নিমন্ত্ৰণ(ভৌতিক গল্প)

ঘৰত প্ৰতি দিনেই মা দেউতাৰ গালি-শপনি খোৱাৰ পিছটো মোৰ সন্ধিয়া হ’লেই আড্ডা দিবলৈ ওলাই যোৱা স্বভাৱৰ সমূলঞ্চেই পৰিবৰ্তন ন’হল৷মই আড্ডাবাজ কিন্তু উদণ্ড ওহো সেইটো মুঠেই নহয়৷আড্ডামানে আমাৰ ঘৰৰ গলিটো পাৰ হৈ এক কিঃমি মান গ’লেই প্ৰণৱহঁতৰ ৰূম৷প্ৰণৱ,নিবিড় আৰু প্ৰবীড় কেউটাই মোৰ কলেজীয়া দিনৰে সহপাঠী৷কলেজীয়া জীৱনৰ অন্তত মই সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিলো আৰু কোম্পানীৰ চাকৰিৰ তাগিদাত সিহঁত তিনিওটাই ঘৰৰ পৰা আতৰি আজি মহানগৰীৰ ভাড়াঘৰত মেছ কৰি আছে৷হোষ্টেলৰ দিনবোৰৰ দৰে আজিও সন্ধিয়া হ’লেই আমি গোট খাওঁ৷কেতিয়াবা ৰাজনীতি,কেতিয়াবা চলচিত্ৰ,কেতিয়াবা সংগীত মুঠতে আড্ডা জমি উঠে৷আপদীয়া বৰষুণজাকে সিদিনা ঘৰলৈ উভটি আহোতে মোক ভালকৈয়েই গাধুৱালে৷পৰিণতি জ্বৰ আৰু কাঁহ৷মাজেমাজে কাঁহটোৱে কিছু অসুবিধাত পেলায়৷আজি আবেলি পাকঘৰত চাহ খাই থাকোতে যিটোহে চৰ্চৰণি খালো ভাগ্য ভাল যে সিফলীয়া ন’হলো৷ঘৰত মাহঁতো নাছিল৷বিহুৰ বজাৰ কৰিবলৈ গৈছে৷যোৱা দুদিনধৰি জ্বৰৰ বাবে আড্ডা দিবলৈ যাব পৰা নাই৷আজি সন্ধিয়াৰ পৰা কিছু উপশম পাইছো৷গালি-গালাজ পাৰিবলৈ মাহঁতো নাই৷এয়াই সুযোগ৷বাহিৰত চিপচিপকৈ বৰষুণ পেলাবলৈ আৰম্ভ কৰিছিল৷কিন্তু সন্ধিয়াৰ মেহফিলৰ সুতীব্ৰ আকৰ্ষণত বেমাৰী দেহাই ৰাই-জাই কৰাত ছাতি এটা লৈয়েই ওলালো৷

আৰে!ঘৰৰ দুৱাৰত তলা নাই৷অথচ ৰূমটো অন্ধকাৰত বুৰ গৈ আছে৷ইহঁত গ’ল কেনি!দৰ্জাখন ঠেলা মাৰি খুলিলো৷“প্ৰণৱ-নিবিড়“ মই চৰাঘৰৰ পৰাই চিঞৰিলো৷“হেই!এই শণিপাতে সৱ বৰ্বাদ দিলে৷“শোৱনি কোঠাৰ লাইটটো জ্বলাই নিবিড় ভোৰভোৰাই ওলাই আহিল৷শোৱনি কোঠা মানে আড্ডাৰ প্ৰাণকেন্দ্ৰ পায়েই মোৰ ভীষণ হাঁহি উঠিল৷জ্বলন্ত কেণ্ডেল আৰু প্লেন চেট৷মই খিকখিকাই ক’লো,” হেৰৌ সেই কলেজীয়া দিনৰ পৰাই একেখন নাটক৷আত্মাটো নাহেই৷আজি আত্মাৰ সলনি মইহে ওলালো৷“ “হেৰৌ শণি তই আহিলি যেতিয়া এতিয়ানো আৰু ক’ৰ আত্মাটো আহিব৷আহিলেও তোৰ কামোৰ খাই আত্মা খাটাং মৰিব৷আজি ভাবিছিলো কিবাকৈ আত্মাই দৰ্শন দিব৷কিন্তু তই দিলি নহয় সিফালৰ পৰা চিঞৰি৷“ নিবিড়ে পুনৰ ভোৰভোৰাই উঠিল৷ মই বোলো,”থ হেৰৌ আত্মা বিশাৰদ৷ বুঢ়া হলি কিন্তু সেই কলেজীয়া দিনৰ ল’ৰাধেমালিবোৰ নগল ন’৷আত্মা-প্ৰেতাত্মা একো নাই৷সৱ ফাঁকি৷“ “নহয়,নহয় আমাৰ ঘৰৰ ফালে মানে………….” প্ৰণৱে আৰম্ভ কৰিছিলহে মাত্ৰ প্ৰবীৰৰ ফোনটো বাজি উঠিল৷য’তেই বাঘৰ ভয় ত’তে ৰাতি হয়৷আমাৰ ঘৰৰ পৰাই ফোন কৰিছে৷মোৰটোটো মই জানি-বুজিয়েই ঘৰত এৰি থৈ আহিছো৷নেটৱৰ্ক সাংঘাতিক বেয়া৷প্ৰৱীড়ে হেল্ল-হেল্ল বুলি ক’লে সিফালৰ পৰা উত্তৰ নাই৷উত্তৰমানে আৰু কি গুৱালগালি এসোপামান হ’ব৷পুনৰ ফোন বাজিল৷এইবাৰ প্ৰণৱৰ৷প্ৰণৱে দুবাৰমান হেল্ল-হেল্ল কৰি উত্তৰ নাপায় স্পীকাৰটো অন কৰি দিলে৷হয়তো মোৰ মানভঞ্জনংৰ যোগ পৰিছে৷এতিয়া আৰম্ভ হ’ব আচল বৰষুণ৷গুৱালগালিৰ বৰষুণ৷কিন্তু এয়া কি?

এফালে দেউতাৰ উচুপনি৷সিফালে মা আৰু ভন্টীৰ কান্দোনৰ ৰোল৷বুকুখন চিৰিংকৈ মাৰিল৷কিবা অঘটন ঘটা নাইটো৷দেউতাই কোনোমতে ক’লে“সি আৰু নাই!“ “কোন সি?“ আমাৰ সকলোৰে আচৰিত হোৱাৰ পাল৷ “তোমাৰ বন্ধু আৰু নাই৷আমি বজাৰলৈ গৈছিলো৷আহি দেখো পাকঘৰতে লুটি খাই পৰি আছে৷মুখেৰে এসোতা কেঁচা তেজ৷সেই আপদীয়া কাঁহটোৱেই তাৰ কাল হ’ল৷হয়তো উশাহ ঘুৰাব নোৱাৰি………..এইমাত্ৰ চাঙীত তুলিছো৷“ মই কিবা বুজি পোৱাৰ আগেয়ে এজাক তীব্ৰবেগী বতাহে মোক এক পোহৰৰ সুৰংগলৈ টানি লৈ গ’ল৷অন্তিম মূহূৰ্তত মাত্ৰ দেখা পালো শেতাপৰা কাগজৰ দৰে মোৰ তিনিও বন্ধুৰ বিবৰ্ণ মুখকেইখন৷মমবাতি ডাল নুমাই গৈছিল৷প্ৰণৱ ধলি পৰিছিল আৰু ক্ৰমে আন এজন প্ৰণৱকো বতাহজাকে মোৰ সৈতে সুৰংগটোলৈ উৰুৱাই নিছিল৷হয়তো সেই আপদীয়া কাঁহটো,আবেলিৰ চৰ্চৰণিটো,হয়তো দেহা নহয় আত্মাটোৱে ৰাই-জাই কৰিছিল,কাৰণ সিহঁতে হয়তো সেই সময়তে আত্মা নিমন্ত্ৰণৰ পৰ্বৰ……….

মাতৃভাষাৰ মহত্ত্ব

দক্ষিণাত্যৰ সেই যুৱতীগৰাকীৰ আমাৰ গৃহজিলাৰ উপায়ুক্ত ৰূপে সেইদিনা অন্তিমটো দিন৷ৰাজকীয় বিদায় সভা৷অসমীয়া কৰ্মচাৰীয়ে ইংৰাজী নতুবা হিন্দীত উপায়ুক্ত মহোদয়াৰ কৰ্তব্যনিষ্ঠাক বাহ-বাহ দিছে৷অন্তত তেওঁ ভাষণ দিবলৈ মঞ্চত ঠিয় হ’ল আৰু বিশুদ্ধ অসমীয়াত ক’লে,”যেতিয়ালৈকে আপোনালোকে নিজৰ ৰাজ্যতেই মাতৃভাষাক অনাদৰ কৰিব আপোনালোকৰ কোনো কালেই উন্নতি নহয়৷মই দক্ষিণাত্যৰ পৰা আহি অসমীয়া শিকিলো আৰু এই সভাৰ প্ৰতিজনেই অসমীয়া জানে৷সেয়ে এই বিদায়বেলাত অসমীয়া ভাষাক অসমীয়াই এলাগী কৰাত মই বৰ দুখ পালো৷“

সময় কা বিৰোধী আন্দোলনৰ অন্তিম পৰ্ব৷কা বিৰোধী আন্দোলনৰ সমলোচনাৰে মুখৰ এজনে মোৰ সৈতে কথা পাতি গেলামালৰ দোকানত সোমাই হিন্দীভাষী কৰ্মচাৰীক চাউল দাইলৰ তালিকাখন ভঙা-ভঙা হিন্দীত ক’লে আৰু কৰ্মচাৰীজনে বিশুদ্ধ অসমীয়াত মূল্যৰ হিচাপ দাখিল কৰিল৷ঘুৰি আহোতে মই ক’লো,” এই আন্দোলন বিফল হ’ব৷”তেওঁ উৎসাহেৰে ক’লে,”মই আগেয়ে জানিছিলো৷“ মই হুমুনিয়াহ কাঢ়ি ক’লো,”মই নাজানিছিলো৷সেয়ে মই মোৰ বহুমূলীয়া সময় ব্যয় কৰিলো৷কাৰণ আপোনাক আজি সৌভাগ্যক্ৰমে লগ পায় মোৰ জ্ঞান চকু মুকলি হ’ল৷“

যোৰহাটৰ টোকোলাই চাহ গৱেষণাগাৰলৈ এজন প্ৰখ্যাত প্ৰযুক্তিবিদ আহিছিল৷তেওঁৰ ভাষণৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন সোধাৰ পাল৷আমি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত খিচিৰি খাই ডাঙৰ হোৱা ল’ৰা৷ইংৰাজীত সুধিবলৈ যাওঁতেই লাগিল নহয় কেণাটো৷সভাগৃহত হাঁহিৰ ৰোল উঠিল৷মই সেইফালেই তাপ মাৰিলো৷সেই মহানপ্ৰযুক্তিবিদজনে আসনৰ পৰা ঠিয় হ’ল আৰু ক’লে,”এই প্ৰশ্নটো ছাত্ৰজনে মাতৃভাষাত সোধক,কোনো এজনে অনুবাদ কৰক,প্ৰশ্নৰ উত্তৰ দিয়া মোৰ কৰ্তব্য৷“হওঁতে প্ৰযুক্তিবিদজনৰ জেদ প্লাছ ছিকিউৰিটি আছিল কিন্তু সভাৰ অন্তত তেওঁ জেদ প্লাছ চিকিউৰিটি ত্যাগ কৰি ছাত্ৰ-ছাত্ৰীৰ কাষ পালেহি৷মোক কৰ্মদন কৰি ইংৰাজীতে ক’লে,”তুমি যিটো ভাষাত সহজ অনুভৱ কৰা তাতেই প্ৰশ্ন কৰিবা৷প্ৰশ্নৰ কৰাটো শিক্ষা অৰ্জনৰ প্ৰাথমিক চৰ্ত৷“ সেইদিনটোৱেই হয়তো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ দিন আছিল কাৰণ সেইদিনা উচ্চশিক্ষিত অসমীয়াই মোৰ ভগা-ভগা ইংৰাজী শুনি গিৰ্জনি মাৰি হঁহাৰ পিছতো প্ৰথমেই নিজৰ হাতখন আগবঢ়াই মোৰ সৈতে কৰ্মদন কৰা সেই মহান প্ৰযুক্তিবিদজন আছিল ভাৰতৰ মিছাইল মানৱখ্যাত ভাৰতৰত্ন ড° এ পি জে আব্দুল কালাম৷যিদিনা মই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তৰ্কত ইংৰাজীত ভাষণ দি শ্ৰেষ্ঠ বাকপটু অংশগ্ৰহণকাৰীৰ সন্মান পাইছিলো তেতিয়া সেই মহান প্ৰযুক্তিবিদজনে এই দেশ এৰি ঈশ্বৰৰ সম্ৰাজ্যলৈ উভটি গৈছিল আৰু তেওঁৰ সেই অনুপ্ৰেৰণামূলক বাণীক সুঁৱৰি মই দিল্লীস্থিত অসম ভৱনৰ মোৰ কোঠাত চকুলো টুকিছিলো৷জানুৱাৰী মাহৰ ৰাষ্ট্ৰপতি ভৱনৰ ভ্ৰমণ কালত যেতিয়া মই সংগ্ৰাহালয়ত কালাম চাহাবে বজোৱা বীণাখন দেখিছিলো মোৰ চকুহাল পুনৰ সেমেকি উঠিছিল আৰু গুৰুদক্ষিণাৰ ৰূপত সেই বীণাখনকে প্ৰণাম কৰিছিলো আৰু কালিৰ পৰা যেতিয়াই সামাজিক মাধ্যমত বিদ্যালয়ত হিন্দী ভাষাৰ বলবৎকৰণক লৈ অসমীয়াৰ নিৰ্ল্লজ সমৰ্থন দেখিছো প্ৰতিবাৰেই মোৰ চকুহাল সেমেকি উঠিছে আৰু এতিয়াও চকুৰে লোটক বৈছে৷হয়তো দাক্ষিণাত্যৰ উপায়ুক্ত গৰাকী আৰু কালাম চাহাবেও অসমীয়াৰ এই দুৰ্দিন দেখিলে চকুলো টুকিব৷অগ্নিকবিঅম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়াৰ এনে নিৰ্লজ্জতা দেখা হ’লে হয়তো এই ধৰাতে নৰক যন্ত্ৰণা ভুগিলেহেঁতেন৷মই হিন্দী,ইংৰাজী বা আন কোনো ভাষাৰ বিৰোধী নহয়৷কিন্তু হিন্দী কি অসমৰ বিদ্যালয়ত অসমীয়া বাধ্যতামূলক কৰিলেও মই প্ৰতিবাদ কৰিম৷অসমীয়া অসমৰ সংযোগী ভাষা কিন্তু সকলোৰে মাতৃভাষা নহয় আৰু আমাৰ এনে মইবৰ ভাষিক গোড়ামিৰ বাবেই সাতভনী গুচি সাত সতিনী হ’ল৷লেনিনে কৈছিল,”যেতিয়ালৈকে ছোভিয়েটত যিকোনো ভাষিকগোষ্ঠীৰ অন্তিমজন ব্যক্তিও জীয়াই থাকিব তেওঁ মাতৃভাষাতেই শিক্ষাৰ অধিকাৰ লাভ কৰিব৷“ কোনো বিষয় বিশেষকৈ ভাষাৰ জ্ঞান বলপূৰ্বকভাৱে জাপি দি কাকো শিক্ষিত কৰিব নোৱাৰি৷যি জাতিয়ে নিজৰ ভাষা,সংস্কৃতি,ইতিহাসক মূল্য দিব নাজানে সেই জাতি এদিন নিজেই গোলামৰ ইতিহাসত পৰিণত হ’ব৷এদিন হয়তো শেষ পাঠৰ কপৌহালে অসমীয়া বিদ্যালয়ৰ মুধছত হিন্দী ভাষাত ৰুণ দিব নতুবা ইংৰাজীত৷সপোন মানুহে মাতৃভাষাতেই দেখে অৱশ্যে তিনি-চাৰি দশক অন্তত হয়তো অসমীয়াই ইংৰাজীটো দেখিব পাৰে৷আধুনিক বিজ্ঞানে সপ্তম মানলৈকে মাতৃভাষাৰ শিক্ষাক পোষকতা কৰে আৰু আৰ্ন্তজাতিক মাতৃভাষা দিৱসত আমি ইংৰাজীত শুভেচ্ছা জনাও৷আমি ইমানেই উলংগ জাতি বিহুৰ শুভেচ্ছাৰ পৰিবৰ্তে আমি হেপ্পী বিহু বোলো৷১৯৪৭ ৰ ১৫ আগষ্টত এই দেশ স্বাধীন হ’ল আৰু স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইংৰাজীতে স্বাধীনতাৰ শুভেচ্ছা জনালে৷স্বাধীনতাৰ হীৰক জয়ন্তী হ’ব কিন্তু কি অসমীয়া কি ভাৰতীয়(দাক্ষিণাত্যয়ো ইংৰাজীহে কয়৷) আমি ভাষিক গোলামীৰ পৰা মুক্ত ন’হলো৷কিন্তু চীন হ’ল সেয়ে চীনৰ সন্মুখত আজিও বিশ্বগুৰু নতশিৰ হৈ থাকে৷

আবৃত্তিঃপেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি (একাদশ খণ্ড)

(ভয় আৰু ভূত)

ঘটনাটো মোৰ মামাৰ সৈতে হৈছিল৷৯০ দশকৰ কথা ইলেকশ্যনৰ ডিউটি সামৰি প্ৰায় শেষ নিশা ঘৰলৈ উভতিছে৷ঘৰ পাবলৈ আৰু প্ৰায় আধা কিঃমি মান বাকী৷সেইখিনিতে দুদিনমানৰ পূৰ্বে এজন ডেকাই আত্মহত্যা কৰিছিল৷কথাটো মনত পৰিয়েই মামাৰ গাৰ নোম শিয়ৰি উঠিল৷যতেই বাঘৰ ভয় তাতেই ৰাতি হয়৷মাজৰাস্তাত দুটা অঙঠা সদৃশ চকু৷প্ৰচণ্ড চিৎকাৰ পোনছাটেই ইউ টাৰ্ন ল’লে৷মামাৰ চিৎকাৰ শুনি মানুহে জুম বান্ধিলে আৰু ঘটনাৰ গতি-গোত্ৰ বুজি অৱশেষত সকলোৱে চাপৰি বজাই হাঁহিবলৈ ধৰিলে৷ৰাস্তাত এটা ভোবোলা ছাগলী বহি আছিল আৰু বাইকৰ হেডলাইটৰ কৃপাত ভোবোলাৰ চকু অঙঠা পৰিণত হৈ প্ৰেতাত্মাৰ বীভিষিকাত পৰিণত হৈছিল৷

বহুতো মানুহেই চিলমিল টোপনিত হঠাৎ এনে অনুভৱ কৰে তেওঁৰ সমগ্ৰ শৰীৰ জঠৰ হৈ পৰিছে,চিঞৰিবৰ চেষ্টা কৰিও বাৰে-বাৰে বিফল হ’য় আৰু এনে লাগে যেন কোনো ছায়ামুৰ্ত্তিয়ে বুকুত বহি হেঁচা মাৰি ধৰিছে৷এয়া পেৰানৰ্মেল নহয় নৰমেল শ্লিপিং পেৰালাইছিচ৷বুকুত হাত দি শোৱাৰ বাবে মগজুলৈ ৰক্তসঞ্চালন হ্ৰাস পোৱাৰ বাবে আপোনাৰ সেই সময়ত এনে অনুভৱ হয় আৰু আপুনি ভ্ৰমৰ সাক্ষী হয়৷সেয়ে কাতি হৈ শোৱক কাৰণ তেতিয়া বুকুত হাত দিয়াৰ প্ৰশ্নই নাহে৷

প্ৰেতাত্মাই নুপুৰ নিপিন্ধে আপুনি দোপৰ নিশা ৰুণজুন নুপুৰৰ যদি পদধ্বনি শুনিছে আতংকিত হোৱাৰ পৰিবৰ্তে এক বিশেষ শ্ৰেণীৰ পতংগৰ দ্বাৰা সম্পাদিত সুমধুৰ সুৰ শুনি নিশ্চিন্তে টোপনি মাৰক৷

হয়তো আপুনি প্ৰায়েই এটা সপোন দেখে৷খোজ কাঢ়ি গৈ আছিল৷হঠাৎ বহু তললৈ সৰি পৰিল ইয়াৰ বাবে প্ৰেতাত্মা নহয় আপোনাৰ দুৰ্বল স্নায়ুতন্ত্ৰ জগৰীয়া৷স্নায়ুতন্ত্ৰক পুনৰ সৱল কৰিবলৈ নিয়মিত ধুম্ৰপাণ আৰু মদ্যপানৰ বদ অভ্যাস ত্যাগ কৰি স্নায়ুতন্ত্ৰক সৱল কৰা মাল্টিভিটামিন যেনে নিউৰ’ভিয়ন বা যিকোনো “Methycobalamine” formulation ৰ ঔষধ আৰু সেউজীয়া শাকপাচলি তথা বতৰৰ ফল মূল খাওঁক৷

যদি কোনো বাবাজীয়ে আপোনাক নেমু কাটি ৰক্তৰ তপত টোপাল বা চুলিত হাত ফুৰাই মহাদেৱৰ প্ৰসাদ বুলি ভস্ম প্ৰদান কৰি মাননি বিচাৰে হাতত আইন তুলি নলৈ আৰক্ষীক গটাই দিয়ক৷বাবাজী নিশ্চয় একালৰ ৰসায়নৰ ছাত্ৰ আছিল চাকৰি নাপায় আজি ভণ্ড বাবাত পৰিণত হ’ল৷

