খিৰিকী


(১)
“দাদা!ঐ দাদা৷চাচোন চা৷গছত বগৰীবোৰ যে কি লমালমে লাগিছে!উফ!পকা-পকা বগৰী৷আহ না৷পাৰি দিবি৷“ হয় সি ঠিকেই দেখিছে সেইজনী মুনুকণ৷জোনাকৰ বৰষুণ জাকত তিতি বগৰী জোপাৰ তলত ৰৈ আছে৷বগৰীৰ কাষতে এটা কেঁচা মৰিশালী৷মুনুকণৰ মৰিশালী৷এপষেক মান হ’ল৷বগৰী পাৰিবলৈ যাওঁতেই ছবছৰীয়া মুনুকণ পুখুৰীত ডুবি মৰাৰ৷শেষ ৰাতি এনেকৈয়ে তাক সদাই ৰিঙিয়াই৷শোৱাকোঠাৰ খিৰিকীখনৰ সিপাৰৰ পৰা৷তাইৰ মৰিশালীটোৰ পৰা৷হয় সেইজনী মুনুকণেই৷মাথো গালৰ মঙহবোৰ ক্ৰমশ পচি আহিছে আৰু মুখত সেয়া এসোপামান তেজসোহা জোঁক৷এখন বিবৰ্ণ পঁচা মুখ,ওলোমা মঙহ,এসোপামান জোক আৰু কৰাল বন্ধা মৰা তেজ৷তাই মিচিকিয়াই আকৌ মাতিলে,”দাদা!আহ আকৌ৷“
(২)
হোষ্টেলীয়া জীৱনৰ আৰম্ভণিৰ অধ্যায়৷নতুন ঠিকনা,নতুন সমাজ,এজাক অচিনাকি মানুহ!“নেনা বৰষে ৰিমঝিম ৰিমঝিম………” তাইৰ পঢ়া টেবুলৰ সন্মুখৰ খিৰিকীখনৰে চালেই সৌটো গাৰ্লচ কমন ৰূম৷“অ’ নীলাঞ্জনা বা!চোৱা সৌ বা জনীয়ে ইমান ধুনীয়াকৈ গাইছে৷তাতে কমন ৰূপত বহি৷নেনা বৰষে…..“ খিৰিকীখন বন্ধ কৰি দিয়া ঝৰ্ণা৷তাই মোৰ লগৰে আছিল৷ৰিমঝিম!বৰ সুৰীয়াকৈ গাইছিল জানা!তাই চীপ লৈছিল৷সৌ কমন ৰূমৰ ফেনখনতে৷তাৰ পিছত সদায় দোপৰ নিশা!তাতে বহি গীত জোৰে৷নাম-প্ৰসংগ পতাৰ পিছত কিয় নাজানো আজি আকৌ…..” “হেই!নীলাঞ্জনা বা৷কিয় বাৰু ধেমালি কৰিছা৷“ ঝৰ্ণাই কথাষাৰ সম্পূৰ্ণ হোৱাৰ আগেয়ে এজাক শীতল বতাহে খিৰিকীখন জপাই দিলে৷সম্ভৱত এটা মান মূহূৰ্তৰ বাবে ঝৰ্ণাই দেখিলে৷কমন ৰূপৰ ফেনখনত চীপ লৈ ওলমি থকা এক মৃতদেহ৷খিৰিকীৰ কাষেৰে নুপুৰৰ পদধ্বনি৷সুৰীয়া কন্ঠ পুনঃ প্ৰতিধ্বনিত হ’ল“নেনা বৰ্ষে ৰিমঝিম ৰিমঝিম“ এক খিলখিলয়া হাঁহি আৰু খিৰিকীত কাৰোবাৰ লাহী আঙুলিৰ টোকৰ৷
(৩)
“বাৰিষাৰ বৰষুণ৷অহা যোৱা তোৰ ধুন৷“ নিশাৰ নিস্তব্ধ নীৰৱতাক ভেদি বাহিৰত তেতিয়া ধুমুহাৰ তাণ্ডৱ৷মাজে-মাজে কাণতাল মৰা ধেৰেকনি আৰু বিজুলীৰ লুকাভাকু৷কেৰকেৰকৈ শব্দ কৰি মোৰ কোঠাৰ খিৰিকীখন খোল খাই গ’ল৷চকামকাকৈ বিজুলীৰ পোহৰত বিভূতিক দেখিলো৷আজিও তাৰ কপালেৰে এসোতা কেঁচা তেজ বৈ আছিল৷সিদিনাৰ দৰেই৷যিদিনা ডাম্পাৰখনে তাক মহতিয়াই নিছিল৷প্ৰচণ্ড ধেৰেকণিত জিকাৰ খাই সাৰ পাই গ’লো৷আস!সপোন হে আছিল৷কেৰকেৰকৈ শীতল বতাহৰ স্পৰ্শত খিৰিকীখন এইবাৰ সঁচাকৈয়েই খোল খাই গ’ল৷এস!উপায় নাই৷গোটেই ৰূমটো তিতিব খিৰিকীখন নজপালে৷যাহ!সপোনহে৷নিজকে সান্তনা দি মৰণত শৰণ দি আগবাঢ়িলো৷খিৰিকীখনত হাত দিছো মাত্ৰ৷এক হিমশীতল স্পৰ্শ৷বিজুলীৰ পোহৰত চকামকাকৈ তাক দেখিলো৷বিভূতিক৷সিদিনাৰ দৰেই কপালত এসোতা কেঁচা তেজ৷শুদ্ধ বগা কামিজ৷সেইনিশা সি লৈ গ’ল মোক৷আস!ভাল বন্ধু আছিলো আমি৷আজিকালি দুয়োটাই বেলি লহিয়ালেই একেলগে ঘুৰি ফুৰো৷খিৰিকীৰে ভুমুকিয়াও৷যিদৰে এতিয়া খিৰিকীৰে আপোনাক চাই আছো৷আমাৰ এই যাত্ৰাৰ আপুনিও সহযাত্ৰী হ’লে সুখী হ’ম৷লৈ যাম আপোনাকো৷আমাৰ সিপাৰৰ পৃথিৱীখনলৈ৷প্ৰতিশ্ৰুতি দিলো লগ পোৱাৰ৷লগ পাম আপোনাক খিৰিকীৰ কাষত আজি নিশা৷শেষ নিশা৷আপোনাৰ শেষ নিশা!আমাৰ বন্ধুত্বৰ প্ৰথম নিশা!

During the late eighties for the first time in the history of mankind Barta et al. successfully developed human gonadotropin, a therapeutic protein in recombinant tobacco and sunflower plants (Barta et al. 1986) and with this landmark invention the post modern civilization has entered into a new era “The Era of Molecular Farming”. In agricultural literature conventional farming is considered as the practice of producing commercial goods in a living system. The fine line of difference between conventional farming and molecular farming is in molecular farming manipulation of the living (expression) system at the molecular level is the principle strategy for commercial production of goods. So in technical terms we can define molecular farming as the practice of using a living system partially or as a whole in the form of bio reactors for the production of commercial products via recombinant DNA technology.

Therefore the living system as bioreactor and recombinant DNA technology are the two basic pre requisites for molecular farming. Technically a bioreactor is defined as a vessel that carries out a biological reaction and is used to culture aerobic cells for conducting cellular or enzymatic immobilization (Bhatia et al., 2015) whereas Recombinant DNA Technology is defined by the “the joining together of DNA molecules from different organisms and inserting it into a host organism to produce new genetic combinations that are of value to science, medicine, agriculture and industry.”( Nambisan et al., 2017)

Though the practical approaches of molecular farming greatly varies from product to product or from expression system to system it’s fundamental mechanism is common for all cases and it involves the following steps-

1. Isolation followed by the cloning of the gene of interest (GOI): GOI is the particular gene that belongs to the genome of a particular species responsible for expression of the product of interest (commercial product).  In a brief this primary step involves the isolation of DNA (using a standard protocol), extraction of GOI from the isolated DNA by using a standard restriction enzyme as molecular scissor and in-vitro amplification of the GOI by Polymerase Chain Reaction (PCR).

2. Transferring the GOI into a host species (species that received the foreign GOI) by direct or indirect method of gene transfer followed by integration of the GOI into the host genome using DNA ligase the molecular glue.

3. Growing of the genetically modified or transformed host species in vitro or in vivo.

4.Recovering of biomass followed by downstream processing to obtain the desired product in the purest form possible.

Molecular farming can be characterized by a great variation in the expression system (host). Expression systems may vary from unicellular prokaryotic bacterium to higher eukaryotes like plants or animals. Each expression system has it’s own pros and cons and in our next paragraph we’re going to have a glance on various expression systems with their pros and cons.

A. Bacteria as a host: In case of bacteria as a host species the only advantage is –

1. It is an ideal system for the production of small, aglycosylated proteins like insulin.

whereas having limitations like –

1.Due to the absence of eukaryotic translational and post translational machineries unable to produce higher proteins like antibodies.

2. Low scalability accompanied by higher cost of production.

3. Higher risk of contamination of the product by bacterial endotoxin.

B. Animal based system – When an animal cell or the whole animal functions as an expression system we have certain advantages like-

1. Due to the presence of eukaryotic translation and post translational machineries production of higher proteins is possible.

2. The cost of production is relatively less than the bacterial system.

But the limitations are-

1. Legal and ethical issues associated with animal trials.

2. Delicate nature of the animal cells due to the absence of the cell wall.

3. Chances of contamination of the final product by carcinogenic onco genes or human pathogens.

C. Plant based system: Due to numerous advantages in contrast to limited cons usually a plant based system is considered as the most efficient one among others. Here advantages are-

1. A versatile, easier and ideal for production of higher proteins by using the translational and post translational machineries of the higher plants.

2. Lowest production cost.

3. Contamination chances are negligible due to the absence of bacterial endotoxin, human pathogens or onco genes in plants.

Though the plant based method is the most ideal one yet we cannot nullify the hazardous effects of trans gene and trans protein pollution. So our approaches should be aimed at neutralising every possible chance of trans gene and trans protein pollution for the shake sustainable development and a better future of this globe.

ৰম্ভা-মেনকা পূৰাণ

(JEC বাইদেউ আৰু ঘিউবিহীন নৰমুণ্ডৰ অধিকাৰী সম্পাদকৰ শ্ৰীচৰণত এই অৰ্ঘভাগি অৰ্পিলো)

(শুনিয়োকো সৰ্বাজন হামাৰ বচন৷According to the prophecy of Nostoradamus ধেমালি নুবুজা লোকক অসমীয়াত নাৰীবাদী বোলে সেয়ে নাৰীবাদীৰে ধেমালি কৰা বেদ বিবৰ্জিত আচৰণ)

বলীউদৰ ৰোমাণ্টিক চলচিত্ৰ৷মোগেম্বোৰ শহুৰবুঢ়াৰ পাষাণ হৃদয় জিনি প্ৰেমিক প্ৰেমিকাৰ মিলন,বিবাহ আৰু “Happy Ending”৷ না বাবা না “Picture tu abhi bhi baki he mere dost.”
Name of the Movie – ঘৰসংসাৰ- a journey from better half to bitter half.

Behind every successful man there is a woman and parallely behind every unsuccessful man there is a woman too আৰু এই চৰাচৰজগতত সফল ব্যক্তিৰ সংখ্যা এপাচি শাকত এটা জালুকৰ দৰে৷কাৰণ মূল সমস্যটোৱেই হ’ল তেওঁ Woman আপুনি Man সেয়ে লক্ষ বছৰ তপ কৰি নাৰায়ণক সন্তুষ্ট কৰিব পাৰিলেও তেওঁক কৰাটো অসম্ভৱ৷No means No,শিয়ালৰ শিং গজি যাব,ঢেৰুৱাৰ ঠাৰি সিজি যাব,মুদৈ বত্তাৰ পোন্ধৰ লাগে একাউণ্টত কণী পাৰিব কিন্তু ৰম্ভা-মেনকাহঁত সন্তুষ্ট নহয়৷“A happy woman” is the greatest conspiracy theory in the history of mankind.”

To be happy you must accept, Accept কৰিবৰ বাবে logic ৰ প্ৰয়োজন আৰু তেওঁলোকৰ মাত্ৰ এটাই logic “পৃথিৱীখন তল ওপৰ হৈ গ’লেও লাগিলে অকৰা হৈ মৈত উঠি পথাৰ চহাম কিন্তু আমাৰ ভুল আমি accept নকৰো৷৷চাল্লা য়ে ৰম্ভা-মেনকা ডাৰ্লিং ঝুকেগা নহী৷“
“কাম নাইকীয়া ফাল্টু মাল“ বুলি বেটমেনে গোটেই জীৱন প্ৰেয়সীৰ গালি খালে কিন্তু যিদিনা বেটমেন বেটমেন হ’ল মেনকাই ক’লে মোক চুপাৰ হিৰ নহয় আম আদমি হে লাগে৷“চাল্লা জকাৰৰ কি ট্ৰেজেডী৷বেটমেনৰ ডাবল ট্ৰেজেডী৷

চাৰা দুনিয়াই জানে “Sharing is caring” তৎসত্বেও Rose বুঢ়ীয়ে কাঠৰ টুকুৰাটোৰ ওপৰত ফস্তি মাৰি চাৰা ৰাত শুলে৷বেচেৰা জ্যেক৷ভদ্ৰতাৰ খাতিৰত বুঢ়ীয়ে এবাৰটো exchange কৰিবলৈ ক’ব পাৰিল হয় ন!কিন্তু নকয় কাৰণ “Ladies first” and that’s why our গুৱাহাটী মহানগৰীৰ city buses are inspired by Titanic.(উৎস গ্ৰন্থৱালী “Pyar Ka Punchnama”)

যেতিয়া বেচেৰা প্ৰিয়তমক কামুৰি আমনি লাগে তেতিয়া এওঁলোক বজাৰলৈ বুলি ওলায়৷হাতীৰ খোৱা দাতো বেলেগ দেখুৱা দাঁতো বেলেগ৷উদ্দেশ্য বজাৰ কৰা নহয়৷বেচেৰা দোকানীক কামোৰা৷দহখনমান শাড়ীৰ দোকানত এহাজাৰ খন মান শাড়ী দৰাই পঞ্চাশখনমান চেল্ফি মাৰি শেষত দহটকীয়া ধনীয়া এমুঠি ঘৰলৈ কিনি অনাই ৰম্ভা-মেনকাৰ জীবনৰ অন্তিম লক্ষ্য৷পাৰিলে পাচলি বেপাৰীকো কামুৰি জাতি জলকীয়া দুটামান সৰকাই আনিবহে৷

আদাম স্মিথে ঠিকেই কৈছিল “Human wants are unlimited.” অমুকাই তাকে মডিফাই কৰি ক’ব বিছাৰে ৰম্ভা মেনকাৰ,আপত্তি,গোচৰ,অভিমান,মেকআপ কিট,বস্ত্ৰৰ গুদাম (সেইটো আলমাৰি নহয় গুদাম,ৱেৰ হাউচ),চেলফি আৰু “narcissistic photography” এটা শাৰীত ক’বলৈ গ’লে অসীমত যাৰ হেৰাল সীমা৷বস্ত্ৰৰে পূৰ্ণ ware house কিন্তু তেওঁলোকৰ ধাৰাভাষ্যনুসৰি পিন্ধি যাবলৈ কাপোৰেই নাই৷বেছেৰা Google,চাল্লা “Google Cloud” ৰ “storage” ফুল হৈ যাব কিন্তু আৰু এখন আৰু এখন বুলি এওঁলোকে সেই ভয়ংকৰ বাণীৰ পৌনঃপুনিকভাবে পুনৰাবৃত্তি কৰিয়েই থাকিব৷

ঘৰৰ কথা সুকীয়ি কিন্তু বিয়াঘৰত পুহৰ প্ৰচণ্ড শীতেও নাৰী শক্তিক তলাব নোৱাৰে “চাল্লা ৰম্ভা মেনকা ঝুকেগা নহ্যী৷ছুৱেটাৰ পেহনেগা নহ্যী৷“

হাঁহি-মাতি কথা পতা মানে লাইন মৰা ” I mean how cheap!” আৰু যদি নাপাতে গোমোৰাটো কৰবাৰ I mean “How rude!” মুঠতে মাটিলৈ গ’লে বাঘে খায়-পানীলৈ গ’লে ঘৰিয়ালে খায়৷তাৰিখ পে তাৰিখ নহয় “Question pe Question!”

বেচেৰা কলম্বাছে জানিছিল তেওঁ ভাৰতলৈ নাওঁ মেলা নাই৷কিন্তু অৰ্দ্ধাংগিনীৰ ” Rapid fire ” ৰ ত্ৰাসত বেচেৰাই “India” বুলি চমুৱাই থ’লে৷নহলে আকৌ হাজাৰটা প্ৰশ্ন“ “ক’ত যোৱা,কিয় যোৱা,কাৰ কাষলৈ যোৱা,মোক এৰি আনৰ কাষলৈ যাবা ন,আজিকালিতো মই পুৰণা হ’লো,মোৰ গুৰুত্ব নোহোৱা হ’ল আদি ইত্যাদি৷“(উৎস গ্ৰন্থ একেভাগি)

মুখচুপতিত যদি আপুনি অকথ্য কোৱাৰ পিছতো তেওঁ গৌতম বুদ্ধৰ দৰে শান্ত হৈ আছে আপুনি নাভাবিব এয়া যুদ্ধ বিৰতি৷না cease fire মুঠেই হোৱা নাই এয়া ধুমুহাৰ পূৰ্বৰ নিৰবতা মাত্ৰ৷ঘৰ সংসাৰৰ “mutual fund” ত সংৰক্ষিত কৰা হৈছে সেই সুযোগৰ যি সময়ত ব্ৰহ্মাস্ত্ৰৰ ৰূপ লৈ আপোনাক ধাৰাশায়ী কৰিব৷

আপুনি জানেনে জ্ঞানী লোকে শুভবিবাহত কিয় নাগিন ডান্স কৰে৷আৰে!সেয়া ডান্স নহয় বিপদৰ আগজাননী৷আপোনাৰ জীৱনলৈ পত্নীৰ ৰূপত দৰাচলতে নো কোন আহি আছে সেয়া তাৰেই সংকেতধ্বনি৷সেয়ে সেন্দূৰৰ ৰং ৰঙা!I mean Red and red means Danger.

