আবতৰীয়া বৰষুণজাকৰ মাধ্যমেৰে মোৰ চহৰলৈ পুনৰ এবাৰ বিহুৰ পূৰ্বেই শীতৰ আগমন ঘটিছে৷কানিমুণি সন্ধিয়া৷তিনিআলিৰ শৰ্মা দাৰ দোকানলৈ ওলালো৷মায়ে পিছফালৰ পৰাই বকনি জুৰিলে,” এই তিনিমুনি সন্ধিয়াখন৷তাতে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ বতৰ৷ওলাই ন’গলে নহয় নে!” মই মাৰ গুৱালগালিলৈ কৰ্ণপাত নকৰি বাইকৰ চাবি পকালো৷মায়ে পিছফালৰ পৰাই চিঞৰিলে৷ “হেলমেটটো অন্তত লগাই ল৷“ কেকুৰীটো ঘুৰিয়েই তিনিআলি৷এইকনৰ বাবে নো হেলমেটটোৰ কি দৰকাৰ?তাকো ফাইনৰ ৰছিদসহ মামাহঁত হয় নগৰত নহয় হাইৱেত৷সেয়ে প্ৰয়োজনবোধ নকৰিলো৷কেকুঁৰিটো ঘুৰিছো মাত্ৰ৷আবতৰীয়া বৰষুণে বোকাময় কৰা ৰাস্তাত পিছলি একেবাৰে ধাননিৰ মাজত৷বিশেষ দুখ পোৱা নাই৷ঠিয় হ’লো৷আৰে এয়া কি কাষতচোন মোৰ দৰেই চোলা-পেন্ট পিন্ধা এটা নিথৰ শৰীৰ৷শিলাখণ্ডত ঠেতেলা খাই কপালেৰে তেজ বৈ ডোঙা বান্ধিছে৷আৰে এয়াচোন ময়েই৷অহ!মানে মই শৰ্মা দাৰ দোকানৰ সলনি চিধাই সিপুৰীত৷হেলমেটটো লগাৱ লাগিছিল৷পিছে নলগালো ভালেই হ’ল৷শিক্ষিত নিৱনুৱাৰ জীৱনতকৈ অন্ততঃ ভূতৰ জীৱনেই ভাল হ’ব৷
এটা পোহৰৰ সুৰংগ৷ “Near Death Experiment” সমন্ধীয় প্ৰৱন্ধ এটাত এবাৰ ইয়াৰ উল্লেখ পাইছিলো৷সুৰংগৰে যাত্ৰা আৰম্ভ কৰিলো৷শৈশৱতে পঢ়া “ৰোগ-শোক-জৰা-মৃত্যু সেই দেশত নাই “কবিতাফাঁকি গুণগুণাই সুৰংগৰে খোজ দিলো৷আৰে এয়া কি! সুৰংগৰ শেষতচোন সেই একেই দুৰ্গন্ধময় আবৰ্জনাৰে পূৰ্ণ কংক্ৰিটৰ সভ্যতা৷একেবাৰে কলিকতাৰ শ্যাম বজাৰৰ দৰে৷ভেকেটাভেকেট গোন্ধ এটা আহি নাকত লাগিল৷ডাষ্টবিনত জাৱৰ এসোপা পৰি আছে৷হয়তো আমাৰ চহৰৰ দৰে প্ৰেতপুৰীটো মিউনিচিপেলিটিৰ গাড়ীৰ খা-খবৰেই নাই৷ চ্যুট-বুট পৰিহিত এজন ভদ্ৰলোক মানে ভদ্ৰভূতে সুৰংগৰ কাষৰ পৰাই চিঞৰি দিলে,”হৌৰা ডেকাভূত ইমান খৰখেদাকৈ ক’ত যোৱা হে৷“Entry” টো কৰাই যোৱা৷“ এখন দীঘলীয়া ফৰ্ম ফিলাপ কৰাৰ অন্তত ভদ্ৰভূতজনে এটা বেকা হাঁহি মাৰি ক’লে,” এন্ট্ৰীফিজ?“ “হে!