যদি ভূত লম্ভা বা দেৱ-দেৱী লম্ভা মানুহৰ কাষলৈ নিয়াৰ পিছতো কম্পাছে দিশ পৰিবৰ্তন কৰা নাই তেন্তে প্ৰথমে লকআপ আৰু যদি থাৰ্ড ডিগ্ৰী খায়ো মুখ নোখোলে তেনেহ’লে হিষ্টেৰিয়া ৰোগৰ বাবে মানসিক চিকিৎসালয়৷

ব্লাডী মেৰী আৰু ইলুমিনাটি বুলি এই দুনীয়াত একো নাই৷নিশা মই নিজেই আইনাৰ সন্মুখত ঠিয় হৈ শোৱাৰ পূৰ্বে মুৰ ফণীয়াও আৰু প্ৰেতাত্মা কেৱল নিশা দুই-তিনিবজাৰ মাজত নোলায়৷ভৰদুপৰীয়াও ওলাব পাৰে অৱশ্যে নিশাৰ সেই সময়ত বডি ক্লক আৰু হৰমোনৰ প্ৰভাৱত আমাৰ দৃষ্টিবিভ্ৰম হ’ব পাৰে অথবা প্ৰেতাত্মাই আপোনাৰ দুৰ্বলতাৰ সুযোগ ল’ব পাৰে৷

আমি যিমান পেৰানৰ্মেল অভিজ্ঞতাৰ আবৃত্তি শুনো তাৰেই নব্বৈ শতাংশৰে কাৰণ nyctophobia(আন্ধাৰৰ প্ৰতি থকা ভয়),ছাটোকে বাঘ দেখাৰ দুৰ্বল মানসিকতা আৰু বিশ্লেষণ তথা দুৰদৰ্শিতাৰ অভাৱ৷এজনে “conjuring” চায় ৰাতি পায়জামাত প্ৰস্ৰাৱ কৰি দিলে কাৰণ তেওঁৰ পানী খোৱা গিলাচটো নিজেই চুচৰি গৈছিল সেইদিনা প্ৰকৃতাৰ্থত তেওঁ মোৰ ঘৰত আছিল আৰু গেষ্ট ৰূমৰ টেবুলখন এধলীয়া আছিল সন্ধিয়া তেওঁ বস্তাকেইটামানক বগা গ্ৰাউন পিন্ধা ভূত বোলাৰ পৰাই মই সকীয়াই আছিলো৷ভয় এক “negative energy”যি আপোনাক প্ৰেতাত্মাৰ সহজ চিকাৰ কৰাই নহয় বৰঞ্চ নিজৰ দোষত হাৰ্টফেইল কৰি আওমৰণে মৰি আপুনিহে প্ৰেতাত্মা হৈ শেষত আনক ভয় খুৱাব৷যদি আপুনি বেৰৰ ফালে মুখ কৰি বেৰত লাগি শোৱে নিজৰ নাকে বজোৱা বাদ্যযন্ত্ৰৰ প্ৰতিফলনকে মাজনিশা প্ৰেতাত্মাৰ নিশ্বাস বুলি ভাবি আপুনিও আৰ্তনাদ কৰি উঠিব৷
ধোৱা মানেই ”Orbs” নহয় হয়তো আপোনাৰ কেমেৰাৰ লেঞ্চটো কুৱলীৰ প্ৰভাৱ পৰিব পাৰে৷কুৱলীৰ সৈতে হাড় কপোৱা শীতৰ আকস্মিক আগমনহে “Orbs”৷

যদি প্ৰাকৃতিক বিশ্লেষণৰ অবিহনে বিদ্যুৎচুম্বকীয় ক্ষেত্ৰ,কোঠাৰ তাপমান আৰু বতাহত সুগন্ধ তথা দুৰ্গন্ধৰ আগমন হোৱা নাই তেন্তে সেয়া ভূত নহয় ভয়ে সৃ্‌ষ্টি কৰা ভূত মাত্ৰ৷ডাকিনী বা ডাইনী তেজমঙহৰ মহিলা নহয় আৰু ডাইনী নহয় বেক্টেৰিয়া-ভাইৰাছ তথা পৰিচ্ছন্নতাৰ অভাৱতহে মহামাৰী হয়৷ডাইনীৰ নামত তেজ-মঙহৰ মানুহক জ্বলাই হত্যা কৰাও মহামাৰীয়েই মানসিক মহামাৰী৷

আবৃত্তিঃপেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি(দশম খণ্ড)

মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷মই আবৃত্তিঃপেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপিৰ প্ৰথম খণ্ডতেই কৈছিলো “Paranormal are absolutely normal phenomenon but quite different from the normal one” মই পেৰানৰ্মেল এক্সপাৰ্টৰ লগতে জীৱ আৰু কৃষি ৰসায়নৰ গৱেষক ছাত্ৰ৷সেয়ে মোৰ আনুষ্ঠানিক শিক্ষাৰ জীৱবিজ্ঞানৰ “Morphology”(বাহ্যিক শৰীৰ বিজ্ঞান),”Anatomy”(শৰীৰৰ অন্তভাগৰ অধ্যয়ন),”Physiology”(শৰীৰ প্ৰতিটো ক্ৰিয়া-বিক্ৰিয়া),”Drug Designing”(ঔষধৰ প্ৰস্তুতকৰণ),“Forensic Science” (পোষ্টমোৰ্টেম আদিৰ) সৈতে বিশেষ সমন্ধ আছে৷

      পুনৰ কৈছো আমাৰ মস্তিস্কই সমাধান কৰিব নোৱাৰা প্ৰতিটো সমস্যাই পেৰানৰ্মেল৷যেতিয়ালৈকে মাইক্ৰস্কোপ বা অনুবীক্ষণ যন্ত্ৰৰ আৱিস্কাৰ হোৱা নাছিল মানুহে কলেৰা ৰোগক এক অভিশাপ বুলি ভাবিছিল,কিন্তু “Antibiotic” ৰ উদ্ভাৱনৰ লগে-লগে এসময়ত এখন গাওঁ উচন কৰা কলেৰা আজি নিচেই সাধাৰণ ৰোগ হৈ পৰিল৷ আদিম কালত মানুহে গাজনি-ধেৰেকনি-ব্ৰজপাতক দেৱতাৰ ক্ৰোধ বুলি গণ্য কৰিছিল কিন্তু “Electrostatics” ৰ সূত্ৰই প্ৰমাণ কৰিলে এয়াটো সাধাৰণ পৰিঘটনা৷সেয়ে যদিও বিষয়টোৰ নাম “Parasychology” ইয়াৰ সাৰাংশ এয়াই প্ৰতিটো “Paranormal Activity” প্ৰাকৃতিক আৰু ইয়াৰ আৰতো প্ৰাকৃতিক কাৰক তথা শক্তি নিহিত হৈ আছে যাক আমি বুজিবলৈ সক্ষম হোৱা নাই আৰু আমি আশাবাদী হয়তো এদিন আমি এই সকলোবোৰৰে কাৰণ বিশ্লেষণ কৰি “Paranormal” ৰ আতংকৰ পৰা মুক্ত হ’ব পাৰিম আৰু সকলো অতিপ্ৰাকৃতিক ঘটনা ৰাজিয়েই প্ৰাকৃতিক ঘটনাত পৰিণত হ’ব৷


        
            পেৰানৰ্মেল চাইন্স বা পেৰাচাইক’লজিত কাৰণ বিশ্লেষণৰ দ্বাৰা সমস্যাৰ সমাধান কৰা হ’য় আৰু সেই সকলোবোৰ কাৰণ আৰু সমাধানৰ প্ৰাসংগিকতা আমি আধুনিক বৈজ্ঞানিক আহিলা,তথ্য,প্ৰমাণসহ ডাঙি ধৰে৷এজন প্ৰকৃত সাধকেও এনে সমস্যাৰ কাৰণ জানে আৰু ফলপ্ৰসূ সমাধানো দিয়ে কিন্তু তেওঁ গুপ্তবিদ্যাক দোহাই দি কোনো তথ্যই ৰাজহুৱা নকৰে৷অৱশ্যেই সাধকেই বোলা কিম্বা “Paranormal Expert” উভয় দিশতেই আজিৰ তাৰিখত দগাবাজৰ সংখ্যাই অধিক৷

            ভাৰত অতিপ্ৰাকৃতিক ৰহস্যৰ উদঘাটনৰ ইতিহাস অতি প্ৰাচীন প্ৰাকবৈদিক কালৰ পৰাই চলি আহিছে৷কিন্তু সেই বৈদিক বিধিৰ আধুনিক সংস্কৰণ “Paranormal Science” ক “Paranormal Society of India” ৰ গঠনৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা প্ৰধানতম ব্যক্তিজনেই হ’ল “গৌৰৱ তিৱাৰী“ প্ৰাচীন বিদ্যাৰ এক বিবৰ্তিত ৰূপেই হ’ল “Paranormal Science”৷যন্ত্ৰৰ ব্যৱহাৰ সুদুৰ অতীতৰ পৰাই হৈ আহিছে৷যন্ত্ৰৰ অবিহনে তন্ত্ৰ সাধনা সম্ভৱেই নহয়৷ৰাহু যন্ত্ৰ,মংগল যন্ত্ৰ,বগলামুখী যন্ত্ৰ আদিৰ কথা হয়তো আমাৰ মাজৰ বহুজনেই জানে৷এনে প্ৰাচীন যন্ত্ৰৰ এক বিশেষ জ্যামিতি থাকে আৰু প্ৰতিটো জ্যামিতিয়েই পৃথক প্ৰকাৰৰ শক্তিক আকৰ্ষণ নতুবা বিকৰ্ষণ কৰে৷কিন্তু আজিৰ তাৰিখত পদাৰ্থবিজ্ঞানৰ উত্তৰণৰ ফলশ্ৰুতিত আমি বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ সহায়েৰে অশৰীৰ শক্তিক জটিল জ্যামিতিৰ অবিহনেই আকৰ্ষণ বা বিকৰ্ষণ কৰিবলৈ সক্ষম৷প্ৰতিটো শক্তিৰে এখন নিৰ্দিষ্ট বিদ্যুৎ চুম্বকীয় শক্তি থাকে৷বিদ্যুৎ শক্তিও অদৃশ্য অশৰীৰ দৰে৷অশৰীৰ বা যিকোনো প্ৰাকৃতিক বা অতিপ্ৰাকৃতিক শক্তিৰ বিদ্যুৎচুম্বকীয় ক্ষেত্ৰ আৰু আৰু EMF মিটাৰৰ বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ হয়৷যদি সেই আকৰ্ষণ বা বিকৰ্ষণৰ কোনো প্ৰাকৃতিক বাখ্যা নাথাকে তেতিয়া আমি মানি লও যে সেই স্থানত এক অশৰীৰ শক্তি আছে হয়তো দৈৱিক অথবা আসুৰিক৷মানুহে মাত্ৰ ২০-২০০০০ Hz ৰ মাজৰ শব্দ তৰংগহে শুনে৷২০ Hz ৰ তলৰ শব্দ তৰংগক অৱশ্যে কুকুৰ-মেকুৰীয়ে শুনা পায় আৰু সেয়ে অশৰীৰৰ হয়তো কন্ঠস্বৰ সিহঁতে শুনা পাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷আমাৰ চকুৱে মাত্ৰ “400-700 ” nm তৰংগ দৈৰ্ঘ্যৰ ৰশ্মিকহে দেখে৷UV,X ray,Gama Ray সেই “Visible Sprectrum(VIGYOR) ৰ অৰ্ন্তগত নহয় বাবে আমি নেদেখো তাৰ অৰ্থ এয়া নহয় যে UV,X ray, Gama ray আদি বাস্তৱত নাই৷ধৰা হ’ল আপোনাক মই এখন ফটো ফ্ৰেমৰ ফটো ৰূপে আবদ্ধ কৰি ৰাখিছো এতিয়া মই যেতিয়া স্বইচ্ছাৰে সেই ফটোখনৰ সন্মুখলৈ আহি ঠিয় হ’ম তেতিয়াহে আপুনি মোক দেখিব কিন্তু মই আপোনাক সেই ফটোখন থকা কোঠাটোৰ যিকোনো দিশৰ পৰা চালেই দেখা পাম৷কাৰণ মই 4 th dimension ত (including time) আছো আৰু আপুনি 3 rd Dimension ত৷সেয়ে দিঠকত আমি প্ৰেতাত্মাক মাত্ৰ তেতিয়াহে দেখা পাওঁ যেতিয়া প্ৰেতাত্মা আমাৰ সন্মুখলৈ স্বইচ্ছাৰে আহে৷
    

ইমান দীঘলীয়া পাতনি মেলাৰ মূলতেই হ’ল আজি মই এক ৰহস্যময়ী আৰু জটিল বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছো৷মই নকও যে মোৰ কথাই অন্তিম সত্য এয়া এক “Hypthesis” মাত্ৰ মোৰ দৃষ্টিত যাৰ সত্য হোৱাৰ সম্ভাৱনা প্ৰায় ৭০-৭৫%৷ ভাৰতীয় পেৰাচাইক’লজিৰ পিতৃপুৰুষ গৌৰৱ তিৱাৰীৰ মৃত্যু এক অন্তহীন ৰহস্য৷অতিপ্ৰাকৃতিক শক্তিৰ ৰহস্য উদঘাটনেই যিজন মহান ব্যক্তিৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য আছিল দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যুৰ ৰহস্য আজি পৰ্য্যন্ত উদঘাটন ন’হল৷

সেই অভিশপ্ত দিনটো আছিল ৮ জুলাই ২০১৬৷আন দিনাৰ দৰেই গৌৰৱ তিৱাৰীয়ে প্ৰাতস্নানৰ বাবে স্নানাগাৰত সোমাইছিল৷হঠাৎ স্নানাগাৰৰ পৰা কিবা সৰি পৰাৰ দৰে এটা শব্দ ভাহি আহিল৷সেই শব্দ শুনি হয়তো গৌৰৱ তিৱাৰী স্নানাগাৰত পিছলি পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি ভাবি যেতিয়া তেওঁৰ পৰিয়ালৰ সদস্যই সম্ভৱত দুৱাৰ ভাঙি স্নানাগাৰৰ ভিতৰত প্ৰৱেশ কৰিল তেওঁলোকে দেখে যে গৌৰৱ তিৱাৰী মূৰ্চ্ছিত অৱস্থাত মজিয়াত পৰি আছে৷গৌৰৱ তিৱাৰীক যেতিয়া চিকিৎসালয়লৈ লৈ যোৱা হ’ল তেতিয়ালৈকে বহু পলম হৈ গৈছিল৷কিছুসময়ৰ পূৰ্বে লেপটপৰ সন্মুখত বহি মেইল চেক কৰি থকা এজন সম্পূৰ্ণৰূপে সুস্থ যুৱক ঘন্টাচেৰেকৰ অন্তত এক নিস্প্ৰাণ মৃতদেহত পৰিণত হৈছিল৷

পোষ্টমৰ্টেমৰ ৰিপোৰ্ট অনুসৰি শ্বাসৰূদ হৈ(শ্বাসনলীত অক্সিজেনৰ যোগান ব্যাহাত হোৱাৰ ফলত) গৌৰৱ তিৱাৰীৰ মৃত্যু হৈছিল৷মই প্ৰথমেই কৈছো ফৰেনছিক বিজ্ঞান মোৰ আনুষ্ঠানিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু মোৰ সীমিত জ্ঞানে ইয়াকে কয় যে চিকিৎসকজনৰ ৰিপোৰ্ট এশ শতাংশই শুদ্ধ৷ফৰেনচিক বিশেষজ্ঞ চিকিৎসক জনে সন্দেহ প্ৰকাশ কৰিছিল যে চিপ লোৱাৰ বাবে হয়তো গৌৰৱ তিৱাৰীৰ মৃত্যু হৈছিল৷কাৰণ তেওঁৰ নিথৰ শৰীৰ ডিঙিৰ মধ্যম অংশক এক ৰঙা-ক’লা দাগৰ বাহিৰে শৰীৰৰ বাহ্যিক তথা আভ্যন্তৰীণ অংশত কোনো আঘাতৰ চিন নাছিল৷শৰীৰত কোনো বিষাক্ত দ্ৰব্য, “Sudden Organ Failure” বা পানীত ডুবি মৃত্যু হোৱাৰ প্ৰমাণো পোষ্টমৰ্টেমত পোৱা ন’গল৷পোষ্ট মৰ্টেমৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে সেয়া সাধাৰণ আত্মহত্যাৰ ঘটনা আখ্যা দি ফাইলটো ক্ল’জ কৰি দিলে৷আৰক্ষীৰ সন্দেহ পত্নীৰ দোপাৰ্ট্ৰাৰে চিপ লৈ গৌৰৱ তিৱাৰীয়ে আত্মহত্যা কৰিছিল৷কিন্তু যিকোনো ফৰেনছিক বিশেষজ্ঞই এই কথা স্বীকাৰ কৰিব কাপোৰ নহয় ফাচী কাঠৰ জৰীৰ দৰে মজবুট জৰীৰে ফাঁচী ল’লেহে ডিঙিত এনে দাগ পৰে৷কিন্তু তেনে কোনো ফাঁচীৰ জৰী সেই স্নানগাৰত নাছিল৷