এনে অত্যাচাৰৰ জালাত কোনোবা পোৰাকপলীয়াই যদি চিপ ল’ম বুলিও কয় প্ৰিয়তমাই ক’ব,” কাৰ পল্লুৰে চিপ ল’বা৷আৰে ময়োনো কি আবোল-তাবোল প্ৰশ্ন কৰিছো৷তুমি কি ক’বা৷মই কৈছো শুনা৷মই জানিছিলোৱেই মোৰ পল্লু থকাৰ পিছতো তোমাৰ দৰে লম্পট এটাই মোৰ নহয় সেই সতিনীজনীৰ পল্লুৰেই চিপ ল’বা৷তুমি মোক নহয় তাইকেই ভাল পোৱা৷যোৱা-যোৱা তাইৰ পল্লুৰেই চিপ লোৱা৷কিন্তু খবৰদাৰ তাইৰ পল্লুৰে চিপ ল’লে তাইৰ লগতে থাকিবা৷মোৰ ওচৰলৈ একদম নাহিবা৷“ Moral of the story “আজি ৰম্ভাই ভাত পানী নবনাই৷Now the পোৰাকপলীয়া husband has only one option left drop the bloody plane of চিপ লোৱা just go to the kitchen ভাত-পানী বনাই বাচন মজি ভাবি থাকা কি ৰংৰ শাৰীৰে পুজিলে গোঁসানীজনী সন্তুষ্ট হ’ব৷“

শেষত ৰাণা দাৰ ভাষাৰে ৰম্ভা-মেনকাহঁতলৈ বুলি “গুৱালগালি এফাঁকি ব্যৱহাৰ নকৰি দিয়া দেই আমাক বিদায়৷“

(ৰম্ভা-মেনকা ছোৱালী৷JEC বাইদেউৰ মতে ছোৱালী জোকোৱা সনাতনী সংস্কৃতিৰ ৬৪ কলাৰ অৰ্ন্তগত এক সূক্ষ্ম সুকুমাৰ কলা৷সেয়ে বাইদেউৰ সন্তুষ্টিৰ বাবে সেই কলাৰ মহাৰথীয়ে আজি এইভাগি কলাৰ প্ৰদৰ্শন কৰিবলৈ বাধ্য হ’ল৷)

শ্ৰীমদ্ভাগৱতগীতা সাৰ (খণ্ড এক)

ভবিষ্যৎৰ ইতিহাসবিদে সম্ভৱত আজিৰ এই ক্ষণক সমগ্ৰ বৈদিক সভ্যতাৰ এক বিবৰ্তন বিন্দু ৰূপে স্বীকৃতি দিব৷ধৰ্মৰ আহ্বানে দ্বিবিভক্ত কৰা আৰ্য্যব্ৰত৷ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ৷ধৰ্ম আৰু অধৰ্মৰ সন্মুখ সমৰত এফালে কুৰুকুলৰ শিৰোমণি সুদীৰ্ঘ ছয় শতিকাৰ অভিজ্ঞতাৰে পুষ্ট পিতামহ ভীস্মৰ নেতৃত্বত সৰ্বত্ৰমুখী বেহুবিন্যাসৰে সজ্জিত কৌৰৱৰ এঘাৰ অক্ষৌহিণী সেনা আৰু আনহাতে দ্ৰৌপদ তনয় অনাভিজ্ঞ যুৱৰাজ ধৃষ্টদ্যুম্নৰ নেতৃত্বত ব্ৰজবেহুৰ সজ্জাত পাণ্ডৱৰ সাত অক্ষৌহিণী সেনা৷দ্বাৰকাধীশ শ্ৰীকৃষ্ণই অস্ত্ৰধাৰণ নকৰো বুলি প্ৰতিজ্ঞা কৰাৰ অন্তত আজিৰ ধৰ্মক্ষেত্ৰত ধনঞ্জয় অৰ্জুনেই ধৰ্মৰাজৰ অন্তিম আশা৷

সন্মুখ সমৰত শত্ৰু শিবিৰত পৰম পূজ্য পিতামহ ভীস্ম,জীৱনৰ মাগদৰ্শক গুৰু দ্ৰোণ আৰু আদৰৰ জ্যেষ্ঠপিতৃ ধৃতৰাষ্ট্ৰৰ সন্তান তথা নিজৰেই আপোন ভাতৃসকলক প্ৰত্যক্ষ কৰি ধনঞ্জয়ৰ চকুৰে অশ্ৰুধাৰা বৈ আহিল৷ন্যায়ৰ গাণ্ডীৱ সম্বৰণ কৰি কম্পিত কন্ঠেৰে অৰ্জুনে স্বগতোক্তি কৰিলে,” যি পিতামহৰ চৰণৰ ধূলিকণাই মোৰ সমস্ত সত্বাক সামৰি ল’বলৈ সক্ষম,যি গুৰুৱে মোক জীৱনৰ মৰ্মাথেৰে পৰিচয় কৰালে,যি দুৰ্য্যোধন অধৰ্মী স্বতেও মোৰ বুকুৰ কুটুম কিদৰে মই তেওঁলোকক শত্ৰু জ্ঞান কৰি গাণ্ডীৱত শৰ সন্ধান কৰো?যুদ্ধ সদায়েই সভ্যতাৰ পৰিপন্থী৷যুদ্ধ স্ৰজন ক্ষমতাহীন মহা বিনাশৰ কাৰক মাত্ৰ?কিহৰ বাবে এই বিশাল আয়োজন?বৈদিক সভ্যতা আৰু আৰ্য্যব্ৰতৰ মহাবিনাশৰ বাবে!

“হে পাৰ্থ৷এয়া কেনে বিড়ম্বনা!যুৱৰাজ দুৰ্য্যোধনৰ সীমাহীন অন্যায় আৰু ব্যাভিচাৰৰ প্ৰত্যক্ষদৰ্শী হোৱা স্বতেও কিয় তুমি নিজকে মায়াপাশত আবদ্ধ কৰিছা৷আৱেগৰ ইন্দ্ৰজাল ভেদি ধৰ্মৰ আহ্বানক হৃদয়ংগম কৰা৷ধৰ্মৰূপী ন্যায়ৰ গাণ্ডীৱক ধাৰণ কৰি সত্যৰ শৰ সন্ধানেৰে অধৰ্মৰ মহাবিনাশ কৰা৷“ পাৰ্থসাৰথি দ্বাৰাকাধীশে শীতল কন্ঠেৰে ক’লে৷

“ হে মাধৱ৷মই যে নিৰূপায়৷মোৰ সমগ্ৰ শৰীৰক এক অজান আশংকা আৰু যন্ত্ৰণাই দগ্ধ কৰিছে৷মই সম্ভৱত হেৰুৱাই পেলাইছো গাণ্ডীৱত শৰ সন্ধান কৰাৰ ক্ষমতা৷অন্যায়ৰ বিৰোধিতাৰ নামত কিদৰে মই বঙহৰ তেজেৰে ফাকু খেলো৷গাণ্ডীৱৰ বাণসৃষ্ট মহাবিনাশে মোক মাথো হত্যাকাৰীৰ শাৰীলৈ অৱনমিত কৰিম৷যুদ্ধ মানেই আতংক,ৰক্তবিভীষিকা আৰু বিনাশ মাত্ৰ৷“ কম্পিত কন্ঠেৰে নিজস্ব যুদ্ধবিৰোধী স্থিতি স্পষ্ট কৰি অৰ্জুনে এক দীঘলীয়া হুমুনিয়াহ পেলালে৷

“কিন্তু পূৰ্ণ বিধ্বংসই নৱনিৰ্মাণৰ পূৰ্বচৰ্ত পাৰ্থ৷এয়াইটো নিয়তিৰ নিয়ম৷বৰ্তমানৰ যুদ্ধৰ গৰ্ভতেই ভবিষ্যৎৰ শান্তি আৰু সমৃদ্ধিৰ পৃথিৱীখন লালিত-পালিত হয়৷এয়া ভাগি পৰাৰ সময় নহয় অৰ্জুন৷তোমাৰ দৰে এজন মহাৰথী ধৰ্মযোদ্ধাৰ বাবে এনে দুৰ্বলতা পৰিতাজ্য আৰু তোমাৰ এই সীমাহীন সহনশীলতাৰ দৰ্শন সমস্ত সৃষ্টিৰ বাবেই বিনাশকাৰী৷“

”হে মাধৱ৷মোক ক্ষমা কৰিব৷সমগ্ৰ আৰ্য্যব্ৰতেই স্বীকৃতি দিয়া আপোনাৰ সীমাহীন জ্ঞানক প্ৰত্যাহ্বান জনোৱাৰ ধৃষ্টতা মোৰ নাই৷কিন্তু আজি আপোনাৰ এশাৰী বাক্যয়ো মোৰ কৰ্ণকুহকক ভেদি হৃদয়ত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই৷মোৰ হৃদয়ে কয় যুদ্ধ সভ্যতাৰ বাবে এক অভিশাপ মাত্ৰ৷ক্ষমা আৰু সহনশীলতা ব্যক্তিৰ দুৰ্বলতা নহয় বৰঞ্চ মানসিক সৱলতাৰ হে চানেকি৷কুৰুক্ষেত্ৰৰ এই ৰক্তক্ষয়ী সংঘৰ্ষই সৃষ্টি নহয় মাত্ৰ মহাবিনাশৰ হে সূচনা কৰিব৷যুদ্ধৰ লেলিহান শিখাই দাহ কৰিব আৰ্য্যব্ৰতৰ সভ্যতা,সংস্কৃতি আৰু পৰম্পৰাক৷নৱপ্ৰজন্মক পৰম্পৰাৰ জ্ঞান দিবলৈ গুৰুৰ স্থান ৰিক্ত হ’ব৷সমাজব্যৱস্থা ভাঙোনমুখী হ’ব৷মাথো সময়ৰ অন্তলৈকে ৰৈ যাব অংগক্ষত সেনাৰ যন্ত্ৰণাপীড়িত চিৎকাৰ,স্বামীহীন নাৰীৰ একাকীত্ব,পুত্ৰহীন অভিভাৱকৰ বিননি আৰু পিতৃহীন সন্তানৰ অশ্ৰুধাৰা৷“

“যুদ্ধ বিনাশকাৰী এয়া মাথো এক অৰ্দ্ধসত্য পাৰ্থ৷কাৰণ বিনাশেই নৱনিৰ্মাণৰ আধাৰ৷শীতে লঠঙা কৰা বৃক্ষত পুনৰ কুহিপাতে পোখা মেলে৷শীতৰ তাণ্ডৱত বৃক্ষৰ পৰা বিচ্ছিন্ন হোৱা শুস্ক পত্ৰ অথবা বসন্তৰ বা লাগি গজি উঠা কুঁহিপাত কোনোৱেই বৃক্ষৰ অস্তিত্বৰ কাৰক নহয়৷বৃক্ষৰ পৰিপুষ্টিৰ বাবে শুস্ক পাতৰ ক্ষৰণ আৰু কুঁহিপাতৰ অংকুৰণ৷কিন্তু পত্ৰৰ বাবে বৃক্ষ নহয়৷সেইদৰেই কোনো প্ৰজন্মৰ মৃত্যু বা জীৱন লাভে সমাজক প্ৰভাৱন্ধিত নকৰে৷ব্যক্তিৰ বাবে সমাজ নহয় সমাজৰ বাবে ব্যক্তি আৰু সমাজ সৃষ্টিৰ বাবে৷সমগ্ৰ সৃষ্টিয়েই পৰমাত্মা আৰু পৰমাত্মাই সৃষ্টি পাৰ্থ৷সৃষ্টিৰ সন্তুলনৰ স্বাৰ্থতেই এই জীৱন-মৃত্যুৰ বিৰামহীন চক্ৰ৷অৱশ্যেই অহিংসাই পৰম ধৰ্ম আৰু দয়া,ক্ষমা,ত্যাগ,সহনশীলতা জিতেন্দ্ৰিয়তাৰ পৰিচয়৷কিন্তু সকলোৰে এক নিৰ্দিষ্ট সীমা থাকে পাৰ্থ৷সীমাক অতিক্ৰমিলে অমৃতসম প্ৰেমো হলাহলত পৰিণত হ’য়৷শিশুপালৰ নিৰানব্বৈতম ভুললৈকে মই দয়া-ক্ষমাৰ মাৰ্গেৰে সহনশীলতাৰ পৰিচয় দিছিলো৷কিন্তু যেতিয়া ভ্ৰাতা শিশুপালৰ দৃষ্টিত মোৰ সহনশীল আদৰ্শ দুৰ্বলতাত পৰিণত হ’ল তেতিয়াই অন্যায়ৰ বিৰোধিতাৰে সত্য-ধৰ্ম প্ৰতিষ্ঠাৰ স্বাৰ্থত মই সুদৰ্শনৰ প্ৰহাৰেৰে শিশুপালক মুক্তি দিবলৈ বাধ্য হ’লো৷সেইদিনা যদি মোৰ স্থিতি আজি তোমাৰ দৰেই অহিংসাৰ পক্ষত হ’লহেঁতেন তেনেহ’লে নিশ্চিত ৰূপত সমগ্ৰ আৰ্য্যব্ৰতেই সাক্ষী হ’লহেঁতেন বিবেকহীন শিশুপালৰ দৌৰাত্ম্যৰ৷সেইখনেই ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ ৰণভূমিৰ পূৰ্বেই যাৰ মনভূমিতেই ইতি পৰে৷শৈশৱতেই যুৱৰাজ দুৰ্য্যোধনে জ্যেষ্ঠ ভ্ৰাতা ভীমসেনক কালকুট বিষযুক্ত ক্ষীৰ লাডুৰে বধাৰ ষড়যন্ত্ৰ ৰছিলে,সেই পৰিকল্পনা ব্যৰ্থ হোৱাত জটুগৃহ,ক্ৰীড়াৰ নামত চলনাৰে ইন্দ্ৰপ্ৰস্থৰ ৰাজ্য তথা সম্পত্তিহহৰণ,জনচক্ষুৰ সন্মুখতে কুলবধূক নিবস্ত্ৰ কৰাৰ নিৰ্লজ্জ প্ৰয়াস,পঞ্চপাণ্ডৱে চৰ্তানুসৰি বাৰ বছৰৰ বনবাস আৰু এবছৰৰ অজ্ঞাতবাস খটাৰ অন্ততো প্ৰতিশ্ৰুতি বিমুখ হৈ সত্যক বিকৃত কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ৷কিন্তু ইয়াৰ অন্ততো দ্বাৰকাধীশৰ স্বাভিমানক অগ্ৰাহ্য কৰি কেৱল মাত্ৰ শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত মই শান্তিদুত হৈ যুৱৰাজৰ শৰণাপন্ন হ’লো৷প্ৰথমে ইন্দ্ৰপ্ৰস্থ,অসন্মত হোৱাত পাঁচখন ৰাজ্য অন্তত পঞ্চপাণ্ডৱৰ বাবে মাথো পাঁচখন গাঁও৷কিন্তু সৈন্যবল আৰু সম্পত্তিৰ মিথ্যা অহংকাৰত অন্ধ যুৱৰাজে শান্তিৰ অন্তিম প্ৰস্তাৱকো অগ্ৰাহ্য কৰি মৰ্য্যদাৰ সকলো সীমাক অতিক্ৰম কৰি শান্তিদূতকেই বন্দী কৰাৰ বিফল প্ৰয়াস চলালে আৰু আজি সেইবাবেই সভ্যতা সাক্ষী হ’ব মহাবিনাশৰ৷সময়ৰ অন্তলৈকে যুৱৰাজ দুৰ্য্যোধন মানৱ সভ্যতাৰ বাবে উদাহৰণ হৈ ৰ’ব শান্তিক অগ্ৰাহ্য কৰাৰ অন্তিম পৰিণতি কেনে বীভৎস আৰু ভয়াবহ৷শান্তিক অগ্ৰাহ্য কৰাৰ একমাত্ৰ অৰ্থই হ’ল সংঘৰ্ষ৷বৈপৰীত্যৰ সংঘৰ্ষই বিকাশ৷আৱশ্যেই এই ৰক্তক্ষয়ী ধৰ্মযুদ্ধই বৰ্তমানৰ পৰম্পৰাৰ অন্ত পেলাব৷বিবেচনা কৰা পাৰ্থ পৰম্পৰা ধৰ্মৰ সমাৰ্থক নে পৃথক?“

“মাধৱ,সচাৰ্থত মই সকলো বুজিও একো বুজা নাই৷মই দিশহাৰা হৈ পৰিছো৷হে প্ৰাণৰ সখা হে কৃষ্ণ মোক মাগদৰ্শন কৰা৷“ “পাৰ্থ!মই ধৰ্মযুদ্ধত অস্ত্ৰধাৰণ নকৰো বুলি সংকল্পবদ্ধ হোৱাৰ সমান্তৰালভাৱে তোমাৰ ৰথৰ সাৰথি হোৱাৰো প্ৰতিজ্ঞা কৰিছিলো৷নিশ্চিত ৰূপে ধৰ্ম প্ৰতিষ্ঠাৰ্থে তুমিয়েই গাণ্ডীৱত শৰ সন্ধান কৰিব লাগিব৷কিন্তু দিশহাৰা মহাৰথীক মাগদৰ্শন কৰাই সাৰথিৰ কৰ্তব্য৷হে পাৰ্থ৷ধৰ্মৰ বাবে পৰম্পৰা৷পৰম্পৰাৰ বাবে ধৰ্ম নহয়৷পৰম্পৰা এজোপা আমৰ বিৰিখৰ দৰেই৷প্ৰথমাৱস্থাত কেঁচা আমৰ দৰেই ইয়াৰ সোৱাদ প্ৰচণ্ড টেঙা হোৱাৰ বাবে দুই-এজন প্ৰজ্ঞাশীল ব্যক্তিৰ বিনে স্থিত অৱস্থাৰ সমৰ্থক সমাজে বিৰোধিতা কৰে কিয়নো তেওঁলোকে পৰিৱৰ্তনশীল জীৱন শৈলীক প্ৰাসংগিক হোৱাৰ পিছতো গ্ৰহণ কৰিবলৈ হেলা কৰে৷ক্ৰমে পৰম্পৰা সময় আৰু সমাজৰ অনুকুলে পকা আমৰ দৰে ৰসাল আৰু সুগন্ধৰ অধিকাৰী হৈ পৰে আৰু সমগ্ৰ সমাজে সেই পৰম্পৰাক আকোঁৱালি লয়৷কিন্তু পৰিৱৰ্তন সৃষ্টিৰ নিয়ম৷যুগ পৰিৱৰ্তনৰ সমান্তৰালভাৱে সমাজব্যৱস্থা আৰু ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰো পৰিৱৰ্তন হয়৷পকা আম ৰূপী মধুৰ পৰম্পৰা ক্ৰমে পঁচিবলৈ ধৰে৷পৰিণতিত সমাজৰ বাবে বিষাক্ত আৰু শোষণৰ উৎস হৈ পৰে৷বৈদিক সভ্যতাৰ যোগ্যতাভিত্তিক বৰ্ণব্যৱস্থা ক্ৰমে জন্মভিত্তিক হৈ পৰিল৷ভৌতিক সুখৰ মোহত অন্ধ দ্ৰোণই গুৰু হৈ দক্ষিণাত নিনাদপুত্ৰ একলব্য বৃদ্ধাংগুষ্ঠ কাঢ়ি লৈ সমাজক এক উদীয়মান প্ৰতিভাৰ পৰা বঞ্চিত কৰাৰ লগতে ব্ৰহ্মত্বক মলিন কৰিলে৷জৰাসন্ধ,শিশুপাল আৰু দুৰ্য্যোধনৰ দৰে বিবেকহীন -দুৰাচাৰী-ব্যাভিচাৰী ৰাজধৰ্মৰ আবাহক হ’ল৷সূৰ্য্যপুত্ৰ সূতপুত্ৰ হৈ মিথ্যা মিত্ৰতাৰ মায়াপাশত বন্দী হৈ আজি ধৰ্মৰ শত্ৰুৰ পক্ষত৷সেয়ে ধৰ্মৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত এই বিষাক্ত পৰম্পৰাৰ বিনাশ আৱশ্যৱম্ভী৷পুৰণি পৰম্পৰাৰ সমাধিৰ পৰাই নৱ পৰম্পৰা ৰূপী ধৰ্মৰ উত্থান হ’ব৷নতুন পৰম্পৰাই নতুন সমাজব্যৱস্থাৰ জন্ম দিব৷সত্য,ধৰ্ম আৰু ন্যায় পুনঃপ্ৰতিষ্ঠিত হ’ব৷

হে পাৰ্থ৷ধৰ্মযুদ্ধত অস্ত্ৰ ধাৰণ নকৰো বুলি মই পূৰ্বেই প্ৰতিশ্ৰুতিবদ্ধ৷এই ধৰ্মযুদ্ধ তোমাৰ মই তোমাৰ সাৰথি মাত্ৰ৷মাগদৰ্শন সাৰথিৰ কৰ্তব্য৷নিস্বৰ্ত সমৰ্পনেৰে সত্যৰ দৰ্শনক হৃদয়ংগম কৰা নকৰাৰ সিদ্ধান্ত তোমাৰ৷গংগাৰ প্ৰৱাহক হাতৰ মুঠিত আবদ্ধ কৰা গংগাজল প্ৰাপ্তিৰ বিফল প্ৰয়াস মাথোন কেৱল মাত্ৰ সমৰ্পনৰ অঞ্জলিয়েহে সেই জলক পাপনাশিনী গংগাজলত পৰিণত কৰে৷অহংকাৰৰ মুঠি বান্ধি স্থিতশীল হৈ দুৰাচাৰী দুৰ্য্যোধনৰ চৰণত নিৰ্ল্লজ আত্মসমৰ্পণ কৰিবা নে সমৰ্পনৰ অঞ্জলিৰে এই মহাজ্ঞানক গ্ৰহণ কৰি ন্যায়ৰ গাণ্ডীৱত সত্যৰ শৰ সন্ধানেৰে অধৰ্মৰ পূণ বিনাশ তথা ধৰ্মৰ প্ৰতিষ্ঠা কৰিবা সেয়া একান্তেই তোমাৰ সিদ্ধান্ত৷যদি সমৰ্পন তোমাৰ প্ৰথম চয়ন তেনেহ’লে হে কৌন্তেয় নিজকে প্ৰস্তুত কৰা এই দিব্যজ্ঞানৰ হৃদয়ংগমৰ বাবে (আগলৈ)

আবৃত্তিঃপেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি (ত্ৰয়োদশ খণ্ড)

(ব্যক্তিগত ভ্ৰমণসূচী আৰু কিছু ঘৰুৱা দ্বায়িত্বৰ বাবে প্ৰায় এপষেক ধৰি লিখিব পৰা নাই৷আজি আজৰি হৈ দীঘলীয়াকৈ লিখিছো৷আশা কৰো সুধী পাঠকবৃন্দই ক্ৰুটী মাৰ্জনা কৰি আদৰি ল’ব৷সংলগ্ন ফটোখন কাল্পনিক বাকী সমস্ত ঘটনা আখৰে-আখৰে সত্য৷)