মানে ইয়াতো এন্ট্ৰীফিজ?“ “আৰে এন্ট্ৰীফিজেই নে GST,Service Tax,Income Tax,Excise Duty” সোপাই দিব লাগিব৷বাপুকণ ভূতবোৰো এদিনটো মানুহেই আছিল৷“ “কিন্তু মোৰ হাতত পইছা,মানে সিপুৰীৰ বেংকতহে আছে৷“ এইবাৰ তেওঁ ধেকধেকাই হাঁহি ক’লে,”চৰি চৰি৷কলেজৰ পৰাই ভাং ফুকাৰ অভ্যাস৷চোৰে নেৰে চোৰ প্ৰকৃতি কুকুৰে নেৰে চাই,যাৰ যি স্বভাৱ সি মৰিলে লগতে যায়৷মই মানে তোমাক ক’বলৈ পাহৰিয়েই গৈছিলো নহয়,মৃত্যুৰ লগে-লগে সিপুৰীৰ সমস্ত সম্পদৰ সমমূল্যৰ ধন তোমাৰ জেপত স্বয়ংক্ৰিয় ভাৱে জমা হয়৷সেয়ে সিফালে ইমান খোৱা-কামোৰা৷মৰিলে লগতে নিনিয়ে নহয় বুলি একো নাই সোপাই লৈ আহে বুজিছা৷“ মই জেপটো খুচৰিলো পাৰ্চত মাত্ৰ এখন পাঁচশটকীয়া৷কিন্তু তেৰাই কোৱাৰ দৰে নিৱনুৱা হ’লেও চাকৰিয়াল পিতৃৰ একমাত্ৰ সন্তান হোৱাৰ সুবাদত মাটি-বাৰী-FD-NSC সকলো মিলাই কমেও ২০ লাখমানটো হ’ব লাগে৷মোৰ শুকাই টেমিহেন হোৱা মুখখন দেখিয়েই তেৰাই সম্ভৱত সকলো বুজিলে PK ৰ পেকেট এটা চোবাই পুনৰ ধেকধেকাই আৰম্ভ কৰিলে,” ই তোমাক মানে আমাৰ হেৰি য়ে পালে৷“ মই চৰম উৎসুকতাৰে সুধিলো,” হেৰি মানে৷“ “আৰে হেৰি মানে আমাৰ পকেটমাৰ আকৌ৷আমাৰ এই পোহৰৰ সুৰংগ আৰু গুৱাহাটীৰ চিটিবাছ দুইটাই একেই৷“ “এতিয়া পিছে কি কৰো৷“ “মাল কিমান আছিল৷“ তেওঁ সুৰংগৰ কাষৰ দেৱালখনত পিকাই সুধিলে৷ “নাই কমেও ২০-২৫ লাখমান হ’ব৷ “হৰি,হৰি!এটা উপায় পিছে আছে৷পকেটমাৰ কেইটাৰ লগত মোৰ মানে!বুজিছাই নহয় আৰু ১ এটা আমাৰ বাকীখিনি তোমাৰ৷“ মোৰ খঙে চুলিৰ আগ পালেগৈ৷কথমতি সহি সামৰি ক’লো,”নালাগে৷সকলো ইপুৰীৰ দৰে যদি ইয়াতো আইন-আদালত নিশ্চয় আছে৷থানাতে কেছ দিম৷“ “দিব খুজিছা যদি দিয়া৷কিন্তু আগতে হাজাৰ টকাৰ এন্ট্ৰী ফিজ!নহলে মনুষ্যলোকত নিসংগ হৈ ভটকি থাকা৷“ তেওঁ বেকা হাঁহি এটা মাৰি ক’লে৷মই বিপাঙত পৰিলো৷জেপত মাত্ৰ পাঁচশ টকা৷তেওঁ এইবাৰ ফুচফুচাই ক’লে,”এশ টকীয়া এখন দিয়া৷অমুকাই আকৌ ঘোচ নাখায় দেই৷তোমাৰ কণ্ডিশ্যনটো দেখিহে কৈছো৷“ কোনোমতে নিজকে চম্ভালি এশ টকীয়া এখন দি থানাৰ এড্ৰেছটো লৈ চিটি বাছত উঠিলো৷