যোৱাবছৰৰ কথা দুৰ্ভাগ্যবশতঃ মোৰ নিজৰ অসাৱধানতাৰ বাবেই “Demonic Spirit” ৰ আবাস এক অভিশপ্ত কোঠা যাৰ দুৱাৰক মই স্পৰ্শ কৰিছিলো তেতিয়া মোৰ হাতৰ তলুৱাত(ফটোখন লিখাৰ সৈতে গাঠি দিয়া হৈছে) একাধিক ৰঙা-ক’লা দাগ পৰিছিল৷মোৰ হাতৰ দাগবোৰৰ সৈতে যদি আপুনি গৌৰৱ তিৱাৰীৰ ডিঙিৰ সেই বিশেষ দাগটোৰ তুলনা কৰে(ইন্টাৰনেটত সেই ফটোখন সহজেই উপলভ্য আৰু হয়তো পোষ্টমৰ্টেমৰ ফটোৱে বহুতো লোকক আতংকিত কৰিব পাৰে বাবে মই ফটোখন ইয়াত গাঠি দিয়া নাই) দেখিৱ সেই দাগটো মোৰ হাতৰ দাগবোৰৰ তুলনাত বহু বেছি গাঢ়৷সেই পাতলীয়া দাগবোৰ মুৰ হাতত পৰাৰ পিছত মই প্ৰায় তিনিমাহৰ নৰক যন্ত্ৰণা ভুগিছিলো কিন্তু গৌৰৱ তিৱাৰীৰ ডিঙিৰ দাগবোৰ মোৰ তুলনাত যঠেষ্ট গাঢ় অৰ্থাৎ মই সন্মুখীন হোৱা “Demonic Spirit” তকৈ গৌৰৱ তিৱাৰী সন্মুখীন হোৱা “Demonic Spirit” অধিক শক্তিশালী৷আপুনি যদি গৌৰৱ তিৱাৰীৰ পুৰণি ভিডিঅ’ চাই তেন্তে দেখিৱ তেওঁ প্ৰায়েই কৈছিল মানৱ দেহা আৰু “Demonic Spirit” ৰ মাজত হোৱা “energy change” ৰ বাবে আমাৰ শৰীৰত এনে দাগ বা আচোৰ পৰে আৰু তেওঁ ইয়াকো কৈছিল যে যেতিয়া কোনো অতি শক্তিশালী “Demonic Spirit” য়ে চিকাৰক ডিঙি চেপি হত্যা কৰে তেতিয়াও তেওঁৰ ডিঙিত এনে দাগ পৰে৷ডিঙি চেপা দিলে শ্বাসনলীত অক্সিজেনৰ যোগান ব্যাহাত হৈ শ্বাসৰুদ্ধতাৰ চিকাৰ হৈ ভুক্তভোগীৰ মৃত্যু হ’য় কিন্তু ডিঙিত তেনে কোনো চাপ নপৰ (ফৰেনছিক চাইন্স), মজবুত জৰীৰে ফাচী ল’লেও ব্যক্তিৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হ’য় কিন্তু তাৰ বাবে অন্তত “short drop”(আত্মহত্যাৰ ক্ষেত্ৰত) ৰ ক্ষেত্ৰত ১০-৩০ মিনিট ওলমি থকাৰ প্ৰয়োজন (ফৰেনছিক চাইন্স)৷কিন্তু গৌৰৱ তিৱাৰীৰ স্নানাগাৰত না কোনো জৰী আছিল না তেওঁৰ মৃতদেহ ওলমি আছিল৷তেওঁ স্নানাগাৰৰ দুৱাৰ বন্ধ কৰাৰ প্ৰায় পোন্ধৰ মিনিট মানৰ ভিতৰতে তেওঁ সৰি পৰাৰ শব্দ পৰিয়ালৰ সদস্যই শুনা পাইছিল৷এজন ব্যক্তিয়ে চিলংত ৰচী বান্ধি(ধৰিলো আৰক্ষীয়ে কোৱাৰ দৰে দোপাট্ৰা বান্ধি),টুলত উঠি,ডিঙিত ৰচী লগাওতেই দহ মিনিট লাগিব৷তাৰ পিছত তেওঁৰ মৃত্যু হ’বলৈ অন্তত দহ মিনিট ওলমিব লাগিব৷কিন্তু পাঁচমিনিটৰ ভিতৰতেই তেওঁ সৰি পৰিছিল সেয়ে ফৰেনছিকৰ ভিত্তিত আৰক্ষীৰ অন্তিম সত্য মুঠেই সত্য নহয়৷মোৰ ব্যক্তিগত অভিজ্ঞতা লগতে গৌৰৱ তিৱাৰীৰ ভিডিঅ’ দুয়োটাই এই কথাই কয় প্ৰেতাত্মাৰ দৰে “Demonic Spirit” য়ে ভ্ৰমৰ সৃষ্টি নকৰে আমাক সঁচাকৈয়ে আঘাত কৰে,সেই চিনি প্ৰায় মটীয়া ৰঙা বা ৰঙা ক’লা৷আত্মা যিমানেই শক্তিশালী হ’ব আচোৰ বা আঘাতৰ দাগৰ ৰঙো সিমানেই গাঢ় হ’ব৷গৌৰৱ তিৱাৰী মৃত্যুৰ আগমূহূৰ্তলৈকে শাৰীৰিক ভাৱে কৰ্মক্ষম তথা নিৰোগী আছিল৷তেওঁৰ অৰ্থনৈতিক অৱস্থাও সুস্থিৰ আছিল আৰু মাত্ৰ কিছুদিন পূৰ্বে তেওঁ এক সুখী দাম্পত্য জীৱনৰ আৰম্ভণি কৰিছিল৷যোৱাবছৰৰ কথা দুৰ্ভাগ্যবশতঃ মোৰ নিজৰ অসাৱধানতাৰ বাবেই “Demonic Spirit" ৰ আবাস এক অভিশপ্ত কোঠা যাৰ দুৱাৰক মই স্পৰ্শ কৰিছিলো তেতিয়া মোৰ হাতৰ তলুৱাত(ফটোখন লিখাৰ সৈতে গাঠি দিয়া হৈছে) একাধিক ৰঙা-ক’লা দাগ পৰিছিল৷মোৰ হাতৰ দাগবোৰৰ সৈতে যদি আপুনি গৌৰৱ তিৱাৰীৰ ডিঙিৰ সেই বিশেষ দাগটোৰ তুলনা কৰে(ইন্টাৰনেটত সেই ফটোখন সহজেই উপলভ্য আৰু হয়তো পোষ্টমৰ্টেমৰ ফটোৱে বহুতো লোকক আতংকিত কৰিব পাৰে বাবে মই ফটোখন ইয়াত গাঠি দিয়া নাই) দেখিৱ সেই দাগটো মোৰ হাতৰ দাগবোৰৰ তুলনাত বহু বেছি গাঢ়৷সেই পাতলীয়া দাগবোৰ মুৰ হাতত পৰাৰ পিছত মই প্ৰায় তিনিমাহৰ নৰক যন্ত্ৰণা ভুগিছিলো কিন্তু গৌৰৱ তিৱাৰীৰ ডিঙিৰ দাগবোৰ মোৰ তুলনাত যঠেষ্ট গাঢ় অৰ্থাৎ মই সন্মুখীন হোৱা “Demonic Spirit" তকৈ গৌৰৱ তিৱাৰী সন্মুখীন হোৱা “Demonic Spirit" অধিক শক্তিশালী৷আপুনি যদি গৌৰৱ তিৱাৰীৰ পুৰণি ভিডিঅ’ চাই তেন্তে দেখিৱ তেওঁ প্ৰায়েই কৈছিল মানৱ দেহা আৰু “Demonic Spirit" ৰ মাজত হোৱা “energy change" ৰ বাবে আমাৰ শৰীৰত এনে দাগ বা আচোৰ পৰে আৰু তেওঁ ইয়াকো কৈছিল যে যেতিয়া কোনো অতি শক্তিশালী “Demonic Spirit" য়ে চিকাৰক ডিঙি চেপি হত্যা কৰে তেতিয়াও তেওঁৰ ডিঙিত এনে দাগ পৰে৷ডিঙি চেপা দিলে শ্বাসনলীত অক্সিজেনৰ যোগান ব্যাহাত হৈ শ্বাসৰুদ্ধতাৰ চিকাৰ হৈ ভুক্তভোগীৰ মৃত্যু হ’য় কিন্তু ডিঙিত তেনে কোনো চাপ নপৰ (ফৰেনছিক চাইন্স), মজবুত জৰীৰে ফাচী ল’লেও ব্যক্তিৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হ’য় কিন্তু তাৰ বাবে অন্তত "short drop"(আত্মহত্যাৰ ক্ষেত্ৰত) ৰ ক্ষেত্ৰত ১০-৩০ মিনিট ওলমি থকাৰ প্ৰয়োজন (ফৰেনছিক চাইন্স)৷কিন্তু গৌৰৱ তিৱাৰীৰ স্নানাগাৰত না কোনো জৰী আছিল না তেওঁৰ মৃতদেহ ওলমি আছিল৷তেওঁ স্নানাগাৰৰ দুৱাৰ বন্ধ কৰাৰ প্ৰায় পোন্ধৰ মিনিট মানৰ ভিতৰতে তেওঁ সৰি পৰাৰ শব্দ পৰিয়ালৰ সদস্যই শুনা পাইছিল৷এজন ব্যক্তিয়ে চিলংত ৰচী বান্ধি(ধৰিলো আৰক্ষীয়ে কোৱাৰ দৰে দোপাট্ৰা বান্ধি),টুলত উঠি,ডিঙিত ৰচী লগাওতেই দহ মিনিট লাগিব৷তাৰ পিছত তেওঁৰ মৃত্যু হ’বলৈ অন্তত দহ মিনিট ওলমিব লাগিব৷কিন্তু পাঁচমিনিটৰ ভিতৰতেই তেওঁ সৰি পৰিছিল সেয়ে ফৰেনছিকৰ ভিত্তিত আৰক্ষীৰ অন্তিম সত্য মুঠেই সত্য নহয়৷মোৰ ব্যক্তিগত অভিজ্ঞতা লগতে গৌৰৱ তিৱাৰীৰ ভিডিঅ’ দুয়োটাই এই কথাই কয় প্ৰেতাত্মাৰ দৰে “Demonic Spirit" য়ে ভ্ৰমৰ সৃষ্টি নকৰে আমাক সঁচাকৈয়ে আঘাত কৰে,সেই চিনি প্ৰায় মটীয়া ৰঙা বা ৰঙা ক’লা৷আত্মা যিমানেই শক্তিশালী হ’ব আচোৰ বা আঘাতৰ দাগৰ ৰঙো সিমানেই গাঢ় হ’ব৷গৌৰৱ তিৱাৰী মৃত্যুৰ আগমূহূৰ্তলৈকে শাৰীৰিক ভাৱে কৰ্মক্ষম তথা নিৰোগী আছিল৷তেওঁৰ অৰ্থনৈতিক অৱস্থাও সুস্থিৰ আছিল আৰু মাত্ৰ কিছুদিন পূৰ্বে তেওঁ এক সুখী দাম্পত্য জীৱনৰ আৰম্ভণি কৰিছিল৷

তেওঁৰ মৃত্যুৰ সমন্ধত পিতৃ আৰু নৱবিবাহিতা পত্নী দুয়োৰে প্ৰতিক্ৰিয়াৰ মাজত এক ৰহস্যজনক সাদৃশ্য আছে৷তেওঁলোকে দাবী কৰা অনুসৰি বিগত কিছু দিনৰ পৰা গৌৰৱ তিৱাৰীয়ে প্ৰায়েই এক ক’লা ছায়ামুৰ্ত্তি দেখা পাইছিল৷সেই ছায়ামুৰ্ত্তিৰ প্ৰতি তেওঁ মূহূৰ্তৰ বাবে হ’লেও এক অনামী আকৰ্ষণ অনুভৱ কৰিছিল আৰু গৌৰৱ তিৱাৰীয়ে পিতৃ আৰু পত্নীক কৈছিল সেই ছায়ামুৰ্ত্তি হয়তো এক শক্তিশালী “Demonic Spirit” যি তেওঁক টানি নিব বিছাৰে৷

যদি মোৰ এই হাইপ’থেছিছ শুদ্ধ আৰু গৌৰৱ তিৱাৰী সঁচাকৈয়ে “Demonic Spirit” ৰ চিকাৰ হৈছিল তেন্তে ইয়াৰ দুটা কাৰণ হ’ব পাৰে তেওঁ দিল্লীত কৰা অন্তিমটো “investigation” অথবা ভানগড়৷ভানগড়ক ভাৰতৰ সকলোতকৈ “haunted” স্থান বুলি মনা হ’য়৷বহু ভুক্তভোগীৰ আবৃত্তি হয়তো আমাৰ মাজৰ বহুতেই শুনিছে আনহে নালাগে GSI(Geological Survey of India) ই পূৰ্বানুমতি অবিহনে নিশাৰ ভাগত কিলাৰ ভিতৰত যিকোনো লোকৰে প্ৰৱেশ নিষেধ কৰিছে৷কিন্তু ৰহস্যজনক ভাৱে গৌৰৱ তিৱাৰীৰ যন্ত্ৰই ভানগড়ত কোনো অতিপ্ৰাকৃতিক শক্তিৰ স্থিতি প্ৰমাণ কৰিব নোৱাৰিলে৷“Paranormal Science” আজিও শিশু সম্ভৱত আমি ব্যৱহাৰ কৰা যন্ত্ৰপাতি আজিও কেতবোৰ অতিশক্তিশালী “Demonic Spirit” ৰ অৱস্থিতিক ধৰা পেলাৱলৈ সক্ষম নহয় বিজ্ঞান বিবৰ্তনশীল আৰু এদিন মাইক্ৰস্কোপৰ দ্বাৰা বেক্টেৰিয়াৰ অৱস্থিতিক ধৰা পেলোৱাৰ দৰে আমি ভানগড়ৰ ভেদ খুলিবলৈও সক্ষম হ’ম৷জনশ্ৰুতি অনুসৰি এজন কলাযাদুৰ সাধনা কৰা তান্ত্ৰিক(অৰ্থাৎ তেওঁ নিজৰ আত্মাক জীৱিত কালতে চয়তানক বিক্ৰী কৰিছিল) সেয়ে মৃত্যুৰ অন্তত শাপগ্ৰস্ত ভানগড়ত তেওঁৰ “Demonic Spirit” ৰ চিকাৰৰ সন্ধানত নৈশ বিচৰণৰ নিশ্চিতৰূপত প্ৰচুৰ সম্ভাৱনা আছে৷

                       গৌৰৱ তিৱাৰীৰ এজন সহযোগীৰ মতে বিগত কিছু দিনৰ পৰা গৌৰৱ তিৱাৰী ডিপ্ৰেশ্যনৰ চিকাৰ হৈছিল৷মই তেওঁৰ কথাত সহমত কিন্তু মোৰ বোধেৰে সেই ডিপ্ৰেছনৰ কাৰণ আভ্যন্তৰীণ নহয় বাহ্যিক কাৰণ মই পূৰ্বে “Demonic Spirit” ৰ প্ৰভাৱত মোৰ সৈতে হাতৰ তলুৱাত ৰঙা দাগ পৰাৰ যি দুৰ্ঘটনাৰ বৰ্ণণা কৰিছিলো সেইদিনাৰ পৰাই প্ৰায় তিনিমাহ প্ৰতিমূহূৰ্ততে এক অনামী ভয় আৰু দুখে মোক সকলো সময়তে খেদি ফুৰিছিল,কাৰো সৈতে কথা পতাৰ ইচ্ছা নহয়,চকুলৈ টোপনি নাহে,কাৰণবিহীন ভাবে বুকুভগা যন্ত্ৰণা যেন মই কোনো আপোনজনক এইমাত্ৰ হেৰুৱাইছো কিন্তু মোৰ ব্যক্তিগত জীৱন,অৰ্থনৈতিক স্থিতি,কেৰিয়াৰ আৰু সামাজিক জীৱন ক’তো নামমাত্ৰও সমস্যা হোৱা নাছিল৷আনহে নালাগে সেই দুৰ্ঘটনাৰ এদিন পূৰ্বে মই বন্ধুবৰ্গৰ সৈতে ৰিজৰ্ট ফুৰিবলৈ গৈছিলো আৰু আমাৰ এখন প্ৰিয় ৰেষ্টুৰেণ্টত নৈশ ভোজনো কৰিছিলো৷“Demonic Spirit” ৰ “negativity” য়ে ভুক্তভোগীক বাখ্যা আৰু চিকিৎসাহীন(এলোপেথি)  ডিপ্ৰেছনৰ চিকাৰ কৰে কাৰণ ব্যক্তিজন যেতিয়া মানসিক ৰূপত ভাগি পৰে তেওঁ প্ৰেতাত্মাৰ বাবে সহজ চিকাৰত পৰিণত হয়৷গৌৰৱ তিৱাৰীৰ দৰে ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন “Paranormal Expert” যি জীৱনৰ প্ৰতিটো পৰীক্ষাত সাহসেৰে উৰ্ত্তীণ হৈছিল আৰু যোগাত্মক চিন্তাৰ কেন্দ্ৰবিন্দুস্বৰূপ আছিল তেনে মানুহে ব্যক্তিগত জীৱনত ডিপ্ৰেছনত ভুগিলেও অন্ততঃ আত্মহত্যা কৰিব বুলি মোৰ মনে নকয় আৰু তেওঁ জৰীৰে চিপ লৈ আত্মহত্যা কৰাৰ কোনো বৈজ্ঞানিক প্ৰমাণো পোৱা ন’গল৷সেই সহযোগী জনে গৌৰৱ তিৱাৰীৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰি কেতবোৰ থিয়ৰী আগবঢ়াইছিল৷মোক ক্ষমা কৰিব কিন্তু মোৰ বোধেৰে সেই ব্যক্তিজনৰ হয়তো পেৰাচাইক’লজিৰ নুন্যতম জ্ঞানো নাই ন’হলে তেওঁ সস্তীয়া জনপ্ৰিয়তা প্ৰয়াসী৷গৌৰৱ তিৱাৰীৰ মৃত্যু যদি প্ৰাকৃতিকো আছিল লাগিলে আত্মহত্যা বা আন যিয়েই নহওঁক তেনেহ’লে তেওঁৰ জীৱাত্মা ইতিমধ্যেই অতৃপ্ত প্ৰেতত পৰিণত হৈছে আৰু অতৃপ্ত প্ৰেতে সদায়েই তেওঁৰ সৈতে সংযোগ কৰাজনক মিছা তথ্যৰে বিপথেই পৰিচালিত কৰে মাত্ৰ যাৰ স্বাভাৱিক তথা পূৰ্ণআয়ুস সম্পূৰ্ণ কৰি দীৰ্ঘদিনীয়া শাৰিৰীক অসুস্থতাৰ বলি হৈ মৃত্যু হৈ বছৰেকীয়াৰ অন্তত প্ৰেতপুৰী (Astral Plane) লৈ তৃপ্ত হৈ গতি কৰিছে তেওঁহে তৃপ্ত প্ৰেতাত্মা আৰু এই কথা মই কোৱা নাই এয়া গৰুড় পূৰাণত লিপিবদ্ধ সনাতনৰ দৰ্শন৷তৃপ্ত আত্মা ক্ৰিকালদৰ্শী সেয়ে সংযোগস্থাপনকাৰীৰ ভূত,ভবিষ্যৎ,বৰ্তমানৰ সকলো কথাৰে উত্তৰ দিয়ে৷কিন্তু কেতিয়াবা তৃপ্ত আত্মাৰ বেশত দুষ্ট “Demonic Spirit” ও আহিব পাৰে যি আপোনাক সম্পূৰ্ণ ভুল তথ্যৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিব সেয়ে মই ব্যক্তিগতভাৱে কোনো চৰম পৰিস্থিতিৰ সৃষ্টি ন’হলে প্ৰেতাত্মাৰ সৈতে সংযোগ কৰাৰ মুঠেই পক্ষপাতী নহয়৷মই নাজানো সেই ব্যক্তিজনে প্ৰকৃততে কাৰ সৈতে সংযোগ স্থাপন কৰিলে গৌৰৱ তিৱাৰীৰ অতৃপ্ত প্ৰেতাত্মা নে “Demonic Spirit” আৰু সুশান্ত সিং ৰাজপুটৰ প্ৰেতাত্মা নিমন্ত্ৰণ(তেওঁৰ মৃত্যুও স্বাভাৱিক নাছিল আয়ুসত চাউল শেষ হোৱাৰ পূৰ্বেই হয়তো আত্মহত্যা বা আকস্মিক মৃত্যুৰ চিকাৰ হৈছিল) আৰু তেওঁৰ মৃত্যুৰ কাৰণ বিশ্লেষণৰ নামতো  সেই একেটা ভুলেই কৰিলে৷ মোৰ ব্যক্তিজত অভিজ্ঞতা তথা খোদ গৌৰৱ তিৱাৰীৰ বিশ্লেষণ(ৰঙা দাগ সম্পৰ্কীয়),তেওঁৰ পৰিয়ালৰ সাক্ষ্য(ছায়ামুৰ্ত্তিৰ আগমন),ক্ৰাইম চিনৰ তথ্য(জৰীৰ অনুপস্থিতি) আৰু ফৰেনচিক (শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা) সকলোৱে মাত্ৰ এটা সাম্ভাৱ্য দিশলৈকে আঙুলিয়াই গৌৰৱ তিৱাৰীক অতি শক্তিশালী “Demonic Spirit” য়ে প্ৰথমে মানসিক ভাবে ভাঙি ডিঙি চেপি হত্যা কৰিছিল আৰু যদি সেয়া সত্য তেন্তে সংযোগকাৰী কাষলৈ গৌৰৱতিৱাৰী নহয় তেওঁৰ হত্যাকাৰীহে আহিছিল তেওঁ আৰু এটা সাম্ভাৱ্য কাৰণ দৰ্শাইছিল হয়তো গৌৰৱ তিৱাৰীয়ে “out of the body experience” কৰিছিল য’ত তেওঁৰ আত্মা শৰীৰৰ পৰা ওলাই গ’ল অথচ সোমাব নোৱাৰিলে৷প্ৰথম কথা গৌৰৱ তিৱাৰীৰ দৰে এজন অভিজ্ঞ ব্যক্তিকো “out of body experience” ৰ বাবে সম্পূৰ্ণ অন্ধকাৰ এটা কোঠা,এখন পালেং আৰু নুন্যতম আধাঘণ্টাৰ প্ৰয়োজন হ’ব সেয়ে সেয়া মুঠেই সম্ভৱ নহয়৷ব্যক্তিজনৰ  মতে,”গৌৰৱ তিৱাৰীৰ মৃত্যুৱে কেৱল ভণ্ড বাবাকহে লাভ দিলে৷“প্ৰথম কথা সেই বাবাজী যদি নিজেই ভণ্ড তেওঁ গৌৰৱ তিৱাৰীক কিদৰে “hypontised” কৰিব,দ্বিতীয়তে গৌৰৱ তিৱাৰী মৃত্যুৰ পিছতহে অধিক জনপ্ৰিয় হ’ল কাৰণ তেওঁৰ মৃত্যুৰ সময়লৈকে ভাৰতৰ গৰিষ্ঠসংখ্যক লোকৰ বাবেই তেওঁৰ ইউটিউব ভিডিঅ’ চাবৰ জোখেৰে জিঅ’ৰ আৰ্শীবাদ নাছিল,তেওঁৰ শ্ব’সমূহৰ সিমান TRP ও নাছিল৷গৌৰৱ তিৱাৰীটো বাদেই খোদ ভগৱানে আহি বুজালেও ভুক্তভোগী তেওঁৰ কাষলৈহে সহায় বিচাৰি যাব যাক তেওঁ বিশ্বাস কৰে৷অ অৱশ্যে গৌৰৱ তিৱাৰীৰ মৃত্যুৱে মিডিয়াক TRP,গৌৰৱ তিৱাৰীৰ প্ৰেতাত্মাৰ নিমন্ত্ৰণকাৰীক Views আৰু অতিপ্ৰাকৃতিক দুষ্ট শক্তিক সুৰক্ষা দিলে আৰু গৌৰৱ তিৱাৰীৰ মৃত্যুত সকলোতকৈ ক্ষতি কাৰ হ’ল জানে ভাৰতীয় “Paranormal Science বা Parapsychology” ৰ ভবিষ্যৎৰ কাৰণ সেই অভিশপ্ত দিনটো ভাৰতীয় “Paranormal Science ” য়ে নিজৰ পিতৃক হেৰুৱাই নিথৰুৱা হ’ল আমাৰ দৰে উঠি অহা চামৰ “Paranormal Expert” য়ে এজন আদৰ্শ শিক্ষাগুৰুক হেৰুৱালে আৰু “Digital Platform” ত সস্তীয়া জনপ্ৰিয়তা,ক্ষমতা আৰু অৰ্থলোভত বিবেক হেৰুৱাই এচাম অভিনেতাই “investigation” ৰ নামত “scripted” নাটকত অভিনয় কৰা আৰম্ভ কৰিলে(যিটো গৌৰৱ তিৱাৰী জীয়াই থকা হ’লে কেতিৱায়েই ন’হলহেঁতেন)৷ বজাৰত টেঙা আম এবাৰেই বেচিব পাৰি আৰু সত্য এদিন উন্মোচিত হ’বই৷সেয়ে এনে নাট্যকাৰ আৰু অভিনেতাসকলৰ যেতিয়া মুখা খোল খাবলৈ আৰম্ভ হ’ব সেইদিনাই সাধাৰণ লোকৰ “Paranormal Science” ৰ প্ৰতি মোহভংগ হ’ব,ভাৰতীয় “Paranormal Science” ৰ ভেটিত তিতা লাও গজিব আৰু সেইদিনাই প্ৰকৃতাৰ্থত গৌৰৱ তিৱাৰী,তেওঁৰ আদৰ্শ আৰু সপোনৰ অপমৃত্যু হ’ব৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

আবৃত্তিঃপেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি(খণ্ড ৯)

মই নিশাচৰ৷প্ৰকৃতাৰ্থত বেলি লহিয়ালেহে মোৰ দিনটোৰ আৰম্ভণি হয়৷পুৱা চাৰি মান বজাত শুৱলৈ যাও আৰু দুপৰীয়া ১১ মান বজাতহে মোৰ গুড মৰ্ণিং হয়৷যোৱাবছৰৰ এপ্ৰিল মানৰ কথা৷সেইদিনা পুৱাই শুই উঠি দেখো মোবাইলত মোৰ এজন ঘনিষ্ঠ বন্ধুৰ প্ৰায় ১৫ টা মান মিছকল৷এক অজান আশংকাই মোক কপাই তুলিলে৷অকণো পলম নকৰি শোৱাপাটীৰ পৰাই তাক কল বেক কৰিলো৷সিফালৰ পৰা মোৰ বন্ধুজনে বেছ উদ্বিগ্ন কন্ঠেৰে ক’লে,” মোৰ ভন্টীৰ সৈতে সাংঘাতিক কিবাকিবি হৈছে৷মানে তাই যেতিয়াই শোৱে তাইৰ এনে লাগে যেন তাইৰ নিচেই কাষতে গা ঘেলাই আন কোনোবা এজনো শুই আছে৷ কাণত গভীৰ নিশ্বাসৰ স্পষ্ট শব্দ,শৰীৰৰ সৰ্বাংগত এখন অদৃশ্য হাতৰ প্ৰেমময়ী স্পৰ্শ, কিন্তু ধীৰে-ধীৰে সেই প্ৰেমময়ী স্পৰ্শ কামুকতাৰ আচোৰত পৰিণত হ’য়৷“