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এক চৰকাৰী আবাসিক গৃহৰ কথা৷ভুক্তভোগী মোৰ নিকট আত্মীয়৷আবাসিক এলেকাৰ একেবাৰে অন্তিমটো আবাস গৃহ৷সম্ভৱত ৭০-৮০ ৰ দশকতেই নিৰ্মিত এক দুমহলীয়া অট্টালিকা৷ওপৰৰ আৰু তলৰ মহলাত দুটাকৈ সৰ্বমুঠ চাৰিটা আবাসগৃহ৷ভুক্তভোগীৰ পিতৃ সেই বিভাগৰে উচ্চপদস্থ বিষয়া৷২০০০ চন মানত ধুবুৰীৰ পৰা গুৱাহাটীলৈ বদলি হৈ আহি তলৰ মহলাৰ বাওঁফালৰ আবাস গৃহটিত সপৰিয়ালে প্ৰৱেশ কৰিলে৷মাহেকচেৰেক আগেয়ে সেই আবাসগৃহৰে এক শোৱনীকোঠাত আন এজন বিষয়াই চিপ লৈ আত্মহত্যা কৰিছিল৷ওপৰৰ মহলাত দুটা পৰিয়াল৷গিৰিহঁত হ’ল দত্ত আৰু শৰ্মা৷তলৰ মহলাৰ বাওঁফালৰ আবাসগৃহত ভুক্তভোগীৰ পৰিয়াল আৰু সোঁফালৰটোত বৰঠাকুৰৰ পৰিয়াল৷২০০২ মানত এক শোকাবহ পথ দুৰ্ঘটনাত শৰ্মাৰ মৃত্যু হ’ল আৰু তেওঁৰ পৰিয়ালে সেই আবাসগৃহ এৰিলে৷জীৱিতকালত শৰ্মাৰ এক অভ্যাস আছিল নিশাৰভাগত ছিগাৰেট হুপি খটখটিৰে পায়চাৰি কৰা৷শৰ্মাৰ মৃত্যুৰ পিছত বিভিন্নজনে শৰ্মাক গভীৰ নিশা হাতত জ্বলন্ত ছিগাৰেটসহ পায়চাৰি কৰা দেখা পায় আতংকবিহ্বল হৈ সেই ফালে যোৱাই এৰিলে৷শৰ্মাৰ মৃত্যুৰ পিছত সেইটো আবাসলৈ নগাওৰ পৰা বদলি হৈ অহা হাজৰিকাৰ পৰিয়ালৰ আগমন ঘটিল৷কিন্তু উল্লেখযোগ্য যে সেইটো অট্টালিকাৰে বাসিন্দা হাজৰিকা,দত্ত,বৰঠাকুৰ আৰু ভুক্তভোগীৰ পৰিয়ালে শৰ্মাৰ অতৃপ্ত আত্মাৰ পায়চাৰি কৰাৰ সেই সাৰ্বজানীন দৃশ্যৰ কোনোদিনেই সাক্ষী হোৱাৰ অভিজ্ঞতা হোৱা নাছিল৷মই পূৰ্বেই কৈছো ভুক্তভোগী মোৰ নিকট আত্মীয়৷মই মোৰ সমগ্ৰ শৈশৱ আৰু কৈশোৰৰ গুৱাহাটী ভ্ৰমণৰ প্ৰতিটো নিশাই সেই আবাসতেই কটাইছো৷মই বুলিয়েই নহয় মোৰ পৰিয়ালৰ প্ৰায় সকলোৰে ২০১৮ চন পৰ্য্যন্ত মহানগৰীৰ ভ্ৰমণকালৰ স্থায়ী ঠিকনাই আছিল সেই আবাসগৃহ৷২০০৩-০৪ মানৰ কথা মোৰ বা পুৱতি নিশা নাইটচুপাৰৰ পৰা নামিয়েই চিধাই সেই অভিশপ্ত আবাসলৈ খোজ ল’লে৷পিছদিনা দুপৰীয়া বায়ে আজিৰ কাহিনীৰ ভুক্তভোগীক ক’লে,”ঐ বৰঠাকুৰ আংকলৰ কিবা ষ্ট্ৰেছ-ডিপ্ৰেশ্যন চলি আছে নেকি!কালি মই নাইট চুপাৰৰ পৰা ইয়ালৈ আহোতে ৰাতি ঠিক চাৰে তিনিমানত আংকলে খটখটিৰে ছিগাৰেট হুপি অহাযোৱা কৰি আছিল৷“ বাৰ কথা শুনিয়েই ভুক্তভোগীৰ মুখ শেতা পৰা কাগজত পৰিণত হ’ল৷তেওঁ কপা-কপা মাতেৰে ক’লে,”তই পাগল হ’লি নেকি!আংকল ধুকোৱাৰ এবছৰেই হ’ল৷“ ২০০৫ মানৰ কথা হাজৰিকাৰ সৰু জীৰ মেট্ৰিকৰ ৰিজাল্ট ওলাল৷প্ৰথম বিভাগতেই উত্তীৰ্ণ হ’ল কিন্তু ফলাফল মনে বিচৰাৰ দৰে ন’হল৷মাক-দেউতাকে দুআষাৰমান টানকৈও ক’লে৷আবেলিলৈ হুৱা-দুৱা লাগিল৷হাজৰিকাৰ জীয়েকে সম্ভৱত জীৱনৰ এন্দুৰ দৌৰত ভাগৰি ছাদৰ পৰা জপিয়াই আত্মহত্যা কৰিলে৷কাষৰ আনকেইটামান আবাসৰ মানুহে কোৱা অনুসৰি মাজে-সময়ে গধূলি হেনো তাই চুলি মেলি চাদৰ ওপৰত বহি থাকে৷কিন্তু শৰ্মাৰ দৰে হাজৰিকাৰ জীয়েকৰ অতৃপ্ত আত্মাকো সেই বিশেষ আবাসৰ কোনেও দেখা নাপায়৷জীৰ মৃত্যুত ব্যাকুল হাজৰিকা দম্পতীয়ে সেই আবাস এৰিলে আৰু দেউৰী পৰিয়ালৰ আগমন ঘটিল৷ওপৰ মহলাৰ দত্ত আৰু দত্তনী মোৰ মাৰ বিশ্ববিদ্যালয়ৰ সহপাঠী৷প্ৰেম বিবাহেৰে আৰম্ভ হোৱা দত্ত দম্পতীৰ প্ৰায় ১৫ বছৰীয়া মধুৰ দাম্পত্য জীৱনৰ বিবাহ-বিচ্ছেদৰ পৰিণতিত ২০০৮ ত অন্ত পৰিল৷সন্তানসহ পৰিবাৰে আবাসগৃহ এৰিলে৷একাকীত্বৰ বেদনাত দত্ত সুৰাসক্ত হৈ পৰিল৷এদিন পুৱাই খটখটিৰ তলত দত্তৰ নিথৰ দেহ উদ্ধাৰ হ’ল৷কপালেৰে কেঁচা তেজৰ ধাল বৈ ডোঙা বান্ধিছিল৷আৰক্ষীৰ তদন্তত মদৰ নিচাত পিছলি পৰি মৃত্যু হোৱা বুলিয়েই ঘোষণা কৰা হ’ল৷এইবাৰ কিন্তু ওপৰমহলাৰ সেই খালী আবাসগৃহলৈ কোনো নাহিল৷ইতিমধ্যেই সেই অট্টালিকাই ভূত বাংলোৰ আখ্যা পাইছিল৷বিভাগত গুজৱ ওলাইছিল পৰিয়ালৰ এজন সদস্যৰ মৃত্যুৰ বিনিময়তহে পৰিয়ালে সেই অভিশপ্ত অট্টালিকাৰ পৰা মুক্তি পায়৷২০১০ চনত বৰঠাকুৰ দম্পতী উভয়েই কৰ্কটৰোগত আক্ৰান্ত হ’ল৷পতিৰ মৃত্যু হ’ল আৰু ইয়াৰ মাহেকচেৰেক পিছতেই পত্নী সুস্থ হৈ উঠিল৷হস্পাতালৰ পৰা পোনছাটেই মুম্বাইস্থিত জীয়েক-জোৱায়েকৰ ঘৰলৈ গুচি গ’ল৷এতিয়া চাৰিজনীয়া আবাসৰ অট্ৰালিকাত মাত্ৰ দুটাই পৰিয়াল ওপৰৰ মহলাত দেউৰী আৰু তলৰ মহলাত ভুক্তভোগীৰ পৰিয়াল৷

২০১২ চনত আকস্মিকভাৱে ভুক্তভোগীৰ পিতৃ হৃদযন্ত্ৰ আৰু বৃক্কৰ জটিলৰোগত আক্ৰান্ত হ’ল৷ভেন্টিলেশ্যনত তিনিদিন মৃত্যুৰে যুঁজি আৰোগ্য হ’ল৷কিন্তু ঘৰলৈ ঘুৰি অহাৰ পৰাই এক নতুন সমস্যাৰ উদ্ভৱ হ’ল৷ঘৰত অকলে থাকিলেই বৰঠাকুৰ,শৰ্মা,দত্ত,হাজৰিকা সকলোৱে খিৰীকিৰে হাতবাউলি দি মাতে,”আহক দাদা৷আমাৰ ওচৰলৈ গুচি আহক আৰু কিমাননো যাতনা ভুগিৱ৷আহক৷আমাৰ পৃথিৱীলৈ আহক৷“ প্ৰথমে সেয়া তেওঁৰ দুৰ্বল শৰীৰৰ সৃষ্ট মনৰ ভ্ৰম বুলি ভাবিলেও পিছত বাৰে-বাৰে তেওঁ একে কথাৰেই পুনৰাবৃত্তি কৰিবলৈ লোৱাত অৱশেষত এই সিদ্ধান্ত লোৱা হ’ল যে তেওঁক ঘৰত মুঠেই অকলে এৰা নহ’ব অন্তত এজন হ’লেও তেওঁৰ সৈতে পৰ দিবলৈ থাকিব৷২০১৩-১৫ ৰ মাজত প্ৰায় তিনি-চাৰিবাৰ মই নিজেই সেই আবাসগৃহত আছিলো৷আমি সকলো জানো কিন্তু কোনোদিনেই চাক্ষুষ দৃষ্টান্তৰ সাক্ষী হোৱা নাছিলো৷তেতিয়া মই প্ৰায় ১৫-১৬ বছৰীয়া কিশোৰ মাত্ৰ৷পেৰাচাইক’লজি খাই নে পিন্ধে সেয়াও নাজানো৷কিন্তু এটা কথা অন্তৰেৰে স্বীকাৰ কৰিম সেই আবাসত কিবা এটা সাংঘাতিক “negativity” আছে৷এয়া মোৰ অহংকাৰ নহয় সত্য ইতিহাস৷মই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিষ্ঠিত তাৰ্কিক৷২০১৮ বৰ্ষত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ তাৰ্কিকৰ সন্মানো পাইছিলো৷জীৱনৰ মাত্ৰ তিনিখন তৰ্ক প্ৰতিযোগিতাতেই মই স্থান পোৱা নাই আৰু সেই কেউখনেই গুৱাহাটীত হৈছিল আৰু প্ৰতিবাৰেই মই সেই অভিশপ্ত আবাসৰ পৰা তৰ্কস্থলীলৈ গৈছিলো৷ইয়াৰ বিনে মোৰ তৰ্কৰ পোন্ধৰ বছৰীয়া ইতিহাসত এটাও বিফলতাৰ উদাহৰণ নাই৷

২০১৪ ৰ গৰমকালিৰ কথা ভুক্তভোগীৰ কনিষ্ঠ ভাতৃয়ে বিদ্যালয়ৰ পৰা চৰা ঘৰত সোমায়েই প্ৰচণ্ড স্বৰেৰে আৰ্তনাদ কৰি মূৰ্চাপ্ৰায় হৈ পৰিল৷ৰোগীয়া পিতৃয়ে বিছনাৰ পৰা উঠি আহি মুৰত তেল-পানী দিয়াত সি সেহাই-সেহাই ডাইনিং হ’লৰ ফ্ৰীজটোলৈ আঙুলিয়াই ক’লে,”সৌখিনিতে কোলা বোৰ্খা পিন্ধা বুঢ়ী এজনীয়ে ফ্ৰীজৰ পৰা কেঁচা মাংস উলিয়াই খায় আছিল৷সম্ভৱত মই অহাৰ উমান পাই পিছলৈ ঘুৰি চায় এটা চয়তানী হাঁহি মাৰিলে৷বুঢ়ীৰ মুখত ব্ৰয়লাৰৰ কেঁচা মঙহ আৰু কোৱাৰিৰে তেজ বৈছিল৷উস!কি বীভৎস ৰূপ৷“বেচেৰাই ভুতুনী দেখাৰ সংবাদ আমিও ফোনযোগে পালো৷তাৰ সপ্তাহচেৰেক পিছতেই সিহঁতৰ চোতালত কালসন্ধ্যা সেই বোৰ্খাধাৰী বুঢ়ীৰ ভয়াবহ ৰূপক প্ৰত্যক্ষ কৰি বেচেৰাৰ ঘৰুৱা শিক্ষকেও থৰকাচুটি হেৰুৱাই সেইদিনাই পাওনা ধন লৈ বিদায় মাগিলে৷প্ৰথমে ৰোগীয়া পিতৃ,কনিষ্ঠ পুত্ৰ আৰু অন্তত ঘৰুৱা শিক্ষকৰ অভিজ্ঞতাই প্ৰমাণ কৰিলে যে এয়া কোনো ভ্ৰম নহয় হয়তো সঁচাকৈয়েই এই অট্টালিকা অভিশপ্ত৷আমি সকলোৱে চিন্তিত হৈ ভুক্তভোগীৰ পৰিয়ালক শীঘ্ৰেই সেই বিল্ডিং এৰিবলৈ চাপ দিলো৷মোৰ সঠিক মনত আছে এয়া ১৫ ৰ জুলাই মানৰ কথা৷ AIPMT ৰ পৰীক্ষা দিবলৈ মই,মা আৰু জেঠাই সিহঁতৰ ঘৰলৈ এসপ্তাহ মানৰ বাবে গৈছিলো৷মা আৰু জেঠায়ে পুনৰ ঘৰ এৰাৰ কথা ওলালে৷কিন্তু মহানগৰীৰ মাজমজিয়াতে নিজৰ এটা 3 BHK ফ্লেট থকাৰ পিছতো ভুক্তভোগীৰ পিতৃয়ে চৰকাৰী আবাস এৰাৰ নামেই নলয়৷তেওঁ কোৱা কথাষাৰ মোৰ আজিও কাণত বাজি আছে,”কিমান স্মৃতি জড়িত আছে এইখন ঘৰত৷এইখনেই মোৰ আপোন ঘৰ৷শেষ দিনকেইটা ইয়াতে কটাবলৈ পালেহে শান্তি পাম৷“ আমি সপ্তাহচেৰেক থাকি গুচি আহিলো৷ ভুক্তভোগীৰ পিতৃ ৰোগীয়া যদিও শৰ্য্যাশায়ী নহয়৷চিকিৎসকে মানা কৰাৰ বাবেহে গাড়ী নচলাই৷কিন্তু তেতিয়াও পেঞ্চনৰ কাম কৰিবলৈ কেতিয়াবা অকলেই টেক্সি লৈ দিচপুৰলৈ যায়৷ দেওঁবাৰে দুপৰীয়া আমি উভতিলো৷তেওঁ আমাক ষ্টেচনত হাঁহিমুখেৰে বিদায় দিলে৷কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিকল্পনা পৃথক আছিল এয়াই আছিল পাৰ্থিৱ পৃথিৱীত আমাৰ অন্তিম সাক্ষাৎ ও বিদায়৷সেই সোমবাৰে গৈ পিছৰ সোমবাৰে খবৰ আহিল পেঞ্চনৰ কাম কৰিবলৈ ঘৰৰ পৰা ওলাওতেই হঠাৎ তেওঁ মুৰ ঘুৰাই সৰি পৰিল৷হস্পাতাললৈ লৈ গ’ল কিন্তু সজাৰ প্ৰাণ পক্ষী হয়তো কেতিয়াবাই উৰি গ’ল৷চিকিৎসকে মৃত্যুৰ কাৰণ কাৰ্ডিয়েক এৰেষ্ট বুলি ক’লে৷তেওঁৰ এখন প্ৰিয় আৰামী চকী আছিল৷সন্ধিয়া হ’লেই তাতে বহি বাতৰি শুনে বা খেল চায়৷তেওঁৰ মৃত্যুৰ পিছৰ পৰাই তেওঁৰ জীয়ৰী যি আজিৰ কাহিনীৰ ভুক্তভোগী তেওঁ প্ৰায়ে চিলমিল টোপনিত চৰাঘৰত চকী টনাৰ শব্দ শুনে৷মাজে-সময়ে তন্দ্ৰালাসৱস্থাত এনে লাগে সেই আৰামী চকীত বহি সদ্যপ্ৰয়াত পিতৃয়ে তাইক চাই আছে৷প্ৰথমে তেওঁ সেয়া মনৰ ভ্ৰম বুলি ভাবিছিল কিন্তু সদায় একে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ বাবে এদিন প্ৰমাণ চাবৰ বাবে নিশা শোৱাৰ পূৰ্বে সেই আৰামী চকীখন কিছু নিলগাই থ’লে৷ৰাতি পুনৰ চকী টনাৰ শব্দ,সপোনত মৃতকৰ আগমন৷পিছদিনা শুই উঠিয়েই চৰাঘৰলৈ গৈ দেখে আৰামী চকী তেওঁ ৰখা স্থানৰ পৰা আতৰি পুনৰ টিভিৰ সন্মুখত৷পিতৃৰ অতৃপ্ত আত্মাৰ আভাষ পায় তেওঁ হুকহুকাই কান্দিলে৷সেইনিশা প্ৰয়াত পিতৃয়ে তেওঁৰ সপোনত আহি ক’লে,”মই বৰ কষ্ট পাইছো৷এতিয়া এইখন মোৰ পৃথিৱী নহয়৷কিন্তু মই কি কৰিম তহঁতক যে অকলে এৰিবও নোৱাৰো৷এৰিলে সিহঁতে তহঁতকো মাৰি নিব৷“ “কোন সিহঁত?“ “সেই বোৰ্খা পিন্ধা বুঢ়ী৷অকল তায়েই নহয়৷বিশজনমান হ’ব৷সকলো ক’লা ছায়া৷এই অট্টালিকা অভিশপ্ত৷কবৰস্থানৰ ওপৰত নিৰ্মিত এই অট্টালিকাই মানুহৰ তেজ খায়৷মোৰ বৰ কষ্ট হৈছে৷তহঁতি যা৷সোনকালে যা৷ভুক্তভোগীয়ে কিবা কোৱাৰ পূৰ্বেই তেওঁৰ সদ্যপ্ৰয়াত পিতৃ অস্থিৰ হৈ পৰিল৷তই যা,বেগাই যা,সৌৱা সিহঁত আহিছে৷মই সিহঁতক বেছিপৰ বাধা দিব নোৱাৰিম৷তই যা,পলা…………”ভুক্তভোগীয়ে প্ৰচণ্ড স্বৰেৰে আৰ্তনাদ কৰি সাৰ পাই উঠিল৷চকুমেলিয়ে সন্মুখত এক তেজস্বী জ্যোতিপিণ্ডৰ দৰ্শন পালে৷মাক আৰু ভায়েক কোঠালৈ দৌৰি সোমাই অহাৰ মাত্ৰকেই জ্যোতিপিণ্ড বতাহৰ সৈতে মিলি গ’ল৷কিন্তু ভুক্তভোগীয়ে কোৱানুসৰি জ্যোতিপিণ্ডৰ উজ্জ্বলতাই প্ৰায় দহ মিনিট মানৰ বাবে তেওঁক অন্ধত পৰিণত কৰিলে৷দুদিনৰ পিছতেই তেওঁলোকে সেই আবাস এৰি মহানগৰীৰ মাজমজিয়াৰ ফ্লেটটোলৈ গুচি গ’ল৷আমিও স্বস্তিৰ নিশ্বাস পেলালো৷গৃহপ্ৰৱেশৰ দিনা জীয়ৰীৰ স্বপ্নত পুনৰ পিতৃৰ আগমন ঘটিল,”নতুন ঘৰৰ মূখ্য দৰ্জাৰ বাহিৰৰ পৰাই এক হুমুনিয়াহ কাঢ়ি ক’লে৷আজিৰ পৰা আৰু তোক মই দেখা নিদিও৷সিহঁতে এতিয়া ইচ্ছা কৰিলেও তহঁতৰ কোনো ক্ষতি কৰিব নোৱাৰে৷তহঁতে ভালকৈ থাক হওঁক৷মই যোৱাৰ আগত মাতষাৰি দি থৈ গ’লো৷বহু দুৰণিবটীয়া বাট৷হ’লেও মাজে-সময়ে আহিম৷বিদায়৷“