এগৰাকী গৰ্ভৱতী ভূত ঠিয় হৈ আছে৷ইফালে মহিলাৰ বাবে সংৰক্ষিত আসনত কেইবাজনো পুৰুষ৷ৰাস্তাত যিহে গাত৷তাকো ভক্সেল চিটিবাছৰ প্ৰচণ্ড জোকাৰণি৷বাটতে ট্ৰেফিক এজনে বাছখন ৰখালে৷বাকী কাগজ-পত্ৰ সকলো অ’কে৷কিন্তু পলুশ্যনৰ কাগজ-পত্ৰ নাই৷হেণ্ডিমেনে পাঁচশটকীয়া এখন জেপত গুজি দিয়াহে দেখিলো৷ইয়াতো হয়তো ৰছিদৰ কোনো সকাম নাই৷
“তোক কি লাগে হে!“ মোছাল দাৰোগাজনে হুমকি মাৰিলে৷ ময়ো সেমেনাসেমেনিকৈ পকেটমাৰৰ আখ্যানৰ বকলা মেলিলো৷ সমাপ্ত হোৱাৰ আগেয়ে তেওঁ গৰ্জি উঠিল,”ধুৎ!২৪ ঘন্টা হোৱাই নাই৷না তই চোৰৰ নাম ঠিকনা জান৷বাদ দে যা কাইলৈ আহিবি৷“ “ৰিপোৰ্টটো লিখিব পাৰিব!ৰিপোৰ্টটো ২৪ ঘন্টাৰ ভিতৰতো……..”ওলা বুলিছো নহয়৷ন’হলে এইডাল দেখিছ৷ইহ!সি আকৌ মোক আইনৰ পাঠ শিকাই৷প্ৰচণ্ড অপমানবোধত মই ৰঙা-চিঙা পৰি থানাৰ বাজ হৈ চিধাই কাষৰ কোৰ্ট পালোগৈ৷ বহু দৰদামৰ অন্তত এজনে ৫০,০০০ মান পালে খেলিম বুলি ক’লে৷টকা নোপোৱালৈকে মোৰ সোণৰ আঙুঠি দুটা বন্ধকত ৰাখিব লাগিব৷ মই বোলো কিমান দিন লাগিব৷ তেওঁ দামিনীৰ চানী দেউলৰ কায়দাত ক’লে,”তাৰিখ পে তাৰিখ৷জাজৰ ৰিটায়াৰমেণ্ট হওঁতে সংখ্যাত ভালেমান হ’ল পিছে নতুন এপইণ্টমেণ্ট ওহো মুঠেই হোৱা নাই৷অতি কমেও তিনিবছৰ৷“ মই বোলো কৃষ্ণহে বুলিলো৷ কোৰ্টৰ কাষৰ পাণদোকানীজনে আমাৰ আলেখলেখ চাই আছিল,হয়তো মোৰ পৰিস্থিতি দেখি তেওঁৰ দুখো লাগিল,মোক ৰিঙিয়াই মাতিলে,” দাদা আপুনিনো এইবাৰ কি নলগা জেংত লাগি আছে৷আইন-আদালত নামতহে!আপোনাক বৰুৱাই প্ৰেক্টিকেল কথাই কৈছিল৷“ মই বোলো কোন বৰুৱা৷ কেলে TSF(Tunnel Security Force) ৰ চীফ বৰুৱা৷সৱ কমিছনৰ খেলা বুজিছে৷শেষত বৰুৱাৰে শৰণ ল’লো৷ড্ৰয়াৰৰ পৰা ২২ এটা উলিয়াই দিলে৷এক এটা বোলে তেওঁৰ কমিছন৷বৰুৱাৰ ড্ৰয়াৰত টকাৰ জাপ দেখি মোৰ সন্দেহ হ’ল ই বেটা TSF ৰ চীফ নে পকেটমাৰৰ চীফ? বৰুৱাই লাহেকৈ ক’লে,” এইকেইটা টকাৰে নো কেইদিন খাবা৷নেমু চল্লিশ টকা বুজিছা,পেট্ৰলে কাহানিবাই চেঞ্চুৰী মাৰিলে আৰু পাঁচ এটা দিয়া৷আমাৰ ডিপাৰ্টমেণ্টতে জুনিয়ৰ এছিছটেন্টৰ পোষ্ট এটা খালী আছে৷নিজৰ ল’ৰা ভাবিহে কৈছো দেই!