ ডিছপ’জেৱল৷বিবাহিত পুৰুষৰো নিৰ্য্যাতনৰ হাৰ কমিল পানীও বাচিল৷

৪/গা ধোৱা বন্ধ কৰা হওঁক max টো max পৰম্পৰাৰ নামত মানুহৰ বিহু৷বাকী কেইদিন আপোনাৰ মন গৈছে হয় আপুনি বোকা ঘোলক অন্যথা গোমূত্ৰৰে কাম চলক৷Btw স্বমুত্ৰৰেও হাগাৰ পিছত মানে ধুব পাৰি৷

৫/পেগ চিষ্টেম বন্ধ সৱেই ৰ’ মাৰিব৷নিচাটোও টিপ-টপ হ’ব৷কম মালতে বেছি নিচা৷

৬/ঘৰ পানী দি মচা বন্ধ তাৰ সলনি গোমূত্ৰ আৰু গোবৰৰ লেপ৷আমাৰ মাটি আমাৰ সংস্কৃতি৷

ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ৷ধৰ্মৰ আহ্বান,দ্বিবিভক্ত আৰ্য্যব্ৰত আৰু ধৰ্ম-অধৰ্মৰ মহাসমৰ৷

গোঁসানী(ডাৰ্ক থ্ৰীলাৰ)

(ডাৰ্ক থ্ৰীলাৰে যদি আপোনাক আমনি কৰে দুঃখিত৷আপোনাৰ মন আপোনাৰ নিয়ন্ত্ৰণত সেয়ে মনে নিবিচাৰিলে আতৰাই পেলাব)

প্ৰেম কৰা ন’হয়,প্ৰেম হৈ যায়৷কাৰণ প্ৰেম জমাখৰচৰ বহী নহয়,প্ৰেম পোৱা-নোপোৱাৰ হিছাপো নহয়,প্ৰেম এখন সাঁকোৰ নাম৷জীৱন নদীৰ ঘাট৷দুপাৰে দুখন মৰম আকলুৱা হৃদয়৷তেজৰঙী হৃদয়৷হৃদয়ৰ ৰক্তজৱা৷

ঝৰ্ণা গোঁসানী আছিল৷মোৰ মন মন্দিৰৰ গোঁসানী৷পূজাৰী মই৷হৃদয়ৰ থাপনাত কাতৰেৰে আগবঢ়াও প্ৰেমৰ নৈবদ্য!হাঁহি-কান্দোন,সুখ-দুখ৷মই সহযাত্ৰী ঝৰ্ণাৰ জীৱনৰ৷ঝৰ্ণা সমভাগী মোৰ অযুত সপোনৰ৷এদিন অকস্মাতে ধুমুহা আহিল৷ঝৰ্ণাৰ মন যেন শ্বিলংৰ আকাশ৷মহানগৰীৰ কংক্ৰিটৰ সভ্যতাক আকোঁৱালি লোৱাৰ পৰাই তাই সলনি হৈছিল৷হয়তো কংক্ৰিটৰ স্পৰ্শই পাষাণ কৰিলে মোৰ ঝৰ্ণাৰ কুমলীয়া হিয়াক৷এইজনী মোৰ ঝৰ্ণা নহয়৷আহ!শৰীৰটো ঝৰ্ণাৰ৷কিন্তু হৃদয়,মন,আত্মা৷চহৰৰ কাৰাখানাৰ ধোৱাৰ মাজত মোৰ ঝৰ্ণাজনী হেৰাই থাকিল৷হয়তো মৃত্যু হ’ল৷মৃত্যু হ’ল ঝৰ্ণাৰ সত্বাৰ যাক মই ভাল পাইছিলো৷

ঝৰ্ণাৰ অভাৱত হৃদয়ৰ সেউজীয়া পথাৰ শুকাই শুস্ক মৰুপ্ৰান্ত হ’ল৷মলয়া-মলয়া ফাগুণী পছোৱা৷মৰুপ্ৰান্তক সুবাসিত কৰা হাস্নাহানা৷আহা প্ৰিয়া নিজৰা হৈ বৈ আহা৷পূৰ্ণ কৰা হৃদয়ৰ মন্দিৰৰ গোঁসানীৰ ৰিক্ত আসন৷স্বীকাৰ কৰা মৰমৰ অৰ্ঘ্য আৰু প্ৰেমৰ নৈবদ্যৰ৷পুনৰ ফুলিব দিয়া মোৰ হৃদয়ৰ গোলাপ পাহিক৷আহা বসন্ত৷তোমাৰেইটো প্ৰতীক্ষা৷ধুলীয়া হৈ গুজি দিম মোৰ নাচনীৰ আলফুলীয়া খোপাত এপাহি বনৰীয়া কপৌ৷