ভুক্তভোগীৰ পৰিয়ালে সেই অট্টালিকা ত্যাগ কৰাৰ অন্তত হেনো ডেকা উপাধিৰ আন এটা পৰিয়াল সেই আবাসলৈ আহিছিল৷২০১৭ নে ১৮ ৰ ফেব্ৰুৱাৰী মাহত সেই দম্পতীহালৰ পত্নীৰ নিশা শুই থাকোতেই মৃত্যু হ’ল৷চিকিৎসকৰ সন্দেহ প্ৰেছাৰষ্ট্ৰক৷মোৰ শেহতীয়া গুৱাহাটী ভ্ৰমণ কালত মই সেই ভুক্তভোগী নিকট আত্মীয়ৰ নতুন ফ্লেটটোতে আছিল৷আগৰ পৰাই টুকুৰা-টুকুৰকৈ কথাবোৰ জানো যদিও ভুক্তভোগীয়ে যোৱা ৰবিবাৰে নিশা সেই অট্টালিকাৰ সমগ্ৰ ইতিহাস ক’লে৷অট্টালিকাটো এতিয়াও আছে৷তলৰ মহলা সম্পূৰ্ণ খালী৷দত্তৰ মৃত্যুৰ পিছত ওপৰৰ এটা আবাস খালীয়েই হৈ আছে৷কিন্তু দেউৰীৰ পৰিয়ালটো এতিয়াও তাতে আছে৷ভুক্তভোগীয়ে অট্টালিকাৰ শেহতীয়া ফটো এখন দেখালে৷আগেয়ে আমি দৌৰি-ধপলিয়াই ক্ৰিকেট খেলা চোতালখন আজি ফুটুকানিত পৰিণত হ’ল৷দেখিলে এনে লাগে যেন গোটেইখন জোক-সাপেৰে ভৰা এৰাবাৰী৷খালী আবাসগৃহ কেইটাতো কিবাকিবি বনৰীয়া লতা৷খটখটীৰ লতাপতাবোৰ দেউৰীহঁতে মাজেসময়ে কাটি থাকে বাবে সেইটো আগৰ দৰেই চিকুণ হৈ আছে৷কাষৰ বিল্ডিং কেইটাৰ মানুহে মাজে-সময়ে জ্বলন্ত ছিগাৰেটসহ খটখটীত পায়চাৰি কৰা শৰ্মাক আজিও দেখে৷কালসন্ধ্যা কেতিয়াবা হাজৰিকাৰ জীও চাদতে বহি থাকে৷ডেকানীয়ে দোকমোকালিতে বাঁহনি মৰাও বহুতে দেখে৷দেউৰী আংকলৰ ল’ৰাজন মোৰ কাণসমনীয়া বন্ধু বোৰ্খা পিন্ধা বুঢ়ী আৰু ছাবোৰক সিও মাজে-সময়ে দেখা পায়৷মাকে এবাৰ শৰ্মাক দেখিছিল৷অৱশ্যে বৰঠাকুৰ আৰু ভুক্তভোগীৰ পিতৃক কোনেও নেদেখে৷দেউৰীক আজিৰ কাহিনীৰ ভুক্তভোগীৰ পৰিয়াল,তেওঁৰহআপোন মানুহ,শুভকাংক্ষী আনহে নালাগে নিজৰ পত্নী-পুত্ৰই হাজাৰ বুজনি দিয়াৰ পিছতো তেওঁ সেই অভিশপ্ত আবাস এৰিবলৈ সাজু নহয়৷ইফালে মহানগৰীৰ মাজমজিয়াত তেওঁৰ নিজা ঘৰ আছে য’ত ভাড়াতীয়া থাকে৷ভুক্তভোগীৰ শেষৰ বাক্যশাৰীয়ে সিদিনা মোৰ বুকু কপাই তুলিছিল,”দেউৰী আংকলৰ শৰীৰো পৰি আহিছে৷যকৃৎৰ সমস্যা৷এই অভিশপ্ত অট্টালিকাটোৱে এজনৰ বলি নোলোৱাকৈ কোনো পৰিয়ালকে এৰি নিদিয়ে৷“

কাৰণ বিশ্লেষণঃভুক্তভোগীৰ পিতৃৰ আত্মাই সপোনত কোৱাৰ দৰেই সঁচাকৈয়ে সেই ঠাইত অট্টালিকা নিৰ্মাণৰ আগেয়ে এখন কৱৰস্থান আছিল৷শ্মশান বা কৱৰস্থান তীৰ্থভূমিৰ দৰেই পবিত্ৰ য’ত মানৱী দেহাই মোক্ষ পায় যেতিয়ালৈকে ঈশ্বৰৰ নাম লোৱা হ’য়(শ্মশানত পবিত্ৰ অগ্নিৰে মৃতদেহৰ দহন কৰা হ’য়,প্ৰেতকৰ্মৰ নিমিত্তে পবিত্ৰ মন্ত্ৰোচ্চাৰণ,শ্মশান কালী বা কালভৈৰৱৰ মন্দিৰ স্থাপন বা কৱৰ দিয়াৰ কালত কোৰাণৰ পবিত্ৰ আয়াতৰ পঠনে সেই শ্মশান ভূমি বা কৱৰস্থানত ধনাত্মক উৰ্জাৰ সৃষ্টিৰে সেই স্থানত অন্তোষ্টিক্ৰিয়া সমাপন অপঘাত মৃত্যুত মৰা মানুহৰ অতৃপ্ত আত্মা তথা শ্মশাননিবাসী যোগিনী,ডাকিনী,যক্ষিণী,কৰ্ণপিশাচীনী,জিনাৎ আদিৰ দৰে চয়তানী শক্তিক নিয়ন্ত্ৰণত ৰাখে) কিন্তু যদি ঈশ্বৰৰ উপাসনাৰ অবিহনেই তেনে ভূমিৰ ভূমি পূজন নকৰাকৈ গৃহ বনোৱা হ’য় তেনেহলে অতৃপ্ত আত্মা আৰশ চয়তানী শক্তি ক্ৰমে সক্ৰিয় হৈ সেই ঠাইখণ্ডক অভিশপ্ত কৰি তোলে৷এনে স্থানত বসবাস কৰা ব্যক্তিৰ শাৰীৰিক,মানসিক,আবেগিক আৰু আৰ্থিক স্থিতি অস্থিৰ হৈ পৰে৷শৰ্মা,হাজৰিকাৰ নুমলী জী,বৰাৰ পৰিবাৰৰ আকস্মিক মৃত্যু হৈছিল যাৰ বাবে তেওঁলোক মুঠেই প্ৰস্তুত নাছিল সেয়ে তেওঁলোক আজিও সংগী বিছাৰি বিচৰণ কৰা অতৃপ্ত প্ৰেত৷দত্তৰো চিৰিৰ পৰা পিছলি আকস্মিক মৃত্যুৱেই হৈছিল৷কিন্তু তেওঁৰ আত্মাই প্ৰেত হৈ কিয় কাকো আমনি কৰা নাই সেয়াই এক ৰহস্য৷হয়তো সেয়াই বিধিৰ বিধান৷অপঘাত মৃত্যু যেন লাগিলেও যথাসম্ভৱ তেওঁৰ আয়ুসত চাউল শেষ হৈছিল অথবা পত্নী-সন্তানৰ পৰা বিচ্ছেদিত একাকীত্ব জীৱনৰ প্ৰতি তেওঁৰ মোহভংগ হৈছিল৷বৰঠাকুৰ কৰ্কট ৰোগী আছিল সেয়ে তেওঁ মৃত্যুৰ বাবে প্ৰস্তুত আছিল ফলশ্ৰুতিত পোনেই মুক্তি পালে৷ভুক্তভোগীৰ পিতৃয়েও প্ৰায়েই কৈছিল তেওঁৰ আৰু বেছি দিন নাই কিন্তু চয়তানী শক্তিৰ পৰা পৰিয়ালক ৰক্ষা কৰাৰ নিমিত্তে তেওঁ মুক্তি পোৱা নাছিল কিন্তু পৰিয়ালে চৰকাৰী আবাস এৰাৰ লগেলগেই তেওঁৰ শংকাৰ অন্ত পৰিল আৰু মুক্তি পালে৷অতৃপ্ত আত্মাই জীৱিত কালৰ অভ্যাস নতুবা জীৱনৰ অন্তিম ক্ষণৰ পুনৰাবৃত্তি কৰে৷সেয়ে বৰঠাকুৰে জীৱিত কালৰ দৰেই আজিও ছিগাৰেটসহ খটখটিৰে পায়ছাৰি কৰে,ডেকাৰ পৰিবাৰে দোকমোকালিতে বাঁহনি মাৰে আৰু হাজৰিকাৰ জীয়ে অন্তিম ক্ষণক ধীয়াই ছাদত বহি থাকে৷বোৰ্খা পিন্ধা বুঢ়ী আৰু ছায়ামুৰ্ত্তিবোা আমাৰ ভাষাত “non human বা demonic spirit”৷সংস্কৃতিভেদে ডাকিনী,যক্ষিণী,যোগিনী,কৰ্ণপিশাচীনী,জিন্নাৎ আদি নামেৰে জনা যায়৷ভুক্তভোগীয়ে দেখা উৎজ্বল পোহৰৰ জ্যোতিপিণ্ড তেওঁৰ পিতৃৰ আত্মা আছিল যি ইচ্ছাকৃত ভাবে নিজ পৰিয়ালৰ সুৰক্ষাৰ নিমিত্তে মোক্ষক অস্বীকাৰ কৰি ইহলোকতে আছিল৷সেয়ে ভূমি পূজন,বাৰী বন্ধনী,চাৰিচুকত শিৱ লিংগ স্থাপন আদিৰ অবিহনে এনে স্থানত বাসগৃহ বা ব্যৱসায় সমন্ধীয় কাৰ্য্যলয় নিৰ্মাণ কৰা নিষেধ৷অচিন কাঠৰ থোৰাকো নলগাবা৷সেয়ে মাটি,ফ্লেট,ভাড়াঘৰ আদি লোৱাৰ পূৰ্বেই তাৰ ইতিহাস জনা উচিত৷পৰাপক্ষত এনে সম্পত্তিৰ মোহ নকৰাই ভাল৷কাৰণ এনে অভিশপ্ত স্থানত নিবাস কৰাৰ পৰিণতি শাৰীৰিক ব্যাধি,মানসিক অশান্তি,কৰ্মোন্নতিত বাধা,আশাপ্ৰদ ফলাফলৰ পৰা বঞ্চিত হোৱা,বিচ্ছেদ আনহে নালাগে অপঘাট মৃত্যুও হ’ব পাৰে৷অপঘাট মৃত্যুৱে প্ৰেতৰ সৃষ্টি কৰি চয়তানী শক্তিক অধিক সমৃদ্ধ কৰে৷যিমানেই অপঘাট মৃত্যুৰ হাৰ বৃদ্ধি পায় সেই স্থান সিমানেই অধিক অভিশপ্ত হৈ পৰে৷এনে অভিশপ্ত স্থানত উষ্ণতাৰ তাৰাতম্য(প্ৰাকৃতিক বাখ্যা অবিহনেই অত্যাধিক শীত বা গছৰ পাত এটা নলৰাকৈও শীতল বতাহৰ আগমন),ভল্টেজৰ বেমেজালি,বৈদ্যুৎতিক সৰঞ্জামৰ সঘন বিজুতি,মূহূৰ্তৰ বাবে ওকালিৰ সৃষ্টি কাৰী তীব্ৰ গেলাগোন্ধৰ আৰ্বিভাৱ বা অৰ্ন্তধান,ছায়ামুৰ্ত্তি বা বীভৎস চেহেৰাৰ দৰ্শন. সহজে মেছৰ কাঠী বা লাইটাৰ নুমাই যোৱা আদি হ’ব পাৰে৷সেয়ে এনে সমস্যাৰ সাক্ষী হ’লে শীঘ্ৰেই ঈশ্বৰৰ শৰণ লৈ সেই স্থান পৰিত্যাগ কৰক৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

পুৱাৰ চিন্তাঃডিপ্ৰেছন,মেন্টেল হেল্থ আৰু ৰাজনৈতিক অপসংস্কৃতি


কালিৰ পৰা জুকাৰবাৰ্গৰ কৃপাত এই অভাজনে পঢ়িবলৈ সক্ষম হোৱা দুজনমান প্ৰগতিবলীয়া ডিপ্ৰেছন ৰোগীৰ মন কী বাত-
১/হস্পিটেল সাজিলে বুলিলেইটো আৰু চিকিৎসাসেৱা বিনামূলীয়া হৈ নাযায়৷বেপাৰ বুজিছা সবাই বেপাৰ৷(ইস!ইস!ইস!লালমোহনৰ গোলকীকৃত ভাৰতত ফ্ৰী বুলিবলৈনো ইন্দিৰা আবাসৰ টোটেলি ফ্ৰী শৌচাগাৰকেইটাৰ বাদে আৰু
কিডাল নো বাকী ৰ’ল৷এটকীয়া চাউল৷এটকীয়াতো আৰু ফ্ৰী তে নাহে৷এতিয়াটো আৰু কেৱল ফ্ৰী খোৱা ধান্দাত এটকীয়া চাউলকো এঘৰীয়া কৰি য’তে-ত’তেতো কেৱল ইন্দিৰা আবাসৰ শৌচাগাৰেই বনাই ফুৰিব নোৱাৰি৷ফ্ৰী মানে মলত্যাগ কৰিবলৈ পইছা দিব নালাগে৷কিন্তু মলত্যাগ কৰিবলৈতো এটকীয়া চাউল হ’লেও খাবই লাগিব নাখালেনো পুৱাই-পুৱাই কিদৰে বিষ্ঠাভাগ ত্যাগ কৰিব!)
২/বাৰু খুলিলে মানিলো কিন্তু মাটিখিনি একা৷সেয়া দানত পোৱা নে নগদ ধন দি কিনা?(জুকাৰবাৰ্গৰ গোলাপৰ বাগিচাত হ’ল বুলিয়েই আৰু সবাই মাটিৰ দালাল নহয় নহয়৷যদি দানত পালে দাতালৈ ধন্যবাদ অন্যথা কেচ দিলে,চেক দিলে,ফাইনেন্স কৰিলে নে লীজত ল’লে সেয়া আলোচনা কৰিলে কি কেন্সাৰ ৰোগীয়ে উপশম পাব নেকি?আপুনি যদি ইমানেই দাতা কৰ্ণ আপোনাৰ ভেটীৰমাটিকণনো কোনো সামাজিক অনুষ্ঠানক দান কৰি নিদিয়ে কিয়?)
৩/লাষ্ট বা নট দ্য লীষ্ট (লীষ্ট নহয়েই বৰঞ্চ সৰ্বাধিক জনপ্ৰিয়) মোদীচৰকাৰে লোকৰ পিঠাৰে বিহু পাতিছে৷ (হস্পাতাল কেইখনৰ গঠন ৰতন টাটা নেতৃত্বাধীন টাটা গ্ৰুপ আৰু অসমৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ যৌথ প্ৰচেষ্টাৰ বলত গঠিত এক “Joint Venture” য়ে সাজিছে৷টিকটক গ’ল কিন্তু ৰীল নে কি সেইটো থাকি গ’ল৷ৰীল বনোৱাটো যদি আধুনিক হোৱাৰ চিন তেনেহ’লে আধুনিক মানুহৰ “Joint Venture” ৰ দৰে অৰ্থনীতিৰ সাময়িক ধাৰণা থকাও উচিত৷বাবা-মাজনীহঁত আম্বানীৰ ডাটা COD ৰ থিচিউ-থাচাও,Reel ৰ ধেমালী,Ullu ৰ Mastram আৰু Hampstar ৰ জনি দাৰ লগতে “Educational Blog,Audio book,Linkedin,PDF Drive আৰু Google Scholar আদিতো সামান্য পৰিমাণে হ’লেও বিনিয়োগ কৰিবা৷তোমালোক এনে অলগৰ্দ্ধ হৈ থাকিলে দেশ কিদৰে বিশ্বগুৰু হ’ব বাৰু মানি ল’লো চকীদাৰক বেয়া পোৱা সেয়ে লাগিলে মই অলগৰ্দ্ধ হৈ ৰ’ম কিন্তু দেশক বিশ্বগুৰু হ’ব নিদিও৷অসমীয়াত ইয়াকে সতিনীৰ নাক কাটি যাত্ৰা ভংগ কৰা বুলি কয়৷)

বাৰু মানি ল’লো কংগ্ৰেছ,বাওঁপন্থী আৰু ৰাইজৰ দলক অসমৰ বিহুবলীয়া ৰাইজে এনেকৈ এঘৰীয়া কৰিব নালাগিছিল৷অন্তত গুৱাহাটী পৌৰনিগমত গাইপতি এখনমানকৈ!কিন্তু নিৰাশ ন’হব “Failure is the peeler of success” গঠনমূলক সমালোচনাৰে অন্তত এজন ভাল বিৰোধী আৰু দ্বায়িত্বশীল নাগৰিক হওঁক আৰু Depression,Anxiety এইবোৰ সকলোৰে থাকে একো ডাঙৰ কথা নহয়৷গুবৰুৱাৰ দৰে কেৱল গোৱৰকে নুখুচৰি কোনোবাদিনা ভোমোৰা হৈও চাওক নহলে বা উৰণীয়া মৌ অথবা সুগন্ধি পখিলা৷চাবচোন!এই ডিপ্ৰেছন-এনজাইটি সবাই নোহোৱা হ’ব৷দিল একদম গাৰ্ডেন-গাৰ্ডেন৷ব্যায়াম-ধ্যান-প্ৰণায়ম৷সৱল শৰীৰ সুন্দৰ মন৷ইয়াৰ পিছতো যদি সমস্যাৰ ওৰ নপৰে মানসিক ৰোগৰ বিশেষজ্ঞৰ কাষ চাপক আৰু এয়া কোনো লাজৰ কথা নহয়৷অকল অহৌবলিয়াই নহয় টোপনি নহা insomnia ৰোগীও Psychiatrist ৰ ওচৰলৈ যায়৷গুলী মাৰক হেছ টেগ অন্তৰত থাপি লওক এই সত্যবাণী৷Mental Health Really Matters.