চাকৰিটো কিন্তু মামুলী নহয় ঘটো বুলিলে!হে হে বুজিছাই নহয়৷বেকাৰ জীৱনৰ যাতনাৰ পূৰ্ব অভিজ্ঞতাৰ বাবে অনিচ্ছাকৃতেও বৰুৱাৰ প্ৰস্তাৱত হয় ভৰ দিলো৷
ভাড়াঘৰটো বৰুৱাই ঠিক কৰি দিলে৷মালিকনীয়ে নুশুনাকৈ মালিকে ফুচফুচাই ক’লে,” ডেকা ল’ৰা৷পাৰ্টী-চাৰ্টী কৰিবাই দিয়াচোন!আমাকো মাতিবা তেতিয়াহে মেহফিল জমে৷“
টেবুলৰ তলেৰে আজিকালি হুৰাহুৰে আমদানি হয়৷ছমাহত SUV,মহানগৰীত এবিঘা মাটি!মালিকৰ জীয়েকৰ লগতো হিয়া-দিয়া-নিয়া আৰম্ভ হৈ গ’ল৷Fio Research ৰ পৰা কেণ্ডেল নাইট ডিনাৰলৈকে৷মাজে-মাজে বুঢ়াই গম নোপোৱাকৈ SOYO লৈও যাওঁ৷কিন্তু পয়মাল লগালে বিমান দুৰ্ঘটনাত মৰা NRI ইঞ্জিনীয়াৰটোৱে৷সঁজাৰ চৰাই উৰি গ’ল৷ভাড়াঘৰত নাৰিকল ৰুই লাভ নাই৷অফিচৰ জুনিয়ৰ এজনীৰ লগত দ্বিতীয় বাৰ হিয়া-দিয়া-নিয়া চলাই অন্য কোনো NRI ৰ আগমনৰ পূৰ্বে চিধাই শিৰত সেন্দূৰ দি ফ্লেটত সুমুৱালো৷আচবাব খিনি যৌতুকতে পালো৷
শইকীয়া মানে আমাৰ DIC (Death Insurance Cooperation) ৰ এজেণ্ট শইকীয়া বিৰাট কামোৰ ভূত৷বিনা চিকিৎসাৰে ধনৰ অভাৱত মৰি ভুত গুচি মানুহ হ’লে আকৌ বা কেনে জীৱন পাওঁ৷শেষত পলিচি এটা কৰিয়েই পেলালো৷
এফালে ফ্লেটৰ EMI,লৰাটোৰ প্ৰাইভেট মেডিকেল শিক্ষাৰ নামত কোটিটকীয়া “donation” ,তাকো আকৌ সি অলপতে মোৰ মান-ইজ্জত মাটিৰ লগত মিলাই হোষ্টেলত ড্ৰাগছ ফুকি ধৰা পৰিল,পুলিচ-ৱাৰ্ডেন সকলোকে মিলাই দহ মান গ’ল৷শিকাওতে গৰুটোক চাৰি বছৰ বয়সৰ পৰাই কুম্ফো,কাৰাটে,গান-নাচ,আৰ্ট,চুইমিং সোপাই শিকিছিলো কিন্তু সকলটো জনী দাৰ বাপেকৰ দৰে সৌভাগ্যবান নহই৷পৰিবৰ্তনৰ শ্লোগানেৰে চৰকাৰ আহে-চৰকাৰ যায়৷অথচ মূল্যবৃদ্ধি,নিবনুৱা সমস্যা,দুৰ্নীতি,পুতৌজনক আন্তগাঠনি,যাতায়ত