বন্ধুৰ মতে ঘটনাৰ আৰম্ভণী হোৱাৰ প্ৰায় ছমাহ মানেই হ’ল৷একবিংশ শতিকাৰ ভাৰতীয় সমাজব্যৱস্থাত আজিও যৌনতা এক অস্পৃশ্য বিষয় অৱশ্যে সেই একেখন দেশৰে জনসংখ্যা আকৌ প্ৰায় ১৩১ কোটি৷আজিও বহু শিক্ষক-শিক্ষয়িত্ৰীয়েই দশম মানৰ বিদ্যাৰ্থীক জীৱবিজ্ঞানৰ প্ৰজনন পাঠটো লোকলজ্জাৰ বাবে নিজেই পঢ়ি ল’বা বুলি কৈয়েই দ্বায়িত্ব সামৰে৷তেনে এক সমাজব্যৱস্থাৰ গ্ৰাম্য সমাজৰ যৌথ পৰিয়ালৰ কনিষ্ঠতম সন্তান এজনী কিশোৰীয়ে কোন সতেৰে নো ঘৰৰ জ্যেষ্ঠজনৰ সৈতে তাইৰ লগত প্ৰতিনিশাই হোৱা যৌননিৰ্য্যাতনৰ বীভৎস আখ্যানৰ বৰ্ণণা কৰে৷তাকো আকৌ যৌন নিৰ্য্যাতনকাৰী খোদ অশৰীৰ৷বেছেৰীয়ে প্ৰায় ছমাহমান সকলো নীৰৱে সহ্য কৰি গ’ল৷কিন্তু যোৱানিশা তাইৰ সৈতে যি হ’ল সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি কপি উঠিল৷শেষনিশা তাইৰ প্ৰচণ্ড আৰ্তনাদত ঘৰৰ সকলো তাইৰ কোঠালৈ দৌৰি আহিল৷এক অদৃশ্য শক্তিয়ে তাইক হেচি ধৰি বিবস্ত্ৰ কৰাৰ চেষ্টা চলাইছিল৷কিন্তু কোঠাৰ লাইট জ্বলাই দিয়াৰ লগে-লগেই সেই বীভৎস নাটকৰ যৱনিকা পৰিল আৰু প্ৰায় ছমাহৰ অন্তত তাই ঘৰৰ সকলোৰে আগত মুখ খুলিল৷

মই বন্ধুক পোনেই শুধিলো,“ভন্টীৰ শৰীৰত সঁচাকৈয়ে আচোৰ পৰে নে সেয়া তাইৰ অনুভৱ মাত্ৰ“ সি ক’লে আচোৰা যেন লাগে অথচ আচোৰ নপৰে৷“চা যিহেতু আচোৰ পৰা নাই এয়া “Demonic Spirit” নহয় বৰঞ্চ কামুক প্ৰেতাত্মাৰ দুস্কৰ্ম৷বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ আকস্মিক তাৰাতাম্যই প্ৰেতাত্মাক নিস্তেজ কৰি তোলে আৰু সেয়ে হঠাৎ তহঁতে কোঠাৰ লাইটটো জ্বলাই দিয়াৰ বাবে নাটকখনৰ সিমানতে অন্ত পৰিল৷প্ৰেতাত্মাই নিজৰ আকাংক্ষা পূৰণৰ বাবে মায়া বা “illusion” ৰ সহায় লয়৷সেয়ে অদৃশ্য কোনোবা এজনে গাত গা ঘেলাই শোৱা,তাইৰ কাণত পৰা নিশ্বাসৰ শব্দ,প্ৰেমময়ী স্পৰ্শ,কামুকটাৰ আচোৰ আৰু যোৱা নিশাৰ বস্ত্ৰহৰণৰ প্ৰয়াস সকলো মায়া মাত্ৰ৷সেয়ে তাই আচোৰক অনুভৱ কৰে কিন্তু পুৱালৈ শৰীৰত আচোৰৰ চিনচাবেই নাথাকে৷যোৱাকালি নিশা তাই পিন্ধা কাপোৰসাঁজলৈও লক্ষ্য কৰ তাত টনা-আজোৰা বা ফটা-চিটাৰ একোৱেই নিচান নাই আৰু তই মাত্ৰ এটা কাম কৰ যিমান পাৰ সিমান সোনকালে তই মোক এটা তথ্যৰ যিকোনো প্ৰকাৰে যোগান ধৰ৷তহঁতৰ ঘৰৰ আশে-পাশে যোৱা এবছৰত কোনোবা অবিবাহিত ডেকা ল’ৰাৰ দুৰ্ঘটনাবশত অপঘাত মৃত্যু হৈছে নেকি বা তেনে কোনো অবিবাহিত ডেকাই আত্মহত্যা কৰিছিল নেকি৷আবেলি সি ফোন কৰিল,”ডেকা ল’ৰা নহয় এগৰাকী বোৱাৰীয়ে ছিপ লৈছিল৷দুখন গাওঁ পাৰ হৈ৷বোৱাৰী গৰাকীয়ে ছিপ লোৱাৰ এমাহ মানৰ পূৰ্বেই হেনো তেওঁৰ স্বামী মানসিক ৰোগৰ চিকাৰ হৈ উন্মাদ হৈ পৰিছিল আৰু সকলোতকৈ আচৰিত কথা সেই বোৱাৰীগৰাকীৰ সৈতেও হেনো প্ৰায় এবছৰ যুৰি একেখন নাটকৰে পুনৰাবৃত্তি হৈছিল৷“ মই তাক সুধিলো,”তহঁতৰ ভন্টী সেই বোৱাৰী গৰাকীৰ ঘৰৰ মুখেৰে আহ যাহ কৰে নেকি?“ “উম কৰে৷“ মই পুনৰ সুধিলো “কেতিয়া?“ সি কোৱা মতে আবেলি পাঁচ বজাৰ পৰা ছয় বজালৈ তাইৰ অংকৰ টিউশ্যন থাকে৷টিউশ্যনৰ স্থান সেই দুৰ্ভগীয়া বোৱাৰীগৰাকীৰ ঘৰৰ পৰা অলপ আগত৷“ “মই বোলো তাই চাগৈ নিশ্চয় টিউশ্যনলৈ চুলি মেলি আৰু পাৰফিউম মাৰি যায়৷“ সি শুধিলে,”তই কেনেকৈ জানিলি?“

কাৰণ বিশ্লেষণঃহয়তো সেই বোৱাৰীগৰাকী কিবাকৈ কোনো কামুক প্ৰেতাত্মাৰ কৱলত পৰিছিল৷এনে প্ৰেতাত্মা স্বাভাৱিকতেই তেওঁ আকৰ্ষিত হোৱা স্ত্ৰী গৰাকীৰ সংগীৰ প্ৰতি ঈৰ্ষাপৰায়ণ হয়৷সেয়ে সম্ভৱত তেওঁৰ স্বামী মানসিক ৰোগৰ চিকাৰ হৈ বাটে-পথে ঘুৰি ফুৰা পগলাত পৰিণত হ’ল৷ঘৰত কেৱল স্বামী-স্ত্ৰী৷স্বামীৰ অনুপস্থিতিত প্ৰেতাত্মাৰ শক্তি আৰু নিৰ্য্যাতন দুয়োটাই বৃদ্ধি পালে আৰু সেয়ে হয়তো সৰ্বস্ব হেৰুৱাই সেই দুৰ্ভগীয়া নাৰীয়ে আত্মহত্যা কৰিলে৷কামুক প্ৰেতাত্মা পুনৰ নতুন চিকাৰৰ বাবে সেইস্থানতে খাপ পিতি ৰ’ল৷বন্ধুৰ ভনীয়েকে যিহেতু সন্ধ্যা ছয়মান(মানে কাণি-মুনি গধূলি) টিউশ্যনৰ পৰা সেইফালেৰেই ঘৰলৈ উভতে৷ তাইৰ মুক্ত কেশৰ পৰা নিৰ্গত চেম্পু বা হেয়াৰ অইলৰ সুগন্ধ আৰু পাৰফিউমৰ সুগন্ধি দুয়োটাই সেই কামুক প্ৰেতাত্মাক সেই সুন্দৰী কিশোৰীৰ প্ৰতি আকৰ্ষণ কৰি তুলিলে৷যিকোনো সুগন্ধি দ্ৰব্য প্ৰেতাত্মাৰ বাবে লোভনীয় আহাৰ,কানিমুণি গধূলি বা দোকমোকালিৰ সময়ভাগ খুবেই অভিশপ্ত সম্ভৱত কোনোবা দিনা চাগৈ তাই কাঢ়া ৰঙৰ কাপোৰো পিন্ধিছিল আৰু এই সকলোৰে অশুভ প্ৰভাৱত তাই কামুক প্ৰেতাত্মাৰ যৌনক্ষুধাৰ কৱলত পৰিল৷হওঁতে সেই ৰাস্তাটোৰে তাইৰ সৈতে আৰু কেইবাজনী ছোবালীয়ে একেলগে টিউশ্যনৰ কৰি উভতে কিন্তু মীন আৰু কন্যা ৰাশি তথা দুৰ্বল মনৰ মানুহ সহজেই প্ৰেতাত্মাৰ চিকাৰ হয়৷অৱশ্যে তাইৰ ৰাশি সিংহ আছিল কিন্তু ছোৱালীজনী স্বভাৱত শান্ত,সহনশীল আৰু অলপধতুৱা বিধৰ৷সেয়ে হয়তো তাই প্ৰেতাত্মাৰ সহজ চিকাৰত পৰিণত হ’ল৷প্ৰায় এপষেকমান বিশেষ বিধিৰে পূজা-পাতল কৰাৰ অন্তত অৱশেষত তাই প্ৰেতাত্মাৰ কৱলৰ পৰা মুক্তি পালে৷সেয়ে আজিও সমাজৰ বুঢ়া মেঠা লোকে কয়,”তিনিসন্ধিয়া চুলি মেলি,কাঢ়া ৰংৰ কাপোৰ পিন্ধি,সুগন্ধি দ্ৰব্য ঘহি ঘৰৰ বাজ হ’ব নালাগে৷“চুলিখিনি চুটি যদিও ল’ৰাৰ ক্ষেত্ৰতো একেই। কথা কাৰণ কামুক প্ৰেতৰ দৰে কামুক প্ৰেতিনীও থাকে৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

আবৃত্তি: পেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি(খণ্ড ৮)

“Spirit Call“-সৰ্বসাধাৰণ লোকৰ দ্বাৰা “Spirit Call“ বা আত্মাৰ আমন্ত্ৰণ এক আত্মঘাতী পদক্ষেপ৷অন্ধকাৰ কোঠাত এডাল মমবাতি জ্বলাই প্লেন চেট বা ওজা বৰ্ডৰ সহায়ত আত্মাৰ আমন্ত্ৰণ এক জনপ্ৰিয় বিধি৷আমাৰ মাজৰ বহুজনেই হয়তো হোষ্টেলীয়া জীৱনত কৌতুহলৰ বৰ্শৱতী হৈ “spirit call” কৰাৰ অভিজ্ঞতাৰে পুষ্ট আৰু মই নিশ্চিত এওঁলোকৰ মাজৰ অধিকসংখ্যকলোকেই নিশ্চয় ব্যক্তিগত অভিজ্ঞতাৰে ইতিমধ্যেই বুজি উঠিছে কিয় মই প্ৰথমেই ইয়াক এক আত্মঘাতী পদক্ষেপ বুলি ক’লো৷ “Spirit Call ” কোনো ল’ৰাধেমালি নহয়৷মৰিশালি বা কবৰস্থানৰ পৰিধিৰ ভিতৰত “spirit call” ৰ পৰিণাম অতি ভয়ংকৰ হয়,সমগ্ৰ সময়ছোৱাতে মমবাতি ডাল জ্বলি থকাটো অতিপ্ৰয়োজনীয় আৰু “spirit call” ত অংশ লোৱা সকলোৰে মাজত শাৰীৰিক সংযোগ (হাতত ধৰা বা এটা মুদ্ৰাক কেউজনে মিলি স্পৰ্শ কৰা) প্ৰকৃতিৰ দাবী৷কিন্তু আপুনিটো নাজানে আপুনি “Spirit Call” কৰা কোঠাটোৰ তলত দশক পূৰ্বে হয়টো এক মৰিশালী বা কবৰস্থান আছিল৷প্ৰেতাত্মাই বতাহৰ ৰূপত প্ৰৱেশ কৰে যদি বতাহৰ পৰশত মমডাল হঠাৎ নুমাই যায়,যদি হঠাৎ কোনোবা এজনে ছাটোকে বাঘ বুলি ভাবি হাতখন এৰি দিয়ে৷এই সকলোৰে অন্তিম পৰিণতি মাত্ৰ এটাই হয়তো গুৰুৰ দৃষ্টি শুভ হ’লে কাণে-কাণ মাৰি বাচি যাৱ কিন্তু দীৰ্ঘদিনজুৰি শাৰীৰিক আৰু মানসিক অসুস্থতাৰ চিকাৰ হ’ব,প্ৰতিমূহূৰ্ততে এক অনামী ভয়ে আপোনাক খেদি ফুৰিব কেতিয়াবাটো কোনো-কোনো লোকৰ মৃত্যু পৰ্য্যন্ত হয়৷কেতিয়াবা “অতৃপ্ত প্ৰেতাত্মা“ আপোনাৰ নিৰ্দেশত অতি সহজেই ইহলোকলৈ আহে কিন্তু আপোনাৰ আদেশত পুনৰ ঘুৰি নাযায়৷প্ৰতি মূহূৰ্তত আপোনাৰ সৈতে ছাটোৰ দৰেই লাগি থাকে ফলত তেনে সাধকৰ জীৱন নৰকসদৃশ হৈ পৰে৷একাংশ দুষ্ট প্ৰেতাত্মাই প্ৰথমে আপোনাৰ প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ দি বিশ্বাস জিনি অন্তত আপোনাক মিথ্যাচাৰেৰে ভ্ৰমিত কৰি বিপথে পৰিচালিত কৰে৷কেতিয়াবা আপুনি যাক মাতিছিল তেওঁৰ ছদ্মবেশেৰ শক্তিশালী “Demonic Spirit” আপোনাৰ কাষ চাপে আৰু তেনে আত্মাই আপোনাক পথভ্ৰষ্ট কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷সমগ্ৰ ভাৰতক তোলপাৰ লগোৱা এক সংবাদ৷সম্ভৱত দিল্লীৰ ঘটনা৷এটা পৰিয়ালৰে বাৰজন সদস্যই একেদিনাই মোক্ষ লাভৰ আশাত মৃত পিতৃৰ ছদ্মবেশত অহা “Demonic Spirit” ৰ কথা শুনি আত্মহত্যা কৰিছিল৷যদি আপুনিৰ কোনো প্ৰশ্নৰ উত্তৰ বিছাৰি হাবাথুৰি খাইছে তেনেহ’লে নিজৰ অন্তৰআত্মা(subconscious mind) ক সোধক,নেদেখাজনৰ শৰণ লওঁক৷যদি আপোনাক পৰলোকগামী আপোনজনৰ স্মৃতিয়ে কাতৰ কৰিছে তেওঁৰ সৈতে পাৰ কৰা প্ৰতিটো ভাল মূহূৰ্তৰ সোৱৰণ কৰক,নিজকে গঠনমূলক কামত ব্যস্ত ৰাখক,পৰলোকগামী প্ৰেতাত্মাৰ সদগতিৰ বাবে নেদেখাজনক খাটক৷ইহলোক আৰু পৰলোকৰ সংযোগ কেতিয়াও শুভ নহয়,ই প্ৰকৃতিবিৰূদ্ধ আচৰণ মাত্ৰ৷

বহঅভ্যাসঃমোৰ এজন বন্ধুৰ এক বদঅভ্যাস আছিল৷সি য’তে-ত’তে প্ৰস্ৰাৱ কৰে৷মুকলিতহে কাম ফেৰা কৰি ভাল লাগে হেনো৷পেৰাচাইক’লজিক গুলী মাৰক এয়া জনস্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ প্ৰতিও এক বৃহৎ ভাৱুকি৷আপোনাৰ শোৱাপাটী বা ভাতৰ কাঁহীত যদি মই প্ৰস্ৰাৱ কৰি দিও আপোনাৰ কেনে লাগিব৷আপুনি অজানিতেই প্ৰস্ৰাৱ কৰা স্থান যদি কোনো দৈৱিক শক্তিৰ বাসস্থান,সেয়া যদি কালৰ গতিয়ে ধূসৰ কৰা কাৰোবাৰ মৰিশালী বা কবৰ,সেই স্থানত যদি অস্থি বিসৰ্জন বা পিণ্ডদান কৰা হ’য়৷বেচেৰাৰ সৈতেও তেনে হ’ল৷অদৃশ্য হাতৰ প্ৰচণ্ড চৰত লুটি খাই পৰিল৷কাণত ভোমাৰাৰ গুঞ্জান আৰু চকুত সৰিয়হফুল৷ৰাতিৰ পৰাই তীৰকপে জ্বৰ উঠিল৷নিশা বাৰে-বাৰে দৰজা খুলি ওলাই যাব খোজে,কোনোবাই ৰিঙিয়াই,টোপনিত কোনোবাই হেঁচা মাৰি ধৰে৷সময়ত জ্ঞানী লোকৰ সান্নিধ্য পালে বাবে জানটো বাচিল৷আনহে নালাগে নিশা ঘৰৰ প্ৰস্ৰাৱাগাৰত প্ৰস্ৰাৱ কৰাৰ অন্তত পানী ধালিব সেয়া স্বাস্থ্যসন্মত নীতি আৰু সভ্য লোকৰ চানেকি৷আন এটা কাৰণ হ’ল প্ৰস্ৰাৱৰ গোন্ধে যৌনক্ষুধা পূৰণৰ অবিহনে আকাল মৃত্যু হোৱা প্ৰেতাত্মাক আপোনাৰ প্ৰতি আকৰ্ষিত কৰি তোলে(যদি আপোনাৰ প্ৰস্ৰাৱাগাৰৰ তেনে কোনো প্ৰেতাত্মাৰ ক্ষেত্ৰৰ পৰিসৰৰ অৰ্ন্তগত)৷তেনে কামুক প্ৰেতাত্মা/প্ৰেতিনীক খেতৰ বা খেতৰনী বোলা হ’য়৷সপোনত এক বীভৎস চেহেৰাৰ(মূখ্যত ক’লা,শকত আৰু নগ্ন) পুৰুষ/মহিলাৰ আগমন হয় যি আপোনাক হেঁচি ধৰে৷শ্লিপিং পেৰালাইছৰ পৰা এয়া পৃথক কাৰণ এনে ক্ষেত্ৰত আপুনি কষ্ট কৰিলে হাত-ভৰি লৰোৱাৰ লগতে ভয়াৰ্ত কন্ঠেৰে আৰ্তনাদ কৰে৷উন্নত দেশত মুকলিত শৌচ-প্ৰস্ৰাৱ কৰা অক্ষমণীয় অপৰাধ৷এনে অপৰাধৰ শাস্তি জৰিমনা বা বিকল্প সশ্ৰম কাৰাদণ্ড৷কিন্তু ভাৰতত এয়া ভাতৰ লগত পানী খোৱা কথা৷সেয়ে হয় অক্ষয় কুমাৰে “টয়লেট“ বনাই আৰু তাকো চাই নিশিকা মখাক প্ৰকৃতিয়ে নিজস্ব আদালতত দণ্ড বিহে৷কিন্তু অসম দেশৰ বিষম কথা৷বিশেষকৈ দুৰণিবটীয়া বাছযাত্ৰীৰ ক্ষেত্ৰত৷সেয়ে উপায়বিহীন হ’লেও অন্তত সচেতন হওঁক৷চৌপাশক লক্ষ্য কৰক৷কাষত বৃক্ষজাতীয় গছ,ধৰ্মীয় অনুষ্ঠান,মৰিশালি,কৱৰস্থান,অস্থি,পিণ্ড আদি আছে নেকি৷