অৱশ্যে চৰকাৰ হুজুৰ ৰায়বাহাদুৰেও মানৱদৰদী,বিখ্যাত উদ্যোগপতি,মাটিৰ মানুহ ৰতন টাটাও প্ৰধানমন্ত্ৰীৰ সৈতে অসমলৈ আহিব বুলি অসমৰ ৰাইজক আগতীয়াকৈ জনাব লাগিছিল৷ইয়াতে দুটা লাভ আছিল দৌৰি দৌৰি মিছন চাইনা চাবলৈ নোযোৱা অসমীয়াই দৌৰি-দৌৰি টাটাক চাবলৈ গ’লহেঁতেন৷ফলত চিটিবাছৰ মালিকৰ পকেটলৈ ৰাজকোষৰ ধনৰ যাত্ৰাত বিঘিনি ঘটি ৰেপিড’ৰ মইমতালিৰ ভেটীতে তিতালাও গজিল হয়৷দুয়োজনকে একেধৰণৰ গামোচাই দিব লাগিছিল৷অৱশ্যে আমাৰ গাত লাগিলেও টাটাৰ নালাগে৷তেওঁ মাটিৰ মানুহ৷অফিচ-কচাৰী-স্কুল-কলেজ খুলি ৰাখি সমগ্ৰ কাৰ্য্যসূচীক অনলাইন যোগে লাইভ দেখুৱাব পাৰিলেহেঁতেন৷অসম প্ৰদেশ বিজেপিলৈ কংগ্ৰেছী অহালৈকে ঠিকেই আছিল কিন্তু কথা গাপ দিয়া,Favourism,Nepotism,হাই কামাণ্ডৰ গোলামী,হকে-বিহকে চৰকাৰী বন্ধৰ দৰে কংগ্ৰেছী অপসংস্কৃতিৰ চৰকাৰ-প্ৰশাসনলৈ পুনা আগমনহে চিন্তাৰ বিষয়৷সাবধানীৰ মৰণ নাই৷প্ৰধানসেৱকে সমগ্ৰ কাৰবাৰ কাষৰে পৰাই দেখি গৈছে৷কলা ভেৰামখাক চিনাক্ত কৰি গতিয়াই বাজ কৰা হওঁক৷

পুজিপতি ৰেপিড’ৰ চক্ৰবেহুত সৰ্বহাৰা ব্ৰহ্মচাৰী ছাতৰ কাশ্যপ(খাউন্দ) আৰু ভৰদ্বাজ(বৰঠাকুৰ)“

সপ্তাহচেৰেক আগেয়ে চন্দ্ৰবাবুৰ হুমকি,”ক’লেই হ’ব নেকি!নোৱাৰে বুলিছো নহয় মুঠৰ ওপৰত ছিটিবাছৰ ভাড়া বাছৰ মালিকে মন গলেই বহাব নোৱাৰে৷“ চন্দ্ৰ দাইটিৰ কথাষাৰ নোহোৱাও নহয় পেট্ৰলৰ চেঞ্চুৰীক মাৰৌ গুলী তেনেকুৱা ক’ত চেঞ্চুৰী আগেয়ে আমাৰ টেণ্ডুলকাৰ-গাভাস্কাৰহঁতে মাৰিছিল সেই বুলি কি চিটিবাছৰ ভাড়া বাঢ়িছিল নেকি!ভাগ্যে চন্দ্ৰবাবু আজি তাহানিখনৰ দৰে ছাত্ৰনেতা হৈ থকা নাই৷ ন’হলে “আমাৰ দাবী মানিবই লাগিব আহ ঐ আহ ওলাই আহ!আন্দোলন,জ্বলন্ত টায়াৰৰ গলন্ত ৰাবাৰ,টায়াৰৰ প্ৰৰ্দূষিত ক’লা ধোৱাৰে ধূম্ৰধূসৰিত দীঘলীৰ পাৰ,পিকেটিং,অন্নশন,PPC(পৰীক্ষা পিছুৱা কমিটি) ৰ উত্থান,জুমুঠি-পুত্তলিকাৰ দহন,২৪ ঘন্টীয়া চকাবন্ধ,৪৮ ঘন্টীয়া দিছপুৰ বন্ধ আৰু অনিৰ্দিষ্টকালীন অসম বন্ধ৷মুঠৰ ওপৰত ছাতৰৰ গান্ধীগিৰিত নতশিৰ প্ৰশাসন৷হওঁ বুলিলে ডাড়ি-চুলি পকাই নহয় মুৰৰ চুলি সৰি ব্ৰহ্মতালু উদং হৈ সন্ন্যাসৰ প্ৰতীকৰূপে ভোবোলা ডাড়ি ৰাখি চন্দ্ৰ দাইটিও ছাত্ৰনেতা হৈ নাইট চুপাৰ,মাটি কটা ট্ৰাক,পেট্ৰল ডিপোৰে অসমৰ বিহুবলীয়া ৰাইজক সেৱা কৰিব পাৰিলে হ’য়৷কিন্তু চন্দ্ৰবাবুৱে তাহানিখনতেই আৰোহণ কৰা হোষ্টেলীয়া সখা গজৰাজ তলংভতং গতি দেখি বুদ্ধিমানৰ পৰিচয় দি একেজাপে কমলৰ ঠাৰি ছিঙি খোদ চৰকাৰ হ’ল৷ৰাছিয়াতো জুই লাগে সেইবুলিটো আমাৰ পুটিনে বাছৰ ভাড়া নবঢ়াই৷চন্দ্ৰবাবুৱে নো সেয়ে এনে অন্যায় কিদৰে সহে৷দি দিলে বাপ্পেক্কে খৰা দম এটা৷

কিন্তু অসমীয়াত এষাৰ কথা আছে নহয় “বোলে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷“হওঁতে আমাৰ খুৰীদেৱে দাইটিৰ এনেকৈ কথা পাহৰা স্বভাৱতো সমূলি ভাল নাপায় সেয়ে এদিন বাপ্পেকে দিলে নহয় গুৱলগালি,”পঢ়া শুনা কৰহঁক অ’ আন্দোলনে জাতি নবচাই৷“ হওঁতে খুৰীদেউৰ কথাষাৰ মিছা নহয়৷বিডেনৰ আমেৰিকা আৰু পিংৰ চীনৰ লেঠাৰি নিছিগা “পেটেন্ত“ ৰ তালিকা আৰু আমাৰ কেৱল তেজে ধোৱা শ্বহীদৰ তালিকা আৰু চুক্তিৰ নামত দুখনমান উৱলি যোৱা কাগজ৷খুৰীদেৱে কথাষাৰ পলমকৈ হ’লেও বুজিলে সেয়ে বাছযাত্ৰীক ৰেলৰ পৰা নমাই সাহিত্য অকাডেমীৰে জগত জিনি ছিধাই “NBT” ৰ প্ৰমুখ হৈ অসমীয়া নাৰীবাদক সমৃদ্ধ কৰিলে৷দাইটিৰ ভেলটো কলেজত কিন্তু মনপক্ষী আন্দোলনত৷সেয়ে গণিত,বিজ্ঞান,সমাজবিদ্যা,অৰ্থনীতি,পৰিবেশ অধ্যয়ন সোপাই পাহৰিল কিন্তু জ্বলন্ত টায়াৰৰ গলন্ত ৰাবাৰৰ কৃপাত কিবাকৈ ৰাজনীতি বিজ্ঞান ভাগিৰ কন্ঠত সৰস্বতী হৈ এঠা লাগি বহিল৷সেয়ে দিন,ৰাতি,ৰাছিয়া,ছিটিবাছ সমস্ত একাকাৰ কৰি কোনোমতে একঠা খাই আছে৷

“যোগান কমিলে চাহিদা বাঢ়ে ফলত মূল্যবৃদ্ধি হয়“ টায়াৰ জ্বলাই থাকোতে হয়তো অৰ্থনীতিৰ এই সাৰুৱা জ্ঞান দাইটিয়ে আত্মসাৎ কৰিব নোৱাৰিলে৷আহি গ’ল চকীদাৰ,গুচি গ’ল চিটিবাছ,চাঞ্চতে ডাঞ্চ গুৱাহাটী ডাঞ্চ ভংগীমাৰে ৰেপিড’,অ’লা,উবেৰ সোপাই দিলে নহয় বাপ্পেকে ঠিয় গোৰটো মাৰি৷হেই দাইটিৰ পেটত নহয় অ’৷ৰাইজৰ পেটত৷ৰাইজেই অঞ্জুমান অঞ্জুমানেই ৰাইজ৷অহম ব্ৰহ্মস্বাপী৷”Starbuck” লৈ যাম কফি এটুপি খাম ৰেপিড’ই বোলে ময়ো পিছে পিছে যাম৷খাউন্দেও চল চাই আকাশত চাং পাতিছিল “Absolute Barbeque” লৈ যাম গেৰেলা দি খাম উবেৰেও বোলে ময়ো পিছে-পিছে যাম৷কেঞাগোলাৰ মালিকৰ দৰে থুলন্তৰ চেহেৰাৰ বাবে মাৰ্ক্সবলীয়া ৰাইজৰ দৃষ্টিত অঞ্জুমানেই বুৰ্জোৱা আৰু কপালৰ সেন্দুৰীয়া তিলক তথা জোঙা নাকৰ জহত মাদানী গেংৰ মতে এই নাগপুৰীয়া নৰাধমেই কলিৰ চিৰঞ্জীৱী ৰামভক্ত হনুমান৷কিন্তু দৰাচলতে ভৰদ্বাজ আৰু কাশ্যপৰ গুৰুপুত্ৰ হালেই সৰ্বহাৰী ব্ৰহ্মচাৰী বিদ্যাৰ্থী মাত্ৰ৷উলুৰ লগত বগৰী পোৰে৷হওঁতে আমি সৰ্বহাৰাই কিন্তু উদৰত ৰাহু সেয়ে offer ৰূপী ব্ৰহ্মাস্ত্ৰৰ চালনাৰে পুজিপতিগোষ্ঠীৰ মুৰত কঠাল ভাঙি ধৰ্মযুদ্ধত স্মিথৰ পুজিবাদক ধাৰাশায়ী কৰি সৰ্বহাৰাৰ একনায়কত্ববাদকে কলি কালৰ ধৰ্মৰূপে প্ৰতিষ্ঠা কৰিবলৈ আমি হৰিভকত দুজনা সংকল্পবদ্ধ৷সপোন আছিল ”Starbuck” ৰ কফি আৰু “Absolute Barbeque” ৰ ডিনাৰ পাৰ্য্যমানে ঠুচি মাদানী আৰু আদানীৰ সোৱৰণত ইন্দুমতীৰ দীঘলীৰ পাৰত ডাচ্কাপিটাল লিখাৰ৷চন্দ্ৰবাবুৰ হুমকিয়ে সামান্যতম হ’লেও সকাহ দিছিল৷কিন্তু বৰদৈচিলাৰ দৰে চকীদাৰৰ আগমন,চিটিবাছৰ অৰ্ন্তধান,ৰেপিড’-উবেৰৰ পুজিবাদ৷শেষত চক্ৰবেহুৰ অভিমুন্যহে হ’লোগৈ৷এতিয়া অন্তিম আশা তেৰাৰ ওপৰতেই কিবাকৈ জয়দ্ৰথ অহ ছৰি উপায়ুক্তক হুমকি এভাগ দিলে আমি অভিমুন্য হালেই চক্ৰবেহুৰ বাজ হৈ “Starbuck” ৰ নামমাত্ৰ কফিৰ গুৰি, চেনী,আধালিটাৰ পানী আৰু পাউদাৰ গাখীৰ সোপা কটকটকৈ গিলি “Absolute barbeque” ত ছাপ্পন ভোগেৰে উদৰ পুৰাই ফুহুৰি উগাৰ দুটা মাৰি বিশটকীয়া ৰাইট’মিটাৰ আৰু দিস্তাকাগজক সাৰথি কৰি মাদানী-আদানী সোঁৱৰণত বিবেকৰ আশীষ লভি “কেপিটেলৰ“ অসমীয়া সংস্কৰণৰ সৃষ্টিৰে মোক্ষ লভিম৷

ধৰ্মযুদ্ধ


“হে কৌন্তেয়৷মানৱ সভ্যতাৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মযুদ্ধখন নিশ্চয়কৈ মৃত্যুৰ বীভিষিকা আৰু ৰক্তপাতৰ বীভৎসতাৰ পৰা মুক্ত আছিল৷কাৰণ ইতিহাসৰ সেই শ্ৰেষ্ঠতম ধৰ্মযুদ্ধ কুৰুক্ষেত্ৰৰ স্থূল ৰণভূমিৰ পৰিবৰ্তে সংঘটিত হৈছিল মৃত্যুলোকৰ মানস সৰোবৰৰ সুক্ষ্ম মনসমুদ্ৰত৷অমৃতপ্ৰদত্ত অমৰত্বৰ আশাত সাত্বিক বৃহস্পতিৰ দ্বাৰা দীক্ষিত সুদৰ্শনী সুৰ আৰু তামসিক শুক্ৰচাৰ্য্যৰ ঋণাত্মক দৰ্শনেৰে দীক্ষিত অসুৰ ইতিহাসত প্ৰথম আৰু হয়তো অন্তিমবাৰৰ বাবে একত্ৰিত হৈছিল মনসমুদ্ৰৰ তীৰত৷ধৈৰ্য্য আৰু কৃচ্ছ্ৰসাধনৰ প্ৰতীক কুৰ্মই ভাৰ সহিলে পৰ্বতসম অজ্ঞানতাৰ অহামিকাৰ৷বাসুকীৰ মিথ্যা আতংকৰ পাশেৰে অজ্ঞানতাৰ অহামিকাক বান্ধি মথা হ’ল জ্ঞান গংগা৷কিন্তু প্ৰথমে অমৃত নহয় হলাহল৷
অজ্ঞানতাৰ অহামিকা আৰু মিথ্যা আতংকই সৃষ্টি কৰিলে হলাহলী উত্তৰসত্যৰ৷উত্তৰসত্যৰ পৃথিৱীত সাধাৰণ মানৱে দিগবিদিগ হেৰুৱালে৷কিন্তু যিয়েই উত্তৰসত্যক পাচন কৰিবলৈ সক্ষম হ’ল তেৱেই নীলকন্ঠ দেৱাদিৱ মহাদেৱ৷উত্তৰসত্যৰ অন্তত অমৃতৰূপী সত্যৰ উদয় হ’ল৷ঐশ্বৰ্য্য আৰু বিভূতিটো সদায়েই সত্যনাৰায়ণৰ চৰণকমলত৷মোহিনীৰ যোগমায়াৰে মন আৰু আত্মাৰ সংযোগ৷অমৃত কেৱল সুদৰ্শনী সুৰৰ বাবে আৰু ষষ্ঠৰিপু স্বৰূপ অসুৰৰ পতনৰ বাবে কেৱল আৰু কেৱল মাত্ৰ বাৰুণী সুৰা৷লোভে ৰূপ সলাই সুৰৰ শাৰীত বহিলে৷মই সুদৰ্শন চলালো৷হৃদয়হীন মস্তিস্কই কেৱল মাত্ৰ প্ৰাচুৰ্য্য আৰু আড়ম্ব বিচাৰে৷ভোগ,ভোগ আৰু ভোগ৷ৰাহুৰ মহাভোগ৷মস্তিস্কহীন হৃদয়৷অন্ধপ্ৰেম আৰু অন্ধভক্তি৷কৰ্মযোগ,জ্ঞানযোগ সকলোকে অতিক্ৰমি কেৱল মাথো কেতুৰ বিকৃত আৰু চলনাময়ী ভক্তি যোগ৷অমৃত পান কৰি লোভ অমৰ হ’ল৷পাৰ্থিৱ সুখ-সম্পদৰ লোভ আৰু মোক্ষৰ লোভ৷সেয়ে ৰাহু-কেতু ছায়া গ্ৰহ৷কোনোৱে ভ্ৰমিত কৰে ৰাজ্যৰ নামত আৰু আন কোনোৱে ধৰ্মৰ নামত৷শণি অস্তিত্বহীন সূৰ্য্যনাৰায়নৰ ছায়া মাত্ৰ!শণি ন্যায়দাতা!শণি এক ছায়া মাত্ৰ মিথ্যাৰ ছায়া,দ্বন্দ্বৰ ছায়া,আবেগ আৰু বিবেকৰ সংঘৰ্ষৰ ছায়া মুঠতে তমস,তমস আৰু তমস৷শণিৰ জটিলতাৰ তমস৷
শুক্ৰচাৰ্য্য শীতল,জটিল,কুটিল আৰু ধৰ্মৰ শত্ৰু৷বুদ্ধিত বৃহস্পতি হৈও আমি পথভ্ৰষ্ট হওঁ৷বুদ্ধি থাকে অথচ জ্ঞান লুপ্ত হয়৷সেয়ে মংগলময়ী সংঘৰ্ষৰ স্থান লয় তামসিক লোভ আৰু ছায়াই৷
চন্দ্ৰমা সংবেদনশীল৷মনৰ প্ৰশান্তিয়েই আত্মাৰ সৌৰ্ন্দৰ্য্যৰ মূল কাৰক৷কিন্ত সূৰ্য্যনাৰায়ণৰ আৰ্শীবাদ বিনে চন্দ্ৰ নিস্প্ৰভ৷সূৰ্য্যই ৬৪ পদাৰ্থৰে গঠিত ভেলৰ নিয়ন্ত্ৰক মন বা চন্দ্ৰমাৰ প্ৰকাশস্বৰূপ আত্মজ্ঞান৷
সূৰ্য্যৰ প্ৰকাশময়ী আত্মজ্ঞানে চন্দ্ৰমাৰ মনলৈ প্ৰশান্তি কঢ়িয়াই,আত্মজ্ঞানৰ প্ৰকাশে বৃহস্পতিৰ বুদ্ধিক মংগলময়ী সংগ্ৰামৰ পথ দেখুৱাই,শুক্ৰনীতি অচল হয়,শণিৰ ছায়া আৰু ৰাহুকেতুৰ মায়াপাশৰ অন্তত নৱতম দৰ্শন ও আদৰ্শৰ ৰূপত পৰম আলোকেৰে আলোকিত হৈ ৰাজঅভিষেক হয় যুৱৰাজ বুধৰ৷
মস্তিস্ক,কন্ঠ আৰু হৃদয়ত কেৱল মাত্ৰ ধৰ্মৰ অভ্যুত্থান আৰু অধৰ্মৰ বিনাস৷হে পাৰ্থ এয়াইটো ধৰ্মযুদ্ধ৷

কৃষ্ণ-দ্ৰোণ সংবাদ (গুৰু নে ধৰ্মৰ শত্ৰু আছিল ভৰদ্বাজপুত্ৰ দ্ৰোণ)