সকলো একেই থাকে৷হত্যা,ধৰ্ষণ,পুলিচৰাজ,ঘোৰাৰ কিনা বেচা,কৃষকৰ আত্মহত্যা,উলংগ নাৰীবাদ,হালধীয়া সাংবাদিক,অন্ধা কানুন,তাৰিখ পে তাৰিখ,আন্দোলনজীৱি,বুদ্ধিজীৱী,ডাড়ি-চুলি পকা ছাত্ৰ নেতা,পুজিপতি,ঘোচখোৰ বিষয়া,সন্ত্ৰাসবাদী মুঠতে চিষ্টেম একেটাই৷ঠায়ে-ঠায়ে হাম দো হামাৰে পুৰা ক্ৰিকেট টীম,প্ৰদূৰ্ষণ,গোলকীয় উষ্ণতা বৃদ্ধি,ডিজিটেল প্ৰেতপুৰীত বিদ্যুৎৰ লুকাভাকু এনেকৈ দিন গ’লে ৰাতি হ’ব,জোন-বেলি ওলাই থাকিব,গছত ফুলিব ফুল বতাহ বলিব,নিজ বাটে নক্ষত্ৰ ঘুৰিব কিন্তু চিষ্টেম চলিয়েই থাকিব৷চিষ্টেম সলাবলৈ যোৱা কোনোৱে গুলী খায় মানুহৰূপে পুনৰ জনম লয় আন কিছুমান আকৌ নেতা-মন্ত্ৰী হৈ নিজেই চিষ্টেম হৈ পৰে৷হাবিৰ জীৱন ত্যাগ কৰি আত্মসমৰ্পণ কৰি এমখা ঠিকাদাৰ হয় আৰু ছাত্ৰনেতা হোষ্টেলৰ পৰা চিধাই MLA হোষ্টেল৷
DIC ৰ কৃপাত মানৱজন্ম লোৱাৰ পৰা কোনোমতে বাচিলো৷ইঞ্চুৰেঞ্চৰ নামত হস্পিতালে ঠিকেই লুটিলে কিন্তু মানুহ হোৱাৰ পৰা পৰিত্ৰাণ পালো৷আকৌ নৰমনিচৰ জনম পালে বা কি হওঁ৷যদি ঘোচখোৰ স্বভাৱৰ বাবে ওপৰৱালাই গৰু-গাধ বা কৰোণা ভাইৰাছেই কৰি দিয়ে!ৰিটায়াৰমেণ্টলৈ আৰু মাত্ৰ এটা বছৰ৷এওঁৰ শৰীৰো পৰি আহিছে৷ল’ৰাই অজাতিৰ ছোৱালী আনি ঘৰ সুমুৱালে৷এওঁ আপত্তি কৰিছিল অৱশ্যে মই মানৱ জীৱনৰ পৰাই মুক্ত আৰু কাঞ্চনজংঘা যদিও বিহুমঞ্চত হিন্দীগীত মোৰ প্ৰিয় নহয়৷অৱশ্যে দাংগা-ফচাদ ইয়াতো চলে৷ৰিজাৰ্ভেছনে এচামক চাকৰি দিয়ে কিন্তু অস্পৃশ্যতা-বৈষম্য সেইবোৰো চিষ্টেমৰে অংশ৷লৰাই চিকিৎসাৰ নামত দোকান এখন খুলিছে৷ইনকাম পাতি বৰ ঠিক নহয় আজিকালি মানে আমাৰ এইফালে ডাক্তৰ লাগিব নেকি ডাক্তৰ হ’লগৈ৷পেঞ্চনৰ নামতটো খাতাং ঘোচ দিব লাগিব৷কোনো কথা নাই৷মই নিজেই অতবছৰ ঘোচ খালো নিজেই দিয়াতনো আপত্তি কি,দহ হাজাৰ মান নাপালে প্ৰাইমেৰী স্কুলৰ শিক্ষকৰে ফাইল পাছ নকৰে৷মইনো কোন কুটা৷অন্তত পেঞ্চনটো থাকিলে শেষৰ দিনকেইটা লৰাই নাচালে বৃদ্ধাশ্ৰমতে কটাব পাৰিম৷