আইতাকৰ অন্তিম যাত্ৰাৰ সাক্ষী হৈ নাতিনীয়েকো শ্মশানলৈ গ’ল৷খৰি দি উঠি ঘৰলৈ উভতিব লৈছে মাত্ৰ পিছফালে এটা শব্দ শুনা পাই সি ঘুৰি চালে৷একো নেদেখিলে,হয়তো মনৰ ভ্ৰম৷কিন্ত ভ্ৰম দুস্বপ্ন সদৃশ বাস্তৱত পৰিণত হ’বলৈ ১২ ঘন্টাও নালাগিল ৰাতি খিৰিকীৰ কাষৰ পৰা আইতাকে তাক ৰিঙিয়াই মাতে৷সি মন্ত্ৰমুগ্ধ হৈ উঠি যাবলৈ বিচাৰে৷আইতাকৰ আদ্যশ্ৰাদ্ধৰ সৈতে প্ৰায় পষেকযোৰ পৌনঃপুনিক নাটকখনৰ অৱসান ঘটিল৷ আন এটা ঘটনা হাজৰিকা বৰদেউতাৰ অন্তিম যাত্ৰাৰ সংগী দুৰসমন্ধীয় ভায়েক এজনৰ দহাৰ পূৰ্বেই নিশা ঘৰলৈ উভতি অহাৰ পথত ৰহস্যজনক ভাৱে মৃত্যু হ’ল৷শৰীৰত আঘাতৰ কোনো চাপ নাছিল অথচ মৃতদেহৰ আতংকবিহ্বল মুখখনেই এয়া সিদ্ধ কৰিবলৈ যঠেষ্ট যে মৃত্যুৰ পূৰ্বে তেওঁ ভয়ংকৰ কিহবাৰ দৰ্শন লাভ কৰিছিল৷প্ৰতিজন ব্যক্তিৰে নিজৰ শৰীৰটোৰ প্ৰতি এক অনন্য মোহ থাকে৷সেয়ে মৃত্যুৰ অন্ততো প্ৰেতে বাৰে-বাৰে শৰীৰত সোমোৱাৰ প্ৰচেষ্টা চলাই৷প্ৰেতাত্মাৰ অন্তিম আশা সম্ভৱত কিবাকৈ যদি মানবী শৰীৰত পুনৰ প্ৰৱেশ কৰি নবজীৱন লাভ কৰিব পাৰি৷কিন্তু পাৰ্থিৱ শৰীৰক চিতাত তুলি দিয়াৰ মাত্ৰকে প্ৰেতাত্মাৰ সেই অন্তিম আশাকটো নিৰ্বাপিত হ’য়৷এফালে একাকীত্বৰ জীৱন আনফালি বুভুক্ষাৰ জুই(পিণ্ড দান নকৰা পৰ্য্যন্ত)৷জীৱন্ত কালত ব্যক্তিজনা যিমানেই ধৰ্মজ্ঞানী নহওঁক কিয় নিজৰ শৰীৰক নিজৰে আত্মীয়ই শ্মশানত বাহেৰে হানি খুচি দহন ক,ৰাবাহেৰে মৰিফাই মুৰ ফলা,পেটৰ নাড়ীভুৰু কাটি টুকুৰা-টুকুৰ কৰা অধিকাংশই সহিব নোৱাৰে৷ফলত অন্তিম যাত্ৰাৰL প্ৰতিজন সংগী আৰু বিশেষকৈ মুখাগ্নি কৰাজন প্ৰেতাত্মাৰ মূখ্য শত্ৰুত পৰিণত হয়৷সেয়ে কেৱল মুখান্ধি তথা ক্ৰিয়াধৰাজনৰ লগতে প্ৰতিজন অন্তিম যাত্ৰাৰ সহযাত্ৰীয়েই প্ৰেতৰ জিঘাংসাৰ বলি হয়৷সেয়ে দশপিণ্ডৰে প্ৰেতাত্মাৰ ক্ৰোধাগ্নিক শান্ত নকৰা পৰ্য্যন্ত শুকান জলকীয়া,সৰিয়হ আৰু কটাৰীৰ অবিহনে কোনোজনেই সুৰক্ষিত নহয়৷

দশপিণ্ডই মৃতকৰ ক্ৰোধাগ্নি আৰু ক্ষুধাৰ অন্ত পেলায় কিন্তু যদি পিণ্ডদানত খেলিমেলি হয়৷ক্ৰিয়া ধৰাজনৰ মৃত্যু বা দীৰ্ঘকালিন অসুস্থতাৰ কোনো বিকল্ক নাই৷এজন ব্যক্তিৰ মৃত্যুৰ এসপ্তাহৰ অন্ততে তেওঁৰ বৰমাকৰো মৃত্যু হ’ল৷অৰ্থাৎ বংশত পুনৰ আন এক চুৱা৷ইযাৰ মাজতে ধৰ্মীয় পৰম্পৰাক উলাই দি বৰমাকৰ পিণ্ড দানৰ পূৰ্বেই ভতিজাকৰ পিণ্ডদান কৰা হ’ল৷পৰিণতি এজনক নিশা কোনোবাই টেটুচেপা দি “ICU ” পোৱালেগৈ৷চুবুৰীয়াৰ অনুসৰি আজিও মাজনিশা গোহালিটোত কোনোবাই কান্দে,জ্যেষ্ঠ ভাতৃৰ অকাল মৃত্যু হ’ল আৰু তেওঁলোকৰ আৰ্থিক পৰিস্থিতি আজি আগৰ দৰে সৱল নহয়৷চুৱাৰ মাজত পিণ্ডদান কৰা ব্ৰাহ্মণ জনৰ এমাহ নৌহওতেই পথ দুৰ্ঘটনাত মৃত্যু হ’ল৷প্ৰেতাত্মাই পিণ্ড নাখায় বৰঞ্চ পিণ্ডৰ গোন্ধেৰে বুভুক্ষা গুচাই সেয়ে পিণ্ডদানত চুলিমান হেৰফেৰো কাৰোবাৰ মৃত্যুৰ কাৰকো হ’ব পাৰে৷প্ৰেতক্ৰিয়া কৰা ব্ৰাহ্মণে ঈশ্বৰৰ পূজা কৰিব নোৱাৰে৷

মোক বহুজনেই সোধে “Paranormal Expert ” হ’বলৈ কেনে যোগাতাৰ প্ৰয়োজন৷সকলোৰে বাবে মাত্ৰ এটাই সমাধান,” সাহস,সতৰ্কতা,শৰীৰ বন্ধন,কন্ঠস্থ ৰূপত পবিত্ৰ মন্ত্ৰ,আৰু এমুঠিমান যন্ত্ৰ৷গৌৰৱ তিৱাৰী যি আধুনিক ভাৰতৰ “Paranormal Studies” ৰ পিতৃপুৰুষ আছিল তেওঁ শেষত নিজেই এনে এটা ঘটনাৰে চিকাৰ হ’ল৷মই নাজানো “paranormal expert হোৱাটো মোৰ বাবে আৰ্শীবাদ নে অভিশাপ কাৰণ এই বৃত্তি আত্মঘাতী৷চুলিমান ইফাল সিফাল হ’লেই আপুনি মৰিব৷সেয়ে যিসকল লোকে এনে বৃত্তিৰ প্ৰতি আগ্ৰহী আৰু জীৱনৰ প্ৰতি কোনো মোহমায়া নাই তেওঁলোকে দলবদ্ধভাৱে “standard protocol”(Police permission,Fire Brigade and Ambulance) ৰ মতে আগতীয়াকৈ যোগাৰ কৰি ৰাখিব লাগে৷বিশ্বাস কৰক কেতিয়াবা “negativity” ৰ প্ৰভাৱ এনে হ’য় দুটা পৃথক কেছ,দুয়োটাৰে মাজত প্ৰায় চাৰিবছৰৰ ব্যৱধান,প্ৰতিবাৰেই চলন্ত ট্ৰাকে মোক মহতিয়াবলৈ লৈছিলো৷দুয়োবাৰেই ড্ৰাইভাৰৰ একেই ভাষ্য তেওঁলোক সেইসময়ত হিপনটাইজ হোৱাৰ দৰে হৈছিল৷

প্ৰেতপুৰীৰ বতৰা(ভৌতিক ৰসৰচনা)

আবতৰীয়া বৰষুণজাকৰ মাধ্যমেৰে মোৰ চহৰলৈ পুনৰ এবাৰ বিহুৰ পূৰ্বেই শীতৰ আগমন ঘটিছে৷কানিমুণি সন্ধিয়া৷তিনিআলিৰ শৰ্মা দাৰ দোকানলৈ ওলালো৷মায়ে পিছফালৰ পৰাই বকনি জুৰিলে,” এই তিনিমুনি সন্ধিয়াখন৷তাতে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ বতৰ৷ওলাই ন’গলে নহয় নে!” মই মাৰ গুৱালগালিলৈ কৰ্ণপাত নকৰি বাইকৰ চাবি পকালো৷মায়ে পিছফালৰ পৰাই চিঞৰিলে৷ “হেলমেটটো অন্তত লগাই ল৷“ কেকুৰীটো ঘুৰিয়েই তিনিআলি৷এইকনৰ বাবে নো হেলমেটটোৰ কি দৰকাৰ?তাকো ফাইনৰ ৰছিদসহ মামাহঁত হয় নগৰত নহয় হাইৱেত৷সেয়ে প্ৰয়োজনবোধ নকৰিলো৷কেকুঁৰিটো ঘুৰিছো মাত্ৰ৷আবতৰীয়া বৰষুণে বোকাময় কৰা ৰাস্তাত পিছলি একেবাৰে ধাননিৰ মাজত৷বিশেষ দুখ পোৱা নাই৷ঠিয় হ’লো৷আৰে এয়া কি কাষতচোন মোৰ দৰেই চোলা-পেন্ট পিন্ধা এটা নিথৰ শৰীৰ৷শিলাখণ্ডত ঠেতেলা খাই কপালেৰে তেজ বৈ ডোঙা বান্ধিছে৷আৰে এয়াচোন ময়েই৷অহ!মানে মই শৰ্মা দাৰ দোকানৰ সলনি চিধাই সিপুৰীত৷হেলমেটটো লগাৱ লাগিছিল৷পিছে নলগালো ভালেই হ’ল৷শিক্ষিত নিৱনুৱাৰ জীৱনতকৈ অন্ততঃ ভূতৰ জীৱনেই ভাল হ’ব৷

এটা পোহৰৰ সুৰংগ৷ “Near Death Experiment” সমন্ধীয় প্ৰৱন্ধ এটাত এবাৰ ইয়াৰ উল্লেখ পাইছিলো৷সুৰংগৰে যাত্ৰা আৰম্ভ কৰিলো৷শৈশৱতে পঢ়া “ৰোগ-শোক-জৰা-মৃত্যু সেই দেশত নাই “কবিতাফাঁকি গুণগুণাই সুৰংগৰে খোজ দিলো৷আৰে এয়া কি! সুৰংগৰ শেষতচোন সেই একেই দুৰ্গন্ধময় আবৰ্জনাৰে পূৰ্ণ কংক্ৰিটৰ সভ্যতা৷একেবাৰে কলিকতাৰ শ্যাম বজাৰৰ দৰে৷ভেকেটাভেকেট গোন্ধ এটা আহি নাকত লাগিল৷ডাষ্টবিনত জাৱৰ এসোপা পৰি আছে৷হয়তো আমাৰ চহৰৰ দৰে প্ৰেতপুৰীটো মিউনিচিপেলিটিৰ গাড়ীৰ খা-খবৰেই নাই৷ চ্যুট-বুট পৰিহিত এজন ভদ্ৰলোক মানে ভদ্ৰভূতে সুৰংগৰ কাষৰ পৰাই চিঞৰি দিলে,”হৌৰা ডেকাভূত ইমান খৰখেদাকৈ ক’ত যোৱা হে৷“Entry” টো কৰাই যোৱা৷“ এখন দীঘলীয়া ফৰ্ম ফিলাপ কৰাৰ অন্তত ভদ্ৰভূতজনে এটা বেকা হাঁহি মাৰি ক’লে,” এন্ট্ৰীফিজ?“ “হে!মানে ইয়াতো এন্ট্ৰীফিজ?“ “আৰে এন্ট্ৰীফিজেই নে GST,Service Tax,Income Tax,Excise Duty” সোপাই দিব লাগিব৷বাপুকণ ভূতবোৰো এদিনটো মানুহেই আছিল৷“ “কিন্তু মোৰ হাতত পইছা,মানে সিপুৰীৰ বেংকতহে আছে৷“ এইবাৰ তেওঁ ধেকধেকাই হাঁহি ক’লে,”চৰি চৰি৷কলেজৰ পৰাই ভাং ফুকাৰ অভ্যাস৷চোৰে নেৰে চোৰ প্ৰকৃতি কুকুৰে নেৰে চাই,যাৰ যি স্বভাৱ সি মৰিলে লগতে যায়৷মই মানে তোমাক ক’বলৈ পাহৰিয়েই গৈছিলো নহয়,মৃত্যুৰ লগে-লগে সিপুৰীৰ সমস্ত সম্পদৰ সমমূল্যৰ ধন তোমাৰ জেপত স্বয়ংক্ৰিয় ভাৱে জমা হয়৷সেয়ে সিফালে ইমান খোৱা-কামোৰা৷মৰিলে লগতে নিনিয়ে নহয় বুলি একো নাই সোপাই লৈ আহে বুজিছা৷“ মই জেপটো খুচৰিলো পাৰ্চত মাত্ৰ এখন পাঁচশটকীয়া৷কিন্তু তেৰাই কোৱাৰ দৰে নিৱনুৱা হ’লেও চাকৰিয়াল পিতৃৰ একমাত্ৰ সন্তান হোৱাৰ সুবাদত মাটি-বাৰী-FD-NSC সকলো মিলাই কমেও ২০ লাখমানটো হ’ব লাগে৷মোৰ শুকাই টেমিহেন হোৱা মুখখন দেখিয়েই তেৰাই সম্ভৱত সকলো বুজিলে PK ৰ পেকেট এটা চোবাই পুনৰ ধেকধেকাই আৰম্ভ কৰিলে,” ই তোমাক মানে আমাৰ হেৰি য়ে পালে৷“ মই চৰম উৎসুকতাৰে সুধিলো,” হেৰি মানে৷“ “আৰে হেৰি মানে আমাৰ পকেটমাৰ আকৌ৷আমাৰ এই পোহৰৰ সুৰংগ আৰু গুৱাহাটীৰ চিটিবাছ দুইটাই একেই৷“ “এতিয়া পিছে কি কৰো৷“ “মাল কিমান আছিল৷“ তেওঁ সুৰংগৰ কাষৰ দেৱালখনত পিকাই সুধিলে৷ “নাই কমেও ২০-২৫ লাখমান হ’ব৷ “হৰি,হৰি!এটা উপায় পিছে আছে৷পকেটমাৰ কেইটাৰ লগত মোৰ মানে!বুজিছাই নহয় আৰু ১ এটা আমাৰ বাকীখিনি তোমাৰ৷“ মোৰ খঙে চুলিৰ আগ পালেগৈ৷কথমতি সহি সামৰি ক’লো,”নালাগে৷সকলো ইপুৰীৰ দৰে যদি ইয়াতো আইন-আদালত নিশ্চয় আছে৷থানাতে কেছ দিম৷“ “দিব খুজিছা যদি দিয়া৷কিন্তু আগতে হাজাৰ টকাৰ এন্ট্ৰী ফিজ!নহলে মনুষ্যলোকত নিসংগ হৈ ভটকি থাকা৷“ তেওঁ বেকা হাঁহি এটা মাৰি ক’লে৷মই বিপাঙত পৰিলো৷জেপত মাত্ৰ পাঁচশ টকা৷তেওঁ এইবাৰ ফুচফুচাই ক’লে,”এশ টকীয়া এখন দিয়া৷অমুকাই আকৌ ঘোচ নাখায় দেই৷তোমাৰ কণ্ডিশ্যনটো দেখিহে কৈছো৷“ কোনোমতে নিজকে চম্ভালি এশ টকীয়া এখন দি থানাৰ এড্ৰেছটো লৈ চিটি বাছত উঠিলো৷

এগৰাকী গৰ্ভৱতী ভূত ঠিয় হৈ আছে৷ইফালে মহিলাৰ বাবে সংৰক্ষিত আসনত কেইবাজনো পুৰুষ৷ৰাস্তাত যিহে গাত৷তাকো ভক্সেল চিটিবাছৰ প্ৰচণ্ড জোকাৰণি৷বাটতে ট্ৰেফিক এজনে বাছখন ৰখালে৷বাকী কাগজ-পত্ৰ সকলো অ’কে৷কিন্তু পলুশ্যনৰ কাগজ-পত্ৰ নাই৷হেণ্ডিমেনে পাঁচশটকীয়া এখন জেপত গুজি দিয়াহে দেখিলো৷ইয়াতো হয়তো ৰছিদৰ কোনো সকাম নাই৷

“তোক কি লাগে হে!“ মোছাল দাৰোগাজনে হুমকি মাৰিলে৷ ময়ো সেমেনাসেমেনিকৈ পকেটমাৰৰ আখ্যানৰ বকলা মেলিলো৷ সমাপ্ত হোৱাৰ আগেয়ে তেওঁ গৰ্জি উঠিল,”ধুৎ!২৪ ঘন্টা হোৱাই নাই৷না তই চোৰৰ নাম ঠিকনা জান৷বাদ দে যা কাইলৈ আহিবি৷“ “ৰিপোৰ্টটো লিখিব পাৰিব!ৰিপোৰ্টটো ২৪ ঘন্টাৰ ভিতৰতো……..”ওলা বুলিছো নহয়৷ন’হলে এইডাল দেখিছ৷ইহ!সি আকৌ মোক আইনৰ পাঠ শিকাই৷প্ৰচণ্ড অপমানবোধত মই ৰঙা-চিঙা পৰি থানাৰ বাজ হৈ চিধাই কাষৰ কোৰ্ট পালোগৈ৷ বহু দৰদামৰ অন্তত এজনে ৫০,০০০ মান পালে খেলিম বুলি ক’লে৷টকা নোপোৱালৈকে মোৰ সোণৰ আঙুঠি দুটা বন্ধকত ৰাখিব লাগিব৷ মই বোলো কিমান দিন লাগিব৷ তেওঁ দামিনীৰ চানী দেউলৰ কায়দাত ক’লে,”তাৰিখ পে তাৰিখ৷জাজৰ ৰিটায়াৰমেণ্ট হওঁতে সংখ্যাত ভালেমান হ’ল পিছে নতুন এপইণ্টমেণ্ট ওহো মুঠেই হোৱা নাই৷অতি কমেও তিনিবছৰ৷“ মই বোলো কৃষ্ণহে বুলিলো৷ কোৰ্টৰ কাষৰ পাণদোকানীজনে আমাৰ আলেখলেখ চাই আছিল,হয়তো মোৰ পৰিস্থিতি দেখি তেওঁৰ দুখো লাগিল,মোক ৰিঙিয়াই মাতিলে,” দাদা আপুনিনো এইবাৰ কি নলগা জেংত লাগি আছে৷আইন-আদালত নামতহে!আপোনাক বৰুৱাই প্ৰেক্টিকেল কথাই কৈছিল৷“ মই বোলো কোন বৰুৱা৷ কেলে TSF(Tunnel Security Force) ৰ চীফ বৰুৱা৷সৱ কমিছনৰ খেলা বুজিছে৷শেষত বৰুৱাৰে শৰণ ল’লো৷ড্ৰয়াৰৰ পৰা ২২ এটা উলিয়াই দিলে৷এক এটা বোলে তেওঁৰ কমিছন৷বৰুৱাৰ ড্ৰয়াৰত টকাৰ জাপ দেখি মোৰ সন্দেহ হ’ল ই বেটা TSF ৰ চীফ নে পকেটমাৰৰ চীফ? বৰুৱাই লাহেকৈ ক’লে,” এইকেইটা টকাৰে নো কেইদিন খাবা৷নেমু চল্লিশ টকা বুজিছা,পেট্ৰলে কাহানিবাই চেঞ্চুৰী মাৰিলে আৰু পাঁচ এটা দিয়া৷আমাৰ ডিপাৰ্টমেণ্টতে জুনিয়ৰ এছিছটেন্টৰ পোষ্ট এটা খালী আছে৷নিজৰ ল’ৰা ভাবিহে কৈছো দেই!চাকৰিটো কিন্তু মামুলী নহয় ঘটো বুলিলে!হে হে বুজিছাই নহয়৷বেকাৰ জীৱনৰ যাতনাৰ পূৰ্ব অভিজ্ঞতাৰ বাবে অনিচ্ছাকৃতেও বৰুৱাৰ প্ৰস্তাৱত হয় ভৰ দিলো৷

ভাড়াঘৰটো বৰুৱাই ঠিক কৰি দিলে৷মালিকনীয়ে নুশুনাকৈ মালিকে ফুচফুচাই ক’লে,” ডেকা ল’ৰা৷পাৰ্টী-চাৰ্টী কৰিবাই দিয়াচোন!আমাকো মাতিবা তেতিয়াহে মেহফিল জমে৷“

টেবুলৰ তলেৰে আজিকালি হুৰাহুৰে আমদানি হয়৷ছমাহত SUV,মহানগৰীত এবিঘা মাটি!মালিকৰ জীয়েকৰ লগতো হিয়া-দিয়া-নিয়া আৰম্ভ হৈ গ’ল৷Fio Research ৰ পৰা কেণ্ডেল নাইট ডিনাৰলৈকে৷মাজে-মাজে বুঢ়াই গম নোপোৱাকৈ SOYO লৈও যাওঁ৷কিন্তু পয়মাল লগালে বিমান দুৰ্ঘটনাত মৰা NRI ইঞ্জিনীয়াৰটোৱে৷সঁজাৰ চৰাই উৰি গ’ল৷ভাড়াঘৰত নাৰিকল ৰুই লাভ নাই৷অফিচৰ জুনিয়ৰ এজনীৰ লগত দ্বিতীয় বাৰ হিয়া-দিয়া-নিয়া চলাই অন্য কোনো NRI ৰ আগমনৰ পূৰ্বে চিধাই শিৰত সেন্দূৰ দি ফ্লেটত সুমুৱালো৷আচবাব খিনি যৌতুকতে পালো৷

শইকীয়া মানে আমাৰ DIC (Death Insurance Cooperation) ৰ এজেণ্ট শইকীয়া বিৰাট কামোৰ ভূত৷বিনা চিকিৎসাৰে ধনৰ অভাৱত মৰি ভুত গুচি মানুহ হ’লে আকৌ বা কেনে জীৱন পাওঁ৷শেষত পলিচি এটা কৰিয়েই পেলালো৷