“হে যুধিষ্ঠিৰ তোমাৰ কন্ঠই সদা ধৰ্মক প্ৰতিনিধিত্ব কৰে!উত্তৰ দিয়া যুধিষ্ঠিৰ তুমি উত্তৰ দিয়া৷কন্ঠত ধৰ্মক ধাৰণ কৰি প্ৰতিধ্বনিত কৰা সেই সত্যৰ দৰ্শনৰ অমৰত্বৰ আশীশপ্ৰাপ্ত মোৰ পুত্ৰ অশ্বত্থামাৰ মৃত্যু হোৱা নাই৷জীয়াই আছে,জীয়াই আছে গুৰুপুত্ৰ অশ্বত্থমা৷কোৱা ধৰ্মৰাজ কোৱা৷“ দ্ৰোণচাৰ্য্যই ব্যথিত কন্ঠৰ প্ৰশ্নবাণে যুধিষ্ঠিৰক ব্যাকুল কৰি তুলিলে৷দ্ৰোণবধৰ বিনে নিস্কন্টনক নহয় ইন্দ্ৰপ্ৰস্থৰ সিংহাসনৰ প্ৰাপ্তি৷কিন্তু চক্ৰৱৰ্তী সম্ৰাটৰ খ্যাতিপ্ৰাপ্তিৰ ৰক্তাক্ত যজ্ঞত কেনেকৈনো দিও সত্যৰ আহুতি৷ ” হে ধৰ্মৰাজ ধৰ্ম সংস্থাপনৰ এই যুদ্ধত কাইলৈ আপুনি সন্মুখীন হ’ব সত্য,ন্যায় আৰু ধৰ্মৰ অগ্নিপৰীক্ষাৰ৷গুৰুদেৱে সত্যক হৃদয়ংগম কৰাৰ অধিকাৰ কাহানিবাই হেৰুৱালে৷মনত ৰাখিম অন্যায়ৰ বিৰূদ্ধে অন্যায় ন্যায় প্ৰতিষ্ঠাৰেই অন্যতম মাৰ্গ৷“ যুধিষ্ঠিৰৰ মন আকাশত কেশৱৰ বাণী বিজুলী হৈ চমকিল৷যুধিষ্ঠিৰে ধীৰ কন্ঠেৰে ক’লে,”অশ্বত্থমা হত ইতি গজ৷“ কেশৱৰ পৰিকল্পনাই কাৰ্য্যকৰী ৰূপ পালে সম্ভৱত পাণ্ডৱ সেনাৰ হৰ্ষধ্বনি ধৰ্মৰাজৰ কন্ঠেৰে নিৰ্গত অন্তিম সত্যৰ পথত হেঙাৰ হ’ল আৰু সত্যৰ দৰ্শনৰ পৰা প্ৰতাৰিত হ’ল গুৰু দ্ৰোণ৷
“হে পাণ্ডুপুত্ৰ৷সিংহাসনৰ স্বাৰ্থত নিজ গুৰুপুত্ৰকো ৰেহাই নিদিলা৷কি ভুল আছিল মোৰ পুত্ৰৰ৷অন্নদাতা কুৰুবংশৰ হৈ প্ৰতিৰোধ সমৰত লিপ্ত হোৱাটো কি মোৰ পুত্ৰৰ পাপ আছিল৷ভগৱান পৰশুৰামে এই দৰিদ্ৰ ব্ৰাহ্মণক সমস্ত শস্ত্ৰৰ জ্ঞান দান কৰিছিল৷মই সেই পৰশুৰামৰ শিষ্য যি একৈশ বাৰ বসুমতীক ক্ষত্ৰিয়ৰ অধৰ্মৰ ভাৰৰ পৰা মুক্ত কৰিছিল আৰু আজি ইতিহাস পুনৰ সাক্ষী হ’ব পৰশুৰামৰ শিষ্যই সৃষ্টি কৰা আন এক মহাবিনাশৰ৷মই ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োগেৰে সমস্ত পাণ্ডৱ সেনাৰ বিনাশ কৰিম৷এয়া গুৰুৰ অভিশাপ৷এয়া পুত্ৰহাৰা পিতৃৰ অভিশাপ৷এয়া ভগৱান পৰশুৰামৰ শিষ্যৰ অভিশাপ৷“
সময় স্তব্ধ হৈ পৰিল৷স্থিৰচিত্ৰত পৰিণত হ’ল ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ আৰু কেশৱৰ মুখেৰে নিৰ্গত হ’ল ধৰ্মৰ গাণ্ডীৱৰে সন্ধান কৰা যুক্তিৰ প্ৰশ্নবাণৰ “হে গুৰু দ্ৰোণ৷শান্ত হওঁক নিজকে সম্বৰণ কৰক!মই যদি কওঁ যুধিষ্ঠিৰৰ সত্য সত্য নহয়৷অমৰত্বৰ আশীষপ্ৰাপ্ত অশ্বত্থমা অপৰাজেয় তেনেহ’লে আপুনি ব্ৰহ্মাস্ত্ৰৰ সন্ধানৰ অন্ত পেলায় নিয়তিৰ মাৰ্গৰ কন্টক হোৱাৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ আজিও সামৰ্থ্যবান নে?“ “হে বাসুদেৱ,হে যশোদা নন্দন এই বৃদ্ধ পিতৃক কৰুণা কৰা৷মোক প্ৰকৃত সত্যৰ দৰ্শনেৰে পৰিচয় কৰোৱা৷“ “সত্য!সত্যইতো আপোনাক কাহানিবাতেই পৰিত্যাগ কৰিলে গুৰুদেৱ৷একলব্যৰ ৰক্তৰঞ্জিত গুৰুদক্ষিণাৰে সমগ্ৰ আৰ্য্যব্ৰতক কলংকিত কৰা,সুতপুত্ৰক বিদ্যাৰ দৰে সাৰ্বজানীন অধিকাৰৰ পৰা মিথ্যা জ্যাতিভিমানৰ নামত বঞ্চিত কৰি মহাৰথী হোৱাৰ পথত হেঙাৰ ৰূপে ঠিয় দিয়া,অন্নদাতাৰ ঋণ সুজাৰ সুবাদত দ্ৰোপদীৰ বস্ত্ৰহৰণৰ দৰে ব্যাভিচাৰৰ নিৰ্ল্লজ নীৰৱ সাক্ষী হৈ অন্যায়ৰ দাসত্বৰ শিকলিক স্বীকাৰ কৰা ভৰদ্বাজ পুত্ৰক আজি সত্যৰ প্ৰয়োজনেই বা কি?যেতিয়া সত্যই আপোনাক আহ্বান কৰিছিল,ন্যায়ে আপোনাক কাকুতি কৰিছিল আৰু ধৰ্মই আপোনাৰ জ্ঞানৰ কৱচৰ ভিক্ষা মাগিছিল তেতিয়া আপুনি ক’ত আছিল গুৰু দ্ৰোণ?সমগ্ৰ জীৱন সত্যই আপোনাক অন্তৰ আত্মাৰ স্বৰ হৈ ক’লে বৰ্ণ জন্ম নহয় কৰ্মভিত্তিক৷কিন্তু ব্যক্তিগত স্বাৰ্থসিদ্ধি আৰু ভোগবিলাসৰ তাড়নাত ব্ৰহ্মত্বক ত্যাগ কৰি আপুনি একলব্য আৰু কৰ্ণৰ সৈতে চৰম প্ৰতাৰণা কৰিলে৷বেদৰ কৰ্মভিত্তিক বৰ্ণব্যৱস্থাক জন্মভিত্তিক ৰূপ দি আপুনি সত্যক বিকৃত কৰা অধৰ্মৰ আন্দোলনৰ মূখ্য হোতা হ’ল৷পুত্ৰীসমা পাঞ্চালীৰ কাকুতি-মিনতিয়েও গলাব নোৱাৰিলে আপোনাৰ মোহ সৃষ্ট দাসত্বৰ বান্ধোনৰ আৰু এনেদৰেই একাগ্ৰতা,ধৈৰ্য্য আৰু কৃচ্ছ্ৰসাধনৰ মধুৰতম ফল ব্ৰহ্মত্বক হেৰুৱাই অজ্ঞানৰ মাৰ্গৰে পতিত হৈ ব্ৰহ্মবিদ্যাৰ জ্ঞাতা অন্তত পৰিণত হ’ল দাসত্বৰ শিকলিৰে আবদ্ধ শুদ্ৰত৷আপুনি ভগৱান পৰশুৰামৰ প্ৰতিজ্ঞাকো প্ৰৱঞ্চনা কৰিলে৷শুদ্ৰহৈ ব্ৰহ্মাস্ত্ৰৰ বিদ্যা গ্ৰহণ কৰি আজি সৃষ্টিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে৷সত্য শুনাৰ আপোনাৰ কোনো অধিকাৰ নাই গুৰুদেৱ৷হে ভৰদ্বাজপুত্ৰ ভগৱান পৰশুৰামৰ ধৰ্মযুদ্ধৰ আদৰ্শক ব্ৰাহ্মণৰ ক্ষোভাগ্নিৰ নামান্তৰত পৰিণত কৰাৰ পূৰ্বে এই সত্যক স্বীকাৰ কৰক ব্ৰহ্মবিদ্যা প্ৰাপ্তিৰ অন্ততো সাংসৰিক বন্ধনৰ দাস হৈ আপুনি কৰ্মৰে শুদ্ৰত পৰিণত হৈছিল আৰু আপোনাৰ মায়াপাশৰ শিকলিৰ বাবেই অশ্বত্থামা আজি ধৰ্মৰ শত্ৰুত পৰিণত হ’ল৷“ “মোৰ ভুল!মায়াপাশ!দাসত্বৰ শিকলি৷এয়া মোৰ পুত্ৰপ্ৰেম বাসুদেৱ৷মোৰ সাধনাই অশ্বত্থমাক ভূমিষ্ঠ কৰিলে,বিদ্যাৰ জ্ঞানেৰে জ্যোতিস্মান কৰি আজি সম্ৰাটৰ পদত অধিষ্ঠিত কৰিলে৷মই অশ্বত্থামাৰ কোনো প্ৰয়োজনৰে পুৰণত ক্ৰটী কৰা নাছিলো৷ধন দিলো,সম্পত্তি দিলো,ৰাজ্য দিলো,ৰাজঅভিষেকো কৰিলো……..“ “সংস্কাৰ দিলে,ন্যায়ৰ দৰ্শন দিলে আৰু ধৰ্মৰ জ্ঞান?বিনাসমৰ্থনে পাৰ্থিৱ সম্পত্তিৰ স্বামী হোৱাৰ সামৰ্থ্য মোৰ দৰে আপোনাৰ পুত্ৰৰো আছিল৷মোৰ শৈশৱে প্ৰতিমূহূৰ্ততে মৃত্যুৰ শীতল ছায়াত গোকুলৰ নন্দবাবা আৰু যশোদা আইৰ কুটীৰত জীৱন অতিবাহিত কৰিছিল৷কিন্তু সুদৰ্শনময়ী কৰ্মৰে আজি মই দ্বাৰকাধীশ আৰু সত্য-ন্যায়-ধৰ্মৰ পথৰ পৰা বিচ্যুত আপোনাৰ পুত্ৰ আপোনাৰ মোহৰ বাবেই আজি ধৰ্মৰ শত্ৰুত পৰিণত হৈ অমৰত্বৰ বোজাসহ পৰাজয়ৰ ক্ষণ গণিছে৷অশ্বত্থামাৰ দৃষ্টিতটো আটাৰ ঘোলেই মা কামধেনুৰ আৰ্শীবাদ আছিল৷কিন্তু আপুনি পুত্ৰমোহত কঠোৰ সাধনাৰ অন্ত পেলায় ব্ৰহ্মত্বৰ পোছাক খুলি এগিলাচ গাখীৰৰ স্বাৰ্থত হস্তিনাপুৰৰ শুদ্ৰ ভৃত্যত পৰিণত হ’ল৷ইয়াৰ পৰিবৰ্তে যদি দেৱশিশু অশ্বত্থমাৰ সৰলতাৰ মাজতে যদি আপুনি সত্যৰ সন্ধান কৰাৰ সামান্যতমো প্ৰচেষ্টা চলালেহেঁতেন আজিৰ পৰিস্থিতি নিশ্চয় পৃথক হ’লহেঁতেন৷হয়তো পুত্ৰ অশ্বত্থমাসহ আপুনি আজি ধৰ্মযুদ্ধৰ মাগদৰ্শক হ’লহেঁতেন৷ “হে দ্বাৰিকাধীশ৷স্বৰ্ণখচিত অন্তেষপুৰৰ প্ৰাচুৰ্য্য আৰু আড়ম্বৰ মাজত শৈশৱ কৈশোৰ অতিবাহিত কৰা প্ৰদ্যুন্ম বা অনিৰূদ্ধৰ দৰে সৰল নাছিল মোৰ পুত্ৰৰ জীৱন৷আটাৰ ঘোলক গাখীৰ বুলি কিমান দিন মিথ্যাসান্ত্বনা দিম মোৰ পুত্ৰক৷সেয়ে মোৰ পুত্ৰপ্ৰেমে মোক বাধ্য কৰালে ব্ৰহ্মত্ব ত্যাগ কৰি…….” “ক্ষমা কৰিব গুৰু দ্ৰোণ৷কিন্তু পবিত্ৰ প্ৰেমৰ এনে অপবাখ্যাই মোক বাধ্য কৰালে আপোনাৰ কন্ঠক ৰূদ্ধ কৰিবলৈ৷পুত্ৰপ্ৰেম নহয় গুৰুদেৱ পুত্ৰমোহ৷প্ৰেম সহজাৰ্থত ধৰ্মৰ সমাৰ্থক৷ধৰ্মই সহস্ৰবৰ্ষৰ দাসত্বৰ শিকলি ছিঙি জাগ্ৰত জীৱাত্মাক শৰীৰ ৰূপী ভেল সৃষ্ট জন্ম-মৃত্যুৰ অন্তত চক্ৰৰ পৰা মুক্তিৰ পথৰ সন্ধান দিয়ে৷সেয় মই ব্যথিত হৈছো এয়া কেনে পুত্ৰপ্ৰেম বা পিতৃধৰ্ম যি আপোনাক সাংসৰিক সুখৰ মায়াপাশত আবদ্ধ কৰি অন্নদাতা ধৃতৰাষ্ট্ৰৰ দাসত পৰিণত কৰিলে৷আপোনাৰ পুত্ৰপ্ৰেম প্ৰকৃতাৰ্থত পুত্ৰমোহৰ নামান্তৰ মাত্ৰ৷ কৰ্মফলৰ অপেক্ষাই মনুষ্যক মাথো পীড়া দিয়ে আৰু নিস্কাম কৰ্মযোগে মনুষ্যক অনন্ত সুখৰ স্বামী কৰে৷প্ৰেম লাভালাভৰ সূত্ৰবদ্ধ গণিত নহয় কিন্তু মোহ লাভালাভৰ গণিতে জন্ম দিয়া এক পুতিগন্ধময় নৰ্দমা যি ব্যক্তিৰ বিবেকক ভ্ৰষ্ট কৰি অজ্ঞানতাৰ অন্ধকাৰলৈ ঠেলি দিয়ে৷সেয়ে জ্যোতিৰ্ময়ী প্ৰেম ধৰ্ম আৰু মোক্ষৰ পথ আৰু মোহৰ অন্তিম পৰিণতি অসত্য,অন্যায়,অজ্ঞানতা আৰু অধৰ্মৰ অংশীদাৰিত্ব আপোনাৰ এই মোহে কেৱল আপোনাৰ পুত্ৰৰ জীৱনকে নহয় আৰ্য্যব্ৰতৰ গৌৰৱময়ী গুৰুৰ ইতিহাসতো কলিমা সানিলে৷“ “কিন্তু মইতো মোৰ শিষ্যসকলক সৰ্বস্ব উজাৰি…….” “আপোনাৰ মৃন্ময় প্ৰতিমাক সাক্ষী কৰি শস্ত্ৰ চালনাৰ অভ্যাস কৰা নিনাদপুত্ৰ একলব্য কি আপোনাৰ শিষ্য নাছিল?মহাৰথী কৰ্ণৰ কি যোগ্যতা নাছিল আপোনাৰ সান্নিধ্যলভি অস্ত্ৰশিক্ষা গ্ৰহণ কৰাৰ?নে আপোনাৰ শিক্ষা কেৱল ৰাজপুত্ৰৰ বাবেই সংৰক্ষিত আছিল?বিদ্যাৰ দৰে বিশ্বজানীন অধিকাৰৰ পৰা জন্ম-বৰ্ণৰ ভিত্তিত কাৰোবাক বঞ্চিত কৰাৰ অধিকাৰ আপোনাক কোনে দিলে গুৰুদেৱ?এয়াই আছিল নেকি আপোনাৰ পিতৃ মহৰ্ষি ভৰদ্বাজৰ সংস্কাৰ?চৰ্তুবেদ,নীতিশাস্ত্ৰ,ধৰ্মশাস্ত্ৰৰ জ্ঞানে কি আপোনাক এয়াই শিকালে?হে বিভেদকামী দ্ৰোণ এয়াই কি আপোনাৰ ব্ৰহ্মত্ব,ব্ৰহ্মবিদ্যা আৰু ব্ৰহ্মজ্ঞানৰ বিকৃত স্বৰূপ?আপোনাৰ দৰে লোভী,অহংকাৰী আৰু পথভ্ৰষ্ট মহৰ্ষি পুত্ৰক গুৰু বুলি সম্বোধন কৰিবলৈও প্ৰকৃতাৰ্থত মোৰ আত্মাই অনুমতি নিদিয়ে৷সেয়ে মহৰ্ষিপুত্ৰ জীৱনৰ শেষ মূহূৰ্তত আপুনি শুনক এই অন্তিম সত্যৰ দৰ্শন গুৰু তেওঁ যি বিদ্যাৰ দান কৰে,বিদ্যাৰ বেপাৰ নহয়৷সেয়ে গুৰুৱে গুৰুদক্ষিণাৰ মাথো অপেক্ষা ৰাখে কিন্তু অমূল্য জ্ঞানদানৰ বিনিময়ত লাভ কৰা দক্ষিণাৰ প্ৰতি লোভ নাৰাখে তথা গুৰুদক্ষিণাৰ ৰূপত অমূল্যবিদ্যাৰ মূল্য নিৰ্দ্ধাৰণ কৰাৰ ধৃষ্টতাও নকৰে৷বাৰু একলব্যৰ অধ্যায়ৰ সামৰণী মাৰিলো৷কিন্তু অৰ্জুন!অৰ্জুনটো আপোনাৰ প্ৰিয়তম শিষ্য আছিল!কি বিছাৰিল আপুনি অৰ্জুন তথা কুৰুকুলৰ পৰা দক্ষিণাৰ ৰূপত!সাত্বিক দক্ষিণাৰ বেশত তামসিক প্ৰতিশোধ৷পুত্ৰমোহ আৰু প্ৰতিশোধৰ দাৱনালে অন্ধ কৰা মহৰ্ষিপুত্ৰই দ্ৰোপদৰ অৰ্দ্ধৰাজ্য কাঢ়ি লৈ অশ্বত্থামাক সিংহাসনত বহুৱাই নিজৰ সপোন পুৰালে৷কিন্তু যজ্ঞকুণ্ডৰ পবিত্ৰ অগ্নিৰ পৰা অভ্যুত্থান ঘটা পাঞ্চালী আপোনাৰ সেই গুৰুদক্ষিণাৰে বিষময় ফল আৰু সেই যাজ্ঞসেনীৰ স্বাভিমানৰ ৰক্ষাৰ স্বাৰ্থতেই আজিৰ এই ধৰ্ম যুদ্ধ য’ত আপুনি পুত্ৰ অশ্বত্থমাসহ অন্তত পৰিণত হ’ল ধৰ্মৰ শত্ৰুত৷মহৰ্ষি ভৰদ্বাজৰ পুত্ৰ হৈ আপুনি পাহৰি গ’ল মহৰ্ষি বিশ্বামিত্ৰৰ ইতিহাস!ভগৱান পৰশুৰামৰ শিষ্য হৈ অধৰ্মৰ সৃষ্টিকাৰী শক্তিক নিৰ্মুল কৰাৰ পৰিবৰ্তে অন্নৰ স্বাৰ্থত আপুনি অধৰ্মৰ দাসত পৰিণত হ’ল৷সেয়ে মিথ্যা আপোনাৰ ব্ৰহ্মজ্ঞান,ব্ৰহ্মবিদ্যা আৰু ব্ৰহ্মত্ব৷ব্ৰহ্মাস্ত্ৰক সন্ধান কৰাৰ ক্ষমতাও আপোনাৰ নাই৷ইচ্ছা কৰিলে চকুৰ নিমিষতে শিশুপালৰ দৰেই আপোনাৰ এই অধোগামী জীৱাত্মাকো মই ব্যাভিচাৰী শৰীৰৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ পূৰ্ণমাত্ৰেই সক্ষম৷কিন্তু আপুনি তাৰো যোগ্য নহয়৷সেয়ে হে মহৰ্ষি ভৰদ্বাজ পুত্ৰ অস্ত্ৰবিদ্যাৰ প্ৰশিক্ষক দ্ৰোণ অন্তিম মূহূৰ্তত সত্যক হৃদয়ংগম কৰি,ন্যায়ৰ পক্ষ লৈ অস্ত্ৰ সম্বৰণ কৰি ধৰ্মৰ ধাৰণেৰে মোক্ষ প্ৰাপ্তিৰ অন্তিম সুযোগ গ্ৰহণ কৰক অন্যথা আপুনি সময়ৰ অন্তলৈকে নৰক অগ্নিত নিৰ্বাপিত হ’ব৷“

সময়ৰ নদীৰ সোঁত পুনৰ স্বাভাৱিক হ’ল,ৰণশিঙা বাজি উঠিল,আত্মাৰে দৰিদ্ৰ দ্ৰোণে সজল নয়নেৰে ধৰ্মৰ সুদৰ্শনৰ সন্মুখত আত্মসমৰ্পণ কৰিলে৷ধৃষ্টদ্যুম্নৰ তৰোৱালখন সূৰ্য্যৰ পোহৰত তিৰবিৰাই উঠিল৷ধৰ্মযুদ্ধত অধৰ্মৰ সেনাপতি ৰণত পৰিল৷

অসমৰ গ্ৰাম্য কৃষি অৰ্থনীতিৰ প্ৰেক্ষাপটত কৃষি সম্প্ৰসাৰণৰ প্ৰাসংগিকতাঃসমস্যা আৰু সম্ভাৱনা৷