“পৰ্বতে-পৰ্বতে বগাই মই আনিছো…….” গুজি দিয়া আকৌ!তোমাৰ নাচনীৰ খোপাত৷“ নিজৰাই মৰম আকলুৱা কন্ঠেৰে ক’লে৷“আস!জানা কিমান কষ্ট পাহাৰ বগাবলৈ৷হৰিণী নয়না৷মোৰ হৃদয়ৰ শুস্ক মৰুভূমিৰ নিজৰা ৷চকুজুৰি জপাই দিয়া৷কপৌপাহিৰ সৈতে আৰু কিবা আনিছো মোৰ নাচনীজনীলৈ৷চাৰপ্ৰাইজ!” “উম!সোনকাল কৰা৷সমীৰণ৷পলম হৈছে৷দেউতাই গালি দিব৷আৰু উমমম!মই চ’ এক্সাইটেড!“ তাই চকুযুৰি জপালে৷আলফুলে তাইৰ খোপাত গুজি দিলো এপাহি কপৌ৷বনৰীয়া কপৌ৷মূহূৰ্তৰ ব্যৱধানত প্ৰচণ্ড জোৰেৰে ঢুলীয়াৰ হাতৰ হাতুৰীটো নামি আহিল৷তিনি,চাৰি ছেকেণ্ড৷আস্ফুট আৰ্তনাদ!মূহূৰ্তমানৰ বাবে ছটফটনি!মজিয়াত তেজৰ ধাল৷মোৰ মুখত নাচনীৰ তেজৰ আবিৰ৷

মলয়া,হাস্নাহানা আৰু আজি নিজৰা!এক,দুই,তিনি৷সঁচাকৈয়ে ভাল পাইছিলো৷ঝৰ্ণা হেৰাই যোৱাৰ পিছত মলয়া৷মলয়াই গতি সলালে৷হাতুৰীৰ প্ৰহাৰেৰে মই ৰূদ্ধ কৰিলো মলয়াৰ গতি৷হাচনাহানাই সুবাস দিলে৷কিন্তু হাস্নাহানাৰে ভোমোৰাৰ মিতিৰালি৷সহ্য নহ’ল৷উঘালি পেলালো৷নিজৰা!কালি আবেলি আমি ৰেস্তোৰালৈ নোযোৱা হ’লে হয়তো নিজৰাও হেৰাই গ’লহেঁতেন৷মৃত্যু হ’লহেঁতেন নিজৰাৰ,নিজৰাৰ সত্বাৰ৷তাই ৱাছৰূমলৈ উঠি গৈছিল৷ভাইব্ৰেশ্যন!সমীৰৰ বাৰ্তা৷নিজৰাৰ প্ৰাক্তন প্ৰেমিক সমীৰৰ৷বুজি উঠিলো মোৰ নিজৰাক যদি মই নেভেটো তাই হেৰাই যাব৷মৃত্যু হ’ব তাইৰ সত্বাৰ৷ঝৰ্ণাৰ দৰে৷মই প্ৰেমিক চৰাই!কিদৰে হেৰাই যাবলৈ দিও মোৰ প্ৰেয়সীক৷কিদৰে মৃত্যু হ’ব দিও প্ৰেমমন্দিৰা গোঁসানীৰ সত্বাক৷মই শৰীৰ নহয় সত্বাক ভাল পাওঁ৷আত্মাক ভাল পাওঁ৷শৰীৰৰ মৃত্যু হয় আত্মা অবিনশ্বৰ৷ঝৰ্ণা,মলয়া,হাচনাহানা,নিজৰা!মাথো নামবোৰ সলনি হয়৷চেহেৰাবোৰ অচিনাকি হয়৷কিন্তু শুস্ক মৰুপ্ৰান্তক জীপাল কৰিবলৈ সদায়েই উভতি আহে মোৰ ঝৰ্ণা৷এইবাৰো উভতি আহিব৷নতুন নাম,নতুন ঠিকনা,অচিনাকি চেহেৰা৷এক,দুই,তিনি,চাৰি,পাঁচ৷কিন্তু সেই একেই প্ৰেম,একেই সত্বা আৰু একেই আত্মা৷

মীট লাভাৰ (ডাৰ্ক থ্ৰীলাৰ)