এফালে ফ্লেটৰ EMI,লৰাটোৰ প্ৰাইভেট মেডিকেল শিক্ষাৰ নামত কোটিটকীয়া “donation” ,তাকো আকৌ সি অলপতে মোৰ মান-ইজ্জত মাটিৰ লগত মিলাই হোষ্টেলত ড্ৰাগছ ফুকি ধৰা পৰিল,পুলিচ-ৱাৰ্ডেন সকলোকে মিলাই দহ মান গ’ল৷শিকাওতে গৰুটোক চাৰি বছৰ বয়সৰ পৰাই কুম্ফো,কাৰাটে,গান-নাচ,আৰ্ট,চুইমিং সোপাই শিকিছিলো কিন্তু সকলটো জনী দাৰ বাপেকৰ দৰে সৌভাগ্যবান নহই৷পৰিবৰ্তনৰ শ্লোগানেৰে চৰকাৰ আহে-চৰকাৰ যায়৷অথচ মূল্যবৃদ্ধি,নিবনুৱা সমস্যা,দুৰ্নীতি,পুতৌজনক আন্তগাঠনি,যাতায়ত সকলো একেই থাকে৷হত্যা,ধৰ্ষণ,পুলিচৰাজ,ঘোৰাৰ কিনা বেচা,কৃষকৰ আত্মহত্যা,উলংগ নাৰীবাদ,হালধীয়া সাংবাদিক,অন্ধা কানুন,তাৰিখ পে তাৰিখ,আন্দোলনজীৱি,বুদ্ধিজীৱী,ডাড়ি-চুলি পকা ছাত্ৰ নেতা,পুজিপতি,ঘোচখোৰ বিষয়া,সন্ত্ৰাসবাদী মুঠতে চিষ্টেম একেটাই৷ঠায়ে-ঠায়ে হাম দো হামাৰে পুৰা ক্ৰিকেট টীম,প্ৰদূৰ্ষণ,গোলকীয় উষ্ণতা বৃদ্ধি,ডিজিটেল প্ৰেতপুৰীত বিদ্যুৎৰ লুকাভাকু এনেকৈ দিন গ’লে ৰাতি হ’ব,জোন-বেলি ওলাই থাকিব,গছত ফুলিব ফুল বতাহ বলিব,নিজ বাটে নক্ষত্ৰ ঘুৰিব কিন্তু চিষ্টেম চলিয়েই থাকিব৷চিষ্টেম সলাবলৈ যোৱা কোনোৱে গুলী খায় মানুহৰূপে পুনৰ জনম লয় আন কিছুমান আকৌ নেতা-মন্ত্ৰী হৈ নিজেই চিষ্টেম হৈ পৰে৷হাবিৰ জীৱন ত্যাগ কৰি আত্মসমৰ্পণ কৰি এমখা ঠিকাদাৰ হয় আৰু ছাত্ৰনেতা হোষ্টেলৰ পৰা চিধাই MLA হোষ্টেল৷

DIC ৰ কৃপাত মানৱজন্ম লোৱাৰ পৰা কোনোমতে বাচিলো৷ইঞ্চুৰেঞ্চৰ নামত হস্পিতালে ঠিকেই লুটিলে কিন্তু মানুহ হোৱাৰ পৰা পৰিত্ৰাণ পালো৷আকৌ নৰমনিচৰ জনম পালে বা কি হওঁ৷যদি ঘোচখোৰ স্বভাৱৰ বাবে ওপৰৱালাই গৰু-গাধ বা কৰোণা ভাইৰাছেই কৰি দিয়ে!ৰিটায়াৰমেণ্টলৈ আৰু মাত্ৰ এটা বছৰ৷এওঁৰ শৰীৰো পৰি আহিছে৷ল’ৰাই অজাতিৰ ছোৱালী আনি ঘৰ সুমুৱালে৷এওঁ আপত্তি কৰিছিল অৱশ্যে মই মানৱ জীৱনৰ পৰাই মুক্ত আৰু কাঞ্চনজংঘা যদিও বিহুমঞ্চত হিন্দীগীত মোৰ প্ৰিয় নহয়৷অৱশ্যে দাংগা-ফচাদ ইয়াতো চলে৷ৰিজাৰ্ভেছনে এচামক চাকৰি দিয়ে কিন্তু অস্পৃশ্যতা-বৈষম্য সেইবোৰো চিষ্টেমৰে অংশ৷লৰাই চিকিৎসাৰ নামত দোকান এখন খুলিছে৷ইনকাম পাতি বৰ ঠিক নহয় আজিকালি মানে আমাৰ এইফালে ডাক্তৰ লাগিব নেকি ডাক্তৰ হ’লগৈ৷পেঞ্চনৰ নামতটো খাতাং ঘোচ দিব লাগিব৷কোনো কথা নাই৷মই নিজেই অতবছৰ ঘোচ খালো নিজেই দিয়াতনো আপত্তি কি,দহ হাজাৰ মান নাপালে প্ৰাইমেৰী স্কুলৰ শিক্ষকৰে ফাইল পাছ নকৰে৷মইনো কোন কুটা৷অন্তত পেঞ্চনটো থাকিলে শেষৰ দিনকেইটা লৰাই নাচালে বৃদ্ধাশ্ৰমতে কটাব পাৰিম৷

আবৃত্তিঃ পেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি (খণ্ড ৭ কলাযাদু বিশেষ)

মান্যতাঃ কলাযাদু (Black Magic) এক বহুলচৰ্চিত আৰু বিতৰ্কৰ বিষয় ৷ কলাযাদুৰ ইতিহাস অত্যন্ত প্ৰাচীন৷ কলা যাদুৰ বিধি পবিত্ৰ ধৰ্মীয় বিধিৰ সম্পূৰ্ণ বিপৰীত৷ পশ্চিমীয়া সভ্যতাৰ মান্যতা অনুসৰি লুচিফাৰ বা চয়তান যি আদিতে ঈশ্বৰ সৃষ্ট দেৱদুত সকলৰ এজন প্ৰমুখ, শক্তিশালী, শুকুলা ডেউকাৰ অধিকাৰী, সুদৰ্শন দেৱদুত আছিল৷ শক্তি আৰু সৌন্দৰ্য্যৰ ৰাগীত মাতাল হৈ এদিন লুচিফাৰে নিজকে ঈশ্বৰৰ আসনত প্ৰতিষ্ঠিত কৰিবলৈ তেওঁৰ অনুগত দেৱদুত সকলৰ সৈতে গঠবন্ধন কৰি ঈশ্বৰৰ সম্ৰাজ্যত খোদ ঈশ্বৰৰ বিৰূদ্ধে বিসম্বাদ আৰু যুদ্ধ ঘোষণা কৰিলে৷ লুচিফাৰ বাহিনী যুদ্ধত পৰাভূত হ’ল আৰু নৰকলৈ নিৰ্বাসিত হ’ল৷ পশ্চিমৰ লুচিফাৰেই মধ্যপ্ৰাচ্যৰ চয়তান বা সনাতনৰ কিংবদন্তীৰ অসুৰ গুৰু শুক্ৰচাৰ্য্য ( সংযোগ বৰ দীঘলীয়া আন কেতিয়াবা লিখিম৷ )৷ নিৰ্বাসিত লুচিফাৰে ঈশ্বৰৰ বিৰূদ্ধে চৰম প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে ঈশ্বৰৰ প্ৰিয়তম সৃষ্টি মানুহক ষষ্ঠ ৰিপুৰ জালেৰে বান্ধি ধৰ্মৰ পথৰ পৰা বিচ্যুত কৰাৰ ষড়যন্ত্ৰ ৰচিলে৷ “এই ভৌতিক সংসাৰৰ প্ৰতিটো সুখ মই তোমাক দিম,তোমাৰ প্ৰতিটো ইচ্ছাই মই পূৰণ কৰিম কিন্তু তাৰ বিনিময়ত তুমি মোক তোমাৰ আত্মা বিক্ৰী কৰিবা৷ “ এয়াই লুচিফাৰ আৰু মানুহৰ মাজৰ ব্যৱসায়ৰ একমাত্ৰ চৰ্ত৷ ইচ্ছাপূৰণৰ বিধি কলাযাদু আৰু চয়তানৰ পূজন সেয়ে এনে লোকক “Satanist” বোলা হ’য়৷এওঁলোকৰ জীৱন ঐশ্বৰ্য্য,বিভূতি,প্ৰাচুৰ্য্য,জনপ্ৰিয়তা,ক্ষমতাৰ সমষ্টি কিন্তু এনেলোক আনহে নালাগে তেওঁৰ পৰিয়ালৰ অন্ত ভীষণ পীড়াদায়ক হয় আৰু মৃত্যুৰ অন্তত “Satanist” ৰ জীৱাত্মাই অনন্তকালৰ বাবে নৰকৰ অগ্নিৰ পীড়া সহি লুচিফাৰৰ গোলাম হয়৷

ইতিহাসঃ১৯ শতিকালৈকে জাৰ্মানীৰ মিউনিখ বিশ্ববিদ্যালয়ত কলা যাদুৰ এক সুকীয়া বিভাগ আছিল শেষত ভেটিকানৰ চাপত পৰি শাসকবৰ্গই বিভাগটোত তলা ওলোমালে আৰু বহু কলা যাদুৰ গ্ৰন্থ তথা সামগ্ৰীও জ্বলাই পেলালে৷ অৱশ্যে সকলো জ্বলাৱ নোৱাৰিলে৷ কিছুমান থাকি গ’ল৷ অসমৰ মায়াংক ভাৰতৰ কলা যাদুৰ ৰাজধানী বোলা হ’য়৷এবাৰ এটা সাক্ষাৎকাৰত মায়াংৰ আজিৰ প্ৰজন্মৰ এজন ডেকাই অকোপট স্বীকাৰোক্তি কৰিছিল কিদৰে কলাযাদুৰ সাধকৰ অৰ্দ্ধশতাধিক পৰিয়ালৰ অত্যন্ত পীড়াদায়ক ৰূপত অন্ত পৰিল৷ সেয়ে পিছৰ প্ৰজন্মই প্ৰায়ভাগ পুথিপাজি উটুৱাই দিলে৷ মানুহক ভেৰা বনোৱা, তপিনাত পীৰা লগা, বীৰা পোহাৰ কিমান যে কাহিনী৷ কিমানদুৰ সঁচা-মিছা নাজানো৷ কিন্তু যিসমূহ ক’লা যাদুক মই এজন পেৰাচাইকজিষ্ট ৰূপে মান্যতা দিও আজিৰ খণ্ডত মাত্ৰ সেই বিষয়হে লিখিম৷

নিশি ডাকঃ ভাৰতৰ পশ্চিমবংগত মূলত নিশিডাক এক কলাযাদুৰ প্ৰচলিত বিধি৷ বঙালী ভাষাত “নিশি“ মানে “ৰাত্ৰিকাল“ আৰু ডাক মানে “কন্ঠ“৷ ধৰা হ’ল এজন ব্যক্তি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত৷ বৃক্ক পোৱা গৈছে কিন্তু সংস্থাপনৰ বাবে আৰু তিনি দিনৰ প্ৰয়োজন৷ কিন্তু মানুহজন প্ৰায় মৃতপ্ৰায়, চিকিৎসকে হাত ডাঙি দিছে, তিনি দিন বাদেই এৰাতিও নাথাকে৷ তেনে পৰিস্থিতিত সেই ব্যক্তিজনৰ জীৱন ৰক্ষাৰ বাবে কলা যাদুৰ সাধকে নিশি ডাকৰ সহায় লয় য’ত বিশেষ চয়তানী পূজা বিধিৰে নিশি নামৰ চয়তানী আত্মা(Devil Spirit) ক জাগ্ৰত কৰা হ’য়৷ নিশিৰ চিকাৰ সচাৰচৰ শিশু বা যুৱপ্ৰজন্ম৷ নিশিয়ে চিকাৰক নিশাৰ ভাগত পৰিচিত ব্যক্তিৰ কন্ঠেৰে মাতে৷যদি তেওঁ পিছলৈ ঘুৰি চায় সিমানতেই তেওঁৰ চিলিম ছিগিল৷এটা আত্মাৰ বিনিময়ত এদিনৰ আয়ুস৷তিনিদিনৰ বাবে তিনিটা চিকাৰ৷সমাধান মাত্ৰ এটাই নিশাৰ বেলা পৰিচিত লোকে পিছফালৰ পৰা মাতিলে চাৰিবাৰলৈকে নমতা পৰ্য্যন্ত ঘুৰি নাচাব৷ দৰ্জাত ধকিয়ালেও চতুৰ্থবাৰৰ বাবে অপেক্ষা কৰিব কাৰণ নিশিয়ে মাত্ৰ তিনিবাৰহে কাৰোবাক মাতিব পাৰে অথবা দৰ্জাত ধকিয়াব পাৰে৷এনে সাধক বা তেওঁৰ পৰিয়ালৰ সদস্যৰ প্ৰায়েই ভয়ংকা অকাল মৃত্যু হয়৷

কৰ্ণপিশাচীনী সাধনাঃ কৰ্ণপিশাচীনী হ’ল এক মহিলা “Demonic Spirit” মৰিশালী বা কৱৰস্থানৰ অতৃপ্ত আত্মাৰ অধিপতিনী৷ কৰ্ণপিশাচীনী ত্ৰিকালদৰ্শী৷ অৰ্থাৎ ভূত,ভবিষ্যৎ আৰু বৰ্তমানৰ সকলো ঘটনা কৰ্ণপিশাচীনীৰ নখদৰ্পনত৷ কৰ্ণপিশাচীনীৰ সাধনা সংসাৰী পুৰুষৰ বাবে নিষিদ্ধ কেৱল বৈৰাগী পুৰুষেহে কৰ্ণপিশাচীনী সাধনা কৰিব পাৰে৷সংসাৰী পুৰুষৰ বাবে এই সাধনা নিষিদ্ধ হোৱাৰ একমাত্ৰ কাৰণেই হ’ল কৰ্ণপিশাচীনীৰ সাধকৰ সৈতে মধুৰ সম্পৰ্ক থকা প্ৰতিগৰাকী নাৰীৰ প্ৰতি থকা ঈৰ্ষা আৰু জিঘাংসা৷সাধকৰ মাতৃ,পত্নী,ভগ্নী,বান্ধৱী সকলোৰে আকাল মৃত্যু হয়৷বৈৰাগী সাধকে অমবস্যাত মৰিশালি(শ্মশানত নহয়) এক বিশেষ আৰু জটিল চয়তানী ৰীতিৰে কৰ্ণপিশাচীনীক বশ কৰে৷বিধিত চুলি মানো হেৰফেৰ হ’লেই সাধক কৰ্ণপিশাচীনীৰ জিঘাংসাৰ বলি হৈ প্ৰাণ হেৰুৱাই৷সিদ্ধি লাভৰ অন্তত সাধক আৰু কৰ্ণপিশাচীনীয়ে পৰস্পৰক নৱজাতকৰ অস্থিৰে বৰমালা পিন্ধাই বিবাহপাশত আবদ্ধ হ’য়৷কৰ্ণপিশাচীনীয়ে সাধকৰ সন্মুখত তিনিটা চৰ্ত ৰাখে,” তুমি মোৰ কথাৰ মাজত বাধা দিব নোৱাৰিবা,মোৰ ইচ্ছাৰ বিৰূদ্ধে গৈ তুমি একো কৰিব নোৱাৰিবা,মই যেতিয়াই বিচাৰো তুমি মোক যৌন সম্ভোগৰ সুখ দিব লাগিব৷“ কৰ্ণপিশাচীনীক কেৱল সাধকেহে দেখে ৰূপ কোনো অপ্সৰাতকৈ কম নহয়৷কন্ঠস্বৰ মধুৰ আৰু সাধকে ভূত,ভবিষ্যৎ,বৰ্তমানৰ যি প্ৰশ্নই নোসোধক কৰ্ণপিশাচীনীয়ে মধুৰ কন্ঠৰে সকলো কথা সাধকৰ কাণত ফুচফুচাই কয়৷ আপুনি যদি সূক্ষ্ম ভাৱে লক্ষ্য কৰে দেখিব একাংশ ভবিষ্যৎদ্ৰষ্টাই ভবিষ্যৎ বাণী কৰাৰ পূৰ্বে ক্ষন্তেক সময়ৰ বাবে পশ্চিম বা দক্ষিণলৈ কাণ উনাই ৰয় আৰু ভবিষ্যৎদ্ৰষ্টাৰ কাণৰ কাষৰ চুলিত সেইসময়ত বতাহৰ সামান্য প্ৰভাৱ পৰে৷তেওঁলোকেই হ’ল কৰ্ণপিশাচীনীৰ সাধক এওঁলোকক ভবিষ্যৎ গণণাৰ বাবে কোনো তথ্যৰে প্ৰয়োজন নহয় প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে ক্ষন্তেক বিৰাম ৰয় আৰু পশ্চিম বা দক্ষিণলৈ কাণ উনাই চায় লগতে কাণৰ কাষত সামান্য বতাহৰ প্ৰভাৱ৷ভুলতো এনে সাধকৰ পাল্লাত নপৰিব৷ কলাযাদুৱে সাধক আৰু গ্ৰাহক সকলোৰে অন্ততঃ পতনেই কৰে৷কৰ্ণপিশাচীনীৰ চৰ্ত কোনো সাধকেই চিৰজীৱন ৰক্ষা কৰিব নোৱাৰে৷ যিদিনাই এটা চৰ্তৰো ভংগ হয় কৰ্ণপিশাচীনী অপ্সৰা গুচি বীভৎস চেহেৰাৰ প্ৰেতিনী হয় আৰু সাধকৰ কাণত অবিৰাম প্ৰচণ্ড চিৎকাৰ কৰে৷সেইসময়ত নৰসিংহ মন্ত্ৰ,নৰসিংহ যন্ত্ৰ আৰু হোম যজ্ঞ নকৰিলে সাধক হয়তো বলিয়া হয় অথবা কৰুণ মৃত্যুক সাবটি নৰকগামী হয়৷

বীৰাঃ বীৰা প্ৰেতাত্মা৷ আত্মহত্যা কৰা ব্যক্তিৰ বুঢ়া আঙুলি বা চিপ লোৱা ব্যক্তিৰ ফাঁচীৰ জৰীক কলাযাদুৰ বিধিৰে সিদ্ধ কৰি আত্মহত্যাকাৰীৰ প্ৰেতাত্মাৰ পৰা বুঢ়া আঙুলিটোমান উচ্চতাৰ বীৰাৰ সৃষ্টি কৰা হ’য়৷বীৰাই সাধকৰ প্ৰতিটো আজ্ঞাই পালন কৰে আৰু তাৰ বিনিময়ত সাধকে তেওঁক আহাৰৰ ৰূপত নিজৰ বুঢ়া আঙুলিৰ ৰক্তদান কৰে৷ যদি আত্মহত্যাকাৰী স্বভাৱত ধাৰ্মিক আৰু পূণ্যবান হয় তেন্তে বীৰাৰ পৰিবৰ্তে হনুমন্ত বীৰাৰ সৃষ্টি হয়৷হনুমন্ত বীৰায়ো সাধকক সহায় কৰে কিন্তু কেৱল সৎ কামত অসৎ অভিপ্ৰায় পূৰণত নহয় আৰু ৰক্ত নহয় ফলমূল আৰু মিঠাইহে হনুমন্ত বীৰাৰ খাদ্য৷সেয়ে বীৰা বুলিলে আমি হনুমন্ত বীৰা নহয় আত্মঘাতী পাপী ব্যক্তিৰ প্ৰেতাত্মাৰ পৰা সৃষ্ট অঘাইতং ৰক্তপিপাসু বীৰাক হে বুজো৷ এনে বীৰা দগাবাজ চোৰ প্ৰকৃতিৰ সাধকৰ আজ্ঞা অনুসৰি নিজৰ সীমিত ক্ষেত্ৰৰ ভিতৰৰ যিকোনো স্থানতে উপদ্ৰৱ চলাই৷ঘৰৰ চাললৈ লদিয়াই, কেচুমতা মাৰে, পিছফালৰ পৰা ব্যক্তিক গতা মাৰি পেলায় হাত-ভৰি ভাঙি ৰং চায় আৰু সিন্ধি নখন্দাকৈ বা তলা নভঙাকৈ যিকোনো সুৰক্ষিত স্থানৰ পৰা অতি কৌশলেৰে মূল্যবান অলংকাৰ,ধন আদি চুৰি কৰি গৰাকীক দিয়ে৷ বীৰাৰ প্ৰকোপত কেতিয়াবা ঘৰৰ কাপোৰ,আচবাব আদি নিজেই-নিজেই জ্বলি যায়৷বীৰা যিহেতু প্ৰেতাত্মা বা “Human Spirit” ৰ “Modified Version” “Demonic Spirit” নহয় সেয়ে কাকো হত্যা কৰিব নোৱাৰে মাত্ৰ উপদ্ৰৱ চলাই৷ ওপৰত উল্লেখ কৰাৰ ঘটনাৰ সমান্তৰালভাৱে যদি বতাহত কীটনাশকৰ তীব্ৰ গোন্ধ ভাহি আহে আৰু ঘৰৰ চালত নিশা মেকুৰীৰ দৰে কিহবাই জপিয়াই খদমদম লগাই তেনেহ’লে সেয়া বীৰাৰ বাহিৰে আন একো নহয়৷সময়ত তেজ দিব নোৱাৰিলে বীৰাই সাধকৰ ঘৰত উপদ্ৰৱ চলাই তেওঁক বাটৰ ভিকহু কৰে আৰু তেনে ন’হলেও সাধকৰ মৃত্যু ভীষণ পীড়াদায়ক হয়,সাধকৰ আত্মা নৰকগামী হয় আৰু তেওঁৰ মৃত্যুৰ অন্তত ঘৰলৈ দৰিদ্ৰতাৰ অভিশাপ নামি আহে৷ বীৰাৰ উপদ্ৰৱৰ পৰা স্থায়ী সমাধান পাৱৰ নিমিত্তে ঘৰ বন্ধাৰ বিকল্প নাই৷