প্ৰায় বছৰছেৰেকৰ অন্তত আজি মোৰ হেপাঁহৰ গাওখন তথা মোৰ ঘৰলৈ গৈছিলো৷শিৱসাগৰৰ হাঁহচৰা গাওঁ পঞ্চায়তৰ অৰ্ন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ,শিৱসাগৰ (ৰহদৈ)ৰ দ্বাৰা আদৰ্শ কৃষিভিত্তিক গাওঁৰূপে স্বীকৃত চেতিয়া গাওঁ৷ৰ’ব আপুনি যদি মোক ব্যক্তিগতভাৱে চিনি পায় আৰু এয়া আপোনাৰ জ্ঞাত যে যোৰহাট মহানগৰীৰ কংক্ৰিটৰ সভ্যতাই মোৰ একমাত্ৰ আৰু স্থায়ী ঠিকনা তেনেহ’লে আপোনাৰ সেই ধাৰণা একবিংশ শতিকাৰ উত্তৰসত্যৰ পৃথিৱীৰ এক অৰ্দ্ধসত্য মাত্ৰ৷ভাৰতীয় কৃষি শিক্ষা নীতি আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ আশীষৰূপে মোৰ বৰ্তমানৰ ঠিকনা একক নহয় দ্বৈত৷যোৰহাট মহানগৰীৰ খাউন্দৰ চুকৰ দৰেই শিৱসাগৰৰ চেতিয়া গাঁৱো মোৰ আন এখন জন্মভূমি৷নব্বৈৰ দশকত মোৰ ভৌতিক সত্বাই যোৰহাটত জন্ম গ্ৰহণ কৰিছিল আৰু ২০১৯ পৰ্য্যন্ত মই কংক্ৰিটৰ সভ্যতাৰ এন্দুৰ দৌৰকে একমাত্ৰ সত্য বুলি গ্ৰহণ কৰিছিলো৷কিন্তু ১৯ ৰ জানুৱাৰীৰ পহিলা ভাগতে দৈৱক্ৰমে মোৰ এই বিভ্ৰমৰ অন্ত পৰিল৷সেইসময়ত মই কৃষি স্নাতকবৰ্ষৰ চূড়ান্ত ষান্মাষিকৰ ছাত্ৰ৷নগৰে চেলেকা পশ্চিম যোৰহাট,যোৰহাটৰ মাজ-মজিয়াৰ ৰাজমাও পুখুৰীৰ পাৰৰ কংক্ৰিটৰ সভ্যতা আৰু অসমৰ শিক্ষানগৰীৰ দুখনকৈ ঐতিহাস্যিক শিক্ষাৰ মন্দিৰস্বৰূপ জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰভেটাৰ সমীপৰ মূখ্য চৌহদত ক্ৰমে মই শৈশৱ,কৈশোৰ আৰু যৌৱন অতিবাহিত কৰিছিলো৷পশ্চিম যোৰহাটে অসমীয়া মধ্যবিত্তৰ পৰিচয় আৰু সংস্কাৰ দিলে,ৰাজমাও পাৰৰ বাল্যভৱনে জ্ঞান মাৰ্গৰে পৰিচয় কৰালে,বৰপাত্ৰ কুটীৰে ৰাজনীতি,আদৰ্শ আৰু যুক্তিকলাৰ পাঠ শিকালে আৰু কৃষি বিদ্যালয়ে কৃষিবিজ্ঞান আৰু প্ৰচুক্তিৰ সাম্যক ধাৰণা দিলে৷কিন্তু ব্যৱহাৰিক জীৱনৰ প্ৰয়োগশালাৰ অবিহনে আনুষ্ঠানিক শিক্ষাই দিয়া জ্ঞানৰ অৱস্থা প্ৰায় বৰ্তমানৰ শ্ৰীলংকাৰ অৰ্থনীতিৰ দৰেই৷স্নাতক বৰ্ষৰ অন্তিম ষান্মাষিকক আমি চমুকৈ RAWEP (Rural Agricultural Work Experience Programme) বুলি কওঁ৷ডিগ্ৰী প্ৰাপ্তিৰ লক্ষ্যৰে জীৱনত প্ৰথমবাৰৰ বাবে আপোন ঘৰখন এৰি RAWEP ৰ নদীত জীৱন ডিঙৰা মেলিলো আৰু অন্ততঃ উপনীত হ’লো হাঁহচৰাৰ চেতিয়া গাওঁ নামে এক অচিনা ঘাটত আৰু কৃষিবিজ্ঞানৰ ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োগশালা স্বৰূপে ৰীতা চেতিয়া বাইদেউৰ ঘৰখনক আশীষঅঞ্জলি হিছাপে লাভ কৰিলো৷

ভাৰতবৰ্ষৰ প্ৰতিখন কৃষি বিশ্ববিদ্যালয়েই এই দেশ আৰু জাতিক তিনিটা দিশৰে সমৃদ্ধ কৰাৰ যৎপৰোনাস্তি কৰে৷আধুনিক কৃষি বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষাদান,কৃষিসমন্ধীয় গৱেষণা আৰু কৃষিবিজ্ঞানৰ সম্প্ৰাসৰণৰ ৰূপত ইয়াৰ যথোচিত প্ৰয়োগ৷কৃষি বিজ্ঞানৰ স্নাতক,স্নাতকোত্তৰ আৰু সন্মানীয়ে ডক্টৰেট ডিগ্ৰীধাৰীৰ সৃষ্টিৰ দ্বাৰা বিশ্ববিদ্যালয়ে আনুষ্ঠানিক শিক্ষা প্ৰদান কৰে,কৃষি বিশ্ববিদ্যালয়ৰ অৰ্ন্তগত বিভিন্ন বিভাগ আৰু স্থানীয় কৃষি গৱেষণা কেন্দ্ৰই কৃষিজীৱী ৰাইজৰ প্ৰগতিৰ স্বাৰ্থত গৱেষণা আৰু উদ্ভাৱনৰ দ্বাৰা সামাজিক বিবৰ্তনৰ অংশীদাৰ হ’য়৷গৱেষণা বা উদ্ভাৱনৰ বাবে জ্ঞানৰ প্ৰয়োজন আৰু তাৰ এক সাৰ্বজানীন স্বীকৃত মাৰ্গ হ’ল আমি পূৰ্বেই উল্লেখ কৰা কৃষি বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা৷এইখিনিতে পুনৰ দোহাৰিছো ব্যৱহাৰিক প্ৰয়োগৰ অবিহনে আনুষ্ঠানিক শিক্ষাই দিয়া জ্ঞান আৰু গৱেষণাগাৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ তথ্য-প্ৰযুক্তি-আৱিস্কাৰ আৰু গৱেষণা মূল্যহীন আনুষ্ঠানিকতা মাত্ৰ৷সেয়ে ভাৰতৰ দৰে এখন জনবহুল তৃতীয় বিশ্বৰ দেশৰ কৃষি বিজ্ঞানৰ ৰণাংগণৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানযুক্ত ধাৰাতিয়েই হ’ল কৃষি সম্প্ৰসাৰণ৷চমুকৈ ক’বলৈ গ’লে কৃষি গৱেষণাকেন্দ্ৰ আৰু পথাৰৰ কৃষকবন্ধু সমাজৰ মাজৰ একমাত্ৰ সংযোগী সাকোখনেই কৃষি সম্প্ৰাসৰণ৷অৱশ্যে আনুষ্ঠানিক শিক্ষাৰ অংশৰূপেও কৃষিবিজ্ঞানৰ ছাত্ৰছাত্ৰীয়ে স্নাতকৰ প্ৰথম বৰ্ষৰ পৰাই কৃষি সম্প্ৰসাৰণৰ তত্বগত দীক্ষা লাভ কৰে৷আমাৰ স্নাতক জীৱনৰ কৃষি সম্প্ৰসাৰণ শিক্ষাৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম আছিল সম্প্ৰসাৰণৰ ইতিহাস তথা অতীত আৰু বৰ্তমানৰ কৃষি সমন্ধীয় চৰকাৰী আচনিৰ এক মেটমৰা ভৰাল৷প্ৰতিজন ব্যক্তিয়েই মানৱীয় দোষ-গুণৰ সমষ্টি৷অৱশ্যে এই অভাজনৰ সীমাহীন দোষৰ তুলনাত গুণৰ ওজন প্ৰায় আৰ্য্যভট্টৰ সেই মহান গাণিতিক উদ্ভাৱনৰ সমান৷মই এলেহুৱা নহয় কিন্তু আনুষ্ঠানিক শিক্ষাৰ এন্দুৰ দৌৰৰ প্ৰতি সৰুৰে পৰাই মোৰ ভীষণ অনিহা৷সেয়ে এনে মেটমৰা জ্ঞানৰে সমৃদ্ধ পাঠ্যক্ৰমক আগৰাতি পঢ়ি পিছদিনাৰ চূড়ান্ত পৰীক্ষাত কাউৰীঠেঙীয়া আখৰৰ ৰূপত বমি কৰি আহি পুনৰ স্মৃতিশক্তিহীন হৈ পৰিলো৷

গুৰুৰ অবিহনে জ্ঞানপ্ৰাপ্তি অসম্ভৱ৷যদি কিবাকৈ হ’লেও কোনোবাই সাম্যক জ্ঞান আহৰণো কৰে জীৱনৰ ধৰ্মযুদ্ধত তাৰ যে সৎপ্ৰয়োগ কস্মিনকালেও নহয় সেয়া ধূৰূপ৷ভাৰতীয় দৰ্শন অনুসৰি গুৰু আৰু শিক্ষকৰ মাজত এক সূক্ষ্ম পাৰ্থক্য বিৰাজমান৷শিক্ষকে আনুষ্ঠানিক দীক্ষাৰ বিনিময়ত এক পূৰ্বনিৰ্দ্ধাৰিত মূল্যত মজুৰি লয় আৰু আনহাতে গুৰুৱে দক্ষিণাৰ অপেক্ষা নৰখাকৈ স্বেচ্ছাই উপযুক্ত পাত্ৰক শৈক্ষিক,দাৰ্শনিক,আধ্যাত্মিক জ্ঞান প্ৰদান কৰি তেওঁৰ জীৱন ৰথৰ সাৰথি হয়৷মোৰ স্বৰ্গবাসী পিতৃ মোৰ জীৱনৰ আদিগুৰু আছিল৷পিতৃবিয়োগৰ অন্তত তেওঁৰেই ভাতৃপ্ৰতীম ৰাষ্ট্ৰপতিৰ দ্বাৰা কৃতী শিক্ষকৰ বটাপ্ৰাপ্ত শ্ৰদ্ধাৰ জীতেন পূজাৰী ছাৰে গুৰুৰ ৰিক্ত স্থান পূৰ্ণ কৰি মোৰ জীৱন ৰথৰ সাৰথি হ’ল৷২০১৪ ত পূজাৰী ছাৰৰ আকস্মিক বিয়োগ হ’ল আৰু ইয়াৰ পিছৰ আঢ়ৈ বছৰকাল গুৰুবিহীন মোৰ জীৱন ৰথৰ চকাই মাথো কংক্ৰিটৰ সভ্যতাৰ ভৌতিক সুখৰ মৰীচিকা খেদিলে৷কিন্তু ২০১৬ ৰ প্ৰায় মাজভাগত দৈৱৰ কৃপৰত মোৰ জীৱনৰ তৃতীয়জন গুৰুৰ ৰূপত আন এজন পিতৃস্থানীয় ব্যক্তিৰ আৰ্বিভাৱ ঘটিল আৰু তেওঁৰ সদ উপদেশৰ বলতে মোৰ কক্ষ্যচ্যুত জীৱন ৰথে পুনৰ এক নতুন দিশৰ সন্ধান পালে৷তৃতীয়জন গুৰুৰ সান্নিধ্যই মোক উত্তৰ আধুনিক গোলকীকৃত পৃথিৱীৰ বাস্তৱ দৰ্শনৰ সাম্যক জ্ঞান দিলে আৰু ইয়াৰেই ফলশ্ৰুতিত একালত অৱহেলা কৰা কৃষি সম্প্ৰাসৰণ শিক্ষাৰ সমান্তৰালভাৱে ভাৰতীয় গ্ৰাম্য সমাজ,শৈক্ষিক মনোবিজ্ঞান,কৃষি অৰ্থনীতি আৰু কৃষকৰ সেৱাৰ ৰূপত আই বসুন্ধৰাৰ পূজনৰ প্ৰতি মই আগ্ৰহী হৈ পৰিলো৷“কৰ্মনে বা ধিকাৰস্তে মা ফলেচো কদাচন“ গুৰুৰ আৰ্শীবাদপুষ্ট এই নতুন ৰুচিৰ বাবেই হয়তো হাঁহচৰাৰ অচিনা ঘাট অন্তত মোৰ আপোন গাওঁত পৰিণত হ’ল আৰু বৌদ্ধিক ৰূপত ঐতিহাস্যিক শিৱসাগৰত মই পুনৰজনম লভিলো

মই নিশ্চিত নহয় মোৰ এই স্বভাৱ উচিত নে অনুচিত কিন্তু ভক্তিমাৰ্গৰ পৰা কৈশোৰ কালতেই বৈৰাগ্য লৈছিলো আৰু ইয়াৰ পিছৰে পৰাই গীতাত বৰ্ণিত জ্ঞান মাৰ্গকে মই বৌদ্ধিক মোক্ষ প্ৰাপ্তিৰ নিৰ্ভৰযোগ্য পথ বুলি ভাবো৷সেয়ে মই ব্যক্তিগত পৰীক্ষণ আৰু যুক্তিযুঁজৰ অবিহনে কাকোৱেই বিশ্বাস নকৰো পিতৃ-মাতৃ-গুৰু আনহে নালাগে নিজকো বিশ্বাস নকৰো৷ইয়াৰ পৰিণতিত জীৱনত একাধিকবাৰ সমস্যা আৰু যন্ত্ৰণাৰ সন্মুখীন হৈছো৷কিন্তু মোৰ প্ৰতিটো ভুলৰ পৰাই কিবা এক নতুন কথা শিকাৰ সুযোগো পাইছো৷এদিন মই তৃতীয়জন গুৰুক ক’লো,”আজিৰ তাৰিখত অসমীয়া কৃষকৰ দুৰৱস্থাৰ বাবে মূখ্যত কৃষক সমাজ নিজেই দায়ী৷কাৰণ তথ্য-প্ৰযুক্তিৰ জ্ঞান আহৰণৰ সলনি তেওঁলোক হিতাধিকাৰী আচনিৰ প্ৰতিহে অধিক আকৰ্ষিত৷“ গুৰুৱে ক’লে “এয়া বিকৃত সত্য৷“ কিন্তু মই বিনাপৰীক্ষণে অন্তিম নিৰ্ণয় সলনি কৰাৰ মুঠেই পক্ষপাতী নহয় আৰু উপযুক্ত সময়তে “RAWEP” ৰ ৰূপত পৰীক্ষণৰ সুযোগো লভিলো৷

“Amazon Prime Video” OTT প্লেটফৰ্মত মুক্তি পোৱা “Panchayat” ভাৰতীয় “web serise” ৰ ইতিহাসৰ এক অনন্য মাইলৰ খুটি আৰু প্ৰতিজন “RAWEP” ৰ অংশগ্ৰহণকাৰী প্ৰতিজন শিক্ষাৰ্থীয়েই বাস্তৱ জীৱনৰ জিতু ভাইয়া৷পাঠ্যক্ৰমৰ তথ্য-প্ৰযুক্তিৰ-তত্ব-ধাৰণা আৰু আধুনিক তথ্যপ্ৰযুক্তিৰ কেন্দ্ৰস্বৰূপ পৰী্ক্ষামূলক পথাৰ আৰু প্ৰকৃত পথাৰৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে আৰু সেইবাবেই হয়তো একবিংশ শতিকাৰ কংক্ৰিটৰ সভ্যতাৰ কৃষি বিশ্ববিদ্যালয়ৰ তত্বগত জ্ঞান “RAWEP” ৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিনে পংগুসদৃশ৷

মাৰ্ক্সে কৈছিল “বিপ্লৱী জনগণই বিপ্লৱৰ চালক্য শক্তি“৷ “জনগণৰ সমৰ্থন পাবৰ নিমিত্তে আমি জনগণৰ সামগ্ৰিক দৰ্শনক সন্মান জনাব লাগিব৷“(দ্বন্দ্ব্বমূলক বস্তুবাদ) কাৰণ শক্তি নহয় হৃদয় পৰিবৰ্তনৰ দ্বাৰাহে বিপ্লৱে স্থায়ীৰূপত লাভালাভ দিয়ে৷সেয়ে স্তালিনে গীৰ্জাত তলা ওলোমোৱাৰ দুই-তিনি দশক অন্তত স্তালিনবাদক ইতিহাসৰ ডাষ্টবিনলৈ দলিয়াই দি ছোভিয়েটৰ জনগণে পুনৰ গীৰ্জাৰ ৰঙা ফিটা কাটিলে,অসম আন্দোলনৰ কালত আদৰ্শগত বিৰোধিতাৰ বাবে আশীৰ দশকৰ পৰাই বাওপন্থী দল ক্ৰমে অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিল আৰু সুৰা নিষিদ্ধকৰণৰ প্ৰয়াসৰ বাবে জনজাতীয় সমাজে আলফাৰ সশস্ত্ৰ সংগ্ৰামক নস্যাৎ কৰিলে৷ সেইবাবেই কৃষকক নতুন প্ৰযুক্তি গ্ৰহণ কৰাৰ নিমিত্তে তেওঁক সৈমান কৰাবলৈ আমি সেই সমাজৰ দৰ্শনক শ্ৰদ্ধা নিবেদি আমিও তেওঁলোকৰ মাজত জীন যাব লাগিব আৰু মোৰ সীমিত জ্ঞানৰ পৰিধিৰে এনে শ্ৰদ্ধাশীল সমৰ্পিত মানসিকতা আৰু কোনো বিষয়ক কৃষকৰ দৃষ্টিৰে অনুভৱ কৰাই (empathy) কৃষিসম্প্ৰসাৰণৰ চাণক্যনীতি৷সেয়ে সম্প্ৰাসাৰণৰ সেৱা আগবঢ়াবৰ বাবে স্থানীয় কথিত ভাষা(মিচিং,কাৰ্বি,নামনিৰ দোৱান)সংস্কৃতি আৰু জাতীয় দৰ্শন তথা সংস্কৃতিৰ সাম্যক জ্ঞান প্ৰধানতম পূৰ্বচৰ্ত৷

প্ৰকৃত গ্ৰাম্য সমাজব্যৱস্থা মহানগৰীৰ কৃত্ৰিম কংক্ৰিট সভ্যতাৰ পৰা পৃথক৷আজি যোৰহাটৰ মই যি অঞ্চলত বসবাস কৰো তাতে বৰ বিশেষ কিবা পৰিস্থিতিৰ উদ্ভৱ নোহোৱালৈকে আমি কাষৰ ঘৰৰ কোনো কথাৰ ভু নাপাও তথা বাৰ্তালাপৰ দ্বাৰা কাষ চপাৰ সময় আৰু সুযোগ এটাও নাপাও৷কিন্তু গ্ৰাম্য সমাজত কথা বুলিলেই বতাহ৷ইয়াৰ মূখ্যতেই যৌথ পৰিয়াল,ওচৰাওচৰিকৈ বাস কৰা বংশপৰিয়াল,নামঘৰৰ দৰে ৰাজহুৱা অনুষ্ঠানৰ অৱদান আৰু কৃত্ৰিমতাহীন নিস্বাৰ্থ বিষয়৷চহৰৰ মালব’ৰো-কিংফিচাৰ কেন্দ্ৰিক হাফপেণ্ট নাৰীবাদৰ বিপৰীতে গাঁৱত মাৰ্ক্সীয় আৰ্হিৰ নাৰীবাদৰ কেন্দ্ৰ৷একেগৰাকী মহিলাই ৰোৱনী-দাৱনী-শিপিনী-পোহাৰী আৰু গৃহিনী৷সেয়ে হয়তো তাহানিৰ কামৰূপ সম্পৰ্কে বিজ্ঞলোকে কৈছিল,”অন্যত্ৰা বিৰলা দেৱী কামৰূপৰ গৃহে-গৃহে৷কামৰূপ অসম হ’ল কিন্তু গাঁৱৰ নাৰী পশ্চিমীয়া সভ্যতাৰ সংস্পৰ্শৰ অবিহনেই উৎপাদনমুখী আৰু আত্মনিৰ্ভৰশীল৷ ধৰ্মীয়,সাংস্কৃতিক আৰু পৰম্পৰাগত দৰ্শনৰ ক্ষেত্ৰত গ্ৰাম্য সমাজৰ কৃষক ৰাইজ আজিও যঠেষ্ট সংবেদনশীল৷কৃষকৰ বাবে পথাৰৰ মাটিডৰা মন্দিৰ সদৃশ আৰু কৃষিয়েই তেওঁৰ ধৰ্ম৷সেয়ে কৃষি আৰু কৃষিভূমিক লৈ তেওঁলোক ভীষণ আবেগিক৷আপোনাৰ তথ্য-প্ৰযুক্তিৰ জ্ঞান লাগিলে যিমানেই উন্নত নহওক লাগে আপুনি পোনেই যদি পৰম্পৰাগত কৃষি পদ্ধতিক তাৎচ্ছিল্য কৰি আপোনাৰ আদৰ্শ জাপি দিয়াৰ প্ৰচেষ্টা চলাই আপোনাৰ অৱস্থাও নাস্তিকতাবাদী দৰ্শনৰ বাবে অসমীয়া সমাজৰ পৰা ঠিয়গোৰ খোৱা বাওঁদলৰ দৰেই হ’ব৷বোপাককাৰ দিনৰ পৰা চলি অহা পৰম্পৰাগত পদ্ধতিক কৃষকে একে দিনাই নেৰে৷মানসিক পৰিবৰ্তন মন্থৰ আৰু পৰ্য্যায়ক্ৰমে হোৱা হৃদয় পৰিবৰ্তনৰ দ্বাৰাহে সম্ভৱ আৰু এনে পৰিবৰ্তনৰ বাবে আমি পূৰ্বতে উল্লেখ কৰা শ্ৰদ্ধা-সমৰ্পন আৰু এমপেথিৰ বিকল্প নাই৷সেয়ে হাঁহচৰাত ব্যক্তিগত পৰীক্ষণৰে মই সত্যৰ দৰ্শন লভিলো যদি কৃষকে তথ্য-প্ৰযুক্তিৰ প্ৰতি অনাসক্ত হৈ হিতধিকাৰী আচনিৰ পিছত দৌৰিছে তেনেহ’লে সেই মানসিকতাৰ পৰিবৰ্তন সাধিব নোৱাৰাটো কৃষকবন্ধুসকলৰ নহয় আমাৰ দুৰ্বলতা মাত্ৰ আৰু ইয়াৰ বাবে আমিয়েই দায়ী৷কৃষি সম্প্ৰসাৰণৰ বহু উত্তৰদায়ীয়ে শিক্ষাজীৱনত কৃষি সম্প্ৰসাৰণৰ শিক্ষাক হৃদয়ংগম নকৰাৰ বাবেই সম্ভৱত আজিৰ অসমৰ কৃষক সমাজত এনে মানসিক অৱক্ষয়ৰ সৃষ্টি হৈছে৷হয়তো সম্প্ৰসাৰণৰ ব্যৱহাৰিক জ্ঞানৰ পৰীক্ষণ বিহীন নিযুক্তি প্ৰক্ৰিয়াই এই সমস্যাৰ ঘাই শিপা৷