“ডেকা ল’ৰা৷ডিনাৰত কি খাবা তেনেহ’লে৷চিকেন,মাটন,পৰ্ক!ঝৰ্ণাই তোমাৰ কথা কৈয়েই থাকে৷মিট লাভাৰ হেনো!আজি তেনেহ’লে দুজন মিটলাভাৰৰ মণিকাঞ্চন সংযোগ৷ডিনাৰ জমিব লাগিব নে কি কোৱা৷“ঝৰ্ণা৷মানে মোৰ বান্ধৱী,প্ৰেমিকা,বাগদত্তা৷ঝৰ্ণাই সকলো৷মোৰ কণমাণি পৃথিৱীখন মানেই কেৱল ঝৰ্ণা,ঝৰ্ণা আৰু ঝৰ্ণা৷প্ৰেমৰ ঝৰ্ণা৷আশাৰ ঝৰ্ণা৷ঝৰ্ণা মোৰ মন মন্দিৰৰ গোঁসানী৷বিয়াৰ আগেয়ে নৈশ ভোজৰ আমন্ত্ৰণ৷প্ৰসন্ন বৰুৱা৷ঝৰ্ণাৰ মৰমৰ দেউতা আৰু মোৰ ভাবী শহুৰ৷বেছ সৰবৰহী ব্যক্তি৷ডেকাৰ লগত ডেকা,বুঢ়াৰ সৈতে বুঢ়া৷হয়তো তেওঁৰ এই গুণটোৱেই মোক মুগ্ধ কৰে৷ “আৰে ডেকা ল’ৰা!কি ভাবি আছা৷আজ কি দাৱত তুমহাৰে নাম৷কোৱা,কোৱা৷কি খাবা৷লাজ কৰিব নালাগে!“

“ককা!চোৱানা,ঝৰ্ণা মাহীয়ে মোক লগাই আছে!“ নিয়ৰ!বৰ মৰম লগা অকণমাণিটো!চাৰিবছৰমান হ’ব৷ঝৰ্ণাৰ ভাগিন৷সৰুজনী বায়েকৰ ল’ৰা৷আজি ঝৰ্ণাৰ বায়েকহঁতো আহিছে৷অৱশ্যে নিয়ৰক ইয়াতে থৈ বা আৰু ভিনদেউ বজাৰ কৰিবলৈ গৈছে৷ভিনদেউৰ কোনো দুৰ সম্পৰ্কীয় ভনীয়েকৰ বিয়া৷তাৰেই বজাৰ৷“ৰ’বা মই মাহীক ঠিকছে গালি দিম৷মোৰ এই পুতলাহেন নাতিটোক কোনে লগাইছে অ’৷“

“দেউতা!চলিহা খুৰাৰ বাইপাছত এক্সিডেণ্ট হ’ল৷এতিয়া ভেন্টিলেশ্যনত৷খুৰীয়ে ফোন কৰিছিল৷বৰকৈ কান্দিছে৷“ ঝৰ্ণাই প্ৰায় থোকাথুকি মাতেৰে ক’লে৷আস!ক্ষন্তেক আগেয়ে হাঁহি-মাতি থকা এখন ঘৰ৷হঠাৎ যেন আমাৰ হাঁহিবোৰ কলীয়া মেঘে ধাকি ধৰিলে৷

“আস!কি বিপদ!সমীৰণ প্লীজ বেয়া নাপাবা৷মই,মাজনীৰ সৈতে ফটকৈ খবৰ এটা কৰি আহো৷এই যাম-এই আহিম৷প্লীজ বেয়া নাপাবা আৰু নিয়ৰক অলপ মন কৰিবা৷আৰু হেৰি নহয়!কোৱা আকৌ কি খাবা৷একেবাৰে বজাৰৰ পৰা লৈ আহিম৷“ “নাই!নাই!নালাগে খুৰা!মোৰ চিনাকী ল’ৰা এটা আছে৷ফোন কৰিলেই দি যাব৷আপুনি ৰান্ধিব নালাগে দিয়ক৷আজি ময়েই ৰান্ধিম৷কেতিয়াবাটো কপালত থাকিলে এক্সটিক মিটো পাই যায়৷আপোনালোক আহক গৈ৷খৰখেদা নকৰিব৷নিয়ৰ তুমি আৰু মই আজি একদম স্পেচিয়েল গ্ৰেভী বনাম৷এবাৰ খাই চাবা৷তাৰ পিছত ক’বা৷ঝৰ্ণা মাহীয়ে বনাবই নাজানে৷“ “আৰু কিবা!“ঝৰ্ণাই কৃত্ৰিম খঙেৰে চকু পকাই ধৰিলে৷