বন্ধনী বা বশীকৰণঃ এজন ছাত্ৰ পঢ়াত নিত্যান্তই মেধাৱী অথচ হঠাৎ তেওঁৰ এনে হ’ল পঢ়া মেজৰ বহিলেই সাংঘাতিক মুৰৰ কামোৰণি আৰু পঢ়া মেজৰ পৰা উঠি অহাৰ মাত্ৰকে সকলো ঠিক পুনৰ বহিল পুনৰ মুৰৰ বিষ৷চিকিৎসকৰ সহায় ল’লে অথচ নাই মুৰৰ কামোৰণিৰ কোনো প্ৰাকৃতিক কাৰণ নাই৷ হমিঅ’,আয়ুৰ্বেদ,এলপেথি,জ্যোতিষবিধি সকলো ফেইল৷এজনী ছোৱালীয়ে তাক দেখিবই নোৱাৰে৷হঠাৎ এনে হ’ল সি উঠ বুলিলে উঠ বহ বুলিলে বহ,তাক নেদেখিলে এখন্তেকো থাকিব নোৱাৰে অথবা ইয়াৰ বিপৰীত দীঘলীয়া প্ৰেমৰ সম্পৰ্ক,অভিভাৱকৰ আপত্তি হঠাৎ এনে হ’ল দিনটোত দহবাৰ ফোন কৰা ল’ৰাজনে আজি তাইৰ নামেই নুশুনে৷এই সকলোৰে এটাই কাৰণ বন্ধন বা বশীকৰণ৷বশীভূত ব্যক্তিৰ চিন্তাশক্তি লোপ পায়,বশীকৰণ কৰাজনৰ একান্ত বাধ্য হৈ পৰে,আৰম্ভণিতে সামান্য জ্বৰ আৰু প্ৰায়েই পাতলীয়া মুৰৰ কামোৰণি আৰু দুৰ্বলতা৷এনে ব্যক্তিৰ কোঠাৰ উষ্ণতা আৰু ঘৰৰ আন কোঠাৰ উষ্ণতাৰ মাজত হয়তো তাৰতম্য থাকে,তেওঁৰ মোবাইলৰ বেটেৰী সোনকালে ল’ হৈ যায়,কোঠাৰ বৈদ্যুতিক সৰঞ্জাম সহজেই বেয়া হয়৷বশীভূত লোকক হাজাৰ বুজালেও তেওঁ মানি নলয় যে তেওঁ বশীকৰণৰ চিকাৰ৷বহু অভিভাৱকে সন্তানৰ প্ৰেমত প্ৰতিবন্ধক হৈ কলাযাদুৰ সাধকৰ দ্বাৰা নিজৰ সন্তানৰে বশীকৰণ কৰাই যি তেওঁৰ অজ্ঞাতেই সন্তানৰ জীৱনলৈ অমানিশা নমাই আনে কাৰণ বশীকৰণে সন্তানৰ জীৱনলৈ আগমন ঘটা শুভশক্তিৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰত পৰিণত হ’য় ফলশ্ৰুতিত কেতিয়াবা সন্তানৰ আকাল মৃত্যুও হয়৷আপোনাৰ চুলি,কাপোৰৰ টুকুৰা বা ফটোৰ ব্যৱহাৰ কৰি আপোনাৰ খাদ্য-পানীক অশুদ্ধ কৰি আনহে নালাগে ধূপৰ ধোৱাৰ গোন্ধেৰেও আপোনাক সহজেই বশীকৰণ কৰিব পাৰি৷সেয়ে পৰাপক্ষত সন্দেহজনক ব্যক্তিয়ে দিয়া খাদ্য বিশেষকৈ কণী,সুৰা বা পানী কেতিয়াও নাখাব৷কাপোৰ হেৰালে সচেতন হওঁক৷খাদ্য-পানী আৰু চুলিৰ দ্বাৰা কৰা বশীকৰণৰ পৰা ভুক্তভোগীক মুক্তি দিয়া অত্যন্ত জটিল অন্যান্য ক্ষেত্ৰত 12000 Hz ৰ শব্দ তৰংগৰ শ্ৰৱণেই পৰ্য্যাপ্ত৷বশীকৰণ কৰা সাধকে প্ৰকৃতি আৰু নিয়তিৰ বিৰূদ্ধে যায় আৰু সেয়ে প্ৰকৃতি আৰু নিয়তিয়েও শেষ সময়ত তেওঁক প্ৰতাৰণা কৰে৷

ভুডো ডলঃ ভুডো ডল কলাযাদুৰে অভিমন্ত্ৰিত এনে এক পুতলা য’ত সাধকে চিকাৰৰ চুলি বা কাপোৰৰ অংশৰ ব্যৱহাৰ কৰে৷ভুডো ডলৰ লগত সাধকে যি কৰে ভুক্তভোগীৰ লগত সেয়াই হ’য়৷যদি পুতলাটোৰ পেটত চুৰিৰে খুচি দিয়ে আপোনাৰ পেটেৰে ৰক্তক্ষৰণ হ’ব৷এয়া এক মৰাত্মক কলা যাদু৷কেৱল চীনতেই নহয় পশ্চিমবংগ আৰু উৰিষ্যাতো বহু ভুডো সাধক আছে৷সাধকৰ চিনাক্তকৰণ আৰু বিশেষ বিধিৰে সময়ত ভুডো ডলৰ নিষ্ক্ৰিয়কৰণ নকৰিলে চিকাৰৰ মৃত্যু নিশ্চিত৷ভুডোৰ সাধকে চয়তানক নিজৰ আত্মা বিক্ৰী কৰে আৰু মৃত্যুৰ অন্তত সময়ৰ শেষলৈকে নৰকৰ অগ্নিশিখাৰ যন্ত্ৰণা ভোগে৷

কালিয়া মাষানঃ সংস্কৃতৰ কালিয়ামাশানক বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে জনা যায়৷কালিয়ামাশান কলা যাদুৰ সকলোতকৈ ভয়ংকৰ বিদ্যা৷যাৰ ওপৰত কালিয়া মাশান কৰা হয় তেওঁ প্ৰথমে ধাৰাবাহিক ভাবে দুস্বপ্ন দেখি মানসিক ভাৱে ভাগি পৰে,সমগ্ৰ শৰীৰত ভয়ংকৰ বিষ আৰু পোৰণিৰ অনুভৱ হয়,খাদ্যপানী বাদ দিয়ে,দীৰ্ঘকালৰ বাবে বিছনা লয়,বিছনাতেই শৌচ-প্ৰস্ৰাৱ কৰে,কেতিয়াবা শৰীৰত ঘা লাগে আৰু ঘা লগা অংশ গেলি দুৰ্গন্ধৰ সৃষ্টি কৰে,এনে নৰক যাতনা সহিব নোৱাৰি ভুক্তভোগী আৰু পৰিয়ালে তেওঁৰ মৃত্যুৰ বাবে ভগৱানক খাটে,দশকযোৰা অসুস্থতাৰ অন্তত অৱশেষত শুকাই-ক্ষীণাই কংকালসাৰ হৈ বিবেক-বুদ্ধি হেৰুৱাই মৃত্যু মুখত পৰে৷চিকিৎসা,জ্যোতিষশাস্ত্ৰ,ধৰ্মীয় ৰীতি-নীতি সকলো ব্যৰ্থ হ’য়৷উপায় মাত্ৰ এটাই সাধকক বিচাৰি উলিওৱা কিন্তু কালিয়া মাষাণ কৰা সাধক চয়তানৰ সৈতে আত্মাৰ বিনিময় কৰা শক্তিশালী ক’লা যাদুৰ সম্ৰাট৷তেওঁক বিচৰা পৰ্বতত কাচ কণী বিচৰা সদৃশ৷বিচাৰি পালেও স্বইচ্ছাৰে সাধকে অভিশাপ ঘুৰাই নললে ভুক্তভোগীৰ বাবে দশক যোৰা নৰক যন্ত্ৰণা আৰু পীড়াদায়ক মৃত্যুৰ বিকল্প নাই৷ এনে কলাযাদুৰ সম্ৰাটে আত্মাৰ বিনিময়ৰ বাবত শেষত নৰকগামী হয় আৰু নৰক নহয় পাতালৰ কুম্ভীপাক নৰকত পৰে আৰু সময়ৰ শেষলৈকে ভুক্তভোগীতকৈ সহস্ৰগুণ অধিক যন্ত্ৰণা ভোগে আৰু তেওঁৰ আগৰ-পিছৰ সাতপুৰুষো নৰকগামী হয়৷

মই ডাইনীক অন্ধবিশ্বাস আৰু ধূৰ্তালি আখ্যা দিও৷সংস্কৃতৰ ডাকিনী বা অসমীয়াত ডাইনী বুলি যাক কোৱা হয় সেয়া “Demonic Spirit” তেজমঙহৰ মহিলা ডাইনী হ’ব নোৱাৰে৷সেয়ে এইক্ষেত্ৰত সজাগতা আৰু কঠোৰ আইনব্যৱস্থা সময়ৰ দাবী৷ কলাযাদুৰ সাধনা বা তেনে সাধকৰ শৰণ লোৱাৰ অন্তিম পৰিণতি সদায়েই পীড়াদায়ক৷ নেদেখাজনক বিশ্বাস ৰাখক,সৎ কৰ্ম কৰক হয়তো দুদিনমান পলম হ’ব কিন্তু জীৱন যুদ্ধত অন্তিম হাঁহি আপুনিয়েই মাৰিব৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

মায়াঃ আধাকুৰি ভৌতিক অনুগল্প

“অহ! তুমি মানে আমাৰ মাজনীৰ বান্ধৱী৷ কি নাম কৈছিলা,অ’ সুৰভি৷ বুঢ়া মানুহ অ’ আইজনী৷ পাহৰি যোৱাৰ বেমাৰ বুজিছা৷ ছেণ্ডেল খুলিব নালাগে৷ যোৱা-যোৱা ভিতৰতে বহা৷ বেলি লহিয়াবৰ হ’ল৷ মই গোহালিত জাক দি আহো৷“ তাই চৰাঘৰত সোমাইছিল মাত্ৰ এক ভয়াৰ্ত আৰ্তনাদ কৰি থিতাতে মূৰ্চা গ’ল৷সম্ভৱত চৰাঘৰত সোমায়েই শুকুলা ফুলৰ মালাৰে সুশোভিত মোৰ তৈলচিত্ৰখন দেখিলে৷ মোৰ দহা-কাজ হৈ যোৱাৰ বছৰেকেই হ’ল৷ কিন্তু গৰুহালৰ মায়াই এতিয়াও মোক ইহলোকতেই বান্ধি ৰাখিছে

“ টোপনি গৈছিলা নেকি! তোমাৰ নিদ্ৰা আচ্ছন্ন কন্ঠ! আস কি যে মায়া৷ মই তোমাক ভাল পাওঁ পৰিণীতা৷“ পৰিণীতাই “ ময়ো তোমাক…” বুলি কৈও থমকি ৰ’ল৷হয়তো তাইৰ মনত পৰিল পথদুৰ্ঘটনাত মোৰ মৃত্যু হোৱাৰ আজি প্ৰায় তিনিমাহেই হ’ল৷তাই মোবাইলটো পৰীক্ষা কৰিলে হয় মোৰেই নম্বৰ যিখন তাই এমাহ পূৰ্বেই ডিএক্টিভ কৰাইছিল৷“ জীৱনৰ অন্ত হয় কিন্তু প্ৰেম,পবিত্ৰ প্ৰেম আত্মাৰ দৰেই অবিনশ্বৰ৷ পৰিণীতাৰ নিদ্ৰা আচ্ছন্ন মৰম আকলুৱা কন্ঠ৷আস কি যে মায়া৷

এই কণমানি ফুলনিখনেই মোৰ জীৱনৰ প্ৰথম প্ৰেম৷নানাৰঙী ফুলৰ মেলা, মন মতলীয়া কৰা সৌৰভ , পখিলা আৰু ভোমাৰাৰ গুঞ্জন৷ফুলনিত পানী দিবলৈ আৰম্ভ কৰিছো মাথোন৷ ঘৰৰ বেলকনিৰ পৰা মোৰ সৰু ভতিজী মুনুকনৰ ভয়াৰ্ত আৰ্তনাদ ভাহি আহিল৷মই লৰ মাৰিবলৈ লৈছো মাত্ৰ তাই কপা কপা হাতেৰে মোৰ ফালে আঙুলিয়াই তাইৰ দেউতাক অৰ্থাৎ মোৰ কনিষ্ঠ ভাতৃ সৰুবাপুক ক’লে,” সৌৱা চোৱা,এই দোপৰ ৰাতিখন বত্তাই ফুলনিত পানী দি আছে ৷ “ সৰুবাপুয়ে হয়তো মোক দেখা নাপালে সি মাথো অশ্ৰুসিক্ত নয়নৰে ক’লে, “ককাইদেউৰ ফুলনিখনলৈ বৰ মায়া আছিল সেয়ে হয়তো বছৰেকীয়াৰ অন্ততো তাৰ আত্মাই মুক্তি পোৱা নাই৷ “

বিজিত কেৱল মোৰ শৈশৱৰ লগৰীয়া বা প্ৰিয় বন্ধুৱেই নহয় সমান্তৰালভাৱে এই অভাজনৰ জীৱনৰ একমাত্ৰ পথপ্ৰদৰ্শক, সুখ দুখৰ লগৰী আৰু কলেজৰ সন্মুখত ছোৱালী জোকোৱা, ষোড়শী গাভৰুলৈ বুকুৰ তেজৰ সলনি টমেট কেটশ্বাপেৰে বেনামী চিঠি লিখা, হোষ্টেলত লুকাই-চুৰকৈ সুৰাপান কৰাৰ দৰে প্ৰতিটো দুষ্টালিৰ একান্ত বিশ্বস্ত সহচৰ৷ আজি নামঘৰত ভাওঁনা৷ সৌৱা বিজিতে চাইকেল চলাই ঘৰলৈ উভটিছে৷ বাহনিৰ সিপাৰৰ পৰা তাক ৰিঙিয়ালো৷ প্ৰিয়বন্ধুৰ ৰিঙিয়নিক সি উপেক্ষা কৰি পাৰে৷সি সচাৰচৰ দৰে এটা ছিগাৰেট জ্বলালে৷ মই ছিগাৰেট খাবলৈ এৰা প্ৰায় এমাহেই হ’ল৷ আজিকালি গোন্ধটো পালেও ওকালি আহে৷ অৱশেষত মোৰ অনুৰোধত সি ছিগাৰেটটো পেলাই দিলে৷ হঠাৎ আগমণ ঘটা শীতল বতাহজাকে কঢ়িয়াই অনা সুবাসে হয়তো বিজিতৰ বিবেচনা শক্তিৰ বিলোপ ঘটালে৷ মন্ত্ৰমগ্ধ ব্যক্তিৰ দৰে যোৱামাহত মই ছিপ লোৱা গছজোপাতে মই আগবঢ়াই দিয়া জৰীডালেৰে সি চিপ ল’লে৷ ল’ৰালিৰ প্ৰিয় বন্ধুৰ মায়া৷ তাক অকলে এৰি মইনো কেনেকৈ থাকো৷

” বোপাই অ’৷ মই “ ক “ ৰ চুক কেইটা সেয়াও নাজানো৷ আয় বুলিবলৈ মাত্ৰ বোপাককাৰ দিনৰ মাটিডৰা মাত্ৰ ৷ তাকো তোৰ উচ্চশিক্ষাৰ নামত মহাজনৰ ওচৰত বন্ধকত ৰাখিলো৷ সোনকালে চাকৰি এটা গোটা আৰু মাৰে নো অকলে কিমান টানিব৷“ বৰপোনাই কিবা ক’ব খুজিও মৌন হৈ পৰিল৷ অশ্ৰুসিক্ত নয়নেৰে কান্দি-কান্দি ক’লে,” দেউতা তোমাৰ সপোন মই নিশ্চয় পূৰণ কৰিম৷ কিন্তু মহাজনৰ পৰা মাটিডোখৰ মোকলাব নোৱাৰাৰ বাবেই তুমি কিয় এনে চৰম সিদ্ধান্ত ল’লা!কিয় বিষাক্ত কীটনাশক খায় আমাক এৰি গ’লা৷ “ মই হুমুনিয়াহ কাঢ়ি স্বগতোক্তি কৰিলো, ” বোপাই অ’ নুবুজিবি আমাৰ দৰে সাধাৰণ খেতিয়কৰ বাবে খেতিৰ মাটিডৰাই মান-সন্মান সকলো৷ মহাজন দৌতাৰ সূত নিদিলো বুলিয়েই মইনো কেনেকৈ নিজৰ মাটিডৰাতে আধিয়াৰ হওঁ৷বোপাই অ’ নাকান্দিবিচোন মই আজিও ছাটোৰ দৰে তোৰ লগতেই আছো৷ হয়তো এয়াই মোৰ দৰে দালদৰিদ্ৰ দুৰ্ভগীয়া পিতৃৰ পুত্ৰমোহৰ কৰুণ মায়াৰ অন্তিম পৰিণতি৷“

আজি প্ৰায় এটা দশকৰ অন্তত তাই পুনৰ বৰপুখুৰীৰ পাৰলৈ আহিছে৷ ডায়েৰীত কিবাকিবি লিখিছে৷ সম্ভৱত কবিতাই হ’ব৷ আইনুৰ কবিতা পঢ়িয়েই এদিন মই তাইৰ প্ৰেমত পৰিছিলো৷ লঠঙা ফাগুণৰ শেষত বসন্তৰ বাৰ্তা লৈ তাই মোৰ জীৱনলৈ আহিল৷এদিন হঠাৎ আমাৰ বিচ্ছেদ হ’ল৷ আজি পুনৰ এটা দশকৰ অন্তত৷ আকাশত সৌৱা ভোটাতৰা৷ তাই ঠিয় হৈছিল মাত্ৰ মই পিছফালৰ পৰা লাহেকৈ ঠেলা মাৰি দিলো৷ এটা দশক হ’ল আৰ্থিক অনাটনৰ সন্মুখীন হৈ মই বৰপুখুৰীত জাপ দি আত্মহত্যা কৰাৰ৷ প্ৰতি সন্ধিয়া আইনুৰ বাবে অপেক্ষা কৰো আৰু অৱশেষত আজি সম্পূৰ্ণ এটা দশকৰ অন্তত মোৰ দীৰ্ঘকালিন অপেক্ষাৰ অন্ত পৰিল৷ কিমান আৰু সহিম একাকীত্বৰ যন্ত্ৰণা৷ এয়া জিঘাংসা নহয় প্ৰেম মাথো প্ৰেম৷ আজলী আইনুক মই কেনেকৈনো এই নিষ্ঠুৰ ধৰাত অকলশৰীয়া কৰি সিপাৰলৈ যাওঁ৷“ Everything is possible in love,war and politics. ” প্ৰেম সঁচাকৈয়ে এক বিচিত্ৰ মায়া৷

আবতৰীয়া বৰষুণজাকে মোৰ চহৰলৈ আজি সন্ধ্যাৰ পৰাই শীত নমাইছে৷ সেয়ে হয়টো ডিব্ৰুগড় অসমৰ শ্বিলং৷ বৰষুণ মোৰ প্ৰিয় সেয়ে ডিব্ৰুগড়ৰ আবতৰীয়া বৰষুণজাকে মোক মুঠেই আমনি নকৰে৷ কিন্তু মোৰ ৰূমমেটে বৰষুণ বেয়া পাই৷ তাই মোক প্ৰায়ে গালিও পাৰে, “তিতি জ্বৰ হ’লে গম পাবি ৰ৷“ বছৰেকেই হ’ল তাইক লগ নোপোৱা৷ বিশ্ববিদ্যালয়ৰ জীৱনৰ প্ৰথম বৰ্ষত দুৰ্ভাগ্যবশত আমাৰ বিচ্ছেদ হ’ল৷ তাই ৰূম সলালে আৰু বিশ্ববিদ্যালয়ৰ জীৱনৰ অন্তত চাকৰিৰ সন্ধানত ডিব্ৰুগড় এৰিলে আৰু বছৰেকৰ অন্তত আজি মোৰ শিক্ষয়িত্ৰীৰ ৰূপত তাই আমাৰ সেই পুৰণি পিজিৰ কাষৰ ভাড়াঘৰত থিতাপি ল’লেহি৷ বৰষুণ অহাৰ মাত্ৰকেই চিৰাচৰিত নিয়ম অনুসৰি পৰিস্মিতাই ছাদৰ ওপৰলৈ দৌৰ দিলে৷ কাপোৰ সামৰি উভটিব লওঁতেই মই ঠেলা মাৰি দিলো৷ তাইৰ কপালৰ তেজে বৰ্ষাসিক্ত চোতালখনক ৰাঙলী কৰিলে আৰু মাত্ৰ কেইটামান মূহূৰ্ত তাৰ পিছত তাইৰ পাৰ্থিৱ শৰীৰ চেঁচা পৰি যাব আৰু আমি পুনৰ এবাৰ ৰূমমেট হ’ব৷এবছৰেই হ’ল প্ৰেমিকৰ প্ৰতাৰণাৰ বলি হৈ তাই নথকাৰ সুযোগতে কোঠাৰ চিলিংফেনত চিপ লোৱাৰ৷সেইৰাতিয়েই তাই পিজি এৰি মোৰ ক্ষেত্ৰই ধুকি নোপোৱা স্থানলৈ গুচি গ’ল৷ৰূমমেটৰ টান এয়াও আন এক মায়াই দিয়কচোন,কিমান আৰু অকলে সেই তলাবন্ধ কোঠাটোত থাকিম৷ৰূমমেট এজনী লাগে দিয়কচোন৷

সৰুমইনাই বৰকৈ আমনি কৰিছে৷হয়তো বেছেৰাৰ পিয়াহ লাগিছে৷ দুধদানীটো লৈ শোৱনিকোঠাত সোমাইছো মাত্ৰ৷ চকুহাল পুনৰ মোহাৰি চালো,” সৰু মইনা বতাহত ওপঙি আছে ওঠত দুটোপাল গাখীৰ৷মায়াই নিচুকনি গীত গুণগুণাইছে৷ কিনো ক’ম মাকৰ মৰম সেয়াও এক মায়া আজি তিনিমাহেই হ’ল মায়াই সৰুমইনাক জন্ম দি প্ৰসৱ বেদনাত মোক অকলশৰীয়া কৰি যোৱাৰ৷