অসমৰ কৃষক সমাজ আৰু সম্প্ৰসাৰণ বিভাগক জুৰুলা কৰা আন এক সমস্যা হ’ল ৰঙা ফিটাৰ মেৰ-পেচ যুক্ত চৰকাৰী আচনি৷আঙুলিৰ মুৰত গণিব পৰা দুই-এক আচনিৰ অবিহনে আন সকলোবোৰ উৎপাদনকাৰীৰ মানসিক অপমৃত্যু ঘটাই হিতাধিকাৰীৰ জন্ম দিয়ে৷হিতধিকাৰী আচনিবোৰ পেইন কিলাৰৰ দৰে৷পীড়াৰ ক্ষন্তেকীয়া উপশম ঘটাই অথচ স্থায়ী সমাধান দুৰৰে কথা সমস্যাক অধিক জটিল ৰূপহে দিয়ে৷হয়তো মোৰ ধাৰণা শুদ্ধ ন’হবও পাৰে কিন্তু মোৰ অন্তৰে কয় একবিংশ শতিকাৰ ভাৰতক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনা কোনো প্ৰয়োজন নাই৷দুটকীয়া চাউল,এটকীয়া আটাৰ বিতৰণে উদ্যমী কৃষকৰ অপমৃত্যু ঘটাই ধোদৰ পচলাৰ সৃষ্টি কৰিছে৷এই আচনিত শস্য ক্ৰয়ৰ নামত ব্যয় কৰা বৃহৎৰাশিৰ ধনৰ আধাও যদি চৰকাৰে ভূমিহীন কৃষকক ভূমি,শস্যৰ বীজ বা অন্যান্য উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী,আধুনিক প্ৰযুক্তি আৰু বিনামূলীয়া শস্য বীমা(যাতে প্ৰাকৃতিক দুৰ্যোগবশত শস্য নষ্ট হ’লেও কৃষকৰ শ্ৰম অথলে নাযায়) ৰ নামত ব্যয় কৰে তেনেহ’লে ৰাষ্ট্ৰীয় খাদ্য উৎপাদন যোজনাৰ ৰূপ ল’ব৷এনেকৈ ৰাজকোষৰ ধনেৰে বিদেশৰ পৰা ধান,ঘেহু কিনি নিজৰেই দেশৰ কৰ্মসংস্কৃতিক হত্যা কৰা দেশ কেতিয়াও বিশ্বগুৰু হ’ব নোৱাৰে৷যদি আমি আত্মনিৰ্ভৰশীল হও প্ৰথমে ৰাজকোষৰ ধনৰ এনে অবাঞ্চিত ব্যয় ৰোধ হ’ব,ৰপ্তানি আৰু ৰাজহ বাঢ়িব,শিক্ষা-স্বাস্থ্যৰ দৰে শিতানত চৰকাৰে অধিক বিনিয়োগ কৰিব পাৰিব৷ইয়াৰ দীৰ্ঘকালীল প্ৰভাৱস্বৰূপে হিতধিকাৰী শ্ৰেণীৰ বিলুপ্তিকৰণ ঘটিব আৰু যোগ্য ৰাজনৈতিক নেতাৰ অভ্যুত্থানৰ দ্বাৰা সচাৰ্থত দেশ ৰাম ৰাজ্যত পৰিণত হ’ব৷

আচনি জড়িত দ্বিতীয়টো সমস্যা চৰকাৰী ৰঙাফিটাৰ মেৰপেছ আৰু ইয়াৰ পৰিণতিত কেতিয়াবা মাৰ্চত সিচিব লগীয়া শস্যৰ বীজ কৃষকে মে মাহত হে পায়৷মই নিজেই হাঁহচৰাত বহুবাৰ এনে ঘটনাৰ সাক্ষী হৈছো৷এনে সমস্যাৰ অন্ত পেলাবলৈ চৰকাৰ আৰু প্ৰশাসনৰ সদিচ্ছাই যঠেষ্ট৷

ব্যৱসায়ীক যোজনাৰ অভাবো আন এক সমস্যা৷গুজৰাট বা পাঞ্জাৱৰ দৰে ৰাজ্যৰ তুলনাত অসমত ব্যৱসায়িক উদ্যমতা সংস্কৃতি(enterprenural culture)ৰ স্থিতি বৰ পুতৌজনক৷এইক্ষেত্ৰত অসমীয়া মধ্যবিত্তৰ সন্তানক শিশুকালতেই অভিভাৱকে জাপি দিয়া চৰকাৰী চাকৰি সৰ্বোচ জাতীয় ধাৰণা আংশিক ভাবে দায়ী আৰু সমান্তৰালভাৱে তেনে মানসিকতাৰ স্থিতৱস্থাৰ বাবে চৰকাৰ-প্ৰশাসন-সংশ্লিষ্ট বিভাগ আৰু শিক্ষানীতি সকলোৱেই সমানে দায়ী৷আমি আশাবাদী যে ব্যৱহাৰিক শিক্ষাক অধিক গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতিৰে অভ্যুত্থান ঘটা নতুন শিক্ষানীতিয়ে হয়তো এনে পৰিস্থিতিৰ উন্নতি সাধিবলৈ সক্ষম হ’ব৷

অসমীয়া কৃষকে মুখ্যত ধানৰ খেতিয়েই কৰে য’ত মুনাফা অতি সীমিত৷দেশৰ অৰ্থ-সামাজিক স্থিতিৰ বাবে জৈৱিক কৃষিৰ(Organic Farming) প্ৰতি একক নিৰ্ভৰশীলতাও বৰ এক সঠিক ন’হব৷“যাৰ ধান নাই তাৰ মান নাই৷“ সেয়ে কৃষকক ধানখেতি বাদ দিবলৈ কোৱা এক আত্মঘাতী পদক্ষেপ মাত্ৰ৷ইয়াৰ পৰিবৰ্তে পথাৰৰ ধাননিডৰাৰ সমান্তৰালভাৱে ঘৰৰ বাৰীখনকে পশুধন-মাছ-মৌবাহ-গোৱৰ গেছ-জৈৱিক সাৰ ইত্যাদিৰে সমন্ধয়ৰে সমৃদ্ধিশালী কৰিবলৈ কৃষকক উৎসাহিত কৰাই শ্ৰেয় হ’ব বুলি মই বিশ্বাস কৰো৷অৱশ্যে এনে সমন্ধিত কৃষি পাম(Integrated Farm)ৰ বাবে বৃহৎ পৰিমাণৰ ভূমি আৰু মূলধনৰ প্ৰয়োজন কিন্তু অসমৰ কৃষকসমাজ মূখ্যত ক্ষুদ্ৰ কৃষকৰ সমষ্টি৷সেয়ে আজি সমগ্ৰ বিশ্বতে সমাদৃত আমুলৰ দৰে সফল “cooperation” ৰ আদৰ্শ গ্ৰহণ কৰাৰহে মই পক্ষপাতী৷একতাই পৰম বল৷সেয়ে আমুলৰ দৰে মডেল গঢ়ি উঠিলে মূলধন,মানৱসম্পদ আৰু কৃষক দৰ-দামৰ ক্ষমতা কেউতাৰে বৃদ্ধি হ’ব আৰু এই ৰণনীতিক সফল ৰূপ দিয়াই আজি আমাৰ সন্মুখত একেসময়তে সৰ্ববৃহৎ সুযোগ আৰু প্ৰত্যাহ্বান৷প্ৰতিখন মহকুমা বা জিলাৰ সদৰত যদি চৰকাৰে অতি কমেও এটা শীতগাৰ(cold storage) আৰু যাতায়তৰ ৰেহাই মূল্যত ব্যৱস্থা কৰি দিয়ে মধ্যভোগী আৰু চিণ্ডিকেটৰাজে সৃষ্টি কৰা মূল্যবৃদ্ধিৰ পৰা জনতাই পৰিত্ৰাণ পাব আৰু কৃষকেও তেওঁৰ কষ্টৰ উচিত মূল্য,সন্মান তথা উৎসাহ পাব৷যিদেশত অন্নদাতাই অন্নৰ ভাগ নাপায়,সন্মান নাপায় সেই দেশ কেতিয়াও ৰাম ৰাজ্য হ’ব নোৱাৰে৷সংৰক্ষণৰ সুবিধাৰ অভাবত মধ্যভোগীয়ে চল্লিশ টকা কিলোত বিক্ৰী কৰা বিলাহী বৰপেটীয়া-খাৰুপেটীয়াৰ কৃষকে সেই একেই মধ্যভোগীকে দুটকাত বিক্ৰী কৰে লগতে এই বুভুক্ষাপীড়িত দেশত বৃহৎ পৰিমাণৰ ফলমূল-শাকপাচলী উৎপাদনথলীতে গেলি-পচি নষ্ট হ’য়৷

কৃষিৰ সৈতে কুটীৰ শিল্প,মূল্য সংশাধন উদ্যোগ আৰু বিকল্প শস্যৰ উৎপাদন অতি জৰুৰী৷এশ-এবুৰি জাতীয়তাবাদী সংগঠনৰে পূৰ্ণ এই ৰাজ্যৰ হাতীদাঁত শিল্প সময়ৰ বালিত লুক্ত হ’ল আৰু শুৱালকুছি-সাৰ্থেবাৰী আদিও আজি পাহৰণিৰ গৰ্ভত৷মূল্য সংশাধন কৃষি অৰ্থনীতিৰ ট্ৰাম্পকাৰ্ড স্বৰূপ৷দহটা আম বিক্ৰী কৰিলে অতি বেছি পাচশ টকা তাৰে শীতল পানীয় বনালে অতিকমেও তিনিহাজাৰ টকাৰ মুনাফা৷অৱশ্যে এইক্ষেত্ৰত “coopeative” আৰ্হিৰ প্ৰয়োজন আছে৷বিকল্প শস্য যেনে ফুল,কাঠফুলা আদিৰ বাণিজ্যিক উৎপাদনৰ কথাও ভাবিব পাৰি৷বিয়া-পূজা-সম্বৰ্ধনা সভা পুস্প মালা বা বুকেৰ অবিহনে চন পৰা বৃন্দাবন৷কিন্তু অসমৰ বজাৰৰ এপাহি ফুলো অসমৰ নহয় কলিকতাৰ৷লগতে আমাৰ পৰম্পৰাগত খাদ্য তথা পানীয়কো GI মাৰ্কসহ চৰকাৰী-বেচৰকাৰী প্ৰচেষ্টাৰে আমি আন্তৰাষ্ট্ৰীয় বজাৰলৈ লৈ যোৱা সময়ৰ দাবী৷আমেৰিকাৰ বাৰ্গাৰ-ইটালীৰ পিজ্জা অসমৰ লাৰু-পিঠা-জলপান কিয় হ’ব নোৱাৰে?ৰাছিয়ান ভদকা-স্কটজ হুইস্কী সাজপানীকনো এঘৰীয়া কিয় কৰিলে?

কৃষি বিভাগে সচাৰচৰ জিলাই প্ৰতি শস্য উৎপাদনৰ বাবে “Package and Practice” বোলা এখন লিফলেট কৃষকক গুজি দিয়ে৷কিন্তু আজি তিতাবৰ আৰু নিমাতিৰ মাটিৰ গুণাগুণ জানো একেই?কীট-পতংগৰ উপদ্ৰৱ সমগ্ৰ জিলাখনতে কিদৰে একেই হ’ৱ?মাটিৰ স্বাস্থ্য পত্ৰ(soil health card) ৰ দ্বাৰা সাৰৰ সমস্যাটোৰ আংশিক হ’লেও সমাধান হৈছে৷এনে প্ৰগতিশীল আচনিৰ পিছতো ভূমিৰ পৰীক্ষণৰ বাবে যদি কৃষক আগ্ৰহী বা জ্ঞাত নহয় আমি আত্মসমালোচনা আৰু আত্মমূল্যায়নৰে কাৰ্য্যপন্থাৰ সালসলনি কৰা উচিত৷কীটনাশকৰ ক্ষেত্ৰটো অধিক গৱেষণা আৰু ক্ষেত্ৰভিত্তিক জৰীপৰ লগতে ৰাসায়নিক পদ্ধতিৰ সলনি সমন্ধিত পদ্ধতিক প্ৰাধন্য দিয়া বহনক্ষম উন্নয়নৰ এক পূৰ্বচৰ্ত৷

কৃষকক হিতধিকাৰী সজা তথা ঋণ বা অনুদানৰ ৰূপত নগদ ধন দিয়াৰ সলনি উৎপাদনৰ সামগ্ৰী তথা বিনামূলীয়া শস্য বীমা বিতৰণ কৰিলেহে বুভুক্ষা,পুষ্টিহীনতা,কৃষকৰ আত্মহত্যা তথা নিবনুৱা সমস্যাৰ সমাধান হ’ব৷লাগিলে পুজিপতিয়েই হওঁক বা ক্ষুদ্ৰ কৃষকেই হওক চৰকাৰে ৰাজকোষৰ ধনেৰে ঋণ মাফ কৰিলে সমস্যাৰ সমাধান নহয় বৰঞ্চ ঋণ নামাৰি ঋণৰ ধনেৰে উৎপাদনৰ সলনি ভোগ-বিলাস কৰাৰ কুসংস্কাৰহে সমাজত কাঠফুলাৰ দৰে গঢ়ি উঠে৷

“Rome was not built in a day” বা ভুকুতে কলতো নপকে৷সেয়ে উৎপাদনশীল আচনিৰ প্ৰস্তকৰণ,ইয়াৰ বাস্তৱ প্ৰয়োগ,সময়মতে পুনৰীক্ষণ আৰু প্ৰয়োজন সাপেক্ষে আচনিৰ বিবৰ্তনৰ দ্বাৰাহে অন্নদাতাৰ আৰ্থসামাজিক উন্নয়ন সম্ভৱ৷

মই পূৰ্বেই কৈছো মোৰ তৃতীয়জন গুৰুৰ সান্নিধ্যই মোক কৃষি সম্প্ৰসাৰণৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল সেয়ে সেই বিভাগতে স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিলো৷মোৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰাত তেওঁ মোক আন এক সত্যৰ দৰ্শন দিলে তাত্ত্বিক শিক্ষা আৰু RAWEP ৰ মাধ্যমেৰে ইতিমধ্যেই তুমি সম্প্ৰসাৰণক মোটামুটি ভাবে হ’লেও হৃদয়ংগম কৰিছা৷বয়সৰ সৈতে অভিজ্ঞতা আৰু জ্ঞান দুয়োটাই বাঢ়িব৷কিন্তু প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বাবে নিত্যনতুন প্ৰযুক্তিৰ প্ৰয়োজন৷সেয়ে তুমি সম্প্ৰসাৰণৰ সৈতে প্ৰযুক্তিৰো অধ্যয়ন কৰা৷কথাষাৰে মোৰ হৃদয় চুলে আৰু মই কৃষি ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হ’লো৷অসমৰ কৃষকসকলে আজিকালি প্ৰায়েই এক সমস্যাৰ সন্মুখীন হ’য়৷জহাচাউল বা জহাকোমোৰাৰ গোন্ধ নাই৷ইয়াৰ মূখ্য কাৰণ গোলকীয় উত্তাপ বৃদ্ধি কাৰণ উদ্ভিদজাত সুগন্ধিয়ে প্ৰখৰ ৰ’দ আৰু তাপ সহিব নোৱাৰে৷সেয়ে ছা পৰা চেচুক ঠাইৰ প্ৰয়োজন৷জৈৱ ৰাসায়নক নিৰ্বাচন নকৰা হ’লে হয়তো এই সমস্যাৰ সমাধানসূত্ৰ মই নাজানি সম্প্ৰসাৰণৰ ৰণত চক্ৰবেহুৰ অভিমুন্যত পৰিণত হ’লোহেঁতেন৷জৈৱ ৰাসায়নে অসমৰ জাতীয় উদ্ভিদ কপৌ ফুলৰ ঔষধী গুণ,কুশবনৰ শিপাত সুপ্ত সুগন্ধি,জালুকৰ গুণাগুণ আদিৰ বৈজ্ঞানিক সত্যৰ সন্ধান দিলে৷সম্প্ৰসাৰণ শিক্ষাৰ ছাত্ৰৰূপে শিকিছিলো শিক্ষা এক অন্তহীন প্ৰক্ৰিয়া৷মানুহে দেখি শিকে-ঠেকি শিকে৷আমৃত্যু শিকি যায় আৰু অভিজ্ঞতাৰ ভৰাঁলত পৰিণত হয়৷যি অতীতৰ ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰে তেওঁ সফলতাৰ শিখৰ বগাই আৰু নিশিকাজন নিজেই এক ট্ৰেজিক ইতিহাসত পৰিণত হয়৷

সম্প্ৰসাৰণ শিক্ষাৰ ধাৰণা সম্পৰ্কে কৈছিলো যে এয়া গৱেষণাস্থলী আৰু উৎপাদনস্থলীৰ মাজত সাঁকো কিন্তু সেই বাখ্যা আধৰুৱা প্ৰকৃততে এয়া ব্যক্তি বিশেষ আৰু সমাজৰ মাজৰ হৃদয়ৰ সাঁকো যি আমাক আমাৰ পবিত্ৰ জন্মভূমিৰ আই বসুমতীৰ সচাৰ্থত সেৱা কৰিবলৈ মাগদৰ্শন কৰে৷ব্যক্তিৰ মানসিকতা আৰু দৃষ্টিকোণ উভয়কে সূক্ষ্ম তথা সুকুমাৰ ৰূপ দিয়ে৷মোৰ দৰে কংক্ৰিটৰ সভ্যতাৰ মৰীচিকা খেদা ব্যক্তিয়ে পুনৰজনম লভি এখন ঘৰ,গাওঁ আৰু সমাজ নিৰ্মালীৰূপে পায়৷ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৱে কৈছিল,”সকলো খণ্ডই প্ৰগতিৰ বাবে অপেক্ষা কৰিলেও অন্তত কৃষি খণ্ডক অপেক্ষা কৰিবলৈ দিয়া উচিত ন’হব৷“ পণ্ডিত নেহেৰুৰ এই বাণী এশ শতাংশই শুদ্ধ৷কৃষিকৰ্ম ভাৰতৰ স্বাভিমানী আত্মা আৰু কৃষি সম্প্ৰসাৰণ সেই জীৱাত্মাৰ পথ প্ৰৰ্দশনকাৰী পৰমাত্মা স্বৰূপ৷কোনো দেশ,কোনো ব্যৱস্থা বা কোনো বিভাগেই শ্ৰেষ্ঠতম নহয় কিন্তু ইয়াক শ্ৰেষ্ঠতাৰ শিখৰলৈ লৈ যোৱাটোৱেই আমাৰ নৈতিক কৰ্তব্য৷সমস্যা আৰু প্ৰত্যাহ্বান চিৰশাশ্বত৷কবিয়ে কোৱাৰ দৰে “দুখ নাথাকিলে ক’ত আহি জিৰাবাহি সুখৰ চৰাই৷“ সেয়ে জীৱশ্ৰেষ্ঠ ৰূপে আমাৰ কৰ্তব্য সমস্যাৰ সমাধানসূত্ৰৰ সন্ধানেৰে যিকোনো অভিশাপক আৰ্শীবাদৰ ৰূপ দিয়াৰ৷অন্নদাতাক বুভুক্ষু ৰজনী কটাবলৈ বাধ্য কৰা দেশ বিশ্বগুৰু নহয় আৰু পথাৰৰ সলনি কেৱল মাত্ৰ মন্দিৰৰ ভূমি পূজনেৰে দেশত ৰাম ৰাজ্য নহয়৷শেষত পণ্ডিত নেহেৰুৰ উত্তৰাধিকাৰী শাস্ত্ৰীজীৰ “জয় জোৱান জয় কিষাণ“ শ্লগানেৰে আজিৰ আলোচনাৰ সামৰণি মাৰিলো৷