“বাহ!সমীৰণ সাংঘাতিক বনাইছা হে!ইহঁতি হে জানো কিয় গুচি গ’ল৷তাকো আকৌ মোৰ পুতলাটোকো লৈ গ’ল৷বজাৰ-সমাৰ কৰি বোলে লগে-ভাগে ভাতসাঁজ খাই যাওঁ৷নাই৷লৰালৰি৷কেৱল লৰালৰি৷এতিয়া আকৌ হালেই ফোনটোও অফ কৰি থৈছে৷বাদ দিয়া৷সিহঁতে নে কি বুজিব মঙহৰ জুতি৷তাকো আকৌ কুমলীয়া শহাৰ মঙহ৷সকলোতো তোমাৰ মোৰ-দৰে মিট লাভাৰ নহয়৷নে কি কোৱা৷“ “গ্ৰেভী খিনি কিন্তু সঁচাকৈয়ে ভাল হৈছে সমীৰণ!একদম ৱাইন ৰেড গাৰ্নিচ৷“ ঝৰ্ণাই মিছিকিয়াই ক’লে৷ “এহ!মোৰ কিন্তু বেছেৰা নিয়ৰলৈহে বেয়া লাগিছে৷ককা চাই নাতি৷মাংস বুলিলেই পাগল৷ইহঁতৰ আকৌ নিজৰো ধৈৰ্য্য নাই৷মোৰ পুতলাটোকো লৈ গ’ল৷খাম-খাম বুলি আশা পালি আছিল চাগৈ৷বেচেৰাটো৷“

“বেচেৰা নিয়ৰ! আৰু বেচেৰা নিয়ৰৰ বেচেৰা ককাদেউতা!কুটুমে কাটিলে-কুটুমে ৰান্ধিলে-কুটুমে কুটুমক খালে৷বহু ধৈৰ্য্য ধৰিছিলো৷আন ন’হলেও ঝৰ্ণাৰ স্বাৰ্থত৷কিন্তু শেষত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো৷মই মিট লাভাৰ৷কুমলীয়া শিশুৰ মঙহ৷আস!শহাতকৈও কোমল৷প্ৰথম ইক’ কেম্পলৈ যাওঁতে চাকি চাইছিলো৷কেঁচা মৰিশালিৰ পৰা উঠাই অনা এজনী দুবছৰীয়া পখিলাৰ মঙহ!সেয়াই আৰম্ভণি৷তাৰ পিছত মাজে-সময়ে সুযোগ পালে এনেকৈয়ে৷বাহঁতৰ কপাল বেয়া৷ঘপকৈ দৰ্জা খুলি সোমাই আহিল!নিয়ৰৰ দেহটো তেতিয়ালৈ শীতল হৈ পৰিছিল৷ডিঙিটো চেপি ধৰোতে ছটফটাইছিল৷বেয়াও লাগিছিল!হাজাৰ হওঁক মোৰ ঝৰ্ণাৰ ভাগিন৷মোৰ ভাগিন৷আমাৰ ভাগিন৷কিন্তু কুমলীয়া মঙহৰ লোভ!নাই!নোৱাৰি জিকিব৷জোৰেৰে চেপি ধৰিলো৷ডিঙিটো! হাত ভৰি বোৰ জঠৰ নোহোৱা পৰ্য্যন্ত৷কাটি-বাছি থাকোতেই সিহঁত হাল আহিল৷উপায় নাছিল৷ঝৰ্ণাক হেৰুৱাব নোখোজো৷ঝৰ্ণাই যে মোৰ সৰু পৃথিৱীখন৷সেয়ে সিহঁত হালকো ঘপিয়াই মোৰ গাড়ীৰ ডিকিত বডী দুটা ভৰাই ফোন দুটাৰ চিমখন খুলি পেলাই দিলো৷মোৰ হাতত সঁচাই যাদু আছে৷এঘন্টাত সকলো শেষ!এতিয়া মজিয়া!ফু মাৰি ভাত খাব পৰা ৰক্তচেকাবোৰ নাই৷অলপমান আদা-নহৰু-কেঁচা জলকীয়া,পিয়াজ,বিলাহী,ধনিয়া আৰু নিয়ৰৰ কোমল মাংস৷

“মজা লাগিল হে ডেকাল’ৰা৷মোৰ ফালৰ পৰা একদম ফাইভ ষ্টাৰ ৰেটিং!” “থেংকিউ খুৰা৷পিছৰ বাৰ কিন্তু আপোনাৰ হাতেৰে খাম৷“ কুমলীয়া শহাৰ হাড় এটুকুৰাত কামোৰ মাৰি ক’লো সকলোৰে আগোচৰেই মোৰ ওঠত ফুটি উঠিল এক তৃপ্তিৰ হাঁহি৷