কাঞ্চাৰ কথাত বিশ্বাস কৰাৰ প্ৰশ্নই নুঠে৷ কথাই প্ৰতি ফাঁকি৷ তাৰ গাজাখুৰী গল্প শুনিলে মৰা মানুহো উঠি বহি হাঁহিব৷ দোপৰ নিশা পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীকোঠাৰ পৰা প্ৰফেচৰ বৰুৱাৰ গহীন কন্ঠস্বৰ বোলে আজিও ভাহি আহে৷প্ৰফেচৰে নিজৰ কোঠাৰ চিলিংত ছিপ লোৱাৰ আজি ছমাহেই হ’ল৷পত্নীৰ শণিবৰীয়া বাণিজ্য মেলা দৰ্শনৰ আব্দাৰ পুৰাবলৈ গৈ লৰালৰিতে চূড়ান্ত বৰ্ষৰ বহীজাপ কমন ৰূমতে এৰি আহিলো৷ ভাত খাই থাকোতেহে মনত পৰিল৷ সময় প্ৰায় নিশা প্ৰায় ১১ কলেজলৈ প্ৰায় আধাঘণ্টাৰ বাট ইফালে অধ্যক্ষৰ কাঢ়া নিৰ্দেশ সোমবাৰে বহী চাই জমা দিব লাগিব৷উপায়ন্তৰ হৈ কলেজৰ দিশত গাড়ী দৌৰালো৷নাইট চকীদাৰ কাঞ্চাক চিঞৰি-চিঞৰি জগালো৷ চাবিপাত দিলে কিন্তু ভিতৰলৈ নাযায়৷ উপায়ন্তৰ হৈ অকলেই খোজ দিলো৷ ফিজিক্স গেলাৰী পাৰ হৈ কমন ৰূম৷ফিজিক্স গেলাৰী পাইছো মাত্ৰ,আৰে এয়াচোন প্ৰফেচৰ বৰুৱাৰ কন্ঠ৷মানে কাঞ্চাই সাধুকথা কোৱা নাছিল৷কাৰোবাৰ বাবে অধ্যপনা নিচা আন কাৰোবাৰ বাবে পেচা সকলো নিচাই মায়া মাত্ৰ৷

ভৌতিকগল্প মোৰ সাহিত্য চৰ্চাৰ প্ৰিয় বিষয়৷ঠিক প্ৰিয় বিষয় বুলিলেও কমাই কোৱা হ’ব,হ’বি বোলাই সঠিক হ’ব৷ প্ৰায়েই এসপ্তাহেই হ’ল ঘৰলৈ উভতি আহোতে উদণ্ড ট্ৰাক ড্ৰাইভাৰে মোক মহতিয়াই যোৱাৰ হ’লেও সুধী পাঠক সমাজৰ মায়নো মই কেনেকৈ ত্যাগ কৰো৷সেয়া চাওঁক আপোনাৰ মোবাইলৰ পৰা ক্ৰমশ দুখন ৰক্তাক্ত কটাহাতে আপোনাৰ ডিঙিৰ দিশে গতি কৰিছে৷ভয় নকৰিব,মাথো কেইমূহূৰ্তমানৰ ছটফটনি তাৰ পিছত আপুনি আৰু মই একেখন নাৱৰেই যাত্ৰী৷খিৰিকীৰ সিপাৰৰ পৰা প্ৰফেচৰ বৰুৱায়ো আপোনাক ৰিঙিয়াইছে৷সৌৱা চাওঁক আপোনাৰ কোঠাৰ দাপোনত সেয়া কাৰ বীভৎস প্ৰতিবিম্ব!

আবৃত্তিঃ পেৰানৰ্মেল এক্সপাৰ্টৰ দিনলিপি (খণ্ড ৬)

(সুধী পাঠক সমাজলৈ ধন্যবাদৰ সৈতে এক বিশেষ অনুৰোধ আপোনাৰ ব্যক্তিগত সমস্যাৰ কমেন্ট বক্সত বৰ্ণণা কৰাৰ সলনি মোক ” Messenger ” কওঁক৷কাৰণ সামাজিক মাধ্যমত ব্যক্তিগত সমস্যাৰ ৰাজহুৱা আলোচনা মোৰ প্ৰফেচনেল এথিক্সৰ বিৰোধী৷)

মায়াঃ আমাৰ মাজৰ বহুজনৰে হয়তো এনে অভিজ্ঞতাৰ সাক্ষী হোৱা বা আবৃত্তি শুনাৰ দুৰ্ভাগ্য হৈছে৷নিজান ৰাজপথ,মাজনিশাৰ তৰালী জোনাক,হঠাৎ গাড়ীৰ সন্মুখত শুভ্ৰবসন পৰিহিতা সুন্দৰীৰ আবিৰ্ভাৱ৷চালকে তীব্ৰবেগেৰে ব্ৰেক মাৰি দিশ সলনি কৰিলে৷ইয়াৰ কৰুণ পৰিণতি হয় গাড়ী ৰাজপথৰ কাষৰ গছত খুন্দা মাৰি চুৰমাৰ হ’ল বা গৰখাৱৈত সৰি পৰিল৷যোৰহাট বাইপছৰ ভৌগদৈ দলংৰ সমীপৰ অঞ্চল,জাঁজীৰ ফুলপানীছিগা,কাজিৰঙা,বুঢ়াপাহাৰ,জামুগুৰি আদিতটো এনে ঘটনা মাহেকে-পষেকে হৈয়েই থাকে৷যোৰহাট বাইপাছত অনুৰূপ ঘটনাৰ উল্লেখ এজন জনপ্ৰিয় লেখকে তেওঁৰ নৈশ বাছ চালনাৰ অভিজ্ঞতা ভিত্তিক গ্ৰন্থটো উল্লেখো কৰিছে৷স্থান-পাত্ৰ-সময় সকলো ভিন্ন অথচ অনুৰূপ ঘটনা৷গুৱাহাটীত বিয়া খাই উভতি অহা যোৰহাটৰ এটা সমগ্ৰ পৰিয়াল শেষ হৈ গ’ল বাচি থাকিল মাত্ৰ দুটা কণমাণি তেওঁলোকৰো একেই আবৃত্তি

কাৰণ বিশ্লেষণ আৰু সমাধানঃ প্ৰাকৃতিক ভাৱে বিশ্বৰ কোনো স্থানেই অভিশপ্ত নহয়৷কিন্তু আমাৰ ঋণাত্মক বিচাৰধাৰা তথা কাণ্ডজ্ঞানহীনতাই যিকোনো পবিত্ৰ স্থানকে অভিশপ্ত কৰিবলৈ পৰ্য্যাপ্ত৷এটা সাধাৰণ পথ দুৰ্ঘটনা ধৰা হ’ল চালক সুৰাপায়ী আছিল৷পথদুৰ্ঘটনাত থিতাতে মৃত্যু হ’ল৷তেওঁৰ ৰক্তাক্ত আৰু পিষ্ট মৃতদেহৰ বীভৎস ৰূপ দেখি সেই ৰাস্তাৰে পাৰ হৈ যোৱা সকলোৱে উস-আস কৰা আৰম্ভ কৰিলে৷এই সকলোখিনিয়েই মানৱসৃষ্ট “negativity” কিন্তু একেই “negativity” আকস্মিক বা আকাল মৃত্যুৰ চিকাৰ হোৱা মৃতকৰ ঘৰ তথা অন্তিম সৎকাৰৰ স্থলীতো হ’য় কিন্তু পাৰ্থক্য এয়াই মৃতকৰ ঘৰত আৰু অন্তিম সৎকাৰস্থলীত ধৰ্মীয়(যি ধৰ্মৰেই নহওক কিয়) ৰীতি-নীতি যেনে পবিত্ৰ মন্ত্ৰোচাৰণ,আয়ত পাঠ,বাইবেল পাঠ আদি কৰা হ’য় অথবা উচ্চ প্ৰাবল্যৰ বাদ্য যেনে বৰকাঁহ ইত্যাদি বজোৱা হয়৷ফলত আকস্মিক মৃত্যুৰ চিকাৰ প্ৰেতাত্মাই বাধ্য হৈ সেই স্থানৰ পৰিত্যাগ কৰে৷কিন্তু ৰাজপথ বিশেষকৈ য’ত দুৰদুৰণিলৈকে জনবসতি বা ধৰ্মীয় প্ৰতিষ্ঠান নাই তেনে ঠাইত এনে “negativity” নিয়ন্ত্ৰণকাৰী দৈৱিক শক্তিৰ অভাৱত প্ৰেতাত্মাৰ বসতিস্থল হৈ পৰে৷প্ৰেতাত্মা অশৰীৰ আৰু নিসংগ৷অশৰীৰ হোৱাৰ বাবে আপোনাক হত্যাটো দুৰৰে কথা স্পৰ্শ কৰাৰো প্ৰশ্নই নুঠে৷কিন্তু মনত ভ্ৰমৰ সৃষ্টি দ্বাৰা দুৰ্ঘটনা ঘটাই আপোনাক অৱশ্যেই হত্যা কৰিব পাৰে বা আপুনি ভয়াবহ বিভ্ৰমৰ চিকাৰ হৈ হাৰ্ট ফেইলো কৰিব পাৰে৷সেয়ে প্ৰথম কথা ভয় নকৰিব,এনে পৰিস্থিতিৰ সন্মুখীন হ’লে নেদেখাজনক স্তুতি কৰক৷ৰাজহুৱা স্থানত দুৰ্ঘটনা বা আত্মহত্যাৰ দৰে ঘটনা হোৱাৰ পিছত যদি ক্ৰমে সেইঠাইত বহুলোকে অতিপ্ৰাকৃতিক ঘটনাৰ চিকাৰ হোৱা বুলি দাবী কৰে তেনে ঠাইত স্থানীয়লোকে ৰাজহুৱাভাৱে ধৰ্মীয় ৰীতি-নীতি পালনৰ লগতে ধৰ্মীয় প্ৰতিষ্ঠান সাজক৷কাৰণ আপুনিও সেই পথৰেই পথচাৰী৷প্ৰেতাত্মাই আমাক ঘৃণাৰ বৰ্শৱতী হৈ জিঘাংসা পূৰণৰ বাবে হত্যা নকৰে প্ৰেতাত্মাক একাকীত্বৰ অৱসানৰ বাবে সংগীৰ প্ৰয়োজন আৰু ক্ৰমে সংগীৰ চিকাৰ প্ৰেতাত্মাৰ নিচাত পৰিণত হয়৷আত্মহত্যাকাৰীৰ ঘৰত শ্ৰাদ্ধ আদি নহয় কিন্তু আপুনি ঘৰৰ কল্যাণৰ বাবে ব্যক্তিগতভাৱে শংখনাদ,গংগাজলেৰে নিয়মিত গৃহশোধন,তুলসীৰ তলত সন্ধিয়া ঘিউ চাকি চলোৱা আৰু আত্মহত্যা কৰা স্থানৰ আশেপাশে নিম গছ ৰূৱ পাৰে৷কেতিয়াবা কিন্তু শুভ্ৰবসন পৰিহিতা যুৱতী প্ৰেত নহয় তেজমঙহৰ মানুহো হ’ব পাৰে সেয়ে গাড়ীখন চিধাচিধিকৈ চলাই নিয়াৰ সলনি হেণ্ডব্ৰেক মাৰি বেক গিয়েৰ লগাই কিছুদুৰ অতিক্ৰম কৰি U turn লওঁক৷

ৰাজপথৰ আন এক গতানুগতিক দুৰ্ঘটনা হ’ল৷সময় শেষ নিশা প্ৰায় দুই-তিনিমান হ’ব৷আপুনি চালকৰ আসনত৷এক মিনিটৰ আগলৈকে আপুনি সংগীৰ সৈতে কথা পাতি আছিল৷বতাহত সুগন্ধ,শীত বা পছোৱাৰ আগমন,মূহূৰ্ততে আপোনাৰ চকুত টোপনিৰ আমনি আৰু গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা পতিত হ’ল৷দেৰগাওঁ যোৰহাটৰ সীমাৰ সমীপৰ দলং এখনত প্ৰায়ে এনে হয়৷

কাৰণ বিশ্লেষণ আৰু সমাধান-হঠাৎ বতাহত বিয়পি পৰা তীব্ৰ সুবাস বা দুৰ্গন্ধ যাৰ কোনো প্ৰাকৃতিক কাৰণ নাই সি প্ৰেতাত্মা নহয় “Demonic Spirit” (যি সৃষ্টিৰ আদিৰ পৰাই আসুৰিক প্ৰবৃত্তিৰ অশৰীৰ) ৰ উপস্থিতিক সূচায় আৰু “Demonic Spirit” য়ে সংগী বিচাৰি নহয় আপোনাৰ আত্মাক গোলাম কৰাৰ তাড়নাত জিঘাংসাবশত হত্যাৰ ষড়যন্ত্ৰ ৰচে৷সেয়ে অকস্মাৎ প্ৰাকৃতিক কাৰণ অবিহনে শীত,তাপ,বতাহৰ আগমন,সুগন্ধ বা দুৰ্গন্ধ পালেই গাড়ীৰ চাউণ্ড চিষ্টেম বা মোবাইলত নৃসিংহ মন্ত্ৰ(most effective against demonic spirit কাৰণ নৃসিংহ প্ৰভুৱে সৰ্বশক্তিমান অসুৰৰাজ হিৰণ্যকশিপুৰৰ সংহাৰ কৰিছিল) বজাই U turn লওঁক৷সুৰা পান কৰি গাড়ী নচলাব ন’হলে আপুনি প্ৰেত হোৱাৰ লগতে নিৰপৰাধী জনো প্ৰেত হ’ব৷পৰাপক্ষত নৈশ যাত্ৰা কৰিলে চালকে পাতলীয়া আহাৰ আৰু আহাৰৰ অন্তত কেফেইনেটড দ্ৰব্য সেৱন কৰা উচিত৷তেতিয়া টোপনিয়ে বৰকৈ আমনি নকৰে৷পৰাপক্ষত নিশা দুইবজাৰ পৰা তিনিবজাৰ ভিতৰত ভ্ৰমণ নকৰিব যদি আপোনাৰ নিয়মীয়া নৈশ গাড়ীচালনৰ অভিজ্ঞতা নাই তেনেহ’লে “Bodyclock” ৰ স্বাভাৱিক পৰম্পৰাবশত সেইসময়ত কিছুমান হৰমোনৰ নিম্ন মাত্ৰাত উৎপাদনৰ বাবে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷দুৰ্বল মন প্ৰেতাত্মা বা আসুৰিক প্ৰবৃত্তিৰ অশৰীৰৰ সহজ চিকাৰ হৈ পৰে আৰু নৈশচালকৰ গাড়ীত ভগৱান বা ধৰ্মীয় চিহ্নৰ ফটো অথবা কৱছ(চালিশা),মূৰ্তি আৰু ৰেডী টু প্লে মুডত নৃসিংহ মন্ত্ৰ থকা অতি জৰুৰী৷

আন এটা সাধাৰণ দুৰ্ঘটনাৰ কাৰণ হ’ল অশৰীৰক ভুলবশতঃ লিফ্ট দিয়া বা কেতিয়াবা লিফ্ট নিদিলেও অশৰীৰ নিজেই প্ৰকট হ’য়৷কাকজানৰ কৱৰ স্থানৰ সমীপত এগৰাকী মহিলাই অকলশৰীয়া চালকক লিফ্ট বিছাৰে আৰু লিফ্ট নিদিলে স্বয়ংক্ৰিয় ভাৱে চালকৰ কাষৰ চিটত মৌনব্ৰত ধাৰণ কৰি প্ৰকট হ’য়৷অপকাৰ নকৰে আৰু চালকে নিৰ্দিষ্ট পৰিসৰ অতিক্ৰম কৰাৰ অন্তত নিজেই নোহোৱা হৈ পৰে৷গোলাঘাটৰ এজন যুৱক গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল৷বুঢ়া পাহাৰৰ সমীপত প্ৰস্ৰাৱ কৰাৰ উদ্দেশ্যৰে ৰ’লে আৰু এটা ছিগাৰেট জ্বলালে৷গাড়ীলৈ উভতি আহি থাকে দুৱাৰ-খিৰিকী বন্ধ গাড়ীৰ ভিতৰত তিনিগৰাকী আবেদনময়ী যুৱতী৷তেওঁক কোমল কন্ঠেৰে ক’লে,”হেই কি খাই আছা৷উস কেনে দুৰ্গন্ধ৷পেলাই দিয়া৷“ ল’ৰাজনে বুজি উঠিল সিহঁতকেইজনী সাধাৰণ যুৱতী নহয়৷অশৰীৰ৷সেয়ে ততালিকে আৰু এটা ছিগাৰেট জ্বলাই বন্ধ গাড়ীক নিক’টিনৰ বিষাক্ত ধোৱাৰে ওপচাই তীব্ৰবেগে গাড়ী চলালে৷ছোৱালী কেইজনীয়ে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেওঁ ছিগাৰেট নেপেলালে৷দহ মিনিট মানৰ পথ অতিক্ৰম কৰাৰ অন্তত যুৱতী কেইগৰাকী নোহোৱা হ’ল৷

কাৰণ বিশ্লেষণ আৰু সমাধানঃ মই আগেয়েও কৈছো অশৰীৰৰ প্ৰভাৱ এখন সীমিত ক্ষেত্ৰৰ মাজতেই আবদ্ধ৷সেয়া অতিক্ৰম কৰিলে অশৰীৰে কোনো ক্ষতি কৰিব নোৱাৰে৷ধুমপান নকৰা ব্যক্তিয়েও অচিনাকি ঠাইলৈ গ’লে লগত লাইটাৰ আৰু ছিগাৰেট ৰাখক প্ৰথম কাৰণ জলকীয়া বা সৰিয়হৰ দৰে ছিগাৰেটৰ গোন্ধো অশৰীৰৰ বাবে পীড়াদায়ক আৰু দ্বিতীয়তে ছিগাৰেটৰ অঙঠা৷কিন্তু ধূপ বা মমবাতি নহয় তাত অগ্নি বা অঙঠা থাকে যদিও ইয়াৰ সুৱাসে প্ৰেতাত্মাক নিমন্ত্ৰণ কৰে৷গাড়ীৰ শুদ্ধিকৰণ আৰু দৈৱিক চিহ্ন বা মন্ত্ৰৰ প্ৰয়োগ উভয়েই আবশ্যকীয়৷লিফট দিয়াৰ পূৰ্বে তেওঁৰ চকু আৰু ভৰিহাল চাওঁক চকু যদি ধুৱলীকুৱলী আৰু ভৰিহাল ওলোটা অথবা ছা বা গাড়ীৰ আইনাত যদি প্ৰতিবিম্ব পৰা নাই সেয়া নিশ্চয় অশৰীৰ আৰু কেতিয়াবা অশৰীৰ নহৈ ডকাইতো হ’ব পাৰে৷

পথচাৰীয়ে আক্ৰান্ত হোৱা আন এক সাধাৰণ সমস্যা হ’ল পৰুৱাই পোৱা মানে একেঠাইতে ঘুৰি থকা৷মোৰ বাৰ বিয়াৰ নিশা যেতিয়া বৰযাত্ৰীৰ সৈতে মোৰ মামাসহিতে পৰিয়ালৰ কেইজনমান ছোৱালী থবলৈ শেষনিশা দৰাৰ ঘৰলৈ ওলাল বাটতে তেওঁলোকক পৰুৱাই পালে৷প্ৰায় আধা কিঃমি মান দুৰৈত দৰাৰ ঘৰৰ মণ্ডপৰ জিলিকি আছে৷কিন্তু মামাহঁতে সেইদিশত গৈও শেষত একেঠাইতে ওলাই৷চাহবাগিছাৰ এলেকা৷আধাঘণ্টামান পাৰ হ’ল কাৰো মোবাইলত নেটৱৰ্ক নাই৷অৱশেষত মামাই গাড়ীত অনা ৰসগোল্লাৰ টিংটো পেলায় দি গাড়ী ৰখাই ঠাইতে প্ৰস্ৰাৱ কৰি দিলে৷পৰুৱাই পিছ এৰা দিলে পাঁচমিনিট নহওতেই মামাহঁত দৰাঘৰত৷

কাৰণ বিশ্লেষণঃ পৰুৱা হ’ল পোৱালী ভূত শৈশৱতেই বুভুক্ষা বা পুষ্টিহীনতাৰ ফলত এওঁলোকৰ মৃত্যু হোৱাৰ বাবে ব্যক্তিৰ হত্যা নহয় ভোজনৰ আশাত মানুহক লটিঘটি কৰাই এওঁলোকৰ কাম৷এওঁলোকে এনে ভ্ৰমৰ সৃষ্টি কৰে য’ত আপুনি এক “space time loop” ত ফচি যায় সময় স্থিৰ হৈ পৰে আৰু আপুনি পুনৰ একেই স্থানত কিন্তু পৰুৱাই কাকো হত্যা নকৰে৷এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ হ’লে নিশা মিঠা সামগ্ৰী বা মাছ-মাংসৰ টোপোলা লৈ ভ্ৰমণ নকৰিব যদি কৰিবলৈ বিশেষ কাৰণবশতঃ বাধ্য মই ইতিমধ্যেই কোৱাৰ দৰে সকলো বিধি পালন কৰি খাদ্যসামগ্ৰীৰ সৈতে শুকান জলকীয়া তথা সৰিয়হ ৰাখিব৷যদি দুৰ্ভাগ্যবশত কেতিয়াবা আপোনাক পৰুৱাই পাই গাড়ীত থকা সকলো খাদ্য ঠাইতে পেলায় দিব৷কিন্তু প্ৰস্ৰাৱ কৰা স্থান যদি কোনো দৈৱিস শক্তিৰ বসতিস্থান হয় তেন্তে হিতে বিপৰীত হ’ব তাৰ সলনি মন্ত্ৰ বজাওক,ভগৱানক চিন্তক আৰু ছিগাৰেট জ্বলাওক৷য’তে-ত’তে শৌচ-প্ৰস্ৰাৱ কৰা স্বাস্থ্য বিৰোধী নীতি৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)